বিত্তীয় বজাৰ | Chapter 9 | Chapter 2 | Class 12 Business Studies Question and Answer | Assam Class 12 Business Studies Solutions Assamese Medium | AHSEC Class 12 HS Business Studies Chapter 9 Notes Assamese Medium | SEBA Class 12 HS Business Studies Chapter 9 Question and Answer Assamese Medium | Questions and Answers for Class 12 Business Studies Chapter 9 বিত্তীয় বজাৰ | HS 2nd Year Commerce Business Studies Questions and Answers Assam


বিত্তীয় বজাৰ – B
Financial Markets

Very Short Type Questions and Answers (Marks : 1)

1. কোনখন বজাৰত পুৰণা চিকিউৰিটি বিক্ৰী কৰা হয়?
উত্তৰঃ গৌণ বজাৰত।

2. প্রাথমিক বজাৰৰ আন এটা নাম কি?
উত্তৰঃ নতুন বিলি বজাৰ।

3. এটা কোম্পানীয়ে বজাৰত প্ৰতিভূতি মেলি দিয়াৰ দুটা উপায় উল্লেখ কৰা।
উত্তৰঃ (ক) অনুষ্ঠান পত্ৰৰ জৰিয়তে জনসাধাৰনক বিলি।
(খ) বিক্ৰীৰ বাবে প্ৰস্তাৱ।

4. কোনখন বজাৰত প্ৰথমবাৰৰ বাবে ছিকিউৰিটি বিক্ৰী কৰা হয়?
উত্তৰঃ প্রাথমিক বজাৰ।

5. ভাৰতৰ আটাইতকৈ পুৰণি প্রতিভূতি বিনিময় কেন্দ্ৰটো কি?
উত্তৰঃ মুম্বাই ষ্টক বিনিময় কেন্দ্র।

6. ট্রেজাৰী বিলত সুত দিয়া হয়নে?
উত্তৰঃ হয়।

7. দীঘলীয়া বিত্ত বিনিয়ােগৰ বজাৰখনৰ নাম লিখা।
উত্তৰঃ পূজিবজাৰ।

8. মুদ্রা বজাৰত ক্রয় – বিক্রয় হােৱা দলিলবােৰৰ সময়সীমা কিমান?
উত্তৰঃ এবছৰ।

9. মুদ্রা বজাৰত কেনে ধৰণৰ দলিলৰ ব্যৱসায় কৰা হয়?
উত্তৰঃ এবছৰতকৈ কম সময়ত ম্যাদ পূর্ণ হােৱা দলিল।

10. কোনটো প্রতিভূতি বিনিময় কেন্দ্রৰ লগত ‘ চেনসেক্স’ আৰু ‘নিফৰ্টী’এই ধাৰণা দুটা জড়িত?
উত্তৰঃ ‘চেনমেক্স’ ধাৰণাটো মুম্বাই ষ্টক বজাৰ আৰু ‘ নিফটী ’ ধাৰণাটো জাতীয় ষ্টক বিনিময় কেন্দ্ৰৰ সৈতে জড়িত।

11. দুখন বাণিজ্যিক দলিলৰ নাম লিখা।
উত্তৰঃ (ক) চার্টিফিকেট অফ ডিপােজিত। আৰু
(খ) ট্রেজাৰী বিল।

12. ভাৰতত প্রতিভূতি বিনিময়ৰ নিয়মকানুন চম্ভালিবলৈ কোনটো বিধিসম্মত সংস্থাই কাম কৰে?
উত্তৰঃ চেবি (SEBI)

13. SEBI সম্পূর্ণ নাম কি?
উত্তৰঃ Securities Exchange Board of India

14. কোন বছৰত ‘ছেবি’ৰ সংস্থাপন হৈছিল?
উত্তৰঃ 1992

15. মূলধনী বজাৰৰ ভাগবােৰ কি?
উত্তৰঃ প্রাথমিক বজাৰ আৰু গৌণ বজাৰ।

16. মুদ্রা বজাৰত সঘন ব্যৱহৃত দুইবিধ দলিলৰ নাম লিখা।
উত্তৰঃ (ক) তলবী মুদ্রা বা ঋণ।
(খ) ট্রেজাৰী বিল বা কোষাগাৰ বিল।

Short Type Questions and Answers (Marks : 2)

1. ‘ছেবি’ কি?
উত্তৰঃ ভাৰতীয় প্রতিভূতি আৰু বিনিময় বাের্ড হৈছে, ভাৰতীয় প্রতিভূতি আৰু বিনিময় ব’র্ড আইন ১৯৯২ চনৰ অধীনত গঠন কৰা মূলধন বিলি তদাৰক আৰু নিয়ন্ত্রণ সম্পৰ্কীয় এখন বর্ড বা পৰিষদ।

2. মুদ্রা বজাৰ কি? বুজাই লিখা।
উত্তৰঃ যি কেন্দ্রত হ্রস্বকালীন মুদ্রা বিষয়ক পৰিসম্পদৰ লেন – দেন হয় তাকে মুদ্রা বজাৰ বােলে। অধ্যাপক জি, ক্রাউথাৰৰ মতে “ বিভিন্ন পর্যায়ৰ মুদ্রাসদৃশ বস্তুৰ লেন – দেন কৰা অনুষ্ঠান প্রতিষ্ঠানক দিয়া সামুহিক নাম হৈছে মুদ্রা বজাৰ।

3. নতুন বিলি বজাৰ কি?
উত্তৰঃ কোম্পানি, নিগম, চৰকাৰী বা অর্ধচৰকাৰী প্রতিষ্ঠানবােৰে নতুনকৈ অংশপত্র, ঋণপত্র বা বিত্তীয় দলিল পােন প্রথম বাৰৰ কাৰণে যি বজাৰত বিক্ৰী কৰে তাকে প্রাথমিক পুঁজি বজাৰ বােলে। ইয়াক নতুন বিলিবজাৰ বুলিও কোৱা হয়।

READ MORE  বিত্তীয় পৰিচালনা | Part 1 | Chapter 9 | Class 12 Business Studies - AHSEC

4. মূলধনী বজাৰ কি?
উত্তৰঃ যি কেন্দ্ৰত দীর্ঘম্যাদী পূজি সম্পৰ্কীয় প্রতিভূতিৰ ক্রয় – বিক্রয় হয় তাকে পুঁজি বজাৰ বা মূলধনী বজাৰ বােলে। ইয়াত দীর্ঘম্যাদী আৰু মধ্যকালীন সময়ৰ প্ৰতিভূতিৰ আৰু ঋণপুঁজি ধাৰলৈ দিয়া আৰু লােৱা সকলাে প্ৰকাৰ সা – সুবিধা আৰু ব্যৱস্থা থাকে।

5. গৌণ মূলধনী বজাৰ কি?
উত্তৰঃ প্ৰতিভূতি বিনিময় কেন্দ্র অথবা প্রতিভূতি বজাৰ মানে হৈছে মূলধন বজাৰৰ এক উপাদান, এখন সংগঠিত আৰু কেন্দ্রীভূত বজাৰ য’ত অংশ পত্র, ঋণপত্র, চৰকাৰী জামিন পত্ৰ আদি সকলাে প্ৰকাৰৰ পূৰণি আৰু প্রচলিত নিৰাপত্তা পত্র ক্রয় আৰু বিক্রয় কৰা হয়। ‘পাইল’ৰ মতে প্রতিভূতি বিনিময় কেন্দ্ৰবােৰ হৈছে কিছুমান বজাৰ স্থান যত নিৰাপত্তা পত্র বা প্রতিভূতিসমূহ তালিকাভূক্ত কৰি বিনিয়ােগৰ উদ্দেশ্যে অথবা ফটকা লেনদেন সংঘটিত কৰাৰ অর্থে ক্ৰয় আৰু বিক্রয় কৰা হয়।

Long Type Questions and Answers (Marks : 3)

1. মুলধনী বজাৰৰ চাৰিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ (মূলধনী বজাৰৰ তিনিটা বৈশিষ্ট্য হ’ল—
(ক) অনুন্নত পূজি বজাৰ দেশৰ জনমুফি আয় কম হােৱা বাবে সঞ্চয়ৰ পৰিমাণে কম হয়। সেয়ে পূজি অভাৱত পুঁজি বজাৰ অনুন্নত হৈয়ে আছে।

(খ) সজাগত অভাৱ :- দেশৰ শিক্ষিত হাৰ কম হােৱা হেতু বেছিভাগ লোক পূজি বজাৰৰ সুবিধা আৰু গুৰুত্বৰ বিষয়ে সচেতন নহয়। তেওঁলােকৰ হাতত কিছু সঞ্চিত ধন থাকিলেও লােকচান হােৱাৰ ভয়ত পূজি বজাৰৰ প্রতিভূতিত বিনিয়ােগ কৰিবলৈ ইচ্ছুক নহয়।

(গ) দুর্বল নিয়ন্ত্রণ :- পুঁজি বজাৰৰ নিয়ন্ত্রণ ব্যৱস্থাও দুর্বল ধৰণৰ কিয়নাে প্রতিভূতি আৰু বিনিময় নিয়ন্ত্রণ কর্তৃপক্ষ গঠন হােৱাৰ পাছতাে ইয়াত খেলি-মেলি হােৱা দেখা যায়।

2. বিত্তীয় বজাৰৰ তিনিটা কাৰ্য বৰ্ণনা কৰা।
উত্তৰঃ বিত্তীয় বজাৰৰ কাৰ্যসমূহ হ’ল—
(ক) সঞ্চয়ৰ আহৰণ আৰু বিনিয়ােগ :- বিত্তীয় বজাৰে সঞ্চয়কাৰীৰ পৰা বিনিয়ােগকাৰীলৈ সঞ্চয়ৰ স্থানান্তৰৰ সুবিধা প্রদান কৰে। ইয়ে সঞ্চয়কাৰীক বিভিন্ন ধৰণৰ বিনিয়োগ পচন্দৰ বিষয়ে জানিবলৈ দিয়ে আৰু এইদৰেই উদ্বৃত্ত পূজিসমূহ সর্বোচ্চ উৎপাদনশীল ক্ষেত্ৰত ব্যৱহাৰৰ সুবিধা কৰি দিয়ে।

(খ) মূল্য প্রকাশৰ সুযােগ :- চাহিদা আৰু যােগানৰ উপাদানে বজাৰত পন্য অথবা সেৱাৰ দৰ নিৰ্দ্ধাৰণ বা প্রতিষ্ঠাপিত কৰাত সহায় কৰে। পুজিৰ যােগনিয়াৰ আৰু ব্যৱসায় প্রতিষ্ঠান সমূহৰ আলােচনা মর্মে বিত্তীয় সম্পদ সমূহৰ দৰ প্রতিষ্ঠাপিত কৰা হয় যিটো কোনাে নির্দিষ্ট বজাৰত ক্রয় বিক্রয় কৰা হয়।

(গ) বিত্তীয় সম্পদসমূহৰ তাৰল্যতাৰ ব্যৱস্থা কৰা :- বিত্তীয় বজাৰ সমূহে বিত্তীয় সম্পদ সমূহৰ সহজ ক্রয় বিক্রয়ৰ সুবিধা প্রদান কৰে। এই বজাৰ সমূহে বিত্তীয় সম্পদসমূহৰ তাৰল্যতাৰ ব্যৱস্থা কৰে যাতে সেই সম্পদসমূহ প্রয়ােজন বােধে অতি সহজে নগদ ধনলৈ ৰূপান্তৰিত কৰিব পাৰে।

3. মুদ্রা বজাৰৰ তিনিটা চৰিত্ৰ উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় মুদ্রা বজাৰৰ চৰিত্ৰসমূহ হ’ল—
(ক) দুতৰপীয়া মুদ্রা বজাৰ :- ভাৰতীয় মুদ্রা বজাৰ দুতৰপীয়া অর্থাৎ সংগঠিত আৰু অসংগঠিত হিচাপে দ্বিখণ্ডিত হৈ আছে। সংগঠিত মুদ্রা বজাৰৰ অন্তর্ভূক্ত অনুষ্ঠানবােৰ হ’ল— বিজার্ভ বেংক, বাণিজ্যিক বেংক, সমবায় বেংক আৰু অন্যান্য বিত্তীয় প্রতিষ্ঠানসমূহ। ইত্যাদি। আনহাতে অসংগঠিত খণ্ডৰ অন্তর্ভূক্ত অনুষ্ঠান সমূহ হৈছে দেশীয় বেংকৰ, মহাজন ইত্যাদি।

(খ) সমন্বয়বিহীনঃ ভাৰতীয় মুদ্রা বজাৰৰ সংগঠিত আৰু অসংগঠিত খণ্ডৰ মাজত সমন্বয়ৰ অভাৱ দেখা যায় ফলত কেন্দ্রীয় বেংকে মুদ্রানীতি কাৰ্যকাৰী কৰাত অসুবিধাই দেখা দিয়ে।

(গ) সুদৰ হাৰৰ বৈশিষ্ট্যঃ ঋণৰ আদান প্রদানৰ ক্ষেত্ৰত সংগঠিত আৰু অসংগঠিত বজাৰত সুদৰ হাৰৰ তাৰতম্য খাকে অর্থাৎ চৰকাৰী খণ্ড আৰু সংগঠিত খণ্ডৰ তুলনাত অসংগঠিত খণ্ডৰ সুদৰ হাৰৰ পার্থক্য বেছি।

READ MORE  নিয়ন্ত্রণকৰণ | Chapter 8 | Class 12 Business Studies - AHSEC

4. প্রতিভূতি বিনিময় কেন্দ্ৰৰ তিনিটা বৈশিষ্ট্য বর্ণনা কৰা।
উত্তৰঃ প্রতিভূতি বিনিময় কেন্দ্ৰৰ বৈশিষ্ট্যসমূহ হ’ল—
(ক) কোম্পানি, নিগম, চৰকাৰ ইত্যাদিয়ে বিলি কৰা অংশ পত্র, ঋণপত্ৰ আৰু বণ্ডৰ বেচা কিনা কৰা একন বজাৰ হৈছে প্রতিভূতি বিনিময় কেন্দ্র।

(খ) প্রতিভূতি বিনিময় কেন্দ্ৰত দালালে ক্রেতা বিক্রেতাৰ মাজত মধ্যস্থতাকাৰীৰ সেৱা আগবঢ়ায়।

(গ) ষ্টক বিনিময় কেন্দ্ৰৰ কাৰ্যৰ এলেকা বা ভৌগােলিক পৰিসীমা সু–সংজ্ঞাবদ্ধ।

5. ‘ছেবি’ৰ তিনিটা উদ্দেশ্য লিখা।
উত্তৰঃ ছেবিৰ তিনিটা উদ্দেশ্য হ’ল—
(ক) প্রতিভূতি বা নিৰাপত্তা পত্র বিলি কোম্পানিৰ দ্বাৰা উপযুক্ত লেন – দেন উন্নীত কৰােৱা আৰু আপেক্ষিক ভাৱে নিম্ন ব্যয়ত পুঁজি সংগ্রহৰ বজাৰ স্থান নিশ্চিত কৰা।

(খ) বিনিয়ােগকাৰীৰ সঞ্চয় প্রতিভূত বজাৰলৈ প্রবাহিত কৰাত তেওঁলােকক সুৰক্ষা দিয়া আৰু তেওঁলােকৰ বিনিয়ােগ অধিকাৰ আৰু স্বার্থ সুৰক্ষিত কৰা।

(গ) প্রতিভূতি বজাৰৰ লেন – দেনকাৰী বা দালাল, সদাগৰ বেংক আদি মধ্যস্থতাকাৰীৰ লেন – দেনত উপযুক্ত অনুশীলন কৰােৱাত নিয়ন্ত্রণ সাব্যস্ত কৰাৰ লগতে আচৰণ বিধানৰ প্রয়ােগ ঘটোৱা।

6. প্রতিভূতি বিনিময় কেন্দ্ৰত ব্যৱসায়ৰ তিনিটা অসুবিধা বর্ণনা কৰা।
উত্তৰঃ প্ৰতিভূতি বিনিময় কেন্দ্ৰত ব্যৱসায়ৰ তিনিটা অসুবিধা হ’ল—
(ক) প্রতিকূল ফটকা বাজি :- প্রতিকুল ফটকা বাজিৰ বাবে ষ্টক বিনিময় কেন্দ্ৰৰ বজাৰত কেতিয়াবা সন্দেহৰ সৃষ্টি হয় আৰু দেশৰ অৰ্থনীতিৰ অনিষ্ট হয়।

(খ) বিনিয়ােগকাৰীৰ ক্ষতিঃ ফটকাবাজিৰ বাবে নিৰাপত্তা পত্ৰৰ দাম বহুত উঠা নমা হয়। ইয়াৰ ফলত বিনিয়ােগকাৰীৰ বহুত ক্ষতি হয়।

(গ) কোম্পানিৰ প্ৰতি অর্থনৈতিক বাধা :- ষ্টক বিনিময় কেন্দ্রই নিয়মিত ভাবে প্রতিভূতি পত্ৰৰ দাম প্রকাশ কৰি থাকো যদি কম সংখ্যক কোম্পানিৰ প্ৰতিভূতিৰ দাম কমি যায় তেনে ক্ষেত্ৰত সেই কোম্পানিসমূহে বিত্তীয় অনুষ্ঠান সমূহৰ পৰা ঋণ পােৱাৰ ক্ষেত্ৰত অথবা অংশ পত্র বা ঋণ পত্ৰৰ নতুন বিলিৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হব লগা হয়।

7. মূলধনী বজাৰৰ তিনিটা বৈশিষ্ট্য ব্যাখ্যা কৰা।
উত্তৰঃ মূলধনী বজাৰৰ তিনিটা বৈশিষ্ট্য হ’ল—
(ক) অনুন্নত পূজি বজাৰ দেশৰ জনমুফি আয় কম হােৱা বাবে সঞ্চয়ৰ পৰিমাণে কম হয়। সেয়ে পূজি অভাৱত পুঁজি বজাৰ অনুন্নত হৈয়ে আছে।

(খ) সজাগত অভাৱ :- দেশৰ শিক্ষিত হাৰ কম হােৱা হেতু বেছিভাগ লোক পূজি বজাৰৰ সুবিধা আৰু গুৰুত্বৰ বিষয়ে সচেতন নহয়। তেওঁলােকৰ হাতত কিছু সঞ্চিত ধন থাকিলেও লােকচান হােৱাৰ ভয়ত পূজি বজাৰৰ প্রতিভূতিত বিনিয়ােগ কৰিবলৈ ইচ্ছুক নহয়।

(গ) দুর্বল নিয়ন্ত্রণ :- পুঁজি বজাৰৰ নিয়ন্ত্রণ ব্যৱস্থাও দুর্বল ধৰণৰ কিয়নাে প্রতিভূতি আৰু বিনিময় নিয়ন্ত্রণ কর্তৃপক্ষ গঠন হােৱাৰ পাছতাে ইয়াত খেলি-মেলি হােৱা দেখা যায়।

8. মুদ্রা বজাৰ আৰু মূলধনী বজাৰৰ মাজত পার্থক্য দেখুওবা।
উত্তৰঃ

মূলধন বজাৰমুদ্ৰা বজাৰ
মূলধন বজাৰে যোগান ধৰা দীৰ্ঘম্যাদী পূঁজিৰ যোগানৰ লগত জড়িত নিৰাপত্তাপত্ৰৰ লেন-দেন কৰে।মুদ্রা বজাৰে যোগান ধৰা পুঁজিৰ ম্যাদ হ্রস্বম্যাদী হয় অথবা এই বজাৰে হ্ৰস্বম্যাদী পুঁজি যোগানৰ লগত জড়িত লেন- দেন সংঘটিত কৰে।
নতুন বিলিবজাৰ, প্ৰতিভূতি বিনিময় কেন্দ্র, বিত্তীয় অনুষ্ঠান, বিনিয়োগ ন্যাস, বিলিসংস্থা আদি মূলধন বজাৰৰ মৌলিক উপাদান।তলবী মুদ্ৰাবজাৰ, অতিৰিক্ত জামিনৰ বজাৰ, বিল বজাৰ, স্বীকৃতি, বিভাগ বা সংস্থাৰ ওপৰি খিলঞ্জীয়া বেংক, মহাজন আদিও ইয়াৰ উপাদান হয়।
মূলধন বজাৰৰ উপাদান বিত্তীয় অনুষ্ঠানবোৰৰ, অবলেখন কার্যই বিশেষ গুৰুত্ব লাভ কৰে।অৱলেখনে এই বজাৰত গুৰুত্বপূৰ্ণ স্থান দখল নকৰে।
READ MORE  পৰিকল্পনাকৰণ | Chapter 4 | Class 12 Business Studies - AHSEC

9. প্রাথমিক আৰু গৌণ মূলধনী বজাৰৰ মাজত পার্থক্য দেখুওৱা।
উত্তৰঃ

প্রাথমিক বজাৰগৌন বজাৰ
নতুন কোম্পানিৰ দ্বাৰা প্ৰতিভূতি পত্ৰ বিক্রী অথবা পূর্বপ্রবর্তিত কোম্পানিৰ  দ্বাৰা বিনিয়োগকাৰীক নতুন অংশপত্র বিলি কৰা হয়।আগতে বিলি কৰা অংশৰ ক্ৰয় বিক্রয় হয়।
সঞ্চয়কাৰীৰ পৰা বিনিয়োগকাৰীলৈ পূজিৰ প্ৰবাহ ঘটে অর্থাৎ প্রত্যক্ষভাবে মূলধন গঠন কৰে।অংশৰ তলতা বৃদ্ধি কৰে। অর্থাৎ পৰোক্ষভাবে মূলধন গঠন কৰে।
কোনো স্থায়ী ভৌগোলিক পৰিসীমা নাই।নিৰ্দিষ্ট কিছুমান ঠাইত অৱস্থিত।

Long Short Type Questions and Answers (Marks : 4)

1. ভাৰতীয় মূলধনী বজাৰ নিয়ন্ত্ৰণত চেবিৰ গুৰুত্ব ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতীয় মূলধনী বজাৰ নিয়ন্ত্রনত চেবিৰ গুৰুত্ব তলত উল্লেখ কৰা হ’ল—
(ক) চেবিয়ে প্রতিভূতি বজাৰৰ বিনিয়ােগকাৰী আৰু মধ্যস্থতা কাৰী সকলৰ শিক্ষা আৰু প্রশিক্ষণ উন্নীত কৰে।

(খ) প্রাথমিক আৰু গৌন পূজি বজাৰৰ বাবে উপদেষ্টা সমিতি গঠন কৰে।

(গ) চেবিয়ে প্রতিভূতি বজাৰত লগত সম্পর্কিত প্ৰৱঞ্চনা আৰু অভব্য ব্যৱসায় অনুশীলন দমন কৰে।

(ঘ) বৈদেশিক প্রতিষ্ঠানগত বিনিয়ােগকাৰীৰ প্ৰৱেশৰ বাবে নিয়মাৱলী প্রস্তুত কৰা।

2. NSEI ৰ চাৰিটা কাৰ্য্য উল্লেখ কৰা।
উত্তৰঃ NSEI ৰ চাৰিটা কাৰ্য্য হ’ল—
(ক) সকলাে ধৰণৰ প্ৰতিভূতিৰ কাৰণে ৰাষ্ট্ৰীয় ভিত্তিত বেহা – বেপাৰৰ সুবিধা প্রতিষ্ঠাপিত কৰা।

(খ) যথাযথ জ্ঞাতকৰণ কৰ্মজালৰ জৰিয়তে গােটেই দেশ জুৰি বিনিয়ােগকাৰীসকলে সমভাবে ঢুকি পােৱাৰ নিশ্চয়তা প্রদান কৰা।

(গ) বৈদ্যুতিক বেহা – বেপাৰ পদ্ধতি ব্যৱহাৰ কৰি মুক্ত, সুদক্ষ আৰু স্বচ্ছ প্রতিভূতি বজাৰৰ ব্যৱস্থা কৰা।

(ঘ) তাৎক্ষণিক নিষ্পত্তিকৰণ চক্ৰ আৰু হিচাপ প্রবিষ্টি নিষ্পত্তিকৰণ স্থাপন কৰা।

3. Over the Counter Exchange of India ৰ চাৰিটা আৱশ্যকতা চমুকৈ আলােচনা কৰা।
উত্তৰঃ Over the Counter Exchange of India ৰ চাৰিটা আৱশ্যকতা হ’ল—
(ক) ক্ষুদ্র আৰু কম তৰল কোম্পানী সমূহক তেওঁলােকৰ প্ৰতিভুতি পত্র বেচা – কিনা কৰাৰ কাৰণে এখন মঞ্চৰ ব্যৱস্থা কৰি দিয়ে।

(খ) নিগমসমূহৰ কাৰণে এইটো ব্যয় ফলদায়ক পদ্ধতি কিয়নাে নতুন বিলিৰ ব্যয় কম হয় আৰু বিনিয়োগকাৰীসকলক আগবঢ়োৱা সেৱা কম খৰছি হয়।

(গ) OTC ৰ জৰিয়তে পৰিয়াল ভিত্তিক ব্যৱসায় প্রতিষ্ঠান আৰু নিবিড়ভাবে ধাৰণ কৰি ৰখা কোম্পানীসমূহে জনসাধাৰণৰ ওচৰলৈ যাব পাৰে।

(ঘ) ব্যৱসায়ীসকলে নতুন বিলি আৰু গৌণ বজাৰ উভয়তে তেওঁলােকৰ পছন্দত কার্য পৰিচালনা কৰিব পাৰে।

4. প্রতিভূতি বিনিময় বজাৰে সমাজলৈ আগবঢ়োৱা চাৰিটা সেৱাৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ প্রতিভূতি বিনিময় বজাৰে সমাজলৈ আগবঢ়োৱা সেৱা চাৰিটা হ’ল—
(ক) দেশৰ উৎপাদন, বিতৰণ, ভােগ, নিয়ােগৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ উপৰিও দেশৰ অৰ্থ ব্যৱস্থাক সবল কৰাৰ ক্ষেত্ৰত কেন্দ্রই উল্লেখনীয় সেৱা আগবঢ়াই আহিছে।

(খ) কোম্পানিবােৰৰ নিৰাপত্তা পত্ৰৰ স্থিৰ আৰু ধাৰাবাহিক ক্রয় বিক্রয় লেনদেনৰ সুচল পথ প্রশস্ত কৰণেৰে প্ৰতিভূতি বিনিময় কেন্দ্রই দেশৰ জনসাধাৰণক সঞ্চয়ৰ প্ৰতি অনুপ্রানিত কৰে।

(গ) অনুন্নত দেশবােৰৰ বিভিন্ন উদ্যোগ প্রতিষ্ঠানৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চৰকাৰ আগবাঢ়ি অহাৰ মূলধন আহৰণৰ প্ৰক্ৰিয়াত প্রতিভূতি বিনিময় কেন্দ্ৰবােৰ মধ্যস্থকাৰী অনুষ্ঠান হিচাপে অতি উল্লেখযােগ্য সেৱা আগবঢ়ায়।

(ঘ) দেশৰ প্রতিভূতি বজাৰ জনসাধাৰণৰ মাজত সঞ্চয় আৰু বিনিয়ােগৰ অভ্যাস গঢ়ি তুলি তথা প্ৰেৰণা যােগাই দেশত মূলধন বিল প্রক্রিয়া ত্বৰান্বিত কৰে।

5. ‘চেবি’ ৰ যিকোনাে চাৰিটা কার্য বুজাই লিখা।
উত্তৰঃ ‘চেবি’ৰ যিকোনাে চাৰিটা কার্য হ’ল—
(ক) ষ্টক বিনিময় কেন্দ্র বা আন কোনাে প্রতিভূতি বজাৰৰ ব্যৱসায় নিয়ন্ত্রণ কৰা।

(খ) ব্যক্তি আৰু অনুষ্ঠানৰ কাম-কাজ পঞ্জীয়ন আৰু নিয়ন্ত্রণ কৰা।

(গ) পাৰস্পৰিক নিধিকে ধৰি সমুহীয়া বিনিয়ােগ আচনিৰ কাম-কাজ পঞ্জীয়ন আৰু নিয়ন্ত্রণ কৰা।

(ঘ) প্রতিভূতি বজাৰত স্ব নিয়ন্ত্রিত সংগঠনৰ প্ৰৱৰ্তন আৰু নিয়ন্ত্রণ কৰা।

Leave a Comment

error: Content is protected !!
Scroll to Top