আমাৰ চাৰিওকাষৰ বস্তুবোৰ | Chapter 1 | Class 9 General Science Question and Answer | Assam Class 9 General Science Solutions | SEBA Class 9 HSLC General Science Chapter 1 Notes | SEBA Class 9 HSLC General Science Chapter 1 Question and Answer | Questions and Answers for Class 9 General Science Chapter 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ | HSLC General Science Questions and Answers Assam
আমাৰ চাৰিওকাষৰ বস্তুবোৰ
Very Short Type Questions and Answers (Marks : 1)
1. পানীৰ উতলাংক কিমান?
উত্তৰঃ 100°C
2. পদার্থ বুলিলে কি বুজা?
উত্তৰঃ যিবোৰৰ ভৰ আছে আৰু যিবোৰো ঠাই আগুৰে সেইবোৰকে পদার্থ বোলা
হয়।
3. বৰফৰ গলনাংক কিমান?
উত্তৰঃ O°C বা 273 k
4. উতলা পানী আৰু ভাপৰ কোনটোৱে বেছিকৈ পুৰিব?
উত্তৰঃ পানীৰ ভাপে বেছিকৈ পুৰিব।
5. বিগলনৰ লীনতাপ কি?
উত্তৰঃ এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত এক কিলোগ্রাম কঠিন পদার্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থটোৰ বিগলনৰ লীনতাপ বোলে।
6. এজন ডুবাৰুৱে সাতোৰাৰ সময়ত পুখুৰীৰ পীী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভব?
উত্তৰঃ পানীৰ অনুসমূহৰ মাজত আকর্ষণী বল কম হোৱা বাবে ডুবাৰুৱে পানী ফালি সোমাই যাব পাৰে।
7. বিগলন কি?
উত্তৰঃ কঠিনৰ পৰা জুলীয়া অৱস্থা হোৱা প্ৰক্ৰিয়াটোক বিগলন বোলে।
8. জুলীয়া পদাৰ্থৰ ব্যাপন বেগ গোটা পদাৰ্থতকৈ কিয় বেছি?
উত্তৰঃ কাৰণ জুলীয়া পদাৰ্থৰ কণিকাবোৰ সহজে গতি কৰিব পাৰে আৰু গোটা পদাৰ্থৰ তুলনাত কণিকাবোৰৰ মাজৰ ব্যাৱধান বেছি।
9. পঞ্চ-তত্ত্ব কি?
উত্তৰঃ পুৰণি দার্শনিক সকলে পদার্থ বিলাকক পাঁচটা মৌলিক কণিকা যেনে — বায়ু, পৃথিৱী, জুই, আকাশ আৰু পানীৰ দ্বাৰা গঠিত বুলি বিশ্বাস কৰিছিল। ইয়াকে পঞ্চ-তত্ব বোলে।
10. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱাঃ পানী, চেনি আৰু অক্সিজেন।
উত্তৰঃ অক্সিজেন < পানী < চেনী।
11. উতলাংক কি?
উত্তৰঃ বায়ুমণ্ডলীয় চাপত যি নির্দিষ্ট উষ্ণতাত জুলীয়া পদার্থ উতলিব ধৰে তাক উতলাংক বোলে।
12. পোহৰ আৰু শব্দক পদার্থ হিচাপে গণ্য কৰা নহয় কিয়?
উত্তৰঃ কাৰণ ইহঁতৰ ভৰ নাই আৰু ইহঁতে ঠাই অধিকাৰ নকৰে।
13. গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে?
উত্তৰঃ বগা কপাহী কাপোৰ।
14. পদাৰ্থৰ অবস্থা তিনিটা কি কি?
উত্তৰঃ গোটা, জুলীয়া, গেছীয়।
15. বাষ্পীভবন কি?
উত্তৰঃ উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদার্থ ভাগলৈ পৰিবৰ্তিত হোৱা ঘটনাক বাষ্পীভবন বোলে।
16. জুলীয়া পদার্থ কিয় দৃঢ় নহয়?
উত্তৰঃ কাৰণ জুলীয়া পদাৰ্থৰ অনুবোৰৰ মাজৰ দূৰত্ব বেছি আৰু আকর্ষণী বল দূর্বল। সেইবাবে ইহঁত দৃঢ় নহয়
17. ব্যাপন কাক বোলে?
উত্তৰঃ দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱাকে ব্যাপন বোলে।
18. ৰবৰৰ ব্যেও এটুকাৰাৰ টানিলে আকৃতি সলনি হয়। ই গোটা পদার্থ নে?
উত্তৰঃ হয়। কাৰণ বল প্রয়োগ কৰিলে ব্যেও ডালৰ আকৃতি সলনি হয় যদিও বল আঁতৰাই দিলে ই পুনৰ আগৰ অৱস্থালৈ আহে। যদি বেঠিকৈ বল প্রয়োগ কৰা যায় তেতিয়া ই চিঙিযায়।
19. গলনাংক কি?
উত্তৰঃ বায়ুমণ্ডলীয় চাপত যি নির্দিষ্ট উষ্ণতাত গোটা পদাৰ্থ গলিবলৈ ধৰে তাক গলনাংক বোলে।
20. শুকান বৰফ বুলিলে কোনো বিধ পদাৰ্থক বুজোৱা হয়?
উত্তৰঃ গোটা কার্বন-ডাই-অক্সাইডক।
21. পদাৰ্থৰ দুটা নতুন অৱস্থা কি কি?
উত্তৰঃ প্লাজমা আৰু বোস আইনষ্টাইন কনডেনচেট।
22. তলৰ কোনবোৰ পদাৰ্থ?
চকী, বায়ু, প্রেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা পনীয়, সুগন্ধি দ্ৰৱৰ সুবাস।
উত্তৰঃ চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰৱৰ সুবাস।
23. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।
উত্তৰঃ বায়ুমণ্ডলীয়া গেছচাপ দি ঠাণ্ডা কৰিলে জুলীয়া হয়।
24. উর্ধপাতন কাক বোলে?
উত্তৰঃ তাপৰ প্ৰভাবত জুলীয়া অৱস্থাপ্রাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ হোৱা ৰূপান্তৰ বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক উর্ধপাতন বোলে।
25. স্পঞ্জ কিয় সংকুচিত কৰিব পাৰি?
উত্তৰঃ স্পঞ্জৰ মাজৰ সৰু সৰু ৰন্ধ থাকে। ৰন্ধ্ৰৰ মাজত-বায়ু সোমাই থাকে। চাপ বা হেঁচা দিলে ৰন্ধ্ৰৰ মাজৰ বায়ু ওলাই যায় আৰু সেইকাৰণে স্পঞ্জডোখৰ সংকুচিত কৰিব পাৰি।
26. তলত দিয়া উষ্ণতাবোৰ চেণ্টিগ্রেড স্কেলত প্ৰকাশ কৰা।
(a) 573k
উত্তৰঃ 573k = 573-273
= 300°C
(b) 300k
উত্তৰঃ 300k = 300-273
= 27°C
27. তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ’ব?
(a) 100°C
উত্তৰঃ গেছ।
(b) 250°C
উত্তৰঃগেছ।
28. তলত দিয়াবোৰৰ সম্পূৰ্ণ নাম লিখা।
(a) CNG
উত্তৰঃ CNG = Compressed Natural Gas
(b) LPG
উত্তৰঃ LPG = Liquid Petroleum Gas
29. সাধাৰণ নাম কি?
(a) পদাৰ্থৰ বৈ যোৱা গঠন।
উত্তৰঃ জুলীয়া আৰু গেছীয়।
(b) পদাৰ্থৰ দৃঢ় গঠন।
উত্তৰঃ কঠিন
30. তলৰ উষ্ণতাবিলাক ছেণ্টিগ্ৰেডত প্ৰকাশ কৰা—
(a) 470k
উত্তৰঃ 470k = 470-273
= 197°C
(b) 293k
উত্তৰঃ 293 k = 293-273
= 20°C
31. তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা—
(a) 373°C
উত্তৰঃ 373°C = 273 + 373
= 646k
(b) 25°C
উত্তৰঃ 25°C = 273 +25
= 298k
32. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি—
(a) 0°C
উত্তৰঃ গোটা।
(b) 25°C
উত্তৰঃ (a) জুলীয়া।
(c) 100°C
উত্তৰঃ গেছীয়।
33. তলত উল্লেখ কৰা পৰিবৰ্তনবোৰত অৱস্থাৰ কেনকুেৱা পৰিবৰ্তন হৈছে লিখা।
(a) মেঘৰ সৃষ্টি।
উত্তৰঃ জুলীয়াৰ পৰা গেছীয় হোৱা।
(b) ভিজা কাপোৰ শুকোৱা।
উত্তৰঃ জুলীয়াৰ পৰা গেছীয় হোৱা।
(c) মুক্ত অবস্থাত থলে নেফটেলিন বল সৰু হোৱা।
উত্তৰঃ কঠিনৰ পৰা গেছলৈ।
(d) সূৰ্য্যৰ ৰদত মম গলা।
উত্তৰঃ কঠিনৰ পৰা জুলীয়া হোৱা।
(e) পানী বাস্পীভূত হোৱা।
উত্তৰঃ জুলীয়াৰ পৰা গেছীয় হোৱা।
(f) বৰফ গলা।
উত্তৰঃ কঠিনৰ পৰা জুলীয়া হোৱা।
Very Short Type Questions and Answers (Marks : 2)
1. বাস্পীভৱনে কেনেদৰে পৰিবেশ ঠাণ্ডা কৰি ৰখাত সহায় কৰে?
উত্তৰঃ জুলীয়া পদাৰ্থ অনবৰতে বাস্পীভূত হৈ থাকে। বাস্পীভবনৰ ফলত কমি যোৱা শক্তি পূৰাবলৈ জুলীয়া পদাৰ্থৰ কণিকাবোৰে তাৰ চাৰিওকাষৰ পৰা শক্তি আহৰণ কৰে। এইদৰে শক্তি আহৰণ বা শোষণৰ ফলত বাষ্পীভূত হোৱা ঠাইৰ ওচৰ পাজৰ ঠাণ্ডা হয়।
2. পদাৰ্থ গৰম কৰিলে ব্যাপনৰ মাত্ৰা বাঢ়ে। কিয়?
উত্তৰঃ কাৰণ উষ্ণতা বৃদ্ধিৰ লগে লগে কণিকাবোৰৰ গতি বৃদ্ধি হয়। ফলত ইহঁতে সোনকালে আন কণিকাৰ খালি ঠাইৰ মাজত সোমাই পৰে। সেইবাবে ব্যাপনৰ মাত্ৰা বৃদ্ধি হয়।
3. বৰফ পানী থকা গিলাচ এটাৰ বাহিৰৰ পৃষ্ঠত পানীৰ টোপাল বিৰিঙি থাকে কিয়?
উত্তৰঃ বায়ুত থকা জলীয় বাষ্প ঠাণ্ডা গিলাচ পৃষ্ঠৰ সংস্পৰ্শলৈ আহি শক্তি বিকিৰণ কৰে আৰু ফলত জুলীয়া অৱস্থাপ্রাপ্ত হৈ পানীৰ কণিকা বিৰিঙে।
4. কঠিন পদার্থ কিয় দৃঢ়?
উত্তৰঃ বাহ্যিক বল প্রয়োগ কৰিলেও গোটা পদাৰ্থই তাৰ নিজৰ আকৃতি সহজে সলনি নকৰে। অত্যাধিক বল প্রয়োগ কৰিলে গোটা পদাৰ্থ ভাঙি যাব পাৰে; কিন্তু সিহঁতৰ আকৃতিৰ পৰিবৰ্তন কৰা টান।
কঠিন পদাৰ্থৰ অনুসমূহ খুব বেছি আকৰ্ষণী বলৰ দ্বাৰা ইটোৱে আনটোক বান্ধি ৰাখে। সেইবাবে ইহঁত দৃঢ়।
5. বায়ুৰ আৰ্দ্ৰতাই বাস্পীভৱনৰ ওপৰত কেনেদৰে প্রভাব বিস্তাৰ কৰে?
উত্তৰঃ বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণকে বায়ুৰ আদ্রতা বোলে। এক নিৰ্দিষ্ট উষ্ণতাত, বায়ুত এক নিৰ্দিষ্ট পৰিমাণৰ জলীয় বাষ্পহে থাকিব পাৰে। বায়ুত জলীয় বাষ্পৰ পৰিমাণ বেছি থাকিলে বাষ্পীভৱনৰ বেগ বা মাত্রা কমে। অর্থাৎ আদ্রতা কম হ’লে বাষ্পীভবন বাঢ়ে।
6. পানীৰ নমুনা এটাত দেখা গ’ল যে সাধাৰণ উষ্ণতা আৰু চাপত ই 102°C উষ্ণতাত উভলে। পানীখিনি বিশুদ্ধনে? পানীখিনি 0°C উষ্ণতাত বৰফ হ’বনে?
উত্তৰঃ পানীখিনি বিশুদ্ধ নহয় কাৰণ বিশুদ্ধ পানী 100°C উষ্ণতাত উতলে।
পানীখিনি 0°C উষ্ণতাৰ তলৰ উষ্ণতাত বৰফ হ’ব কাৰণ পানীখিনিত অশুদ্ধি মিহলি হৈ থাকে।
7. গৰম কালি কিয় কপাহী কাপোৰ পিন্ধা উচিত?
উত্তৰঃ কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে।
8. গেছ, জুলীয়া অৱস্থালৈ আনিবলৈ প্ৰয়োগ কৰা দুটা পদ্ধতিৰ নাম লিখা।
উত্তৰঃ (i) উষ্ণতা হ্ৰাস কৰি
(ii) চাপ বৃদ্ধি কৰি।
9. পানীৰ অবস্থা তিনিটা কি কি?
উত্তৰঃ (i) গোটা অবস্থা বৰফ।
(ii) জুলীয়া অৱস্থা পানী।
(iii) গেছীয় অৱস্থা জলীয় ভাপ।
10. Desert Cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়?
উত্তৰঃ কাৰণ শুকান গৰম দিনত উষ্ণতাৰ বৃদ্ধি আৰু আদ্রতা কম হোৱা বাবে পানীৰ বাস্পীভবন খৰতকীয়া হয়।
11. প্লাজমা কি?
উত্তৰঃ প্লাজমা পদাৰ্থৰ চতুৰ্থ অৱস্থা। এই অৱস্থাৰ কণিকাবিলাক খুব বেছি শক্তিযুক্ত আৰু অতি উত্তেজিত।
12. কঠিন পদাৰ্থৰে নিৰ্দিষ্ট আকাৰ আৰু আয়তন থাকে। কিয়?
উত্তৰঃ কাৰণ
(i) ইহঁতৰ কণিকাবোৰৰ মাজৰ খালী ঠাই খুব কম।
(ii) ইহঁতৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণী বল খুব বেছি।
13. কি ঘটিব যেতিয়া জুলীয়া পদাৰ্থৰ কণিকাবোৰৰ মাজৰ দূৰত্ব কমি যাৰ? এইটো কেনেকৈ সম্ভব হয়?
উত্তৰঃ জুলীয়া পদাৰ্থৰ কণিকাবোৰৰ মাজৰ দূৰত্ব কমি গ’লে কঠিনলৈ পৰিবৰ্তন হ’ব। জুলীয়া পদাৰ্থৰ উষ্ণতা কমাই কঠিন কৰিব পাৰি।
14. হাতৰ তলুৱাত এচিটন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি ললে ঠাণ্ডা অনুভব হয় কিয়?
উত্তৰঃ কাৰণ এচিটন, পেট্ৰ’ল বা সুগন্ধি আতৰৰ অনুবোৰে হাতৰ তলুৱা আৰু ইয়াৰ চাৰিওফালৰ পৰা তাপ শক্তি সংগ্ৰহ কৰে আৰু বাস্পীভূত হয়। বাস্পীভৱনৰ বাবে হাতৰ তলুৱাত ঠাণ্ডা অনুভব হয়।
15. কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়?
উত্তৰঃ কাৰণ প্ৰয়োগ কৰা তাপ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰি অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ব্যৱহাৰ কৰা হয়।
16. দৃঢ়তা (Rigidity) —মন্তব্য দিয়া।
উত্তৰঃ দৃঢ়তা পদাৰ্থৰ এটা বৈশিষ্ট্য যাৰ বাবে পাদার্থই এটা নির্দিষ্ট আকৃতি লয়। কঠিন পদার্থৰ দৃঢ়তা খুব বেছি। সেইবাবে ইহঁতৰ ওপৰত বল প্রয়োগ কৰিলে ভাঙি যাব পাৰে, কিন্তু আকৃতিৰ পৰিবৰ্তন কৰা টান। জুলীয়া পদাৰ্থৰ দৃঢ়তা কম। আনহাতে গেছীয় পদার্থ দৃঢ় নহয়।
17. গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়?
উত্তৰঃ কাৰণ মাটিৰ কলহৰ চিদ্ৰৰ মাজেৰে পানী বাহিৰলৈ ওলাই আহে। এই পানীৰ বাস্পীভবন হয়। বাস্পীভবনৰ বাবে ভিতৰৰ পানী ঠাণ্ডা হৈ থাকে।
18. গতিশক্তি (kinetic Energy) —মন্তব্য দিয়া।
উত্তৰঃ অনুসমূহৰ গতিৰ ফলত পোৱা শক্তিক গতিশক্তি বোলে। গেছীয় পদাৰ্থৰ গতিশক্তি বেছি।
19. গৰম চাহ বা গাখীৰ কাপত লৈ খোৱতকৈ প্লেটত লৈ খোৱা সহজ কিয়?
উত্তৰঃ কাৰণ কাপতকৈ প্লেটৰ পৃষ্ঠকালি বেছি। ফলত প্লেটত বাষ্পীভবন খৰতকীয়া হয় আৰু চাহ বা গাখীৰ সোনকালে ঠাণ্ডা হয়।
20. আকাৰ (Shape) —মন্তব্য দিয়া।
উত্তৰঃ এইটো পদাৰ্থৰ অনুৰ এটা নিৰ্দিষ্ট জ্যামিডীয় সজ্জা। কঠিন পদাৰ্থৰ অনুসমূহৰ নিৰ্দিষ্ট আকাৰ আছে। আনহাতে গেছীয় আৰু জুলীয়া পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ নাই।
21. সংকোচনশীলতা (compressibility) —মন্তব্য দিয়া।
উত্তৰঃ যি ধৰ্মৰ বাবে বল বা চাপ প্রয়োগ কৰাৰ ফলত বস্তুৰ আয়তন কমি যায় তাক সংকোচনশীলতা বোলে। গেছৰ অনুসমূহৰ মাজৰ খালী ঠাই বেছি বাবে ইহঁত খুব বেছি সংকোচনশীল।
22. ঘনত্ব (density —মন্তব্য দিয়া।
উত্তৰঃ পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণক ঘনত্ব বোলে।
ঘনত্ব = ভৰ/আয়তন
23. প্রবাহীতা (Fluidity) —মন্তব্য দিয়া।
উত্তৰঃ যি ধৰ্মৰ বাবে পদাৰ্থৰ অনুসমূহ এঠাইৰ পৰা আন ঠাইলৈ বাগৰি যাব পাৰে তাক প্ৰবাহীতা বোলে। জুলীয়া পদাৰ্থৰ অনুসমূহে ধৰ্ম দেখুৱায়।
24. কাঠৰ টেবুল এখনক কঠিন পদার্থ বুলি পাৰি। —কাৰণ দৰ্শোৱা।
উত্তৰঃ কাৰণ টেবুলখনৰ নিৰ্দিষ্ট আকাৰ, ভৰ আৰু আয়তন আছে।
25. ৰখা পাত্ৰটোত গেছ এটা সম্পূৰ্ণৰূপে ভৰি পৰে। —কাৰণ দৰ্শোৱা।
উত্তৰঃ কাৰণ গেছীয় পদাৰ্থৰ অনুসমূহৰ মাজৰ আকৰ্ষণ বল খুব কম আৰু অনুসমূহে যেনিয়ে তেনিয়ে খুব বেগত ঘুৰি ফুৰে।
26. খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়। —কাৰণ দৰ্শোৱা।
উত্তৰঃ কাৰণ উর্ধপাতন প্ৰক্ৰিয়াৰে নেফথেলিন বল পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়।
27. বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কোটে বিশেষজ্ঞৰ প্ৰয়োজন। —কাৰণ দৰ্শোৱা।
উত্তৰঃ কাৰণ গেছীয় পদাৰ্থৰ অনুসমূহৰ মাজৰ আকৰ্ষণী বল খুব কম। কিন্তু কঠিন পদাৰ্থৰ অনুসমূহৰ মাজৰ আকৰ্ষণী বল খুব বেছি।
28. দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়। —কাৰণ দৰ্শোৱা।
উত্তৰঃ কাৰণ আতৰৰ অনুসমূহে খুব বেগত ছাৰিওফালে গতি কৰে।
29. ধাৰক পাত্ৰৰ বেৰত গেছ এটাই চাপ দিয়ে। —কাৰণ দৰ্শোৱা।
উত্তৰঃ কাৰণ গেছৰ অনুসমূহে বাহিৰলৈ আহিবলৈ খুব জোৰেৰে চেষ্টা কৰে।
30. কঠিন পদার্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে বৰফ পানীত ওপঙে। কিয় বাৰু?
উত্তৰঃ বৰফ পানীত ওপঙে কাৰণ বৰফৰ ঘনত্ব জুলীয়া পানীতকৈ কম। কাৰণ পানীৰ তুলনাত বৰফৰ ভৰতকৈ আয়তনৰ পৰিমাণ বেছি হয়।
Long Type Questions and Answers (Marks : 3/4)
1. সাধাৰণ উষ্ণতাত লোৰ আলমাৰি কঠিন। (যুক্তি দর্শাই ব্যাখ্যা কৰা)
উত্তৰঃ সাধাৰণ উষ্ণতাত লোৰ আলমাৰিৰ অনুসমূহৰ মাজৰ আকৰ্ষণী বল খুব বেছি আৰু ইহঁতৰ মাজৰ ব্যাৱধান খুব কম হোৱা বাবে আলমাৰিটো দৃঢ় হয়। সেইবাবে আলমাৰিটো কঠিন।
2. সাধাৰণ উষ্ণতাত পানী জুলীয়া। (যুক্তি দর্শাই ব্যাখ্যা কৰা)
উত্তৰঃ সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ পানীৰ অনুসমূহৰ মাজৰ আকর্ষণ বল কম আৰু ইহঁতে এঠাইৰপৰা আনঠাইলৈ বাগৰি যাব পাৰে।
3. 273k উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয়?
উত্তৰঃ 273 k উষ্ণতাত বৰফৰ কণিকাবোৰৰ তুলনাত পানীৰ কণিকাবোৰত নিহিত শক্তিৰ পৰিমাণ অধিক। সেইবাবে একে উষ্ণতাত বৰফ পানীতকৈ বেছি ঠাণ্ডা।
4. BEC ৰ ওপৰত গবেষণা কৰি নবেল বটা পোৱা বিজ্ঞানী তিনিজনৰ নাম কি?
উত্তৰঃ (a) Eric A. Cornell.
(b) Wolfgang Kelterle.
(c) Carl E. Wieman.
5. বোস-আইনষ্টাইন কনডেনচেট কি?
উত্তৰঃ 1920 চনত ভাৰতীয় পদার্থ বিজ্ঞানী সত্যেন্দ্ৰ নাথ বোসদেৱে পদাৰ্থৰ পঞ্চম অবস্থাৰ ওপৰত কিছুমান গণনা কৰিছিল। তেখেতৰ গণনাৰ ওপৰত ভিত্তি কৰি এলবাৰ্ট আইনষ্টাইনে পদাৰ্থৰ এবিধ নতুন অৱস্থাৰ ভবিষ্যতবাণী কৰিছিল— বোস আইনষ্টাইন কনডেনচেট। অতি কম ঘনত্বৰ গেছ অতীব কম উষ্ণতালৈ চেচা কৰিলে BEC উৎপন্ন হয়।
6. পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বিলাক কি কি?
উত্তৰঃ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য হ’ল—
(i) ইহঁতৰ মাজত খালী ঠাই থাকে।
(ii) ইহঁতৰ মাজত আকর্ষণী বল থাকে।
(iii) ইহঁত সদায় গতিশীল।
7. পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে।
ঘনত্ব = ভৰ /আয়তন
তলৰ পদাৰ্থবোৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোৱা— বায়ু, চিমনিৰ পৰা ওলোৱা ধোৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো।
উত্তৰঃ উৰ্দ্ধক্ৰমত সজালে হ’ল— চিমনিৰ পৰা ওলোৱা ধোৱা < বায়ু < কপাহ <চক < মৌ <লো।
8. কঢ়াকৈ ভজা গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ড বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। (কাৰণ দৰ্শোৱা)।
উত্তৰঃ ইয়াৰ কাৰণ হ’ল গেছৰ ব্যাপনৰ মাত্ৰা উষ্ণতাৰ বৃদ্ধিৰ লগে লগে বাঢ়ে। গৰম বস্তুৰ ক্ষেত্ৰত ব্যাপনৰ মাত্ৰা বাঢ়ে বাবে বস্তুৰ গোন্ধ বহু দূৰলৈ বাঢ়ি যায়। আনহাতে ঠাণ্ডা বস্তুৰ ক্ষেত্ৰত ব্যাপনৰ মাত্ৰা কম হয় বাবে গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।