নিয়ন্ত্রণকৰণ | Chapter 8 | Class 12 Business Studies Question and Answer | Assam Class 12 Business Studies Solutions Assamese Medium | AHSEC Class 12 HS Business Studies Chapter 8 Notes Assamese Medium | SEBA Class 12 HS Business Studies Chapter 8 Question and Answer Assamese Medium | Questions and Answers for Class 12 Business Studies Chapter 8 নিয়ন্ত্রণকৰণ | HS 2nd Year Commerce Business Studies Questions and Answers Assam


নিয়ন্ত্রণকৰণ
Controlling

Very Short Type Questions and Answers (Marks : 1)

1. ‘নিয়ন্ত্রণ প্রক্রিয়াই সঠিককৈ আৰ্হি জুখিব পাৰে ’ — শুদ্ধ / অশুদ্ধ।
উত্তৰঃ শুদ্ধ।

2. বাজেট প্রস্তুত কৰােতে ইয়াৰ নিয়ন্ত্রণ দৰকাৰী নেকি? কাৰণ দর্শোৱা।
উত্তৰঃ হয়, বাজেট প্রস্তুত কৰােতে ইয়াৰ নিয়ন্ত্ৰণ দৰকাৰী, কাৰণ সংগঠন এটা বাজেট ইয়াৰ মূল লক্ষ্যৰ প্রতি গুৰুত্ব দি প্ৰস্তুত কৰা হয়।

3. এই কথাখিনিৰ অর্থ লিখা — ‘ পৰিচালনাত ব্যৱহৃত ভ্রান্তি / বিপথ’।
উত্তৰঃ বিচ্ছুতি হ’ল আৰ্হি প্রদর্শন আৰু আচল প্রদর্শনৰ মাজৰ পাৰ্থক্য।

4. নিয়ন্ত্রণ সাধন এটা সংগঠনৰ বাবে আগলৈ চোৱা / পিছলৈ চোৱা কাৰ্য। সঠিক কথাখিনি বাছি উলিওৱা।
উত্তৰঃ নিয়ন্ত্রণ সাধন এটা সংগঠনৰ বাবে আগলৈ আৰু পিছলৈ এই দুয়ােটা নিৰীক্ষণেই প্রয়ােজনীয়।

5. ‘সফল নিয়ন্ত্রণ সাধনে প্রতিষ্ঠানৰ উদ্দেশ্যত উপনীত কৰােৱাত সহায় কৰে’। শুদ্ধ / অশুদ্ধ।
উত্তৰঃ শুদ্ধ।

6. নিয়ন্ত্রণ সাধনেই চালনাৰ ‘শেষ চক্র ’ নেকি? কাৰণ দশোৱা।
উত্তৰঃ নহয়, নিয়ন্ত্রণ সাধনেই পৰিচালনাৰ শেষ চক্র নহয়, কাৰণ নিয়ন্ত্রণ প্রক্রিয়াত এনেকুৱা কিছুমান সমস্যাই নতুনকৈ দেখা দিয়ে যিবােৰক আমি সমাধান কৰিবলৈ নতুনকৈ পৰিকল্পনা কৰিবলগীয়া হয়।

7. বাজেটীয় নিয়ন্ত্রণ কি?
উত্তৰঃ বাজেটীয় নিয়ন্ত্রণ হ’ল পূর্বতে পৰিকল্পনা কৰা খৰচৰ পৰিমাণ আৰু আচল খৰচৰ পৰিমাণ যদি বেছি হয় তাক নিয়ন্ত্রণ কৰা প্রক্রিয়া।

8. ‘পৰিচালনাৰ হিচাপ পৰিদৰ্শন এটা অনুষ্ঠানৰ ফলাফল মাপক প্রক্রিয়া। তুমি সম্মত হয়নে? কাৰণ দর্শোৱা।
উত্তৰঃ হয়, পৰিচালনাৰ হিচাপ পৰিদর্শন এটা অনুষ্ঠানৰ ফলাফলৰ মাপক বুলি ধৰা হয়। কাৰণ নিয়মীয়া হিচাপ পৰিদর্শনে এটা সংগঠনৰ কাম – কাজ সুচাৰুৰূপে পালন কৰাত সহায় কৰে।

9. নিয়ন্ত্রণত ফিডবে কি?
উত্তৰ নিয়ন্ত্রণ কার্যত বিভিন্ন উৎসৰ পৰা পােৱা জ্ঞানেই হ’ল ফিডবেক।

10. ‘সফল নিয়ন্ত্রন সাধনৰ দ্বাৰা কৰ্মচাৰীৰ উৎসাহ আৰু সহযােগবঢ়াব পাৰি’। শুদ্ধ / অশুদ্ধ।
উত্তৰঃ শুদ্ধ।

11. পৰিচালনাত নিয়ন্ত্ৰণৰ দুটা আধুনিক কৌশল লিখা।
উত্তৰঃ (ক) কম্পিউটাৰৰ সহায়ত নিয়ন্ত্রণ। আৰু
(খ) পৰিদৰ্শকৰ দ্বাৰা নিয়ন্ত্রণ।

Short Type Questions and Answers (Marks : 2)

1. ব্যতিক্রমী ব্যৱস্থাপনা বুলিলে কি বুজা?
উত্তৰঃ ব্যতিক্রমী ব্যৱস্থাপনা হ’ল নিয়ন্ত্রণ সাধনৰ এক গুৰুত্বপূর্ণ অংগ। এই নীতিৰ দ্বাৰা পৰিচালনাৰ সৰু – সুৰা বিচ্ছুতিবােৰ এৰাই চলিব চেষ্টা কৰা হয়। ইয়াৰ ফলত পৰিচালনা সৰ্য্যত সময় ৰাহি হয় আৰু ইয়াক বেলেগ গঠনমূলক কাৰ্য্যত নিয়ােগ কৰিব পাৰি। কিন্তু বিচ্ছুতিৰ পৰিমাণ যদি অধিক হয় তেনেহ’লে পৰিচালনাই ইয়াক সুধৰাব চেষ্টা কৰা উচিত।

READ MORE  বজাৰকৰণ | Chapter 10 | Class 12 Business Studies - AHSEC

2. নিয়ন্ত্রণ সাধন বুলিলে কি বুজা?
উত্তৰঃ নিয়ন্ত্রণ হৈছে পতিষ্ঠাণৰ কার্য সম্পাদনত কার্য পৰিকল্পনা সংলগ্ন হােৱা নােহােৱাৰ পৰিকল্পনামতে অগ্রগতি লাভ কৰা নকৰাৰ আৰু পৰিকল্পনা অনুযায়ী কার্যৰ বিচ্যুতি ঘটালে শুধৰনি কৰাৰ এক তদাৰক পদ্ধতি।

George R. Jerry ৰ মতে ‘ নিয়ন্ত্রণ হৈছে কি কার্য সম্পাদন কৰি থকা হৈছে তাক মূল্যাংকন কৰা অর্থাৎ কৃতিত্ব মূল্যাংকণ কৰা কাৰ্য আৰু আৱশ্যকবােধে শুধৰনি ব্যৱস্থাৰ প্ৰয়ােগ কৰা যাতে পৰিকল্পনা অনুসৰি কার্য সম্পাদন কৰা হয়।

3. সমতা বিন্দু বিশ্লেষণে সংগঠন এটাৰ পাৰদৰ্শিতা প্রতিপন্ন কৰে। চমুকৈ আলােচনা কৰা।
উত্তৰঃ লাভালাভৰ সমতা বিশ্লেষণে সংগঠন এটাৰ পাৰদৰ্শিতা প্রতিপন্ন কৰে। ব্যৱসায় সংগঠন এটাৰ বিভিন্ন পর্যায়ত লাভ আৰু লােকচানৰ পৰিমাণ নির্ধাৰণ কৰাত এই বিশ্লেষণে সহায় কৰে। গতিকে ইয়াৰ দ্বাৰা সংগঠন এটাৰ পাৰদৰ্শিতা জুখি চাব পাৰি।

4. নিয়ন্ত্রণ সাধনৰ দোষ – গুণৰ মূল কি?
উত্তৰঃ সংগঠন এটাৰ প্ৰতিটো কার্যত বা প্রতিটো স্তৰত দৃষ্টিৰ খাটো যেনেদৰে সহজ নহয়, তেনেদৰে আর্থিকভাবেও সমর্থনযােগ্য নহয়। সেয়েহে নিয়ন্ত্রণ ব্যৱস্থাই গুৰুত্বপূৰ্ণ ফলাফল অঞ্চল সমূহত (Key Result Areas KRAs) দৃষ্টি নিবদ্ধ কৰিব লাগে। এই KRA সমূহক সংগঠনটোৰ গুৰুত্বপূর্ণ অংশত ৰখা হয় আৰু ইয়াক সংকটপূর্ণ বিন্দুত নিয়ন্ত্রণ বুলি কোৱা হয়।

5. ‘নিয়ন্ত্রণ সাধন পৰিচালনাৰ এক অভিন্ন অংগ। কাৰণ দর্শোৱা। নিয়ন্ত্রণ সাধনত কিয় সংশােধনী উপায় অবলম্বন কৰিব লগা হয়?
উত্তৰঃ নিয়ন্ত্রণ সাধন পৰিচালনাৰ এক অভিন্ন অংগ, কাৰণ সংগঠন এটাৰ সকলাে ধৰণৰ কাম – কাজ সুচাৰুৰূপে পালন কৰিবলৈ হ’লে তাত নিয়ন্ত্রণ থকাটো অতি দৰকাৰ। এজন পৰিচালকে যদি তলতীয়া কৰ্মচাৰী, বা বিভিন্ন ধৰণৰ কাম – কাজবােৰ সঠিকভাবে নিয়ন্ত্রণ কৰিব নােৱাৰে তেনেহ’লে সংগঠনটোৰ মূল লক্ষ্যত উপনীত হােৱাত বাধা আহি পৰে। নিয়ন্ত্রণ সাধন প্রক্রিয়াত সংশােধনী উপায় অবলম্বন কৰা হয় কাৰণ যেতিয়া সংগঠন এটাৰ পাৰদৰ্শিতা বা ফলাফলসমূহ আশানুৰূপ নহয়।

6. ‘ক্রিটিকেল পাথ মেথড’ কি?(CPM)
উত্তৰঃ চি পি এম হৈছে এটা গুৰুত্বপূর্ণ নেটৱৰ্ক কৌশল যি পৰিকল্পনা আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত খুবেই উপযােগী। এই কৌশলে সময়সূচী প্রস্তুত কৰাত আৰু সম্পদ আবটনত সহায় কৰে আৰু প্রকল্পসমূহ এটা নির্দিষ্ট সময়সীমা আৰু খৰচৰ সীমাৰ ভিতৰত কাৰ্যকৰীভাৱে ৰূপায়নৰ প্রচেষ্টা চলায়। চি পি এমৰ ক্ষেত্ৰত এবিধ সময়ৰ হিচাপহে প্ৰস্তুত কৰা হয়। ইয়াৰ উপৰিও প্রকল্প সম্পূর্ণ কৰাৰ বাবে খৰচৰ আনুমানিক হিচাপ কৰাটোও চি পি এমৰ ক্ষেত্ৰত আৱশ্যকীয়। জাহাজ নির্মাণ, নির্মাণ প্রকল্প বিমান প্রস্তুত আদি ক্ষেত্র সমূহত চি পি এমৰ ব্যৱহাৰ হয়।

READ MORE  ব্যৱসায়িক পৰিৱেশ | Chapter 3 | Class 12 Business Studies - AHSEC

Long Type Questions and Answers (Marks : 3/4)

1. ‘প্রােগ্রাম ইভালুয়েছন এণ্ড ৰিভিউ টেকনিক’ কি? (PERT)
উত্তৰঃ পার্ট (PERT) হৈছে এটা গুৰুত্বপূৰ্ণ নেটৱৰ্ক কৌশল যি পৰিকল্পনা আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত খুবেই উপযােগী। এই কৌশলসমূহে সময়সূচী প্রস্তুত কৰাত আৰু প্রকল্পসমূহ এটা নির্দিষ্ট সময়সীমা আৰু খৰচৰ সীমাৰ ভিতৰত কাৰ্যকৰীভাৱে ৰূপায়নৰ প্রচেষ্টা চলায়। পার্টৰ বাবে তিনি ধৰণৰ সময়ৰ হিচাপ প্রস্তুত কৰাতাে প্রয়ােজন — আশাবাদী (আটাইতকৈ কম সময়) নিৰাশবাদী (আটাইতকৈ বেছি সময় আৰু সম্ভাৱনাময় সময়)। নেটৱৰ্কৰ আটাইতকৈ দীঘলীয়া পথটোক আটাইতকৈ জটিল পথ বুলি কোৱা হয়। এইপথটোৱে সেইবােৰ ঘটনাক্রমক প্রতিনিধিত্ব কৰে যিবােৰ প্রকল্প এটা সময় মতে সম্পূর্ণ কৰিবলৈ দৰকাৰী আৰু যিবােৰ কার্যত পলম হ’লে গােটেই প্রকল্পটোৱে পলম হৈ যায়।

2. এটা পৰিকল্পনা সুচাৰুৰূপে চলাবৰ বাবে নিয়ন্ত্রণ সাধনৰ দুটা পৰ্য্যায় চমুকৈ লিখা।
উত্তৰঃ নিয়ন্ত্রণ সাধনৰ দুটা প্রক্রিয়া তলত বাখ্যা কৰা হ’ল—
(ক) কার্য সম্পাদনৰ মানদণ্ড স্থিৰকৰণ।
(খ) প্রকৃত কার্য সম্পাদনৰ পৰিমাপ।

(ক) কার্য সম্পাদনৰ মানদণ্ড স্থিৰকৰণ :- নিয়ন্ত্রণ প্রক্রিয়াৰ প্ৰথমটো কাম হৈছে কার্য সম্পাদনৰ মানদণ্ড স্থিৰ কৰা। মানদণ্ড হৈছে সেই ভিত্তি যাৰ সৈতে তুলনা কৰি প্রকৃত মানদণ্ড জুখি উলিওৱা হয়। সেয়েহে, মানদণ্ড সমূহে বেমাৰ্কৰ দৰে কাম কৰে যাৰ সহায়ত সংগঠন এটাই নিজৰ কাম উন্নত কৰিবলৈ চেষ্টা কৰে।

(খ) প্রকৃত কার্য সম্পাদনৰ পৰিমাপঃ পাৰদৰ্শিতাৰ মানদণ্ডসমূহ স্থিৰ কৰাৰ পৰবৰ্ত্তী পদক্ষেপ হৈছে প্রকৃত পাৰদৰ্শিতাৰ পৰিমাপ। পাৰদৰ্শিতাৰ পৰিমাপ কৰিব লাগে বস্তুনিষ্ঠ আৰু নিৰ্ভৰযােগ্য ধৰণে। পাৰদৰ্শিতা পৰিমাপৰ বাবে কেইবাটাও কৌশল আছে। এইবােৰৰ ভিতৰত আছে ব্যক্তিগত পর্যবেক্ষণ, নমুনা পৰীক্ষা ইত্যাদি।

3. বিনিয়ােগ প্রতিদান কি বুজই লিখা? (RDI)
উত্তৰঃ

4. তথ্য প্রযুক্তি ব্যৱসায়ৰ বাবে প্রয়ােজনীয় কিয়?
উত্তৰঃ তথ্য প্রযুক্তি আধুনিক ব্যৱসায়ৰ বাবে অতি প্রয়ােজনীয় হােৱাৰ কাৰণসমূহ হ’ল—
(ক) ই বিভিন্ন স্তৰত থকা পৰিচালকসকলক সঠিক বিৱৰণ যােগান ধৰে।

(খ) ই সকলাে দৰকাৰী তথ্য সুন্দৰভাৱে আৰু কম খৰচত যােগান ধৰে।

(গ) ই পৰিকল্পনাৰণ, নিয়ন্ত্রণ সাধন আৰু সিদ্ধান্ত গ্রহণত সহায় কৰে।

(ঘ) সংগঠনটোৰ সকলাে ধৰণৰ তথ্য চকুৰ পচাৰতে যােগান ধৰে।

5. বিভিন্ন ধৰণৰ ‘বাজেটবােৰ’ কি কি?
উত্তৰঃ বিভিন্ন ধৰণৰ বাজেটসমূহ হ’ল—
(ক) বিক্রী বাজেট :- সংগঠন এটাৰ সাম্ভাব্য বিক্ৰীৰ খতিয়ান পৰিমাণ আৰু মূল্যৰ হিচাপ।

(খ) উৎপাদন বাজেটঃ সংগঠন এটাই নির্দিষ্ট সময় এছােৱাত কৰিব খােজা উৎপাদন হিচাপ।

(গ) সামগ্ৰীৰ বাজেটঃ উৎপাদনৰ বাবে প্রয়ােজন হােৱা সামগ্ৰীৰ পৰিমাণ আৰু খৰচৰ বিৱৰণ।

(ঘ) নগদ বাজেটঃ সংগঠনটোলৈ আহিবলগীয়া আৰু ওলাই যাব লগীয়া নগদ ধনৰ বিৱৰণ।

READ MORE  পৰিচালনাৰ নীতি | Chapter 2 | Class 12 Business Studies - AHSEC

(ঙ) মূলধন বাজেট :- দীর্ঘস্থায়ী সম্পদ যেনে নতুন কাৰখানা বা ডাঙৰ সজুলি। যন্ত্রপাতি কিনাৰ হ’বলগীয়া সাম্ভাব্য খৰচৰ বিৱৰণ।

6. পৰিচালনা নিয়ন্ত্ৰণৰ উপায়সমূহ কি কি?
উত্তৰঃ ব্যৱস্থাপনীয় নিয়ন্ত্ৰণৰ বিভিন্ন কৌশলসমূহ দুটা বহ’ল ভাগত ভগাব পাৰি। যেনে — পৰম্পৰাগত কৌশল আৰু আধুনিক কৌশল।

পৰাম্পৰাগত কৌশলঃ যিবােৰ কৌশল কোম্পানী এটাই বহু বছৰ ধৰি ব্যৱহাৰ কৰি আছে আৰু এই কৌশলসমূহৰ প্ৰাসংগিকতা আজিও বিদ্যমান তেনে কৌশলক পৰাম্পৰাগত কৌশল বােলে। পৰম্পৰাগত কৌশলসমূহ হ’ল —
(ক) ব্যক্তিগত নিৰীক্ষণ।
(খ) পাৰিসাংখ্যিক প্রতিবেদন।
(গ) লাভালাভ সমতাৰ বিশ্লেষণ।
(ঘ) বাজেটৰ যােগেদি নিয়ন্ত্রণ।

আধুনিক কৌশলঃ যিবােৰ কৌশল নতুনকৈ উদ্ভাৱন কৰা হৈছে আৰু ব্যৱস্থাপনা সাহিত্যত নতুন তাক আধুনিক কৌশল বােলে। সংগঠন এটাক নিয়ন্ত্রণ কৰিব পৰাকৈ এই কৌশল সমূহে নতুন চিন্তা ধাৰা আগবঢ়ায়। আধুনিক কৌশলসমূহ হ’ল—
(ক) বিনিয়ােগৰ পৰা প্রতিদান।
(খ) অনুপাত বিশ্লেষণ।
(গ) দায়বদ্ধতাৰ হিচাপকৰণ।
(ঘ) ব্যৱস্থাপনাৰ হিচাপ পৰীক্ষণ।
(ঙ) PERT আৰু CPM আৰু
(চ) ব্যৱস্থাপনা তথ্য প্রণালী।

7. সমৰাশি / হাৰ বিশ্লেষণ কি?
উত্তৰঃ অনুপাতভিত্তিক গণনাৰ মাজেৰে বিত্তীয় বিৱৰণৰ বিশ্লেষণেই হৈছে অনুপাতৰ বিশ্লেষণ। ব্যৱসায়িক সংগঠনসমূহে সঘনাই ব্যৱহাৰ কৰা অনুপাতবােৰ হ’ল—
(ক) তাৰল্যৰ অনুপাতঃ ব্যৱসায়ৰ হ্রস্বকালীন স্বচ্ছলতা নির্ধাৰণ কৰিবলৈ তাৰল্যৰ অনুপাত গণনা কৰা হয়।

(খ) স্বচ্ছলতাৰ অনুপাতঃ ব্যৱসায়ৰ দীর্ঘকালীন লেনদেন স্থিৰ কৰিবলৈ যিটো অনুপাত নির্ধাৰণ কৰা হয় সেইটোৱেই স্বচ্ছলতাৰ অনুপাত।

(গ) লাভ যােগ্যতাৰ অনুপাতঃ ব্যৱসায়ৰ লাভৰ পৰিমাণ নিৰূপণ কৰিবলৈ এই অনুপাত ব্যৱহাৰ কৰা হয়।

(ঘ) অন্তর্গমন অনুপাত :- সম্পদসমূহৰ কাৰ্য্যকৰী ব্যৱহাৰৰ ওপৰত নিৰ্ভৰশীল কাম কাজসমূহৰ দক্ষতা নিৰূপণৰ বাবে অন্তর্গমন অনুপাত গণনা কৰা হয়।

8. নিয়ন্ত্রণ সাধনৰ গুৰুত্বসমূহচমুকৈ বর্ণনা কৰা।
উত্তৰঃ নিয়ন্ত্রণ সাধনৰ গুৰুত্বসমূহ হ’ল—
(ক) ভৱিষ্যত পৰিচালনীয় কাৰ্য্যৰ ভেটি :- নিয়ন্ত্রণ সাধনে ব্যৱসায় প্রকল্প আদিৰ কাৰ্যৰ ওপৰত ধাৰাবহিক জ্ঞান লাভ কৰাত সহায় কৰে। ইয়াৰ জৰিয়তে দীর্ঘকালীন পৰিকল্পনাকৰনক সঠিক পথত ৰূপায়ন কৰাত নিয়ন্ত্রনে ভেটি হিচাপে কাম কৰে।

(খ) সিদ্ধান্ত গ্রহণত সুবিধা :- নিয়ন্ত্রণ সাধনে প্রতিষ্ঠানৰ কার্য সম্পাদনত মানক কাৰ্য আৰু প্রকৃত কার্য সম্পাদনৰ মাজত ব্যৱধান জানি লৈ আৱশ্যকীয় প্রতিকাৰেৰে ভৱিষ্যতৰ বাবে পৰিকল্পনাকৰণত সহায় কৰে। ই অতিবাহিত কালৰ কাম – কাজ, পদ্ধতি আদিৰ অভিজ্ঞতাৰে পৰিচালনাক ভৱিষ্যত কার্যলৈ সুস্থিৰতা অনাত সহায় কৰে।

(গ) সর্বনিম্ন ব্যয়ত সৰ্বাধিক উৎপাদনৰ সুবিধা :- নিয়ন্ত্রণ সাধনে প্রতিষ্ঠানৰ লাভ সৰ্বাধিকৰণৰ লক্ষ্যত উপনীত হােৱাত সুবিধা প্রদান কৰি সৰ্ব্বনিম্ন ব্যয়ত সৰ্বাধিক উৎপাদনৰ সহায় কৰে।

(ঘ) সমন্বয় সাধনলৈ সুবিধা :- নিয়ন্ত্ৰণৰ যােগেদি সংগঠনৰ কাম – কাজ সমন্বিত কৰাত সহায় লাভ কৰা যায়। সংগঠনৰ পৰিচালকসকলে বিভাগীয় উদ্দেশ্যত উপনীত হােৱাত অধীনস্থ সকলৰ কাম – কাজ সমন্বিত কৰে। নিয়ন্ত্রণ সাধনে সমগ্র সংগঠনৰ কাম কাজৰ অগ্ৰগতিৰ তদাৰক কৰি সেইবােৰৰ সমন্বিত উন্নতিৰ প্রতি লক্ষ্য ৰখা বাবে উদ্দেশ্যৰ অনুকূলে কার্য সম্পাদন সহজ কৰে।

Leave a Comment

error: Content is protected !!
Scroll to Top