কলা

কলা | Chapter 6 | Class 9 General Science – SEBA

কলা | Chapter 6 | Class 9 General Science Question and Answer | Assam Class 9 General Science Solutions | SEBA Class 9 HSLC General Science Chapter 6 Notes | SEBA Class 9 HSLC General Science Chapter 6 Question and Answer | Questions and Answers for Class 9 General Science Chapter 6 কলা | HSLC General Science Questions and Answers Assam


কলা

Multiple Choice Questions and Answers (MCQs)

1. উপাস্থিৰ আবৰণখনৰ নাম—
(খ) পৰীউপস্থি।
(ঘ) ভৌমচ্ছদা।
(ক) পৰিঅস্থি।
(গ) মেলপিজীয়া আৱৰণ ।
উত্তৰঃ (খ) পৰীউপস্থি।

2. তেজ এবিধ—
(ক) সংযোজক কলা।
(খ) স্নায়ু কলা।
(গ) আবৰণী কলা।
(ঘ) পেশী কলা।
উত্তৰঃ (ক) সংযোজক কলা।

3. লিগামেন্টে সংযোগ কৰে—
(ক) পেশীক হাড়ৰ লগত ।
(খ) পেশীক পেশীৰ লগত ।
(গ) হাড়ক হাড়ৰ লগত ।
(ঘ) ইয়াৰ এটাও নহয়।
উত্তৰঃ (গ) হাড়ক হাড়ৰ লগত ।

4. হাড়ৰ গঠনকাৰী কোষক কি বুলি জনা যায়—
(ক) অষ্টিঅ’চাইট।
(খ) ধ্বজা কোষ ।
(গ) কণ্‌ডু’চাইট।
(ঘ) প্লাজমা কোষ
উত্তৰঃ (ক) অষ্টিঅচাইট।

5. হৃদপেশীৰ বিশেষ বৈশিষ্ট হৈছে—
(ক) অনিচ্ছিক পেশীৰ দৰে।
(খ) ঐচ্ছিক পেশীৰ দৰে।
(গ) অনিচ্ছিক আৰু ঐচ্ছিক দুয়োটাৰ দৰে ।
(ঘ) অনিচ্ছিক আৰু ঐচ্ছিক এটাৰো লগত নিমিলে।
উত্তৰঃ (গ) অনিচ্ছিক আৰু ঐচ্ছিক দুয়োটাৰ দৰে ।

6. অন্ধ্ৰৰ অন্তঃবেৰত থকা আবৰণী কলাবিধ হ’ল—
(ক) স্তম্ভাকাৰ আবৰণী কলা।
(খ) চিলিয়াযুক্ত আৱৰণী কলা।
(গ) স্তৰীভূত আবৰণী কলা
(ঘ) অংকুৰণ আৰবণী কলা।
উত্তৰঃ (ক) ভদ্ভাকাৰ আবৰণী কলা।

7. তলৰ কোনবিধ কলাত কেৰ’টিনভবন হয়—
(ক) সংযোজক কলা।
(খ) গ্রন্থি কলা।
(গ) চিলিয়াযুক্ত আবৰণী কলা।
(ঘ) স্তৰীভূত আবৰণী কলা।
উত্তৰঃ (ঘ) স্তৰীভূত আবৰণী কলা।

8. টেণ্ডন তলত দিয়া কোন যোৰৰ মাজত সংযোগী ক’লা হিচাপে থাকে—
(ক) পেশী আৰু পেশী।
(খ) পেশী আৰু হাড়।
(গ) হাড় আৰু হাড়
(ঘ) অস্থি আৰু উপস্থি।
উত্তৰঃ (খ) পেশী আৰু হাড়।

9. চিলিয়াযুক্ত আবৰণী কলা—
(ক) তন্ত্ৰত পোৱা যায় ।
(খ) ছালত পোৱা যায়।
(গ) শ্বাসনলীত পোৱা যায়।
(ঘ) ৰেটিনাত পোৱা যায় ।
উত্তৰঃ (গ) শ্বাসনলীত পোৱা যায়।

Very Short Type Questions and Answers (Marks : 1)

1. কোনবিধ কলাৰ পৰা তন্ত্ৰকলাৰ উৎপত্তি হয়?
উত্তৰঃ স্কেলৰেণকাইমা কলা।

2. তেজ চেকুৰা মৰা প্ৰক্ৰিয়াত ভাগ লোৱা প্লাজমাৰ প্ৰটিন দুবিধৰ নাম লিখা ।
উত্তৰঃ কাইব্রিণ’জেন আৰু থ্রম্বিণ।

3. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?
উত্তৰঃ সৰল ছটীয়া আচ্ছাদক কলা।

4. লিগনিন কি? ই উদ্ভিদৰ কোনবিধ কলাত বেছি পৰিমাণে থাকে?
উত্তৰঃ উদ্ভিদৰ কোষবোৰত জমা হোৱা বিবিধ বাসায়নিক পদাৰ্থৰ বাবে কোষবেৰ ডাঠ হয়, তাক লিগনিন বোলে।

5. বায়ুকলা পোৱা এবিধ উদ্ভিদৰ নাম লিখা।
উত্তৰঃ পানী মেটেকা।

6. পতংগভোজী উদ্ভিদৰ দেহত থকা গ্ৰন্থিৰোমবিলাকত কি পদার্থ থাকে?
উত্তৰঃ উৎসেচক বা পাচক ৰস ।

7. এন্টিবডি গঠনকাৰী শ্বেত ৰক্তকণিকাবিধৰ নাম কি?
উত্তৰঃ লিম্ফ ছাইট।

৪. উদ্ভিদৰ দেহত কোনবিধ সংবহণ কলাই পাতত প্ৰস্তুত হোৱা খাদ্যবস্তু দেহৰ অন্যান্য স্থানলৈ পৰিবহণ কৰে?
উত্তৰঃ ফ্লৱেম্।

9. জাইলেম কলা পুনৰ বিভাজিত হ’ব পাৰেনে?
উত্তৰঃ নোৱাৰে।

10. মেৰুদণ্ডী প্ৰাণীৰ অন্তঃকংকাল কি কালৰে গঠিত ?
উত্তৰঃ কংকাল তন্ত্ৰৰে গঠিত।

11. কেনেবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে?
উত্তৰঃ স্কেৰেণকাইমা কলাই।

12. উদ্ভিদৰ কাণ্ডৰ গাঁঠিৰ তলে ওপৰে পোৱা ভাজক কলাবিলাকক কি বুলি কয়?
উত্তৰঃ নিবেশিত ভাজক কলা ।

13. কলা কাক বোলে?
উত্তৰঃ যিবোৰ কোষৰ আকৃতি, আকাৰ, উৎপত্তিৰ স্থান আৰু কাৰ্য্যৰ ফালৰ পৰা একে গুণবিশিষ্ট, তেনে কোষবিলাকৰ সমষ্টিক একেলগে কলা বোলে।

14. কলা কি?
উত্তৰঃ নিৰ্দিষ্ট একোটা কাম কৰা একে উৎপত্তি, গঠন আৰু আকৃতিযুক্ত কোষৰ সমষ্টিকে কলা বোলা হয়।

15. কোনবিধ কলাত আটাইতকৈ বেছি পৰিমাণে লিগনিন জমা হয়?
উত্তৰঃ স্কেলৰেণকাইমা কলাত ।

16. অগ্রন্থ ভাজক কলা ক’ত পোৱা যায় ?
উত্তৰঃ অগ্রস্থ ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে আগ অংশত পোৱা যায়।

17. প্রাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি ?
উত্তৰঃ পেশীকলা।

18. জুলীয়া মেট্রিক্স থকা সংযোজক কলাবিধৰ নাম কি?
উত্তৰঃ তেজ।

19. উদ্ভিদত কি কলাৰে খাদ্য পৰিবহন কৰে?
উত্তৰঃ ফ্লোৱেম।

20. কোনবিধ প্রাথমিক ভাজক কলাই উদ্ভিদৰ কাণ্ড বা গা-গছশকত হোৱাত অৰহণা যোগায়?
উত্তৰঃ ভ্রূণ অৱস্থাৰ পৰা থকা প্ৰাথমিক ভাজক কলাই উদ্ভিদৰ কাও বা গা-গছ হোৱাত অৰিহণা যোগায়।

21. মগজুত কি কলা থাকে?
উত্তৰঃ স্নায়ু কলা ।

22. উদ্ভিদৰ স্কেলৰেণকাইমা কলাত লিগনিন বেছি পৰিমাণে থাকে। কোনবিধ ভাজক কলাই উদ্ভিদৰ কাণ্ড আৰু মূলৰ দৈৰ্ঘত অংশ লয় ?
উত্তৰঃ অগ্রস্থ ভাজক কলাই।

23. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত ?
উত্তৰঃ আচ্ছাদক কলা।

24. স্নায়ুকোষ দেখিবলৈ কেনেকুৱা?
উত্তৰঃ স্নায়ুকোষ প্রাণীদেহৰ আটাইতকৈ দীঘল কোষ। এই দুটা প্রধান ভাগত বিভক্ত— দেহকোষ আৰু স্নায়ু প্ৰবৰ্ধ।

25. আমাৰ দেহৰ চৰী থকা সংযোজক কলাবিধৰ নাম কি?
উত্তৰঃ মেদকলা।

26. পেশী আৰু অস্থিক কি কলাৰে সংযোজন কৰিছে?
উত্তৰঃ টেণ্ডন।

27. টেণ্ডন আৰু লিগামেন্ট কি?
উত্তৰঃ টেণ্ডন আৰু লিগামেন্ট হৈছে প্ৰকৃত সংযোজক কলা।

28. কোনবিধ গৌণ ভাজক কলাই উদ্ভিধৰ কাণ্ড বা গা-গছ শকত হোৱাত অৰিহণা যোগায়?
উত্তৰঃ পার্শ্বস্থ ভাজক কলাই।

29. আমাৰ দেহৰ চলনত ব্যাৱহাৰ হোৱা কলাবিধৰ নাম কি?
উত্তৰঃ পেশীকলা।

30. প্লাজমাত থকা কোনবিধ প্রটিনে দেহত সুৰক্ষা দিয়ে।
উত্তৰঃ গ্লবিওলিন।

31. কোনবিধ ৰক্তকণিকাই তেজ চেকুৰা মৰাত সহায় কৰে?
উত্তৰঃ অনুচক্রিকা।

32. চটীয়া আবৰণী কলা মানুহৰ দেহৰ কোনবোৰ অংগত পোৱা যায়?
উত্তৰঃ মানুহৰ দেহৰ মুখগগ্ধৰৰ প্ৰাচীৰ, হাওঁফাওঁৰ ভিতৰৰ বায়ুকোষবেৰ আৰু ৰক্তকেশিকাৰ আভ্যন্তৰীণ বেৰত চটীয়া আবৰণী কলা পোৱা যায় ।

33. মেৰুদণ্ডী প্ৰাণীৰ অন্তকংকাল গণিকা সংযোজক কলাক _____ কলা বোলে।
উত্তৰঃ কংকাল।

34. তেজ চেকুৰা বন্ধ প্ৰক্ৰিয়াত বিশেষভাবে সহায় কৰা ৰক্তকণিকাৰ নাম _____।
উত্তৰঃ থ্রম্বছাইট।

35. তেজৰ _____ শতাংশ প্লাজমা।
উত্তৰঃ 55

36. উপাস্থিৰ আবৰণক _____ বোলে।
উত্তৰঃ পৰিউপাস্থি।

37. অংগৰ বাহিৰে ভিতৰে থকা পাতল বেৰ _____ আবৰণী কালাৰে গঠিত ।
উত্তৰঃ সৰল।

38. ভেজত ৰক্তকণিকাৰ পৰিমাণ _____ শতাংশ।
উত্তৰঃ 45

39. অবণী কলাৰ কোষবোৰে _____ ৰ পৰা পুষ্টি আহৰণ কৰে।
উত্তৰঃ ভৌমচ্ছদা।

40. _____ আৰু কলাৰে মেৰুদণ্ডী প্ৰাণীৰ অন্তঃকংকাল গঠিত হয়।
উত্তৰঃ উপস্থি, অস্থি।

41. _____ সৰল আবৰণী কলা মুখগহ্বৰৰ প্ৰাচীৰ আৰু হাওঁফাওঁৰ বায়ুকোষত পোৱা যায়।
উত্তৰঃ চটীয়া।

42. অস্থিকলাৰ আবৰণীখনক _____ বোলে।
উত্তৰঃ পৰিঅস্থি।

43. অস্থিৰ মুখ্য কোষবিধক _____ বোলে।
উত্তৰঃ অস্থি কোষ।

44. চর্বীযুক্ত এৰিওলাৰ কলাক _____ বোলে।
উত্তৰঃ মেদকলা।

45. দুডাল হাড়ৰ মাজত থকা সংযোগী কলাক _____ বোলে।
উত্তৰঃ লিগামেন্ট।

46. পেশী আৰু হাড়ৰ মাজত থকা সংযোগী কলাক _____ বোলে।
উত্তৰঃ টেণ্ডন।

47. তেজ গোটমৰাত সহায়ক কৰা প্লাজমাৰ মুখ্য প্ৰটিন দুবিধ _____ আৰু _____।
উত্তৰঃ ফ্ৰাইব্রিন’জেন, প্ৰ’থ্রম্ববিন

48. অস্থিকলাৰ আধাৰ দ্ৰব্যত জৈব যৌগৰ পৰিমাণ বেছি। (হয় নে নহয়)
উত্তৰঃ নহয়।

49. হাওঁফাওঁৰ স্নায়ুকোষৰ আভ্যন্তৰীণ আবৰণত গ্রন্থিময় আবৰণী কলা থাকো। (হয় নে নহয়)
উত্তৰঃ নহয়।

50. তেজৰ 55 শতাংশই ৰক্তকণিকা। (হয় নে নহয়)
উত্তৰঃ নহয় ।

51. আবৰণী কলা ৰক্ত কেশীকাৰে বেষ্টিত। (হয় নে নহয়)
উত্তৰঃ নহয় ।

READ MORE  শব্দ | Chapter 12 | Class 9 General Science - SEBA

52. মেদকলা এবিধ এৰিওলাৰ কলাৰ ৰূপান্তৰ । (হয় নে নহয়)
উত্তৰঃ হয়।

53. মুখগহ্বৰৰ প্ৰাচীৰত চটীয়া আবৰণী কলা পোৱা যায়। (হয় নে নহয়)
উত্তৰঃ হয় ।

54. স্তন্যপায়ীৰ লোহিত ৰক্ত কণিকাবোৰ উভউত্তল। (হয় নে নহয়)
উত্তৰঃ হয় ।

55. অবৰণী কলাৰ কোষবোৰৰ কোষমধ্যবর্তী স্থান নাথাকে। (হয় নে নহয়)
উত্তৰঃ হয় ।

56. পাকস্থলীৰ অন্তঃআবৰণত স্তম্ভাকাৰ আবৰণী কলা থাকে। (হয় নে নহয়)
উত্তৰঃ হয় ।

57. স্তৰীভূত আবৰণী কলাৰ পৰা মাখিছাল সৃষ্টি হয়। (হয় নে নহয়)
উত্তৰঃ হয় ।

58. প্রাণীদেহৰ যিকোনো অংগৰ বাহিৰে ভিতৰে থকা বেৰ কি কলাৰে গঠিত?
উত্তৰঃ আবৰণী কলা।

59. ভাজক কলা কি? ইয়াৰ স্থান কত?
উত্তৰঃ বিভাজনক্ষম কোষৰ সমষ্টিয়েই হ’ল ভাজক কলা। ই উদ্ভিদৰ অংগৰ অগ্ৰ অংশত থাকে।

60. উদ্ভিদ কলা আৰু প্ৰাণীকলা কি?
উত্তৰঃ উদ্ভিজ্জ কলাঃ উদ্ভিদদেহত বিৰাজ কৰা কলাক উদ্ভিদ কলা বোলে। প্রাণী কলাঃ প্রাণীদেহত বিৰাজ কলা কলাক প্রাণী কলা বোলে।

61. এৰিওলাৰ কলাৰ কাৰ্যসমূহ কি কি?
উত্তৰঃ এই কলা আভ্যন্তৰীণ অংগবোৰক সুৰক্ষা প্ৰদান কৰি আৰু কলাৰ ক্ষত মেৰামত কৰে।

62. ‘কলা’ৰ সংজ্ঞা দিয়া।
উত্তৰঃ যিবোৰ কোষৰ আকৃতি, আকাৰ, উৎপত্তিৰ স্থান আৰু কাৰ্য্যৰ ফালৰ পৰা একে গুণবিশিষ্ট, তেনে কোষবিলাকৰ সমষ্টিক একেলগে কলা বোলে।

63. হৃদপেশীসমূহৰ বিশেষ কাম কি?
উত্তৰঃ হৃৎপিণ্ডৰ ছন্দময় প্ৰসাৰণ আৰু সংকোচন ঘটোৱা হৃদপেশীৰ প্ৰধান কাম।

64. এৰিওলাৰ কলাৰ কাৰ্য্যসমূহ কি কি?
উত্তৰঃ ই দেহৰ অভ্যস্তৰৰ অংগবোৰক ঘৰ্ষণ, আঘাত আদিৰ পৰা ৰক্ষা কৰে। এই কলাত জমা হোৱা চৰীয়ে প্ৰাণীৰ সঞ্চিত শক্তিৰ ভৰাল আৰু শৰীৰৰ তাপৰোধী কলা হিচাপে কাম কৰে।

Very Short Type Questions and Answers (Marks : 2)

1. গ্রন্থি কলা বিলাকৰ নাম লিখা?
উত্তৰঃ গ্রন্থি কলা বিলাকৰ নাম হ’ল—
(i) বহিঃগ্রন্থি।
(ii) অন্তঃগ্রন্থি।

2. জটিল কলা। —চমুটোকা লিখা।
উত্তৰঃ গঠন আৰু আকৃতিত ভিন্নতা থকা আৰু একে বা ভিন ভিন কাৰ্য্য সম্পাদনা কৰা কোষৰ সমষ্টিক জটিল কলা বোলে। এই কলা দুই প্ৰকাৰৰ – জাইলেম বা কাষ্ঠ আৰু ফ্লোৱেম বা বাষ্ট। জাইলেম কলাৰ মাজেৰে, উদ্ভিদৰ শিপাই মাটিৰ পৰা শোষণ কৰা পানী আৰু বিভিন্ন খনিজ লবণ পৰিবাহীত হয়। আনহাতে ফ্লৱেমৰ মাধ্যমত পাতত উৎপন্ন হোৱা খাদ্য পদাৰ্থ উদ্ভিদদেহৰ সকলো স্থানলৈ বিস্তৃত হয়।

3. সংবহণ কলা কি? ইয়াৰ কাৰ্য কি?
উত্তৰঃ চালনী নলিকা, সংগী কোষ, ফ্লোৱেম পেৰেণকাইমা আৰু বাষ্ট তন্ত্ৰৰে উদ্ভিদদেহত গঠিত কলাক সংবহণ কলা বোলে।

পানী, দ্রবীভূত খনিজ লবণ আৰু পৌষ্টিকন্দ্ৰব্য আৰু পাতক উৎপন্ন হোৱা খাদ্য পৰিবহণ কৰাই সংবহণ কলাৰ কাম।

4. দৃঢ়কোষ। —চমুটোকা লিখা।
উত্তৰঃ কিছুমান উদ্ভিদ বিশেষ অংগত স্কেলৰেণকাইমা জাতীয় এবিধ বিশেষধৰণৰ কোষৰ উদ্ভৱ হয়। এনে কোষবিলাকক দৃঢ়কোষ বোলে। এইবিলাক দেখাত বিভিন্ন আকৃতি হয়। সাধাৰণতে এইবিলাক কোষ পাতৰ কর্টেক্স, ফলত্বক, বীজত্বক আদিত থাকে।

5. টেণ্ডন আৰু লিগামেন্টৰ মাজত থকা পার্থক্য লিখা।
উত্তৰঃ টেণ্ডন আৰু লিগামেন্টৰ মাজত থকা পার্থক্য হ’ল— টেণ্ডনবোৰে পেশীক হাড়ৰ লগত সংযুক্ত কৰে। টেণ্ডন, শ্বেততন্ত্রময় কলাৰে গঠিত। আনহাতে লিগামেন্ট হৈছে দুডাল হাড়ৰ মাজত থকা সংযোজক কলা। ই হালধীয়া প্ৰসাৰণশীল কলাৰে গঠিত।

6. তৰক্ষীৰ। —চমুটোকা লিখা।
উত্তৰঃ তৰক্ষীৰ কলা হৈছে বিশেষ কলা গঠনকাৰী এক প্ৰকাৰৰ কলা। তৰুক্ষীৰ কলাবোৰত গাখীৰৰ দৰে বগা, নানাবিধ জৈৱ পদাৰ্থৰে গঠিত এবিধ মিশ্রণ থাকে। এই মিশ্ৰণক তৰুক্ষীৰ বোলা হয়। বৰগছ, আকণ, কৰবী, মদাৰ আদি গছত যথেষ্ট পৰিমাণে তৰুক্ষীৰ থাকে। কাণি, সিজু, অমিতা, সাগৰফেনা আদি উদ্ভিদৰ তৰক্ষীৰ নলিকাবোৰত প্ৰচুৰ পৰিমাণে তৰক্ষীৰ
থাকে।

7. স্নাবী কলা। —চমুটোকা লিখা।
উত্তৰঃ কিছুমান বিশেষ কাৰ্য্য সমাধানৰ বাবে উদ্ভিদৰ দেহত এইবিধ কলাৰ সৃষ্টি হয়। সাধাৰণ কলাসমূহৰ লগত এইবিধ কলাৰ অনেক প্রভেদ দেখা যায়। এইবোৰ কলাৰ আকাৰ আৰু গঠন বিশেষধৰণৰ। সেয়েহে এই ভাবী কলাবোৰক বিশেষ কলা বুলিও কোৱা হয়। এইবিধ কলা দুই প্ৰকাৰৰ—
১। গ্ৰন্থি কলা।
২। তৰুক্ষীৰ কলা।

8. ঐচ্ছিক আৰু অনৈচ্ছিক পেশীৰ মাজত থকা পার্থক্য লিখা।
উত্তৰঃ ঐচ্ছিক আৰু অনৈচ্ছিক পেশীৰ মাজত থকা পার্থক্য হ’ল— ঐচ্ছিক পেশীবোৰ প্ৰাণীয়ে ইচ্ছামতে লৰচৰ কৰিব পাৰে। আনহাতে অনৈচ্ছিক পেশীবোৰ প্ৰাণীয়ে নিজৰ ইচ্ছামতে লৰচৰ কৰিব নোৱাৰে।

9. সংবহণ কলা। —চমুটোকা লিখা।
উত্তৰঃ সংবহণ কলাৰ মাধ্যমত উদ্ভিদ দেহত পৰিবহণ কাৰ্য্য সম্পন্ন হয়। সংবহণ কলা দুই প্ৰকাৰৰ – জাইলেম আৰু ফ্লৱেম। জাইলেম কলাৰ মাধ্যমত, শিপাই মাটিৰ পৰা শোষণ কৰা পানী আৰু বিভিন্ন খনিজ লৱণ উদ্ভিদৰ ওপৰ অংশলৈ পৰিবাহীত হয়। আনহাতে সংবহণ কলা ফ্লৱেমৰ মাধ্যমত পাতত প্ৰস্তুত হোৱা খাদ্য পদাৰ্থ উদ্ভিদ দেহৰ অংশলৈ পৰিবাহীত হয়।

10. বায়ুকলা। —চমুটোকা লিখা।
উত্তৰঃ অৱস্থান অনুসৰি পেৰেণকাইমা জাতীয় কোষবোৰ নানাভাৱে ৰূপান্তৰিত হয়। উদাহৰণস্বৰূপে জলজ উদ্ভিদৰ পেৰেণকাইমা কোষবোৰত কেতবোৰ বায়ুকোষ্ঠ বা বায়ু গত্বৰ থাকে। এনেবোৰ পেৰেণকাইমীয় কোষক বায়ুকলা বোলে। এই বায়ুকলাৰ বায়ুকোষ্ঠবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ থাকি জলজ উদ্ভিদক পানীত ওপঙি থকাত সহায় কৰে।

11. বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি?
উত্তৰঃ বহুকোষী জীৱৰ ক্ষেত্ৰত ভিন ভিন কলাই ভিন ভিন কাম কৰে। একোটা নিৰ্দিষ্ট কাম কৰিবলৈ কলাসমূহে নিৰ্দিষ্ট বৈশিষ্ট্য লাভ কৰে। সাধাৰণতে একোবিধ কলাই একোটা সুকীয়া কাম সম্পন্ন কৰে যদিও একোটা উমৈহতীয়া কামৰ বা কেইবা প্ৰকাৰৰো কলাৰ সমন্বয় ঘটে আৰু সেয়ে জীৱদেহত একোটা অংগৰ গঠনত একাধিক কলা জড়িত থাকে।

12. প্রাথমিক ভাজক কলা আৰু গৌণ ভাজক কলাৰ মাজত থকা পার্থক্য সমূহ লিখা।
উত্তৰঃ প্রাথমিক ভাজক কলা আৰু গৌণ ভাজক কলাৰ মাজত থকা পার্থক্য সমূহ হ’ল—
(ক) প্রাথমিক ভাজক কলাই প্রাথমিক স্থায়ী কলাৰ সৃষ্টি কৰে। আনহাতে গৌণ ভাজক কলাই গৌণ স্থায়ী কলাৰ সৃষ্টি কৰে।

(খ) প্রাথমিক ভাজক কলা তিনি প্ৰকাৰৰ। যেনে – অগ্ৰস্থ, নিবেশিত আৰু পার্শ্বস্থ ভাজক কলা। আনহাতে সকলো গৌণ ভাজক কলাই পার্শ্বস্থ ।

13. পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি?
উত্তৰঃ পত্ৰৰন্ধ্ৰৰ কাম—
(i) ইয়া মাজেৰে বায়ুমণ্ডলীয় গেছৰ আদান প্ৰদান হয় ।
(ii) ইয়াৰ মাজেৰে বাষ্পমোচন প্রক্রিয়া সংঘটিত হয়।

14. উৎপত্তি অনুসৰি ভাজক কলাক কেইভাগত বিভক্ত কৰিছে?
উত্তৰঃ উৎপত্তি অনুসৰি ভাজক কলাক দুভাগত ভগোৱা হৈছে—
(i) প্রাথমিক ভাজক কলা। আৰু
(ii) গৌণ ভাজক কলা।

15. আবৰণী কলা আৰু সংযোজক কলাৰ মাজত থকা পার্থক্য লিখা।
উত্তৰঃ আবৰণী কলা আৰু সংযোজক কলাৰ মূল প্রভেদ হৈছে— আরবর্ণী কলাই প্ৰাণীৰ দেহৰ অংগবোৰৰ ভিতৰৰ কলা বা কোষসূহক বীজাণু নাইবা আঘাতৰ পৰা ৰক্ষা কৰিবৰ বাবে আবৰি ৰাখে। আনহাতে সংযোজক কলাই দেহৰ বিভিন্ন অংগ, অংগতত্ত্ব আৰু কলাবোৰক পৰস্পৰ বান্ধ খুৱাই ৰাখে।

16. স্রাবী কলা কাক বোলে? বিভিন্ন প্ৰকাৰৰ স্ৰাবী কলাৰ নাম লিখা ।
উত্তৰঃ কিছুমান বিশেষ কাৰ্য্য সমাধানৰ বাবে উদ্ভিদৰ দেহত এইবিধ কলাৰ সৃষ্টি হয়। সাধাৰণ কলাসমূহৰ লগত এইবিধ কলাৰ অনেক প্রভেদ দেখা যায়। এইবোৰ কলাৰ আকাৰ আৰু গঠন বিশেষধৰণৰ। সেয়েহে এই স্রাবী কলাবোৰক বিশেষ কলা বুলিও কোৱা হয়। এইবিধ কলা দুই প্রকাৰৰ—
১। গ্ৰন্থি কলা।
২। তৰক্ষীৰ কলা।

17. ঘনাকাৰ আবৰণী কলাৰ গঠন আৰু কাৰ্য্য উল্লেখ কৰা।
উত্তৰঃ কিছুমান সৰল আবৰণী কলা ঘনক আকাৰৰ কোষেৰে গঠিত। এইবিধ আবৰণী কলা থাইৰয়েড গ্রন্থি, ধৰ্মগ্রন্থি, লালটিগ্রন্থি, যকৃত ইত্যাদি অন্তঃআবৰণত পোৱা যায়। এই কলাৰ কোষবোৰ দেখাত ঘনকৰ দৰে। প্ৰত্যেক কোষতে এটা গোলাকাৰ কোষকেন্দ্র থাকে। সংশ্লিষ্ট অংগৰ সুৰক্ষা, সক্ষৰণ আৰু শোষণ এই কলাৰ মুখ্য কাম ।

READ MORE  আমাৰ চাৰিওকাষৰ বস্তুবোৰ | Chapter 1 | Class 9 General Science - SEBA

18. ভাজক কলা আৰু স্থায়ী কলাৰ মাজত থকা পার্থক্য সমূহ লিখা।
উত্তৰঃ ভাজক কলা আৰু স্থায়ী কলাৰ মাজত থকা পার্থক্য সমূহ হ’ল—
(ক) ভাজক কলাৰ কোষবোৰ ভাজনশীল আৰু বিভাজনক্ষম। কিন্তু স্থায়ীকলাৰ কোষবোৰ বিভাজনক্ষম নহয় ।

(খ) ভাজক কলাৰ আকাৰ সাধাৰণতে গোলাকৃতি, ডিম্বাকৃতি বা বহুভুজাকৃতিৰ হয়। আনহাতে স্থায়ী কলাৰ আকাৰ বিভিন্ন হোৱা দেখা যায়।

19. ৰজন নলী। —চমুটোকা লিখা।
উত্তৰঃ এইবোৰ উদ্ভিদৰ স্ৰাবী কলাৰ লগত যুক্ত। ধুণা, পাইন আদি উদ্ভিদৰ দেহৰ পৰা নিঃসৰণ হোৱা ৰেজিন জাতীয় পদার্থবিলাক ৰজন গ্ৰন্থিয়ে নিঃসৰণ কৰে আৰু এইবোৰ ৰেজন নলীৰ মাধ্যমত বাহিত হয়।

20. ট্ৰেকীয়া আৰু চালনী নলিকাৰ মাজত থকা পার্থক্য সমূহ লিখা।
উত্তৰঃ ট্ৰেকীয়া আৰু চালনী নলিকাৰ মাজত থকা পার্থক্য সমূহ হ’ল—
(a) ট্ৰেকীয়া বা নলিকা কেৱল গুপ্তবীজী উদ্ভিদতহে পোৱা যায়। কিন্তু চালনী নলিকা সংবহন গুচ্ছিকাৰে এক অতি প্রয়োজনীয় অংশ। সকলো উন্নত উদ্ভিদৰ ক্ষেত্ৰত চালনী নলিকা পোৱা যায়।

(b) ট্ৰেকীয়াৰ মাধ্যমত, উদ্ভিদৰ শিপাই শোষণ কৰা পানী আৰু খনিজ লবণ সংবাহিত হয়। কিন্তু চালনী নলিকাৰ মাজেৰে পাতত প্ৰস্তুত হোৱা খাদ্য উদ্ভিদদেহৰ বিভিন্ন অংশ লৈ পৰিবাহীত হয়।

21. আবৰণী কলাৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।
উত্তৰঃ আবৰণী কলাৰ বৈশিষ্ট্যবোৰ হ’ল—
(i) আৱৰণী কলাৰ কোষবোৰ পৰস্পৰ লগালগিকৈ থাকে।
(ii) ইহঁতৰ কোষ মধ্যবর্তী স্থান নাথাকে।
(iii) কোষবোৰ এককোষকেন্দ্ৰীয় আৰু ডাঠ কোষগুৰসেৰে পৰিপূৰ্ণ।
(iv) আবৰণী কলাত ৰক্তকেলিকা নাথাকে।

22. তেজ আৰু লসীকাৰ মাজত থকা পার্থক্য লিখা।
উত্তৰঃ তেজ আৰু লসীকাৰ মাজত থকা পার্থক্য হ’ল— তেজ এক প্ৰকাৰ অস্বচ্ছ, লুণীয়া আৰু ক্ষাৰুৱা ৰঙা ৰঙৰ তৰল সংযোজক কলা। ই প্লাজমা আৰু ৰক্ত কণিকাৰে গঠিত। আনহাতে লসিকা এক প্ৰকাৰৰ ঈষৎ হালধীয়া, স্বচ্ছ তৰল সংযোজক কলা। তেজৰ পৰা কোষমধ্যবর্তী স্থানলৈ বৈ অহা তৰল পদাৰ্থই হৈছে লসিকা।

23. গ্রন্থিময় আবৰণী কলাৰ গঠন আৰু কাৰ্য্য উল্লেখ কৰা।
উত্তৰঃ এই কলাৰ কোষবোৰ ঘনকাকাৰ বা স্তম্ভাকাৰ। কোষবোৰ সাধাৰণতে একস্তৰীয়। প্রয়োজনীয় বিভিন্ন ৰাসায়নিক দ্ৰব্যৰ ক্ষৰণৰ বাবে এই কলাৰ কোষবোৰ বিশেষভাবে গঠিত আৰু কলা স্তৰটো ঢৌ খেলোৱা আৰু কিছুমান খাঁজ গঠন কৰে।

24. সৰল কলা আৰু জটিল কলাৰ মাজত থকা পার্থক্য সমূহ লিখা।
উত্তৰঃ সৰল কলা আৰু জটিল কলাৰ মাজত থকা পার্থক্য সমূহ হ’ল—
(a) সৰল কলাৰ কোষবোৰৰ গঠনৰ ধাৰণ একে। কিন্তু জটিল কলাৰ কোষবোৰৰ গঠন আৰু আকৃতি ভিন্ন ভিন্ন ।

(b) সৰল কলাৰ কোষবোবে একে কাৰ্য্য সম্পাদন কৰে। আনহাতে জটিল কলাৰ কোষবোৰে একে বা ভিন ভিন কাৰ্য্য সম্পাদন কৰে।

25. তৈলগ্রন্থি। —চমুটোকা লিখা।
উত্তৰঃ এইবোৰ হ’ল উদ্ভিদৰ দেহত থকা এক প্ৰকাৰ হাবী কলা। এইবোৰ আভ্যন্তৰীণ গ্ৰন্থি কলা। এইবোৰ এক প্ৰকাৰ তৈল জাতীয় পদার্থ নিঃসৰণ কৰে। নেমু, ইউকেলিপটাছ, পানমছলা, চিত্রনেলা, পাচাউলি আদি উদ্ভিদৰ পাতত তৈলগ্রন্থি থাকে।

26. চটীয়া আবৰণী ক’লাৰ গঠন আৰু কাৰ্য্য উল্লেখ কৰা।
উত্তৰঃ প্রাণীদেহৰ মুখগহ্বৰৰ প্ৰাচীৰ, হাওঁফাওঁৰ ভিতৰৰ বায়ুকোষৰে আৰু ৰক্তকেলিকাৰ আভ্যন্তৰীণ বেৰত এই কলা পোৱা যায়। চটীয়া আবৰণী কলাৰ কোষবোৰ অত্যন্ত চেপেটা, বহল আৰু ষড়ভুজাকৃতিৰ। কোষবোৰ এটা আনটোৰ গাত এনেদৰে লাগি থাকে যে দেশাত টালিৰে নিৰ্মিত মজিয়া এখনৰ দৰে দেকা যায়।

27. চিলিয়াযুক্ত আবৰণী কলাৰ গঠন আৰু কাৰ্য্য উল্লেখ কৰা।
উত্তৰঃ কিছুমান ভম্ভাকাৰ আবৰণী কলাৰ কোষবোৰৰ মুক্ত প্ৰান্তৰ চিলিয়া থাকে। এনেবোৰ কলাক চিলিয়াযুক্ত আবৰণী কলা বোলে। গতিকে ই ৰূপান্তৰিত স্তম্ভাকাৰ আৱৰণী কলা। শ্বাসনলী, ডিম্বনলী, মূত্রবাহী নলী, আদিৰ আভ্যন্তৰীণ আবৰণত ইয়াক পোৱা যায়। চিলিয়াযুক্ত আবৰণীৰ কোষবোৰত থকা চিলিয়াই শ্লেস্মাজাতীয় পদার্থক নিৰ্দিষ্ট দিশেৰে আঁতৰাই দিয়াৰ উপৰিও বায়ুৰ লগত অহা মলিৰ ক্ষুদ্ৰ কণা শ্বাসনলীৰ পৰা উলিয়াই দিয়াত সহায় কৰে।

28. ঐচ্ছিক আৰু হৃদ পেশীৰ মাজত থকা পার্থক্য লিখা।
উত্তৰঃ ঐচ্ছিক আৰু অনৈচ্ছিক পেশীৰ মাজত থকা পার্থক্য হ’ল— ঐচ্ছিক পেশীবোৰ প্ৰাণীয়ে নিজ ইচ্ছামতে লৰচৰ কৰিব পাৰে। ই শৰীৰৰ বিভিন্ন অংগ হাত, ভৰি, জিভা, ডিঙি আদিত থাকে। আনহাতে হৃদপেশীৰ পেশীবোৰ অনৈচ্ছিক পেশী। ই শৰীৰৰ হৃদপিণ্ডৰ বেৰ গঠন কৰে। ঐচ্ছিক পেশীৰ প্ৰধান কাম হৈছে ঐচ্ছিক অংগবোৰ সঞ্চালন কৰা; আনহাতে হৃদপেশীৰ কাম হৈছে হৃদপিণ্ডৰ ছন্দময় প্ৰসাৰম আৰু সংকোচন ঘটোৱা।

29. সৰল আবৰণী কলা কাক বোলে? দুবিধ সৰল আবৰণী কলাৰ নাম লিখা।
উত্তৰঃ এটা মাত্র কোষীয় স্তৰেৰে গঠি আবৰণী কলাক সৰল আবৰণী কলা বোলে।
দুবিধ সৰল আবৰণী কলা হল—
(ক) চটীয়া আবৰণী কলা ।
(খ) স্তম্ভাকাৰ আবৰণী কলা।

Long Type Questions and Answers (Marks : 3/4)

1. বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা।
উত্তৰঃ সৰল কলা তিনি প্ৰকাৰৰ –
(ক) পেৰেণকাইমা।
(খ) কলেণ কাইমা।
(গ) স্কেৰেণকাইমা।

2. অৱস্থান অনুসৰি ভাজক কলাক কেইভাগত ভাগ কৰিব পাৰি? কি কি?
উত্তৰঃ অৱস্থান অনুসৰি ভাজক কলাক তিনি ভাগত ভগাব পাৰি—
(a) অগ্রস্থ ভাজক কলা।
(b) নিবেশিত ভাজক কলা।
(c) পার্শ্বস্থ ভাজক কলা ।

3. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ হৃদপেশীৰ তিনিটা বৈশিষ্ট্য হ’ল—
(i) কাৰ্যৰ ফালৰ পৰা হৃদপেশী ঐচ্ছিক পেশীৰ দৰে ।
(ii) গঠনৰ ফালৰ পৰা অনৈচ্ছিক পেশীৰ দৰে ।
(iii) হৃদপেশী কেতিয়াও ভাগৰি নাযায়।

4. ফ্লোরেম কলা কিহেৰে গঠিত?
উত্তৰঃ ফ্লোৱেম কলা চাৰিবিধ কোষেৰে গঠিত।
(ক) চালনি নলীকা।
(খ) সংগী কোষ।
(গ) ফ্লোৱেম তন্ত্র।
(ঘ) ফ্লোৱেম পেৰেণকাইমা।

5. মুখ্য প্রাণীকলা চাৰিবিধৰ নাম লিখা।
উত্তৰঃ মুখ্য প্রাণীকলা চাৰিবিধৰ নাম হ’ল—
(ক) আৱৰণী কলা।
(খ) সংযোজক কলা।
(গ) পেশী কলা।
(ঘ) স্নায়ু কলা।

6. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ হৃদপেশীৰ বৈশিষ্ট্য—
(i) ইয়াৰ তন্ত্ৰবোৰ শাখাবিশিষ্ট, চুঙাকৃতিৰ আৰু এক কোষকেন্দ্ৰৰ।
(ii) এইবোৰ অনৈচ্ছিক পেশী।
(ii) এই পেশীবোৰৰ অনবৰতে সংকোচন আৰু প্ৰসাৰণ হৈ থাকে ।

7. সংযোজক কলাৰ সাধাৰণ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ সংযোজক কলাৰ সাধাৰণ বৈশিষ্ট্যসমূহ হ’ল—
(i) কোষবোৰ এবিধ আঠাযুক্ত সংযোগকাৰী দ্রব্য নিঃসৰণ কৰে। ইয়াক ভৌমদ্রব্য বোলে।
(ii) সংযোজক কলাৰ কোষবোৰ আধাৰ দ্ৰব্যত কিছুমান কোষ থুপ হিচাপে সিচৰিত হৈ থাকে।
(iii) কাৰ্য্য আৰু গঠন অনুসৰি এই কলাত বহু প্ৰকাৰৰ কোষ পোৱা যায়।

8. কি কি উপাদানেৰে জাইলেম কলাবিলাক গঠিত? নাম লিখা ।
উত্তৰঃ চাৰি প্ৰকাৰ কোষেৰে জাইলেম কলা গঠিত। সেইবোৰ হৈছে—
(ক) ট্ৰেকাইড।
(খ) নলিকা বা ট্রেকিয়া।
(গ) কাষ্ঠ তন্ত্র বা জাইলেম তন্ত্র।
(ঘ) জাইলেম পেৰেণকাইমা ।

9. আবৰণী কলাৰ চাৰিটা মূখ্য চৰিত্ৰ উল্লেখ কৰা ।
উত্তৰঃ আবৰণী কলাৰ চাৰিটা মূখ্য চৰিত্ৰ হ’ল—
(i) কোষবোৰৰ আকাৰ কাৰ্য্যৰ ওপৰত নিৰ্ভৰ কৰে; কোষবোৰৰ মাজত কোষমধ্যবর্তী স্থান নাথাকে ।
(ii) কোষবোৰ এক কোষকেন্দ্ৰীয়।
(iii) আবৰণী কলাত ৰক্তকেশিকা নাথাকে।
(iv) কোষবোৰ ভৌমচ্ছদাৰ ওপৰত ভিন্ন স্তৰত থাকে।

10. সংগীকোষ। —চমুটোকা লিখা।
উত্তৰঃ প্রত্যেকটো চালনী নলিকা কোষৰ লগত গাতে লাগি থকা পেৰেণকাইমা জাতীয় কোষটোক সংগীকোষ বোলে। এই কোষৰ প্ৰৰসখিনি ঘন আৰু কোষকেন্দ্র থাকে। চালনী নলীকা কোষ আৰু এই সংগীকোষ দুয়োটা একেটা মাতৃকোষৰ পৰাই উৎপত্তি হয়। চালনী নলিকাত কোষকেন্দ্ৰ নথকা হেতুকে সংগীকোষৰ কোষকেন্দ্ৰটোৱেই চালনী নলীকা কোষটোকো নিয়ন্ত্ৰণ কৰি থাকে। মন কৰিবলগীয়া যে চালনী নলিকা কোষটো যেতিয়ালৈকে কার্যক্ষম হৈ থাকে, তেতিয়ালৈকেহে সংগীকোষটোৱে কাৰ্য্য সম্পাদন কৰিনলিকা কোষৰ পৰিবহণত সহায় কৰি থাকে। সংগীকোষ গুপ্তবীজী উদ্ভিদৰ কলাতহে থাকে। ঢেঁকীয়াবৰ্গ, নগ্নবীজী উদ্ভিদত নাথাকে।

11. ভাজক কলা কাক বোলে? উৎপত্তি আৰু অবস্থান অনুসাৰে ভাজক কলাক কিদৰে শ্ৰেণী বিভাজন কৰা হয়?
উত্তৰঃ উদ্ভিদদেহৰ যিবোৰ কোষ বিভাজনক্ষম বা ভাজনশীল সেইবোৰ কোষৰ সমষ্টিৰে গঠিত কলাক ভাজক কলা বোলে। উৎপত্তি অনুসৰি ভাজক কলাক দুই ভাগত ভাগ কৰা হয়। প্রাথমিক ভাজক কলা আৰু গৌণভাজক কলা। অৱস্থান অনুসৰি ভাজক কলাক তিনিটা ভাগত ভাগ কৰা হয়—
(ক) অগ্ৰস্থ।
(খ) নিবেশিত।আৰু
(গ) পার্শ্বস্থ ভাজক কলা।

READ MORE  পৰমাণুৰ গঠন | Chapter 4 | Class 9 General Science - SEBA

12. জাইলেম বা কান্ঠ। —চমুটোকা লিখা।
উত্তৰঃ এইবিধ জটিল কলা সাধৰণতে উদ্ভিদ সংবহণ গুচ্ছত থাকে। অন্য অর্থত জাইলেম এবিধ সংবহণ কলা। সচৰাচৰতে এইবিধ কলা কঠিন আৰু কিছু অংশক সাৰ কাঠ বুলি কোৱা হয়। এইবিধ কলাৰ মাজেৰেই উদ্ভিদৰ শিপাই মাটিৰ পৰা শোষণ কৰা পানী আৰু অন্যান্ন খনিজ লবণসমূহ পৰিবাহিত হয়।

জাইলেম হ’ল বিভিন্ন প্ৰকাৰৰ কোষৰ সমষ্টি। সেই অনুসৰি জাইলেমত চাৰি প্ৰকাৰৰ কোষ থাকে—
(i) ট্ৰেকাইড।
(ii) নলিকা বা ট্রেকিয়া।
(iii) কাষ্ঠ তন্ত্র বা জাইলেম তন্ত্র।আৰু
(iv) কাষ্ঠ পেৰেণকাইমা বা জাইলেম পেৰেণকাইমা।

13. ফ্লোৱেম বা বাষ্ট। —চমুটোকা লিখা।
উত্তৰঃ উদ্ভিদৰ সংবহণ কলাত থকা আন এবিধ কলা হ’ল ফ্লোরেম বা বাষ্ট। অন্য অৰ্থত ফ্লোৱেম এবিধ সংবহণ কলা। এই কলাবিলাকৰ মাজেদি উদ্ভিদৰ পাতত সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে প্ৰস্তুত হোৱা খাদ্যবস্তু উদ্ভিদ দেহৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়। এইবিধ কলাও চাৰিবিধ কোষেৰে গঠিত—
১। চালনী জাতীয় কোষ।
২। সংগী কোষ।
৩। ফ্লোৱেম পেৰেণকাইমা
৪। বাষ্ট তন্ত্ৰ।

14. বাষ্ট বা ফ্লৱেম। —চমুটোকা লিখা।
উত্তৰঃ ফ্লোৱেম এবিধ সংবহণ কলা। এই কলাবিলাকৰ মাজেদি উদ্ভিদৰ পাতত সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে প্ৰস্তুত হোৱা খাদ্যবস্তু উদ্ভিদ দেহৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়। এইবিধ কলা চাৰিবিধ কোষেৰে গঠিত।
(i) চালনী জাতীয় কোষ
(ii) সংগীকোষ।
(iii) ফ্লোৱেম পেৰেণকাইমা ।
(iv) বাষ্ট তন্ত্র ।

15. কেমবিয়াম। —চমুটোকা লিখা।
উত্তৰঃ এইবিধ গৌণ ভাজক কলা। প্রাথমিক ভাজক কলাৰ পৰাই উৎপন্ন হোৱা কিছুমান কোষে বিভাজন ক্ষমতা হেৰুৱাই স্থায়ী কলাত পৰিণত হয়। এনে কিছুমান স্থায়ী কলাই প্রয়োজন সাপেক্ষে পুণৰ বিভাজন ক্ষমতা ঘূৰাই পায় আৰু এইবোৰকে গৌণ ভাজক কলা বোলা হয়।

এনেধৰণৰ কলা সাধাৰণতে কাণ্ডত পোৱা অন্তৰা সংবাহণ কলা কেমবিয়াম কিছুমান উদ্ভিদৰ কাণ্ডৰ পাৰ্শ্বস্থ স্থানত থকা কর্ক কেমবিয়াম শিপাত পোৱা কেমবিয়াম ইত্যাদি। উদ্ভিদৰ কাণ্ড বা মূলৰ পাৰ্শ্বস্থ অঞ্চলত উৎপত্তি হোৱা বিভিন্ন গৌণ ভাজক কলাৰ বাবেই সিহঁতৰ কলেবৰ বৃদ্ধি হয়।

16. স্থায়ী কলা কাক বোলে? বিভিন্ন প্ৰকাৰৰ স্থায়ী কলসমূহৰ নাম লিখা ।
উত্তৰঃ উদ্ভিদৰ ভাজক কলাৰ পৰা উৎপত্তি হোৱা কোষসমূহৰ বিভাজন ক্ষমতা সময় অতিক্ৰম কৰাৰ লগে লগে ক্ৰমে লোপ পাই আহে। এনে কোষবোৰে একোটা নিৰ্দিষ্ট আকাৰ ধাৰণ কৰি স্থায়ী কোষত পৰিণত হয়। এনেধৰণৰ স্থায়ী কোষেৰে গঠিত হোৱা কলাকে স্থায়ী কলা বোলে। স্থায়ী কলাসমূহক প্রধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে—
(ক) সৰল কলা।
(খ) জটিল কলা।
(গ) স্রাবী কলা।

17. জাইলেম পেৰেণকাইমা আৰু ফ্লোৱেম পেৰেণকাইমাৰ মাজত থকা পার্থক্য সমূহ লিখা।
উত্তৰঃ জাইলেম পেৰেণকাইমা আৰু ফ্লোৱেম পেৰেণকাইমাৰ মাজত থকা পার্থক্য সমূহ হ’ল—
(a) জাইলেম পেৰেণকাইমা জাইলেমৰ ওচৰত থাকে। কিন্তু ফ্লোরেম পেৰেণকাইমা সংগী কোষবিলাকৰ ওচৰত থাকে।

(b) জাইলেম পেৰেণকাইমাৰ কোষবোৰ জীৱিত আৰু পাতল কোষবোৰ যুক্ত। আনহাতে ফ্লোৱেম পেৰেনকাইমাৰ কোষবোৰ জীৱিত আৰু কোষবোৰ কূপ আৰু ছেলুল’জ পদাৰ্থৰে গঠিত।

(c) জাইলেম পেৰেণকাইমাৰ প্ৰধান কাৰ্য্য হ’ল খাদ্য সঞ্চয় আৰু পানী সংবহন। কিন্তু ফ্লোৱেম পেৰেণকাইমাৰ কাৰ্য্য হ’ল খাদ্য পৰিবহণ।

18. সংযোজক কলা কাক বোলে? ইয়াৰ গঠন বর্ণনা কৰা ।
উত্তৰঃ সকলো প্রাণীদেহ বিভিন্ন অংগ-প্ৰত্যংগৰে গঠিত। যিবোৰ কলাই শৰীৰত বিভিন্ন অংগ, অংগতন্ত্ৰ আৰু কলাসমূহক পৰস্পৰ বান্ধ খুৱাই ৰাখে তেনে কলাক সংযোজক কলা বোলে।

সংযোজক কলাৰ কোষবোৰে এবিধ আঠাযুক্ত সংযোগকাৰী দ্ৰব্য নিঃসৰণ কৰে আৰু ইয়াক ভৌম দ্রব্য বা আধাৰ দ্ৰব্য বোলে। কোষবোৰ এটা বা বহুতো কোষৰ থুপ হিচাপ আধাৰ দ্ৰব্যত সিঁচৰিত হৈ থাকে। কিছুমান সংযোজক কালৰ আধাৰ দ্ৰব্যত প্ৰটিনেৰে গঠিত অহীয়া তন্ত্ৰ পোৱা যায়। গঠন আৰু কাৰ্য্য অনুযায়ী সংযোজক কলাত বহুতো প্ৰকাৰৰ কোষ পোৱা যায়।

19. ভাজক কলা। —চমুটোকা লিখা।
উত্তৰঃ উদ্ভিদদেহৰ যিবোৰ কোষ বিভাজনক্ষম বা ভাজনশীল সেইবোৰ কোষৰ সমষ্টিৰে গঠিত কলাক ভাজক কলা বোলে। সাধাৰণতে ভাজক কলাৰ কোষবোৰ অপৈণত অবস্থাত থাকে। কোষবোৰ গোলাকৃতি, ডিম্বাকৃতি বা বহুভূজাকৃতিৰ হয়। কোষবিলাকৰ মাজত কোষ মধ্যৱৰ্ত্তী স্থান নাথাকে। কোষবিলাকত কোষপ্রৰসৰ পৰিমাণ বেছি থকাৰ লগতে কোষকেন্দ্ৰটোৰ আকাৰ কিছু ডাঙৰ হয় । কোষৰ ৰসধানীবিলাক নিচেই সৰু সৰু হয় বা কিছুমান কোষত নাথাকেই।

উৎপত্তি অনুসৰি ভাজক কলাক দুই ভাগত ভাগ কৰা হৈছে—প্রাথমিক ভাজক কলা আৰু গৌণ ভাজক কলা। অৱস্থান অনুসৰি ভাজক কলাক তিনিটা ভাগত ভগোৱা হৈছে—
১। অগ্ৰস্থ ভাজক কলা।
২। নিবেশিত ভাজক কলা। আৰু
৩। পার্শ্বস্থ ভাজক কলা।

20. ঔৰীভূত আবৰণী কলাৰ গঠন আৰু কাৰ্য্যৰ বিষয়ে লিখা ।
উত্তৰঃ এইবিধ আবৰণী কলা একাধিক কোষীয় স্তৰেৰে গঠিত। স্তৰীভূত আবাণী কলা স্থলচৰ প্ৰাণীৰ শৰীৰৰ বৰ্হিভাগত আবৰণ স্বৰূপে থাকে। বর্হিভাগত হোৱা নানা প্ৰকাৰৰ আঘাত, ঘৰ্ষণ আদিৰ পৰা এই কলাই শৰীৰক সুৰক্ষা দিয়ে। এইবিধ কলাৰ কোষবোৰ কেইবাটাও স্তৰত সজ্জিত। একেবাৰে তলৰ স্তৰটোৰ কোষবোৰে বিভাজিত হৈ ইয়াৰ ওপৰত অপত্য কোষৰ একাধিক স্তৰৰ সৃষ্টি কৰে। ওপৰৰ ৰবিলাকৰ কোষবোৰ পুষ্টিৰ অভাবত মৰি যায় আৰু একেবাৰে বাহিৰলৈ আহি শুকান আৰু কঠিন হৈ পৰে। এনে হোৱাকে ক্রেটিভবন বোলে।

21. স্কেলৰেণকাইমা। —চমুটোকা লিখা।
উত্তৰঃ এই কলাৰ কোষ দীর্ঘচ্ছেদত দীঘলীয়া আৰু দুই মুৰ জোঙা হয়। প্রস্থচ্ছেদ ষড়ভূজাকৃতিৰ হয়। কোষবেৰবোৰত যথেষ্ট পৰিমাণে লিগনিন নামৰ পদাৰ্থ জমা হৈ কোষবেৰ ডাঠ হৈ পৰে। সেয়েহে কোষবেৰ যথেষ্ট কঠিন হয়। ইয়াৰ উপৰিও কোষৰ সজীৱ পদাৰ্থবোৰৰ মৃত্যু ঘটে। আনকি কোষৰ ভিতৰৰ অৱকাশিকাটোও লিগনিনেৰে ভৰি পৰে। এই কোষবোৰ লাহী, দীঘলীয়া, আঁহৰ দৰে হোৱাৰ বাবে স্কেলৰেণকাইমা কোষক তন্ত্ৰ আৰু কলাক তন্ত্রকলা বোলে।

উদ্ভিদক শাৰীৰিক শক্তি প্ৰদান কৰাটোৱেই এই কলাৰ প্ৰধান কাম। এই কলাই উদ্ভিদক বিস্তাৰণ শক্তি প্ৰদান কৰে। দৃঢ়কোষবোৰে বীজত্বক আৰু ফলত্বকক ৰক্ষণাবেক্ষণ দিয়ে।

22. গ্রন্থি কলা। —চমুটোকা লিখা।
উত্তৰঃ এইবিধ কলা কিছুমান গ্ৰন্থিৰ দ্বাৰা গঠিত। এইবিলাকত উদ্ভিদৰ নিঃসৰণীয় বা বর্জিত পদার্থ সঞ্চিত হৈ থাকে। এই পদার্থবিলাক উদ্ভিদৰ দেহত দুই ধৰণৰ গ্ৰন্থিত পোৱা যায়—
(i) বহিঃগ্রন্থি বা বাহ্যিক গ্রন্থি।
(ii) অন্তঃগ্রন্থি বা আভ্যন্তৰীণ গ্ৰন্থি।

বহিঃ গ্রন্থিবিলাকৰ প্ৰকৃতি আৰু আচৰণৰ ওপৰত ভিত্তি কৰি গ্ৰন্থিৰোম, দংশনৰোম, মধুগ্রন্থি, উৎসেচক গ্রন্থি আদিত বিভক্ত কৰিব পাৰি। উদাহৰণ হিচাপে ধঁপাত, আকণ আদি উদ্ভিদৰ গ্ৰন্থিৰোম, চোৰাতৰ পাত, বান্দৰ কেকোৱাৰ ফলৰ ত্বকত থকা উত্তেজক আৰু বিষাক্ত পদার্থ নিঃসৰণ কৰা দংশনৰোম; বিভিন্ন উদ্ভিদৰ ফুলত থকা মধুগ্রন্থি ইত্যাদি বিলাক বহিঃগ্ৰন্থিয় কলা।

সেইদৰে, অন্তঃগ্ৰন্থি বিলাককো প্ৰকৃতি আৰু সিহঁতৰ নিৰীয় পদাৰ্থ ওপৰত ভিত্তি কৰি ৰঞ্জনগ্রন্থি, তৈলগ্রন্থি, মিউঙ্গিলজ গ্রন্থি, জলকাধীকা আদিত বিভক্ত কৰা হৈছে।

23. অস্থি আৰু উপাস্থিৰ মাজত থকা পার্থক্য লিখা।
উত্তৰঃ অস্থি আৰু উপাস্থিৰ মাজত থকা পার্থক্য হ’ল—
(ক) অস্থি কঠিন আধাৰদ্ৰব্যৰে গঠিত কংকাল কলা; আনহাতে উপাস্থি স্থিতিস্থাপক কংকাল কলাৰে গঠিত।

(খ) অস্থিয়ে মেৰুদণ্ডী প্রাণীৰ শৰীৰৰ ভাৰ বহন কৰে; কিন্তু উপাস্থিয়ে হাড়ৰ মূৰত পৰিব পৰা হেঁচাক প্ৰতিৰোধ কৰে।

(গ) অস্থিৰ চাৰিওফালে থকা আবৰাখনক পৰিঅস্থি আনহাতে উপাস্থিৰআবৰণখনক পৰিউপাস্থি বোলে।

24. উদ্ভিদৰ সৰল কলা জটিল কলাতকৈ কেনেদৰে পৃথক? 
উত্তৰঃ সৰল কলা আৰু জটিল কলাৰ পাৰ্থক্য—

সৰল কলাজটিল কলা
1. একে ধৰণৰ গঠন, আকৃতি আৰু কাম সমাধা কৰা স্থায়ী কোষৰ সমষ্টি।1. গঠন আৰু আকৃতিত ভিন্নতা থকা আৰু একে বা ভিন ভিন কাৰ্য্য সম্পাদন কৰা কোষৰ সমষ্টি।
2. সৰল কলা তিনি প্ৰকাৰৰ—(ক) পেৰেনকাইমা (খ) কলেনকাইমা (গ) ক্লেৰেণকাইমা2. জটিল কলা দুই প্ৰকাৰৰ—(খ) ফ্লোৱেম

25. কোষবেৰৰ ওপৰত ভিত্তি কৰি পেৰেণকাইমা, কলেনকাইমা আৰু স্কেলৰেণকাইমা মাজত থকা পার্থক্য দাঙি ধৰা । 
উত্তৰঃ

বৈশিষ্ট্যপেৰেনকাইমাকলেনকাইমাস্কেলৰেণকাইমা
কোষ বেৰকোষবেৰ পাতলকোষবেৰ ডাঠকোষবেৰ ডাঠ
 ছেলুলজেৰে গঠিত।সঞ্চিত পদার্থ থাকে।কোষবেৰত লিগনিন থাকে।
 মিহিখহটাকঠিন

26. তলত দিয়া প্ৰাণী অংগসমূহত থকা কলাবোৰৰ নাম লিখা। 
—ছাল, অস্থি, বন্ধৰ আৱৰণ। 
উত্তৰঃ

অংগকলা
ছালআচ্ছাদক আৰু সংযোজক।
অস্থিসংযোজক কলা।
বঞ্চৰ আৱৰণঘনাকাৰ আচ্ছাদক।

27. গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য নির্ণয় কৰা । 
উত্তৰঃ

ৰেখিত পেশী অৰেখিত পেশীহৃদপেশী
1. এইবিধ পেশীৰ কোষবোৰ দীঘল আৰু চুঙাকৃতিৰ ।1. এই বিধ পেশীৰ কোষবোৰ দীঘল আৰু মহুৰাকৃতিৰ ।1. কোষবোৰ দীঘল আৰু চুঙাকৃতিৰ।
2. কোষবোৰত অনুপ্রস্থীয় ভাৱে কিছুমান ৰেখা থাকে।2. ইহঁতৰ গাত কোনো অনুপ্রস্থীয় ৰেখা নাথাকে।2. ইয়াৰ গাত অনুপ্রস্থীয় ৰেখা নাথাকে।
3. কোষপ্রৰসত একাধিক কোষকেন্দ্ৰ পোৱা যায়।3. তন্ত্ৰকোষত এটাহে কোষকেন্দ্র থাকে।3. তন্ত্ৰকোষত এটা কোষকেন্দ্র থাকে।
4. এই পেশীদেহৰ বিভিন্ন অংগ যেনে— হাত, ভৰি, জিভা, ডিঙি ইত্যাদিত থাকে।4. এই পেশী পাকস্থলী অস্ত্র, যকৃত, বৃক্ক, ৰক্তনলী আদিত পোৱা যায়।4. হৃদপিণ্ডৰ বেৰত এই পেশী পোৱা যায়।

Leave a Comment

error: Content is protected !!
Scroll to Top