বংগ বিভাজন আৰু স্বদেশী আন্দোলন | ইতিহাস | Chapter 1 | Class 10 Social Science Question and Answer | Assam Class 10 Social Science Solutions | SEBA Class 10 HSLC Social Science Chapter 1 Notes | SEBA Class 10 HSLC Social Science Chapter 1 Question and Answer | Questions and Answers for Class 10 Social Science Chapter 1 বংগ বিভাজন আৰু স্বদেশী আন্দোলন | HSLC Social Science Questions and Answers Assam


বংগ বিভাজন আৰু স্বদেশী আন্দোলন
(Partition of Bengal, Swadeshi Movement)

Very Short Type Questions and Answers (Marks : 1)

1. বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ ‘ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৯০৬ চনৰ ১১ মাৰ্চত।

2. কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে ‘স্বৰাজ ‘ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?
উত্তৰঃ আৰ চি দত্তৰ।

3. ‘বেংগল কেমিকেলছ ‘ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল?
উত্তৰঃ আচাৰ্য প্ৰফুল্ল ৰায়।

4. ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?
উত্তৰঃ ১৬ অক্টোবৰ তাৰিখে।

5. বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল?
উত্তৰঃ ১৯১১ চনত।

6. বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?
উত্তৰঃ দিনাজপুৰৰ মহাৰাজৰ পৌৰোহিত্যত অনুষ্ঠিত দ্বিতীয়খন সভাত।

7. বংগবিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?
উত্তৰঃ ভায়চৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত।

8. স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদখন সম্পাদনা কোনে কৰিছিল?
উত্তৰঃ ভূপেন্দ্ৰনাথ দত্ত।

9. বংগবিভাজনে সৃষ্টি কৰা ‘ পূৰ্ববংগ আৰু অসম ‘ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগলিক সংমণ্ডল উল্লেখ কৰা।
উত্তৰঃ (ক) ঢাকা (খ) চট্ৰ’গ্ৰাম (গ) ৰাজশাহী

Long Type Questions and Answers (Marks : 4/5/6)

1. কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। –চমু টোকা লিখা।
উত্তৰঃ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ও স্বদেশী আন্দোলনৰ পৰিকল্পনা হাতত লােৱা অন্যতম নেতা হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। বংগসকলৰ বিৰুদ্ধে ব্ৰিটিছ চৰকাৰে যি বংগ বিভাজনৰ ব্যৱস্থা কৰিছিল সেই ব্যৱস্থাৰ কূটিল চক্ৰান্তৰ কথা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ তথা তেওঁলােকৰ আন সহযােগীসকলে বুজি পাইছিল আৰু সেই কাৰণে এই বিভাজনৰ বিৰুদ্ধে জনতাক জাগ্ৰতকৰাইছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এক ৰচিত সংগীতে জনসাধাৰণৰ মাজত একতাৰ বান্ধোন গঢ়ি তুলিছিল। সেই গীত আছিল এনে ধৰণৰ ‘বাঙালিৰ প্ৰাণ, বাঙালিৰ মন, এক হওক হে ভগৱান. যি গীতটিৰ জৰিয়তে হিন্দু-মুছলমানৰ মাজত ভাতৃত্ববােধ, যুগমীয়া সম্প্ৰীতিৰ একতাৰ বান্ধোন সুদৃঢ় কৰাৰ বাবে পথচাৰীক ৰাখী পিন্ধাইছিল।

2. মাৰ্গাৰেট এলিজাবেথ নবোল ( ভগিনী নিবেদিতা)। –চমু টোকা লিখা।
উত্তৰঃ মাৰ্গাৰেট এলিজাবেথ নবােল (ভগিনী নিবেদিতা): মাৰ্গাৰেট এলিজাবেথ নবােলৰ জন্ম হৈছি আয়াৰলেণ্ডত। ১৮৬৪ চনত তেওঁৰ জন্ম হৈছিল আৰু মৃত্যু হৈছিল ১৯১১ চনত। তেওঁ মহিলাসকলক জাগৰণ সৃষ্টিৰ বাবে যথেষ্ট বৰঙণি যােগাইছিল। সমাজৰ সকলাে শ্ৰেণীৰ যুৱক-যুৱতীৰ মাজত জনজাগৰণৰ ভাৱ জগাই তুলিবৰ বাবে যথেষ্ট সহায় কৰিছিল। এইগৰাকী মহীয়সী মাৰ্গাৰেট এলিজাবেথ নবােলৰ অন্য এক নাম আছিল ভগিনী নিবেদিতা। তেওঁ ‘অমৃত বাজাৰ পত্ৰিকা’ আৰু “দি ষ্টেটমেন’ কাকতত প্ৰৱন্ধৰ যােগেদি ভাৰতবাসীৰ মনত লৰ্ড কাৰ্জনৰ ভাৰত বিৰােধী মনােভাৱ জগাই তুলিছিল। তেওঁ কলিকতাত থকা সেই সময়ৰ ইয়ংমেছ হিন্দু উইনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ দেশীয় শিল্পৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ সকলােকে আহ্বান জনাইছিল।

3. অম্বিকাগিৰি ৰায়চৌধুৰী। –চমু টোকা লিখা।
উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বংগ ভংগ বিৰুদ্ধে অসমবাসীৰ মাজত প্ৰচাৰ চলাইছিল। অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম হৈছিল ১৮৮৫ চনত আৰু মৃত্যু হৈছিল ১৯৬৭ চনত। বন্দিনী ভাৰত’ নামৰ এখন বিদ্ৰোহাত্মক নাটক তেওঁ ৰচনা কৰিছিল। ইয়াৰ উপৰিও অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ক্ষুদিৰাম বসু, বাৰীন্দ্ৰ ঘােষ, উল্লাস কৰ দত্ত আদি কেইজনমান হেতাৰ সৈতে তেওঁ এক বিপ্লৱী সংগঠন ‘সেৱা সংঘ’ গঢ়ি উঠিছিল। তেওঁ ১০৬ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে ব্যামফিল্ড ফুলাৰক হত্যা কৰিবৰ বাবে তেওঁ গুৱাহাটী-শ্বিলং পথত বােমা পুতিছিল আৰু তাৰ বাবে তেওঁ ১৯১৪ চনলৈকে বৰপেটাত অন্তৰীণ বন্দী হিচাপে থাকিব লগা হয়।

READ MORE  পৃথিৱীৰ ভূগােল | Chapter 8 | Class 10 Social Science - SEBA

4. স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল?
উত্তৰঃ স্বদেশী আন্দোলনৰ বিৰুদ্ধে ব্ৰিটিছ চৰকাৰে সাম্ৰাজ্যবাদ অক্ষু ৰখাৰ স্বাৰ্থত ইংৰাজ শাসকে ধৰ্ম, জাতি, ভাষা, অঞ্চল আদিৰ ভিত্তিতভাৰতবাসীৰ মাজত বিভেদ অনাৰ চেষ্টা চলাইছিল। ব্ৰিটিছ চৰকাৰে।মুছলমান সকলৰ মনত এই ভাৱ জগাই তুলিছিল যে বংগ ভংগৰ জৰিয়তে তেওঁলােক অতি লাভান্বিত হব। ঢাকাৰ নবাব ছলিমউল্লা খানৰ যােগেনি। পূৰ্ব বংগৰ মুছলমানীসকলৰ ওচৰ চপাই অনাৰ প্ৰচেষ্টা হাতত লৈছিল।

5. স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।
উত্তৰঃ (ক) জাতীয় সাহিত্যঃ স্বদেশানুভূতিৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যােগাইছিল। স্বদেশী আন্দোলনৰ পটভূমিত প্ৰকাশিত হৈছিল বিভিন্ন সংবাদপত্ৰ, আলােচনী, গ্ৰন্থ আৰু গীত, নাটক, প্ৰবন্ধ ইত্যাদি।

(খ)‌ জাতীয় শিক্ষাঃ ছাত্ৰ সকলক বংগ প্ৰদেশৰ চৰকাৰৰ মুখ্য সচিবে আন্দোলনত ভাগ ল’বলৈ বাধা প্ৰদান কৰিছিল। যাৰ ফলত ছাত্ৰ সকল প্ৰতিবাদী হৈ উঠিছিল।

(গ) স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাঃ সকলাে ধৰণৰ সামাজিক বাধা অতিক্ৰম কৰি বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগত সমানে সমানে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল।

6. বংগ বিভাজন বিৰোধী আন্দোলনে ‘ স্বদেশী আন্দোলন ‘ নাম কিয় পাইছিল?
উত্তৰঃ ইয়াক স্বদেশী আন্দোলন আখ্যা দিয়াৰ মূল কাৰণ আছিলআন্দোলনকাৰীসকলে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ ওপৰত জোৰ দিছিল। এই আন্দোলনৰ মূল কাৰ্য্যসূচী আছিল তিনিটা স্বদেশী, বয়কট আৰু জাতীয় শিক্ষা। স্বদেশীৰ মাধ্যমত আন্দোলনকাৰীসকলে দেশীয় সামগ্ৰী ব্যৱহাৰৰ ওপৰত জোৰ দিয়াৰ লগতে আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিছিল। বিদেশী পণ্যৰ দোকানত পিকেটিং আৰু বয়কট আৰু জাতীয় শিক্ষা ব্যৱস্থায়েই আছিল, স্বদেশী আন্দোলনৰ অন্যতম কাৰ্যসূচী।

ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তােলাৰ বাবে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ হেতুকে লৰ্ড কাৰ্জনে ১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখে এখন অধ্যাদেশৰ জৰিয়তে বংগদেশক দ্বিখণ্ডিত কৰিছিল। এইটো কাৰ্যকৰী হােৱাত সমগ্ৰ বংগদেশতে এক প্ৰৱল আন্দোলৰ সূত্ৰপাত হয়। বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল, সুৰেন্দ্ৰনাথ বেনাৰ্জী, ঋষি অৰবিন্দ ঘােষ আদি নেতাসকলৰ নেতৃত্বত বংগ-ভংগ আন্দোল এক সৰ্বভাৰতীয় আন্দোলনলৈ ৰূপান্তৰিত হয়। জাতি-বৰ্ণ নিৰ্বিশেষে কলাে মানুহেই এই আন্দোলনত জঁপিয়াই পৰিছিল। বংগত আৰম্ভ হােৱা স্বদেশী আন্দোলনক কংগ্ৰেছে সমৰ্থন দিয়াত কংগ্ৰেছৰ নেতৃত্বত ই সৰ্বভাৰতীয় মৰ্যদা লাভ কৰিছিল।

7. স্বদেশী আন্দোলনৰ তিনিটা অৱদান লিখা।
উত্তৰঃ ১। স্বদেশী আন্দোলনে ভাৰতবাসীক গণ-আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। দেশৰ বেছিভাগ মানুহেই আন্দোলনত সমৱেত হলে যে গণ-আন্দোলনত জয়যুক্ত হােৱাটো সুনিশ্চিত, সেই কথা ভাৰতীয়ই স্বদেশী আন্দোলনৰ যােগেদি আয়ত্ত কৰিব পাৰিছিল।

২। ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন-নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল। বংগ ভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তা-কৰ্মত পৰিৱৰ্তনৰ সূচনা হৈছিল। ‘একমাত্ৰ গণ-সংগ্ৰামৰ যােগেদিহে ভাৰতীয়ৰ উন্নতি সম্ভৱ’— এই ভাবনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্ৰদান কৰিছিল।

৩। স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল। আগ্নেয়স্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল।

8. স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল?
উত্তৰঃ স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প-কাৰখানা গঢ়ি তােলাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হােৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিছিল। সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাত-শাল উদ্যোগ, সৰিয়হৰ তেল, চাবােন, চেনি, জুইশলা, বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ লগতে গঢ়ি উঠিছিল জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী। ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ (১৮৯৭), স্বদেশী আন্দোলনৰ ফলস্বৰূপে এটা জাকতজিলিকা বস্ত্ৰ প্ৰতিষ্ঠানত পৰিণত হৈছিল। স্বদেশী আন্দোলনৰ ভৰপক সময়ত যােগেশচন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত কলিকতাৰ বউবজাৰত ইণ্ডিয়ান ষ্টোৰ্ছ’ (১৯০৫) নামৰ প্ৰতিষ্ঠানটো গঢ়ি উঠিছিল। সকলাে প্ৰকাৰৰ স্বদেশী সামগ্ৰী এই প্ৰতিষ্ঠানত বিক্ৰী কৰা হৈছিল।

READ MORE  অৰ্থনৈতিক উন্নয়ন | Chapter 13 | Class 10 Social Science - SEBA

ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কৰ্ণৱালিছ ষ্ট্ৰীটত (বৰ্তমান বিধান সৰণী) লক্ষী ভাণ্ডাৰ’ (১৯০৩) প্ৰতিষ্ঠা কৰিছিল। আব্দুল হালিম গজনবিয়ে লাল বজাৰত প্ৰতিষ্ঠা কৰিছিল ইউনাইটেড বেংগল ষ্টোৰ্ছ’ (১৯০৬)। বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভশীলতাৰ বাতাৱৰণ গঢ়ি তােলাৰ অৰ্থে জগদীশচন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদি অসাধাৰণ ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তােলাৰ চিন্তা কৰিছিল। নীলৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষী কটন মিল’ (১ আগষ্ট, ১৯০৬) আৰু আচাৰ্য প্ৰফুল্ল ৰায়ে ‘বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটো মুকলি (২৫ জুলাই, ১৯০৬) কৰিছিল। জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭) গঢ়ি তুলিছিল।

বৰ্জনৰ ফলত বিদেশী আমদানিকৃত পণ্যৰ পৰিমাণ ভাৰতবৰ্ষত উল্লেখনীয়ভাৱে হ্ৰাস পাইছিল। বংগদেশৰ ৰাজনৈতিক আন্দোলনক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত আধুনিক শিল্প উদ্যোগৰ বুনিয়াদ গঢ়ি উঠিছিল। ১৯০৫ খ্ৰীষ্টাব্দৰ ১৭ ডিচেম্বৰ তাৰিখে আৰ চি দত্তৰ পৌৰােহিত্যত বাৰাণসীত অনুষ্ঠিত প্ৰথম ভাৰতীয় উদ্যোগ সন্মিলন’ত স্বদেশী উদ্যোগসমূহৰ প্ৰচুৰ সম্ভাৱনীয়তা সম্পৰ্কে দেশবাসীক সজাগ কৰি তুলিছিল। এই সন্মিলনৰ যােগেদি বহুতাে দেশীয় শিল্পৰ পুনৰুজ্জীৱন সম্ভৱ হৈ উঠিছিল। এক কথাত ভাৰতবৰ্ষৰ ব্যৱসায় আৰু শিল্পৰ ক্ষেত্ৰত স্বদেশী আন্দোলনে এটা নতুন যুগৰ সূচনা কৰিছিল।

9. স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ স্বদেশী আন্দোলন কেৱল বিদেশী পণ্য বৰ্জনৰ মাজতে সীমাবদ্ধ থকা নাছিল। বংগদেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থাটোৰ ওপৰতাে ইয়াৰ প্ৰভাৱ পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব আৰডব্লিউ কালাইলে (R W Carlyle) এখন জাননী জাৰি কৰি (১০ অক্টোবৰ, ১৯০৫) ছাত্ৰসকলক আন্দোলনত ভাগ নল’বলৈ সকীয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে সমগ্ৰ বংগদেশত প্ৰতিবাদৰ জোৱাৰ উঠিছিল। ছাত্ৰসকলে কাৰ্লাইলৰ জাননীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শ্ৰেণীকোঠা ত্যাগ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ পটলডাঙা মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত (৪ নৱেম্বৰ, ১৯০৫) এন্টি-চাৰ্কুলাৰ ছ’চাইটী’(Anti-Circular Society) গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এয়া আছিল চৰকাৰৰ নিৰ্দেশ অমান্য কৰাৰ প্ৰথমটো ঘটনা।

বিপিনচন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰছুল প্ৰমুখ্যে নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। একে সময়তে সতীশচন্দ্ৰ মুখােপাধ্যায় (১৮৬৫-১৯৪৮) সম্পাদিত ‘দি ডন’ (The Dawn) পত্ৰিকাই কলিকতা বিশ্ববিদ্যালয়ক গােলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক সেই গােলামখানা ত্যাগ কৰি জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। সতীশচন্দ্ৰ মুখােপাধ্যায়ে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাদাস বন্দ্যোপাধ্যায়ৰ (১৮৪৪-১৯১৮) সহযােগত ‘ডন ছ’চাইটি’ (Dawn Society) নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দি ছাত্ৰ মহলৰ মাজত দেশাত্মবােধ জাগ্ৰত কৰাত ব্ৰতী হৈছিল। এই ছ’চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৪), কাৰ্লাইল জাননীৰ (১৯০৫) সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰি জাতীয় শিক্ষা সক্ৰিয় ৰূপত গঢ়ি তােলাৰ আন্দোলন আৰম্ভ কৰিছিল।

৫ আগষ্ট তাৰিখে (১৯০৫) ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ এখন জনসভাত জাতীয় শিক্ষাৰ প্ৰয়ােজনীয়তা সম্পৰ্কে জ্ঞানগৰ্ভ বক্তৃতা দিছিল। পিছদিনা (৬ আগষ্ট) বিশাল জনতাৰ উপস্থিতিত তেওঁ ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয় শিক্ষানুষ্ঠানটো প্ৰতিষ্ঠা কৰে। ৮ নৱেম্বৰত (১৯০৫) ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন হয়। চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পােৱাত বংগদেশৰ কেইবাখনাে ঠাইত জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। ৰাসবিহাৰী বসুৰ (১৮৪৫-১৯২১) অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১১ মাৰ্চ (১৯০৬) তাৰিখে অনুষ্ঠিত সভাত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ জাতীয় শিক্ষাৰ শীৰ্য অনুষ্ঠানটো গঠন হয়। ১৫ আগষ্ট তাৰিখে (১৯০৬) বংগ জাতীয় মহাবিদ্যালয় স্থাপন হয়। অৰবিন্দ ঘােষে মহাবিদ্যালয়ৰ অধ্যক্ষ পদ অলংকৃত কৰিছিল।

READ MORE  ভাৰতীয় গণতন্ত্ৰ | Chapter 10 | Class 10 Social Science - SEBA

একেটা বছৰতে (১২ ডিচেম্বৰত) বংগ জাতীয় মহাবিদ্যালয়ক জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়। স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ ৬২খন মাধ্যমিক আৰু ৩,০০০খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে, খ্যাতনামা বেৰিষ্টাৰ তাৰকনাথ পালিতৰ (অসমৰ প্ৰথমগৰাকী আই চি এছ আনন্দৰাম বৰুৱাৰ অন্তৰংগ বন্ধু ) অৰ্থসাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট (Bengal Technical Institute) নামৰ শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল। পিছলৈ উক্ত অনুষ্ঠানটোৱে যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে আত্মপ্ৰকাশ কৰিছিল। জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীঠ’, মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয়, আৰু গুজৰাটত গুজৰাট বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল।

10. বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।
উত্তৰঃ ১৯০৩ খ্ৰীষ্টাব্দত এন্দ্ৰ ফ্ৰেজাৰ বংগ প্ৰদেশৰ লেফটেনেন্ট গৱৰ্ণৰৰ পদত অধিষ্ঠিত হােৱাৰ পিছত ভাইচৰয় লৰ্ড কাৰ্জনে তেওঁক প্ৰাদেশিক সীমান্ত পুনৰ গঠনৰ উদ্দেশ্যে এটা পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিছিল। এ ফ্ৰেজাৰে তেতিয়া পূৰ্বতে উইলিয়াম ই ৱাৰ্ডে (William E. Ward) আগবঢ়োৱা পৰামৰ্শটোৰ সামান্যতম ৰদবদল কৰি বংগ বিভাজনৰ আঁচনি এখন যুগুত কৰিছিল। তেওঁ বংগ প্ৰদেশৰ পৰা ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী সংমণ্ডলক কাটি আনি (সৰ্বমুঠ ১৫খন জিলাৰ ভূ-খণ্ড) চুবুৰীয়া অসমৰ লগত সংলগ্ন কৰি বংগ বিভাজনৰ আঁচনিখন তৈয়াৰ কৰিছিল।

—এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ ১,০৬,৫৪০ বৰ্গমাইল ভূখণ্ড বংগদেশৰ পৰা কাটি আনি চুবুৰীয়া অসমৰ লগত সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম’ নাম দি এখন বেলেগ প্ৰদেশ গঠন কৰে। এই নতুন প্ৰদেশখনৰ ৰাজধানী পতা হয় ঢাকাত। আনহাতে বংগদেশৰ পশ্চিম খণ্ডৰ সৈতে বিহাৰ, উৰিষ্যা আৰু ছােটনাগপুৰক লগ লগাই কলিকতাক ৰাজধানী কৰি আন এখন প্ৰদেশ গঠন কৰা হয়।

লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ্থে বংগ প্ৰদেশৰ আয়তন সৰু আৰু প্ৰয়ােজনৰ খাতিৰত অসমৰ ভৌগােলিক আয়তন বৃদ্ধি কৰাৰ যুক্তি দাঙি ধৰিছিল যদিও এই আঁচনিৰ অন্তৰালত দুৰভিসন্ধিহে অতি ফটফটীয়াকৈ প্ৰকাশ পাইছিল। কাৰণ হিন্দু নেতৃত্বত পৰিচালিত হিন্দুমুছলমান কৃষক আৰু শ্ৰমিকৰ অখণ্ড বংগবাসীৰ ৰূপটো ইংৰাজ শাসকৰ বাবে এটা চিন্তাৰ কাৰণ হৈ পৰিছিল। ভাৰত সচিব হাবাৰ্ট ৰিজলীয়ে কাৰ্জনলৈ লিখা চিঠিত প্ৰকাশ পাইছিল— “ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগশক্তিক ভাঙি ছিঙি চূৰ্মাৰ কৰিব।” গতিকে বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু-মুছলমানৰ মাজত একতা ভাঙি দিয়া।

উদ্দেশ্য সিদ্ধিৰ বাবে প্ৰয়ােজন হৈছিল সাম্প্ৰদায়িক মনােভাব বিস্তাৰ ঘটোৱা। বংগ ভংগ আঁচনিৰ যােগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়ােখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। কাৰ্জনৰ উদ্দেশ্য আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তােলা। এই উদ্দেশ্য আগত ৰাখি বংগ বিভাজনৰ যােগেদি ৰাজনৈতিক চেতনাসম্পন্ন হিন্দু বঙালীসকলক পংগু কৰি জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল। এই আঁচনিৰ যােগেদি তেওঁ ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক ইংৰাজ শাসনৰ প্ৰতি অনুগত কৰিব বিচাৰিছিল আৰু আনহাতেদি ভাৰতীয় সমাজত সাম্প্ৰদায়িকতাৰ বিহগুটি সিঁচি দিয়াৰ পৰিকল্পনা হাতত লৈছিল। একে সময়তে তেওঁ ইংৰাজবিদ্বেষী চৰমপন্থীসকলক দমন কৰাৰ বাবে বংগ ভংগক এপাত অস্ত্ৰ হিচাপে বাছি লৈছিল।

১৯০৫ খ্ৰীষ্টাব্দৰ ২ ফেব্ৰুৱাৰিত লৰ্ড কাৰ্জনে বংগ ভংগৰ প্ৰস্তাৱটো অনুমােদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে। ৯ জুন তাৰিখে ভাৰত সচিব জন ব্ৰডৰিকে (John Brodric) তাৰ বাৰ্তাৰ যােগেদি বংগ ভংগৰ প্ৰস্তাৱত অনুমােদন জনােৱাৰ পিছত ১৯ জুলাইত (১৯০৫) ভাৰত-ব্ৰিটিছ চৰকাৰে বংগ ভংগৰ পৰিকল্পনাটো প্ৰকাশ কৰিছিল। ১ ছেপ্টেম্বৰত (১৯০৫) পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰি ১৬ অক্টোবৰ তাৰিখে এখন অধ্যাদেশৰ জৰিয়তে লৰ্ড কাৰ্জনে বংগ দেশক দ্বিখণ্ডিত কৰিছিল।

2 thoughts on “বংগ বিভাজন আৰু স্বদেশী আন্দোলন | Chapter 1 | Class 10 Social Science – SEBA”

  1. Mohima Goraith

    অৰ্থনৈতিক ভূগোল কাক বোলে? অৰ্থনৈতিক ভূগোল তিনিটা প্ৰধান শাখা উল্লেখ কৰা।

    1. Q. অর্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অর্থনেতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা।

      উত্তৰঃ ভূগোলৰ পৰিসৰ বিশাল। চমুকৈ ভূগোলক প্রাকৃতিক আৰু মানৱ ভূগোল বুলি দ্বিবিভক্ত কৰা হয়, যদিও ইয়াৰ প্ৰতিটোৰে কিছুমান উপভাগ আছে। মানৱ ভূগোলৰ অন্তৰ্গত বিভিন্ন ভাগবোৰৰ ভিতৰত মুখ্য স্থানত আছে অর্থনৈতিক ভূগোল। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু সময় সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অর্থনৈতিক ভূগোল বোলা হয়।

      অথনৈতিক ভূগোল প্রধান বিষয়বস্তু হৈছে- পৃথিৱীত থকা প্রাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহৰ বিষয়ে কৰা অধ্যয়ন, কোনো এখন দেশৰ অৰ্থনৈতিক উন্নয়ন, দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্য আদি বিভিন্ন অর্থপর্কীয় বিষয়।

      অর্থনৈতিক ভূগোল প্রধান শাখাবোৰ হৈছে- কৃষি ভূগোল ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পর্যটন ভূগোল। ইত্যাদি।

Leave a Comment

error: Content is protected !!
Scroll to Top