মোৰ জীৱনৰ লক্ষ্য ৰচনা- চিকিৎসক | মোৰ জীৱনৰ লক্ষ্য ডাক্তাৰ | My Aim in Life Doctor Essay in Assamese | Doctor Essay in Assamese | Doctor Asomiya Rosona | Asomiya Essay Doctor | Mor Jibonor Loksho Doctor Rosona | Tomar Jibor Lokkho Doctor Essay
মোৰ জীৱনৰ লক্ষ্য ৰচনা – চিকিৎসক
আৰম্ভণি
সময়ক যদি নদীৰ সোঁতৰ লগত তুলনা কৰা হয়, তেন্তে আমাৰ জীৱন এই সময় নদীত এৰি দিয়া একো-একোখন নৌকা। আমাৰ জীৱনৰ আৰম্ভণি সময়ৰ আৰম্ভণি নহয় ৷ আমাৰ বাবে আমাৰ জন্মই হৈছে এই কোবাল নদীৰ পাৰ, য’ৰ পৰা আমি অজান দিশে আমাৰ জীবনযাত্রা আৰম্ভ কৰোঁ। এই যাত্ৰা বৰ খলা-বমা আৰু জটিল। সময়ৰ সোঁতক পৰাস্ত কৰি এই যাত্ৰাত সফলভাবে আগুৱাবলৈ হলে থাকিব লাগিব একোটা দৃঢ় মন আৰু স্থিৰ লক্ষ্য। এই লক্ষ্য ছাত্র অবস্থাতে স্থিৰ কৰিব লাগে, কিয়নো এটা নির্দ্দিষ্ট লক্ষ্য থাকিলেহে সেই লক্ষ্যৰ দিশে পূর্ণ দৃঢ়তা আৰু তীব্র বেগেৰে আগুৱাই যোৱাটো সম্ভৱ। লক্ষ্য বিহীন জীবন বঠা নাইকীয়া নাৱৰ দৰে হয় আৰু মনুষ্য জীবন বৃথা হৈ পৰে।
মোৰ জীৱনৰ লক্ষ্য
এই পৃথিৱীত মোৰ অস্তিত্বৰ গুৰুত্ব অনুধাৱন কৰি মই মোৰ জীৱনৰ লক্ষ্য স্থিৰ কৰিছোঁ আৰু লক্ষ্য প্রাপ্তিৰ বাবে কঠোৰ অধ্যৱসায় কৰিবলৈ প্ৰস্তুত হৈছোঁ ৷ মোৰ জীৱনৰ মূল লক্ষ্য হৈছে সফল ভাবে মোৰ শিক্ষা জীবন সম্পূর্ণ কৰি এজন আদর্শবান নাগৰিক হোৱা আৰু মোৰ অঞ্চলৰ লগতে দেশৰ উন্নতি আৰু বিকাশৰ বাবে কাম কৰা। সমাজৰ বা দেশৰ হকে সেৱা আগবঢ়াবলৈ প্রথমে নিজক প্রতিষ্ঠা কৰিব লাগিব। সেয়ে মই স্থিৰ কৰিছোঁ যে মই এজন সু-চিকিৎসক হিচাপে প্রতিষ্ঠিত হৈ মানৱ সেৱা আগবঢ়াম। মোৰ লক্ষ্যত উপনিত হবৰ বাবে মই সকলো প্ৰকাৰে যত্ন কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ।
এই লক্ষ্য বাচি লোৱাৰ কাৰণ
মই এই লক্ষ্য বাচি লোৱাৰ কাৰণ কেইবাটাও আছে। প্ৰথমতে, আমাৰ দেশত চিকিৎসা সেৱাৰ যথেষ্ট উন্নতি হৈছে যদিও গাওঁ-ভূঁই আদি পিচপৰা অঞ্চলসমূহত এতিয়াও যথোচিত চিকিৎসা সেৱাৰ সুবিধা নাই। বহুতো চিকিৎসকে গাওঁ অঞ্চলসমূহত সেৱা আগবঢ়াব নিবিচাৰে। মই এনে পিচপৰা অঞ্চলত সেৱা আগবঢ়াই তাৰ জনসাধাৰণক উপকৃত কৰিব বিচাৰোঁ।
দ্বিতীয়তে, অন্ধবিশ্বাস হৈছে দেশৰ প্ৰগতিৰ অন্তৰায় ৷ আমাৰ গাওঁ অঞ্চলসমূহৰ বহুতো লোক এতিয়াও অন্ধবিশ্বাসৰ কবলত আছে, যি সকলে ৰোগ নিৰাময়ৰ বাবে চিকিৎসকৰ ওচৰলৈ নগৈ বেজ, কবিৰাজৰ ওচৰলৈ যায়। এই লোক সকলৰ মনত বিজ্ঞান সন্মত ভাবধাৰা জগাই তুলি চিকিৎসা বিজ্ঞানৰ প্ৰতি ধাউতি অনাটো মোৰ কৰ্তব্য বুলি ভাবো।
তৃতীয়তে, আমাৰ দেশৰ বহুতো লোক এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। এই দৰিদ্রলোকসকলে অসুখত ভূগি যন্ত্রণাকাতৰ জীবন কটায়, অথচ টকাৰ অভাৱত চিকিৎসকৰ ওচৰ পাবগৈ নোৱাৰে। মই এনে দৰিদ্র লোকক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই তেওঁলোকক কিঞ্চিৎ সহায় কৰিব বিচাৰোঁ।
সামৰণি
মোৰ জ্ঞাত যে এই লক্ষ্যত উপনীত হোৱাটো তেনেই সহজ নহয়। এজন সফল চিকিৎসক হিচাপে প্রতিষ্ঠিত হোৱালৈকে পদে পদে সম্মুখীন হব লাগিব বিভিন্ন জটিল পৰীক্ষাৰ। এইবোৰ অতিক্ৰম কৰি যাবলৈ মোৰ নিজৰ চেষ্টাৰ লগতে লাগিব মোৰ পিতৃ-মাতৃ আৰু শিক্ষাগুৰু সকলৰ অমূল্য আশীৰ্বাদ । মই যেন সকলোৰে আশীৰ্বাদ আৰু প্ৰেৰণা লাভ কৰি মোৰ জীৱনৰ লক্ষ্যত উপনীত হ’ব পাৰো তাৰেই কামনা কৰিলোঁ।