মে-ডাম-মে-ফি ৰচনা | Me-Dam-Me-Phi Essay in Assamese

মে-ডাম-মে-ফি ৰচনা | Me-Dam-Me-Phi Essay in Assamese

মে-ডাম-মে-ফি ৰচনা | Me-Dam-Me-Phi Essay in Assamese | মেডাম মেফি ৰচনা | Me Dam Me Phi Essay in Assamese | মে-ডাম-মে-ফি অসমীয়া ৰচনা | Me-Dam-Me-Phi Assomiya Essay | Me-Dam-Me-Phi Axomiya Rosona


মে-ডাম-মে-ফি ৰচনা
(Me-Dam-Me-Phi Essay)

আৰম্ভণি

মে-ডাম-মে-ফি” (Me-Dam-Me-Phi) হ’ল টাই আহোম সকলৰ আহোম ধৰ্মৰ এক নিয়ম অনুসৰি পালন কৰা এক সামাজিক পৰপৰাগত এটি পৱিত্ৰ উৎসৱ। এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে লগতে বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাগত উৎসৱৰ জৰিয়তে পূৰ্ব-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন নিজৰ লগতে সমাজ তথা দেশৰ মঙ্গলৰ বাবে আশীৰ্বাদ (জন-মিং) বিচাৰে এই উৎসৱ পালন কৰা সকলে।

প্রচলিত বিশ্বাস অনুসৰি মে-ডাম-মে-ফীৰ (Me-Dam-Me-Phi) নীতি নিয়ম সমূহ অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম’-মুন্‌-ম’-মাই দেওধায়ে। প্ৰতি বছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে মে ডাম মে ফী (Me Dam Me Phi) পালন কৰা হয়।

অর্থ

মে ডাম মে ফিৰ (Me-Dam-Me-Phi) অৰ্থ হল – মে মানে তর্পণ, ডাম মানে মৃতক আৰু ফী মানে দেৱতা। মে ডাম মেফীত পালন কৰা নীতি নিয়ম সমূহক টাই আহোম ভাষাত খয়েক-লাই বুলি জনা যায়।

তাৎপর্য্য

মৃতক দেৱতা সকলৰ সন্তুষ্টিৰ বাবে কৰা কৰ্মৰ উৎসৱেই হ’ল মে ডাম মে ফি। আহোমসকলে বিশ্বাস কৰে যে তেওঁলোকৰ ওপৰি পুৰুষ সকলৰ মৃত্যুৰ পিছত দেৱতাৰ শাৰীত উন্নীত হয় আৰু স্বৰ্গৰ পৰা তেওঁ লোকৰ পো-নাতি সকলক ৰক্ষণাবেক্ষণ দি থাকে। এই উৎসৱ টাই আহোম সকলে উদযাপন কৰা পূর্ব পুৰুষৰ পূজা।

এই পৰম্পৰাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠ চুকীয়া অস্থায়ী হ’ফী সাজে আৰু ইয়াত আঠখন শৰাই পাতি তেওঁ লোকৰ আদি পিতা লংডন দেৱতা প্ৰমূখ্য আঠজন “ফী”ক উপাসনা কৰে। আহোমসকলে স্বৰ্গৰ ৰজা লেংদনৰ বংশধৰ বুলি ভাবে। এই পৰম্পৰা অসমত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল তিপামৰ বুঢ়াডাঙৰীয়াৰ থানত। মে ডাম মে ফীত পুজাৰ ধৰ্মীয় কৰ্ম খিনি দেওধাই,বাইলুং আৰু মহন আদি আহোম পুৰোহিত সকলে সম্পাদন কৰে। টাই আহোম সকলে পুনৰ জন্মৰ কথা বিশ্বাস নকৰে।

READ MORE  মোৰ জীৱনৰ লক্ষ্য ৰচনা - নাৰ্ছ | My Aim in Life Nurse Essay in Assamese

এই পুজাত নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও সোনালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়া ভাৱে ভোজ দিয়া হয়। এই পুজাত ফ্ৰালুং আৰু বানফী আদি টাই পুথিৰ পৰা মন্ত্ৰ পাঠ কৰা হয়। সাধাৰণতে তিনি প্ৰকাৰৰ মে ডাম মে ফী উদযাপন কৰা দেখা যায়।

ৰজা,দেশ আৰু প্ৰজাৰ বাবে ৰাজহুৱা উত্সিৱৰ ৰূপত, ঘৰুৱা ভাৱে বাঁহৰ চাং সাজি পাঁচখন মাইহাং দি আৰু ঘৰুৱা ভাৱে তিনিখন মাইহাং দি। খাওঁ খামক মজিয়াৰ ওপৰত মাইহাং দি আৰু আই লেংদিন, লেংদন লাং কুৰি আৰু জান- চাই-হাঙক চাঙৰ ওপৰত ৰখা মাইহাঙত পুজা আগবঢ়োৱা হয়।

পূজাৰ বেদীত আহোম সকলৰ পবিত্ৰ ধর্ম পুথি “পাক- পেন- কাকা” স্থাপন কৰা হয়। মে ডাম মে ফীত আহোম সকলে প্ৰাৰ্থনা কৰে আৰু তেওঁলোকৰ ওপৰি পুৰুষ সকলৰ পৰা আশীৰ্বাদ বিচাৰে।

বৰ্তমান অৱস্থা

বর্তমান সময়ত ৩১ জানুৱাৰী দিনটো মে ডাম মে ফী (Me-Dam-Me-Phi) ধৰ্মীয় উৎসৱ হিচাপে পালন কৰাটো এক সামাজিক পৰম্পৰা হৈ পৰিছে। টাই আহোম সকলৰ লগতে অসমৰ অন্যান্য জাতি জনগোষ্ঠীয়েও এই মাংগলিক অনুষ্ঠানলৈ আহি যোগ দিয়া দেখা গৈছে। মে ডাম মেফী আজি অসমৰ জাতীয় উৎসৱ হোৱাৰ পথত। 

সামৰণি

এই উৎসৱ আহোম সকলৰ গৌৰৱ, ঐতিহ্য, আহোম সকলৰ প্ৰাণৰ উৎসৱ। সেয়েহে এই উৎসৱে যাতে নিজস্ব বৈশিষ্ট্য হেৰুৱায় নেপেলায় তাৰ বাবে সকলোৱে সজাগ সচেতন হোৱা উচিত।

Leave a Comment

error: Content is protected !!
Scroll to Top