আহোম যুগৰ এক ধৰ্মীয় সামাজিক উৎসৱ হ’ল মে-ডাম-মে-ফি (Me-Dam-Me-Phi)। এই উৎসৱ টাই আহোম সকলে উদযাপন কৰা পূৰ্ব পুৰুষৰ পূজা।মে-ডাম-মে-ফি (Me-Dam-Me-Phi)ৰ অৰ্থ হ’ল ‘মে’ মানে প্রার্থনা, ‘ডাম’ মানে মৃতক আৰু ‘ফি’ মানে দেৱতা।
এই পুজাৰ জৰিয়তে উপৰি পুৰুষৰ হৈ অশাৰীৰিক যোগসুত্ৰ স্থাপন কৰি নিজৰ লগতে সমাজ তথা দেশৰ মঙলৰ বাবে আশীৰ্বাদ বিচৰা হয়। টাই আহোম সকলে বিশ্বাস কৰে যে, পূৰ্বপুৰুষৰ মৃত্যুৰ পিছত দেৱতাৰ ৰূপত সাতখন স্বৰ্গৰ কোনোবা এখনত বাস কৰে আৰু পৃথিৱীত ৰৈ যোৱা তেওঁলোকৰ পো-নাতি, পৰিনাতি, জীয়ৰী -বোৱাৰী সকলোৰে অভিভাৱকত্ব গ্ৰহণ কৰে।
টাই আহোম সকলে পুনৰ জন্মৰ কথা বিশ্বাস নকৰে। তেওঁ লোকৰ মৃতকৰ আত্মাই মাথোন কিছুদিনৰ বাবেহে ভ্ৰমি ফুৰিবলগীয়া হয়। উত্তৰ পুৰুষৰ পৰা পূজা পোৱাৰ পিছতেই তেওঁ দেৱতাৰ শাৰীলৈ উন্নীত হয়। ইয়াৰ উপৰিও ঘৰত বিয়া-বাৰু, নৌ খাওতে, বিহু আদি উৎসৱত টাই আহোম সকলে পূর্ব পুৰুষ সকলক সুৱৰি তেওঁলোকক পুজা কৰে। এনে পুজাক মৃতকক দিয়া পূজা বুলি কোৱা হয়। এনে মৃতকলৈ আগবঢ়োৱা পূজাত মাছ, মাংস, ৰন্ধা ভাত, পায়স, মিঠাই আৰু সাঁজ উসৰ্গা কৰা হয়। আহোম সকলে মৃতকৰ পূৰ্ব পুৰুষ সকলৰ পৰা আশীৰ্বাদ বিচাৰে।
অন্যান্য উৎসৱৰ দৰে “মে-ডাম-মে-ফি” (Me-Dam-Me-Phi) পালনৰ বাবে টাই ভাষাত খয়েক-লাই বুলি এখন পূজা বিধি থকা বুলি জনা যায়। এই পুজা বিধিখন অসমলৈ পোন প্রথমে আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম’-মুন্-ম’-মাই দেওধায়ে।
প্ৰতি বছৰৰ জানুৱাৰী মাহৰ ৩১ তাৰিখে এই উৎসৱ পালন কৰা হয়। এই উৎসৱৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী ‘হ-ফি’ সাজে আৰু ইয়াত আঠখন শৰাই পাতি তেওঁ লোকৰ আদি লেংডন দেৱতা প্ৰমূখ্য আঠজন ‘ফীক’ উপাসনা কৰে। তেওঁলোকে নিৰাকাৰ ভগৱানক প্রার্থনা জনোৱাৰ উপৰিও ঙি ডামখামং (ড্ৰাগন) অংকিত পতাকা উত্তোলন কৰি সমূহীয়াকৈ ভোজ দিয়া হয়।
এই উৎসৱ অসমত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল তিপামৰ বুঢ়াডাঙৰীয়াৰ থানত। আহোম সকলৰ প্ৰধান উপাস্য দেৱতা হ’ল লেংডন। তেখেতৰ দুই নাতি খুনলুং আৰু খুনলাইয়ে পৃথিৱীলৈ সোণৰ জখলাৰে নামি আহিছিল পৃথিৱীত ৰাজ্য স্থাপন কৰিবলৈ। আহোতে জ্ঞানৰ দেৱী জাচিংফাই তেওঁলোকক পৰামৰ্শ দি কৈছিল, পৃথিৱীত মুংকাং ৰাজ্যত থাকি সদায় উপৰি পুৰুষক পূজা অৰ্চনা কৰিবা, তেতিয়াহে দেশৰ শান্তি হ’ব, প্ৰগতি হ’ব, উন্নতি হ’ব আৰু সকলোৱে মিলিজুলি বাস কৰিব পাৰিবা। তেতিয়াৰে পৰা মে ডাম মে ফি (Me-Dam-Me-Phi)পালন কৰা হৈছে।