বিদায় সভাৰ ভাষণ | বিদায় মিটিঙৰ ভাষণ | Farewell Speech

বিদ্যালয়ৰ বিদায় সভাৰ ভাষণ | Farewell Speech In Assamese

বিদায় সভাৰ ভাষণ | বিদায় মিটিঙৰ ভাষণ | Farewell Speech in Assemese | বিদায় সভাৰ ভাষণ | বিদায়ী ভাষণ | বিদায় মিটিঙৰ ভাষণ | বিদায় সভাৰ ভাষণ ছাত্ৰ-ছাত্ৰীৰ ভাষণ | Farewell Speech Assemese | Class 5 Farewell Speech In Assamese | Class 8 Farewell Speech In Assamese | Class 10 Farewell Speech In Assamese | Class 12 Farewell Speech In Assamese | Class 10 Bidai Speech in Assamese | Bidai Meeting | Bidai Meeting Boktobbo | Bidai Hobhar Bhakhon | School Farewell Speech In Assamese | Biday Sovar Vason


বিদায় সভাৰ ভাষণ

নমস্কাৰ, পৰম শ্ৰদ্ধাৰ আজিৰ এই সভাৰ সভাপতিত্বৰ আসন অলংকৃত কৰা মোৰ শ্ৰদ্ধাৰ সন্মানীয় সভাপতি তথা আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় ডাঙৰীয়া। লগতে এই মঞ্চ শুৱনি কৰা মোৰ শ্ৰদ্ধাৰ সন্মানীয় ছাৰ-বাইদেউ সকল। লগতে আজিৰ এই সভাত উপস্থিত মোৰ বন্ধু-বান্ধৱী তথা মোৰ মৰমৰ ভাইটি ভন্টি সকল। 

পোন প্রথমে মই সকলোকে শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জনাইছো আজিৰ এই সভাখনৰ বাবে। আজি আমাৰ বিদায়ৰ দিন, মনটো বহুত বেয়া লাগিছে। কাৰণ বিদায় মানেই হ’ল কষ্ট, বিদায় মানেই হ’ল যন্ত্রণা। আজি বিষাদৰ সুৰে মোৰ মনটো যেন কৰি তুলিছে অত্যন্ত ভাৰাক্ৰান্ত, আজি বৰকৈ মনত পৰিছে সেই দিনটোলৈ, যিদিনা মই প্রথম এই বিদ্যালয়খনলৈ আহিছিলো সিদিনা মনটো ইমান ভাল লগা নাছিল, কিন্তু আজিচোন এইখন বিদ্যালয় ত্যাগ কৰো বুলি মনলৈ আহিলে মনৰ ভিতৰত অশ্ৰু নিগৰিব খোজে। 

বিদায় আচলতে দুই প্ৰকাৰৰ। খন্তেকীয় বিদায় আৰু চিৰ বিদায়। আমি কিন্তু আজি ইয়াত খন্তেকীয় বিদায়হে ল’ব আহিছো। আপোনালোকে আমাক ইমান কষ্টৰে শিকাই আজি আমাৰ লক্ষ্যস্থানৰ ফাললৈ যাবলৈ আমাক পথ দেখুৱালে ছাৰ-বাইদেউসকল। আমি আজি এইখন বিদ্যালয়ৰ পৰা খন্তেকীয় বিদায় লৈ নিজৰ নিজৰ লক্ষ্যস্থানলৈ যাবলৈ ওলাইছো, কিন্তু আগলৈ যাবলৈ ওলোৱা সুখতকৈ দুখ লাগিছে এইবাবেই যে মন গলেও আৰু কেতিয়াও আপোনালোকৰ ক্লাছ কৰিব নোৱাৰিম। আজি বৰকৈ মনত পৰিছে ছাৰ-বাইদেউ সকলৰ লগত খেলা ধূলা কৰা, ক্লাছৰ সময়ত দুষ্টালি কৰা, তাৰোপৰি সহপাঠী লগত তথা ভাইটি ভন্টি সকলৰ লগত খেলা ধূলা, পঢ়া-শুনা কৰা আটাইবোৰ মুহূর্ত, এই চেগতে মোৰ তথা আমাৰ আদৰণীয় ছাৰ-বাইদেউ সকলোলৈ জনাইছো অলেখ অযুত ধন্যবাদ। 

READ MORE  বিদায় সভাৰ ভাষণ | বিদায় মিটিঙৰ ভাষণ | Farewell Speech in Assemese

জানিয়ে হওঁক বা নাজানিয়ে হওঁক কৰা দোষবোৰ পৰা আপোনালোকৰ পৰা গালি খাব নোৱাৰিম, শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল প্রকৃততে আপোনালোকে আমাৰ বাবে যিখিনি কৰিছে সেইখিনি সদায়ে অতুলনীয়। কিয়নো আপোনালোকৰ এইখিনি কাৰ্য্যৰ দ্বাৰাই ভবিষ্যত আমি আমাৰ নিজৰ চিনাকি দিবলৈ পাৰিম। আপোনালোকে আমাক শিকাইছে সত্য কি? অসত্য কি? ভাল কি? বেয়া কি? এই সকলোবোৰ কথা জানিব পাৰিছো একমাত্ৰ আপোনালোকৰ বাবে। এতিয়া আমাৰ প্ৰত্যেকজনৰে ভবিষ্যতৰ যিকোনো সিদ্ধান্ত লোৱাৰ বাবে আমাৰ অতি সহজ হৈ পৰিব, আপোনালোকে আমাক কেল কিতাপৰ কথায়ে শিকোৱা নাই। কিতাপৰ শিক্ষাৰ উপৰিও আমাক আপোনালোকে দিছে জ্ঞান লগতে শিকাইছে সামাজিক দায়বদ্ধতা। এজন নাগৰিক হিচাপে আমাৰ যি দায়িত্ব আৰু কৰ্তব্য সেই সকলোবোৰ জানিব পাৰিছো একমাত্র আপোনালোকৰ বাবে।

মোৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল মই আপোনালোকক ধন্যবাদ জনাই আপোনালোৰ এই কষ্ট আৰু ত্যাগৰ মূল্য দিব বিচৰা নাই। সদায় চিৰস্মৰণীয় হৈ থাকিব এই বিদ্যালয়ৰ আটাইবোৰ মুহূৰ্ত আৰু আপোনালোকৰ লগত কটোৱা আটাইবোৰ স্মৃতি, কিজানি আজিৰ পৰা আৰু আপোনালোকক আগৰ দৰে লগ নাপাম। কিন্তু ছাৰ-বাইদেউসকল আপোনালোকে আমাক দিয়া জ্ঞানৰ জৰিয়তে আমি সদায়ে আপোনালোকক অনুভৱ কৰিম। লগতে, ছাৰ-বাইদেউসকল আমি আজি আপোনালোকক প্ৰমিছ কৰিছো যে আমাৰ জীৱনত কিবা কৰিব পাৰিম নে নোৱাৰিম বা আমাৰ জীৱনত সফলতা আহক বা নাহক আমি কেতিয়াও এনেকুৱা কাম নকৰো যাৰ ফলত আপোনালোকৰ সন্মান লাঘব হ’ব পাৰে। আপোনালোকৰ মনলৈ কেতিয়াও এইটো অনুভৱ হ’বলৈ নিদিওযে মই যি শিকালো আজি সকলোবোৰ অথলে গল।

মোৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল এই চেগতে ম‍ই আপোনালোকক এটা সৰু অনুৰোধ কৰিব ওলাইছো হয়টো, কিছুদিন পিছত আমাৰ এই স্থান কোনোবা বেলেগ ছাত্র ছাত্রী আহি পৰিপূৰ্ণ কৰিব কিন্তু, আপোনালোকে আমাক অনুৰোধ কৰি কৈছো পাহৰি নাযাব। সদায়ে আপোনালোকৰ ছাত্ৰ বুলি ভাবি আমাক আমাৰ লক্ষ্যপথ দেখুৱাই থাকিব। আপোনালোকক এৰি মোৰ এই মৰমৰ বিদ্যালয় খনক এৰি থকাতো হয়তো মোৰ পধ্যেই মুঠেই সম্ভৱপৰ নহয়, যদিও ভবিষ্যতত এজন সুনাগৰিক হোৱাৰ স্বাৰ্থত আপোনালোকৰ যাতে সমাজত নাম উজ্জ্বলাই তুলিব পাৰো সেই লক্ষ্য আগত ৰাখি আজি যাবলৈ ওলাইছো এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ।

READ MORE  লাচিত দিৱসৰ ভাষণ | Lachit Divas Speech in Assamese

জীৱনত থমকি ৰোৱাটো কেতিয়াও জীৱনে আমাক নিশিকাই। জীৱন নদীৰ দৰে অবিৰতভাৱে বৈ থাকে সেয়েহে এই চেগতে মই আজি আপোনালোকক কথা দিছো যে জীৱন যুদ্ধত যিমান বাধা আহিলেও মই থমকি নৰওঁ। লগতে ভবিষ্যত একো একোজন সুনাগৰিক হৈ আপোনালোকে কৰা এই কষ্ট আৰু ত্যাগৰ মান ৰাখিবলৈ চেষ্টা কৰিম। সদৌ শেষত আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আপোনালোকৰ আশীৰ্বাদ লৈ আজি এই মোৰ চমু বক্তব্য সমাপ্ত কৰিব ওলাইছো। লগতে ভগৱানৰ ওচৰত আপোনালোক আটাইৰে সুস্থতা আৰু দীর্ঘায়ু কামনা কৰি আজিৰ এই ভাষণ সামৰণি কৰিছো। ধন্যবাদ।

Leave a Comment

error: Content is protected !!
Scroll to Top