ভাৰতৰ ৰাজনৈতিক দল

ভাৰতৰ ৰাজনৈতিক দল | Chapter 10 | Class 9 Social Science – SEBA

ভাৰতৰ ৰাজনৈতিক দল | ৰাজনীতি বিজ্ঞান | Chapter 10 | Class 9 Social Science Question and Answer | Assam Class 9 Social Science Solutions | SEBA Class 9 HSLC Social Science Chapter 10 Notes | SEBA Class 9 HSLC Social Science Chapter 10 Question and Answer | Questions and Answers for Class 9 Social Science Chapter 10 ভাৰতৰ ৰাজনৈতিক দল | HSLC Social Science Questions and Answers Assam


ভাৰতৰ ৰাজনৈতিক দল

Very Short Type Questions and Answers (Marks : 1)

1. ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা।
উত্তৰঃ ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য হ’ল জনগণক ৰাজনৈতিক শিক্ষা প্রদানেৰে শিক্ষিত কৰা।

2. অন্ধ্রপ্রদেশৰ এটা ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা।
উত্তৰঃ তেলেগু দেশম।

3. প্ৰথমখন মৰ্চা চৰকাৰ কোন গৰাকী নেতাৰ নেতৃত্বত আৰু কোন চনত গঠন হৈছিল ?
উত্তৰঃ মোৰাৰজী দেশাইৰ নেতৃত্বত ১৯৭৭ চনত প্ৰথমখন মৰ্চা চৰকাৰৰ গঠন হৈছিল।

4. নৰেন্দ্ৰ মোডীয়ে কেতিয়া চৰকাৰ গঠন কৰে ?
উত্তৰঃ ২০১৪ চনৰ ২৬ মে তাৰিখে।

5. ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো?
উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হৈছে— কংগ্ৰেছ।

6. মুছলীম লীগ নামৰ দলটোৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰঃ ১৯০৬ চনত।

7. এটা ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছ (Indian National Congress)

8. ভাৰতবৰ্ষত কেতিয়া কমিউনিষ্ট পাৰ্টি গঠন হৈছিল ?
উত্তৰঃ ১৯২৪ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত কমিউনিষ্ট পাৰি গঠন হৈছিল।

9. কাৰ দিনত পিউৰিটানসকলে পালিয়ামেণ্টত একগোট হৈ কাম কৰা আৰম্ভ কৰিছিল ?
উত্তৰঃ ৰাণী এলিজাবেথৰ দিনত ।

10. দ্বিদলীয় ব্যৱস্থাত কেইটা ৰাজনৈতিক দল থাকিব পাৰে ?
উত্তৰঃ দুটা।

11. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিবেশন কত অনুষ্ঠিত হৈছিল?
উত্তৰঃ বোম্বাই (বর্তমান মুম্বাই) চহৰত।

12. কোনটো দলীয় ব্যৱস্থা গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে অধিক গ্রহণযোগ্য ?
উত্তৰঃ দ্বি-দলীয় ব্যৱস্থা অধিক গ্রহণযোগ্য।

13. ইউ পি এ (UPA)ৰ সম্পূৰ্ণ অর্থ লিখা।
উত্তৰঃ ইউ পি এ (UPA)-ৰ সম্পূৰ্ণ অৰ্থ হ’ল সংযুক্ত গণহান্ত্ৰিক মৰ্চা।

14. বহুদলীয় ব্যৱস্থাত থকা ৰাজনৈতিক দলৰ সংখ্যা কিমান ?
উত্তৰঃ দুটাতকৈ অধিক।

15. কাৰ নেতৃত্বত ‘দি ইণ্ডিয়ান এছচিয়েচন’ গঠন হৈছিল ?
উত্তৰঃ এছ. এনু. বেনাৰ্জীৰ নেতৃত্বত ‘দি ইণ্ডিয়ান এছচিয়েচন গঠন হৈছিল।

16. এক দলীয় ব্যৱস্থা, দ্বিদলীয় ব্যৱস্থা আৰু বহুদলীয় ব্যৱস্থা থকা দেশসমূহ কি কি ?
উত্তৰঃ একদলীয় ব্যৱস্থা থকা দেশখন হ’ল চীন। দ্বি-দলীয় ব্যৱস্থা থকা দেশ হ’ল ইংলেণ্ড, আমেৰিকা । বহুদলীয় ব্যৱস্থা থকা দেশ হ’ল ভাৰতবৰ্ষ, বাংলাদেশ, পাকিস্তান আদি।

17. ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ?
উত্তৰঃ উমেশ চন্দ্র বেনাৰ্জী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল।

18. আকালি দল কোন ৰাজ্যৰ ৰাজনৈতিক দল ?
উত্তৰঃ পাঞ্জাৱ।

19. বিৰোধী দলৰ সবল ভূমিকা থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড (গ্রেট ব্রিটেইন)।

20. দুটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ নাম লিখা।
উত্তৰঃ (ক) ভাৰতীয় জাতীয় কংগ্ৰেছ।
(খ) ভাৰতীয় জনতা পার্টি।

21. হিন্দু মহাসভা কেতিয়া গঠন কৰা হৈছিল ?
উত্তৰঃ ১৯১৬ খ্ৰীষ্টাব্দত ভাৰতীয় হিন্দুসকলে হিন্দু মহাসভা গঠন কৰিছিল।

22. কোন চনত দি ইণ্ডিয়ান এছচিয়েচন’ গঠিত হৈছিল ?
উত্তৰঃ ১৮৭৬ চনত “দি ইণ্ডিয়ান এছচিয়েচন’ গঠিত হৈছিল।

23. আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হ’ল— দ্বি দলীয় ব্যৱস্থা।

24. ভাৰতৰ ৰাজনৈতিক দলকেইটা কি কি ?
উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছ, মুছলিম লীগ (১৯০৬), হিন্দু মহাসভা (১৯১৬), স্বৰাজ পার্ট।

25. প্ৰথম সাধাৰণ নিৰ্বাচন কিমান চনত হৈছিল ?
উত্তৰঃ ১৯৫২ চনত।

26. অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা।
উত্তৰঃ অসমৰ এটা আঞ্চলিক দল হৈছে অসম গণ পৰিষদ। ।

READ MORE  মূল অর্থনৈতিক সমস্যাসমূহ | Chapter 13 | Class 9 Social Science - SEBA

27. চতুৰ্থ সাধাৰণ নিৰ্বাচন কিমান চনত হৈছিল ?
উত্তৰঃ ১৯৬৭ চনত।

28. একদলীয় শাসনব্যৱস্থা থকা এখন দেশৰ নাম লিখা।
উত্তৰঃ একদলীয় শাসনব্যৱস্থা থকা এখন দেশ হ’ল চীন।

29. কোন দেশত পোনপ্ৰথমে ৰাজনৈতিক দলৰ আৰম্ভণি হয় ?
উত্তৰঃ ইংলেণ্ডত।

30. ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হৈছে
(ক) সংগঠন আৰু (খ) নীতি-আদৰ্শ আৰু আঁচনি।

31. ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইটামান মুখ্য ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় জনতা দল, ভাৰতীয় কমিউনিষ্ট পাৰ্টী, ভাৰতীয় কমিউনিষ্ট (মার্ক্সবাদী), তৃণমূল কংগ্ৰেছ, আম আদমি ইত্যাদি।

32. ৰাচিয়াত সাম্যবাদী দলৰ চৰকাৰ কেতিয়া গঠন হয় ?
উত্তৰঃ ১৯১৭ চনত।

33. ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি?
উত্তৰঃ ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ’ল- ঝাৰখণ্ড মুক্তি মৰ্চা।

34. প্রথম সাধাৰণ নিৰ্বাচনত কিমাটা ৰাজনৈতিক দলে অংশগ্রহণ কৰিছিল ?
উত্তৰঃ পঞ্চাশৰো অধিক ৰাজনৈতিক দলে।

35. আঞ্চলিক ৰাজনৈতক দলৰ সোণালী দশক বুলিলে কি বুজা ?
উত্তৰঃ যোৱা শতিকাৰ আশীৰ দশকত বহু বেছি সংখ্যক আঞ্চলিক দলৰ জন্ম হোৱাৰ বাবেই সেই দশকটোক আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলি কোৱা হয়।

36. নেছনেল কনফাৰেন্স নামৰ ৰাজনৈতিক দলটো কোনখন ৰাজ্যৰ দল ?
উত্তৰঃ জম্মু আৰু কাশ্মীৰ ৰাজ্যখনৰ।

37. ভাৰতবৰ্ষত কেতিয়া প্ৰথম অনাকংগ্ৰেছী চৰকাৰ গঠন হৈছিল আৰু কোনে গঠন কৰিছিল ?
উত্তৰঃ ১৯৭৭ চনত ভাৰতবৰ্ষত প্ৰথম অনাকংগ্ৰেছী চৰকাৰ গঠন হৈছিল। এই চৰকাৰ জনতা দলৰ নেতৃত্বত গঠিত হৈছিল।

38. ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথমটো বাওঁপন্থী দলটো কি আৰু ইয়াৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰঃ ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথমটো বাওঁপন্থী দলটো হ’ল ভাৰতীয় সাম্যবাদী। এই দলটোৰ জন্ম হৈছিল ১৯২৪ চনত।

39. ভাৰতত বিৰোধী দলববাৰে একোটা সমস্যাৰ ক্ষেত্ৰত কি কাৰণে একগোট হ’ব নোৱাৰে ?
উত্তৰঃ ভাৰতৰ বিৰোধী দলসমূহে বহুধা বিভক্ত, প্রত্যেক দলৰে নীতি-নিয়ম আৰু আদৰ্শ বেলেগ বেলেগ। সেয়ে একোটা সমস্যাৰ ক্ষেত্ৰত তেওঁলোক এক গোট ই’ব নোৱাৰে।

40. ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জন্ম কেতিয়া হৈছিল ? ইয়াৰ নেতৃত্ব কোনে বহন কৰিছিল ?
উত্তৰঃ ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জন্ম হয়। ইয়াৰ নেতৃত্ব লৈছিল অৱসৰপ্ৰাপ্ত আই। চি. এছ. বিষয়া এলেন অক্টোভিয়ান হিউমে।

41. গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী ?
উত্তৰঃ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বি-দলীয় ব্যৱস্থা বিষেশভাৱে উপযোগী।

Long Type Questions and Answers (Marks : 3/4/5)

1. কেন্দ্ৰত থকা মৰ্চা চৰকাৰসমূহ কি কি ?
উত্তৰঃ কেন্দ্ৰত থকা মৰ্চা চৰকাৰ হ’ল—
(i) ইউনাইটেড ফ্রন্ট
(ii) সংযুক্ত গণতান্ত্রিক মৰ্চা (United Progressive Alliance)
(iii) ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (National Democratic Alliance)

2. ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা ।
উত্তৰঃ ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা হ’ল—
(i) সংগঠন
(ii) ক্ষমতা দখলৰ বাবে আকাংক্ষা
(iii) নীতি-আদৰ্শ আৰু আঁচনি
(iv) জাতীয় স্বাৰ্থৰ প্ৰতি সম্মান

3. পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।
উত্তৰঃ পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ’ল—
(i) আকালি দল (পাঞ্জাৱ )
(ii) নেচনেল কনফাৰেঞ্চ (জন্মু কাশ্মীৰ)
(iii) শিৱসেনা (মহাৰাষ্ট্ৰ

4. মৰ্চা চৰকাৰ বুলিলে কি বুজা ?
উত্তৰঃ (ii) তেলেগু দেশম (অন্ধ্রপ্রদেশ)
(ii) অসম গণ পৰিষদ (অসম)

যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলে।

5. একদলীয় চৰকাৰক স্বেচ্ছাচাৰী শাসক বুলি কিয় কোৱা হয় ?
উত্তৰঃ একদলীয় চৰকাৰত এটা দলেই চৰকাৰ গঠন কৰে। ইয়াত কোনো বিৰোধী নাথাকে। বিৰোধী দল নথকাৰ বাবে চৰকাৰে কোনো নীতি ভুল হ’লেও বা শুদ্ধ হ’লেও তা প্রয়োগ কৰিবলৈ কুণ্ঠাবোধ নকৰে। চৰকাৰৰ ভুল-ত্রুটি হ’লেও দেখুৱাবৰ বাবে কোনো বিৰোধী দল নথকা বাবে একদলীয় চৰকাৰক স্বেচ্ছাচাৰী শাসক বুলিও কোৱা হয়।

READ MORE  অসমৰ ভূগোল | Chapter 9 | Class 9 Social Science - SEBA

6. সংযুক্ত চৰকাৰ বুলিলে কি বুজা ? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয় ?
উত্তৰঃ সংযুক্ত চৰকাৰ বুলিলে যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ বোলা হয়।

যেতিয়া এটা নিৰ্বাচনত কৌটি কৌটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নিৰ্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হ’বলৈ নিদিয়াৰ চেষ্টাত সংযুক্ত চৰকাৰ গঠন হয়। ইয়াৰ উপৰিও চৰকাৰত আঞ্চলিক প্রতিনিধিত্বৰ বিষয়টোৱেও সংযুক্ত বা মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায়।

7. আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা।
উত্তৰঃ আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ হ’ল—
(i) সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি।
(ii) দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা।
(iii) সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ।
(iv) কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীকৰণৰ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা।
(v) সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ।
(vi) ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা ইত্যাদি।

8. ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা ।
উত্তৰঃ ৰাজনৈতিক দলৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—
(i) সংগঠন
(ii) নীতি-আদৰ্শ আৰু আঁচনি
(iii) ক্ষমতা দখলৰ বাবে আকাংক্ষা (iv) জাতীয় স্বাৰ্থৰ প্ৰতি সম্মান।

কাৰ্যাৱলীসমূহ হ’ল—
(i) জনগণক ৰাজনৈতিক শিক্ষা প্রদানেৰে শিক্ষিত কৰা।
(ii) জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা ।
(iii) জনমত গঠন কৰা
(iv) জনমতক সু-সংগঠিত ৰূপ দিয়া ।

ইয়াৰ উপৰিও গণতন্ত্ৰত জনগণে চৰ্কাৰ গঠন প্ৰক্ৰিয়াত অংশ লোৱাৰ পৰিৱেশ সৃষ্টি কৰাটোও ৰাজনৈতিক দলৰ আন এক দায়িত্ব।

9. মৰ্চা চৰকাৰৰ দোষ-গুণসমূহ উল্লেখ কৰা।
উত্তৰঃ
দোষ :
(i) ক্ষণস্থায়ী অথবা অস্থিৰ।
(ii) দুৰ্বল চৰকাৰ।
(iii) দীর্ঘম্যাদী আঁচনি গ্ৰহণত জটিলতা।
(iv) অংশীদাৰী দলৰ আকাংক্ষা।
(v) জাতীয় স্বার্থ বিঘ্নিত হোৱাৰ আশংকা।
(vi) ব্যয়বহুল।

গুণ :
(i) পৰিস্থিতি আৰু সময় সাপেক্ষ।
(ii) অস্বেচ্ছাচাৰী চৰকাৰ ।
(iii) আঞ্চলিক প্রতিনিধি।
(iv) জাতীয় ঐক্য সংহতি ৰক্ষা।
(v) ৰাজহুৱা ধনৰ অপব্যৱহাৰ হ্ৰাস।

10. ভাৰতৰ উল্লেখযোগ্য আঞ্চলিক ৰাজনৈতিক দলৰ নাম, লিখা ।
উত্তৰঃ ভাৰতৰ উল্লেখযোগ্য আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ’ল—
(i) আকালি দল (পাঞ্জাব)
(ii) তেলেগু দেশম (অন্ধ্রপ্রদেশ)।
(iii) নেচনেল কনফাৰেঞ্চ (জন্ম কাশ্মীৰ
(iv) অসম গণ পৰিষদ (অসম)
(v) শিৱসেনা (মহাৰাষ্ট্ৰ)
(vi) ডি. এম. কে, এ. আই. ডি. এম. কে. (তামিলনাডু)
(vii) মিজো নেচনেল ফ্ৰণ্ট (মিজোৰাম)
(viii) নাগালেণ্ড পিপুলচ্ কনফাৰেঞ্চ (নাগালেণ্ড)
(ix) ঝাৰখণ্ড মুক্তি মৰ্চা (ঝাৰখণ্ড)

11. গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ গণতান্ত্রিক ধ্যান-ধাৰণাৰ জন্মৰ লগে লগে প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে। বর্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক। ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্র অচল, ঠিক একেদৰে গণতন্ত্ৰৰ অবিহনে ৰাজনৈতিক দল অর্থহীন। ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ। ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়ে। ৰাজনৈতিক দল অথবা দলীয় প্ৰথাৰ ব্যৱস্থা পৃথিৱীৰ প্ৰত্যেকখন গণতান্ত্রিক ৰাষ্ট্ৰতে আছে। এই দলীয় প্রথা একদলীয়, দ্বিদলীয় অথবা বহুদলীয় হয়। চীন তথা বহুকেইখন সাম্যবাদী ৰাষ্ট্ৰত এক দলীয় ব্যৱস্থা থকাৰ বিপৰীতে ইংলেণ্ড; আমেৰিকা আদি দেশত দ্বি-দলীয় আৰু ভাৰতবৰ্ষ, বাংলাদেশ, পাকিস্তান আদি দেশত বহুদলীয় ব্যৱস্থা আছে। বহুদলীয় ব্যৱস্থা থকা গণতন্ত্ৰতকৈ দ্বি-দলীয় বৱস্থা থকা গণতন্ত্র অধিক সুস্থিৰ আৰু সবল।

12. ৰাজনৈতিক দল বুলিলে কি বুজা ? ব্যাখ্যা কৰা ।
উত্তৰঃ দেশৰ বা জনসাধাৰণৰ ৰাজহুৱা সমস্যাবোৰৰ প্ৰতি একেধৰণ মতামত তথা উদ্দেশ্য সিদ্ধিৰ বাবে একেলগে কাম কৰিবলৈ সংকল্প লোৱা কিছুসংখ্যক লোকৰ সংহতিক ৰাজনৈতিক দল বুলি কোৱা হয়।

READ MORE  অৰ্থনীতিৰ মৌলিক বিষয়সমূহ | Chapter 12 | Class 9 Social Science - SEBA

গণতান্ত্রিক শাসন ব্যৱস্থাত দেশৰ প্রসাশন আৰু ৰাজনৈতিক কাম কাজবোৰ ৰাজনৈতিক দলে নিয়ন্ত্ৰণ কৰে। সংসদীয় গণতন্ত্ৰত সংসদত সংখ্যাগৰিষ্ঠতা লাভ কৰা ৰাজনৈতিক দলে শাসন চলায়। সকলো দেশতে জনমত গঠনৰ ক্ষেত্ৰত ৰাজনৈতিক দলে আগভাগ লয়। ৰাজনৈতিক দল হৈছে দেশৰ নাগৰিকসকলৰ এটি সংস্থা ইংলেণ্ডত পোন প্ৰথমে ৰাজনৈতিক দলৰ আৰম্ভণি হয়। ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ দিনত পিউৰিটান (Puritan) সকলে পালিয়ামেন্টত একগোট হৈ কাম কৰা আৰম্ভ কৰি প্ৰকৃততে ৰাজনৈতিক দলৰ শুভাৰম্ভ কৰে। ৰাজনৈতিক দলসমূহ গণতন্ত্ৰৰ অপৰিহাৰ্য অংগ বুলি বিবেচনা কৰা হয়।

13. সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা।
উত্তৰঃ সংযুক্ত বা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ তলত উল্লেখ কৰা হ’ল—
দোষ :
(i) ক্ষণস্থায়ী অথবা অস্থিৰ : মৰ্চা চৰকাৰৰ আটাইথকৈ ডাঙৰ দোষটো হৈছে ইয়াৰ অস্থিৰতা। মৰ্চাত অংশগ্ৰহণ কৰা দলসমূহৰ নিজা স্বাৰ্থত আঘাত পৰিলে তেনে দলে যিকোনো সময়তে সমর্থন উঠাই লোৱাৰ সম্ভাৱনা থাকে। ফলত কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগেয়ে। এনে চৰকাৰৰ পতন ঘটে।

(ii) দুৰ্বল চৰকাৰ : মৰ্চা চৰকাৰ সাধাৰণতে দুৰ্বল হয়। অংশগ্ৰহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে এই চৰকাৰে কোনো বিষয়তে দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে।

গুণ :
(i) পৰিস্থিতি আৰু সময় সাপেক্ষ : মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষ। পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত অতীব প্রয়োজন।

(ii) জাতীয় ঐক্য সংহতি ৰক্ষা : মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি-আদৰ্শত কঠোৰভাৱে লাগি নাথাকি বুজা বুজিৰে কাম কৰে। ফ ত জাতীয় ঐক্য সংহতি বৃদ্ধি হয়।

14. সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বর্তমান সময়ত বিশেষ গুরুত্ব লাভ কৰাৰ কাৰণ কেইটা আলোচনা কৰা ।
উত্তৰঃ সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ অন্তৰালত থকা কাৰণকেইটা হৈছে—

(i) ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি।
(ii) একক ৰাজনৈতিক দলৰ প্ৰাধান্যতা হ্রস।
(iii) এটা নিৰ্বাচনত কৌটি কৌটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নিৰ্বাচন পাতিচৰকাৰী ধনৰ অপব্যয় হ’বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়।
(iv) চৰকাৰত আঞ্চলিক প্রতিনিধিত্বৰ বিষয়টোৱেও সংযুক্ত চৰখাৰ গঠনত গুৰুত্ব পায়।

১৯৪৭ চনৰ পৰা ১৯৬৭ চনলৈকে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ভাৰতীয় জাতীয় কংগ্ৰেছে শাসন বৰ্তাই ৰাখিছিল। সেইখিনি সময়ত সংযুক্ত চৰকাৰ গঠনৰ প্ৰসংগ অহা নাছিল। কিন্তু পিছলৈ ‘এক দলৰ আধিপত্যৰ ক্ষেত্ৰত প্ৰত্যাহ্বান অহাত মৰ্চা চৰকাৰ গঠনৰ প্ৰক্ৰিয়া। আৰম্ভ হ’ল।

15. গণতন্ত্রত বিৰোধী ৰাজনৈতিক দলৰ ভূমিক আলোচনা কৰা।
উত্তৰঃ গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শক্তিশালী বিৰোধী দলৰ অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰাৰ লগতে জনসাধাৰণৰ স্বাৰ্থ সুৰিক্ষিত কৰিব নোৱাৰে।

বিৰোধী দলৰ সবল ভূমিকা থকা দুখন উল্লেখযোগ্য ৰাষ্ট্ৰ হ’ল— আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড (গ্রেট ব্রিটেইন) এখন গণতান্ত্রিক দেশত শাসনত থকা দলটোৰ বিপৰীতে বিৰোধীৰ আশনত থকা বিধোৰী দলৰ ভূমিত কেনে হ’ব লাগে এই লৈ ৰাজনৈতিক পণ্ডিতসকলে বহুতো পৰামৰ্শ আগবঢ়াইছে। এই পৰামৰ্শসমূহ তলত উল্লেখ কৰা হ’ল—

(i) জনসাধাৰণ আৰু দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পৱিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্ত্ৰ প্ৰহৰীৰ দৰে কাম কৰিব। লাগে।

(ii) শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা ।

(iii) চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্যবেক্ষণ কৰি প্রয়োজন হ’লে চৰকাৰক সংসদৰ মজিয়াত সমালোচনা কৰা ধৰা।

(iv) জনসাধাৰণৰ অভাৱ-অভিযোগ, আশা-আকাংক্ষাক সংসদ মজিয়াত দাঙি

(v) প্রয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা ।

(vi) জনমত গঠন কৰা।

Leave a Comment

error: Content is protected !!
Scroll to Top