মোৰ জীৱনৰ লক্ষ্য ৰচনা - সাহিত্যিক | My Aim in Life Literary Essay in Assamese

মোৰ জীৱনৰ লক্ষ্য ৰচনা – সাহিত্যিক | My Aim in Life Literary Essay in Assamese

মোৰ জীৱনৰ লক্ষ্য ৰচনা – সাহিত্যিক | তোমাৰ জীৱনৰ লক্ষ্য ৰচনা – সাহিত্যিক | My Aim in Life Literary Essay in Assamese | Your Aim in Life Literary Essay | Mor Jibonor Lokkho Sahityik Essay | Tomar Jibonor Lokko Sahityik Asomiya Rosona | Assamese Essay My Aim in Life Literary | Assamese Essay Your Aim in Life Literary | Essay on My Aim in Life Literary in Assamese | Essay on Your Aim in Life Literary in Assamese


মোৰ জীৱনৰ লক্ষ্য ৰচনা – সাহিত্যিক

আৰম্ভণি

সংসাৰ এক অনন্ত অপাৰ সমুদ্ৰ সদৃশ। সেই সমুদ্ৰত জীৱন নাও মেলি দি মানুহে গতি কৰে অনন্তলৈ। চৌদিশে সমুদ্ৰৰ গৰ্জন। বাৰে বাৰে আগুৱাই অহা প্ৰবল চৌ। সেই বোৰৰ মাজেৰে আগুৱাই যাওঁতে কেতিয়াবা মানুহৰ শক্তি হেৰাই যায়। সংসাৰ সমুদ্ৰৰ সেই ভয়াবহতাক জয় কৰাৰ একমাত্ৰ উপায় হ’ল লক্ষ্য।

প্ৰতিজন মানুহে সৰুতেই জীৱনৰ লক্ষ্য বান্ধি লৈ সেই লক্ষ্যত উপনীত হ’বলৈ কৰা প্ৰয়াসে সংসাৰ-সমুদ্ৰৰ অন্তহীন ভয়াৱহতাক নোহোৱা কৰে, জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰাই তোলে। আন বহুতো মানুহৰ দৰে ময়ো মোৰ জীৱনক সফল কৰি তুলিবলৈ এটি লক্ষ্য বুকুত বান্ধি লৈছো। 

সংস্কৃতত কোৱা হৈছে যে – “মনসা চিন্তিতং, কৰ্ম বসসা ন প্ৰকশিয়েৎ, অন্য লক্ষিত কাৰ্যচ যথা সিদ্ধি নাযায়তে”। অৰ্থাৎ মনৰ কথা প্ৰকাশ কৰিব নালাগে। কিয়নো আনে লক্ষ্য কৰি থাকিলে সময়ত কৰ্মত সিদ্ধি লাভ নহ’বও পাৰে।সেয়েহে মোৰ লক্ষ্যক মই মনত বান্ধী নীৰৱে তাত উপনীত হ’বলৈ যত্ন কৰিছোঁ। সেই মোৰ জীৱনৰ লক্ষ্য হৈছে – ভবিষ্যৎ জীবনত নিজকে এজন সাহিত্যিক ৰূপে প্ৰতিষ্ঠিত কৰা।

লক্ষ্য নিৰ্ধাকাৰ কাৰণ

সাহিত্য সাধনা এক জটিল কৰ্ম। সকলো মানুহেই ইচ্ছা কৰিলেই এজন সাহিত্যিক হ’ব নোৱাৰে। কিন্তু ঈশ্বৰে যেন মোক সাহিত্য ৰচনাৰ বাবে কিঞ্চিৎ গুণ প্ৰদান কৰে। মানুহৰ মনক উপলব্ধি কৰি, মানুহৰ সুখ-দুখ বেদনাক প্ৰতিফলিত কৰাকৈ সাহিত্য ৰচনা কৰি যেন মানুহক বিশেষৰূপে উপকৃত কৰিব পাৰো। সমাজৰ কল্যাণ সাধনাই সাহিত্যৰ লক্ষ্য। সাহিত্যিকসকলে তেওঁলোকৰ সৃষ্টিত মানুহৰ জীৱনক প্ৰতিফলিত কৰি তেওঁলোকক জীৱনক উপলব্ধি কৰাৰ ক্ষমতা প্ৰদান কৰে। গতিকে সাহিত্যিক এজনে মানুহৰ অশেষ কল্যাণ সাধন কৰে। আনহাতে, একোটা জাতি তথা ভাষাৰ পৰিচয় সাহিত্যৰ দ্বাৰাহে প্ৰকাশ হয়। মই সাহিত্যিক হৈ বিশাল বিশ্বৰ এটি কোনত অৱস্থিত অসমৰ অসমীয়া জাতিক বিশ্বত জিলিকাই তুলিবলৈ প্ৰয়াস কৰিম। মোৰ জাতিৰ মানুহবোৰে জাতি সংস্কৃতি তথা দেশখনৰ মাটিৰ প্ৰতি অনুভৱ কৰা তীব্ৰতাৰেই মোক সাহিত্যিক হ’বলৈ অনুপ্ৰেৰণা যোগাইছে। 

READ MORE  অসমৰ বানপানী ৰচনা | Flood in Assam Essay

ভবিষ্যতৰ পৰিকল্পনা

ভবিষ্যতে ভাষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি মই ভাষা সাহিত্যৰ উচ্চস্তৰৰ অধ্যয়নৰ বাবে যত্নবান হুম। সাহিত্য আৰু সমাজৰ অংগাংগী সম্বন্ধ। সমাজ অবিহনে সাহিত্যৰ সৃষ্টি অসম্ভব। সাহিত্যিকে সাহিত্যক সমাজত প্ৰতিফলন কৰে। সেয়েহে মই প্ৰতিনিয়ত মোৰ চৌকাষৰ সমাজখনৰ বিভিন্ন দিশ পুংখানুপুংখভাৱে বিশ্লেষণ কৰিম। মোৰ বিশ্বাস, মোৰ লক্ষ্যত উপনীত হ’বলৈ মই ঈশ্বৰৰ আশিষ লাভ কৰি এজন সু-সাহিত্যিক হ’ব পাৰিম। 

সামৰণি

লক্ষ্য সাধনৰ বাবে প্ৰয়োজন অধ্যৱসায়ৰ। অধ্যৱসায়ৰ অন্য নাম সাধনা। মই সাহিত্য সাধনাৰ একান্ত সাধক। আশা কৰো উদ্ভিদ যেনেকৈ বীজৰ পৰা অংকুৰিত হৈ পত্ৰে-পুষ্পে বিকশিত হয়, সূৰ্য্য যেনেকৈ উদয় হৈ মধ্যাকশিত প্ৰকাশ হয়, ঠিক সেইদৰে ময়ো এদিন লক্ষ্যত উপনীত হৈ নিজক প্ৰতিষ্ঠা কৰাৰ লগতে পৃথিবীবাসীক উপকৃতক ৰিব পৰিম। 

Leave a Comment

error: Content is protected !!
Scroll to Top