ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ | Chapter 3 | Class 12 Business Studies Question and Answer | Assam Class 12 Business Studies Solutions Assamese Medium | AHSEC Class 12 HS Business Studies Chapter 3 Notes Assamese Medium | SEBA Class 12 HS Business Studies Chapter 3 Question and Answer Assamese Medium | Questions and Answers for Class 12 Business Studies Chapter 3 ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ | HS 2nd Year Commerce Business Studies Questions and Answers Assam


ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ
Business Environment

Very Short Type Questions and Answers (Marks : 1)

1. ৰাজহুৱা আৰু ব্যক্তিগত দুয়ােটা খণ্ডৰ সহযােগত স্থাপিত হােৱা অর্থনীতিটোৰ নাম কি?
উত্তৰঃ মিশ্রিত অর্থনীতি।

2. ভাৰত চৰকাৰৰ কোনটো নীতিয়ে আমাক গােলকীকৰণৰ দিশে অগ্ৰসৰ হােৱাত সহায় কৰিছিল?
উত্তৰঃ উদ্যোগ নীতি ১৯৯১।

3. স্বাধীনতাৰ পিছত কোনটো অর্থনীতিক প্রাধান্য দিয়া হৈছে?
উত্তৰঃ উদ্যোগিক অর্থনীতিক।

4. চৰকাৰী নীতিৰ সাল – সলনিয়ে ব্যৱসায় আৰু উদ্যোগৰ ওপৰত কেনে প্রভাৱ পেলায় তাৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ প্রতিষ্ঠানসমূহৰ মাজত প্রতিযােগিতা বৃদ্ধি কৰে।

5. ব্যবসায় পৰিৱেশক এক আপেক্ষিক ধাৰণা বােলা হয় কিয়?
উত্তৰঃ ব্যৱসায়িক পৰিৱেশৰ তেনে কোনাে নির্দিষ্ট ধৰাবন্ধা সীমা নাই বাবেই ইয়াক আপেক্ষিক বুলি ধৰা হয়।

6. ভাৰতত গ্রাহকক সুৰক্ষা প্রদান কৰা আইনখনৰ নাম লিখা।
উত্তৰঃ গ্রাহক সুৰক্ষা আইন ১৯৮৬।

7. তথ্য–প্রযুক্তি আইন, ২০০২ ব্যৱসায়ৰ কোনটো পৰিৱেশৰ লগত সংলগ্ন?
উত্তৰঃ আইনৰ নীতি নির্ধাৰক আইনৰ লগত জড়িত।

8. অবিনিয়োগ বুলিলে কি বুজা?
উত্তৰঃ অবিনিয়ােগ বুলিলে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত চৰকাৰী অংশ হ্রাস কৰি বেচৰকাৰী খণ্ডক অপর্ণ কৰা বুজা যায়।

9. সামাজিক বাতাবৰণৰ এটি উদাহৰণ দিয়া।
উত্তৰঃ পৰিয়ালৰ গাঁঠনি।

10. বজাৰকৰণৰ দুটা যােগসূত্ৰৰ নাম লিখা।
উত্তৰঃ (ক) এজেন্ট
(খ) পাইকাৰী বিক্রেতা।

11. ‘বিশ্ব বাণিজ্য সংগঠন’ কিমান চনত স্থাপিত হৈছিল?
উত্তৰঃ ১৯৯৫।

12. ‘ফেমা ’ (FEMA) ৰ মুখ্য উদ্দেশ্য কি?
উত্তৰঃ ফেমাৰ মুখ্য উদ্দেশ্য হ’ল বৈদেশিক লেনদেনত থকা বাধাসমূহ হ্রাস কৰা।

13. গ্রাহক সুৰক্ষা আইন, ১৯৮৬ প্রণয়ন কৰাৰ কাৰণ কি?
উত্তৰঃ গ্রাহক সুৰক্ষা আইন ১৯৮৬ প্রণয়ন কৰাৰ মুখ্য কাৰণ হ’ল— গ্রাহকসকলক সুৰক্ষা প্রদান কৰা আৰু গ্ৰাহকসকলে যাতে বজাৰৰ পৰা উন্নত মানদণ্ডৰ দ্ৰৱ আৰু সেৱা সামগ্রী লাভ কৰিব পাৰে।

14. উদাৰীকৰণৰ নীতি বুলিলে কি বুজা?
উত্তৰঃ উদাৰীকৰণ হৈছে অনুজ্ঞাপত্ৰ পদ্ধতি আৰু অন্যান্য নিয়ন্ত্ৰণৰ পৰা অর্থনীতিক মুক্ত কৰাৰ এটা পদ্ধতি বা প্রক্রিয়া।

Short Type Questions and Answers (Marks : 2/3)

1. ব্যৱসায়ৰ পৰিৱেশ কি?
উত্তৰঃ ব্যৱসায় পৰিৱেশ হৈছে ব্যৱসায় সংগঠনৰ সেই সকলােবােৰ বাহ্যিক উপাদানৰ পাৰস্পৰিক সম্পর্ক যিবােৰে সংগঠনৰ ব্যৱসায় কার্যক প্রত্যক্ষ বা পৰােক্ষ ভাবে প্রভাবান্বিত কৰে। ব্যৱসায় পৰিৱেশে বাহ্যিক উপাদানৰ লগে লগে সংগঠনৰ আভ্যন্তৰীণ উপাদানকো অন্তর্ভূক্ত কৰে, যিবােৰৰ মাজত ব্যৱসায় কার্য সম্পাদন কৰা হয়।

2. গােলকীকৰণ মানে কি?
উত্তৰঃ গােলকীকৰণ বা বিশ্বায়ন হৈছে বিশ্ব অর্থনীতিৰ সৈতে এখন দেশৰ অর্থনীতি একেলগ কৰা বা একগােট কৰা। ইয়াৰ অৰ্থ হৈছে দেশলৈ বিদেশী বিনিয়ােগকাৰীৰ আগমনত কোনাে ধৰণৰ প্রতিবন্ধকতা থকাটো উচিত নহয় আৰু সেইদৰে দেশৰ পৰা কোনাে উদ্যোগীয়ে অন্য দেশত প্ৰৱেশ কৰা বা বহির্গমনতাে অনুমতি প্রাপ্ত হয়। অর্থাৎ আমদানি ৰপ্তানিৰ যুক্ত প্রবাহ ঘটে আৰু বৈদেশিক বিনিময় নিয়ন্ত্রণ এৰাই চলা হয়। প্রকৃতপক্ষে বিশ্বায়নৰ অৰ্থ হৈছে এখন দেশৰ অর্থনৈতিক আন্তৰাষ্ট্ৰীকৰণ কৰা।

READ MORE  বিত্তীয় পৰিচালনা | Part 1 | Chapter 9 | Class 12 Business Studies - AHSEC

3. ব্যক্তিগতকৰণ বুলিলে কি বুজা?
উত্তৰঃ পৰিচালনাৰ আন্তর্জাতিক অভিধান মতে ব্যক্তিগত কৰণৰ অৰ্থ হৈছে— “ স্থানীয় বা ৰাষ্ট্ৰীয় চৰকাৰৰ দ্বাৰা পৰিৱেশিত চৰকাৰী সেৱা ব্যক্তিগত খণ্ডলৈ হস্তান্তৰকৰণ বা বিক্ৰীৰ প্রক্রিয়া ”। ভাৰতৰ অর্থনৈতিক সংস্কাৰৰ প্ৰসংগত ব্যক্তিগতকৰণৰ অৰ্থ হৈছে উদ্যোগ তথা বাণিজ্য খণ্ডত ব্যক্তিগত খণ্ডৰ সম্প্ৰসাৰণ কৰা, ৰাজহুৱা খণ্ডৰ উদ্যোগবােৰত নির্বিনিয়োগ কৰা, ৰাজহুৱা প্রতিষ্ঠান অংশ ব্যক্তিগত খণ্ডলৈ বিক্ৰীৰ বাবে আগবঢ়োৱা, নির্বাচিত ক্ষেত্রত ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ডৰ একত্ৰীকৰণ কৰা ইত্যাদি।

4. ভাৰতত গােলকীকৰণ আৰু উদাৰীকৰণৰ তিনিটা ধনাত্মক দিশ উল্লেখ কৰা।
উত্তৰঃ ভাৰতত গােলকীকৰণ আৰু উদাৰীকৰণৰ ধনাত্মক দিশবােৰ তলত উল্লেখ কৰা হ’ল—
(ক) গােলকীকৰণ :- গােলকীকৰণে বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত থকা সকলােবিলাক বাধা বা প্রতিবন্ধকতাসমূহ আঁতৰ কৰে।
(খ) গ্রাহকসকলে বিদেশৰ বিভিন্ন ধৰণৰ দ্ৰব্য আৰু সেৱা সামগ্রী উপভােগ কৰিব পাৰে।
(গ) তথ্য প্রযুক্তিৰ উন্নতি ঘটে।

উদাৰীকৰণঃ
(ক) নতুন উদ্যোগ স্থাপন কৰাত সুবিধা হৈছে।
(খ) ভাৰতত বৈদেশিক বিনিয়ােগৰ পৰিমাণ বৃদ্ধি হৈছে।
(গ) উদ্যোগ সমূহে নিজৰ দ্ৰব্য আৰু সেৱা সামগ্ৰীৰ মূল্য নির্ধাৰণত স্বাধীনতা পাইছে।

5. ব্যৱসায় এটা ৰাজনৈতিক আৰু আইনৰ বাতাবৰণৰ দ্বাৰা কেনেকৈপ্ৰভাৱিত হয়?
উত্তৰঃ ব্যৱসােয় এটা ৰাজনৈতিক আৰু আইনগত উপাদানৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হয়। ৰাজনৈতিক মতবাদ আৰু চিন্তাধাৰাই ব্যৱসায়ৰ ওপৰত যথেষ্ট প্রভাৱ পেলায়। কিয়নাে পুঁজিবাদ, সমাজবাদ আৰু মিশ্রিত অর্থনীতি — এই তিনিবিধ মতবাদৰ ভিতৰত যিকোনাে এটা মতবাদৰ ভিত্তিত চৰকাৰ গঠন হয়। চৰকাৰৰ ক্ষমতা, দেশৰ উদ্যোগখণ্ডৰ প্ৰতি চৰকাৰৰ মনােভাৱ, আইন প্রণয়ন, ৰাজনৈতিক দলৰ বিচাৰ ধাৰা ইত্যাদি বিলাক হৈছে ৰাজনৈতিক পৰিৱেশ। আইনৰ পৰিৱেশ বুলিলে ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ দ্বাৰা প্রণয়ন কৰা আইনক বুজায়। চৰকাৰৰ দ্বাৰা প্রণয়ন কৰা বিভিন্ন আইন ব্যৱসায় প্রতিষ্ঠান অনুসৰণ কৰিব লাগে কাৰণ চৰকাৰে ঘােষণা কৰা অর্থনৈতিক নীতি, উদ্যোগিক নীতি আদিৰ ব্যৱস্থাৱলী অনুসৰিহে ব্যবসায়িক কাৰ্য্য সংগঠিত হ’ব পাৰে।

6. ভাৰতত গােলকীকৰণৰ তিনিটা ঋণাত্মক দিশ উল্লেখ কৰা।
উত্তৰঃ ভাৰতত গােলকীকৰণৰ তিনিটা ঋণাত্মক হ’ল—
(ক) বিদেশৰ কোম্পানীবিলাকৰ লগত ভাৰতৰ কোম্পানীবিলাকে প্রতিযােগীতাত নামিব পৰা নাই। ফলত ক্ষুদ্র উদ্যোগবােৰ বন্ধ হ’ব ধৰিছে।
(খ) অত্যাধুনিক প্রযুক্তিৰ ফলত নিয়ােগৰ পৰিমাণ হ্রাস হৈছে।
(গ) ভাৰতবৰ্ষৰ হস্ততাত আৰু ক্ষুদ্র বস্ত্র শিল্প উদ্যোগবােৰ বেছিকৈ ক্ষতিগ্রস্ত হৈছে।

7. ব্যৱসায়ৰ কাম–কাজক সামাজিক আৰু প্ৰযুক্তিক বাতাবৰণে কেনেদৰে প্ৰভাৱ পেলায়?
উত্তৰঃ ব্যৱসায়ৰ পৰিৱেশত সামাজিক আৰু প্ৰযুক্তিক কাৰকসকলেও নানা ধৰণে প্ৰভাৱ পেলায়। সামাজিক পৰিৱেশৰ প্রধান উপাদানসমূহ হ’ল গ্রাহকৰ পৰম্পৰা, আচাৰ – ব্যৱহাৰ, বিশ্বাস, জীৱন – নির্বাহৰ প্রণালী ইত্যাদি। গ্রাহকক সন্তুষ্টি দিব পৰাটোৱেই সফল ব্যৱসায়ৰ প্রধান মাপকাঠি। সেইবাবে ব্যৱসায়ে গ্রাহকৰ চাহিদা অনুসৰি দ্ৰৱ্যৰ যােগান ধৰিব লাগে। প্রযুক্তিবিদ্যাৰ পৰিৱেশ বা উপাদানৰ ভিতৰত নতুন দ্রব্য, উৎপাদনৰ বাবে নতুন কৌশল, নতুন যন্ত্রপাতি আৰু আহিলাৰ ব্যৱহাৰ ইত্যাদিবিলাক অন্তর্ভুক্ত কৰা হয়। প্রযুক্তিবিদ্যাৰ নিত্য নতুন উদ্ভাৱনে ব্যৱসায় পৰিৱেশত কম ঠাইতে কম সংখ্যক কর্মচাৰী আৰু কম সময়ৰ ভিতৰতে উচ্চমানৰ দ্ৰব্য আৰু সেৱা সামগ্ৰীৰ উৎপাদন সম্ভৱপৰ হৈছে।

8. নতুন উদ্যোগিক নীতিৰ তিনিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ নতুন নীতিৰ তিনিটা বৈশিষ্ট্য হ’ল—
(ক) ঔদ্যোগিক অনুজ্ঞাপত্ৰৰ বন্ধকৰণ।
(খ) ৰাজহুৱা খণ্ডৰ উদ্যোগৰ প্ৰভাব হ্রাস।
(গ) অর্থনীতিৰ উদাৰীকৰণ।

READ MORE  উপভােক্তা সুৰক্ষা | Chapter 11 | Class 12 Business Studies - AHSEC

9. ৰাজনৈতিক পৰিৱেশৰ তিনিটা প্রভাব বিষয়ে লিখা।
উত্তৰঃ ইয়াৰ তিনিটা প্রভাব হ’ল—
(ক) অর্থনৈতিক আৰু বাণিজ্যিক ক্ষেত্ৰখনৰ ৰাজনীতিকৰণ।
(খ) বিভিন্ন ৰাজনৈতিক দলৰ আদর্শ নীতি আদি পালন কৰিবৰ বাবে হেঁচা প্রয়ােগ।
(গ) অসাধু ৰাজনীতিকৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰাৰ বাবে হেঁচা প্রয়ােগ আদি।

Long Type Questions and Answers (Marks : 3/4)

1. ব্যৱসায়ৰ পৰিৱেশ অধ্যয়নৰ তিনিটা গুৰুত্ব চমুকৈ আলােচনা কৰা।
উত্তৰঃ ব্যৱসায়ৰ পৰিৱেশ অধ্যয়নৰ তিনিটা গুৰুত্ব চমুকৈ আলােচনা হ’ল—
(ক) ব্যৱসায় পৰিৱেশৰ গুৰুত্ব সমূহ হ’ল সুযােগ চিনাক্তকৰণ আৰু প্রথমে গতি কৰাৰ সুবিধা গ্রহণত প্রতিষ্ঠানক সক্ষম কৰে :- ব্যৱসায় প্রতিষ্ঠান এটাৰ কৃতকার্যতাত পৰিৱেশে অসংখ্য সুযােগৰ যােগান ধৰে। সুযােগ চিনাক্তকৰণে প্রতিষ্ঠান এটাক প্রথমতে প্রতিযােগীৰ হাতত এৰি দিয়াতকৈ নিজে আহৰণ কৰিব পাৰে।

(খ) ভাবুকি চিনাক্ত কৰা আৰু আগতীয়া সাৱধানী সংকেত লাভ কৰাত সহায় কৰে :- ব্যৱসায় প্রতিষ্ঠানৰ বাবে পৰিৱেশ ভাবুকিৰো কাৰণ হৈ পৰে। পৰিৱেশৰ সজাগতাই যথা সময়ত বিভিন্ন ভাবুকি চিনাক্তকৰণ আৰু আৰম্ভণীতে সাৱধানীসংকেত যোগান ধৰি পৰিচালকক সহায় কৰে।

(গ) সম্পদ হস্তগত কৰাত সহায় কৰে :- ব্যৱসায় এটা চলাই নিয়াত পৰিৱেশে বিভিন্ন সম্পদৰ উৎস হিচাপে কাম কৰে। যিকোনাে প্রকাৰৰ কার্যকলাপত নিয়ােজিত হ’বলৈ এটা ব্যৱসায় প্রতিষ্ঠানে বিভিন্ন সম্পদ একেলগ কৰে। এই সম্পদসমূহ আশানুৰূপ প্রতিদানৰ বাবে প্রতিষ্ঠানক যােগান ধৰাৰ সিদ্ধান্ত লয়।

2. ব্যৱসায় পৰিৱেশৰ সলনিৰ লগে লগে পৰিচালকে অৱলম্বন কৰা চাৰিটা কৌশলৰ বিষয়ে লিখা।
উত্তৰঃ ব্যৱসায়ৰ পৰিৱেশৰ সাল–সলনিৰ লগে লগে পৰিচালকসকলে গ্রহণ কৰা কৌশলসমূহ হ’ল—
(ক) ভৱিষ্যতৰ সুবিধাসমূহ চিন্তিত কৰা :- ব্যৱসায় পৰিৱেশৰ সলনিৰ লগে লগেই পৰিচালকসকলে ভৱিষ্যতৰ সুবিধাসমূহ নির্ণয় কৰি ল’ব লাগে আৰু সেই মর্মেই আগবাঢ়িব লাগে।

(খ) ভৱিষ্যতৰ সমস্যাৰােৰ নির্ণয় কৰা :- ইয়াৰ লগে লগে ভৱিষ্যতে হ’ব পৰা বিভিন্ন সমস্যাসমূহ পৰিচালকসকলে নির্ণয় কৰিব পাৰিব লাগে।

(গ) ব্যবসায়িক পৰিৱেশৰ সাল – সলনিৰ লগে লগে পৰিচালনাৰ কৌশলৰ সাল–সলনি :- সলনি হৈ থকা ব্যৱসায়ৰ পৰিৱেশৰ লগত খাপ খুৱাবলৈ সময়ে সময়ে পৰিচালনাৰ নীতি নিয়মবােৰৰ সাল–সলনিও ঘটাব লাগে।

3. ব্যৱসায়ৰ পৰিৱেশৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ব্যৱসায় পৰিৱেশৰ বৈশিষ্ট্যসমূহ হ’ল—
(ক) ব্যৱসায় কার্যক প্রভাবিত কৰা উপাদাসমূহৰ পাৰস্পৰিক ক্রিয়া বা সম্পর্ক এক অৱস্থা হৈছে ব্যৱসায় পৰিৱেশৰ এটা বৈশিষ্ট্য।

(খ) ব্যৱসায় পৰিৱেশৰ উপাদানবােৰ বাহ্যিক আৰু আভ্যন্তৰীণ উভয় প্রকাৰৰ হয়।

(গ) বাহ্যিক উপাদানবােৰ ব্যৱসায় সংগঠনৰ নিয়ন্ত্রণ অসাধ্য কিন্তু আভ্যন্তৰীণ উপাদানবােৰ নিয়ন্ত্রনাধীন।

(ঘ) ব্যৱসায় পৰিৱেশৰ উপাদানবােৰে ব্যৱসায় সংগঠনলৈ সুযােগ অথবা প্রতিবন্ধকতা কঢ়িয়াই আনিব পাৰে।

(ঙ) বাহ্যিক উপাদানবােৰ বাধাকাৰক যদিও সেইবােৰৰ নিয়ন্ত্রণ বা অতিক্ৰমেৰে সুযােগলৈ ৰূপান্তৰ কৰিব পাৰে।

(চ) ব্যৱসায় সংগঠনৰ আকাৰ – প্ৰকাৰ, দেশভেদে অর্থনৈতিক আৰু আন পৰিৱেশভেদে ব্যৱসায় পৰিৱেশৰ তাৰতম্য ঘটে।

(ছ) ব্যৱসায় পৰিৱেশৰ উপাদানৰ প্ৰভাৱ এৰাই চলা নাযায়।

4. ৰাজনৈতিক আৰু বিধিগত উপাদানবােৰে ব্যৱসায় এটা কেনেদৰে প্ৰভাবান্বিত কৰে?
উত্তৰঃ ব্যৱসায় সংগঠনৰ কামকাজ ৰাজনৈতিক আৰু বিধিগত পৰিৱেশৰ দ্বাৰাও প্ৰভাৱিত হয়। ৰাজনৈতিক বিধিগত পৰিৱেশে ব্যৱসায় কাৰ্যৰ দুটা দিশত নির্ণায়ক ভূমিকা পালন কৰে। প্রথম ব্যৱসায় প্ৰৱৰ্তন আৰু দ্বিতীয় ব্যৱসায় প্রৱৰ্ত্তনৰ পৰা বিৰত ৰখা। ব্যৱসায় পৰিৱেশৰ ৰাজনৈতিক আৰু বিধিগত পৰিৱেশ বিশ্লেষণৰ উপাদানবােৰ হৈছে—
(ক) চৰকাৰী প্রশাসনিক ৰূপ আৰু গঠনৰ পৰিবৰ্ত্তন। অসামৰিক যুদ্ধ, জৰুৰীকালীন অৱস্থা আদি।

(খ) বিভিন্ন ৰাজনৈতিক সংগঠন আৰু সিবিলাকৰ আদর্শ, আমােলতান্ত্রিক হেমাহি, ৰঙা ফিটাৰ মেৰ – পেছ আদিয়ে ব্যৱসায়ত আঘাত হানে।

READ MORE  পৰিকল্পনাকৰণ | Chapter 4 | Class 12 Business Studies - AHSEC

(গ) উদ্যোগিক উন্নয়নত প্ৰতি ৰক্ষানীতিৰ প্রভাব আদি।

(ঘ) ব্যৱসায় সম্পর্কীয় বিভিন্ন বিধিগত ব্যৱস্থাৰ প্রভাব আদি।

5. অর্থনৈতিক পৰিৱেশৰ চাৰিটা উপাদানৰ বিষয়ে লিখা।
উত্তৰঃ ব্যৱসায় সংগঠন হৈছে অর্থনৈতিক কার্যৰ সংগঠন। ইয়াৰ সাংগঠনিক কৃতিত্ব বিত্তীয় পদ্ধতিৰে মূল্যায়ণ কৰা হয়। অর্থনৈতিক পৰিৱেশে সংগঠনৰ ব্যৱসায়িক কাম – কাজৰ আকাৰ নিৰূপণ কৰা বহুতাে উপাদান অন্তর্ভূক্ত কৰে। অর্থনৈতিক পৰিৱেশৰ উপাদানবােৰ তলত ব্যাখ্যাকৰা হ’ল—
(ক) অর্থনৈতিক পদ্ধতি :- অর্থনৈতিক পদ্ধতিয়ে পূজিবাদী, সমাজবাদী আৰু মিশ্রিত এই তিনিওটা পদ্ধতিৰ দেশৰ ব্যৱসায়ৰ বিভিন্ন প্ৰকাৰৰ নিয়ন্ত্ৰণ ব্যৱস্থাক বুজায়। ব্যৱসায় সংগঠনৰ সিদ্ধান্তগ্রহণৰ ক্ষেত্ৰত এখন দেশৰ অর্থনৈতিক পদ্ধতিয়ে নিৰূপণ কৰা অর্থনৈতিক পৰিৱেশ সম্পর্কে ব্যৱসায়ীৰ জ্ঞানৰ আৱশ্যকতা আনে।

(খ) ৰাষ্ট্ৰীয় আয় আৰু ইয়াৰ বিতৰণ :- দেশৰ বার্ষিক অর্থনৈতিক কাম- কাজৰ মুদ্ৰাগত মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়। এই আয়ৰ বিতৰণ অঞ্চল বা ৰাজ্যভেদে আৰু একোটা অঞ্চলৰে ব্যক্তি ভেদে সমান নােহােৱাৰ ফলত অর্থনৈতিক কাম – কাজ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ সম্প্রসাৰিত হয়।

(গ) মুদ্রানীতি :- মুদ্রানীতিয়ে দেশত মুদ্রা যােগানৰ সম্প্ৰসাৰণ আৰু সংকোচনৰ জৰিয়তে অর্থনৈতিক বিকাশ নিয়ন্ত্রণ কৰে।

(ঘ) ৰাজকোষ নীতি :- ৰাজকোষ নীতি হৈছে দেশৰ কৰ গাথনি আৰু চৰকাৰী ব্যৱস্থাৰ লগত জড়িত নীতি। ইয়াৰ অধীনত ৰাষ্ট্ৰই সম্ভাব্য সর্বোচ্চ সম্পদ সংগ্রহ কৰা, দ্রুত উন্নয়নৰ অর্থে সম্পদৰ প্ৰকাম্য আবন্টন কৰা, আয় বিতৰণৰ সমতা স্থাপন কৰা, দৰৰ সুস্থিৰতা ৰক্ষা কৰাৰ উদ্দেশ্য নিৰ্দ্ধাৰণ কৰে।

6. ভাৰতীয় অর্থনৈতিক পৰিৱেশৰ বিষয়ে চমুকৈ আলােচনা কৰা।
উত্তৰঃ ব্যৱসায় সংগঠন হৈছে অর্থনৈতিক কার্যৰ সংগঠন। ইয়াৰ সাংগঠনিক কৃতিত্ব বিত্তীয় পদ্ধতিৰে মূল্যায়ণ কৰা হয়। অর্থনৈতিক পৰিৱেশে সংগঠনৰ ব্যৱসায়িক কাম – কাজৰ আকাৰ নিৰূপণ কৰা বহুতাে উপাদান অন্তর্ভূক্ত কৰে। অর্থনৈতিক পৰিৱেশৰ উপাদানবােৰ তলত ব্যাখ্যা কৰা হ’ল—
(ক) অর্থনৈতিক পদ্ধতি :- অর্থনৈতিক পদ্ধতিয়ে পুঁজিবাদী, সমাজবাদী আৰু মিশ্রিত এই তিনিওটা পদ্ধতিৰ দেশৰ ব্যৱসায়ৰ বিভিন্ন প্রকাৰৰ নিয়ন্ত্রণ ব্যৱস্থাক বুজায়। বাসায় সংগঠনৰ সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত এখন দেশৰ অর্থনৈতিক পদ্ধতিয়ে নিৰূপণ কৰা অর্থনৈতিক পৰিৱেশ সম্পর্কে ব্যৱসায়ীৰ জ্ঞানৰ আৱশ্যকতা আনে।

(খ) ৰাষ্ট্ৰীয় আয় আৰু ইয়াৰ বিতৰণ :- দেশৰ বার্ষিক অর্থনৈতিক কাম- কাজৰ মুদ্রাগত মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়। এই আয়ৰ বিতৰণ অঞ্চল বা ৰাজ্যভেদে আৰু একোটা অঞ্চলৰে ব্যক্তি ভেদে সমান নােহােৱাৰ ফলত অর্থনৈতিক কাম – কাজ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ সম্প্রসাৰিত হয়।

(গ) মুদ্রানীতি :- মুদ্রানীতিয়ে দেশত মুদ্রা যােগানৰ সম্প্ৰসাৰণ আৰু সংকোচনৰ জৰিয়তে অর্থনৈতিক বিকাশ নিয়ন্ত্রণ কৰে।

(ঘ) ৰাজকোষ নীতি :- ৰাজকোষ নীতি হৈছে দেশৰ কৰ গাথনি আৰু চৰকাৰী ব্যৱস্থাৰ লগত জড়িত নীতি। ইয়াৰ অধীনত ৰাষ্ট্ৰই সম্ভাব্য সর্বোচ্চ সম্পদ সংগ্রহ কৰা, দ্রুত উন্নয়ন অর্থে সম্পদৰ প্ৰকাম্য আবন্টন কৰা, আয় বিতৰণৰ সমতা স্থাপন কৰা, দৰৰ সুস্থিৰতা ৰক্ষা কৰাৰ উদ্দেশ্য নিৰ্দ্ধাৰণ কৰে।

(ঙ) প্রাকৃতিক সম্পদ :- ভূমি, খনিজ, ইন্ধন আদি প্রাকৃতিক সম্পদৰ পর্যাপ্ততা সেইবােৰৰ অৱস্থিতিৰ জ্ঞান ব্যৱসায় সংগঠনৰ পৰিকল্পনা যুগুত কৰাৰ বাবে গুৰুত্বপূর্ণ। ব্যৱসায়ৰ স্থান নিৰূপণ, প্রাকৃতিক সম্পদৰ ভড়াল, বি#2495;তৰণ আদিয়ে ব্যৱসায় পৰিৱেশ গঢ়ি তােলাত সহায় কৰে।

(চ) কেঁচাসামগ্ৰীৰ যােগান :- ব্যৱসায় সংগঠনৰ বাবে ধাৰাবাহিক ভাবে কেঁচা সামগ্রী যােগান লাভ কৰা অপৰিহাৰ্য। ইয়াৰােপৰি কেঁচা সামগ্ৰীৰ দৰ, গুণ, পৰিৱহন ব্যয়, নিয়মীয়া যােগান ইত্যাদিৰ প্রতি ব্যৱসায় পৰিৱেশৰ বিবেচনাত গুৰুত্ব দিয়া হয়।

(ছ) বিত্তীয় সা – সুবিধা :- ব্যৱসায় প্রতিষ্ঠানৰ আৰম্ভন আৰু সম্প্রসাৰিত কাম – কাজৰ বাবে, আৱশ্যকীয় বিত্ত যােগানত পৰিৱেশৰ সহাৰি লাভ কৰা অপৰিহাৰ্য্য।

Leave a Comment

error: Content is protected !!
Scroll to Top