ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন | Chapter 6 | Class 9 Social Science – SEBA

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন | ভূগোল | Chapter 6 | Class 9 Social Science Question and Answer | Assam Class 9 Social Science Solutions | SEBA Class 9 HSLC Social Science Chapter 6 Notes | SEBA Class 9 HSLC Social Science Chapter 6 Question and Answer | Questions and Answers for Class 9 Social Science Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন | HSLC Social Science Questions and Answers Assam


ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

Multiple Choice Questions and Answers (MCQs)

1. নদীৰ পৰিবহন আৰু অৱক্ষেপণৰ ফলত সৃষ্টি হোৱা এবিধ অৱয়ব হৈছে—
(a) ব-দ্বী
(b) কেম
(c) ইয়াৰদা
(d) বালিয়াতট।
উত্তৰঃ (a) বদ্বীপ।

2. ভূ-পৃষ্ঠৰ পৰিৱৰ্তনৰ এবিধ বাহ্যিক কাৰক হ’ল—
(a) ভূমিকম্প
(b) আগ্নেয়গিৰি ।
(c) বৰষুণ।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) বৰষুণ।

3. ভূ-অৱয়ব এস্কাৰৰ সৃষ্টি হয়—
(a) নদীৰ কাৰ্যত
(b) বতাহৰ কাৰ্যত
(c) হিমবাহৰ কার্যত
(d) সাগৰৰ ঢৌৰ কাৰ্যত।
উত্তৰঃ (b) হিমবাহৰ কাৰ্যত।

4. অশ্বখুৰা হ্ৰদ সৃষ্টি হয়—
(a) বতাহৰ কাৰ্যত হয়
(b) সাগৰৰ ঢৌৰ কাৰ্যত হয়
(c) হিমবাহৰ কাৰ্যত হয়।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (d) ওপৰৰ এটাও নহয়।

5. ব-দ্বীপবোৰৰ সৃষ্টি হয়—
(a) মৰুভূমিত
(b) পর্বত।
(c) উপকূলত
(d) নদীৰ মোহনাত।
উত্তৰঃ (d) নদীৰ মোহনাত।

Very Short Type Questions and Answers (Marks : 1/2)

1. কি কি কাৰকৰ সমন্বিত ক্ৰিয়াৰ ফলত ভূ-পৃষ্ঠৰ আজিৰ ৰূপ হৈছে লিখা।
উত্তৰঃ বাহ্যিক আৰু আভ্যন্তৰীণ এই দুই প্ৰকাৰ কাৰকৰ সমন্বিত ক্ৰিয়াৰ ফলত ভূ-পৃষ্ঠৰ আজিৰ ৰূপ হৈছে।

2. নদীৰ পাৰ-খননৰ পৰিণতিত কি সমস্যা হয় ?
উত্তৰঃ গৰাখহনীয়া সমস্যা ।

3. প্লাৱনভূমি থকা কেইখনমান নদীৰ নাম লিখা।
উত্তৰঃ ব্ৰহ্মপুত্র, গংগা, সিন্ধু, মিছিছিপি, নীল, আমাজান, হোৱাংহো আদি নদীবোৰৰ পাৰত প্লাৱনভূমি দেখা যায়।

4. পৃথিৱীৰ উপকূলৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান ?
উত্তৰঃ প্রায় ০.৫ নিযুত কিলমিটাৰ।

5. অপঘর্ষণ কি?
উত্তৰঃ ঘৰ্ষণৰ যোগেদি ঘটা ক্ষয় প্রক্রিয়াক অফঘর্ষণ বোলে।

6. বতাহে সৃষ্টি কৰা এবিধ ভূ-অৱয়বৰ নাম লিখা।
উত্তৰঃ ইনছেলবার্গ।

7. ভূমিকম্প আৰু আগ্নেয়গিৰিৰ কিয় সৃষ্টি হয় ?
উত্তৰঃ পৃথিৱীৰ খোলাটো গঠিত হোৱা ফলকবোৰ গতিশীল হোৱাৰ কাৰণেই প্ৰধানকৈ ভূমিকম্প আৰু আগ্নেয়গিৰিৰ সৃষ্টি হয়।

8. সাগৰৰ ঢৌৱে সৃষ্টি কৰা এবিধ ভূ-অবয়বৰ নাম লিখা।
উত্তৰঃ বালিয়াতট।

9. ভূপৃষ্ঠৰ পৰিৱৰ্তনকাৰী ক্রিয়া হিচাপে বতাহৰ কাৰ্যক’ত অধিক ?
উত্তৰঃ মৰুভূমিত।

10. অবনমন কাক বোলে ?
উত্তৰঃ সাধাৰণতে বতাহে মৰপৃষ্ঠত পাতলীয়া উদ্ভিদৰ আৱৰণ হেতু সহজে ধূলিবালিবোৰ এঠাইৰ পৰা আন ঠাইলৈ উৰুৱাই নিব পাৰে। ধূলিবালি উৰুৱাই নিয়া এই কাৰ্যক অবনমন বোলে।।

11. কি ক্ৰিয়াৰ ফলত বালিয়াতট গঢ়ি উঠে ?
উত্তৰঃ সাগৰৰ উত্তাল তৰংগ আৰু ওভতনি ঢৌৰ মিলিত ক্ৰিয়াৰ ফলত।

12. নদীৰ কাৰ্য প্ৰধানকৈ ক’ত সুস্পষ্ট ?
উত্তৰঃ নদীৰ গতিপথ সুস্পষ্ট।

13. বাৰখান কেনেকুৱা বালয়াৰি ?
উত্তৰঃ বাৰখান বালিয়াৰি দেখিবলৈ অৰ্দ্ধচন্দ্ৰাকৃতিৰ। ই বতাহৰ অৱক্ষেপণ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা বালিয়াৰি।

14. পৃথিৱীত জলভাগআৰু স্থলভাগ কিমানশতাংশই আগুৰি আছে।
উত্তৰঃ 70% জলভাগ আৰু 21% স্থলভাগ।

15. নদীৰ গতিপথ বুলিলে কি বুজা ?
উত্তৰঃ যি দীঘলীয়া গাঁতেৰে এটা নদীয়ে তাৰ উৎসৰ পৰা মোহনালৈ গতি কৰে তাকেই নদীৰ গতিপথ বোলে।

16. এখন অৱবাহিকাৰ নাম লিখা ।
উত্তৰঃ টাৰিম।

17. নদীৰ কিছুমান অবয়বৰ উল্লেখ কৰা।
উত্তৰঃ বালিচৰ, প্লাৱনভূমি, প্রাকৃতিক বান্ধ বা প্রাকৃতিক মথাউৰি আৰু বদ্বীপেই প্ৰধান।

18. প্রাকৃতিক বান্ধ কি ?
উত্তৰঃ প্রাকৃতিক প্ৰক্ৰিয়াৰে গঢ়ি উঠা দীঘলীয়া বান্ধ বা মথাউৰিৰ বিলাককে প্রাকৃতিক বান্ধ বুলি কোৱা হয়।

19. ব-দ্বীপ কত সৃষ্টি হয় ?
উত্তৰঃ নদীৰ মোহনাত।

20. বদ্বীপ থকা কেইখনমান নদীৰ নাম লিখা।
উত্তৰঃ গংগা, ব্রহ্মপুত্র, নীল, মিছিছিপি আদি নদীৰ ব-দ্বীপ পৃথিৱী বিখ্যাত।

21. নদীয়ে গতিপথত চলোৱা খনন কাৰ্য প্ৰধানকৈ কিহৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰঃ নদীয়ে গতিপথত চলোৱা খনন কাৰ্য গতিপথৰ ভূ-তাত্ত্বিক গঠন আৰু পানীৰ ক্ষয়শক্তিৰ ওপৰত নিৰ্ভৰ কৰে।

22. হিমবাহ কেইপ্ৰকাৰৰ উল্লেখ কৰা ।
উত্তৰঃ হিমবাহ প্ৰধানকৈ দুই প্ৰকাৰৰ—
(ক) মহাদেশী হিমবাহ।
(খ) পার্বত্য বা উপত্যকা হিমবাহ।

23. অশ্বখুৰা হ্ৰদ থকা এখন নদীৰ নাম লিখা আৰু এই নদী কত অৱস্থিত ?
উত্তৰঃ কলৰাডো নদীত অশ্বখুৰা হ্রদ আছে আৰু ই আমেৰিকা যুক্তৰাষ্ট (এৰিজনা)ত আছে।

24. হিমবাহে অৱক্ষেপনৰ জৰিয়তে সৃষ্টি কৰা কেইটামান ভূ অৱয়বৰ নাম লিখা।
উত্তৰঃ দ্রামলিন (Drumlin), এস্কাৰ (Esker), কেম (Kame), আদি অৱয়ব হিমবাহৰ অৱক্ষেপনৰ জৰিয়তে সৃষ্টি হোৱা ভূ-অৱয়ব।

25. কেইটামান বাহ্যিক কাৰকৰ নাম লিখ ।
উত্তৰঃ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰা কেইটামান বাহ্যিক কাৰক হৈছে— সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ টৌ আদিৰ লগতে গছ-গছনি, জীৱ-জন্তু বিভিন্ন অণুজীৱ ইত্যাদি।

26. হিমবাহৰ উৎপত্তি স্থান কত ?
উত্তৰঃ (১) উচ্চ পৰ্বতৰ চিৰতুষাৰ ৰেখাৰ উত।
(২) সুমেৰু আৰু কুমেৰুৰ ওচৰৰ শীত প্রধান অঞ্চলৰ মহাদেশত।

27. সমুদ্র গৰা মানে কি ?
উত্তৰঃ উপকূল ভাগ গ্রেনাইট, বেল্ট আদিৰ দৰে কঠিন শিলৰ দ্বাৰা গঠি হলে সাগৰৰ ঢৌৱে তাত ক্ৰিয়া কৰি থিয় পৰাৰ সৃষ্টি কৰে। এনে থিয় গৰাক সমুদ্ৰগৰা বোলে।

28. বতাহৰ অপঘৰ্ষণৰ ফলস্বৰূপে প্ৰধানকৈ কি কি অৱয়বৰ সৃষ্টি হয়।
উত্তৰঃ বতাহৰ অপঘৰ্ষণৰ ফলস্বৰূপে প্ৰধানকৈ ইনহেলবার্গ (Inselberg), ইয়াৰদাং (Yardang), আদি অৱয়বৰ সৃষ্টি হয়।

29. সৰ্পিল গতি মানে কি ?
উত্তৰঃ নদীৰ পাৰখননে গতিপথ অধিক একাবেঁকা কৰে আৰু এই একা-বেঁকা পথেৰে নদীয়ে কৰা এনে গতিক বক্রগতি বা সর্পিল গতি বুলি কোৱা হয়।

30. অনুদৈর্ঘ্য আৰু অনুপ্রস্থ বালিয়াৰিৰ পাৰ্থক্য দেখুওৱা ।
উত্তৰঃ অনুদৈৰ্ঘ্য বালিয়াৰি প্ৰবাহিত বতাহৰ দিশত সমান্তৰালকৈ দীঘলে দীঘলে সঞ্চিত হৈ গঠিত হয়। আনহাতে অনুপ্রস্থ বালিয়াৰি বতাহৰ গতিক ভেটা দি পথালিকৈ সঞ্চিত হৈ গঠিত হয়।

31. নৈৰ বুকুৰ বোজা মানে কি ?
উত্তৰঃ আকাৰত কিছু ডাঙৰ পদাৰ্থবোৰ নদীৰ সোঁতে গতিপথেদি বগৰাই বগৰাই নামনিলৈ কঢ়িয়াই নিয়ে। এনে পদার্থবোৰক নৈৰ বুকুৰ বোজা বুলি কোৱা হয়।

READ MORE  মোৱামৰীয়া গণ বিদ্রোহ | Chapter 3 | Class 9 Social Science - SEBA

32. বাহ্যিক কাৰক মানে কি ?
উত্তৰঃ যিবোৰ কাৰকে ভূ-পৃষ্ঠত বাহিৰৰ পৰা ক্ৰিয়া কৰি ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধে সেইবোৰ কাৰকক বাহ্যিক কাৰক বোলে। উদাহৰণ— সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদনদী ইত্যাদি।

33. উপকূল কাক বোলে ?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ এক বৃহৎ অংশ (71%) সাগৰ মহাসাগৰে আঘুৰি আছে। এই সাগৰ – মহাসাগৰৰ পৰা বা তীৰক উপকূল (coast) বোলা হয়।

34. ফলক বিৱৰ্তন মানে কি ?
উত্তৰঃ ভূমিকম্প সংঘটিত হলে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে। আগ্নেয় উদগীৰণ সংঘটিত হলে ভূমিকম্পও হয় আৰু সংশ্লিষ্ট ঠাইত আগ্নেয় গিৰিৰো সৃষ্টি হয়। আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰৰ অন্তৰালত এটা মূল প্ৰক্ৰিয়া জড়িত হৈ আছে যাক ফলক বিৱৰ্তন বোলে।

35. বাহ্যিক কাৰক মানে কি ? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা ।
উত্তৰঃ আমি দেখিব পৰাকৈ ভূ-পৃষ্ঠত যিবিলাক কাৰকে ক্ৰিয়া কৰে সেই বিলাক কাৰককে বাহ্যিক কাৰক বোলে।

বাহ্যিক কাৰক সমূহৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্রধাণ ।

36. অশ্বখুৰা হ্রদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা।
উত্তৰঃ সমলৰ কোনো কোনো অংশত নদীৰ গতিপথ অতি ভাঁজযুক্ত হ’ব পাৰে। এনে গতিপথে বাৰিষাকালত নদীৰে প্ৰবাহিত বৃহৎ পৰিমাণৰ পানী কঢ়িয়াব নোৱাৰা হয়। তেতিয়া নদীয়ে নিজৰ গতিপথৰ অতি ভাঁজ থকা অংশ এৰি পোনাই গতি কৰে। এইদৰে এৰি যোৱা অংশ সাধাৰণতে ঘোঁৰাৰ খুৰা আকৃতিৰ হয় আৰু পিছত পানী জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি হয়। এনে হ্ৰদক অশ্বখুৰা হ্ৰদ বোলে।

37. প্লাৱনভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা ।
উত্তৰঃ সাধাৰণতে নদীৰ উচ্চ গতি অংশত খনন কার্য চলে। ইয়াৰ বিপৰীতে মধ্যগতি আৰু নিম্নগতি অংশত গতিপথৰ লগতে দুেেয়াপাৰে গেছ জমা হয়। বিশেষকৈ দুয়োপাৰে যুগ যুগ ধৰি গেছ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয়। ইয়াকে প্লাৱন ভূমি বোলে। সাধাৰণতে বানপানীৰ সময়ত সোঁতে কঢ়িয়াই অনা বালি বোকা, পলস আদি দুয়োপাৰে বহু দূৰলৈ বিয়পি পৰে। এইবোৰেই কালক্ৰমত প্লাৱন ভূমিৰ সৃষ্টি কৰে।

38. যুইগেন আৰু ইয়াৰডাঙৰ মাজত এটা বৈসাদৃশ্য দেখুওৱা।
উত্তৰঃ (১) সাদৃশ্য ও দুই প্রকাৰ ভূ-অৱয়ৱ কঠিন আৰু কোমল শিলৰ পৰা অপঘৰ্ষণৰ ফলত সৃষ্টি হয়।
(২) ইয়াৰডাঙৰ মূৰটো ডাঙৰ। তলফালে সৰু ই কিছুমান স্তম্ভ দৰে, ই দীঘল নলাৰ দৰে। কিন্তু যুইগেনবোৰৰ মূৰ ডাঙৰ, ডিঙি চিয়া কিছুমান খুঁটাৰ দৰে মৰুভূমিৰ ওপৰত এলাই থকা কিছুমান সুকীয়া সুকীয়া স্তম্ভ।

39. বালিয়াৰিৰ সৃষ্টি কেনেকৈ হয় ?
উত্তৰঃ অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি বালিবোৰ যি ঠাইত জমা হয় তাত মৰু পৃষ্ঠ ক্ৰমে হৈ পাহাৰৰ ৰূপ লয় আৰ্থাৎ বালিয়াৰিৰ সৃষ্টি হয়।

40. হিমবাহৰ গতি অতি লেহেম কিয় ?
উত্তৰঃ হিমবাহৰ গতি অতি লেহেম। হিমবাহৰ গতি নিৰ্ভৰ কৰে। বায়ুৰ উত্তাপ, ভূ-পৃষ্ঠৰ স্বৰূপ আৰু জমা হৈ থকা বৰফৰ পৰিমাণৰ ওপৰত। প্ৰধানকৈ বৰফৰ হেঁচাই হিমবাহৰ গতিৰ সৃষ্টি কৰে। পৃথিৱীৰ

মেৰু অঞ্চল অতিকৈ শীতল হোৱা বাবে তাত বায়ুমণ্ডলৰ উত্তাপ যথেষ্ট কম হয়। ফলত বৰফৰ ওপৰত কমকৈ হেঁচা পৰে, সেয়ে হিমবাহৰ গতি লেহেম হয়।

41. নদীৰ গতিপথৰ ক’ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা ।
উত্তৰঃ নদীৰ বুকুত বালি-বোকা জমা হৈ বালিচৰৰ সৃষ্টি হয়। বালিচৰবোৰ কেতিয়াবা নৈৰ দাঁতিত আৰু কেতিয়াবা মাজভাগত গঢ়ি উঠে। এই বালিচৰবোৰ অস্থায়ী আৰু বিভিন্ন আকাৰ আকৃতিৰ খৰালী কালত নদীৰ পানী নামিলে বালিচৰবোৰ ভালদৰে ওলাই পৰে। বহ্মপুত্ৰৰ বুকুত থকা মাজুলী নামৰ বৃহৎ নদীদ্বীপটোও একপ্ৰকাৰৰ বালিচৰ ।

42. নদী কেনেকৈ উৎপত্তি হয় আলোচনা কৰা।
উত্তৰঃ নদী মূলতঃ প্ৰৱাহিত পানী। পানীৰ কোনো ভাণ্ডাৰৰপৰা নদীৰ উৎপত্তি হয়। নদীয়ে জান-জুৰি, উপনদী আদিৰ পানীৰে নিয়মিত প্ৰৱাহ লাভ কৰে।

সাধাৰণতে পৰ্বত-পাহাৰ আদিত জমা হৈ থকা বৰষুণৰ পানী অথবা বৰফৰ দ্বাৰা নদীৰ প্ৰথম সোতঁটো আৰম্ভ হয়।

43. মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্রবল লিখা।
উত্তৰঃ মৰুভূমিৰ পৰিবেশত বতাহে খনন, পহিণ আৰু অৱক্ষেপণৰ যোগেদি বিভিন্ন অৱয়বৰ সৃষ্টি কৰে আৰু সেইবোৰৰ পৰিৱৰ্তনো সাধন কৰে। মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে সৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে। সেয়ে মৰুভূমিত বতাহৰ ক্ৰিয়া বেছি প্রবল।

44. বাৰখানৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ (১) বাৰখান সন্মুখভাগ ঘোৰ খোৱা, ক্ৰমে উচ্চ আৰু বিপৰীত দিশত থিয় গড়াৰ দৰে।
(২) বালিয়াৰি অস্থায়ী। বতাহৰ দিশ পৰিৱৰ্তনৰ লগে লগে এইবোৰ ভাগি যাব পাৰে।

45. নদীয়ে পৰিবহণ আৰু অৱক্ষেপন কাৰ্যৰ জৰিয়তে প্ৰধানকৈ কি কি অৱয়বৰ সৃষ্টি কৰে ?
উত্তৰঃ নদীয়ে পৰিবহন আৰু অৱক্ষেপন কাৰ্যৰ জৰিয়তে প্ৰধানকৈ বালিচৰ (Sand Bar ), প্লাৱনভূমি (Flood Plain), প্রাকৃতিক বান্ধ বা মথাউৰি (Natural Levee), ব-দ্বীপ (Delta) আদি প্ৰধান অৱয়বৰ সৃষ্টি কৰে।

46. অৱনমন বুলিলে কি বুজায় ?
উত্তৰঃ মৰুভূমিৰ পৰি বেশত বতাহে খনন, পৰিবহণ আৰু অৱক্ষেপণৰ যোগেদি বিভিন্ন অবয়বৰ সৃষ্টি কৰে আৰু সেইবোৰৰ পৰিৱৰ্তন সাধন কৰে। মৰুভূমিত উদ্ভিদৰ আৱৰণ অতিপাতলীয়া হোৱাৰ কাৰণে মৰুপৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে। ধূলিবালিেেবাৰ অনায়াসে এঠাইৰপৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে। এনেদৰে কোনো অংশৰ পৰা ধুলি-বালি উৰুৱাই নিয়া কার্যক অৱনমন বোলা হয়।

47. ইনহেলবার্গ কি ?
উত্তৰঃ জার্মান শব্দ ছেলবাৰ্গৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পর্বত। মৰুভূমিত সাধাৰণতে চকুত পৰা বিশেষ আধৃতিৰ ক্ষয় প্রাপ্ত চাপৰ পাহাৰবোৰেই ইনছেলবার্গ।

48. হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা।
উত্তৰঃ কোনো কোনো পৰ্বতৰ গাৰে কেইবাটাও হিমবাহ নামি আহিব পাৰে। তেতিয়া সকলো ফালৰপৰা চলা খননৰ ফলত পৰ্বত শীর্ষাংশ চোকা জোঙৰ দৰে হয়। এই দৰেই হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি হয়।

READ MORE  চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ | Chapter 11 | Class 9 Social Science - SEBA

49. নদীৰ প্ৰক্ৰিয়াক বহিজাত প্ৰক্ৰিয়া বুলি কিয় কোৱা হয়? নদীৰ লগত নিহিত প্ৰক্ৰিয়াবোৰ উল্লেখ কৰা ।
উত্তৰঃ নদীয়ে পৃথিৱীৰ উপৰিভাগত উৎপত্তি লাভ কৰি উপৰিভাগতে বৈ লাহে লাহে নানান পৰিৱৰ্তনৰ সূচনা কৰে। নদীয়ে ভূ পৃষ্ঠৰ উপৰিভাগত নানা ভূ-অৱয়বৰৰ সৃষ্টি কৰে। এইবাবেই নদীৰ প্ৰক্ৰিয়াবোৰক বহিজাত প্রক্রিয়া বোলা হয়। নদীৰ প্রধান কার্য বা প্রক্রিয়া তিনিটা-খনন, পৰিবহণ আৰু অৱক্ষেপন।

50. বদ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা ।
উত্তৰঃ নৈৰ মোহনাত গেছ জমা হৈ সৃষ্টি হোৱা দ্বীপবোৰ ভৌগোলিক দিশৰ পৰা বিশেষ তাৎপর্যপূর্ণ। উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত যত নৈ গৈ পৰে, তাতেই নৈয়ে কঢ়িয়াই অহা গেদ জমা হৈ দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰৰ আকৃতি অসমীয়া ব’ বা ইংৰাজীৰ ‘A’ (Delta) ৰ দৰে। সেই এই দ্বীপবোৰক ব-দ্বীপ বোলে। পৃথিৱীৰ প্ৰায়বোৰ নদীয়ে নিজৰ নিজৰ মোহনাত ব-দ্বীপৰ সষ্টি কৰিছে।

51. উপনদী কি ? ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম লিখা।
উত্তৰঃ উপনদী হৈছে প্রধাণ নদী সমূহৰ লগত মিলিত হোৱা সৰু বৰ নদী সমূহ।
ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদী হ’ল— সোৱণশিৰি আৰু জীয়াভৰালী।

Long Type Questions and Answers (Marks : 3/4/5)

1. নদীৰ কাৰ্য কেইটা উল্লেখ কৰা ।
উত্তৰঃ নদীৰ কাৰ্য কেইটা হ’ল—
(ক) খনন বা ক্ষয় কার্য।
(খ) পৰিবণ।
(গ) অৱক্ষেপণ বা জমাকৰণ কাৰ্য।

2. ভূমিকম্প আৰু আগ্নেয় উদগীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় ?
উত্তৰঃ ভূ-পৃষ্ঠৰ আভ্যন্তৰীণ কাৰবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদগীৰণ প্ৰধাণ। আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তভাগতো ক্ৰিয়া কৰিব পাৰে। ভূমিকম্প সংঘটিত হলে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি। আহিব পাৰে বা বহি যাব পাৰে। আগ্নেয় উদগীৰণ সংঘটিত হলে ভূমিকম্পও হয় আৰু সংশ্লিষ্ট ঠাইত আগ্নেয়গিৰিৰো সৃষ্টি হয়। গতিকে ভূমিকম্প আৰু আগ্নেয় উদগিৰণক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়।

3. নদী, হিমবাহ আৰু বতাহে সৃষ্টি কৰা একোটা ভূ-অৱয়বৰ উদাহৰণ দিয়া ।
উত্তৰঃ (১) নদীয়ে সৃষ্টি কৰা ভূ-অৱয়ব— ব-দ্বীপ।
(২) হিমবাহে সৃষ্টি কৰা ভূ-অৱয়ব— গ্ৰাবৰেখা।
(৩) বতাহে সৃষ্টি কৰা ভূ-অৱয়ব বাৰখন।

4. বালিয়াতট কি ? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা।
উত্তৰঃ সাগৰৰ ঢৌৱে ক্ৰিয়া কৰি থকা উপকূলৰ তট অংশত জমা হোৱা গেদু, বিশেষকৈ বালিৰ পৰিমাণ বেছি হ’লে তাত স্বাভাবিকভাৱেই এক প্ৰকাৰৰ সমতলসদৃশ অবয়ব সৃষ্টি হয়। প্ৰধানকৈ বালি জমা হৈ সৃষ্টি হোৱা ঢালযুক্ত এনে অবয়বক বালিয়াতট বোলা হয়।

বালিয়াতট সাগৰৰ উত্তাল তৰংগ আৰু উভতনি ঢৌ মিলিত ক্ৰিয়াৰ ফলত উপকূলত এনেধৰণৰ অবয়ব গঢ়ি উঠে। উপকুলৰ বালিয়াতটবোৰে মানুহক বিনোদনৰ কাৰণে আকৰ্ষণ কৰে।

5. গ্রাব কি আৰু ই কেইপ্ৰকাৰৰ ?
উত্তৰঃ হিমবাহে বৰফৰ উপৰি অন্য বহুতো পদার্থ কঢ়িয়াই আনে এই কঢ়িয়াই অনা বৰফৰ বাৰ্বিৰে অন্য পদাৰ্থবোৰক সামগ্ৰিক ভাৱে গ্ৰাব বোলে। গ্রাব চাৰি প্ৰকাৰৰ—
(ক) পার্শ্বগ্রাব।
(খ) ভূমিগ্রাব।
(গ) মধ্যগ্রাব।
(ঘ) প্ৰান্তগ্রাব।

6. হিমবাহৰ কাৰ্য চমুকৈ আলোচনা কৰা ?
উত্তৰঃ হিমবাহেও নদীৰ দৰে খনন, পৰিবহণ আৰু অৱক্ষেপনৰ দ্বাৰা ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। । হিমবাহেবফ খণ্ডৰ লগতে শিল বালি আদি কঢ়িয়াই আনে। এইবোৰে গতিপথত সজোৰে খনন চলায়। হিমবাহৰ খননৰ ফলত পৰ্বতৰ শীৰ্ষাংশই চোকা জোঙৰ ৰূপ লয়।

কোনো উপত্যকাৰে নামি আহোঁতে হিমবাহে বৰফৰ বাহিৰে বিভিন্ন প্ৰকাৰৰ গ্ৰাব কঢ়িয়ায়। এই গ্ৰাববোৰে উপত্যকাটোৰ ভূমি দৃশ্যৰ পৰিৱৰ্তন সাধন কৰে। আকৌ হিমবাহে দ্রামলিন, এস্কাৰ, কেম আদি কিছুমান ভূ অৱয়বৰ সৃষ্টি কৰে।

7. নদীৰ পাৰ্মখনন বুলিলে কি বুজায়।
উত্তৰঃ উচ্চভূমিৰ অঞ্চলত নদীৰ গতিবেগ প্রবল, গতিপথ ঠেক কিন্তু গভীৰ হোৱা দেখা যায়। ভৈয়ামলৈ ক্ৰমে ঢাল কমি অহাৰ ফলত উচ্চ ভূমিৰ পৰা সোতে কঢ়িয়াই অনা গেছবোৰ ভৈয়ামত জমা হয়। তাৰফলত ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্রমে হ্ৰাস পায় ফলত পানীভাগ বোৱাই নিয়াৰ খাতিৰত নদীয়ে দুয়োপাৰ খহাবলৈ ধৰে। পিৰ। খহাই গতিপথ বহল কৰি পানিভাগ নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে। নদীৰ এনে ধৰণৰ খনন কাৰ্যক পাৰখনন বা পার্শ্বখনন বোলে।

8. বহিজাত শক্তি বা কাৰক কাক বোলে ?
উত্তৰঃ উৎপত্তিৰ কালৰেপৰাই পৃথিৱীত বিভিন্ন কাৰক বা শক্তিয়ে বিভিন্ন প্ৰকাৰে ক্ৰিয়া কৰি আহিছে। এই শক্তিসমূহে ভূ-পৃষ্ঠৰ অৱয়বসমূহৰ নানান পৰিৱৰ্তন কৰে। যিবোৰ এনে শক্তিৰ উৎপত্তিস্থল ভূ-পৃষ্ঠৰ বৰ্হিৰাংশ আৰু বায়ুমণ্ডলৰ নিম্নাংশ, সিবোৰ পৰিবৰ্তনকাৰী শক্তিকে বহিজাত। শক্তি বা কাৰক বোলে।

9. নদীয়ে কেনেধৰণৰ গেদ কঢ়িয়াই ?
উত্তৰঃ নদীয়ে তিনিধৰণৰ গেদ আগবঢ়াই যেনে—
(ক) কিছুমান পদার্থক পানীত দ্ৰৱীভূত হৈ থকা অৱস্থাত কঢ়িয়ায়।
(খ) অন্য কিছুমান পদাৰ্থক ওপঙি থকা অৱস্থাত।
(গ) অন্য কিছুমান নদীৰ বুকুয়েদি বাগৰি গৈ থকা অৱস্থাত কঢ়িয়াই।

10. ভূ-পৃষ্ঠৰ পৰিৱৰ্তন বুলিলে কি বুজা ?
উত্তৰঃ কিছুমান কাৰকৰ কাৰণে ভূ-পৃষ্ঠৰ পৰিৱৰ্তনশীল আৰু পৃথিৱীৰ সকলোতে সময়ৰ গতিত ইয়াৰ পৰিৱৰ্তন ঘটে। ভূ-পৃষ্ঠত থকা বিভিন্ন অৱয়ৱবোৰ সৃষ্টিৰ অন্তৰালত বহুতো প্ৰাকৃতিক কাৰক বা প্ৰক্ৰিয়াই অবিৰতভাৱে ক্ৰিয়া কৰি থাকে আৰু এই ক্ৰিয়াৰ ফলতেই ভূ-পৃষ্ঠৰ বিভিন্ন পৰিৱৰ্তন সাধন হয়। এনেদৰে বিভিন্ন কাৰকৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ফলত ভূ-পৃষ্ঠৰ বাহ্যিক তথা আভ্যন্তৰীণ ভাগত হোৱা পৰিৱৰ্তনকেই, ভূ-পৃষ্ঠৰ পৰিৱৰ্তন বুলি জনা যায়।

11. হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য কি লিখা।
উত্তৰঃ পৃথিৱীৰ অতি শীতল অঞ্চলবোৰৰ উপৰিভাগ বৰফে ঢাক আৰু দুই মেৰু অঞ্চল আৰু অতি ওখ পৰ্বৰ্থবোৰৰ উচ্চংশবোৰ পৰে। এইবোৰত বৃহৎ পৰিমাণৰ বৰফ তৰপে তৰপে জমা হৈ থাকে। এই জমা হৈ থকা বৰফবোৰ লেহেম গতিত নামি আহে। এনেদৰে নামি অহা বৰফকে হিমবাহ বুলি কোৱা হয়।

পার্বত্য অঞ্চলত নদীৰ দৰে হিমবাহবোৰ উপত্যকাৰে তললৈ নামি আহে। হিমবাহেও নদীৰ দৰে খনন, পৰিবহন আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰে সংলগ্ন ভূ-পৃষ্ঠৰ পৰিবৰ্তন সাধন কৰে।

12. লোৱেছ কি ? ই কেনেকৈ সৃষ্টি হয় ? ভূ-অৱয়ব হিচাপে ইয়াৰ বৈশিষ্ট্যসমূহৰ কেইটামান আললাচনা কৰা ।
উত্তৰঃ মৰুভূমিত বলা প্ৰৱল বতাহে মৰুভূমিৰ মিহি ধূলিকণাবোৰ বহু দূৰলৈ কঢ়িয়াই লৈ যায় আৰু বতাহৰ গতি কমাৰ লগে লগে সেইবোৰ সেই ঠাইতে সঞ্চয় কৰে। এই ধূলিকণাবোৰ বছৰ বছৰ ধৰি এইদৰে জমা হৈ হৈ একোখন অতি সাৰুৱা সমভূমি সৃষ্টি কৰে। এনেকুৱাকৈ সৃষ্টি হোৱা সমভূমিকে লোৱেছ সমভূমি বোলে। উত্তৰ চীনৰ হোয়াংহো অৱবাহিকাখন, গোবি মৰুভূমিৰ ধূলিবালিবোৰ সঞ্চিত হৈয়ে গঠিত হৈছে। ই পৃথিৱীৰ বৃহত্তম লোৱেছ সমভূমি। ই প্ৰায় ৪০০ ফুটৰ পৰা ১০০০ ফুট পর্যন্ত ওখ হ’ব পাৰে ।

READ MORE  অসমত ব্ৰিটিছ প্রশাসনৰ আৰম্ভণি | Chapter 5 | Class 9 Social Science - SEBA

13. ভূ-পৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা।
উত্তৰঃ ভূ-পৃষ্ঠৰ বাহ্যিক কাৰবোৰৰ উৎস সূৰ্য আৰু বায়ুমণ্ডল। বুলি ক’ব পাৰি বাহ্যিক কাৰকবোৰৰ ভিতৰত সৌৰশক্তি, বতাহ, বৰষুণ, নদী, হিমবাহ আৰু সাগৰৰ টৌ প্রধান ইয়াৰ উপৰিও ভূ- পৃষ্ঠত থকা গছ-গছনি, জীৱ-জন্তু আদি জৈৱিক কাৰকেও ভূ-পৃষ্ঠৰ পৰিৱৰ্তনত কম বেছি পৰিমাণে অৰিহণা যোগায়। ভৱিষ্যতে গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত হিম বাহৰ কাৰ্যৰ লক্ষণীয় পৰিৱৰ্তন ঘটাৰ সম্ভাৱনা থাকে। ভূ পৃষ্ঠৰ পৰিবৰ্তনৰ ক্ষেত্ৰত বেছি বৰষুণ হোৱা অঞ্চলত নদীৰ কাৰ্য অতি কম বৰষুণ হোৱা মৰুভূমি অঞ্চলত বতাহৰ কাৰ্য, দুই মেৰু অঞ্চলৰ লগতে অতি উচ্চ পার্বত্য অঞ্চলত হিমবাহৰ কাৰ্য আৰু সাগৰ-মহাসাগৰৰ উপকূল অঞ্চলত ঢৌৰ কাৰ্যই প্রধাণ ভূমিকা পালন কৰে। এইবোৰ কাৰকে সংশ্লিষ্ট অঞ্চলবোৰৰ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰি বিশেষ কিছুমান স্থলকৃতিৰ সৃষ্টি কৰে।

14. সাগৰমহাসাগৰৰ ঢৌৱে উপকূলৰ কেনে ধৰণে পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখা।
উত্তৰঃ উপকূলত সৃষ্টি হোৱা অৱয়ববোৰৰ কিছুমান ক্ষয় জনিত আৰু অন্য কিছুমান অৱক্ষেপণজণিত। উপকূলভাগ গ্রেনাইট, বেল্ট আদিৰ দৰে কঠিন শিলাৰ দ্বাৰা গঠিত হলে সাগৰৰ ঢৌৱে তাত ক্ৰিয়া কৰি থিয় গৰাৰ সৃষ্টি কৰে। সাগৰৰ উত্তাল তৰংগ আৰু উভতনি ঢৌৰ মিলিত ক্ৰিয়াৰ ফলত উপকূলত এনে ধৰণৰ অৱয়ব গঢ়ি উঠে। কেতিয়াবা সমুদ্ৰৰ তলিত ডাঙৰ ভূমিকম্প সংঘটিত হলে সাগৰ-মহাসাগৰত বিশেষ ধৰণৰ ঢৌৰ উদ্ভৱ হয়। উপকূলত এই ঢৌৱে অস্বাভাৱিক উচ্চতা আৰু শক্তি লাভ কৰি উপকূলৰ বিস্তৰ ক্ষতি সাধন কৰে। এনে ধ্বংসাত্মক ঢৌক ছুনামি বোলা হয়।

15. ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া।
উত্তৰঃ পৃথিৱীৰ উপৰিভাগ মহাদেশ আৰু মহাসাগৰে গঠিত। ইয়াৰে 71 শতাংশ জলভাগে আৰু বাকী 20 শতাংশ স্থল ভাগে আগুৰি আছে। মহাদেশ কেইখনৰ ভিতৰ ভাগত সমভূমি, মালভূমি পাথৰ-পৰ্বত, নদী উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায়। সেইদৰেই মহাসাগৰ কেইখনতো পানীত বুৰ গৈ থকা অৱস্থাত আছে মালভূমি, সমতল, পাহাৰৰ লানি, গভীৰ খাত, প্রবাল প্রাচীৰ আদি অৱয়ব। অবয়ববোৰ ভূ-পৃষ্ঠ আৰু মহাসাগৰৰ তলিত যুগ যুগ ধৰি চলি অহা কিছুমান প্ৰক্ৰিয়া বা ক্ৰিয়াৰ ফলত সৃষ্টি হৈছে। এই অবয়ববোৰ সময়ৰ গতিত পৰিবৰ্তন ঘটে। ভূ-পৃষ্ঠৰ মহাদেশ আৰু মহাসাগৰত ক্ৰিয়া কৰি থকা কাৰকসমূহৰ কিছুমান বাহ্যিক আৰু কিছুমান আভ্যন্তৰীণ। বাহ্যিক কাৰকবোৰে আমি দেখিব পৰাকৈ বাহিৰৰ পৰা ক্ৰিয়া কৰে আৰু আভ্যন্তৰীণ কাৰকবোৰে আমি নেদেখাকৈ পৃথিৱীৰ অন্তৰ্ভাগত ক্ৰিয়া কৰি থাকে। ইয়াৰ বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, ৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্রধাণ। আনহাতে। আভ্যন্তৰীণ কাৰবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদগীৰণ প্রধাণ। ভূমিকম্প সংঘটিত হলে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে।

16. বতাহৰ কাৰ্যৰ দ্বাৰা মৰুভূমিত সৃষ্টি হোৱা বিভিন্ন ভূ অৱয়বৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ বতাহে খনন, পৰিবহন আৰু অৱক্ষেপন কাৰ্যৰ জৰিয়তে মপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। বতাহে মৰুভূমিত প্ৰায়ে বালিৰ ধুমুহাৰ সৃষ্টি কৰে। বতাহে মৰুভূমিৰ কোনো ঠাইৰ পৰা ধূলিবালি উৰুৱাই নিয়ে। সেই ঠাইবোৰ আপেক্ষিতভাৱে কিছু দ হয়। আকৌ উৰুৱাই নিয়া ধূলি-বালিবোৰ মৰুপৃষ্ঠৰ কৰবাত জমা হৈ সময়ত ই পাহাৰৰ আকৃতি লয়। এইবোৰ বালিয়াৰি বা বালিৰ পাহাৰ । বতাহৰ ধৰ্ম, গতিদিশ আৰু শক্তি, উদ্ভিদৰ আৱৰণ, মৰুপৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ আদিৰ ওপৰত নিৰ্ভৰ কৰি বালিয়াৰিৰ আকৃতি বেলেগ বেলেগ হয়।

আকৌ বতাহৰ অপঘৰ্ষণৰ পৰিণতিত ইনছেলবার্গ, ইয়াৰদাং আদি অৱয়ব মৰুভূমিত সৃষ্টি হয়। ইনছেলবার্গবোৰ অপঘৰ্ষণৰ ফলত হোৱা মৰুভূমিৰ ক্ষয়প্রাপ্ত চাপৰ পাহাৰ। আকৌ ইয়াৰদাং হৈছে এনে এক প্ৰকাৰৰ ভূ-অৱয়ব যত দীঘলীয়া শিৰা আৰু অগভীৰ লোৰ বা দীঘলীয়া গাঁতৰ সমাহাৰ ঘটে।

17. নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া।
উত্তৰঃ নদীৰ পানীভাগ উচ্চ ভূমিৰ পৰা ক্ৰমে নামনিলৈ বৈ আহহাতে অৱবাহিকাৰ উপৰিভাগত স্বাভাৱিকতে খনন কার্য সাধিত হয়। আচলতে বায়ুমণ্ডলত থকা জলীয় বাষ্প বৰষুণ আকাৰে ভূ- পৃষ্ঠত পৰিলেই ক্ষয় কাৰ্য আৰম্ভ হয়। বৰষুণৰ পানী নদীয়েদি বৈ গ’লেও পানীৰ খনন শক্তি বাঢ়ে। ইয়াৰ উপৰি নদীৰ খনন কাৰ্য অৱবা হিকাৰটোৰ উপৰিভাগ গঠন অন্তৰভাগৰ শিলাস্তৰৰ কঠিনতা, উদ্ভিদৰ অৱৰণ, প্ৰৱাহিত পানীৰ পৰিমাণ। আদি অনেক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। নদীৰ গতিপথৰ ভূতাত্ত্বিক গঠন। আৰু পানীৰ খনন শক্তিয়েই প্রধান। উচ্চভূমিৰ অঞ্চলত নদীৰ গতিবেগ প্রল, গতিপথ ঠেক কিন্তু গভীৰ হোৱা দেখা যায়। ভৈয়ামলৈ ক্ৰমে ঢাল কমি অহাৰ ফলত উচ্চ ভূমিৰ পৰা সোঁতে বাঢ়িয়াই অনা গেছবোৰ ভৈয়ামত জমা হয় তাৰ ফলত ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্ৰমে হ্ৰাস পায় আৰু পানীভাগ বোৱাই নিয়াৰ খাতিৰতে নদীয়ে দুয়োপাৰে খহাবলৈ ধৰে। নদীৰ এনে ধৰণক খনন কাৰ্যক পাৰ খনন বা পার্শ্ব খনন বোলে।

18. বহিজাত শক্তি বা কাৰক হিচাপে পৃথিৱীৰ উপৰিভাগৰ ভূ অৱয়বৰ পৰিৱন মানুহৰ ভূমিকা কি লিখা ।
উত্তৰঃ ভূ-অৱয়বৰ পৰিৱৰ্তন সাধন কৰাৰ ক্ষেত্ৰত বহিজাত শক্তি বা কাৰকসমূহৰ ভিতৰত মানুহো এটা শক্তি বা কাৰক । মানুহে বিভিন্ন কাৰ্যৰ দ্বাৰা ভূ-অৱয়বৰ পৰিৱৰ্তন সাধন কৰে—

(ক) মানুহে গৃহনির্মাণ, পথনিমাণ আদি কাৰ্যৰ বাবে মাটি পৰিবহন। কৰে। তদুপৰি গছ-গছনিও ব্যাপক ৰূপত ধ্বংস কৰে। ইয়াৰ দ্বাৰা ব্যাপক হাৰত ভূমিক্ষয় হয়।

(খ) মানুহে যুগ যুগ ধৰি খেতি কৰি অহাৰ ফলত বিস্তীর্ণ সমতল
ভূমিৰ সৃষ্টি হয়।

(গ) সম্পদ আহৰণৰ বাবে খনন কাৰ্য চলাই মানুহে ভূ-অৱয়বৰ পৰিৱৰ্তন সাধন কৰে।

(ঘ) জল সোৱঁৰ নিয়ন্ত্ৰণ কৰি যাতাযাত আৰু বান নিয়ন্ত্ৰণ কৰিবলৈ আৰু জলবিদ্যুৎ উৎপাদন কৰিবলৈও মানুহে ভূ-অৱয়বৰ পৰিৱৰ্তন কৰে ।

(ঙ) বৃহৎ উদ্যেগৰ দ্বাৰাও মানুহে ভূ-অৱয়বৰ পৰিৱৰ্তন সাধন কৰাত ভূমিকা লয় ।

19. তলত দিয়া কাৰক আৰু অৱয়ববোৰৰ কোনটো কাৰ সৃষ্টি কড় চিনেৰে দেখুওৱা ।

কাৰকঅৱয়ব

নদী

বতাহ

হিমবাহ

সাগৰৰ টৌ

প্লাবন ভূমি
বালিয়াতট
ইনছেলবার্গ
ব-দ্বীপ
বালিৰ পাহাৰ
পার্শ্বগ্রাব
জোঙা শৃংগ
বালিচৰ
V-উপত্যকা
অশ্বখুৰা হ্রদ
উপকূল
U-উপত্যকা

উত্তৰঃ

কাৰকঅৱয়ব
নদীপ্লাৱনভূমি
ব-দ্বীপ
বালিচৰ
অশ্বখুৰা হ্ৰদ
বালিয়াতট
বতাহবালিৰ পাহাৰ
ইছেলবার্গ
হিমবাহপার্শ্বগ্রাব
জোঙা শৃংগ
U-উপত্যকা
সাগৰৰ টৌV-উপত্যকা
উপকুল

Leave a Comment

error: Content is protected !!
Scroll to Top