ভাৰতীয় সমাজ | Chapter 1 | Class 12 Sociology - AHSEC

ভাৰতীয় সমাজ | Chapter 1 | Class 12 Sociology – AHSEC

ভাৰতীয় সমাজ | Chapter 1 | Class 12 Sociology Chapter 1 ভাৰতীয় সমাজ | Class 12 Sociology Question and Answer | Assam Class 12 Sociology Solutions | AHSEC Class 12 HS Sociology Chapter 1 Notes | AHSEC Class 12 HS Sociology Chapter 1 Question and Answer | Questions and Answers for Class 12 Sociology Chapter 1 ভাৰতীয় সমাজ | HS Sociology Questions and Answers Assam | HS 2nd Year ভাৰতীয় সমাজ Sociology Question and Answer | Assam Board Class 12 Sociology Chapter 1 ভাৰতীয় সমাজ


ভাৰতীয় সমাজ
(Introducing Indian Society)

প্রথম খণ্ড: পাঠ: ১

অতি চমু প্রশ্নোত্তৰ

1. জাতীয়তাবাদৰ প্ৰধান বাহক কি?
উত্তৰঃ নগৰীয়া মধ্য শ্ৰেণীবোৰেই প্ৰধান বাহক। 

2. সামাজিক শ্ৰেণী এটা কিহৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়?
উত্তৰঃ সমাজৰ উচ্চ – নিম্ন প্ৰস্থিতিৰ ভিত্তিত। 

3. গাঁৱলীয়া মানুহৰ প্ৰধান বৃত্তি / ভিত্তি কি?
উত্তৰঃ প্রধান বৃত্তি কৃষি কার্য। 

4. বন্ধ স্তৰীকৰণৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ বন্ধ স্তৰীকৰণৰ এটা উদাহৰণ হ’ল জাতি। 

5. জাতি মুক্ত / বন্ধ স্তৰীকৰণৰ উদাহৰণ ৷
উত্তৰঃ বন্ধ স্তৰীকৰণৰ উদাহৰণ ৷ 

6. উপনিবেশিকতাবাদ কি?
উত্তৰঃ এখন দেশে আন এখন দেশৰ ওপৰত চলোৱা শাসন ৷ 

7. কলিকতা নগৰখন কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ কলিকতা নগৰ স্থাপন কৰিছিল জৱচাৰ্ণক নামৰ এজন বৃটিছ সদাগৰে, ১৬৯০ চনত ৷

8. অসমত চাহ গছ কোনে আবিষ্কাৰ কৰিছিল?
উত্তৰঃ ব্ৰিটিছসকলে। 

9. নগৰৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ তলত নগৰৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ হ’ল—
(i) নগৰসমূহ উদ্যোগ প্রধান, গৰিষ্ঠসংখ্যক লোক উদ্যোগ, অফিচ – কাছাৰীত, চাকৰি কৰা কৰ্মী।
(ii) নগৰত কৰ্ম বিভাজন আছে। নগৰীয়া মানুহ আত্মকেন্দ্ৰিক, স্বাৰ্থপৰ ৷ 

10. গাঁও আৰু নগৰৰ দুটা পার্থক্য উল্লেখ কৰা।
উত্তৰঃ গাঁও আৰু নগৰৰ পার্থক্য দুটা—
১। গাঁৱত জনসংখ্যা কম আৰু নগৰত জনসংখ্যা বেছি।
২। গাঁৱৰ মানুহৰ বৃত্তি, কৃষিকাৰ্য কিন্তু নগৰৰ লোকৰ মূল বৃত্তি হ’ল চাকৰি, উদ্যোগৰ শ্ৰমিক বা অফিচ-কাছাৰীৰ কৰ্মী।
৩। নগৰত শিক্ষা – দীক্ষাৰ সুবিধা আছে কিন্তু গাঁৱত শিক্ষাৰ সুবিধা নাই।

11. গাঁৱলীয়া মানুহ নগৰমুখী হোৱাৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা।
উত্তৰঃ গাঁৱলীয়া মানুহ নগৰমুখী হোৱাৰ প্ৰধান কাৰণ দুটা হ’ল—
১। গাঁৱৰ মানুহ কৰ্ম সংস্থানৰ বাবে নগৰমুখী হ’বলৈ বাধ্য হয়। কাৰণ নগৰত কৰ্ম সংস্থানৰ সুবিধা আছে।
২। নগৰ – চহৰবোৰ শিক্ষাৰ কেন্দ্ৰস্থান। শিক্ষা – দীক্ষাৰ সুবিধাৰ কাৰণে গাঁও অঞ্চলৰ লোক, নগৰ অঞ্চললৈ প্ৰব্ৰজন হয় ৷ 

12. সামাজিক মানচিত্র কি?
উত্তৰঃ সমাজিক মানচিত্ৰ হ’ল— যত সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ অৱস্থান ধাৰণ কৰিব পাৰে। তেওঁৰ নিজৰ সম্পর্কিত ব্যক্তিসকলৰ মাজত তেওঁৰ নিজৰ অৱস্থিতিৰ বিষয়ে জানিব পাৰে। তেওঁৰ সম্প্রদায়, অর্থনৈতিক শ্রেণী ধর্ম, জাতি, আদি বিভিন্ন স্থান জানিব পাৰে।

13. নৃ–গোষ্ঠীয় আত্ম পৰিচয় বুলিলে কি বুজা?
উত্তৰঃ নৃ – গোষ্ঠী সমূহ বা গোট যি গোটৰ সদস্যসকলে একে সাংস্কৃতিক পৰিচয়েৰে নিজ গোটৰ প্ৰতি সচেতনতা ৰক্ষা কৰাৰ উপৰিও চাৰিওকাষে থকা আন আন গোটৰ পৰা নিজকে বিচ্ছিন্ন কৰি ৰখাৰ প্ৰয়াস কৰে ৷ 

14. ৰাইজলিয়ে (Risely) য়ে ভাৰতীয় নৃগোষ্ঠীয়সমূহক ৫/৬/৭/৮ ভাগত ভাগ কৰিছিল। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
উত্তৰঃ ৭ টা ভাগত ভাগ কৰিছিল।

15. ভাৰতত ঔপনিবেশিক শাসন কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ ভাৰতত ১৬ শতিকাৰ পৰা ১৭ শতিকাৰ মাজভাগলৈ ভাৰতত ঔপনিবেশিক শাসন চলিছিল। 

16. ঔপনিবেশিক শাসনৰ দুটা সংৰচনাত্মক অৱদান উল্লেখ কৰা।
উত্তৰঃ ঔপনিবেশিক শাসনৰ দুটা সংৰচনাত্মক অৱদান হ’ল—
১। সংসদীয় আইন ব্যৱস্থা।
২। আইন – শৃংখলা নিয়ন্ত্ৰণত পুলিচ ব্যৱস্থা। আৰু
৩। শিক্ষা ব্যৱস্থা আদি।

17. ঔপনিবেশিক শাসনৰ দুটা সাংস্কৃতিক অৱদান উল্লেখ কৰা।
উত্তৰঃ ঔপনিবেশিক শাসনৰ দুটা সাংস্কৃতিক অৱদান হ’ল—
১। ৰাস্তাৰ বাওফালে খোজ কঢ়া।
২। টেবুলত ভাত খোৱা নিয়ম।
৩। লংপেণ্ট – চাৰ্ট পিন্ধা আদি।

18. ভাৰত চৰকাৰৰ প্ৰস্তাৱ মতে কেতিয়া ভাৰতৰ পৰিকল্পনা আয়োগ গঠন হৈছিল?
উত্তৰঃ ভাৰতৰ পৰিকল্পনা আয়োগ গঠন হৈছিল ১৯৫০ চনৰ মাৰ্চ মাহত ৷ 

19. এখন নগৰ আৰু মহানগৰৰ পাৰ্থক্য কি?
উত্তৰঃ জনসংখ্যা। সাধাৰণতে ১০ হেজাৰ জনসংখ্যাতকৈ বেছি জনসংখ্যা থাকিলে তাক মহানগৰ বুলি কব পাৰি। আনহাতে নগৰ এখনত ১০ হাজাৰতকৈ কম জনসংখ্যা থাকে।

20. প্ৰজন্মৰ ব্যৱধানে কি বুজায়?
উত্তৰঃ প্ৰজন্মৰ ব্যৱধানে সমাজত পুৰণি প্ৰজন্ম বা বয়স্কসকলৰ লগত নতুন প্ৰজন্মৰ বা তৰুণসকল মতবিৰোধ হোৱা দেখা যায়। ভাবাদৰ্শৰ অমিল হোৱা দেখা যায়। প্ৰায়বোৰ সমাজতে যুগ যুগান্তৰৰ পৰা প্ৰচলিত ঘটনা বুলিব পাৰি। এনে অমিল বা মতবিৰোধকে প্ৰজন্মৰ ব্যৱধান বোলে। 

21. প্রতিফলন কি?
উত্তৰঃ প্ৰতিফলন শব্দই এবাৰ পুনৰ উভতি চোৱা বুজায়। প্ৰতিফলন (বা আত্ম প্রতিফলন) সিদ্ধান্তই ইয়াকে বুজায় যে ব্যক্তিয়ে নিজে নিজৰ মানৱ সমাজখনক কেনেদৰে চাইছে। সেইদৰে প্ৰতিফলিত সমাজতত্ত্বই সমাজতত্ত্বক এটা সামাজিক ঘটনা ৰূপে চোৱাৰ প্ৰয়াস কৰে, যিদৰে সমাজৰ আন আন পৰিঘটনাবোৰকো অধ্যয়ন কৰে ৷ 

চমু প্রশ্নোত্তৰ

1. ভাৰতত জাতীয়তাবাদৰ উৎপত্তি কিদৰে হয়?
উত্তৰঃ ইংৰাজসকলে ভাৰতত, অৰ্থনৈতিক, ৰাজনৈতিক আৰু প্রশাসনিক ঐক্য গঢ়ি তুলিছিল। ইয়াৰ উপৰিও তেওঁলোকে ভাৰতত পাশ্চাত্য শিক্ষা – দীক্ষাৰ সম্প্ৰসাৰণ ঘটাইছিল। ইয়াৰ ফলতে ভাৰতবাসীয়ে পাশ্চাত্য জ্ঞান – বিজ্ঞানৰ চিন্তাধাৰাৰ জৰিয়তে নিজকে এক সজাগ, সচেতন জাতি হিচাপে গঢ়ি তুলিবলৈ সুবিধা পায়। মুঠতে ঔপনিবেশিক শাসনৰ ফলতে ভাৰতত জাতীয়তাবাদী চিন্তাধাৰাই গা কৰি উঠে। 

2. উপনিবেশবোৰত জাতীয়তাবাদ উৎপত্তিৰ পদ্ধতিৰ লগত কি কাৰণত উপনিবেশ বিৰোধী আন্দোলন জড়িত হৈ পৰে?
উত্তৰঃ উপনিবেশবোৰত জাতীয়তাবাদী ভাবধাৰা উৎপত্তিৰ লগতে উপনিবেশ বিৰোধী আন্দোলনত নিশ্চিতভাৱে সম্পর্কিত হৈ পৰে ৷ জনসাধাৰণে ঔপনিবেশিক শাসকৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ সময়তে তেওঁলোকৰ একতাৰ পৰিচয় পাবলৈ সক্ষম হয়। ঔপনিবেশিক শাসকসকলে তেওঁলোকক সমানে শোষণ কৰাৰ উপৰিও সদায়ে দমন কৰি ৰাখিবলৈ বিচাৰে। এই উমৈহতীয়া দমন নীতিৰ অভিজ্ঞতাই তেওঁলোকক ঐক্যবদ্ধ হৈ থাকিবলৈ দৃঢ় কৰি ৰাখে। 

3. সম্প্রদায় বুলিলে কি বুজা?
উত্তৰঃ সাধাৰণভাৱে ক’বলৈ হ’লে, যেতিয়া কিছুমান মানুহে একেলগে এটা উদ্দেশ্য পূৰণৰ বাবে বসবাস কৰে তাকে সম্প্রদায় বুলি ক’ব পাৰি। ইয়াক মানুহে সচেতনভাৱে সৃষ্টি নকৰে বা কৰিব নোৱাৰে ই নিজে নিজে বা আপোনা – আপুনি গঢ় লৈ উঠে। 

4. সাম্প্রদায়িকতাবাদ মানে কি?
উত্তৰঃ সাম্প্রদায়িকতাবাদ এটা আদৰ্শৰ বাহিৰে আন একো নহয় যিয়ে কোনো এটা ধৰ্মীয় মতামত জনসাধাৰণৰ মাজত সম্প্ৰচাৰ কৰিবলৈ প্ৰচেষ্টা চলায়। এই ধর্মীয় ভাবধাৰা আন কোনো ধৰ্মীয় ভাবধাৰাৰ সম্পূৰ্ণ বিৰোধী মতামত বা ভাবধাৰা হোৱা দেখা যায়। আন কথাত ক’বলৈ গ’লে সাম্প্রদায়িকতাবাদ হ’ল ধৰ্মৰ লগত সম্পর্ক থকা উগ্ৰ ৰাজনৈতিক আদৰ্শ। উদাহৰণ স্বৰূপে হিন্দু আৰু মুছলমানৰ মাজত হোৱা কোনো সংঘাত। 

5. জনগোষ্ঠীয় গোট বুলিলে কি বুজায়?
উত্তৰঃ জনগোষ্ঠীয় গোট মানে কিছুমান ব্যক্তিৰ গোট যিসকলৰ সাংস্কৃতিক আদর্শ একে। এটা জনগোষ্ঠীয় গোটে বিশ্বাস কৰে যে তেওঁলোকৰ সকলো লোক একে বংশৰ পৰা উদ্ভৱ হোৱা পৰা পৃথক কৰিব পাৰি তেনে গোটকে জনগোষ্ঠী বুলি ক’ব পাৰি ৷

6. সমাজতত্ত্ব কি?
উত্তৰঃ সমাজতত্ত্ব সমাজৰ বিষয়ে কৰা এক অধ্যয়ন? আমি সকলোৱে সমাজত বাস কৰো। গতিকে আমি সমাজৰ বিষয়ে বহু কথা জানো। সমাজৰ বিষয়ে আমি অধ্যয়ন কৰো সমাজতত্ত্ব। আন বহুতো বিষয়ে আমি সাধাৰণতে স্কুল, মহাবিদ্যালয়, বা বিশ্ববিদ্যালয়ত পঢ়ি, আনুষ্ঠানিকভাৱে শিক্ষা পাওঁ কিন্তু সমাজশাস্ত্ৰৰ ক্ষেত্ৰত আমি বাস কৰা সমাজৰ পৰাই বহুতো কথা শিকিব পাৰো। গতিকে কোনো আনুষ্ঠানিক শিক্ষা নললেও সমাজৰ বিষয়ে আমি আগতীয়াকৈ কিছু কথা জানিব পাৰো, আৰু সমাজ সম্পর্কে ভালেমান কথা আপোনা – আপুনি শিকিব পৰা যায়। বর্তমান এই বিষয়টোৰ (Sociology) ৰ দ্বাৰা ছাত্র – ছাত্ৰীক ভাৰতীয় সমাজৰ লগত পৰিচয় কৰি দিয়াহে আচল উদ্দেশ্য। এই বিষয়টোৰ জৰিয়তে ছাত্র – ছাত্ৰীক ভাৰতীয় সমাজৰ সমাজতাত্ত্বিক দিশটোৰ লগতহে পৰিচয় কৰা হব ৷

7. সমাজতত্ত্বই আমাক কি শিকায়? নাইবা, আত্ম প্রতিফলন নাইবা প্রতিফলন কি?
উত্তৰঃ সমাজতত্ত্বই আমাক আনক দেখুৱায় অৰ্থাৎ আমি দেখাত কেনেকুৱা আনক দেখুৱায়। ই আমাক শিকায় . বাহিৰৰ পৰা আমাক কেনেকুৱা দেখা যায় তাকে আনক দেখুৱায়। ইয়াকে আত্ম – প্রতিফলন নাইবা কেতিয়াবা প্রতিফলন বুলিও কোৱা হয় ৷ 

8. সামাজিক সংৰচনা বুলিলে কি বুজা?
উত্তৰঃ প্রত্যেক সমাজৰে একোটা সংৰচনা বা সংগঠন পদ্ধতি থাকে। এই পদ্ধতিত ব্যক্তি, সমূহ, সন্থা, সংস্থা আদি বিভিন্ন গোট থাকে আৰু ইয়াৰ প্ৰত্যেকেই সমাজত নিজ নিজ ভূমিকাত ক্রিয়া, আন্তঃক্রিয়া সম্পাদন কৰিব লাগে। সামাজিক সংৰচনাই এই বিভিন্ন অংশ স্থায়ী আন্তঃক্রিয়া কিছুমান পদ্ধতিৰ মাজেৰে সংঘটিত হয় আৰু এই পদ্ধতিৰ সংৰচনা আছে। এই সামাজিক সম্বন্ধ, বা ক্রিয়া পদ্ধতিকে বিভিন্ন চিন্তাবিদে কোৱাৰ দৰে সংৰচনা বা সংগঠন বুলিও কোৱা হয় ৷ 

9. “বিশেষকৈ ভাৰতীয় সচেতনতাই এটা আকৃতি লৈছিল ঔপনিবেশিক শাসনৰ সময়ত – আলোচনা কৰা। নাইবা, ঔপনিবেশিক শাসন কালত জাতীয়তাবাদে গঢ় লৈ উঠাৰ প্ৰক্ৰিয়াটো কিয় ঔপনিবেশিকতা বিৰোধী আন্দোলন সৈতে জড়িত?
উত্তৰঃ ১। ঔপনিবেশিক শাসনতে, প্ৰথমতে ৰাজনৈতিকভাৱে আৰু প্ৰশাসনীয়ভাবে ভাৰতৰ সকলোৱে ঐক্যবদ্ধ হৈছিল। 

২। ঔপনিবেশিক শাসনেই আধুনিককীকৰণৰ শক্তিসমূহক আনিছিল আৰু পুঁজিবাদী অর্থনৈতিক পৰিৱৰ্তন আনিছিল। 

৩। যিয়ে নহক এই অৰ্থনৈতিক, ৰাজনৈতিক আৰু প্ৰশাসনিক ঐক্যবদ্ধতা ঔপনিবেশিক শাসনৰ তলতে গঢ় লৈ উঠিছিল আৰু সমগ্ৰ ভাৰতবৰ্ষক ক্ৰমান্বয়ে এক ৰাজনৈতিক শাসনৰ অধীনলৈ আনিছিল। 

৪। আনহাতে ঔপনিবেশিক শোষণ ব্যৱস্থা আৰু দমন নীতিয়ে গোটেই ভাৰতীয় সমাজ ব্যৱস্থাতে বিভিন্ন প্ৰকাৰে এক বিতৃষ্ণাৰ ভাব আনি দিছিল। 

৫। ভাৰতত ঔপনিবেশিক ব্যৱস্থাই নিজেই নিজৰ শত্ৰু সৃষ্টি কৰিছি— জাতীয়তা বাদৰ জন্ম দিছিল। ভাৰতত ঔপনিবেশিক শাসন ব্যৱস্থাই আধুনিক জাতীয়তাবাদী চিন্তাধাৰাৰ জন্ম দিছিল। 

৬। ইংৰাজ শাসকসকলৰ অবাধ অৰ্থনৈতিক শোষণ, ভাৰতীয়ৰ প্ৰতি কৰা দুৰ্যৱহাৰ, ঔপনিবেশিক দমন নীতিয়ে সমগ্ৰ ভাৰতবাসীক লাহে লাহে ঐক্যবদ্ধ কৰি তুলিছিল আৰু সমাজত নতুন মধ্যবিত্ত শ্ৰেণীৰ সৃষ্টি কৰিছিল যিসকলে পিছলৈ জাতীয়তাবাদী ভাবধাৰাক জাগৰিত কৰি তুলিছিল। 

10. ঔপনিবেশিকতাবাদ বুলিলে কি বুজা?
উত্তৰঃ সাধাৰণ অৰ্থত উপনিবেশবাদ বা ঔপনিবেশিকতাবাদ মানে হৈছে এখন দেশে আন এখন দেশৰ ওপৰত চলোৱা শাসন।

উপনিবেশবাদ আৰম্ভ হৈছিল উদ্যোগ বিপ্লৱ আৰম্ভ হোৱাৰ সময়তে, যেতিয়া পশ্চিমীয়া দেশবোৰত সম্পদ আৰু বিভিন্ন সামগ্ৰীৰ উৎপাদন অপর্যাপ্ত পৰিমাণে হৈছিল। সেই সময়তে ইউৰোপৰ পশ্চিমীয়া দেশবোৰে বেপাৰ বাণিজ্যৰ বাবে এছিয়া আৰু আফ্ৰিকাৰ দেশবোৰত বেপাৰ কৰাৰ লগতে, দেশবোৰত নিজৰ শাসন প্ৰৱৰ্তন কৰিছিল। এনেদৰে শাসন প্রতিষ্ঠা কৰাৰ ব্যৱস্থাটোকে ঔপনিবেশিক শাসন বা উপনিবেশবাদ বোলে। 

11. কোনবোৰ দেশে এছিয়া আৰু আফ্ৰিকাৰ দেশবোৰত উপনিবেশ স্থাপন কৰিছিল?
উত্তৰঃ ঔপনিবেশিক পদ্ধতি আৰম্ভ হৈলি ১৮ শতিকাত আৰু শেষ হৈছিল কুৰি শতিকাত। এই দেশবোৰৰ ভিতৰত প্ৰধান দেশবোৰ হ’ল ইংলেণ্ড, ফ্রান্স, পর্তুগাল, স্পেইন, জার্মানী, ইটালী আদি। পিছলৈ ৰুছীয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপান আদি দেশেও এই পদ্ধতিৰ যাত্ৰাত যোগদান কৰিছিল। 

12. ভাৰতত জাতীয়তাবাদে কেতিয়া দেখা দিছিল? নাইবা, ভাৰতত জাতীয়তাবাদৰ সূচনা কেতিয়া হৈছিল?
উত্তৰঃ আধুনিক ভাৰতৰ সকলো অনুষ্ঠান, প্রতিষ্ঠানবোৰ ঔপনিবেশিক শাসনৰে অৱদান। ইংৰাজসকলে ভাৰতত ঔপনিবেশিক শাসন প্ৰতিষ্ঠা কৰিছিল আৰু শাসন আৰু শোষণৰ উপৰি তেওঁলোকে ভাৰতীয়সকলক পাশ্চাত্য শিক্ষা – দীক্ষা দিয়া আৰম্ভ কৰিছিল ৷ এই ব্যৱস্থাই ভাৰতবাসীৰ মনত লাহে লাহে জাতীয়তাবাদী মনোভাবে গভীৰভাৱে ঠাই লবলৈ আৰম্ভ কৰিছিল। ১৯ শতিকাৰ শেষৰ ছোৱাত ইংৰাজশাসকসকলৰ শাসন, শোষণ, দুৰ্ব্যৱহাৰে, পাশ্চাত্য শিক্ষা আদিয়ে ভাৰতৰ মধ্যবিত্ত শ্রেণীক সজাগ – সচেতন কৰি জাতীয়তাবাদী আন্দোলন গঢ়ি উঠিছিল। যাৰ ফলত এটা সময়ত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল।

READ MORE  সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান | Chapter 6 | Class 12 Sociology - AHSEC

13. সম্প্ৰদায়ৰ বা সমুদায়ৰ উপাদান বিলাক উল্লেখ কৰা।
উত্তৰঃ সম্প্ৰদায়ৰ উপাদানবোৰ হ’ল– 

১। ব্যক্তিৰ সমষ্টি :- সম্প্রদায় হ’ল কিছুমান ব্যক্তিৰ সমষ্টি। উমৈহতীয়া স্বাৰ্থপূৰণৰ উদ্দেশ্যেৰে সংগঠিত হোৱা জনসমষ্টিয়েই সম্প্রদায়। জনসমষ্টি নহ’লেই সম্ভৱ নহয়।

২। নির্দিষ্ট ভূখণ্ড :- সম্প্রদায়ে এটা নিৰ্দিষ্ট অঞ্চলৰ ভিতৰত থকা জন – সমষ্টিক বুজায়। এডোখৰ নিৰ্দিষ্ট ভূখণ্ডত বসবাস কৰা লোকৰ মাজতহে সম্প্ৰদায়ৰ সৃষ্টি হয়। 

৩। সাম্প্রদায়িক মনোভাৱ :- জনসমষ্টিৰ লোকৰ মাজত থকা সাম্প্রদায়িক মনোভাৱেই সম্প্ৰদায়ৰ মূল বৈশিষ্ট্য। এই মনোভাৱে সদস্যসকলক একত্ৰিত কৰি ৰাখে আৰু এই ভাৱ প্ৰকাশ পায়। 

৪। স্থায়িত্ব :- নির্দিষ্ট এলেকাৰ ভিতৰত স্থায়ীভাৱে বসবাস কৰা জন – সমষ্টিক সম্প্রদায় বোলে। এই জনসমষ্টিয়ে স্থায়ীভাৱে এটা উমৈহতীয়া ‘ আমি ‘ ভাৱেৰে সংঘবদ্ধ হৈ থাকে। ইয়াৰ বান্ধোন অস্থায়ী নহয় ৷ 

৫। সমজাতীয়তা :- সম্প্রদায়ত সমজাতীয়তাৰ ভাৱ প্রকটভাৱে ফুটি ওলায়। একেলগে বসবাস কৰা জনসমষ্টিত, ভাষা, ধর্ম, পৰম্পৰা, ৰীতি – নীতি, আচাৰ – ব্যৱহাৰৰ মাজেৰে সমজাতীয়তাৰ মনোভাৱ ফুটি ওলায়। একে ভাষা, ধর্ম বা আচৰণৰ লোকৰ মাজত সম্প্রদায় সৃষ্টি হয়। 

৬। নির্দিষ্টতা :- সম্প্রদায়সমূহ সাধাৰণতে একোটা নিৰ্দিষ্ট নামৰ দ্বাৰা বুজা যায়। নিৰ্দিষ্ট নামেৰেহে একোটা সম্প্ৰদায়ৰ পৰিচয় বা চিনাক্তকৰণ কৰা হয়।

14. সামাজিক শ্রেণী কি? নাইবা, শ্ৰেণীৰ সংজ্ঞা দিয়া।
উত্তৰঃ সাধাৰণভাৱে চাবলৈ গ’লে সামাজিক শ্ৰেণী হৈছে সম – সামাজিক প্ৰস্থিতি সম্পন্ন পৰিয়ালৰ একোটি সমষ্টি। সমাজতাত্ত্বিকসকলে সামাজিক শ্ৰেণীৰ ওপৰত নিজস্ব মতামত এইদৰে দাঙি ধৰে ৷ মৰিচ জীচবাৰ্গৰ মতে, সামাজিক শ্রেণী মানে সমাজৰ এনে একোটা অংশ যি অংশই উচ্চ বা নিম্নশ্রেণী হিচাপে আন একোটা অংশৰ পৰা পৃথক। 

আকৌ, এইচ. এম. জনছনৰ মতে, সামাজিক শ্রেণী মানে একে ধৰণৰ সামাজিক প্ৰস্থিতিসম্পন্ন পৰিয়ালবৰ্গৰ সমষ্টি, যি সমষ্টিৰ পৰিয়ালবোৰে প্ৰত্যেকে প্রত্যেকক সম প্ৰস্থিতিসম্পন্ন লোক হিচাপে গ্ৰহণ কৰে। আন ভাষাত ক’বলৈ গ’লে সামাজিক শ্ৰেণী সামাজিক স্তৰীকৰণৰ এটি ফলশ্ৰুতি। কাৰণ সামাজিক সম – প্ৰস্থিতি সম্পন্ন পৰিয়ালৰ সমষ্টিয়েই হ’ল সামাজিক পৰিৱৰ্তন।

15. সামাজিক শ্ৰেণী ব্যবস্থাৰ বৈশিষ্ট্যবোৰ ব্যাখ্যা কৰা।
উত্তৰঃ সামাজিক শ্ৰেণীৰ বৈশিষ্ট্য :- সামাজিক, শ্ৰেণীৰ ক্ষেত্ৰত নিম্নলিখিত বৈশিষ্ট্যসমূহ দৃষ্টিগোচৰ হয়। 

১। উচ্চ – নিম্ন প্রস্থিতি সামাজিক শ্রেণীসমূহ উচ্চ :- নিম্ন প্ৰস্থিতিৰে চিহ্নিত কৰা হয়। যেনে – উচ্চ প্রস্থিতি বিশিষ্ট শ্রেণী, মধ্য প্রস্থিতি বিশিষ্ট শ্রেণী, নিম্ন প্রস্থিতি বিশিষ্ট শ্ৰেণী। অৱশ্যে সমাজভেদে উচ্চ – নিম্ন প্ৰস্থিতিৰ মূল্যায়ন ভিন্ন। 

২। শ্রেণীগত সংস্কৃতি (উপসংস্কৃতি) :- প্রতিটো শ্ৰেণীৰ একোটা স্বকীয় সাংস্কৃতিক ধাৰা আছে যাক উপ – সংস্কৃতি আখ্যা দিয়া যায়। ফলস্বৰূপে প্ৰত্যেক শ্ৰেণীৰ ব্যক্তিয়ে বিশেষ ধৰণৰ বয়বস্তু ব্যৱহাৰ কৰে, শ্রেণী অনুযায়ী ৰুচি – অভিৰুচি, আচাৰ – ব্যৱহাৰ, চাল – চলন বেলেগ বেলেগ লক্ষ্য কৰা যায় ৷ 

৩। আন্তঃক্রিয়াবাহী গোট :- প্রত্যেক শ্রেণীয়ে একোটা আন্তঃক্রিয়াবাহী গোট হিচাপে নিজকে পৰিচয় দিয়ে। ফলস্বৰূপে সমশ্রেণীৰ ব্যক্তিৰ লগতহে ঘনিষ্ঠতা, চাল – চলন, আদান প্ৰদান আৰু বৈবাহিক সম্পৰ্ক স্থাপন কৰা দেখা যায় ৷ 

৪। শ্রেণীসচেতনতা :- সামাজিক শ্ৰেণীৰ এটি প্রধান বৈশিষ্ট্য হ’ল প্রত্যেক সামাজিক শ্ৰেণীৰ ব্যক্তিসকলৰ নিজৰ শ্ৰেণীসম্পর্কে সচেতনতা থাকে অর্থাৎ কোন ব্যক্তি কোন শ্ৰেণীৰ অন্তৰ্ভুক্ত হ’ব পাৰে এই বিষয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সজাগ হৈ চলে আৰু যি শ্ৰেণীৰ অন্তৰ্ভুক্ত সেই শ্ৰেণীৰ পৰম্পৰা ৰক্ষা কৰি চলে। উদাহৰণস্বৰূপে উচ্চ শ্ৰেণীৰ লোকসকলে নিজকে উচ্চ শ্ৰেণীৰ বুলি ভাবি লোৱাৰ লগতে নিজৰ সামাজিক ধৰণ – কৰণ বা নীতি নিয়ম অনুসৰণ কৰি চলিবলৈ ধৰে। 

বিখ্যাত সমাজতাত্ত্বিক কার্লমাৰ মতে শ্রেণীগত সচেতনতাই শ্ৰেণী সংঘবদ্ধতা আনে আৰু এই শ্রেণী সচেতনাৰ মূল উৎস হ’ল আৰ্থিক অৱস্থা। 

16. সামজতাত্ত্বিক দিশৰ পৰা নগৰ আৰু গাঁৱৰ মাজত থকা পার্থক্য লিখা। নাইবা, গাঁও নগৰৰ পাৰ্থক্যৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ নগৰ আৰু গাঁৱৰ মাজৰ উল্লেখযোগ্য পার্থক্যবোৰ তলত দিয়া দৰে বাছি উলিয়াব পাৰি—

১। ভৌগোলিক পৰিৱেশ :- গাঁও আৰু নগৰৰ প্ৰাকৃতিক পৰিৱেশ সম্পূৰ্ণ বেলেগ। গাঁৱৰ মানুহে প্ৰকৃতিৰ মাজত বাস কৰে, নগৰৰ পৰিৱেশ মানুহে তৈয়াৰ কৰি লোৱা পৰিৱেশ। নগৰৰ পৰিৱেশ কৃত্ৰিম, গাঁৱৰ পৰিৱেশ প্ৰাকৃতিক। 

২। বৃত্তিমূলক পার্থক্য :- গাঁও আৰু নগৰৰ মানুহৰ বৃত্তি, জীৱিকাৰ উপায় বেলেগ বেলেগ। গাৱৰ মানুহ সাধাৰণতে কৃষিজীৱী আনহাতে নগৰৰ মানুহ চাকৰিজীৱী। 

৩। জনসংখ্যাৰ আকাৰ :- গাঁৱৰ জনসংখ্যা ঘনত্ব নগৰৰ মানুহৰ ঘনত্বতকৈ কম। 

৪। জাতীয়তা পার্থক্য :- গাঁৱৰ মানুহ আৰু নগৰৰ মানুহৰ জাতীয়তা একে নহয়। এখন গাঁৱত সাধাৰণতে একে জাতিৰ মানুহ থাকে। আচাৰ – ব্যৱহাৰ, ৰীতি – নীতিৰ মিল থাকে কিন্তু। নগৰত বিভিন্ন জাতিৰ মানুহ সংমিশ্ৰিত হৈ থাকে, আচাৰ – ব্যৱহাৰ, ৰীতি – নীতিৰ মিল নাথাকে।

৫। গতিশীলতা :- গাঁৱৰ গতিশীলতা নগৰতকৈ কম। নগৰ সদায় উন্নয়নশীল, ইয়াৰ গতি ক্ষিপ্ৰ আনহাতে গাঁৱৰ গতিশীলতা লেহেম, গাও সাধাৰণতে ৰক্ষণশীল। 

৬। সমুদায়ৰ আকাৰ :- সাধাৰণতে নগৰীয়া সদায়ৰ আকাৰ গ্ৰাম্য সমুদায়ৰ আকাৰতকৈ ডাঙৰ। 

৭। সামাজিক বিভেদীকৰণ আৰু স্তৰীকৰণ :- গ্রাম্য বিভেদীকৰণ আৰু স্তৰীকৰণৰ তুলনাত নগৰত তুলনামূলকভাৱে সেইবোৰ কম দেখা যায়।

17. নগৰ অঞ্চলত কিমান প্ৰকাৰৰ শ্ৰেণী থাকে?
উত্তৰঃ সাধাৰণতে নগৰ অঞ্চলৰ জনসংখ্যাক আমি তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰো— উচ্চ শ্রেণী, মধ্যবিত্ত শ্ৰেণী আৰু নিম্নশ্রেণী। 

(ক) উচ্চ শ্রেণী :- উচ্চ শ্ৰেণীটো সমাজৰ ধনী, প্রতিপত্তিশীল, ক্ষমতাশালী লোক। এওঁলোক হ’ল – ৰাজনৈতিক নেতা, উদ্যোগপতি, অসামৰিক বিষয়াসকল। তেওঁলোক যথেষ্ট সম্পদশালী, কর্তৃত্বশীল, ৰাজনৈতিক ক্ষমতাসম্পন্ন লোক। 

(খ) মধ্যবিত্ত শ্রেণী :- মধ্যবিত্ত শ্ৰেণীত ডাক্তৰ, ইঞ্জিনিয়াৰ, শিক্ষক, অফিচ – কাছাৰিত কাম কৰা কেৰাণী বিষয়া আদি এই শ্ৰেণীত ধৰা হয়। উচ্চ শ্ৰেণীৰ লোকসকলে নিম্নশ্রেণীটোক শাসন আৰু নিয়ন্ত্ৰণ কৰাৰ বাবে মধ্যবিত্ত শ্ৰেণীটোক ব্যৱহাৰ কৰে। 

(গ) নিম্নশ্রেণী :- নিম্ন শ্ৰেণীটো সমাজৰ একেবাৰে তলৰ শ্ৰেণী। এই শ্ৰেণীটোৱে সমাজৰ সকলো বোজা বহন কৰিব লাগে। এই শ্ৰেণীটোৱে নিজৰ শাৰীৰিক বা দৈহিক শ্রম বিক্ৰী কৰি জীৱন ধাৰণ কৰি থাকে। এওঁলোক হ’ল শ্রমিক, বনুৱা, কৃষক আদি। এওঁলোকেই হ’ল দেশৰ সকলো মূল্য – সামগ্রী সৃষ্টিকর্তা। কল, কাৰখানা, ঘৰ – দুৱাৰ বিল্ডিঙৰ নিৰ্মাতা, খাদ্য শস্য উৎপাদন কৰোতা আদি। উচ্চ শ্ৰেণীৰ লোকে এই শ্ৰেণীটোক শোষণ কৰি চলি থাকে৷

18. সম্প্ৰদায়ৰ (community) সমাজতাত্ত্বিক অর্থ লিখা।
উত্তৰঃ কোনো এক নির্দিষ্ট ভৌগোলিক সীমাৰ ভিতৰত বসবাস কৰা ব্যক্তিৰ সমষ্টিকে সম্প্রদায় বোলে। ঐক্যৰ অনুভূতি’য়ে হ’ল সম্প্রদায় গঠনৰ এক অপৰিহাৰ্য উপাদান। সম্প্রদায় এটা স্বাভাৱিক গতিৰে গঠন হয় ; ইয়াক ইচ্ছাৰে গঠন কৰা নহয় ৷ সদস্যসকলে সম্প্রদায় গঠন কৰে সেৱাৰ মনোভাবেৰে, ইয়াৰ কোনো নির্দিষ্ট উদ্দেশ্য নাথাকে। সম্প্রদায় স্থায়ী, ই একে সম্প্ৰদায়ৰ লোকৰ মাজতহে গঢ়ি উঠে। সম্প্ৰদায়ৰ সদস্য পদ বাধ্যতামূলক, যি সম্প্রদায়ত জন্ম পায় সেই সম্প্রদায়তে সদস্য ভুক্ত হ’ব লাগে। সম্প্রদায়ত আন কোনো সম্প্রদায়ৰ লোক নাথাকে। 

ৰচনাধৰ্মী প্রশ্নোত্তৰ

1. গাঁৱৰ সংজ্ঞা দিয়া। গাঁও আৰু নগৰৰ পাৰ্থক্য দেখুওৱা।
উত্তৰঃ আমি সাধাৰণতে, যেতিয়া কিছুমান কৃষিজীৱী পৰিয়ালে নির্দিষ্ট ভৌগোলিক অঞ্চল এটাত স্থায়ীভাৱে বসবাস কৰোঁ, তাকে গাঁও বুলি কওঁ। 

গাঁও আৰু নগৰৰ মাজৰ পাৰ্থক্যসমূহ :- সমাজত গাঁও আৰু নগৰৰ মাজত কিছুমান স্পষ্ট পার্থক্য দেখা যায়। বিভিন্ন সমাজবিদে এই পার্থক্য বিভিন্ন প্ৰকাৰে দিছে যদিও তলত দিয়াৰ দৰে এই পার্থক্যবোৰ দেখুওৱা হ’ল—

১। ভৌগোলিক পৰিৱেশ :- গাঁও আৰু নগৰৰ প্ৰাকৃতিক পৰিৱেশ সম্পূৰ্ণ বেলেগ। গাঁৱৰ মানুহ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। গছ – লতা, পশু – পক্ষী, খেতি – বাতি, বোকা – পানী, মুকলি পথাৰ, গৰু – গাই আদিৰ মাজতে মানুহে জীৱন অতিবাহিত কৰে। কিন্তু আনহাতে নগৰীয়া মানুহে কল কাৰখানা, দোকান – পোহাৰ, গাড়ী – মটৰ – ৰে’ল, যন্ত্ৰপাতিৰ মাজত জীৱন কটাব লাগে। এই পৰিৱেশ মানুহে তৈয়াৰ কৰি লোৱা। ই এক কৃত্রিম বাতাবৰণ, প্রাকৃতিক নহয়।

২। বৃত্তিমূলক পার্থক্য :- গাও আৰু নগৰৰ মানুহৰ বৃত্তি, জীবিকাৰ উপায় বেলেগ বেলেগ। গাঁৱৰ মানুহ কৃষিজীৱী। কৃষিয়েই তেওঁলোকৰ প্ৰধান বৃত্তি। অতি কম সংখ্যক লোকেহে কুটীৰশিল্প বা আন বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে, নগৰীয়া মানুহৰ প্ৰধান বৃত্তি হ’ল চাকৰি। নগৰৰ নানান উদ্যোগ, কল – কাৰখানাৰ বনুৱা, যান – বাহনৰ শ্রমিক, কেৰাণী, অফিচাৰ, মহৰি, উকিল, ডাক্তৰ আদি বৃত্তিৰ লোক, ব্যৱসায় বাণিজ্য, অর্থাৎ কিনা – বেচাও নগৰৰ আন এটা উল্লেখযোগ্য দিশ।

৩। জনসংখ্যাৰ আকাৰ :- গাঁৱৰ মানুহৰ সংখ্যা নগৰৰ তুলনাত কম, ঘনত্ব সেৰেঙা। বাৰী – বাগান সহ মানুহৰ বসতি অতি পাতল। আনহাতে, নগৰত মানুহৰ সংখ্যা অতি বেছি, ঘনত্ব বেছি, কম ঠাইতে বহুত মানুহে বসবাস কৰে। একেটা ঘৰৰে প্ৰতিটো ৰুমতে একো একোটা পৰিয়ালে বাস কৰা দেখা যায়। 

৪। জাতীয়তাৰ পাৰ্থক্য :- গাঁৱৰ মানুহ আৰু নগৰৰ মানুহৰ জাতীয়তা একে নহয়। একোখন গাঁৱৰ মানুহৰ জাতি বা প্রজাতি একে ধৰণৰ। বিভিন্ন জাত মানুহৰ সংমিশ্ৰণ নহয়। তেওঁলোকৰ আচৰণ – ব্যৱহাৰ, ৰীতি – নীতি আৰু ধৰ্মৰ এটা মিল থাকে। সেইবাবে গাঁৱৰ মানুহ সমজাতীয়। আনহাতে, নগৰৰ মানুহৰ, জাতি, ধৰ্ম, আচাৰ – ব্যৱহাৰ, ৰীতিনীতিৰ কোনো মিল নাই। দেশ বিদেশৰ নানা জাতি – উপজাতি, ধৰ্ম – কৰ্মৰ মানুহৰ সংমিশ্ৰণত নগৰবোৰ গঢ়ি উঠে। 

৫। গতিশীলতা :- গাঁৱৰ গতিশীলতা নগৰতকৈ কম। নগৰ সদায় উন্নয়নশীল। নগৰৰ উন্নতিৰ গতি অতি খৰ ; কিন্তু গাঁৱৰ উন্নয়নৰ গতি অতি লেহেম। গাঁৱৰ পৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন হয় কিন্তু নগৰৰ পৰা গাঁওলৈ মানুহৰ প্ৰব্ৰজন নহয় ৷ 

৬। সমুদায়ৰ আকাৰ :- সকলো দেশতে নগৰীয়া সমুদায়ৰ আকাৰ গ্ৰাম্য সমুদায়ৰ আকাৰতকৈ ডাঙৰ। গ্রাম্য কৃষি জীৱিকা আৰু সমুদায়ৰ আকাৰৰ কোনো প্রত্যক্ষ সম্বন্ধ দেখা নাযায় কিন্তু নগৰীয়া জীৱিকা আৰু সমূদায়ৰ আকাৰৰ প্ৰত্যক্ষ সম্বন্ধ থাকে। 

৭। সামাজিক বিভেদীকৰণ আৰু স্তৰীকৰণ :- গ্ৰাম্য আৰু নগৰীয়া এই দুয়ো সমাজতে সামাজিক বিভেদীকৰণ আৰু স্তৰীকৰণ আছে যদিও গাঁৱৰ বিভেদীকৰণ নগৰৰ তুলনাত অতি নগণ্য। নগৰাঞ্চলত এই বিভেদীকৰণ আৰু স্থৰীকৰণ অতি সুস্পষ্টভাৱে লক্ষণীয়। 

৮। অন্যান্য পার্থক্য :- ওপৰত আলোচনা কৰা বিভিন্ন দিশৰ উপৰি গাঁও আৰু নগৰৰ মাজৰ আৰু কিছুমান দিশ আছে যিবোৰে দুয়ো ঠাইৰ সামাজিক আর্থিক, ধৰ্মীয়, ৰাজনৈতিক, নৈতিক আদি নানা দিশত মানুহৰ জীৱনত পাৰ্থক্য আনি দিয়ে। গাঁৱলীয়া মানুহৰ, পিন্ধন উৰণ, খাবন – দাৱন, চলন – ফুৰণ, ভাবাদর্শ, কথা – বতৰা আদি সকলো দিশতে নগৰৰ মানুহৰ লগত এটা বিৰাট ব্যৱধান পৰিলক্ষিত হয়। নগৰীয়া বৈচিত্র্যময় জীৱনৰ ৰূপ গাঁওত পোৱা নাযায়। নগৰীয়া জীৱন জটিলতা, গাৱৰ জীৱনত নাই। গাঁৱলীয়া জীৱনৰ সামাজিক সম্বন্ধৰ বান্ধ নগৰত নাই। গতিকে গাঁও আৰু নগৰৰ পাৰ্থক্য অন্তহীন বুলিয়ে ক’ব পাৰি।

2. তোমাৰ পাঠ্যপুথিৰ মতে কি কি তিনিটা প্ৰকাৰে নগৰ চহৰবোৰ গঠন হয়?
উত্তৰঃ ভাৰতত সাধাৰণতে তলত দিয়া তিনিটা পদ্ধতিৰে নগৰ – চহৰবোৰ গঠন হোৱা আৰু সম্প্ৰসাৰণ বা বিকাশ হোৱা দেখা যায়। 

১। প্রথম পদ্ধতিত :- গৰিষ্ঠসংখ্যক লোকে জীৱন সংস্থাপনৰ বাবে গাঁও এৰি নগৰলৈ যায়। যি ঠাইত নগৰ গঢ়ি উঠিবলৈ আৰম্ভ কৰে, তালৈ ওচৰ – পাজৰৰ গাঁৱবোৰৰ পৰা জীৱিকাৰ পথ বিচাৰি গৈ স্থায়ীভাৱে বাস কৰিবলৈ লয়। এইদৰে নগৰৰ জনসংখ্যা বৃদ্ধি পায়, ৰাস্তা – ঘাট, ঘৰ – দুৱাৰ, অত্যাৱশ্যকীয় বস্তুৰ দোকান – পোহাৰ গঢ়ি উঠে, শিক্ষানুষ্ঠান গঢ়ি উঠে, আমদানি ৰপ্তানি বাঢ়ে, কল – কাৰখানা, ফেক্টোৰী, নানা বস্তুৰ উৎপাদন কেন্দ্ৰ গঢ়ি উঠিবলৈ লয়। ক্ৰমান্বয়ে জনসংখ্যা বাঢ়ি গৈ ঠাইখন নগৰত পৰিণত হয়। মুম্বাই, কলিকতা এইদৰে গঢ় লৈ উঠিছিল। 

READ MORE  ভাৰতীয় গণতন্ত্ৰৰ বিৱৰণ | Chapter 10 | Class 12 Sociology - AHSEC

২। দ্বিতীয় পদ্ধতি :- কিছুমান নগৰ গঢ়ি উঠিছে প্রথমে কিছুমান বিশেষ উদ্যোগক কেন্দ্ৰ কৰি। উদাহৰণস্বৰূপে  ডিগবৈ নগৰখন আৰম্ভ হৈছিল এছিয়াৰ প্ৰথম খাৰুৱা তেল আবিষ্কাৰক লৈ। তেল উদঘাটনক লৈ ইয়াত প্ৰথম তেল উদ্যোগ গঢ়ি উঠিছিল। তাৰ পাছত কৰ্ম সংস্থাপনক কেন্দ্ৰ কৰি চাৰিওফালৰ পৰা কৰ্মীৰ প্ৰব্ৰজন হয়। যাতায়াত – পৰিবহনৰ বাবে ৰাস্তা – ঘাট গঢ়ি উঠে, দোকান, বেপাৰ – বাণিজ্য, আবাস স্থলি আদি গঢ়ি উঠে। এইদৰে গঢ়ি উঠিছিল ডিগবৈ নগৰখন। ঠিক তেনেদৰে উজনি অসমত আন কেবাখনো নগৰ যেনে যোৰহাট ; গোলাঘাট, ডিব্ৰুগড় নগৰ কেইখন অসমৰ চাহ উদ্যোগক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল। 

৩। তৃতীয় পদ্ধতিত :- কিছুমান সৰু নগৰ, ক্ৰমান্বয়ে সম্প্ৰসাৰণ হৈ চাৰিওফালে থকা গাঁওবোৰক সামৰি লৈ গ্রামাঞ্চলবোৰ নগৰ অঞ্চললৈ উন্নীত কৰণ কৰি একোখন বিশাল নগৰত পৰিণত কৰে। গতিকে প্রথমে সৰু নগৰ হিচাপে আৰম্ভ হোবা নগৰ এখন মহানগৰত পৰিণত হয়। আমাৰ অসমৰ গুৱাহাটী নগৰখন প্ৰথমে এখন সৰু নগৰহে আছিল কিন্তু স্বাধীনতাৰ পাছৰে পৰা ক্ৰমে বিশেষকৈ শিলঙৰ পৰা অসমৰ ৰাজধানী গুৱাহাটীলৈ অহাৰ পাছৰে পৰা গুৱাহাটী এখন বিশাল মহানগৰত পৰিণত হয় আৰু চাৰিওফালে থকা গ্ৰামাঞ্চলবোৰ সামৰি লৈ পূবে চন্দ্ৰপুৰৰ পৰা পশ্চিমে মির্জা – পলাশবাৰী উত্তৰে আমিনগাঁও, উত্তৰ গুৱাহাটী আৰু দক্ষিণে ৰাণী – যোৰাবাটলৈ এখন অতি বিশাল মহানগৰ হৈ পৰিছে ৷ 

3. ভাৰতৰ গ্ৰামাঞ্চলৰ আৰ্থিক ব্যৱস্থাৰ বিষয়ে এটি চমু আলোচনা কৰা।
নাইবাঃ গ্ৰাম্য অৰ্থনীতিৰ মূল ভিত্তি কি?
নাইবাঃ গ্ৰাম্য জীৱনৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ মানৱ সভ্যতাৰ কেন্দ্ৰবিন্দু হ’ল গাঁও। অঘৰী আদিম মানৱে কৃষি কাৰ্য আৰম্ভ কৰাৰ পিছৰে পৰা গাঁও পাতি স্থায়ীভাবে বাস কৰিবলৈ আৰম্ভ কৰিলে। কৃষি কাৰ্যই অঘৰী মানৱক স্থায়ীভাৱে গাও পাতি বাস কৰিবলৈ সুবিধা দান কৰে। গতিকে গাওৱেই হ’ল মানুহৰ সভ্যতাৰ প্ৰথম পাতনি। আদিম অৱস্থাৰ পৰাই গাও হ’ল কৃষিভিত্তিক ৷ 

গাঁও হ’ল কৃষিজীৱী মানুহৰ বাসস্থান। গাঁওৰ অৰ্থনীতিৰ মূল ভেটি হ’ল কৃষি। কৃষিকাৰ্যৰ ওপৰতে গাঁওৰ প্ৰায় সকলো মানুহে জীৱিকা নিৰ্বাহ কৰে। প্ৰাকৃতিক পৰিৱেশত যি অঞ্চলৰ গাঁওত যি খেতি – বাতি হয় সাধাৰণতে তেনে খেতিৰ উৎপাদিত শস্য খাইয়ে গাঁওৰ মানুহে জীৱন ধাৰণ কৰে। মানুহৰ আৱশ্যকীয় সকলো প্ৰকাৰৰ খেতি গাঁওবোৰত হয়, যেনে— ধান, মাহ, সৰিয়হ, কুঁহিয়াৰ, মৰাপাট, গম, জৱ, মাকৈ আদি শস্যৰ পৰা হোৱা খাদ্য খাই গাঁৱৰ মানুহে জীৱিকা নিৰ্বাহ কৰে। ইয়াৰ উপৰি বিভিন্ন শাক – পাচলি, আলু, কচু, বেঙেনা, পিয়াজ, জলকীয়া আদিৰ খেতি ও হয়। গাঁওবোৰত সাধাৰণতে নিজৰ আৱশ্যকীয় পৰমাণৰ খেতিহে কৰে, বিক্ৰীৰ বাবে বা বিক্ৰী কৰি অৰ্থ উপাৰ্জনৰ বাবে গাঁওবাসীয়ে কৃষিকাৰ্য সাধাৰণতে নকৰে। 

গ্রাম্য অর্থনীতি মূল ভিত্তি কৃষি উদ্যোগ। সাধাৰণতে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। ভাৰতৰ বেছিভাগ গাওঁতে আদিম যুগৰে পৰা ব্যৱহাৰ কৰি অহা নাঙল, কোৰ, গৰু আদিৰ সহায়তে গাঁওৰ মানুহে কৃষিকার্য চলায়। সেইবাবে কৃষিৰ উৎপাদন সীমিত, আনহাতে, মানুহৰ পৰিশ্ৰম অত্যধিক হয়। নিজৰ আৱশ্যকতকৈ বেচি উৎপাদন কৰা শাৰীৰিকভাৱে সম্ভৱ নহয়। অৱশ্যে, আধুনিক যুগত কিছুমান ৰাজ্যত যেনে পঞ্জাৱ, হাৰিয়ানা আদিত ট্ৰেক্টৰ, জলসিঞ্চন, বিদ্যুতৰ ব্যৱহাৰ কৰি কৃষিকাৰ্য কৰি উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি কৰা দেখা যায়। মুঠতে গাঁওৰ কৃষিকাৰ্যৰ সঁজুলিৰ পৰিৱৰ্তন সাধন কৰি উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব পৰা যায় আৰু অৰ্থনীতি টনকীয়াল কৰিব পাৰি ৷ 

গ্ৰাম্য অৰ্থনীতিৰ আন এটা উল্লেখযোগ্য দিশ হ’ল পৰিয়ালৰ প্রত্যেকজন লোকেই কৃষিকার্যৰ কামত সহায় কৰে। গ্ৰাম্য অৰ্থনীতিৰ উৎপাদন ব্যৱস্থাত প্ৰত্যেক পৰিয়ালে একোটা শ্রমিক গোট হিচাপে কাম কৰে। গ্ৰাম্য অৰ্থনীতিত আন এটা লক্ষ্য কৰিবলগীয়া কথা হ’ল প্ৰত্যেক পৰিয়ালে একোটা স্বাৱলম্বী গোট হিচাপে চলে। প্ৰতিটো পৰিয়ালেই নিজৰ নিজৰ অৰ্থনৈতিক প্রয়োজনীয়তা যেনে খাদ্যসামগ্রী, পিন্ধন – উৰণৰ সামগ্ৰী, খেতিৰ সা – সঁজুলি, ঘৰ – দুৱাৰ নিৰ্মাণৰ সামগ্ৰী আদি নিজেই সাজি লয়। মুঠতে আৱশ্যকীয় প্ৰায়বোৰ বস্তু নিজেই উৎপাদন কৰি লয়। নিজৰ আৱশ্যকীয় কাপোৰ – কানি নিজে বই লয়, ঢাবি – পাতি · খেতিৰ সা – সঁজুলি, ঘৰ – দুৱাৰৰ কাম বাঁহ – বেতেৰে নিজই তৈয়াৰ কৰি লয়। এইদৰে কুটীৰ শিল্পৰ জৰিয়তে ও অৰ্থনীতিৰ এটা দিশ সামৰি লয়। গাঁও অঞ্চলত থকা কুমাৰ – কমাৰেও গাঁৱৰ মানুহৰ প্ৰয়োজনীয় সা – সঁজুলিৰ যোগান ধৰে। এইদৰে কুটীৰ শিল্পৰ জৰিয়তেও গাঁওৰ সীমিত সংখ্যক মানুহে জীবিকা নিৰ্বাহ কৰে ৷ 

ইংলণ্ডৰ বিদেশী শাসনে ভাৰতৰ পুৰণিকলীয়া গ্ৰাম্য অৰ্থনীতিৰ কিছু পৰিৱৰ্তন সাধন কৰিছিল। ইংৰাজৰ শাসনকালত গাওঁবাসীয়ে যেতিয়া মাটিৰ খাজনা দিয়াতো বাধ্যতামূলক হৈ পৰিছিল, গাঁওবাসীয়ে বাণিজ্যিক ভিত্তিত খেতি – বাতি কৰি অৰ্থ উপাৰ্জনৰ মনোভাব ল’বলৈ বাধ্য হৈছিল। মুঠতে নিজৰ খাদ্য উৎপাদনৰ উপৰি, বিক্ৰীৰ বাবেও খেতি – বাতিক মনোভাৱ পোষণ কৰিবলৈ লয়। খাজনৰ পৰিমাণ বৃদ্ধি হোৱা বাবেই মানুহে কৃষিকার্যত অধিক উৎপাদন কৰি বাণিজ্যমুখী চিন্তা কৰিবলৈ লয়। কৃষকৰ 

ওপৰত দিয়া খাজনাৰ হেঁচাই আন এটি সমস্যাৰ,উদ্ভাৱন কৰে ৷ খাজনা দিব নোৱাৰি বহুতো কৃষকে নিজৰ মাটিৰ বাৰী বন্ধকত দিব লগাও হয়। বা সুতখোৰ জমিদাৰ মহাজনৰ হাতত সৰ্বস্ব ত্যাগ কৰি সৰ্বহাৰাত পৰিণত হয় ৷ 

4. গ্ৰাম্য সমুদায়ৰ পৰিৱৰ্তনৰ কাৰণবোৰ আলোচনা কৰা।
উত্তৰঃ ভাৰতীয় গ্ৰাম্য সমাজৰ পৰিৱৰ্তনৰ কাৰণবোৰ :- ভাৰতত মোগলৰ শাসন প্ৰৱৰ্তন হোৱাৰ লগে লগে গ্ৰাম্য সমুদায়ৰ ওপৰত অভিনৱ প্ৰভাৱ পৰিবলৈ ধৰে। তেওঁলোকে সমগ্ৰ অধীকৃত অঞ্চল এককেন্দ্ৰীয় শাসনৰ অধীনলৈ আনি এক নতুন ভূমি – নীতিৰ ৰচনা কৰে। এই ভূমি – নীতি ৰাজহ আৰু প্ৰশাসনৰ সহায়ক হয়। অৱশ্যে মোগলসকলৰ এই নতুন ব্যৱস্থাৰ প্ৰৱৰ্তনৰ ফলত ভাৰতীয় সামাজিক জীৱনত চকুত লগাকৈ পৰিৱৰ্তন সাধিব পৰা নাছিল। বৃটিছ আমোলৰ লগে লগ্নে বৃটিছসকলে অভিনৱ ৰাজনৈতিক অর্থনৈতিক, প্রশাসনীয় তথা শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিলে। তাৰ ফলস্বৰূপে গ্ৰাম্য জনসাধাৰণৰ সুদূৰপ্ৰসাৰী প্ৰৱৰ্তন ঘটালে। তাৰ পিছত স্বাধীনোত্তৰ কালত গ্ৰাম্য সমুদায়ৰ পৰিৱৰ্তন বিশেষ ধৰণে মন কৰিবলগীয়া। এই পৰিৱৰ্তনৰ প্ৰধান কাৰণবোৰ তলত উল্লেখ কৰা হৈছে—

১। যাতায়াত আৰু যোগাযোগৰ উন্নতি :- ইংৰাজসকলে তেওঁলোকৰ ব্যৱসায় – বাণিজ্য বঢ়াবৰ কাৰণে সমগ্ৰ ভাৰততে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ ওপৰত মনোনিৱেশ কৰে। বিশেষকৈ ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা এই দুই দিশত বিশেষ উন্নতি সাধিবৰ কাৰণে যত্ন কৰা হৈছে। নগৰ, চহৰ, উদ্যোগ কাৰখানা বৃদ্ধিৰ লগে লগে গাঁও আৰু নগৰৰ সংশ্রব যথেষ্ট বাঢ়িছে। আলি – পদূলি নিৰ্মাণ কৰি ডাক – তাৰ বিভাগ গাঁৱলৈ সম্প্ৰসাৰণ ঘটাই গাঁও আৰু নগৰৰ পাৰ্থক্য হ্ৰাস কৰা হৈছে। তদুপৰি গাঁও উন্নয়ন আঁচনিবিলাকে এই ক্ষেত্ৰত বিশেষ ধৰণৰ অৰিহণা যোগাইছে। 

২। উদ্যেগীকৰণ (Industrialization) :- আধুনিক যন্ত্র উদ্যোগৰ প্ৰৱৰ্তা আৰু পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাই গাঁৱৰ ক্ষুদ্ৰ উদ্যোগ শিল্পবিলাকৰ পতন ঘটিবলৈ ধৰে। তাৰ ফলত গাঁৱৰ বহুতো লোকে অন্নসংস্থান বিচাৰি বৃহৎ উদ্যোগবিলাক কাষ চাপিব লগা হয়। তদুপৰি জনসংখ্যা বৃদ্ধিৰ লগে লগে ভূমি সমস্যাই দেখা দিয়ে। পৰিণাম স্বৰূপে গাঁৱৰ বহুতো লোকেই চহৰলৈ গৈ কল কাৰখানাত সোমাই জীৱিকা উলিয়াব লগাত পৰে। গাঁওবাসীৰ এইদৰে চহৰলৈ হোৱা স্ত্ৰজনে আৰু নগৰীয়া সভ্যতাৰ লগত হোৱা সান্নিধ্যই গ্ৰাম্য সমুদায়ৰ পৰিৱৰ্তন আনে। 

৩। শিক্ষাৰ সম্প্ৰসাৰণ (Extension of Education) :- স্বাধীনতাৰ পিছৰে পৰা গ্ৰাম্য জনসাধাৰণৰ নিৰক্ষৰতা দূৰীকৰণৰ কাৰণে যথেষ্ট যত্ন কৰা হৈছে। সেইহেতু শিক্ষানুষ্ঠান সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। তদুপৰি সামাজিক, কৃষি, স্বাস্থ্য আদি বিষয়তো শিক্ষাৰ সম্প্ৰসাৰণ ঘটাবলৈ অহৰহ চেষ্টা কৰা হৈছে। শিক্ষাৰ পোহৰ পৰাৰ লগে লগে গ্ৰাম্য সমুদায়ৰ কু-সংস্কাৰ অন্ধবিশ্বাস, আদিৰ পৰিৱৰ্তন সাধন হৈছে। বিশেষকৈ পশ্চিমীয়া সংস্কৃতি আৰু দৰ্শনৰ লগত পৰিচিত হোৱাৰ কাৰণে গ্ৰাম্য জনসাধাৰণেও উন্নত জীৱন যাপন কৰাৰ প্ৰতি যথেষ্ট আকৃষ্ট হোৱা দেখা গৈছে। 

৪। পঞ্চবার্ষিক পৰিকল্পনা আৰু সমুদায় উন্নয়ন আঁচনি :- গান্ধীজীয়ে দেশৰ যিকোনো উন্নয়নমূলক আঁচনিত গ্ৰাম্য সমাজৰ প্ৰগতিক অগ্ৰাধিকাৰ দিয়াৰ ওপৰত গুৰুত্ব দিছিল। সেয়ে স্বাধীন চৰকাৰে পঞ্চবার্ষিক পৰিকল্পনাৰ জৰিয়তে দেশৰ সামগ্রিক উন্নতিৰ বাবে আঁচনি প্রস্তুত কিৰিছে। এই আঁচনিবিলাকৰ প্ৰধান লক্ষ্য হৈছে গ্ৰাম্য জনসাধাৰণৰ সামাজিক আৰু আৰ্থিক উন্নতি সাধন কৰা। সমুদায় উন্নয়ন আঁচনিবিলাকত তলত উল্লেখ কৰা ধৰণে প্ৰভাৱ পেলাইছে। 

(ক) কৃষিকার্য, পশুপালন, মাছ পোহা আদি বিষয়ত বৈজ্ঞানিক পদ্ধতিৰ অৱলম্বন। উৎকৃষ্ট বীজ, ৰাসায়নিক সাৰ, উৎকৃষ্ট পশু, কৃষিৰ কাৰণে ভূমি উন্নতকৰণ ইত্যাদিত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা ৷ 

(খ) এই আঁচনিবিলাকৰ দ্বাৰা গ্ৰাম্য সমাজত ক্ৰমে বাঢ়ি অহা নিবনুৱা সমস্যা দূৰ কৰি কুটীৰ শিল্পৰ উৎকৰ্ষ সাধন কৰা। 

(গ) গ্রাম্য স্বাস্থ্য আঁচনিৰ জৰিয়তে ঘৰ – বাৰীৰ পৰিৱেশ, খোৱাপানীৰ বিশুদ্ধিকৰণ আৰু কলেৰা, হাইজা, মেলেৰিয়া, গ্রহণী আদি সক্ৰামক ৰোগবিলাকৰ বিৰুদ্ধে অভিযান চলোৱা। 

(ঘ) এই আঁচনিবিলাকৰ সহায়ত শিক্ষাৰ সম্প্ৰসাৰণ কৰিবলৈ প্রাথমিক তথা মাধ্যমিক স্কুল প্রতিষ্ঠা কৰা আৰু গ্ৰাপ্তবয়স্ক লোকৰ নিৰক্ষৰতা দূৰ কৰিবৰ কাৰণে যত্ন কৰা হয় ৷ 

(ঙ) ইতিমধ্যে উনুকিয়াই অহাৰ দৰে গাঁও পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত গাঁওবিলাকত যাতায়াত – সুব্যৱস্থা কৰি এই আঁচনিবিলাকৰ সহায়ত যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰিবলৈ যত্ন কৰা ৷ 

(চ) আঁচনিবিলাকৰ সফল ৰূপায়ণ দিওঁতে গ্ৰাম্য সমুদায়ৰ প্রয়োজনীয় আত্ম সহায় আৰু স্বাৱলম্বনৰ দিশৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি মাতৃকল্যাণ, শিশুকল্যাণ, নানা ধৰণৰ মেলা, খেল – ধেমালি প্রতিযোগিতা, প্রদর্শনী ইত্যাদিৰ সহায়ত গ্রামবাসীৰ সামাজিক ব্যৱস্থাৰ সলনিকৰণৰ বাবে অহৰহ প্ৰচেষ্টা চলাই থকা হৈছে। 

এই আঁচনিবিলাকৰ মূল্যাংকন আৰু গ্ৰাম্য পুননির্মাণ কাৰ্য পৰ্যালোচনা কৰিবলৈ মেহতা কমিটি নিয়োগ কৰা হৈছিল। এই কমিটি অনুমোদন অনুসৰি ১৯৫৮-৫৯ চনৰ পৰা তিনি তৰপীয়া পঞ্চায়তীৰাজৰ প্ৰৱৰ্তন কৰা হয়। ইয়াৰ মুলভে টি হ’ল ক্ষমতাৰ বিকেন্দ্ৰীকৰণ। ইয়াৰে নিম্নতম স্তৰটো হ’ল গাঁও পঞ্চায়ত মাজৰটো আঞ্চলিক আৰু আনটো মহকুমা বা ‘জিলা পৰিষদ। ইয়াৰ পিছতে এই ব্যৱস্থাৰ পুনৰ সংশোধন কৰি দুতৰপীয়া কৰা হৈছে— যাতে প্রাদেশিক আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত খৰতকীয়া যোগাযোগ ব্যৱস্থা কৰি গাঁওসমূহৰ উন্নতি কৰিব পাৰি। 

5. গাঁও পঞ্চায়ত বুলিলে কি বুজা? ইয়াৰ কার্যাৱলীৰ এটা বিৱৰণ দিয়া।
নাইবাঃ গাঁও কাক বোলে? গাঁৱৰ প্ৰধান কার্যাৱলী কি কি?
উত্তৰঃ গাঁও পঞ্চায়ত এটা ৰাজনৈতিক সংস্থা। স্বাধীনোত্তৰ কালত গণতান্ত্রিক শাসনব্যবস্থা প্ৰৱৰ্তনৰ পিছত ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ উদ্দেশ্য গাঁও অঞ্চলত স্থানীয় স্বায়ত্ব শাসনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দিহা কৰা হয়। মহাত্মা গান্ধীয়ে কৈছিল যে গাঁৱলীয়া সমাজৰ উন্নতি সাধন নহ’লে, স্বাধীনভাৱে কোনো অস্তিত্ব নাথাকে

সেইবাবেই ভাৰতৰ নতুন সংবিধানৰ চতুৰ্থ অধ্যায়ৰ ৪০ নং অনুচ্ছেদত, ভাৰতৰ সকলো ৰাজ্যৰ গাঁওসমূহত গাও পঞ্চায়ত গঠন কৰি স্বায়ত্ব শাসনৰ অনুষ্ঠান হিচাপে কাম কৰাৰ ক্ষমতা আৰু কৰ্তৃত্ব দিয়াৰ নিৰ্দেশ দিছে। গাঁৱলীয়া স্বায়ত্ত শাসনত স্থানীয় জনসাধাৰণে অংশগ্ৰহণ কৰিবৰ বাবেই এই পঞ্চায়তী ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে। গাঁও পঞ্চায়তেই আটাইতকৈ নিম্নখাপৰ স্থানীয় প্রশাসনিক কর্তৃপক্ষ। প্রত্যেক গাঁওতে এই সভা গঠন কৰা হয়। গাঁওখনৰ সকলো প্রাপ্তবয়স্ককে এই সভাৰ সদস্য বুলি ধৰা হয়। গাঁওখনৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা আইন মতে কেইজনমান সদস্য সংখ্যাগৰিষ্ঠ ভোটেৰে নিৰ্বাচিত কৰি এখন কার্যনির্বাহক কমিটি গঠন কৰে। এই কমিটিখনকে “গাঁও পঞ্চায়ত” বোলে। 

READ MORE  ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ | Chapter 12 | Class 12 Sociology - AHSEC

গাঁও পঞ্চায়তৰ কাৰ্যাৱলী :-
গাঁও পঞ্চায়তসমূহে নিজ নিজ এলেকাত তলত দিয়া কামবোৰ কৰিব লাগে— 

(ক) জনস্বাস্থ্য ৰক্ষা আৰু স্বাস্থ্যৰ উন্নতিসাধন :- গাঁওৰ বাট – পথ, নলা – নর্দমা পৰিষ্কাৰ কৰা, লাইটৰ ব্যৱস্থা কৰা, শ্মশান – কবৰখানাৰ ব্যৱস্থা কৰা, খোৱা – পানী, খেল – পথাৰ, ৰাজহুৱা ফুলনি আদি সংৰক্ষণ কৰা, ৰাজহুৱা পায়খানা নিৰ্মাণ আৰু সংৰক্ষণ কৰা, সংক্ৰামক ৰোগ প্ৰতিকাৰ কৰা, জাবৰ – জোঠৰৰ দম, হাবি – জংঘল চাফা কৰা আদি কাম কৰিব লাগে। 

(খ) ৰাজহুৱা (গড়কাপ্তানী)কার্য :- গাঁও এলেকাৰ গৰু – ম’হৰ ঘাঁহনি পথাৰ সংৰক্ষণ কৰা, বাট – পথৰ কাষত গছ ৰোৱা, গৰু – ম’হৰ খোৱাৰৰ ব্যৱস্থা কৰা। ৰাজহুৱা ঘৰ – দুৱাৰ, ৰাস্তা, নলা নৰ্দমা, সৰু দলং আদি নিৰ্মাণ আৰু মেৰামতি কৰা। হাট – বজাৰ, কাচাইখানা, ধৰ্মশালা আদি পৰিচালনা আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা আদি কাৰ্য কৰিব লাগে। 

(গ) শিক্ষা – সংস্কৃতি আৰু খেল – ধেমালিৰ কাৰ্য :- গাঁৱত স্কুল পুথিভঁৰাল, পাঠাগাৰ, যুৱক সংস্থা, থিয়েটাৰ পাৰ্টি আদি স্থাপনৰ ব্যৱস্থা কৰা। ৰাজহুৱাভাৱে ৰেডিঅ’, টেলিভিছন শুনা আৰু চোৱাৰ ব্যৱস্থা কৰা। নিৰক্ষৰতা দূৰ কৰাৰ ব্যৱস্থা কৰা। খেলা – ধূলা জনপ্ৰিয় কৰা, ৰাজহুৱা সভা, উৎসৱ আদি পৰিচালনা কৰি গাঁওত এটা শ্রেষ্ঠ সংস্কৃতি গঢ়ি তুলিব লাগে। 

(ঘ) আত্মৰক্ষা আৰু গাঁও প্রতিক্ষাৰ কাৰ্য :- গাঁও প্ৰতিৰক্ষাৰ বাবে “গাঁওৰক্ষী বাহিনী” বা স্বেচ্ছাসেৱক বাহিনী, অগ্নিনির্বাপক বাহিনী আদি সংগঠন কৰি গাঁওবাসীৰ সা – সম্পদ ৰক্ষা কৰিব লাগে। 

(ঙ) প্রশাসনীয় কার্য :- গাঁওখনত উৎপন্ন হোৱা বস্তুৰ হিচাপ ৰখা, জনসংখ্যা, ঘৰ – দুৱাৰ, গৰু ম’হ, নিবনুৱা, মাটিৰ পৰিমাণ, মাটিহীন মানুহ, জন্ম – মৃত্যু আৰু বিবাহ আদিৰ হিচাপ ৰাখিব লাগে। চৰকাৰে দিয়া সাহায্য বিতৰণ কৰা, চৰকাৰক আৱশ্যকীয় খবৰৰ যোগান ধৰা, উৎপাদন বৃদ্ধি আৰু উন্নয়নমূলক আঁচনি প্রস্তুত কৰা আদি কামসমূহ কৰিব লাগে। 

(চ) জনকল্যাণমূলক কাম :- মহিলা, ল’ৰা – ছোৱালী আৰু পিছপৰা সম্প্ৰদায়ৰ কল্যাণমূলক কাম কৰা, বানপানী, খৰাং ভূমিকম্প, দুর্ভিক্ষ আদিত সাহায্য দান কৰা। যুৱক সংস্থা, সমবায় সমিতি আৰু বিভিন্ন কল্যাণমূলক সংস্থা গঠন কৰি সাহায্য দান কৰা। 

(ছ) কৃষি আৰু পশুপালনকাৰ্য :- গাঁৱত কৃষিজাত বস্তুৰ উৎপাদন বৃদ্ধি কৰা, উন্নত সমবায় কৃষি পদ্ধতি প্রচলনৰ ব্যৱস্থা কৰা। উন্নত ৰাসায়নিক সাৰ, বীজ আৰু শস্যৰ ঔষধ ব্যৱহাৰ কৰা, হাঁহ – কুকুৰা আৰু উন্নতজাতৰ গৰু পোহাত উৎসাহ প্রদান কৰা। উৎপন্ন বস্তু বিক্ৰীৰ ব্যৱস্থা কৰা, কৃষি বেংকৰপৰা সহায় লোৱাৰ দিহা পৰামৰ্শ দিয়া আদি কাম কৰিব লাগে। 

(জ) গাঁৱলীয়া ঔদ্যোগিক কাৰ্য :- গাঁৱত থকা বিভিন্ন কুটীৰ শিল্পৰ কামত সাহায্য দান আৰু উন্নয়নত উৎসাহ প্রদান কৰিব লাগে। ইয়াৰ উপৰি মহকুমা পৰিষদ আৰু চৰকাৰে সময়ে সময়ে প্ৰদান কৰা কাৰ্যাৱলী সম্পাদন কৰিব লাগে। এইবোৰই গাঁও পঞ্চায়তৰ বিশেষ উল্লেখযোগ্য কাম। গ্রাম্য অৰ্থনীতিত ধৰ্মৰ প্রভাৱো মন কৰিবলগীয়া। ধর্মীয় পূজা – পাতল, পৰ্ব আদিৰ বাবেও গাওবাসীয়ে নিজৰ কাম – কাজ বাদ দি তেনে কামত যথেষ্ট সময় অতিবাহিত কৰে বা ধৰ্মীয় কামৰ বাবে গাঁওবাসীয়ে খাটি দিব লাগে। এই ধর্মীয় নীতি – নিয়ম গাঁওৰ এটা অপৰিহাৰ্য অংগ ৷ 

অৰ্থনীতিৰ পৰিৱৰ্তন :- আধুনিক যুগত গ্ৰাম্য অৰ্থনীতিত কিছু পৰিৱৰ্তনে দেখা দিছে। যাতায়াত ব্যৱস্থাৰ উন্নতি, শিক্ষা – দীক্ষাৰ সম্প্ৰসাৰণ, উদ্যোগীকৰণ, নগৰীকৰণ, আধুনিক যন্ত্ৰপাতিৰ ব্যৱহাৰ, বৈজ্ঞানিক কৃষি পদ্ধতিৰ প্ৰৱৰ্তন, সমবায় কৃষি পদ্ধতি আদিৰ প্ৰৱৰ্তনে উৎপাদন বৃদ্ধিত যথেষ্ট সহায়ক হৈছে। এই আধুনিকীকৰণ কাৰ্যত চৰকাৰেও কৃষকসকলক আৰ্থিক সাহায্য উপৰি নানা প্ৰশিক্ষণ আদি দিয়াৰ ব্যৱস্থা কৰিছে ৷ 

গ্রাম্য অৰ্থনীতিত সহায়কাৰী আন উল্লেখযোগ্য দিশ এটি হ’ল পশুপালন আৰু হাঁহ – কুকুৰা পালন, মীন পালন আদি। ইয়াৰ পৰা গাখীৰ, মাংস, কণী মাছ আদি পুষ্টিকৰ খাদ্য উৎপাদন – বিশেষ উল্লেখযোগ্য। এই কাৰ্যৰ দ্বাৰা গাঁওবাসীয়ে নিজে খোৱাৰ উপৰি এইবোৰ বিক্ৰী কৰি অৰ্থ উপাৰ্জনো কৰা দেখা যায়। মুঠতে বিভিন্ন দিশত গ্ৰাম্য অৰ্থনীতিৰ পৰিৱৰ্তন হোৱা দেখা যায় ৷ 

6. ভাৰতৰ পঞ্চায়তী পদ্ধতিৰ এটা চমু আভাস দিয়া।
উত্তৰঃ প্রাচীন কালৰে পৰা গ্ৰামাঞ্চলতো এটা ৰাজনৈতিক দিশ প্ৰচলিত হৈ অহা দেখা যায়। অৱশ্যে বিভিন্ন ৰাজনৈতিক ব্যৱস্থাত ইয়াৰ স্বৰূপ বিভিন্ন প্ৰকাৰে, বিভিন্ন নামেৰে জনা যায়। গ্ৰামাঞ্চলৰ বাদ – বিবাদ মীমাংসা কৰাৰ বাবে গাঁওৰ মুখীয়ালৰ তত্ত্বাৱধানত নানা অনুষ্ঠানে এই কার্য সমাধা কৰি আহিছে। 

গাঁও অঞ্চলৰ আইন – শৃংখলা ৰক্ষাৰ বাবে ৰাজনৈতিকভাৱে শাসন প্রচলন হোৱাৰ পৰা পঞ্চায়ত ব্যৱস্থাৰ প্ৰচলন হোৱা বুলি ক’ব পাৰি। অতীতৰ পৰাই পঞ্চায়তী পদ্ধতি ভাৰতৰ গ্ৰামাঞ্চলত প্ৰচলিত হৈ অহা দেখা যায়। মুঠতে পঞ্চায়ত বুলিলে আমি সাধাৰণতে গাঁওৰ যিটো প্ৰশাসনীয় গোটক বুজি পাওঁ তেনে প্রশাসনীয় গোট একোটা ভাৰতৰ গাঁও অঞ্চলত প্ৰচলিত হৈ অহা বুলি ক’ব পাৰি। 

গাঁও পঞ্চায়তৰ কাম মূলতঃ গাঁৱৰ মানুহৰ মাজত শান্তি শৃংখলা অটুট ৰাখি, ন্যায় প্রতিষ্ঠা কৰি, ৰাজনৈতিকভাৱে নিৰাপত্তা দিয়া আৰু গাঁৱৰ সামূহিক মঙ্গল আৰু উন্নতি সাধন কৰা। গাঁৱত যেতিয়া কোনো বিবাদৰ সৃষ্টি হয়, অন্যায় – অবিচাৰ হয়, তেতিয়া পঞ্চায়তে গাঁৱৰ পৰম্পৰাগত নীতি আৰু সামাজিক মূল্যবোধৰ ভিত্তিত ন্যায় বিচাৰ কৰি দোয়ীক দণ্ড দিয়া নাইবা অন্যায় – অবিচাৰৰ বলি হোৱাজনক ন্যায় বিচাৰৰ জৰিয়তে ৰাজনৈতিক নিৰাপত্তা প্ৰদান কৰে। এইবোৰৰ উপৰি গাঁৱৰ বিভিন্ন দুৰ্যোগ বিপর্যয় বা সামূহিক সমস্যা সমাধানৰ ক্ষেত্ৰত পঞ্চায়তে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। গাঁওসমূহত চৰকাৰৰ পঞ্চায়তী আইনে পঞ্চায়তবোৰক যথেষ্ট ক্ষমতা প্ৰদান কৰিছে ৷ 

আধুনিক শাসন ব্যৱস্থাত ৰাজনৈতিক ক্ষমতা বিকেন্দ্ৰীকৰণ নীতিৰ ওপৰত ভিত্তি কৰি বহুতো আর্থিক আৰু প্ৰশাসনীয় ক্ষমতা প্ৰদান কৰিছে। 

এই ব্যৱস্থাৰ দ্বাৰা গাঁওৰ মানুহক গণতান্ত্রিক শাসন ব্যৱস্থাৰ প্ৰশিক্ষণ দিয়াৰ লগতে আত্মনিৰ্ভৰশীল হোৱাৰ বাবেও যথেষ্ট উনি দিয়া। হয়। স্বাধীনোত্তৰ কালত ভাৰত চৰকাৰে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ বাবে সকলো ৰাজ্যতে পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে ৰাজ্যিক আইন আদি প্ৰণয়ন কৰি সকলো ৰাজ্যতে পঞ্চায়ত ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে। অসমতো ১৯৭২ চনৰ পঞ্চায়তীৰাজ আইন মতে বর্তমান গাও অঞ্চলত গাঁও পঞ্চায়ত আৰু মহকুমা পৰিষদৰ দ্বাৰা গাওবোৰ শাসন কৰা হৈছে।

প্রশ্ন ১। গাঁৱৰ সংজ্ঞা দিয়া। অসমৰ গ্ৰামাঞ্চলৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি?
নাইবাঃ ভাৰতীয় গ্রাম্য সমাজ প্রধান বৈশিষ্ট্যসমূহ কি কি লিখা?
নাইবাঃ ভাৰতীয় গ্ৰাম্য সমাজ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰত এখন গ্রামপ্রধান দেশ। এই গ্রাম্য জীৱনেই হ’ল ভাৰতীয় সমাজ আৰু সভ্যতা – সংস্কৃতিৰ বিকাশৰ মূল ভেটি। বৰ্তমান মানৱ সমাজক দুটা পৰিৱেশত ভাগ কৰা হয় – গাৱলীয়া পৰিৱেশ আৰু নগৰীয়া পৰিৱেশ ৷ 

সংজ্ঞা :- আমি সাধাৰণতে, যেতিয়া কিছুমান কৃষিজীৱী পৰিয়ালে নির্দিষ্ট ভৌগোলিক অঞ্চল এটাত স্থায়ীভাৱে বসবাস কৰোঁ, তাকে গাঁও বুলি কওঁ। গাঁৱক কৃষিজীৱী লোকৰ বাসস্থান বুলিয়ে ক’ব পাৰি। সমাজশাস্ত্ৰবিদসকলে বিভিন্ন প্ৰকাৰে গাঁৱৰ সংজ্ঞা দিবলৈ চেষ্টা কৰি আহিছে। অধ্যাপক শ্রীনিবাসৰ মতে যেতিয়া কোনো জনসমূহে আন তেনে জনসমূহৰ পৰা কিছু দূৰে দূৰে এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত স্থায়ীভাৱে বাস কৰে, এই সমূহবোৰৰ মাজত যাতায়াত ব্যৱস্থা অতি শোচনীয় হয়, এই সমূহবোৰৰ সৰহ সংখ্যক লোক কৃষিজীৱী, এওঁলোক আর্থিক, সামাজিক আদি বহুতো ক্ষেত্ৰত পৰম্পৰ নিৰ্ভৰশীল। তেওঁলোকৰ অভিজ্ঞতাও অতি সাধাৰণ। এই বিশেষত্ববোৰে সমূহৰ বাসিন্দাসকলৰ মাজত দৃঢ় ঐক্যবন্ধন গঢ়ি তোলে। এনে সমূহকে গাঁও বোলে। ভাৰতীয় গ্ৰাম্য জীৱনৰ কিছুমান স্বকীয় বৈশিষ্ট্য আছে। তলত প্রধান বৈশিষ্ট্যবোৰ আলোচনা কৰা হ’ল। 

প্রধান বৈশিষ্ট্যবোৰ : –
১। পৰিয়ালৰ সমষ্টি :- পৰিয়াল সমাজৰ প্ৰাথমিক গোট। কিছুমান পৰিয়ালৰ সমষ্টিয়েই হ’ল গাঁও। পৰিয়ালৰ ব্যক্তিসকলৰ ব্যক্তিত্ব, দক্ষতা, প্রতিভা, প্রস্থিতি আদি নিৰ্ভৰ কৰে পৰিয়ালৰ সামাজিক প্ৰস্থিতিৰ ওপৰত। পৰিয়ালক কেন্দ্ৰ কৰিয়েই গাঁৱলীয়া সমাজবোৰ চলি থাকে। 

২। জাতিপ্ৰথা :- ভাৰত এখন জাতি প্রধান দেশ। হিন্দু সমাজ জাতিগত সমাজ। অতীজ ভাৰতত গাঁওবোৰ জাতি বা সম্প্রদায় ভিত্তিতে গঢ়ি উঠিছিল। জাতি ব্যৱস্থাৰ লগত স্বজনতা, পৱিত্ৰতা, অপবিত্ৰতা, খোৱা – বোৱা, আদান- প্রদান, বিয়া – বাৰু আদিত নানা বাধা – নিষেধ থাকে। জাতিপ্রথাই সামাজিক ক্রিয়া – কৰ্ম, আচাৰ – ব্যৱহাৰ নিয়ন্ত্ৰণ কৰে। গাঁৱলীয়া সমাজ ব্যৱস্থা জাতিপ্ৰথাৰ দ্বাৰা প্ৰভাৱিত। 

৩। ভৌগোলিক অৱস্থান :- গাঁওবোৰৰ ভৌগোলিক অৱস্থানো এক স্বকীয় উল্লেখযোগ্য বৈশিষ্ট্য। গ্রামাঞ্চলৰ অৱস্থান নগৰাঞ্চলৰ পৰা কিছু দূৰ দূৰণিত অৱস্থিত। এই গাঁওবোৰৰ লগত নগৰাঞ্চলৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ কোনো পোনপটীয়া সংযোগ নাই। এইবোৰ কাৰণতে ই নগৰৰ পৰা বিচ্ছিন্ন আৰু শিক্ষা – দীক্ষা সকলো ক্ষেত্ৰতে পিছপৰা ৷ 

৪। কৃষিভিত্তিক :- গাঁও কৃষিজীৱী লোকৰ বাসস্থান। গাঁওবাসীৰ প্ৰধান বৃত্তি আৰু জীৱিকা হ’ল কৃষি। গ্ৰামাঞ্চলৰ শতকৰা ৮০ ভাগ লোক প্ৰত্যক্ষভাৱে নিৰ্ভৰ কৰে কৃষিৰ ওপৰত। গাঁৱৰ প্ৰত্যেকটো পৰিয়ালেই একো একোটা কৃষি উৎপাদনৰ গোট। 

৫। প্রাকৃতিক সম্বন্ধ :- প্ৰকৃতিৰ লগত গাঁওবাসীৰ সম্বন্ধ অতি নিবিড় আৰু ঘনিষ্ঠ। প্ৰকৃতিৰ মাজতে গাঁৱৰ লোকসকল ডাঙৰ – দীঘল হয়। খেতি – পথাৰ, নৈ – বিল, গছ – লতা, বোকা – পানীৰ, মাজতে গাঁওবাসীৰ জীৱন অতিবাহিত হয়। কৃষিৰ সকলো কাৰ্য প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰে। প্ৰাকৃতিক পৰিৱেশেই হ’ল গাঁৱলীয়া পৰিবেশ। অৱশ্যে আধুনিক যুগত বৈজ্ঞানিক, কাৰিকৰী ওয়ানৰ সম্প্ৰসাৰণৰ বাবে জলসিঞ্চন, বৈদ্যুতিক যন্ত্ৰপাতিৰ ব্যৱহাৰে লাহে লাহে এই পৰিবেশৰ পৰিবৰ্তন ঘটাবলৈ আৰম্ভ কৰিছে। 

৬। জীৱন – যাপনৰ পৰিবেশ :- গাঁৱৰ মানুহে অস্বাস্থ্যকৰ পৰিৱেশত নিম্নমানবিশিষ্ট জীৱন যাপন কৰে। গাঁওবিলাক কু – সংস্কাৰ, অন্ধবিশ্বাস আদিৰে আৱেষ্টিত হৈ থাকে। গাঁৱৰ প্ৰায়ভাগ লোকেই ধৰ্ম আৰু ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি চলে। মৌলিক প্রয়োজনীয় বস্তুৰ সংগ্ৰহ আৰু উৎপাদন কৰাই গাঁওবাসীৰ প্ৰধান আৰু মুখ্য কাম। তেওঁলোক বিলাসিতা, প্রসাধন আৰু জকজমক জীৱনৰ প্ৰতি আকৃষ্ট নহয়। গাঁৱলীয়া জীৱন অতি সহজ – সৰল, আধুনিক নগৰীয়া জীৱনৰ জটিলতাই তাক ঢুকি নাপায়। 

৭। বৈচিত্র্যহীন জীৱন :- গ্ৰাম্য জীৱন বৈচিত্র্যহীন। পৰম্পৰাগতভাৱে প্ৰচলিত ৰীতি নীতিবোৰ মানি, পুৰুষানুক্ৰমে নিজ নিজ বৃত্তি ধাৰণ কৰি, জীৱন অতিবাহিত কৰোঁতে গাঁওবাসী লোক ব্যস্ত। বংশগত বৃত্তি এৰি আন বৃত্তি অনুসৰণ কৰা গ্রামাঞ্চলত দেখা নাযায়। আর্থিক, সামাজিক, ধর্মীয় আদি ক্ষেত্ৰত গাঁৱলীয়া জীৱনৰ বিচিত্ৰতা দেখা নাযায়। গাঁওবাসীয়ে পৰস্পৰ সহযোগিতা, মিলাপ্ৰীতিৰ মাজেৰে ঐক্যবদ্ধ জীৱন-যাপন কৰে।

৮। ধৰ্মৰ প্ৰভাৱ :- ভাৰতীয় গ্ৰাম্য জীৱনত ধৰ্মীয় প্ৰভাৱ অতি বেছি। গাঁৱলীয়া মানুহ ধৰ্মভীৰু। নিজ নিজ ধৰ্মৰ নীতি – নিয়ম পালন কৰাৰ উপৰি আন লোকৰ ধৰ্মৰ প্ৰতিও সমানে শ্রদ্ধা – ভক্তি কৰে। গাঁওবোৰত পূজা – পাতল, উৎসৱ – পাৰ্বণ, ধৰ্ম – কৰ্মৰ কাম তুলনামূলকভাৱে নগৰতকৈ বেছি। 

৯। নিৰক্ষৰতা :- নিৰক্ষৰতা গাঁৱলীয়া সমাজৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। গাঁৱৰ নিৰক্ষৰতাৰ হাৰ নগৰতকৈ অতি বেছি। বর্তমান গাঁওবাসীৰ নিৰক্ষৰতাৰ হাৰ লাহে লাহে কমিবলৈ ধৰিছে। 

১০। জনমত গুৰুত্ব :- ভাৰতৰ গ্ৰামাঞ্চলত, নগৰাঞ্চলৰ তুলনাত জনমতৰ প্ৰভাৱ অতি বেছি। গাঁও অঞ্চলত প্ৰচলিত প্ৰথা ৰীতি – নীতিৰ বান্ধোন অতি কঢ়া। কোনো লোকে এই বান্ধোন ভঙ্গ কৰিবৰ সাহস নকৰে, কাৰণ ভঙ্গ কৰাৰ পৰিণামত নানা শাস্তি প্ৰদান কৰিব পাৰে। এইবোৰ কাৰণতে জনমতে গাঁওবাসীক বাৰুকৈয়ে প্ৰভাৱিত কৰিব পাৰে। এইবোৰেই হ’ল ভাৰতীয় গ্ৰামাঞ্চলৰ প্ৰধান বৈশিষ্ট্য। কম – বেছি পৰিমাণে ভাৰতবৰ্ষৰ সকলো গাঁৱতে এই বৈশিষ্ট্যসমূহ দেখিবলৈ পোৱা যায়। 

Leave a Comment

error: Content is protected !!
Scroll to Top