বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা ৰচনা | Advantages and Disadvantages of Science Essay in Assamese

বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা ৰচনা | Advantages and Disadvantages of Science Essay in Assamese

বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা ৰচনা | বিজ্ঞানৰ উপকাৰিতা ৰচনা | বিজ্ঞানৰ অপকাৰিতা ৰচনা | Advantages and Disadvantages of Science Essay in Assamese |Bigyanor Upokarita Aru Apokarita in Assamese | Bigyanor Upokarita Asomiya Rosona | Bigyanor Apokarita Axomiya Essay


বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা ৰচনা

আৰম্ভণি

বিশ্বৰ সকলো কাৰ্য, সকলো প্ৰক্ৰিয়াৰে সুসংবদ্ধ বিধি আছে আৰু সেই প্রক্রিয়া বা বিধিৰ প্রণালীবদ্ধ জ্ঞানেই হ’ল বিজ্ঞান, বৰ্তমান যুগ বিজ্ঞানৰ যুগ। বিজ্ঞানে আমাৰ জীবন পদ্ধতি, চিন্তা-চর্চা আদি সকলোতে প্রভাবিত কৰিছে৷ বিজ্ঞান বাদ দি বৰ্তমানৰ মানুহে জীৱনৰ কোনো দিশতে খোজ দিব নোৱাৰে। ই মানব সভ্যতাৰ অগ্ৰগতিৰ অনবদ্য আহিলা । তথাপিও মানব প্ৰগতিৰ আহিলা হোৱাৰ সমান্তৰালভাৱে বিজ্ঞানৰ কিছুমান অপকাৰী দিশো নথকা নহয়। তলত এটি চমু বিশ্লেষণ দাঙি ধৰা হ’ল ।

বিজ্ঞানৰ উপকাৰিতা

বিজ্ঞান হৈছে মানব প্রগতিৰ মূলমন্ত্র। বিজ্ঞানৰ জয় যাত্রাই মানুহক সভ্যতাৰ চূড়ান্ত শিখৰত উপনীত কৰাইছে৷ গতিকে বিজ্ঞানৰ উপকাৰী দিশো সীমাহীন।

বিজ্ঞানৰ বলতে মানুহে বিভিন্ন ধৰণৰ যান-বাহন, ৰেল, জাহাজ, উৰাজাহাজ আদি আবিষ্কাৰ কৰি যাতায়াত ব্যৱস্থা অধিক সূচল কৰি তুলিলে, যাৰ ফলত গোটেই পৃথিবীখনকে সহজে পৰিভ্ৰমণ কৰিব পৰা হ’ল। যোগাযোগৰ ক্ষেত্ৰত টেলিগ্রাম, টেলিফোন, ছপাশাল, ৰেডিঅ’ টেলিভিশ্যন আদিৰ উপৰিও বর্তমান যুগৰ মোবাইল ফোন, কম্পিউটাৰ, ইন্টাৰনেট আদিয়ে মূহুৰ্ততে পৃথিবীৰ যিকোনো ঠাইৰ মানুহৰ লগত যোগাযোগ সম্ভৱ কৰি তুলিছে।

বিজুলি বাতিৰ আবিষ্কাৰে গোটেই পৃথিবীখনকে পোহৰাই তোলাৰ লগতে বিভিন্ন ধৰণৰ কল-কাৰখানা, উদ্যোগ আদি প্রতিষ্ঠা হোৱাত সহায়ক হ’ল । কৃষিৰ ক্ষেত্রটো অনেক যন্ত্রপাতি, কীটনাশক দ্রব্য, ৰসায়নিক সাৰ আদিৰ আবিষ্কাৰে মানুহৰ শ্রম লাঘব কৰাৰ উপৰিও উৎপাদন বৃদ্ধিত অৰিহণা যোগাইছে। চিকিৎসাবিজ্ঞানৰ অভূতপূর্ব উন্নতিৰ ফলত বহুতো দুৰাৰোগ্য ব্যাধি নিবাৰণ আৰু নিৰাময় কৰিবলৈ সক্ষম হোৱাৰ লগতে মানুহৰ গড় আয়ুস বৃদ্ধি হৈছে। তাৰোপৰি আমাৰ দৈনন্দিন জীবনত ব্যবহৃত আটাইবোৰ বস্তু বিজ্ঞানৰ আৱিষ্কাৰৰ ফল। ৰন্ধন গেছ, ফ্রিজ, ফেন, এয়াৰ কুলাৰ, হিটাৰ, কাপোৰ ধোৱা মেচিন আদি অনেক সা-সামগ্ৰীয়ে মানুহৰ জীৱন আৰামদায়ক আৰু উন্নত কৰি তুলিছে।

READ MORE  সৰস্বতী পূজা ৰচনা | Saraswati Puja Essay in Assamese

এইবোৰৰ উপৰিও বিজ্ঞানে দিছে আমাক সৃষ্টিৰ তত্ত্ব, নৃতাত্বিক ঐতিহাসিক জ্ঞান, বিশ্ববিধান, দিন- ৰাতিৰ আবির্ভাব আৰু গ্ৰহ-নক্ষত্ৰৰ ৰহস্যৰ সন্ধান ৷ ৰকেটেৰে মানুহে মহাকাশত বিচৰণ কৰিছে, জোনৰ বুকুত ভৰি দিছে, আনকি অন্যান্য গ্ৰহৰ বুকুতো খোপনি পুতিবলৈ প্ৰয়াস কৰিছে। বিজ্ঞানৰ সূক্ষ্ম দৃষ্টিৰ আগত এতিয়া আৰু একো বস্তুৱে অদৃশ্য হৈ থকা নাই। এই আটাইবোৰ হৈছে মানবজাতিৰ বাবে বিজ্ঞানৰ উপকাৰী দিশ, অন্য ভাষাত বিজ্ঞান মানৱ জাতিৰ বাবে আশীর্বাদ স্বৰূপ।

বিজ্ঞানৰ অপকাৰিতা

বিজ্ঞানৰ উপৰোক্ত উপকাৰিতা সমূহৰ সমান্তৰালভাৱে বহুতো অপকাৰী দিশো নথকা নহয়। কিছু কিছু ক্ষেত্ৰত বিজ্ঞান মানৱজাতিৰ বাবে হৈ পৰিছে অভিশাপ স্বৰূপ৷ ইয়াৰ অপকাৰী দিশবোৰে মানুহৰ মনত উদ্বেগ সৃষ্টি কৰিছে।

প্ৰথমতে, বিজ্ঞানৰ বলতে আজিৰ মানৱে বিভিন্ন মাৰণাস্ত্র আবিষ্কাৰ কৰিছে, যিবোৰে ক্ষন্তেকতে মানৱজাতিক নিঃশেষ কৰিব পৰা ক্ষমতা আছে। দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকাই এটম বোমা নিক্ষেপ কৰি জাপানৰ দুখন চহৰ ধ্বংসস্তুপত পৰিণত কৰাটোৱে তাৰ জ্বলন্ত উদাহৰণ।

দ্বিতীয়তে, বিভিন্ন ধৰণৰ কল-কাৰখানা, গাড়ী-মটৰৰ সংখ্যা বৃদ্ধিৰ ফলত প্ৰকৃতিৰ ভাৰসাম্যতা হ্রাস পাইছে৷ মাটি, পানী, বায়ু প্ৰদূষণৰ লগতে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেও পৰোক্ষভাৱে বিজ্ঞানেই অৰিহণা যোগাইছে।

তৃতীয়তে, বিজ্ঞানৰ বলতে চিকিৎসা পদ্ধতি যথেষ্ট উন্নত হৈছে যদিও ৰোগ আৰু ৰোগীৰ সংখ্যা বৃদ্ধিৰ কাৰণো বিজ্ঞানেই। উদাহৰণ স্বৰূপে ক’ব পাৰি কৃষি পদ্ধতিত প্রয়োগ কৰা মৰাত্মক কীটনাশক দ্ৰব্যৰ প্রয়োগে মানুহৰ স্বাস্থ্য, বতাহ, পানী, মাটি আদি সকলোতে ক্ষতিসাধন কৰিছে। 

চতুর্থতে, বিজ্ঞানৰ সৃষ্টি কিছুমান বস্তু যেনে – মোবাইল ফোন, টি.ভি, কম্পিউটাৰ আদিত মানুহ অতিমাত্রা আসক্ত হৈ পৰিছে, যাৰ ফলত মানুহৰ শাৰীৰিক-মানসিক দুয়ো দিশত ক্ষতিসাধন কৰাৰ উপৰিও সময়ৰ অপব্যৱহাৰ, কৰ্মবিমুখ, অপৰাধমূলক প্রবণতা বৃদ্ধি আদি কু-প্রভাবে সমাজ ছানি ধৰিছে। এইবোৰৰ উপৰিও বিজ্ঞানৰ আন বহুতো অপকাৰী দিশ আছে। 

সামৰণি

বিজ্ঞানে মানুহৰ আদিম অবস্থাৰ কষ্টকৰ জীৱনৰ অৱসান ঘটাই সভ্যতাৰ জখলাত উঠাবলৈ সহায় কৰিছে। ই আমাৰ জ্ঞানৰ পৰিধিৰ বিকাশ ঘটাইছে। সমাজত প্রচলিত অন্ধ-বিশ্বাস, কু-সংস্কাৰ আদি আঁতৰাই নতুন দৃষ্টিভঙ্গী গঢ়ি তোলাত সহায় কৰিছে। বিজ্ঞান এটি শক্তি মাথো। ইয়াৰ উপকাৰ আৰু অপকাৰ নিৰ্ভৰ কৰে প্রয়োগকাৰীৰ ইচ্ছাশক্তি আৰু জ্ঞানৰ ওপৰত৷ গতিকে বিজ্ঞানৰ আৱিষ্কাৰ সমূহৰ সৎ আৰু যথাযথ ব্যৱহাৰ কৰি তাৰ সুফল সমূহ গ্রহণ কৰিবলৈ চেষ্টা কৰাটোহে মানৱ সমাজৰ কৰণীয়। 

READ MORE  ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা ৰচনা | Students and Social Service Essay in Assamese

Leave a Comment

error: Content is protected !!
Scroll to Top