মহাত্মা গান্ধী ৰচনা | Mahatma Gandhi Essay in Assamese

মহাত্মা গান্ধী ৰচনা | Mahatma Gandhi Essay in Assamese

মহাত্মা গান্ধী ৰচনা | মহাত্মা গান্ধী অসমীয়া ৰচনা | Mahatma Gandhi Essay in Assamese | মোহনদাস কৰমচান্দ গান্ধী ৰচনা | মহাত্মা গান্ধীৰ বিষয়ে ৰচনা | গান্ধীজীৰ বিষয়ে ৰচনা | বাপুজীৰ বিষয়ে ৰচনা | জাতিৰ পিতা মহাত্মা গান্ধীৰ ৰচনা | Mahatma Gandhi Essay | Mohandas Karamchand Gandhi Essay in Assamese | Gandhiji Essay in Assamese | Bapuji Essay In Assamese | Father of the Nation Essay in Assamese


মহাত্মা গান্ধী ৰচনা

আৰম্ভণি

যিজন ব্যক্তিয়ে মানৱ সমাজলৈ শৃঙ্খলা, সুখ, শান্তি, সংহতি, ভাতৃত্ববোধ আদিৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়ায় সেইজন ব্যক্তিক “মহান ব্যক্তি” বুলি বিবেচনা কৰা হয়। মানৱ ইতিহাসত অৱশ্যে মহান ব্যক্তিৰ অভাৱ নাই। কিন্তু তেনে মহান ব্যক্তিসকলৰ মাজৰ পৰা মই মহামানৱ মহাত্মা গান্ধীক মোৰ আদৰ্শ ব্যক্তি হিচাপে নিৰ্বাচন কৰিছোঁ।

মহাত্মা গান্ধীৰ জন্ম আৰু পৰিচয়

মহাত্মা গান্ধীৰ আচল নাম আছিল মোহনদাস কৰমচান্দ গান্ধী। তেওঁ ২ অক্টোবৰ, ১৮৬৯ চনত গুজৰাটৰ পোৰবন্দৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম আছিল কৰমচান্দ গান্ধী। তেওঁ সেই সময়ত ৰাজকোটৰ এজন মন্ত্ৰী আছিল। তেওঁৰ মাকৰ নাম আছিল পুতুলী বাঈ। তাই এগৰাকী ধৰ্মভীৰু মহিলা আছিল।

শিক্ষা আৰু কৰ্ম জীৱন

মহাত্মা গান্ধীয়ে ৰাজকোটৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰি উচ্চ শিক্ষাৰ বাবে ইংলণ্ডলৈ যায় আৰু এজন উকিল হৈ আহে। প্ৰথমতে তেওঁ ভাৰতৰ বম্বে হাই কোর্টত ওকালতি আৰম্ভ কৰে। তাৰ পাছত তেওঁ ওকালতি ব্যৱসায়ৰ উদ্দেশ্যে দক্ষিণ আফ্ৰিকালৈ যায়। দক্ষিণ আফ্ৰিকাত থকা সময়খিনিত তেওঁ সেই সময়ত উপনিবেশিক শাসকসকলে থলুৱা আফ্ৰিকীয়সকল আৰু প্ৰবাসী ভাৰতীয়সকলৰ ওপৰত কৰা দমনমূলক অন্যায় নীতিৰ বিৰুদ্ধে এলানি আন্দোলনৰ গুৰি ধৰি সফলতা আৰু জনপ্রিয়তা অর্জন কৰে।

READ MORE  দূৰদৰ্শন ৰচনা | Television Essay in Assamese

১৯১৫ চনত তেওঁ ভাৰতলৈ ঘূৰি আহি ভাৰতীয় জাতীয় কংগেছত যোগদান কৰি ইয়াৰ নেতৃত্ব গ্ৰহণ কৰে। তেওঁ নেতৃত্ব বহন কৰি ইংৰাজসকলক ভাৰতৰ পৰা খেদিবলৈ আৰু বিদেশী শাসনৰ পৰা ভাৰতক মুক্ত কৰিবলৈ এলানি আন্দোলন পৰিচালনা কৰে আৰু অৱশেষত ১৫ আগষ্ট, ১৯৪৭ চনত ভাৰতবৰ্ষক স্বাধীন কৰে।

মহাত্মা গান্ধীৰ মূলমন্ত্র

গান্ধীজীৰ মূলমন্ত্ৰ আছিল- সত্য, অহিংসা আৰু অস্পৃশ্যতা বর্জন। তেওঁ সকলোকে এজন ঈশ্বৰৰ সন্তান বুলি ভাবিছিল।

মহাত্মা গান্ধীৰ মৃত্যু

ভাৰতবৰ্ষক বিদেশী শাসকসকলৰ হাতৰ পৰা স্বাধীন কৰাৰ পিছত এখন সমৃদ্ধিশালী ৰামৰাজ্য গঢ় দিয়াৰ সপোন পুহি ৰখা মহাত্মা গান্ধীক জানুৱাৰী ৩০, ১৯৪৮ চনত নাথুৰাম গডচ নামৰ এজন উম্মত্ত গোড়া হিন্দু মৌলবাদীয়ে নতুন দিল্লীৰ বিৰলা ভৱনৰ সমীপত প্রার্থনা সভাত অংশ লৈ থকাৰ সময়ত গুলিয়াই হত্যা কৰিছিল। উল্লেখ্য যে নতুন দিল্লীৰ ৰাজঘাটত আছে গান্ধীৰ স্মৃতিসৌধ।

মহাত্মা গান্ধী মোৰ আদৰ্শ ব্যক্তি হোৱাৰ কাৰণ

মহাত্মা গান্ধীক মই ভাল পাওঁ আৰু প্ৰশংসা কৰো এই কাৰণে যে তেখেত এজন মানৱ দৰদী মহান নেতা আছিল। তেখেতৰ আদৰ্শ আৰু ব্যক্তিত্বত মোহিত হৈ দেশী-বিদেশী বহুতো ব্যক্তিয়ে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। তেওঁ সদায় সহজ-সৰল জীৱন যাপন কৰিছিল। তেওঁ সমাজৰ পৰা অস্পৃস্যতা দূৰ কৰিবলৈ আপ্রাণ চেষ্টা কৰিছিল। হিন্দু আৰু মুছলমানৰ মাজত সংহতি স্থাপন কৰাৰ বাবেও যৎপৰোনাস্তি চেষ্টা কৰিছিল। তেওঁ এজন মহান সমাজ সংস্কাৰকো আছিল। তেওঁ ভাৰতবৰ্ষত কুটিৰ শিল্পৰ বিকাশৰ হকে মাত মাতিছিল আৰু নিজে সুতা কাটি কাপোৰ বৈছিল।

তেওঁ সার্বজনীন শিক্ষাৰো পোষকতা কৰিছিল। ইয়াৰ উপৰিও তেওঁ এজন লিখকো আছিল। তেওঁ নিজে কেইবাখনো আলোচনী সম্পাদনা কৰিছিল। সিবিলাকত তেওঁৰ বহুত মূল্যবান লিখনি সিঁচৰতি হৈ আছে। তেওঁৰ আত্মজীৱনী “মোৰ সত্য অন্বেষণৰ কাহিনী” খন বিশ্বজুৰি লাখ লাখ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে।

সামৰণি

মহাত্মা গান্ধীৰ মৃত্যু হ’ল সঁচা কিন্তু তেখেতৰ জীৱনৰ আদৰ্শ আজিও আমাৰ মাজত বিৰাজ মান হৈ আছে। মহাত্মা গান্ধীৰ জীৱন অধ্যয়ন কৰি আমি বহুত আদর্শ শিকিব পাৰো। আমি সকলোৱে তেওঁৰ জীৱনৰ পৰা শিক্ষা লাভ কৰা উচিত।

READ MORE  অসমৰ বানপানী ৰচনা | Flood in Assam Essay

Leave a Comment

error: Content is protected !!
Scroll to Top