মোৰ প্ৰিয় গ্ৰন্থ ৰচনা - দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা | Mor Priya Grantha Essay - Datal Hatir Uye Khowa Haoda

মোৰ প্ৰিয় গ্ৰন্থ ৰচনা – দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা | Mor Priya Grantha Essay – Datal Hatir Uye Khowa Haoda

মোৰ প্ৰিয় গ্ৰন্থ ৰচনা – দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা | Mor Priya Grantha Essay – Datal Hatir Uye Khowa Haoda | My Favorite Book “The Moth Eaten Howdah of the Tusker” Essay in Assamese | My Favorite Book Essay in Assamese | Mor Prio Grontho Asomiya Rosona | Mur Prio Grontho Axomiya Rosana | দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা ৰচনা | দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা অসমীয়া ৰচনা


মোৰ প্ৰিয় গ্ৰন্থ ৰচনা – দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

আৰম্ভণি

সাহিত্য জাতিৰ দাপোন, যত প্ৰতিফলিত হয় সমাজৰ সকলো দিশ। বিভিন্ন সাহিত্যিকে বিভিন্ন বিষয়বস্তুৰে সাহিত্য ৰচনা কৰে, প্ৰতিখন গ্ৰন্থৰে ভাব-ভাষা, সাহিত্যিক গুণ তথা বিষয়বস্তু ভিন ভিন হয়। বিশ্বৰ সাহিত্যৰাজিৰ প্ৰতিখনেই নিজ নিজ গুণসম্পন্ন । গতিকে তেনে হাজাৰখন উৎকৃষ্ট মানৰ সাহিত্যৰ মাজৰ পৰা এখন মাথো গ্ৰন্থক প্ৰিয় বুলি কোৱা টান। তথাপি মোৰ প্ৰিয় গ্ৰন্থ হিচাপে বিবেচিত হোৱা গ্ৰন্থবোৰৰ ভিতৰত প্ৰথমেই মোৰ মনলৈ আহে জ্ঞানপীঠ বঁটা বিজয়িনী অসমীয়া সাহিত্যিক ড° মামণি ৰয়ছম গোস্বামীৰ অনুপম গ্ৰন্থ “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা” নামৰ গ্ৰন্থখন।

গ্ৰন্থৰ পৰিচয়

ড° মামণি ৰয়ছম গোস্বামীৰ শ্ৰেষ্ঠত্বম ৰচনা হ’ল— “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা”। এইখন গ্ৰন্থৰ বাবেই সাহিত্যিকগৰাকীয়ে ২০০০ চনত জ্ঞানপীঠৰ দৰে উচ্চতৰীয় সন্মান অসমলৈ কঢ়িয়াই আনিবলৈ সক্ষম হয়। তেখেতৰ আন আন গ্ৰন্থৰ দৰেই এইখন গ্ৰন্থতো ভণ্ডামি, অন্ধ-সংস্কাৰ আৰু মানৱতাৰ অৱমাননাৰ বিৰুদ্ধে তীব্ৰ বিদ্ৰোহ প্ৰকাশ হৈছে।

এই গ্ৰন্থখন এখন উপন্যাস। এই উপন্যাসৰ বাবে তেওঁ ১৯৮৮ চনত অসম সাহিত্য সভাৰ বঁটা লাভ কৰিছিল। এই গ্ৰন্থখনৰ প্ৰেক্ষাপট হল- দক্ষিণ কামৰূপৰ আমৰঙা আৰু সত্ৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সমাজখন। এই গ্ৰন্থখন তেওঁ কামৰূপীয়া ঠাঁচৰ অসমীয়া ভাষাৰে ৰচনা কৰিছে। তেওঁ সত্ৰৰ অধিকাৰ গোসাঁইৰ ঘৰখনক কেন্দ্ৰ কৰিয়েই উপন্যাসখনৰ কাহিনী নিৰ্মাণ কৰিছে।

READ MORE  ছাত্ৰৰ কৰ্তব্য ৰচনা | Duties of Student Assamese Essay 

গ্ৰন্থখনত অসমৰ কিছুমান সামাজিক স্তৰত চলি অহা বিধৱাসকলৰ যন্ত্ৰণাক অতি হৃদয় স্পৰ্শীকৈ প্ৰকাশ কৰিছে। সত্ৰৰ গোসাঁই ঘৰত অকাল বৈধব্যৰ বোজা মূল পাতি লৈ জীৱনৰ সকলো আশা-আকাংক্ষা হেৰুৱাই দুখৰ সমুদ্ৰত ককবকাই থকা অসংখ্য নাৰীৰ মাজত এনে পূৰ্বাপৰ চলি অহাৰ সংস্কাৰ ত্যাগ কৰি সাহসেৰে পুনৰ্বিবাহ কৰিছে এজন খ্ৰীষ্টানৰ লগত। ইফালে আধুনিকতাৰ আগ্ৰাসনে মানুহৰে পুৰণা খিতাপ, আভিজাত্যৰ গৌৰৱ নোহোৱা কৰি তুলিছে। কানি বৰবিহে সামাজিক জীৱন পংগু কৰি তুলিছে। অৱশেষত সকলোৱে আধুনিকতাক আপোন কৰি ল’বলৈ বাধ্য হৈ পৰিছে।

গ্ৰন্থখন ভাল লগাৰ কাৰণ

মামণি ৰয়ছম গোস্বামীৰ “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা”ৰ বিশেষত্ব হ’ল গ্ৰন্থখনৰ প্ৰতিটো পাততে প্ৰকাশ পোৱা গভীৰ সংবেদনশীলতা। শোষিত-দুখী-যন্ত্ৰণাদগ্ধ মানুহৰ ভোক-যন্ত্ৰণা, শোক-বেদনা আৰু ক্ষোভ-খঙক তেওঁ অতি মৰ্মস্পৰ্শীভাবে গ্ৰন্থখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। উপন্যাসখনৰ বিষয়বস্তু মনোৰম, প্ৰকাশভংগী, আধুনিক শব্দসম্ভাৰৰ প্ৰয়োগ আদি সকলোৰে বাবে মামণি ৰয়ছম গোস্বামীৰ “দাঁতাল হাতীৰ ওঁয়ে খোৱা হাওদা” মোৰ প্ৰিয়তম গ্ৰন্থ (উপন্যাস)।

সামৰণি

জীৱনৰ কঠিনতম পথক অনন্যভাৱে জয় কৰা, অসাধাৰণ মানসিক দৃঢ়তা আৰু প্ৰতিভাৰ আকৰ মামণি ৰয়ছম গোস্বামীয়ে “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা” গ্ৰন্থত সমাজলৈ যি বাৰ্তা বিলাই থৈ গৈছে সি সমাজত নিশ্চিতভাৱে প্ৰভাব পেলাব পাৰে । তেখেতৰ আশা আছিল সাহিত্যৰ মাজেদি নতুন প্ৰজন্মৰ মাজত গভীৰ আশাবাদৰ সৃষ্টি কৰা । আশা কৰোঁ তেওঁৰ আদৰ্শই প্ৰতিজন অসমীয়াৰ অন্তৰত পোখা মেলি নদন-বদন হৈ উঠিব।

Leave a Comment

error: Content is protected !!
Scroll to Top