সংগঠনকৰণ | Chapter 5 | Class 12 Business Studies Question and Answer | Assam Class 12 Business Studies Solutions Assamese Medium | AHSEC Class 12 HS Business Studies Chapter 5 Notes Assamese Medium | SEBA Class 12 HS Business Studies Chapter 5 Question and Answer Assamese Medium | Questions and Answers for Class 12 Business Studies Chapter 5 সংগঠনকৰণ | HS 2nd Year Commerce Business Studies Questions and Answers Assam


সংগঠনকৰণ
Organising

Very Short Type Questions and Answers (Marks : 1)

1. পৰিচালনাৰ প্ৰসাৰ কি?
উত্তৰঃ পৰিচালনাৰ প্ৰসাৰ হ’ল ইয়াৰ সমূহ অংগবিলাকৰ সমষ্টি।

2. কৰ্তৃত্ব প্ৰদান কৰিব পাৰি, কিন্তু কি নােৱাৰি?
উত্তৰঃ দ্বায়িত্ব।

3. এজন মানুহৰ দায়িত্ব, কৰ্তৃত্বতকৈ বেছি হ’লে, তেওঁৰ কাম – কাজত ইয়াৰ কেনেকুৱা প্ৰভাৱ পৰিব?
উত্তৰঃ তেওঁৰ কাম–কাজবােৰ সঠিকভাৱে কৰাত বাধা আহি পৰিব।

4. কাৰ প্ৰসাৰ বেছি বিকেন্দ্ৰীকৰণ নেতৃত্ব অৰ্পণ?
উত্তৰঃ বিকেন্দ্ৰীকৰণৰ।

5. এনেকুৱা এটা সংগঠনৰ নাম লিখা যত কৰ্মচাৰীসকলৰ মাজত এটা বন্ধুত্ব সুলভ পৰিবেশ থাকে?
উত্তৰঃ অনানুষ্ঠানিক সংগঠন।

6. সফল পৰিচালনা কতৃত্ব অৰ্পণৰ দ্বাৰা সম্ভব ’ — কিয়?
উত্তৰঃ কৰ্তৃত্ব অৰ্পণে পৰিচালনা সূচাৰুৰূপে পালন কৰাত সহায় কৰে বাবে।

7. কেনে অনুষ্ঠানত সদস্যসকলৰ মাজত বন্ধুত্বপূৰ্ণ সম্বন্ধ সম্ভব হয়?
উত্তৰঃ আনুষ্ঠানিক সংগঠনত।

8. ইয়াক তলতীয়া কৰ্মচাৰীক অৰ্পণ কৰিব পাৰি? ই কি?
উত্তৰঃ কৰ্তৃত্ব।

9. সফল কৰ্তৃত্ব অৰ্পণৰ বাবে, দায়িত্বৰ লগত কি থাকিব লাগে?
উত্তৰঃ কৰ্তৃত্ব।

10. কোনটোৰ মাত্ৰা বেছি, বিকেন্দ্ৰীকৰণ নেতৃত্ব প্ৰদান?
উত্তৰঃ বিকেন্দ্ৰীকৰণৰ।

11. কাৰ্যকৰী সংগঠন এটাৰ ভেটী কি?
উত্তৰঃ ইয়াৰ ভেটী হ’ল লক্ষ্য, নীতি, কাৰ্যপদ্ধতি আদি।

12. কোনটো সংজ্ঞাই কয়, কৰ্মচাৰীসকলক সফলভাৱে পৰিচালনা কৰিব পাৰে এজন উপৰােক্ত বিষয়াই ’?
উত্তৰঃ নিয়ন্ত্ৰণৰ পৰিসৰ।

13. সংগঠনৰ কোনটো গাঁঠনিত উৰাবাতৰি বিয়পাৰ সুযােগ থাকে?
উত্তৰঃ অনানুষ্ঠানিক সংগঠন।

14. এজন তলতীয়া কৰ্মচাৰীয়ে কাৰ পৰা আদেশ গ্ৰহণ কৰিব লাগে?
উত্তৰঃ শীৰ্ষ বিষয়াৰ পৰা।

15. সংগঠনকৰণৰ কোনটো পদ্ধতিৰ ভিতৰত কাম – কাজৰ শ্ৰেণীবদ্ধকৰণ কৰা হয়?
উত্তৰঃ কাৰ্যকৰী সংগঠন।

16. কৰ্তৃত্ব ওপৰৰ পৰা তললৈ কাৰ পৰা কালৈ বয়?
উত্তৰঃ শীৰ্ষ বিষয়াৰ পৰা তলতীয়া কৰ্মচাৰীলৈয়ে বয়।

17. এটা বাণিজ্যিক প্ৰতিষ্ঠানে সৌন্দৰ্য্য বৰ্ধক, তৈয়াৰী কাপােৰ, চাবােন আৰু বিস্কুট বনায়। এনে এটা প্ৰতিষ্ঠানত সংগঠনকৰণৰ কোনটো গাঁঠনি উপযুক্ত হ’ব?
উত্তৰঃ বিভাগীয় গাঁঠনি।

18. কোনে ধৰণৰ অনুষ্ঠানত নীতি, কাৰ্যপদ্ধতি আদি পালন কৰা হয়?
উত্তৰঃ আনুষ্ঠানিক সংগঠন।

Short Type Questions and Answers (Marks : 2)

1. সংগঠন যে এটা গাঁঠনি বুজাই লিখা।
উত্তৰঃ ব্যৱসায় প্ৰতিষ্ঠানত বিভিন্ন অংশ অথবা উপাদানৰ মাজত আন্তঃসম্পৰ্ক স্থাপন আৰু আন্ত সংযােজন সাধনৰ উপায় হৈছে সংগঠনৰ গঠন। ইয়াক সংগঠনৰ আৰ্হি বা নক্সাও বােলা হয়।

2. সংগঠনৰ গাঁঠনি বুলিলে কি বুজা?
উত্তৰঃ ব্যৱসায় প্ৰতিষ্ঠানত বিভিন্ন অংশ অথবা উপাদানৰ মাজত অন্ত:সম্পৰ্ক স্থাপন আৰু আন্ত সংযােজন সাধনৰ উপায় হৈছে সংগঠনৰ গঠন।ইয়াক সংগঠনৰ আৰ্হি বা নক্সাও বােলা হয়।

3. সংগঠনকৰণ এটা কাৰ্য্য প্ৰণালী হিচাপে সংজ্ঞা দিয়া আৰু বুজাই লিখা।
উত্তৰঃ ব্যৱসায়ৰ উদ্দেশ্যত উপনীত হ’বলৈ কৰণীয় কাৰ্যৰ বিশ্লেষণমূলক চিনাক্তকৰণ, কাৰ্যৰ বিভাগীকৰণ, কৰ্তৃত্ব আৰু দায়িত্ব স্থিৰকৰণেৰে দায়িত্ব আৰােপ কৰাৰ সামগ্ৰিক প্ৰক্ৰিয়াকে সংগঠনকৰণ বােলা হয়।

4. সংগঠন এটা দলীয় কাৰ্য হিচাপে বুজাই লিখা।
উত্তৰঃ সংগঠন এটা দলীয় কাৰ্য্য কাৰণ প্ৰতিষ্ঠানৰ বিভিন্ন স্তৰত থকা পদবী আৰু কামৰ মাজত আনুষ্ঠানিক সম্পৰ্ক থাকে। ব্যক্তিগত দলবিলাকে সৰু বৰ নিৰ্বিশেষে তেওঁলােকৰ মাজত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠাত গুৰুত্ব দিয়ে। ব্যৱসায়ৰ সমূহীয়া লক্ষ্য সাধাৰণ বাবে ব্যক্তিগত প্ৰচেষ্টা বিলাকক সংহতি আৰু সমন্বয়ৰ যােগেদি একত্ৰিত কৰা হয়।

READ MORE  ব্যৱসায়িক পৰিৱেশ | Chapter 3 | Class 12 Business Studies - AHSEC

5. সংগঠন কি?
উত্তৰঃ ব্যৱসায়ৰ উদ্দেশ্যত উপনীত হ’বলৈ কৰণীয় কাৰ্যৰ বিশ্লেষণমূলক চিনাক্তকৰণ, কাৰ্য বিভাগীকৰণ, কৰ্তৃত্ব আৰু দায়িত্ব স্থিৰকৰণেৰে দায়িত্ব আৰােপ কৰাৰ সামগ্ৰিক প্ৰক্ৰিয়াৰে সংগঠনকৰণ বােলা হয়।

6. কৰ্তৃত্বৰ কেন্দ্ৰীকৰণ কি?
উত্তৰঃ সংগঠন এটাৰ সিদ্ধান্ত লােৱাৰ কতৃত্ব যেতিয়া ব্যৱস্থাপনাৰ উচ্চস্তৰত যােৱা হয়। তেতিয়া তাক কেন্দ্ৰীকৰণ বুলি কোৱা হয়। সম্পূৰ্ণ কেন্দ্ৰীকৰণে পৰিচালনাত ক্ষমতাৰ গুৰুত্ব অনুসৰি লােক – বিন্যাসৰ শীৰ্ষস্তৰত সকলাে সিদ্ধান্ত গ্ৰহণ কাৰ্য্য ঘনীভূত হােৱাটোকে সূচায়।

7. অনানুষ্ঠানিক সংগঠন কি?
উত্তৰঃ অনানুষ্ঠানিক সংগঠন হৈছে সংগঠনত কৰ্মৰত লােকৰ মাজত কিছুমান দিশত সাদৃশ্যৰ ভিত্তিত গঢ়ি উঠা এক স্বাভাৱিক দলীয় সম্পৰ্ক। এই সংগঠন কোনাে পদ্ধতি বা নীতি – নিয়মৰ ভিত্তিত গঢ়ি উঠাৰ পৰিৱৰ্তে ব্যক্তিগত মনােভংগী, ভালপােৱা, পক্ষপাতিত্ব আদিৰ ভিত্তিত গঢ়ি উঠে।

8. কৰ্তৃত্বৰ বিকেন্দ্ৰীকৰণ কি?
উত্তৰঃ কৰ্তৃত্বৰ বিকেন্দ্ৰীকৰণ হৈছে প্ৰতিষ্ঠিানৰ উচ্চ পৰিচালনাৰ এক দৰ্শন, যাৰ অধীনত পৰিচালনাৰ বাবে সৰ্বাধিক কৰ্তৃত্ব মধ্যম পৰ্যায়ৰ পৰিচালকসকললৈ আৰু বিশেষকৈ নিম্ন পৰ্যায়লৈ বিস্তাৰন ঘটোৱা হয়।

কৰ্তৃত্বৰ বিকেন্দ্ৰীৰণে পৰিচালনাৰ নিম্নস্তৰলৈকে সিদ্ধান্তগ্ৰহণ ক্ষমতাৰ বিস্তাৰ ঘটায়। শীৰ্ষত এজন বিষয়াৰ হাতত সিদ্ধান্ত গ্ৰহণ আৰু নীতি গ্ৰহণৰ ব্যৱস্থা নাৰাখি বিভিন্ন পৰ্যায়ৰ ব্যক্তি বা বিষয়ালৈ ঠেলি দিয়াই হৈছে বিকেন্দ্ৰীকৰণ।

Short Type Questions and Answers (Marks : 3)

1. আনুষ্ঠানিক সংগঠনৰ তিনিটা বৈশিষ্ট্যৰ বিষয়ে লিখা।
উত্তৰঃ আনুষ্ঠানিক সংগঠনৰ বৈশিষ্ট্যসমূহ হ’ল—
(ক) এই সংগঠন শীৰ্ষ পৰিচালনাৰ দ্বাৰা নিৰ্মাণ কৰা হয়।
(খ) এই সংগঠন শ্ৰম বিভাজন আৰু কাৰ্য সম্পাদনৰ পাৰদৰ্শিতাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত।
(গ) এই সংগঠনে কাৰ্য সম্পাদন কৰা ব্যক্তিৰ পৰিৱৰ্তে কাৰ্য সম্পাদনৰ ওপৰতহে অধিক কেন্দ্ৰীভূত হয়।
(ঘ) ইয়াত কাৰ্যধাৰকৰ কৰ্তৃত্ব আৰু দায়িত্বৰ প্ৰতি প্ৰত্যেকে আসক্ত হ’ব লাগে।
(ঙ) পদ্ধতি, কাৰ্যক্ৰম, নিয়মাৱলী আদিৰ জৰিয়তে সভ্যসকলৰ মাজত সমন্বয় আৰু তেওঁলােকৰ নিয়ন্ত্ৰণ সুনিৰ্দিষ্ট হয়।

2. আনুষ্ঠানিক সংগঠন কি?
উত্তৰঃ আনুষ্ঠানিক সংগঠন হৈছে প্ৰতিষ্ঠানৰ উদ্দেশ্যত উপনীত হ’বলৈ পৰিচালনাই সজ্ঞানে কৰ্মীসকলৰ প্ৰতিজনলৈ পালন কৰিব লগা দায়িত্ব আৰােপ কৰাৰ জৰিয়তে গঠন কৰা এক সংগঠন। আনুষ্ঠানিক সংগঠন চাৰিটা উপাদানৰ ওপৰত প্ৰতিষ্ঠিত। যেনে—
(ক) শ্ৰম বিভাজন।
(খ) স্তৰানুক্ৰমিক আৰু কাৰ্যকৰণ পদ্ধতি।
(গ) গঠন। আৰু
(ঘ) নিয়ন্ত্ৰণৰ শিকলি।

3. কৰ্তৃত্ত্ব আৰু দায়িত্বৰ মাজত তিনিটা বিভেদৰ বিষয়ে লিখা।
উত্তৰঃ কৰ্তৃত্ত্ব আৰু দায়িত্বৰ মাজত তিনিটা বিভেদ হ’ল—
(ক) কৰ্তৃত্ব পৰিচালনীয় অৱস্থানতহে থাকে, ব্যক্তিগত সামৰ্থ্যত নাথাকে।
(খ) পৰিচালকৰ আদেশ জাৰিকৰণৰ অধিকাৰ বৈধ। অৰ্থাৎ এই অধিকাৰ সামাজিক আৰু নৈতিকভাবে গ্ৰহণযােগ্য হয়।
(গ) কৰ্তৃত্বই পৰিচালকক সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ প্ৰদান কৰে। অৰ্থাৎ সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে কৰ্তৃত্বৰ অনুশীলন ঘটে।

4. সংগঠনৰ তিনিটা বৈশিষ্ট্যৰ বিষয়ে লিখা।
উত্তৰঃ সংগঠনৰ উল্লেখযােগ্য বৈশিষ্ট্যবােৰ হ’ল—
(ক) শ্ৰম বিভাজন :- সকলাে সংগঠনৰ এক সমূহীয়া বৈশিষ্ট্য হৈছে শ্ৰম বিভাজন। যিকোনাে সংগঠনৰ উদ্দেশ্য সিদ্ধিৰ বাবে সাধাৰণ উদ্দেশ্যক সুবিধাজনক কিছুমান ভাগত ভগাই লােৱ হয় আৰু এজন ব্যক্তিয়ে বা একেবােৰ ব্যক্তিয়ে সকলাে কাম কৰিব নােৱাৰা বাবে সামগ্ৰিক কামক বিশেষীকৰণৰ ভিত্তিত ভগাই লােৱা হয়।

(খ) সমন্বয় :- সাধাৰণ উদ্দেশ্যত উপনীত হ’বলৈ সামগ্ৰিক কামক ভাগ বিভাগ কৰাৰ পিছত সেইবােৰৰ মাজত সম্পৰ্ক ৰক্ষা কৰা বা সংহতি সাধন কৰাৰ আৱশ্যক হয়। এই সংহতি স্থাপনেই হৈছে সমন্বয় সাধন। ইয়াৰ জৰিয়তে বিভিন্ন বিভাগক মিলিত কৰা হয়।

READ MORE  পৰিকল্পনাকৰণ | Chapter 4 | Class 12 Business Studies - AHSEC

(গ) উদ্দেশ্য সিদ্ধি :- উদ্দেশ্যহীন সংগঠনৰ গঠন অৰ্থহীন। সেয়ে কাৰ্যতঃ সংগঠন গঠনৰ লক্ষ্য উদ্দেশ্য স্থিৰ কৰা আৰু উদ্দেশ্য সিদ্ধিৰ উপায় অৱলম্বন কৰা।

(ঘ) কৰ্তৃত্ব আৰু দায়িত্বৰ গঠনঃ সংগঠনৰ গঠনে স্তৰভেদে আৰু কৰ্তৃত্ব আৰু দায়িত্বৰ স্পষ্টীকৰনেৰে বিভিন্ন অৱস্থানৰ কৰ্মীৰ অৱস্থিতি প্ৰকাশ কৰে। এই স্থান আৰু কতৃত্ব প্ৰদান অবিহনে নিৰ্দিষ্ট কিছুমান কৰ্ম সম্পাদন কৰা কঠিন বাবে সেইবােৰ স্পষ্ট কৰা হয়।

5. কাৰ্য্যকৰী সংগঠনৰ তিনিটা অসুবিধা বৰ্ণনা কৰা।
উত্তৰঃ কাৰ্যকৰী সংগঠনৰ তিনিটা অসুবিধা হ’ল—
(ক) এই গাঁঠনিত যিহেতু এজন কৰ্মচাৰীক এটা বিশেষ অংশৰ দায়িত্ব দিয়া হয়, সেইবাবে তেওঁ সেই অংশত পাৰ্গত হয় আৰু সেইবাবে তেওঁ অন্য এটা কাৰ্য্যত বা দায়িত্বত পাৰ্গত নহয়।

(খ) প্ৰতিটো কামক সৰু সৰু অংশত বিভক্ত কৰা হয় বাবে প্ৰতিষ্ঠানটোৰ ব্যয়ৰ মাত্ৰা বৃদ্ধি পায়।

(গ) হঠাতে উৎপাদন প্ৰক্ৰিয়া বা বজাৰকৰণ প্ৰক্ৰিয়াৰ বিশেষ পৰিবৰ্তন হ’লে তেতিয়া এনে পৰিবৰ্তনবিলাক সহজে কাৰ্যকৰীকৰণ সম্ভৱ নহয়।

6. কাৰ্যকৰী সংগঠনৰ তিনিটা বৈশিষ্ট্য বুজাই লিখা।
উত্তৰঃ কাৰ্যকৰী গাঁঠনিৰ বৈশিষ্ট্যসমূহ হ’ল—
(ক) ই হ’ল এটা সাংগঠনিক আৰ্হি যত একে ধৰণৰ কামবােৰ একেলগে কৰি একো একোটা গােটৰ সৃষ্টি কৰা হয়।
(খ) ইয়াত নিৰ্দিষ্ট কাৰ্য্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।
(গ) এই ধৰণৰ গাঠনিয়ে বৃত্তিগত বিশেষীকৰণৰ সৃষ্টি কৰে।

7. কৰ্তৃত্ব অৰ্পণ আৰু বিকেন্দ্ৰীকৰণৰ মাজত তলত দিয়া ধৰণে পাৰ্থক্য দেখুওৱা।
উত্তৰঃ
(ক) কাম কৰা স্বাধীনতা।
(খ) প্ৰকাৰ।
(গ) উদ্দেশ্য।
উত্তৰঃ

পাৰ্থক্যৰ ভিত্তিকৰ্তৃত্ব অৰ্পণবিকেন্দ্ৰীকৰণ
কাম কৰাৰ স্বাধীনতাইয়াত ওপৰৱালাৰ মতে কাম কৰিব লগা হয়।বিকীকৰণত কাম কৰা স্বাধীনতা সম্পূৰ্ণৰূপে থাকে।
প্ৰকাৰই এটাৰ পৰা তলতীয়া এজনলৈ যায়।ই ওপৰৰ এটা বিভাগৰ পৰা আন এটা সৰু বিভাগলৈ যায়।
উদ্দেশ্যকামটো সঠিকভাবে সমাধা কৰা।কামটো সোনকালে সমাধা কৰা।

Long Type Questions and Answers (Marks : 4)

1. আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সংগঠনৰ মাজত চাৰিটা পাৰ্থক্যৰ বিষয়ে লিখা।
উত্তৰঃ

পাৰ্থক্যৰ ভেটিআনুষ্ঠানিক সংগঠনঅনানুষ্ঠানিক সংগঠন
অর্থপৰিচালনাই কৰ্মীৰ পালনীয় দায়িত্ব আৰোপ কৰি সজ্ঞানে গঠন কৰা সংগঠন।ব্যক্তি বা কৰ্মীৰ ব্যক্তিগত সম্পৰ্কৰে গঢ়ি তোলা সংগঠন।
উদ্দেশ্যচিন্তাশীলতা, বিবেচনাৰে গঠিত এই সংগঠনৰ উদ্দেশ্য হৈছে বৈধ উদ্দেশ্যত উপনীত হোৱা।আনুষ্ঠানিক সংগঠনেৰে সভ্য হৈ অনানুষ্ঠানিক সংগঠনো গঠন কৰা সভ্যসকলৰ উদ্দেশ্য হৈছে সামাজিক আৰু মনস্তাত্বিক সন্তুষ্টি লাভ।
আকাৰসদায়ে বৃহৎ হয়।ক্ষুদ্ৰ আকাৰৰ হয়।
প্রকৃতিস্থিৰ আৰু পূৰ্বানুমান যোগ্য হয়।অস্থিৰ আৰু পূর্বানুমান অযোগ্য হয়।
গুৰুত্বকাৰ্যালয় ভিত্তিক গুৰুত্ব প্রতিফলিত হয়।ব্যক্তিগত ভাবা বেগেৰে  প্রতিফলিত হয়।

2. কৰ্তৃত্ব প্ৰদান আৰু বিকেন্দ্ৰীকৰণৰ মাজৰ চাৰিটা পাৰ্থক্য চমুকৈ আলােচনা কৰা।
উত্তৰঃ

পাৰ্থক্যৰ ভেটিকৰ্তৃত্বৰ প্ৰতিনিধিত্বকৰণবিকেন্দ্ৰীকৰণ
প্রকৃতিসাংগঠনিক গঠন নিৰূপণ কৰোতে কৰ্তৃত্বৰ প্ৰতিনিধিত্বকৰণক মৌলিক বা প্রাথমিক ধাৰণা হিচাপে গ্ৰহন কৰা হয়।ইয়াৰ প্ৰকৃতি গৌণ। সাংগঠনিক গঠনত কর্তৃত্ব প্রতিনিধিত্ব কৰণৰ পৰাহে ইয়াৰ উদ্ভৱ হয়।
উপাদানইয়াৰ অধীনস্থৰ পৰা ফলাফলৰ আকাংখা, তেওঁলোকলৈ কাৰ্য অৰ্পন, দায়িত্ব স্থিৰীকৰণক উপাদান হিচাপে লৈ এক পদ্ধতি অবলম্বন হয়।কি সিদ্ধান্তৰ বাৰ কৰ্তৃত্ব বিকেন্দ্ৰীকৰণ কৰা হ’ব তাৰ উপযুক্ত বাছনি, অধীনস্থৰ শাসনৰ নীতি নিৰ্দ্ধাৰণ, ফলপ্ৰসু পৰিদৰ্শনেৰে নিয়ন্ত্ৰণৰ পদ্ধতি হৈছে ইয়াৰ উপাদান।
প্রয়োজনীয়তাআনৰ হতুৱাই কাৰ্য সম্পাদন কৰোৱাত কৰ্তৃত্ব প্রতিনিধিত্বকৰণৰ প্রয়োজনীয়তা দেখা যায়। ই বাধ্যতামূলক।বিকেন্দ্ৰীকৰণৰ সুবিধাবোৰৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা আছে যদিও ই শীৰ্ষ পৰিচালনাৰ ঐচ্ছিক। পৰিচালনাই বিকেন্দ্ৰীকৰণ কৰিবও পাৰে, নকৰিবও পাৰে।
নিয়ন্ত্রণকৰ্তৃত্বৰ প্ৰতিনিধিত্বকৰণত দায়িত্ব জ্যেষ্ঠসকলৰ দ্বাৰা অধীনস্থসকল নিয়ন্ত্রাধীন হয়।বিকেন্দ্ৰীকৰণত নিয়ন্ত্ৰণৰ অধিকাৰ প্ৰায়েই নিম্ন পৰিচালক সকললৈ বা জ্যেষ্ঠসকলৰ অধীনস্থগোটলৈ হস্তান্তৰ কৰা হয়।
READ MORE  নির্দেশিতকৰণ | Chapter 7 | Class 12 Business Studies - AHSEC

3. আধুনিক ব্যবসায়ত সংগঠনকৰণৰ আৱশ্যকতা চমুকৈ আলােচনা কৰা।
উত্তৰঃ সংগঠনৰ গুৰুত্বসমূহ তলত ব্যাখ্যা কৰা হ’ল—
(ক) বিশেষীকৰণৰ সুবিধাঃ কৰ্ম বিভাজনে বিভিন্ন বিভাগ বা বিশেষ দিশত কামৰ বিভাজন ঘটোৱাত সেইবােৰৰ কাম – কাজৰ অনুশীলনত বিশেষীকৰণৰ সৃষ্টি হয়। এই বিশেষীকৰণে সাংগঠনিক কাৰ্যত শ্ৰমিকৰ পাৰদৰ্শিতা বৃদ্ধি কৰে।

(খ) নতুন প্ৰযুক্তিৰ প্ৰকাম্য ব্যৱহাৰত সহায়ক :- নতুন আৰু পৰিৱৰ্ত্তিত পৰিস্থিতিত উদ্ভাৱন হােৱা নতুন প্ৰযুক্তিৰ সফল অৱলম্বনেৰে পৰিচালনাই প্ৰতিযােগিতাত অৱতীৰ্ণ হােৱাৰ সামৰ্থ্য লাভ কৰে। ফলত সংগঠনত নতুন প্ৰযুক্তিৰ প্ৰকাম্য ব্যৱহাৰত সহায় লাভ হয়।

(গ) অবিৰত কাৰ্য সম্পাদনৰ সুবিধাঃ সংগঠানৰ নমনীয়তাৰ নীতিৰে ভৱিষ্যতৰ পৰিৱৰ্তিত অৱস্থাত সাংগঠনিক সংযােজনৰ সুবিধা প্ৰদান কৰাৰ বিপৰীতে কৰ্ম বিভাজন আৰু যােগ্যলােকৰ ওপৰত বিভাগীয় কামৰ দায়িত্ব আৰােপকৰণে কাৰ্য সম্পাদন অবিৰত কৰে।

(ঘ) কৰ্তৃত্ব আৰু দায়িত্বৰ সম্পৰ্কৰ স্পষ্টতা :- সংগঠনৰ গঠনত পৰিচালক আৰু অধীনস্থৰ কৰ্তৃত্ব আৰু দায়িত্বৰ সম্পৰ্কৰ স্পষ্টতাই কাম – কাজৰ সুস্থসম্পাদনৰ সুবিধা আগবঢ়ায় লগতে, প্ৰত্যেক অৱস্থানৰ ব্যক্তিৰ মাজত উন্নত মানৱীয় সম্পৰ্কৰ প্ৰবৰ্তন কৰে। ফলত সংগঠনত কৰ্মস্পৃহা বৃদ্ধি পায়।

4. কৰ্তৃত্ব প্ৰদানৰ চাৰিটা আৱশ্যকতা ব্যাখ্যা কৰা।
উত্তৰঃ গুৰুত্বঃ (ক) শীষকাৰ্যবাহীলৈ সকাহঃ সংগঠনৰ শীৰ্ষ কাৰ্যবাহীয়ে প্ৰত্যেকটো কাৰ্যই নিজে সম্পাদন কৰিব নােৱাৰে। কিয়নাে কাৰ্যবাহীসকলে পৰিকল্পনাকৰণ, সমন্বয় সাধন, নিয়ন্ত্ৰণ সাধন আদি পৰিচালনীয় কাৰ্যত ওতঃপ্ৰােতভাবে জড়িত হ’ব লগাত পৰে। এনে পৰিস্থিতিত অধীনস্থসকললৈ কৰ্তৃত্ব প্ৰতিনিধিত্ব কৰি কাৰ্যবাহীসকলে সকাহ লাভ কৰে।

(খ) সংগঠনৰ ভেটি :- সাংগঠনিক গঠন পদ্ধতিত কৰ্তৃত্ব প্ৰতিনিধিত্ব কৰণ হৈছে এক গুৰুত্বপূৰ্ণ পৰ্যায়। অৰ্থাৎ প্ৰতিষ্ঠানৰ সকলাে পৰ্যায়ৰ কাৰ্য সম্পাদনৰ অৰ্থে গঠন কৰা সংগঠনৰ প্ৰধান ভেটি হৈছে জ্যেষ্ঠ পৰিচালক নাইবা কাৰ্যবাহীসকলৰ কৰ্তৃত্ব অধীনস্থলে প্ৰতিনিধিত্ব কৰাৰ জৰিয়তে কাৰ্য সম্পাদনৰ সুচলতা নিশ্চিত কৰা।

(গ) বিশেষজ্ঞৰ ব্যৱহাৰ :- কতৃত্ব প্ৰতিনিধিত্বকৰণে বিশেষ জ্ঞান আৰু অভিজ্ঞতাৰ ব্যক্তিৰ ওপৰত দায়িত্ব অৰ্পণ হৈছে অন্য এক সুবিধা। এনে কাৰ্যই সংগঠনৰ কামৰ মান উন্নত কৰে।

(ঘ) সম্প্ৰসাৰণ আৰু ভিন্নমুখীকৰণ সুবিধা :- ব্যৱসায়ৰ সম্প্ৰসাৰণ আৰু কাম – কাজৰ ভিন্নমুখীকৰণৰ সুবিধাৰ ফলত জ্যেষ্ঠসকলে একোটা কাম অধীনস্থৰ দায়িত্ব অৰ্পণ কৰি নতুন নতুন দিশত অগ্ৰসৰ হােৱা আৰু তাৰ দ্বাৰা ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটোৱাৰ সুবিধা লাভ কৰে বাবে কৰ্তৃত্ব প্ৰতিনিধিত্বকৰণৰ গুৰুত্ব পৰিলক্ষিত হয়।

(ঙ) অধীনস্থসকলৰ উন্নয়ন সাধন :- কৰ্তৃত্ব প্ৰতিনিধিত্বকৰণে অধীনস্থ সকলৰ কৰ্তব্য, দায়িত্ব, পাৰদৰ্শিতা বৃদ্ধি কৰাত সহায় কৰে। তেওঁলােকৈ অৰ্পণ কৰা কৰ্তৃত্বৰ ফলতে সিদ্ধান্ত গ্ৰহণ আৰু আদেশ জাৰি কৰাৰ ক্ষমতা লাভ হয়। ফলত অধীনস্থসকলৰ সাংগঠনিক কাৰ্যত নিজৰ উন্নয়ন সাধনৰ সুযােগ আনে।

5. প্ৰতিনিধিত্বৰ প্ৰতিবন্ধকতাসমূহ/ সফল কৰ্তৃত্ব প্ৰদানৰ চাৰিটা বাধাৰ বিষয়ে লিখা।
উত্তৰঃ প্ৰতিনিধিত্বৰ প্ৰতিবন্ধকতাসমূহ হ’ল—
জ্যেষ্ঠসকলৰ দৃষ্টিকোণৰ পৰা বিভিন্ন কাৰণত জ্যেষ্ঠবিষয়াসকল কৰ্তৃত্ব প্ৰতিনিধিত্বৰ প্ৰতি অনিচ্ছুক হয়। যেনে—
(ক) আত্মাভিমানৰ বশবৰ্তিতা :- বহু ক্ষেত্ৰত জ্যেষ্ঠ বিষয়াই আত্মাভিমানৰ বশৱৰ্তিতাৰে নিজে উন্নত কাম কৰাৰ দাবী কৰি আনক অপাৰগ বুলি ভাবিবলৈ লয়। এনে ধৰণৰ আত্মাভিমানী বিষয়াই কৰ্তৃত্বৰ আৱশ্যকীয় প্ৰতিনিধিত্ব কৰাৰ পৰা বিৰত থাকি সংগঠন কাৰ্য সম্পাদন ক্ষতিগ্ৰস্ত কৰে।

(খ) স্বেচ্ছাচাৰিতাৰ মনােভাৱঃ ই ইছে প্ৰতিনিধিত্বকৰণৰ অন্য এক প্ৰতিবন্ধক। বিশেষ বিষয়াই জেষ্ঠ্যৰ ক্ষমতাৰ লােভত কৰ্তৃত্ব নিজৰ হাতত ৰাখিবলৈ ইয়াৰ প্ৰতিনিধিত্ব নকৰি সংগঠনৰ কাৰ্য সম্পাদন লেহেমীয়া কৰে।

(গ) আদেশ জাৰি আৰু পৰিচালনাৰ সামৰ্থ্যৰ অভাৱঃ জ্যেষ্ঠ বিষয়াৰ ইয়াৰ বাবেও কৰ্তৃত্ব প্ৰতিনিধিত্বকৰণৰ প্ৰতি অনিহা প্ৰদৰ্শন কৰা দেখা যায়।

(ঘ) অধীনস্থসকলৰ ওপৰত বিশ্বাস স্থাপনৰ অভাৱঃ ইয়াৰ ফলত কৰ্তৃত্ব প্ৰতিনিধিকৰণক আওকান কৰা হয়।

Leave a Comment

error: Content is protected !!
Scroll to Top