বিদায় সভাৰ ভাষণ | বিদায় মিটিঙৰ ভাষণ | Farewell Speech

বিদায় সভাৰ ভাষণ | বিদায় মিটিঙৰ ভাষণ | Farewell Speech in Assemese

বিদায় সভাৰ ভাষণ | বিদায়ী ভাষণ | বিদায় মিটিঙৰ ভাষণ | বিদায় সভাৰ ভাষণ ছাত্ৰ-ছাত্ৰীৰ ভাষণ | Farewell Speech Assemese | Class 5 Farewell Speech In Assamese | Class 8 Farewell Speech In Assamese | Class 10 Farewell Speech In Assamese | Class 12 Farewell Speech In Assamese | Class 10 Bidai Speech in Assamese | Bidai Meeting | Bidai Meeting Boktobbo | Bidai Hobhar Bhakhon | School Farewell Speech In Assamese


বিদায় সভাৰ ভাষণ

নমস্কাৰ, আজিৰ এই বিদায় সভাৰ সভাপতি মহোদয়, মোৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয়, মোৰ শ্ৰদ্ধাৰ আৰু মৰমৰ চাৰ-বাইদেউ সকল, মোৰ সহপাঠী বন্ধু-বান্ধৱী সকল আৰু মোৰ মৰমৰ ভাইটি-ভন্টিসকল আৰু দাদা-বাইদেউ সকল।

পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছো মোক দুই-এষাৰ কোৱাৰ সুযোগ দিয়া বাবে আৰু যদি মোৰ বক্তব্যত কিবা ভূল হয় নিশ্চয় ক্ষমা কৰি দিব। 

আজি এই সভাখন কিয় পতা হৈছে আমি নিশ্চয় জানো ৷ এই সভাখন হ’ল বিদায় সভা অৰ্থাৎ আজি পঞ্চম/ অষ্টম/ দশম/ দ্বাদশ মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ এইখন বিদ্যালয়ৰ পৰা বিদায় লোৱাৰ দিন। আচলতে বিদায় দুই প্ৰকাৰৰ। চিৰ বিদায় আৰু খন্তেকীয় বিদায়। আমি কিন্তু আজি ইয়াত খন্তেকীয় বিদায়হে ল’ব বিচাৰিছোঁ। কাৰণ এইখন বিদ্যালয়ত আমাৰ আৰু পঢ়াৰ বাবে ক্লাছ নাই। সেয়েহে আমি উচ্চশিক্ষা লাভৰ বাবে অইন বিদ্যালয়লৈ যাব লাগিব। যদিওঁ আমাৰ বহুত বেয়া লাগিব তথাপিও আমি যাবই লাগিব। 

এই চেগতে মই মোৰ শ্ৰদ্ধাৰ ছাৰ- বাইদেউ সকলক অলেখ অযুত প্ৰণাম আৰু ধন্যবাদ জনাইছো কাৰণ প্ৰতিটো নজনা কথাই আমাক তেখেতসকলে সুন্দৰকৈ বুজাই দিছিল, বহুতো নজনা কথা শিকাইছিল। মই সদায় তেখেত সকললৈ চিৰ কৃতজ্ঞ থাকিম আৰু অজানিতে যদি মই কিবা ভুল-ভ্ৰান্তি কৰিছোঁ বা মনত দুখ দিছো তেতিয়া হলে সেইবোৰ ধৰি নাথাকি আমাক মাফ কৰি দিয়ে যেন আৰু ৰাস্তা-ঘাটে দেখিলে যেন মৰমেৰে মাত এষাৰি দিয়ে তাৰেই কামনা কৰিলো। 

READ MORE  সৰস্বতী পূজাৰ ভাষণ | Saraswati Puja Speech in Assamese

আজি আমাৰ আৰু বেছি দুখ লাগিছে কাৰণ মন গলেও আৰু কেতিয়াও আমি আপোনালোকৰ ক্লাছ কৰিব নোৱাৰিম।আপোনালোকে আমাক শিকাইছে সত্য কি? অসত্য কি? কোনটো ভাল! কোনটো বেয়া।

এই সকলোবোৰ কথা জানিব পাৰিছোঁ কেৱল আপোনালোকৰ বাবে। আপোনালোকৰ দ্বাৰা দিয়া জ্ঞানৰ জবিয়তে আমি সদায় আপোনালোকক স্মৰণ কৰিম।

এই চেগতে মই মোৰ বন্ধুবান্ধৱী, ভাইটি-ভণ্টি আৰু দাদা বাইদেউ সকলোৰ ওচৰত ক্ষমা বিচাৰিছো যে কেতিয়াবা যদি কিবা ভুল কৰিছো মোক মাফ কৰি দিব।

সদৌ শেষত আপোনালোক সকলকে পুনৰবাৰ ধন্যবাদ জনাও লগতে ঈশ্বৰ-আল্লাৰ ওচৰত আপোনালোকৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিলো। ধন্যবাদ।

Leave a Comment

error: Content is protected !!
Scroll to Top