অসমৰ ভূগোল

অসমৰ ভূগোল | Chapter 9 | Class 9 Social Science – SEBA

অসমৰ ভূগোল | ভূগোল | Chapter 9 | Class 9 Social Science Question and Answer | Assam Class 9 Social Science Solutions | SEBA Class 9 HSLC Social Science Chapter 9 Notes | SEBA Class 9 HSLC Social Science Chapter 9 Question and Answer | Questions and Answers for Class 9 Social Science Chapter 9 অসমৰ ভূগোল | HSLC Social Science Questions and Answers Assam


অসমৰ ভূগোল

Very Short Type Questions and Answers (Marks : 1/2)

1. পাৰ্বত্য অঞ্চলৰ মুঠ কালি _____ বৰ্গ কিলোমিটাৰ।
উত্তৰঃ ১৭,০৭৬ বৰ্গ কিলোমিটাৰ।

2. হিমালয়ৰ পাদদেশৰ সেমেকা মাটিৰ ঘাঁহনিক _____ বোলে।
উত্তৰঃ ক্ৰান্তিয় চিৰসেউজীয়া।

3. ব্ৰহ্মপুত্ৰ সমতলত _____ খন জিলা আছে।
উত্তৰঃ ১৮ খন জিলা আছে।

4. মাজুলিৰ বৰ্তমান মাটিৰ কালিৰ পৰিমাণ প্ৰায় _____ বৰ্গ কিলোমিটাৰ।
উত্তৰঃ ৮০০ বৰ্গ কিলোমিটাৰ।

5. অসমৰ মুঠ মাটি কালি _____ বৰ্গ কিলোমিটাৰ।
উত্তৰঃ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ।

6. ব্ৰহ্মপুত্ৰ সমতলত ব্ৰহ্মপুত্ৰৰ _____ খন ডাঙৰ উপনৈ আছে।
উত্তৰঃ ৪০ খন।

7. ব্ৰহ্মপুত্ৰৰ সমতলৰ মুঠ কালি _____ বৰ্গ কিলোমিটাৰ।
উত্তৰঃ ৫৪,৪০০ বৰ্গ কিলোমিটাৰ।

8. কাৰি পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম _____।
উত্তৰঃ দামুকছে।

9. বৰাক সমতলৰ মুঠ কালি _____ বৰ্গ কিলোমিটাৰ।
উত্তৰঃ ৬,৯৬২ বৰ্গ কিলোমিটাৰ।

10. অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম _____।
উত্তৰঃ লাইকেই (১৯৫৯ মিটাৰ)।

11. অসমৰ কুটিৰ শিল্পৰ বাবে বিখ্যাত হোৱা ঠাই দুখনৰ নাম লিখা।
উত্তৰঃ কুটিৰ শিল্পৰ বাবে বিখ্যাত হোৱা ঠাই দুখন— (ক) শুৱালকুছি আৰু (খ) সৰ্থেবাৰী।

12. পলসুৱা মাটি কেইপ্ৰকাৰ আৰু কি কি?
উত্তৰঃ পলসুৱা মাটি দুই প্ৰকাৰৰ— (ক) নতুন পলসুৱা মাটি আৰু (খ) পুৰণি পলসুৱা মাটি।

13. কাৰ্বি আংলঙৰ চাৰিখন ৰবৰ বাগানৰ নাম লিখা।
উত্তৰঃ বুঢ়াপাহাৰ, ৰঙাগৰা, বৈথালাংছু আৰু ঔগুৰি।

14. কি কাৰণত কাৰ্বি আংলং জিলাত বৰষুণ কিছু পৰিমাণে কম হয়?
উত্তৰঃ কাৰ্বি আংলং জিলা, মেঘালয় ৰাজ্যৰ বৃষ্টিছায়া অঞ্চলত পৰে, সেইকাৰণে এই অঞ্চলত বৃষ্টিপাত কিছু কম হয়।

15. চিৰসেউজীয়া কেইবিধমান লতাৰ নাম লিখা।
উত্তৰঃ তৰা, বাহ-বেত, কপৌফুল ইত্যাদি।

16. অসমৰ পশ্চিম সীমাৰ শ্ৰীৰামপুৰৰ পৰা আমিনগাঁও শৰাইঘাট দলঙলৈকে অহা ৰাষ্ট্ৰীয় ঘাই পথটো কিমান নম্বৰ ৰাষ্ট্ৰীয় পথ?
উত্তৰঃ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথ।

17. পৰ্ণপাতী উদ্ভিদ কি?
উত্তৰঃ শীতকালত পাতসৰা উদ্ভিদকে পৰ্ণাপাতী উদ্ভিদ বোলে।

18. ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৃথিৱীৰ বৃহত্তম নদী দ্বীপটোৰ নাম কি?
উত্তৰঃ মাজুলি।

19. নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আৰু বৰ্তমানৰ সংকট সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট, নগাওঁ আৰু শোণিতপুৰত অৱস্থিত। ইয়াৰ মাটিকালি 858.98।

20. অসমৰ বৰ্তমান মাটিকালি কিমান?
উত্তৰঃ ৭৮,৪৩৮ কি. মিটাৰ।

21. ব্ৰহ্মপুত্ৰত পৰা দুখন দক্ষিণবাহিনী আৰু দুখন উত্তৰবাহিনী নদীৰ নাম লিখা।
উত্তৰঃ (ক) ব্ৰহ্মপুত্ৰৰ উত্তৰবাহিনী নদী দুখন— দিচাং, দিখৌ।
(খ) ব্ৰহ্মপুত্ৰৰ দক্ষিণবাহিনী নদী দুখন— বৰনদী, পাগলদিয়া।

22. ঝুম খেতি কি?
উত্তৰঃ পাহাৰৰ এচলিয়া ঠাইত খাজ কাটি কোৰেৰে ঠাই সলনি কৰি কৰা খেতি।

23. দুবিধ চিৰসেউজীয়া আৰু দুবিধ পৰ্ণপাতী উদ্ভিদৰ নাম লিখা।
উত্তৰঃ (ক) চিৰসেউজীয়া উদ্ভিদ- নাহৰ, তিতাচপা।
(খ) পৰ্ণপাতী উদ্ভিদ শাল, চেগুন।

24. অসমৰ কফি বাগান ক’ত আছে? দুখন বাগানৰ নাম লিখা।
উত্তৰঃ অসমৰ কাৰ্বি আংলঙত কফি বাগান আছে। কফি বাগান দুখন হাৰমতী আৰু হামৰেণ।

25. ব্ৰহ্মপুত্ৰ সমতলৰ দীঘ-পুতল কিমান?
উত্তৰঃ দীঘল প্ৰায় ৭২০ কি.মি. আৰু পুতল ৯০ কি.মি.।

26. বৰ্তমান অসমৰ জনসংখ্যা কিমান?
উত্তৰঃ ৩১ নিযুত

27. এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো কত প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ অসমৰ ডিগবৈত।

28. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি লিখা।
উত্তৰঃ কজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট, নগাঁও আৰু শোণিতপুৰ এই তিনিওখন জিলাতেই অৱস্থিত। ইয়াৰ মাটিকালি ৮৫৮.৯৮ বৰ্গ কিঃমিঃ।

29. নগদী ফচল দুইবিধৰ নাম লিখা।
উত্তৰঃ কুঁহিয়াৰ, চাহপাত আদি।

30. কোনখন সংৰক্ষিত বনাঞ্চলক গিবন অভয়াৰণ্য হিচাপে গঢ়ি তোলা হৈছে?
উত্তৰঃ হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চলক।

31. ৰয়েল বেংগল বাঘ কোনখন উদ্যানত পোৱা যায়?
উত্তৰঃ মানস ৰাষ্ট্ৰীয় উদ্যানত।

32. ব্ৰহ্মপুত্ৰ নদীৰ যোগীঘোপা আৰু পঞ্চৰত্ন সংযোগী দলংখনৰ নাম কি?
উত্তৰঃ নৰনাৰায়ণ সেতু।

33. এটা খড়গ থকা গঁড় কোনকেইখন ৰাষ্ট্ৰীয় জানত পোৱা যায়?
উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত।

34. অসমৰ প্ৰধান ভাগ তিনিটা কি?
উত্তৰঃ অসমৰ প্ৰধান ভাগ তিনিটা হল—
(ক) ব্ৰহ্মপুত্ৰ সমতল।
(খ) বাক সমতল।
(গ) উচ্চভূমি অঞ্চল– কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰ জিলা।।

35. তলত উল্লিখিত উদ্ভিদবোৰ শ্ৰেণীবিভাজন কৰা। গমাৰি, বনচোম, মাকৰি শাল, শিশু আদি।
উত্তৰঃ গমাৰি, বনচোম— পৰ্ণপাতী, আৰু শিশু, মাকৰি শাল— চিৰসেউজীয়া

36. মৃত্তিকা গঠনৰ প্ৰধান কাৰকবোৰ কি কি?
উত্তৰঃ মৃত্তিকা গঠনৰ প্ৰধাণ কাৰকবোৰ হ’ল-মূলপদাৰ্থ, জলবায়ু, জৈৱিক প্ৰক্ৰিয়া, ভূ-প্ৰকৃতি আৰু
সময়।

37. সোণালী বান্দৰ কোন অভয়াৰণ্যত আছে?
উত্তৰঃ সোণাইৰূপাই উদ্যানত।

38. কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা দুখনত থকা কফি বাগিচা কেইখনৰ নাম লিখা।
উত্তৰঃ কাৰ্বি আংলং জিলাত থকা কফি বাগিচা কেইখন হৈছে। হাৰমতী, ওপৰ দেওপানী, চুতীয়া নলা, হামৰেণ আৰু বৰাগাঁও কফি বাগিচা।। আকৌ উত্তৰ কাছাৰ পাৰ্বত্য জিলাত থকা কফি বাগিচা কেইখন হৈছে— মাহ্বৰ, লাছং, গুণজং আৰু আছালু কফি বাগিচা।

39. গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি? ই কত অৱস্থিত?
উত্তৰঃ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। ই বৰঝাৰত অৱস্থিত।।

40. অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম আৰু বৰষুণৰ পৰিমাণ লিখা।
উত্তৰঃ অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাই উত্তৰ লখিমপুৰ আৰু ইয়াৰ বছৰি বৰষুণৰ পৰিমাণ ৩৩৫ ছেঃমিঃ আৰু ধ্বনিম্ন বৰষুণ হোৱা ঠাই হ’ল নগাঁও জিলাৰ লামডিং আৰু বৰষুণৰ পৰিমাণ হ’ল বছৰি ১২৯ ছেঃমিঃ।

41. ব্ৰহ্মপুত্ৰ সমতলৰ দক্ষিণ পাৰৰ প্ৰধান উপনৈসমূহৰ নাম লিখা।
উত্তৰঃ ব্ৰহ্মপুত্ৰ সমতলৰ দক্ষিণ পাৰৰ প্ৰধান উপনৈসমূহ হৈছে— ডিব্ৰু, বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁজী, ভোগদৈ, কাকডোঙা, ধনশিৰি, কলং, কপিলী, ডিগাৰু, কুলসী, দুধনৈ, কৃষ্ণাই, জিনাৰী আৰু জিজ্ঞিৰাম।

42. কাৰ্বি মালভূমিৰ উচ্চতম শৃংগ দুটা কি কি আৰু ইয়াৰ উচ্চতা কিমান?
উত্তৰঃ কাৰ্বি মালভূমিৰ উচ্চতম শৃংগ দুটা হৈছে— সিংহাসন আৰু দাম্বুকছে। সিংহাসন শৃংগটোৰ উচ্চতা হৈছে ১৩৫৯ মিটাৰ আৰু দামুকছো শৃংগটোৰ উচ্চতা হৈছে ১৩৬৩ মিটাৰ।

43. অসমত লেটেৰাট ৰা কংকৰ মৃত্তিকা ক’ত পোৱা যায়?
উত্তৰঃ অসমত লেটেৰাট বা কংকৰ মৃত্তিকা উত্তৰ কাছাৰ পাৰ্বত্য জিলা আৰু কাৰ্বি সমভূমিৰ দক্ষিণৰ কিছুমান ঠাইত পোৱা যায়।

44. ব্ৰহ্মপুত্ৰ সমতুলত কিমানখন প্ৰশাসনিক জিলা আছে? অসমত নতুনকৈ গঠিত বড়োেলণ্ড জনজাতীয় স্বায়ত্তশাসিত জিলা কেইখন কি কি?
উত্তৰঃ ব্ৰহ্মপুত্ৰ সমতলত মুঠ ১৮ খন প্ৰশাসনিক জিলা আছে। নতুনকৈ গঠিত বড়োলেণ্ড জনজাতীয় স্বায়ত্তশাসিত জিলাকেইখন হৈছে— ওদালগুৰি, বাগচা, কোকৰাঝাৰ আৰু চিৰাং।

45. অসমৰ কেইখনমান প্ৰধান ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা।
উত্তৰঃ (ক) কাজিৰঙা উদ্যান
(খ) মানস ৰাষ্ট্ৰীয় উদ্যান
(গ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান
(ঘ) নামেৰী ৰাষ্ট্ৰীয় উদ্যান।

46. অসমৰ মুঠ নগৰ কিমান? অসমৰ বৃহত্তম নগৰখন কি? বৰ্তমান ইয়াৰ জনসংখ্যা কিমান?
উত্তৰঃ অসমৰ মুঠ নগৰৰ সংখ্যা ১০৩ খন। অসমৰ বৃহত্তম নগৰখন গুৱাহাটী। গুৱাহাটীৰ বৰ্তমান জনসংখ্যা ৮০৪৫৭৫ জন (২০০১ চনৰ লোকপিয়লৰ মতে)।

47. বাৰ্ষাৰণ্য মানে কি?
উত্তৰঃ ৰাজ্যখনৰ অতি বেছি বৰষুণ হোৱা ঠাইবোৰত ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য দেখা যায়। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ 300 চেণ্টি মিটাৰ বা তাতোকৈ বেছি হোৱা ঠাইত এই অৰণ্য পোৱা যায় বাবে ইয়াক বৰ্ষাৰণ্য বোলে।

48. জাতিংগা কি?
উত্তৰঃ জাতিংগা হ’ল উত্তৰ কাছাৰ জিলাৰ হাফলঙৰ ওচৰত এখন ঠাই। ই পক্ষীৰ আত্মহনন কাৰ্যৰ বাবে বিখ্যাত। পক্ষীৰ এই আত্মহনন কাৰ্য চাবলৈ বহুতো লোক আৰু গৱেষক ইয়ালৈ যায়। জিলাখনত এই নামেৰে এখন উপনৈও আছে।

49. কাৰ্বি আংলং জিলা আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিল। দুখনত থকা ৰবৰ বাগিচা কেইখন কি কি?
উত্তৰঃ কাৰ্বি আংলং জিলাত থকা ৰবৰ বাগিচাকেইখন হৈছে বুঢ়াপাহাৰ, দলামৰা, ৰঙাগৰা, বৰাগাঁও, বৈথালংছু হেনেংঘেৰি আৰু ঔগুৰি ৰবৰ বাগিচা। আনহাতে, উত্তৰ কাছাৰ পাৰ্বত্য জিলাত থকা ৰবৰ বাগিচাকেইখন হৈছে- বেলচৰা, মাদুৰা, দিলাই আৰু কাহাৰা ৰবৰ বাগিচা।

50. অসমত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথটো ক’ৰ পৰা কলৈ গৈছে?
উত্তৰঃ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত গোৱালপাৰাৰ পঞ্চৰত্নৰ পৰা গুৱাহাটী নগাঁও, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড় হৈ ডাঙৰীয়ালৈকে “গৈছে।

51. অসমত পোৱা মৃত্তিকাবোৰ কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ অসমত পোৱা পৃত্তিকাবোৰ চাৰিপ্ৰকাৰৰ। এইবোৰ হ’ল—
(ক) পলসুৱা মৃত্তিকা
(খ) গিৰিপদ মৃত্তিকা
(ঘ) পাহাৰীয়া মৃত্তিকা
(ঙ) কংকৰ মৃত্তিকা

52. অসমৰ সংৰক্ষিত বনাঞ্চল কেইখনৰ নাম আৰু সেইবোৰত পোৱা প্ৰধান বন্যপ্ৰাণীবোৰৰ নাম লিখা।
উত্তৰঃ ক) হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল হলৌ বাৰ।
খ) উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল—হাতী, শৰ হৰিণ, বনৰৌ, বান্দৰ।
গ) বৰাইল সংৰক্ষিত বনাঞ্চল হাতী, শৰ হৰিণা, বনৰৌ আদি।

53. পাৰ্বত্য অঞ্চলত জুম পথাৰত কি কি শস্য প্ৰধানকৈ কৰা হয়?
উত্তৰঃ পাৰ্বত্য অঞ্চলৰ জুম পথাৰত কৰা প্ৰধান শস্যসমূহ হৈছে- আহুধান জাতীয় ধান, মাকৈ, কণীধান বা ৰাগি, মিঠা আলু, আলু, কচু, জলকীয়া, আদা, তিল, সৰিয়হ আদি।

54. বৰাক উপত্যকাত হোৱা প্ৰধান শস্যসমূহ কি কি লিখা।
উত্তৰঃ বৰাক উপত্যকাত উৎপাদিত হোৱা প্ৰধান শস্যসমূহ হৈছে- ধান, মাহ, মাকৈ, কুঁহিয়াৰ, সৰিয়হ আৰু চাহপাত। সমতলখনৰ বৰাক নৈৰ কাষৰ জলাহত কিছু পৰিমাণে মৰাপাট উৎপাদন হয়। বৰাক উপত্যকাত উৎপন্ন হোৱা প্ৰধান ফলমূলসমূহ হৈছে— কমলা, আনাৰস, অমিতা, কুঁহিয়াৰ আদি।

55. বৰাক সমতলৰ সম্পৃহৎ নগৰ কি আৰু তাৰ জনসংখ্যা কিমান?
উত্তৰঃ বৰাক সমতলৰ সৰ্ববৃহৎ নগৰ হৈছে শিলচৰ। ২০০১ চনৰ লোকপিয়ল মতে শিলচৰ নগৰৰ জনসংখ্যা হৈছে ১,৮৪,২৮৫।

56. অসমৰ কোন কোন সংৰক্ষিত বনত চিৰসেউজীয়া গছ পোৱা যায়?
উত্তৰঃ ব্ৰহ্মপুত্ৰ সমতলৰ পূব আৰু উত্তৰ অংশত প্ৰধানকৈ অৰুণাচল হিমালয়ৰ পাদদেশত ক্ৰান্তীয় চিৰসেউজীয়া গছ পোৱা যায়। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ জয়পুৰ আৰু বুঢ়ীদিহিং সংৰক্ষিত। কন, লখিমপুৰ জিলাৰ দুলং সংৰক্ষিত বন আৰু শোণিতপুৰ জিলাৰ সোণাইৰূপাই সংৰক্ষিত বনত যথেষ্ট পৰিমাণে চিৰসেউজীয়া গছ পোৱা যায়।

57. পৃথিৱীৰ বৃহত্তম নদী-দ্বীপটো কি আৰু বৰ্তমান ইয়াৰ মাটি কালি কিমান?
উত্তৰঃ পৃথিৱীৰ বৃহত্তম নদী দ্বীপটো হৈছে মাজুলি। এই নদীদ্বীপটো ব্ৰহ্মপুত্ৰ নৈৰ উজনিৰ ফালে যোৰহাট জিলাৰ উত্তৰাংশত অৱস্থিত। বৰ্তমান এই নদী দ্বীপটোৰ মাটি কালি প্ৰায় ৮০০ বৰ্গ কিলোমিটাৰ।

READ MORE  ভাৰতবৰ্ষৰ ভূগোল | Chapter 8 | Class 9 Social Science - SEBA

58. অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চলসমূহত প্ৰধানকৈ কি কি বন্যপ্ৰাণী পোৱা যায়?
উত্তৰঃ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানকৈ এটা খৰ গড়, উজনি অসমৰ হলৌ বান্দৰ, বনৰীয়া মহ, হাতী, বাঘ, ভালুক, বৰা, নলগাহৰি আদিৰ লগতে শৰ, হৰিণা, জহামাল, বিভিন্ন প্ৰকাৰৰ সাপ পোৱা যায়। তাৰোপৰি জলাশয় আৰু পিটনিবোৰত স্থানীয় আৰু প্ৰবসুৱা পক্ষীৰ উপৰিও বহুপ্ৰকাৰৰ সৰবৰ মাছ, শি, উদ আদি পোৱা যায়।

59. নিম্নোক্ত উদ্ভিদসমূহ পৰ্ণপাতী আৰু চিৰসেউজীয়া ভাগ দুটাত ভগোৱা শিমলু, আম, শিলিখা, হলখ, নাহৰ, গমাৰি, তিতাচপা, অগৰু, উৰিয়াম আৰু মাকৰিশাল।
উত্তৰঃ পৰ্ণপাতী— শিমলু, শিলিখা, গমাৰি আৰু উৰিয়াম।
চিৰসেউজীয়া— আম, হলখ, নাহৰ, তিতাচপা, অগৰু আৰু মাকৰিশাল।

60. ভূ-প্ৰাকৃতিক অবয়ব সমূহ কি কি?
উত্তৰঃ (ক) সমভূমি
(খ) প্লাৱনভূমি
(গ) পৰ্বত-পাহাৰ
(ঘ) পাহাৰৰ পাদদেশ
(ঙ) মালভূমি
(চ) নদী- উপত্যকা।

61. ব্ৰহ্মপুত্ৰ সমতলৰ উত্তৰ পাৰৰ প্ৰধান উপনৈসমূহ কি কি?
উত্তৰঃ ব্ৰহ্মপুত্ৰ সমতলৰ উত্তৰ পাৰৰ প্ৰধান উপনৈসমূহ হৈছে— সোৱণশিৰি, ৰঙানৈ, ডিক্ৰং, বুৰৈ, বৰগাং, জীয়াভৰলু, গাভৰু, জীয়া, ধনশিৰি, বৰনদী, পাগলদিয়া, মানস, চম্পাৱতী, সৰলভাগা, গদাধৰ আৰু সোণকোষ।

62. ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চলকেইটা কি কি?
উত্তৰঃ উত্তৰৰ পাদদেশ অঞ্চল, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল, ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল আৰু দক্ষিণৰ পাদদেশ অঞ্চল।

63. অসমৰ কেইখন মান অভয়াৰণ্য নাম লিখা।
উত্তৰঃ (ক) ভেজান বৰাজান-পদুমণি অভয়াৰণ্য
(খ) পানীদিহিং অভয়াৰণ্য
(গ) নামৰ দৈগুৰং অভয়াৰণ্য
(ঘ) পবিত্ৰা অভয়াৰণ্য ইত্যাদি।

Long Type Questions and Answers (Marks : 3/4/5)

1. অসমৰ বৰ্ষাকাল। —চমুটোকা লিখা।
উত্তৰঃ অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ শৈলোৎক্ষেপন আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়। বৰাক উপত্যকাৰ প্ৰায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ-পশ্চিম মৌচুমী বতাহে বাধাপ্ৰাপ্ত হৈ বৰাক সমভূমি অঞ্চলতো যথেষ্ট পৰিমাণে বৰষুণ দিয়ে। অৱশ্যে এই মৌচুমী বতাহৰ শক্তি আৰু লগত অনা জলীয়বাষ্পৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে বছৰিবৰষুণৰ পৰিমাণৰ পাৰ্থক্য ঘটে। পাহাৰৰ অনুবাত ঢালত বিশেষকৈ কাৰ্বি পাহাৰৰ পূবফালে তথা ডিমা-হাছাও পাহাৰৰ উত্তৰ আৰু পূবফালেবৰষুণৰ পৰিমাণ যথেষ্টহ্ৰাস পায়। একেকাৰণতে নগাওঁ জিলাৰ দক্ষিণ অংশত বৰষুণ যথেষ্ট কম হয়। দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ এটা অংশ মেঘালয় মালভূমি অতিক্ৰমকৰি আৰু আন এটা অংশৰাজ্যখনৰ পশ্চিম ফালেদি সোমাই আহিনামনি ব্ৰহ্মপুত্ৰ অঞ্চলত বৰষুণ দিয়ে।

2. জিলা পৰ্যায়ত অসমৰ জনসংখ্যা। —চমুটোকা লিখা।
উত্তৰঃ অসমৰ সৰ্বমুঠ জনসংখ্যা হৈছে 11,69,272 জন ইয়াৰ ভিতৰত সকলোতকৈ বেছি জনসংখ্যা থকা জিলাখন হ’ল—নগাওঁ আৰু কম থকা জিলাখন হ’ল-ডিমা হাছাও। সুবৰী জিলাত জনসংখ্যা হৈছে এখলাখ নশ আধশলিশ হাজাৰ ছয়শ বয়ছি। অসমৰ জনসংখ্যা হৈছে এক নিযুত। কামৰূপ মহানগৰৰ জন সংখ্যা হৈছে- এক লাখ দুইশ খাঠি হাজাৰ চাৰিশ উশৈ।

3. দক্ষিণ-পশ্চিম মৌচুমী বতাহ। —চমুটোকা লিখা।
উত্তৰঃ ভাৰতৰ জলবায়ু মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বোলে। গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্ৰৱাহিত হয়। দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হৈ ভাৰতত সোমায়। এইবতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ-পশ্চিম মৌচুমী বতাহ বোলে। আৰব সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাপ কঢ়িয়াই অনা। এইবতাহ প্ৰথমে পশ্চিম ঘাট পৰ্বত বাধা পায়। দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়।

4. অসমৰ প্ৰশাসনিক বিভাগ। —চমুটোকা লিখা।
উত্তৰঃ কেৱল কিছুমান প্ৰসাশনিকসা অসুবিধা আৰুৰাজ্যখনতবস্বাস কৰা বিভিন্ন জন গোষ্ঠীৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ ৰাজ্যখনৰ একে পৰিসমতে নতুন নতুন জিলা গঠন কৰা হৈছে। ভূগোলিকভাৱেসময়ৰ লগে লগে অসমৰ বিস্তৃতিৰ যথেষ্ট পৰিবৰ্তন ঘটিছে। বৃটিছৰ শাসনকালত অসমখন যথেষ্ট ডাঙৰ আছিল। সেইসময়ত মেঘালয় আৰুনাগালেণ্ডৰ উপৰি ছিলেটো অসমৰ লগত আছিল।

5. উত্তৰ-পূৱ মৌচুমী বতাহ। —চমুটোকা লিখা।
উত্তৰঃ উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাজ্যখনৰ বায়ুৰ চাপ বৃদ্ধি পাবলৈ ধৰে আৰু সেয়ে বায়ু প্ৰবাহ সম্পূৰ্ণ ওলোটা হৈ উত্তৰ-পূৱৰ পৰা দক্ষিণ-পশ্চিম দিশলৈ হয়। ইয়াকে উত্তৰ-পূব মৌচুমী প্ৰবাহ বা প্ৰাত্যাৱৰ্তিত মৌচুমী বতাহ বোলা হয়। সাধাৰণতে অক্টোবৰ আৰুনবেম্বৰ দুমাহৰবাবে অসমত প্ৰত্যাৱৰ্তিত মৌচুমীকাল বিৰাজ কৰে। এই সময়চোৱাত উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাতি আৰু পাৰ ভাগত কুঁৱলি পৰে। উত্তৰ-পূব মৌচুমী বতাহ শীতকালত বলে। এইবতাহ মধ্য এছিয়াৰ পৰা উত্তৰ-পূবদিশেৰে ভাৰতলৈ প্ৰৱাহিত হয় বাবেইয়াক উত্তৰ পূব মৌচুমীবতাহ বোলে।

6. অসম আৰু মৌমী জলবায়। —চমুটোকা লিখা।
উত্তৰঃ অসমৰ ভূ-তাত্ত্বিক গঠন আৰু বিন্যাসৰ ভিত্তিত অসমৰ ভূ- প্ৰকৃতি গঢ়লৈ উঠিছে। অসমৰমুঠ জনসংখ্যা হৈছেতিনিকোটি এঘাৰলাখ দুশ সাতাইশ জন। ইয়াৰ মাটিকালি হৈছে 78.438 বৰ্গকিলোমিটাৰ। অসমৰ মুঠ জিলা হৈছে 27 খন। অসমত সাধাৰণতে মৌচুমীকাল জুন মাহৰ আৰম্ভণিৰে পৰা চেপ্তেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে। এই সময়ছোৱাত দক্ষিণ-পশ্চিম মৌচুমী বায়ুপ্ৰবাহৰ প্ৰভাৱতৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণেবৰষুণ হয়। মৌচুমীকালত অসমৰ প্ৰধান খেতি শালি ধানবোপন কৰা হয়।

7. অসমৰ প্ৰাক্-মৌচুমীকাল। —চমুটোকা লিখা।
উত্তৰঃ অসমত প্ৰাক্-মৌচুমীকাল মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা যে মাহৰ শেষলৈকে বিৰাজ কৰে। শীত কালৰ পিছতেই এইকাল বাবে আৰম্ভণিৰে পৰা লাহে লাহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে। প্ৰাক মৌচুমী কালৰ সময়চোৱাত পুৱাৰভাগ আৰামদায়ক, উষ্ণ দুপৰীয়া, পৰিশ্ৰান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগতহঠাতে কেতিয়াবা অতিকম সময়ৰ বাবে বিজুলী ঢেৰেকণীৰে বৰষুণ হয়। এই সময়ত বায়ুমণ্ডলত এই প্ৰকাৰৰ অস্থিৰতাই বিৰাজ কৰে আৰু মাহেমাহে ধুলিৰ ধুমুহা আৰু গাজনি ঢেৰেকীৰে বৰষুণ সৃষ্টি হয়। অসমত এই প্ৰাক-মৌচুমীকালৰ সময়তে বসন্ত ঋতু বিৰাজ কৰে সময় অতিক্ৰম কৰাৰ লগে লগে। কালচোৱাত কিছু সঘনে বেছি মাত্ৰতে বৰষুণ হবলৈ ধৰে।

অসম বৰষুণৰ স্থানিক বিতৰণ ৰাজ্যখনত বছৰি গড় হিচাপে প্ৰায় 20 সেন্টিমিটাৰ বৰষুণ হয়। অসমৰ বিভিন্ন ঠাইৰ পৰিমাণ অধ্যয়ণ কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয়। ৰাজ্যখনৰ এখ সুকীয়া ভূ-প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্যভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আৰু শিৱসাগৰ জিলা, নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰুহাইলাকান্দি জিলাত বছৰি 250 ছেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। আনহাতে মধ্য অসমৰ নগাওঁ আৰু কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম।

8. বৰাক উপত্যকাৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ উত্তৰ দক্ষিণ আৰু পূৱ দিশত পৰ্বত-পাহাৰে আগুৰি আছে। উত্তৰফালে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি আছে, পূৱফালে মণিপুৰৰ পাহাৰীয়া অঞ্চল আৰু দক্ষিণফলে মিজো পৰ্বত অৱস্থিত। পশ্চিমফালে এইসমভূমি বাংলাদেশ চিলেট জিলাৰ কুছিৰাসুৰ নদীৰ সমভূমিৰ লগত মিলিত হৈছে।

বৰাক উপত্যকাটো বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ আৰু দক্ষিণৰ পাদদেশ অঞ্চলৰ দ্বাৰা গঠিত হৈছে। বৰাক আৰু ইয়াৰ উপনৈবোৰে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা পলস জমা হৈ বৰাক সমভূমিখন সৃষ্টি কৰিছে। ইয়াৰ উত্তৰ, দক্ষিণ আৰু পূৱ দিশত পৰ্বত-পাহাৰে আগুৰি আছে।

9. অসমৰ সকলো ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয়?
উত্তৰঃ দক্ষিণ-পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডৰৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মৰুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ-পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও বৰাক উপত্যকাৰ প্ৰায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ-পশ্চিম মৌচুমী বতাহে বাধাপ্ৰাপ্ত হৈ বৰাক সমভূমি অঞ্চলতো যথেষ্ট পৰিমাণে বৰষুণ দিয়ে। আচলতে মৌচুমী বতাহৰ শক্তি আৰু লগত অনা জলীয়বাষ্পৰ অৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে বছৰি বৰষুণৰ পৰিমাণৰ পাৰ্থক্য ঘটে। পাহাৰৰ অনুবাত ঢালত বিশেষকৈ কাৰ্বি পাহাৰৰ পূৱফালে তথা ডিমা-হাছাও পাহাৰৰ উত্তৰ আৰু পূবফালে বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস পায়। এই কাৰণতে নগাওঁ জিলাৰ দক্ষিণ অংশতো বৰষুণ কম হয়।

10. কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ কাৰ্বি মালভূমিক কপিলী উপত্যকাই পূৱ আৰু পশ্চিম দুটা খণ্ডত বিভক্ত কৰিছে। ইয়াৰে পূৱৰ খণ্ডটোৱে ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বোকাজান মহকুমাত বিস্তৃত হৈ আছে। এই খণ্ডটো পশ্চিমৰ খণ্ডটোতকৈ আকাৰত প্ৰায় দুগুণে ডাঙৰ। আনহাতে পশ্চিমৰ খণ্ডটোৱে কাৰ্বি আংলং জিলাখনৰ হামৰেণ মহকুমাটো সামৰি লৈছে।

এই উচ্চ ভূমিৰ উত্তৰাংশত অৱস্থিত কাৰ্বি উচ্চভূমি প্ৰকৃততে মেঘালয় মালভূমিৰ পৰ্বতম অংশহে। ই ধৰাপৃষ্ঠত অতি প্ৰাচীন কালৰে পৰাই তাৰ্থাৎ পাক কেম্বিয়ান যুগৰ পৰাই বৰ্তি আছে। কালক্ৰমত ইয়াৰ ওপৰৰ অংশবোৰ অবক্ষয়, নগ্নীভবন আৰু পৰিবহণ প্ৰক্ৰিয়াত এৰা গৈ এতিয়া সেইবোৰ কঠিনতম অংশবোৰহে অবশিষ্ট পৰ্বত হিচাপেথিয় হৈ আছে। কাৰ্বি মালভূমিৰ পশ্চিমাংশৰ নাম হামৰেন। কপিলী আৰু ইয়াৰ জুৰিবোৰ লগ লাগিকৰা ক্ষয়কাৰ্যৰদ্বাৰা ইটো পাহাৰৰ পৰা সিটো পাহাৰ পৃথক কৰিছে। এই পাহাৰবোৰৰ উচ্চতা সাধাৰণতে ১০০ মিটাৰৰ পৰা ৫০০ মিটাৰ।

11. 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা।
উত্তৰঃ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা হল 3,11,69,272 ভন। জনসংখ্যা অনুসৰি আটাইতকৈ ডাঙৰ জিলাখন হ’ল 1,948,632 জন জিলা হল— ধুবুৰী। সৰু জিলাখন হ’ল— 213,529 জন জিলা হ’ল-ডিমা-হাছাও।

12. অসন, ভূ-প্ৰাকৃতিক ভাগকেইটা কি কি?
উত্তৰঃ অসমৰ ভূ-প্ৰকৃতিক চাৰিটা ভাগত ভাগ কৰিছে। সেইকেইটা হ’ল—
(ক) ব্ৰহ্মপুত্ৰ উপত্যকা
(খ) বৰাক উপত্যকা
(গ) কাৰ্বি মালভূমি
(ঘ) বৰাইল আৰু দক্ষিণৰ পৰ্বত বাশি।

13. গ্ৰীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি?
উত্তৰঃ গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা। ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ-পূৱ অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে। ইয়াৰোপৰিবৰাক উপত্যকাৰ প্ৰায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ-পশ্চিম মৌচুমী বতাহে বাধাপ্ৰাপ্ত হৈ ব্ৰক সমভূমি অঞ্চলতো যথেষ্ট পৰিমাণে বৰষুণ দিয়ে।

দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ এটা অংশ মেঘালয় মালভূমি অতিক্ৰম কৰি আৰু আন এটা অংশ ৰাজ্যখনৰ পশ্চিম ফালেদি সোমাই আহি নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত বৰষুণ দিয়ে। অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ শৈলোৎক্ষেপন (Orographic) আৰু চক্ৰবাত (Cyclonic) প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়।

14. ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰুদক্ষিণ পাৰৰপ্ৰত্যেকৰে চাৰিখনকৈ প্ৰধান উপনৈৰ নাম লিখা।
উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰধান উপনৈ সমূহ হ’ল— সোৱণশিৰি, ৰঙানদী, বুৰৈ, বৰগাং, জীৱালী, গাভৰু, বেলশিৰি, ধনশিৰি, নোৱানদী, ন-নৈ, বৰনদী, পুঠিমাৰী, পাগলাদিয়া ইত্যাদি।

ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ প্ৰধাণ উপনৈ সমূহ হ’ল— বুঢ়ীদিহিং, দিহাং, দিখৌ, জাঁজী, ভোগদৈ, ধনশ্ৰী, কপিলী, কুলশী, কৃষাই জিনাৰী ইত্যাদি।

15. অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি?
উত্তৰঃ মৃত্তিকাৰ ভৌতিক আৰু ৰাসায়নিক গুণবোৰ নষ্ট হৈ মৃত্তিকাৰ অৱক্ষয় হৈছে। প্ৰাকৃতিক কাৰকবিলাকৰ ভিতৰত পাহাৰৰ ঢালত প্ৰাকৃতিক কাৰণত হোৱা ভূমি ক্ষয়, সমভূমি আৰু নিম্নভূমি অঞ্চলত সৃষ্টি হোৱা জলবন্ধন সমস্যাই প্ৰধান। মৃত্তিকাৰ অৱক্ষয়ৰ ক্ষেত্ৰত বৰ্তমান সময়ত প্ৰাকৃতিক কাৰকবোৰতকৈ মানৱ-সৃষ্ট কাৰকবোৰ বেছি সক্ৰিয় হৈ পৰিছে। মানৱ-সৃষ্ট কাৰকবোৰৰ ভিতৰত (ক) গছ-গছনি কটাৰ ফলত বৃদ্ধি হোৱা পৃষ্ঠ জলপ্ৰৱাহৰ দ্বাৰা হোৱা পৃষ্ঠ মৃত্তিকা ক্ষয়, (খ) এঢলীয়া ভূমিত অবৈজ্ঞানিকভাৱে মাটি চহাই খেতি কৰা, (গ) পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতি, (ঘ) মানুহৰ বসতি তথা অন্যান্য কাৰ্যৰ দ্বাৰা উদ্ভৱ হোৱা কৃত্ৰিম জলবন্ধন সমস্যা, আৰু (ঙ) অধিক শস্য উৎপাদনৰ বাবে খেতি-পথাৰত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগ আদিয়েই প্ৰধান।

READ MORE  অসমত ব্ৰিটিছ প্রশাসনৰ আৰম্ভণি | Chapter 5 | Class 9 Social Science - SEBA

16. মাজুলীৰ ভৌগোলিক অৱস্থান আৰু সৃষ্টি সম্পৰ্কে লিখা।
উত্তৰঃ নদীৰ বুকুত চলি থকা খনন, পৰিবহণ আৰু অৱক্ষেপন প্ৰক্ৰিয়াৰ উপৰিও বানপানীৰ প্ৰভাৱত এই চৰবোৰৰ আকাৰ, আকৃতি আৰু অৱস্থানৰ সলনি হৈ থাকে। যোৰহাট জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী নদী-দ্বীপৰ সৃষ্টি হৈছে। ই পৃথিৱীৰ ভিতৰতে এটা অন্যতম বৃহৎ নদীদ্বীপ বুলি জনাজাত। ২০০১ চনৰ লোকপিয়ল অনুসৰি ১,৫৩,৩৬২ জনসংখ্যাৰ বসতিস্থল মাজুলীয়ে ৪২১.৬৫ বৰ্গকিলোমিটাৰ মাটিকালি জুৰি আছে আৰু ই যোৰহাট জিলাৰ এটা মহকুমা।।

17. অসমৰ বৰ্তমান জিলা কেইখন আৰু সদৰ ঠাইৰ নাম লিখা।
উত্তৰঃ অসমৰ বৰ্তমান জিলা 27 খন। আৰু সদৰ ঠাই সমূহ হ’ল ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাও, কাজলগাওঁ, বৰপেটা, নলবাৰী, মছলপুৰ, আমিন গাওঁ, গুৱাহাটী, মংগলদৈ, ওদালগুৰি, তেজপুৰ, লক্ষীমপুৰ, ধেমাজি,নগাওঁ, মৰিগাওঁ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিফু, হাফলং, কৰিমগঞ্জ, শিলচৰ, হইলাকান্দি।।

18. শিলচৰ নাৰৰ জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি হোৱাৰ কাৰণ কি?
উত্তৰঃ শিলচৰ নগৰখন ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰস্থল। মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা এই তিনিখন ৰাজ্য তথা বৰাক সমতলৰ যাযায়ত পৰিবহণ আৰু বেহা-বেপাৰৰ প্ৰধান স্থল হিচাপে শিলচৰৰ গুৰুত্ব অধিক। ইয়াৰ বাদেও শিলচৰ নগৰখন বৰাক সমতলৰ চাহ শিল্প কেন্দ্ৰ। যোৱা দুটা দশকত শিলচৰত বহুতো সৰু শিল্প উদ্যোগৰ লগতে উচ্চ শিক্ষাৰ অনুষ্ঠান গঢ়ি উঠিছে। এনে সা- সুবিধাবোৰ থকা কাৰণে শিলচৰ নগৰৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।

19. বৰাইল আৰু দক্ষিণ পৰ্বত ৰাশিৰ বৈশিষ্ট্য চমুকৈবৰ্ণনা কৰা।
উত্তৰঃ নাগালেণ্ডৰ টুৱেনচাঙৰ পৰা পশ্চিমৰ ফালে বিস্তৃত হোৱা বৰাইল পৰ্বতৰ একাংশ অসমৰ ডিমা হাছাও জিলাত প্ৰসাৰিত হৈ আছে। বৰাইল পৰ্বতে প্ৰকৃততে পূবৰ নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে আৰু লগতে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলক দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰফালে টাল খোৱা অংশটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত আৰু দক্ষিণৰ
ফালে ঢাল খোৱা অংশটো বৰাক উপত্যকাৰ অন্তত হৈছে। উত্তৰফালে ঢাল খোৱা অংশটো দক্ষিণৰ ফালে ঢাল খোৱা অংশটোতকৈ তুলনামূলকভাৱে চাপৰ।

20. অসমৰ বৰষুণৰ স্থানিক বিতৰণ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ ৰাজ্যখনত বছৰি গড় হিচাপে প্ৰায় 200 ছেণ্টিমিটাৰ বৰষুণ হয় অৱশ্যে অসমৰ বিভিন্ন ঠাইৰ পৰিমাণ অধ্যয়ণ কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয়। ৰাজ্যখনৰ এক সুকীয়া ভূ-প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্যভূমিৰ প্ৰভাৱে বৰষুণৰ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয়। ইয়াৰ উপৰি উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আৰু শিৱসাগৰ জিলা, নামনি অসমৰ কোকৰাঝাৰ আৰু ধুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি ভিাত বছৰি 250 ছেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। আনহাতে মধ্য অসমৰ নগাওঁ আৰু কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম। উল্লেখযোগ্য যে লংকা লামডিং অঞ্চলত বছৰি গড় বৰষুণ কেৱল 129 ছেণ্টিমিটাৰ পৰ্যন্ত হয়।

21. অসমৰ অৰণ্যসমূহক কি কি ভাগত ভাগ কৰিব পাৰি?
উত্তৰঃ অসমৰ অৰণ্যক পাঁচটা ভাগত ভাগ কৰিছে। সেই কেইটা হ’ল—
(ক) ক্ৰান্তীয় চিৰসেউজ অৰণ্য (খ) ক্ৰান্তীয় অৰ্ধচিৰসেউজীয়া অৰণ্য
(গ) ক্ৰান্তীয় আৰ্দ্ৰপৰ্ণপাতী অৰণ্য
(ঘ) নৈপৰীয়া অৰণ্য
(ঙ) ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য

22. বৰাক সমতলত থকা সংৰক্ষিত বনাঞ্চলসমূহ কি কি?
উত্তৰঃ বৰাক সমতলৰ উত্তৰে উত্তৰ কাছাৰ পাহাৰৰ পাদদেশত উত্তৰ কাছাৰ আৰু বৰাইল নামেৰে দুখন বৃহৎ সংৰক্ষিত বনাঞ্চল আছে। বৰাক সমতলৰ পূবৰ পিনে মণিপুৰৰ পাহাৰবোৰৰ পাদদেশত উজনি জিৰি নামনি জিৰি আৰু বৰাক নামৰ তিনিখন সংৰক্ষিত বন আছে।

সমতলখনৰ দক্ষিণৰ মিজোৰামৰ পাহাৰবোৰৰ পাদদেশত বৃহৎ ইনাৰলাইন, সোণাই, কাটাখাল ছিংলা আৰু লংগাই নামেৰে চাৰিখন। সংৰক্ষিত বন আছে। আকৌ সমতলখনৰ পশ্চিম অংশত বাদছাহ টিলা, দোহালীয়া আৰু টিলাবাম পাহাৰ নামৰে তিনিখন সংৰক্ষিত বন আছে।

23. বৰ্ষাৰণ্য কাক বোলে? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩০০ চেণ্টিমিটাৰ বা তাতোকৈ বেছি হোৱা ঠাইত হোৱা অৰণ্যকে বৰ্ষাৰণ্য বুলি কোৱা হয়। অৰুণাচল প্ৰদেশৰ নামনিৰ পাহাৰৰ পাদদেশীয় এলেকা, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দক্ষিণ অংশ আৰু বৰাক উপত্যকাৰ পাহাৰীয়া অঞ্চলত এই প্ৰকাৰৰ অৰণ্য দেখা যায়। এ চিৰসেউজীয়া অৰণ্য তিনিতৰপীয়া। প্ৰথম তৰপটো অতি ওখ গছৰ দ্বাৰা গঠিত হোৱাৰ দৰে অসমৰ বৰ্ষাৰণ্যত হোললাং, শলখ, মেকাই আদি অতি ওখ গছ পোৱা যায়। ইয়াতকৈ কিছু কম ওখ গছে। দ্বিতীয়টো তৰপ গঠন কৰে। এই তৰপত সাধাৰণতে নাহৰ, চিয়া নাহৰ, আমাৰি আদি গছ দেখা যায়। একেবাৰে তলৰ তৰপ চাপৰ গছবন আদি থাকে।

চিৰসেউজীয়া অৰণ্যত গছৰ উপৰি নানা বিধ লতা, তৰা, বাঁহ-বেত, কপৌফুল।

24. স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পৰ্কে লিখা।
উত্তৰঃ বৃটিছৰ শাসনকালত মেঘালয়, নাগালেণ্ডৰ উপৰি ছিলেটো আৰু 1895 চনত লচাই পাহাৰো অশমৰ অন্তভক্ত আছিল। কিন্তু 1947 চনত ভাৰত বিভাজনৰ সময়ত ছিলে অংশটো অসমৰ পৰা বিছিন্ন হৈ পূব পাকিস্তানৰ লগ লাগিছিল। পিছলৈ 1963 চনত নাগালেণ্ড, 1970 চনত মেঘালয় আৰু 1971 চনত মিজোৰাম অসম ৰাজ্যৰ পৰা পৃথক হয়। 1972 চনতে গুৱাহাটীৰ দিছপুৰত অশমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয়। সেই 1971 চনৰ পৰা বৰ্তমানলৈকে অসমৰ মাটিকালি তথা ভৌগলিক সীমা পৰিসৰ একেই আছে। অসমৰ বৰ্তমান মাটিকালি 78.438 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 31 নিযুত। কেৱল কিছুমান এ প্ৰসাশনিক সুবিধা অসুবিধা আৰু ৰাজ্যখনত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ ৰাজ্যখনৰ একে পৰিসৰতে নতুন জিলা গঠন কৰা হৈছে।

25. অসমৰ মাটিকালি কিমান? ৰাজ্যখনৰ ৰাজধানী কত অৱস্থিত?ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা।
উত্তৰঃ অসমৰ মাটিকালি হৈছে— 78.438 বৰ্গকিলোমিটাৰ। অসমৰ ৰাজধানী দিছপুৰ। ইয়াৰ মাটিকালি আটাইতকৈ ডাঙৰ জিলা খন হল— কাৰ্বি আংলং ইয়াৰ মাটিকালি হল 10,434 বৰ্গকিলোমিটাৰ আৰু সৰু জিলাখন হ’ল কামৰূপ মহানগৰ, ইৰ মাটি কালি হ’ল 627 বৰ্গ কিলোমিটাৰ।

26. মানৱ-সৃষ্টি কাৰবোৰ কি কি?
উত্তৰঃ (ক) গছ-গছনি কটাৰ ফলত বৃদ্ধি হোৱা পৃষ্ঠ জলপ্ৰবাহৰ দ্বাৰা হোৱা পৃষ্ঠ মৃত্তিকা।

(খ) এঢলীয়া ভূমিত অবৈজ্ঞানিকভাৱে মাটি চহাই খেতি কৰা।

(গ) পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতি।।

(ঘ) মানুহৰ বসতি তথা অন্যান্য কাৰ্যৰ দ্বাৰা উদ্ভৱ হোৱা কৃত্ৰিম জলৰোধ সমস্যা।

(ঙ) অধিক শস্য উৎপাদনৰ বাবে খেতি পথাৰত অত্যাধিক মাত্ৰাত ৰাসয়নিক সাৰ প্ৰয়োগ আদিয়েই প্ৰধাণ।

27. পৰ্ণপাতী উদ্ভিদ কাক বোলে? কেনেকুৱা প্ৰাকৃতিক অৱস্থাত পোৱা যায়? চাৰিবিধ পৰ্ণপাতী গছৰ নাম লিখা।
উত্তৰঃ যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ ১০০-২০০ ছে.মি.ৰ ভিতৰত সেইবোৰ ঠাইত পৰ্ণপাতী উদ্ভিদৰ প্ৰাধান্য দেখা যায়। মৌচুমী।

বায়ুৰ পৰা বৃষ্টিপাতৰ পৰিমাণ বেছি হোৱা বাবে এই শ্ৰেণীৰ উদ্ভিদক মৌচুমী উদ্ভিদো বোলে। পৰ্ণপাতী উদ্ভিদবোৰ হ’ল- শাল, চেগুণ, শিঙৰি, বনচোম, উৰিয়াম, আজাৰ, পমা, গমাৰি, শিমলু, কঁঠাল, শিলিখা খয়ুেৰ, শিৰিষ, ঔটেঙা, কদম আদিয়েই প্ৰধান। ব্ৰহ্মপুত্ৰ সমতল অঞ্চল ক্ৰান্তীয় মৌচুমী অঞ্চলৰ অন্তৰ্গত। পৰ্ণপাতী উদ্ভিদ এই অঞ্চলতে বিশেষকৈ পোৱা যায়।

28. অসমৰ জলবায়ু কোন প্ৰকাৰৰ জলবায়ুৰ আস্থত?
উত্তৰঃ অসমখন ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ৰ অন্তত! এই ৰাজ্যখনত বছৰটোৰ গ্ৰীষ্মকালত অতিপাত বৃষ্টি, শীতকালত শুষ্ক অৱস্থা আৰু প্ৰায় সকলো সময়তে অত্যধিক আদ্ৰৰ্তা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে। অসমৰ জলবায়ু মূলতঃ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত যদিও ৰাজ্যখনৰ ভৌগোলিক বৈচিত্ৰ্যই ইয়াৰ জলবায়ুও যথেষ্ট বৈচিত্ৰ্যময় কৰি তুলিছে।

বছৰটোৰ বেলেগ বেলেগ সময়ত জলবায়ুৰ উপাদানসমূহৰ অৱস্থাৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি অসমত প্ৰধানকৈ চাৰিটা জলবায়বীয়, ঋতু বা কাল চিনাক্ত কৰা হৈছে। এই ঋতুকেইটা হ’ল— প্ৰাক্ মৌচুমী, মৌচুমী, প্ৰত্যাৱৰ্তিত মৌচুমী আৰু শুষ্ক শীতকাল।

29. বৰাক সমতলৰ সংৰক্ষিত বনসমূহত পোৱা মূল্যৱান গছ আৰু বন্য প্ৰাণীসমূহ কি কি?
উত্তৰঃ বৰাক সমতলৰ সংৰক্ষিত বনসমুহত পোৱা মূল্যৱান গছ গছনিসমূহ হৈছে অৰ্জুন, চাম, নাহৰ, পমা, গমাৰি, গন্ধসৰৈ, জাম, হিজল, শিমলু আদিৰ লগতে বিভিন্ন প্ৰকাৰৰ বাঁহ, যেনে— ভলুকা, জাতি আদি।

সমতলখনত পোৱা প্ৰধান বন্যপ্ৰাণীসমূহ হৈছে- হাতী, হৰিণা, শৰ, বনৰৌ, বান্দৰ, হলৌ, বাঘ। বৰাক সমতলত থকা নদী আৰু জলাশয়বোৰত বিভিন্ন প্ৰকাৰৰ মাছৰ লগতে উদ আৰু কাছ পোৱা যায়।

30. অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আৰু সেইবোৰত পোৱা, প্ৰধান বন্য প্ৰাণীবোৰৰ নাম লিখা।
উত্তৰঃ (ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঃ প্ৰধান বন্যপ্ৰাণীবোৰ— এক শিঙিয়া গঁড়, হাতী, হলৌ বান্দৰ, বনৰীয়া মহ।

(খ) ওৰাং ৰাষ্ট্ৰীয় উদ্যানঃ বন্যপ্ৰাণীবোৰ হ’ল— এটা খড়গৰ। – গড়, বাঘ, হৰিণা, পৰিভ্ৰমী চৰাই।

(গ) মানস ৰাষ্ট্ৰীয় উদ্যানঃ বন্যপ্ৰাণীৰোব হ’ল— ঢেঁকীয়াপতীয়া বাঘ, হৰিণা।

(ঘ) ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানঃ বন্যপ্ৰাণীবোৰ হ’ল— হাতী, বাঘ, বনৰীয়া ঘোঁৰা, দেওহহ।

(ঙ) নামেৰি ৰাষ্ট্ৰীয় উদ্যানঃ বন্যপ্ৰাণীবোৰ— বাঘ, হাতী, – ভালুক, ধনেশ পক্ষী, হলৌ বান্দৰ।।

31. অসমৰ জলবায়ুৰ বৈশিষ্ট্য সম্পৰ্কে লিখা।
উত্তৰঃ অসমখন ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। এই ৰাজ্যখনত বছটোৰ গ্ৰীষ্মকালত অতিপাত বৃষ্টি, শীতকালত শুষ্ক অৱস্থা আৰু প্ৰায় সকলো সময়তে অত্যধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে। অসমৰ জলবায়ু মূলতঃ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত যদিও ৰাজ্যখনৰ ভৌগোলিক বৈচিত্ৰ্যই ইয়াৰ জলবায়ুও যথেষ্ট বৈচিত্ৰ্যময় কৰি তুলিছে। ঋতুভেদে উত্তৰ পশ্চিম ভাৰত ভূখণ্ডৰ পৰিবৰ্তিত বায়ুৰ চাপৰ প্ৰভাৱো অসমৰ জলবায়ুত পৰে। ইয়াৰোপৰি স্থানীয়ভাৱে প্ৰবাহিত পাৰ্বত্য বতাহ, উপত্যকা বতাহ আৰু নদ-নদী তথা অন্যান্য জলভূমিৰ উপস্থিতিয়ে স্থানীয় পৰ্যায় জলবায়ুৰ বৈশিষ্ট্যত যথেষ্ট প্ৰভাৱ পেলায়। সাধাৰণতে গ্ৰীষ্মকালত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলৰ বায়ু ইয়াৰ কাষৰীয়া পাহাৰীয়া অঞ্চলৰ তুলনাত কিছু উষ্ণ হৈ থাকে, এইবাবেই গ্ৰীষ্মকালত সমভূমি অঞ্চলত স্থানীয়ভাৱে এক প্ৰকাৰ নিম্নচাপ সৃষ্টি হয়।

গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ-পূৱ অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে। ইয়াৰোপৰি বৰাক উপত্যকাৰ প্ৰায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ-পশ্চিম মৌচুমী বতাহে বাধাপ্ৰাপ্ত হৈ বৰাক সমভূমি অঞ্চলতো যথেষ্ট পৰিমাণে বৰষুণ দিয়ে।

READ MORE  অৰ্থনীতিৰ মৌলিক বিষয়সমূহ | Chapter 12 | Class 9 Social Science - SEBA

শীতকালত উষ্ণতা হ্ৰাস পাই ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত এক উচ্চ চাপৰ সৃষ্টি হয়। আনহাতে সেই সময়ত বঙ্গোপসাগৰত তুলনামূলকভাৱে এক নিম্নচাপে বিৰাজ কৰে। গ্ৰীষ্ম আৰু শীতকালৰ মাজত হোৱা এনে চাপৰ পাৰ্থক্যৰ বাবে শীতকালত বতাহৰ দশৰো গ্ৰীষ্মকালৰ দক্ষিণ-পশ্চিম মৌচুমীৰ সম্পূৰ্ণ ওলোটা হয়। বছৰটোৰ শীত আৰু গ্ৰীষ্মকালৰ মাজত উষ্ণতাৰ পাৰ্থক্য মন কৰিবলগীয়া। গড় হিচাপে শীতকালত উষ্ণতাৰ পৰিমাণ প্ৰায় ৭° ছেন্টিগ্ৰেড আৰু গ্ৰীষ্মকালত ৩৫° ছেণ্টিগ্ৰেড পৰ্যন্ত হয়। ৰাজ্যখনত বছৰি গড় হিচাপে প্ৰায় ২০০ ছেণ্টিমিটাৰ বৰষুণ হয়।

বছৰটোৰ বেলেগ বেলেগ সময়ত জলবায়ুৰ উপাদানসমূহৰ অৱস্থাৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি অসমত প্ৰধানকৈ চাৰিটা জলবায়বীয় ঋতু বা কাল চিনাক্ত কৰা হৈছে। এই ঋতুকেইটা হল প্ৰাক মৌচুমী, মৌচুমী, প্ৰত্যাৱৰ্তিত মৌচুমী আৰু শুষ্ক শীতকাল।

32. ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া।
উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজত অৱস্থিত মাজে-সময়ে অথবা সঘনে বানপানী হোৱা অঞ্চলটোৰ লগতে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ বুকুৰ চৰ-চাপৰি অঞ্চলটোক ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি বুলি জনা যায়। এই প্লাৱনভূমি অৱশ্যে সকলো ঠাইতে সমানে বহল নহয়। ব্ৰহ্মপুত্ৰ পাৰত ঠায়ে ঠায়ে অৱস্থিত টিলা আৰু নদীৰ পাৰত গেদ জমা হৈ সৃষ্টি হোৱা তত্বন্ধ (levee)ৰ বাবে কিছুমান ঠাইত প্লাৱনভূমিৰ প্ৰস্থ হ্ৰাস হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশেষকৈ ধেমাজি আৰু বৰপেটা জিলাৰ প্লাৱনভূমি অঞ্চলত অসংখ্য বিল আৰু জলাশয় সৃষ্টি হৈছে। আনহাতে, দক্ষিণ পাৰৰ প্লাৱনভূমি তুলনামূলকভাৱে ঠেক। অৱশ্যে ই বুঢ়ীদিহিং, দিচাং, ধনশ্ৰী, কলংকপিলী আৰু কুলশী নৈৰ মোহনা অঞ্চলত কিছু বহল হৈছে।

ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিবোৰক সামৰি ইয়াৰ মাজৰ চৰ-চাপৰি অঞ্চলটোক সক্ৰিয় প্লাৱনভূমি বুলি কোৱা হয়। ব্ৰহ্মপুত্ৰ নদীখন অসমত গড়ে প্ৰায় ৬ৰ পৰা ৮ কিলোমিটাৰ পৰ্যন্ত বহল। ই জলপৰিবহণ আৰু গেদপৰিবহণৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে এখন লেখত ল’বলগীয়া নদী। নদীখনৰ বিশালতা আৰু ইয়াৰ সক্ৰিয় খনন, পৰিবহণ আৰু অৱক্ষেপন প্ৰক্ৰিয়াৰ বাবে ই স্বাভাৱিকতে অস্থিৰ আৰু ইয়াৰ সুঁতিবোৰে সঘনে গতি সলাই থাকে। ব্ৰহ্মপুত্ৰ নদীখনে সৃষ্টি কৰা গৰাখহনীয়া আৰু বানপানী অসমৰ জলন্ত সমস্যাৰূপে পৰিগণিত হৈছে। নদীখনৰ বুকুত প্ৰায় ৬০০ অেধিক সৰু -বৰ আকাৰৰ বালিচৰ আছে। এই বালিচৰবোৰৰ কিছুমান স্থায়ী আৰু কিছুমান অস্থায়ী আৰু বেছিভাগেই অস্থায়ী। নদীৰ বুকুত চলি থকা খনন, পৰিবহণ আৰু অৱক্ষেপন প্ৰক্ৰিয়াৰ উপৰিও বানপানীৰ প্ৰভাৱত এই চৰবোৰৰ আকাৰ, আকৃতি আৰু অৱস্থানৰ সলনি হৈ থাকে। যোৰহাট জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী নদী-দ্বীপৰ সৃষ্টি হৈছে। ই পৃথিৱীৰ ভিতৰতে এটা অন্যতম বৃহৎ নদী-দ্বীপ বুলি জনাজাত। ২০০১ চনৰ লোকপিয়ল অনুসৰি ১,৫৩,৩৬২ জনসংখ্যাৰ বসতিস্থল মাজুলীয়ে ৪২১.৬৫, বৰ্গকিলোমিটাৰ মাটিকালি জুৰি আছে আৰু ই যোৰহাট জিলাৰ এটা মহকুমা। বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই মাজুলীৰ জনজীৱন বিপৰ্যস্ত কৰি পেলাইছে। গৰাখহনীয়াৰ ফলত মাজুলীৰ, মাটিকালি বছৰি কমি গৈছে।

33. অসমৰ চাৰিটালবায়বীয় ঋতুকিকি?ইহঁতৰ বৈশিষ্ট্যসমূহলিখা।
উত্তৰঃ অসমৰ প্ৰধান চাৰিটা জলবায়বীয় ঋতুকেইটা হ’ল— প্ৰাক্ মৌচুমী, মৌচুমী, প্ৰত্যাৱৰ্তিত মৌচুমী আৰু শুষ্ক শীতকাল।

প্ৰাক্ মৌচুমীঃ অসমত প্ৰা মৌচুমীকাল মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা মে’ মাহৰ শেষলৈকে বিৰাজ কৰে। প্ৰাক্ মৌচুমী কালৰ সময়চোৱাত পুৱাৰ ভাগ আৰামদায়ক, উষ্ণ দুপৰীয়া, পৰিশ্ৰান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতিকম সময়ৰ। বাবে বিজুলী চেংৰকণীৰে বৰষুণ হয়। এই সময়ত বায়ুমণ্ডলত এক প্ৰকাৰৰ অস্থিৰতাই বিৰাজ কৰে আৰু মাজে মাজে ধূলিৰ ধুমুহা আৰু গাজনি ঢেৰেকণীৰে বৰষুণৰ সৃষ্টি হয়। মৌচুমী কালৰ আগতে হোৱা এই বৃষ্টিপাতে ধান, চাহ আৰু মৰাপাট খেতিত সহায়ক হয়।

মৌচুমী ও অসমত সাধাৰণতে মৌচুমীকাল জুন মাহৰ আৰম্ভণিৰে পৰা ছেপ্টেৰ মাহৰ শেষলৈকে বিৰাজ কৰে। এই সময়চোৱাত দক্ষিণ পশ্চিম মৌচুমী বায়ুপ্ৰৱাহৰ প্ৰভাৱত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয়। এই কালচোৱাৰ জুন, জুলাই আৰু আগষ্ট মাহত সৰ্বাধিক বৃষ্টিপাত হয়! উল্লেখযোগ্য যে অসমৰ বছৰি হোৱা মুঠ বৰষুণৰ (গড়ে প্ৰায় ২০০ ছেণ্টিমিটাৰ) প্ৰায় ৭০ শতাংশ এই তিনিমাহতে হয়।

প্ৰত্যাৱৰ্তিত মৌচুমী ও ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে দক্ষিণ-পশ্চিম মৌচুমী বতাহ উভতিবলৈ ধৰে। অৰ্থাৎ এই সময়ত বৰ্ষাকাল শেষ হোৱাৰ ফলত উষ্ণতা আৰু বৃষ্টিপাত হ্ৰাস পায়। উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাজ্যখনৰ বায়ুৰ চাপ বৃদ্ধি পাবলৈ ধৰে আৰু সেয়ে বায়ুৰ প্ৰৱাহ। সম্পূৰ্ণ ওলোটা হৈ উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিম দিশলৈ হয়। ইয়াকে উত্তৰ-পূব মৌচুমী প্ৰৱাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ বোলা হয়।। সাধাৰণতে অক্টোবৰ আৰু নবেম্বৰ দুমাহৰ বাবে অসমত প্ৰত্যাৱৰ্তিত মৌচুমী কাল বিৰাজ কৰে। এই সময়চোৱাত উষ্ণতা হ্ৰাস পোৱাৰ। ফলত ৰাতি আৰু পুৱাৰ ভাগত কৱলী পৰে।

শুষ্ক শীতকালঃ অসমত নৱেম্বৰ মাহৰ শে বা ডিচেম্বৰ মাহৰ আৰম্ভণিৰ পৰা ফেব্‌ৰুৱাৰী মাহৰ শেষলৈকে শীতকাল। অসমত শীতকালৰ বৈশিষ্ট্য হ’ল নিম্ন উষ্ণতা (১০° ছেণ্টিগ্ৰেডৰ তললৈ), পুৱাৰ ভাগত ঘন কুঁৱলী আৰু বৰষুণৰ অভাৱত এক অতি শুষ্ক অৱস্থা। সেয়ে বছৰটোৰ ডিচেম্বৰ আৰু জানুৱাৰী এই দুমাহ অতি শুকান আৰু জানুৱাৰী মাহটো অতিপাত ঠাণ্ডা হয়।

34. ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া।
উত্তৰঃ অসমৰ উত্তৰাংশত ভূটান আৰু অৰুণাচল হিমালয়ৰ পাদদেশত ব্ৰহ্মপুত্ৰ সমতল অৱস্থিত। এই সমতল ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ সংলগ্ন অসংখ্য উপনৈৰ দ্বাৰা গঠিত উৰ্বৰ সমতল ভূমি। ইয়াৰ মুঠ মাটিকালি প্ৰায় ৫৪,৪০০ বৰ্গ কিলোমিটাৰ। অৰ্থাৎ এই সমতলভূমিয়ে অসমৰ মুঠ আয়তনৰ ৬৯.৫ অংশ ঠাই জুৰি আছে।

ব্ৰহ্মপুত্ৰ সমতল পূবৰ পৰা পশ্চিমলৈ দীঘলে প্ৰায় ৭২০ কিঃ মিঃ। উত্তৰৰ পৰা দক্ষিণলৈ ই গড়ে ৯০ কিঃ মিঃ মান বহল। এই সমতলৰ ভূ প্ৰকৃতি অতি মন কৰিবলগীয়া। এই সমতলৰ পূবৰ পৰা পশ্চিমলৈ ঢাল অতি কম। সেয়েহে সমতলখনত বা তাৰ আশে-পাশে বাৰিষা দুদিনমান বৰষুণ দিলেই বৰষুণৰ পানী যাব নোৱাৰি নৈখন পানীৰে উপচি পৰি বানপানীৰ সৃষ্টি কৰে। এই সমতলখনত উত্তৰৰ হিমালয় আৰু দক্ষিণৰ নগা পাহাৰ, কাৰ্বি পাহাৰ, উত্তৰ কাছাৰ পাহাৰ আৰু মেঘালয়ৰ পৰা প্ৰায় ৪০খন ডাঙৰ উপনৈ আহিব্ৰহ্মপুত্ৰত পৰিছেহি।। এই উপনৈবোৰৰ কাষত বহুতোন-পুৰণি নৈৰ সুতি, খাল, দোং, বিল, জলাহ, পিটনি আদি আছে। তদুপৰি ব্ৰহ্মপুত্ৰৰ বুকুত শিল, বালি, বোকা আদি জমা হৈ বহুতো চৰ চাপৰি, দ্বীপবালুকা আদিৰ সৃষ্টি হৈছে।

মতলখনৰ উত্তৰ পাৰৰ ঘাই উপনৈসমূহ হৈছে – সোঁৱণশিৰি, ৰঙানৈ, ডিক্ৰং, বৰগাং, জীয়া ভৰলু, গাভৰু, জীয়া ধনশিৰি, বৰনদী, পাগলাদিয়া, মানস, চম্পাৱতী, সৰল ভাঙা, গদাধৰ আৰু সোণকোষ। দক্ষিণ পাৰৰ উপনৈসমূহহ’ল-ডিব্ৰু,বুঢ়ীদিহিং, দিছাং, দিখৌ, জাঁজি, ভোগদৈ, কাকডোঙা, ধনশিৰি, কলং, কপিলী, ডিগাৰু, কুলসী, দুধনৈ, কৃষ্ণাই, জিনাৰী আৰু জিঞ্জিৰাম।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰকৃতিৰ এটা বিশেষ মন কৰিবলগীয়া বৈশিষ্ট্য যে ইয়াৰ নৈবোৰত বাৰিষা গৰাখহনীয়া হয়। তদুপৰি ইয়াৰ ডাঙৰ ডাঙৰউপনৈবোৰেশীৰ্ষখনন কৰি পাহাৰৰ মাজলৈ সমতলখন অলপ অলপ বহলাইনি আছে। সেয়ে সমতলখনৰ গিৰিপদীয় সীমাৰেখা একা-বেঁকা। এই সমতলত বহুতো টিলা আছে। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ঠায়ে ঠায়ে অতি প্ৰাচীন শিলাৰে গঠিত এনে টিলা আৰু পাহাৰ পোৱা যায়। এই টিলাবোৰ প্ৰায়বোৰেই দৰাচলতে মেঘালয়ৰ উত্তৰলৈ আগবাঢ়ি অহা অংশহে।

ব্ৰহ্মপুত্ৰ সমতলৰ উল্লেখযোগ্য ভূ-প্ৰাকৃতিক বৈশিষ্ট্য হ’লব্ৰহ্মপুত্ৰ নৈৰ উজনি ভাগত যোৰহাটজিলাৰ উৰাংশত অৱস্থিত মাজুলি।ইপৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ। বৰ্তমান ইয়াৰ মাটিকালি ৮০০ বৰ্গ কিঃ মিঃ। এক ব্ৰহ্মপুত্ৰ সমতলৰ আন এক প্ৰাকৃতিক বৈশিষ্ট্য হৈছে ইয়াৰ উত্তৰ অংশৰ হিমালয়ৰ পাদদেশত লাগি থকা অঞ্চল ডাঠ অৰণ্যৰে আবৰা। এই অৰণ্য অঞ্চলৰ দক্ষিণলৈ গাতে লাগি থকা অঞ্চলত সেমেকা মাটিৰে ওখ ওখ ঘাঁহবন দেখা যায়। এনে অঞ্চলক টই অঞ্চল বোলা হয়। এই সমতলৰ দক্ষিশ ভাগনগা পাহাৰ, কাৰ্বি পাহাৰ আৰু মেঘালয়ৰ পাহাৰবোৰৰ পাদদেশত অৰণ্য আৰু মাজে মাজে জলাহভূমি দেখা যায়।

35.অসমত পোৱী মৃত্তিকাৰ প্ৰকাৰসমূহৰ চমু বৰ্ণনা দিয়া।
উত্তৰঃ অসমত পোৱা মৃত্তিকাবোৰক চাৰিপ্ৰকাৰে ভগাব পাৰি। যেনে—
(১) পুলসুৱা মৃত্তিকা (Alluvial soil)
(২) গিৰিপদ মৃত্তিকা (Piedmont soil)
(৩) পাহাৰীয়া মৃত্তিকা (Hill soil)
(8) কংকৰ মৃত্তিকা (Laterite soil)

(১) পলসুৱা মৃত্তিকাঃ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলত বিস্তৃতভাৱে পলসুৱা মাটি পোৱা যায়। নদী আৰু উপনৈবিলাকে কঢ়িয়াই অনা পলস সমভূমিত বছৰ বছৰ ধৰি জমা হোৱাৰ ফলত পলসুৱা মাটি গঠন হৈছে। ই দুই প্ৰকাৰৰ, যেনে—
(ক) নতুন পলসুৱা মাটি আৰু
(খ) গুৰণি পলসুৱা মাটি।

নতুন পালসুৱা মাটি প্ৰধানকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইহঁতৰ উপনৈবোৰৰ সক্ৰিয় প্লাৱনভূমি আৰু নদী কাষৰীয় সমভূমি অঞ্চলত পোৱা যায়। এই মৃত্তিকা মধ্যমীয়াভাৱে ডাঠ আৰু দেখাত ধোঁৱা বৰণীয়া। মূলতঃ বালি আৰু পলস-বোকাৰে গঠিত এই মৃত্তিকা সামান্যভাৱে অম্লীয়। নদীৰ পাৰৰ মৃত্তিকা অৱশ্যে কেতিয়াবা প্ৰশমিত (neutral) অথবা সামান্যভাৱে ক্ষাৰকীয় অৱস্থাতো পোৱা যায়। এই মৃত্তিকাত সাধাৰণতে ফছফৰিক এচিড, নাইট্ৰজেন আৰু হিউমাছ প্ৰায় নাথাকে বুলিয়েই ক’ব পাৰি। সাধাৰণতে, পুৰণি পলসুৱা মাটিৰ ঔৰ ডাঠ আৰু দেখাত মুগা বৰণীয়া। এই মাটি কম- বেছি পৰিমাণে অশ্লীয় আৰু ই সুক্ষ্মৰ পৰা মোটা দানাযুক্ত পলসেৰে গঠিত।

(২) গিৰিপদ মৃত্তিকাঃ গিৰিপদ মৃত্তিকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰৰ হিমালয় পাদদেশৰ ঠেক গিৰিপদ অঞ্চলত পোৱা যায়। গিৰিপদ অঞ্চলটো ডাৱৰ আৰু তৰাই অঞ্চলৰ দ্বাৰা গঠিত। অসম- অৰুণাচল প্ৰদেশৰ সীমাত পূৱা-পশ্চিমাকৈ বিস্তৃত হৈ থকা ঠেক ভাবৰ অঞ্চলতে ভালেমান পলস শংকৰ (Alluvial cone) দ্বাৰা গঠিত হৈছে আৰু ইয়াৰ মৃত্তিকা অমিশ্ৰিত শিল, বালি আৰু বোকাৰে গঠিত। এই মৃত্তিকাৰ ডাঠ স্তৰ আছে। আনহাতে, ভাবৰ অঞ্চলৰ দক্ষিণৰ ৰাইঅঞ্চলৰ মৃত্তিকা পানীৰে সংপৃক্ত হৈ থাকে আৰু ইয়াত ওখ ঘাঁহ জাতীয় উদ্ভিদ দেখা যায়।

(৩) পাহাৰীয়া মৃত্তিকাঃ পাহাৰীয়া মৃত্তিকা সাধাৰণতে অসমৰ দক্ষিণাংশৰ পাহাৰীয়া অঞ্চলত পোৱা যায়। এই মৃত্তিকাত নাইট্ৰজেন আৰু জৈৱিক পদাৰ্থ যথেষ্ট পৰিমাণে থাকে। প্ৰাকৃতিক গঠন আৰু ৰাসায়নিক গুণাগুণৰ ভিত্তিত এই মৃত্তিকাক দুই প্ৰকাৰে ভগাব পাৰি, যেনে ৰঙা বালিয়া মৃত্তিকা আৰু ৰঙা পলসুৱা মৃত্তিকা। ইয়াৰ ভিতৰত ৰঙা বালিয়া মৃত্তিকা প্ৰধানকৈ শিলা ক্ষয়প্ৰাপ্ত হৈ উৎপত্তি হৈছে আৰু উৰ ভৰ ডাঠ। জৈৱিক পদাৰ্থ মিশ্ৰিত এই মৃত্তিকা মধ্যমীয়াৰ পৰা অধিক পৰিমাণে অম্লীয়। আনহাতে, ৰঙা পলসুৱা মৃত্তিকাৰ স্তৰ ডাঠ আৰু ই সুক্ষুৰ পৰা মোটা দানাযুক্ত পলসৰ দ্বাৰাই গঠিত। এই মৃত্তিকা সামান্যভাৱে আৰু মধ্যমীয়াভাৱে অম্লীয় আৰু ইয়াত নাজেন, ফছফৰিক এছিড, হিউমাছ আৰু চূণ অতি কম পৰিমাণে থাকে।

(৪) লেটেৰাইট বা কংকৰ মৃত্তিকাঃ এই মৃত্তিকা সাধাৰণতে ক’লা বৰণীয়া আৰু ইয়াৰ গঠন প্ৰধানকৈ বালিঅঁহীয়া। ইয়াত নাইট্ৰজেন, পটাছ, ফছফৰিক এচিড আৰু চূণ কম পৰিমাণে থাকে।

Leave a Comment

error: Content is protected !!
Scroll to Top