প্রাকৃতিক সম্পদ

প্রাকৃতিক সম্পদ | Chapter 14 | Class 9 General Science – SEBA

প্রাকৃতিক সম্পদ

Multiple Choice Questions and Answers (MCQs)

1. অজনৈৰ তৰপত সৃষ্টি হোৱা গহ্বৰ কাৰ উপস্থিতিত হয়—
(a) কার্বন ডাই অক্সাইড।
(b) নাইট্রজেন।
(c) ক্ল’ৰফ্লৰ কাৰ্বন।
(d) অতি বেঙুনী ৰশ্মি।
উত্তৰঃ (c) ক্ল’ৰফ্লৰ কাৰ্বন।

2. মিউনিচিপালিটিৰ পৰা ওলোৱা গোটা আবর্জনাবোৰ তলত দিয়াবোৰৰ কোনটোৰ প্ৰধান কাৰণ—
(a) পানী প্ৰদূষণ।
(b) সেউজ গৃহ গেছবোৰ।
(c) মাটি প্ৰদূষণ।
(d) উষ্ণীয় প্ৰদূষণ।
উত্তৰঃ (c) মাটি প্ৰদূষণ।

3. সূৰ্যৰ ৰশ্মি পৃথিৱীত পৰিলে—
(a) পানীতকৈ মাটি বেছি উত্তাপিত হয়।
(b) মাটিতকৈ পানী বেছি উত্তাপিত হয়।
(c) মাটি বা পানী উত্তাপিত নহয়।
(d) মাটি আৰু পানী দুয়োটা সমভাবে উত্তাপিত হয়।
উত্তৰঃ (a) পানীতকৈ মাটি বেছি উত্তাপিত হয়।

4. তলত দিয়া কোনটোৰ উপস্থিতিত ক্ল’ৰছিছ বেমাৰ হয়—
(a) অতিৰিক্ত আছেণিক।
(b) আয়ৰণ।
(c) তেজস্ক্রিয় পদার্থ।
(d) অতিৰিক্ত ফ্লাইড।
উত্তৰঃ (d) অতিৰিক্ত ফ্লৰাইড।

5. অজ’নৰ তৰপটো পোৱা যায়—
(a) মধ্য মণ্ডলত।
(b) সমতাপ মণ্ডলত।
(c) শিলা মণ্ডল।
(d) বহিঃমহাকাশত।
উত্তৰঃ (b) সমতাপ মণ্ডলত।

6. পৃথিৱীৰ প্ৰায়ভাগ পৰিষ্কাৰ পানী পোৱা যায়—
(a) বৰফ হিচাপে।
(c) নদীৰ পানী হিচাপে।
(b) সাগৰৰ পানী হিচাপে।
(d) ভূগর্ভস্থ জল হিচাপে।
উত্তৰঃ (a) বৰফ হিচাপে।

7. সেউজ গৃহগেছ মিথেনৰ প্ৰধান উৎস হৈছে—
(a) শিল্প উদ্যোগ।
(b) যানবাহন।
(c) ধাননি পথাৰ।
(d) বায়ু বিলয়ী।
উত্তৰঃ (c) ধাননি পথাৰ।

8. খনিজ উৎসবোৰ তলত দিয়া কোনটোৰ উপাদান—
(a) বাৰিমণ্ডল।
(b) বায়ুমণ্ডল।
(d) সমতল মণ্ডল।
(c) শিলামণ্ডল।
উত্তৰঃ (c) শিলামণ্ডল

Very Short Type Questions and Answers (Marks : 1)

1. মূখ্য সেউজগৃহ গেছবোৰ হৈছে _____, _____ আৰু _____।
উত্তৰঃ কার্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড

2. অৰণ্যবোৰ _____ আৰু _____ৰ গুৰুত্বপূৰ্ণ উৎস গঠন হয়।
উত্তৰঃ উদ্যোগিক, কৃষিৰ বাবে আৱশ্যকীয় কেঁচা সামগ্ৰীৰ।

3. যিকোনো সাৰৰ দ্বাৰা মাটি প্ৰদূষিত হলে, ই _____ আৰু _____ক পোষণ দিয়া ক্ষমতা হেৰুৱায়।
উত্তৰঃ নিজৰ গাঁথনি হেৰুৱায়, জীৱক

4. ঝুমখেতিৰ কাৰণে _____ লোকচান হয়।
উত্তৰঃ মাটিৰ গুণগত মান।

5. পানীৰ বিভিন্ন উৎসবোৰ হৈছে _____ , _____ আৰু _____।
উত্তৰঃ বৰষুণৰ পানী, পৃষ্ঠভাগৰ পানী, ভূগর্ভস্থ পানী।

6. পানী কঠিন হয় যেতিয়া ইয়াত আৰু _____ থাকে।
উত্তৰঃ লৱণ।

7. পৃথিৱীৰ প্ৰায়ভাগ পানীয়েই পোৱা যায় _____ আৰু _____।
উত্তৰঃ সাগৰ, মহাসাগৰবোৰত।

8. _____ এ সূৰ্য্যৰ অতি বেঙুনী ৰশ্মিবোৰ শোষণ কৰে।
উত্তৰঃ অজন স্তৰে।

9. মাটি হৈছে আৰু _____ ৰ মিশ্রণ।
উত্তৰঃ খনিজ পদার্থ, জৈৱিক পদার্থ।

10. জীৱমণ্ডল উপাদান হৈছ আৰু _____।
উত্তৰঃ বায়ুমণ্ডল, শিলামণ্ডল, বাৰিমণ্ডল

11. মাটি _____ ৰ একেবাৰে ওপৰত তৰপ।
উত্তৰঃ শিলামণ্ডল।

12. শিলৰ_____ দ্বাৰা মাটি।
উত্তৰঃ সৰু কাণিকাৰ।

13. জীৱীয় আৰু অজীৱীয় উপাদানৰ মাজত থকা সামঞ্জস্য _____ এ ৰভা কৰে
উত্তৰঃ প্রাকৃতিক ভাৰসাম্য।

14. জীৱমণ্ডলৰ _____ উপাদানটো পূৰণ কৰে।
উত্তৰঃ জীৱীয়।

15. মাটিৰ প্ৰধান জৈৱ উপাদানটো কি?
উত্তৰঃ জৈৱমৃত্তিকা।

16. জীৱমণ্ডলৰ উপাদানবোৰ কি?
উত্তৰঃ জীৱমণ্ডলৰ উপাদানবোৰ হৈছে বায়ুমণ্ডল, শিলামণ্ডল আৰু কৰিমণ্ডল।

17. বায়ুৰ গতিক কি বুলি কোৱা হয়।
উত্তৰঃ বায়ুৰ গতিক বতাহ বুলি কোৱা হয়।

18. কি প্ৰকাৰৰ শক্তিৰ ওপৰত জীৱন নিৰ্ভৰ কৰে?
উত্তৰঃ সৌৰ শক্তিৰ ওপৰত জীৱন নিৰ্ভৰ কৰে।

19. বায়ুমণ্ডলৰ বায়বীয় উপাদানবোৰ কি কি?
উত্তৰঃ উদ্ভিদ, প্রাণী আৰু অনুজীৱবোৰ।

20. জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেনযুক্ত দুটা যৌগৰ নাম লিখা।
উত্তৰঃ প্ৰ’টিন আৰু নিউক্লিক এচিড। (DNA আৰু RNA)

21. উদ্ভিদে বায়ুমণ্ডলৰ নাইট্ৰজেন কেনেদৰে আহৰণ কৰে?
উত্তৰঃ উদ্ভিদে নাইট্ৰজেন স্থিতীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুমণ্ডলৰ নাইট্ৰজেন আহৰণ কৰে।

22. অ’জন স্তৰৰ কাম কি?
উত্তৰঃ অ’জন স্তৰে পৃথিৱীৰ জীৱ-জন্তুক সূৰ্য্যৰ অতিবেঙুণী ৰশ্মিৰ অনিষ্টকাৰী প্রভাববোৰৰ পৰা ৰক্ষা কৰে।

23. অসমৰ খনিজ সম্পদবোৰৰ নাম লিখা।
উত্তৰঃ কয়লা, পেট্ৰ’লিয়াম, প্রাকৃতিক গেছ, গন্ধক, লোৰ আকৰিক, চূণশিল আদি।

24. বায়ুমণ্ডলত অক্সিজেনৰ ঘাটি কিদৰে পূৰণ কৰা হয়?
উত্তৰঃ সালোকসংশ্লেষণৰ সহায়ত বায়ুমণ্ডলত অক্সিজেনৰ ঘাটি পূৰণ কৰা হয়।

25. মাটি প্ৰদূষণ বুলিলে কি বুজা?
উত্তৰঃ মাটিত কৃত্ৰিম ৰাসায়নিক পদাৰ্থৰ উপস্থিতিক মাটি প্ৰদূষণ বুলি কোৱা হয়।

26. প্রাকৃতিক সম্পদ কি?
উত্তৰঃ প্ৰাকৃতিৰ বুকুত পোৱা সম্পদসমূহকে প্রাকৃতিক সম্পদ বোলে। যেনে — বায়ু, আহাৰ, সূৰ্য্যৰ ৰশ্মি আদি।

27. মাটি ক্ষয়ীভবন কি?
উত্তৰঃ প্রাকৃতিক কিছুমান কাৰকৰ দ্বাৰা বা মানুহৰ কাৰ্য্যৰ দ্বাৰা মাটিৰ ওপৰৰ স্তৰৰ অপসাৰণ কৰাকে মাটিৰ ক্ষয়ীভৱন বুলি কোৱা হয়।

28. কি কি অৱস্থাত জলচক্ৰত পানী পোৱা যায়?
উত্তৰঃ জলচক্ৰত পানী জুলীয়া, গেছীয় আৰু কঠিন তিনিওটা অৱস্থাত পোৱা যায়। মাটিৰ তলৰ পানী, ভূ-পৃষ্ঠৰ পানী, জলীয় বাষ্প, বৰষুণ, মেঘ আদি অবস্থাত জলচক্ৰত পানী পোৱা যায়।

29. শুকান বায়ুত নাইট্ৰজেন আৰু অক্সিজেনৰ শতকৰা পৰিমাণ কিমান?
উত্তৰঃ নাইট্ৰজেন — 78%
অক্সিজেন — 21 %

30. সম্পদ কি?
উত্তৰঃ যিবোৰ পদাৰ্থ জীৱৰ জীৱন তথা জীৱনধাৰণৰ বাবে আৱশ্যকীয় সেইবোৰক সম্পদ বোলে। অর্থাৎ সম্পদ হৈছে ব্যাৱহাৰ্য্য সামগ্ৰীৰ প্ৰয়োজন পূৰণৰ উৎস।

31. মাটিত থকা প্রাধান অজৈব উপাদানবোৰ কি?
উত্তৰঃ কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, আয়রণ, ছিকিলন, পটেছিয়াম আৰু ছডিয়ামৰ যৌগ।

32. বাৰিমণ্ডল কিহেৰে গঠিত?
উত্তৰঃ বাৰিমণ্ডল গঠিত হৈছে বিভিন্ন সাগৰ, মহাসাগৰ, হ্রদ আৰু নদ-নদী, বৰফ, ডাৱৰ, বৰষুণ আৰু ভুগর্ভস্থ পানীৰে।

33. এচিড বৰষুণ কি?
উত্তৰঃ বায়ুমণ্ডলত বৰষুণৰ পানীৰ লগত নাইট্ৰ’জেনৰ অক্সাইড আৰু ছালফাৰ ডাই অক্সাইড মিহলি হ’লে পানী কিছু পৰিমাণে আম্লিক হয়। ইয়াকে এচিড বৰষুণ বোলে।

34. অজ’নৰ তৰ্পটোৰ ভূমিকা কি?
উত্তৰঃ অ’জন তৰপটোৱে সূৰ্য্যৰ পৰা অহা অনিষ্টকাৰী অতিবেঙুনীয়া ৰশ্মিবোৰ শোষণ কৰি লয়। অতি বেঙুণী ৰশ্মি বায়ুমণ্ডলত প্ৰবেশ কৰিলে উদ্ভিদ আৰু জীৱ-জন্তুৰ মাৰাত্মক অনিষ্ট সাধন হ’ব।

35. জৈৱমৃত্তিকা কি?
উত্তৰঃ ই মাটিত থকা প্রধান জৈৱ উপাদান। ই দেখাত কলা বৰণৰ এটা জটিল যৌগ। জৈৱমৃত্তিকাত বৃহৎ পৰিমাৰ জৈৱ যৌগ থাকে।

36. ভূ-ৰসায়নীয় চক্ৰৰ আৱশ্যকতা কি?
উত্তৰঃ ভূ-ৰসায়নীয় চক্ৰবোৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি থাকে যাতে প্ৰাকৃতিক সম্পদবোৰৰ ঘাটি পূৰণ পুনঃ পুনঃ হৈ থাকে।

37. বতাহে কেনেদৰে বৰষুণৰ ওপৰত প্রভাব পেলায়?
উত্তৰঃ বৰষুণৰ পৰিমাণ অৰু প্ৰকাৰ নিৰ্ভৰ কৰে বতাহৰ প্ৰকৃতিৰ ওপৰত। বতাহৰ পৰিমাণ আৰু দিশে বৰষুণৰ পৰিমাণৰ ওপৰত প্রভাব পেলায়। বতাহ যি দিশত বলিবলৈ ধৰে, সেই দিশত বৰষুণ পৰে।

READ MORE  শব্দ | Chapter 12 | Class 9 General Science - SEBA

38. প্রাকৃতিক সম্পদ কোনবোৰ?
উত্তৰঃ জীয়াই থাকিবৰ বাবে প্রায় সকলোবোৰ জীৱকে বায়ু, পানী, আহাৰ আৰু সূৰ্য্য ৰশ্মিৰ আৱশ্যক। প্রকৃতিয়ে যোগান ধৰা এই সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে।

39. বানপানী সৃষ্টিৰ কাৰণ কি?
উত্তৰঃ অতি বেছি আৰু নেৰানেপেৰা বৰষুণ, পলস পৰি নৈৰ গভীৰতা, নৈৰ গৰাখহনীয়া, হিমবাহ গলি যোৱা আৰু নদীৰ গতিপথ সলনি হোৱা ইত্যাদিৰ বাবেই বানপানীৰ সৃষ্টি হয়।

40. বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড কি দৰে আতঁৰ কৰা হয়?
উত্তৰঃ বায়ুমণ্ডলত থকা কার্বন-ডাই-অক্সাইড উদ্ভিদে সালোক সংশ্লেষণৰ সহায়ত কাৰ্বহাইড্রেটলৈ পৰিণত কৰে। কাৰ্বহাইড্ৰেট উদ্ভিদ আৰু জন্তুৰ আহাৰ আৰু ই শক্তিৰ যোগান ধৰে।

Very Short Type Questions and Answers (Marks : 2)

1. ভুমিস্খলনৰ দুটা প্ৰধান কাৰণৰ নাম লিখা।
উত্তৰঃ (i) প্ৰবল বৰষুণ আৰু খৰস্রোতা জলপ্ৰবাহৰ ফলস্বৰূপে।
(ii) বতাহ আৰু তুষাৰপাত বেছিহ’লৈ।

2. তিনিটা বিকল্প শক্তিৰ উৎসৰ নাম লিখা।
উত্তৰঃ (i) বায়ু শক্তি।
(ii) সৌৰশক্তি।
(iii) জৈৱ অপচয়ৰ দ্বাৰা উৎপাদিত শক্তি।

3. ভু – ৰাসায়নিক চক্ৰবোৰ কি?
উত্তৰঃ (i) ভু-ৰাসায়নিক চক্ৰবোৰ হৈছে।
(ii) নাইট্রজেন চক্র।
(iii) কার্বন চক্র।
(iv) অক্সিজেন চক্র।

4. পানীৰ বিভিন্ন উৎসবোৰ উল্লেখ কৰা।
উত্তৰঃ পানীৰ বিভিন্ন উৎসবোৰ হৈছে– বৰষুণৰ পানী, পৃষ্ঠভাগৰ পানী আৰু ভূ-গর্ভস্থ পানী। পৃষ্ঠভাগৰ পানীৰ ভিতৰত হ্রদ, পুখুৰী, নৈ আৰু নিজৰাৰ পৰা পানী পোৱা যায় আৰু ভুগৰ্ভস্থ পানী হৈছে নলী-নাদ আৰু কুৱাৰ পানী।

5. মাটি প্ৰদূষণ কৰা তিনিটা প্রধান প্ৰদূষকৰ নাম লিখা।
উত্তৰঃ (i) কীটনাশক, অপতৃণনাশক আৰু ৰাসায়নিক সাৰ।
(ii) তেল শোধনাগাৰ, পাইপলাইন আৰু তেলৰ পুঙৰ পৰা উপলব্ধ পেট্ৰ’লিয়াম আৰু অন্যান্য হাইড্ৰকাৰ্বনবোৰ।
(iii) গধুৰ ধাতু আৰু তেজস্ক্রিয় পদার্থ।

6. বায়ুমণ্ডলত কি কি দুটা অৱস্থাত অক্সিজেন পোৱা যায়?
উত্তৰঃ (i) অক্সিজেন O₂ ৰূপত।
(ii) অ’যন O₂ৰূপত।

7. তিনিটা সেউজ গৃহ গেছৰ নাম লিখা।
উত্তৰঃ (i) কার্বন-ডাই-অক্সাইড।
(ii) মিথেন।
(iii) নাইট্ৰাছঅক্সাইড।

8. বতাহ কিহে সৃষ্টি কৰে?
উত্তৰঃ সূৰ্য্যৰ ৰশ্মি পৃথিৱী পৃষ্ঠত পৰোতে ভূমণ্ডল পানীতকৈ বেছি উত্তাপিত হয়। ফলত মাটিৰ ওপৰৰ বায়ু সোনকালে উত্তাপিত হয় আৰু ওপৰলৈ উঠি যায়। সেই সময়ত পানীৰ ওপৰৰ শীতল বতাহ ভূ-মণ্ডললৈ গতি কৰে। বতাহৰ এই গতিয়ে শীতল বায়ুৰ সৃষ্টি কৰে। গতি প্রবল হ’লে বায়ুক বতাহ বুলি কোৱা হয়।

9. মাটি সৃষ্টি হোৱা পদ্ধতিবোৰৰ নাম লিখা।
উত্তৰঃ মাটি প্ৰধানকৈ অংক্ষয় প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি হয়। শিলৰ ওপৰত হোৱা বতাহ আৰু পানীৰ ক্ৰিয়া কলাপৰ দ্বাৰা মাটিৰ উৎপন্ন হয়। শিলৰ ক্ষুদ্র ক্ষুদ্র টুকুৰাবোৰ উদ্ভিদ আৰু জন্তুৰ পৰা অহা পদাৰ্থৰ সৈতে মিহলি হৈ মাটি উৎপন্ন কৰে।

10. বায়ুমণ্ডলত থকা সেউজগৃহ গেছবোৰৰ শতকৰা পৰিমাণ কিমান?
উত্তৰঃ কার্বন-ডাই-অক্সাইড — 76%
মিথেন — 13 %
নাইট্ৰাছ অক্সাইড — 6%
ক্লৰকাৰ্বন — 5 %

11. এছিড বৰষুণৰ দুটা কাৰণ লিখা।
উত্তৰঃ (i) বায়ুমণ্ডলত নাইট্ৰ’জেনৰ অক্সাইড আৰু ছালফাৰ ডাই অক্সাইড উৎক্ষিপ্ত হ’লে এছিড বৰষুণ হয়।
(ii) আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত এছিড বৰষুণ হয়।

12. গোলকীয় উত্তাপৰ দুটা পৰিণতিৰ নাম লিখা।
উত্তৰঃ (i) জলবায়ুৰ ভীষণ পৰিবৰ্তন হব। ফলত প্ৰাকৃতিক বাতাবৰণ প্ৰভাৱিত হৈ খাদ্যদ্ৰব্যৰ অনাটন হ’ব, অনাবৃষ্টি হ’ব।
(ii) মেৰু অঞ্চলৰ বৰফ আৰু হিমবাহৰ তুষাৰ বিগলিত হ’ব যাৰ ফলত সাগৰৰ পানীৰ উচ্চতা বৃদ্ধি পাব আৰু সাগৰৰ কাষৰ দ অঞ্চলবো বানপানীত বুৰ যাব।

13. বায়ুক কিয় সম্পদ হিচাপে ধৰা নহয়?
উত্তৰঃ ইয়াৰ কাৰণ হৈছে সমগ্ৰ পৃথিৱী ধৰি সমানভাৱে বায়ু বিস্তাৰিত হৈ আছে যিটো আন সম্পদবোৰৰ ক্ষেত্ৰত নহয়। পৃথিৱীৰ সকলো ঠাইতে বায়ুৰ গঠন একে। অন্যান্য প্রাকৃতিক সম্পদৰ ক্ষেত্ৰত এনে নহয়। পানী, মাটি, খনিজ পদার্থ আৰু অৰণ্যৰ সুলভতা আৰু প্ৰকৃতি ঠাই বিশেষে বেলেগ বেলেগ।

14. বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ ভাৰসাম্য ৰক্ষাৰ দুটা কাৰম লিখা।
উত্তৰঃ (i) সেউজীয়া উদ্ভিদে সূৰ্য্যৰ পোহৰৰ উপস্থিতিত কাৰ্বন-ডাই-অক্সাইডৰ পৰা গ্লুক’জ উৎপন্ন কৰে।
(ii) কিছুমান সামুদ্রিক প্রাণীয়ে কার্বনেট পানীত দ্রবীভূত কৰি সিহঁতৰ দেহৰ খোলা গঠন কৰে।

15. এছিড বৰষুণৰ দুটা প্রভাব লিখা।
উত্তৰঃ (i) এছিড বৰষুণৰ ফলত উদ্ভিদৰ বৃদ্ধি বাধাগ্রস্থ হয়।
(ii) এছিডবৰষুণৰ ফলত হ্রদ আৰু অন্যান্য জলাধাৰবোৰৰ পানী আম্লিক হৈ পৰে। ফলত মাছ আৰু পানীত থকা অন্যান্য কীট-পত্যগ মৃত্যুমুখত পৰে।

16. শিলামণ্ডলৰ প্ৰধান উপাদানবোৰ কি?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ গোটা অংশটো, খোলা আৰু ওপৰৰ অংশটোৱেই হৈছে শিলামণ্ডল। এই খোলাটো পৃথিৱীৰ একেবাৰে ওপৰৰ তৰপটো আৰু ই সমুদ্ৰৰ তললৈকে প্ৰসাৰিত হৈ আছে। এই খোলাটো বহুত প্ৰকাৰৰ শিলৰ দ্বাৰা গঠিত আৰু ইয়াত বহুতো খনিজ পদার্থ থাকে। শিলাখণ্ডৰ একেবাৰে ওপৰৰ তৰপটো মাটিৰে গঠিত। শিলামণ্ডলত বিভিন্ন খনিজৰ উৎস থাকে। বিভিন্ন ধাতু আৰু অধাতুবোৰ শিলামণ্ডলত পোৱা যায়।।

17. মানুহৰ বিভিন্ন কাৰ্য্যকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিভাগত প্ৰদূষণ সৃষ্টি হয়। তোমালোকে ভাবা নেকি যে কোনো নির্দিষ্ট অঞ্চলত এই কাৰ্য্যকলাপৰ চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্ৰা কমিব বুলি?
উত্তৰঃ মানুহৰ কাৰ্য্যকলাপৰ দ্বাৰা সৃষ্টি হোৱা বায়ু, মাটি আৰু পানী প্ৰদূষণ ৰোধ কৰিব পাৰি। যিবোৰ কাৰকৰ দ্বাৰা পৰিবেশ প্ৰদূষিত হৈ আছে সেইবোৰ প্ৰথমতে চিনাক্ত কৰা প্ৰয়োজন। এই কাৰকবোৰৰ ব্যাৱহাৰ কমকৈ কৰি প্ৰদূষণৰ মাত্রা কমাব পাৰি।

18. বাৰিমণ্ডলৰ বিভিন্ন উপাদানবোৰ কি?
উত্তৰঃ কৰিমণ্ডলৰ বিভিন্ন উপাদানসমূহ হৈছে – বিভিন্ন সাগৰ, মহাসাগৰ হ্ৰদ আৰু নদনদী, বৰফ, ডাৱৰ, বৰষুণ আৰু ভুগৰ্ভস্থ পানী। পানীৰ এই বিভিন্ন উৎসমূহে কৰিমণ্ডল গঠন কৰিছে। পানীয়ে পৃথিৱীৰ পৰিধিৰ 17% আবৰি আছে আৰু ভূ-পৃষ্ঠৰ তলতো পর্যাপ্ত পৰিমাণে পানী আছে। ভু-পৃষ্ঠৰ পানী, ভুগৰ্ভৰ পানী, বৰষুণৰ পানী আদি সকলোবোৰ মিলি কৰিমণ্ডলৰ গঠন হৈছে।

Long Type Questions and Answers (Marks : 3/4)

1. নগৰ, মহানগৰ, গাওঁ অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি? তুমি ক’ত বাস কৰা?
উত্তৰঃ (i) নির্মল পানী পৰ্বৰ্তত বৰফ হিচাপে পোৱা যায়।
(ii) মাটিৰ তলৰ পানী, হ্রদ, নদী, নিজৰা আদিতো নির্মল পানী পোৱা যায়।
(iiii) এই পানীবোৰ মানুহৰ ব্যাৱহাৰৰ বাবে উপযোগী।

2. বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো তিনিটা কাৰ্যকলাপৰ তালিকা প্রস্তুত কৰা।
উত্তৰঃ (i) জীৱাষ্ম ইন্ধনৰ দহনৰ ফলত বায়ু প্ৰদূষণ হয়।
(ii) শিল্প উদ্যোগৰ পৰা ওলোৱা ধোৱাই বায়ু প্ৰদূষিত কৰে।
(iii) নিউক্লিয় বিয়েক্টৰ পৰা নিৰ্গত কিছুমান তেজস্ক্রিয় পদাৰ্থৰ পৰা বায়ু প্ৰদূষণ হয়।

READ MORE  বল আৰু গতি বিষয়ক সূত্রসমূহ | Chapter 9 | Class 9 General Science - SEBA

3. বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে?
উত্তৰঃ তলত দিয়া কাৰণসমূহৰ বাবে বায়ুমণ্ডলে এখন কম্পলৰ দৰে কাম কৰে —
(i) বায়ু তাপৰ কুপৰিবাহী।
(ii) সূৰ্যৰ পৰা পোৱা তাপ বয়ুমণ্ডলে নির্দিষ্ট অনুপাতত ধৰি ৰাখি পৃথিৱীখনক এক সুস্থিৰ উষ্ণতাত ৰাখে।
(ii) দিনৰ ভাগত সূৰ্য্যৰ পোনপতীয়া তাপত পৃথিৱীৰ বেছিকৈ উষ্ণতা বৃদ্ধি হৈ যোৱাৰ পৰা বায়ুমণ্ডলে বাধা দি ৰাখে। গধূলিভাগত ইয়াৰ ওপৰিভাগে তাপ এৰি দিয়াৰ লাহে লাহে ঠাণ্ডা হ’বলৈ ধৰে।

4. প্রাকৃতিক সম্পদ 5 টা প্ৰকাৰ লিখা।
উত্তৰঃ (a) জলজ সম্পদ।
(b) ভূমিজ সম্পদ।
(c) খনিজ সম্পদ।
(d) বনজ সম্পদ।
(e) সামুদ্রিক সম্পদ।

5. বতৰৰ আগলি বতৰা কেনেকৈ পোৱা যায়?
উত্তৰঃ তলত দিয়াবোৰৰ অধ্যয়নৰ জৰিয়তে বতৰৰ আগলি বতৰা পোৱা যায়—
(i) বতাহৰ গতিৰ সহায়ত পৃথিৱীৰ বিভিন্ন ঠাইৰ জলবায়ুৰ বিষয়ে জানিব পাৰি।
(ii) বতাহৰ ধৰণৰ পৰা বৰষুণৰ প্ৰকৃতিৰ বিষয়ে জানিব পাৰি।
(iii) আপেক্ষিক আদ্রতা।
(iv) মেগৰ গঠনৰ পৰা।

6. মাটিত জৈৱ পদাৰ্থৰ উপস্থিতিয়ে কিদৰে প্ৰভাব পেলায়?
উত্তৰঃ (i) মাটিৰ ভৌতিক অৱস্থাৰ উন্নয়ন কৰে।
(ii) ই অত্যন্ত গৰম বতৰত মাটি শীতল কৰি ৰাখে।
(iii) মাটিৰ ক্ষয়ীভবন কমায়।
(iv) মাটিৰ অণুজীৱবোৰৰ শক্তিৰ উৎস।

7. সেউজ গৃহ প্রভাব কি?
উত্তৰঃ বায়ুমণ্ডলত থকা কিছুমান বিশেষ গেছক সেউজ গৃহ গেছ বুলি কোৱা হয়। এই গেছবোৰ হৈছে কার্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আৰু ক্লৰ ফৰকাৰ্বন। এই গেছবোৰে বায়ুমণ্ডলৰ পৰা প্ৰতিফলিত হোৱা বিকিৰণবোৰক মহাকাশলৈ যাবলৈ নিদি পুণৰ পৃথিৱীলৈ ঘুৰাই পঠিয়ায়। বায়ুমণ্ডলত ক্ৰিয়া কৰা এই গেছবোৰৰ প্ৰভাবক সেউজ গৃহ প্রভাব বুলি কোৱা হয়। সেউজ গৃহ প্রভাবৰ কাৰণে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাইছে আৰু গোলকীয় উত্তাপ বাঢ়িবলৈ লৈছে।

8. বায়ুত CO₂ৰ পৰিমাণ বৃদ্ধি কৰা তিনিটা মানুহৰ দ্বাৰা সংঘটিত কাৰ্য্যকলাপ উল্লেখ কৰা।
উত্তৰঃ (i) কলকাৰখানাত ইন্ধনৰ দহনৰ ফলত পৰিবহণ ব্যাৱস্থাত বিভিন্ন পদাৰ্থৰ দহনৰ ফলত।
(ii) বনাঞ্চল ধ্বংসৰ ফলত।
(iii) জনসংখা বৃদ্ধিৰ ফলত।

9. জলজ সম্পদক কেনেদৰে শ্ৰেণবিভাগ কৰা হয়?
উত্তৰঃ পানীৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰি জলজ সম্পদৰ তলত দিয়া ধৰণে শ্ৰেণীবিভাজন কৰ হয়।
(i) বৰষুণৰ পানী।
(ii) পৃষ্ঠভাগৰ পানী অৰ্থাৎ হ্রদ, পুখুৰ, নৈ আৰু নিজৰাৰ পানী।
(iii) ভুগর্ভস্থ পানী অৰ্থাৎ নলীনদ আৰু কুৱাৰ পানী।

10. কি কি কাৰ্য্যকলাপৰ বাবে পানী প্ৰদূষণ হ’ব পাৰে?
উত্তৰঃ (i) কল কাৰখানৰ পৰা ওলোৱা দুষিত পদাৰ্থ পানীৰ লগত মিহলি হলে।
(ii) শস্যৰ পথাৰত ব্যাৱহাৰ কৰা ৰাসায়নিক সাৰ, কিটনাশক আদিৰ প্ৰয়োগৰ ফলত পানী দূষিত হয়।
(iii) জলবিদ্যুত প্রকল্পসমূহৰ পৰা অতিৰিক্ত পানীভাগ নদীত নিক্ষেপ কৰাৰ ফলত নদীৰ পানীৰ উষ্ণতা বৃদ্ধি পায়। নদীৰ পানীৰ উষ্ণতা প্ৰভাৱিত কৰা আন এক কাৰণ হ’ল নদী বান্ধৰ পৰা উলিয়াই দিয়া বৃহৎ পৰিমাণৰ পানী। উষ্ণতা বৃদ্ধিৰ ফলত পানী দূষিত হয়।

11. ডাৱৰ কেনেকৈ সৃষ্টি হয়?
উত্তৰঃ যেতিয়া দিনৰ ভাগত সূৰ্য্যৰ তাপত জলভাগ গৰম হয় তেতিয়া বেছিভাগ পানী বাষ্পীভূত হৈ বায়ুমণ্ডললৈ যায়। কিছু পৰিমাণে পানী জীৱৰ বিভিন্ন বিপাকীয় ক্ৰিয়াৰ ফলত বায়ুমণ্ডললৈ বাষ্প আকাৰে আহে। ফলত বায়ু গৰম হৈ পৰে। এই গৰম বায়ুৱে জলীয় বাষ্প ধৰি ৰাখে। গৰম বায়ু প্ৰসাৰণ হৈ লাহে লাহে ঠাণ্ডা হ’বলৈ ধৰে। ফলত পানীৰ কণিকা গোট মাৰি সৰু সৰু টোপালৰ আকাৰে ওলমি থাকে। ঘনীভৱনৰ ফলত বায়ুমণ্ডলত থকা ধূলি কণিকাবোৰেও বাষ্প আকাৰে পানী কণিকাবোৰ টোপাল আকাৰে ওলমি থাকে। ইয়াকে ডাৱৰ বোলে।

12. মাটিৰ প্ৰধান উপাদনবোৰ কি?
উত্তৰঃ (a) খনিজ পদার্থ।
(b) জৈৱিক পদাৰ্থ।
(c) মাটিত থকা পানী।
(d) মাটিত থকা বায়ু।
(e) অণু জীৱ৷

13. মাটি ক্ষয়ীভবণৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত লবা?
উত্তৰঃ মাটি ক্ষয়ীভবনৰ পৰা ৰক্ষা কৰিবলৈ তলত দিয়া ব্যাৱস্থাসমূহ হাতত ল’ব পাৰি –
(i) গছ-গছনি ৰুব লাগে।
(ii) মাটিৰ ওপৰেৰে পানীৰ যোৱাৰ সু-ব্যাৱস্থা কৰিব লাগে।
(iii) পৰিকল্পিতভাৱে কৃষিকাৰ্য্য কৰিব লাগে।
(iv) পৰিকল্পিতভাৱে গৃহনির্মাণ আৰু পথ নিৰ্মাণ কৰা প্ৰয়োজন।
(v) ঘাঁহ বন গজিবলৈ দিলে মাটিৰ অংক্ষয় বোধ হয়।
(vi) নদীৰ পাৰসমূহত শক্তিশালী শিলৰ বান্ধ দি গৰাৰহনীয়া ৰোধ কৰিব পাৰি।

14. বনাঞ্চলসমূহে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্রভাব পেলায় এটা টোকা লিখা।
উত্তৰঃ তলত দিয়া ধৰণে বনাঞ্চলে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত প্রভাব পেলায়—
(i) উদ্ভিদৰ শিপাই মাটি অৱক্ষয়ত বাধা দিয়ে।
(ii) উদ্ভিদে বতৰৰ পৰিবৰ্তন ঘটায় থাকে।
(iii) বনাঞ্চলৰ পৰা খাদ্য পোৱা যায়।
(iv) বনাঞ্চলে অক্সিজেন এৰি দিয়ে ফলত বায়ুত অক্সিজেনৰ মাত্ৰা সুস্থিৰ অৱস্থাত থাকে।
(v) বনাঞ্চলে বৰষুণৰ বৃদ্ধিত সহায় কৰে।
(vii) বনাঞ্চলে প্ৰদুষণৰ মাত্ৰা কমাই ৰাখে।

15. জীৱসমূহক পানীৰ কিয় প্রয়োজন হয়?
উত্তৰঃ সকলোবিলাক কোষীয় প্ৰক্ৰিয়া পানীৰ দ্বাৰাই সংঘটিত হয়। আমাৰ দেহৰ ভিতৰত সংঘটিত সকলোবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদার্থসমূহ কোষৰ ভিতৰত পানীত দ্রবীভূত হৈ থাকে। দ্রবীভূত অৱস্থাতেই সকলোবিলাক পদাৰ্থ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ হয়। সেইকাৰণে জীৱসমূহে দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি জীয়াই থাকিবলৈ সম্ভব হৈছে। স্থলজ পানীক নির্মল পানী অথৱা অলুণীয়া পানীৰ প্ৰয়োজন কিয়নো ইহঁতৰ শৰীৰে লুণীয়া পানীত থকা অধিক পৰিমাণৰ দ্রবীভূত লৱণ গ্ৰহণ কৰিব নোৱাৰে। গতিকে স্থলজ প্রাণী আৰু উদ্ভিদ দুয়োবিধকে জীয়াই থাকিবৰ বাবে পানী অতিকৈ সহজলভ্য হোৱা দৰকাৰ।

16. খোৱা পানীৰ বিভিন্ন গুণসমূহ কি কি?
উত্তৰঃ (i) বৰণহীন হ’ব লাগে।
(ii) কোনো আপত্তিজনক গোন্ধ থকা হ’ব নালাগে।
(iii) ঘোলা হ’ব নালাগে।
(iv) আম্লিক বা ক্ষাৰীয় হ’ব নালাগে।
(v) কঠিন হ’ব নালাগে।
(vi) জীবাণুমুক্ত হ’ব লাগে।

17. মাটিৰ অৱক্ষয় কি? অৱক্ষয়ৰ মাত্ৰা কেনেকৈ বেছি হয়?
উত্তৰঃ প্রাকৃতিক কাৰক, যেনে ৰ’দ, পানী, বতাহ বা মানুহৰ ক্ৰিয়া-কলাপৰ দ্বাৰা শীর্ষ মৃত্তিকাৰ অপসৰণ কৰাকে মাটিৰ অবক্ষয় বুলি কোৱা হয়। তলত দিয়া কাৰণবোৰৰ বাবে অৱক্ষয়ৰ মাত্রা বেছি হয় –
(i) গছ-গছনি কাটি আৰু বাহি জ্বলাই অৰণ্য নষ্ট কৰিলে।
(ii) সীমিত মাটিত চৰণীয়া জন্তুৰ সংখ্যা বেছি হ’লে।
(iii) অপৰিকল্পিতভাৱে কৃষিকাৰ্য্য কৰিলে।
(iv) বতাহ আৰু তুষাৰপাত বেছিহ’লে।
(v) প্ৰবল বৰষুণ আৰু খৰস্ত্ৰোতা জলপ্ৰবাহৰ ফলত।
(vi) চৰম জলবায়ুৰ প্ৰভাবত।

18. পানী জীৱৰ বাবে প্ৰয়োজন কিয়?
উত্তৰঃ তলত দিয়া কাৰণবোৰৰ বাবে পানী জীৱৰ বাবে অপৰিহাৰ্য্য :
(i) পানী নহ’লৈ জীৱন ধাৰণ সম্ভব নহয়।
(ii) শৰীৰৰ শতকৰা 60-70 ভাগ পানীয়ে আগুৰি থাকে।
(iii) আমাৰ শৰীৰৰ ভিতৰত হোৱা সকলোবোৰ বিক্ৰিয়াত ব্যাৱহাৰ হোৱা দ্ৰব্যবোৰ পানীত দ্রবীভূত হৈ থাকে।
(iv) পদাৰ্থসমূহ পৰিবহনৰ বাবে পানীৰ আৱশ্যক।
(v) পানীৰ ঘনত্ব প্লট’প্লাজমৰ ঘনত্বৰ সমান।
(vi) পানী উৎকৃষ্ট দ্ৰাৱক।

READ MORE  গতি | Chapter 8 | Class 9 General Science - SEBA

19. গোলকীয় উত্তাপৰ কাৰণবোৰ ব্যাখ্যা কৰা। পৃথিৱীত গোলকীয় উত্তাপৰ কাৰণে কি হ’ব?
উত্তৰঃ গোলকীয় উত্তাপৰ প্ৰধান কাৰণ হৈছে বায়ুমণ্ডলত সেউজগৃহ গেছবোৰৰ পৰিমাণ বৃদ্ধি হোৱাটো ৷ সেউজ গৃহ গেছবোৰ হৈছে কার্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্লৰ’কাৰ্বন আদি। জীৱাশ্ম ইন্ধন জলোৱা শিল্পউদ্যোগ, যান বাহন আদিয়ে বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে। কৃষিকাৰ্য্যত হোৱা ক্রিয়াকলাপৰ ফলস্বৰূপে বায়ুমণ্ডললৈ মিথেন ওলাই যায়। সাগৰবোৰৰ পৰা প্ৰাকৃতিকভাৱে জীবাণুৰ দ্বাৰা, মাটিৰপৰা, নাইট্ৰজেনযুক্ত সাৰৰ পৰা, নৰ্দমাৰ পানী পৰিষ্কাৰ কৰা উদ্যোগৰ পৰা আৰু যানবাহনৰ ধোৱাৰ পৰা নাইট্ৰাছ অক্সাইড গেছ বাহিৰ হয়। এই সেউজ গৃহ গেছবোৰৰ পৰিমাণ বৃদ্ধিয়ে গোলকীয় উত্তাপ বৃদ্ধি কৰিছে।

গোলকীয় উত্তাপ বৃদ্ধিয়ে জলবায়ুৰ ভীষণ পৰিবৰ্তন আনিব আৰু য়িািৰ ফলত প্ৰাকৃতিক বাতাবৰণ প্রভাবিত হৈ খাদ্যদ্রব্য নাটনি হ’ব আৰু আনাবৃষ্টি হ’ব। বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিয়ে মেৰু অঞ্চলৰ বৰফ আৰু হিমবাহৰ তুষাৰ বিগলিত কৰিব। বৰফ গলাৰ ফলত সাগৰৰ পানীৰ উচ্চতা বৃদ্ধি পাব আৰু দ অঞ্চল পানীৰে ভৰি পৰিব।

20. কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে? পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূর্ণভাৱে আত্মনির্ভৰশীলনে?
উত্তৰঃ মাটিৰ কাৰ্য্য—
(i) উদ্ভিদৰ বৃদ্ধিত মাটিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উদ্ভিদক প্রয়োজনীয় পানী, খনিজ লবণ, মাটিত পোৱা যায়।
(ii) উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰি দৃঢ়ভাৱে থিয় হৈ থাকে।
(iii) খাদ্য শস্য, ঘাঁহ বন, বিভিন্ন ধৰণৰ উদ্ভিদে মাটিত বংশবৃদ্ধি কৰে যিবোৰে আমাৰ প্ৰয়োজনীয় খাদ্য যোগান ধৰি আছে।
(iv) মাটিৰ ওপৰত স্থলজ প্রাণীসমূহে বসবাস কৰি আছে। পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল নহয়।

21. বৰষুণৰ সৃষ্টি কেনেকৈ হয়?
উত্তৰঃ যেতিয়া দিনৰ ভাগত সূৰ্য্যৰ তাপত জলভাগ গৰম হয় তেতিয়া বেছিভাগ পানী বাষ্পীভূত হৈ বায়ুমণ্ডললৈ যায়। কিছু পৰিমাণে পানী জীৱৰ বিভিন্ন বিপাকীয় ক্রিয়াৰ ফলত বায়ুমণ্ডললৈ বাষ্প আকাৰে আহে। ফলত বায়ু গৰম হৈ পৰে। এই গৰম বায়ুৱে জলীয় বাষ্প ধৰি ৰাখে। গৰম বায়ু প্ৰসাৰণ হৈ লাহে লাহে ঠাণ্ডা হ’বলৈ ধৰে। ফলত পানীৰ কণিকা গোট মাৰি সৰু সৰু টোপালৰ আকাৰে ওলমি থাকে। ঘনীভবণৰ ফলত বায়ুমণ্ডলত থকা ধূলি কণিকাবোৰও বাষ্প আকাৰে পানী কণিকাবোৰ টোপাল আকাৰে ওলমি থাকে। লাহে লাহে পানীৰ কণিকাবোৰ ডাঙৰ হ’বলৈ ধৰে। তেতিয়া টোপালবোৰ ডাঙৰ আৰু গধুৰ হয়। তেতিয়া বৰষুণ আকাৰে তললৈ নামি আহে।

22. জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি?
উত্তৰঃ বায়ুমণ্ডলে কোনো অঞ্চলৰ বতৰ নিয়ন্ত্ৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা লয়। পৃথিৱীখনৰ চাৰিওফালৰ বায়ুমণ্ডলে এক নিৰ্দিষ্ট বিন্দুৰ ওপৰলৈ ইয়াৰ ইষ্ণতা বাঢ়িবলৈ নিদিয়ে। বায়ুমণ্ডল নথকা হ’লৈ সূৰ্য্যৰ ৰস্মিয়ে পৃথিৱীৰ পৰিধিৰ উষ্ণতা এনেধৰণেৰে বৃদ্ধি কৰিলেহেতে যে নৈ, সাগৰ আৰু মহাসাগৰৰ পানী সম্পূৰ্ণৰূপে বাষ্পীভূত হ’লহেতেন। বায়ুমণ্ডলৰ অজন স্তৰটোৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে – সেয়া হৈছে ওজন তৰপটোৱে সূৰ্য্যৰ পৰা অহা অনিষ্টকাৰী অতিবেঙুনী ৰশ্মিবোৰ শোষণ কৰি লয়। অতি বেঙুণী ৰশ্মি শোষণ হোৱাটো পৃথিৱীৰ প্ৰাণীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, কিয়নো এই ৰশ্মি বায়ুমণ্ডলত প্রবেশ কৰিলে উদ্ভিদ আৰু জীৱ-জন্তুৰ মাৰাত্মক অনিষ্ট সাধন হ’ব। বায়ুমণ্ডলৰ উষ্ণতা উচ্চতা বৃদ্ধিৰ লগে লগে কমি যায়, কিন্তু সমতাপ মণ্ডল বা স্ট্রেট স্ফিয়াৰত আকৌ বাঢ়িবলৈ ধৰে। পৃথিৱীৰ পৰিধিৰ পৰা পানী বাষ্পীভূত হৈ বায়ুমণ্ডলৰ ওপৰলৈ উঠি যায় শীতল অঞ্চলত ঘণীভূত হয়। ইয়াৰ ফলত ডাৱৰৰ সৃষ্টি হয়। এই ডাৱৰক বতাহে কঢ়িয়াই লৈ যায় আৰু পিছত পানীভাগ বৰষুণ হিচাপে তললৈ পৰে।

23. মাটি কেনেকৈ গঠন হয়?
উত্তৰঃ অতীতৰ পৰা হাজাৰ কোটি বছৰ ধৰি বিভিন্ন ভৌতিক, ৰাসায়নিক আৰু জৈৱিক পৰিঘটনাৰ ফলত পৃথিৱীৰ উপৰিভাগত থকা কঠিন শিলাক্তৰ ভাগি চূৰ্ণ-বিচূৰ্ণ হৈ সৰু সৰু কণিকাত পৰিণত হয় আৰু ইয়াকেই মাটি বুলি কোৱা হয়। তলত দিয়া কাৰক সমূহৰ দ্বাৰা মাটিৰ সৃষ্টি হয়।
(i) সূৰ্য্য : দিনৰ ভাগত সূৰ্য্যৰ তাপত শিলাস্তৰ প্ৰসাৰণ হয় আৰু ৰাতি ঠাণ্ডা হোৱাৰ ফলত সংকোচন হয়। শিলাখণ্ডৰ সকলো অংশ একে সময়তে সংকোচন আৰু প্ৰসাৰম নহয় ফলত ইয়াত ফাঁক সৃষ্টি হয়। ফলত ডাঙৰ ডাঙৰ শিলাস্তৰ সৰু সৰু খণ্ডত বিভক্ত হয়।

(ii) পানী : পানীয়ে দুই ধৰণে মাটি গঠন কৰাত সহায় কৰে। সূৰ্য্যৰ তাপত শিলাক্তৰত ফাঁক মেলাত পানী ফাঁকবোৰত সোমাই পৰে। কালক্ৰমত ফাঁকত জমা হোৱা পানী যদি গোট মাৰে তেতিয়া ডাঙৰ হ’বলৈ ধৰে। বহুদিন ধৰি কঠিন শিলাক্তৰৰ ওপৰেদি পানী বৈ যোৱাৰ ফলত পানীয়ে ডাঙৰ ডাঙৰ শিলবোৰ তললৈ খহাই আনে। তললৈ নামি আহোতে ইটো সিটো শিলৰ লগত খুন্দা খুন্দিৰ ফলত সৰু সৰু কণিকাত পৰিণত হয়। পানীয়ে এই সৰু সৰু কণিকাবোৰক তল স্তৰলৈ বোঁৱাই আনে আৰু তৰপ তৰপকৈ জমা হ’বলৈ ধৰে। এনেকৈ শিলাস্তৰৰ আদিম অৱস্থানৰ পৰা বহুদূৰত মাটি গঠন হয়।

(iii) বতাহ : পানীৰ দৰে বতাহেও ডাঙৰ ডাঙৰ শিলাখণ্ডক তললৈ জোৰেৰে খহাই আনোতে ঘঁহনি খায় সৰু সৰু শিলৰ কণিকালৈ পৰিণত হয়। এনেকৈ এঠাইৰ পৰা আন ঠাইলৈ বালিৰ কণিকাবোৰ কঢ়িয়াই অনা কণিকাবোৰ কোনো ঠাইত জমা হয় আৰু ক্ৰমে ই মাটিলৈ পৰিণত হয়।

(iv) লাইকেন জাতীয় জীৱ সমূহেও মাটিগঠন কৰাত অৰিহণা যোগায়। লাইকেন জাতীয় জীৱসমূহে কিছুমান পদাৰ্থৰ সৃষ্টি কৰে আৰু এই পদাৰ্থবোৰে শিলাস্তৰৰ ওপৰত পাউদাৰ জাতীয় পদাৰ্থৰ তৰপ গঠন কৰে আৰু পাছলৈ ই মাটিত পৰিণত হয়। এই মাটিত মছ জাতীয় উদ্ভিদ গজিবলৈ ধৰে এইবিধ উদ্ভিদৰ শিপাবোৰে শিলাখণ্ডক ভাঙি সৰু সৰু ফাঁক কৰে। লাহে লাহে ডাঙৰ উদ্ভিদৰ শিপাবোৰ এই হফাঁকত সোমাই সৰু সৰু শিলৰ কণিকাতে পৰিণত কৰে। পাছলৈ ইয়াৰ পৰা ক্ষুদ্ৰ ক্ষুদ্র কণিকা আৰু লাহে লাহে মাটিলৈ পৰিণত হয়।

24. জলচক্ৰটোৰ চিত্ৰ আঁকা।
উত্তৰঃ পৃথিবী পৃষ্ঠৰ পৰা পানী বাষ্পীভূত হৈ বায়ুমণ্ডলৰ শীতল তৰপবোৰত ঘনীভূত হৈ ডাৱৰৰ সৃষ্টি কৰে। ডাৱৰৰ পৰাই পিছত বৰষুণৰ আকাৰে এই পানী পৃথিৱী পৃষ্ঠত পৰে। বাষ্পীভৱন আৰু ঘনীভবনৰ জৰিয়তে জলচক্ৰটো চলি থাকে।

চিত্র : জলচক্র

25. অক্সিজেন চক্র কি ? চিত্রসহ বর্ণনা কৰা। 
উত্তৰঃ বায়ুমণ্ডলৰ প্ৰায় 20% গেছ অক্সিজেন। ইয়াক যৌগ অৱস্থাত খনিজবোৰত অক্সাইড, কার্বনেট, ছালফেট হিচাপে, বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড হিচাপে আৰু পানীতো পোৱা যায়। প্রায় আটাইবোৰ জীৱিত প্ৰাণীক উশাহ ল’বলৈ অক্সিজেন লাগে। বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ অক্সিজেন চক্ৰৰ সহায়ত একে থাকে। উশাহত, দহনত আৰু বায়ুমণ্ডলত নাইট্ৰ’জেনৰ স্থিতীকৰণত অক্সিজেন ব্যাৱহাৰ হয়। সালোক সংশ্লেষণৰ সহায়ত বায়ুমণ্ডলত অক্সিজেনৰ ঘাটি পূৰণ হৈ থাকে।

চিত্র : অক্সিজেন চক্র

26. আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মঙ্গল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পার্থক্য কেনে ধৰণৰ?
উত্তৰঃ

পৃথিৱীৰ বায়ুমণ্ডলশুক্ৰ আৰু মংগলৰ বায়ুমণ্ডল
(i) ইয়াত নাইট্ৰজেন আৰুঅক্সিজেন আছে।(i) নাইট্রজেন আৰু অক্সিজেন নাই।
(ii) কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কম। 0.03%(ii) কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বেছি। 95-75%
(iii) জলীয় বাষ্প থাকে।(iii) জলীয় বাষ্প নাই।
(iv) জীৱ জয়াই থকাৰ অনুকূল পৰিবেশ।(iv) জীৱ জীয়াই থকাৰ প্ৰতিকূল পৰিবেশ।

Leave a Comment

error: Content is protected !!
Scroll to Top