নির্দেশিতকৰণ | Chapter 7 | Class 12 Business Studies Question and Answer | Assam Class 12 Business Studies Solutions Assamese Medium | AHSEC Class 12 HS Business Studies Chapter 7 Notes Assamese Medium | SEBA Class 12 HS Business Studies Chapter 7 Question and Answer Assamese Medium | Questions and Answers for Class 12 Business Studies Chapter 7 নির্দেশিতকৰণ | HS 2nd Year Commerce Business Studies Questions and Answers Assam
নির্দেশিতকৰণ
Directing
Very Short Type Questions and Answers (Marks : 1)
1. ‘অ–বিত্তীয় অনুপ্ৰেৰণাসমূহৰ’ দুটা উদাহৰণ দিয়া।
উত্তৰঃ (ক) স্বীকৃতি
(খ) সামগ্রিক উন্নয়নৰ সুবিধা আদি।
2. উর্ধমূখী জ্ঞাতকৰণ কি?
উত্তৰঃ উৰ্দ্ধমূখী জ্ঞাতকৰণ হ’ল তলতীয়া কৰ্মচাৰীৰ পৰা উপৰােক্ত শীর্ষ বিষয়ালৈ কৰা জ্ঞাতকৰণ প্রক্রিয়া।
3. মাছল’ৰ মতে ক্ৰমবৰ্ধমান অনুপ্ৰেৰণাতত্ত্বৰ ওপৰৰ পৰ্যায়ৰ অনুপ্ৰেৰণা কি?
উত্তৰঃ আত্মপ্রতিষ্ঠাৰ প্রয়ােজনীয়তা।
4. ঋনাত্মক অনুপ্ৰেৰণাৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ (ক) দৰমহা বৃদ্ধি। আৰু
(খ) প্রমােচন।
5. কোনটো অনুষ্ঠানিক বাৰ্তালাপত ‘ó#2438;দেশ’ আছে?
উত্তৰঃ নিম্নমুখী বাৰ্তালাপত।
6. তদাৰক কৰ্তাসকল পৰিচালনাৰ কোনটো তৰণৰ অংগ?
উত্তৰঃ নিম্ন পৰ্য্যায়ৰ পৰিচালনাৰ লগত।
7. জ্ঞাতকৰণৰ সৈতে জড়িত এটা অসুবিধা উল্লেখ কৰা।
উত্তৰঃ ভুল শব্দৰ প্ৰয়ােগ, অর্থযুক্ত শব্দ বাদ পৰি যােৱা আদি।
8. কোনটো দৰকাৰ পােন প্রথমে আহে?
উত্তৰঃ দৈহিক প্রয়ােজন।
9. ক্রমবর্ধমান অনুপ্ৰেৰণা তত্ত্বৰ পােষকতা কোনে কৰিছিল?
উত্তৰঃ এ . এইচ . মাছল।
10. কোনটো উৎপাদনৰ উৎসৰ লগত নির্দেশকৰণ জড়িত?
উত্তৰঃ সংগঠনকৰণ।
11. একনায়কত্ববাদী নেতৃত্ব কি?
উত্তৰঃ ই এনে এক নেতৃত্ব যত এজনেই শাসক আৰু তেওঁৰ আদেশ সকলােৱে মানিবলগা হয়।
12. বিত্তীয় অনুপ্ৰেৰণাৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ মাহিলি দৰমহা, মজুৰি, বােনাচ আদি।
13. কোনজন লিখক ক্রমবর্ধমান অনুপ্ৰেৰণাৰ লগত জড়িত?
উত্তৰঃ আব্রাহাম হেনৰী মাছল।
14. গ্রেপভাইন জ্ঞাতকৰণৰ কোনটো প্ৰকাৰৰ লগত জড়িত?
উত্তৰঃ অনানুষ্ঠানিক জ্ঞাতকৰণৰ লগত জড়িত।
15. নিম্নমূখী জ্ঞাতকৰণ কি?
উত্তৰঃ নিম্নমুখী জ্ঞাতকৰণ হৈছে সংগঠনৰ শীর্ষ পৰিচালনাৰ পৰা মধ্যম আৰু নিম্ন পৰিচালনালৈ প্রবাহিত হােৱা জ্ঞাতকৰণ।
Short Type Questions and Answers (Marks : 2)
1. আনুষ্ঠানিক জ্ঞাতকৰণ কি?
উত্তৰঃ সংগঠনৰ গঠনত পৰিচালনাই আনুষ্ঠানিক প্রণালীৰে গঠন কৰা জ্ঞাতকৰণ ব্যৱস্থাই আনুষ্ঠানিক জ্ঞাতকৰণ। সংগঠনৰ গঠনত বিভিন্ন অৱস্থানত অৱস্থিত সভ্যসকল প্রতিষ্ঠিত প্রণালী অনুসৰি জ্ঞাতকৰণ ব্যৱস্থা মানি চলা, অধীনস্থ সকললৈ সিদ্ধান্ত আৰু আদেশ নির্দেশ জাৰি কৰা, সেইদৰে অধীনস্থ সকলেও পৰামর্শ, অভিযােগ, প্রতিবেদন আদি মুখ্য বিষয়ালৈ দাখিল কৰাৰ যি প্রতিষ্ঠিত জ্ঞাতকৰণ ব্যৱস্থা তাক আনুষ্ঠানিক জ্ঞাতকৰণ ব্যৱস্থা হিচাপে জনা যায়।
2. অণুপ্ৰেৰণা কি বুজাই লিখা।
উত্তৰঃ অনুপ্ৰেৰণাৰ অৰ্থ হৈছে প্ৰতিষ্ঠানৰ উদ্দেশ্যত ফলপ্রসুতাৰে আৰু পাৰদৰ্শিতাৰে উপনীত হ’বলৈ ব্যক্তিৰ অপূৰ্ণ প্রয়ােজনীয়তা পূৰণ কৰি তেওঁলােকৰ সৰ্বোচ্চ সামর্থৰে কাম কৰােৱাত উৎসাহ যােগােৱা অথবা প্রবৃত্ত কৰােৱাই পৰিচালনাৰ এক পৰিকল্পিত পদ্ধতি।
3. এজন ভাল নেতাৰ দুটা গুণ উল্লেখ কৰা।
উত্তৰঃ এজন ভাল নেতাৰ দুটা গুণ হ’ল —
(ক) অপৰিসীম জ্ঞান আৰু বুদ্ধিমত্তা। আৰু
(খ) সুন্দৰ জ্ঞাতকৰণৰ দক্ষতা।
4. নির্দেশকৰণৰ সংজ্ঞা আৰু ধাৰণা লিখা।
উত্তৰঃ নির্দেশকৰণ হৈছে সংগঠনৰ উদ্দেশ্য সাধনৰ প্রতি মানৱ সম্পদক শিক্ষিত কৰা, উপদেশ দিয়া, পৰামর্শ দিয়া, অনুপ্রাণিত কৰা আৰু নেতৃত্ব দিয়া পদ্ধতি। Koonty And O . Donnell ৰ মতে নির্দেশকৰণ হৈছে পৰিচালনাৰ আন্তঃব্যক্তিগত দিশ, যাৰ দ্বাৰা প্ৰতিষ্ঠানৰ উদ্দেশ্যত উপনীত হ’বলৈ অধীনস্থসকলক উদ্দেশ্য বুজাবলৈ আৰু ফলপ্রসুতা আৰু পাৰদৰ্শিতাৰে বৰঙণি আগবঢ়াবলৈ নেতৃত্ব দিয়া হয়।
5. জ্ঞাতকৰণ বুলিলে কি বুজা?
উত্তৰঃ জ্ঞাতকৰণ বুলিলে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ অথবা এটা বিভাগৰ পৰা আন এটা বিভাগলৈ নাইবা এটা স্তৰৰ পৰা আন এটা স্তৰলৈ ব্যৱসায় সংক্রান্তীয় আদেশ, নির্দেশ, উপদেশ, পৰামর্শ, অনুৰােধ, অভিযােগ, তথ্য প্রভৃতি সংবাদৰ আদান প্রদানক বুজায়।
6. নেতৃত্বৰ সংজ্ঞা আৰু ধাৰণা লিখা।
উত্তৰঃ নেতৃত্ব হৈছে পূর্ব নির্ধাৰিত কোনাে লক্ষ্যত উপনীত হােৱাত অনুগামী অর্থাৎ অধীনস্থসকলৰ অতি ইচ্ছাৰে আৰু উৎসাহেৰে কাম কৰিবলৈ প্ৰভাৱান্বিত কৰা এক পদ্ধতি। Koonty আৰু O. Donnell ৰ মতে ‘নেতৃত্ব হৈছে পৰিচালক এজনৰ অধীনস্থ সকলক বিশ্বাস আৰু আগ্ৰহেৰে কামলৈ সন্মত কৰােৱাৰ সামর্থ্য’।
7. অনানুষ্ঠানিক জ্ঞাতকৰণ কি?
উত্তৰঃ আনুষ্ঠানিক জ্ঞাতকৰণ প্ৰণালীৰ বাহিৰৰ পৰা উদ্ভৱ হােৱা জ্ঞাতকৰণ হৈছে অনানুষ্ঠানিক জ্ঞাতকৰণ। ই সংগঠনৰ গঠন সম্পর্কৰ পৰিৱৰ্তে কৰ্মৰত কৰ্মচাৰীৰ সামাজিক সম্পর্কৰ পৰা সৃষ্টি হােৱা ব্যৱস্থা।
Long Type Questions and Answers (Marks : 3)
1. নির্দেশকৰণৰ তিনিটা আৱশ্যকতা বুজাই লিখা।
উত্তৰঃ নির্দেশনাৰ প্ৰয়ােজন হয় পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ উপৰি ব্যৱসায়ৰ পূর্বে নির্ধাৰিত লক্ষ্য আৰু উদ্দেশ্য মানক কৰাৰ বাবে। নির্দেশনাৰ আৱশ্যকতা বা গুৰুত্বসমূহ হ’ল—
(ক) মানব সম্পদৰ লগত জড়িতঃ ই হৈছে পৰিচালনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্য্য, যাৰ লগত মানৱ সম্পদ জড়িত হৈ থাকে। মানৱ সম্পদেই হ’ল উৎপাদনৰ মূল উপাদান আৰু ইয়াৰ সুন্দৰ ব্যৱহাৰৰ বাবে নির্দেশনাৰ দৰকাৰ।
(খ) দক্ষতা বৃদ্ধি :- নির্দেশনাই মানৱ সম্পদৰ সুস্থ ব্যৱহাৰৰ লগে লগে ইয়াক অনুপ্রাণিত কৰি দক্ষতাও বৃদ্ধি কৰে।
(গ) কামৰ আৰম্ভণঃ নির্দেশনা হৈছে এনে এক কাৰ্য্য যাৰ দ্বাৰা প্রতিষ্ঠান এটালৈ সজীৱতা, অনা হয় আৰু কৰ্মীসকলে নিজৰ নিজৰ কামৰ যােগেদি ব্যৱসায়ৰ পূর্ব নির্ধাৰিত লক্ষ্যত উপনীত হ’ব চেষ্টা কৰে।
2. ‘দৰকাৰ’ আৰু ‘অনুপ্ৰেৰণা’ — এই দুটাৰ সংজ্ঞা বুজাই লিখা।
উত্তৰঃ প্রয়ােজনীয়তা :- প্রয়ােজনীয়তাৰ পৰাই অনুপ্রেৰণা আৰম্ভ হয়। কর্মচাৰীসকলৰ সকলাে ধৰণৰ প্ৰয়ােজনীয়তা যদি সঠিকভাৱে পূৰণ কৰিব পাৰি তেতিয়া তেওঁলােকৰ উৎপাদনৰ ক্ষমতা বৃদ্ধি পায়। সংগঠনটোৰ লক্ষ্য পূৰণৰ বাবে কৰ্মচাৰীসকলে সর্বোচ্চ অৰিহণা যােগায়।
উদগনিঃ উদগণি হ’ল এনে এক পদ্ধতি যিয়ে কর্মচাৰীসকলক লক্ষ্যমুখী কৰে। উদগনিয়েই হ’ল অনুপ্ৰেৰণাৰ মূল। উদগণি বিভিন্ন প্রকাৰৰ হ’ব পাৰে — ওপৰঞ্চি ভাট্টা, বােনাচ, লাভৰ অংশ ইত্যাদি।
3. এজন সফল নেতাৰ তিনিটা গুণাগুণ লিখা।
উত্তৰঃ এজন সফল নেতাৰ গুণাগুণবােৰ হ’লঃ
(ক) কর্মজ্ঞান :- এজন নেতা সফল হ’বৰ বাবে তেওঁৰ যথেষ্ট কর্মজ্ঞান থাকিব লাগিব। সংগঠনৰ বিভিন্ন স্তৰত সংঘটিত কাম – কাজৰ তেওঁৰ সম্পূর্ণ জ্ঞান থাকিব লাগিব।
(খ) বুদ্ধিমত্তা :- এজন সফল নেতা সাধাৰণতে প্রবল বুদ্ধিমান হােৱা দেখা যায়। তেওঁ প্রতিটো সমস্যাই বুদ্ধিমত্তাৰে বিবেচনা কৰি সমাধান সূত্র উলিয়াব পাৰিব লাগে।
(গ) আবেগিক স্থবিৰতাঃ এজন নেতাই সদাই ধৈৰ্য্য আৰু সংযমেৰে সিদ্ধান্ত ল’ব লাগে। আবেগিক আৰু মানসিক স্থবিৰতা তেওঁৰ বাবে খুবেই দৰকাৰী।
4. নির্দেশকৰণ আৰু পৰিদৰ্শনৰ মাজত পার্থক্য দেখুওৱা।
উত্তৰঃ
নিৰ্দেশকৰণ | পৰিদৰ্শন |
নিৰ্দেশনাৰ পৰিসৰ বিস্তৃত। | পৰিদৰ্শনৰ পৰিসৰ সৰু। |
নির্দেশনা সাধাৰণতে উচ্চ স্তৰতে হয়। কেতিয়াবাহে মধ্যম স্তৰলৈ গতি কৰে। | সাধাৰণতে নিম্ন স্তৰৰ পৰিচালনাত পৰিদৰ্শন কাৰ্য্য আৱদ্ধ। |
নির্দেশনাই কৰ্মীসকলক মুদ্রাগত বা অমুদ্রাগত উদগনি দিব পাৰে। | পৰিদৰ্শনে তেনে কোনো উদগনি দিব নোৱাৰে। |
5. বিত্তীয় আৰু অনা – বিত্তীয় অনুপ্ৰেৰণাৰ মাজত পার্থক্য দেখুওৱা।
উত্তৰঃ
বিত্তীয় অনুপ্ৰেৰণা | অনা-বিত্তীয় অনুপ্ৰেৰণা |
বিত্তীয় অনুপ্ৰেৰণা টকা সম্বলিত হয়। | ইয়াত টকাৰ কোনো পৰিমাণ নাথাকে ৷ |
বিত্তীয় অনুপ্ৰেৰণাই কর্মদক্ষতা জোখে। | অনা-বিত্তীয় অনুপ্ৰেৰণাই অৰ্হতা জোখে । |
ইয়াত পদোন্নতি বদলিকৰণ আদি নাথাকে। | ইয়াত পাদোন্নতি, বদলিকৰণ আদি থাকে। |
6. নেতৃত্বৰ তিনিটা গুৰুত্বৰ বিষয়ে লিখা।
উত্তৰঃ নেতৃত্বৰ তিনিটা আৱশ্যকতা বা গুৰুত্ব হ’লঃ–
(ক) দলীয় উৎসাহৰ বিকাশ সবল নেতৃত্বই কর্মীসকলৰ মাজত সহযােগী, সমন্বয় আৰু বন্ধুত্বৰ ভাব গঢ় দিয়ে আৰু দলীয় উদ্যম বৃদ্ধি কৰে।
(খ) সম্পদৰ প্ৰকাম্য ব্যৱহাৰঃ উৎপাদনৰ উপাদানসমূহৰ প্ৰকাম্য ব্যৱহাৰৰ বাবেও নেতৃত্ব আৱশ্যক হয়।
(গ) প্রনােদিতকৰণ :- ভাল নেতৃত্বৰ বাবেই কৰ্মচাৰীসকলৰ উৎসাদ, উদ্যম বৃদ্ধি পায় আৰু তেওঁলোক আত্মবিশ্বাসোঁ বৃদ্ধি পায় ; যিয়ে সংগঠনটোৰ উৎপাদিকা শক্তি বঢ়ায়।
7. অনানুষ্ঠানিক জ্ঞাতকৰণৰ তিনিটা অসুবিধা লিখা।
উত্তৰঃ অনানুষ্ঠানিক জ্ঞাতকৰণৰ তিনিটা অসুবিধা হ’ল–
(ক) এই জ্ঞাতকৰণ পুৰামাত্রাই অপৰিকল্পিত।
(খ) ইয়াত তথ্য বিকৃতিৰ আশংকা থাকে।
(গ) গােপনীয়তা ৰক্ষা কৰাত সমস্যাই দেখা দিয়ে।
8. আধুনিক ব্যৱসায়ত জ্ঞাতকৰণৰ তিনিটা আৱশ্যকতা বুজাই লিখা।
উত্তৰঃ (ক) সাংগঠনিক কার্য সম্পাদনৰ ভেটিঃ ব্যৱসায়ৰ পৰিকল্পনা প্রস্তুতকৰণ, সিদ্ধান্ত গ্রহণ, অধীনস্থলৈ আদেশ নির্দেশ জাৰিকৰণ আদিত পাৰস্পৰিক সংবাদ আদান প্রদানেকে পৰিচালনা আৰু সংগঠনৰ সামগ্রিক দিশৰ কার্য সম্পাদনত জ্ঞাতকৰণেৰে সহযােগিতা আৰু সমন্বয় সাধন কৰা হয়।
(খ) সমন্বয় সহায়কঃ জ্ঞাতকৰণে সমন্বয় সাধনত সহায় কৰে। সংগঠনত সকলাে স্তৰৰ ব্যক্তিৰ মাজত সংবাদ আদিৰ আদান প্রদানৰ দ্বাৰা সমন্বয় সাধন কৰি উদ্দেশ্য সিদ্ধিত সহায় লাভ কৰা হয়।
(গ) পৰিচালনা দক্ষতা বৃদ্ধিত সহায়ক :- পৰিচালনাৰ দক্ষতা বৃদ্ধিত জ্ঞাতকৰণৰ প্ৰভূত গুৰুত্ব পৰিলক্ষিত হয়। সংগঠনৰ সদস্যসকলক উদ্দেশ্য আৰু আকাংখা জ্ঞাত কৰা, আদেশ নির্দেশ জাৰি কৰাৰ জৰিয়তে কাম আবন্টন কৰা আৰু দায়িত্ব আৰােপ কৰা তথা তেওঁলােকৰ কার্য সম্পাদন মূল্যায়ন কৰা আদিৰে পৰিচালনাৰ দক্ষতা বৃদ্ধি কৰাত জ্ঞাতকৰণ এক আহিলা হৈ পৰে।
Long Type Questions and Answers (Marks : 4/5)
1. পৰিদৰ্শনৰ প্ৰয়ােজনীয়তা চমুকৈ আলােচনা কৰা ৷
উত্তৰঃ (ক) পৰিদৰ্শকে দৈনন্দিন কাম – কাজৰ ক্ষেত্ৰত শ্ৰমিকসকলৰ লগত সহাবস্থান কৰে আৰু বন্ধুত্বপূর্ণভাবে কামৰ তদাৰক কৰে। সেয়ে সফল পৰিদৰ্শকে শ্ৰমিকসকলৰ বাবে পথ প্রদর্শন, বন্ধু আৰু দার্শনিক হিচাপে কাম কৰে।
(খ) পৰিদৰ্শকে শ্রমিক আৰু পৰিচালক সকলৰ মাজত যােগসূত্ৰৰ কাম কৰে। পৰিচালকসকলৰ বিভিন্ন মতামতসমূহ শ্ৰমিকসকলৰ মাজত বিনিময় ঘটাই আৰু শ্ৰমিকসকলৰ সমস্যাসমূহ পৰিচালকৰ জৰিয়তে সমাধান কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
(গ) পৰিদৰ্শকজনে তেওঁৰ অধীনস্থ শ্ৰমিকসকলৰ মাজৰ দলীয় ঐক্যতা অক্ষুন্ন ৰখাত এক বিশেষ ভূমিকা পালন কৰে। তেওঁ শ্ৰমিকসকলৰ মাজৰ আভ্যন্তৰীণ অৰিয়া অৰিসমূহ দূৰ কৰি সকলােৰে মাজত সম্প্রীতিৰ ভাব সৃষ্টি কৰে।
(ঘ) পৰিদৰ্শকজনে তলতীয়া কৰ্মচাৰীসকলৰ বাবে কামৰ সময়তে প্রশিক্ষণৰ ব্যৱস্থা গ্ৰহণৰ সুবিধা কৰি পাৰ্গত দল সৃষ্টি কৰিব পাৰে। এজন সফল পৰিদৰ্শকে কর্মচাৰীৰ কামৰ বিশ্লেষণ কৰে সেইবােৰৰ ফলাফলসমূহ কর্মচাৰীলৈ পঠিয়াই দিয়ে। তেওঁ কৰ্মচাৰীসকলক কর্মদক্ষতা বৃদ্ধিৰ উপদেশ প্রদান কৰে।
2. অনুপ্ৰেৰণাই ব্যৱসায়ৰ সফলতাত অৰিহণা যােগায় — এই বাক্যশাৰী উজলাই চাৰিটা বাক্য লিখা।
উত্তৰঃ (ক) অনুপ্ৰেৰণা সহকাৰে কাম কৰা কৰ্মচাৰীয়ে প্রতিষ্ঠানৰ সাধাৰণ উদ্দেশ্যত উপনীত হবলৈ প্ৰচেষ্টা চলাই।
(খ) অনুপ্রাণিত কৰ্মচাৰীক সক্রিয় আৰু সচেতন কৰাৰ ফলত তেওঁলােকৰ কাম – কাজত আন্তৰিকতা পৰিস্ফুট হয়।
(গ) অনুপ্ৰেৰণা উন্নত কৰাত পৰিচালনীয় প্রচেষ্টাৰে ব্যক্তি, কর্মচাৰীৰ প্রয়ােজনীয়তাৰ প্রতি যত্নপৰ হােৱা আৱশ্যক হয়।
(ঘ) অনুপ্ৰেৰণাৰ উন্নয়নে শ্রমিক কর্মচাৰীক উত্তেজিত আৰু উৎসাহিত কৰি সংগঠন কামৰ পৰা আঁতৰি নাযাবলৈ শিকায়।
3. নির্দেশকৰণৰ তিনিটা বৈশিষ্ট্য বুজাই লিখা।
উত্তৰঃ নির্দেশকৰণৰ তিনিটা বৈশিষ্ট্য হ’ল—
(ক) নির্দেশকৰণ হৈছে পৰিচালনাৰ দ্বাৰা কোনাে সংগঠনৰ কাৰ্য আৰম্ভ কৰােৱাৰ গুৰুত্বপূর্ণ পৰিচালনীয় কার্য।
(খ) জ্যেষ্ঠ অধীনস্থৰ সম্পর্কেৰে পৰিচালনাৰ যিকোনাে পর্যায়ত নির্দেশকৰণ কার্য সম্পাদন কৰা হয়।
(গ) সংগঠন জীৱনৰ সকলাে সময়তে এই কাৰ্যৰ অবিৰত সম্পাদন কৰা হয়।
(ঘ) ক্রমানুসৰিক পনিৰচালনা স্তৰৰ শীর্ষতম স্তৰৰ পৰা নিম্নতম স্তৰলৈকে ই নিম্নগামী গতিৰ হয়।
(ঙ) পৰিচালনাৰ সকলাে স্তৰত নির্দেশকৰণৰ অনুশীলনেৰে ই সৰ্ব্ব ব্যাপ্ত প্রকৃতিৰ হয়।
(চ) পৰিকল্পনা আৰু কার্যসমাধাৰ মাজত নির্দেশ কৰণক এক সেতু হিচাপে গণ্য কৰা হয়।
(ছ) নির্দেশকৰণত কর্মী বাহিনীৰ মাজত মুক্ত সংবাদ প্রবাহেৰে উৎস মানৱ সম্পর্ক উন্নয়ন ঘটাবলৈ বিচৰা হয়।
4. সফল জ্ঞাতকৰণৰ তিনিটা অসুবিধাৰ বিষয়ে লিখা।
উত্তৰঃ জ্ঞাতকৰণ প্ৰক্ৰিয়াৰ বিভিন্ন প্রতিবন্ধকতা সমূহ হ’ল ভাষাজনিত প্রতিবন্ধকতা, মানসিক প্রতিবন্ধকতা, সাংগঠনিক প্রতিবন্ধকতা, ব্যক্তিগত প্রতিবন্ধকতা ইত্যাদি।
(ক) ভাষাগত প্রতিবন্ধকতা :– ভাষাগত প্রতিবন্ধকতাৰ ক্ষেত্ৰত উদ্ভৱ হােৱা বাধাসমূহ হ’ল—
(i) ভুলকৈ প্রকাশিত বাৰ্তাঃ পৰিচালকে তলতীয়া কৰ্মচাৰীলৈ ভূল শব্দৰ প্ৰয়ােগ, অর্থযুক্ত শব্দ বাদ পৰি যােৱা ইত্যাদি বার্তাসমূহ শুদ্ধকৈ প্ৰেৰণ নকৰিলে এনে প্রতিবন্ধকতাৰ উদ্ভৱ হয়।
(ii) বিভিন্ন অর্থযুক্ত প্রতীক :- এটা শব্দই বিভিন্ন অর্থ বহন কৰিব পাৰে। প্ৰেৰকে পঠোৱা বাৰ্তাৰ শুদ্ধ ৰূপটোহে প্রাপকে বিচাৰ কৰিব লাগে। কিয়নাে শব্দৰ ভূল ব্যাখাই যােগাযোগত সমস্যাৰ সৃষ্টি কৰে।
(iii) দোষযুক্ত ভাষান্তৰ কৰণঃ সকলাে কৰ্মচাৰীৰ বােধগম্য কৰি ভাষান্তৰ কৰা হয়। এই ক্ষেত্ৰত ভূল অর্থৰ ৰূপান্তৰৰ ফলতাে যােগাযােগ প্রক্রিয়া বাধাগ্রস্ত হােৱা দেখা যায়।
(iv) অস্পষ্ট ধাৰণা :- যােগাযােগ কেতিয়াবা বার্তা প্রেৰকে প্রেৰিত বাৰ্তাৰ অস্পষ্ট ধাৰণাৰ জৰিয়তে বাৰ্তা গ্রাহকৰ মনত সন্দেহ জন্মায়। এনে অস্পষ্ট ধাৰণাই জ্ঞাতকৰণ ব্যৱস্থাত প্রতিবন্ধকতাৰ সৃষ্টি কৰে।
(v) কাৰিকৰি ভাষাগত খেলিমেলি :- কর্মচাৰী সকল কাৰিকৰী জ্ঞানসম্পন্ন নহ’লে, তেওঁলােকৰ ভাষাগত কাৰণতে মনত খেলিমেলিৰ সৃষ্টি হব পাৰে।
(vi) শাৰীৰিক ভাষা আৰু আকাৰ ইংগিতভাৱ প্ৰকাশ কৰ্মচাৰী আৰু পৰিচালকৰ শাৰীৰিক চাল – চলনৰ ভাষা আৰু ভাব প্রকাশ যদি একে নহয় তেতিয়াই যােগাযােগ প্রক্রিয়াত বাধা জন্মে।
(খ) মনস্তাত্বিক প্রতিবন্ধকঃ কিছুমান ক্ষেত্ৰত আবেগিক নাইবা মনস্তাত্বিক উপাদানসমূহে জ্ঞাতকাৰীক বাধা প্রদান কৰে। মনস্তাত্বিক প্রতিবন্ধক সমূহ তলত উল্লেখ কৰা হ’ল—
(i) আগতীয়া মূল্যাংকণ :- প্রেৰকে পঠোৱা বার্তাটো সম্পূর্ণ হােৱাৰ আগতেই প্রাপকে পাঠোদ্ধাৰ কাৰ্যসম্পন্ন কৰিলে যােগাযােগ প্রক্রিয়া পৰিপন্থী আৰু অবিবেচক হয়।
(ii) অমনোযােগী :- অন্যমনস্কভাবে প্রাপকে যদি ভালদৰে কথাবিলাক নুশুনাকৈয়ে গ্রহণ কৰে, তেনেহ’লে এই ধৰণৰ কাৰ্যসমূহ মনস্তাত্বিক প্রতিবন্ধকৰূপে পৰিগণিত হয়।
(iii) প্রেৰণৰ দ্বাৰা ক্ষতি আৰু দুর্বল স্মৰণশক্তিঃ দুর্বল স্মৰণ শক্তি যােগাযােগ প্রক্রিয়াৰ অন্য এক প্রতিবন্ধক। ব্যক্তিয়ে যদি ভালদৰে মনােযােগ নিদিয়ে, তেতিয়া বাৰ্ত্তাসমূহ বেছি সময়লৈ মনত ৰাখিব নােৱাৰে। ইয়ে প্রতিবন্ধকতাৰ সৃষ্টি কৰে।
(iv) অবিশ্বাসঃ বাৰ্তাৰ প্রেৰক আৰু বাৰ্তা গ্রহীতাৰ মাজত বিশ্বাসৰ অভাৱ হ’লে যােগাযােগত বাধাৰ সৃষ্টি হয়।
(গ) সাংগঠনিক প্রতিবন্ধকতাঃ এই ধৰণৰ প্রতিবন্ধকতা সমূহ হ’ল—
(i) সাংগঠনিক নীতিঃ সংগঠনৰ নীতিসমূহ যদি জ্ঞাতকৰণৰ সমর্থনযােগ্য নহয়, তেনেহ’লে এই কার্যই সংগঠনৰ জ্ঞাতকৰণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰে।
(ii) নীতি নিয়মৰ বিধানঃ নির্দিষ্ট নীতি নিয়ম আৰু কঠিন পদ্ধতিৰ প্ৰয়ােগেও জ্ঞাতকৰণ প্রক্রিয়াত বাধাৰ সৃষ্টি কৰে।
(iii) মর্যদা :- উচ্চ পদস্থ বিষয়া পদ মর্যদায়াে তলতীয়া কৰ্মচাৰীসকলৰ মাজত মনস্তাত্বিক দূৰত্ব বঢ়ায়।
(iv) জটিল সাংগঠনিক গঠন প্রণালীঃ কিছুমান সংগঠনৰ গঠন প্রণালী জটিল হােৱা বাবে কেবাটাও পৰিচালনা পর্যায় থাকে। জ্ঞাতকৰণৰ প্রক্রিয়াই এই পর্যায়সমূহ অতিক্রম কৰিব লগাত যথেষ্ট সময় লয় আৰু বাধাগ্রস্ত হয়।