বনকুঁৱৰী

বনকুঁৱৰী | Chapter 13 | Class 11 Assamese (MIL) – AHSEC

বনকুঁৱৰী | Chapter 13 | Class 11 Assamese (MIL) Question and Answer | Assam Class 11 Assamese (MIL) Solutions | AHSEC Class 11 HS Assamese (MIL) Chapter 13 Notes | AHSEC Class 11 HS Assamese (MIL) Chapter 13 Question and Answer | Questions and Answers for Class 11 Assamese (MIL) Chapter 13 বনকুঁৱৰী | HS 1st Year Assamese (MIL) Questions and Answers Assam


বনকুঁৱৰী
(চন্দ্ৰকুমাৰ আগৰৱালা)

অতি চমু প্রশ্ন (মূল্যাংক: ১)

1. ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

2. প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি?
উত্তৰঃ ‘বনকুঁৱৰী’।

3. হাবিৰ মাজত মৰমৰ ধ্বনি কোনে তুলিছিল?
উত্তৰঃ শুকান পাতৰ পৰা হাবিৰ মাজত ‘মৰ্‌ – মৰ্‌’ ধ্বনি উঠিছিল।

4. চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু কি?
উত্তৰঃ প্ৰকৃতি, প্ৰেম আৰু সৌন্দৰ্য।

5. ‘প্রতিমা খনিকৰ’ বুলি কাক কোৱা হয়?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাক।

6. প্রথম অসমীয়া ৰোমান্টিক কবি কোন?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

7. বেজবৰুৱাই ‘প্ৰতিমা’ সম্পর্কে কি মন্তব্য কৰিছিল?
উত্তৰঃ বেজবৰুৱাই ‘প্রতিমা’ সম্পর্কে মন্তব্য কৰিছিল যে – ‘প্ৰতিমাখন সৰু, কিন্ত নিভাঁজ সোণৰ’।

চমু প্রশ্ন (মূল্যাংক: ২/৩)

1. চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা।
উত্তৰঃ ‘প্রতিমা’ আৰু ‘বীণ বৰাগী’।

2. অসমীয়া ৰোমান্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল ক’ৰ পৰা গ্ৰহণ কৰিছিল?
উত্তৰঃ অসমীয়া ৰোমান্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল নিজৰ দেশ তথা সমাজৰ পৰা সংগ্ৰহ কৰিছিল।

3. ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি বুলি কাক ক’লে কাক বুজোৱা হয়?
উত্তৰঃ ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি বুলি ক’লে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক জনা যায়।

4. ‘বনকুঁৱৰী’ কবিতাটিত কবিয়ে কিদৰে অতিপ্রাকৃত পৰিবেশৰ সৃষ্টি কৰিছে বুজাই লিখা।
উত্তৰঃ বনকুঁৱৰী কবিতাটোত কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ অনুভৱে কেনেকৈ প্ৰাণীজগতক অপাৰ্থিৱ অনির্বাচনীয় আনন্দ দিব পাৰে, কবিয়ে তাকেই প্ৰকাশ কৰিব বিচাৰিছে। চাক্ষুস দৃষ্টিৰে প্ৰত্যক্ষ কৰা প্ৰকৃতি জগতখনৰ মাজত যে আন এক অপাৰ্থিৱ সত্তা লুকাই আছে কবিয়ে যেন তাৰেই সন্ধান দিব বিচাৰিছে।

5. ‘বনকুঁৱৰী’ কবিতাটিৰ লগত কেনেকুৱা জনবিশ্বাস জড়িত হৈ আছে?
উত্তৰঃ ‘বনকুঁৱৰী’ কবিতাটোত কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত উমলি ফুৰা বনকুঁৱৰীৰ ৰূপ আৰু ধেমালি দেখি এক অনির্বাচনীয় আনন্দৰ সন্ধান লাভ কৰিছে। জনবিশ্বাস যে বতাহে যেতিয়া মৰমৰ ভিক্ষাৰী হৈ প্ৰাণৰ অমিয়া মাধুৰী বিচাৰিছিল তেতিয়া বনকুঁৱৰীয়ে আৰু বনকুঁৱৰীৰ লগত থকা জলৰ দেৱী নীয়ৰীয়ে বতাহক মিচিকি হাঁহিৰে আনন্দিত কৰিছিল আৰু সেই আনন্দৰ ঢৌৱে সমগ্ৰ প্ৰাণীৰ প্ৰাণ শিহৰিত কৰি তুলিছিল।

READ MORE  কিতাপৰ কথা | Chapter 4 | Class 11 Assamese (MIL) - AHSEC

দীঘল প্রশ্ন (মূল্যাংক: ৪/৫)

1. চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি প্ৰতিভা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ অসমীয়া কবিতাৰ প্ৰথম প্ৰকাশ সাৰ্থক উন্মেষ ঘটোৱা ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয় ১৮৬৭ চনত তেজপুৰৰ ব্ৰহ্মজানত। কলিকতাত উচ্চশিক্ষা লাভ কৰি থকাৰ সময়তে তেওঁ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা গঠনত আগভাগ লয় আৰু জোনাকী কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে থাকি অসমীয়া ভাষা সাহিত্যৰ সৰ্বাঙ্গীন বিকাশৰ হকে আত্মোৎসৰ্গা কৰিবলৈ ধৰে। ১৮৮৯ চনত প্ৰকাশিত জোনাকী কাকতৰ তেৱেঁই আছিল প্ৰতিষ্ঠাপক সম্পাদক। চন্দ্ৰকুমাৰৰ জোনাকীত প্ৰকাশ হোৱা ‘বনকুঁৱৰী’ নামৰ লিৰিকটোৱেই প্ৰথম অসমীয়া ৰোমান্টিক কবিতা। তেওঁৰ জোনাকীত প্ৰকাশ হোৱা ৩৫ টা কবিতাপুথি আকাৰত ছপোৱা পুথিখন আছিল ‘প্ৰতিমা’। বেজবৰুৱাই প্ৰতিমাৰ বিষয়ে লিখিছে যে “প্রতিমাখন সৰু কিন্ত নিভাঁজ সোণৰ”। তেওঁৰ আনখন কবিতাপুথি হ’ল “বীণ বৰাগী”। তেখেতে ‘অসমীয়া’, ‘সাদিয়া অসমীয়া’ আৰু ‘তিনিদিনীয়া অসমীয়া’ আদি কাকত সুখ্যাতিৰে পৰিচালনা কৰে। স্বতন্তৰীয়া ব্যৱসায়েৰে আত্ম প্রতিষ্ঠা কৰা আগৰৱালাদেৱে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে নিস্বার্থভাৱে ভালেখিনি সেৱা আগবঢ়াই থৈ যায়। ১৯৩৭ চনত গুৱাহাটীৰ নিজা ঘৰত তেওঁৰ মৃত্যু হয়।

2. অথিৰ বায়ু শিয়ঁৰিল নোম,
উছলাইছে গৈ জান
কাৰণ নেদেখা আনন্দৰ ঢৌৱে
বুৰালে প্ৰাণীৰ প্ৰাণ। —প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ উদ্ধৃত কবিতাফাকি অসমলৈ ৰমন্যাসৰ বাট কাটোতা কবি চন্দ্ৰকুমাৰ আগৱালা দেৱৰ। আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সন্নিবিষ্ট তেখেতৰ ‘বনকুঁৱৰী’ নামৰ গীত কবিতাটোৰ পৰা এই ফাঁকি কবিতা লোৱা হৈছে।

কবিয়ে বনকুঁৱৰীৰ উপস্থিতিত প্ৰকৃতিৰ বুকুত হোৱা পৰিবৰ্তনৰ কথা কবলৈ গৈ এই কথাৰ অৱতাৰণা কৰিছে।

বন্য ফুল পাতেৰে সজ্জিতা বনকুঁৱৰীৰ ৰূপ সৌন্দর্যই বতাহক বলিয়া কৰিছে। মুগ্ধ বতাহে সেয়েহে মৰমৰ সমিধান বিচাৰিছে। বনকুঁৱৰী আৰু জলকোঁৱৰী দুয়ো মিচিকিয়া হাঁহিৰে বতাহৰ প্ৰতি সমিধান দিছে। দুই কুঁৱৰীৰ এনে সমিধানত অস্থিৰ হৈ থকা বতাহৰ নোম যেন সিয়ৰি উঠিছে। এই শিহৰণে জান জুৰি পানী উছলাই তুলিছে। এক অজান আনন্দত সকলোৰে মন ভৰি পৰিছে। আচলতে কবিয়ে প্ৰকৃতিৰ মাজত চলি থকা এই বিচিত্র লীলাক মানৱীয় ৰূপত প্ৰত্যক্ষ কৰিছে আৰু মানুহৰ প্ৰেম ভালপোৱা তাৰ মাজতেই অনুভৱ কৰিছে।

3. ‘বনকুঁৱৰী’ কবিতাটিৰ মূলভাব লিখা।
উত্তৰঃ জোনাকী কাকতৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্রকাশিত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ‘বনকুঁৱৰী’ নামৰ কবিতাটো অসমীয়া ৰোমান্টিক কবিতাৰ প্ৰথম প্ৰকাশ, সাৰ্থক উন্মেষ। পিছলৈ প্ৰতিমা নামৰ কাব্যপুথিত সংকলিত হোৱা এই কবিতাটো এটি উল্লেখনীয় গীত কবিতা আৰু অসমীয়া প্ৰথম কাহিনী গীত বা মালিতা।

বনকুঁৱৰী কবিতাত এটি কাহিনী আছে যদিও সুসংবদ্ধ নহয়। বনকুঁৱৰীৰ কাহিনী ভাগত এটি আধি দৈৱিক জগতখনহে প্ৰতিফলিত হৈছে এই কবিতাটোৰ আকৰ্ষণীয় দিশ হ’ল সংবেদনশীল মানৱীয় আবেদন। কথা বস্তুৰ তুলনাত ইয়াৰ নৈসর্গিক চিত্ৰহে অধিক আকর্ষণীয়।

READ MORE  ধনৰ ব্যৱহাৰ | Chapter 1 | Class 11 Assamese (MIL) - AHSEC

নিয়ম দুপৰীয়া আপোন মনে বনৰ মাজত সুহুৰি মাৰি হালি জালি দেও দি দি নাচি নাচি ফুৰা বনকুঁৱৰীয়ে ইটিয়ে সিটিক মৰম যাচিছে। প্ৰকৃতি জীয়ৰী বনকুঁৱৰী যেন সংসাৰৰ বিষয় বাসনাৰ পৰা বহু আঁতৰত। উজ্জ্বল মুখখনি, শিৰত মৰকতমনি, বিবিধ বন লতাৰ আভূষণেৰে সজ্জিত বনকুঁৱৰী দেৱী নে আন কিবা কবিয়ে ধৰিব পৰা নাই। আচলতে কবিয়ে এগৰাকী মুকলিমূৰীয়া গাভৰুৰ চিত্ৰ অংকন কৰিছে। তেওঁ প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে সেই উন্মুক্ত যৌৱন। প্ৰকৃতিৰ এই অনির্বচনীয় ৰূপ আৰু স্বাধীন সত্বাটোৱে কবিক আকৰ্ষিত কৰিছে। তেওঁ সেয়েহে প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে মুকলি চুলিৰে নাম গাই ঘূৰি ফুৰি টুক্‌ টুক্‌ চাপৰি বজোৱা ছোৱালীজনী। প্ৰকৃতিৰ সত্বাৰ এই ভুৱন ভুলোৱা ৰূপত তেওঁ বিমোহিত হৈছে, মিচিকণি হাঁহিৰ এটি সমিধান বিচাৰিছে আৰু তাতেই তেওঁৰ প্ৰাণ আনন্দেৰে ভৰপূৰ হৈ পৰিছে।

কবিতাটোৰ আকৰ্ষণীয় দিশটো হ’ল প্ৰকৃতিৰ মানবয়ন। প্রকৃতিক তেওঁ বনকুঁৱৰীৰ ৰূপত কল্পনা কৰিছে যাৰ সত্বা কবিৰ বাবে এগৰাকী পূৰ্ণযৌৱনা চঞ্চলা গাভৰুৰ দৰে। কিন্তু তেওঁৰ ৰূপত বা চাল-চলনত কোনো কৃত্রিমতা নাই। সম্পূৰ্ণ স্বাভাৱিক, ঠিক প্ৰকৃতিৰ বুকুত লালিত-পালিত হোৱা সৰল মনৰ গাভৰু গৰাকীৰ দৰে। চঞ্চলতা আছে, প্ৰকৃতিৰ এই ৰাংঢালী, মুকলিমূৰীয়া কিন্তু কৃত্ৰিম নহয়। কবিতাটোত প্ৰকৃতিৰ এই ৰূপ লাৱণ্যকে মানৱী ৰূপত কল্পনা কৰা হৈছে।

4. মুকলি চুলিৰে নাম গাই ঘূৰি
চাপৰি টুক্‌ টুক্‌ টুক্‌
ৰূপহীৰ মেল দেৱযোনি খেল
মানুহে নেদেখা মুখ। —প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ সন্নিবিষ্ট চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ‘বনকুঁৱৰী’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

কবিয়ে কবিতাটিত বিভিন্ন চিত্র অতি সযতনে তুলি ধৰিছে আৰু প্ৰকৃতিক তেওঁ মানৱীয় ৰূপত কল্পনা কৰিছে।

বনকুঁৱৰীয়ে যেন প্রকৃতি জগতখনক মূহময়ী কৰি তুলিছে। আচলতে কবিয়ে এগৰাকী মুকলিমূৰীয়া গাভৰুৰ চিত্ৰ অংকন কৰিছে। তেওঁ প্ৰকৃতিৰ মাজত বিচাৰি পাইছে সেই উন্মুক্ত যৌৱন। প্ৰকৃতিৰ এই অনিৰ্বাচনীয় ৰূপ আৰু স্বাধীন সত্বাটোৱে কবিক আকৰ্ষিত কৰিছে। সেয়ে তেওঁ প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে মুকলি চুলিৰে নাম গাই ঘূৰি ফুৰা টুক্‌ টুক্‌ চাপৰি বজোৱা ছোৱালীজনী। প্ৰকৃতিৰ সত্বাৰ এই ভুৱন ভলোৱা ৰূপত তেওঁ বিমোহিত হৈ মিচিকণি হাঁহিৰ এটা সমিধান বিচাৰিছে আৰু তাতেই তেওঁৰ প্ৰাণ আনন্দৰে ভৰপূৰ হৈ পৰিছে।

5. ‘বনকুঁৱৰী’ কবিতাটিৰ প্ৰকৃতিৰ ৰূপৰ বৰ্ণনা কিদৰে কৰিছে নিজৰ ভাষাত লিখা।
উত্তৰঃ বনকুঁৱৰী কবিতাটিত কবিয়ে প্ৰকৃতিৰ বিভিন্ন ৰূপৰ মনোমোহা বৰ্ণনা দিছে আৰু এই বৰ্ণনা দাঙি ধৰিছে এগৰাকী ৰাংঢালী গাভৰুৰ কল্পনাৰ মাজেৰে।

READ MORE  বিয়াৰ প্ৰেজেন্ট | Chapter 9 | Class 11 Assamese (MIL) - AHSEC

প্রকৃতিয়ে যেন নিজম দুপৰীয়া বনৰ মাজত সুহুৰি মাৰিছে, হালি জালি ফুৰিছে। গহীন গছবোৰত যেন বনকুঁৱৰীজনী বতাহত ছাটৰ দৰে। পাতবোৰ কঁপাই যায়। গছবোৰক সাৱটি ধৰি মৰম যাচে। ফুটা ফুটা মাতেৰে তাই মৰমৰ গীত জুৰিছে। গছবোৰে নৈৰ মুখলৈ চাই হাঁহি মাৰি হালি পৰিছে। নৈৰ বুকুতো কুলু কুলু শব্দ যেন বুজিব নোৱাৰা বহুত কথা। গছৰ আগত ময়না চৰাইটিয়ে মাত মাতি নিচুপ হৈ পৰিল; কিন্ত সেই মাত শুনাৰ হেঁপাহ শেষ নহ’ল। আৰু শুনো শুনোঁকৈ মনৰ হেঁপাহ মনতে ৰ’ল। সেই বকুল জোপা দেখি কবিয়ে ভাবিছে যে এইখন নিশ্চয় কাৰোবাৰ তামোল লেটকুৰে ভৰা ঘৰেই আছিল। এতিয়া এৰাবাৰী হ’ল। বাঁহৰ ছাঁত গজা গজালিবোৰ দেখিলে কোনোবা ঘূৰি ফুৰা যেন লাগে। আচলতে বাঁহৰ মাজে মাজে জুৰ মলয়া ছাটিহে ঘূৰি ফুৰিছে। গছৰ পাতবোৰে ইটি সিটি লগ লাগি ফুচফুচাই মেল পাতিছে, মিচিকি মাচাক হাঁহিছে। সুখৰ যেন কোনোবাই সুৰ সুৰাইহে দিছেহি।

কপৌ দুটিয়ে গাত-গা লগাই মুখত মুখ দি আছে, অকণী বুকুৰ মাজতে ইটিয়ে সিটিক সুমুৱাই মৰম যাচিছে। ফুলৰ পাহি যে কোনোবা প্রেত কন্যাই আহি যেন জানৰ কাষত হৰিণা পোৱালিটিক পানী খুৱাইছেহি। ৰ’ লাগি চাই থাকে। কিনো চাইছ বুলি সুধিলে লাজতে গাল ৰঙা পৰি যায়। দেও দি লৰি গৈ সিহঁত মাজ পালেগৈ আৰু বনফুলৰ সাজ পিন্ধি আঁহতৰ তলত নাচিবলৈ ধৰিলে। মুকলি মনেৰে টুক্‌ টুক্‌ চাপৰি বজাই নাম গোৱা দেৱকন্যাহে যেন। খিল খিলাই হাঁহি দিহা দিহি যায়। কোনোবা জনীয়ে ফুল চিঙে। কোনোবা জনীয়ে কপৌৰ বাহলৈ উৰি গৈ চুমা যাচে।

খোপাত বনৰ পখিলা, শ্যামলী শৰীৰত কণফুলৰ বিভিন্ন আভূষণ, শিৰত মৰকত মণিৰে সুশোভিতা হৈ বনকুঁৱৰী ওলাইছে। লগত জলৰ দেৱী নিয়ৰ (নিয়ৰী) নিয়ৰৰ টুপালবোৰ মুকুতা মণিৰ দৰে শোভা কৰিছে। বন-বননিৰ নানান সৌন্দৰ্য আৰু সুন্দৰ সুভাসেৰে পৰিপূৰ্ণ হৈ উঠিছে তাই। তাই যেন জুৰ বতাহছাটি বোৱাই আনিছে। সেই বতাহে উৰি আহিছে কেতেকীৰ সুভাস। কেতেকীৰ গোন্ধত চৌদিশ মলমলাই গৈছে। বতাহে হাঁহি মাৰি মৰমৰ সমিধান বিচাৰিছে। দুয়ো গৰাকী প্ৰকৃতি কুঁৱৰীয়ে মিচিকি হাঁহিৰে তাৰ প্ৰতিদান দিছে আৰু সকলোৰে মনত আনন্দৰ ঢৌ উঠিছে।

কবিতাটোত কবিয়ে অতি সূক্ষ্মভাৱে প্ৰকৃতিৰ বিভিন্ন ৰূপ আৰু বিচিত্র খেলা পর্যবেক্ষণ কৰিছে। প্ৰতিটো ৰং ৰূপৰ মাজতে বিচাৰি পাইছে এক মানৱী সত্বাৰ উপলব্ধি। প্ৰকৃতিৰ মাজত এনে ৰং ৰূপৰ পোহাৰ মেলিছে যেন কোনোবা বনকুঁৱৰীয়ে। সেই বনকুঁৱৰীৰ পৰশত চাৰিওফালে সুন্দৰতা ভৰি পৰিছে। প্ৰকৃতিৰ সৌন্দৰ্য্য, চঞ্চলতা, চপলতা, মুকুলিমূৰীয়া মনটোৰ চিত্ৰকে কবিয়ে অতি নিটোল ৰূপত ফুটাই তুলিছে।

Leave a Comment

error: Content is protected !!
Scroll to Top