নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে ৰচনা | Subhas Chandra Bose Essay

নেতাজী সুভাষ চন্দ্ৰ বসু – অসমীয়া ৰচনা | Subhas Chandra Bose Essay

নেতাজী সুভাষ চন্দ্ৰ বসু – অসমীয়া ৰচনা | নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে ৰচনা | Netaji Subhas Chandra Bose Essay in Assamese | নেতাজী সুভাষ চন্দ্ৰ বসু অসমীয়া ৰচনা | সুভাষ চন্দ্ৰ বসু ৰচনা | Subhas Chandra Bose Essay | Netaji Subhas Chandra Bose Axomiya Rosona | Subhas Chandra Bose Assomiya Rasona | সুভাষচন্দ্ৰ বসু অসমীয়া ৰচনা


নেতাজী সুভাষ চন্দ্ৰ বসু ৰচনা

আৰম্ভণি/পৰিচয়

ভাৰতবৰ্ষ এই পৱিত্ৰ মাতৃভূমিত বহুমহান ব্যক্তিয়ে জন্ম গ্ৰহণ কৰিছে তাৰ ভিতৰত অন্যতম এজন মহান ব্যক্তি হ’ল- নেতাজী সুভাষ চন্দ্ৰ বসুনেতাজীৰ জন্ম ১৮৯৭ খ্ৰীষ্টাব্দৰ ২৩ জানুৱাৰী ভাৰতবৰ্ষৰ ওৰিষা ৰাজ্যৰ কটকে চহৰত হৈছিল। তেখেতৰ পিতৃৰ নাম-জোনকীনাথ বসু আৰু মাতৃৰ নাম- প্ৰভাৱতী বসু আছিল। তেওঁ পিতৃ-মাতৃৰ নৱম সন্তান।

নেতাজী সুভাষ চন্দ্ৰ বসুৰ শিক্ষা কাল

১৯০২ চনত কটক চহৰত প্ৰোটেষ্ট্যান্ট ইউৰোপীয়া স্কুলত ষষ্ঠ শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ ১২ বছৰ বয়সত কটক চহৰত ৰাভেনশ কলেজিয়েট স্কুলত ভৰ্তি হয়। নেতাজী সুভাষ চন্দ্ৰ বসু পঢ়া-শুনাৰ ক্ষেত্ৰত মেধাৱী ছাত্ৰ আছিল। তেখেত উচ্চশিক্ষা অৰ্জনৰ বাবে ১৯১৩ চনত কলকাতাৰ প্ৰেসিডেন্সি (Presidency University) কলেজত ভৰ্তি হয়। তেওঁ এইখন কলেজৰ পৰাই দৰ্শনত স্নাতক ডিগ্ৰি লাভ কৰে।

ইয়াৰ উপৰিও ভাৰতৰ Civil Service পৰীক্ষাত ভাল নম্বৰ পাই উত্তীৰ্ণ হৈ IAS হিচাপে নিৰ্বাচিত হয়। কিন্তু জালিয়ানৱালাবাগৰ হত্যাকাণ্ড দেখি তেওঁৰ মন বেয়া হয় আৰু তেওঁ ১৯২১ চনত এই চাকৰিৰ পৰা পদত্যাগ কৰে আৰু দেশ মাতৃৰ সেৱাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰাৰ সিদ্ধান্ত লয়। 

নেতাজী সুভাষ চন্দ্ৰ বসুদেৱৰ ৰাজনৈতিক জীৱন

১৯২১ চনত নেতাজী মহাত্মাগান্ধীজিৰ লগত সাক্ষাৎ কৰে আৰু গান্ধীজিৰ নিৰ্দেশ অনুসৰি তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত এক হৈ দেশবন্ধু চিত্তৰঞ্জন দাসৰ নিৰ্দেশত সুভাস চন্দ্ৰ বসুৱে বঙ্গদেশ কংগ্ৰেছ স্বেচ্ছাসেৱক বাহিনী কৰি ১৯২১ চনতেই অসহযোগ আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। ইয়াৰ বাবে নেতাজী গ্ৰেপ্তাৰ হয় আৰু কাৰাবাস খাটিব লাগে। 

READ MORE  মোৰ প্ৰিয় গ্ৰন্থ ৰচনা - কীৰ্তন ঘোষা | Mor Priya Grantha Essay

নেতাজী ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাহিৰেও নিখিল ভাৰত ফৰওয়াৰ্ড ব্লক প্ৰতিষ্ঠা কৰে কিছুমান মতভেদৰ ফলত। কিন্তু কিছুদিন পিছত নেতাজীক জাতীয় কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ কৰাৰ ফলত ফৰওয়াৰ্ড ব্লক এটি স্বাধীন দল হয়।

নেতাজীৰ স্বাধীনতা সংগ্ৰামত অৱদান

১৯২০-১৯৩০ চনৰ সময়ছোৱাত বসুদেৱ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ শাখাৰ নেতা আছিল আৰু পিছলৈ ১৯৩৮ চনৰ পৰা ১৯৩৯ চনত দুবাৰকৈ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

মহাত্মাগান্ধী আৰু কংগ্ৰেছৰ আন শীৰ্ষক নেতৃত্বৰ সৈতে মতৰ অমিল হোৱাত তেওঁক ১৯৩৯ চনত কংগ্ৰেছৰ নেতৃত্বৰ পৰা অব্যাহিত দিয়া হয়। ১৯৪০ চনত তেওঁ, ভাৰত এৰাৰ আগলৈকে ব্ৰিটিছৰ হাতত ঘৰবন্দী হৈ থাকিব লগা হৈছিল।

নিখিল ভাৰত ফৰওয়াৰ্ড ব্লকৰ জনপ্ৰিয় কমোৱাৰ বাবে ব্ৰিটিছ চৰকাৰ নেতাজীৰ লগতে আৰু বহু-সংগ্ৰামীক কাৰাবন্ধী কৰিছিল। ব্ৰিটিছৰ চৰকাৰক মুক্তি দিবলৈ বাধ্য কৰাৰ বাবে নেতাজী জেলত অনুষ্ঠান আৰম্ভ কৰে। ফলত ব্ৰিটিছ চৰকাৰে তেওঁক গৃহবন্দী ৰখাৰ নিৰ্দেশ দিয়ে।

১৯৪১ চনত এপ্ৰিলত বসুদেৱ তেওঁৰ ঘৰৰ পৰা পলাই আফগানিস্তান হৈ জাৰ্মানিত যায়। তাৰ পৰা তেওঁ জাৰ্মানি আৰু জাপানৰ ওচৰত ভাৰতৰ পৰা ব্ৰিটিছৰ ৰাজ শেষ কৰাৰ বাবে সাহায্যৰ আবেদন কৰে। ১৯৪২ চনত দক্ষিণ এছিয়াত জাপানৰ জয় লাভ আৰু জাৰ্মানীয়ে বেলেগ কামত অগ্ৰাধিকাৰ দিয়াত জাৰ্মানীৰ ভাৰত আক্ৰমণ সম্ভাৱনীয়তা কমি যায়।

১৯৪২ চনৰ মে’ মাহত তেওঁ প্ৰথম আৰু মাত্ৰ এবাৰৰ বাবে এডলফ হিটলাৰক লগ পায়। হিটলাৰে তেওঁক দক্ষিণ এছিয়ালৈ যাবলৈ পৰামৰ্শ দিয়ে লগতে তেওঁক ছাবমেৰিনৰ যোগান ধৰাৰ কথা দিয়ে। ১৯৪৩ চনৰ ফেব্ৰুৱাৰীত বসুৱে এখন জাৰ্মান ছাবমেৰিনত যাত্ৰা আৰম্ভ কৰে আৰু মাদাগাস্তাৰক তেওঁক এখন জাপানী ছাবমেৰিনলৈ বদলি কৰা হয়। ১৯৪৩ চনৰ মে’ মাহত তেওঁ জাপান অবিকৃত সুমাত্ৰাত পদাৰ্পণ কৰে।

একে বছৰেই ১৯৪৩ চনত জাৰ্মানিৰ পৰা ছিংগাপুৰ আহে আৰু আজাদ হিন্দু ফৌজ গঠন কৰে আৰু স্লোগান দিয়ে– “তোমালোকে মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম”। 

READ MORE  মোৰ জীৱনৰ লক্ষ্য ৰচনা - আর্মী কামাণ্ডো | My Aim in Life Army Commando Essay in Assamese

জাপান অধীকৃত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত মুক্ত ভাৰতৰ প্ৰভিজনেল চৰকাৰ গঠন হয় আৰু ইয়াৰ নেতৃত্ব দিয়ে নেতাজীয়ে। আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী নেতাজীয়ে জনপ্ৰিয় ভাৰতীয় শ্লোগাণ “জয় হিন্দ”ৰ প্ৰথম প্ৰচাৰ কৰে। বসুদেৱৰ নেতৃত্বৰ ইণ্ডিয়ান নেচনেল আৰ্মী (INA) আছিল ভৌগলিক বিচিত্ৰ, ধৰ্মীয় বৈচিত্ৰ্য আৰু লিংগ বৈচিত্ৰ্যৰ এক উদাহৰণ। 

সামৰণি

নেতাজি সুভাষ চন্দ্ৰ বসুৰ ১৯৪৫ চনৰ  ১৮ আগস্ট তাৰিখে তাইওয়ানৰ এটা বিমান দুৰ্ঘটনাত মৃত্যু বৰণ কৰে। কিন্তু এই দুৰ্ঘটনাৰ কোনো প্ৰমাণ এতিয়ালৈকে পোৱা নাই। যদিও নেতাজী এই পৃথিৱীত আৰু নাই। তেওঁক সদায় দেশৰ অন্যতম মহান শহীদ হিচাপে গণ্য কৰা হ’ব।

Leave a Comment

error: Content is protected !!
Scroll to Top