বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ | ভূগোল | Chapter 7 | Class 9 Social Science Question and Answer | Assam Class 9 Social Science Solutions | SEBA Class 9 HSLC Social Science Chapter 7 Notes | SEBA Class 9 HSLC Social Science Chapter 7 Question and Answer | Questions and Answers for Class 9 Social Science Chapter 7 বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ | HSLC Social Science Questions and Answers Assam
বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ
Multiple Choice Questions and Answers (MCQs)
1. বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো হ’ল—
(১) উইণ্ড ভেনব।
(২) এনিমমিটাৰ।
(৩) বিউফর্ট স্কেল
(৪) হাইড্ৰ’মিটাৰ।
উত্তৰঃ (২) এনিম’মিটাৰ।
2. প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহৰ নামটো হ’ল—
(১) চাইনিজ।
(২) হাৰিকেন।
(৩) উইলী উইলী।
(৪) টাইফুন।
উত্তৰঃ (৪) টাইফুন।
3. বতাহৰ গতিবেগৰ এককটো হ’ল—
(১) নট।
(২) মিলিবাৰ।
(৩) শতাংশ।
(৪) ডিগ্ৰী।
উত্তৰঃ (১) নট
4. অ’জন গেছৰ স্তৰটো ক’ত অৱস্থিত—
(১) ট্ৰপস্ফিয়েৰৰ।
(২) স্ট্রেট স্ফিয়েৰ।
(৩) মেছ’স্ফিয়েৰ।
(৪) থামস্ফিয়েৰ।
উত্তৰঃ (২) স্ট্রেট স্ফিয়েৰ।
5. বায়ুপ্রবাহৰ মূল কাৰণটো হ’ল—
(১) আৰ্দ্ৰতাৰ তাৰতম্য।
(২) চাপৰ তাৰতম্য।
(৩) মাধ্যাকর্ষণ শক্তি।
(৪) অপকেন্দ্রিক বল।
উত্তৰঃ (৩) মাধ্যাকর্ষণ শক্তি।
6. বায়ুমণ্ডলত আয়তন হিচাপে অজন কিমান থাকে—
(১) ২০,৯৪%
(২) ২৯.০১%
(৩) ৩২.৪৭%
(৪) ৭৮.০৮%
উত্তৰঃ (১) ২০.৯৪%
7. মৌচুমী বতাহ তলৰ কোন শ্ৰেণীৰ অন্তৰ্গত—
(১) স্থানীয় বতাহ।
(২) প্রাথমিক বতাহ।
(৩) গৌণ বতাহ।
(৪) নিয়মিত বতাহ।
উত্তৰঃ (৩) গৌণ বতাহ
Very Short Type Questions and Answers (Marks : 1)
1. গড় হিচাপে ট্ৰপস্ফিয়েৰৰ স্তৰৰ উচ্চতা কিমান?
উত্তৰঃ গড় হিচাপে ট্ৰপস্ফিয়েৰৰ উচ্চতা ১০ কিঃ মিঃ।
2. মেছ’স্ফিয়েৰৰ নিম্নসীমাত বায়ুমণ্ডলৰ উত্তাপ কিমান?
উত্তৰঃ ০° ছেন্টিগ্রেড।
3. সাগৰপৃষ্ঠত বায়ুৰ স্বাভাৱিক চাপ কিমান?
উত্তৰঃ ২৯.৯২ ইঞ্চি বা ৭৬০ মিঃ মিঃ পাৰাক্তন্ত।
4. বতাহৰ গতিবেগৰ একক কি?
উত্তৰঃ নট (Knot)।
5. কিহৰ বাবে বায়ুমণ্ডল পৃথিৱীৰ গাতে লাগি আছে?
উত্তৰঃ মাধ্যাকর্ষণ শক্তিৰ বাবে।
6. ভূ-পৃষ্ঠৰ পৰা বায়ুমণ্ডলৰ মাজেৰে ওপৰলৈ গতি কৰিলে কি হাৰত বায়ুৰ চাপ কমি যায়?
উত্তৰঃ প্রতি ৯০০ ফুট উচ্চতাত বায়ুচাপ ১ ইঞ্চি বা প্রায় ৩৪ মিলিবাৰ হাৰত কমি যায়।
7. সাগৰ পৃষ্ঠত বায়ুৰ ঘনত্ব কম নে বেছি?
উত্তৰঃ আটাইতকৈ বেছি।
8. মৌচুমী’ শব্দটো কি ভাষাৰ, কি শব্দৰ পৰা উদ্ভৱ হৈছে?
উত্তৰঃ আৰবী ভাষাৰ মৌচিন (Mousin) শব্দৰ পৰা।
9. কি গেছে অতিবেঙুনীয়া ৰশ্মি শোষণ কৰে?
উত্তৰঃ অ’জন গেছে।
10. মস্ফিয়েৰ কিমানলৈ উত্তাপ বৃদ্ধি পায়?
উত্তৰঃ ১৬৫০° ছেন্টিগ্রেড পর্যন্ত।
11. ভূ-পৃষ্ঠৰ পৰা বায়ুমণ্ডলৰ মাজেৰে ওপৰলৈ গ’লে গড় হিচাপে কি হাৰত উত্তাপ হ্রাস হয়?
উত্তৰঃ প্রতি কিলোমিটাৰ উচ্চতাত ৬.৫° ছেন্টিগ্রেড।
12. বায়ুমণ্ডলৰ কোনটো স্তৰত অধিক জলীয়বাষ্প থাকে?
উত্তৰঃ ঐপস্ফিয়েত।
13. স্ট্রেট স্ফিয়েৰৰ উৰ্দ্ধসীমাটোক কি বোলা হয়?
উত্তৰঃ ষ্ট্রেট’পজ (Stratopause)।
14. আয়তন হিচাপত বায়ুমণ্ডলত নাইট্ৰজেন কিমান শতাংশ থাকে।
উত্তৰঃ ৭৮.০৮ শতাংশ।
15. বায়ুমণ্ডল চাপ কি যন্ত্ৰৰে জোখা হয়?
উত্তৰঃ বেৰ’মিটাৰ।
16. হমস্ফিয়েৰ বায়ুমণ্ডলৰ গেছবোৰৰ বিশেষ গুণ কি?
উত্তৰঃ ইয়াত গেছবোৰৰ ৰাসায়নিক গঠন প্ৰায় একে হয়।
17. ক্রান্তীয় ঘূর্ণিবতাহৰ উৎপত্তি কোন ঋতুত হয়?
উত্তৰঃ গ্রীষ্মকালত।
18. মেছ’স্ফিয়েৰৰ উলম্ব বিস্তৃতি কিমান?
উত্তৰঃ প্রায় ৩০ কিঃ মিঃ।
19. বায়ু উত্তপ্ত হ’লে উর্ধগামী হয়নে নিম্নগামী হয়।
উত্তৰঃ উধগামী হয়।
20. হমস্ফিয়েৰ উচচতা কিমান?
উত্তৰঃ ৮০ কিঃ মিঃ।
21. বায়ুমণ্ডলত কি গেছৰ প্ৰাধান্য আটাইতকৈ বেছি?
উত্তৰঃ নাইট্ৰজেনৰ।
22. স্থলভাগৰ তুলনাত জলভাগৰ পৰিমাণ কোনটো মণ্ডলত বেছি?
উত্তৰঃ নিৰক্ষীয় নিম্নচাপ মণ্ডলত।
23. মেছল্ফিয়েৰৰ উৰ্ধসীমাটোক কি বোলে?
উত্তৰঃ মেছ’পজ বোলে।
24. সাময়িক বায়ু দুবিধৰ নাম উল্লেখ কৰা।
উত্তৰঃ (১) জলবতাহ বা স্থলবতাহ, (২) মৌচুমী বতাহ।
25. হেটস্ফিয়েৰৰ একেবাৰে ওপৰত গেছীয় তৰপটো কি?
উত্তৰঃ হাইড্ৰজেন তৰপ।
26. হেটৰক্ষিয়েৰৰ নিম্নসীমা কি?
উত্তৰঃ মেছ’পজ।
27. বায়ুমণ্ডলৰ চাপ সাধাৰণতে কি এককত প্রকাশ কুৰা হয়?
উত্তৰঃ মিলিবাৰ (Millibar) এককত।
28. থার্মম্ফিয়েৰ স্তৰটো হেটস্ফিয়েৰ অন্তৰ্গত হয়নে?
উত্তৰঃ হয়।
29. চিনুক (Chinook) কোন দেশৰ স্থানীয় বতাহ।
উত্তৰঃ আমেৰিকাৰ ৰকি পৰ্বত অঞ্চলৰ প্ৰবাহিত উষ্ণ-শুকান বতাহ।
30. ট্ৰপস্ফিয়েৰৰ উৰ্ধসীমাটোক কি বোলে?
উত্তৰঃ ট্রপ’পজ বোলে।
31. কোন অঞ্চলক অশ্ব অক্ষাংশ কোৱা হয়?
উত্তৰঃ উপক্রান্তীয় অঞ্চলটোক।
32. কোন অক্ষাংশ অ অক্ষাংশ বোলে?
উত্তৰঃ উত্তৰ গোলাৰ্ধত ২৫°-৩৫° অক্ষাংশক।
33. বায়ুমণ্ডলৰ কোনটো স্তৰত অ’জন গেছ আছে?
উত্তৰঃ হেট’স্ফিয়েৰত।
34. মোটামুটিভাৱে বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত হৈ আছে?
উত্তৰঃ প্রায় ১০,০০০ কিঃ মিঃ।
35. আয়তন হিচাপত বায়ুমণ্ডলত কিমান শতাংশ আর্গন থাকে?
উত্তৰঃ ০.৯৩ শতাংশ।
36. বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন আছে?
উত্তৰঃ ২০.৯৪ শতাংশ।
37. ঘূর্ণিবতাহৰ আন এটা নাম কি?
উত্তৰঃ চক্রবাত।
38. হমস্ফিয়েৰ আৰু হেট স্ফিয়েৰৰ মাজৰ সীমাটোৰ নাম কি?
উত্তৰঃ মেছ’পজ।
39. অশ্ব অক্ষাংশৰ অক্ষাংশ বিস্তৃতি কিমান?
উত্তৰঃ দুয়োটা গোলার্ধত ৩০° ৰ পৰা ৩৫° অক্ষাংশৰ মাজত।
40. সাগৰপৃষ্ঠৰ বায়ুৰ গড়চাপ কিমান বুলি ধৰা হয়?
উত্তৰঃ প্রতি বর্গ ইঞ্চিত ১৪.৭ পাউণ্ড বা প্রতি বৰ্গ ছেন্টিমিটাৰত প্ৰায় এক কিলোগ্রাম।
41. নিৰক্ষীয় নিম্নচাপ মণ্ডলৰ অক্ষাংশ বিস্তৃতি কিমান?
উত্তৰঃ বিষুৱ ৰেখাৰ উত্তৰে আৰু দক্ষিণে ৫° অক্ষাংশ আৰু ১০° অক্ষাংশৰ মাজত।
42. মেছস্ফিয়ে উল্লেখযোগ্য বৈশিষ্ট্য কি?
উত্তৰঃ এই স্তৰত উচ্চতা বাঢ়িলে উত্তাপ কমিবলৈ ধৰে।
43. হেট’স্বস্ফিয়ে গেছবোৰৰ ৰায়ায়নিক গঠন একে নে বেলেগ বেলেগ?
উত্তৰঃ বেলেগ বেলেগ।
44. পৃথিৱীপৃষ্ঠত কিমানটা চাপবলয় আছে?
উত্তৰঃ চাৰিটা।
45. ভূ-পৃষ্ঠৰ পৰা কিমান উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্রায় একে থাকে?
উত্তৰঃ প্রায় ৮০ কিঃ মিঃ।
46. ক্রমশঃ বায়ুমণ্ডলৰ যিমানে ওপৰলৈ যোৱা যায় সিমানে বায় ঘনত্ব কমে নে বাড়ে?
উত্তৰঃ কর্মে।
47. প্রতি ৯০০ ফুট উচ্চতাত বায়ুৰ চাপ কি হাৰত কমে?
উত্তৰঃ ১ ইঞ্চি বা ৩৪ মিলিবাৰ হাৰত কমে।
48. উপ-মেৰুদেশীয় নিম্নচাপ বলয় ক’ত অৱস্থিত?
উত্তৰঃ উপ-মেৰুদেশীয় নিম্নচাপ বলয়টো মোটামুটিকৈ উত্তৰ গোলাৰ্ধৰ 600-700 উত্তৰ অক্ষাংশ আৰু দক্ষিণ গোলাৰ্ধৰ 600 700 দক্ষিণ অক্ষাংশত অৱস্থিত।
49. স্ট্রেট স্ফিৰৰৰ নিম্ন আৰু উচ্চভাগৰ তাপ কিমান?
উত্তৰঃ নিম্নভাগত ৬০ ছেন্টিগ্রেড, উচভাগত ০° ছেন্টিগ্রেড।
50. চাপতি শক্তি কাক বোলে?
উত্তৰঃ ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্রবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলে।
Very Short Type Questions and Answers (Marks : 2)
1. চাপনতিয়ে বায়ুপ্রবাহৰ দিশ কেনেকৈ নিৰ্ণয় কৰে লিখা।
উত্তৰঃ চাপনতি যি দিশত হয় বায়প্রবাহো সেই দিশতেই হয়। যি দিশত চাপ হ্রাস পায় সেই দিশতে চাপনতিৰ সৃষ্টি হয়। আৰু বায়ুপ্রবাহো সেই দিশতে হয়।
2. পছোৱা বতাহ কাক বোলে?
উত্তৰঃ উপক্রান্তীয় উচ্চ চাপবলয়ৰ পৰা উচ্চ অক্ষাংশীয় উপমেৰুব ফালে থকা নিম্ন চাপ অঞ্চললৈ যি নিয়মিত বায়ুপ্রবাহ হয় তাক পশ্চিমা বতাহ বা পছোৱা বতাহ বোলে।
3. নিয়ত বতাহ (Permanent Wind) কাক বোলে?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগত যি বতাহ নির্দিষ্ট উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ নিয়মীয়াভাৱে গোটেই বছৰ জুৰি প্রবাহিত হয়। তাক নিয়ত বতাহ বোলে। যেনে– বাণিজ্য বতাহ বা পশ্চিমা বতাহ।
4. মেৰুদেশীয় উচ্চচাপ মণ্ডলত কিয় সদায় উচ্চচাপ থাকে?
উত্তৰঃ মেৰু অঞ্চল সদায় বৰফেৰে আবৃত হৈ থকা বাবে তাৰ বায়ু অতিপাত শীতল হয় আৰু বায়ুত জলীয় বাষ্প নাথাকে। অতিপাত ঠাণ্ডা আৰু জলীয় বাষ্প নথকা বাবে মেৰুদেশীয় অঞ্চলত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে।
5. অশ্ব অক্ষাংশ মানে কি?
উত্তৰঃ মধ্যযুগত ইউৰোপীয় নাৱিকসকলে এই উপ-ক্রান্তীয় উচ্চচাপ বলয় অঞ্চলত জাহাজ চলোৱাত যথেষ্ট অসুবিধা পাইছিল। বতাহৰ চলাচল প্রায় নথকাৰ ফলত জাহাজ চলাব নোৱাৰাৰ বাবে নাৱিকসকলে জাহাজৰ বোজা কমাবলৈ জাহাজত অনা ঘোৰাবিলাককে সাগৰৰ পানীত পেলাই দিছিল। এইবোৰেই উপক্রান্তীয় অঞ্চলৰ এই উচ্চচাপ বলয়ক অশ্ব অক্ষাংশ বুলি জনা যায়।
6. প্ৰৱল পশ্চিমা বতাহ (The Brave West Wind) কাক বোলে?
উত্তৰঃ দক্ষিণ গোলার্ধত স্থলভাগতকৈ জলভাগৰ পৰিমাণ বেছি। সেইবাবে এই গোলার্ধত পশ্চিমা বতাহৰ গতিবেগ বৃদ্ধি পায়। পশ্চিমা বতাহে ৪০০ আৰু ৬০০ অক্ষাংশৰ মাজৰ সাগৰৰ ওপৰেৰে প্ৰৱল প্ৰবাহিত হয়। সেইবাবে এই বতাহক প্ৰৱল পশ্চিমা বতাহ বুলি কোৱা হয়।
7. আন্তঃক্ৰান্তীয় অভিসাৰী মণ্ডল কাক বোলে?
উত্তৰঃ ক্রান্তীয় অঞ্চলৰ উত্তৰ-পূৱ আৰু দক্ষিণ-পূৱ বাণিজ্য বতাহ নিৰক্ষীয় অঞ্চলত মিলিত হৈ এক বিভাজনৰ সৃষ্টি কৰে। ইয়াকে আন্তঃক্ৰান্তীয় অভিসাৰী মণ্ডল বোলে।
8. মেপ্রবাহ কাক বোলে?
উত্তৰঃ মেৰুদেশীয় উচ্চচাপ বলয়ৰ পৰা উচ্চ অক্ষাংশত থকা উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ যি স্বাভাৱিক বায়ুপ্রবাহ হয় তাক মেৰু প্ৰবাহ বোলে।
9. অজন গেছে জীৱ-জগতক কেনেকৈ ৰক্ষা কৰি আছে?
উত্তৰঃ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি জীৱ-জগতৰ বাবে অত্যন্ত ক্ষতিকাৰক। এই ৰশ্মি অ’জন গেছে শোষণ কৰি সম্ভাৱ্য বিপদৰ পৰা জীৱজগতক ৰক্ষা কৰি আছে।
10. গৌণ প্রবাহৰ অন্তৰ্গত বতাহ সমূহ কি কি?
উত্তৰঃ ঘূর্ণীবতাহ বা চক্রবাত, প্রতীপ ঘূৰ্ণীবতাহ, বায়ুৰাশি, বাতাগ্র, মৌচুমী বতাহ আদি গৌণ প্রবাহৰ অন্তর্গত।
11. ক্রান্তীয় পূর্ব বায়ু (Tropical Easterlies) কি?
উত্তৰঃ বাণিজ্য বতাহ ক্রান্তীয় অঞ্চলৰ ওপৰেদি প্ৰৱাহিত হয়। ক্রান্তীয় অঞ্চলৰ ওপৰেদি হয় বাবে এই বতাহক ক্রান্তীয় পূৱ বায়ু বুলি কোৱা হয়।
12. মেকপ্রবাহ কাক বোলে?
উত্তৰঃ মেৰুদেশীয় উচ্চচাপ বলয়ৰ পৰা উচ্চ অক্ষাংশত থকা উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ যি স্বাভাৱিক বায়ুপ্রবাহ বয় তাক মেৰুপ্ৰবাহ বোলে।
13. হেটৰস্ফিয়েৰ থকা গেছৰ তৰপকেইটাৰ উচচতাবোৰ লিখা।
উত্তৰঃ হেটৰস্ফিয়েৰত থকা নাইট্ৰজেনৰ তৰপটোৰ উচ্চতা প্রায়। ২০০-৮০=১২০ কিঃমিঃ, অক্সিজেনৰ তৰপটোৰ উচ্চতা প্রায় ১১২৫ ২০০ = ৯২৫ কিঃমিঃ, হিলিয়ামৰ তৰপটোৰ উচ্চতা প্রায় ৩৫৪০-১১২৫ = ২৪১৫ কিঃমিঃ আৰু হাইড্ৰজেনৰ তৰপটোৰ উচ্চতা হিলিয়ামৰ তৰপৰ | পৰা বই ওপৰলৈ বিস্তৃত হৈ আছে।
14. নিৰক্ষীয় নিম্নচাপ বলয়ক কিয় নিৰক্ষীয় শান্ত বলয় বুলি কোৱা হয়?
উত্তৰঃ এই বলয়ত বায়ু উত্তপ্ত হৈ উর্ধগামী হয়। গতিকে ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে ইয়াত বতাহ বলা পৰিলক্ষিত নহয়। বায়ু শান্ত অৱস্থাত থকা যেন লাগে। সেয়েহে এই অঞ্চলক নিৰক্ষীয় শান্ত বলয় বুলি কোৱা হয়।
15. নিৰক্ষীয় নিম্নচাপ বলয় ক’ত অৱস্থিত? এই চাপ বলয়ক কিয় নিৰক্ষীয় শান্ত বলয় (Doldrum} বুলি কোৱা হয়?
উত্তৰঃ নিৰক্ষীয় নিম্নচাপ বলয় (Equatorial Low Pressure Belt) অঞ্চলটো বিষুৱৰেখাৰ দুয়োফালে ১৫° উত্তৰ আৰু ১০° দক্ষিণ অক্ষাংশৰ মাজত অৱস্থিত। এই অঞ্চলটোত গোটেই বছৰ জুৰি সূৰ্যৰ তাপ বেছি হোৱা বাবে ইয়াৰ বায়ু উত্তপ্ত আৰু পাতল। এই অঞ্চলত কোনো ধৰণৰ পৃষ্ঠ প্ৰৱাই নাথাকে। এই অঞ্চল বায়ুভাগ শান্ত হৈ থকা হৈ বাবে ইয়াক নিৰক্ষীয় শান্ত বলয় (Doldrum) বুলিও কোৱা হয়।
16. দক্ষিণ-পূর্ব বাণিজ্য বতাহ কাক বোলে?
উত্তৰঃ পৃথিৱীৰ আৱৰ্তনৰ ফলত বাণিজ্য বতাহে দক্ষিণ গোলার্ধত বাওঁফালে গতি সলায়। তেতিয়া এই বতাহ দক্ষিণ-পূৱ দিশৰপৰা অহা যেন লাগে। সেই কাৰণে দক্ষিণ গোলার্ধত এই বতাহক দক্ষিণ-পূর্ব বাণিজ্য বতাহ বুলি কোৱা হয়।
17. অপকেন্দ্রিক শক্তি কি?
উত্তৰঃ পৃথিৱীয়ে নিজ মেৰু দণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয় ইয়াকে অপকেন্দ্রিক। শক্তি বোলে।
18. উচ্চ চাপ অঞ্চল বুলিলে কি বুজা?
উত্তৰঃ ভূ-পৃষ্ঠৰ যি ঠাইৰ বতাহ শীতল বা কম গৰম আৰু গধুৰ তাকে উচ্চ চাপৰ অঞ্চল বোলে। এই অঞ্চলৰ বতাহ সদায় নিম্নমুখী! উচ্চ চাপৰ বতাহ সহায় ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে বায়ুমণ্ডলৰ তলেৰে প্রবাহিত হয়।
19. অশ্ব অক্ষাংশই কোনটো অঞ্চলক বুজায়?
উত্তৰঃ উপক্রান্তীয় উচ্চচাপ মণ্ডলক অশ্ব অক্ষাংশ বুলি জনা যায়। এই অঞ্চলত বায়ুপ্রবাহৰ গতি সর্বনিম্ন হোৱা বাবে নাৱিকসকলে সাগৰত জাহাজ চলোৱাত অসুবিধা অনুভৱ কৰে। নাৱিকসকলে জাহাজৰ ওজন কমাবলৈ জাহাজত কঢ়িওৱা ঘোড়াবিলাক পানীত পেলাই দিবলগীয়া হৈছিল বাবে এই অঞ্চলটোক অশ্ব অক্ষাংশ বুলি অভিহিত কৰে।
20. নিৰক্ষীয় শান্ত বলয় বা মণ্ডল মানে কি?
উত্তৰঃ নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তপ্ত হৈ উধ্বগামী হয়, এনে পৰিস্থিতিত এই অঞ্চলত ভূ- পৃষ্ঠৰ সমান্তৰালভাৱে কোনো বতাহ বলাটো পৰিলক্ষিত হয়। বৰঞ্চ ইয়াত থকা বায়ু এক শান্ত অৱস্থাত থকা যেন অনুভূত হয়। সেয়েহে এই অঞ্চলক নিৰক্ষীয় শান্ত বলয় বা মণ্ডল বোলে।
21. বতাহে কেনেকৈ বায়ুমণ্ডলৰ ভাৰসাম্য ৰক্ষা কৰে?
উত্তৰঃ বায়ুমণ্ডলৰ কিছুমান অঞ্চল অতি উত্তপ্ত আৰু কিছুমান। অঞ্চল অতি চেঁচা। অতি উত্তপ্ত অঞ্চলত উচ্চচাপ আৰু অতি শীত অঞ্চলত নিম্নচাপ থাকে। বতাহ সদায় উচ্চচাপ থকা অঞ্চলৰপৰা নিম্নচাপ থকা অঞ্চললৈ প্রবাহিত হয়। উচ্চচাপ অঞ্চলৰপৰা শীতল বায়ু বায়ুমণ্ডলৰ নিম্নস্তৰেদি নিম্নচাপ অঞ্চললৈ প্ৰৱাহিত হয়। এইদৰে বায়ু প্রবাহিত হৈ বতাহে বায়ুমণ্ডলৰ ভাৰসাম্য ৰক্ষা কৰে।
22. বায়ুপ্রবাহ তন্ত্ৰ কি?
উত্তৰঃ বায়ুপ্রবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্রিয়াকলাপৰ এটা অতি প্রয়োজনীয় মাধ্যম যি অহৰহ উত্তাপ, আদ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে। সেয়ে ইয়াক বায়ুপ্রবাহ তন্ত্ৰ বোলে।
23. জীৱমণ্ডল কাক বোলে?
উত্তৰঃ মাটি আৰু পানী অর্থাৎ অশ্মমণ্ডল আৰু জলমণ্ডলৰ লগতে বায়ুমণ্ডলে পৃথিৱীত জীৱৰ সৃষ্টি, বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি সম্ভৱ কৰিছে। ইয়াকে জীৱমণ্ডল
বোলে।
24. চিৰকো কি বতাহ, ই ক’ত প্ৰৱাহিত হয়?
উত্তৰঃ বিক্কো এবিধ স্থানীয় বতাহ। এইবতাহ সাধাৰণতে গ্ৰীষ্মকালত | আফ্ৰিকাৰ লিবিয়াৰ মৰুভূমিত প্রবাহিত হয়। এই বতাহে উত্তৰ ফালৰ ভূমধ্য সাগৰ পাৰ হৈ দক্ষিণ প্ৰৱ ইউৰোপৰ স্পেইন, ইটালী আৰু চিচিলি দ্বীপ আদিৰ ওপৰেৰে প্ৰবাহিত হয়। মিচৰত এই বতাহক খামচিন। বুলি জনা যায়।
25. উপক্রান্তীয় উচ্চচাপ অঞ্চলত কেতিয়াবা সাগৰত জাহাজ চলাচলো কৰিব নোৱাৰে কিয়?
উত্তৰঃ উপক্রান্তীয় উচ্চচাপ অঞ্চলত বায়ুৰ গতি প্ৰধানকৈ নিম্নমুখী হয়। গতিকে ইয়াত বায়ুপ্রবাহ অনুভূত নহয়। কেতিয়াবা দেখা যায় এই অঞ্চলত বায়ুপ্রবাহ অত্যধিক কম হয়। ফলত সাগৰত জাহাজ চলাচল কৰিব নোৱাৰে।
26. প্রতীপ বাণিজ্য বতাহ (Anti-Trade Wind) কাক বোলে?
উত্তৰঃ বাণিজ্য বতাহ নিৰক্ষীয় অঞ্চল পোৱাৰ লগে লগে অধিক উত্তপ্ত হয়। এই উত্তপ্ত বায়ু ওপৰলৈ উঠি বায়ুমণ্ডলৰ উপৰি ভাগেৰে দুই মেৰুৰ ফালে গতি কৰে। উত্তৰ গোলাৰ্ধত এই বতাহৰ গতি উত্তৰ পূৱমুখী আৰু দক্ষিণ গোলার্ধত এই বতাহৰ গতি দক্ষিণ-পূৱমুখী হয়। এই বতাহ দুয়ো গোলার্ধতে বাণিজ্য বিপৰীত দিশত প্ৰবাহিত হয় বাবে এই বতাহক প্রতীক বাণিজ্য বতাহ বুলি কোৱা হয়।
27. চাপ বলয় (Pressure Belt) কাক বোলে?
উত্তৰঃ বায়ুমণ্ডলত কিছুমান স্থায়ী উচ্চচাপ অঞ্চল আৰু নিম্নচাপ অঞ্চল আছে। তাপৰ বিতৰণৰ তাৰতম্যৰ বাবে বায়ুমণ্ডলৰ কোনো অংশত গোটেই বছৰ উচ্চচাপ আৰু কোনো অংশত নিম্নচাপ থাকে। এই উচ্চচাপ আৰু নিম্নচাপ অঞ্চলবোৰে ভূ-পৃষ্ঠক কম-বেছি পৰিমাণে আঙঠিৰ দৰে আৱৰি থাকে। এই আৱৰণক চাপ বলয় (Pressure Belt) বুলি কোৱা হয়।
28. উপমেৰুদেশীয় নিম্নচাপ মণ্ডলৰ অক্ষাংশ বিস্তৃতি লিখা।
উত্তৰঃ উপমেৰুদেশীয় নিম্নচাপ মণ্ডলটো মোটামুটিভাৱে ৬০° উত্ৰ আৰু দক্ষিণ অক্ষাংশ আৰু ৭০° উত্তৰ আৰু দক্ষিণ অক্ষাংশৰ ভিতৰত অৱস্থিত।
29. বতাহ বলাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ বতাহ বলাৰ কাৰণ দুটা হ’ল—
(১) বতাহৰ চাপৰ তাৰতম্যৰ কাৰণতে বতাহ এঠাইৰ পৰা আন। ঠাইলৈ বলে।
(২) বতাহ উত্তপ্ত বা গৰম হ’লেও ই পাতল হৈ ওপৰলৈ উঠি যায়। আৰু ঠাই পূৰাবলৈ বতাহ
বলে।
30. বতাহ আৰু বতাহৰ দিশক প্রভাৱিত কৰা কাৰকসমূহ কি কি?
উত্তৰঃ বতাহৰ দিশ আৰু গতিবেগ প্ৰভাৱিত কৰা প্ৰধান কাৰকসমূহ হ’ল বায়ুমণ্ডলৰ তাপৰ পাৰ্থক্য, বায়ুমণ্ডলৰ চাপৰ পাৰ্থক্য, বন্ধুবতা আৰু বতাহৰ দিশ। নিৰক্ষীয় অঞ্চলত সূৰ্যৰ পোহৰ লম্বভাৱে পৰে বাবে তাত ভূ-পৃষ্ঠ সদায় গৰম হৈ থাকে আৰু বায়ুভাগ পাতল হৈ ওপৰলৈ।
31. বতাহৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ বতাহৰ বৈশিষ্ট্য চাৰিটা হ’ল—
(১) বতাহৰ চাপৰ তাৰতম্যৰ ওপৰত বতাহ নিৰ্ভৰশীল।
(২) পৃথিৱীৰ আবৰ্তনৰ গতিয়ে বতাহক প্ৰভাৱিত কৰে।
(৩) বতাহে সদায় উচ্চ চাপৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে।
(৪) বতাহ যি ফালৰ পৰা প্ৰবাহিত হয়, সেই দিশৰ অনুযায়ী বতাহক নাম দিয়া হয়।
32. চিৰোক্কো বায়ুপ্রবাহ বিশেষ বৈশিষ্ট্য কি?
উত্তৰঃ এই বায়ু ইমান উষ্ণ আৰু শুকান যে কেইবাদিনো একেৰাহে। চলি থাকিলে মানুহৰ শৰীৰৰ ছাল ফাটিবলৈ ধৰে, মাটিত ফাট মেলে আৰু গছ-গছনি শুকাই মৰিবলৈ ধৰে। শুকান মৰুভূমিৰ পৃষ্ঠভূমিয়েদি গ’লে ই ধূলি-ধুমুহাৰ সৃষ্টি কৰে।
33. উচচচাপ আৰ নিম্নচাপ কি?
উত্তৰঃ বেছি চাপ থকা অঞ্চলৰ উচ্চচাপ কম চাপ থকা অঞ্চলক নিম্নচাপ অঞ্চল বোলে। বতাহ উচ্চচাপ অঞ্চলৰপৰা নিম্নচাপ অঞ্চললৈ প্ৰবাহিত হয়। ভূ-পৃষ্ঠৰ ওপৰত বায়ুৰ চাপৰ বিতৰণৰ তাৰতম্য আছে। উচ্চচাপে অঞ্চলত বায়ু নিম্নচাপ অঞ্চলৰ বায়ুতকৈ তুলনামূলকভাৱে পাতল।
34. গৰ্জনমুখৰ চল্লিছ (Roaring Forties) কি?
উত্তৰঃ পশ্চিমা বতাহে ৪০° আৰু ৬০° অক্ষাংশৰ মাজত সাগৰৰ ওপৰেদি প্ৰৱল বেগেৰে বলে। ৪০° অক্ষাংশত পশ্চিমা বতাহৰ প্ৰৱল হোঁহোঁৱনি শব্দ হয়। এই শব্দৰ বাবে পশ্চিমা বতাহক গৰ্জনমুখৰ চল্লিছ। (Roaring Forties) বুলি কোৱা হয়।
35. মেৰুদেশীয় উচ্চচাপ বলয় (Polar High Pressure Belt) কাক বোলে?
উত্তৰঃ দুই মেরু অঞ্চলৰ বায়ু অতি শীতল। এই অঞ্চলত তাপৰ অভাৱৰ কাৰণে বাষ্পীভৱন কম হয়। মেৰু অঞ্চল দুটা স্থিৰ হোৱা। বাবে তাত অপকেন্দ্রিক শক্তিৰ প্ৰভাৱ অতি কম হয়। সেই কাৰণে দুই মেরু অঞ্চলত দুটা উচ্চচাপ বলয়ৰ সৃষ্টি হয়। এই উচ্চচাপ বলয় দুটাক মেৰুদেশীয় উচ্চচাপ বলয় (Polar High Pressure Belt) বুলি কোৱা হয়।
36. বিউফর্ট স্কেল বুলিলে কি বুজা? ইয়াক প্রথমে কোনে, প্ৰস্তুত কৰিছিল?
উত্তৰঃ বিউফট এনে এবিধ স্কেল যিপাত ০-১২ নম্বৰৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি। ইয়াক প্ৰথমে ছাৰ ফ্ৰেন্সিছ বিউফৰ্ট প্রস্তুত কৰিছিল।
37. প্রচণ্ড পঞ্চাছ (Furious Fifties) কাক বোলে?
উত্তৰঃ পশ্চিমা বতাহ দক্ষিণ অক্ষাংশত প্ৰৱল বেগেৰে প্ৰৱাহিত হয়। আৰু উগ্ৰমূৰ্তি ধাৰণ কৰে। অক্ষাংশত উগ্রমূৰ্তি ধাৰণ কৰে বাবে এই বতাহক প্রচণ্ড পঞ্চাছ (Furious Forties) বোলা হয়। এই অৱস্থাত এইবোৰ অঞ্চলত প্ৰচণ্ড ধুমুহাৰ সৃষ্টি হয়।
38. উত্তৰ-পূৱ বাণিজ্য বতাহ কাক বোলে?
উত্তৰঃ বাণিজ্য বতাহে পৃথিৱীৰ আৱৰ্তনৰ ফলত উত্তৰ গোলাৰ্ধত সোঁফালে গতি সলায়। সেইবাবে এই বতাহ উত্তৰ-পূৱ দিশৰপৰা অহা যেন ভাৱ হয়। সেইকাৰণে উত্তৰ গোলাৰ্ধত ইয়াক উত্তৰ-পূৱ বাণিজ্য বতাহ বুলি কোৱা হয়।
39. বাতাগ্র সৃষ্টি হ’বলৈ বায়ুৰাশি দুটাৰ কি কি অৱস্থাৰ প্ৰয়োজন হয়?
উত্তৰঃ বাতাগ্র সৃষ্টি হ’বলৈ প্ৰয়োজনীয় বায়ুৰাশি দুটাৰ বিশেষ অৱস্থা দুটা হ’ল—
(১) দুটা বায়ুৰাশি এটা আনটোৰ তুলনাত শীতল আৰু গধুৰ হ’ব লাগিব।
(২) বায়ুপ্রবাহ অভিসাৰী হ’ব লাগিব যাতে দুই বায়ুৰাশি বিপৰীত দিশৰ পৰা পৰস্পৰৰ অভিমুখে প্রবাহিত হয়।
40. ভূ-পৃষ্ঠৰ পৰা কিমান উচচতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্রায় একে থাকে?
উত্তৰঃ ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ উচ্চতা পর্যন্ত বায়ুমণ্ডল। গেছসমূহৰ ৰাসায়নিক গঠন
প্রায় একে থাকে।
41. বিউফ স্কেল কি? উদাহৰণসহ এই স্কেলৰ ব্যৱহাৰিতা সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ 1805 চনত বৃটিছ বিজ্ঞানী চাৰ ফ্ৰেঞ্চিচ বিউফ’ৰ্টে প্ৰস্তুত কৰা 0-12 নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ি ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি। ইয়েই হৈছে বিউফৰ্ট স্কেল আৰু ইয়াৰ ব্যৱহাৰিতা।
42. বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত?
উত্তৰঃ বায়ুমণ্ডল ভূ-পৃষ্ঠৰ পৰা 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত।
43. ইমস্ফিয়েৰ আৰু হেটেস্ফিয়েৰৰ মাজৰ সীমাটোৰ নাম কি?
উত্তৰঃ মেছ’পজ।
44. লেচ্চ হাৰ কি চমুকৈ লিখা।
উত্তৰঃ বায়ুমণ্ডলৰ ট্ৰপস্ফিয়েৰ স্তৰটোত নিম্নঙাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্রমান্বয়ে হ্রাস পায়। সাধাৰণতে প্ৰতিকিলোমিটাৰ উচ্চতা বৃদ্ধিত 6.5° চেণ্টিগ্ৰেড়কৈ বায়ুৰ উষ্ণতা হ্রাস পায়। ইয়াকে লেপচ হাৰ বোলে।
45. ফেৰেলৰ সূত্ৰটো কি?
উত্তৰঃ পেৰেলৰ সূত্ৰটো হ’ল—পৃথিৱীৰ আবৰ্তনৰ বাবে সৃষ্টি হোৱা এইবলে সৃষ্টি হোৱা এইবলে উত্তৰ গোলাৰ্ধৰ বায়ু প্রবাহক ঘড়ীৰ কাঁটাৰ দিশত সোফালে আৰু দক্ষিণ গোলার্ধ বায়ুপ্রবাহক ঘড়ীৰ কটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে।
Long Type Questions and Answers (Marks : 3/4)
1. চাপতি। —চমুটোকা লিখা।
উত্তৰঃ ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্রবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলে। অর্থাৎ দুখন ঠাইৰ মাজৰ বায়ু মণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপাতি বোলে। চাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান নিৰ্ভৰ কৰে ঠাই দুখনৰ মাজত থকা চাপৰ পাথুখ্যৰ ওপৰত। ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হ’লে বায়ুপ্রবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব বেছি হ’লে গতিবেগ হ্ৰাস পায়। ইয়াৰ উপৰিও যিহেতু বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ুপ্রবাহৰ দিশো নির্ণয় কৰে।
2. বায়ুৰ তাপ, ভূপৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ সম্পৰ। —চমুটোকা লিখা।
উত্তৰঃ বায়ুমণ্ডল পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ বিস্তৃত আৰু ই বিভিন্ন গেছ, জলীয় বাষ্প আৰু ধূলিকণাৰ সংমিশ্ৰণত গঠিত। ভূ-পৃষ্ঠৰ পৰা ক্ৰমশঃ ওপৰলৈ বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ঠ্য বেলেগ বেলেগ হয়। সেয়ে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্য উপাদানবোৰৰ পৰিমাণ সলনি হয় আৰু বায়ুৰ ঘনত্ব চাপ আৰু উত্তাপৰ পৰিবৰ্তন একেলগে ঘটে। বায়ুৰ ঘনত্ব বাঢ়িলে ইয়াৰ চাপো বৃদ্ধি পায়। অর্থাৎ ভূ-পৃষ্ঠৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ ঘনত্ব আৰু চাপ হ্রাস পায়।
3. বাণিজ্য বতাহ। —চমুটোকা লিখা।
উত্তৰঃ 300 উত্তৰ আৰু 300 দক্ষিণ অক্ষাংশ আশেপাশে অৱস্থিত উপক্রান্দ্রীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্নচাপ বলয়ৰ ফালে প্ৰবাহিত বায়ুক বাণিজ্য বতাহ বোলে। কোৰিওলিচ বলৰ বাবে এই বতাহ উত্তৰ গোলাৰ্ধত উত্তৰ-পূবৰ পৰা দক্ষিণ- পশ্চিম দিশত আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ-পূবৰ পৰা উত্তৰ পশ্চিম দিশত বলে। সেয়ে ইয়াক উত্তৰ-পূব বাণিজ্য বতাহ আৰু দক্ষিণ গোলার্ধত দক্ষিণ-পূব বাণিজ্য বতাহ বোলে।
4. ক্রান্তীয় ঘূর্ণীবতাহ। —চমুটোকা লিখা।
উত্তৰঃ ক্রান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে বলি এক ভয়ঙ্কৰ ৰূপ লয়, তাক ক্রান্তীয় ঘূর্ণীবতাহ বোলে। উল্লেখযোগ্য যে পৃথিৱীৰ আৱৰ্তনৰ বাবে উত্তৰ গোলাৰ্ধত সৃষ্টি হোৱা এনে ঘূর্ণীবতাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলার্ধত ঘড়ীৰ কাঠাৰ দিশত বলে। ক্রান্তীয় ঘূৰ্ণীবতাহৰ গতিবেগ প্রতি ঘণ্টাত 120 ৰ পৰা 280 কিলোমিটাৰ পৰ্যন্ত হয়। ক্রান্তীয় অঞ্চলৰ ঘূৰ্ণীবতাহ বিভিন্ন নামেৰে পৰিচিত।
5. প্রতীপ ঘূর্ণীবতাহ। —চমুটোকা লিখা।
উত্তৰঃ যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চ চাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অফসাৰী বায়ু প্রবাহৰ সৃষ্টি হয় তাকে প্রতীপ ঘূর্ণীবতাহ বোলে। প্রতীপ ঘূৰ্ণীবতাহৰ কেন্দ্ৰত চাপ সর্বোচ্চ হয় বাবে ইয়াক উচ্চ চাপ কেন্দ্রও বোলে। এই উচ্চ চাপ কেন্দ্ৰ চক্ৰাকাৰ নহৈ কিছু দীঘলীয়া হ’লে ইয়াক উধান’ (Ridge) বোলে। বতৰ বিজ্ঞানী ছাৰ ফ্রেঞ্চিচ গেল্টনে পোন প্ৰথমে 1861 চনত এই Anticyclone (প্রতীপ ঘূর্ণীবতাহ) শব্দটো ব্যৱহাৰ কৰিছিল। প্রতীপ ঘূর্ণীবতাহ এটা বায়ুমণ্ডলীয় অৱস্থা যিটো ঘূৰ্ণীবতাহৰ সম্পূৰ্ণ বিপৰীত।
6. হ’মস্ফিয়েৰ। —চমুটোকা লিখা।
উত্তৰঃ পৃথিৱী পৃষ্ঠৰ পৰা আনুমানিক 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত বায়ুমণ্ডলৰ গেছীয় গঠন আৰু ৰাসায়নিক ক্রিয়াকার্য আদি উচ্চতা বৃদ্ধিৰ লগে লগে পৰিবৰ্তন হয়। এনে ভিন্নতা লক্ষ্য কৰিয়েই আধুনিক বতৰ বিজ্ঞানীসকলে বায়ুমণ্ডলক প্রধাণকৈ যি দুটা স্তৰত বিভক্ত কৰিছে তাৰ ভিতৰত হিমস্ফিয়েৰ অন্যতম। ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসয়নিক গঠন প্রায়ে একে থাকে বাবে বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসয়নিক গঠন প্রায়ে একে থাকে বাবে বায়ুমণ্ডলৰ এই নিম্নস্তৰটোক হমস্ফিৱেৰ বোলা হয়।
7. জেট প্রবাহ। —চমুটোকা লিখা।
উত্তৰঃ ক্রান্তীয় অঞ্চলৰ উচ্চ স্তৰেদি (অর্থাৎ টুপমণ্ডলৰ উচ্চ স্তৰত) পশ্চিমা প্ৰবাহৰ দৰে এখ তীব্ৰবেগী (ঘণ্টাত .680 কিলোমিটাৰত) পূৰ্বমূৱা বায়ু প্রবাহিত হয়। ইয়াকে জেট প্রবাহ (Jet Stream) বোলা হয়। এই জেট প্রবাহে এখন ঠাইৰ বতৰ আৰু জলবায়ুৰ আমূল পৰিবৰ্তন ঘটায়।
8. হেটে ‘স্ফিয়েৰ। —চমুটোকা লিখা।
উত্তৰঃ পৃথিৱী পৃষ্ঠৰ পৰা আনুমানিক 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত বায়ুমণ্ডলৰ গেছীয় গঠন আৰু ৰাসয়নিক ক্রিয়াকার্য আদি উচ্চতা বৃদ্ধিৰ লগে লগে পৰিবৰ্তন হয়। এনে ভিন্নতা লক্ষ্য কৰিয়েই আধুনিক বতৰ বিজ্ঞানীসকলে বায়ুমণ্ডলক প্রধাণকৈ যি দুটা স্তৰত বিভক্ত কৰিছে তাৰ ভিতৰত ‘হেটৰস্ফিয়েৰ অন্যতম। মেছ’স্ফিয়েৰ স্তৰৰ পিচৰ পৰা, অর্থাৎ ৪০ কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছ সমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেটেৰস্ফিয়েৰ বোলা হয়।
9. গৰ্জনমুখৰ চল্লিশ। —চমুটোকা লিখা।
উত্তৰঃ মহাসাগৰীয় নাবিক সকলে চল্লিশ দশকৰ অক্ষাংশ অঞ্চলক গৰ্জনমূখৰ চল্লিশ, নামেৰে অভিহিত কৰে। ইয়াৰ উপৰিও পঞ্চাচ দশকৰ অঞ্চলক ভয়ানক পঞ্চাশ আৰু যাঠিৰ দশকৰ অঞ্চলক চিঞৰা ষাঠি হিচাপে অভিহিত কৰে। কিয়নো দক্ষিণ গোলাৰ বিশেষকৈ 40°ৰ পৰা 60° অক্ষাংশ অঞ্চল মহাসাগৰে আৱৰি আছে বাবে এই অংশত পছোৱা বতাহৰ তীব্ৰতা অত্যাধিক হয়।
10. মেৰুদেশীয় উচ্চচাপ বলয়। —চমুটোকা লিখা।
উত্তৰঃ পোনপটীয়া সূৰ্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চল বৰফৰে আবৃত আৰু অতিপাত ঠাণ্ডা ইয়াৰ বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে। সেয়েহে এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্রায় নাথাকেই। ফলত মেৰু অঞ্চল দুটাত স্থানীয়ভাৱে বায়ৰ উচ্চচাপ থাকে। সেয়েহে এই অঞ্চলক মেৰুদেশীয় উচ্চচাপ বলয় বা মণ্ডল বোলা হয়।
11. সমচাপ ৰেখা। —চমুটোকা লিখা।
উত্তৰঃ এখন অঞ্চলৰ চাপতিৰ মান বেছি হ’লে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰিও তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মান একেবাৰে কম হ’লে তাত বায়ুপ্রবাহ প্রায় শূন্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থাও শান্ত হয়। ফলত বহু ঠাই জুৰি এনে অৱস্থা বিৰাজ কৰিলে সেই অঞ্চলৰ সমচাপ মানচিত্ৰত সমচাপ ৰেখা (Isobar) প্ৰায় একেবাৰে দেখা নায়ায়।
12. অশ্ব অক্ষাং। —চমুটোকা লিখা।
উত্তৰঃ পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ বিশেষকৈ 309 ৰ পৰা 35° অক্ষাংশৰ মাজত অৱস্থিত এই অঞ্চলকে অশ্ব-অক্ষাংশ অঞ্চল বোলে। দক্ষিণ গোলাৰ্ধৰ বিশেষকৈ 400 ৰ পৰা 600 অক্ষাংশ অঞ্চল মহাসাগৰে আবৰি আছে বাবে এই অংশত পছোৱা বতাহৰ তীব্ৰতা অত্যাধিক হয়। সেয়ে মহাসাগৰীয় নাবিক সকলে চল্লিশ দশকৰ অক্ষাংশ অঞ্চলক গৰ্জনমুখৰ চল্লিশ, পঞ্চাচ দশকৰ অঞ্চলক ভয়ানক পঞ্চাশ আৰু ষাঠিৰ দশকৰ অঞ্চল চিএ ষাঠি হিচাপে অভিহিত কৰে।
13. বায়ুপ্রবাহ তন্ত্ৰ। —চমুটোকা লিখা।
উত্তৰঃ এখন ঠাইৰ বতৰ আৰু জলবায়ু সেই ঠাইখনত প্ৰবাহিত বতাহৰ বৈশিষ্ঠ্যৰ ওপৰতহে বাৰুকৈ নিৰ্ভৰ কৰে। দৰাচলতে বায়ুপ্রবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্রিয়াকলাপৰ এটা অতি প্রয়োজনীয় মাধ্যম যি অহৰহ উত্তাপ, আদ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে। সেয়ে বহ’ল অৰ্থত ইয়াক, বায়ুপ্রবাহ তন্ত্র (wind system) বোলে।
14. ক্রান্তীয় ঘূর্ণীবতাহ আৰু বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ। —পার্থক্য লিখা।
উত্তৰঃ ক্রান্তীয় ঘূর্ণীবতাহ আৰু বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহৰ মাজত থকা পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল—
(i) ক্রান্তীয় অঞ্চলৰ যি নিম্ন চাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে বলি এক ভয়ঙ্কৰ ৰূপ লয়, তাকে ক্রান্তীয় ঘূৰ্ণীবতাহ বোলে। আনহাতে, নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশ অঞ্চলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহক বহিঃক্রান্তীয় ঘূর্ণীবতাহ বোলে।
(ii) ক্রান্তীয় চত্ৰবাত সম্পূৰ্ণভাৱে সাগৰীয় পৰিবেশৰ প্ৰভাৱত কেৱল গ্ৰীষ্মকালতেই উৎপত্তি হয়। আনহাতে, ক্রান্তীয় অঞ্চলৰ উষ্ণ বতাহ আৰু মেরু অঞ্চলৰ শীতল বতাহ মধ্য অক্ষাংশ অঞ্চলত থকা নিম্নচাপকেন্দ্ৰৰ দ্বাৰা আকৰ্ষিত হৈ মিলন হোৱাৰ ফলত সৃষ্টি হোৱা মোৰু বতাগ্রত যি বায়ুমণ্ডলীয় অস্থিৰতা উদ্ভৱ হয় আৰু বহিঃ ক্ৰান্তীয় ঘূর্ণীবতাহ সৃষ্টি হয়।
15. শীতল বাতাগ্ৰ আৰু উষ্ণ বাতাগ্ৰ। —পার্থক্য লিখা।
উত্তৰঃ শীতল বাতাগ্ৰ আৰু উষ্ণ বাতাগ্ৰৰ মাজত থকা পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল—
(i) যি বাতাগ্রত অগ্রগামী উষ্ণ বায়ুৰাশিয়ে শীতল বায়ুৰাশিৰ ওপৰেদি প্ৰবাহিত হৈ ইয়াক স্থানান্তৰিত কৰে তাকে উষ্ণ বাতাগ্র বোলে। আনহাতে, যি বাতাগ্ৰত শীতল বায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিৰ স্থানান্তৰ কৰা তাক শীতল বাতাগ্ৰ বোলে।
16. জলবতাহ আৰু স্থলবতাহ। —পার্থক্য লিখা।
উত্তৰঃ জলবতাহ আৰু স্থলবতাহৰ মাজত থকা পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল—
(i) দিনৰ ভাগত জলভাৰপৰা স্থলভাগলৈ বলা বতাহক জলবতাহ বোলে। আনহাতে, ৰাতি স্থলভাগৰ পৰা জলভাগলৈ বলা বতাহক স্থলবতাই বোলে।
(ii) জলভাগ আৰু স্থলভাগৰ উত্তাপ গ্ৰহণ আৰু ত্যাগ কৰাৰ ক্ষমতা বেলেগ বেলেগ।
(ii) দিনত জলভাগতকৈ স্থলভাগৰ উষ্ণতা বেছি হয় আৰু ৰাতি স্থলভাগতকৈ জলভাগৰ উষ্ণতা বেছি হয়।
17. ট্ৰপস্ফিয়েৰ আৰু ষ্টেট স্ফিয়ে। —পার্থক্য লিখা।
উত্তৰঃ ট্ৰপস্ফিয়েৰ আৰু ষ্টেট স্ফিয়েৰ মাজত থকা পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল—
(i) ভূ-পৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱেই হ’ল ট্ৰপস্ফিয়েৰ, আনহাতে, ঐপস্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰাটাৱেই হ’ল। ষ্টেটস্ফিয়েৰ।
(ii) মেঘ সৃষ্টিকে আদি কৰি কোনো ধৰণৰ বতৰজনিত কার্যকলাপ বায়ুমণ্ডলৰ ষ্টেট”স্ফিয়েৰ স্তৰটোত দেখা নায়ায়। আনহাতে, বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্নভাগত উষ্ণতা বেছি আৰু উচ্চতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষতা ক্রমান্তয়ে হ্ৰাস পায়।
(iii) ট্ৰপস্ফিয়েৰ স্তৰটোৰ গড় উচ্চতা প্রায় 12 কিলোমিটাৰ। আনহাতে উপস্কিয়েৰ আৰু ষ্টেটস্ফিয়েৰ সামৰি ভূ-পৃষ্ঠৰ পৰা ষ্টেট’স্ফিয়েৰ পজলৈ গড় উচ্চতা হৈছে প্রায় 50 কিলোমিটাৰ।
18. পার্বত্য বতাহ আৰু ভৈয়ামৰ বতাহ। —পার্থক্য লিখা।
উত্তৰঃ পার্বত্য বতাহ আৰু ভৈয়ামৰ বতাহৰ মাজত থকা পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল—
(i) পর্বত শিখৰৰ বায়ু ভৈয়ামৰ তুলনাত চেচাঁ আৰু গধুৰ হয়।
(ii) পাৰ্বতীয় বতাহৰ বায়ু সেৰেঙা বাবে তাপ শোষণ ক্ষমতাও কম। আনহাতে ভৈয়ামৰ ঘনবায়ু সোনকালে উত্তপ্ত হয়।
(iii) পর্বত শিখৰৰ বায়ু ভৈয়ামৰ তুলনাত চেচা আৰু গধুৰ হয়। ফলত এই বায়ু পৰ্বতৰ চালেদি ভৈয়ামলৈ নিম্নগামী হয়। ইয়াকে পৰ্বতীয় বতাহ বোলে। আনহাতে, ভৈয়ামৰ ঘনবায়ু সোনকালে উত্তপ্ত হয়। ফলত দিনৰ ভাগত ভৈয়ামৰ বায়ুৰ তাপ বৃদ্ধি পায় আৰু বায়ু পাতল হৈ পৰ্বতৰ ঢালেদি উর্ধমুখী হয়। এইদৰে দিনৰ ভাগত নদী উপত্যকা বা ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি হোৱা উর্ধ্বমুখী প্রবাহক, ভৈয়ামৰ বতাহ বোলে।
19. অনুভূমিক প্রবাহ আৰু উল্লম্বিক প্রবাহ। —পার্থক্য লিখা।
উত্তৰঃ অনুভূমিক প্রবাহ আৰু উল্লম্বিক প্রবাহৰ মাজত থকা পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল—
(i) বায়ুৰ গতি সদায় অনুভূমিক; আনহাতে বায়ু যেতিয়া উদ্ধগামী হয় তেতিয়া তাক উলম্বিক প্রবাহ বা স্রোত বোলে।
(ii) যদিও বায়ু অনুভূমিক আৰু উল্লম্বিকভাৱে সঞ্চালিত হয়, তথাপি অনুভূমিক বায়ুপ্রবাহহে বেছি গুৰুত্বপূৰ্ণ।
(iii) বায়ুমণ্ডলত থকা বায়ুৰ অনুভূমিক প্ৰবাহৰ পৰিমাণ উল্লম্বিক প্রবাহৰ তুলনাত বহুগুণে বেছি।
20. ঘূণীবতাহ আৰু প্ৰতীপ ঘূৰ্ণীৰতাহ। —পার্থক্য লিখা।
উত্তৰঃ ঘূণীবতাহ আৰু প্ৰতীপ ঘূৰ্ণীৰতাহৰ মাজত থকা পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল—
(i) বায়ুমণ্ডলীয় প্রবাহৰ যি অৱস্থাত এটা নিম্নচাপক কেন্দ্র কৰি তীব্ৰবেগীবতাহে চক্ৰাকাৰ গতি লয় তাকে ঘূর্ণীবতাহ বা চক্রবাত বোলে। আনহাতে, যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চ চাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপসাৰী বায়ুপ্রবাহৰ সৃষ্টি হয় তাকে প্রতীপ ঘূর্ণীবতাহ বোলে।
(ii) কোনো এখন ঠাইৰ বৰ নিৰ্ধাৰণত ঘূৰ্ণীবতাহৰ তুলনাত প্রতীপ ঘূর্ণীবতাহ ভূমিকা তেনেই
নগণ্য।
(iii) প্রতীপ ঘূর্ণীবতাহ এটা বায়ুমণ্ডলীয় অৱস্থা যিটো ঘূৰ্ণীবতাহৰ সম্পূৰ্ণ বিপৰীত।
21. বায়ুপ্রবাহ আৰু বায়ুৰাশি। —পার্থক্য লিখা।
উত্তৰঃ বায়ুপ্রবাহ আৰু বায়ুৰাশিৰ মাজত থকা পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল—
(i) উত্তাপ, আদ্রর্তা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একো, একোটা বায়ুপুঞ্জক বায়ুৰাশি বোলে; আনহাতে, বায়ুমণ্ডলত বায়ু কেতিয়াও একেবাৰে স্থিৰ অৱস্থাত নাথাকে। বায়ুৱে গতি কৰিলেই ইয়াক বায়ুপ্রবাহ বোলে।
(ii) বায়ুৰাশি অপসাৰী হোৱা বায়ু অঞ্চলতেই সৃষ্টি হয়। আনহাতে বায়ুৰ গতিশীল অৱস্থই হ’ল বায়ুপ্রবাহ।
(iii) উল্লম্বিক দিশত ধূমিপৃষ্ঠৰ পৰা ওপৰলৈ বায়ুস্তৰৰ তাপ আৰু আৰ্দ্ৰতাৰ তাৰতম্য পৰিলক্ষিত হয়। আনহাতে বায়ু যেতিয়া উর্দ্ধগামী হয় তেতিয়া তাক উল্লম্বিক প্রবাহ বা স্রোত বোলে।
22. আর্দ্র বায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় বেছি? —কাৰণ দৰ্শই উত্তৰ লিখা।
উত্তৰঃ উষ্ণ বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আৰ্ব্ব হৈ পৰে তেতিয়া তেনে আব্ব বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে শীতল বায়ুৰে জলীয় বাষ্প ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি।
23. ট্ৰপস্ফিয়েৰ স্তৰৰ উলম্ব বিস্তৃতি মেৰু অঞ্চল আৰু বিষুৱীয় অঞ্চলত কিয় বেলেগ বেলেগ? —কাৰণ দৰ্শই উত্তৰ লিখা।
উত্তৰঃ বিষুৱীয় অঞ্চলত ইয়াৰ সৰ্বোচ্চ উচ্চতা 16 কিলোমিটাৰ। আৰু মেরু অঞ্চলত ৪ কিলোমিটাৰ। উল্লেখযোগ্য যে বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় তিনি চতুর্থাংশ আৰু প্ৰায় সম্পূর্ণ
জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই ট্রপস্ফিয়েতে আছে। বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্নভাগত উষ্ণতা বৃদ্ধিত 6.50 চেণ্টিগ্রেডকৈ বায়ুৰ উষ্ণতা হ্রাস পায়।
24. ট্ৰপস্ফিয়েৰ স্তৰটোতে প্ৰধানকৈ বৰৰ ক্রিয়াকলাপ কিয় সংঘটিত হয়? —কাৰণ দৰ্শই উত্তৰ লিখা।
উত্তৰঃ বায়ুমণ্ডলৰ ট্ৰপস্ফিয়েৰ স্তৰটোত নিম্নভাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্রমান্বয়ে হ্রাস পায়। সাধাৰণতে প্রতি কিলোমিটাৰ উচ্চতা বৃদ্ধিত 5.69 চেণ্টিগ্রেডকৈ বায়ুৰ উষ্ণতা হ্রাস পায় বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া কাৰ্য এই স্তৰতেই হয়।
25. অ’জন গেছৰ স্তৰটোৱে কেনেকৈ জীৱজগতৰ উপকাৰ সাথে? —কাৰণ দৰ্শই উত্তৰ লিখা।
উত্তৰঃ অ’জন গেছৰ পৰিমাণ বায়ুমণ্ডলত কম হ’লেও ইয়াৰ গুৰুত্ব লক্ষণীয়। বায়ুমণ্ডলৰ প্ৰায় 40- 50 কিলোমিটাৰ উচ্চতাত থকা অজন গেছে উদ্ভিদ-প্ৰাণীৰ বাবে অতি মাৰাত্মক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি জীৱজগতক সম্ভাব্য বিপদৰ পৰা কৰে।
26. বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ’ব? —কাৰণ দৰ্শই উত্তৰ লিখা।
উত্তৰঃ দ্ৰুত গতিত বৃদ্ধিপোৱা কয়লা, ট্ৰেলিয়াম আদি জীৱাশ্ম ইহ ইন্ধনৰ ব্যৱহাৰ আৰু নিৰ্বনীকৰণৰ ফলত বায়ুমণ্ডলত ক্ৰন্বয়ে কার্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈছে আৰু ফলস্বৰূপে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পায়। ইয়াকে গোলকীয় উত্তাপ বৃদ্ধি বোলে।
27. নিৰক্ষীয় নিম্নচাপ বলয়ত ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহ। বলাটো সাধাৰণতে কিয় অনুভূত হয়? —কাৰণ দৰ্শই উত্তৰ লিখা।
উত্তৰঃ কোৰিওলিচ বলৰ বাবে এই বতাহ উত্তৰ গোলাৰ্ধত উত্তৰ পূবৰ পৰা দক্ষিণ-শশ্চিম দিশত আৰু দক্ষিণ গোলার্ধত দক্ষিণ-পূবৰ পৰা উত্তৰ-পশ্চিম দিশত বলে। সেয়ে ইয়াক উত্তৰ গোলাৰ্ধত উত্তৰ-পূব বাণিজ্য বতাহ আৰু দক্ষিণ গোলার্ধত দক্ষিণ-পূর্ব বাণিজ্য বতাহ বোলে। ক্রান্তীয় অঞ্চলৰ এই উত্তৰ-পূব আৰু দক্ষিণ-পূর্ব বাণিজ্য বতাহ নিৰক্ষীয় অঞ্চলত মিলিত হৈ এক বিভাজকৰ সৃষ্টি কৰে। গতিকে এই অঞ্চলৰ বায়ুপ্রবাহ তেনেই দুৰ্বল আৰু মন্থৰ বাবে ইয়াক শান্ত বলয় বা নির্ধাত বুলি কোৱা হয়।
28. সাগৰপৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি? —কাৰণ দৰ্শই উত্তৰ লিখা।
উত্তৰঃ পৃথিৱীৰ দুই মেৰু অঞ্চলত শীতল আৰু গধুৰ বায়ুৰ প্ৰভাৱত বায়ুৰ চাপ সৰ্বাধিক হয়। আনহাতে, বিষুবীয় অঞ্চলত উষ্ণতা বৃদ্ধিৰ বাবে তাত বায়ুৰ চাপ সর্বনিম্ন হয়। কাৰণ বায়ু উত্তপ্ত হ’লে ঊর্ধ্বগামী হয়। বছৰত ঋতু পৰিবৰ্তনৰ বাবে বায়ুৰ চাপৰ হ্ৰাস-বৃদ্ধি হয়। বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ কাৰণ প্ৰধাণকৈ দুটা বায়ুৰ উষ্ণতা আৰ পৃথিৱী পৃষ্ঠৰ উচ্চতা। গতিকে এইবিলাক কাৰণতেই সাগৰপৃষ্ঠত বায়ুৰ চাপ আটাইতকৈ বেছি।
Long Type Questions and Answers (Marks : 5/6)
1. বতাহৰ নামকৰণ বুলিলে কি বুজা? এখন ঠাইৰ ওপৰেদি প্রবাহিত বায়ুৰ নামকৰণ কেনেকৈ কৰা হয়?
উত্তৰঃ বতাহৰ নামাকৰণ বুলিলে বুজা যায় যে যি দিশৰ পৰাই বতাহ বলে সেই দিশৰ নাম অনুসৰি বতাহৰ নাম দিয়া হয়। অর্থাৎ বতাহৰ নামাকৰণ প্রবাহ দিশ অনুযায়ী কৰা হয়।
এখন ঠাইৰ ওপৰেদি প্রবাহিত বায়ুৰ নামাকৰণ বতাহৰ দিশ অৱশ্যে। ডাৱৰ, ধোৱা, পানীৰ টৌ ইত্যাদিৰ গতিৰ পৰাই জানিব পাৰি। বতাহৰ সথিক নিৰ্ণয় উইণ্ডভেন (Wind Vane) নামৰ যন্ত্ৰটোৰ সহায়ত কৰিব। পাৰি। উদাহৰণস্বৰূপে এখন ঠাইত বতাহ চুম্বকীয় উত্তৰ দিশত বলিলে ইয়াৰ দিশ হ’ব ০০ আৰু একেবাৰে পূবত বলিলে ইয়াৰ দিশ হ’ব 909। বতাহৰ গতিবেগ এনিমমিটাৰ (Anemometer) নামৰ যন্ত্ৰৰ দ্বাৰা জোখা হয় ইৰ উপৰিও এনিম’গ্ৰাফ নামৰ যন্ত্ৰটোৰ দ্বাৰা স্বয়ংক্রিয়ওাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ হয়। বতাহৰ গতিবেগ নট (Knot) ত প্ৰকাশ কৰা হয়। বতাহৰ গতিবেগ এক নট মানে 1 নটিকেল মাইল প্রতি ঘণ্টাত।
2. কোৰিওলিচ বল’ বুলিলে কি বুজা? বতাহৰ গতিদিশ নিৰ্ধাৰণত ইয়াৰ ভূমিকা চিত্রসহ চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে। এনে পৰিঘটনাৰ কথা 1844 চনত পোন প্রথমে গেচপার্ড ডি কোৰিওলিচ নামৰ ফৰাচী গতিতজ্ঞ এজনে উদঘাটন কৰা বাবে এই শক্তিটোক ‘কোৰিওলিচ বল’ (Coriolis Force) হিচাপে জনাজাত। এই ‘কোৰিওলিচ বলৰ বাবে বতাহৰ গতিৰ দিশৰ কিছু বিক্ষেপন ঘটে।
বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ যেতিয়া উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বতাহ বলে তেতিয়া এই কোৰিওলিচ বলে সেই বতাহৰ দিশ কিছু পৰিমানে সলনি কৰে। বতাহৰ লগতে কোৰিওলিচ বলৰ প্ৰভাৱ ভূ-পৃষ্ঠৰ সকলো চলন্ত বস্তুৰ বা পৰিঘটনা ক্ষেত্ৰতে একেই। পৃথিৱীৰ আবৰ্তনৰ বাবে সৃষ্টি হোৱা এই বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্রবাহক ঘড়ীৰ কাটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ুপ্ৰৱাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশৰ বাওঁফালে বিক্ষেপিত হয়। ফেৰেলৰ সূত্ৰ অনুসৰি উত্তৰ গোলাৰ্ধৰ মেৰুমুখী বতাহ আপেক্ষিতভাৱে উত্তৰ-পূৱ মুৱা হয়। অৱশ্যে কোৰিওলিচ বলৰ মান পৃথিৱীৰ সকলো ঠাইতে একে নহয়। এই বলৰ মান বিষ্ণুৱৰেখাত শূন্য আৰু ই মেৰুৰ ফালে ক্ৰমান্বয়ে বৃদ্ধি পাই অরশেষত মেৰুত সর্বোচ্চ হয়। অর্থাৎ বিষুৱীয় অঞ্চলৰ বাহিৰে পৃথিৱীৰ যিকোনো ঠাইৰ বায়ুপ্ৰৱাহক পৃথিৱীৰ আবর্তন গতিয়ে প্রভাৱন্বিত কৰে।
3. বায়ুপ্রবাহত পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ বায়ুপ্ৰৱাহৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ। কোনো বিশেষ ভূমিকা নাই যেন লাগে যদিও সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকর্ষণেও বায়ুপ্ৰৱাহত এক চালিকা শক্তিৰ কাম কৰে। পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ বাবে বায়ুমণ্ডলখন থিতাপি আছে। তদুপৰি বায়ুৰ ওজন বা চাপ প্রধানতঃ মাধ্যাকর্ষণ শক্তিৰ ওপৰতে নিৰ্ভৰ কৰে। যিহেতু বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকর্ষণ শক্তি উচ্চতাৰ লগে লগে হ্রাস পায়, সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল আৰু বায়ু চাপ হ্রাস পায়। এইদৰেই বায়ুমণ্ডলত উচ্চচাপৰ পৰা নিম্নচাপলৈ এক উলম্বিক বায়ুপ্রবাহে চলি থাকে। পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অৱয়বৰ উচ্চতাৰ তাৰতম্যৰ বাবে এইদৰে চাপৰ পাৰ্থক্য আৰু ইয়াৰ ফলত ভৈয়ামৰ পৰা পৰ্বতলৈ বায়ু প্রবাহ চলে। তদুপৰি অন্যান্য শক্তিৰ লগতে মাধ্যাকর্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰৱাহিত বায়ুৰ গতি সম্পূৰ্ণ সৰলৰৈখিক নহৈ কিছু বক্ৰাকাৰ হোৱা দেখা যায়।
4. বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়? ইয়াৰ গতিবেগৰ এককবোৰ কি?
উত্তৰঃ কোনো এখন ঠাইৰ গতিবেগ সাধাৰণতে ডাৱৰ, ধোঁৱা, পানীৰ ঢৌ আদিৰ গতিৰপৰা জানিব পাৰি। উইণ্ড ভেন (Wind Vane) | নামৰ যন্ত্ৰ এটাৰ সহায়ত বতাহৰ সঠিক দিশ নিৰ্ণয় কৰিব পাৰি।
বতাহৰ গতিবেগ একক হৈছে নট (Knot) বতাহৰ গতিবেগ এক নট মানে 1 নটিকেল মাইল প্রতি ঘন্টাত। 1.854 কিলোমিটাৰ প্ৰতি ঘণ্টাত বা 30.9 মিটাৰ প্ৰতি মিনিটত।
বতাহৰ গতিবেগ জোখা হয় এনিম মিটাৰ (Anemometer) নামৰ যন্ত্ৰটোৰ দ্বাৰা। ইয়াৰ উপৰিও এনিম’গ্রাফ (Anemograph) নামৰ যন্ত্ৰটোৰ দ্বাৰা স্বয়ংক্রিয়ভাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ হয়। উল্লেখযোগ্য যে 1805 চনত বৃটিছ বিজ্ঞানী চাৰ ফ্ৰেঞ্চিচ বিউফ’ৰ্টে (Sir Francis Beaufort ) প্ৰস্তুত কৰা 0-12 নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানি পাৰি। এই স্কেলক বিউফট স্কেল ( Beaufort Scale) বুলি কোৱা হয়।
5. গৌণ বতাহ কাক বোলে? উদাহৰণসহ এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা বৰ্ণনা কৰা।
উত্তৰঃ ভূ-অবয়বৰ প্ৰকৃতি আৰু ভূমি-জলভাগৰ বিস্তৃতিৰ বিভিন্নতা তথা আঞ্চলিক আৰু ঋতুভিত্তিক চাপ-তাপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বায়ুপ্রবাহবোৰকে গৌণ বতাহ বোলে।
বায়ুপ্রবাহে একো একোটা অঞ্চলত বতৰৰ লক্ষণীয় পৰিবৰ্তন আন আৰু কেতিয়াবা বায়ুমণ্ডলৰ অৱস্থা, অস্থিৰ কৰি তোলে। উদাহৰণ স্বৰূপে ঘূৰ্ণীবতাহ বা চক্রবাত, প্ৰতাপ ঘূণীবতাহ, বায়ুৰাশি, বাতাগ্র মৌচুমী বতাহ আদিয়েই প্রধাণকৈ গৌণ প্ৰবাহৰ অন্তৰ্গত। কোনো এক বৃহৎ অঞ্চলত বায়ু দীৰ্ঘকাল স্থিৰাৱস্থাত থাকিলে ইয়াৰ নিম্ন স্তৰৰ বায়ু নিম্নস্থ ভূমিৰ দ্বাৰা প্রভান্বিত হয় আৰু ভূমিৰ গুণাগুণ অনুসৰি এই বায়ুরে নির্দিষ্ঠ তাপ আৰু আৰ্দ্ৰৰ্তা আহৰণ কৰে। সেয়ে উল্লম্বিক দিশত ভূমি পৃষ্ঠৰ পৰা ওপৰলৈ বায়ুস্তৰৰ তাপ আৰু আদৰ্শৰ তাৰমম্য পৰিলক্ষিত হয়। এক বিশেষ গুণ সম্পন্ন বায়ুৰাশি সৃষ্টি হ’লেই অপসাৰী হৈ যি অঞ্চলৰ ওপৰেদি প্রবাহিত হয় সেই অঞ্চলৰ বতৰ নিৰ্ধাৰণ কৰে।
6. বাতাগ্ৰ’ বুলিলে কি বুজা? ই কেনেকৈ সৃষ্টি হয়? জলবায়ু আৰু বাতাগ্ৰৰ সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ যেতিয়া উত্তাপ, আর্দ্রতা, চাপ, ঘনত্ব আদিৰ তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশি পৰস্পৰৰ সন্মুখীন হয়, ইহঁতৰ মাজত পোনে পোনে মিশ্রণ নঘটি দুটাৰ মাজত এক বিচ্ছেদক বায়ু পৃষ্ঠৰ বা বিচ্ছেদক ৰেখাৰ সৃষ্টি হয়। ইয়াকে বাতাগ্র (Front) বোলা হয়। অর্থাৎ বাতাগ্র (Front) হৈছে গৌণ বায়ুপ্ৰৱাহৰ অন্তৰ্গত একপ্ৰকাৰ বায়ুপ্ৰৱাহ। বাতাগ্ৰত বতৰৰ পৰিৱৰ্তন হয়।
বাতাগ্র সৃষ্টি হ’বলৈ বায়ুৰাশি দুটাৰ বিশেষ অৱস্থাৰ প্ৰয়োজন সেইকেইটা হ’ল—
(i) দুটা বায়ুৰাশিৰ এটা আনটোৰ তুলনাত শীতল আৰু গধুৰ হ’ব লাগিব।
(ii) বায়ুপ্রবাহ অভিসাৰী হ’ব লাগিব যাতে দুই বায়ুৰাশি বিপৰীত দিশৰ পৰা পৰস্পৰৰ অভিমুখে প্রবাহিত হয়।
জলবায়ু আৰু বাতাগ্ৰৰ সম্পৰ্ক কিছু এনেধৰণৰ বাতাগ্ৰ অঞ্চলত চাপতি বিপৰীত মুখী হোৱাৰ ফলত বায়ুৰ অপসৰণ হয় অৰু বাতাগ্ৰ। অগ্ৰসৰ হোৱাৰ লগে লগে সংশ্লিষ্ট বায়ুৰ উত্তাপ আৰু আৰ্দ্ৰতাৰ পৰিবৰ্তনৰ ফলত বাতাগ্ৰ অঞ্চলত ডাৱৰ সৃষ্টি হয়। যি বাতাগ্ৰত শীতল বায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিৰ স্থানান্তৰ কৰে তাক শীতল বাতাগ্র বোলা হয়। বাতাগ্ৰৰ বাবেই নাতিশীতোষ্ণ অঞ্চলসমূহত বতৰ সঘনে পৰিৱৰ্তন হৈ অস্থিৰ হোৱা পৰিলক্ষিত হয়।
7. চাপতি শক্তি বুলিলে কি বুজা? বায়ুপ্রবাহত ইয়াৰ ভূমিকা কি?
উত্তৰঃ চাপতি শক্তি বুলিলে ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলত বায়ুপ্রবাহৰ সৃষ্টি কৰে ইয়াকে চাপতি শক্তি বোলে।
যিহেতু দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে আমি চাপনিত বুলি কওঁ গতিকে এই চাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান নিৰ্ভৰ কৰিব ঠাই দুখনৰ মাজত থকা চাপৰ পাৰ্থক্য। ওপৰত চাপৰ পাৰ্থক্য বেছি হ’লে বায়ুপ্রবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব বেছি হয়। গতিবেগ হ্রাস হয়। আকৌ যিহেতু বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ প্ৰৱাহিত হয় সেয়ে ঠাই দুখনৰ মাজত থকা চাপনতিয়ে বায়ুপ্ৰৱাহৰ দিশো নিৰ্ণয় কৰে। যি দিশত চাপ হ্রাস পায়, সেই দিশতেই চাপনতিৰ জোখ লোৱা হয়। অর্থাৎ এটা অঞ্চলৰ চাপতি অধ্যয়ন কৰিলেই তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে সহজে জানিব পাৰি। এটা অঞ্চলৰ চাপতিৰ মান বেছি হ’লে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মান একেবাৰে কম হ’লে তাত বায়ুপ্রবাহ প্রায় শূণ্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থাও শান্ত হয়।
8. উচ্চতা আৰু উত্তাপৰ হ্ৰাসবৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি কি স্তৰত বিভক্ত কৰিব পাৰি চিত্ৰসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ উচ্চতা আৰু উত্তাপৰ হ্ৰাস বৃদ্ধি ভিত্তিত বায়ুমণ্ডলক চাৰিটা ভাগত বিভক্ত কৰা হৈছে। সেইকেইটা হ’ল—
(i) নিৰক্ষীয় নিম্নচাপ বলয় (Equatorial Low Pressure Belt)
(i) উপক্রান্তীয় উচ্চচাপ বলয় (Sub-Tropical High Pressure Belt)।
(iii) উপ-মেৰুদেশীয় নিম্নচাপ বলয় (Sub-Polar Low Pressure Belt)
(iv) মেৰুদেশীয় উচ্চচাপ বলয় (Polar High Pressure Belt) উপৰুক্ত চাৰিওটা চাপ বলয়ৰ চিত্ৰসহ বিৱৰণ তলত দিয়া হ’ল—
(i) নিৰক্ষীয় নিম্নচাপ বলয়ঃ এই অঞ্চলত স্থলভাগৰ তুলনাত, জলভাগৰ পৰিমাণ বেছি। লগতে উত্তাপ বেছি হোৱাৰ বাবে এই এঞ্চলৰ বায়ুত অধিক জলীয় বাষ্প থাকে আৰু সেয়েহে এই অঞ্চলত বায়ুৰ চাপ হ্রাস পায়।
(ii) উপক্রান্তীয় উচ্চচাপ বলযঃ নিৰক্ষীয় অঞ্চলৰ পৰা উধর্বগামী হোৱা আৰ্দ্ৰ আৰু পাতল বায়ু উত্তৰ আৰু দক্ষিণ ফালে অগ্ৰসৰ হয়। এই বায়ুৰাশি পিছত ক্ৰমে ঠাণ্ডা হ’বলৈ ধৰে আৰু
ফলত গধুৰ হয়।
(iii) উপমেৰুদেশীয় নিম্নচাপ বলয়ঃ এই চাপমণ্ডলটো ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি কৰে।
(iv) মেৰুদেশীয় উচ্চচাপ বলয়ঃ এই মণ্ডলৰ বায়ু অতিশয় শীতল হোৱাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে, ফলত বায়ুত জলীয় বাষ্প নাথাকেই। সেয়েহে মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে।
9. মৌচুমী বতাহ বুলিলে কি বুজা? ই কেনেকৈ সৃষ্টি হয়? ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবোৰ অঞ্চলত সুস্পষ্ট?
উত্তৰঃ ‘মৌচুমী’ শব্দটো আৰবীয় ভাষাৰ ‘মৌচিম’ শব্দৰ পৰা উদ্ভৱ হৈছে। আৰবীয় ভাষাৰ মৌচিম শব্দটোৱে ঋতুক বুজায়। গতিকে বেলেগ বেলেগ ঋতুত দিশ সলনি কৰি এই বতাহ বলে কাৰণে ইয়াক ‘মৌচুমী’ বতাহ বোলে। মৌচুমী এবিধ সাময়িক বতাহ। আচলতে মৌচুমী বায়ু নিয়মিত বাণিজ্য বতাহৰে দিশ পৰিৱৰ্তন কৰা এটা অংশ। এই বতাহ বছৰৰ দুটা ঋতুত প্রবাহিত হয়। মৌচুমী বতাহক দৰাচলতে মহাদেশ আৰু মাহাসাগৰৰ মাজত চলাচল কৰা জলবতাহ আৰু স্থলবতাহ বুলিও ক’ব পাৰি। কাৰণ এই বতাহ গ্ৰীষ্মকালত সাৰৰ ফালৰ পৰা মহাদেশৰ স্থলভাগলৈ আৰু জাৰকালি মহাদেশৰ স্থলভাগৰ পৰা সাগৰৰ ফাললৈ প্ৰবাহিত হয়।
(ক) গ্রীষ্মকালীন মৌচুমী বতাহঃ মৌচুমী বতাহ ক্ৰান্তীয় আৰু উপক্রান্তীয় অঞ্চলতেই প্রবাহিত হোৱা দেখা যায়। গ্রীষ্মকালত সূৰ্যৰ তাপ কৰ্কট ক্রান্তি ৰেখাৰ ওচৰৰ ঠাইসমূহত লম্বভাৱে পৰে কাৰণে মধ্য এছিয়া, চীনৰ দক্ষিণ অংশ, দক্ষিণ-পূৱ এছিয়া, উত্তৰ-পশ্চিম ভাৰত আদি অঞ্চলৰ ভূ-পৃষ্ঠৰ বায়ু উত্তপ্ত আৰু পাতল হৈ ওপৰলৈ উঠি যায়। ফলত এই স্থানবোৰত নিম্ন চাপৰ সৃষ্টি হয়। কিন্তু এই অঞ্চলৰ ওচৰত উঠি যায়। ফলত এই স্থানবোৰত নিম্ন চাপৰ সৃষ্টি হয়। কিন্তু অঞ্চলৰ ওচৰৰ ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ ওপৰৰ বায়ু শীতল আৰু উচ্চ চাপযুক্ত হৈ থকা বাবেই ওচৰৰ নিম্ন চাপযুক্ত অঞ্চলৰ ফালে খালী ঠাই পূৰণৰ বাবে প্ৰৱাহিত হয়। উত্তৰ গোলাৰ্ধত এই বায়ুকে গ্ৰীষ্মকালৰ মৌচুমী বতাহ বোলে। এই বতাহ দক্ষিণ-পশ্চিমৰ পৰা অহা বাবে ইয়াক দক্ষিণ-পশ্চিম মৌচুমী বতাহে বোলে। এই বতাহ সাগৰৰ ওপৰেৰে বৈ অহা বাবে প্ৰচুৰ জলীয় বাষ্প পূৰ্ণ হৈ আছে। পাকিস্তান, ভাৰতৰ ওপৰেৰে প্ৰবাহিত হৈ উত্তৰৰ হিমালয় পর্বত বাধা পাই পাকিস্তান আৰু উত্তৰ-পূৱ ভাৰতত প্ৰচুৰ বৰষুণ দিয়ে। ভাৰতৰ মেঘালয়ৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হয়। এই বতাহ চীন, কোৰিয়া, জাপান, ইন্দোচীন আদি দেশৰ ওপৰেদিও. প্রবাহিত হয়।
(খ) শীতকালীন মৌচুমী বতাহঃ শীত কালত সূৰ্যৰ কিৰণ মকৰক্ৰান্তি অঞ্চলত লম্বভাৱে পৰে, এই অঞ্চলৰ সাগৰীয় জলভাগৰ ওপৰৰ বায়ু উত্তপ্ত হৈ ওপৰলৈ উঠে। ফলত তাত এক নিম্ন চাপৰ সৃষ্টি হয়। আনহাতে সূর্য দক্ষিণায়ণৰ ফলত এছিয়াৰ স্থলভাগৰ ওপৰৰ শীতল আৰু গধুৰ উচ্চ চাপৰ বায়ু, ভাৰত মহাসাগৰৰ নিম্ন চাপ অঞ্চললৈ প্ৰবাহিত হয়। এই বতাহকে শীতকালীন মৌচুমী বতাহ বোলে। এই বতাহ উত্তৰ-পূৱ ফালৰ পৰা বয় কাৰণে ইয়াক উত্তৰ- পূর্ব মৌচুমী তাহে বোলে। জাৰকালীন মৌমী বায় স্থলভাগৰ পৰা প্ৰবাহিত হয়। বাবে ইয়াত জলীয়বাষ্প নাথাকে সেই বাবে এই বতাহৰ পৰা সাধাৰণতে বৃষ্টিপাত হয়। কিন্তু এই বায়ু নিৰক্ষৰেখা পাৰ হৈ পৃথিৱীৰ আবৰ্তনৰ ফলত উত্তৰ-পশ্চিম মৌচুমী বায়ু ৰূপে দিশ সলনি কৰি ভাৰত মহাসাগৰৰ। ওপৰেদি প্রবাহিত হৈ জলীয় বাষ্প পুষ্ট হৈ অষ্ট্ৰেলিয়াৰ উত্তৰে প্ৰচুৰ বৰষুণ দিয়ে! ভাৰত, পাকিস্তানকে আদি কৰি সমগ্ৰ দক্ষিণ-পূৱ এচিয়াৰ দেশসমূহ চীন, জাপান আৰু উত্তৰ অষ্ট্ৰেলিয়াৰ ওপৰেদি এই বতাহ হোৱাৰ উপৰিও আফ্ৰিকাৰ গিনি উপকূল, কাৰিব সাগৰৰ উপকূলীয় অঞ্চল আমেৰিকৰ মধ্যভাগ আদি মৌচুমী অঞ্চলত পৰে।
10. বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণোৰ উদাহৰণসহ আলোচনা কৰা।
উত্তৰঃ বায়ু এবিধ গেছায় পদার্থ। ইয়াৰ ওজন বা ভৰ আছে, সেই কাৰণেই ইয়াৰ চাপ আছে। মহাকাশ ব্যাপী থকা বায়ুৰ সমষ্টিকে বায়ুমণ্ডল বোলে। বায়ুমণ্ডলৰ চাপ আছে। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য প্ৰধানকৈ দুটা কাৰণত সংঘটিত হয়। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱাৰ কাৰণ প্ৰধানকৈ দুটা—
(i) বায়ুৰ উষ্ণতা আৰু
(ii) পৃথিৱী পৃষ্ঠৰ উচ্চতা।
(i) বায়ুৰ উষ্ণতাঃ সূৰ্যৰ তাপৰ বিতৰণ পৃথিৱীৰ সকলো ঠাইতে সমান নহয়। তাপ বিতৰণৰ কাৰণতে ভু-পৃষ্ঠৰ কোনো ঠাই ঠাণ্ডা, কোনো ঠাই গৰম আৰু কোনো ঠাই নাতিশিতোষ্ণ। মুঠতে উষ্ণতাৰ লগত বায়ুৰ চাপৰ সম্পৰ্ক অতি ঘনিষ্ঠ। সূৰ্যৰ তাপত কোনো ঠাইৰ বায়ু উত্তপ্ত আৰু প্ৰসাৰিত হ’লে ইয়াৰ ঘনত্ব কমি গৈ পাতল হয় আৰু ওপৰলৈ উঠি যায়, ফলত এই ঠাইত বায়ু চাপ কমি যায়। এনে বায়ুক নিম্নচাপযুক্ত বায়ু আৰু অঞ্চলটোক নিম্নচাপ অঞ্চল বোলে। যেনে– নিৰক্ষীয় অঞ্চল। এই চাপৰ তাৰতম্যৰ বাবে বায়ু প্রবাহিত হয়। দ্বিতীয়তে বায়ুমণ্ডলৰ জলীয় বাষ্পৰ পৰিমাণ হ্রাসবৃদ্ধি হ’লেও বায়ুৰ চাপৰ তাৰতম্য হয়। বায়ু জলীয় বাষ্প বৃদ্ধি হ’লে বায়ুৰ চাপ কমে কাৰণ জলীয় বাষ্পপূর্ণ বায়ু, শুকান বায়ুতকৈ পাতলা। জলীয় বাষ্প কম থকা শুকান। বায়ুৰ চাপ, জলীয় বাষ্পপূর্ণ বায়ুৰ চাপতকৈ বেছি।
(ii) পৃথিৱী পৃষ্ঠৰ উচ্চতাঃ পৃথিৱীৰ উপৰিভাগত সকলো ঠাইতে বায়ুৰ চাপ সমান নহয়। ভূ- পৃষ্ঠত লাগি থকা আৰু বায়ুমণ্ডলৰ নিম্নস্থানত বায়ুৰ চাপ আটাইতকৈ বেছি থাকে। কাৰণ ওপৰৰ বায়ুৰ চাপ ইয়াৰ ওপৰত পৰে। ভূ-পৃষ্ঠ বা সমুদ্রপৃষ্ঠৰপৰা যিমান ওপৰলৈ উঠা যায় সিমানে বায়ুমণ্ডলৰ গভীৰতাৰ লগতে ঘনত্ব কমি বায়ু পাতল হয়, ফলত বায়ুৰ চাপ কমি যায়। গতিকে উচ্চতা বঢ়াৰ লগে লগে বায়ুমণ্ডলত চাপ হ্রাস পায়। কোনো ঠাইৰ উচ্চতাৰ ওপৰত বায়ুৰ চাপ কম-বেছি হয়। মুঠতে এখন ঠাইৰ উচ্চতা আৰু উষ্ণতা অনুসৰি বায়ুৰ চাপৰ তাৰতম্য ঘটে বা হ্রাস-বৃদ্ধি হয়।
মুঠতে, বায়ুমণ্ডলৰ চাপৰ তাৰতম্য স্থান আৰু সময়ৰ বাবে পৰিৱৰ্তন হৈ থাকে। উদাহৰণস্বৰূপে পৃথিৱীৰ দুই মেৰুত বায়ুৰ চাপ বেছি কাৰণ বায়ুমণ্ডল ও গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ ই শীতল আৰু নিম্নগামী। আনহাতে, বিষুৱ চাপৰ অঞ্চলৰ বায়ু উষ্ণ পাতল আৰু ঊর্ধ্বগামী বায়ুৰ চাপ কম। বছৰৰ সময়ভেদে, ঋতু অনুসৰি বায়ুৰ চাপ কম-বেছি হয়। ইয়াৰ উপৰিও মূলত ঠাইৰ উচ্চতা আৰু উষ্ণতাৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি বায়ুমণ্ডলৰ চাপৰ তুলনামুলক তাৰতম্য অনুসৰি পৃথিৱীপৃষ্ঠত প্ৰধানকৈ চাৰিটা চাপবলয় বা চাপ মণ্ডল চিনাক্ত কৰা হৈছে—
(i) নিৰক্ষীয় নিম্নচাপ বলয়।
(ii) উপক্রান্তীয় উচ্চচাপ বলয়।
(ii) উপ-মেৰুদেশীয় নিম্নচাপ বলয়।
(iv) মেৰুদেশীয় উচ্চচাপ বলয়।
11. বতাহৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হয়? উদাহৰণসহ চমুকৈ আলোচনা কৰা।
উত্তৰঃ বিস্তৃতিৰ ওপৰত নিৰ্ভৰ কৰি বহ’লভাৱে বতাহ বা বায়ুপ্রবাহক তিনিটা শ্রেণীত বিভক্ত কৰা হৈছে, সেইকেইটা তলত চমুকৈ আলোচনা কৰা হ’ল—
(i) মুখ্য বা প্রাথমিক বায়ুপ্রবাহ (Primary Circulation)।
(ii) গৌণ বায়ু প্রবাহ ( Secondary Circulation)।
(iii) স্থানীয় বায়ুপ্রবাহ (Tertiary Circulation)।
(i) মুখ্য বা প্রাথমিক বায়ুপ্রবাহঃ পৃথিৱীপৃষ্ঠ স্থায়ীভাৱে থকা চাপবলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সমগ্ৰ পৃথিৱী জুৰি চলি থকা বায়ুপ্রবাহকে প্রাথমিক বা মুখ্য বায়ুপ্রবাহ বোলে। উদাহৰণস্বৰূপে বাণিজ্য বতাহ, প্ৰহোৱা বতাহ, মেৰুদেশীয় বতাহ ইয়াৰ অন্তৰ্গত।
(ii) গৌণ বায়ু প্রবাহঃ ভূ-অবয়বৰ প্ৰকৃতি আৰু ভূমি-জলভাগৰ বিস্তৃতিৰ বিভিন্নতা তথা আঞ্চলিক আৰু ঋতু ভিত্তিক চাপ-তাপৰ তাৰতম্যৰ ফলত পথিৱীৰ বিভিন্ন প্ৰান্তত সষ্টি হোৱা বায়প্রবাহবোৰকে গৌণ বায়ুপ্রবাহ বোলা হয়। উদাহৰণস্বৰূপে-বায়ুৰাশি, বাতাগ্র, ঘূর্ণবতাহ প্রতীপ ঘূর্ণীবতাহ, মৌচুমী বতাহ আদি ইয়াৰ অন্তৰ্গত।
(iii) স্থানীয় বায়ুপ্রবাহঃ ভূ-অবয়বৰ বিভিন্নতা আৰু উচ্চতাৰ পাৰ্থক্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ুপ্রবাহৰ সৃষ্টি হয় তাকে স্থানীয় বায়ুপ্রবাহ বোলে। ইয়াক অস্থায়ী বা অনিয়মিত বায়ুপ্ৰৱাহহা কোৱা হয়। জলবতাহ, স্থলবতাহ, উপত্যকা বতাহ, পৰ্বতীয়া বতাহ, চিনুক, ফন, চিৰৰাক্কো, মিস্ট্রেল, লু আদি স্থানীয় বতাহ আদি ইয়াৰ অন্তৰ্গত।
12. চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপবলয়কেইটাৰ বৈশিষ্ট্য আলোচনা কৰা।
উত্তৰঃ বায়ুমণ্ডল গোটেই পৃথিৱীখনক এটা বাষ্পীয় আৱৰণে চাৰিওফালে আগুৰি আছে। পৃথিৱীৰ মধ্যাকর্ষণ শক্তিৰ ফলত এই আৱৰণটো ভূপৃষ্ঠত লাগি থাকে। ভূ-পৃষ্ঠৰ ওপৰত এই বাষ্পীয় উপাদানৰ সমষ্টিটোকে বায়ুমণ্ডল বোলে। এই বায়ুমণ্ডলৰ ওজন প্রায় ৫০০ কোটি টন। গতিকে বায়ুৱে পৃথিৱীৰ উপৰিভাগত এক প্রচণ্ড চাপ বা হেঁচা দি আছে। এই হেঁচাকে বায়ুৰ চাপ বোলে। এই চাপ পৃথিৱীৰ সকলো ঠাইতে সমান নহয়। বায়ুৰ চাপ দুই প্ৰকাৰৰ উচ্চ চাপ আৰু নিম্ন চাপ।
পৃথিৱীৰ প্ৰধান চাপ বলয়সমূহঃ পৃথিৱীৰ কোনো এটা অঞ্চল, জৰি স্থায়ী উচ্চ চাপ আৰু আন কোনো এটা অঞ্চল জুৰি স্থায়ী নিম্ন চাপ প্ৰবাহিত হৈ থকা দেখা যায়। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য অনুসৰি পৃথিৱীপৃষ্ঠত মূলতঃ চাৰিটা চাপবলয় বা তাপমণ্ডল চিনাক্ত কৰা হৈছে। সেইবোৰ ক্ৰমে—
(ক) নিৰক্ষীয় নিম্নচাপ মণ্ডল।
(খ) উপক্রান্তীয় উচ্চচাপ মণ্ডল।
(গ) উপ-মেৰুদেশীয় নিম্নচাপ মণ্ডল।
(ঘ) মেৰুদেশীয় উচ্চচাপ মণ্ডল।
পৃথিৱীৰ প্ৰধান চাপবলয় কেইটাৰ বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল—
(ক) নিৰক্ষীয় নিম্নচাপ বলয়ঃ বিষুৱ ৰেখা বা নিৰক্ষ ৰেখাৰ উত্তৰে 100 অক্ষাংশ আৰু দক্ষিণে 109 অক্ষাংশৰ মাজত প্ৰায় গোটেই বছৰ ধৰি সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। গতিকে এই অঞ্চলৰ বায়ু তুলনামূলক ভাৱে উত্তপ্ত হৈ থাকে বাবে ইয়াৰ বায়ু পাতল হয় আৰু ঘনত্ব হ্রাস পায়। ফলত এই অঞ্চলত নিম্নচাপৰ সৃষ্টি হয়। আনহাতে এই অঞ্চলত স্থলভাগৰ তুলনাত জলভাগৰ পৰিমাণ বেছি। এই অঞ্চলৰ বায়ুত অধিক জলীয় বাষ্প থাকে কাৰণে এই অঞ্চলত বায়ুৰ চাপ হ্রাস হয়। ইয়াত বায়ু উত্তপ্ত হৈ উর্ধগামী হোৱা দেখা যায়। বায়ু উর্ধগামী হোৱা হেতুকে এই অঞ্চলত ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলা পৰিলক্ষিত নহয় আৰু ইয়াত বায়ু শান্ত অৱস্থাত থকা যেন অনুভূত হয়।
(খ) উপক্রান্তীয় উচ্চচাপ বলযঃ এই অঞ্চলত বায়ুৰ গতি প্ৰধানকৈ নিম্নমুখী হয় আৰু সেয়েহে ইয়াত বতাহ বা বায়ুপ্রবাহ অনুভূত হয়। এই অঞ্চলত বায়ুপ্রবাহ ইমানেই কম হয় যে কেতিয়াবা সাগৰত জাহাজ চলাচলো কৰিব নোৱাৰা হয়। আনহাতে এই মণ্ডলটো ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি কৰে।
(গ) উপ-মেৰু দেশীয় নিম্নচাপ বলয়ঃ উপ-মেৰু দেশীয় নিম্নচাপ বলয়টো মোটামুটিকৈ উত্তৰ গোলাৰ্ধৰ 60-70° উত্তৰ অক্ষাংশ আৰু দক্ষিণ গোলাৰ্ধৰ 600 70° দক্ষিণ অক্ষাংশত অৱস্থিত। উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ এই দুই উপমেৰু অঞ্চলত পৃথিৱীৰ আৱৰ্তনৰ গতি দুই মেৰুতকৈ তুলনামূলকভাৱে বেছি। ফলত উপমেৰু অঞ্চলৰ বায়ু উপ ক্রান্তীয় অঞ্চল দিশে বিক্ষিপ্ত হয় আৰু তেতিয়াই উপমেৰু অঞ্চলত বায়ুৰ পৰিমাণ কমি তাত নিম্নচাপৰ সৃষ্টি হয়। এই চাপ মণ্ডলটো অৱশ্যে ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি কৰে।
(ঘ) মেৰুদেশীয় উচ্চচাপ বলয়ঃ পোনপটিয়া সূৰ্যৰ ৰশিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে। সেয়ে এই অঞ্চলত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ দেখা পোৱা যায়।
13. প্রাথমিক বায়ুপ্রবাহ বুলিলে কি বুজা? এখন চিত্ৰত প্ৰাথমিক বায়ুপ্রবাহৰ বিতৰণ দেখুওৱা। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ পৃথিৱীপৃষ্ঠত স্থায়ীভাৱে থকা চাপবলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সমগ্ৰ পৃথিৱীজুৰি চলি থকা বায়ুপ্রবাহকে প্রাথমিক বা মুখ্য বায়ুপ্রবাহ বোলে। এই স্থায়ী বায়ুপ্ৰৱাহ অবিৰতভাৱে পৃথিৱীৰ দুয়োটা গোলাৰ উপক্রান্তীয় আৰু মেৰুদেশীয় উচ্চচাপ বলয়ৰপৰা নিৰক্ষীয় আৰু উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ চলি থাকে। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে যে—
(i) 300 উত্তৰ আৰু 30° দক্ষিণ অক্ষাংশৰ ওচৰে-পাঁজৰে অৱস্থিত উপক্রান্তীয় উচ্চচাপ বলয়ৰপৰা নিৰক্ষীয় নিম্নচাপ বলয়লৈ বাণিজ্য বতাহ (Trade wind) প্রবাহিত হয়। কোৰিওলি বলৰ বাবে এই বতাহ উত্তৰ গোলাৰ্ধত উত্তৰ-পূৱৰপৰা দক্ষিণ-পশ্চিম দিশত প্ৰৱাহিত হয় আৰু দক্ষিণ গোলার্ধত দক্ষিণ-পূৱৰপৰা দক্ষিণ-পূৱৰপৰা উত্তৰ-পশ্চিম দিশত প্ৰৱাহিত হয়।
(ii) আকৌ উপক্রান্তীয় উচ্চচাপ বলয়ৰপৰা উচ্চ অক্ষাংশীয় উপমেৰুৰ ফালে থকা নিম্নচাপ অঞ্চললৈ পশ্চিমা বতাহ (Westerlies ) প্রবাহিত হয়। কোৰিওলি বলৰ বাবে এই বায়ুপ্ৰৱাহ উত্তৰ গোলাৰ্ধৰ দক্ষিণ-পশ্চিম দিশৰপৰা পূৱ আৰু উত্তৰ-পূৱ দিশলৈ প্ৰবাহিত হয়। কিন্তু দক্ষিণ গোলার্ধত এই বায়ুপ্রবাহ উত্তৰ পশ্চিমৰপৰা দক্ষিণ-পূৱ দিশত হয়। দক্ষিণ গোলার্ধত বিশেষকৈ 300 ৰপৰা 600 অক্ষাংশ। অঞ্চল মহাসাগৰে আৱৰি থকা বাবে এই অংশত পছোৱা বতাহৰ তীব্রতা অত্যাধিক হয়।
(iii) মেৰুদেশীয় উচ্চচাপ বলয়ৰপৰা উচ্চ অক্ষাংশত থকা উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ মেৰুদেশীয় বতাহ (Polar wind)। প্রবাহিত হয়। মেরু অঞ্চলত মেৰুদেশীয় বতাহ আৰু পছোৱা বতাহৰ মিলন হৈ মেৰুদেশীয় বাতাগ্ৰ (Polar wind)ৰ সৃষ্টি হয়।
14. পৃথিৱীত অনুকূল প্রাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পর্কে লিখা।
উত্তৰঃ সকলো প্ৰকাৰৰ জীৱ-জন্তু তথা উদ্ভিদে অক্সিজেনৰ পৰাই প্রয়োজনীয় শক্তি লাভ কৰে। বায়ুমণ্ডলৰ 1% কৈ কিছু কম পৰিমাণে থকা আর্গন গেছো ৰাসায়ণিকভাৱে নিষ্ক্রিয়। বৈদ্যুতিক বাল্ব প্রস্তুত, জ্বালাইকার্য আদিত আর্গন গেছ ব্যৱহৃত হয়। বায়ুমণ্ডলত কার্বন-ডাই অক্সাইড গেছৰ পৰিমাণ অতি সামান্য হ’লেও বায়ুমণ্ডলীয় প্ৰক্ৰিয়া আৰু ভূ-পৃষ্ঠৰ জলবায়ু নিয়ন্ত্ৰণত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মানুহ আৰু অন্য প্রাণীয়ে উশাহত বায়ুমণ্ডলৰ অক্সিজেন গ্রহণ কৰি নিশাহত কার্বন ডাই-অক্সাইড এৰি দিয়ে। আনহাতে, উদ্ভিদসমূহে কার্বন ডাই-অক্সাইড ব্যৱহাৰ কৰি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে খাদ্য প্রস্তুত কৰি অক্সিজেন ত্যাগ কৰে। এইদৰেই উদ্ভিদ-প্রাণীসমূহে প্ৰাকৃতিকভাৱে বায়ুমণ্ডলত থকা অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইড আনুপাতিক পৰিমাণৰ সমতা ৰক্ষা কৰে। ইয়াৰ উপৰিও বায়ুমণ্ডলৰ প্ৰায় 40- 50 কিলোমিটাৰ উচ্চতাত থকা অ’জন গেছে উদ্ভিদ-প্ৰাণীৰ বাবে অতি মাৰাত্মক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি জীৱজগতক সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰি আছে। বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱৰ্ল বায়ুমণ্ডলৰ ভিতৰতে সংঘটিত হয়। বায়ুমণ্ডলৰ বাবেই পৃথিৱীত বৰষুণ হয়। এই কাৰ্যকলাপৰ বাবেই উদ্ভিদ আৰু প্ৰাণীজগত বৰ্তি আছে। মুঠতে ক’বলৈ গলে বায়ুমণ্ডল অবিহনে পৃথিৱীত জীৱৰ অস্তিত্বৰ কথা কল্পনাই কৰিব নোৱাৰি।
15. ঘূণীবতাহ’ কাক বোলে? ই কেইপ্ৰকাৰৰ আৰু কি কি? এখন ঠহিৰ তৰ বা জলবায়ুত ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখ কৰা।
উত্তৰঃ বায়ুমণ্ডলীয় প্ৰবাহৰ যি অৱস্থাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰ গতি লয় তাকে ঘূর্ণীবতাহ বা চক্রবাত (Cyclone) বোলে। ঘূর্ণীবতাহ প্রধান দুই প্ৰকাৰৰ—
(1) ক্রান্তীয় ঘূর্ণীবতাহ। আৰু
(2) বহিঃক্রান্তীয় বা মধ্যঅক্ষাংশীয় ঘূর্ণীবতাহ।
পথিৱীৰ আবৰ্তনৰ বাবে উত্তৰ গোলৰ্ধত সৃষ্টিহোৱা এনে ঘূর্ণীবতাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলার্ধত ঘড়ীৰ কাঁটাৰ দিশত বলে। ক্রান্তীয় ঘূৰ্ণীবাহৰ গতিবেগ প্রতি ঘণ্টাত 120-ৰ পৰা 280 কিলোমিটাৰ পৰ্যন্ত হয়। ক্রান্তীয় চক্ৰবাত সম্পূর্ণভাৱে সাগৰীয় পৰিবেশৰ প্ৰভাৱত কেৱল গ্রীষ্মকালতেই উৎপত্তি হয়। ইয়াৰ নিম্নচাপ কেন্দ্ৰটো সম্পূর্ণ হোৱাৰ পিছত ই সাহৰীয় উপকূল আৰু ক্ৰমে স্থলভাগলৈ ধাবিত হয়। ইয়াৰ উপৰিও বহিঃক্রান্তীয় ঘূর্ণী বতাহৰ ফলত নাতিশীতোষ্ণ অঞ্চলৰ বতৰ সঘনে পৰিবৰ্তন হৈ অস্থিৰ হোৱা দেখা যায়। প্ৰায়বোৰ নাতিশীতোষ ঘূৰ্ণীবতাহৰ ব্যাস 300 কিলোমিটাৰৰ পৰা 1500 কিলোমিটাৰ আৰু এনে একোটা ঘূর্ণীবতাহে প্রায় 1.6 নিযুত বৰ্গ কিলোমিটাৰ ঠাই জুৰি থাকে। এনে ঘূৰ্ণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাসাৰ বৰষুণৰ সৃষ্টি হয়। উচ্চ স্তৰৰ বায়ু অতিপাত চেচা হ’লে শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকনিৰে ধুমুহা বৰষুণ হয়। কিন্তু কিছুসময়ৰ পাছতে বৰষুণ ডাৱৰ নোহোৱা হৈ আকাশ মুকলি হয়, অৱশ্যে ৰিবৰিব বতাহ চলি থাকে।
16. বায়ুপ্রবাহ কাক বোলে? বায়ুপ্রবাহৰ উৎপত্তিৰ কাৰকসমূহ আলোচনা কৰা।
উত্তৰঃ বায়ুৰ গতিশীল অৱস্থাকে বতাহ বা বায়ুপ্রবাহ বোলে। অর্থাৎ বায়ুৰ গতিশীল অৱস্থাই হ’ল বতাহ। ভূ-পৃষ্ঠৰ বায়ুমণ্ডলত বায়ু স্থিৰ অৱস্থাত নাথাকে, ই গতিশীল। গতিশীল বায়ুকে বতাহ বোলে। বতৰবিজ্ঞান মতে ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰা বা চলাচল কৰা বায়ুকে বতাহ বা বায়ুপ্ৰৱাহ বোলে। বায়ুৰ এই গতিকে অনুভূমিক গতি বোলে। অৱশ্যে বায়ুৰ আন এটা গতিও আছে। ইয়াকে উলম্বিক প্ৰৱাহ বোলে। এইক্ষেত্ৰ বায়ুৱে তলৰপৰা ওপৰলৈ আৰু ওপৰৰপৰা তললৈ গতি কৰে।
বায়ুপ্রবাহৰ উৎপত্তিৰ মুখ্য কাৰক হ’ল বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য। বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্যৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে বতাহৰ উৎপত্তি হয়। বতাহ উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে। যেতিয়া সূৰ্যৰ ৰশ্মিৰ দ্বাৰা ভূ-পৃষ্ঠৰ সকলো ঠাই সমানে উত্তাপিত নহয়। বিষ্ণুর অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে বাবে তাত উষ্ণতা সর্বাধিক হয়। অন্যহাতে মেৰুৰ ফাললৈ সূৰ্যৰ ৰশ্মি ক্ৰমান্বয়ে হেলনীয়াকৈ পৰাৰ বাবে উষতাও হাস পায়। যেতিয়া বায়ৰ উষ্ণতা বৃদ্ধি পাই ই পাতল হৈ ওপৰলৈ গতি কৰে আৰু সেই ঠাইত এক নিম্ন চাপৰ সৃষ্টি হয়। ইয়াৰ ফলস্বৰূপে তুলনামূলক ভাৱে কম উষ্ণতা বিৰাজ কৰা উচ্চ চাপ অঞ্চলৰ পৰা এই নিম্নচাপ অঞ্চললৈ বায়ু প্রবাহিত হয়। অর্থাৎ অনুভূমিক বায়ুৰ ঘনত্বৰ পৰিবৰ্ম বা চাপৰ তাৰতম্যৰ বাবে চাপনতিৰ সৃষ্টি হৈ বায়ুপ্রবাহ আৰম্ভ হয়।
17. স্থানীয় বতাহ কাক বোলে? স্থানীয় বতাহে এখন ঠাইৰ বতৰ নিৰ্ধাৰণত কেনেদৰে প্ৰভাৱ পেলায়। উদাহৰণসহ চমুকৈ আলোচনা কৰা।
উত্তৰঃ ভূ-অৱয়বৰ বিভিন্নতা আৰু উচ্চতাৰ পাৰ্থক্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ুপ্রবাহৰ সৃষ্টি হয় তাকে স্থানীয় বতাহ বোলে। ইয়াক অস্থায়ী বা অনিয়মিত বতাহ বুলিও কোৱা হয়। স্থানীয় বতাহৰ অন্তৰ্গত স্থলবতাহ আৰু জলবতাহ সংশ্লিষ্ট অঞ্চলৰ বায়ুচাপৰ তাৰতম্যৰ বাবে সৃষ্টি হয়। আকৌ দিনৰ ভাগত ভৈয়ামৰ বায়ু পাতল হৈ ইয়াৰ পৰা পৰ্বতৰ ঢালেদি উর্ধমুখী প্ৰৱাহ বৈ উপত্যকা বতাহ বলে। বিপৰীত ক্ৰমে ৰাতি পৰ্বতৰ বায়ু ভৈয়ামৰ তুলনাত চেচা আৰু গধুৰ হৈ ভৈয়ামলৈ নিম্নগামী হয়। এয়া পর্বর্তীয়া বতাহ। এই বতাহৰ বাবে বিভিন্ন পাৰ্বত্য অঞ্চলৰ পাদভূমিত শীতকালতত পুৱা আৰু গধূলি কুঁৱলীৰ প্ৰাদুৰ্ভাব দেখা নাযায়। আন আন স্থানীয় বতাহ চিনুক, ফল, চিৰোক্কা, লু, মিষ্ট্ৰেল আদিয়ে সংশ্লিষ্ট অঞ্চলৰ বতৰ পৰিৱৰ্তন কৰে। চিনুক নামৰ স্থানীয় বতাহে ৰকি পৰ্বতৰ পশ্চিম ঢালেদি উর্ধমুখী হোৱাৰ ফলত জলীয় বাষ্প ঘনীভূত হৈ ডাৱৰ আৰু বৰষুণৰ সৃষ্টি কৰে। পশ্চিম ঢালত বৰষুণ দিয়াৰ পিছত এই উষ্ণ জলীয়বাষ্পহীন বতাহ পূৱ ঢালেদি নিম্নগামী হয়। ইয়াৰ ফলত সমভূমিৰ তুষাৰবৃত অঞ্চলৰ বৰফ গলিবলৈ ধৰে। আল্লছ পর্বতমালাৰ উত্তৰেদি বলা এনে বতাহক ফ’ন প্ৰৱাহ বোলে। ছাহাৰা মৰুভূমিত উষ্পত্তি হোৱা অতি উষ্ণ আৰু শুকান দক্ষিণা বতাহক চিৰোক্কো বোলে। এনে বতাহক ইজিপুত খামচিল আৰু আৰৱত চিম বোলা হয়। এই বায়ু অত্যন্ত শুকান আৰু উষ্ণ এনে বতাহ কেবাদিনো হ’লে মানুহৰ শৰীৰৰ ছাল ফাটিবলৈ ধৰে, মাটিত ফাট মেলে, গছ-গছনি শুকাই মৰিবলৈ ধৰে। এই বতাহ মৰুভূমিৰ ওপৰেৰে প্ৰৱাহিত হ’লে প্ৰচুৰ ধূলিবালি কঢ়িয়াই আনি সঘনে ধূলি-ধুমুহাৰ সৃষ্টি কৰে।
এনেকৈয়ে বায়ুপ্রবাহে স্থানীয় পৰ্যায়ত একোটা অঞ্চলৰ বতৰৰ পৰিবৰ্তন আনে।
18. বায়ুপ্রবাহৰ সৃষ্টিৰ মূল কাৰণটো কি? ইয়াৰ গতি আৰু দিশ নিৰ্ধাৰণৰ কাৰকসমূহ চমুকৈ লিখা।
উত্তৰঃ বায়ুপ্রবাহৰ সৃষ্টিৰ মূল কাৰণ হ’ল যে বায়ুমণ্ডল উত্তাপৰ তাৰতম্য আৰু ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে বায়ুপ্রবাহৰ সৃষ্টি হয়। বায়ু সদায়ে উচ্চচাপ অঞ্চলৰপৰা নিম্নচাপ অঞ্চলৰ ফালে প্ৰবাহিত হয়। কোনো ঠাইৰ বায়ুৰ উষ্ণতা বৃদ্ধি পালেই বায়ু প্ৰসাৰিত হৈ পাতল হয় আৰু ওপৰলৈ উঠি যায়। ফলত তাত নিম্নচাপৰ সৃষ্টি হৈ তালৈ বায়ু প্রবাহিত হয়। বায়ুপ্রবাহৰ গতি আৰু দিশ নিধাৰণৰ কাৰক হ’ল চাৰিটা—
(i) চাপতি শক্তি।
(ii) মাধ্যাকর্ষণ শক্তি।
(iii) অপকেন্দ্ৰিক শক্তি।
(iv) ঘর্ষণ শক্তি।
এইকেইটাৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল—
(i) চাপতি শক্তি (Pressure Gradient Force) : ভূ পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলত বায়ু প্রবাহৰ সৃষ্টি কৰে। ইয়াকে চাপাতি শক্তি বোলে। অর্থাৎ দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপতি বোলে। এই হাৰ নিৰ্ভৰ কৰে ঠাই দুখনৰ চাপৰ পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত।
(ii) মাধ্যাকর্ষণ শক্তি (Gravitational Force) : বায়ুপ্রবাহৰ ক্ষেত্ৰত প্ৰত্যক্ষ ভাৱে পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ কোনো বিশেষ ভূমিকা নথকা যেন লাগে। কিন্তু সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকর্ষণেও বায়ুপ্রবাহত এক চালিকা শক্তিৰ কাম কৰে। আচলতে পৃথিৱীৰ চাৰিওফালে থকা সমগ্র বায়ুমণ্ডলকেই পৃথিৱীৰ মধ্যাকর্ষণ শক্তিয়ে ধৰি ৰাখে। ইয়াৰ উপৰিও বায়ুৰ ওজন বা চাপ মূলত মাধ্যাকর্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে। এই মাধ্যাকর্ষণ শক্তিৰ আকৰ্ষণ ভূ-পৃষ্ঠ আৰু সাগৰৰ পৃষ্ঠৰপৰা ওপৰলৈ উঠাৰ লগে লগে বায়ুৰ চাপ বা ওজন ক্ৰমে হ্রাস পাই যায়। গতিকে মাধ্যাকর্ষণ বায়ুৰ চাপৰ ওপৰত এক উলম্বিক চাপো আছে।
(iii) অপকেন্দ্রিক শক্তিঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্রিক শক্তি বোলে। এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে। এনে পৰিঘটনাৰ কথা 1844 চনত পোন প্রথমে গে পার্ড ডি কোৰিওলিচ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদঘাটন কৰা বাবে এই শক্তিটোক ‘কোৰিওলিচ বল’ হিচাপে জনাজাত। পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা এইবলে উত্তৰ গোলাৰ্ধৰ বায়ু প্রবাহক ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ুপ্রবাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে। ইয়াকে ফেৰেলৰ সূত্ৰ বুলি কোৱা হয়।
(iv) ঘর্ষণ শক্তি (Frictional Force) : বায়ুপ্রবাহত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। বতাহৰ গতিবেগ ঘর্ষণ শক্তিয়ে ঋণাত্মক ভাৱে ক্ৰিয়া কৰে। অনুভূমিক বতাহে কেনেকুৱা পৃষ্ঠৰ ওপৰেদি বলে তাৰ ওপৰতেই ঘৰ্ষণ শক্তিৰ মান নিৰ্ভৰ কৰে। যদি ভূ-পৃষ্ঠৰ পৰ্বত পাহাৰ ভৈয়ামৰ খলা-বমাৰে পূৰ্ণ বা গছ-গছনি, সূউচ্চ অট্টালিকা আদিৰে ভৰা হয়, তেতিয়া ঘর্ষণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠইদি বায়ুপ্রবাহ হ’লে গতিবেগ যথেষ্ট হ্রাস পায়। কিন্তু ভূ-পৃষ্ঠৰ ওপৰেদি, জলপৃষ্ঠ, মৰুভূমি, বৰফাবৃত অঞ্চলৰ ওপৰেদি প্রবাহি বায়ুৰ ঘৰ্ষণ কম হয় আৰু গতিবেগ যথেষ্ট বৃদ্ধি পায়। মুঠতে ঘর্ষণ শক্তি বেছি হ’লেও বায়ুপ্রবাহৰ গতিবেগ কম হয় আৰু দিশৰো কিছু পৰিৱৰ্তন ঘটে।
ওপৰত উল্লিখিত এই চাৰি শক্তিৰ বাবে বতাহৰ গতিবেগ আৰু দিশ’ পৰিৱৰ্তন হয়।
19. গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমগুলক প্ৰধানকৈ কি কি স্তৰত বিভক্ত কৰিব পাৰি? লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা।
উত্তৰঃ গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰা হয়—
(১) হমস্ফিয়েৰ আৰু
(২) হেটৰস্ফিয়েৰ।
হমস্ফিয়েৰ স্তৰটোক পুনৰ তিনিটা স্তৰত বিভক্ত কৰা হয়—
(ক) ঐপস্ফিয়েৰ,
(খ) ষ্ট্রেট স্ফিয়েৰ আৰু
(গ) মেছ’স্ফিয়েৰ।
আনহাতে, হেটেৰস্ফিয়েৰ স্তৰটোক দুটা ভাগত বিভক্ত কৰা হয়—
(ক) থামস্ফিয়েৰ আৰু
(খ) এক্স’স্ফিয়েৰ।
এই স্তৰ কেইটাৰ বৈশিষ্ট্য চমুকৈ তলত উল্লেখ কৰা হ’ল—
(i) হমস্ফিয়েৰঃ এই স্তৰটো ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্রায়ে একে থাকে।
(ii) হেটেস্ফিয়েৰঃ এই স্তৰটোৱে ৪০ কিলোমিটার উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে।
(iii) ট্রপস্ফিয়েঃ এই স্তৰৰ প্ৰধান বৈশিষ্ট্য হ’ল যে বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় তিনি চতুর্থাংশ আৰু প্ৰায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধুলিকণা কেৱল এই ট্ৰপস্ফিয়েৰতে আছে।
(iv) ট্রেট স্ফিয়েঃ এই স্তৰত মেঘ সৃষ্টিকে আদি কৰি কোনো ধৰণৰ বতৰজনিত কার্যকলাপ দেখা নাযায়।
(v) মেছ’স্ফিয়েৰঃ এই স্তৰৰ প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্রাস পায়।
(vi) থার্মম্ফিয়েঃ এই স্তৰত বায়ুৰ উষ্ণতা পুনৰ উচ্চতা বৃদ্ধিৰ লগে লগে ক্ৰমান্বয়ে বৃদ্ধি
পায়।
(vii) এক্সম্ফিয়েৰঃ এই স্তৰত কেৱল হাইড্ৰজেন আৰু হিলিয়াম গেছৰ প্ৰাধান্যৰ বাবে বায়ু অতি পাতল।
20. বায়ুৰাশি কাক বোলে? ইয়াক কেনেকৈ শ্ৰেণীবিভাজন কৰা হয়? এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা কি?
উত্তৰঃ উত্তাপ, আৰ্দ্ৰতা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একো একোটা বায়ুপুঞ্জক বায়ুৰাশি ( Air Mass) বোলে।
বায়ুৰাশিৰ উৎস স্থান আৰু তাৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানকৈ চাৰিটা শ্ৰেণীত বিভক্ত কৰিব পাৰি। সেইকেইটা হ’ল—
(i) ক্রান্তীয় অঞ্চলৰ মহাদেশীয় বায়ুৰাশি।
(ii) ক্ৰান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি।
(iii) মেৰুঅঞ্চলৰ মহাদেশীয় বায়ুৰাশি।
(iv) মেৰুঅঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি।
এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভুমিকা হ’ল যে কোনো এক বৃহৎ অঞ্চলত বায়ু দীর্ঘকাল স্থিৰাৱস্থাত থাকিলে ইয়াৰ নিম্নস্তৰৰ বায়ু নিম্নস্থভূমিৰ দ্বাৰা প্ৰভাৱান্বিত হয় আৰু ভূমিৰ গুণাগুণ অনুসৰি এই বায়য়ে নির্দিষ্ট তাপ আৰু আৰ্দ্ৰতা আহৰণ কৰে। সেয়ে উলম্বিক দিশত। ভূমিপৃষ্ঠৰ পৰা ওপৰলৈ বায়ুস্তৰৰ তাপ আৰু আৰ্দ্ৰতাৰৰ তাৰতম্য পৰিলক্ষিত হয়। এক বিশেষ গুণসম্পন্ন বায়ুৰাশি সৃষ্টি হ’লেই অপসাৰী হৈ যি অঞ্চলৰ ওপৰেদি প্রবাহিত হয় সেই অঞ্চলৰ বতৰ নিৰ্ধাৰণ কৰে। গতিশীল বায়ুৰাশিৰ প্ৰবাহৰ বাবেই উষ্ণ অঞ্চলৰ পৰা শীতল অঞ্চললৈ তাপ পৰিবহণ হয় আৰু বায়ুমণ্ডলৰ উত্তাপৰ সমতা ৰক্ষা হয়। বায়ুৰাশিৰ উচ্চভূমিৰ পৰা অপসাৰী হৈ প্ৰবাহিত হওঁতে বতৰৰ পৰিবৰ্তন ঘটোৱাৰ উপৰি নিজৰো উত্তাপৰ আৰ্দ্ৰতাৰ পৰিবৰ্তন হয়।