অসমৰ জাতীয় উৎসৱ বিহু ৰচনা | বিহু উৎসৱ ৰচনা | বিহুৰ বিষয়ে ৰচনা | বিহু অসমীয়া ৰচনা | অসমীয়া ৰচনা | Bihu Essay in Assamese | Bihu Asomiya Rosona | Class 10 and 12 Bihu Assamese Essay | Asomor Jatiya Utsav Bihu in Assamese Rosona | Essay on Essay on Bihu in Assamese for Class 10 and 12
অসমৰ জাতীয় উৎসৱ বিহু
আৰম্ভণিঃ যি উৎসৱক কোনাে এটা জাতিয়ে সমহীয়াভাৱে নিজৰ সম্পদ হিচাপে গ্ৰহণ কৰি সমূহীয়াভাৱেই পালন কৰে, যি উৎসৱৰ জৰিয়তে জাতিটোৰ সামাজিক ৰীতিনীতি, আচাৰ-ব্যৱহাৰ, হাঁহি-কান্দোন, সুখ-দুখ, ৰং-ৰইছৰ আদি ছবি সুন্দৰভাৱে প্ৰতিফলিত হয়, তেনে উৎসৱকে সেই জাতিৰ জাতীয় উৎসৱ বােলা হয়। পৃথিৱীৰ সকলাে জাতি, উপজাতি, গােষ্ঠী তথা দেশৰে এনে নিজা নিজা জাতীয় উৎসৱ আছে। এই জাতীয় উৎসৰ নিজ জাতিটোৰ বাপতি সাহােন, হিয়াৰ আমঠৰ দৰে পৰম আপােন, অতিকে মৰমৰ। এনে জাতীয় উৎসৱ পালনৰ সময়ত জাতিটোৰ প্ৰতিগৰাকী নৰ-নাৰীয়ে, ডেকা-ডেকেৰী, ল’ৰাছােৱালীয়ে আপােন পাহৰা হয়; সকলাে বিভেদ পাহৰি মৰম-চেনেহত এক হৈ পৰে; খােৱা-লােৱা, দিয়া-নিয়াৰ মহান আয়ােজন কৰে। অসমৰাে এটি জাতীয় উৎসৱ আছে, সেয়া হ’ল বিহু।
অসমৰ জাতীয় উৎসৱ বিহুঃ বিহু অসমৰ জাতীয় উৎসৱ। এই উৎসৱ অসমত বসবাস কৰা কোনাে এটা নিৰ্দিষ্ট গােষ্ঠী বা ধৰ্মৰ উৎসৱ নহয়, ইয়াত বসবাস কৰা সকলাে ধৰ্মৰ সকলাে সম্প্ৰদায়ৰে উৎসৱ। জাতি-বৰ্ণ নিৰ্বিশেষে যি নিজকে অসমীয়া বুলি মনে-প্ৰাণে ভাবে, তেওঁ এই জাতীয় উৎসৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব নােৱাৰিলেও অপাৰ আনন্দ পায়, প্ৰাণৰ উৎসৱ বুলি অনুভৱ কৰে। সেই কাৰণেই ভাৰতৰ বিভিন্ন ঠাইত থকা অসমীয়াকে ভিতৰ কৰি সুদূৰ ইংলেণ্ড, আমেৰিকা আদিত স্থায়ীভাৱে থাকিবলৈ লােৱা অসমীয়া লােকসকলেও এই জাতীয় উৎসৱ বিহুটি পালন কৰি পম গৌৰৱ অনুভৰ কৰে।অসমৰ এই জাতীয় উৎসৱ বিহু তিনিটা সময়ত তিনিধৰণে পালন কৰা হয়। সেই কাৰণেই তিনিওটা বিহুৰ নামাে বেলেগ বেলেগ।
বসন্ত কালত আনন্দত প্ৰকৃতিৰ প্ৰাণ চঞ্চল হয়। মানুহ আৰু অন্যান্য জীৱ-জন্তুও ৰংবইছত মতলীয়া হৈ পৰে। এই সময়তে চ’তৰ সংক্ৰান্তিৰ পৰা (শেষ দিনৰ পৰা) ব’হাগৰ ছা তাৰিখলৈ সাতদিন ধৰি এই বিহু পালন কৰা হয়। ৰং আৰু আনন্দৰ বিহু কাৰণে ইয়াকৰঙালী বিহু বােলে। এই বিহুত ডাঙৰক সৰুৱে, জীয়াৰী-বােৱাৰীয়ে সম্মানীয় ব্যক্তিক আৰু মৰমৰ ব্যক্তিক গামােচা আৰু অন্যান্য কাপােৰ-কানি উপহাৰ দি সেৱা-সন্মান কৰে। নানান পিঠা-পনা সজাই আপােনজনক খুৱাই-বুৱাই আনন্দ লাভ কৰে। ডেকা-গাভৰুৱে বিহুগীত গায়, বিহুনাচ নাচে। আজি-কালি এই উৎসৱ গােটেই ব’হাগ মাহ জুৰি পালন কৰিবলৈ লৈছে। ঘৰচীয়া জন্তু গৰু, ম’হ, ছাগলীক ধুৱাই, তেল দি নতুন পঘাৰে বান্ধে।
শৰৎ কালত আহিন মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত মানুহৰ খােৱা-লােৱাৰ কিছু অসুবিধা হয়; বিশেষকৈ খেতিয়কসকলৰ। খেতিয়কসকলেই সাধাৰণতে এই বিহুটি পালন কৰে। অভাৱৰ সময়ত এই বিহুটি পালন কৰে কাৰণেই ইয়াক কঙালী বিহু বােলে। এই বিহুক লখিমী আদৰা বিহুও বােলে। বিহুৰ দিনা সন্ধিয়া। তুলসীৰ তলত চাকি জুলােৱাৰ উপৰিও বাৰী-বস্তি, খেতিপথাৰৰ মাজতাে চাকি জুলাই লখিমীক আদৰে। মাহ-প্ৰসাদ, পিঠা-পনা আদিৰাে ব্যৱস্থা কৰে। কোনাে কোনাে ঠাইত নাম-কীৰ্তননা কৰে।
পুহমাহৰ শেষৰ দিনা তৃতীয় বিহুটো পালন কৰা হয়। এই বিহুক মাঘ বিহু বা ভােগালী বিহু বােলে। এই সময়ত খেতিয়কসকলে খেতি-বাতি চপাই ঘৰত মজুত কৰে। সকলােৰে অভাৱ দূৰ হয়। চুঙাপিঠা আৰু অন্যান্য পিঠা, লাৰু আদি বনাই দৈ, চিৰা, মিঠাই আদি প্ৰচুৰভাৱে আটায়ে যােগাৰ কৰে। বিহুৰ আগদিনা সকলাে ঠাইতে ৰাইজে মিলিজুলি ভোেজভাত খায়। গৰখীয়াসকলে বন্ধা মেজি, ভেলাপুজি আদি বিহুৰ দিনা খুৱ পুৱাতে ভক্তিসহকাৰে জুলাই দি হাতভৰি সেকে, জুই পুৱায়। মিতিৰ-কুটুমক মাতি খুৱাই-বুৱাই এই বিহুটিত বৰ আনন্দ পায়। ডেকা-গাভৰুসকলৰ মাজত নানা ধৰণৰ খেল-ধেমালিৰ প্ৰতিযােগিতা, প্ৰীতি খেল আদি অনুষ্ঠিত হয়।
এইদৰে অসমৰ জাতি-বৰ্ণ-নিৰ্বিশেষে অসমৰ জাতীয় উৎসৱ এই বিহু তিনিটা বৰ জাকজমক আৰু সমাৰােহেৰে পালন কৰে। বিহু ঘাইকৈ কৃষি ভিত্তিক উৎসৱ ৰঙালী বিহুৰ গীত আৰু নাচবােৰত প্ৰজননৰ ইংগিত দিয়ে; বেছিভাগেই শৃংগাৰ ৰসাত্মক মিলনৰ গীত। ইয়াৰ অৰ্থ এয়ে যে ব’হাগ মাহৰ পৰা খেতিয়কসকলে খেতি উৎপাদনৰ কাম আৰম্ভ কৰে। খেতিবাতি ৰুই-মেলি শেষ হােৱাৰ পিছত কাতি অৰ্থাৎ কঙালী বিহুত চাকি-বন্তি জুলাই লখিমীক আদৰণি জনায়। ভােগালী বিহুত খেতি সামৰি আনন্দেৰে এসাজ খায় আৰু খুৱায়। বিহুৰ গীতসমূহত অসমীয়া মানুহৰ জীৱন পদ্ধতি, চৰিত্ৰ, খাদ্য, সাজ-পাৰ, আচাৰব্যৱহাৰ, ৰীতি-নীতি, যুৱক-যুৱতীসকলৰ অন্তৰৰ কথা, দিয়া-নিয়া আদি মনােৰম চিত্ৰ। প্ৰতিফলিত হয়। বিহুৰ নৃত্য-গীত শুনি দেখিয়েই অসমীয়া মানুহ কেনে তাক সহজে বুজি ল’ব পাৰি। সেই কাৰণেই বিহু অসমীয়াৰ বাপতি সাহােন বুকুৰ আপােন।
সামৰণিঃ বৰ্তমান বিহুৰ নামত অনেক বিকৃত নৃত্য-ভংগিমা, গীত-মাত আদি সৃষ্টি। হােৱা দেখা গৈছে; আনহাতে বেৰা-ঘৰ আদি চুৰি কৰি পােৰা, বলপূৰ্বক ধন সংগ্ৰহ কৰা আদি অপকৰ্মও কৰা দেখা যায়। অসমৰ জাতীয় উৎসৱটিৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ হ’লে এনেবােৰ অপসংস্কৃতি অচিৰেই বাদ দিয়াটো উচিত। এইক্ষেত্ৰত অসমৰ সকলাে ডেকাগাভৰুৱে এক দৃঢ় পদক্ষেপ ল’লে অসমৰ জাতীয়তা ৰক্ষা কৰাটো সহায়ক হ’ব।