অসমৰ কুটীৰ শিল্প ৰচনা | Essay of Cottage Art in Assam

অসমৰ কুটীৰ শিল্প ৰচনা | Axomor Kutir Shilpa Essay | Essay of Cottage Art in Assam | Asomar Kutir Shilpa | Cottage Industry of Assam Essay in Assamese


 অসমৰ কুটীৰ শিল্প

আৰম্ভণিঃ প্রকৃতিৰ নুমলী জীয়াৰী অসমী আইক স্রষ্টাই সৃষ্টি-কৌশলৰ সকলাে মহিমাৰে মনােহৰা, মনােমাকৈ সৃষ্টি কৰিয়েই এৰা নাই, অসমীক প্ৰকৃতিৰ বুকুৰ সকলাে সম্ভাৰেৰে ঐশ্বৰ্য্যশালী কৰিও সৃষ্টি কৰিছিল। সেয়েহে ৰামায়ণ-মহাভাৰতৰ যুগৰপৰাই অসম-কামৰূপ ঐশ্বৰ্য্য আৰু কলা-সংস্কৃতিৰ অক্ষয় ভান্ডাৰ ৰূপে পৰিগণিত হৈ আহিছে। শিল্প-কলাৰ ক্ষেত্ৰতাে অসমৰ খ্যাতি এসময়ত ৰৈ-বৈ গৈছিল। কিন্তু কালৰ কুটিল গতিত আজি অসম ভাৰতৰ ভিতৰতে আটাইতকৈ পিচপৰা ৰাজ্য।

কুটীৰ শিল্পঃ অতুল ঐশ্বৰ্য্য বিভূতিৰ বাবে যেনেকৈ অসম সােণৰ অসম বুলি খ্যাত হৈছিল, সেইদৰে কুটীৰ শিল্পৰ বাবেও অসমৰ নাম সদৌ ভাৰততে ৰজনজনাই গৈছিল। কুটীৰ শিল্পতাে অসমে এদনীয়া আসন দখল কৰিবলৈ সমৰ্থ হৈছিল। এৰী, মুগা, পাট, কপাহী আদি বয়ন- শিল্প, কাহ-পিতলৰ নানাবিধ বাচন তৈয়াৰী শিল্প, কাঠ-শিল্প, বেত-বাঁহৰ শিল্প, মাটিৰ বাচন তৈয়াৰী শিল্প, হাতী দাঁত শিল্প, সােণ-ৰূপৰ অলঙ্কাৰ শিল্প, লােহা শিল্প, পাটী শিল্প, স্থপতি, ভাস্কর্য শিল্প আদি এশ এবুৰি কুটীৰ শিল্প অসমৰ বুকুত গজগজীয়া হৈ আছিল আৰু অসমক স্বাৱলম্বী কৰি তােলাৰ লগতে স্বয়ংসম্পূর্ণ কৰি তুলিছিল। আবহমান কালৰে পৰাই বয়ন-শিল্পত অসম ভাবত বিখ্যাত আছিল। অসমৰ পাট-মুগাৰ ছাঁতে শুকোৱা মুঠিতে লুকোৱা সাজে এসময়ত দিল্লী-আগ্রাৰ মােগল হেমেসমূহত আলােড়ন সৃষ্টি কৰিছিল।

চিত্রলেখাৰ অপূৰ্ব্ব সাজপাৰে অনিৰুদ্ধ কোৱৰক বিস্ময় বিমােহিত কৰিছিল। বৰপেটা অঞ্চলৰ পাটৰ কাপােৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তত্ত্বাৱধানত বৈকুণ্ঠৰ পটু ফুলন সর্বজনবিদিত এক গৌৰৱময় অধ্যায়। অসমীয়া ছােৱালীয়ে কাপােৰ বব নজনাটো এসময়ত বৰ লাজৰ কথা আছিল ; তেনে ছােৱালীয়ে থুপৰী নাম পাইছিল ; বহুত ক্ষেত্ৰত তেনে ছােৱালীয়ে বিয়া-বাৰুৰ আশা কৰাটোও আকাশ-কুসুম স্বৰূপ আছিল। অসমৰ জীয়াৰী-বােৱাৰী সকলােটি বয়নশিল্পত এনে কাজী আছিল যে ৰাতিৰ ভিতৰতে কপাহ নেওঠি, সূতা কাটি কাপােৰ বৈ উলিয়াই পিচদিনা পুৱা গৃহস্থক, পাে-নাতিক সেই কাপােৰ পিন্ধাই যুদ্ধক্ষেত্রলৈ সাজু কৰি পঠাইছিল। এনে কাপােৰক কবচ বােলা হৈছিল ; এই কবচ যাৰ গাত থাকিব তেওঁ অজেয়, অপৰাজেয়।

অসমীয়া শিপিনীয়ে কাপােৰত তােলা ভমকা-ফুলীয়া ফুলৰ চানেকি দেখি এসময়ত মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল, “অসমীয়া শিপিনীয়ে কাপােৰত পৰীৰ সাধু ৰচনা কৰে।” অসমীয়া পাট, মেজাঙ্কৰী, কিংখাপে ভাৰতৰ ইমূৰৰপৰা সিমূৰলৈ জীয়াৰী বােৱাৰীসকলক চমক লগাইছিল। ১৯২৬ চনত পান্ডুত বহা কংগ্ৰেছ মহাসভাৰ মন্ডপ নগাওঁ জিলাৰ ৰহা, বাৰপূজীয়া মৰিগাওঁ আদি অঞ্চলত তৈয়াৰ হােৱা কপাহী কাপােৰেৰে এনে মনােমােহাকৈ সজোৱা হৈছিল যে সমগ্র ভাৰতৰ নেতাসকলে অসমীয়া শিপিনীৰ বয়ন-নৈপুণ্য দেখি চমৎকৃত হৈ ভূয়সী প্রশংসা কৰিছিল। 

READ MORE  ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা ৰচনা | Students and Social Service Essay in Assamese

কাহ-পিতলৰ শিল্পৰ বাবেও অসম এসময়ত ভাৰত বিখ্যাত আছিল। ৰহাৰ কাঁহৰ বাচনৰ খ্যাতি সমগ্ৰ অসমতে ৰৈ বৈ গৈছিল। হাজো, সৰ্থেবাৰী অঞ্চলে আজিও অতীতৰ ঐতিহ্য কিছু পৰিমাণে ৰক্ষা কৰি অসমৰ নাম জিলিকাই ৰাখিছে। বিভিন্ন ধৰণৰ কাহ-পিতলৰ বাচন-বৰ্তন, বটা, শৰাই আদি আজিও সন্মানৰ সামগ্ৰী হিচাপে পৰিগণিত হৈ আছে।

কাঠশিল্পও অসমীয়া জাতিৰ গৌৰৱৰ বাহন। নানাবিধ আসন-বসন আদিৰ বাহিৰেও অসমীয়া শিল্পীয়ে তৈয়াৰ কৰা বেদীৰ সিংহাসন, বিষ্ণুমূৰ্ত্তি, অন্যান্য মূৰ্ত্তি, নানাবিধ মুখা, অন্যান্য আচবাবপত্র আদিৰ যথেষ্ট সমাদৰ সমাজত আছে।

বাঁহ-বেতৰ আচবাবপত্র, নিত্য-নৈমিত্তিক ব্যৱহাৰৰ পাচি, খৰাহী, ডলা, চালনী, মাছ-মৰা সজুলি জাকৈ, প’ল’, লুকি, ঠোহা, দলঞ্জা, ডিঙৰী আদি অসমীয়া সমাজত এতিয়াও বহুলভাৱে প্রচলিত আছে। আজিকালি বাঁহ-বেতৰ চকী, টেবুল আদিও সমাজৰ আদৰৰ বস্তু। এসময়ত ফুলমকৈ তৈয়াৰ কৰা সৰুদৈয়া, বৰদৈয়া জাপি অতি আদৰ আছিল আৰু অভিজাত শ্ৰেণীৰ মহিলাসকলেও অলৈ-তলৈ গ’লে এই জাপি সন্মানেৰে ব্যৱহাৰ কৰিছিল। আজিকালি অৱশ্যে এই দুই বিধ জাপি তােৰণ আৰু চ’ৰা ঘৰৰ সাজ-সজ্জাৰ আহিলাতহে পৰিণত হৈছে। তথাপি বাঁহৰ জাপিৰ ব্যৱহাৰ খেতিয়ক সমাজত এতিয়াও চলি আছে।

মাটিৰ বাচন-বৰ্তন তৈয়াৰ কৰাটোও এক শ্রেণীৰ অসমীয়া মানুহৰ ব্যৱসায়। দুখীয়া এক শ্ৰেণীৰ লােকৰ ইও এটা জীৱিকাৰ উপায়। বর্তমানেও অসমৰ বিভিন্ন ঠাইত এই শিল্প বর্তি আছে আৰু ই দুখীয়া শ্রেণীৰ মানুহৰ উপকাৰ সাধন কৰি আছে।

অসমৰ আন এটি অতি আপুৰুগীয়া আৰু গৌৰৱৰঞ্জিত শিল্প হৈছে হাতী দাঁত শিল্প। এসময়ত অসমত প্ৰচুৰ পৰিমাণে হাতী দাঁত পােৱা গৈছিল। অসমীয়া শিল্পীয়ে হাতী দাঁতেৰে নানা কাৰুকার্যখচিত অলঙ্কাৰ তৈয়াৰ কৰাৰ বাহিৰেও অতিশয় মনােৰম আৰু মসৃণ পাটী তৈয়াৰ কৰিছিল। তেনে পাটী বর্তমান সময়ত দুই-এখন সত্ৰৰ বাহিৰে আৰু ক’তাে পাবলৈ নােহােৱা হৈ আহিছে। বর্তমান অসমৰ কেৱল বৰপেটা অঞ্চলতহে এই শিল্প বর্তি আছে। হ’লেও হাতী দাঁতৰ যােগান কমি যােৱাত এই শিল্প ভীষণ সঙ্কটৰ সন্মুখীন হ’ব লগা হৈছে।

সােণ-ৰূপৰ অলঙ্কাৰ তৈয়াৰী শিল্পও অসমৰ এক মূল্যবান শিল্প। এসময়ত অসমত প্ৰচুৰ পৰিমাণে সােণ পােৱা গৈছিল। সােৱণশিৰী নৈৰ বালিৰপৰাও প্ৰচুৰ পৰিমাণে সােণ আহৰণ কৰা গৈছিল। অসমৰ সােণাৰীৰ কাৰুকার্যখচিত সােণ-ৰূপৰ অলঙ্কাৰ অতি আদৰৰ বস্তু আছিল। জোনবিৰি, ঢােলবিৰি, কেৰু, জাংফাই, গেজে, থুৰীয়া অসমীয়াৰ বৰ আদৰৰ অলঙ্কাৰ ।

READ MORE  অসমৰ ক্ষুদ্ৰ উদ্যোগ : সম্প্ৰসাৰণ আৰু বাণিজ্যিকীকৰণ | Small Scale Industries in Assam Essay in Assamese

লােহাৰে তৈয়াৰী কটাৰী, যাঠি আদি নানাবিধ ব্যৱহাৰ্য্য বস্তু, হিলৈ, বৰতােপ, হেংদান আদি নানাবিধ যুদ্ধৰ সজুলি অসমীয়া শিল্পীয়ে অসমতে আহৰণ কৰা লােৰে তৈয়াৰ কৰি লৈছিল। শুনা মতে অসমৰ কোনাে কোনাে অঞ্চলত পােৱা বিশেষ এবিধ মটিৰপৰা নানা প্রক্রিয়াৰে লাে তৈয়াৰ কৰা হৈছিল। কিন্তু ক’ত, কেনেভাৱে তৈয়াৰ কৰা হৈছিল তাৰ সদ্ভেদ বর্তমান পােৱা নাযায়। সম্ভৱত “লাহােৱাল” নামটিৰ উৎপত্তিৰ লগত লাে’ উৎপাদনৰ কিবা সম্পর্ক থাকিব পাৰে। ই গৱেষণাৰ যােগ্য। পাটী দৈৰে পাটী তৈয়াৰ কৰাটোও অসমৰ এক শ্রেণীৰ লােকৰ ব্যৱসায়। কঠ, পাটী আদি অসমৰ বিভিন্ন ঠাইত তৈয়াৰ হয়।

অসমৰ পুৰণি মঠ-মন্দিৰ, দৌল-দেৱালয়বােৰ অসমৰ এবিধ বিশেষ ধৰণে তৈয়াৰী ইটাৰে সজোৱা হৈছিল ; মাটিমাহ, বৰা চাউল, বৰালি মাছ, কণী আদি বস্তু মাটিৰ লগত মিহলাই তৈয়াৰ কৰা ইটা শিলৰ তুল্য। জয় দৌল, শিৱ দৌল, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আৰু অসমৰ বিভিন্ন ঠাইত থকা দৌল দেৱালয়বােৰ এই ইটাৰে তৈয়াৰ কৰা হৈছিল। কিন্তু কালৰ কুটিল গতিত পৰ্য্যাপ্ত পৰিমাণৰ সামগ্ৰীৰ অভাৱত, তদুপৰি কাৰিকৰ নােহােৱা হৈ যোৱাৰ বাবে এই শিল্প লুপ্ত হৈ গৈছে।

অসমৰ পৰ্বতে-কন্দৰে গুহাই -গহ্বৰে থকা নানা শিলা খােদিত মূর্তি আদি অসমৰ শিল্পীয়েই তৈয়াৰ কৰিছিল। এই শিল্পৰ নিদর্শনাে সমগ্ৰ অসম বিয়পি আছে। কিন্তু দুখৰ বিষয়, অসমত বর্তমান যুগত ভাস্কৰৰ অভাৱ পৰিলক্ষিত হৈছে।

অৱনতিৰ কাৰণঃ অসমত ইমানবােৰ কুটীৰ শিল্প থকা সত্ত্বেও আজি অসম আর্থিক অনাটনত জৰ্জৰিত ; তদুপৰি উদ্যোগত অতিশয় পিছপৰা। ইয়াৰ মূল কাৰণ, বর্তমান সময়ত কেঁচা সামগ্ৰীৰ যথেষ্ট অভাৱ পৰিলক্ষিত হৈছে। দ্বিতীয়তে বৈজ্ঞানিক যুগৰ বৃহৎ উদ্যোগৰ বৃহৎ পৰিমাণৰ উৎপাদনৰ সৈতে, ক্ষুদ্র উদ্যোগসমূহে ফেৰ মাৰি চলিব নােৱাৰে। তৃতীয়তে বৃহৎ উদ্যোগৰ জাকজমকীয়া বস্তুৰ প্রতি মানুহৰ এটা বাহ্যিক আকর্ষণ আহি পৰিছে; যাৰ ফলত শিল্পসমূহলৈ মানুহৰ শ্রদ্ধা কমি গৈছে। কুটীৰ শিল্পত পৰিশ্ৰম বেছি; অথচ উৎপাদন কম হয়; ফলত মূল্য বেছি হয়।

গতিকে যান্ত্রিক উৎপাদনৰ তুলনাত অধিক মূল্যৰ বস্তুৰ প্রতি, মানুহৰ স্বাভাৱিক অৱহেলা আহি পৰিছে। আন হাতেদি বিদেশী, সস্তীয়া আৰু বিজতৰীয়া সভ্যতাৰ প্রতি মানুহ আকৃষ্ট হােৱাৰ ফলত এই বহুমূলীয়া, গৌৰৱপূৰ্ণ শিল্পৰ প্রতি মানুহ আওকণীয়া হৈছে; চাকৰিৰ মনােবৃত্তি গঢ়ি উঠাৰ ফলত শিল্পসমূহৰ চর্চা ক্রমে কমি গৈছে আৰু সেয়েহে উপযুক্ত কাৰিকৰ আৰু প্ৰশিক্ষণৰ অভাৱত, উপযুক্ত মানদণ্ডৰ সামগ্রী তৈয়াৰ বাধা প্রাপ্ত হৈছে; লগতে চাহিদা অনুপাতে উৎপাদন হয়। এইবােৰ কাৰণতে, তদুপৰি প্ৰকৃতাৰ্থত বহু সময়ত চৰকাৰী আৰু বেচৰকাৰী উপযুক্ত পৃষ্ঠপােষকতাৰ অভাৱতেই, এই কুটীৰ শিল্প উদ্যোগসমূহে বিলুপ্তিৰ ক্ষণ গণিব লগা হৈছে।

READ MORE  মোৰ প্ৰিয় সাহিত্যক ৰচনা - সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

তথাপিও অসমীয়া শিল্পীসকলে এই শিল্পসমূহ জীয়াই ৰাখিবৰ কাৰণে যি প্রচেষ্টা চলাই আহিছে, সি উচ্চ প্রশংসনীয়। শুৱালকুছি অঞ্চলত এতিয়াও পাট-মুগাৰ কাপােৰ, নগাওঁৰ বিভিন্ন ঠাইত এৰী, কপাহী কাপােৰ সূতাৰ উৎপাদন, বৰপেটা অঞ্চলত হাতী দাঁতৰ অলঙ্কাৰৰ উৎপাদন আৰু অন্যান্য ঠাইত কম-বেছি পৰিমাণে অন্যান্য শিল্প-সামগ্ৰীৰ উৎপাদনৰ আৰু এই শিল্প সমুহ সংৰক্ষণৰ আৰু পৰিবৰ্দ্ধনৰ যি প্রচেষ্টা চলি আছে, সি প্রশংসাৰ যােগ্য। হাজো-সৰ্থেবাৰী অঞ্চলৰ কাঁহ-পিতলৰ সামগ্ৰীৰ চাহিদা আজিও কমা নাই আৰু নকমেও; কিন্তু কাৰিকৰসকলৰ মূলধনৰ অভাৱ ; কেঁচা সামগ্ৰীৰ অভাৱ ; তাৰ ফলত কাৰিকৰসকলে পৰিশ্ৰম অনুযায়ী মজুৰী নাপায়। লাভৰ অধিকাংশ যায় মহাজনসকললৈ।

উন্নয়নৰ উপায় আৰু মন্তব্যঃ বিজ্ঞানে যিমানেই উন্নতি সাধন নকৰক লাগিলে আৰু যিমানেই বৈজ্ঞানিক কৌশলেৰে নিত্য নতুন চকচকীয়া সামগ্রী, আচবাবপত্ৰ উদ্ভাৱন নকৰক লাগিলে পৃথিৱীত যেতিয়ালৈকে নিম্ন শ্রেণীৰ লােক থাকিব, তেতিয়ালৈকে কুটীৰ শিল্পও বৰ্তি থাকিব। কিন্তু তাৰ কাৰণে, তদুপৰি এই কুটীৰ শিল্পসমূহৰ উন্নয়নৰ কাৰণে সামূহিক প্রচেষ্টাৰ নিতান্তই প্রয়ােজন হৈছে। যিহেতু অসমীয়া জাতি আর্থিক দিশত অনগ্রসৰ, কাৰিকৰী দিশত বহু পৰিমাণে অনুন্নত গতিকে বহল ভিত্তিত এই শিল্পসমূহৰ উৎপাদনৰ কাৰণে চৰকাৰী সাহায্য আৰু পৃষ্ঠপােষকতাৰ একান্ত আৱশ্যক। কম সময়ত, কম পৰিশ্ৰম আৰু কম খৰচত কি উপায়েৰে অধিক উৎপাদনক্ষম কৰি তুলিব পৰা যায়, তাৰ কাৰণে গৱেষণাৰো প্রয়ােজন। কাৰিকৰ তথা শিল্পীসকলকো যাতে অধিক কার্যক্ষম আৰু দক্ষ কৰি তুলিব পৰা যায়, তাৰ বাবে প্রশিক্ষণৰাে ব্যৱস্থাৰ আৱশ্যক।

ইয়াৰ বাবেচৰকাৰী পৃষ্ঠপােষকতা অত্যাৱশ্যকীয়। বর্তমান সময়ত বহুতাে শিক্ষিত যুৱক নিবনুৱা হৈ আছে; তেওঁলােককো একোটা বৃত্তি দিয়াৰ ব্যৱস্থা কৰি এই উদ্যোগসমূহৰ প্রশিক্ষণ দিয়াই, সেই বৃত্তিত আত্মনিয়ােগ কৰিবৰ সুবিধাৰ কাৰণে চৰকাৰী সাহায্য, ঋণ আদিৰ ব্যৱস্থা কৰিব লাগে। লগে লগে পর্যাপ্ত পৰিমাণে কেঁচা সামগ্রী যাতে যােগান ধৰিব পৰা যায়, তাৰ কাৰণেও চৰকাৰী ব্যৱস্থা হাতত লােৱা উচিত। সৰ্ব্বতােপৰি জাতীয় চেতনা জগাই তুলি, জাতীয় ঐতিহ্যৰ প্রতি আগ্রহশীল কৰি তুলি শিক্ষিত যুৱকসকলক শিল্পপ্রাণ কৰি তােলাৰ জাতীয় ব্যৱস্থা হ’ব লাগে। তাকে কৰিব পাৰিলে জাতীয় কুটীৰ শিল্পসমূহৰো উন্নতি হ’ব আৰু নিবনুৱা সমস্যা সমাধানৰ পথে প্রশস্ত হ’ব।

Leave a Comment

error: Content is protected !!
Scroll to Top