ভাৰতীয় গণতন্ত্ৰৰ বিৱৰণ | Chapter 10 | Class 12 Sociology Chapter 10 ভাৰতীয় গণতন্ত্ৰৰ বিৱৰণ | Class 12 Sociology Question and Answer | Assam Class 12 Sociology Solutions | AHSEC Class 12 HS Sociology Chapter 10 Notes | AHSEC Class 12 HS Sociology Chapter 10 Question and Answer | Questions and Answers for Class 12 Sociology Chapter 10 ভাৰতীয় গণতন্ত্ৰৰ বিৱৰণ | HS Sociology Questions and Answers Assam | HS 2nd Year ভাৰতীয় গণতন্ত্ৰৰ বিৱৰণ Sociology Question and Answer | Assam Board Class 12 Sociology Chapter 10 ভাৰতীয় গণতন্ত্ৰৰ বিৱৰণ
ভাৰতীয় গণতন্ত্ৰৰ বিৱৰণ
দ্বিতীয় খণ্ড: পাঠ: ৩
চমু প্রশ্নোত্তৰ
1. বাল – পঞ্চায়ত আৰু মজদুৰ কিযাণ সংগঠনৰ নাম শুনিছানে? যদি নাই শুনা বিচাৰি উলিয়াই ইয়াৰ বিষয়ে এটি টোকা লিখা। (২০০ শব্দৰ ভিতৰত)
উত্তৰঃ হয়, বাল – পঞ্চায়ত আৰু মজদুৰ – কোণ সংগঠনৰ বিষয়ে শুনিবলৈ পাইছোঁ। এই দুয়োটাৰ একোটি বিৱৰণ ডাঙি ধৰা হ’ল—
১। বাল – পঞ্চায়ত :- প্রকৃততে, বাল – পঞ্চায়তৰ বিষয়ে মই স্কুলতে শুনিবলৈ পাইছো, যত আমাৰ ছাত্ৰসকলে ইয়াৰ কাম – কাজ আৰম্ভ কৰিছিল। আমাৰ স্কুলৰ প্ৰধান শিক্ষকে, ছাত্র – ছাত্ৰীসকলৰ এই বিষয়ে বুজাই ক’বলৈ এখন সভাৰ আয়োজন কৰি, ছাত্ৰসকলক সংগঠিত কৰিছিল। বেলেগ বেলেগ শ্ৰেণীৰ পৰা ১০ জন ছাত্ৰক প্ৰতিনিধি ৰূপে লয় আৰু এজন ছাত্ৰক দলপতি হিচাপে ৰাখে। এই দলটোক স্কুলখনৰ সমস্যাসমূহ বাছি উলিয়াবলৈ কাৰ্যভাৰ অৰ্পণ কৰে, যাতে তেওঁলোকে মাহেকীয়া মিটিঙত, প্রধান শিক্ষকৰ আৰু শিক্ষকসকলৰ লগত আলোচনা কৰিব পাৰে।
স্কুলৰ সকলো ল’ৰাকে স্কুলৰ প্ৰভাতী সন্মানত জনোৱা হয় যে যদি কাৰোবাৰ কোনো সমস্যা থাকে, তেওঁলোকে শ্ৰেণীৰ প্ৰতিনিধিৰ লগত কথা পাতিব পাৰে। এই ব্যৱস্থাৰ দ্বাৰা অতি কম সময়ৰ ভিতৰতে, স্কুলৰ প্ৰধান শিক্ষকে ছাত্র – ছাত্ৰীৰ সমস্যাসমূহৰ কথা জানিব পাৰে তেওঁলোকৰ প্ৰতিনিধিসকলৰ পৰা অৰ্থাৎ বাল – পঞ্চায়তৰ পৰা তেওঁলোকৰ এই সকলো সমস্যা মিটিঙত আলোচনা কৰা হয়, আৰু সমস্যাবোৰ সমাধান কৰাৰ বাবে পৰামৰ্শ ডাঙি ধৰা হয়। এই দৰেবাল পঞ্চায়তে ছাত্র – ছাত্ৰীৰ সমস্যা সমাধান কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
২। কিযাণ সংগঠন :- আমাৰ ভাৰতবৰ্ষ এখন কৃষিপ্রধান দেশ। আমাৰ দেশৰ প্ৰায় ৭০-৭৫ শতাংশ লোকে কৃষি কাৰ্যৰ লগত প্রত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ থাকে। এনেকুৱা কৃষিপ্ৰধান দেশত, কিষণ সংঘ অতি আৱশ্যক যিবোৰে কৃষকসকলৰ উপকাৰৰ বাবে সকলো কাম – কাজ কৰিব লাগে। এই সংগঠনবোৰৰ স্থিতি ভাৰতৰ কিছুমান কৃষিপ্ৰধান ৰাজ্য বিশেষভাৱে শক্তিশালী হোৱা দেখা যায়। এই ৰাজ্যবোৰ হ’ল – পাঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আদি। এই সংগঠনবোৰে এই ৰাজ্যৰ চৰকাৰৰ নীতি আৰু কাৰ্যক যথেষ্ট প্ৰভাৱিত কৰিব পাৰিছিল। এই সংগঠনবোৰে কৃষকসকলৰ সমস্যাসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰিব পাৰিছিল। আৰু চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি সেইবোৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছিল। এইদৰেই এই কিযাণ সংগঠনবোৰে প্ৰভাৱগোষ্ঠী বা স্বার্থান্বেষী গোট হিচাপে কাম কৰিবলৈ সম হৈছিল।
2. ১৯৯৪ চনৰ অসম পঞ্চায়তীৰাজ আইন মতে গ্রামাঞ্চলত কি স্বায়ত্ত ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল? নাইবা, পঞ্চায়তী ৰাজৰ তিনিখলপীয়া পদ্ধতিটো ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰত চৰকাৰৰ ৭৩ নং সংবিধান সংশোধনী মতে অসম চৰকাৰে ১৯৮৬ চনৰ পঞ্চায়তীৰাজ আইনৰ ঠাইত ১৯৯৪ চনত এখন নতুন পঞ্চায়তী আইন গ্রহণ কৰে। এই আইন মতে, আগৰ আইনখনৰ দৰে অসমৰ গ্ৰামাঞ্চলত তিনিখলপীয়া স্থানীয় শাসন প্রবর্তন কৰে—
(১) প্রত্যেক গাৱত গাঁও পঞ্চায়ত।
(২) প্রত্যেক উন্নয়ন খণ্ডত আঞ্চলিক পঞ্চায়ত। আৰু
(৩) প্রত্যেক জিলাত জিলা পৰিষদ গঠনৰ ব্যৱস্থা কৰা হয়। বৰ্তমান অসমত ১৯৯৪ চনৰ পঞ্চায়তী আইন মতে গাঁও অঞ্চলৰ স্থানীয় শাসন পৰিচালিত কৰা হয়। তলত গাও পঞ্চায়তৰ বিষয়ে আলোচনা কৰা হ’ল।
3. ভাৰতীয় সংবিধানে জনসাধাৰণৰ দৈনন্দিন জীৱন প্ৰণালীত কেনেদৰে স্পৰ্শ কৰিছে উদাহৰণ সহ এখনি ৰচনা যুগুত কৰা।
উত্তৰঃ ১। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটোক ভাৰতীয় গণতন্ত্ৰৰ দাপোণ বুলি ক’ব পাৰি। প্ৰস্তাৱনাত সকলো নাগৰিকৰ বাবে—
ন্যায় :- সামাজিক, অৰ্থনৈতিক, আৰু ৰাজনৈতিক।
স্বতন্ত্রতা :- চিন্তা, প্রকাশ, বিশ্বাস, প্রত্যয় আৰু ধৰ্মাৱলম্বন।
সমতা :- প্ৰস্থিতিৰ, আৰু সা – সুবিধাব, উন্নয়ন, ভ্রাতৃত্ব ভাবৰ, সন্মানব নিশ্চয়তা। সকলো ভাৰতবাসীৰ মাজৰ ঐক্য আৰু সংহতি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছে।
২। ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ অধ্যায়ত ভাৰতৰসকলো নাগৰিককে সমর্তা, ব্যক্তি স্বাধীনতাৰ অধিকাৰ শিক্ষিতভাৱে প্ৰদান কৰিছে আৰু সকলো নাগৰিক, আইনৰ চকুত সমান বুলি প্ৰত্যায়িত কৰিছে। জাতি, বর্ণ, ধর্ম, ভাষা লিংগ নির্বিশেষে কোনো লোককে বৈষম্যমূলক ব্যৱহাৰ কৰা নহয়।
৩। সংবিধান নিদের্শক নীতিৰ ব্যৱস্থাৰেৰে জনসাধাৰণৰ দৈনন্দিন জীৱন প্ৰণালীক স্পৰ্শ কৰা দেখা যায়। উদাহৰণ স্বৰূপে সর্বোচ্চ ন্যায়ালয়ে নির্দেশক নীতিৰ সমান কামৰ বাবে সমানে মজুধিব নীতি প্ৰৱৰ্তন কৰিছে। সংবিধানৰ ১৪ নং অনুচ্ছেদৰ মতে শ্ৰমিক কৃষকৰ প্ৰস্থিতিৰ সকাহজনক নীতি প্ৰবৰ্তন কৰিছে।
৪। মহাত্মা গান্ধীৰ পঞ্চায়তী বাজ আৰু স্থানীয় স্বায়ত্ত শাসনৰ ধাৰণা মতে প্ৰত্যেকখন গাঁও পঞ্চায়তৰ অনুষ্ঠানকে এখন স্বাৱলম্বী গোট হিচাপে গঠন কৰাৰ ব্যৱস্থা কৰিবলৈ গ্রাম স্বৰাজ স্থাপনৰ চেষ্টা কৰা হৈছিল যাতে গাঁওবাসী স্বাৱলম্বী হ’ব পাৰে। ১৯৯২ চনত হোৱা ৭৩ নং সংবিধান সংশোধনীৰ দ্বাৰা গাঁৱক আৰু বেছি শক্তিশালী কৰা ব্যৱস্থা কৰা হৈছে, যাতে গাঁৱৰ দুৰ্বল শ্রেণীবোৰ শক্তিশালী হ’ব পাৰে। মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। এইদৰে গ্ৰাম পঞ্চায়তক সাংবিধানিক গতিৰ ভিতৰুৱা কৰা হৈছে। ভাৰতীয় সংবিধানখ এখন অতি গুৰুত্বপূৰ্ণ বিশেষকৈ গ্ৰামাঞ্চলৰ দুখীয়া, অশিক্ষিত, সহজ – সৰল লোকৰ বাবে। সমাজৰ নিম্নস্তৰৰ জনসাধাৰণক বৰ্তমান ৰক্ষণাবেক্ষণ দিয়াৰ বাবে সংবিধানে কিছুমান সা – সুবিধা পদানৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছে।
4. পঞ্চায়ত ব্যৱস্থাৰ ক্ষমতা আৰু দায়বদ্ধতাসমূহ সংক্ষেপে লিখা।
উত্তৰঃ তলত উল্লেখিত ক্ষমতা আৰু দায়িত্বসমূহ পঞ্চায়তৰ অনুষ্ঠানসমূহৰ হাতত ন্যস্ত—
১। অর্থনৈতিক উন্নয়নৰ বাবে পৰিকল্পনা আৰু আঁচনিসমূহ প্ৰস্তুত কৰিবৰ বাবে ক্ষমতা প্রদান।
২। সামাজিক ন্যায় উন্নতি কৰণৰ বাবে আঁচনি প্ৰস্তুত কৰা।
৩। কৰ – কাটল ধাৰ্য কৰা, সংগ্ৰহ কৰা আৰু আদায় কৰা। ৪। চৰকাৰী দায়িত্বসমূহ হস্তান্তৰ কৰা, বিশেষকৈ বিত্তীয় বিষয়সমূহ চৰকাৰৰ পৰা স্থানীয় শাসনৰ অনুষ্ঠানৰ হাতলৈ।
5. সংবিধান সভাৰ বাকবিতৰ্কখিনি পঢ়া (পাঠ্যপুথি চোৱা) আৰু ইয়াৰ স্বার্থজড়িত গোটবোৰ চিনাক্ত কৰা। সমসাময়িক ভাৰতবৰ্ষত কেনেধৰণৰ স্বার্থানেষী গোট দেখা পোৱা যায় আলোচনা কৰা। এই গোটবোৰে কেনেকৈ কাম কৰি আছে?
উত্তৰঃ ভাৰতৰ সংবিধান সভাত হোৱা বিতৰ্কৰ টুকুৰাবোৰ পাঠ্যপুথিৰ ৪১ নং পৃষ্ঠাত দিয়া আছে। এইবোৰ পঢ়ি আমি ক’ব পাৰোঁ যে ভাৰতত বিভিন্ন প্ৰকাৰৰ স্বাৰ্থন্বেষী গোষ্ঠী পোৱা গৈছে। তাৰ ভিতৰত প্ৰধানকৈ অর্থনৈতিক, ৰাজনৈতিক, সামাজিক, ধর্মীয়, ব্যৱসায়িক স্বাৰ্থ আদি প্ৰকাৰৰ স্বার্থান্বেষী গোট পোৱা গৈছে। এই আটাইবোৰ গোষ্ঠীয়ে নিজৰ নিজৰ সদস্যসকলৰ স্বাৰ্থপূৰণৰ বাবে সদায়ে চেষ্টা চলাই যায়। তেওঁলোকৰ স্বাৰ্থপূৰণৰ বাবে চৰকাৰৰ ওপৰত ইটো – সিটো পছাবে হেঁচা প্রয়োগ কৰে। বনুৱা সম্মিলন কৃষক সংগঠন আদি নানা প্ৰকাৰৰ স্বার্থান্বেষী গোষ্ঠী আছে।
6. পঞ্চায়তী ৰাজ ব্যবস্থাৰ প্ৰধান বৈশিষ্ট্য কি কি?
উত্তৰঃ পঞ্চায়তী ৰাজ ব্যবস্থাৰ প্রধান বৈশিষ্ট্য হ’ল—
১। ১৯৯২ চনৰ আইন মতে স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাটো তিনিখলপীয়া ব্যৱস্থাৰ।
২। গাঁও সভা একেবাৰে নিম্নস্তৰৰ স্থানীয় শাসনৰ অনুষ্ঠান। ৩। গাঁও সভাৰ সদস্যসকলক সদস্যসকলে প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত কৰিব লাগে।
৪। গাঁও সভাৰ কিছুসংখ্যক আসন · অনুসূচিত জাতি আৰু জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষণ কৰা হয়। মহিলাৰ বাবে মুঠ আসনৰ ৩৩ শতাংশ আসন সংৰক্ষিত কৰা হয়।
৫। গাঁও পঞ্চায়তক যথেষ্ট পৰিমাণে বৃত্তীয় ক্ষমতা প্ৰদান কৰিছে
7. ভাৰতীয় সংবিধানত মহিলাৰ বাবে কি ব্যৱস্থা ৰখা হৈছে?
উত্তৰঃ আমি জানো যে ভাৰতৰ প্ৰায় শতকৰা ৫০ শতাংশ লোক মহিলা এই মহিলা। প্রস্থিতি প্ৰাচীন কালৰে পৰা নিম্নতম আছিল। আধুনিক যুগত মহিলাৰ প্ৰস্থিতিৰ উন্নতি সাধনৰ বাবে বৰ্তমান সংবিধানত ব্যৱস্থা ৰখা হৈছে। মহিলাৰ উন্নয়নৰ বাবে সংবিধানৰ ১৫ নং অনুচ্ছেদমতে মহিলাক পুৰুৰ সমানে ৰক্ষণাবেক্ষণ আৰু বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়। অনুচ্ছেদ ৩৯ মতে, মহিলাক পুৰুষৰ লগত সমান কামৰ বাবে সমান মজুৰি দিয়া হয়। অনুচ্ছেদ ৪২ – ৰ মতে মহিলাসকলক মেটাৰনীতিৰ সময়ত বিশেষ চুটিৰ ব্যৱস্থা থাকে। অনুচ্ছেদ ৫১ মতে তেওঁলোকৰ মৰ্যাদা ৰক্ষাৰ বাবে বিশেষ সুবিধা ৰখা হয়। সংবিধান ১৩ নং অনুচ্ছেদ মতে পঞ্চায়ত আৰু পৌৰ নিগমৰ আসনৰ ক্ষেত্ৰত শতকৰা ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত ৰখা হয়।
8. ৭৩ নং সংবিধান সংশোধনৰ কেইটিমান বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ১৯৯২ চনত সংবিধানৰ ৭৩ নং সংশোধনী আইনখন গৃহীত কৰা হৈছিল। এই সংশোধনীৰ দ্বাৰা স্থানীয় স্বায়ত্ত শাসনৰ সাংবিধানিক স্বীকৃতি দি কিছুমান নতুন ব্যৱস্থা কৰা হৈছিল।
১। ইয়াৰ দ্বাৰা পঞ্চায়তী ৰাজ ব্যৱস্থাত তিনিখলপীয়া ব্যৱস্থাৰ প্ৰৱৰ্তন থাকিব—
(ক) গাও পৰ্যায়ৰ পঞ্চায়ত,
(খ) ব্লক পর্যায় সমিতি আৰু
(গ) জিলা পৰ্যায়ৰ পৰিষদ আদি।
২। প্রতি পাঁচ বছৰৰ মূৰে মূৰে নিয়মীয়াকৈ স্থানীয় সাশন অনুষ্ঠানকেইটাৰ নিৰ্বাচন বাধ্যতামূলকভাৱে হ’ব।
৩। এক তৃতীয়াংশ সদস্যৰ আসন স্থানীয় শাসনৰ অনুষ্ঠানবোৰত মহিলাৰ বাবে সংৰক্ষণ কৰা হ’ব।
৪। স্থানীয় শাসনৰ অনুষ্ঠানটোৰ এলেকাটোত থকা অনুসূচীত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ বাবে জনসংখ্যাৰ পৰিমাণ মতে আসন সংৰক্ষণ কৰা থাকিব।
৫। ৰাজ্যৰ স্বতন্ত্র অনুষ্ঠান, ৰাজ্যিক নিৰ্বাচনী আয়োগ এই স্থানীয় শাসনৰ তিনিওটা অনুষ্ঠান নির্বাচন নিৰপেক্ষভাৱে সমাপন কৰিব লাগিব।
9. প্ৰভাৱ গোষ্ঠীৰ ভূমিকা কি?
উত্তৰঃ আধুনিক শাসন ব্যৱস্থাত ৰাষ্ট্ৰৰ আইন প্ৰণয়ন আৰু প্ৰশাসনীয় কাৰ্যাৱলীত প্রভাব গোষ্ঠীবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আমেৰিকাৰ শাসন ব্যবস্থাত প্রভাব গোষ্ঠীবোৰে নীতি নিৰ্ধাৰণ আৰু আইন প্রণয়নত এক উল্লেখযোগ্য সিদ্ধান্তকাৰী প্ৰভাৱ পেলোৱা দেখা যায়। সংসদীয় শাসন ব্যৱস্থাৰ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাতে ইয়াৰ প্ৰভাৱ উল্লেখযোগ্যভাবে বৃদ্ধি পাইছে। ভাৰতৰ এই শক্তিশালী প্ৰভাৱ গোষ্ঠীহ’ল ব্যবসায়ী গোষ্ঠীটো। ভাৰতৰ শক্তিশালী।
ৰাজনৈতিক দলবোৰৰ পুঁজিত শকত পৰিমাণৰ দান – বৰঙণি আগবঢ়ায়। নিৰ্বাচনৰ সময়তো প্ৰাৰ্থীবোৰক যথেষ্ট আর্থিক সাহায্য আগবঢ়ায়। মুঠতে সংসদৰ বেছিভাগ সদস্যই প্ৰভাৱ গোষ্ঠীবোৰৰ প্ৰভাৱৰ পৰা মুক্ত নহয়। গতিকে চৰকাৰে তেনে প্ৰভাৱ গোষ্ঠীৰ বিৰুদ্ধে কোনো আইন প্রণয়ন কৰিব নোৱাৰে।
প্ৰভাৱ গোষ্ঠীয়ে জনমত গঠন কৰিও বা জনমতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিও চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। বহুতো প্ৰভাৱ গোষ্ঠীৰ নিজা নিজা শক্তিশালী বাতৰিকাকতো আছে, যিবোৰৰ দ্বাৰা গোটেই দেশতে প্ৰচাৰ চলাব পাৰে। প্ৰভাৱ গোষ্ঠীবোৰে বহুতো ক্ষেত্ৰত নিজা প্রতিনিধিও সংসদলৈ নিৰ্বাচিত কৰি পঠায়। তেওঁলোকে আনকি কেবিনেট মন্ত্রীসভাতো স্থান পোৱা যায়। ভাৰতৰ ব্যৱসায়ী গোষ্ঠীৰ টি, টি কৃষ্ণমাচাৰীয়ে কেবিনেট মন্ত্রীসভাতে স্থান পাইছিল।
আনহাতে শ্রমিক সংঘবোৰো ভাৰতৰ উল্লেখযোগ্য প্ৰভাৱ গোষ্ঠীৰ ভিতৰত পৰে। প্ৰত্যেক ৰাজনৈতিক দলৰ লগতে শ্রমিক সংগঠনবোৰৰ সম্পর্ক থাকে। এই শ্রমিক প্ৰভাৱ গোষ্ঠীবোৰেও চৰকাৰৰ আইন প্ৰণয়ন আৰু প্ৰশাসনীয় কাম – কাজত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। চৰকাৰে কোনো সংগঠনক অসন্তুষ্ট কৰিব নিবিচাৰে। বহুতো ৰাষ্ট্ৰত ছাত্ৰ সংগঠনবোৰেও চৰকাৰৰ কামত যথেষ্ট প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে অসমৰ ৰাজনীতিত ছাত্র সন্থাৰ প্ৰভাৱ উল্লেখযোগ্য। ই যদিও ৰাজনৈতিক অনুষ্ঠান নহয়, অৱশেষত ৰাজনৈতিক দল গঠন কৰি নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। গতিকে ৰাষ্ট্ৰ বা ৰাজ্যৰ শাসনত প্ৰভাৱ গোষ্ঠীবোৰে যথেষ্ট হেঁচা প্ৰয়োগ কৰি চৰকাৰ পৰিচালনা কৰে।
10. “সংবিধানৰ ৭৩ তম সংশোধনীয়ে গ্রাম্যবাসিন্দা সকললৈ চমকপ্ৰদ পৰিৱৰ্তন আনিলে” আলোচনা কৰা।
উত্তৰঃ ৭৩ নং সংবিধান সংশোধনীৰ দ্বাৰা ১৯৯২ চনত বিশেষকৈ গাঁও আৰু নগৰত ক্ষমতা বিকেন্দ্ৰীকৰণনীতি বলবং হৈছিল। এই সংশোধনীৰ দ্বাৰা পঞ্চায়তীৰাজ অনুষ্ঠানবোৰক সাংবিধানিক প্ৰস্তুতি প্ৰদান কৰা হৈছিল। ইয়াৰ ফলতে স্থানীয় স্বায়ত্ত শাসনৰ গাঁও আৰু নগৰৰ অনুষ্ঠানবোৰত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে নির্বাচন পতাটো অতি প্ৰয়োজনীয় হৈ পৰে। ইয়াৰ উপৰিও স্থানীয় স্বায়ত্তশাসনৰ অনুষ্ঠানবোৰক স্থানীয় সম্পদবোৰৰ নিয়ন্ত্ৰণৰ ভাৰ প্ৰদান কৰা হৈছে। ইয়াৰ প্ৰধান বৈশিষ্ট্যবোৰ হ’ল—
১। প্রথমতে সকলো গ্রাম্যঞ্চলতে গাঁৱৰ সকলো প্ৰাপ্তবয়স্ক সদস্যকে সদস্য হিচাপে লৈ গাওসভা প্রতিষ্ঠা কৰা হয়। এই সভাই গাঁওত গাওপঞ্চায়তৰ সদস্যসকলক নিৰ্বাচিত কৰি গাও পঞ্চায়ত গঠন কৰে। এই সভাক কিছুমান নিৰ্দিষ্ট দায়িত্ব দিয়া হয়। গাঁও সভাই গাঁওৰ উন্নয়নমূলক কামৰ কথা আলোচনা কৰে আৰু সিদ্ধান্ত লোৱা কামত জড়িত হৈ পৰে।
২। ৭৩ সংশোধনীয়ে তিনিখলপীয়া পঞ্চায়তী ৰাজৰ প্ৰৱৰ্তনকৰে। ২০ হেজাৰ জনসংখ্যাৰ বেছি থকা গাঁৱত সকলো ৰাজ্যতে পঞ্চায়ত গঠনৰ সিদ্ধান্ত লোৱা হৈছে।
৩। এই স্থানীয় শাসনৰ অনুষ্ঠানবোৰ প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে নিৰ্বাচনৰ দ্বাৰা গঠন কৰাটো বাধ্যতামূলক কৰা হৈছিল।
৪। ৭৩ সংবিধান সংশোধনীয়ে অনুসূচীত জাতি আৰু জনজাতিৰ বাবে আসন সংৰক্ষণৰ নিয়ম কৰা হয় আৰু মহিলাৰ বাবে শতকৰা ৩৩ শতাংশ আসন স্থানীয় শাসনৰ অনুষ্ঠানত সংৰক্ষণকৰা হয়।
৫। ৭৩ নং সংবিধান সংশোধনে জিলা পৰিকল্পনা কমিটিৰ ব্যৱস্থা ৰাখিছে যিয়ে গোটেই জিলাখনৰ বাবে উন্নয়নৰ এখন পৰিকল্পনাৰ আঁচনি প্ৰস্তুত কৰিব পাৰিব। এইটো সত্য যে এই ৭৩ নং সংবিধান সংশোধনীয়ে গ্ৰামাঞ্চলৰ জনগণৰ প্ৰতি কৃতিত্ব সম্পন্ন বার্তা বহন কৰি আনিছে কাৰণ সমাজৰ প্ৰত্যেকটো শ্ৰেণীকে স্থানীয় প্ৰশাসনত প্ৰতিনিধিত্ব দিব পাৰিছে। সমাজৰ সকলো শ্ৰেণীয়ে সিদ্ধান্ত গ্ৰহণকাৰী পদ্ধতিত এটা অংশ স্বৰূপে থাকিব। আৰু ই এটা গুরুত্বপূর্ণ বৈশিষ্ট্য হিচাপে গণতন্ত্ৰত এটা সফলতা লাভ কৰিব পাৰিব।
11. প্ৰভাৱ গোষ্ঠী আৰু স্বার্থন্বেষী গোটৰ পাৰ্থক্য দেখুওৱা।
উত্তৰঃ প্ৰভাৱ গোষ্ঠী আৰু স্বার্থন্বেষী গোটসমূহ স্বাৰ্থপূৰণৰ বাবে গঠিত হোৱা এক সংস্থা হ’লেও দুয়োটা সংগঠনৰ মাজত কিছুমান স্পষ্ট পার্থক্য আছে।
১। প্ৰভাৱ গোষ্ঠীৰ পৰিসৰ স্বাৰ্থন্বেষী গোটৰ তুলনাত বহ’ল আৰু ব্যাপক, আনহাতে স্বার্থন্বেষী গোটৰ পৰিসৰ ঠেক আৰু ক্ষুদ্ৰ। যেনে – বৃহৎ ব্যবসায়িক প্ৰভাৱ গোষ্ঠীৰ তুলনাত পৰিয়াল বা উদ্যোগভিত্তিক স্বার্থান্বেষী গোটৰ পৰিসৰ যথেষ্ট ঠেক আৰু ক্ষুদ্ৰ। ২। প্ৰভাৱ গোষ্ঠীয়ে সদায়ে নেপথ্যত থাকিহে চৰকাৰৰ কাম – কাজৰ ওপৰত প্ৰভাৱ আৰু হেঁচা প্ৰয়োগ কৰিব বিচাৰে। কিন্তু স্বার্থান্বেষী গোটৰ প্রকাশ্যে সভা – সমিতি পাতি, আন্দোলন প্ৰতিবাদ আদি কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি দাবী পূৰণ কৰিবলৈ বিচাৰে।
৩। প্ৰভাৱ গোষ্ঠীৰ কোনো ৰাজনৈতিক দলৰ লগত প্ৰত্যক্ষ সম্পর্ক থাকে নাইবা কোনো নিৰ্দিষ্ট ৰাজনৈতিক মতাদর্শকে সমর্থন নকৰে ; কিন্তু আনহাতে স্বার্থান্বেষী গোটবোৰে কোনো বিশেষ ৰাজনৈতিক মতাদৰ্শ সমৰ্থন কৰিবও পাৰে।
৪। প্ৰভাৱ গোষ্ঠীয়ে নিজৰ গোষ্ঠীৰ সদস্যৰ স্বাৰ্থপূৰণৰ উপৰিও উমৈহতীয়া কল্যাণমূলক কামৰ বাবেও চেষ্টা কৰে কিন্তু স্বার্থান্বেষী গেটে কেৱল নিজৰ সদস্যৰ স্বাৰ্থ পূৰণৰ বাবেহে চেষ্টা কৰে সমূহীয়া স্বাৰ্থৰ কথা নাভাৱে।
12. “স্বার্থান্বেষী গোষ্ঠীসমূহ ক্রিয়াশীল গণতন্ত্ৰৰ অপৰিহাৰ্য অংগ” – আলোচনা কৰা।
নাইবাঃ প্রভাব গোষ্ঠী বা স্বার্থান্বেষী গোটসমূহে কিদৰে কাৰ্য্যাবলী সম্পন্ন কৰে এটি আভাস দিয়া।
উত্তৰঃ প্ৰভাৱগোষ্ঠী নাইবা স্বার্থান্বেষী গোষ্ঠীবোৰ হ’ল সংগঠিত বা অসংগঠিত গোষ্ঠী যিবোৰে চৰকাৰৰ নীতিবোৰ প্ৰভাৱান্বিত কৰাৰ প্রচেষ্টা চলায়। তেওঁলোকে তেওঁলোকৰ বিভিন্ন পৰ্যায়ত থকা সদস্যসকলৰ স্বাৰ্থক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰচেষ্টা কৰে। তেওঁলোকক তলত দিয়া ধৰণে কৰ্মৰত গণতন্ত্ৰৰ অপৰিহাৰ্য অংগ বুলি ক’ব পাৰি।
১। এই স্বার্থন্বেষী গোষ্ঠীবোৰে যিকোনো নির্দিষ্ট বিষয়তে অভিযান আৰম্ভ কৰি দিয়া মতে জনসাধাৰণৰ সমৰ্থন লাভ কৰিব পাৰে। তেওঁলোকে গণমাধ্যমৰ সহায় লয় যাতে জনসাধাৰণে তেওঁলোকৰ প্ৰতি বেছি ধ্যান দিব পাৰে।
২। তেওঁলোকে সাধাৰণতে ধর্মঘট আহ্বান দিয়ে, তেওঁলোকে বাধা প্ৰদানৰ বাবে যাত্ৰা কৰে আৰু চৰকাৰৰ কাৰ্যসূচী চেদেলি – ভেদেলি কৰাৰ প্ৰচেষ্টা চলায়। তেওঁলোকে মাজে সময়ে ধর্মঘট আহ্বান দিয়ে আৰু ধৰ্ণা আদিৰ দ্বাৰা দাবী উত্থাপন কৰে।
৩। সাধাৰণতে বাণিজ্যিক গোষ্ঠীবোৰে উমৈহতীয়া উদ্দেশ্যৰে জনসাধাৰণৰ একোটা দাবী গঠন কৰে যাতে চৰকাৰৰ ওপৰত হেঁচাৰ সৃষ্টি কৰি নীতিৰ পৰিবৰ্তন আনিব পৰা যায়।
৪। স্বার্থন্বেষী গোটসমূহ সংগঠিত হয় ৰাজনৈতিক ক্ষেত্ৰত কোনো নিৰ্দিষ্ট স্বাৰ্থ পূৰণ কৰাৰ উদ্দেশ্যেৰে, সাধাৰণতে বিধানমণ্ডলৰ সদস্যসকলৰ মাজত দাবী কৰি এই প্ৰচেষ্টা চলোৱা হয়। এইটো স্পষ্ট যে সকলো স্বার্থন্বেষী গোষ্ঠীৰ সমান এইদৰে দাৰী কৰা বা চৰকাৰক হেঁচা দিয়াৰ সুবিধা নাথাকে। এই সীমাবদ্ধতা থাকিলেও স্বার্থন্বেষী গোষ্ঠীয়ে গণতান্ত্ৰিক ব্যৱস্থাত, এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।
চমু প্রশ্নোত্তৰ
1. পঞ্চায়তৰ আয়ৰ উৎস তিনিটা উল্লেখ কৰা।
উত্তৰঃ পঞ্চায়তৰ আয়ৰ পথ তিনিটা হ’ল—
(ক) চৰকাৰে দিয়া দান – অনুদান।
(খ) ঘৰৰ ওপৰত লগোৱা কৰৰ পৰা হোৱা আয়।
(গ) পঞ্চায়তৰ নিজৰ ভূমিৰ পৰা হোৱা আয়।
2. গাঁও পঞ্চায়তৰ চাৰিটা প্ৰধান কাম উল্লেখ কৰা।
উত্তৰঃ প্ৰধান কাম চাৰিটা—
(ক) গাঁওবাসীৰ বাবে খোৱা পানী যোগানৰ ব্যৱস্থা কৰা।
(খ) গাঁৱৰ ৰাস্তা – ঘাট নিৰ্মাণ কৰা।
(গ) গাঁওখন পৰিষ্কাৰ – পৰিচ্ছন্ন কৰি ৰখা। আৰু
(ঘ) গাঁৱত বিজুলীবাতিৰ ব্যৱস্থা কৰা।
3. সংসদীয় চৰকাৰ কাক বোলে?
উত্তৰঃ যি শাসনব্যৱস্থাত চৰকাৰৰ কাৰ্যপালিকা বিভাগ আৰু বিধানমণ্ডলব সম্পৰ্ক অতি ঘনিষ্ঠ আৰু নিবিড় তেনে চৰকাৰকে সংসদীয় চৰকাৰ বোলে। এই শাসনব্যৱস্থাত চৰকাৰৰ কাপালিকা বিভাগ বা মন্ত্রীসভাখন বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ। এই শাসনত মন্ত্রীসভাই শাসন চলীয় বাবে ইয়াক মন্ত্রীসভা পৰিচালিত চৰকাৰ বা দায়বদ্ধ চৰকাৰো বোলে।
4. গণতান্ত্ৰিক চৰকাৰৰ চাৰিটা গুণ বা সুবিধা উল্লেখ কৰা।
উত্তৰঃ গণতান্ত্ৰিক চৰকাৰৰ সুবিধা চাবিটা—
১। গণতন্ত্ৰ যুক্তিৰে পৰিচালিত চৰকাৰ হোৱাৰ বাবে ইয়াৰ ত্ৰুটি কম
২। গণতান্ত্ৰিক চৰকাৰ জনমতৰ দ্বাৰা পৰিচালিত চৰকাৰ, ই সকলোৰে কল্যাণ সাধন কৰে।
৩। গণতন্ত্ৰত স্বেচ্ছাচাৰী শাসন স্থায়ীভাৱে চলিব নোৱাৰে।
৪। গণতান্ত্ৰিক চৰকাৰত বিপ্লৱৰ সম্ভাৱনা কম।
5. সংসদীয় পদ্ধতিৰ চৰকাৰৰ চাৰিটা সুযোগ লিখা।
উত্তৰঃ ১। কাৰ্যপালিকা আৰু বিধান মণ্ডলৰ সহযোগিতাত থকা বাবে দৰকাৰ মতে বিধি বিধান ৰচনা কৰিব পাৰে।
২। মন্ত্রীসভাখন বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ।
৩। চৰকাৰত নমনীয়তা থকা বাবে সংকটকালত ক্ষিপ্ৰতাৰে সিদ্ধান্ত ল’ব আৰু মন্ত্ৰীসভা গঠন কৰিব পাৰে।
৪। দ্বি দলীয় ব্যবস্থা থকা বাবে শাসন ক্ষমতাত থকা দলে জনসাধাৰণৰ ইচ্ছামতে শাসন চলাবলৈ চেষ্টা কৰে।
6. সংবিধান কাক বোলে? ভাৰতৰ সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল?
উত্তৰঃ (ক) সকলো ৰাষ্ট্ৰৰে একোখন সংবিধান থাকে। সংবিধান ৰাষ্ট্ৰৰ এনে এক ব্যৱস্থা য’ত ৰাষ্ট্ৰখনৰ বা জাতীয় জীৱনৰ উদ্দেশ্য, কার্যপন্থা, আদর্শ আদি বিধিসিদ্ধ কৰি গ্ৰহণ কৰা হয়। গতিকে সংবিধানক দেশ শাসনৰ প্ৰাথমিক নীতি – নিয়মবোৰৰ সমষ্টি বুলিব পাৰি।
(খ) ভাৰতৰ সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা গ্ৰহণ কৰা হৈছিল।
7. নির্বাচন কাক বোলে। নির্বাচন কেইপ্ৰকাৰ আৰু কি কি?
উত্তৰঃ গণতন্ত্ৰত নির্বাচন অপৰিহাৰ্য। প্ৰতিনিধিত্বমূলক গণতন্ত্ৰত এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে জনসাধাৰণে ভোট দি প্রতিনিধি নির্বাচিত কৰি চৰকাৰ গঠন কৰিব লাগে। সেইবাবে গণতান্ত্রিক দেশত প্রতিনিধি নির্বাচন সময়ে সময়ে নির্বাচন পতা হয়। গতিকে নির্বাচন হ’ল গণতান্ত্ৰিক চৰকাৰ গঠনৰ বাবে জনসাধাৰণৰ মতামত লৈ প্ৰতিনিধি বিচাৰৰ ব্যৱস্থা। মুঠতে যি ব্যৱস্থাৰ দ্বাৰা গণতান্ত্রিক দেশৰ ভোটদাতাসকলে প্ৰতিনিধি বাছি চৰকাৰ গঠন কৰে তাৰে নিৰ্বাচন বোলে। নির্বাচন দুই প্ৰকাৰ প্ৰত্যক্ষ নিৰ্বাচন আৰু পৰোক্ষ নিৰ্বাচন।
8. ভাৰতবৰ্ষৰ দশম পঞ্চবার্ষিক পৰিকল্পনাৰ যিকোনো চাৰিটা উদ্দেশ্য লিখা।
উত্তৰঃ উদ্দেশ্য চাৰিটা হ’ল—
(ক) প্ৰতি বছৰে ৮ শতাংশ হাৰত মুঠ ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধি কৰা।
(খ) দেশত দৰিদ্ৰতাৰ অনুপাত ২০০৭ চনত ৫ শতাংশ আৰু ২০১২ চনৰ ভিতৰত ১৫ শতাংশলৈ হ্ৰাস কৰা।
(গ) লাভজনক আৰু উচ্চমানৰ কৰ্মসংস্থানৰ উপায় সৃষ্টি কৰা।
(ঘ) ২০০৭ চনৰ ভিতৰত সকলো ল’ৰা – ছোৱালীৰ বাবে প্ৰাথমিক শিক্ষাৰ সকলো সুবিধা নিশ্চিত কৰা।
9. ভাৰতবৰ্ষৰ একাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ যিকোনো তিনিটা উদ্দেশ্য লিখা।
উত্তৰঃ একাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ উদ্দেশ্য তিনিটা হ’ল–
(ক) অর্থনৈতিক উন্নয়নৰ হাৰ বছৰি ৮-১০ শতাংশলৈ বৃদ্ধি কৰা।
(খ) কৃষি খণ্ডৰ উন্নয়ন বছৰি ৪ শতাংশৰ হাৰত বৃদ্ধি কৰা।
(গ) ৭ কোটি’ অতিৰিক্ত নিবনুৱা লোকৰ বাবে কৰ্মসংস্থানৰ ব্যৱস্থা কৰা।
10. অসমৰ দশম পঞ্চবার্ষিক পৰিকল্পনাৰ যিকোনো চাৰিটা উদ্দেশ্য লিখা।
উত্তৰঃ অসমৰ দশম পঞ্চবার্ষিক পৰিকল্পনাৰ যিকোনো চাৰিটা উদ্দেশ্য হ’ল—
(ক) বিদ্যুৎ শক্তি উৎপাদন আৰু বণ্টন, ৰাভা, ঘাট, দলং, যোগাযোগ ব্যৱস্থাৰ উন্নতি কৰা।
(খ) কৃষি, জলসিঞ্চন আৰু অন্যান্য আনুষংগিক খণ্ডসমূহ উন্নয়ন কৰা।
(গ) স্বাস্থ্যসেবা, পর্যটন, বৈজ্ঞানিক তথ্য সংগ্ৰহ আদি সেৱাৰ উন্নয়ন সাধন কৰা।
(ঘ) শিক্ষা, প্রশিক্ষণ দক্ষতা গঠন, পৰিচালনাৰ যোগেদি মানৱ সম্পদৰ উন্নতিসাধন কৰা।
11. অসমৰ একাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ যিকোনো তিনিটা উদ্দেশ্য লিখা।
উত্তৰ: অসমৰ একাদশ পৰিকল্পনাৰ উদ্দেশ্যবোৰ—
(ক) অর্থনৈতিক উন্নয়নৰ হাৰ ৮.৫ শতাংশলৈ বৃদ্ধি কৰা।
(খ) কৃষি, ক্ষুদ্র উদ্যোগ, বস্ত্র শিল্প আদিৰ উন্নয়ন কৰি গ্ৰাম্য উন্নয়নৰ গতি ক্ষিপ্ৰ কৰা।
(গ) কৃষি উন্নয়ন বছৰি ২ শতাংশ হাৰত বৃদ্ধি কৰা।
(ঘ) মানৱ সম্পদৰ বিকাশ সাধন কৰা ব্যৱস্থা কৰা।
12. প্রত্যক্ষ নিৰ্বাচন আৰু পৰোক্ষ নির্বাচন কাক বোলে?
উত্তৰঃ (ক) প্রত্যক্ষ নির্বাচন :- প্রত্যক্ষ নির্বাচনত ভোটাৰসকলে নিজে ভোটদান কৰি প্ৰতিনিধিজনক নির্বাচিত কৰে। যেনে- লোকসভাৰ সদস্যসকলৰ নিৰ্বাচন।
(খ) পৰোক্ষ নির্বাচন :- পৰোক্ষ নিৰ্বাচনত ভোটাৰসকলে প্রথমে কিছুমান প্রতিনিধি নিৰ্বাচিত কৰি এটা নিৰ্বাচনী গোট গঠন কৰে, পাছত এই নিৰ্বাচনী গোটৰ প্ৰাৰ্থসকলেহে নির্বাচিত কৰিবলগীয়া প্ৰতিনিধিজনক নির্বাচিত কৰে। যেনে ৰাজ্যসভাৰ সদস্যসকলৰ নিৰ্বাচন। ইয়াত প্ৰথমে সাধাৰণ ভোটাৰে বিধানসভাৰ সদস্যসকলক নিৰ্বাচিত কৰে ; পাছত তেওঁলোকেহে ৰাজ্যসভাৰ সদস্যজন কৰা সকলক বাছে পৰোক্ষ নিৰ্বাচনত দুটা নির্বাচন হয়।
13. প্রত্যক্ষ নিৰ্বাচনৰ দুটা দোষ বা আসোঁৱাহ উল্লেখ কৰা।
উত্তৰঃ প্রত্যক্ষ নিৰ্বাচনৰ দোষ দুটা—
(ক) এই নিৰ্বাচনত সাধাৰণ প্ৰাৰ্থীৰ গুণাগুণ বিচাৰৰ ক্ষমতা নাথাকে।
(খ) সাধাৰণ ভোটাৰক সহজে প্রলোভিত কৰিব পাৰে।
14. প্রত্যক্ষ নিৰ্বাচনৰ সপক্ষে তিনিটা যুক্তি আগবঢ়োৱা।
উত্তৰঃ যুক্তি তিনিটা হ’ল—
(ক) ভোটদাতাই নিজে ভোট দি প্রতিনিধি নিৰ্বাচন কৰাত সুবিধা পায়।
(খ) প্রত্যক্ষ নির্বাচনে জনসাধাৰণ কৰা জনৈতিকভাৱে সচেতন কৰে।
(গ) প্ৰতিনিধি আৰু ভোটাৰৰ মাজত সম্পৰ্ক স্থাপন কৰে।
15. পৰোক্ষ নিৰ্বাচনৰ দুটা অসুবিধা (দোষ) উল্লেখ কৰা।
উত্তৰঃ অসুবিধা দুটা হ’ল—
(ক) পৰোক্ষ নিৰ্বাচনত ভোটদাতাৰ সংখ্যা কম হোৱা বাবে দুৰ্নীতি আৰু শোষণ – নীতিৰ প্ৰভাৱ বেছি হোৱাৰ সম্ভাবনা থাকে।
(খ) পৰোক্ষ নিৰ্বাচনত প্ৰতিনিধি আৰু সাধাৰণ ভোটাৰৰ মাজত সম্পর্ক নাথাকে। ফলত প্রতিনিধিসকলে সাধাৰণ ভোটাৰৰ কল্যাণৰ বাবে গুৰুত্ব নিদিব পাৰে।
16. প্রত্যক্ষ নিৰ্বাচন আৰু পৰোক্ষ নিৰ্বাচনৰ দুটা পার্থক্য লিখা।
উত্তৰঃ (ক) প্রত্যক্ষ নির্বাচনত এটাহে নিৰ্বাচন হয় আৰু প্ৰাৰ্থী নির্বাচন কৰে কিন্তু পৰোক্ষ নিৰ্বাচনত প্ৰাৰ্থীজন নিৰ্বাচনৰ বাবে দুটা নির্বাচন হয়।
(খ) প্রত্যক্ষ নির্বাচনত ভোটাৰৰ সংখ্যা বেছি কাৰণে তেওঁলোকৰ সম্পর্ক প্রত্যক্ষ নহয়, কিন্তু পৰোক্ষ নিৰ্বাচনত ভোটাৰৰ সংখ্যা কম, নিৰ্বাচনত ভোটাৰৰ মাজত প্ৰত্যক্ষ সম্পর্ক থাকে।
17. পৰোক্ষ নিৰ্বাচনৰ সুবিধা দুটা লিখা।
উত্তৰঃ সুবিধা দুটা—
(ক) অভিজ্ঞ ভোটাৰসকলে সঠিক বিচাৰ – বুদ্ধিৰে অভিজ্ঞ উপযুক্ত প্রতিনিধি নির্বাচন কৰিব পাৰে।
(খ) পৰোক্ষ নিৰ্বাচনত ৰাজনৈতিক পৰিৱেশ কলুষিত হোৱাৰ সম্ভাৱনা কম।
18. ভাৰতীয় সংবিধানৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় সংবিধানৰ দুটা বৈশিষ্ট্য হ’ল—
(ক) ভাৰতীয় সংবিধানখন লিখিত সংবিধান।
(খ) নাগৰিকৰ মৌলিক অধিকাৰ।
19. গণতান্ত্ৰিক চৰকাৰ বুলিলে কি বুজা?
উত্তৰঃ গণতন্ত্র হ’ল আধুনিক যুগৰ উৎকৃষ্ট শাসনব্যৱস্থা। যি শাসনব্যৱস্থাত জনসাধাৰণে নিজে নাইবা প্ৰতিনিধিৰ দ্বাৰা চৰকাৰ গঠন কৰি দেশ শাসন কৰে তাকে গণতান্ত্ৰিক চৰকাৰ বোলে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্রাহাম লিংকনৰ মতে “ গণতন্ত্ৰ হৈছে জনসাধাৰণৰ দ্বাৰা, জনসাধাৰণৰ কাৰণে গঠন কৰা জনসাধাৰণৰ চৰকাৰ ”। ইয়াক আধুনিক যুগত উৎকৃষ্ট শাসন ব্যৱস্থা বুলি গণ্য কৰা হয়। গণতন্ত্র দুই প্ৰকাৰৰ—
(ক) প্রত্যক্ষ গণতন্ত্ৰ। আৰু
(খ) পক্ষে গণতন্ত্র বা প্রতিনিধিত্বমূলক গণতন্ত্ৰ।
20. প্রত্যক্ষ গণতন্ত্র কাক বোলে?
উত্তৰঃ প্রত্যক্ষ গণতন্ত্ৰত সকলো নাগৰিকে পোনপটীয়াভাৱে শাসনকার্যত অংশ গ্ৰহণ কৰে। এই শাসন ব্যৱস্থাত নাগৰিকে নিজে আইন প্ৰণয়ন কৰে আৰু জনসংখ্যা থকা সৰু ৰাষ্ট্ৰতহে প্ৰত্যক্ষ গণতন্ত্র প্ৰচলন কৰা সম্ভৱ। বৰ্তমান ছুইজাৰলেণ্ডৰ কেইখনমান কেন্টনতহে এই শাসন ব্যবস্থা প্রচলিত।
21. প্রতিনিধিত্বমূলক গণতন্ত্র কাক বোলে?
উত্তৰঃ যি শাসন ব্যৱস্থাত জনসাধাৰণে এটা নিৰ্ধাৰিত সময়ৰ মূৰে মুৰে তেওঁলোকৰ মাজৰ পৰা প্ৰতিনিধি নিৰ্বাচিত কৰি, চৰকাৰ গঠন কৰি, দেশৰ শাসন চলায় তাকে পক্ষে গণতন্ত্র বা প্রতিনিধিত্বমূলক গণতন্ত্র বোলে। বর্তমান গণতন্ত্র বুলিলে প্রতিনিধিত্বমূলক গণতন্ত্রকে বুজায়। বৰ্তমান যুগ পৰোক্ষ গণতন্ত্ৰৰ যুগ। পৃথিৱীৰ প্রায় সকলো দেশতে এই শাসন প্রচলিত।
22. গণতন্ত্রক কিয় উৎকৃষ্ট বা উত্তম চৰকাৰ বুলি কোৱা হয় দুটা যুক্তি দিয়া। নাইবা, গণতন্ত্ৰৰ দুটা সুফল লিখা।
উত্তৰঃ গণতন্ত্ৰ উৎকৃষ্ট চৰকাৰ, কাৰণ—
১। গণতান্ত্ৰিক চৰকাৰত জনসাধাৰণে অংশগ্ৰহণ কৰিব পাৰে। ই সমতা, স্বাধীনতা আৰু ভ্ৰাতৃভাবৰ ওপৰত প্ৰতিষ্ঠিত চৰকাৰ।
২। গণতান্ত্ৰিক চৰকাৰ যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত চৰকাৰ। আলাপ – আলোচনা, সন্মতি আৰু জনমতৰ ওপৰত নিৰ্ভৰ কৰিহে এই চৰকাৰ চলে।
23. গণতন্ত্ৰৰ উত্কৃষ্ট সংজ্ঞা দিওঁতাজন কোন? উৎকৃষ্ট সংজ্ঞাটো কি?
উত্তৰঃ ১। আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন।
২। গণতন্ত্ৰৰ উৎকৃষ্ট সংজ্ঞাটো হ’ল— গণতন্ত্ৰ হৈছে জনসাধাৰণৰ দ্বাৰা গঠিত, জনসাধাৰণৰ কাৰণে, জনসাধাৰণৰ চৰকাৰ।
24. গণতন্ত্ৰৰ যিকোনো চাৰিটা অসুবিধা বা কুফল উল্লেখ কৰা।
উত্তৰঃ গণতন্ত্ৰৰ অসুবিধা চাৰিটা হ’ল—
১। গণতন্ত্রত দলীয় একনায়কত্ববাদ প্রচলিত হ’ব পাৰে।
২। গণতন্ত্ৰত গুণতকৈ সংখ্যাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।
৩। গণতন্ত্ৰত জৰুৰী অৱস্থাত ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণ কৰা সহজ নহয়I
৪। ৰাইজৰ নামত, ধনী শ্রেণীয়েহে গণতান্ত্ৰিক চৰকাৰ পৰিচালিত
কৰে।
25. গণতন্ত্র কৃতকাৰ্য কৰিবৰ বাবে প্ৰয়োজনীয় চাৰিটা চৰ্ত উল্লেখ কৰা।
উত্তৰঃ গণতন্ত্র কৃতকাৰ্য কৰা চৰ্ত চাৰিটা—
১। ণতন্ত্ৰত নাগৰিকসকলৰ ৰাজনৈতিক সচেতনতা থাকিব লাগিব
২। গণতান্ত্রিক দেশৰ নাগৰিকসকল শিক্ষিত হ’ব লাগে। ৩। সকলো নাগৰিকৰ সহনশীলতা গুণ থাকিব লাগে।
৪। নাগৰিকসকলে চৰকাৰৰ লগত সহযোগ কৰিব লাগে।
26. ৰাজনৈতিক দল বুলিলে কি বুজা লিখা। তিনিটা সৰ্বভাৰতীয় আৰু দুটা আঞ্চলিক দলৰ নাম লিখা।
উত্তৰঃ (ক) ৰাজনৈতিক দল ‘ গণতন্ত্ৰৰ এটা অপৰিহাৰ্য অংগ | গণতান্ত্রিক দেশসমূহত জনসাধাৰণৰ নিজ নিজ মত সংগঠনৰ বাবে ৰাজনৈতিক দল গঠনৰ অধিকাৰ দিয়া হয়। একে আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱা, শাসন ক্ষমতা হস্তগত কৰিব বিচৰা, সংগঠিত ব্যক্তিৰ সমষ্টিকে ৰাজনৈতিক দল বোলে।
(খ) সৰ্বভাৰতীয় ৰাজনৈতিক দল হ’ল—
(১) কংগ্ৰেছ (আই),
(২) ভাৰতীয় জনতা পাটি,
(৩) চি, পি, আই (এম) |
(গ) আঞ্চলিক বাজনৈতিক দল হ’ল—
(১) ডি . এম . কে (তামিলনাড়ু)
(২) এ.জি.পি. (অসম)।
27. প্রতিনিধিত্বমূলক গণতন্ত্র কাক বোলে?
উত্তৰঃ যি শাসনব্যৱস্থাত জনসাধাৰণে এটা নিৰ্ধাৰিত সময়ৰ মূৰে মূৰে তেওঁলোকৰ মাজৰ পৰা প্ৰতিনিধি নিৰ্বাচিত কৰি, চৰকাৰ গঠন কৰি, দেশৰ শাসন চলায় তাকে পৰোক্ষ গণতন্ত্র বা প্রতিনিধিত্বমূলক গণতন্ত্র বোলে। বর্তমান গণতন্ত্ৰ বুলিলে প্রতিনিধিত্বমূলক গণতন্ত্রকে বুজায়। বর্তমান যুগ পৰোক্ষ গণতন্ত্ৰৰ যুগ। পৃথিৱীৰ প্ৰায় সকলো দেশতে এই শাসন প্রচলিত।
28. কি নীতিৰ ভিত্তিত চৰকাৰক সংসদীয় আৰু ৰাষ্ট্ৰপতীয় এই দুটা ভাগত ভাগ কৰা হয়? দুয়োবিধ চৰকাৰৰ দুটা পার্থক্য দেখুওৱা।
উত্তৰঃ (ক) গণতান্ত্ৰিক চৰকাৰৰ অংগসমূহৰ পৰস্পৰৰ মাজৰ সম্পৰ্কৰ ভিত্তিত চৰকাৰক সংসদীয় আৰু ৰাষ্ট্ৰপতীয় চৰকাৰত ভাগ কৰা
হয়।
(খ) (১) সংসদীয় চৰকাৰত কাৰ্যপালিকা বিভাগ আৰু আইন বিভাগৰ মাজৰ সম্পৰ্ক অতি ঘনিষ্ঠ আৰু নিবিড় ; কিন্তু ৰাষ্ট্ৰপতীয় চৰকাৰত এই দুটা বিভাগৰ মাজত সম্পর্ক নাথাকে, প্রত্যেকেই স্বতন্ত্র একোটা বিভাগ।
(২) সংসদীয় চৰকাৰত কাৰ্যপালিকা বিভাগ আন বিভাগৰ ওচৰত দায়বদ্ধ ; কিন্তু ৰাষ্ট্ৰপতীয়ত কাৰ্যপালিকা বিভাগ দায়বদ্ধ নহয়।
29. দায়বদ্ধ চৰকাৰ কাক বোলে? এখন দায়বদ্ধ চৰকাৰৰ উদাহৰণ দিয়া।
উত্তৰঃ (ক) যি চৰকাৰত কাৰ্যপালিকা বিভাগ বিধান মণ্ডলৰ ওচৰত দায়বদ্ধ থাকে, অর্থাৎকাৰ্যপালিকা বিভাগৰ প্ৰকৃত কাৰ্যপালিকা, বা মন্ত্রীসভাখন বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হৈ থাকি দেশৰ শাসন চলাব লাগে তাকে দায়বদ্ধ চৰকাৰ বা সংসদীয় চৰকাৰ বোলে।
(খ) ভাৰতবৰ্ষ আৰু ইংলেণ্ডৰ চৰকাৰক এনে দায়বদ্ধ চৰকাৰৰ উদাহৰণ হিচপে উল্লেখ কৰিব পাৰি।
30. অর্থনৈতিক পৰিকল্পনা বুলিলে কি বুজা? নাইবা আর্থিক পৰিকল্পনা কি?
উত্তৰঃ চৰকাৰে গোটেই দেশখনৰ আৰ্থিক উন্নয়নৰ বাবে এটা লক্ষ্যত নিৰ্দিষ্ট সময়ৰ ভিতৰতে উপনীত হ’বলৈ গ্ৰহণ কৰা নীতি আৰু কাৰ্যসূচী ৰূপায়ণৰ সামগ্রিক আঁচনিকে আর্থিক পৰিকল্পনা বোলে।
31. অর্থনৈতিক পৰিকল্পনাৰ যিকোনো তিনিটা লক্ষ্য আঙুলিয়াই দিয়া।
উত্তৰঃ অৰ্থনৈতিক পৰিকল্পনাৰ উদ্দেশ্য বা লক্ষ্য তিনিটা হ’ল–
১। উন্নয়ন বাধাসমূহ দূৰ কৰা।
২। প্রাকৃতিক সম্পদৰ উদঘাটন আৰু উচিত ব্যৱহাৰ কৰা। ৩। জনমুৰি প্ৰকৃত আয় আৰু আৰ্থিক উন্নয়নৰ হাৰ বৃদ্ধি কৰা।
32. অর্থনৈতিক উন্নয়নৰ এটা বাধা উল্লেখ কৰা।
উত্তৰঃ অৰ্থনৈতিৰ উন্নয়নৰ বাধা এটা—
(ক) জনসংখ্যা অত্যধিক বৃদ্ধি।
33. সামাজিক ন্যায় প্রতিষ্ঠা বুলিলে কি বুজা ব্যাখ্যা কৰা।
উত্তৰঃ উন্নয়নশীল গণতান্ত্রিক, অত্যধিক জনসংখ্যা বৃদ্ধিৰ দেশত দুখীয়া দৰিদ্ৰ, নিৰক্ষৰ লোক বেছি। এনে সমাজত সামাজিক আৰু আর্থিক বৈষম্য অতি বেছি। আর্থিকভাবে দুৰ্বল, নিম্নস্তৰৰ মানুহৰ জীৱন নানাভাবে শোষিত হয়। সামাজিক, আর্থিকভাৱে নিৰাপত্তাহীন হৈ পৰে, সামাজিক ন্যায় বিপর্যস্ত হয়। এনে দেশৰ গণতান্ত্ৰিক চৰকাৰে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে যথেষ্ট গুৰুত্ব আৰোপ কৰিব লাগে। এনে উন্নয়নশীল দেশৰ চৰকাৰে সাংবিধানিক অধিকাৰসমূহ ৰক্ষণাবেক্ষণ দিয়াৰ উপৰি আৰ্থিক দিশতো দুর্বল, দুখীয়া শ্ৰেণীক ৰক্ষণাবেক্ষণ দিব লাগিব কম সুতত কৃষি ঋণ আৰু বাসস্থান, কর্মসংস্থান আদি দিয়াতো উচিত। দেশৰ জনসাধাৰণৰ মাজত আয় উপাৰ্জনৰ ব্যৱধান হ্ৰাস কৰিব লাগিব। পিছপৰা দুৰ্বল শ্ৰেণীৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যত ব্যৱস্থা কৰিব লাগিব। এনেবোৰ কাৰ্যৰ দ্বাৰা চৰকাৰে সমতা ৰক্ষাৰ চেষ্টাকে সামাজিক ন্যায় প্রতিষ্ঠা কৰা বুলি বুজা যায়।
34. ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাৰ যিকোনো চাৰিটা লক্ষ্য উল্লেখ কৰা।
উত্তৰঃ ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাৰ লক্ষ্য তিনিটা—
(ক) আর্থিক উন্নয়নৰ বিভিন্ন বাধাসমূহ আঁতৰ কৰা।
(খ) ভাতৰত নিম্নহাব প্রকৃত জনমুৰি আয় আৰু অৰ্থনৈতিক উন্নয়ন হাৰ বৃদ্ধি কৰা।
(গ) দ্রুত মূলধন গঠন আৰু ঔদ্যোগীকৰণ।
(ঘ) কৃষিখণ্ডৰ উন্নয়নৰ বাবে বৈজ্ঞানিক ব্যৱস্থাৰে উৎপাদন বৃদ্ধি কৰা।
35. প্ৰভাৱ গোষ্ঠী বুলিলে কি বুজা?
উত্তৰঃ প্ৰভাৱ গোষ্ঠী আধুনিক গণতান্ত্রিক ব্যবস্থাত ৰাজনৈতিক দলৰ উপৰি আন আন বহুতো স্বার্থন্বেষী গোট আৰু সংস্থা আছে যিবোৰৰ জৰিয়তে নাগৰিকসকলে চৰকাৰ আৰু ৰাজনীতিত অংশ গ্ৰহণ কৰে। বহুতো কাৰণত কিছুমান নাগৰিক ৰাজনৈতিক দলৰ পৰা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আঁতৰি থাকে ; কিন্তু সহকর্মী বন্ধুৰ স্বাৰ্থ আৰু সহানুভূতিৰ বাবে তেওঁলোকে কিছুমান সাংস্কৃতিক সাহিত্যিক, বৃত্তিমূলক গোট আৰু সংস্থাৰ মাধ্যমত দেশৰ চৰকাৰৰ আৰু ৰাজনীতিৰ কাৰ্যত হেঁচা বা প্ৰভাৱ পেলায়। এই গোটবোৰৰ ভিতৰত প্ৰভাব গোষ্ঠী আৰু স্বাৰ্থন্বেষী গোট বিশেষভাবে উল্লেখযোগ্য।
36. প্ৰভাৱ গোষ্ঠীৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি?
উত্তৰঃ প্রধান বৈশিষ্ট্যবোৰ প্ৰভাৱ গোষ্ঠীৰ এক সংগঠিত অনুষ্ঠান হিচাপে কিছুমান নিজস্ব বৈশিষ্ট্য আছে। তলত কেইটিমান বৈশিষ্ট্য উল্লেখ কৰা হ’ল—
১। প্ৰভাৱ গোষ্ঠী হ’ল কিছুমান স্বার্থন্বেষী সদস্যৰ এক বেচৰকাৰী সংগঠন। সংগঠনৰ জৰিয়তে চৰকাৰৰ ওপৰত হেঁচা বা প্ৰভাৱ পেলাবলৈ চেষ্টা কৰে।
২। ই এক অৰাজনৈতিক সংগঠন। ৰাজনীতিৰ লগত ইয়াৰ কোনো সম্পর্ক নাথাকে আৰু কোনো নির্দিষ্ট মতাদর্শও নাথাকে। স্বাৰ্থৰ বাবে যিকোনো ৰাজনৈতিক দল বা মতাদৰ্শৰ লগতে মিলি পৰিব পাৰে।
৩। ইসদায় নেপথ্যত থাকি কাম কৰে। চৰকাৰৰ আইন প্ৰণয়ন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ই বাহিৰৰ পৰা কৰ্তৃপক্ষৰ ওপৰত হেঁচা প্রয়োগ কৰে।
৪। ই নিজ গোষ্ঠীৰ স্বাৰ্থ পূৰণৰ বাবে জাতীয় বা বাজহুৱা স্বাৰ্থক আওকাণ কৰিব পাৰে। আনকি বহুতো দুৰ্নীতিৰো আশ্ৰয় লোৱা দেখা যায়।
37. স্বার্থান্বেষী গোট কাক বোলে?
উত্তৰঃ স্বার্থান্বেষী গোটবোৰ প্ৰভাৱ গোষ্ঠীৰ দৰেই নিজৰ ন্যস্তস্বার্থ পূৰণৰ বাবে গঠন হয়। স্বার্থন্বেষী গোটৰ পৰিসৰ প্ৰভাৱ গোষ্ঠীতকৈ সৰু। স্বার্থান্বেষী গোটবোৰক প্ৰভাৱ গোষ্ঠীৰ এজেন্ট বুলি ক’ব পাৰি। যেনে, ভাৰতৰ বৃহৎ ব্যৱসায়ীক প্ৰভাৱ গোষ্ঠীৰ সৰু সৰু স্বার্থান্বেষী গোটবোৰ হ’ল টাটা, বিলা, ডালমিয়া, গোয়েংকা আদি গোট। এইবোৰ নিজৰ নিজৰ ন্যস্তস্বার্থ পূৰণৰ বাবে সংগঠিত হয় আৰু চৰকাৰৰ আইন প্ৰণয়ন। আৰু কাৰ্যাৱলীকৰণত যথেষ্ট প্ৰভাৱ পেলায়। এই স্বার্থান্বেষী গোটবোৰ একো একোটা পৰিয়াল বা সম্প্ৰদায়ৰ ভিতৰতে আৱদ্ধ থকাও দেখা যায়। যেনে – মাৰোৱাৰী সম্প্রদায় বা গোয়েংকা পৰিয়াল আদি উল্লেখনীয়। এই স্বার্থান্বেষী গোটবোৰে নিজৰ ন্যস্তস্বার্থ পূৰণৰ বাবে সংগঠিত হৈ প্ৰভাৱ গোষ্ঠীৰ সৃষ্টি কৰে।
38. আইন কি? সংজ্ঞা দিয়া।
উত্তৰঃ সংজ্ঞা :- বিভিন্ন সময়ত বিভিন্ন পণ্ডিতে আইনৰ সংজ্ঞা বিভিন্ন ধৰণে দিছে। ইংলণ্ডৰ আইনজ্ঞ জন অষ্টিনে আইনক “ উর্ধ্বতন কর্তৃপক্ষই নিম্নতম কৰ্তৃপক্ষলৈ দিয়া আদেশ ” বুলি কৈছে। কিন্তু ঐতিহাসিক আইনজ্ঞ হেনৰী মেইন আদি চিন্তাবিদ মতে আইন হ’ল সামাজিক উন্নয়নশীল শক্তিৰ ফলত সৃষ্টি হোৱা নিয়ম। তেওঁলোকৰ মতে সকলো আইন ‘ নির্দেশ নহয়। উড্রো উইলচনৰ মতে “ আইন হ’ল সমাজত প্ৰতিষ্ঠিত কিছুমান ভাব আৰু অভ্যাস যিবোৰে চৰকাৰৰ কৰ্তৃত্ব আৰু ক্ষমতাৰ সহায়ত সমৰূপীনীতি আৰু নিয়ম হিচাপে স্পষ্ট আৰু আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিছে।
অধ্যাপক হ’লেণ্ডে দিয়া আইনৰ সংজ্ঞাটোহে আটাইতকৈ উৎকৃষ্ট সংজ্ঞা বুলি গণ্য কৰা হয়। তেওঁৰ মতে— “ আইন হ’ল সার্বভৌম ৰাজনৈতিক কৰ্তৃপক্ষই বলৱ কৰা মানুহৰ বাহ্যিক কাৰ্যৰ সাধাৰণ নীতি – নিয়ম। ” (” A low is a general of external action enforced by a sovereign political authority.”)
ওপৰত উল্লিখিত সংজ্ঞাৰ পৰা এইটো বুজা যায় যে আইন হ’বলৈ হ’লে তিনিটা বস্তুৰ আৱশ্যক—
(১) এটা সংগঠিত জনসমষ্টি লাগে যিয়ে নিজৰ ইচ্ছাক ৰূপ দিব পাৰে।
(২)। সামাজিক স্বভাৱৰ কিছুমান স্বীকৃত নিয়ম লাগিব।
(৩) নিয়মবোৰ বলবৎ কৰিবৰ বাবে এটা সাৰ্বভৌম ক্ষমতাৰ আৱশ্যক। এই তিনিটাৰ সংমিশ্ৰণত আইনৰ সৃষ্টি হ’ব পাৰে।
39. কল্যাণকামী ৰাষ্ট্ৰ বুলিলে কি বুজা?
উত্তৰঃ সংজ্ঞা :- কল্যাণকামী ৰাষ্ট্ৰৰ সংজ্ঞা বিভিন্ন লিখকে বিভিন্ন প্রকাৰে দিছে। চিন্তাবিদ কোলেৰ মতে কল্যাণকামী ৰাষ্ট্ৰ এনে এখন সমাজ য’ত প্ৰত্যেক নাগৰিকে জীৱন – ধাৰণৰ নিম্নতম এটা মান উপভোগ কৰাৰ বাবে আৱশ্যকীয় সুযোগ সুবিধাখিনি প্ৰদান কৰা হয়। আন এজন চিন্তাবিদ কেণ্টৰ মতে যি ৰাষ্ট্ৰই নিজৰ নাগৰিকৰ সর্বাংগীন উন্নতি সাধনৰ চেষ্টা কৰে তাকে কল্যাণকামী ৰাষ্ট্ৰ বোলে। মুঠতে দেখা যায় ৰাষ্ট্ৰখনত বসবাস কৰা সকলো প্ৰজাৰ সৰ্বাংগীন উন্নতিৰ বাবে সুযোগ – সুবিধা প্ৰদান কৰা ৰাষ্ট্ৰই হ’ল কল্যাণকামী ৰাষ্ট্ৰ। আনহাতে কল্যাণকামী ৰাষ্ট্ৰ এখনৰ বাসিন্দাসকলেও পৰস্পৰে পৰস্পৰৰ সুযোগ – সুবিধাৰ সদ্ব্যব্যৱহাৰ কৰিবৰ বাবে প্রত্যেকেই সকলোৰে বাবে আৰু সকলোৱে প্ৰত্যেকৰ বাবে ‘ সহায় – সহযোগ আগবঢ়াব লাগে। এয়েই হ’ল কল্যাণকামী ৰাষ্ট্ৰৰ মূলমন্ত্ৰ (Each for all and all for each) I
40. আইন আৰু ন্যায়ৰ সম্পৰ্ক ব্যাখ্যা কৰা।
উত্তৰঃ আইন আৰু ন্যায়ৰ সম্পৰ্ক অতি নিবিড় আৰু ওতঃপ্ৰোত। সমাজত সকলো ব্যক্তিয়ে সমান হোৱা উচিত। ন্যায় বা সামাজিক ন্যায়ে জাতি · বর্ণ, ধর্ম আদি নির্বিশেষে কোনো প্ৰকাৰৰ বৈষম্যমূলক ব্যৱস্থা নোহোৱাটোকে বুজায়। সমাজত প্ৰচলিত বৈষম্যমূলক নীতি বা কাৰ্য ন্যায়ৰ পৰিপন্থী।
মানৱ সমাজত নানা ধৰণৰ সামাজিক অসমতা দেখা যায়। ন্যায়ে সমাজৰ এই বিভিন্ন প্ৰকাৰ অসমতা বা অন্যায় আঁতৰোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা কথাক বুজায়। ন্যায়ে সকলে ব্যক্তি সমানে ৰক্ষণাবেক্ষণ দিয়াটো বুজায়। এই ন্যায়ক আইনে ৰক্ষণাবেক্ষণ দিয়ে। আইন হ’ল ৰাষ্ট্ৰ কৰ্তৃত্বশালী অংগই সৃষ্টি কৰা এক ব্যৱস্থা বা নীতি যাৰ দ্বাৰা ন্যায়ক ৰক্ষণাবেক্ষণ দিয়া হয়। আইনৰ অবিহনে সমাজত ন্যায় ৰক্ষা নপৰিব পাৰে। গতিকে সামাজিক ন্যায় ৰক্ষাৰ বাবেই আইন সমাজত অপৰিহাৰ্য বুলি গণ্য কৰা হয়।
41. স্বার্থান্বেষী গোটৰ ভূমিকা কি?
উত্তৰঃ ভাৰতৰ শ্রমিক সংস্থাবোৰও স্বার্থান্বেষী গোট গঠন কৰে। বিভিন্ন উদ্যোগ শ্রমিকসকলে নিজৰ উদ্যোগৰ শ্ৰমিকৰ স্বাৰ্থ পূৰণৰ বাবে প্রত্যেক গোট গঠন কৰে। বৃহৎ উদ্যোগতো এনে সংগঠন আছে। এনেধৰণৰ উদ্যোগৰ শ্ৰমিকসকলে সংগঠিত হৈ প্ৰভাৱ গোষ্ঠীৰ সৃষ্টি কৰে। শ্রমিক গোটবোৰে ধৰ্মঘট, শোভাযাত্রা, অনশন আদি কৰি নিজৰ সমস্যা আৰু দাবীৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। মুঠতে সদস্যসকলৰ নিজৰ ন্যস্তস্বার্থ পূৰণৰ উদ্দেশ্যে গঠিত হৈ চৰকাৰৰ আইন আৰু প্ৰশাসনীয় কাৰ্যত প্ৰভাৱ পেলোৱা সংগঠনকে স্বার্থান্বেষী গোট বোলে।
42. ৰাজনৈতিক দলৰ বৈশিষ্ট্যবোৰ কি কি?
উত্তৰঃ বৈশিষ্ট্যসমূহ—
(ক) সদস্যসকলৰ আদৰ্শ আৰু নীতি একে।
(খ) সাংবিধানিক উপায়েৰে নিৰ্বাচনৰ জৰিয়তেহে চৰকাৰ গঠন কৰাৰ চেষ্টা কৰে।
(গ) দলীয় সদস্যসকলৰ এটা সংগঠন থাকিব লাগে।
(ঘ) দলৰ এক দীৰ্ঘম্যাদী আঁচনি থাকিব।
43. ৰাজনৈতিক দলৰ যিকোনো চাৰিটা কাৰ্য লিখা।
উত্তৰঃ (ক) নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা।
(খ) ৰাজনৈতিক চেতনা জাগ্ৰত কৰা। (গ) জনমত গঠন কৰা।
(ঘ) চৰকাৰ গঠনত সহায় কৰা।
44. সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ’ বুলিলে কি বুজা? বর্তমানে এজন ভাৰতীয়ই কিমান বয়সত ভোটদানৰ যোগ্যতা লাভ কৰিব পাৰে?
উত্তৰঃ (ক) সকলো দেশতে এটা নিৰ্ধাৰিত বয়স পূৰ্ণ হোৱাৰ পাছতহে কোনো এজন লোকক প্ৰাপ্তবয়স্ক বুলি ধৰা হয়। গণতান্ত্রিক দেশসমূহত জাতি, বৰ্ণ, ধৰ্ম আৰু ভাষা নির্বিশেষে সকলো প্রাপ্তবয়স্ক লোকক দিয়া প্রতিনিধি নির্বাচনৰ অধিকাৰকে সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ বোলা হয়। এই ভোটাধিকাৰৰবয়স সকলো ৰাষ্ট্ৰতে একে নহয়। আমাৰ ভাৰতত ভোটাধিকাৰৰবয়স বর্তমান ১৮ (ওঠৰ) বছৰ কৰা হৈছে।
(খ) ভাৰতীয় নাগৰিক এজনে ১৮ (ওঠৰ) বছৰ পূৰ্ণ হ’লে ভোটদানৰ যোগ্যতা লাভ কৰে।
45. গণতন্ত্ৰত ৰাজনৈতিক দলসমূহৰ তিনিটা গুৰুত্বপূৰ্ণ ভূমিকা আলোচনা কৰা।
উত্তৰঃ গুৰুত্বপূৰ্ণ ভূমিকা তিনিটা—
(ক) গণতান্ত্রিক শাসনত শাসক দলৰ চৰকাৰে যাতে স্বেচ্ছাচাৰী শাসন চলাব নোৱাৰে তাৰ বাবে আন বিৰোধী ৰাজনৈতিক দলবোৰে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে।
(খ) ৰাজনৈতিক দলে দেশৰ জনসাধাৰণক ৰাজনৈতিকভাৱে সচেতন কৰি ৰাখিব লাগে।
(গ) ৰাজনৈতিক দলবোৰে আৱশ্যক মতে জনমত গঢ়ি তুলিবৰ বাবে সজাগ সচেতন হৈ থাকে।
46. প্রত্যক্ষ আৰু পৰোক্ষ গণতন্ত্ৰৰ দুটা পার্থক্য দেখুওৱা।
উত্তৰঃ পার্থক্য দুটা হ’ল—
(ক) প্রত্যক্ষ গণতন্ত্রত নাগৰিকে নিজে শাসনকার্যত অংশ লয়, আনহাতে পক্ষে গণতন্ত্ৰ প্ৰতিনিধিৰ দ্বাৰা শাসনকার্য চলায়, নিজে অংশ নলয়।
(খ) অতি কম জনসংখ্যাৰ ৰাষ্ট্ৰতহে প্রত্যক্ষ গণতন্ত্র প্রচলন সম্ভৱ ; আধুনিক যুগৰ অগণন জনসংখ্যাৰ ৰাষ্ট্ৰত ই অপ্রচলিত, বেছি জনসংখ্যাৰ ক্ষেত্ৰত পৰোক্ষ গণতন্ত্ৰ প্ৰচলন কৰা হয়।
47. প্ৰভাৱ গোষ্ঠীৰ তিনিটা গুণ আৰু তিনিটা দোষ লিখা।
উত্তৰঃ (ক) প্ৰভাৱ গোষ্ঠীৰ গুণ তিনিটা হ’ল—
১। প্ৰভাৱ গোষ্ঠীবোৰে চৰকাৰৰ বিধানমণ্ডলক আইন প্রণয়ন কৰাৰ ক্ষেত্ৰত হেচা প্ৰয়োগ কৰাৰ উপৰিও দিহা – পৰামৰ্শ দি সহায় কৰে।
২। প্ৰভাৱ গোষ্ঠীবোৰে ৰাজনৈতিক দলবোৰক নানা প্ৰকাৰে দান বৰঙণি দি শক্তিশালী কৰি গঠন কৰাত সহায় কৰে।
৩। বহুতো ক্ষেত্ৰত প্ৰভাৱ গোষ্ঠীবোৰে সমাজত সুস্থ সবল জনমত গঠন কৰি চৰকাৰৰ ওপৰত প্ৰয়োজনীয় হেঁচা প্ৰয়োগ কৰি জনমত মতে কাম কৰিবলৈ বাধ্য কৰায়।
(খ) প্ৰভাৱ গোষ্ঠীৰ দোষ তিনিটা হ’ল—
১। প্ৰভাৱ গোষ্ঠীবোৰে সদায় কেৱল মাত্ৰ নিজৰ সদস্যসকলৰ নাইবা শ্ৰেণীটোৰ স্বাৰ্থ পূৰণৰ কথাহে ভাবে, সাধাৰণ শ্ৰেণীৰ লোকৰ কথা নাভাবে।
২। অনেক ক্ষেত্ৰত প্ৰভাৱ গোষ্ঠীবোৰে দুৰ্নীতিৰ আশ্ৰয় লৈ হ’লেও নিজৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰে।
৩। প্ৰভাৱ গোষ্ঠীবোৰে ৰাষ্ট্ৰীয় স্বার্থ উপেক্ষা কৰি হ’লেও নিজৰ শ্ৰেণীটোৰ স্বাৰ্থ পূৰণ কৰাৰ পৰা বিচলিত নহয়।
48. গাঁও সভা কি? গাঁওসভাৰ কার্যাবলী কি কি?
উত্তৰঃ গাঁও সভা হ’ল গাঁৱৰ প্ৰাপ্তবয়স্ক বাসিন্দাসকলৰ সভা বা প্রাপ্তবয়স্ক (পুৰুষ আৰু মহিলা) সদস্যসকলৰ (নাগৰিকসকলৰ) সভা। এইসদস্যসকলে ভোট দিগাঁও পঞ্চায়তৰ সভাপতি আৰু সদস্য প্রতিনিধিসকলক নিৰ্বাচিত কৰি গাঁও পঞ্চায়তখন গঠন কৰে। গাঁও পঞ্চায়তৰ কিছুমান কাম আছে—
১। গাঁও সভাই গাঁও পঞ্চায়তৰ সভাপতিজনক আৰু পঞ্চায়তৰ সদস্যসকলক নির্বাচিত।
২। সভাপতিয়ে গাঁও পঞ্চায়তৰ বছৰেকীয়া বাজেট সভাত দাখিল কৰিব লাগে। সভাই এই বাজেট আলোচনা কৰে।
৩। সভাই গাঁৱৰ উন্নয়নমূলক কামৰ সিদ্ধান্তবোৰ লয়।
৪।গাঁও সভাৰ সদস্যসকলে পঞ্চায়তৰ সদস্যসকলক গাঁৱৰ বিভিন্ন
কামৰ বাবে প্ৰশ্ন কৰিব পাৰে।
49. প্ৰভাৱ গোষ্ঠীৰ কার্যাবলী আলোচনা কৰা।
উত্তৰঃ প্ৰভাৱ গোষ্ঠী কাৰ্যৱলী—
১। সদস্যৰ স্বাৰ্থ ৰক্ষা কৰা :- প্ৰভাৱ গোষ্ঠীৰ প্ৰথম আৰু প্ৰধান কাম হ’ল নিজৰ সংগঠন। সদস্যৰ স্বাৰ্থৰক্ষাৰ হকে গোষ্ঠীয়ে সততে চৰকাৰৰ নীতি আৰু আঁচনিবোৰৰ খা – খবৰ ৰাখি থাকে।
২। যোগাযোগ ৰক্ষা কৰা :- প্ৰভাৱ গোষ্ঠীৰ আন এটা প্ৰধান কাম হ’ল চৰকাৰৰ নীতি নিৰ্ধাৰণ বিভাগৰ বিষয়া – কৰ্মচাৰীৰ লগত সততে যোগাযোগ ৰক্ষা কৰি থকা। তেওঁলোকৰ স্বাৰ্থৰ লগত জড়িত থকা কাম – কাজৰ সকলো প্ৰকাৰ খা – খবৰৰ বাবে চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষ লগত যোগাযোগ ৰক্ষা কৰি থাকে।
৩। ৰাজনৈতিক দলৰ লগত সম্পৰ্ক ৰক্ষা :- প্ৰভাৱ গোষ্ঠীবোৰে শাসক দলৰ উপৰিও বিৰোধী দলবোৰৰ লগতো সম্পৰ্ক ৰক্ষা কৰি চলে। জনমত আদি গঠনৰ ক্ষেত্ৰত ইৰাজনৈতিক দলৰ লগত লগালগি কাম কৰে।
৪। নির্বাচনী কার্য :- প্ৰভাৱ গোষ্ঠীবোৰে নিজৰ স্বাৰ্থ পূৰণৰ উদ্দেশ্যত সহায় কৰিব পৰা প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযানত সক্রিয়ভাবে অংশ গ্ৰহণ কৰে আৰু বিৰোধী প্ৰাৰ্থীৰ বিৰুদ্ধে কাম কৰে।
৫। প্ৰচাৰ আৰু জনৰব কাৰ্য :- প্ৰভাৱ গোষ্ঠীবোৰে জনমত গঠনৰ বাবে বিভিন্ন গণমাধ্যমৰ জৰিয়তে প্ৰচাৰ কাৰ্য চলোৱা কামত অংশগ্ৰহণ কৰে। নিজৰ স্বাৰ্থ বিঘ্নিত হোৱা চৰকাৰীনীতি বিৰুদ্ধে নানা জনৰবৰ সৃষ্টি কৰিও জনসাধাৰণৰ মাজত বিস্তৃতভাৱে প্ৰচাৰ কাৰ্য চলায়।
৬। ৰাজনৈতিক দলীয় কার্য :- প্ৰভাৱ গোষ্ঠীবোৰৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাই যদিও ৰাজনৈতিক দলৰ কিছুমান কাৰ্য কৰা দেখা যায়। ৰাজনৈতিক দলৰ হৈ কাম কৰি, সেই দলবোৰৰ জৰিয়তে নিজৰ স্বাৰ্থপূৰণৰ প্ৰচেষ্টা কৰে।
৭। ৰাজনৈতিক সচেতনতা সৃষ্টিৰ কাৰ্য প্ৰভাৱ গোষ্ঠীবোৰে কোনো ক্ষেত্ৰত ৰাজনৈতিক পৰিৱেশ এটাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে আন্দোলন, বিক্ষোভ, ধৰ্মঘট আদিৰ নিচিনা কামতো সহযোগ কৰে।
৮। ৰাইজৰ লগত সম্পৰ্ক ৰক্ষাৰ কাৰ্য প্ৰভাৱ গোষ্ঠীবোৰে স্থানীয় ৰাইজৰ লগত সম্পৰ্ক ৰক্ষাৰ বাবে বহুতো সময়ত ৰাজহুৱা কাম – কাজতো সহযোগ কৰে। ৰাইজৰ স্বাৰ্থজড়িত বিভিন্ন কামতো এই গোষ্ঠীবোৰে বিভিন্ন প্ৰকাৰে অৰিহণা যোগায়।
50. প্ৰভাৱ গোষ্ঠী আৰু ৰাজনৈতিক দলৰ পাৰ্থক্য দেখুওৱা।
উত্তৰঃ প্ৰভাৱ গোষ্ঠী আৰু ৰাজনৈতিক দলৰ মাজত পাৰ্থক্য আছে। ৰাজনৈতিক দলবোৰ দেশৰ ৰাজনীতিৰ লগত ওতপ্রোতভাৱে জড়িত ; কিন্তু প্ৰভাৱ গোষ্ঠীবোৰ ৰাজনৈতিক সংগঠন নহয়।
১। ৰাজনৈতিক দলৰ সংগঠন সমগ্ৰ দেশ বা ৰাজ্য ব্যাপী হয়, ইয়াৰ পৰিসৰ ব্যাপক। ৰাজনৈতিক দলৰ স্বাৰ্থ সমগ্ৰ দেশৰ লগত জড়িত থাকে। আনহাতে প্ৰভাৱ গোষ্ঠীৰ সংগঠন এটা অঞ্চলৰ, এটা শ্ৰেণী বা গোষ্ঠীৰ সংগঠন, ইয়াৰ স্বাৰ্থ আৰু পৰিসৰ ক্ষুদ্ৰ আৰু সীমিত।
২। ৰাজনৈতিক দলৰ উদ্দেশ্য আৰু লক্ষ্য হ’ল ৰাষ্ট্ৰৰ চৰকাৰৰ ক্ষমতা দখল কৰা, শাসন। ক্ষমতা হস্তগত কৰাই দলবোৰৰ মূল লক্ষ্য। কিন্তু প্ৰভাৱ গোষ্ঠীৰ লক্ষ্য হ’ল নিজৰ সম্প্রদায় বা শ্ৰেণীৰ স্বাৰ্থ পূৰণ কৰা। প্রভাব গোষ্ঠীয়ে শাসন ক্ষমতা দখল কৰিব নোখোজে। চৰকাৰ যি দলেই দখল কৰক বা নকৰক তাৰ লগত প্ৰভাৱ গোষ্ঠীৰ বিশেষ সম্পর্ক নাথাকে।
৩। প্ৰত্যেক ৰাজনৈতিক দলৰে নিৰ্দিষ্ট নীতি, মতবাদ, কার্যসূচী আদি থাকে। কিন্তু প্ৰভাৱ গোষ্ঠীৰ তেনে নীতি, মতবাদ বা কার্যসূচী নাথাকে।
৪। ৰাজনৈতিক দলবোৰৰ সংগঠন তুলনামূলকভাৱে দৃঢ়, সহজে ভাগি নাযায়। কিন্তু প্ৰভাৱ গোষ্ঠীবোৰৰ সংগঠন দৃঢ় নহয়, কোনো সদস্যৰ স্বাৰ্থ পূৰণ নহ’লে বা স্বাৰ্থত আঘাত পৰিলে ই ভাগি যাব ও পাৰে।
৫। ৰাজনৈতিক দলবোৰে নিজৰ কাৰ্যসূচী বাস্তৱত ৰূপায়িত কৰিবলৈ সন্মুখ সমৰত অৱতীৰ্ণ হয়, আন্দোলন, শোভাযাত্রা, সভা – সমিতি পাতি জনসাধাৰণক আকৰ্ষিত কৰিব বিচাৰে। কিন্তু প্ৰভাৱ গোষ্ঠীবোৰে সন্মুখলৈ নাহি নেপথ্যত থাকিহে কাম কৰে, তেওঁলোকে পৰোক্ষভাৱে হেঁচাহে প্ৰয়োগ কৰে।
৬। প্ৰভাৱ গোষ্ঠীৰ সদস্যৰ ব্যক্তিগত স্বাৰ্থ ৰক্ষা কৰাই মূল উদ্দেশ্য ; ব্যক্তিগত স্বাৰ্থ ৰক্ষাৰ বাবেহে গোষ্ঠীটোৱে কাম কৰে। কিন্তু ৰাজনৈতিক দলত ব্যক্তিস্বার্থ স্থান নাই, দেশৰ স্বাৰ্থ, জাতীয় স্বার্থ সকলোৰে ওপৰত। ৰাজনৈতিক দলৰ সদস্যই ব্যক্তি স্বার্থ ত্যাগ কৰিব পাৰে।