পৰিচালনাৰ নীতি | Chapter 2 | Class 12 Business Studies Question and Answer | Assam Class 12 Business Studies Solutions Assamese Medium | AHSEC Class 12 HS Business Studies Chapter 2 Notes Assamese Medium | SEBA Class 12 HS Business Studies Chapter 2 Question and Answer Assamese Medium | Questions and Answers for Class 12 Business Studies Chapter 2 পৰিচালনাৰ নীতি | HS 2nd Year Commerce Business Studies Questions and Answers Assam


পৰিচালনাৰ নীতি
Principles of Management

Very Short Type Questions and Answers (Marks : 1)

1. বৈজ্ঞানিক পৰিচালনাৰ কোনটো পদ্ধতিয়ে আঠজনকৈ বিশেষজ্ঞ কাৰ্য্যকাৰক নিযুক্ত কৰাৰ কথা সূচায়?
উত্তৰঃ প্রধান কার্যকাৰকৰ ক্রিয়াত্মক কার্য্য।

2. এজন সাধাৰণ কৰ্মচাৰীক যদি দুজন বা ততােধিক উপৰোক্ত বিষয়াৰ পৰা নির্দেশ গ্রহণ কৰিব দিয়া হয়, তেন্তে পৰিচালনাৰ কোনটো নীতি উলংঘা কৰা হ’ব?
উত্তৰঃ আদেশৰ একতা।

3. পৰিচালনাৰ কাৰ্য আৰু নীতি কোনে প্রবর্তন কৰিছিল?
উত্তৰঃ হেনৰী ফেয়ল আৰু এফ ডব্লিউ টেইলৰে।

4. ক্লান্তি অধ্যয়নৰ মুখ্য উদ্দেশ্য কি?
উত্তৰঃ ক্লান্তি অধ্যয়নৰ মূখ্য উদ্দেশ্য হ’ল বনুৱাসকলৰ অৱসাদ দূৰ কৰা আৰু দক্ষতাবঢ়োৱা।

5. বনুৱা আৰু পৰিচালকসকলৰ মাজত সুস্থ বাতাবৰণৰ বাবে কি দৰকাৰী?
উত্তৰঃ বনুৱা আৰু পৰিচালকৰ মাজত সুস্থ বাতাবৰণৰ বাবে মানসিক বিকাশৰ দৰকাৰ।

6. বৈজ্ঞানিক পৰিচালনাৰ কোনটো কৌশলে আঠজন পৰিদৰ্শকৰ কথা কয়?
উত্তৰঃ কাৰ্যকৰকৰ সূচনা।

7. কোনটো নীতিয়ে কয় ‘এটা পৰিকল্পনা, এটাই দলপতি ’ আৰু এটা মূৰ, এটাই পৰিকল্পনা ’?
উত্তৰঃ নির্দেশৰ একতা।

8. কোনটো উপায়ে একে স্তৰত কাম কৰা কৰ্মচাৰীসকলক মত বিনিময় কৰাত সহায় কৰে।
উত্তৰঃ গাংক প্লাংস্ক।

9. ফেয়লে কিয় ‘গেংক – প্লাংক’ নামৰ ধাৰণাটোৰ কথা কৈছিল?
উত্তৰঃ ফেয়লে গেংক প্লেংক নামৰ ধাৰ&##2467;াটোৰ দ্বাৰা দুটা বেলেগ বেলেগ বিভাগৰ উপৰুৱা আৰু তলতীয়া কৰ্মচাৰীসকলৰ মাজত যােগাযােগ উন্নত কৰাৰ সপক্ষে মতপােষণ কৰিছিল।

10. কোনে ‘ভিন্ন হাৰত মজুৰি প্রদান’ প্রক্রিয়া আৰম্ভ কৰিছিল?
উত্তৰঃ এফ্ ডব্লিউ টেইলৰ।

11. পৰিচালনাৰ নীতিসমূহ নমনীয় বুলি কিয় কোৱা হয়?
উত্তৰঃ পৰিচালনাৰ নীতিবােৰ সহজেই সলনি কৰিব পাৰি বাবে ইয়াক নমনীয় বুলি কোৱা।

12. বৈজ্ঞানিক পৰিচালনাৰ পিতৃ বুলি কাক কোৱা হয়?
উত্তৰঃ বৈজ্ঞানিক পৰিচালনাৰ পিতৃ বুলি এফ ডবলিউ টেইলৰক জনা যায়।

13. পৰিচালনাৰ নীতিবােৰ সার্বজনীন বুলি কোৱা হয় কিয়?
উত্তৰঃ পৰিচালনাৰ নীতিবােৰ সার্বজনীন কিয়নাে ইয়াক বিভিন্ন ধৰণৰ সংগঠনত বিভিন্ন ধৰণে নিয়ােগ কৰিব পাৰি।

READ MORE  উপভােক্তা সুৰক্ষা | Chapter 11 | Class 12 Business Studies - AHSEC

14. কাক প্রশাসনিক পৰিচালনা তত্বৰ পিতৃ বুলি জনা যায়?
উত্তৰঃ হেনৰী ফেয়ল।

15. বৈজ্ঞানিক পৰিচালনাৰ কোনটো নীতিয়ে কোনাে এটা কাম সমাধা কৰাৰ সর্বোত্তৰ পদ্ধতিটোৰ কথা কয়?
উত্তৰঃ বিজ্ঞানসন্মত কর্ম নিৰ্দ্ধাৰণ।

16. হেনৰী ফেয়লে লিখা কিতাপখনৰ নাম কি?
উত্তৰঃ জেনেৰেল এণ্ড ইণ্ডাষ্ট্রিয়েল মেনেজমেন্ট।

17. পৰিচালনাৰ কোনটো নীতিয়ে দলীয় উদ্দমৰ কথা কয়?
উত্তৰঃ উমৈহতীয়া শক্তি।

18. ‘গগংক – প্লাংক ’ ধাৰণাটো কোনে আৰম্ভ কৰিছিল?
উত্তৰঃ হেনৰী ফেয়লে।

19. “ দ্য প্রিন্সিপলচ এণ্ড মেথডটছ অব ছাইন্টিফিক মেনেজমেন্ট ” নামৰ কিতাপখন কোনে লিখিছে?
উত্তৰঃ এফ্ ডব্লিউ টেইলৰে।

Short Type Questions and Answers (Marks : 2/3)

1. বৈজ্ঞানিক পৰিচালনা কি?
উত্তৰঃ বৈজ্ঞানিক পৰিচালনা মানে হ’ল প্রণালীৱদ্ধ পৰ্য্যৱেক্ষন, বিশ্লেষণাত্মক আৰু উদ্দেশ্যধর্মী দৃষ্টিভংগী তথা নতুন নতুন প্ৰথাৰ প্ৰৱর্তনেৰে কার্য সম্পাদন কৰােৱা। অর্থাৎ সর্বনিম্ন ব্যয়ত সর্বাধিক উৎপাদন কৰিবলৈ সর্বোত্তম উপায়েৰে কার্য সম্পাদন কৰাই হৈছে বিজ্ঞান সন্মত পৰিচালনা। বৈজ্ঞানিক পৰিচালনাৰ জনক এফ.ডব্লিউ . টেইলৰ মতে বৈজ্ঞানিক পৰিচালনা মতে শ্রমিকে যি কার্য কৰিব লাগে তাক সঠিক ভাবে জনাৰ আৰু তেওঁলােকে সর্বোত্তম আৰু সর্বাধিক মিতব্যয়িতাৰে সম্পাদন কৰাৰ লক্ষ্য ৰখা।

2. ‘গেংক প্লাংক’ ৰ ধাৰণাটো বর্ণনা কৰা।
উত্তৰঃ শৃংখলাত থকা দুটা কর্তৃপক্ষৰ মাজত কোনাে খৰতকীয়া বা ব্যৱসায়িক প্রশাসনিক গােপনীয়তা ৰক্ষাৰ বাবে উদ্দেশ্য শৃংখলটো ভংগ কৰি দুয়ােপক্ষই প্রত্যক্ষ যােগাযােগ কৰিব পাৰে আৰু ইয়াক গাংক প্লাংক বুলি কোৱা হয়।

3. পৰিচালনাৰ নীতি বুলিলে কি বুজা?
উত্তৰঃ নীতিক মৌলিক সত্যৰ বিবৃতি হিচাপে সংজ্ঞা দিয়া হয়, য’ত সত্য দুটা বা তাতোধিক চলক বা ঘটনাৰ মাজত কাৰণ আৰু ফলাফলৰ সম্পর্কেৰে প্রতিষ্ঠা কৰা হয়। পৰিচালনাৰ নীতিৰ ধাৰণাৰ প্ৰসংগত নীতিক দুটা চলক বা ঘটনাৰ মাজত কাৰণ আৰু ফলাফলৰ সম্পর্ক প্রতিষ্ঠা কৰা এক মৌলিক সত্যৰ বিবৃতি হিচাপে সংজ্ঞা দিয়া হয়।

4. ‘কাৰ্যৰ অধ্যয়ন’ আৰু ‘গতিৰঅধ্যয়ন’ কি বুজাই লিখা।
উত্তৰঃ কাৰ্যৰ অধ্যয়ন :- কার্যৰ অধ্যয়ন হ’ল বিজ্ঞানসন্মত পদ্ধতিৰে কোনাে এক কাৰ্যৰ সঠিক অধ্যয়ন। ইয়াৰ দ্বাৰা উক্ত কাৰ্যটো কিমান সঠিকভাবে কম সময়ত সুচাৰুৰূপে কৰিব পৰা হয় তাক অধ্যয়ন কৰা যায়।

গতিৰ অধ্যয়নঃ ইয়াৰ দ্বাৰা কোনাে এক কার্য কিমান সময়ত সম্পাদিত হৈছে তাৰ অধ্যয়ন কৰা হয়। এটা সম্পূর্ণ কাৰ্যৰ বিভিন্ন ভাগবােৰৰ গতিৰ অধ্যয়ন কৰা হয়।

5. বৈজ্ঞানিক পৰিচালনাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ বৈজ্ঞানিক পৰিচালনাৰ বৈশিষ্ট্যবােৰ হ’ল—
(ক) বৈজ্ঞানিক পদ্ধতিৰ সহায়ত প্রত্যেকজন শ্রমিকৰ উপযুক্ত দিনতীয়া কার্য নির্ধাৰণ।
(খ) শ্ৰমিকৰ বৈজ্ঞানিক বাচনি আৰু প্রশিক্ষণ।
(গ) কার্যৰ কার্যকাৰকৰ সূচনা।

READ MORE  পৰিচালনাৰ নীতি আৰু কার্য | Chapter 1 | Class 12 Business Studies - AHSEC

6. বৈজ্ঞানিক পৰিচালনাৰ তিনিটা অসুবিধাৰ বিষয়ে লিখা।
উত্তৰঃ বৈজ্ঞানিক পৰিচালনাৰ তিনিটা অসুবিধা হ’ল—
(ক) মানৱীয় শ্রমিক আঁতৰাই যান্ত্রিক উপায় অবলম্বনে নিবনুৱাৰ সৃষ্টি কৰে।

(খ) বৈজ্ঞানিক পদ্ধতিয়ে শ্রমিকৰ আগভাগ গ্রহণ, চিন্তন কার্য – নাশ কৰি শ্ৰমিকক যন্ত্রৰ শাৰীলৈ নমাই দিয়ে।

(গ) বৈজ্ঞানিক পৰিচালনাৰ উৎপাদিকা বৃদ্ধিৰ তুলনাত শ্রমিক মজুৰি বা আন প্ৰকাৰে সমানুপাতিক কৰা নহয়।

Long Type Questions and Answers (Marks : 3/4)

1. বৈজ্ঞানিক পৰিচালনাৰ তিনিটা সুবিধাৰ বিষয়ে লিখা।
উত্তৰঃ বৈজ্ঞানিক পৰিচালনাৰ তিনিটা সুবিধা হ’ল—
(ক) উৎপাদনৰ সামগ্রিক বৃদ্ধি :- বৈজ্ঞানিক পৰিচালনাত বিজ্ঞানসন্মত শ্রমিক বাছনি আৰু প্রশিক্ষণ, মানবিশিষ্ট কেঁচা সামগ্ৰী আৰু উন্নত মানৰ যন্ত্ৰৰ ব্যৱহাৰ হােৱাত সামগ্রিক ভাবে উৎপাদন বৃদ্ধি হয়।

(খ) উচ্চ লাভ :- বৈজ্ঞানিক পৰিচালনাত শ্রমিক কর্মচাৰী পৰিচালনাত প্রণালীবদ্ধ পদ্ধতি অৱলম্বন কৰা হয়। শ্রমিক বাছনি, কেঁচা সামগ্রী আদিত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা হেতুকে উৎপাদন ব্যয় হ্রাস হয়, ফলত লাভ উচ্চ হয়।

(গ) কর্মসন্তুষ্টি :- মানবিশিষ্ট কর্ম পৰিৱেশ সৃষ্টিৰে শ্ৰমিক সকললৈ কর্ম সন্তুষ্টি আনি অনুপ্রণিত কৰাত বৈজ্ঞানিক পৰিচালনাৰ গুৰুত্বপূর্ণ ভূমিকা আছে। কিয়নাে ইয়ে শ্রমিকক যথেষ্ট সুখী কৰা দেখা যায়।

2. পৰিচালনাৰ নীতিৰ তিনিটা গুৰুত্ব আলােচনা কৰা।
উত্তৰঃ পৰিচালনাৰ নীতিসমূহৰ গুৰুত্ব হ’ল—
(ক) ব্যৱস্থাপকসকললৈ বাস্তৱসন্মত অদৃষ্টি প্রদান :- ব্যৱস্থাপনাৰ নীতিবােৰে পৰিচালকসকলক বাস্তৱ জগতৰ পৰিস্থিতিৰ অন্তদৃষ্টি প্রদান কৰে। এই নীতিবােৰ মানি চলিলে ব্যৱস্থাপনাৰ স্থিতি আৰু পৰিৱেশ সম্পর্কে জ্ঞান, সামর্থ্য আৰু বুজাবুজি বৃদ্ধি হয়। অর্থাৎ ব্যৱস্থাপনাৰ নীতিসমূহে পৰিচালনীয় দক্ষতা বৃদ্ধি কৰে।

(খ) সম্পদৰ প্ৰকাম্য প্রয়ােগ আৰু ফলদায়ক প্রশাসন :- ব্যৱসায়ৰ সম্পদসমূহ এনেদৰে ব্যৱহাৰ হ’ব লাগে য’ত ন্যূনতম ব্যয়ত সর্বাধিক উপকাৰ পােৱা যায়। নীতিসমূহে পৰিচালকসকলক তেওঁলােক সিদ্ধান্ত আৰু কৰ্মৰ কাৰণে আৰু ফলাফল সম্পর্ক আগতীয়াকৈ জানিবলৈ সমর্থন কৰে। গতিকে অভ্যাস আৰু ভূলৰ লগত সম্পটিত অপচয় আঁতৰাব পাৰি। পৰিচালনাৰ নীতিবােৰে পৰিচালনীয় ক্ষমতাৰ সীমা সীমিত কৰে যাতে তেওঁলােকৰ সিদ্ধান্তসমূহ ব্যক্তিগত পক্ষপাতিত্ব আৰু পূর্বধাৰণাৰ পৰা মুক্ত হয়।

(গ) বিজ্ঞানসম্মত সিদ্ধান্ত :- বাঞ্চিত উদ্দেশ্য অনুসৰি সিদ্ধান্তসমূহ তথ্যভিত্তিক, চিন্তামূলক আৰু ন্যায় সংগত হ’ব লাগে। সেইবােৰ সময় সাপেক্ষে, বাস্তৱসন্মত আৰু নিৰূপণ তথা মূল্যয়ন কৰিব পৰা হ’ব লাগে। ব্যৱস্থাপনাৰ নীতিবােৰ চিন্তামুলক সিদ্ধান্তগ্রহণৰ সহায়ক হয়। সেইবােৰে অন্ধবিশ্বাসৰ পৰিবর্তে যুক্তিৰ ওপৰত গুৰুত্ব প্রদান কৰে।

3. সময় অধ্যয়ন আৰু গতি অধ্যয়নৰ মাজত পার্থক্য দেখুওৱা।
উত্তৰঃ

সময় অধ্যয়নগতি অধ্যয়ন
ই এবিধ কলা যাৰ যোগেদি কোনো এটা কাৰ্য্য সম্পন্ন কৰিবৰ প্ৰয়োজনীয় সময়ৰ ওপৰত নিৰীক্ষণ আৰু লিপিবদ্ধকৰণ কৰা হয়।ই এবিধ বিজ্ঞান যাৰ যোগেদি কোনোকৰ্মত অনাৱশ্যক কৰ্মগকি নিমূল কৰা হয়।
কৰ্মচাৰীসকলৰ মাজত দক্ষ আৰু অদক্ষভাৱে সৃষ্টি কৰি তেওঁলোকৰ কাৰ্য্য দক্ষতাক উর্দ্ধগামী কৰি তোলা হয়।কৰ্মীসকলৰ মাজত কোনো ভেদভাব সৃষ্টি নকৰাকৈ তেওঁলোকৰ দক্ষতা উৰ্দ্ধগামী কৰা হয়৷
কম সময়ৰ অধ্যয়নৰ বাবে ষ্টপ ওৱাচ ব্যৱহাৰ কৰা হয় ৷কৰ্মগতি অধ্যয়নৰ বাবে ধীৰগতি কেমেৰা ব্যৱহাৰ কৰা হয়।
READ MORE  কর্মচাৰী নিযুক্তকৰণ | Chapter 6 | Class 12 Business Studies - AHSEC

4. আদেশৰ একতা আৰু নির্দেশৰ একতাৰ মাজত পার্থক্য দেখুওৱা।
উত্তৰঃ

আদেশৰ একতানিদেৰ্শৰ একতা
এজন উর্দ্ধতম বিষয়া আৰু এজন কর্মী বা শ্রমিক থাকে।এখন পৰিকল্পনা আৰু এজন মুৰব্বী থাকে।
প্ৰতিজন কৰ্মীয়ে তেওঁৰ উৰ্দ্ধতম বিষয়াজনৰ ওচৰত উত্তদায়ক।মূল লক্ষ্যত উপনীত হ’বলৈ মানে এজনেই মূৰব্বী থাকে।
প্ৰতিজন কর্মীয়ে কৰিবলগীয়া কাৰ্য্যৰ লগত সম্বন্ধ উল্লেখ কৰে।গোটেই ব্যৱসায়টোৱে কি কাৰ্য্য কৰিব সেইটো বিষয়ে উল্লেখ থাকে।

5. কতৃত্বৰ শিকলি নীতিটো এটা উদাহৰনৰ সৈতে আলােচনা কৰা।
উত্তৰঃ

ওপৰত চিত্ৰটোত এটা নির্দিষ্ট বিভাগ কর্তৃত্বৰ শিকলি দেখুওৱা হৈছে। কতৃৰ্ত্তৰ শিকলিৰ নীতি অনুসৰি যদি B য়ে যদি F লগত যােগাযােগ কৰিব বিচাৰে তেতিয়া A যােগেদি যাব লাগিব। কিন্তু গাংক প্লাংক নীতি অনুসৰি B য়ে প্রত্যক্ষভাৱে F ৰ লগত যােগাযােগ কৰিব পাৰে। ই সময়ৰ অপব্যয় ৰোধ কৰিব।

6. পৰিচালনাৰ নীতিৰ তিনিটা মুখ্য চৰিত্ৰ আলােচনা কৰা।
উত্তৰঃ ব্যৱস্থাপনাৰ নীতিবােৰৰ প্রকৃতি বা বৈশিষ্ট্য বা গুণাৱলী সমূহ হ’ল —
(ক) সার্বজনীন প্রয়ােগ :- ব্যৱস্থাপনাৰ নীতিবোৰ সকলাে ধৰণৰ সংগঠন যেনে ব্যৱসায়, অব্যৱসায়, ক্ষুদ্র আৰু বৃহৎ, ৰাজহুৱা খণ্ড তথা ব্যক্তিগত খণ্ড, উৎপাদন তথা সেৱা খণ্ড ইত্যাদি সকলােতে প্রয়ােগ কৰিব পৰা যায়। কিন্তু প্রয়ােগৰ পৰিসৰ সংগঠন ভেদে বেলেগ বেলেগ হ’ব পাৰে।

(খ) সাধাৰণ জ্ঞান ভিত্তিক :- পৰিচালনাৰ নীতি কিছুমান সাধাৰণ জ্ঞান ভিত্তিক হােৱা পৰিলক্ষিত হয়। উন্নত, সাংগঠনিক পৰিবেশ গঢ়াত নীতিবােৰৰ প্ৰয়ােগিক মূল্য বা গুৰুত্বও প্রত্যক্ষ কৰা যায়। কিন্তু এই নীতিবােৰ সাধাৰণ জ্ঞানৰ ওপৰত প্রতিষ্ঠিত হয়।

(গ) ব্যৱহাৰ আৰু পৰীক্ষা – নিৰীক্ষাৰ দ্বাৰা গঠিত :- ব্যৱস্থাপনাৰ নীতিসমূহ ব্যৱস্থাপকৰ অভিজ্ঞতা আৰু সমূহীয়া জ্ঞান তথা পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা গঠিত হয়। উদাহৰণস্বৰূপে যিকোনাে উদ্দেশ্যত উপনীত হ’ব পাৰে অনুশাসন অপৰিহাৰ্য। আনহাতে কাৰখানাত শ্ৰমিকৰ ক্লান্তিৰ সমস্যাটোৰ সমাধানৰ কাৰণে মানসিক হেঁচা কমােৱাৰ ক্ষেত্ৰত কায়িক পৰিস্থিতিৰ প্ৰভাৱ বিচাৰ কৰিবলৈ এক পৰীক্ষা – নিৰীক্ষা চলাব পাৰি।

(ঘ) নমনীয়তা :- ব্যৱস্থাপনাৰ নীতিবােৰ নমনীয় হয়। কিয়নাে পৰিস্থিতিৰ দাবী সাপেক্ষে ব্যৱস্থাপক গৰাকীয়ে ইয়াক সংশােধন কৰি লব পাৰে। আৰু তেনে কৰিবলৈ ব্যৱস্থাপক যথেষ্ট কর্তৃত্ব অপর্ণ কৰা হৈছে।

(ঙ) আচৰণ মূলক :- ব্যৱস্থাপনাৰ নীতিবােৰৰ লক্ষ্য হ’ল মানৱ আচৰণ প্রভাবান্বিত কৰা। গতিকে ব্যৱস্থাপনাৰ নীতিবােৰ প্ৰধানকৈ আচৰণমূলক প্রকৃতিৰ। তদুপৰি সংগঠনৰ উদ্দেশ্যত উপনীত হােৱাত নীতিবােৰে মানৱ সম্পদ আৰু কায়িক সম্পদৰ মাজৰ সম্পৰ্ক বুজি পােৱাত সহায়ক হয়।

Leave a Comment

error: Content is protected !!
Scroll to Top