মে-ডাম-মে-ফি উৎসৱৰ বিষয়ে চমু বিৱৰণ | Me-Dam-Me-Phi Festival in Assamese

মে-ডাম-মে-ফি উৎসৱৰ বিষয়ে চমু বিৱৰণ | Me-Dam-Me-Phi Festival in Assamese

মে-ডাম-মে-ফি” (Me-Dam-Me-Phi) হ’ল টাই আহোম সকলৰ আহোম ধৰ্মৰ এক নিয়ম অনুসৰি পালন কৰা এক সামাজিক পৰপৰাগত এটি পৱিত্ৰ উৎসৱ। এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে লগতে বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাগত উৎসৱৰ জৰিয়তে পূৰ্ব-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন নিজৰ লগতে সমাজ তথা দেশৰ মঙ্গলৰ বাবে আশীৰ্বাদ (জন-মিং) বিচাৰে এই উৎসৱ পালন কৰা সকলে।

“মে-ডাম-মে-ফি” তাৎপৰ্য্য

‘মে’ৰ অৰ্থ – তৰ্পন, ‘ডাম’ৰ অৰ্থ- মৃতক, ‘ফি’ৰ অৰ্থ- মৃতকৰ দেৱতা। আন আন পৰম্পৰাগত উৎসৱৰ দৰে এই উৎসৱ পালনৰ নীতি-নিয়ম আছে। এই নীতি-নিয়মক টাই আহোম ভাষাত “খয়েক-লাই” বুলি জনা যায়।

প্ৰচলিত বিশ্বাস অনুসৰি এই নীতি-নিয়ম- সমূহ অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক “ম-মুন্-ম- মাই দেওধায়ে”। বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা এই পৰম্পৰাৰ বাবে সমূহীয়াকৈ ৰাইজে গোট খাই এখন আঠচুকীয়া অস্থায়ী হাফী (দেউশাল) সাজে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন “ফি”ক উপাসনা কৰে।

এই পুজোত ফুৰা-তা-ৰা-আলং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ভি-ডাম-খাম্ বা সোণালী ড্ৰেগন অংকিত (অকা) পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়। এই পৰম্পৰা অসমত পোন-প্ৰথমে আয়োজন কৰা হৈছিল টিপামৰ বুঢ়াডাঙৰীয়াৰ থানত।

ৰাজহৰাভাৱে আয়োজিত এই “মে-ডাম-মে-ফি” (Me-Dam-Me-Phi)ৰ উপৰিও আহোম সকলে ঘৰুৱাভাৱে এই পৰপৰা আয়োজন কৰে। ঘৰুৱাভাৱে আয়োজিত এই সামাজিক পৰম্পৰাত পাকঘৰৰ দক্ষিণ দিশৰ খুটা যাক ‘ফকাম’ বোলা হয়, তাৰ কাষত বাছনি কৰা হয় আৰু পাঁচখন মাইহাং আগবঢ়োৱাই পূৰ্ব-পুৰুষক উপাসনা কৰা হয়।

বৰ্তমানত আহোমসকলৰ মাজত ঘৰুৱা ভাৱে বিহু বা অন্যান্য মাঙ্গলিক উৎসৱত মৃতকক দিয়াটো আৰু সামূহিক ভাৱে ৩১ জানুৱাৰীৰ দিনটোত “মে-ডাম- মে-ফি”ক ধৰ্মীয় উৎসৱ হিচাপে পালন কৰাটো এক সামাজিক পৰপৰা হৈ পৰিছে। এই উৎসৱটো টাইসকলৰ লগত অসমৰ আন আন জাতি-গোষ্ঠীয়েও এই মাঙ্গলিক অনুষ্ঠানটোত আৰ্হি যোগ দি পালন কৰা দেখা যায় এই পৱিত্ৰ “মে-ডাম- মে-ফি” উৎসৱটো।

READ MORE  টাইম ক্যাপসুল কি? What is Time Capsule? Time Capsule in Bengali

Leave a Comment

error: Content is protected !!
Scroll to Top