শিশু দিৱসৰ ভাষণ | Children Day Speech in Assamese

শিশু দিৱসৰ ভাষণ | Children Day Speech in Assamese

শিশু দিৱসৰ ভাষণ | শিশু দিৱস উপলক্ষে ভাষণ | জৱাহৰলাল নেহৰুৰ ভাষণ | Children Day Speech In Assamese | Sishu Dibas Bhasan | Sishu Divas Speech in Assamese 


শিশু দিৱসৰ ভাষণ

নমস্কাৰ, শিশু দিৱস উপলক্ষে উদযাপন কৰা এই সভাৰ সম্মানীয় সভাপতি মহোদয়, প্ৰধান শিক্ষক মহোদয়, মঞ্চত উপস্থিত শ্ৰদ্ধাৰ শিক্ষক-শিক্ষয়িত্ৰী সকল, আমন্ত্ৰিত অতিথিসকল আৰু মোৰ মৰমৰ কণ কণ ছাত্ৰ-ছাত্ৰী আৰু সহপাঠী সকল। আজি মই শিশু দিৱসৰ বিষয়ে দুআসাৰ ক’বলৈ ওলাইছো যদি ভূল হয় ক্ষমা কৰি দিব।

পোন প্ৰথমে সকলোকে শিশু দিৱসৰ শুভেচ্ছা স্থাপন কৰিছো। শিশু দিৱসৰ দিনা মোক দুআষাৰ ক’বলৈ দিয়া বাবে সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছো।

শিশু দিৱস হ’ল প্ৰতি গৰাকী শিশুৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন। ভাৰতবৰ্ষত প্ৰতিবছৰে ১৪ নৱেম্বৰ দিনটো “শিশু দিৱস” হিচাপে পালন কৰা হয়। ১৮৮৯ চনৰ ১৪ নৱেম্বৰত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। এই মহান ব্যক্তি গৰাকীৰ জন্মস্থান উত্তৰ প্ৰদেশৰ এলাহাবাদত। তেওঁৰ পিতৃ মতিলাল নেহৰু আৰু মাতৃ স্বৰূপ ৰাণী।

তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি এই “শিশু দিৱস” পালন কৰা হয়। তেখেতে মহাত্মা গান্ধীৰ লগত স্বাধীনত আন্দোলনত ওতোঃপ্ৰত ভাবে জড়িত আছিল।

নেহেৰু খুড়া শিশুসকলক বৰ মৰম কৰিছিল। আজৰি থকা বেছিভাগ সময় তেওঁ শিশুসকলৰ লগত কটাইছিল। শিশুসকলৰ মাজত তেওঁ নেহেৰু খুড়া হিচাপে পৰিচিত আছিল। তেওঁৰ শিশুৰ প্ৰতি মৰম দেখিয়েই তেওঁৰ জন্ম দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়।

তেখেতে শিশুৰ শিক্ষা, শিক্ষাৰ লগত জড়িত আন আন অধিকাৰৰ ওপৰত গুৰুত্ব দিছিল। তেখেতৰ মতে শিশু সকল হ’ল বাগিছাৰ ফুলৰ নিচিনা। সিহঁত হল দেশৰ ভবিষৎ নাগৰিক। গতিকে সিহঁতক অতি মৰমেৰে যত্ন কবিৰ লাগিব। 1964 চনৰ 27 মে তাৰিখে এই মহান ব্যক্তি গৰাকীৰ মৃত্যু হয়। এইখিনি কৈয়ে মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।।

READ MORE  বিদায় সভাৰ ভাষণ | বিদায় মিটিঙৰ ভাষণ | School Farewell Speech in Assemese

Leave a Comment

error: Content is protected !!
Scroll to Top