মহাকর্ষণ | Chapter 10 | Class 9 General Science Question and Answer | Assam Class 9 General Science Solutions | SEBA Class 9 HSLC General Science Chapter 10 Notes | SEBA Class 9 HSLC General Science Chapter 10 Question and Answer | Questions and Answers for Class 9 General Science Chapter 10 মহাকর্ষণ | HSLC General Science Questions and Answers Assam
মহাকৰ্ষণ
Multiple Choice Questions and Answers (MCQs)
1. ত্বৰণৰ একক _____।
(ক) গ্ৰাম / ছেকেণ্ড।
(খ) মিটাৰ / ছেকেণ্ড।
(গ) মিটাৰ / ছেকেণ্ড।
(ঘ) নিউটন / ছেকেণ্ড।
উত্তৰঃ (গ) মিটাৰ / ছেকেণ্ড²।
2. মুক্তভাবে অধোগমন বস্তু এটাৰ ক্ষেত্ৰত তলৰ কোনটো সত্য?
(a) দ্ৰুতি একে।
(b) বেগ একে।
(c) ত্বৰণ একে।
(d) বল একে।
উত্তৰঃ (c) ত্বৰণ একে।
3. পাহাৰৰ ওপৰত gৰ মান _____।
(ক) সমুদ্ৰপৃষ্ঠৰ gৰ সৈতে সমান।
(খ) সমুদ্ৰপৃষ্ঠতকৈ কম।
(গ) সমুদ্ৰপৃষ্ঠতকৈ বেছি।
উত্তৰঃ (খ) সমুদ্ৰপৃষ্ঠতকৈ কম।
4. ভৰৰ একক _____।
(ক) গ্ৰাম।
(খ) ছেণ্টিমিটাৰ।
(গ) নিউটন।
(ঘ) জুল।
উত্তৰঃ (ক) গ্ৰাম।
5. এক কিলোগ্ৰাম ভৰৰ ওজন _____।
(ক) এক নিউটন।
(খ) দহ নিউটন।
(গ) এক জুল।
(ঘ) দহ জুল।
উত্তৰঃ (খ) দহ নিউটন।
6. বলৰ একক।
(ক) গ্ৰাম।
(গ) জুল।
(খ) নিউটন।
(ঘ) ৱাট।
উত্তৰঃ (খ) নিউটন।
Very Short Type Questions and Answers (Marks : 1)
1. বস্তুৰ ওজন জুখিবলৈ ব্যাৱহাৰ কৰা এবিধ সজুলিৰ নাম লিখা।
উত্তৰঃ তুলাচনী।
2. ত্বৰণৰ পিৰীত শব্দটো কি?
উত্তৰঃ মন্থৰণ।
3. g ৰ মান কিমান?
উত্তৰঃ g ৰ মান 9.8 m/sec²
4. ওজন কি?
উত্তৰঃ পৃথিৱীয়ে বস্তু এটাক যি বলেৰে আকৰ্ষণ কৰে তাকে বস্তুটোৰ ওজন বোলে।
5. তৰলত নিমজ্জিত বস্তুৰ ওপৰত গ্লাবিতা বলে কোন দিশত ক্ৰিয়া কৰে?
উত্তৰঃ উৰ্দ্ধমুখী দিশত।
6. ওজনৰ SI একক কি?
উত্তৰঃ নিউটন।
7. মাধ্যাকৰ্ষণিক ত্বৰণ মনে কি বুজা?
উত্তৰঃ পৃথিৱীৰ মাধ্যাকৰ্ষণৰ বাবে সৃষ্টি হেৱা ত্বৰণক মাধ্যাকৰ্ষণিক ত্বৰণ বোলে।
8. পৃথিৱীৰ কেন্দ্ৰত ‘g’ৰ মান কিমান?
উত্তৰঃ শূন্য।
9. এৰি দিলে বস্তু কিয় তললৈ সৰি পৰে?
উত্তৰঃ পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলৰ বাবে।
10. জুলীয়া বস্তুৰ ঘনত্ব জোখা যন্ত্ৰটোৰ নাম কি?
উত্তৰঃ হাইড্ৰমিটাৰ।
11. মহাকৰ্ষণ বিশ্বজনীন ধ্ৰুৱক Gৰ মান কিমান ?
উত্তৰঃ 6.67 × 10⁻¹¹Nm²/kg²
12. আৰ্কিমিডিছৰ সূত্ৰটো কি?
উত্তৰঃ বস্তু এটা তৰলত সম্পূৰ্ণ বা আংশিকভাৱে ডুবালে ই উৰ্ধমুখী বল এটা অনুভব কৰে যিটো বস্তুটোৱে অপসাৰিত কৰা তৰলৰ ওজনৰ সমান।
13. গাখীৰৰ বিশুদ্ধতা নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম কি?
উত্তৰঃ লেক্টমিটাৰ।
14. মহাকৰ্ষণ মানে কি?
উত্তৰঃ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে ইটোৱে সিটোক আকৰ্ষণ কৰি আছে। এই আকৰ্ষণী বলক মহাকৰ্ষণ লে।
15. সমুদ্ৰ পৃষ্ঠত উঠা জোৱাৰৰ কাৰণ কি?
উত্তৰঃ চন্দ্ৰ আৰু সূৰ্য্যৰ মাজৰ মহাকৰ্ষণীক বল।
16. পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলক আমি কি বুলি কওঁ?
উত্তৰঃ মাধ্যাকৰ্ষণিক বল।
17. পৃথিৱীৰ কেন্দ্ৰত 5 kg ভৰৰ বস্তু এটাৰ ওজন কিমান?
উত্তৰঃ শূন্য। কাৰণ W =mg; g = 0
18. আপেক্ষিক ঘনত্বৰ একক কি?
উত্তৰঃ আপেক্ষিক ঘনত্বৰ একক নাই।
19. মন্থৰণ কাক বোলে?
উত্তৰঃ যিকোনো এটা গতিশীল বস্তুৰ বেগ ক্ৰমাৎহ্ৰাস হোৱাকে মন্থৰণ বোলে।
20. g আৰু Gৰ মাজত সম্পৰ্ক কি ?
উত্তৰঃ g = GM / R²
21. মুক্ত অধোগমন মানে কি বুজা?
উত্তৰঃ এটা বস্তু মুক্তভাৱে মাধ্যাকৰ্ষণৰ ফলত তললৈ সৰি পৰাকে মুক্ত অধোগমন বুলি কোৱা হয়।
22. সূৰ্য্যৰ চাৰওফালে গ্ৰহবোৰৰ কক্ষপথ কেনেকুৱা?
উত্তৰঃ উপবৃত্তাকাৰ।
23. মুক্ত অধোগমনৰ ধৰণ কিমান?
উত্তৰঃ মুক্ত অধোগমনৰ ত্বৰণ হ’ল মাধ্যাকৰ্ষণীক ত্বৰণ ‘g’ । ইয়াৰ মান 9.8 m/Sec² ।
24. বলে সদায় গতিৰ সৃষ্টি কৰেনে?
উত্তৰঃ নকৰে। বলৰ মান জড়তাতকৈ বেছি হ’লৈ গতিৰ সৃষ্টি হয়।
25. লোৰ গজাল এটা পানীত কিয় ডুবে?
উত্তৰঃ লোৰ গজালৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি। অৰ্থাৎ গজালটোৰ ওপৰত পানীৰ উৰ্দ্ধমুখী হেঁচা গজালটোৰ ওজনতকৈ গম। গতিকে গজালটো পানীত ডুবে।
26. আমি বজাৰত সকলো বস্তু ভৰৰ হিচাপত কিনা-বেচা কৰো নে ওজনজৰ হিচাপত কৰো?
উত্তৰঃ ভৰৰ হিচাপত ।
27. বিশ্বজনীন মহাকৰ্ষণ সূত্ৰ আবিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম _____।
উত্তৰঃ নিউটন।
28. পৃথিৱীৰ মহাকৰ্ষণৰ এটা বিশেষ নাম আছে, ই হ’ল _____।
উত্তৰঃ মাধ্যাকৰ্ষণ।
29. g ৰ মান 9.81, ইয়াৰ একক_____।
উত্তৰঃ মিটাৰ / ছেকেণ্ড²।
30. বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰা বল বস্তু দুটাৰ ভৰৰ _____ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ।
উত্তৰঃ পূৰণফলৰ; ব্যাস্তানুপাতি।
31. আৰ্কিমিডিছৰ সূত্ৰৰ দুটা প্ৰয়োগ উল্লেখ কৰা।
উত্তৰঃ (1) চাবমেৰিণৰ নক্সা তৈয়াৰ কৰাত।
(2) লেক্টমিটাৰৰ প্ৰস্তুতিত।
32. চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰি থকা স্বত্ত্বেও পৃথিৱীখন চন্দ্ৰৰ দিশত ধাৱমান নহয় কিয়?
উত্তৰঃ কাৰণ পৃথিৱীয়েও চন্দ্ৰক সমান বলেৰে আকৰ্ষণ কৰি আছে। আকৰ্ষণী বল সমান হোৱা বাবে কোনেও কাৰো ফালে ধাৱমান নহয়।
33. অভিকেন্দ্ৰিক বল কাক বোলে? এটা উদাহৰণ দিয়া।
উত্তৰঃ কেন্দ্ৰৰ দিশত ক্ৰিয়াশীল বলক অভিকেন্দ্ৰীক বল বোলে।
উদাহৰণ : পৃথিৱীৰ চাৰিওফলে চন্দ্ৰৰ গতি কাৰণ অভিকেন্দ্ৰীক বল।
34. ওজন জোখা যন্ত্ৰ এটাৰ পাঠ অনুসৰি তোমাৰ ভৰ 42 kg তোমাৰ ভৰ 42 kg তকৈ কম নে বেছি?
উত্তৰঃ ভৰ সদায় ধ্ৰুৱক। গতিকে ভৰ কম বেছি হ’ব নোৱাৰে যদি যন্ত্ৰ এটাৰ পাঠ অনুসৰ ওজন 42 kg তেতিয়া হ’লে প্ৰকৃত ওজন 42 kg তকৈ বেছি হ’ব।
35. পানীৰ তলত এৰি দিয়া প্লাষ্টিকৰ টুকুৰা এটা পানীৰ পৃষ্ঠলৈ কিয় ঘুৰি আহে?
উত্তৰঃ পাষ্টিকৰ টুকুৰাটোৱে অপসৰণ কৰা পানীৰ ওজন পাষ্টিকৰ টুকুৰাটোৰ ওজনতকৈ বেছি হয়। প্লাবিতাৰ বাবে টুকুৰাটো পানীৰ পৃষ্ঠলৈ ঘুৰি আহে।।
36. বস্তু এটা পানীৰ পৃষ্ঠত থলে ই উপত্তা বা ডুবাৰ কাৰণ কি?
উত্তৰঃ যিবিলাক বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম সেইবিলাক পানীত উপঙে। যিবিলাক বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি সেইবিলাক পানীত ডুবে।
37. দুটা বস্তুৰ ভৰ ক্ৰমে m₂আৰু m₂আৰু ইহঁতৰ মাজৰ দূৰত্ব d। বস্তু দুটাৰ মাজত মহাকৰ্ষণ বলৰ মান কিমান হ’ব?
উত্তৰঃ মহাকৰ্ষণ বল
F = Gm₁m /d²
38. চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন পৃথিৱীৰ ওজনৰ অংশ হয় কিয় ?
উত্তৰঃ পৃথিৱীৰ মাধ্যাকৰ্ষণীক বল চন্দ্ৰৰ মাধ্যাকৰ্ষণীক বলৰ 6 গুণ। সেইবাবে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন পৃথিৱীপৃষ্ঠৰ ওজনৰ ⅙ অংশ হয়।
39. আপেক্ষিক ঘনত্ব কি?
উত্তৰঃ বস্তু এটাৰ আপেক্ষিক ঘনত্ব হৈছে বস্তুটোৰ ঘনত্ব আৰু পানী ঘনত্বৰ অনুপাত। অৰ্থাৎ—
আপেক্ষিক ঘনত্ব = বস্তুটোৰ ঘনত্ব /পানীৰ ঘনত্ব।
40. মহাকৰ্ষণ আৰু মাধ্যাকৰ্ষণৰ মাজৰ পাৰ্থক্য কি?
উত্তৰঃ মহাকৰ্ষণ হ’ল বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৰ জৰ আকৰ্ষণ। আনহাতে মাধ্যাকৰ্ষণ হ’ল পৃথিৱী আৰু অন্য এটা বস্তুৰ মাজৰ আকৰ্ষণ।
41. মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুবক বুলিলে কি বুজা?
উত্তৰঃ নিউটনৰ বিশ্বজনীন মহাকৰ্ষণৰ সূত্ৰ অনুসৰি দুটা বস্তুৰ মাজৰ আকৰ্ষণী বল—
F = Gm₁m₂ / r²
ইয়াত G হ’ল সমানুপাতিক ধ্ৰুৱক। ইয়াক বিশ্বজনীন ধ্ৰুৱক বোলে।
Very Short Type Questions and Answers (Marks : 2)
1. ভৰৰ একক কি আৰু ওজনৰ একক কি?
উত্তৰঃ ভৰৰ একক → কিলোগ্ৰাম (S)
এজনৰ একক. → নিউটন
2. মাধ্যাকৰ্ষণিক ত্বণ কাক বোলে? ইয়াক কি আখৰেৰে অভিহিত কৰা হয়। ইয়াৰ মান কিমান?
উত্তৰঃ পৃথিৱীৰ মাধ্যাকৰ্ষণৰ বাবে সৃষ্টি হোৱা ত্বৰণক মাধ্যাকৰ্ষণীক ত্বৰণ বোলে। ইয়াক ‘g’ আখৰেৰে সুচিত কৰা হয়। ইয়াৰ মান 9.81 মিটাৰ / ছেকেণ্ড²।
3. বাধাহীন পতনৰ দুটা উদাহৰণ দিয়া?
উত্তৰঃ (i) গছৰ পৰা ফল সৰি পৰা।
(ii) ধ্বংসপ্ৰাপ্ত হৈ আকাশৰ পৰা এৰোপ্লেন খহি পৰা।
4. কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজখিলা লাহে লাহে পৰাৰ কাৰণ কি?
উত্তৰঃ কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ মেলখাই থকা কাগজখিলাই বায়ুৰ বাবে বেছি ঘৰ্ষণ বল অনুভব কৰে। ফলত কাগজখিলাৰ গতিত বাধাৰ সৃষ্টি হয়। মেল খাই থকা কাগজখিলাৰ কালি বলটোৰ কালিতকৈ বেছি হয়। সেইবাবে মেলখাই থকা কাগজকিাৰ ঘৰ্ষণ বল বেছি হয়।
5. পৃথিৱী আৰু চন্দ্ৰ মহাকৰ্ষণিক বলৰ দ্বাৰা পৰস্পৰে আকৰ্ষিত হয়। চাই পৃথিৱীক যি বলেৰে আকৰ্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণী বল সমান নে কম নে বেছি? কিয়?
উত্তৰঃ চন্দ্ৰই যি বলেৰে পৃথিৱীক আকৰ্ষণ কৰে সেই একে সমান বলেৰে পৃথিৱীয়েও চন্দ্ৰক আকৰ্ষণ কৰে। কাৰণ আকৰ্ষণী বল বস্তু দুটাৰ ভৰৰ পুৰণফল আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ ওপৰত নিৰ্ভৰশীল। যিহেতু দুয়োটা ক্ষেত্ৰতে চন্দ্ৰ আৰু পৃথিৱীৰ ভৰ আৰু ইহঁতৰ মাজৰ দূৰত্ব একে থাকে গতিকে দুয়োটা ক্ষেত্ৰতে আকৰ্ষণী বল একে।
6. অমিতে তেওঁৰ বন্ধু এজনৰ পৰামৰ্শ অনুসৰি মেৰু অঞ্চলত কেইগ্ৰামমান সোণ কিনিলে। বিষুব অঞ্চলত তেওঁৰ ভেটাভেটি হলত সোণখিনি। তেওঁলৈ হস্তান্তৰ কৰিলে। বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজনটো মানি লবনে? যদি নলয় ভেস্তে কিয়? (ইংগিতঃ বিষুব অঞ্চলতকৈ মেৰু অঞ্চলতgৰ মান বেছি।)
উত্তৰঃ বিষুব অঞ্চলতকৈ মেৰু অঞ্চলত’g’ৰ মান বেছি। সেয়েহে মেৰু অঞ্চলত বস্তুৰ ওজন বিষুব অঞ্চলতকৈ বেছি হয়। মেৰু অঞ্চলত কিনা সোণখিনিত ওজন বিষুব অঞ্চলত কম হ’ব। সেয়েহে বন্ধুজনে ক্ৰয় কৰা সোনখিনিৰ ওজন মানি নলব।
Long Type Questions and Answers (Marks : 3/4)
1. মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব কিমান?
উত্তৰঃ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ পৰা আমি পাওঁ যে—
(i) সকলো বস্তুৱে ইটোৱে সিটোক আকৰ্ষণ কৰি আছে।
(ii) মহাকৰ্ষণ বলৰ বাবে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘুৰি আছে।
(iii) মহাকৰ্ষণ বলৰ বাবে পৃথিৱী আৰু অন্য গ্ৰহই সূৰ্য্যৰ চাৰিওফালে ঘুৰি থাকিব পাৰিছে।
(iv) কৃত্ৰিম উপগ্ৰহসমূহ মহাকৰ্ষণিক বলৰ বাবে পৃথিৱীৰ চাৰিওফালে ঘুৰি থাকিব পাৰিছে।
(v) পৃথিৱীত থকা প্ৰাণীসমূহ মহাকৰ্ষনীক বলৰ বাবে এটা বান্ধোনত থাকিব পাৰিছে।
2. প্লাবিতা মানে কি বুজা?
উত্তৰঃ যেতিয়া বস্তু এটা জুলীয়া বা গেছত থোৱা হয় তেতিয়া বস্তুটোৰ ওপৰত এটা উৰ্দ্ধমুখী বলে ক্ৰিয়া কৰে। ফলত বস্তুটোৰ ওজন কম হোৱা দেখা যায়। বস্তুটোক সম্পূৰ্ণকৈ ডুৱাই ৰাখিবলৈ হ’লে জুলীয়া পদাৰ্থবিধে প্ৰয়োগ কৰা উৰ্ধমুখী বলক সঙ্কলিত কৰাটো আবশ্যক। বাহিৰৰ পৰা নিম্নমুখী বল প্ৰয়োগৰ দ্বাৰা এটি উদ্দেশ্য সাধন কৰিব পাৰি। জুলীয়া পদাৰ্থবিধে প্ৰয়োগ কৰা উৰ্দ্ধমুখী হেঁচাক প্লাবিতা বোলে। তৰলত ডুবালৈ সকলো বস্তুৱেই প্লাবিতা বল অনুভব কৰে। প্লাবিতা বলৰ মান তৰলৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে।
3. কেপলাৰৰ সূত্ৰ কেইটা কি কি?
উত্তৰঃ কেপলাৰৰ সূত্ৰ তিনিটা হ’ল—
(i) গ্ৰহৰ কক্ষপথ উপবৃত্তাকাৰ আকৃতিৰ। ইয়াৰ কোনো এটা নাভিত সূৰ্যটো অৱস্থিত হয়।
(ii) গ্ৰহ আৰু সূৰ্য্য সংযোগী ৰেখাই সমান সময়ৰ অন্তৰালত সমান কালিৰ ওপৰেৰে পাৰ হয়।
(iii) গ্ৰহটোৰ সূৰ্য্যৰ পৰা গড় দূৰত্ব ইয়াৰ কক্ষপথৰ পৰ্য্যায়কাল Tৰ বৰ্গৰ সমানুপাতিক। অৰ্থাৎ—
r³ / T² = ধ্ৰুৱক।
4. মিহি কিন্তু মজবুত ৰচীৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয় কিয়?
উত্তৰঃ আমি জানো যে,
চাপ = হেঁচা / ক্ষেত্ৰফল
= বেগটোৰ ওজন / দেহত লাগি থকা ৰচীৰ ক্ষেত্ৰফল
দেখা যায় যে দেহত লাগি থকা ৰচীৰ ক্ষেত্ৰফল বেগটোৰ ওজনৰ তুলনাত খুব কম হয়। ফলত চাপৰ পৰিমাণ বেচি হয় আৰু বেগটো লৈ ফুৰাত অসুবিধা হয়।
5. তোমাৰ হাতত কপাহৰ মোনা এটা আৰু লোৰ দণ্ড এডাল আছে। ওজন জোখা যন্ত্ৰত প্ৰত্যেকৰে ভৰ 100 kg পোৱা গ’ল। বাস্তব ক্ষেত্ৰত এটা আনটোতকৈ গধুৰ। কোনটো বেছি গধুৰ আৰু সি কিয় বেছি গধুৰ ক’ব পাৰিবানে?
উত্তৰঃ কপাহৰ মোনাটো লোৰ দণ্ডডালতকৈ বেছি গধুৰ হ’ব। কাৰণ কপাহৰ মোনাটোৰ আয়তন বেছি বাবে ই বেছি বায়ু অপসাৰণ কৰে। ফলত মেচিনত ইয়াৰ ওজন আচল ওচনকৈ কমি যায়।
6. মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা।
উত্তৰঃ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰা বল, বস্তু টাৰ ভৰৰ গুণফলৰ সামানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দুৰত্বৰ বৰ্গৰ ব্যাস্তাণুপাতিক।
M1 আৰু m2 ভৰৰ দুটাৰ বক্তৰ মাজৰ দূৰত্ব যদি r আৰু বস্তু দুটাৰ আকৰ্ষনী বল Fহয় তেন্তে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ মতে—
F α m₁m₂ / r²
বা F = G m₁m₂ / r²
7. মহাকৰ্ষণিক বলে সকলো বস্তুৰ ওপৰততাৰ ভৰৰ সমানুপাতিকভাবে ক্ৰিয়া কৰে। তেন্তে গধূৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ নপৰে নকয় ?
উত্তৰঃ যদিও মহাকৰ্ষণিক বল বস্তুৰ ভৰৰ সামানুপাতিক কিন্তু মুক্তভাৱে তললৈ পৰা বস্তুৰ মাধ্যাকৰ্ষণীক ত্বৰণ ‘g’ ৰ মান সকলো সম্ভৰ ক্ষেত্ৰতে একে। অৰ্থাৎ ‘g’ ৰ মান ধ্ৰুবক।
এতিয়া v = u + gt ৰ পৰা আমি পাওঁ যে সমান সময়ত সকলো ক্ষেত্ৰতে ৷ u আৰু gৰ মান একে থাকে। ফলত ‘v”ৰ মান একে থাকে।
8. পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান উলিওৱা সূত্ৰটো লিখা।
উত্তৰঃ ধৰা হ’ল, পৃথিৱীৰ ভৰ M আৰু পৃথিৱীৰ পৃষ্ঠত থকা বস্তুটোৰ ভৰ m। ধৰা হ’ল পৃথিৱীৰ ব্যাসাৰ্ধ R
পৃথিৱী আৰু বস্তুটোৰ মাজৰ মহাকৰ্ষণীয় বল Fহ’লে, F = GmM / R²
য’ত G মহাকৰ্ষণীক ধ্ৰুৱক। Gৰ মান
6.67 × 10⁻¹¹Nm²/kg²।
9. বাধাহীন পতনৰ সমীকৰণ সমূহ কি কি?
উত্তৰঃ (i) v = u + at
(ii) s = ut + ½ at²
(iii) v2 = u 2 + 2as
ইয়াত u = প্ৰাৰম্ভিক বেগ
v = অন্তিম বেগ
a = ত্বৰণ
t = সময়
s = দূৰত্ব
10. পৃথিৱীৰ সকলো ঠাইতেgৰ মান কিয় বেলগে বেলেগ?
উত্তৰঃ মাধ্যকৰ্ষণীক ত্বৰণ, g = GM / R²
ইয়াত G = ধ্ৰুবক
M = পৃথিৱীৰ ভৰ
R = পৃথিৱীৰ ব্যাসাৰ্ধ।
যিহেতু পৃথিৱীৰ ব্যাসাৰ্ধ (R) ঠাই বিশেষে বেলেগ বেলেগ গতিকেg ৰ মানো বেলেগ বেলেগ হয়।
11. 100 gm ভৰৰ এটা আলেৰ ওজন কিমান?
উত্তৰঃ ইয়াত
m = 100 gm = 0.1 kg
g = 9.8 m/sec²
w = ?
আমি জানো যে,
w = mg
= 0.1 × 9.8 kg.m/sec²
= 0.98 N
12. পৃথিৱীপৃষ্ঠত বস্তু এটাৰ ওজন 10N। চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন কিমান হ’ব?
উত্তৰঃ ইয়াত,
We = 10N
Wm = ?
আমি জানো যে,
Wn = ⅙ × W
= ⅙ × 10 N
= 1.67 N
13. 50gm ভৰৰ বস্তু এটাৰ আয়তন 20cm। যদি পানীৰ ঘনত্ব 1gm/ cm’হয় তেন্তে বস্তুটো পানীত উপভিবনে ডুবিব?
উত্তৰঃ বস্তুটোৰ ঘনত্ব = ভৰ / আয়তন =
= 50gm / 20cm³
= 2.5gm/cm³
∴ পানীৰ ঘনত্ব 1gm/cm³
∴ বস্তুটোৰ ঘনত্ব > পানীৰ ঘনত্ব
∴ বস্তুটো পানীত ডুবিব।
14. ৰূপৰ আপেক্ষিক ঘনত্ব 10.81। পানীৰ ঘনত্ব 103kg/m³। SI এককত ৰূপৰ ঘনত্ব কিমান?
উত্তৰঃ ৰূপৰ আপেক্ষিক ঘনত্ব = 10.81
⇒ ৰূপৰ ঘনত্ব = পানীৰ ঘনত্ব / পানীৰ ঘনত্ব = 10.81
⇒ ৰূপৰ ঘনত্ব = 10.81 × পানীৰ ঘনত্ব
= 10.81 × 103 kg/m³
= 10810 kg/m³
15. পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত থকা 1 kg ভৰৰ বস্তু এটাৰ মাজৰ মহাকৰণিক বলৰ মান কিমান? (পৃথিৱীৰ ভৰ 6 × 10²⁴ kg আৰু পৃথিৱীৰ ব্যাসাৰ্স 6.4 × 106m )
উত্তৰঃ ইয়াত, m = 1kg
M = 6×10²⁴kg
R = 6.4 x 10⁶m
F = ?
G = 6.67 x 10⁻¹¹Nm² / kg²
আমি জানো যে,
F = GmM / R²
= 6.67×10⁻¹¹ × 1× 6 ×10²⁴ / (6.4×10⁶)²
= 6.67x6x10⁻¹¹⁺²⁴⁻¹² / 6.4 × 6.4
= 0.977 x 10¹
= 9.77 N
∴ F = 9.77 N
16. 50 কিলোগ্ৰাম ভৰৰ এজন লৰাৰ ওজন কিমান?
উত্তৰঃ ইয়াত,
m = 50 kg
g = 9.8 m/sec²
W=?
আমি জানো যে,
w = mg
= 50 x 9.8 kg.m/sec²
= 490 N
17. পৃথিৱী আৰু সূৰ্য্যৰ মাজৰ মহাকৰ্ষণ বল নিৰ্ণয় কৰা। দিয়া আছে পৃথিৱীৰ ভৰ = 6 × 10²⁴kg, সূৰ্য্য ভৰ 2 × 10³⁰kg, পৃথিৱী আৰু সূৰ্য্যৰ মাজৰ দূৰত্ব 1.5 × 10¹¹m
উত্তৰঃ ইয়াত,
m = 6×10²⁴kg
M = 2 × 10³⁰kg
r = 1.5 × 10¹¹ m
F = ?
G = 6.67 x 10⁻¹⁰ Nm²/kg²
আমি জানো যে,
F = GmM / r²
= 6.67×10⁻¹¹×6×10²⁴ × 2× 10³⁰ / (1.5×10¹¹)²
= 6.67×12×10⁻¹¹⁺²⁴⁺³⁰⁻²²+ / 2.25
= 6.67 × 12 / 2.25 × 10²¹
= 35.573 × 10²¹
∴ = 35.573 × 10²¹ N
18. চন্দ্ৰপৃষ্ঠত মহাকৰ্ষণিক বল ভূ-পৃষ্ঠৰ মহাকৰ্ষণিক বলৰ ⅙ অংশ । 10 kg ভৰৰ বস্তু এটাৰ চন্দ্ৰপৃষ্ঠত আৰু ভূপৃষ্ঠত নিউটন এককত ওজন কিমান হ’ব?
উত্তৰঃ ইয়াত m = 10kg
পৃথিৱীত ge = 9.8 m/se
∴ ভূপৃষ্ঠত ওজন = mge
= 10 9.8 kg.m/sec²
= 98N
চন্দ্ৰপৃষ্ঠত gm = ⅙ × 9.8 m/sec²
= 9.8 / 6 m/sec²
∴ চন্দ্ৰপৃষ্ঠত ওজন = mgm
= 10 × 9.8 6 kg. m/sec²
= 16.33 N
19. মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ একক নিৰ্ণয় কৰা।
উত্তৰঃ নিউটনৰ মহাকৰ্ষণ বলৰ সূত্ৰ মতে—
F = Gm₁m₂ / R²
= G = F × R / m₁m₂
S.I পদ্ধতিত বলৰ একক নিউটন (N)
দুৰত্বৰ একক মিটাৰ (m)
ভৰৰ একক কিলোগ্ৰাম (kg)
∴ G = নিউটন × মিটাৰ² / কিলোগ্ৰাম × কিলোগ্ৰাম
= N.m² / kg.kg
= Nm² / kg²
= Nm²/kg²
20. 500gm ভৰৰ বন্ধ পেকেট এটাৰ আয়তন 350cm³ । পানীৰ ঘনত্ব 1gm/cm³ হ’লে পেকেটটো পানীত উপদ্ভিবনে ডুবিব ? পেকেটটোৱে অপসাৰিত কৰা পানীৰ ভৰ কিমান?
উত্তৰঃ পেকেটটোৰ ঘনত্ব = ভৰ / আয়তন
= 500gm 350cm³
= 1.429 g/cm³
∴ পেকেটটোৰ ঘনত্ব > পানীৰ ঘনত্ব
∴ পেকেটটো ডুবিব।
অপসাৰিত পানীৰ ভৰ = অপসাৰিত পানীৰ আয়তন x পানীৰ ঘনত্ব
m = 350 cm³ × 1gm /cm³
= 350gm
∴ m = 350gm
21. 19.6m উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা এৰি দিয়া হ’ল। মাটি স্পৰ্শ কৰাৰ আগমূহুৰ্তত ইয়াৰ অন্তিমবেগ কিমান হ’ব উলিওৱা।
উত্তৰঃ ইয়াত, h = s = 19.6m
u = 0
v = ?
a = 9.8 m / sec
আমি জানো যে,
v² – u² = 2as
⇒ v² = u² + 2as
⇒ v² = 0² + 2 × 9.8 × 19.6
⇒ v² = 19.6 × 19.6 v
= 19.6 m/sec
22. এটা বস্তু মাটিৰ পৰা 10 মিটাৰ ওপৰলৈ উঠিবৰ বাবে বস্তুটো কিমান বেগেৰে মাৰি পঠিয়াব লাগিব। সৰ্ব্বোচ্চ বিন্দুলৈ উটোতে বস্তুটোৰ কিমান সময় লাগিব?
উত্তৰঃ ইয়াত,
s = 10m
a = – 10m/sec²
u = ?
V = 0
t = ?
আমি জানো যে,
v = u² + 2as
⇒ u² = v² – 2as
= 0² – 2 × ( − 10) × 10
= 200
∴ u = √200 m/sec
আকৌ,
t = v – u / a
= 0 – √200 / -10
= √200 / 10
∴ = t = √200 / 10 sec.
23. দুটা বস্তুৰ মাজৰ দূৰত্ব যদি পূৰ্বৰ তুলনাত আধা কৰি দিয়া হয় তেন্তে ইহঁতৰ মাজৰ মহাকৰ্ষণিক আকৰ্ষণ পূৰ্বৰ তুলনাত কিমান হ’ব?
উত্তৰঃ আমি জানে যে দুটা বস্তুৰ মাজৰ মহাকৰ্ষণিক আকৰ্ষণ বল যদি F আৰু ভৰ ক্ৰমে m₁ আৰু m₂হয় আৰু বস্তু দুটাৰ মাজৰ দুৰত্ব হয় তেন্তে—
F α m₁m₂ আৰু F α 1/r²
বা F = G m₁m₂ / r²
এতিয়া যদি rৰ r / 2 মান হয় তেন্তে
F’ = Gm₁m₂ / (r/2)²
= Gm₁m₂ / r2 /r
= 4Gm₁m₂ / r²
= 4.F
এতেকে মহাকৰ্ষণিক আকৰ্ষণ বল পূৰ্বৰ তুলনাত 4 গুণ বৃদ্ধি হ’ব।
24. প্ৰমাণ কৰা g = GM / R² । ইয়াত G, M আৰু ৰ মান বহুৱাই ৰ R মান নিৰ্ণয় কৰা।
উত্তৰঃ ধৰা হ’ল,
পৃথিৱীৰ ভৰ = M
পৃথিৱীৰ ব্যাসাৰ্ধ = R
পৃথিৱীৰ উপৰিভাগত থকা বস্তু এটাৰ ভৰ = m
মহাকৰ্ষণ বল = F
এতিয়া, F = G.m.M / R² ———— (i)
য’ত G = ধ্ৰুবক
আকৌ, F=mg
∴ (i) = mg = G.m.M / R² ———— (ii)
= g = GM / R²
G, M আৰু Rৰ মান বহুৱাই আমি পাওঁ
g = 6.7×10⁻¹¹ × 6×10²⁴ / ( 6.4 × 16⁶ )²
= 9.81 m/sec²
∴ g = 9.81 m/sec²
25. 40 m/sec বেগেৰে শিলগুটি এটা উলম্বভাবে ওপৰলৈ দলিওৱা হ’ল। gৰ মান 10 m/sec² ? ধৰি শিলগুটিটো সৰ্ব্বোচ্চ কিমান উচ্চতালৈ উঠিব উলিওৱা। শিলগুটিটোৰ মুঠ সৰণ আৰু মুঠ অতিক্ৰম কৰা দূৰত্ব উলিওৱা।
উত্তৰঃ ইয়াত, u = 40m/sec
g = – 10m/sec²
h = s = ?
v = 0
আমি জানো যে,
v² – u² = 2as
⇒ s = v² – u² / 2a
= 0² – 40² / 2 × (-10)
= – 40×40 / -20
= 80
∴ h = 80 m
যিহেতু শিগুটিটো ৪০ m ওপৰলৈ গৈ পুনৰ পোনে পোনে তললৈ আগৰ স্থানলৈ নামি আহে গতিকে মুঠ সৰণ শূন্য।
মুঠ অতিক্ৰম কৰা দূৰত্ব = 80m + 80m = 160m
26. এটা বস্তু মাটিৰ পৰা 20 মিটাৰ উচ্চতাৰ পৰা এৰি দিয়া হ’ল বস্তুটো মাটিত পৰোতে কিমান সময় লাগিব ? মাটিত পৰাৰ আগমূহুৰ্তত বস্তুটোৰ বেগ কিমান?
উত্তৰঃ ইয়াত,
u = 0
v = ?
h = s = 20 মিটাৰ
g = 10 মিটাৰ / ছেকেণ্ড²
আমি জানো যে,
s = ut + ½ at²
= 20 = 0 × t + ½ ×10 x t²
= 20 = 5 × t²
= t² = 20 / 5
= t² = 4
= t = 2
∴ t= 2 sec
আকৌ,
v² = u + 2as
= v² = 0² + 2 × 10 × 20
= v² = 400
= v = 20
∴ v = 20 m/sec
27. গাড়ী এখন পাহাৰৰ পৰা নামি বাহিৰলৈ ওলাই থাক আংশ এটা বাগিৰিল আৰু 0.5 secত ভূপতিত হ’ল। ধৰা হওঁক g = 10m/sec2.
(i) মাটিত পৰোতে ইয়াৰ দ্ৰুতি কিমান?
(ii) 0.5 secত ইয়াৰ গড় দ্ৰুতি কিমান?
(iii) পাহাৰৰ গাৰ পৰা ওলাই থকা অংশটোৰ মাটিৰ পৰা উচ্চতা কিমান?
উত্তৰঃ ইয়াত, t = 0.5 sec
u = 0m/sec
= 10 m/sec²
a = 10m/sec²
(i) V = u + at
= 0 + 10 × 0.5
= 5
⇒ v = 5m/sec
(ii) গড় দ্ৰুতি = u + v / 2
= 0 + 5 / 2
= 2.5 m/sec
(ii) s = ut + ½ at²
= 0 × t + ½ at × 10 × 0.25²
= 1.25m
28. দুটা বস্তুৰ মাজৰ বলৰ কি পৰিবৰ্তন হ’ব যদি এটা—
(i) বস্তুৰ ভৰ দুগুণ কৰা হয় ?
(ii) বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ আৰু তিনিগুণ কৰা হয়?
(iii) দুয়োটা বস্তুৰ ভৰ দুগুণ কৰা হয়?
উত্তৰঃ আমি জানো যে m₁আৰু m₂ভৰৰr দুৰত্বত থকা দুটা বস্তুৰ মাজৰ আকৰ্ষণী বল—
F = Gm₁m2₂ / r²
(i) এটা বস্তুৰ ভৰ যদি দুগুণ কৰা হয় তেন্তে—
F = 2 Gm₁m₂ / r²
গতিকে বল দুগুণ হ’ব।
(ii) বস্তু দুটাৰ মাজৰ দুৰত্ব দুগুণ কৰিলে অৰ্থাৎrৰ মান 2x কৰিলে—
F = Gm₁m₂/ (2r)²
= Gm₁m₂ / 4r²
= ¼ 1 Gm₁m₂ / r²
গতিকে বল আগৰ বাৰ ¼ গুণ হ’ব।
বস্তু দুটাৰ মাজৰ দুৰত্ব তিনিগুণ কৰিলে অৰ্থাৎ r ৰ মান 3r কৰিলে।
F = Gm₁m₂ / (3r)²
= Gm₁m₂ / 9r²
= 1/9 Gm₁n₂ / r²
1 গতিকে বল আগৰ বলৰ 1/9 গুণ হ’ব।
(iii) দুটোটা বস্তুৰ ভৰ দুগুণ কৰিলে অৰ্থাৎ m1ৰ মান 2m1 আৰু m2ৰ মান 2m² কৰিলে
F = G.2m₁. 2m₂ / r²
= 4 Gm₁m₂ / r²
= 4.Gm₁m₂ / r²
গতিকে বল আগৰ বলৰ 4 গুণ হ’ব।
29. নাদত পেলাই দিয়া এটা শিশুটিয়ে 1 ছেকেণ্ডৰ পিছত নাদৰ পানীত পৰিলগৈ। নিৰ্ণয় কৰা—
(ক) কিমান বেগেৰে শিশুটিটোৱে নাদৰ পানীত খুন্দা মাৰিলেগৈ।
(খ) নাদৰ ওপৰৰ পৰা পানীৰ দূৰত্ব কিমান?
উত্তৰঃ ইয়াত,
t = 1 sec
u = 0
v = ?
s = ?
a = 10m/sec²
(ক) আমি জানো যে,
v = u + at
⇒ v = 0 + 10 × 1
⇒ v = 10
∴ v = 10m/sec
(খ) আকৌ,
s = ut + ½ at²
⇒ s = 0 × 1 + ½ × 10 × 1²
⇒ ½ × 10 × 1
⇒ 5
∴ s = 5m
30. বল এটা উলম্বভাৱে ওপৰলৈ 49 m/sec বেগেৰে দলিওৱা হ’ল—
(i) ই আৰোহণ কৰা সৰ্ব্বোচ্চ উচ্চতা।আৰু
(ii) ভূ-পৃষ্ঠলৈ উভতিবলৈ প্ৰয়োজন হোৱা মুঠ সময় নিৰ্ণয় কৰা।
উত্তৰঃ ইয়াত,
u = 49m/sec
a = -9.8 m/sec
v = 0
h=s = ?
t=?
(i) আমি জানো যে,
v² – u² = 2as
= s = v² – u² / 2a
= 0² – 49² / -2 × (-9.8)
= – 49 × 49 / 2 × 9.8
= 49 × 49 / 19.6
= 122.5
∴ h = 122.5m
(iii) আমি জানো যে,
V = u + at
⇒ t = v – u / a
= 0 – 49 / – 9.8
= 49 / 9.8
= 490 / 98
= 5
∴ t = 5 sec
31. এটা শিলগুটি 20 মি/ছে. বেগেৰে ওপৰলৈ মাৰি পঠিওৱা হ’ল বায়ুৰ বাধা উপেক্ষা কৰি নিৰ্ণচছয় কৰা—
(ক) শিশুটিটো মাটিৰ পৰা কিমান ওপৰলৈ উঠিব।আৰু
(খ) ঘূৰি আহি আকৌ মাটি পোৱালৈকে ইয়াৰ কিমান সময় লাগিব ?
উত্তৰঃ ইয়াত,
u = 20 m/sec
a = – 10m/sec²
v = 0m/sec
(ক) s = h = ?
(খ) t = ?
আমি জানো যে,
v² = u² + 2as
= s = v² – u² / 2a
= 0 – 20² / 2 × (-10)
= -400 / -20
= 20
∴ h = s = 20m
আকৌ,
t = v – u / a
= 0 – 20 / – 10
= –20 / –10
= 2
∴ ঘুৰি আহি মাটি পোৱালৈকে লগা সময় = 2 + 2
= 4 sec
32. 100m উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা পৰিবলৈ দিয়া হ’ আৰু একে সময়তে অন্য এটা শিলগুটি 25m / sec বেগেৰে উলম্বভাবে ওপৰলৈ দলিওৱা হ’ল। কেতিয়া আৰু কত শিলগুটি দুটাৰ ভেটাভেটি হ’ব?
উত্তৰঃ ধৰা হ’ল শিল দুটাই ওপৰৰ পৰা x মিটাৰ দূৰত্বত লগালগি হ’ব। তললৈ অহা শিলগুটিটোৰ ক্ষেত্ৰত—
u = 0
s = xm
a = 10 m/sec²
t = t sec
এতিয়া,
= s = ut + ½ at²
= x = 0 × t + ½ ×10 × t²
= x = 5t² k̂ ——— (1)
ওপৰলৈ যোৱা শিল গুটিটোৰ ক্ষেত্ৰত :
u = 25 m/sec
a = – 10m/sec²
t = t sec
s = (100- x) m
এতিয়া,
s = ut + ½ at²
= 100 – x = 25 × t + ½ × ( – 10 ) × t²
=100 –x = 25t² – 5t²
=100 – 5t² = 25t – 5t²
= 100 = 257
= t = 4 sec
∴ (i) = x = 5 t²
⇒ x = 5² × 4²
= 5 × 16
= 80
∴ x = 80m
∴ শিলগুটি দুটাই ওপৰৰ পৰা ৪০ মিটাৰ দূৰত্বত লগালগি হ’ব।
33. 200 কিলোগ্ৰাম ভৰৰ দুটা বস্তুৰ মাজৰ দূৰত্ব 3 মিটাৰ হ’লে ইহঁতৰ মাজৰ আকৰ্ষণী বল কিমান হ’ব?
উত্তৰঃ ইয়াত,
m₁ = 200 kg
m₂ = 200 kg
r = 3m
F = ?
G = 6.67 x 11⁻¹¹ Nm²/kg²
আমি জানো যে,
F = Gm₁m₂ / r²
= 6.67×10⁻¹¹ × 200 × 200 / 3²
= 6.67× 40000 ×10⁻¹¹ / 9
= .6.67 × 4 9 / 9 × 10⁻⁷
= 26.68 / 9 × 10⁻⁷
∴ F = 26.68 / 9 × 10⁻⁷ N
34. উলম্বভাৱে ওপৰলৈ প্ৰক্ষেপ কৰা শিলগুটি এটা 6 চেকেণ্ডৰ পিছত প্ৰক্ষেপকাৰীৰ ওচৰলৈ ঘূৰি আহিল—
(ক) ইয়াৰ উৰ্দ্ধমুখী প্ৰক্ষেপ বেগ।
(খ) ইআৰোহণ কৰা সৰ্ব্বোচ্চ উচ্চতা।
(গ) 4 ছেকেণ্ড পিছত ইয়াৰ অৱস্থান নিৰ্ণয় কৰা।
উত্তৰঃ (i) ইয়াত, উৰ্দ্ধমুখী সময় = নিম্ন মুখী সময় ।
∴ উৰ্দ্ধমুখী সময় = 6 / 2 sec
= 3 sec
u = ?
a = – 9.8 m/sec²
V = 0
t = 3 sec
আমি জানো যে,
v = u + at
U = V– at
= 0 – (-9.8) × 3
= 29.4
∴ u = 29.4 m/sec
h = s= ?
(ii) আমি জানো যে,
s = ut + ½ at²
= 29.4 × 3 + ½ × (-9.8).3²
= 88.2 44.1
= 44.1
∴ h = 44.1 m
(iii) 4 ছেকেণ্ড পিছত –
u = 0 m/sec
t = 4 – 3 = 1 sec
a = 9.8 m/sec²
S = ?
আমি জানো যে,
s = ut + ½ at²
= 0 × 1+ ½ × 9.8 × 1²
= ½ × 9.8
= 4.9
∴ 4 ছেকেণ্ড পিছত সৰ্বোচ্চ উচ্চতাৰ পৰা 4.9 মিটাৰ তলত শিলটোৰ অৱস্থান হ’ব।
35. প্ৰমাণ কৰা যে, চন্দ্ৰত বস্তুৰ ওজন = ⅙ × পৃথিৱীত বস্তুৰ ওজন
উত্তৰঃ ধৰা হ’ল, বস্তু এটাৰ ভৰ m আৰু চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন Wm চন্দ্ৰৰ ভৰ Mmআৰু ইয়াৰ ব্যাসাৰ্ধ Rm মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰমতে চন্দ্ৰত বস্তুটোৰ ওজন হ’ব—
ধৰা হ’ল একেটা বস্তুৰ পৃথিৱীত ওজন We। পৃথিৱীৰ ভৰ M’ আৰু বাসাৰ্ধ R I
= চন্দ্ৰত বস্তুৰ ওজন = ⅙ ×পৃথিৱীত বস্তুৰ ওজন।
36. বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ কি কি?
উত্তৰঃ
ভৰ | ওজন |
1. বস্তু এটাত নিহিত হৈ থকা পদাৰ্থৰ পৰিমাণক বস্তুটোৰ ভৰ বোলে। | 1. বস্তু এটাক পৃথিৱীয়ে নিজ কেন্দ্ৰৰ ফালে যিমান বলেৰে আকৰ্ষণ কৰে সেইবলক বস্তুটোৰ ওজন বোলে। |
2. ভৰ এটা স্কেলাৰ ৰাশি। | 2. ওজন ভেক্টৰ ৰাশি। |
3. ভৰৰ মান সদায় একে থাকে। | 3. ওজনৰ মান ঠাই বিশেষে বেলেগ বেলেগ হয়। |
37. ‘g’ আৰু ‘G’ ৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ
g | G |
(i) g হ’ল মাধ্যাকৰ্ষণীক ত্বৰণ | (i) G হ’ল বিশ্বজনীন মহাকৰ্ষণীক ধ্ৰুবক। |
(ii) gৰ মান 9.8m/sec² | (ii) Gৰ মান 6.67 x 10⁻¹¹Nm2/kg² |
(iii)g = GM / R² | (iii) G = FR² / m₁.m₂ |