কর্মচাৰী নিযুক্তকৰণ | Chapter 6 | Class 12 Business Studies Question and Answer | Assam Class 12 Business Studies Solutions Assamese Medium | AHSEC Class 12 HS Business Studies Chapter 6 Notes Assamese Medium | SEBA Class 12 HS Business Studies Chapter 6 Question and Answer Assamese Medium | Questions and Answers for Class 12 Business Studies Chapter 6 কর্মচাৰী নিযুক্তকৰণ | HS 2nd Year Commerce Business Studies Questions and Answers Assam


কর্মচাৰী নিযুক্তকৰণ
Staffing

Very Short Type Questions and Answers (Marks : 1)

1. নিয়ােগ প্রক্রিয়াত কর্মচাৰী সংগ্রহক কিয় এক ধনাত্মক পদক্ষেপ বুলি ধৰা হয়?
উত্তৰঃ কৰ্মচাৰী নিয়ােগ প্রক্রিয়াত উপযুক্ত বাচনিৰ সকলাে ব্যক্তিকে আবেদন কৰিবলৈ আহ্বান জনােৱা হয় বাবেই ই এক ধনাত্মক প্রক্রিয়া।

2. বহু বিভাগৰ জ্ঞান কোনটো প্রশিক্ষণত দৰকাৰী?
উত্তৰঃ কর্ম প্রশিক্ষণ।

3. “প্রশিক্ষণে ভৱিষ্যতৰ বাবে পৰিচালক প্রস্তুত কৰে”। তুমি সম্মত হােৱানে? মন্তব্য কৰা।
উত্তৰঃ হয়। মই এই বাক্যশাৰীৰ সৈতে সন্মত কাৰণ প্ৰশিক্ষণৰ দ্বাৰা এজন উন্নত পৰিচালক প্রস্তুত কৰিব পাৰি।

4. নতুনকৈ স্থাপিত ব্যৱসায় এটাত কেনে কর্মচাৰী সংগ্রহ দৰকাৰী — বাহ্যিক নে আভ্যন্তৰীণ?
উত্তৰঃ বাহ্যিক।

5. বাছনিক কিয় ঋণাত্মক প্রক্রিয়া বুলি গণ্য কৰা হয়?
উত্তৰঃ বহুতৰ মাজৰ পৰা মাথাে কেইজনমানকহে বাছনি কৰা বাবে বাছনিক ঋণাত্মক প্রক্রিয়া বুলি ধৰা হয়।

6. ‘কর্মচাৰী এজনৰ ভাল ফলাফলৰ বাবে প্রশিক্ষণ গােটেই কর্মকালতেই দৰকাৰী ’– মন্তব্য দিয়া।
উত্তৰঃ হয়। সলনি হৈ থকা কাৰিকৰী আৰু অন্যান্য পৰিবেশৰ লগত খাপ খাই আগবাঢ়ি যাবলৈ প্ৰশিক্ষণৰ দৰকাৰ।

7. প্রশিক্ষণৰ উদ্দেশ্য কি?
উত্তৰঃ কৰ্মচাৰীৰ দক্ষতা বঢ়োৱা।

8. কৰ্মচাৰী নিয়ােগ এটা সংগঠনৰ দৰকাৰ হােৱা মানৱ শক্তিৰ এক বিবেচনা ’ – মন্তব্য কৰা।
উত্তৰঃ কৰ্মচাৰী নিয়ােগ প্রক্রিয়াই সংগঠনটোত বিভিন্ন বিভাগত কিমান পৰিমাণৰ কৰ্মচাৰীৰ দৰকাৰ হ’ব তাক স্থিৰ কৰে আৰু সেই মতেই উপযুক্ত ব্যক্তিক নিয়োগ কৰে।

9. ‘প্রশিক্ষণে এজন ব্যক্তিৰ ভৱিষ্যত উন্নত আৰু সুস্থিৰ কৰে। (শুদ্ধ / অশুদ্ধ)
উত্তৰঃ শুদ্ধ।

10. স্থায়ী কর্মচাৰী নিয়োগ প্রথম পর্যায় কি?
উত্তৰঃ মানব সম্পদ পৰিকল্পনাকৰণ।

Very Short Type Questions and Answers (Marks : 2)

1. স্থায়ী কর্মচাৰী নিয়োগ কি?
উত্তৰঃ ব্যৱসায় সংগঠনত প্রত্যেক অৱস্থানত উপযুক্ত সময়ত যােগ্য কর্মী পাব পৰাকৈ ব্যক্তি লাভ কৰা, তেওঁলােকক নিযুক্ত কৰা, উন্নত কৰা, মূল্যাংকণ কৰা, পাৰিশ্ৰমিক প্রদান কৰা আৰু প্ৰতিপাল কৰাৰ সামগ্রিক পদ্ধতিকে স্থায়ী কর্মচাৰী নিয়ােগ হিচাপে গণ্য কৰা হয়।

2. এটা কাৰখানাৰ কৰ্মচাৰীসকলে অযথা বহি সময় পাৰ কৰিব লগা হয় কিয়নাে ইয়াৰ অত্যাধুনিক যন্ত্রপাতিৰ ব্যৱহাৰ তেওঁলােকে ভালদৰে নাজানে। কাৰিকৰী বিশেষজ্ঞৰ সঘন প্রয়ােজনে খৰচ বঢ়ায়। এই সমস্যাটো কেনেদৰে সমাধা কৰা যাব?
উত্তৰঃ অত্যাধুনিক যন্ত্রপাতিৰ ব্যৱহাৰৰ বাবে উন্নত কাৰিকৰী কৌশল আৰু জ্ঞানৰ দৰকাৰ। গতিকে উন্নত আৰু আধুনিক যন্ত্রপাতি ব্যৱহাৰ কৰিবলৈ হ’লে সংগঠনটোৱে তেওঁলােকৰ কর্মচাৰীসকলক বিহিত প্রশিক্ষণ দিব লাগিব। ভাল জ্ঞান থকা মানুহ সেই কর্মত নিয়ােগ কৰিব লাগিব। আৰু দৰকাৰ হ’লে পুৰণি কর্মকৰ্ত্তাসকলক Voluntary Retirement Scheme আদিৰ দ্বাৰা অব্যাহতি দিব লাগিব।

3. এছেছমেন্ট টেষ্ট কি?
উত্তৰঃ কৰ্মচাৰী বাছনিৰ সময়ত এটা সংগঠনে বিভিন্ন ধৰণৰ পৰীক্ষা – নিৰীক্ষা কৰে। এছেছমেন্ট টেষ্ট সেইবােৰৰ ভিতৰতে এটা। এই পৰীক্ষাত এটা নির্দিষ্ট কক্ষত আবেদনকাৰীসকলৰ সৰু দল এটাক ৬ পৰা ৮ জন পৰীক্ষাক বিভিন্ন ধৰণে পৰীক্ষা কৰে। ইয়াত বিভিন্ন ধৰণৰ দলবদ্ধ কাৰ্য্যবােৰ কৰিব দিয়া হয় আৰু নতুন আবেদনকাৰীসকলক কিছুমান নম্বৰ প্ৰদান কৰি শেষ নির্ণয় লােৱা হয়।

4. প্রশিক্ষণৰ সংজ্ঞা দিয়া।
উত্তৰঃ প্রশিক্ষণ হৈছে ফলপ্রসু কার্য সম্পাদনৰ অৰ্থে নিপুনতা বৃদ্ধিৰ কার্যক্রম ই নির্দিষ্ট এক উদ্দেশ্য বা কার্য সম্পাদনৰ বাবে বিশেষ দক্ষতা উন্নয়ন সাধনৰ লগত জড়িত পদ্ধতি। Edwin B.Flippo ৰ মতে প্রশিক্ষণ হৈছে নির্দিষ্ট কোনাে কার্য সম্পাদন কৰাৰ বাবে কৰ্মচাৰীৰ জ্ঞান আৰু নিপুনতা বৃদ্ধি কৰা কাৰ্য।

5. সংগঠন এটাৰ কৰ্মচাৰী নিয়ােগ প্রক্রিয়াত কেৰিয়াৰ পৰিকল্পনাকৰণ কি?
উত্তৰঃ কেৰিয়াৰ পৰিকল্পনা সকলাে ধৰণৰ সংগঠনৰ কাৰণে দৰকাৰী কাৰণ সংগঠন এটাত নিয়ােগ হৈ থকা কর্মচাৰীসকলৰ কেৰিয়াৰ সম্বন্ধ বিষয়বােৰ আৰু পদোন্নতি বিষয়ক কাম– কাজ বিলাকৰ কাৰণে। শীর্ষ বিষয়াসকলে তেওঁলােকৰ তলতীয়া কৰ্মচাৰী সকলৰ বিভিন্ন কার্য পন্থা সম্পর্কেও বিভিন্ন আঁচনি ৰূপায়ন কৰিবলগীয়া হয়। এজন কর্মচাৰীৰ কাৰণে তেওঁৰ পদোন্নতি এটা তেওঁৰ কেৰিয়াৰ পৰিকল্পনাৰ এক গুৰুত্বপূর্ণ বিষয় আৰু ইয়াক শীর্ষ বিষয়াসকলেহে নিৰ্ধাৰণ কৰে। গতিকে আমি ক’ব পাৰাে যে নিয়ােগ প্রক্রিয়াত কেৰিয়াৰ পৰিকল্পনাও এটা অংশ।

READ MORE  উপভােক্তা সুৰক্ষা | Chapter 11 | Class 12 Business Studies - AHSEC

6. সংগঠন এটাত নিয়ােগৰ পদ্ধতি হ’ল প্রশিক্ষণ আৰু ফলাফল’। বহ’লাই লিখা।
উত্তৰঃ আভ্যন্তৰীণ নিয়ােগ প্রক্রিয়াত প্রশিক্ষণ আৰু পাৰদৰ্শিতাৰ মূল্যায়ন হ’ল দুটা গুৰুত্বপূর্ণ আহিলা। সংগঠন এটাৰ আভ্যন্তৰীণ নিয়ােগৰ ক্ষেত্ৰত শীর্ষ বিষয়া সকলে তলতীয়া কর্মচাৰীসকলৰ পাৰদৰ্শিতাৰ মূল্যায়ন কৰি আৰু তেওঁলােকক বিশেষভাবে প্রশিক্ষণ দি আভ্যন্তৰীণ নিয়ােগ প্রক্রিয়া সফল কৰি তােলে।

7. কর্মচাৰী সংগ্রহ বুলিলে কি বুজা?
উত্তৰঃ মানৱ সম্পদ সংগ্রহ বা কর্মচাৰীৰ যােগান লাভ সংগঠনৰ ব্যক্তি পৰিচালনাৰ এক গুৰুত্বপূর্ণ কার্য। ই সংগঠনৰ খালি হৈ থকা বিভিন্ন অৱস্থান বা পদৰ বাবে সম্ভাব্য প্রার্থী উৎস চিনাক্ত কৰাৰ লগত জৰিত, য’ৰ পৰা ভৱিষ্যতৰ বাবে আৱশ্যকীয় কৰ্মচাৰী বিচাৰি উলিওৱা হয়।

Edwin B.Flippo ‘মানৱ সম্পদ সংগ্রহ হৈছে সম্ভাৱনাপূর্ণ কর্মচাৰীৰ অনুসন্ধানৰ আৰু সংগঠনৰ কাম লাভৰ বাবে আবেদন কৰাত উৎসাহিত কৰা পদ্ধতি।

8. কৃতিত্ব মূল্যায়ন কি?
উত্তৰঃ পাৰদৰ্শিতাৰ মূল্যায়ন মানে হ’ল কেতবােৰ পূর্ব নির্ধাৰিত মানৰ লগত কৰ্মচাৰীৰ বর্তমান বা অতীতৰ কাৰ্য্য সম্পাদন মূল্যায়ন কৰা। কৰ্মচাৰীজনে তেওঁৰ কামৰ মান আগতীয়াকৈ জনা উচিত আৰু তেওঁৰ জ্যেষ্ঠজনে তেওঁৰ কাম সম্পাদনৰ খতিয়ান তেওঁক প্রদান কৰিব লাগে।কর্ম সম্পাদনৰ মূল্যায়নৰ প্ৰক্ৰিয়াত সেয়েহে কৰ্মৰ সংজ্ঞা প্রদান, কাৰ্য্যৰ মূল্যয়ন আৰু খতিয়ান প্রদান অন্তর্ভুক্ত। কৰ্মচাৰীসকলে প্রশিক্ষণ লােৱাৰ পাচত যেতিয়া আকৌ কর্মত যোগদান কৰে, তাৰ কিছুদিন যােৱাৰ পিচত তেওঁলােকৰ পাৰদৰ্শিতাৰ মূল্যায়ন কৰাৰ প্রয়ােজন।

9. কর্মচাৰী সংগ্ৰহৰ আভ্যন্তৰীণ উৎসবােৰ কিয় মিতব্যয়ী বুলি গণ্য কৰা হয়?
উত্তৰঃ কৰ্মচাৰী সংগ্ৰহৰ আভ্যন্তৰীণ উৎসবােৰ মিতব্যয়ী হয় কাৰণ এই পদ্ধতিত সংগঠনটোত নিয়ােগ হৈ থকা কর্মচাৰীসকলে নিজববীয়াকৈ তেওঁলােকৰ ভাল সম্পর্ক থকা ব্যক্তিক নতুন কর্মচাৰী হিচাপে নিয়ােগ কৰে আৰু ইয়াত কোনাে বিশেষ পদ্ধতি অবলম্বন নহয়।

10. প্রশিক্ষণৰ পদ্ধতিবােৰ কি কি?
উত্তৰঃ প্ৰশিক্ষণৰ বিভিন্ন পদ্ধতিসমূহক প্রদানত দুটা ভাগত ভাগ কৰিব পাৰি যেনে –
(ক) কর্মক্ষেত্রত প্রশিক্ষণ। আৰু
(খ) কর্মক্ষেত্ৰৰ বাহিৰত প্রশিক্ষণ।

11. এটা কাৰখানাৰ নতুন যন্ত্রপাতিবােৰ ব্যৱহাৰৰ সময়ত কর্মচাৰীসকলে প্ৰায়েই তদাৰক কৰােতাৰ সহায় ল’ব লগা হয়। এই কাৰ্য্যই তেওঁক অত্যাধিক বােজা দিয়ে। ইয়াৰ প্ৰতিকাৰ দিয়া।
উত্তৰঃ নিৰীক্ষকজনৰ কামৰ বােজা কমাবৰ বাবে তলত উল্লেখ কৰা উপায়বােৰ অৱলম্বন কৰিব পাৰি –
(ক) সঠিক প্রশিক্ষণ :- যিহেতু যন্ত্রপাতিবােৰ নতুন আৰু অত্যাধুনিক, এইবােৰৰ সঠিক ব্যৱহাৰৰ বাবে কৰ্মচাৰীসকলক উন্নত প্রশিক্ষণ দিব লাগে।
(খ) কাৰিকৰী সহায়ঃ সংগঠনটোৱে সংশ্লিষ্ট জ্ঞান থকা কাৰিকৰী সহায়ক এজনৰ পৰাও সহায় ল’ব পাৰে যাতে কৰ্মচাৰীসকলৰ কোনাে অসুবিধা নহয়।

12. এটা কোম্পানীয়ে ব্যৱহাৰ কৰা কৰ্মচাৰী সংগ্ৰহৰ উৎসবােৰৰ নাম লিখা।
উত্তৰঃ কৰ্মচাৰী সংগ্ৰহৰ মূখ্য উৎস দুটা হ’ল—
(ক) আভ্যন্তবিন উৎস।
(খ) বাহ্যিক উৎস।

13. কৰ্মচাৰী সংগ্ৰহ আৰু বাচনি, নিয়ােগ প্রক্রিয়া হিচাপে ব্যাখ্যা কৰা ৷
উত্তৰঃ ব্যৱসায় সংগঠনত প্রত্যেক অৱস্থানত উপযুক্ত সময়ত যােগ্য কর্মী পাব পৰাকৈ ব্যক্তি লাভ কৰা, তেওঁলােকক নিযুক্ত কৰা, উন্নত কৰা, মূল্যাংকন কৰা, পাৰিশ্রমিক দিয়া আৰু প্ৰতিপাল কৰাৰ সামগ্রিক পদ্ধতিকে স্থায়ী কর্মচাৰী নিয়ােগ হিচাপে গণ্য কৰা হয়। কর্মচাৰীৰ বাছনি হৈছে সংগৃহীত প্রার্থী অথবা সাম্ভাব্য প্রার্থীৰ মাজৰ পৰা পৰীক্ষা আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰি উপযুক্তসকলক সযত্নে বাছি লােৱা পদ্ধতি।

14. এটা প্রতিষ্ঠানে গামােচা আৰু মেখেলা – চাদৰ বনায়। প্রতিষ্ঠানটোৱে ১০০০ খন গামােচা আৰু ১০০০ যােৰ মেখেলা চাদৰ বনালে। ৰঙালী বিহুৰ বাবে জৰুৰীভাৱে ৫০০০ খন গামােচা আৰু ৫০০০ যােৰ মেখেলা – চাদৰৰ অৰ্ডাৰ আহিল। কোম্পানীটোৱে এই অর্ডাৰখিনি কেনেকৈ পূর্ণ কৰিব উপদেশ দিয়া আৰু কৰ্মচাৰী সংগ্ৰহৰ কোনটো পদ্ধতি সহায়ক হ’ব কোৱা? তুমি কি ভাবা?
উত্তৰঃ এনেকুৱা এটা সময়ত সংগঠনটোৱে নিজৰ কৰ্মচাৰীসকলক অনুপ্রাণিত কৰিব পাৰিব লাগিব। অত্যাধিক মজুৰি আৰু কিছুমান অতিৰিক্ত সা – সুবিধা কিছুদিনৰ বাবে প্ৰদান কৰিলে সমস্যা সমাধান হ’ব।
নাইবা, ঠিকাভিত্তিত কিছু কর্মচাৰী সংগ্রহ কৰিও উক্ত সমস্যাৰ সমাধান উলিয়াব পাৰি।

READ MORE  বিত্তীয় পৰিচালনা | Part 1 | Chapter 9 | Class 12 Business Studies - AHSEC

15. ক্ষতিপূৰণ বুলিলে কি বুজা?
উত্তৰঃ এজন কর্মচাৰীৰ অবদান আৰু প্রচেষ্টালৈ চাই সংগঠন এটাই কর্মচাৰীজনক যি ধনৰাশি আৰু অন্যান সুবিধা প্রদান কৰে তাক ক্ষতি পূৰণ বুলি ক’ব পাৰি। যেনে — মাহিলি বেতন, পদোন্নতি ইত্যাদি। ইয়াত মূলতঃ দুটা প্রধান ভাগত বিভক্ত কৰিব পাৰি —
(ক) মূখ্য ক্ষতিপূৰণ। আৰু
(খ) গৌণ ক্ষতিপূৰণ।
মূখ্য ক্ষতি পূৰণৰ ভিতৰত মাহিলি বেতন, মজুৰি আদিক ধৰা হয়। গৌণ ক্ষতি পূৰণৰ ভিতৰত আন আন সা – সুবিধাবােক ধৰা হয়।

Very Short Type Questions and Answers (Marks : 3)

1. কৰ্মচাৰী সংগ্ৰহৰ উৎসবােৰ কি কি?
উত্তৰঃ কৰ্মচাৰী সংগ্ৰহৰ আভ্যন্তৰীণ উৎসবােৰ হৈছে—
(ক) বদলিকৰণ :- সংগঠনৰ খালি পদ পূৰণ কৰাত বদলিকৰণক এক উৎস হিচাপে গণ্য কৰা হয়। ই হৈছে সদৃশ কামৰ বাবে কৰ্মৰত কোনাে কর্মচাৰীক একে দায়িত্ব, কাম, পাৰিশ্রমিকতে এঠাইৰ পৰা আন ঠাইলৈ, এটা গােটৰ পৰা আন এটা গােটলৈ স্থানান্তৰ কৰি পদাবিষ্টিত কৰা পদ্ধতি।

(খ) পদোন্নতি আৰু পদাবনতি :- পদোন্নতি মানে কৰ্মৰত কৰ্মচাৰীৰ বর্তমানতকৈ উচ্চ স্থৰৰ কামত অধিক দায়িত্ব আৰু পদমর্যদাৰে তথা অধিক পাৰিশ্ৰমিক আৰু সা – সুবিধাৰে পদাধিষ্ঠিতকৰণৰ ব্যৱস্থা। আনহাতে পদাৱনতি হৈছে কৰ্মৰত কৰ্মচাৰীৰ বৰ্তমানতকৈ নিম্নখাপত তুলনামূলকভাবে কম দায়িত্ব আৰু পদমর্যদাৰে নিম্ন পাৰিশ্ৰমিক আৰু সা- সুবিধাৰে পদাধিষ্ঠিত কৰা হয়।

(গ) পূৰণা কৰ্মচাৰীৰ নিয়ােগ :- কোনাে কোনাে ক্ষেত্ৰত পূৰণা অর্থাৎ অৱসৰী কৰ্মচাৰী নিয়ােগৰ জৰিয়তে সংগঠনৰ কৰ্মচাৰী বা মানৱ সম্পদ সংগ্রহ কৰা হয়।

2. কৃতিত্ব মূল্যায়ন আৰু প্রশিক্ষণ চমুকৈ আলােচনা কৰা।
উত্তৰঃ পাৰদৰ্শিতাৰ মূল্যায়ন মানে হ’ল কেতবােৰ পূর্ব নির্ধাৰিত মানকৰ লগত কৰ্মচাৰীৰ বৰ্ত্তমান বা অতীতৰ কাৰ্য্য সম্পাদন মূল্যায়ন কৰা। কৰ্মচাৰীজনে তেওঁৰ কামৰ মান আগতীয়াকৈ জনা উচিত আৰু তেওঁৰ জ্যেষ্ঠজনে তেওঁৰ কামৰ খতিয়ান তেওঁক প্রদান কৰিব লাগে। এই প্রক্রিয়াত সেয়েহে কৰ্মৰ সংজ্ঞা প্রদান, কাৰ্য্যৰ মূল্যায়ন আৰু খতিয়ান প্রদান অন্তর্ভুক্ত।

প্রশিক্ষণ হৈছে ফলপ্রসু কার্য সম্পাদনৰ অৰ্থে নিপুনতা বৃদ্ধিৰ কার্যক্রমই নির্দিষ্ট এক উদ্দেশ্য বা কার্য সম্পাদনৰ বাবে বিশেষ দক্ষতা উন্নয়ন সাধনৰ লগত জড়িত পদ্ধতি। Edwin B. Flippo ৰ মতে প্রশিক্ষণ হৈছে নির্দিষ্ট কোনাে কার্য সম্পাদন কৰাৰ বাবে কৰ্মচাৰীৰ জ্ঞান আৰু নিপুনতা বৃদ্ধি কৰা কাৰ্য।

3. আভ্যন্তৰীণ কৰ্মচাৰী সংগ্ৰহৰ তিনিটা সুবিধা লিখা।
উত্তৰঃ ইয়াৰ তিনিটা সুবিধা হ’ল—
(ক) কম সময়ত কম খৰছত মানুহ বিচাৰি উলিয়াব পাৰি।
(খ) এই প্রক্রিয়াত সংগঠনৰ কৰ্মচাৰীসকল জড়িত হৈ পৰে আৰু ই তেওঁলােকক অধিক সন্তুষ্টি প্রদান কৰে।
(গ) কর্মদক্ষ, উচিত মানুহ বিচাৰি উলিওৱাত সহায়ক হয়।

4. প্রশিক্ষণ আৰু শিক্ষাৰ মাজত পার্থক্য দেখুওৱা।
উত্তৰঃ

প্রশিক্ষণশিক্ষা
প্ৰশিক্ষণত প্ৰত্যক্ষভাৱে এজন কৰ্মচাৰীক ব্যৱহাৰিক জ্ঞান দিয়া হয়।ইয়াত কেৱল তাত্বিক জ্ঞান দিয়া।
প্ৰশিক্ষণত এটা বিশেষ কামৰ বাবে দক্ষতা,পাৰদৰ্শিতা ইত্যাদি বঢ়োৱাৰ চেষ্টা কৰা হয়।শিক্ষা হ’ল এক পদ্ধতি যাৰ দ্বাৰা জ্ঞান বৃদ্ধি কৰা হয়।
প্ৰশিক্ষণৰ পৰিসৰ কমহয়।শিক্ষাৰ পৰিসৰ বেছি।

5. কৰ্মচাৰী নিয়ােগক কিয় পৰিচালনাৰ এটা মূখ্য অংগ বুলি ধৰা হয়? তিনিটা কাৰণ দিয়া।
উত্তৰঃ ব্যৱসায় সংগঠন এটাত প্রত্যেক অবস্থানত উপযুক্ত সময়ত যােগ্য কর্মী পাব পৰাকৈ ব্যক্তি লাভ কৰা, তেওঁলােকক নিযুক্ত কৰা, উন্নত কৰা, মূল্যাংকন কৰা, পাৰিশ্ৰমিক প্রদান কৰা আৰু প্ৰতিপালন কৰা পদ্ধতিকে কৰ্মচাৰী নিয়ােগ হিচাপে গণ্য কৰা হয়। ইয়াৰ মুখ্য কাৰণ হ’ল—
(ক) ইয়াৰ দ্বাৰা আগতীয়াকৈ মানৱ সম্পদৰ বন্দোবস্তকৰণ কৰিব পাৰি।
(খ) সংগঠনিক অবস্থা পূৰণ আৰু টনকিয়াল কৰিবৰ বাবেও ইয়াৰ প্ৰয়ােজন।
(গ) ইয়াৰ দ্বাৰা সকলাে পর্যায়ৰ কৰ্মচাৰীক সন্তুষ্টি প্রদান কৰিব পাৰি।

6. প্রশিক্ষণ আৰু বিকাশৰ মাজত তিনিটা পার্থক্য দেখুওৱা।
উত্তৰঃ

প্রশিক্ষণবিকাশ
প্রথম পৰ্যায়ত কৰ্মচাৰী এজনক প্রশিক্ষণ দিয়া হয়।প্রশিক্ষণ পালেহে কৰ্মচাৰীৰ বিকাশ হয়।
প্ৰশিক্ষণৰ পৰিসৰ কম।বিকাশৰ পৰিসৰ বেছি।
প্ৰশিক্ষণত বিকাশৰ দৰকাৰ নাই।বিকাশ হ’বলৈ হ’লে প্ৰশিক্ষণৰ প্ৰয়োজন।

Long Type Questions and Answers (Marks : 4)

1. মানব সম্পদ উন্নয়ন কর্মচাৰী নিয়ােগৰ এটা গুৰুত্বপূৰ্ণ দিশ ’ — বহ’লাই লিখা।
উত্তৰঃ মানৱ সম্পদ পৰিচালনা হ’ল এটা বিশেষ ক্ষেত্র যত বিভিন্ন ব্যক্তিৰ দক্ষতাৰ প্রয়ােজন হয়। মানৱ সম্পদ পৰিচালকৰ সংখ্যা আৰু এই বিভাগৰ আকাৰৰ দ্বাৰা প্ৰতিষ্ঠানৰ আকাৰ নিৰ্দ্ধাৰণ কৰা হয়। বৃহৎ কোম্পানিত, মানৱ সম্পদ বিভাগৰ ভিতৰতে বিভিন্ন কার্য সম্পাদনৰ বাবে বিশেষভাবে খ্যাতি থকা লােকক নিযুক্ত কৰা হয়।

READ MORE  নিয়ন্ত্রণকৰণ | Chapter 8 | Class 12 Business Studies - AHSEC

মানৱ সম্পদ ব্যৱস্থাপনাৰ ভিতৰত বিশেষ কার্য আৰু কর্তব্য অন্তর্ভুক্ত হৈ থাকে যাক মানৱ সম্পদ ব্যৱস্থাপনাৰ ব্যক্তিসকলে নিশ্চিতভাৱে সম্পাদন কৰিব লাগে। এই কর্তব্য সমূহহ’ল—
(ক) উপযুক্ত গুণসম্পন্ন ব্যক্তিৰ সন্ধান কৰি কৰ্মচাৰী সংগ্রহ কৰা।
(খ) কর্ম বিশ্লেষণ, কর্ম বর্ণনাৰ বাবে কর্ম বিষয়ক তথ্য সংগ্রহ।
(গ) সেৱামূল প্রদান আৰু উদগনিমূলক আঁচনিৰ বিকাশ।
(ঘ) কর্মচাৰীৰ প্রশিক্ষণ আৰু উন্নীতকৰণ যাতে তেওঁলােকৰ কর্ম সম্পাদনৰ দক্ষতা বৃদ্ধিৰ লগতে কর্ম জীৱনৰ বিকাশ ঘটে।
(ঙ) ওজৰ আপত্তি আৰু গােচৰসমূহ নিষ্পত্তি কৰা।
(চ) সামাজিক ৰক্ষণাবেক্ষণ প্রদান আৰু কৰ্মচাৰীৰ কল্যাণ সাধন ইত্যাদি।

2. কাৰ্য্যত প্রশিক্ষণ বুলিলে কি বুজা?
উত্তৰঃ কার্যত প্রশিক্ষণ কর্মক্ষেত্ৰত প্ৰশিক্ষণৰ অন্তৰ্গত প্রশিক্ষণ সমূহ হ’ল—
(ক) শিক্ষা নবীছ প্রশিক্ষণ আঁচনিঃ ন শিকাৰুৰ প্রশিক্ষণ আঁচনিত প্রশিক্ষার্থীজনক এজন অভিজ্ঞ শ্রমিকৰ অধীনত কর্ম প্রশিক্ষণ দিয়া হয়। অতি উচ্চ খাপৰ দক্ষতা আহৰণৰ উদ্দেশ্যে এই প্রশিক্ষণ দিয়া হয়।

(খ) ঘৰুৱাভাবে শিক্ষণ :- এই পদ্ধতিৰ অধীনত শীর্ষকর্মচাৰীয়ে তেওঁৰ অধীনৰ কৰ্মচাৰী বা প্রশিক্ষার্থীজনক নীতি নির্দেশনা প্রদান কৰি ঘৰুৱাভাবে শিক্ষা প্রদান কৰে। এই ঘৰুৱা শিক্ষকজনে পাৰস্পৰিকভাবে লক্ষ্য নির্ধাৰণ কৰি সেই লক্ষ্যত কেনেদৰে উপনীত হ’ব পৰা যায় তাৰ পৰামর্শ দিয়ে।

(গ) ইনটার্নচিপ প্রশিক্ষণ :- ই কম ব্যৱসায়িক প্রতিষ্ঠান আৰু শিক্ষা অনুষ্ঠানৰ সহযােগত চলােৱা এটা যৌথ প্রশিক্ষণ আঁচনি। বাছনি কৰা প্ৰশিক্ষার্থী সকলােৱে এক নির্দিষ্ট সময়ৰ বাবে নিয়মীয়াকৈ শিক্ষা গ্রহণ কৰিব লাগে।

(ঘ) কৰ্মৰ আবর্তন :- এনে ধৰণৰ পদ্ধতিত প্ৰশিক্ষার্থীজনক প্রতিষ্ঠানৰ ভিতৰতে এটা বিভাগৰ পৰা আন এটা বিভাগ বা এটা কামৰ পৰা আন এটা কামলৈ অদল বদল কৰি প্রশিক্ষণ দিয়া হয়। ই কৰ্মচাৰীজনক ব্যৱসায়ৰ বিভিন্ন অংশৰ বিষয়ে আৰু সংগঠনৰ কাৰ্য প্রণালীৰ বিষয়ে বিশদভাবে বুজি পােৱাৰ সুবিধা দিয়ে।

3. প্রশিক্ষণ আৰু বিকাশ কি বুজাই লিখা।
উত্তৰঃ প্রশিক্ষণ হৈছে ফলপ্রসু কার্য সম্পাদনৰ অৰ্থে নিপুনতা বৃদ্ধিৰ কার্যক্রম ই নির্দিষ্ট এক উদ্দেশ্য বা কার্য সম্পাদনৰ বাবে বিশেষ দক্ষতা উন্নয়ন সাধনৰ লগত জড়িত পদ্ধতি। Edwin B.Flippo ৰ মতে প্রশিক্ষণ হৈছে নির্দিষ্ট কোনাে কার্যসম্পাদন কৰাৰ বাবে কৰ্মচাৰীৰ জ্ঞান আৰু নিপুনতা বৃদ্ধি কৰা কাৰ্য। প্রশিক্ষণ আৰু উন্নয়নে প্রতিষ্ঠান আৰু ব্যক্তি দুয়ােপক্ষকে সহায় কৰে।

(ক) প্রতিষ্ঠানৰ প্রতি প্রশিক্ষণ আৰু উন্নয়নৰ আৱশ্যকতাঃ
(i) প্রশিক্ষণ হৈছে এক পদ্ধতিগত শিক্ষা। ই এক পূর্ব কর্ম পদ্ধতি হিচাপে অপচয় ৰোধ কৰে।
(ii) ই কর্মচাৰীৰ গুণগত আৰু সংখ্যাগত দিশত উৎপাদিকা শক্তি বৃদ্ধি কৰে। উৎপাদিকা শক্তি বৃদ্ধিয়ে উচ্চ হাৰত মুনাফা অর্জনত সহায় কৰে।
(iii) প্রশিক্ষণে ভবিষ্যতৰ পৰিচালকক প্রস্তুত কৰাই দিয়ে যিয়ে নেকি জৰুৰী অৱস্থাত দায়িত্ব ল’ব পাৰে।
(iv) প্রশিক্ষণে কর্মচাৰীৰ চৰিত্র উন্নয়ন কৰে আৰু কৰ্মচাৰীৰ অনুপস্থিতি আৰু চাকৰি এৰাৰ প্রৱণতা হ্রাস কৰে।
(v) কাৰিকৰী আৰু অর্থনৈতিক পৰিৱেশ পৰিবৰ্তনত উপযুক্ত সহাৰি দিয়াত সহায় কৰে।

(খ) কর্মচাৰীৰ প্ৰতি আবশ্যকতাঃ
(i) প্রশিক্ষণৰ ফলত বৃদ্ধি পােৱা দক্ষতা আৰু জ্ঞানে ব্যক্তিৰ কৰ্মজীৱন উন্নত কৰে।
(ii) বর্ধিত কার্য সম্পাদনে ব্যক্তিৰ উপার্জন বৃদ্ধি কৰে।
(iii) প্রশিক্ষণৰ ফলত কর্মচাৰীয়ে দক্ষতাৰে মেচিন চলাব পাৰে, ফলস্বৰূপে দুর্ঘটনা ঘটায় আশংকা কম হয়।
(iv) প্রশিক্ষণে কর্মচাৰীৰ সন্তুষ্টি আৰু উদ্যম বৃদ্ধি কৰে।

4. কাৰ্য্যৰ বাহিৰত প্রশিক্ষণ বুলিলে কি বুজা?
উত্তৰঃ কর্মক্ষেত্ৰৰ বাহিৰত প্রশিক্ষণঃ ইয়াৰ অন্তর্নিহিত পদ্ধতিসমূহ হ’ল—
(ক) শ্রেণী কোঠাত বক্তৃতা / সভাঃ নির্দিষ্ট তথ্য, নিয়ম, পদ্ধতি বা প্রক্রিয়াৰ বিষয়ে জ্ঞান দিবলৈ বক্তৃতা বা সভা হ’ল এক নিয়মীয়া পদ্ধতি।এই ব্যৱস্থাই শ্রেণীকক্ষৰ উপস্থাপন আকর্ষণীয় কৰি তােলে, লগতে কিছুমান কঠিন বিষয় বুজাই দিয়াত সহায় কৰে।

(খ) পৰিঘটনা অধ্যয়নঃ এই পদ্ধতিত পৰিচালক সকলে তেওঁলােকৰ অভিজ্ঞতাৰ পৰা গ্রহণ কৰা পৰিঘটনাৰ দ্বাৰা উদ্ভৱ হােৱা সমস্যাসমূহ যথাসম্ভৱ শুদ্ধকৈ উপস্থাপন কৰি বৰ্ণনা কৰাৰ চেষ্টা কৰে। প্ৰশিক্ষার্থীসকলে পৰিঘটনাসমূহ অধ্যয়ন কৰি সমস্যাসমূহৰ কাৰণ নিৰ্দ্ধাৰণ কৰিব লাগে আৰু সমাধানৰ সূত্র প্রয়ােগ কৰিব লাগে।

(গ) কম্পিউটাৰ আৰ্হিৰ উপস্থাপন :- কম্পিউটাৰৰ আঁচনিৰ দ্বাৰা কর্ম পৰিৱেশৰ উপস্থাপন কৰি কোনাে কর্মৰ বাস্তৱ সত্যৰ নকল হয় আৰু আচল জীৱন সংঘটিত হ’ব পৰা সম্ভাব্য ক্ষতি বা খৰছ নােহােৱাকৈ শিকোয়াৰ ব্যৱস্থা কৰা হয়।

(ঘ) কাৰখানা কক্ষৰ মুকলিত প্রশিক্ষণ :- কর্মচাৰীসকলে ব্যৱহাৰ কৰা সা–সজুলি সহায়ত তেওঁলােকৰ কাম শিকিব পাৰে। কিন্তু কাৰখানাৰ ক্ষেত্ৰৰ বাহিৰত থাকি তেওঁলােকে প্রশিক্ষণ লয়।

Leave a Comment

error: Content is protected !!
Scroll to Top