শিল্পী দিৱসৰ ভাষণ | Shilpi Divas Speech in Assamese

শিল্পী দিৱসৰ ভাষণ | Shilpi Divas Speech in Assamese

শিল্পী দিৱসৰ ভাষণ | Silpi Divas Speech | Shilpi Divas Speech in Assamese | ১৭ জানুৱাৰী তাৰিখৰ ভাষণ | জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাষণ | ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাষণ | Jyoti Prasad Agarwala Speech | Rupkonwar Jyoti Prasad Agarwala Speech in Assamese


শিল্পী দিৱসৰ ভাষণ

নমস্কাৰ, আজিৰ এই সভাৰ সভাপতি মহোদয়, শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয়, উপস্থিত অতিথিবৃন্দ, শ্ৰদ্ধাৰ শিক্ষাগুৰু সকল,মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধুবান্ধবী সকল। পোন প্ৰথমে শিল্পী দিৱসৰ শুভকামনা জনাই মোৰ আজিৰ চমু বক্তব্যৰ আৰম্ভণি কৰিছোঁ। কিবা ভুল ভ্ৰান্তি হ’লে ক্ষমা মাৰ্জনীয়।

আমি আজি ইয়াত উপস্থিত হৈছো শিল্পী দিৱস উদযাপন কৰিবলৈ। আজি হ’ল শিল্পী দিৱস। আমি প্ৰতি বছৰে ১৭ জানুৱাৰী তাৰিখে শিল্পী দিৱস উদযাপন কৰোঁ। ১৭ জানুৱাৰী হ’ল ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি। ১৯৫১ চনৰ আজিৰ তাৰিখতে এই মহান ব্যক্তিজনাৰ পৰলোক প্ৰাপ্তি ঘটিছিল। 

ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১৯০৩ চনৰ ১৭ জুন তাৰিখে ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিছাত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা। জ্যোতি প্ৰসাদে উচ্চশিক্ষা আহৰনৰ বাবে এডিনবাৰ্গলৈ যায় আৰু পিছত জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয়। উভতি আহি তেখেতে স্বাধীনতা আন্দোলত ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰে। তেখেতেই প্ৰথম অসমীয়া বোলছবি “জয়মতী”ৰ নিৰ্মাণ কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰায় ৩০০ মান গীত ৰচনা কৰি থৈ গৈছে আৰু সেইবোৰক আমি জ্যোতি সংগীত বুলি কওঁ। 

ইয়াৰ উপৰি তেখেতে বিভিন্ন নাটক, গল্প, উপন্যাস, কবিতা, গান আৰু প্ৰবন্ধৰ স্ৰষ্টা, শিশু-সাহিত্য আদি ৰচনা কৰি অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ ভঁড়াল চহকী কৰি থৈ য়ায়। 

জ্যোতিপ্ৰসাদে তেওঁৰ নাট, গীত, নৃত্য চিত্ৰকলা আদি অসমৰ সকলোতে চিৰযুগমীয়া, অপৰূপ, ৰূপ-সৌন্দৰ্য ফুটাই তুলিবলৈ চেষ্টা কৰিছিল। জ্যোতিৰ জেউতিৰে অসমীয়া-সাহিত্য সংস্কৃতিক উজলাই তুলি সুন্দৰ কৰি তুলিবলৈ সুন্দৰৰ পূজাৰীজনে মনে প্ৰাণে চেষ্টা কৰিছিল আৰু বহুখিনি সফল হৈছিল। 

READ MORE  বীৰ চিলাৰায় দিৱসৰ ভাষণ | Bir Chilarai Divas Speech in Assamese

মুঠতে জ্যোতিপ্ৰসাদ হাড়ে-হিমজুৱে অসমীয়া হোৱাৰ লগতে এজন বিশ্ব নাগৰিক। ১৯৫১ চনৰ ১৭ জানুৱাৰীত মাত্ৰ ৪৮ বছৰ বয়সত তেখেতে ইহলীলা সম্বৰণ কৰ। 

শেষত আমি আজি তেখেতৰ মৃত্যু তিথিত শ্ৰদ্ধাৰে শুৱৰিছোঁ আৰু তেখেতৰ আত্মৰ চিৰশান্তিৰ বাবে কামনা কৰিছোঁ আৰু তেখেতৰ গীত-মাত সমূহ জীয়াই ৰাখিব পাৰো তাৰেই কামনা কৰি মই আজিৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।

Leave a Comment

error: Content is protected !!
Scroll to Top