পৰাক্ৰম দিৱসৰ ভাষণ | নেতাজী জয়ন্তীৰ ভাষণ | Netaji Jayanti Speech in Assamese

পৰাক্ৰম দিৱসৰ ভাষণ | নেতাজী জয়ন্তীৰ ভাষণ | Netaji Jayanti Speech in Assamese

পৰাক্ৰম দিৱসৰ ভাষণ | নেতাজী জয়ন্তীৰ ভাষণ | নেতাজী সুভাষচন্দ্ৰ বসু জয়ন্তী ভাষণ | Parakram Diwas Speech in Assamese | Parakram Divas Speech in Assamese | Netaji Subhas Chandra Bose Jayanti Speech in Assamese | Netaji Jayanti Speech in Assamese | নেতাজী জয়ন্তী বক্তৃতা অসমীয়া | নেতাজী জয়ন্তী অসমীয়াত বক্তৃতা | নেতাজী সুভাষচন্দ্ৰ বসুৰ জন্মদিনৰ ভাষণ | Netaji Diwas Speech in Assamese | Netaji Divas Speech in Assamese | পৰাক্ৰম দিৱসৰ বক্তব্য | নেতাজী জয়ন্তীৰ বক্তব্য | নেতাজী সুভাষচন্দ্ৰ বসু জয়ন্তী বক্তব্য | নেতাজী জয়ন্তী বক্তব্য অসমীয়া | নেতাজী জয়ন্তী অসমীয়া বক্তব্য | নেতাজী সুভাষচন্দ্ৰ বসুৰ জন্মদিনৰ বক্তব্য


নেতাজী জয়ন্তী/পৰাক্ৰম দিৱসৰ ভাষণ

নমস্কাৰ, পৰম শ্ৰদ্ধাৰ আজিৰ এই সভাৰ সভাপতিত্বৰ আসন অলংকৃত কৰা মোৰ শ্ৰদ্ধাৰ সন্মানীয় সভাপতি তথা আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় ডাঙৰীয়া। লগতে এই মঞ্চ শুৱনি কৰা মোৰ শ্ৰদ্ধাৰ সন্মানীয় ছাৰ-বাইদেউ সকল। লগতে আজিৰ এই সভাত উপস্থিত মোৰ বন্ধু-বান্ধৱী তথা মোৰ মৰমৰ ভাইটি ভন্টি সকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা, সন্মান আৰু ২৩ জানুৱাৰীৰ শুভেচ্ছা জনাই আজি নেতাজীৰ শুভ জন্ম জয়ন্তীত দুই-এষাৰ ক’বলৈ সুযোগ কৰি দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।

নেতাজী সুভাষচন্দ্ৰ বসু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এক চিৰস্মৰণীয় কিংবদন্তি বীৰ নেতা। ভাৰতৰ স্বাধীনতা আন্দোলনৰ তেওঁ আছিল এক উজ্বল আৰু মহান চৰিত্ৰ, তেওঁ এই সংগ্ৰামত নিজৰ সমগ্ৰ জীৱন উৎসৰ্গ কৰিছিল। সুভাষচন্দ্ৰ বসু “নেতাজী” নামেই সকলোতে পৰিচিত।

২০২১ চনত ভাৰত চৰকাৰে নেতাজী সুভাষচন্দ্ৰ বসুৰ জন্ম দিনটোক “পৰাক্ৰম দিৱস” হিচাপে ঘোষণা কৰে আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে “২৩ জানুৱাৰী” তাৰিখে ভাৰতবৰ্ষত “পৰাক্ৰম দিৱস” হিচাপে পালন কৰা হয়। এই মহান দিনত আজিৰ অনুষ্ঠানত উপস্থিত হৈ দুই-এষাৰ ক’ব পাৰি নিজকে গৰ্বিত অনুভৱ কৰি আছোঁ।

ভাৰতৰ স্বাধীনতা আন্দোলনৰ সাহস, ত্যাগ আৰু দেশপ্ৰেমৰ এক উজ্বল ইতিহাস সৃষ্টিকাৰী দেশনায়ক নেতাজী সুভাষচন্দ্ৰ বসু ১৮৯৭ খ্ৰীষ্টাব্দৰ ২৩ জানুৱাৰী ভাৰতবৰ্ষৰ ওৰিষা/ উৰিষ্যাৰ ৰাজ্যৰ কটকে চহৰত জন্মগ্ৰহন কৰিছিল। তেখেতৰ পিতৃৰ নাম- জোনকীনাথ বসু আৰু মাতৃৰ নাম- প্ৰভাৱতী দেৱী বসু আছিল। তেওঁৰ দেউতাক এজন বিখ্যাত উকীল আছিল। তেওঁ পিতৃ-মাতৃৰ নৱম সন্তান।

READ MORE  লাচিত দিৱসৰ ভাষণ | Lachit Divas Speech in Assamese

১৯০২ চনত কটক চহৰত প্ৰোটেষ্ট্যান্ট ইউৰোপীয়া স্কুলত ষষ্ঠ শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ ১২ বছৰ বয়সত কটক চহৰত ৰাভেনশ কলেজিয়েট স্কুলত ভৰ্তি হয়। নেতাজী পঢ়া-শুনাৰ ক্ষেত্ৰত মেধাৱী ছাত্ৰ আছিল। তেখেত উচ্চশিক্ষা অৰ্জনৰ বাবে ১৯১৩ চনত কলকাতাৰ প্ৰেসিডেন্সি (Presidency University) কলেজত ভৰ্তি হয়। তেওঁ এইখন কলেজৰ পৰাই দৰ্শনত স্নাতক ডিগ্ৰি লাভ কৰে। 

ইয়াৰ উপৰিও ভাৰতৰ Civil Service পৰীক্ষাত ভাল নম্বৰ পাই উত্তীৰ্ণ হৈ IAS হিচাপে নিৰ্বাচিত হয়। কিন্তু জালিয়ানৱালাবাগৰ হত্যাকাণ্ড দেখি তেওঁৰ মন বেয়া হয় আৰু তেওঁ ১৯২১ চনত এই চাকৰিৰ পৰা পদত্যাগ কৰে আৰু দেশ মাতৃৰ সেৱাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰাৰ সিদ্ধান্ত লয়।

১৯২১ চনত নেতাজী মহাত্মাগান্ধীজিৰ লগত সাক্ষাৎ কৰে আৰু গান্ধীজিৰ নিৰ্দেশ অনুসৰি তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত এক হৈ দেশবন্ধু চিত্তৰঞ্জন দাসৰ নিৰ্দেশত সুভাস চন্দ্ৰ বসুৱে বঙ্গদেশ কংগ্ৰেছ স্বেচ্ছাসেৱক বাহিনী কৰি ১৯২১ চনতেই অসহযোগ আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। ইয়াৰ বাবে নেতাজী গ্ৰেপ্তাৰ হয় আৰু কাৰাবাস খাটিব লাগে। 

নেতাজী ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাহিৰেও নিখিল ভাৰত ফৰওয়াৰ্ড ব্লক প্ৰতিষ্ঠা কৰে কিছুমান মতভেদৰ ফলত। কিন্তু কিছুদিন পিছত নেতাজীক জাতীয় কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ কৰাৰ ফলত ফৰওয়াৰ্ডব্লক এটি স্বাধীন দল হয়।

১৯২০-১৯৩০ চনৰ সময়ছোৱাত বসুদেৱ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ শাখাৰ নেতা আছিল আৰু পিছলৈ ১৯৩৮ চনৰ পৰা ১৯৩৯ চনত দুবাৰকৈ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

মহাত্মাগান্ধী আৰু কংগ্ৰেছৰ আন শীৰ্ষক নেতৃত্বৰ সৈতে মতৰ অমিল হোৱাত তেওঁক ১৯৩৯ চনত কংগ্ৰেছৰ নেতৃত্বৰ পৰা অব্যাহিত দিয়া হয়। ১৯৪০ চনত তেওঁ, ভাৰত এৰাৰ আগলৈকে ব্ৰিটিছৰ হাতত ঘৰবন্দী হৈ থাকিব লগা হৈছিল। 

নিখিল ভাৰত ফৰওয়াৰ্ড ব্লকৰ জনপ্ৰিয় কমোৱাৰ বাবে ব্ৰিটিছ চৰকাৰ নেতাজীৰ লগতে আৰু বহু-সংগ্ৰামীক কাৰাবন্ধী কৰিছিল। ব্ৰিটিছৰ চৰকাৰক মুক্তি দিবলৈ বাধ্য কৰাৰ বাবে নেতাজী জেলত অনুষ্ঠান আৰম্ভ কৰে। ফলত ব্ৰিটিছ চৰকাৰে তেওঁক গৃহবন্দী ৰখাৰ নিৰ্দেশ দিয়ে। 

READ MORE  শিল্পী দিৱসৰ ভাষণ | Shilpi Divas Speech in Assamese

১৯৪১ চনত এপ্ৰিলত বসুদেৱ তেওঁৰ ঘৰৰ পৰা পলাই আফগানিস্তান হৈ জাৰ্মানিত যায়। তাৰ পৰা তেওঁ জাৰ্মানি আৰু জাপানৰ ওচৰত ভাৰতৰ পৰা ব্ৰিটিছৰ ৰাজ শেষ কৰাৰ বাবে সাহায্যৰ আবেদন কৰে। 

১৯৪২ চনত দক্ষিণ এছিয়াত জাপানৰ জয় লাভ আৰু জাৰ্মানীয়ে বেলেগ কামত অগ্ৰাধিকাৰ দিয়াত জাৰ্মানীৰ ভাৰত আক্ৰমণ সম্ভাৱনীয়তা কমি যায়।

১৯৪২ চনৰ মে’ মাহত তেওঁ প্ৰথম আৰু মাত্ৰ এবাৰৰ বাবে এডলফ হিটলাৰক লগ পায়। হিটলাৰে তেওঁক দক্ষিণ এছিয়ালৈ যাবলৈ পৰামৰ্শ দিয়ে লগতে তেওঁক ছাবমেৰিনৰ যোগান ধৰাৰ কথা দিয়ে। ১৯৪৩ চনৰ ফেব্ৰুৱাৰীত বসুৱে এখন জাৰ্মান ছাবমেৰিনত যাত্ৰা আৰম্ভ কৰে আৰু মাদাগাস্তাৰক তেওঁক এখন জাপানী ছাবমেৰিনলৈ বদলি কৰা হয়। ১৯৪৩ চনৰ মে’ মাহত তেওঁ জাপান অবিকৃত সুমাত্ৰাত পদাৰ্পণ কৰে। 

একে বছৰেই ১৯৪৩ চনত জাৰ্মানিৰ পৰা ছিংগাপুৰ আহে আৰু আজাদ হিন্দু ফৌজ গঠন কৰে আৰু স্লোগান দিয়ে– “তোমালোকে মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম”। 

জাপান অধীকৃত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত মুক্ত ভাৰতৰ প্ৰভিজনেল চৰকাৰ গঠন হয় আৰু ইয়াৰ নেতৃত্ব দিয়ে নেতাজীয়ে। আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী নেতাজীয়ে জনপ্ৰিয় ভাৰতীয় শ্লোগাণ “জয় হিন্দ”ৰ প্ৰথম প্ৰচাৰ কৰে। বসুদেৱৰ নেতৃত্বৰ ইণ্ডিয়ান নেচনেল আৰ্মী (INA) আছিল ভৌগলিক বিচিত্ৰ, ধৰ্মীয় বৈচিত্ৰ্য আৰু লিংগ বৈচিত্ৰ্যৰ এক উদাহৰণ।

নেতাজি সুভাষ চন্দ্ৰ বসুৰ ১৯৪৫ চনৰ  ১৮ আগস্ট তাৰিখে তাইওয়ানৰ এটা বিমান দুৰ্ঘটনাত মৃত্যু বৰণ কৰে। কিন্তু এই দুৰ্ঘটনাৰ কোনো প্ৰমাণ এতিয়ালৈকে পোৱা নাই। যদিও নেতাজী এই পৃথিৱীত আৰু নাই। তেওঁক সদায় দেশৰ অন্যতম মহান শহীদ হিচাপে গণ্য কৰা হ’ব।

সদৌ শেষত, আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মহান দিনত মোক দুই-এষাৰ ক’বলৈ সুযোগ দিয়াৰ বাবে। জয় হিন্দ।।

Leave a Comment

error: Content is protected !!
Scroll to Top