বীৰ চিলাৰায় দিৱসৰ ভাষণ | Bir Chilarai Divas Speech in Assamese

বীৰ চিলাৰায় দিৱসৰ ভাষণ | Bir Chilarai Divas Speech in Assamese

বীৰ চিলাৰায় দিৱসৰ ভাষণ | Bir Chilarai Divas Speech in Assamese | চিলাৰায়ৰ জন্মজয়ন্তীৰ ভাষণ | Speech on Bir Chilarai Divas | Bir Chilarai Divas Boktita | Bir Chilarai Divas Boktobbo | Bir Chilarai Divas Bhashan | Assamese Speech on Bir Chilarai Divas | Asomiya Speech on Bir Chilarai Diwas | Bir Chilarai Diwas Axomiya Boktita | Bir Chilarai Diwas Asomiya Boktobbo | Bir Chilarai Diwas Bhashan | Assamese Speech on Bir Chilarai Diwas | Bir Chilarai Jayanti Speech in Assamese


বীৰ চিলাৰায় দিৱসৰ ভাষণ

আজিৰ এই সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট গণ্য-মান্য ব্যক্তিসকল লগতে সভাত উপস্থিত থকা বন্ধু-বান্ধৱী তথা দাদা-বাইদেউ আৰু মোৰ মৰমৰ কণ-কণ ভাইটি-ভন্টিসকল। 

পোনপ্ৰথমে মই সকলোকে চিলাৰায় দিৱসৰ বহুত বহুত শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জনাইছোঁ। আজিৰ এই মঞ্চত মোক দু-এষাৰ কবলৈ সুযোগ দিয়াৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। 

আজি বীৰ চিলাৰায় দিৱস। আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৪ সংখ্যক জন্ম জয়ন্তী। প্ৰতি বছৰে মাঘী পূর্ণিমাত সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় বীৰ চিলাৰায় দিৱস।

বীৰ চিলাৰায়ৰ স্মৰণত ২০০৫ চনৰে পৰা অসম চৰকাৰে তেওঁৰ জন্ম দিনটো “বীৰ চিলাৰায় দিৱস” হিচাপে উদযাপন কৰি আহিছে। চিলাৰায় দিৱসটো অসম চৰকাৰে ৰাজ্যিক বন্ধৰ দিন হিচাপেও ঘোষনা কৰিছে।

বীৰ চিলাৰায়ৰ পিতৃ ষোলশ শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ আৰু মাতৃ পদ্মাৱতী। তেওঁৰ ভ্ৰাতৃ আছিল ৰজা নৰনাৰায়ন। বীৰ চিলাৰায়ৰ জন্ম হৈছিল ১৫১০ খ্রীষ্টাব্দত।

তেওঁ চিলাৰ দৰে চো মাৰি ৰণ কৰাৰ বাবে তেওঁক চিলাৰায় বুলি নামাংকৃত কৰা হৈছিল। তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল। 

নৰ নাৰায়ণ আৰু চিলাৰায়ে বাল্য কালত বাৰানসী ক্ষেত্ৰলৈ গৈ তাৰ ব্ৰহ্মানন্দ বিশাৰদ নামৰ এজন সন্ন্যাসীৰ ওচৰত বিদ্যা গ্রহণ কৰিছিল। বাৰাণসীত এওঁলোকে হিন্দুৰ বেছি ভাগ ধৰ্মগ্ৰন্থ আৰু যুদ্ধ শিক্ষা গ্ৰহণ কৰি সকলো বিষয়তে পৰিপক্ক হৈ উঠিছিল।

READ MORE  বিদায় সভাৰ ভাষণ | বিদায় মিটিঙৰ ভাষণ | School Farewell Speech in Assemese

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চিলাৰায়ক পৰমৰসিক গুৰু ৰজা শুক্লধ্বজ নাম দিছিল। ইয়াৰ উপৰিও বীৰ চিলাৰায়ক চিলাৰায় দেৱান, সংগ্ৰাম সিংহ, সমৰ সিংহ, নৃপতি প্ৰধান, ৰজা চিলাৰায়, চোটৰাজা, ৰাজা শুক্লধ্বজ আদি নামেৰেও জনা যায়।

বীৰ চিলাৰায় মহান যোদ্ধা আছিল। তেখেতে ১৫৬৩ চনৰ জুন মাহত আহোমৰ ৰাজধানী গড়গাও দখল কৰিছিল। ইয়াৰ পিছত মাইবং শ্রীহট্ট, খাইৰাম, চট্টগ্রাম, ডিমৰুৱা আদি ৰাজ্য জয় কৰিছিল। 

চিলাৰায় বীৰ যোদ্ধাৰ উপৰিও জ্ঞানী পণ্ডিতো আছিল। তেখেতে “সাৰৱতী টীকা” নামৰ সংস্কৃত গ্ৰন্থখন ৰচনা কৰিছিল। এই মহান বীৰ গৰাকীৰ ১৫৭৯ চনত গংগাতীৰত বসন্ত ৰোগত মৃত্যু হৈছিল। 

চিলাৰায় দিৱসতে বিভিন্ন ক্ষেত্ৰত সাহসিকতাৰ পৰিচয় দিয়া বিশেষ ব্যক্তিক চৰকাৰীভাৱে বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয়। চিলাৰায় অসম বুৰঞ্জীৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ। চিলাৰায় দিৱস উদযাপনে অসম বুৰঞ্জীৰ এছোৱা ইতিহাস সকলোকে মনত পেলাই দিয়ে। 

শেষত পুনৰবাৰ সকলোকে চিলাৰায় দিৱসৰ বহুত বহুত শুভেচ্ছা জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিলো। ধন্যবাদ।

Leave a Comment

error: Content is protected !!
Scroll to Top