মূল অর্থনৈতিক সমস্যাসমূহ

মূল অর্থনৈতিক সমস্যাসমূহ | Chapter 13 | Class 9 Social Science – SEBA

মূল অর্থনৈতিক সমস্যাসমূহ | অৰ্থনীতি বিজ্ঞান | Chapter 13 | Class 9 Social Science Question and Answer | Assam Class 9 Social Science Solutions | SEBA Class 9 HSLC Social Science Chapter 13 Notes | SEBA Class 9 HSLC Social Science Chapter 13 Question and Answer | Questions and Answers for Class 9 Social Science Chapter 13 মূল অর্থনৈতিক সমস্যাসমূহ | HSLC Social Science Questions and Answers Assam


মূল অর্থনৈতিক সমস্যাসমূহ

Very Short Type Questions and Answers (Marks : 1/2)

1. লিংগ অনুপাত সর্বনিম্ন আৰু সৰ্বাধিক থকা ৰাজ্যৰ নাম লিখা।
উত্তৰঃ কেৰেলাত লিংগ অনুপাত সৰ্বাধিক আৰু হাৰিয়ালাত সৰ্বনিম্ন।

2. চৰম দৰিদ্ৰতা। —সংজ্ঞা লিখা।
উত্তৰঃ চৰম দৰিদ্ৰতা বুলিলে এজন মানুহৰ ন্যূনতম প্রয়োজন পূৰণ কৰাৰ অক্ষমতাক বুজায়।

3. বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে?
উত্তৰঃ বিশ্বৰ মাটিকালিৰ কিমান ২.৪ শতাংশ ভাৰতত আছে।

4. ২০১১ চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষ আৰু অসমৰ জনসংখ্যা কিমান?
উত্তৰঃ ২০১১ চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যা হল ১২১ কোটি আৰু অসমৰ জনসংখ্যা হ’ল ৩১,২০৫,৫৭৬।

5. ভাৰতৰ সৰ্বাধিক লিংগঅনুপাত থকা ৰাজ্য কোনখন আৰু কিমান?
উত্তৰঃ ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত কেৰেলাত আটাইতকৈ বেছি আৰু ই হৈছে ১০৮৪।

6. বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়োগে কেতিয়া আগবঢ়াইছিল?
উত্তৰঃ বহনক্ষণ উন্নয়নৰ সংজ্ঞাটো987 চনত Brundtland”আয়োগে আগবঢ়াইছিল।

7. দৰিদ্ৰতাৰ সীমাৰেখাই কি কৰে?
উত্তৰঃ দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণ ৰেখাৰ এনে এক নিম্নতম সীমা নিৰ্দ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ এই দুটা ভাগত ভাগ কৰে।

8. অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা কিমান থাকে?
উত্তৰঃ অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা 10 জনতকৈ কম থাকে

9. মুদ্রাস্ফীতি কি?
উত্তৰঃ মুদ্রাস্ফীতি মানে দ্রব্য আৰু সেৱাৰ অবিৰতভাৱে সংঘটিত হোৱা মুল্যবৃদ্ধি।

10. কর্মী জনসংখ্যা – মুঠ কর্মী সংখ্যা × 100 সম্পূৰ্ণ কৰা।
উত্তৰঃ কর্মী জনসংখ্যা = মুঠ কর্মী সংখ্যা X 100
জনসংখ্যা

11. পৰিৱেশ চিন্তাবিদসকলৰ মূলমন্ত্র কি?
উত্তৰঃ পৰিৱেশ চিন্তাবিদসকলৰ মূলমন্ত্ৰ হৈছে— চিন্তা বিশ্বব্যাপী হওক, কার্যপন্থা স্থানীয় হওক।

12. দমিত মুদ্রাস্ফীতি কাক বোলে?
উত্তৰঃ চৰকাৰী নিয়ন্ত্ৰিত ব্যৱস্থাই মুদ্রাস্ফীতিক মুক্ত মুদ্রাস্ফীতিতকৈ কম ৰখাক দমিত মুদ্রাস্ফীতি বোলে।

13. অসমৰ জনসংখ্যা ঘনত্ব কিমান?
উত্তৰঃ অসমৰ জনসংখ্যা ঘনত্ব হৈছে ৩৯৭ জন।

14. দ্রুত জনসংখ্যা বৃদ্ধিয়ে সৃষ্টি কৰা সমস্যা দুটা উল্লেখ কৰা।
উত্তৰঃ সমস্যা দুটা হ’ল—
(১) নিবনুৱা সমস্যা।
(২) দৰিদ্ৰতাৰ সমস্যা।

15. অসমত লিংগ অনুপাত কিমান?
উত্তৰঃ অসমৰ লিংগ অনুপাত হৈছে 954।

16. আপেক্ষিক দৰিদ্ৰতা। —সংজ্ঞা লিখা।
উত্তৰঃ আপেক্ষিক দৰিদ্ৰতা বুলিলে আমি – জনসাধাৰণৰ আয়ৰ তুলনামূলক পার্থক্যক বুজা যায়। ইয়াত বিভিন্ন শ্ৰেণী, অঞ্চল বা দেশৰ তুলনাত দাৰিদ্ৰতাক নিৰ্ণয় কৰা হয়।

17. জনসংখ্যা ঘনত্ব বেছি আৰু কম থকা ৰাজ্য নাম লিখা।
উত্তৰঃ পশ্চিমবংগ হ’ল ঘনত্ব বেছি থকা ৰাজ্য আৰু কম থকা ৰাজ্য হ’ল অৰুণাচল প্ৰদেশ।

18. সেউজ অর্থনীতি। —সংজ্ঞা লিখা।
উত্তৰঃ যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম . উন্নয়ন লাভ কৰা, তেনে অর্থনীতিকে সেউজ অর্থনীতি বোলে।

19. ঔদ্যোগিক নিবনুৱা কাক বোলে?
উত্তৰঃ চহৰৰ উদ্যোগিক খণ্ডত যিসকল লোকে কর্মসংস্থাপনৰ সুবিধা লাভ নকৰে তেওঁলোকক ঔদ্যোগিক নিবনুৱা বুলি কোৱা হয়।

20. জনসংখ্যা ঘনত্ব। —সংজ্ঞা লিখা।
উত্তৰঃ জনসংখ্যা ঘনত্ব মানে হ’ল প্ৰতি বৰ্গ, কিলোমিটাৰত জনসংখ্যা।

21. শিক্ষিত নিবনুৱা কাক বোলে?
উত্তৰঃ উপযুক্ত শিক্ষিত অর্থ থকা স্বত্বেও যেতিয়া কোনো লোকে কর্ম সংস্থাপনৰ সুবিধা লাভ নকৰে তেওঁলোকক শিক্ষিত নিবনুৱা বোলে।

22. দৰিদ্ৰতা। —সংজ্ঞা লিখা।
উত্তৰঃ দৰিদ্ৰতাৰ সংজ্ঞা বিভিন্নজনে বিভিন্ন ধৰণে আগবঢ়াইছে। তাৰ ভিতৰত দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় যত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্রয়োজনসমূহ যেনে- খাদ্য, বস্ত্র, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যৰ্থ হয়।

23. বহনক্ষম উন্নয়ন। —সংজ্ঞা লিখা।
উত্তৰঃ 1987 Brundtland আয়োগে অর্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া নপৰে সেই উদ্দেশ্যে যিটো ধাৰণা আগবঢ়াইছিল। সিয়েই হৈছে বহনক্ষম উন্নয়ন।

24. ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ মল কাৰণবোৰ কি কি?
উত্তৰঃ ভাৰতবৰ্ষত দৰিদ্ৰতাৰ মুল কাৰণসমূহ হৈছে— দ্রুত হাৰত জনসংখ্যা বৃদ্ধি, নিৰক্ষৰতা, নিবনুৱা সমস্যা, কৃষিৰ নিম উৎপাদনশীল” দ্রুত উদ্যেগীকৰণৰ অভাৱ, ক্ৰমবৰ্ধমান মূল্যস্তৰ, পৰিকল্পনাৰ ত্রুটি, বৈষম্যমূলক বিতৰণ ইত্যাদি।

25. নিবনুৱা। —সংজ্ঞা লিখা।
উত্তৰঃ নিবনুৱা শব্দটো সেইসকল ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হয় যিসকল ব্যক্তি কর্মহীন। এই অৰ্থত যিসকল লোকে কাম কৰাৰ কোনো সুযোগ নাপায় তেওঁলোকক নিবনুৱা বুলি কোৱা হয়। কিন্তু অৰ্থনীতিত নিবনুৱা বুলি ক’লে সেইসকলক বুজায় যাৰ কাম কবার। ক্ষমতা আছে, কিন্তু কোনো উপযুক্ত সংস্থাপন নাপায়।

26. মুদ্রাস্ফীতিৰ কাৰণবোৰ কি কি?
উত্তৰঃ মুদ্রাস্ফীতিৰ কাৰণবোৰ হ’ল—
(ক) চাহিদাজনিত কাৰণ। আৰু
(খ) ব্যয়জনিত কাৰণ।

27. লিংগ অনুপাত। —সংজ্ঞা লিখা।
উত্তৰঃ লিংগ অনুপাত মানে হৈছে প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা। লিংগ অনুপাতে প্রত্যেক ৰাজ্যৰ প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা নির্ণয়ৰ ক্ষেত্ৰত সহায় কৰে।

28. অসমৰ নিবনুৱা সমস্যাৰ কাৰণ চাৰিটা উল্লেখ কৰা।
উত্তৰঃ (ক) অসমত জনসংখ্যা অত্যধিক বৃদ্ধি।
(খ) আওপুৰণি কৃষি ব্যৱস্থা।
(গ) অর্থনৈতিক কৃষি ব্যৱস্থা।
(ঘ) ত্রুটিপূর্ণ শিক্ষা ব্যৱস্থা; আদি।

29. নিৰনুৱা সংখ্যা গণনা কৰিবলৈ NSS 0-য়ে কোন কেইটা ধাৰণা উদ্ভাৱন কৰিছিল?
উত্তৰঃ (i) সচৰাচৰ ভিত্তিত বা চলিত বছৰৰ ভিত্তিত।
(ii) চলিত দৈনিক ভিত্তিত।
(iii) চলিত সাপ্তাহিক ভিত্তিত।

30. মুদ্রাস্ফীতি নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা। নীতিকেইটা উল্লেখ কৰা।
উত্তৰঃ মূদ্রাস্ফীতি নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা নীতিকেইটা হ’ল—
(i) মৌদ্রিকনীতি।
(ii) ৰাজকোষীয়নীতি। আৰু
(iii) অমৌদ্রিকনীতি।

31. দৰিদ্ৰতাৰ মূল তিনিটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ দৰিদ্ৰতাৰ মূল কাৰণ তিনিটা হ’ল—
(ক) ঐতিহাসিক।
(খ) অৰ্থনৈতিক। আৰু
(গ) সামাজিক।

32. সেউজ অর্থনীতি কাক বোলে?
উত্তৰঃ যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা, তেনে অর্থনীতিকে সেউজ অর্থনীতি বোলে।

33. জনসংখ্যা সমস্যাৰ মূল কাৰণ কি?
উত্তৰঃ যিবিলাকসমস্যাইভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে দেখা দিছে তাৰ ভিতৰত প্রধান সমস্যাটো হৈছে জন বিস্ফোৰণ।

34. ব্যয়জনিত মুদ্রাস্ফীতি সৃষ্টি হোৱা কাৰকেইটা উল্লেখ কৰা।
উত্তৰঃ ব্যয়জনিত মুদ্রাস্ফীতি সৃষ্টি হোৱা কাৰককেইটা হ’ল—
(ক) মজুৰি বৃদ্ধি।
(খ) লাভৰ পৰিমাণ বৃদ্ধি।
(গ) দ্ৰব্যৰ ওপৰত আৰোপ কৰা কৰৰ বাবে হোৱা বোজা।

READ MORE  ভাৰতৰ ৰাজনৈতিক দল | Chapter 10 | Class 9 Social Science - SEBA

Long Type Questions and Answers (Marks : 3/4/5)

1. ছদ্মবেশী নিবনুৱা কাক কয়?
উত্তৰঃ যেতিয়া এজন বা দুজনে কৰিব পৰা এটা কাম তাতকৈ অধিক শ্রমিকেলয়, এইসকলে দেখাত কাম কৰিলেও প্রকৃততে অতিৰিক্ত শ্রমিকে কামনকৰিলেও উৎপাদন কমিনাযায়। তেনে অতিৰিক্ত শ্রমিকক অদৃশ্যমান নিবনুৱা বা ছদ্মবেশী নিবনুৱা বোলেগাঁও অঞ্চলত কম মাটিত আৱশ্যবকৈ বেছি শ্রমিকে কাম কৰে, ৮ ঘণ্টাৰ ঠাইত ২/৪ ঘণ্টাহে কাম কৰি খেতি কৰে। এজনে কৰিব পৰা কামটোকে ২/৩বা তাতকৈ বেছি শ্রমিকে কৰে। এনে শ্রমিক ছদ্মবেশী নিবনুৱা বোলে। অর্থাৎ দিনে ৮ ঘণ্টাকৈ কাম নকৰা, সাময়িকভাৱে কাম কৰা লোককে ছদ্মবেশী বুলি ক’ব পাৰি।

2. দৰিদ্ৰতাৰ সীমাৰেখা কি? গাঁও অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা কি?
উত্তৰঃ দৰিদ্ৰতাৰ সীমাৰেখা মানে হ’ল ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰি ভিত্তিত আগবঢ়োৱা সংজ্ঞাৰ মতে গাঁও অঞ্চলত দৈনিক জনমূৰি ন্যূনতম 2400 কেলৰি আৰু চহৰ অঞ্চলত দৈনিক জনমূৰি ন্যূনতম 2100 কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়। এই পৰিমাণৰ কেলৰি ক্ৰয় কৰিব পৰা বা নোৱাৰাৰ এই সীমাটোক দৰিদ্ৰ সীমাৰেখা বুলি কোৱা হয়।

গাঁও অঞ্চলত অধিক কেলৰি প্ৰয়োজন হয় কাৰণ গাঁৱলীয়া লোকৰ চহৰীয়া লোকতকৈ শাৰীৰিক পৰিশ্ৰম বেছি। ন্যূনতম কেলৰি আহৰণ। কৰিবলৈ চলিত দৰৰ হিচাপত গাঁও অঞ্চলত আৰু চহৰ অঞ্চলত জনমূৰি মাহিলী ব্যয়ৰ পৰিমাণ উলিওৱা হয়।

3. অসম তথা ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ কেইটা উল্লেখ কৰা।
উত্তৰঃ অসমত তথা ভাৰতৰ জনসংখ্যার বৃদ্ধিৰ মূল কাৰণকেইটা হ’ল—
(i) উচ্চ জন্মহাৰ।
(iii) দৰিদ্ৰতা।
(ii) নিৰক্ষৰতা।
(iv) সামাজিক অজ্ঞতা।
(v) জনসংখ্যাৰ শিক্ষাৰ অভাৱ।

4. ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবোৰ আলোচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ মূল সমস্যাটোৱেই হৈছে জন বিস্ফোৰণ। জন বিস্ফোৰণে জনসংখ্যাৰ অত্যাধিক বৃদ্ধিকে সূচায়। জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হৈছে অশিক্ষিত। জনসংখ্যা বৃদ্ধি সমস্যাসমূহৰ ভিতৰত নিবনুৱা সমস্যা অন্যতম। যাৰ ফলত অধিক সংখ্যক ব্যক্তি উপযুক্ত নিয়োগৰ পৰা বঞ্চিত থাকিব লগা হয়। দ্রুত জনসংখ্যা বৃদ্ধিয়ে নিবনুৱা সমস্যাৰ সৃষ্টিত বৰঙণি যোগাই আহিছে। বর্ধিত জনসংখ্যা অনুপাতে নিয়োগৰ সা-সুবিধা পর্যাপ্ত নোহোৱাত নিবনুৱা সমস্যাই ভয়াবহ রূপলয়। জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত সন্মুখীন হ’বলগীয়া সমস্যাসমূহৰ ভিত্ৰত নিৰক্ষৰতা, দৰিদ্ৰতা, সামাজিক অজ্ঞতা আদিৰ কাৰণো হৈছে জনসংখ্যা বৃদ্ধি হোৱাৰ মূল কাৰণ। অধিক জনসংখ্যাই জনসাধাৰণৰ মাজত মৌলিক প্রয়োজনসমূহ উপভোগ কৰাৰ ক্ষেত্ৰত যথেষ্ট বাধা প্রদান কৰে।

5. বহনক্ষম উন্নয়ন। —চমুটোকা লিখা।
উত্তৰঃ অর্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যতে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া নপৰে সেই উদ্দেশ্য আগত ৰাখি 1987 চনত Brundtland আয়োগে দাঙি ধৰা ধাৰণাটোৱেই আছিল ২হাম বা অবিৰত উন্নয়ন। এই আয়োগক পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব তাগো বুলিও জনাজাত। আয়োগৰ মতে যি অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা বৰ্তমান প্ৰজন্মৰ অভাৱসমূহ দূৰ হ’ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যত প্ৰজন্মৰ অভাৱসমূহৰ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কলা নহয়, সেই অর্থনৈতিক উন্নয়নেইহ’ল বহনক্ষম বা অবিৰত অৰ্থনৈতিক উন্নয়ন।

6. ঋতুজ নিবনুৱা। —চমুটোকা লিখা।
উত্তৰঃ ভাৰতৰ গাঁও অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা হ’ল কৃষি, যি প্ৰকৃততে ঋতুভিত্তিক। কৃষিয়ে গ্রাম্য জনসংখ্যাক। গোটেইবছৰ ধৰি কাম আগবঢ়াব নোৱাৰে। গাঁও অঞ্চলৰবহু শস্য উৎপাদন প্ৰথা আৰু কামৰ ভিন্নমুখীকৰণ নথকাৰ ফলত এক বৃহৎ সংখ্যক গ্রাম্য জনসংখ্যা বছৰত 5-7 মাহ নিবনুৱা হৈবহি থাকিবলগীয়া হয়। এই নিবনুৱা সমস্যাক ঋতুজ নিবনুৱা সমস্যা বোলে। কিন্তু ঋতুজ নিবনুৱা সকলো বছৰৰ এটা সময়ৰ বাবেহে নিবনুৱা। বাকী সময়ত তেওঁলোক বনুৱা হয়। উদাহৰণস্বৰূপে কৃষিকাৰ্যত জড়িত লোকসকল ঋতুজ নিবনুৱা।

7. সেউজ অর্থনীতি। —চমুটোকা লিখা।
উত্তৰঃ যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতিতন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা তেনে অর্থনীতিকে সেউজ অর্থনীতি বোলা হয়।1987 চনত Brundtland আয়োগে দাঙি ধৰা বহনক্ষম বা অবিৰত উন্নয়ন ধাৰণাটো লাভ কৰাই হৈছে সেউজ অৰ্থনীতিৰ প্ৰধান লক্ষ্য। গতিকেপৰিৱেশ সচেতন ব্যক্তি আৰুপ্ৰতিষ্ঠানসমূহৰবাবে এতিয়া মূলমন্ত্ৰ হৈছেঃচিন্ত বিশ্বব্যাপী হওঁক, কার্যপন্থা স্থানীয় হওঁক। সেয়েতে অৰ্থনীতিৰ প্ৰধান লক্ষ্য হৈ পৰিছে। এখন সেউজীয়া পৃথিৱীৰ প্ৰতিপালন। আজিৰ প্ৰাচুৰ্য‍ই জাতে ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এখন বসবাসৰ অনুপযুক্ত, সম্পদহীন পৃথিৱী এৰি থৈ যাব পাৰে, সেয়েহে ভৱিষ্যতৰবাবে সেউজ অর্থনীতি বহনক্ষম উন্নয়নৰ নীতি অৱলম্বন কৰা অতি প্রয়োজন। সেয়ে ভৱিষ্যত প্ৰজন্মৰ প্ৰতি ভাবুকিৰ সৃষ্টি নকৰে, তাৰ বাবে এখন সেউজীয়া পৃথিৱীৰ আৱশ্যক।

8. চাহিদাজনিত আৰু ব্যয়জনিত মুদ্রাস্ফীতি। —চমুটোকা লিখা।
উত্তৰঃ চাহিদাজনিত আৰু ব্যয়জনিত মুদ্রাস্ফীতি হৈছেমুদ্রাস্ফীতিৰ দুটা মূল কাৰণ। চাহিদাজনিত মুদ্রাস্ফীতি হ’ল জনসাধাৰণৰ যেতিয়া দ্রব্য বা সেৱাৰ প্রতি চাহিদা অধিক। বৃদ্ধি পায় আৰু সেই অনুপাতে দ্ৰব্য আৰু সেৱাৰ যোগান বৃদ্ধি নাপায়। এনে অৱস্থাত মানুহৰৰ হাতত অধিক মুদ্রা বা ক্রয় ক্ষমতা থাকে, আৰু ইয়াৰে বজাৰত থকা কম পৰিমাণৰ দ্ৰব্য বা সেৱাৰ প্ৰতি চাহিদা বাড়ে। ফলত দ্ৰব্য আৰু সেৱা বিলাকৰ মূল্য বৃদ্ধি পায় আৰু মুদ্রাস্ফীতিৰ সৃষ্টি হয়।

মুদ্রাস্ফীতিৰ অন্য এক কাৰণ হ’ল দ্ৰব্য সেৱাৰ উৎপাদন ব্যয় বৃদ্ধি। ইয়াকে ব্যয়জনিত মুদ্রাস্ফীতিবুলি কোৱা হয়। ব্যয়জনিত মুদ্রাস্ফীতি তিনিটা কাৰণৰ ফলত উদ্ভৱ হয়—
(ক) মজুৰি বৃদ্ধি।
(খ) লাভৰ পৰ্মিাণ বৃদ্ধি। আৰু
(গ) দ্ৰব্যৰ ওপৰত আৰোপ কৰা কৰৰ বাবে হোৱা বোজা।

9. মুক্ত আৰু দমিত মুদ্রাস্ফীতি। —চমুটোকা লিখা।
উত্তৰঃ যেতিয়া দৰ স্তৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে আৰু দৰ দৰ অবাধে বৃদ্ধি হয় তেনে অৱস্থাকে মুক্ত মুদ্রাস্ফীতি বুলি কোৱা হয়। আনহাতেদি চৰকাৰে বিভিন্ন প্রত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰীভাৱে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্ৰণ কৰে। এনে নিয়ন্ত্ৰণ ব্যৱস্থাইদৰ স্তৰ মুক্ত মুদ্রাস্ফীতিৰ দৰ স্তৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্রাস হয়। এনে মুদ্রাস্ফীতিক দমিত মুদ্রাস্ফীতি বোলে।

10. দেশত মুদ্রাস্ফীতি হলে ইয়াৰ প্ৰভাৱ কেনেধৰণৰ হয়।
উত্তৰঃ মুদ্রাস্ফীতিৰ ফলত দেশৰ গোটেই আৰ্থ-সামাজিক ব্যৱস্থাত প্ৰভাৱ পৰে। ইয়াৰ বিভিন্ন প্ৰভাৱসমূহ কিনাৰ পৰা বঞ্চিত হয়। ফলত তেওঁলোকৰ জীৱন-ধাৰণৰ মানদণ্ড নিম্নগামী হয়।

(ক) মুদ্রাস্ফীতিৰ ফলত সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতা হ্রাস পায়, তেওঁলোকে নিজৰ প্ৰয়োজনীয় সা- সামগ্ৰী কিনাৰ পৰা বঞ্চিত হয়। ফলত তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড নিম্নগামী হয়।

(খ) মুদ্রাস্ফীতিৰ ফলত ধনী শ্রেণী, যেনে— ব্যৱসায়ী আদিৰ ক্রয়ক্ষমতা বৃদ্ধি পায় আৰু দুখীয়া শ্ৰেণীৰ লোক আৰু দুখীয়া, হৈ পৰে। গতিকে ই আয় বিতৰণত বৈষম্যৰ সৃষ্টি কৰে।

(গ) মুদ্রাস্ফীতিয়ে অর্থনৈতিক বিকাশ নিম্নগামী কৰে আৰু নিবনুৱা সমস্যাৰ সৃষ্টি কৰে।

READ MORE  বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ | Chapter 7 | Class 9 Social Science - SEBA

11. দৰিদ্ৰতা কাক কয়? দৰিদ্ৰতা সীমাৰেখাই কিদৰে দৰিদ্ৰতা নিৰূপণ কৰে ব্যাখ্যা কৰা।
উত্তৰঃ দৰিদ্ৰতা বুলিলে সাধাৰণতে এনেকুৱা এটা অৱস্থা বুজায় যত সমাজৰ একশ্ৰেণীৰ মানুহ, নিজা: কোনো দোষনথকা স্বত্বেও জীৱন ধাৰণৰ মৌলিক সুবিধাৰ পৰা বঞ্চিত হয়। ইয়াৰ উপৰিও দৰিদ্ৰতা এনে এক অৱস্থাক বুজায় যত মানুহে নিজৰ মৌলিক প্রয়োজনসমূহ, যেনে—খাদ্য, বস্ত্র, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণ কৰাত ব্যৰ্থ হয়।

দৰিদ্ৰ সীমাৰেখা ন্যূনতম কৈলৰিৰ আৱশ্যকৰ্তাৰ ওপৰত নিৰ্ণয় কৰা হয়। গাঁও অঞ্চলত বসবাস কৰা এগৰাকী ভাৰতীয়ৰ বাবে প্রতিদিনে 2400 কেলৰি আৰু চহৰ অঞ্চলত বসবাস কৰা এজন ব্যক্তিৰ বাবে 2100 কেলৰিৰ পৰিমাণ খাদ্যবস্তুৰ গড় কেলৰি প্ৰয়োজন হিচাপে ধাৰ্য কৰা হৈছে। এই ন্যূনতম কেলৰিৰ আৱশ্যকতা এজন ব্যক্তিৰ বাবে পূৰণ কৰিবলৈ যি পৰিমাণৰ ভোগ্য ব্যয়ৰ প্ৰয়োজন হয় তার ভিত্তিতে দৰিদ্ৰতাৰ সীমাৰেখা নিৰ্ণয় কৰা হয়। ভাৰতবৰ্ষৰ দৰিদ্ৰ সীমাৰেখাৰ বিভিন্ন ব্যাখ্যা আগবঢ়োৱা হৈছে যদিও কেলৰি ভিত্তিক ব্যাখ্যাটোৱে হৈছে অধিক প্রচলিত! গাঁও অঞ্চলত অধিক কেলৰিৰ প্ৰয়োজন হয় কাৰণ গাঁৱলীয়া লোকৰ চহৰীয়া লোকতকৈ শাৰীৰিক পৰিশ্ৰম বেছি। দৰিদ্ৰ সীমাৰেখা হ’ল এনেকুৱা এটা জোখ যাৰ যোগেদি আমি জীৱন ধাৰণৰ কাৰণে ন্যূনতম প্রয়োজন পূবণ। কৰিব নোৱাৰা মানুহৰ অনুপাতক বুজা যায়।

12. নিবুনৱ সমস্যা বৃদ্ধি ভাৰতৰ প্ৰত জনসংখ্যা বৃদ্ধিয়ে কেনেদৰে প্ৰভাৱিত কৰিছে ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতৰ নিবনুৱা সমস্যাৰ বৃদ্ধি হোৱাৰ কাৰণবোৰ এটা প্ৰধান কাৰণ হ’ল দ্রুত জনসংখ্যা বৃদ্ধি। ভাৰতত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক। ফলত ই নিবনুৱা অৱস্থাৰ ক্ষেত্ৰত দুই ধৰণে প্ৰভাৱ পেলায়। প্ৰথমে প্ৰত্যক্ষভাৱে অতিৰিক্ত শ্ৰমিকৰ সৃষ্টি কৰে। যদি জনসংখ্যা বৃদ্ধিৰ অনুপাতত নিয়োগ সৃষ্টি নহয় তেতুে নিবনুৱা সমস্যা বাঢ়ি যায়। অধিক জনসংখ্যা বৃদ্ধিয়ে নিবুনৱা সমস্যাৰ ভয়াবহ ৰূপ লোৱাৰ সম্ভাৱনা থাকে।

দ্বিতীয়তে, দ্রুত জনসংখ্যা বৃদ্ধিৰ ফলত সম্পদৰ পৰিমাণ হ্ৰাস হৈছে। গতিকে মুলধন গঠনৰ প্রক্রিয়াও ক্ষতিগ্রস্ত হৈছে। ভাৰতত অধিক হাৰত জনসংখ্যা বৃদ্ধিৰ ফলত জনসাধাৰণৰ ভৰণ- পোষণ, শিক্ষা, স্বাস্থ্য আদিত অতিৰিক্ত খৰচ কৰিবলগীয়া হৈছে। তাৰ ফলত অধিক সম্পদ ব্যক্তিগত উপভোগত আৰু ৰাজহ্বা উপভোগতে খৰচ কৰ্বিলগীয়া হৈছে। ইয়াৰ বাবে মূলধন গঠন বাধাপ্রাপ্ত হৈছে। ই নিবনুৱা অৱস্থাৰ ভয়াবহতা বৃদ্ধি কৰিছে।

13. নিবনুৱা সমস্যাৰ প্ৰধান কাৰণবিলাক কি কি বহলাই লিখা।
উত্তৰঃ নিবনুৱা সমস্যাৰ প্ৰধান কাৰণসমূহ হৈছে—
(ক) অৰ্থনীতিৰ অনুন্নত অৱস্থা।
(খ) নিয়োগ পৰিকল্পনাৰ অভাৱ।
(গ) দ্রুত জনসংখ্যা বৃদ্ধি আদি।

কোনো এক অর্থনীতিত প্রাকৃতিক তথা মানৱ সম্পদৰ উপযুক্ত ব্যৱহাৰ নহ’লে নিবনুৱা সমস্যাৰ সৃষ্টি হয়। ভাৰতবৰ্ষত নিবনুৱা অৱস্থাৰ মূল কাৰণ হৈছে- ভাৰতৰ অৰ্থনৈতিক কার্যকলাপবোৰ অধিকাংশই কৃষিখণ্ডই সামৰি লয়। কৃষিখণ্ডৰ বিকাশৰ হাৰ নিম্ন হোৱা বাবে এই খণ্ডই অধিক লোকক নিয়োগৰ সুবিধা দিয়াত ব্যর্থ হয়। লগতে উদ্যোগিক খণ্ডৰ বিকাশৰ হাৰৰ নিম্ন হোৱা বাবে নিবনুৱাৰ সংখ্যা বৃদ্ধি পায়। নিয়োগ পৰিকল্পনাৰ অভাৱো নিবনুৱা সৃষ্টিৰ আন এক কাৰণষ পৰিকল্পনাৰ আৰম্ভণিৰ কালছোৱাত কৰ্মসংস্থাপনৰ অগ্ৰাধিকাৰ ভিত্তিত কোনো পৰিকল্পনা নথকা হেতুকে ভাৰতবৰ্ষত অধিক হাৰত নিবনুৱা বৃদ্ধি পাইছে। ভাৰতবৰ্ষত প্ৰকৃততে চতুর্থ পঞ্চবার্ষিক পৰিকল্পনাৰ পৰাহে কিছুমান নিয়োগ আচঁনি তথা পৰোক্ষভাৱে কামত নিয়োজিত কৰা হৈছে। নিয়োগৰ উপযুক্ত পৰিকল্পনাৰ অভাৱে নিবনুৱা সমস্যাৰ সৃষ্টি কৰে। আকৌ বিভিন্ন উৎপাদনৰ মাজত মানৱ সম্পদৰ প্ৰযোজনীয়তা আৰু যোগানৰ সামঞ্জস্যৰ অভাৱ, দেশৰ বিভিন্ন অঞ্চলৰ মাজত প্ৰয়োজনানুসাৰে মানৱ সম্পদৰ আৱন্টন নোহোৱাৰ বাবেও নিবনুৱা সমস্যাৰ সৃষ্টি হয়। অর্থাৎ মানৱ সম্পদৰ পৰিকল্পনাৰ অভাৱে নিবনুৱা সৃষ্টিৰ এক কাৰণ।

নিবনুৱা সমস্যাৰ প্ৰধান তথা অন্যতম কাৰণ হৈছে দ্রুত গতিত বৃদ্ধি পোৱা জনসংখ্যা। অত্যধিক হাৰত বৃদ্ধি পোৱা জনসংখ্যাই অতিৰিক্ত শ্ৰমিকৰ সৃষ্টি কৰে আৰু সম্পদৰ পৰিমাণ হ্ৰাস কৰাৰ লগতে মুলধন। গঠন প্রক্রিয়াত বাধা প্ৰদান কৰে। জনসংখ্যা বৃদ্ধিৰ অনুপাতে নিয়োগ সৃষ্টি নহ’লে নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লয়। কিন্তু যদি জনসংখ্যা বৃদ্ধিৰ লগে লগে নিয়োগৰ সুবিধাৰ সৃষ্টি হয় তেতিয়া নিবনুৱাৰ সংখ্যা বৃদ্ধি পায়। জনসংখ্যা বৃদ্ধিৰ ফলত জনসাধাৰণৰ ভৰণ-পোষন, শিক্ষা স্বাস্থ্য আদিত অতিৰিক্তভাৱে ব্যয় কৰিবলগা হোৱাত মূলধন গঠন প্রক্রিয়া বাধাপ্রাপ্ত হৈছে, যিয়ে নিবনুৱা অৱস্থাৰ ভয়াবহতা বৃদ্ধি কৰিছে। হৈছে।

এনেদৰে বিভিন্ন কাৰণত নিবনুৱাৰ সৃষ্টি হৈছে আৰু দেশৰ বিকাশত প্ৰতিবন্ধকৰূপে চিহ্নিত।

14. মুদ্রাস্ফীতি কাক বোলে? মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলোচনা কৰা।
উত্তৰঃ মুদ্ৰাৰ পৰিমাণ, সুদৰ হাৰ আৰু ঋণ ব্যৱস্থা নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় বেংকে যি নীতি প্রয়োগ কৰে তাকেই মুদ্রাস্ফীতি বুলি কোৱা হয়। সাধাৰণতে সামগ্ৰীৰ দাম বৃদ্ধি হোৱা অৱস্থাক মুদ্রাস্ফীতি বোলা হয়।

মুদ্রাস্ফীতি নিয়ন্ত্রণমূল পদ্ধতিসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) মৌদ্রিক নীতিঃ চৰকাৰে গ্ৰহণ কৰা মৌদ্রিক নীতিৰ ভিতৰত বেংকৰ হাৰ নীতিটো উল্লেখযোগ্য। বেংকৰ হাৰ হ’ল সেই হাৰ যিটো হাৰত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক ঋণ প্রদান কৰে। মুদ্রাস্ফীতিৰ সময়ত বেংকৰ হাৰ বৃদ্ধি কৰা হয়, যাৰ ফলত বাণিজ্যিক বেংকে বজাৰ হাৰ বৃদ্ধি কৰে। ইয়াৰ ফলত ঋণ গ্রহণকাৰীয়ে ঋণ লবলৈ নিৰুৎসাহিত হয় আৰু বজাৰত ঋণ হ্ৰাস হৈ মুদ্রাস্ফীতি নিয়ন্ত্রিত হয়।

(খ) ৰাজকোষীয় নীতিঃ চৰকাৰী ব্যয় কৰ্তন কৰি দেশত:সামদ্রিক চাহিদা হ্ৰাস কৰিব পাৰি আৰু মুদ্রাস্ফীতিক নিয়ন্ত্রিত কৰিব পাৰি। ইয়াৰ উপৰিও চৰকাৰে জনসাধাৰণৰ পৰা ঋণ গ্ৰহণ কৰিওঁ মুদ্রাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰে।

(গ) উৎপাদন বৃদ্ধি নীতিঃ দেশৰ চৰকাৰে অব্যৱহৃত সম্পদৰাজি। সঠিকভাৱে ব্যৱহাৰ কৰি উৎপাদন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰিলে দেশত উৎপাদন বৃদ্ধি হ’ব আৰু সামগ্ৰীৰ বৰ্ধিত চাহিদাৰ হাৰত যোগান বৃদ্ধি হৈ দৰ স্তৰ য়িন্ত্ৰিত হ’ব।

15. মুদ্রাস্ফীতি সংজ্ঞা দিয়া। ইয়াৰ প্ৰধান বাণসমূহ কি কি?
উত্তৰঃ সহজ তাৰ্থত মুদ্রাস্ফীতি মানে ক্রমাগতভারে দ্রব্যৰ মূল্য বা দৰ বাঢ়ি যোৱা আৰু মুদ্ৰাৰ হ্ৰাস পোৱা বুজায়। মুদ্রাস্ফীতি হলে বস্তু বা সেৱাৰ মূল্য বৃদ্ধি পায় আৰু মূদ্রামূল্য কমি যায়। অর্থাৎ দ্রব্য বা সেৱাৰ অবিৰতভাৱে সংঘটিত মুণ্য বৃদ্ধিয়েই হৈছে মুদ্রাস্ফীতি কমে মুদ্রাস্ফীতিৰ প্ৰধান কাৰণ তিনিটা। সেইবোৰ হৈছে—
(ক) চাহিদাজনিত কাৰণ।
(খ) ব্যয়জনিত কাৰণ। আৰু
(গ) মুদ্রাসংক্ৰান্তীয় কাৰণ।

(ক) মুদ্রাস্ফীতিৰ চাহিদাজনিত কাৰণঃ জনসাধাৰণক যেতিয়া দ্ৰব্য আৰু সেৱাৰ প্ৰতি চাহিদা বৃদ্ধি পায় আৰু সেই অনুপাতে দ্ৰব্য আৰু সেৱাৰ যোগান বৃদ্ধি পায়। তেনে অৱস্থাত মানুহৰ হাতত অধিক মুদ্রা বা ক্রয়ক্ষমতা থাকে আৰু তাৰে বজাৰত থকা কম পৰিমাণৰ দ্ৰব্য বৃদ্ধি পায় আৰু মুদ্রাস্ফীতিৰ সৃষ্টি হয়।

(খ) মুদ্রাস্ফীতিৰ ব্যয়জনিত কাৰণঃ দ্ৰব্য আৰু সেৱাবোৰৰ উৎপাদন ব্যয় বৃদ্ধি পোৱাৰ ফলতো মুদ্রাস্ফীতিৰ সৃষ্টি হয়। উৎপাদন ব্যয় বৃদ্ধিৰ ফলত হোৱা মুদ্রাস্ফীতি প্ৰধানকৈ তিনিটা কাৰবৰ ফত সংঘটিত হয়। সেইবোৰ হৈছে— মজুৰি বৃদ্ধিৰ বাবে হোৱা উৎপাদন ব্যয় বৃদ্ধি, লাভৰ পৰিমাণ বৃদ্ধিৰ ফলত হোৱা উৎপাদন ব্যয় বৃদ্ধি আৰু সেৱাৰ ওপৰত আৰোপ কৰা অত্যাধিক কবৰ বাবে উৎপাদন ব্যয় বৃদ্ধি

READ MORE  মানৰ অসম আক্রমণ | Chapter 4 | Class 9 Social Science - SEBA

(গ) মুদ্রাস্ফীতিৰ মুদ্রাসংক্রান্তীয় কারণঃ দেশত মুদ্ৰাৰ যোগান বৃদ্ধি পালে জনসাধাৰণৰ হাতলৈ অধিক মুদ্রা বা ক্রয়ক্ষমতা আহে। আৰু ই ক্রয়ক্ষমতা অনুপাতে যদি উৎপাদিত দ্ৰব্য আৰু সেৱাৰ পৰিমাণ যম হয় তেতিয়া মুদ্রাস্ফীতি হ’ব পাৰে। এনেদৰে বিভিন্ন কাৰণত মুদ্রাস্ফীতি সৃষ্টি হয়।

16. অসমৰ নিবনুৱা সমস্যাৰ কাৰণসমূহ বৰ্ণনা কৰা। এই সমস্যা সমাধানৰ বাবে চাৰিটা উপায় ব্যাখ্যা কৰা।
উত্তৰঃ অসমৰ নিবনুৱা সমস্যাৰ প্ৰধান কাৰণ সমূহ—
(১) জনসংখ্যা বৃদ্ধিঃ অসমত জনসংখ্যা তীব্র গতিত বৃদ্ধি পাই এটা বিস্ফোৰিত ৰূপ পাইছে। অসমৰ জনসংখ্যা বৃদ্ধি ভাৰতৰ বৃদ্ধিতকৈ বহুতো বেছি। চুবুৰীয়া দেশ আৰু প্ৰদেশৰপৰা বহুতো লোকৰ প্ৰব্ৰজন হৈ হে সংখ্যা বহু বৃদ্ধি পাইছে লগতে নিবনুৱা সংখ্যা বৃদ্ধি পাইয়ে আছে।

(২) আপুৰণি কৃষি পদ্ধতিঃ অসমৰ কৃষিকাৰ্য এতিয়াও আওপুৰণি পদ্ধতিৰে কৰা হয় যত নেকি বিভিন্ন খেতি, তাৰ যত্ন, পানী যোগান বা উৎপাদন বৃদ্ধি বাবে কৰিবলগীয়া দৰৱ-পাতিৰ ব্যৱহাৰ, চক্ৰাকাৰ কৃষিৰ ব্যৱস্থা, বছৰত তিনি-চাৰিটা খেতি কৰা ব্যৱস্থা নাই যাৰ ফলত কৃষি কাৰ্যত নিবনুৱা লোকক ব্যৱহাৰ বা নিয়োগ কৰিব পৰা নায়াৰ্য। ফলত নিবনুৱা সংখ্যা বৃদ্ধি পায়।

(৩) অর্থনৈতিক বিকাশৰ নিম্নহাৰঃ অসমৰ অৰ্থনৈতিক বিকাশ বৰ নিম্নহাৰত বৃদ্ধি পায়। মুলধন গঠনৰ হাৰ কম হোৱা বাবে উন্নয়নৰ গতি অতি লেহেমিয়া। কোনো নতুন উদ্যোগ, কৃষিৰ উদ্যোগ কোনো নতুন পৰিবৰ্তনমুখী আঁচনি নাই। যাৰ ফলত নতুনকৈ সৃষ্টি হোৱা নিবনুৱা লগতে আগৰ নিবনুৱাকে সংস্থাপনৰ কোনো ব্যৱস্থা নাথাকে। ফলত নিবনুৱা বৃদ্ধি পাই গৈ আছে।।

(৪) ঔদ্যোগিক খণ্ডৰ নিম্নবিকাশঃ অসমৰ সম্পদৰাজি উদঘাটন কিছু যদিও নল কোনো উদঘাটন নাই। উদ্যোগৰ কোনো বিকাশ নাই। এই খণ্ডৰ নিয়োগ আঁচনি আদি নাই। ফলত নিবনুৱা বৃদ্ধিত কোনো বৰঙণি নাই।

(৫) ক্রতিপূর্ণ শিক্ষাঃ অসমৰ বৰ্ত্তমান শিক্ষা ব্যৱস্থাই আধুনিক যুগৰ আৰ্থিক আৰু সামাজিক ব্যৱস্থাৰ লগত খাপখোৱাকৈ শিক্ষা দিব পৰা নাই। অসমৰ কলা শাখাৰ সৰহভাগ কলেজ, স্কুলেই বৰ্তমানৰ প্ৰযুক্তিবিদ্যা আৰু নিখোজ ব্যৱস্থাৰ লগত ৰজিতা খোৱাকৈ ছাত্ৰ-ছাত্ৰীক শিক্ষা দিব পৰা নাই। সেই কাৰণে বহুতো যুৱক-যুৱতী উচ্চশিক্ষা লৈ নিবনুৱা হৈ, শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি কৰিছে। এইদৰে শিক্ষাব্যৱস্থায়ো নিবনুৱা সৃষ্টিত অৰিহণা যোগাইছে।

নিবনুৱা সমস্যা সমাধানত উপায়সমূহঃ
(১) জনসংখ্যা বৃদ্ধি বোধ কৰাঃ জনসংখ্যা বৃদ্ধি ৰোধ কৰিব পাৰিলে নিবনুৱা বৃদ্ধিৰ সংখ্যা ৰোধ কৰিব পৰা যাব। কাৰণ নতুন নিবনুৱা সৃষ্টি বন্ধ হলে আগৰ নিবনুৱাসকলক সংস্থাপন দিয়া পৰিকল্পনা কৰা কিছু হলেও সহজ হৈ পৰিব।

(২) আধুনিক কৃষি পদ্ধতি প্ৰবৰ্তনৰ দ্বাৰাঃ ভাৰতৰ শতকৰা ৭৫ ভাগ লোকৰ প্ৰায় আধাসংখ্যাক লোক ছদ্মবেশী নিবনুৱা লোক। এই নিবনুৱা শ্ৰেণীটোক নিেেয়াগৰ সম্পূৰ্ণ সুবিধাৰ বাবে যান্ত্ৰিক তথা আধুনিক কৃষি ব্যৱস্থাৰ দ্বাৰা গোটেই বছৰটোত বিভিন্ন সময়ত বিভিন্ন খেতি কৰাৰ ব্যৱস্থা কৰিব লাগে, যাৰ দ্বাৰা উৎপাদন প্ৰচুৰ বৃদ্ধিৰ লগতে বিভিন্ন সংস্থাপনৰ ব্যৱস্থা সৃষ্টি কৰিব পৰা যাব।

(৩) বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষাৰ প্ৰবৰ্তনঃ আমাৰ অসমৰ বৰ্তমানৰ ক্ৰতিপূৰ্ণ উচ্চ শিক্ষাৰ লগত কমেও আধাসংখ্যক যুৱক-যুৱতীক প্ৰৱেশিকা পাছ কৰাৰ পিছত বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষাৰে শিক্ষিত কৰিব পাৰিলে বৰ্তমান প্রযুক্তি আৰু বিজ্ঞানৰ যান্ত্ৰিক যুগৰ কাৰ্যৱলীৰ সংস্থাপনৰ সুবিধা লোৱাত সহজ হৈ পৰিব। উদাহৰণস্বৰূপে – টি ভি, কম্পিউটাৰ ভাল কৰা,সেইবোৰ চলোৱা বা স্থাপন কৰা, টি ভি চেনেলৰ মটৰ গাড়ী, বাইক আদি ভাল কৰা আদি।

(৪) স্বনিয়োজন ব্যৱস্থাৰ দ্বাৰাঃ আজিৰ যুগৰ চৰকাৰেই সকলো লোককে নিয়োজিত কৰা কথাটো সম্ভৱ নহয়। অর্থাৎ চৰকাৰী খণ্ডতে সকলো কর্মঠ লোক কর্মসংস্থাপন দিয়াটো অসম্ভৱ। সেইবাবে ব্যক্তিগত নাইবা প্রতিষ্ঠান, অনুষ্ঠান, কোম্পানী আদিত কাম কৰাৰ উপৰি নিজে নিজে সংস্থাপনৰ ব্যৱস্থা কৰাৰ চেষ্টা কৰা উচিত। এইক্ষেত্ৰত চৰকাৰ বা ৰাষ্ট্ৰীয় বেংকৰবাৰে আৰ্থিক সাহায্যৰে নিবনুৱা যুৱক-যুৱতীক সহায় কৰিব পাৰে। নিবনুৱাসকলে কুটিৰ শিল্প, পর্তন, পৰিবহন, ব্যৱসায়, বাণিজ্য আদিৰ নিচিনা কামত নিজাকৈ নিয়োজিত কৰিব লাগে।

17. নিবনুৱা সমস্যা কাক বোলে? ইয়াৰ প্ৰকাৰ কি কি? এই সমস্যাৰ মূল কাৰণসমূহ উল্লেখ কথা।
উত্তৰঃ নিবনুৱা বুলি ক’লে সাধাৰণতে কর্মহীনতাকে বুজায়। কিন্তু অর্থনীতিত নিবনুৱা বুলি ক’ল সেইসকলক বুজায় যার কাম কৰাৰ ক্ষমতা তাৰু ইছছা আছে, কিন্তু কোনো সংস্থাপন নাপায়।
নিবনুৱা সমস্যা প্রধানতঃ দুটা ভাগত ভাগ কৰিছে—
(ক) গ্ৰাম্য নিবনুৱা আৰু
(খ) চহৰীয়া নিবনুৱা।

গ্রাম্য নিবনুৱাক আকৌ দুটা ভাগত ভাগ কৰিছে—
(i) ঋতুজ নিবনুৱা আৰু
(ii) ছদ্মবেশী নিবনুৱা।

চহৰীয়া নিবনুৱাকো দুটা ভাগত ভাগ কৰিছে—
(i) ঔদ্যোগিক নিবনুৱা আৰু
(ii) শিক্ষিত নিবনুৱা।

নিবনুৱা সমস্যাৰ মূল কাৰণসমূহ তলত উল্লেখ কৰা হ’ল—
(i) দ্রুত জনসংখ্যা বৃদ্ধিঃ দ্রুত জনসংখ্যা বৃদ্ধিয়ে নিয়োগৰ সা-সুবিধা পর্যাপ্ত নোহোৱাত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লৈছে।

(ii) নিয়োগবিহীন উন্নয়নঃ যেতিয়া দেশত ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ হাৰ আৰু নিয়োগ বৃদ্ধি হাৰৰ ব্যৱধান বৃদ্ধি পাই তাৰ ফলত নিবনুৱা সমস্যাই। জটিল ৰূপ ধাৰণ কৰিছে।

(iii) স্থবিৰ কৃষি উন্নয়নঃ যেতিয়া এখন কৃষিপ্রধান দেশত কৃষি ব্যৱস্থাৰ উন্নয়ন কমি যায় তেতিয়াই কৃষিজীৱী লোৰ মাজত নিয়োগৰ সুবিধাৰ অভাৱ সৃষ্টি হৈছে।

(iv) ঔদ্যোগীকৰণৰ মন্থৰ গতিঃ দেশত উদ্যোগিক উন্নয়নৰ হাৰ। কমিলে উদ্যোগীক নিবনুৱা সমস্যাৰ সৃষ্টি হয়।

(v) ত্রুটিপূর্ণ শিক্ষা ব্যৱস্থাঃ প্রচলিত শিক্ষা ব্যৱস্থাই জনসাধাৰণক, নিয়োগৰ উপযোগী কৰি তুলিব নোৱাৰাত শিক্ষিত নিবনুৱাৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰে।

18. নিবনুৱা সমস্যা সমাধানৰ উপায়সমূহ চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ নিবনুৱা সমস্যা যিহেতু এতিয়া আটাইতকৈ জ্বলন্ত সমস্যা সেয়ে ইয়াক প্ৰতিহত কৰিবলৈ কিছুমান ব্যৱস্থা লোৱা প্ৰযোজন। সেইবোৰ হ’ল—
(ক) জনসংখ্যা বৃদ্ধি বোধ কৰাঃ ভাৰতবৰ্ষত যিহেতু এখন অনুন্নত দেশ ইয়াত বিভিন্ন আঁচনিৰ দ্বাৰা দ্রুত জনসংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ জনসচেতনতা গঢ়ি তোলাৰ প্ৰযোজন অন্যথা নিবনুৱা সমস্যা সমাধানৰ সকলো আঁচনি বিফলে যার।

(খ) শিক্ষা ব্যৱস্থাৰ সংস্কাৰঃ বৰ্তমানৰ পাঠ্যক্ৰমৰ সালসলনি ঘটাই শিক্ষা বৃত্তিমুখী কৰি তোলা
প্রয়োজন।

(গ) কৃষি আৰু উদ্যোগিক খণ্ডৰ আধুনিকীকৰণঃ কৃষি আৰু উদ্যোগ খণ্ডৰ বিভিন্ন সংস্কাৰৰ দ্বাৰা ইয়াৰ আধুনিকীকৰণ কৰিব পৰা যায়। তাৰোপৰি চৰকাৰে নতুন উদ্যোগ স্থাপনত গুৰুত্ব দিব লাগে যাতে তাৰ দ্বাৰা উৎপাদন আৰু কর্মসংস্থাপন দুয়োটা বৃদ্ধি হয়।

(ঘ) স্বনিয়োজনৰ আচঁনিঃ যিহেতু চৰকাৰীখণ্ডত নিয়োগৰ সংখ্যা অনুপাতে সীমিত সেযে বর্তমান শিক্ষিত যুৱক-যুৱতী সকলৰ বাবে স্বনিয়োজন আচঁনি প্রস্তুত কৰা উচিত। ইয়াৰ বাবে চৰকাৰ ফালৰ পৰা ঋণ। আৰু প্ৰশিক্ষণ প্ৰদান কৰিলে এই আৰ্চনিসমূহ সাৰ্থক হোৱাৰ আশা আছে।

(ঙ) নিয়োগ সেৱাঃ ৰাষ্ট্ৰীয় নিয়োগ সেৱাৰ আনুষ্ঠানিক দিশটো শক্তিশালী কৰি দেশত অধিক নিয়োগ বিনিময় কেন্দ্ৰ স্থাপন কৰা উচিত।

Leave a Comment

error: Content is protected !!
Scroll to Top