ভাৰতবৰ্ষৰ ভূগোল

ভাৰতবৰ্ষৰ ভূগোল | Chapter 8 | Class 9 Social Science – SEBA

ভাৰতবৰ্ষৰ ভূগোল | ভূগোল | Chapter 8 | Class 9 Social Science Question and Answer | Assam Class 9 Social Science Solutions | SEBA Class 9 HSLC Social Science Chapter 8 Notes | SEBA Class 9 HSLC Social Science Chapter 8 Question and Answer | Questions and Answers for Class 9 Social Science Chapter 8 ভাৰতবৰ্ষৰ ভূগোল | HSLC Social Science Questions and Answers Assam


ভাৰতবৰ্ষৰ ভূগোল

Very Short Type Questions and Answers (Marks : 1/2)

1. জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ স্থান কি?
উত্তৰঃ দ্বিতীয়।

2. হিমালয় অঞ্চলৰ পৰা বৈ অহা তিনিখন প্ৰধান নৈৰ নাম লিখা।
উত্তৰঃ সিন্ধু, গঙ্গা আৰু ব্ৰহ্মপুত্ৰ।

3. ভাৰতৰ মুঠ মাটিকালি কিমান?
উত্তৰঃ ভাৰতৰ মুঠ মাটিকালি হৈছে–32,87,263 বৰ্গ কিলোমিটাৰ।

4. ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি?
উত্তৰঃ ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন হ’ল— তেলেংগানা।

5. ভাৰতৰ অৰ্থনীতিৰ বৈশিষ্ট্য কেইটা কি কি?
উত্তৰঃ অত্যাধিক জনসংখ্যা, দৰিদ্ৰতা, কৃষি নিৰ্ভৰশীলতা আৰু বৰ্ধিত নিবনুৱাৰ সমস্যা।

6. হিমালয় পৰ্বল কেনে যুগত সৃষ্টি হৈছিল?
উত্তৰঃ হিমালয় পৰ্বতমালা টাৰচিয়েৰি যুগত সৃষ্টি হৈছিল।

7. ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন?
উত্তৰঃ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল 7 খন।

8. ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন?
উত্তৰঃ ভাৰতৰ বৰ্তমান ৰাজ্য 29 খন।

9. ভাৰতবৰ্ষৰ ভূপ্ৰাকৃতিক কেই ভাগ?
উত্তৰঃ ভাৰতবৰ্ষৰ ভূ-প্ৰাকৃতিক ভাগ চাৰিটা।

10. জনপ্ৰব্ৰজন কেই প্ৰকাৰ আৰু কি কি?
উত্তৰঃ জনপ্ৰবজন দুই প্ৰকাৰৰ-বাহ্যিক প্ৰব্ৰজন আৰু আভ্যন্তৰীণ প্ৰবজন।

11. ভাৰতত বছৰটোত প্ৰধাণকৈ অনুভূত হোৱা ঋতু কেইটা আৰু কি কি?
উত্তৰঃ ভাৰতত বছৰটোত প্ৰধাণকৈ অনুভূত হোৱা ঋতু চাৰিটা। সেইকেইটা হ’ল— শীতকাল, প্ৰাকৰ্ষাকাল, বৰ্ষাকাল, প্ৰক শীতকাল।

12. পঞ্জাৱ হাৰিয়ানা সমভূমি কি?
উত্তৰঃ শতদ্ৰু, বিপাশা আৰু ৰাবি নদীয়ে গঠন কৰা সমভূমিয়ে হৈছে পঞ্জাৱ হাৰিয়ানা সমভূমি।

13. ভাৰতত পৃথিৱীৰ কিমান শতাংশ মাটিকালি আছে।
উত্তৰঃ ভাৰতত পৃথিৱীৰ মুঠ মাটিকালি আছে 2.4 শতাংশ।

14. পশ্চিম উপকূলত থকা হ্ৰদ তিনিটা কি কি?
উত্তৰঃ চিল্কা, কোলাৰ আৰু পলিকট।

15. ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান?
উত্তৰঃ ১৫,২০০ কিলোমিটাৰ ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য।

16. অসমৰ মাটিকালি কিমান?
উত্তৰঃ অসমৰ মাটি কালি 1,60,205 বৰ্গ কিলোমিটাৰ।

17. ভাৰতবৰ্ষ পৃথিৱীৰ ক’ত অৱস্থিত?
উত্তৰঃ ভাৰৱৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধ এছিয়া মহাদেশত অৱস্থিত।

18. ভাৰতবৰ্ষৰ কেইটামান হ্ৰদৰ নাম লিখা।
উত্তৰঃ হ্ৰদৰ ভিতৰত-কাশ্মীৰৰ উলাৰ, ৰাজপুতনাৰ পুস্কৰ আৰু সম্বৰ, উৰিষ্যা চিল্কা, তামিলনাডুৰ কোলাৰ আৰু পলিকট আৰু মণিপুৰৰ লকটক। হ্ৰদেই প্ৰধাণ।

19. ভাৰতৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান?
উত্তৰঃ ৬,১০০ কিঃমিঃ।

20. আন্দামান নিকোৰৰ দ্বীপপুঞ্জ কি দৰে গঠিত?
উত্তৰঃ আন্দামান অঞ্চলৰ 204 টা আৰু নিকোবৰ অঞ্চলৰ 11 টা সৰু বৰ দ্বীপক লৈ মুঠ 215 টা দ্বীপৰ সমষ্টিৰে গঠিত।

21. মেঘালয় চেৰাপুঞ্জীত কিমান চেণ্টিমিটাৰ বহুৰি বৰষুণ হয়?
উত্তৰঃ বছৰি 1250 চেণ্টিমিটাৰ বৰষুণ হয়।

22. চিৰসেউজ উদ্ভিদ কি?
উত্তৰঃ যি বিলাকে উদ্ভিদ বছৰৰ গোটেইদিন কেইটাতে সেউজীয়া। হৈ থাকে তেনে উদ্ভিদেই হ’ল চিৰ সেউজ উদ্ভিদ।

23. ভাৰতৰ উদ্ভিদসমূহক কেইভাগত ভগোৱা হৈছে লিখা।
উত্তৰঃ ভাৰতৰ উদ্ভিদ সমূহ ছয় ভাগত ভাগ কৰা হৈছে, সেইকেইটা হ’ল চিৰসেউজীয়া উদ্ভি, মৌচুমীয় উদ্ভিদ, কাঁইটীয়া মৰু উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, ব-দ্বীপীয় উদ্ভিদ আৰু পাৰ্বত্য উদ্ভিদ।

24. ভাৰতৰ কৃষিখণ্ডৰ গুৰুত্বৰ অপৰিসীম হোৱাৰ কাৰণ কেইটা কি কি?
উত্তৰঃ (ক) দেশখনৰ জনসাধাৰণে খাদ্য আহৰণৰ বাবে কৃষিখণ্ডৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়।
(খ) দেশৰ কৰ্মক্ষয় লোকৰ 60% কৈও অধিক লোক কৃষি খণ্ডত নিয়োজিত হৈ আছে।
(গ) দেশীয় আয়ৰ সৰ্বাধিক অংশ কৃষিখণ্ডই আগবঢ়াইছে।

25. ভাৰতবৰ্ষ কিমান উত্তৰৰ পৰা উত্তৰ অক্ষৰেখা আৰু কিমান পূবৰ পৰা পূৰ্ব দ্ৰাঘিৰেখাৰৰ মাজত অৱস্থিত?
উত্তৰঃ ভাৰতবৰ্ষ 80428 উত্তৰৰ পৰা 3701753 উত্তৰ অক্ষৰেখা আৰু 68°7/33 পূৰ্বৰ পৰা 9702447 পূৰ্ব দ্ৰাঘিমাৰেখাৰ মাজত অৱস্থিত।

26. ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান? ইয়াৰ ঘনত্ব কিমান?
উত্তৰঃ ভাৰতৰ বৰ্তমান জনসংখ্যা হ’ল 2011 চনৰ লোকপিয়ল মতে— 1, 21, 01, 93, 422 জন। ইয়াৰ ঘনত্ব হৈছে— (প্ৰতিবৰ্গ কিঃমিঃত) 382।

27. ভাৰতীয় অৰ্থনীতিত উদ্যোগখণ্ডৰ গুৰুত্বৰ কাৰণ কেইটা কি কি?
উত্তৰঃ (ক) স্বাধীনতাৰ পিছৰ পৰা দেশৰ অৰ্থনীতিত উদ্যোগ খণ্ডৰ অৰিহণা ক্ৰমান্তয়ে বৃদ্ধি পাব ধৰিছে।
(খ) ভাৰতবৰ্ষৰ দৰে নিবনুৱা সমস্যাবহুল দেশ এখনৰ বাবে উদ্যোগ খণ্ডৰ অৰিহণা অপৰীসীম।
(গ) আন্তঃগাঁথনি উন্নয়ন দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে অপৰিহাৰ্য।

Long Type Questions and Answers (Marks : 3/4/5)

1. ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ ভাৰতৰ চিৰসেউজ উদ্ভিদৰ বৈশিষ্ট্য সমূহ হ’ল—
(ক) চিৰসেউজ উদ্ভিদ দেখা যায় সেই অঞ্চলত যি অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰতকৈ অধিক আৰু বাৰ্ষিক গড় উত্তাপ 252 চেন্টিগ্ৰেতৰ পৰা 279 চেণ্টিগ্ৰেত অঞ্চল।

READ MORE  অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা | Chapter 3 | Class 10 Geography (E) - SEBA

(খ) চিৰসেউজ বননি সাধাৰণতে ওখ গছ-গছনিৰ সমষ্টি। ইয়াৰ গছ বিলাক 45 মিটাৰ পৰ্যন্ত ওখ হয়।

(গ) চিৰসেউজ উদ্ভিদ বিলাকৰ পাত বছৰৰ কোনো ঋতুতে নসৰে।

(ঘ) পশ্চিমঘাট পৰ্ব পশ্চিম ঢাল, আৰুণাচল হিমালয়ৰ নামনিভাগ, উজনি অসম, মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত চিৰসেউজ উদ্ভিদ দেখা যায়।

2.ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগকেইটা কি কি?
উত্তৰঃ ভূ-প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক মুঠ চাৰিটা ভাগত ভাগ কৰিছে। সেইকেইটা হ’ল—
(ক) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল
(খ) উত্তৰ ভবাৰতৰ সমভূমি অঞ্চল
(গ) দাক্ষিণাত্য মালভূমি অঞ্চল
(ঘ) উপকূল অঞ্চল।

3. ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্য সমূহ হ’ল—
(ক) নিম্ন জনমূৰি আয়।
(খ) জনমূৰি আয়ৰ মন্থৰ বৃদ্ধি।
(গ) অত্যাধিক জনসংখ্যাৰ চাপ।
(ঘ) দাৰিদ্ৰতা।
(ঙ) কৃষি নিৰ্ভৰশীলতা।
(চ) বৰ্ধিত নিবণুৱা সমস্যা। আৰু
(ছ) পৰিকল্পনা ভিত্তিক উন্নয়ন।

4. উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য সমূহ হ’ল—
(ক) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলক সিন্ধু-গঙ্গা ব্ৰহ্মপুত্ৰ সমভূমি বুলি জনা যায়।

(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ প্ৰস্থ ঠাই ভেদে বেলেগ বেলেগ হোৱা দেখা যায়।

(গ) পাঁচখন সৰবৰ সমভূমিৰ সমষ্টিয়েই হৈছে উত্তৰ ভাৰতৰ বিস্তৃত সমভূমি অঞ্চল।

(ঘ) উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল।

5. মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটা টোকা লিখা।
উত্তৰঃ মৌচুমী বতাহৰ প্ৰভাৱ ভাৰতৰ জলবায়ুত যথেষ্ঠ। বছৰৰ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বোলে। গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্ৰভাৱিত হয়। দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত ভবি৩৩ সোয়, সেয়ে এই বতাহ দক্ষিণ-পশ্চিম দিশৰ বা অঙৰ বাৰ ইয়াক প্ৰশিক্ষণ-পশ্চিম মৌচুমী বতাহ বোলে। মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি প্ৰায় 1,25) চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ দিয়ে। এই দক্ষিণ- পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষণ হয়। উত্তৰ পূব মৌচুমী বতাহ শীতকালত বলে। এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ-পূব দিশেৰে ভাৰতলৈ প্ৰভাৱিত হয় বাবে ইয়াক উত্তৰ-পূব মৌচুমী বতাহ বোলে।

6. উপকূল অঞ্চলৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ উপকূল অঞ্চলৰ বৈশিষ্ট্য হ’ল—
(ক) উপকূল অঞ্চল দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বংগোপসাগৰ আৰু আৰৱ সাগৰৰ পাৰে পাৰে অৱস্থিত।

(খ) ইয়াৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা 30 মিটাৰৰ পৰা 50 মিটাৰৰ ভিতৰত।

(গ) ভাৰতীয় উপকূল অঞ্চল দীঘল আৰু ঠেক।

(ঘ) উপকূল অঞ্চল দক্ষিণ ভাৰতৰ আটাইবিলাক প্ৰধান নদীয়ে – সৃষ্টি কৰা সমভূমি আৰু বদ্বীপৰ দ্বাৰা গঠিত।

7. ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য সমূহ হ’ল—
(ক) উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য অঞ্চলত অৱশ্যে সমৰল গছ বেছিকৈ দেখা যায়।

(খ) 1600 মিটাৰৰ পৰা 3000 মিটাৰ উচ্চতাত কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাঞ্চল, দাৰ্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেৱদকে ধৰি বিভিন্ন প্ৰজাতিৰ সৰল গছৰ অৰণ্য আছে।

(গ) ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ প্ৰকাৰ আৰু বিতৰণত উচ্চতাৰ যথেষ্ট প্ৰভাৱ আছে।

8. ভাৰতৰ বৰষুণৰ বিতৰণ সম্পৰ্কে এটি আভাস দিয়া।
উত্তৰঃ ভাৰতবৰ্ষৰ বাৰ্ষিক গড় বৰষুণৰ বিতৰণৰ মানচিত্ৰখনলৈ লক্ষ্য কৰিলে দেখা যায় যে উত্তৰ – পূৰ্বঞ্চলৰ হিমালয়ৰ নামনি অংশ, মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢালত অধিক বৰষুণ হয়। ভাৰতৰ অৰুণাচল প্ৰদেশৰ বহিঃহিমালয় অঞ্চলত বৰষুণ যথেষ্ট হোৱা দেখা যায়। এই অঞ্চলটোত বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ 400 চেণ্টি মিটাৰতকৈও বেছি। ইয়াৰ বিপৰীতে ৰাজস্থানৰ থৰ মৰুভূমি আৰু ইয়াৰ দাঁতিকাষৰীয় অঞ্চলত বছৰি গড়ে 50 চেণ্টিমিটাৰৰো কম বৰষুণ হয়। ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ উত্তৰ আৰু পশ্চিম অংশ আৰু গুজৰাট অঞ্চলত বৰষুণ হয়। কিন্তু ব্ৰহ্মপুত্ৰ সমভূমিকে ধৰি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ মধ্যমীয়া।

9. ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা কি কি?
উত্তৰঃ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা হ’ল—
(ক) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
(খ) চণ্ডীগড়
(গ) দিল্লী
(ঘ) দদ্ৰা আৰু নগৰ হাভেলী
(ঙ) ডমন আৰু ডিউ
(চ) লাক্ষাদ্বীপ
(ছ) পণ্ডিচেৰী।

10. উঃ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য সমূহ তলত উল্লেখ কৰা হ’ল—
(ক) হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত। এই পৰ্বতৰ বহুতো ঠাল ঠেঙুলি আছে।

READ MORE  বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ | Chapter 7 | Class 9 Social Science - SEBA

(খ) এই হিমালয় পৰ্বতমালা ভাৰতৰ বাহিৰেও নেপাল, ভূটান আৰু চীন দেশলৈকে বিস্তৃত হৈ আছে।

(গ) হিমালয় পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে।।

(ঘ) হিমালয় পাৰ্বত্য অঞ্চলটো প্ৰায় 2,500 কিলোমিটাৰ দীঘল আৰু প্ৰায় 240 কিলোমিটাৰৰ পৰা 500 কিলোমিটাৰ পৰ্যন্তবহুল এই পাৰ্বত্য অঞ্চলটোৱে প্ৰায় 5,00,000 বৰ্গ কিলোমিটাৰ মাটিকালি আগুৰি আছে।

(ঙ) চেপা খাই ওপৰলৈ উঠি অহা গেছবোৰে ঢৌৰ আকাৰ নৈ ভঙ্গিল পৰ্বতশ্ৰেণীৰ সৃষ্টি কৰে আৰু সেইবাবেই হিমালয় পাৰ্বতশ্ৰেণীক ভঙ্গিল পৰ্বত বুলি কোৱা হয়।

11. ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যসমূহ হ’ল—
(ক) ভাৰতবৰ্ষৰ অঞ্চলভেদে জলবায়ুৰ প্ৰধান উপাদান হ’ল— উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আদ্ৰতাৰ তাৰতম্য ঘটে।

(খ) ভাৰতৰ জলবায়ু দেশখনৰ বিশালতা, বিষুবৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতেই জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে।

(গ) জলবায়ু উত্তাপৰ তাৰতম্যৰ বাবে বেলেগ বেলেগ হয়।

(ঘ) সাগ’ৰ সান্নিধ্যৰ বাবে কোনো এখন ঠাইৰ জলবায়ু সম্ভাৱনাপন্ন হ’ব পাৰে।

12. ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান লিখা।
উত্তৰঃ ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত এখন উল্লেখযোগ্য দেশ। এই দেশ এছিয়া মহাদেশৰ অন্তৰ্গত। পৃথিৱীৰ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হৈছে ভাৰত। ইয়াৰ জলবায়ু, প্ৰাকৃতিক পৰিবেশ আৰু আৰ্থ-সামাজিক অৱস্থাৰ ভিন্নতাৰ বাবে এই বৈচিত্ৰ্য পৰিলক্ষিত হয়। ভাৰতবৰ্ষত এফালে এফালে যেনেকৈ বৰফেৰে আবৃত হিমালয় অঞ্চলৰ অতি শীতল জলবায়ু অনুভূত হয়। তেনেকৈ ৰাজস্থানৰ শুকান বালিময় মৰু অঞ্চলত অতিপাত গৰম জলবায়ু পোৱা যায়। এই দেশত অতি বৃষ্টিৰ ফলত কোনো কোনো অঞ্চলত বানপানী হয় যদিও অন্তু কোনো কোনো অঞ্চলত আকৌ অনাবৃষ্ঠিৰ বাবে পানীৰ নাটনি হয়। বহ’ল পাতৰ ডাঙৰ ডাঙৰ গছ-গছনিৰে ভৰা অৰণ্য অঞ্চলৰ বিপৰীতে পাত-নোহোৱা কাঁইটীয়া জোপোহা গছৰ অঞ্চলে দেশখনত দেখা যায়। পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, প্লাৱনভূমি আদি বিভিন্ন ভূ- প্ৰকৃতিৰে ভাৰতৰ ভূখণ্ড বৈচিত্ৰপূৰ্ণ। সমগ্ৰ ভাৰতবৰ্ষত বিভিন্ন ভাষা, সাজ-পোছাক, খাদ্য অভ্যাস আৰু সামাজিক ৰীতি-নীতিৰে বিভিন্ন গোষ্ঠী-জনগোষ্ঠীৰ সমাজ দেখা যায়। এছিয়া মহাদেশৰ দক্ষিণাংশত ভাৰতবৰ্ষ অৱস্থিত। ইয়াৰ উত্তৰে সু-উচ্চ হিমালয় পৰ্বৰ্থমালা আৰু চীন দেশ, দক্ষিণে ভাৰতৰ মহাসাগৰ আৰু শ্ৰীলংকা, পূৰ্বে বঙ্গোপ সাগৰ আৰু ম্যাণমাৰ আৰু পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান। এই দেশ 804/28 উত্তৰৰ পৰা 3791753 উত্তৰ অক্ষৰেখা আৰু 6807/33 পূবৰ পৰা মাটিকালি হৈছে 3,287,263 বৰ্গ কিলোমিটাৰ।

13. উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পাৰ্থক্য লিখা।
উত্তৰঃ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদী সমূহৰ মাজত থকা চাৰিটা পাৰ্থক্য হ’ল—
(ক) উত্তৰ ভাৰতৰ নদীবোৰ বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা ওলাই অহাৰ বাবে এই বিলাকত গোটেই বছৰ জুৰি পানীৰ সোঁত থাকে কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰ তুলনামূলকভাৱে চাপৰ পৰ্বত অথবা মালভূমিৰ পৰা বৈ অহাৰ কাৰণে এইবিলাক খৰালি কালত প্ৰায়েই শুকাই যায়।

(খ) উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চগতি, মধ্যগতি আৰু নিম্নগতি এই তিনিটা গতি স্পষ্টকৈ চকুত পৰে, কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ ক্ষেত্ৰত এই তিনিটা গতি স্পষ্টকৈ দেখা নাযায়।।

(গ) উত্তৰ ভাৰতৰ নদীবোৰৰ উপত্যকা বহ’ল আৰু এই নদীবোৰৰ বহুদূৰ সমতলৰ মাজেদি বৈ যোৱাৰ কাৰণে ইহঁতৰ গতি ধীৰ আৰু সেয়ে নাব্য। কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা কিছু ঠেক আৰু সাধাৰণতে খৰস্ৰোতা। সেয়েহে এই নদীবোৰ নাব্য নহয়।

(ঘ) উত্তৰ ভাৰতৰ নদী-অৱবাহিকাসমূহ পলসুৱা আৰু সাৰুৱা হোৱাৰ বাবে ঘন বসতিপূৰ্ণ, কিন্তু দক্ষিণ ভাৰতৰ নদী অৱবাহিকা সমূহ সিমান সাৰুৱা নহয়। সেয়ে তাত জনবসতি সেৰেঙা হোৱা দেখা যায়।

14. দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখ।
উত্তৰঃ দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য সমূহ হ’ল—
(ক) দাক্ষিণাত্য মালভূমি অঞ্চল আকৃতিত ত্ৰিভূজ এটাৰ দৰে।

(খ) এই মালভূমি অঞ্চলটো পূৰণি কঠিন শিলাৰে গঠিত।

(গ) দক্ষিণৰ এই মালভূমি অঞ্চলটোৰ পশ্চিম সীমাত আছে পশ্চিমঘাট পৰ্বতশ্ৰেণী আৰু পূৰ্ব সীমাত আছে পুৰ্বঘাট পৰ্বত শ্ৰেণী।

(ঘ) দাক্ষিণাত্য মালভূমি পশ্চিমঘাট পৰ্বতৰ ফালে ক্ৰমে ওখ আৰু পুৰ্বঘাট পৰ্বতৰফালে চাপৰ আৰু এঢলীয়া।

(ঙ) দাক্ষিণাত্য মালভূমি অঞ্চলৰ মাজেৰে নমদা আৰু তাপ্তী নামৰ দুখন প্ৰধান নদী পশ্চিমলৈ বৈ গৈছে আৰু দুয়োখন নদীয়েই কাম্বে উপসাগৰত পৰিছে।

15. ভাৰতৰ ভূ-খণ্ড সম্পৰ্কে এটি চমুটোকা লিখা।
উত্তৰঃ ভাৰতবৰ্ষত প্ৰায় সকলো দেশত প্ৰায় সকলো প্ৰকাৰৰ ভূ অবয়ৰ পোৱা যায়। পৰ্বত, পাহাৰ, মালভূমি, সমভূমি আদি মুখ্য ভূ অবয়ববোৰৰ লগতে সেইবোৰৰ বুকুত গঢ়ি উঠা গৌণ ভূ- অৱয়বসমূহে ভাৰতৰ ভূ-প্ৰাকৃতিক অৱস্থাক বিশেষভাৱে বৈশিষ্ট্যপূৰ্ণ কৰি তুলিছে। ভাৰতৰ মাটিকালিৰ 10.7% পৰ্বতেৰে, 18.6% সমভূমিৰে আবৃত হৈ আছে। ভাৰতৰ সমগ্ৰ উত্তৰ আৰু উত্তৰ-পূব সীমাত উচ্চ হিমালয় আৰু ইয়াৰ শাখা পৰ্বত অৱস্থিত। এই পাৰ্বত্য অঞ্চলত সু-উচ্চ পৰ্বতৰ শৃঙ্গ, তুষাৰ নৈ, থিয় গিৰিখাত, জলপ্ৰপাত আদি ভূ-অবয়ব সাধাৰণতে দেখা যায়। উত্তৰ ভাৰতৰ হিমালয় আৰু ইয়াৰ শাখা পৰ্বতমালাৰ দৰে দক্ষিণ ভাৰতত আৰাৱলী, বিন্ধ্য, সাতপুৰা, মহাদেৱ, মহাকাল, পূৰ্বঘাট, পশ্চিমঘাট আদি প্ৰধান পৰ্বতশ্ৰেণী অৱস্থিত, উত্তৰ ভাৰতত হিমালয়ৰ • পাৰ্বত্য অঞ্চলৰ পৰা বৈ অহা নদনদী সমূহৰ দ্বাৰা বিশাল সমভূমিৰ সৃষ্টি হৈছে। সিন্ধু, গঙ্গা, ব্ৰহ্মপুত্ৰ নদী আৰু ইহঁতৰ অলেখ উপনৈয়ে গঠন কৰা এই পলসুৱা বৃহৎ সমভূমিক সিন্ধ, গঙ্গা আৰু ব্ৰহ্মপুত্ৰৰ দৰে পৃথিৱীৰ ভিতৰতে উল্লেখযোগ্য নদী আছে। আনহাতে, দক্ষিণ ভাৰতৰ প্ৰধাণ নদীবিলাকৰ ভিতৰত নমধা, তাপ্তী, মহানদী, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী উল্লেখযোগ্য।

READ MORE  ভাৰতৰ ৰাজনৈতিক দল | Chapter 10 | Class 9 Social Science - SEBA

16. ভাৰতৰ প্ৰাকৃতিকবিভাগ কেইটাৰ বিষয়ে চমুকৈ আলোচনাকৰা।
উত্তৰঃ গঠন ওপৰত ভিত্তিত ভাৰতবৰ্ষক চাৰিটা প্ৰধান ভাগত বিভক্ত কব্বিপাৰি—
(ক) উত্তহিমালয় পাৰ্বত্য অঞ্চল।
(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল।
(গ) দাক্ষিণাত্য মালভূমি। আৰু
(ঘ) উপকুলীয়া নিন্মভূমি অঞ্চল।

(ক) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চলঃ কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূৰ্ব প্ৰান্তলৈকে হিমালয় পৰ্বতমালা বিস্তৃত হৈ আছে। ইয়াৰ ঠাল-ঠেঙুলিৰে ভাৰতৰ উত্তৰৰ পাৰ্বত্য অঞ্চল গঠিত। ই পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা। ইয়াৰ গড় উচ্চতা 6,091 মিটাৰ। প্ৰায় পাঁচ কোটি বছৰ আগতে সাগৰৰ তলিৰ পৰা উঠি অহা ভূ ভাগে এই বৃহৎ ভংগিল। পৰ্বতৰ সৃষ্টি কৰিছে। সেইবাবে ই স্তৰীভূত শিলাৰে গঠিত। হিমালয় পৰ্বত তিনিশাৰী পৰ্বতেৰে গঠিত। এই পৰ্বত তিনিশাৰীৰ দক্ষিণৰ শাৰীক অবহিমালা। মাজৰ শাৰীক মধ্য হিমালয় আৰু একেবাৰে উত্তৰৰ শাৰীক বৃহৎ বা মূল হিমালয় বোলে। অৱমিালয়ৰ পশ্চিম অংশক ছিৱালিক পাহাৰ বোলে। অৱহিমালয়ৰ উত্তৰত থকা উপত্যকাবোৰক পশ্চিমভালে জুন আৰু পূবফালে মাৰি বোলে। কাশ্মীৰৰ আহ’ল বহ’ল উপত্যকা, উলৰা হ্ৰদ। পিপাঞ্জল পৰ্বত, নেপালৰ মহাভাৰত লেখ পৰ্বতমালা এই মধ্য হিমালয় বা ক্ষুদ্ৰ হিমালয়ত অৱস্থিত। ইয়াৰ উচ্চতা 1,827-3,655 মিটাৰ। বৃহৎ হিমালয়ৰ গড় উচ্চতা হ’ল 6, 100 মিটাৰৰ অধিক। জাষ্কৰ, পিপাঞ্জল, চম্বা, কাংগাৰা, ধওলাধৰ আদি কেইবাখনো ওখ পৰ্বত আছে। হিমালয় পৰ্বতমালা অতিক্ৰম কৰিবলৈ অতি দুৰূহ। মাত্ৰ কেইটমান গিৰিপথেদিহে অতিক্ৰম কৰিব পাৰি। ইয়াৰ ভিতৰত লাখলৰ জোজিলা আৰু শতদ্ৰু নদীৰ তিব্বতৰ লগত সংযোগী ছিপকিলা গিৰিপথ, কাশ্মীৰৰ লেহ এগৰীৰৰ পৰা কাৰাকোৰাম পৰ্বতৰ চীনৰ ইয়াৰ খণ্ডলৈ যাব পৰা জেলেপলা গিৰিপথ, আৰু অৰুণাচলৰ পৰা ব্ৰহ্মদেশলৈ তেজুআন আৰু টাবাংগাপ গিৰিপথেদি অহা যোৱা কৰিব পাৰি। হিমালয়ৰ এই অংশতে ধবলগিৰি (8,162 মিঃ) এভাৰেষ্ট (4,848 মিঃ), কাঞ্চনজংঘা (4,598 মিঃ) আদি ওখ ওখ চিৰতুষাৰ বৃত শৃংগবোৰ অৱস্থিত।

(খ) উত্তৰ ভাৰতৰ নদী গঠিত সমভূমিঃ ই পূৰ্ব-পশ্চিমাকৈ 2,400 কিঃ মিঃ দীঘল আৰু 240-320 কিঃ মিঃ বহ’ল। ইয়াৰ পশ্চিম অংশত সিন্ধু আৰু ইয়াৰ উপনৈ শতদ্ৰু, বিপাশা, ইৰাৱতী, চন্দ্ৰভাগা আদি উপত্যকা মিলি পঞ্জাৱ সমভূমিৰ সৃষ্টি কৰিছে। ৰাজস্থানৰ একমাত্ৰ লেখত লবলগীয়া নৈ লুনী আজমীৰ চহৰৰ ওচৰৰ আনা সাগৰ হ্ৰদৰ পৰা ওলাই দক্ষিণ- পশ্চিমলৈ বৈ গৈ কচ্ছৰ ৰান অঞ্চলত সাগৰত পৰিছে। লুনী নৈ 450 কিঃ মিঃ দীঘল। ৰাজস্থানত চম্বৰ, পুষ্কৰ দিদৱানা। লনকৰণচাৰ, পাঁচপাদৰা আদি বহুতো লোনা পানীৰ হৃদ আছে। চম্বৰেই আটাইতকৈ ডাঙৰ হ্ৰদ আছে। চম্বৰেই আটাইতকৈ ডাঙৰ হ্ৰদ। গংগা, যমুনা সমভূমিৰ মাটিকালি প্ৰায় 3,57,000 বৰ্গ কিলোমটাৰ। গংগা আৰু যমুনা নৈৰ মাজৰ অংশক গংগা, যমুনা দোবাব বোলা হয়। গংগা নদীৰ উত্তৰৰ সমভূমিক পশ্চিম অংশক ৰোহিলাখণ্ড আৰু পূবৰ অংশক আউধ বোলে। বিহাৰৰ পূবত বংগদেশৰ উত্তৰ অংশক উত্তৰংগ সমভূমি আৰু দক্ষিণ অংশক ব’ দ্বীপ বোলে। ব্ৰহ্মপুত্ৰ উপত্যকা 722 কিঃ মিঃ দীঘল আৰু 96 কিঃ মিঃ আৰু বৰাক উপত্যকাৰ দৈৰ্ঘ 201 কিঃ মিঃ আৰু 96.5 কিঃ মিঃ বহ’ল।

(গ) দাক্ষিণাত্য মালভূমিঃ গংগা উপত্যকা, পূৰ্ব উপকূলীয় অঞ্চল আৰু পশ্চিম উপকূলীয় অঞ্চলৰ মাজত থকা ত্ৰিভূজাকৃতিৰ সমগ্ৰ অঞ্চলটো হ’ল দাক্ষিণাত্য মালভূমি। দাক্ষিণাত্য মালভূমিৰ পূবত পূৰ্বটি পৰ্বত আৰু পশ্চিমত পশ্চিমঘাট পবত আছে। সমগ্ৰ দাক্ষিণাত্য মালভূমিৰ পাহাৰবোৰ হয়জাত পাহাৰ আৰু গঞ্জোৱানা যুগৰ স্তৰীভূত শিলাৰে গঠিত।

(ঘ) উপকূলীয়া সমভূমিঃ ভাৰতৰ উপকূলীয় অঞ্চলক দুটা ভাগত ভাগ কৰিব পাৰি —
(i) পূব উপকূলীয়া সমভূমি অঞ্চল। আৰু
(ii) পশ্চিম উপকূলীয়া সমভূমি অঞ্চল।

(i) পূৰ্ব উপকূলীয়া সমভূমিঃ এই সমভূমি পূৰ্বঘাট পৰ্বত আৰু বংগোপসাগৰৰ মাজত বাংলাদেশৰ পৰা কুমাৰিকালৈকে 1,100 কিঃ মিঃ ঠাই জুৰি আছে। ই বহ’লে প্ৰায় 100-300 কিঃ মিঃ।

(ii) পশ্চিম উপকূলীয় অঞ্চলঃ এই অঞ্চলটো পশ্চিমঘাট পৰ্বত আৰু আৰৱ সাগৰৰ মাজত, কাম্বে উপসাগৰৰ পৰা কুমাৰিকালৈ 1,500 কিঃ মিঃ ঠাই জুৰি আছে। ই বলে প্ৰায় 10-15 কিঃ মিঃ।

Leave a Comment

error: Content is protected !!
Scroll to Top