লাচিত দিৱসৰ ভাষণ | বীৰ লাচিত দিৱসৰ ভাষণ | বীৰ লাচিত বৰফুকনৰ ভাষণ | শৰাইঘাট যুদ্ধৰ ভাষণ | Lachit Divas Speech in Assamese | Lachit Borphukan Speech in Assamese | Commander Lachit Borphukan Speech | Lachit Divash Speech
লাচিত দিৱসৰ ভাষণ
নমস্কাৰ, অসমী আইৰ সুসন্তাত তথা বীৰ যোদ্ধা লাচিত বৰফুকনৰ ৪০০ (২০২৪ চন অনুযায়ী) সংখ্যক জন্ম জয়ন্তী উপলক্ষে আয়োজিত সভাৰ সম্মানীয় সভাপতি মহোদয়, সভাত উপস্থিত সম্মানীয় অতিথিবৃন্দ, মোৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয়, মোৰ সহকৰ্মী শিক্ষক সকল আৰু মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল। পোন প্ৰথমতে সকলোকে লাচিত দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি মই মোৰ চমু বক্তব্যৰ আৰম্ভণি কৰিছোঁ, কিবা ভূলভ্ৰান্তি হলে ক্ষমা কৰি দিব।
আজি আমি ইয়াতে মহাবীৰ লাচিত বৰফুকনৰ ৪০২ (২০২৪ চন অনুযায়ী) সংখ্যক জন্ম-জয়ন্তী পালনৰ উদ্দেশ্যে একগোট হৈছো। আজি ২৪ নৱেম্বৰ। প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো সমগ্ৰ অসমতে লাচিত দিৱস হিচাপে পালন কৰা হয়।
১৬২২ চনৰ ২৪ নৱেম্বৰৰ দিনটোতেই শিৱসাগৰত আহোম সাম্ৰাজ্যৰ মহানবীৰ তথা পৰাক্ৰমী যোদ্ধা লাচিত বৰফুকনৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী আইদেউ । সৰুৰে পৰাই লাচিত বৰফুকন সৎ, সাহসী আৰু স্পষ্টবাদী আছিল।
লাচিতৰ জন্ম ৰাজকীয় পৰিয়ালত হোৱা বাবে কৰ্তব্য পৰায়ন, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। নিজৰ বীৰত্ব, সততা আৰু কৰ্মনিষ্ঠা আদি গুণৰ বলত লাচিতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহ (চ্যু-পুং-মু’ঙ)ৰ দিনত আহোমৰ বৰ সেনাপতি আৰু বৰফুকন পদবী লাভ কৰিছিল।
১৬৭১ চনৰ বিখ্যাত শৰাইঘাটৰ যুদ্ধৰ তেখেত সেনাপতি আছিল। বৰফুকনৰ নেতৃত্বত ১৬৭১ চনত হোৱা শৰাইঘাটৰ যুদ্ধত আহোম সকলে মোগলক পৰাজিত কৰিছিল। লাচিত বৰফুকন এগৰাকী মহানবীৰ, নিঃস্বাৰ্থ দেশপ্ৰেমিক, সাহসী, পৰিশ্ৰমী, সৎ তথা তীক্ষ্ণ বুদ্ধিসম্পন্ন ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি আছিল। শৰাইঘাটৰ যুদ্ধৰ পাছতে ১৬৭২ চনৰ ২৫ এপ্ৰিল তাৰিখে এই মহান যোদ্ধাগৰাকীৰ মৃত্যু হয়।
অসমীয়া জাতিৰ গৌৰৱ তথা স্বভীমান লাচিত বৰফুকনক স্মৰণ কৰাৰ লগতে তেখেতক শ্ৰদ্ধা-ভক্তি জ্ঞাপন কৰাৰ অৰ্থে প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো লাচিত দিৱস হিচাপে পালন কৰা হয়।
লাচিত দিৱসৰ দিনাখন অসমত চৰকাৰী কাৰ্যালয় সমূহ বন্ধ ৰখা হয়। লাচিত বৰফুকনৰ জীৱনৰ লগত সংগতি ৰাখি বিদ্যালয়,মহাবিদ্যালয় আদিত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। লাচিত দিৱস প্ৰতিগৰাকী অসমীয়াৰ এটা গৌৰৱৰ দিন।
২০২২ চনত আমি লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী পালন কৰিছিলোঁ। লাচিত বৰফুকনৰ 800 সংখ্যক জন্মজয়ন্তী উপলক্ষে অসম চৰকাৰেওঁ বিভিন্ন কাৰ্যসূচী হাতত লৈছিল।
লাচিত বৰফুকন হ’ল অসম তথা অসমীয়াৰ বাবে এটা চিৰসেউজ সত্বা। অসমীয়া জাতি জীয়াই থকালৈকে লাচিত বৰফুকনৰ জাতীয়তাবোধ দেশপ্ৰেম সদায় অসমীয়াৰ মাজত প্ৰবাহিত হৈ ৰব। অসমীয়াৰ উত্তৰ প্ৰজন্মৰ বাবে লাচিত বৰফুকন হৈ ৰব সদায় অপৰাজেয় ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ প্ৰতীক।
শেষত, পুণৰবাৰ সকলোকে লাচিত বৰফুকনৰ জন্ম দিন উপলক্ষে লাচিত দিৱসৰ শুভেচ্ছা জলাই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। জয় আই অসম।