দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান ৰচনা | Science in Everyday Life Essay in Assamese

দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান ৰচনা | Science in Everyday Life Essay in Assamese

দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান ৰচনা | Science in Everyday Life Essay in Assamese | Dainandin Jibonot Bigyanor Obodan in Assamese | Essay on Science in Everyday Life | Axomiya Rosona Dainandin Jibonot Bigyanor Obodan


দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান ৰচনা

আৰম্ভণি

আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্ৰায়বোৰ বস্তুৱেই বিজ্ঞানৰ আৱিষ্কাৰৰ ফল। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উন্নতিৰ ফলত নিতৌ নতুন নতুন বস্তুৰ উদ্ভাৱন হৈছে, যিবোৰ আমাৰ দৈনন্দিন জীৱন যাপনৰ বাবে অপৰিহার্য। মানৱ জীৱন আৰু সমাজৰ বিভিন্ন দিশত বিজ্ঞানৰ ভূমিকা অন্বেষণ কৰি আমাৰ দৈনন্দিন অস্তিত্বৰ ওপৰত বিজ্ঞানৰ বহুমুখী প্ৰভাৱ পৰিছে।

দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান

আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত বিজ্ঞানৰ অৱদান সমূহক কেইটামান পৃথক ভাগত ভগাই ল’ব পাৰি—
প্ৰথমতে, ব্যক্তিগত সাজ-পোচাক, প্রসাধন সামগ্রী, জোতা-চেণ্ডেলৰ পৰা আৰম্ভ কৰি এজন ব্যক্তিৰ লাগতিয়াল সকলোবোৰ বস্তু উদ্যোগজাত সামগ্রী। শুই উঠি দাঁত ঘঁহা সামগ্ৰীৰ পৰা আৰম্ভ কৰি ৰাতি শুবলৈ যোৱালৈকে যিমানবোৰ বস্তুৰ প্ৰয়োজন, সকলোবোৰ বিজ্ঞানৰে অৱদান। 

দ্বিতীয়তে, ৰান্ধনী শালৰ প্রয়োজনীয় সামগ্রীসমূহ, যেনে- ৰন্ধন গেছ, প্ৰেচাৰ কুকাৰ, ৰিফ্ৰিজাৰেটৰ, বিভিন্ন ধৰণৰ বাচন-বৰ্তন আদি বিজ্ঞানৰে অৱদান।

তৃতীয়তে, ঘৰখনত আৰামদায়ক জীৱন কটাবলৈ যিবোৰ সামগ্ৰীৰ প্রয়োজন, সেই সকলোবোৰ বিজ্ঞানৰ আৱিষ্কাৰৰ ফল। গৰমৰ দিনত বিচনিৰ সলনি ব্যৱহাৰ কৰিছো ইলেক্ট্রিক ফেন, এয়াৰ কুলাৰ ইত্যাদি। ঘৰৰ সা-সৰঞ্জাম, ঘড়ী, টি.ভি, কাপোৰ ধোৱা মেচিন, চার্ফ-চাবোনকে আদি কৰি যিমানবোৰ বস্তুৰ প্রয়োজন, সকলোবোৰ বিজ্ঞানৰে অৱদান।

এইবোৰৰ উপৰিও প্রতিদিনে যাতায়াত আৰু যোগাযোগ ক্ষেত্ৰত বিজ্ঞানে অধিক সুচল কৰি তুলিলে। খোজ কাঢ়ি কৰবালৈ যোৱাৰ সলনি ব্যৱহাৰ কৰিছো চাইকেল, স্কুটাৰ, মটৰ চাইকেল বা বিভিন্ন ধৰণৰ গাড়ী মটৰ। মিনিটতে মানুহৰ খা-খবৰ ল’ব পৰাকৈ হাতত আছে মোবাইল ফোন। দেশ-বিদেশৰ বা-বাতৰি ঘৰতে পাব পৰাকৈ পাইছে৷ বাতৰি কাকতখন, টেলিভিছনতো (টি.ভি.) বা ইন্টাৰনেটৰ সুবিধা। 

READ MORE  বিশ্ব পৰিবেশ দিৱস ৰচনা | World Environment Day Essay

সামৰণি

উপযুক্ত পর্যালোচনাৰ পৰা ক’ব পাৰি যে আমাৰ দৈনন্দিন জীৱনৰ লাগতিয়াল সকলোবোৰ বস্তু বিজ্ঞানৰে অৱদান। এই বস্তুবোৰৰ অবিহনে আমাৰ জীৱন হৈ পৰিলহেঁতেন আদিম যুগৰ মানুহৰ দৰে বৰ্বৰ আৰু অসভ্য। গতিকে বিজ্ঞানৰ অবদান সমূহে আমাক এটা সু-সভ্য আৰু আৰামদায়ক জীবন পদ্ধতি প্ৰদান কৰিছে।

Leave a Comment

error: Content is protected !!
Scroll to Top