বিদায় সভাৰ ভাষণ | বিদায় মিটিঙৰ ভাষণ | School Farewell Speech in Assemese

বিদায় সভাৰ ভাষণ | বিদায় মিটিঙৰ ভাষণ | School Farewell Speech in Assemese

বিদায় সভাৰ ভাষণ | বিদায় মিটিঙৰ ভাষণ | Farewell Speech in Assemeseবিদায় সভাৰ ভাষণ | বিদায়ী ভাষণ | বিদায় মিটিঙৰ ভাষণ | বিদায় সভাৰ ভাষণ ছাত্ৰ-ছাত্ৰীৰ ভাষণ | Farewell Speech Assemese | Class 5 Farewell Speech In Assamese | Class 8 Farewell Speech In Assamese | Class 10 Farewell Speech In Assamese | Class 12 Farewell Speech In Assamese | Class 10 Bidai Speech in Assamese | Bidai Meeting | Bidai Meeting Boktobbo | Bidai Hobhar Bhakhon | School Farewell Speech In Assamese


বিদায় সভাৰ ভাষণ

নমস্কাৰ, আজিৰ এই বিদায় সভাৰ সন্মানীয় সভাপতি মহোদয়, মোৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয়, মোৰ অতিকৈ মৰমৰ ছাৰ বাইদেউ সকল, মোৰ সহপাঠী বন্ধু বান্ধৱী সকল, মোৰ মৰমৰ দাদা-বাইদেউ আৰু ভাইটি-ভন্টি সকল।

পোন প্ৰথমে মই সকলোকে শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জনাইছো লগতে আপোনালোকক ধান্যবাদ জনাইছোঁ মোক দুআষাৰ কোৱাৰ সুযোগ দিয়া বাবে। আজি হ’ল আমাৰ বিদায়ৰ দিন, মনটো বহুত বেয়া লাগিছে। কাৰণ বিদায় মানেই হ’ল কষ্ট, বিদায় মানেই হ’ল যন্ত্রণা৷ আজি বিষাদৰ সুৰে মোৰ মনটো যেন কৰি তুলিছে অত্যন্ত ভাৰাক্ৰান্ত, আজি বৰকৈ মনত পৰিছে সেই দিনটোলৈ, যিদিনা মই প্রথম এই বিদ্যালয়খনলৈ আহিছিলো সিদিনা মনটো ইমান ভাল লগা নাছিল, কিন্তু আজিচোন এইখন বিদ্যালয় ত্যাগ কৰো বুলি মনলৈ আহিলে মোৰ অন্তৰখন একেবাৰে কান্দি উঠে।

বিদায় আচলতে দুই প্ৰকাৰৰ। খন্তেকীয় বিদায় আৰু চিৰ বিদায়। আমি কিন্তু আজি ইয়াত খন্তেকীয় বিদায়হে লব আহিছো৷ আপোনালোকে আমাক ইমান কষ্টৰে শিকাই আজি আমাৰ লক্ষ্যস্থানৰ ফাললৈ যাবলৈ আমাক পথ দেখুৱালে ছাৰ বাইদেউসকল আমি আজি এইখন বিদ্যালয়ৰ পৰা খন্তেকীয় বিদায় লৈ নিজৰ নিজৰ লক্ষ্যস্থানলৈ যাবলৈ ওলাইছো, কিন্তু আগলৈ যাবলৈ ওলোৱা সুখতকৈ দুখ লাগিছে এইবাবেই যে মন গলেও আৰু কেতিয়াও আপোনালোকৰ ক্লাছ কৰিব নোৱাৰিম। আজি বৰকৈ মনত পৰিছে ছাৰ বাইদেউ সকলৰ লগত খেলা ধূলা কৰা, ক্লাছৰ সময়ত দুষ্টালি কৰা, তাৰোপৰি সহপাঠীৰ লগত তথা ভাইটি ভন্টি সকলৰ লগত খেলা ধূলা, পঢ়া-শুনা কৰা আটাইবোৰ মুহূৰ্ত, এই চেগতে মোৰ তথা আমাৰ আদৰণীয় ছাৰ-বাইদেউ সকলোলৈ জনাইছো অলেখ অযুত ধন্যবাদ।

READ MORE  শিল্পী দিৱসৰ ভাষণ | Shilpi Divas Speech in Assamese

জানিয়ে হওঁক বা নাজানিয়ে হওঁক কৰা দোষবোৰৰ পৰা আপোনালোকৰ পৰা গালি খাব নোৱাৰিম, শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল প্ৰকৃততে আপোনালোকে আমাৰ বাবে যিখিনি কৰিছে সেইখিনি সদায়ে অতুলনীয়। কিয়নো আপোনালোকৰ এইখিনি কাৰ্য্যৰ দ্বাৰাই ভবিষ্যতত আমি আমাৰ নিজৰ চিনাকি দিবলৈ পাৰিম। আপোনালোকে আমাক শিকাইছে সত্য কি? অসত্য কি? ভাল কি? বেয়া কি? এই সকলোবোৰ কথা জানিব পাৰিছো একমাত্ৰ আপোনালোকৰ বাবে। এতিয়া আমাৰ প্ৰত্যেকজনৰ ভবিষ্যতৰ যিকোনো সিদ্ধান্ত লোৱাৰ বাবে আমাৰ অতি সহজ হৈ পৰিব, আপোনালোকে আমাক কেৱল কিতাপৰ কথায়ে শিকোৱা নাই। কিতাপৰ শিক্ষাৰ উপৰিও আমাক আপোনালোকে দিছে জ্ঞান লগতে শিকাইছে সামাজিক দায়বদ্ধতা। এজন নাগৰিক হিচাপে আমাৰ যি দায়িত্ব আৰু কৰ্তব্য সেই সকলোবোৰ জানিব পাৰিছো একমাত্ৰ আপোনালোকৰ বাবে।

মোৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল মই আপোনালোকক ধন্যবাদ জনাই আপোনালোৰ এই কষ্ট আৰু ত্যাগৰ মূল্য দিব বিচৰা নাই। সদায় চিৰস্মৰণীয় হৈ থাকিব এই বিদ্যালয়ৰ আটাইবোৰ মুহূৰ্ত আৰু আপোনালোকৰ লগত কটোৱা আটাইবোৰ স্মৃতি, কিজানি আজিৰ পৰা আৰু আপোনালোকক আগৰ দৰে লগ নাপাম। কিন্তু ছাৰ-বাইদেউসকল আপোনালোকে আমাক দিয়া জ্ঞানৰ জৰিয়তে আমি সদায়ে আপোনালোকক অনুভৱ কৰিম। লগতে, ছাৰ-বাইদেউসকল আমি আজি আপোনালোকৰ ওচৰত প্ৰতিজ্ঞা কৰিছো যে আমাৰ জীৱনত কিবা কৰিব পাৰিম নে নোৱাৰিম বা আমাৰ জীৱনত সফলতা আহক বা নাহক আমি কেতিয়াও এনেকুৱা কাম নকৰো যাৰ ফলত আপোনালোকৰ সন্মান লাঘব হ’ব পাৰে।

মোৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল এই চেগতে মই আপোনালোকক এটা সৰু অনুৰোধ কৰিব ওলাইছো। হয়টো, কিছুদিন পিছত আমাৰ এই স্থান কোনোবা বেলেগ ছাত্র-ছাত্রী আহি পৰিপূৰ্ণ কৰিব কিন্তু আপোনালোকে আমাক অনুৰোধ কৰি কৈছো পাহৰি নাযাব। সদায়ে আপোনালোকৰ ছাত্ৰ বুলি ভাবি আমাক আমাৰ লক্ষ্যপথ দেখুৱাই থাকিব। আপোনালোকক এৰি, মোৰ এই মৰমৰ বিদ্যালয় খনক এৰি থকাতো হয়তো মোৰ পধ্যে মুঠেই সম্ভৱপৰ নহয়, যদিও ভবিষ্যত এজন সুনাগৰিক হোৱাৰ স্বাৰ্থত আপোনালোকৰ যাতে সমাজত নাম উজ্জ্বলাই তুলিব পাৰো সেই লক্ষ্য আগত ৰাখি আজি যাবলৈ ওলাইছো এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ।

READ MORE  লাচিত দিৱসৰ ভাষণ | Lachit Divas Speech in Assamese

জীৱনত থমকি ৰোৱাটো কেতিয়াও জীৱনে আমাক নিশিকাই, জীৱন নদীৰ দৰে অবিৰতভাৱে বৈ থাকে সেয়েহে এই চেগতে মই আজি আপোনালোকক কথা দিছো যে জীৱন যুদ্ধত যিমান বাধা আহিলেও মই থমকি নৰওঁ। লগতে ভবিষ্যতত একো একোজন সু নাগৰিক হৈ আপোনালোকে কৰা এই কষ্ট আৰু ত্যাগৰ মান ৰাখিবলৈ চেষ্টা কৰিম।

সদৌ শেষত আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আপোনালোকৰ আশীৰ্বাদ লৈ আজি এই মোৰ চমু বক্তব্য সমাপ্ত কৰিবলৈ ওলাইছোঁ লগতে ঈশ্বৰ আল্লাহ ভগৱানৰ ওচৰত আটাইৰে সুস্থতা আৰু দীর্ঘায়ু কামনা কৰি মোৰ মোৰ চমু বক্তব্য ইমানতে সামৰিলোঁ। ধন্যবাদ।

Leave a Comment

error: Content is protected !!
Scroll to Top