মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি | Chapter 6 | Class 12 Education | Mental Health and Hygiene Solutions for Assamese Medium | Class 12 Education Question and Answer Assamese Medium | প্ৰশ্ন আৰু উত্তৰ । Class 12 Education Solutions | Questions and Answers Assam | Assam HS 2nd Year Education Textbook Solutions – AHSEC
মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি
শুদ্ধ নে অশুদ্ধ লিখা (মূল্যাংক- ১)
1. মানসিক স্বাস্থ্য হ’ল এটা চানেকি স্বৰূপ ধাৰণা।
উত্তৰঃ শুদ্ধ।
2. মানসিক স্বাস্থ্য হ’ল মনৰ সুস্থিৰ অৱস্থা।
উত্তৰঃ শুদ্ধ।
3. মানসিক স্বাস্থ্যবিধিৰ লক্ষ্য মানসিক স্বাস্থ্যৰ নিৰাপদকৰণ।
উত্তৰঃ শুদ্ধ।
4. মানসিকভাৱে স্বাস্থ্যবান লােক এজন আবেগিকভাৱে সুস্থিৰ হয়।
উত্তৰঃ শুদ্ধ।
5. এগৰাকী মানসিকভাবে সুস্থ লােক সামাজিকভাৱে ভালদৰে খাপ খােৱা নহ’বও পাৰে।
উত্তৰঃ অশুদ্ধ।
6. মানসিক স্বাস্থ্যবিধিৰ কাম হ’ল মানসিক স্বাস্থ্য নিৰাপদে ৰখা।
উত্তৰঃ শুদ্ধ।
7. শাৰীৰিক স্বাস্থ্যৰ দৰে মানসিক স্বাস্থ্য এটা মাত্ৰাৰ বিষয়।
উত্তৰঃ শুদ্ধ।
8. মানসিকভাবে স্বাস্থ্যবান লােকৰ এক সন্তলিত ব্যক্তিত্ব থাকে।
উত্তৰঃ শুদ্ধ।
9. মানসিক স্বাস্থ্য হ’ল পাৰিপাৰ্শ্বিকতাৰ সৈতে নিজকে খাপ খুওৱাৰ সামৰ্থ্য।
উত্তৰঃ শুদ্ধ।
10. মানসিক স্বাস্থ্য আহৰণ সামাজিক পৰিমণ্ডলত সম্ভৱ।
উত্তৰঃ শুদ্ধ।
11. মানসিক স্বাস্থ্যবিধি মানসিক বিসংগতিৰ নিৰাময়কাৰী দিশটোৰে সম্পৰ্কিত।
উত্তৰঃ শুদ্ধ।
12. মানসিক অসুস্থতা নিৰামযসাধ্য।
উত্তৰঃ শুদ্ধ।
13. মানসিক স্বাস্থ্য হ’ল মনৰ সুস্থিৰ অৱস্থা।
উত্তৰঃ শুদ্ধ।
14. এগৰাকী শাৰীৰিকভাৱে স্বাস্থ্যবান লােক মানসিকভাৱে স্বাস্থ্যবান নহ’বও পাৰে।
উত্তৰঃ শুদ্ধ।
15. সমন্বিত সমিলমিল মানসিক স্বাস্থ্যৰ এটা আৱশ্যকীয় চৰ্ত।
উত্তৰঃ শুদ্ধ।
16. মানসিক স্বাস্থ্য বজাই ৰখাটো নিৰ্ভৰ কৰে প্ৰয়োজনীয়তা পূৰণৰ ওপৰত।
উত্তৰঃ শুদ্ধ।
17. মানসিক স্বাস্থ্যবিধি হ’ল পৰিসমাপ্তি আৰু মানসিক স্বাস্থ্য হ’ল। উপায়।
উত্তৰঃ অশুদ্ধ।
18. মানসিক স্বাস্থ্য মানে মানসিক অসুস্থতাৰ অনুপস্থিতি।
উত্তৰঃ শুদ্ধ।
19. মানসিক অসুস্থতাৰ ক্ষেত্ৰত বংশগত প্ৰভাৱ নাথাকে।
উত্তৰঃ শুদ্ধ।
20. শাৰীৰিক স্বাস্থ্য হ’ল মানসিক স্বাস্থ্যৰ এটা গুৰুত্বপূৰ্ণ চৰ্ত।
উত্তৰঃ শুদ্ধ।
21. মানসিক স্বাস্থ্য সামাজিক প্ৰমূল্য, বিধান আৰু মানৰে সম্পৰ্কিত।
উত্তৰঃ শুদ্ধ।
থালী ঠাই পূৰ কৰা (মূল্যাংক- ১)
1. মানসিক স্বাস্থ্যবিধি হ’ল _____ আৰু মানসিক স্বাস্থ্য হ’ল _____।
উত্তৰঃ উপায়, সমাপ্তি।
2. মানসিক স্বাস্থ্যবিধি হ’ল সৰ্বাধিক _____ আৰু সৰ্বনিম্ন _____ সমিলমিল।
উত্তৰঃ মানসিক স্বাস্থ্য, মানসিক অসুস্থতা।
3. মানসিক ৰােগ নিৰাময় কৰাটো হ’ল মানসিক স্বাস্থ্যবিধি _____ কাৰ্য।
উত্তৰঃ প্ৰধান।
4. এগৰাকী লােক মানসিক স্বাস্থ্য নিৰ্ধাৰিত হয় তেওঁৰ _____ সমিলমিল দ্বাৰা।
উত্তৰঃ সমাজ।
5. মানসিক স্বাস্থ্যবিধিৰ উদ্দেশ্য হ’ল _____ আহৰণ।
উত্তৰঃ মানসিক স্বাস্থ্য নিৰ্ধাৰণ।
6. মানসিক স্বাস্থ্যবিধি হ’ল মানসিক স্বাস্থ্য বজাই ৰখাৰ _____।
উত্তৰঃ বিজ্ঞান বা প্ৰক্ৰিয়া।
7. মানসিক স্বাস্থ্যবিধিৰ তিনিটা গুৰুত্বপূৰ্ণ দিশ আছে -প্ৰতিৰােধমূলক, নিৰাময়ক আৰু _____।
উত্তৰঃ সংৰক্ষণমূলক।
8. মানসিক স্বাস্থ্যবিধিযে সহায় কৰে ব্যক্তিত্বৰ _____ বিকাশত।
উত্তৰঃ মানসিক।
অতি চমু প্ৰশ্নোত্তৰ (মূল্যাংক- ১)
1. শাৰীৰিক স্বাস্থ্যৰ দৰে মানসিক স্বাস্থ্য এটা মাত্ৰাৰ বিষয’— কোনে কৈছিল?
উত্তৰঃ প্ৰফেছাৰ হােমল।
2. মানসিক স্বাস্থ্যবিধি মানসিক স্বাস্থ্য অটুট ৰখা আৰু মানসিক বিসংগতিৰ সৈতে সংযুক্ত ‘ — এই উক্তি কাৰ?
উত্তৰঃ হেডফিল্ড।
3. এটা অপৰাধপ্ৰৱণ ছাত্ৰ মানসিকভাৱে স্বাস্থ্যৱান হ’ব পাৰে নে নােৱাৰে লিখা।
উত্তৰঃ নােৱাৰে।
4. মানসিক স্বাস্থ্যবিধি হ’ল এবিধ বিজ্ঞান, যি মানৱ কল্যাণৰ সৈতে জড়িত আৰু মানৱীয় সম্পৰ্কৰ সকলাে ক্ষেত্ৰতে পৰিব্যাপ্ত’– এই কথা কোনে কৈছিল ?
উত্তৰঃ ক্ৰো আৰু ক্ৰো।
চমু প্ৰশ্নোত্তৰ (মূল্যাংক -২)
1. মানসিক স্বাস্থ্যৰ প্ৰতিৰােধমূলক কাৰ্যটো কি?
উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞান প্ৰতিৰােধমূলক কাৰ্যটো হৈছে মানসিক অসুস্থতা, ব্যক্তিত্ব বিকাশ আৰু সমাযােজনৰ সমস্যাসমূহ নিবাৰণ কৰা। এই বিজ্ঞানে মানৱ শিশুৰ মানসিক অসুস্থতাৰ কাৰণবােৰ ব্যক্তিত্বৰ বিকাশ আৰু সমাযােজনৰ সমস্যাসমূহৰ বিষযে বুজি পােৱাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়।
2. মানসিক স্বাস্থ্যবিধিৰ দুটা গুৰুত্বপূৰ্ণ কাৰ্য লিখা।
উত্তৰঃ মানসিক স্বাস্থ্যবিধিৰ দুটা কাৰ্য হ’ল—
(১) মানসিক স্বাস্থ্যবিধিৰ মূল কাম হৈছে মানসিক অসুস্থতা ব্যক্তিত্বৰ বিকাশ আৰু সমাজেনৰ সমস্যাসমূহ নিবাৰণ কৰা।
(২) মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি আৰু ইয়াৰ সংৰক্ষণৰ বাবে ল’ব লগা উপায়, কৌশল আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে। জ্ঞান প্ৰদান কৰা।
3. মানসিক স্বাস্থ্যবিধিৰ সংজ্ঞা দিয়া।
উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞান হৈছে এনে এটা বিজ্ঞান যি মানৱ কল্যাণৰ সৈতে জড়িত আৰু ই মানুহৰ সম্বন্ধৰ সকলাে ক্ষেত্ৰকে সামৰি লয়।
মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰিবলৈ লােৱা প্ৰতিৰােধমূলক ব্যৱস্থা আৰু শীঘ্ৰ চিকিৎসাৰ “ জৰিয়তে মানসিক ৰােগ হ্ৰাস কৰিবলৈ লােৱা ব্যৱস্থা সমূহক একেগে মানসিক স্বাস্থ্যবিধি বােলে।
4. মানসিক স্বাস্থ্যৰ সংৰক্ষণমূলক কাৰ্য কি?
উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যকলাপে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি আৰু ইয়াৰ সংৰক্ষণৰ বাবে ল’ব লগা উপায় কৌশল আৰু প্ৰক্ৰিয়াসমূহৰ বিষযে প্ৰণালীবদ্ধ জ্ঞান প্ৰদান কৰে মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্যবিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য।
5. মানসিক স্বাস্থ্যৰ ধাৰণাটো লিখা।
উত্তৰঃ সাধাৰণতে ব্যক্তিত্বৰ পূৰ্ণ কাৰ্যক্ৰম সমবিকাশকেই মানসিক স্বাস্থ্য বুলি ক’ব পাৰি। মানুহৰ মনৰ মাজত কিছুমান জন্মগত আৰু কিছুমান আৰ্জিত চাপ থাকে। যেতিয়া এই চাপসমূহে একেলগে এটাই আনটোৰ। সৈতে সমিল মিলকৈ কাম কৰি যায় তেতিয়া তাৰ সম্পূৰ্ণ অভিব্যক্তি প্ৰতিফলিত হয়। যি ব্যক্তিৰ ব্যক্তিত্বত ইয়াক দেখা যায় তেনে ব্যক্তিৰ স্বাস্থ্যক সুস্থ মানসিক স্বাস্থ্য বুলি অভিহিত কৰা হয়।
6. মানসিক স্বাস্থ্যৰ নিৰাময়ক কাৰ্য কি?
উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ নিৰাময়ক কাৰ্যসমূহে মূলতঃ চিকিৎসা কৌশলসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। এই বিজ্ঞানে মানুহৰ অকল মানসিক অসুস্থতাৰ সমস্যাসমূহ উপলব্ধি কৰা, ব্যক্তিত্বৰ বিকাশ আৰু – সমাযােজনাৰ সমস্যাসমূহ উপলব্ধি আৰু প্ৰতিকাৰৰ কৌশলসমূহৰ জ্ঞান। প্ৰদান কৰে।
7. মানসিক স্বাস্থ্যবিধিৰ দুটা উদ্দেশ্য লিখা।
উত্তৰঃ মানসিক স্বাস্থ্যবিধিৰ দুটা উদ্দেশ্য হ’ল—
(১) ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্যৰ নিবাৰণ আৰু উন্নতি সাধন কৰা।
(২) ব্যক্তিত্ব বিকাশ আৰু জীৱনৰ অভিজ্ঞতা সমূহৰ মাজত সজীৱ হৈ থকা সম্পৰ্কসমূহৰ বিষয়ে উপযুক্ত ৰােধৰ বিকাশ ঘটোৱা।
প্ৰশ্নোত্তৰ (মূল্যাংক -৩)
1. ক্ৰো এণ্ড ক্ৰোৱে ব্যাখ্যা কৰাৰ দৰে মানসিক স্বাস্থ্যৰ মূল উদ্দেশ্যসমূহৰ বিষয়ে বিবৰি লিখা।
উত্তৰঃ ক্ৰো এণ্ড ক্ৰোৱে আগবঢ়োৱা মানসিক স্বাস্থ্যৰ মূল উদ্দেশ্যসমূহ হ’ল—
(১) জীৱনৰ অভিজ্ঞতা আৰু ব্যক্তিত্বৰ পূৰ্ণবিকাশৰ সমন্বযৰ জৰিয়তে মানসিক অসুস্থতা দূৰীকৰণৰ ব্যৱস্থা কৰা।
(২) ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্যৰ সংৰক্ষণ।
(৩) মানসিক ৰােগ নিৰাময়ৰ বাবে চিকিৎসা বিষয়ক ব্যৱস্থাৰ উদ্ভাৱন আৰু ব্যৱহাৰ কৰা।
2. মানসিক স্বাস্থ্যবিধিৰ তিনিটা উদ্দেশ্য লিখা।
উত্তৰঃ মানসিক স্বাস্থ্যবিধিৰ তিনিটা উদ্দেশ্য হ’ল—
(১) মানসিক স্বাস্থ্যবিধিযে মানসিক স্বাস্থ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সহায় কৰে।
(২) পৰিবেশৰ লগত সুন্দৰভাৱে সমাযােজন কৰিব পৰা ধৰণে ব্যক্তিত্ব বিকাশৰ বাবে চেষ্টা চলায়।
(৩) ভাৰসাম্য আৰু সু- সামঞ্জস্য ব্যক্তিত্বৰ বিকাশৰ বাবে এই বিজ্ঞানে মানসিক দোষ ত্ৰুটিসমূহ নিবাৰণ কৰাৰ প্ৰচেষ্টা চল্য।
3. মানসিক স্বাস্থ্যবিধি কি গুৰুত্বপূৰ্ণ?
উত্তৰঃ মানসিক স্বাস্থ্যবিধিৰ ওৰুত্বপূৰ্ণ কিছুমান দিশ তলত উল্লেখ কৰা
হ’ল —
(১) মানসিক স্বাস্থ্যবিধিযে মানসিক স্বাস্থ্য সম্বন্ধীয় বিভিন্ন জ্ঞান আহৰণৰ উপায় দিয়ে।
(২) ই এক সুখী আৰু সমতুল জীৱন ধাৰণত সহায় কৰে।
(৩) শাৰীৰিক আৰু মানসিক সুবিধাসমূহে ব্যক্তিৰ সু – চৰিত্ৰ গঠনত সহায় কৰে আৰু শৰীৰৰ অৱস্থা উন্নত কৰাৰ লগতে মানসিক ক্ষমতা বৃদ্ধি কৰি ব্যক্তিক আত্মনিৰ্ভৰশীল কৰি তােলে।
4. মানসিক স্বাস্থ্যবিধিৰ অৰ্থ ব্যাখ্যা কৰা।
উত্তৰঃ ব্যক্তিৰ অপসযােজনত বাধা দান কৰিবলৈ পৰিবেশৰ প্ৰয়ােজনীয় অৱস্থাৰ সৃষ্টি কৰি আৱেগিক মনােভাৱ গঢ় দি তােলা আৰু চিন্তাক। অভ্যস্ত কৰি তােলা কাৰ্যই মানসিক স্বাস্থ্য বিজ্ঞান। ই হৈছে মানসিক স্বাস্থ্যৰ উৎকৰ্ষ সাধন কৰা আৰু মানসিক বিশৃংখলতাক বাধা দান কৰা সম্বন্ধীয় নীতি আৰু পদ্ধতিৰ অধ্যয়ন। ই এনে এবিধ বিজ্ঞান যি। প্ৰতিজন লােকৰ জীৱনৰ অভিজ্ঞতাৰ বাবেই অৰ্থপূৰ্ণ হৈ উঠিব পাৰে। বহল অৰ্থত ক’বলৈ হ’লে ব্যক্তিক তেওঁৰ সুস্থ, সুন্দৰ, সুখী আৰু সম্পূৰ্ণ জীৱন যাপনত সহায় কৰিবৰ বাবে ল’ব লগা যি দেহ মানসিক। তৎপৰতা সেযে হৈছে মানসিক স্বাস্থ্যবিজ্ঞান।
5. মানসিক স্বাস্থ্যবিধিৰ পৰিসৰ ব্যাখ্যা কৰা।
উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ অতি বহল। মানসিক আলােড়নৰ কাৰণসমূহ জনাৰ ক্ষেত্ৰত সহায আগবঢ়ায়। মানসিক স্বাস্থৰ বিজ্ঞানৰ জ্ঞানৰ সহায়ত মানসিক ৰােগৰ কাৰণবােৰ সুন্দৰভাৱে বুজিব পাৰি। মানসিক সমস্যাসমূহ আঁতৰ কৰাৰ বাবে সংৰক্ষণমূলক উপায় সমূহৰ বিষয়ে জনাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে। মানসিক স্বাস্থ্য বিজ্ঞানৰ জৰিয়তে সকলােবােৰ মানসিক বিশৃংখলৰ পৰা পৰিত্ৰান পােৱাৰ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব পাৰি।
মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধিৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে সহায আগবঢ়ায়। ব্যক্তিত্ব বিকাশৰ প্ৰক্ৰিয়া সুন্দৰভাবে উপলব্ধি কৰাত মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা সমাযােজন প্ৰক্ৰিয়াৰ দ্বাৰা নানা ক্ৰিয়া বিধি অৰ্থাৎ মানসিক অথবা প্ৰতিক্ষা মন্ত্ৰ ৰচনা যিবােৰে মানসিক উত্তেজনা উপশম ঘটোৱা অথবা মানসিক। স্বাস্থ্যৰ বাবে গ্ৰহণ কৰা হয়। সুন্দৰ মানসিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। সকলােবােৰ সমাযােজন প্ৰক্ৰিয়াৰ লগত মানসিক স্বাস্থ্য বিজ্ঞান সম্পৰ্ক। আছে। সামগ্ৰিকভাৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ প্ৰণালীবদ্ধ মানসিক জীৱনৰ বিকাশ আৰু ব্যক্তিত্ব বিকাশৰ প্ৰক্ৰিয়াৰ লগত গভীৰভাৱে সম্পৰ্কযুক্ত হৈ আছে।
6. মানসিক স্বাস্থ্যবিধিৰ তিনিটা গুৰুত্বপূৰ্ণ কাৰ্য লিখা।
উত্তৰঃ (১) নিৱাৰণমূলক কাৰ্য:- মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান কাম হৈছে মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযােজনৰ সমস্যাসমূহ নিবাৰণ কৰা। মানৱ শিশুৰ মানসিক অসুস্থতাৰ কাৰণ, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযােজনৰ সমস্যা সমূহৰ বিষয়ে মানসিক স্বাস্থ্য বিজ্ঞানে বুজি পােৱাত সহায় আগবঢ়ায়।
(২) আবােগ্যমূলক কাৰ্য:- চিকিৎসা কৌশলসমূহৰ ভিতৰত গুৰুত্ব প্ৰদান কৰা মূলতে হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ আৰােগ্যমূলক কাৰ্য। মানুহৰ মানসিক অসুস্থতাৰ সমস্যাসমূহ : উপলব্ধি কৰা, ব্যক্তিত্ব। বিকাৰ আৰু সমাযােজনৰ সমস্যাসমূহ উপলব্ধি কৰাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে সহায আগবঢ়ায়।
(৩) সংৰক্ষণমূলক কাৰ্য:- সুস্থ মানসিক স্বাস্থ্য অবিহনে ব্যক্তিগত জীৱন প্ৰক্ৰিয়া তথা সামাজিক জীৱন প্ৰক্ৰিয়াৰে উন্নতি কেতিয়াও সম্ভৱ নহয়। মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য।”
প্ৰশ্নোত্তৰ (মুল্যাংক -৪)
1. এজন মানসিকভাবে সুস্থ ব্যক্তিৰৰ মানসিক স্বাস্থ্যবিজ্ঞান প্ৰযােজন।” কাৰণ দশোৱা।
উত্তৰঃ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) এই বিজ্ঞানে মানসিক স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন জ্ঞান আহৰণৰ উপায় দিয়ে।
(খ) সু- মানসিক স্বাস্থ্য অটুট ৰখাৰ বাবে এক মান নিৰ্ধাৰণ কৰে যাতে বিভিন্ন প্ৰতিষেধক পদক্ষেপ ল’ব পাৰে।
(গ) এই বিজ্ঞানে মানসিক ৰােগৰ কাৰণসমূহৰ বিষয়ে অধ্যয়ন কৰি আৰু তেনে ৰােগসমূহৰ নিবাৰণৰ বাবে প্ৰয়ােজনীয় উপায়ৰ বিষয়ে। জ্ঞাত কৰায়।
(ঘ) এই বিজ্ঞানে এক সুখী আৰু সমতুল জীৱন ধাৰণত সহায় কৰে।
2. ছাত্ৰসকলৰ মাজত মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে এগৰাকী শিক্ষকৰ ক্ষেত্ৰত কি ধৰণৰ আচৰণ প্ৰযােজনীয়?
উত্তৰঃ ছাত্ৰ – ছাত্ৰীসকলৰ মাজত মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে এগৰাকী শিক্ষকৰ প্ৰয়ােজনীয় আচৰণবােৰ হ’ল—
(১) শ্ৰেণীকক্ষৰ শিক্ষামূলক কাৰ্যসূচীৰ প্ৰতি সজাগতা, উৎসাহ – উদ্দীপনা আৰু আগ্ৰহ থকা।
(২) বাক্তি বিশেষ প্ৰতি আন্তৰিকতা, সহযােগিতা আৰু বন্ধুত্বপূৰ্ণ সম্বন্ধ ৰক্ষা কৰি চলা।
( ৩ ) ছাত্ৰ – ছাত্ৰীৰ লগত আদান – প্ৰদানৰ বেলিকা ধৈৰ্য, সাধুতা, হানুভূতিশীলতা, নিৰপেক্ষতা আৰু গণতান্ত্ৰিক মনােভাৱ দেখুওৱা।
(৪) ছাত্ৰই কৰা ভাল কামৰ স্বীকৃতি আৰু প্ৰশংসা কৰিব পৰা।
(৫) প্ৰচলিত নীতি – নিয়মৰ প্ৰতি আস্থা, নিষ্ঠা আৰু আনুগত্যৰ ভাব থকা ইত্যাদি।
3. মানসিকভাবে স্বাস্থ্যবান লােক এজনৰ বৈশিষ্ট্যবােৰ লিখা।
উত্তৰঃ মানসিকভাৱে স্বাস্থ্যবান লােক এজনৰ বৈশিষ্ট্যবােৰ হ’ল—
(১) এওঁলােক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী।
(২) এওঁলােক আৱেগিকভাৱে স্থিৰ।
(৩) এওঁলােক শাৰীৰিকভাৱে সবল প্ৰকৃতি।
(৪) এওঁলােকৰ বিশেষ কোনাে সমাযােজনৰ সমস্যা নাই।
4. মানসিক স্বাস্থ্য বিধি। চমুটোকা লিখা।
উত্তৰঃ (ক) মানসিক স্বাস্থ্য বিধি:- ব্যক্তিৰ অপ সমাযােজনত বাধা দান কৰিবলৈ পৰিবেশৰ প্ৰযােজনীয় অৱস্থাৰ সৃষ্টি কৰি আৱেগিক মনােভাব গঢ় দি তােলা আৰু চিন্তাক অভ্যস্ত কৰি তােলা কাৰ্যই মানসিক স্বাস্থ্য বিধি। ই হৈছে মানসিক স্বাস্থ্যৰ উল্কৰ্য সাধন কৰা আৰু মানসিক বিশৃংখলতাক বাধা দান কৰা সম্বন্ধীয় নীতি আৰু পদ্ধতিৰ অধ্যয়ন।
মনােবিদ কোভিলৰ মতে, “ মানসিক স্বাস্থ্য বিজ্ঞান নিবাৰণ আৰু শীঘ্ৰ চিকিৎসাৰ মাজেৰে আৰু মানসিক স্বাস্থ্যৰ উন্নতি ঘটোৱাৰ বাবে মানসিক অসুস্থতাৰ ঘটনা দমনৰ বাবে উপযুক্ত কাৰ্যপন্থা সন্নিৱিষ্ট কৰি লােৱা বিজ্ঞান। ”
মানসিক স্বাস্থ্যবিজ্ঞান প্ৰণালীবদ্ধভাৱে মানসিক স্বাস্থ্য বজাই ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। এই বিজ্ঞানৰ প্ৰধান উদ্দেশ্যসমূহ হৈছে—
(১) ব্যক্তিত্ব বিকাশ আৰু জীৱনৰ অভিজ্ঞতাসমূহৰ মাজত সজীৱ হৈ থকা সম্পৰ্কসমূহৰ বিষয়ে উপযুক্তৰােধৰ বিকাশ ঘটোৱা।
(২) ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্যৰ নিবাৰণ আৰু উন্নতি ঘটোৱাৰ বাবে কাৰ্য সম্পাদন।
(৩) মানসিকভাবে অসুস্থ লােকসকলক প্ৰযােজনীয় সহায় আগবঢ়োৱাৰ বাবে বিশেষ কলা – কৌশলৰ আৱিষ্কাৰ আৰু প্ৰযােগ ঘটোৱাত সহায় আগবঢ়ায়।
5. মানসিক স্বাস্থ্য। চমুটোকা লিখা।
উত্তৰঃ মানসিক স্বাস্থ্য:- মানসিক স্বাস্থ্য হৈছে বেমাৰ – আজাৰ বা। আঘাতৰ পৰা মুক্ত হৈ থকা এটা বিশেষ অৱস্থা। আন কথাত ইয়াৰ। দ্বাৰা এগৰাকী ব্যক্তিৰ বেমাৰ আজাৰহীন অথবা আঘাতহীন মানসিক অৱস্থা এটাৰ কথা বুজোৱা হয়। মানসিক স্বাস্থ্যৰ প্ৰধান উদ্দেশ্যাৱলী হৈছে প্ৰতিগৰাকী লােককে তলত দিয়া স্বাস্থ্য সম্পৰ্কীয় দিশসমূহ ভালদৰে জনা আৰু উপলব্ধিত সহায় কৰা—
(১) সুন্দৰভাৱে মানসিক স্বাস্থ্যৰ লগত সম্পৰ্কিত সমস্যাসমূহ জনা আৰু বুজাত সহায় কৰা।
(২) সুন্দৰভাৱে মানসিক স্বাস্থ্যবিজ্ঞান অনুশীলনৰ কথাবােৰ বুজি পােৱাত সহায় কৰা।
(৩) মানসিক অসুস্থতাৰ কাৰণবােৰ জনা আৰু তেনে সমস্যাসমূহৰ চিকিৎসাৰ প্ৰক্ৰিবােৰ জনা আৰু বুজি পােৱাত সহায় কৰা।
(৪) অতি সুন্দৰ আৰু ভাৰসাম্য মানসিক বিকাশৰ কলা – কৌশলসমূহৰ বিষয়ে জনাত সহায় কৰা।
(৫) সামাজিক পৰিৱেশৰ লগত সুদৰ সমাযােজন প্ৰক্ৰিয়াসমূহৰ বিষযে জনা আৰু বুজাত সহাৱা কৰা।
6. মানসিকভাৱে স্বাস্থ্যবান ব্যক্তি। চমুটোকা লিখা।
উত্তৰঃ মানসিকভাবে স্বাস্থ্যবান ব্যক্তি:- সাধাৰণতে যিবােৰ লােকেজীৱন প্ৰক্ৰিয়াৰ নানা অৱস্থাৰ লগত কোনাে গুৰুতৰ সমস্যাহীনভাৱে সমাযােজন কৰিবলৈ সমৰ্থ হয় তেনেবােৰ লােককে মানসিকভাৱে স্বাস্থ্যবান বুলি ক’ব পাৰি। জীৱনৰ নানা পৰিবেশ, পৰিস্থিতি আৰু কাৰ্যকলাপ মুখামুখি হােৱাৰ ক্ষেত্ৰত মানসিকভাৱে স্বাস্থ্যৱান লােক। এগৰাকীযে কোনাে অস্বাভাৱিকতা প্ৰদৰ্শন নকৰে। এনে লােকসকল, ব্যক্তিত্ব সমাযােজনৰ কোনাে গুৰুতৰ সমস্যাৰ দ্বাৰা আক্ৰান্ত নহয়। সংক্ষিপ্তভাৱে মানসিক দিশৰ পৰা স্বাস্থ্যবান লােকসকল হ’ল—
(১) শাৰীৰিকভাৱে স্বাস্থ্যবান।
(২) মনােবৈজ্ঞানিকভাবে শক্তিশালী।
(৩) আৱেগিকভাৰে স্থিৰ।
(৪) সামাজিকভাৱে সু- সমাযােজিত।।
(৫) সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অতি আত্মবিশ্বাসী প্ৰকৃতি।
(৬) এওঁলােক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী।
(৭) সৃজনীশীল মনােভাৱ।
(৮) উদ্যমী আৰু যােগ্যতাসম্পন্ন ব্যক্তি।
7. শিক্ষা আৰু মানসিক স্বাস্থ্যবিধিৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ শিক্ষা আৰু মানসিক স্বাস্থ্যবিধিৰ মাজত এক গভীৰ সম্পৰ্ক আছে। সুস্থ সবল সমাজ এখন গঢ়াৰ বাবে মানসিক স্বাস্থ্যৰ প্ৰয়ােজনীয়তা। অধিক। মানসিক স্বাস্থ্যবিজ্ঞানৰ জ্ঞানৰ সহায়ত মানসিক ৰােগৰ। কাৰণবােৰ সুন্দৰভাৱে বুজি উঠিব পাৰি আৰু সমস্যাবােৰ আঁতৰ কৰাৰ বাবে সংৰক্ষণমূলক উপায়সমূহৰ বিষয়ে জনাৰ ক্ষেত্ৰত সহায় কৰে। গতিকে বিদ্যালয়সমূহে আমাৰ সমাজৰ ভৱিষ্যতৰ নাগৰিকসকলৰ। স্বাস্থ্যৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত। মানসিক ৰােগৰ পৰা মুক্তি পােৱাৰ বাবে মানসিক বিধিৰ শিক্ষাৰ প্ৰযােজন অধিক।
বিদ্যালয়ৰ মাধ্যমৰে ল’ৰা – ছােৱালীৰ মানসিক স্বাস্থ্য অটুট ৰাখিবৰ কাৰণে বহুত কাম কৰিব পাৰে। শিক্ষাৰ মাধ্যম হিচাপে বিদ্যালয়ে এনেবােৰ ক্ৰিয়া – কলাপৰ বাবে ল’ৰা – ছােৱালীক বিভিন্ন পৰামৰ্শ দিব পাৰে যিবােৰে তেওঁলােকৰ মনৰ অৱসাদ দূৰ কৰি এক গঠনমূলক মনােভাব সৃষ্টি কৰিব পাৰে। তলত ই্যাৰ কিছু কাৰ্যকলাপ উল্লেখ কৰা হ’ল—
(১) ল’ৰা – ছােৱালীৰ জৰিয়তে বিদ্যালয়ত বিভিন্ন ফুলৰ বাগান, ফলৰ বাগান আদি পাতিব লাগে।
(২) বিদ্যালয়ৰ চৌপাশ, শ্ৰেণীকোঠা, ইত্যাদি কামবােৰ চাফা কৰিবলৈ ছাত্ৰ – ছাত্ৰী সকলক দিব লাগে।
(৩) সুস্থ মানসিক স্বাস্থ্য গঢ় দিযাত কলা শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে।
(৪) জগিঙৰ পৰা আদি কৰি বিভিন্ন খেলাধূলা মাধ্যমেৰে মানসিক স্বাস্থ্য অটুট ৰাখিব পৰা যায়।
8. মানসিক স্বাস্থ্য বুলিলে কি বুজা আৰু ই শাৰীৰিক স্বাস্থ্যৰ সৈতে কিদৰে সম্পৰ্কিত ?
উত্তৰঃ হেডফিল্ড নামৰ এজন মনােবিজ্ঞানীৰ মতে “ সাধাৰণতে ব্যক্তিত্বৰ পূৰ্ণ কাৰ্যক্ৰম সমবিকাশেই হৈছে মানসিক স্বাস্থ্য।” মানুহৰ। মনৰ মাজত কিছুমান চাপ থাকে। যেনে – প্ৰবৃত্তি, অভিপ্ৰায়, প্ৰণােদন, আগ্ৰহ, মনােভাৱ ইত্যাদি। যেতিয়া এই চাপসমূহে একেলগে এটাই আনটোৰ সৈতে সমিলমিলকৈ সমন্বিতভাৱে কাম কৰি যায় তেতিয়া তাৰ সম্পূৰ্ণ অভিব্যক্তি প্ৰতিফলিত হয়। যি ব্যক্তিৰ ব্যক্তিত্বত ই্যাক দেখা যায় তেনে ব্যক্তিৰ স্বাস্থ্যক সুস্থ মানসিক স্বাস্থ্য বুলি অভিহিত কৰা হয়।
মানসিকভাৱে স্বাস্থ্যবান লােক বুলিলে সাধাৰণতে যিজন লােক। জৈৱিকভাৱে সক্ষম আৰু সমাজৰ সকলাে কাম নিৰিকৈ কৰিব পাৰে আৰু নৈতিক চৰিত্ৰ আদৰ্শনীয় তেনে লােককেই মানসিকভাৱে স্বাস্থ্যবান বুলি কোৱা হয়। গতিকে মানসিক স্বাস্থ্য বুলিলে কোনাে বেমাৰ আজাৰ বা আঘাতৰ পৰা মানসিকভাৱে মুক্ত হৈ থকা এটা বিশেষ অৱস্থা।
মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্যৰ মাজত ওতঃপ্ৰােত সম্পৰ্ক আছে। মানুহৰ মনৰ ক্ৰিয়া – কলাপবােৰ সাধাৰণতে মানুহৰ আচৰণত। প্ৰতিফলিত হয়। মানুহে কোৱা আৰু কৰা সকলােবােৰ মনৰ সুস্থ। অৱস্থাক লৈ জড়িত। আৰু যিজন ব্যক্তি শাৰীৰিকভাৱে সুস্থ সেই। ব্যক্তিজনহে মানসিকভাৱে সুস্থ বুলি অভিহিত কৰিব পাৰি। এটা সুস্থ শৰীৰেহে সুস্থ মন এটাৰ সৃষ্টি কৰিব পাৰে।
আচৰণসমূহ হ’ল— মানুহৰ এক প্ৰকাৰ দেহ – মানসিক প্ৰতিক্ৰিয়া আৰু ই মানুহৰ মানসিক স্বাস্থ্যৰ আভাস দিয়ে। এৰিষ্ট’টলৰ মতে ‘ Healthy mind is healthy body .’ এজন ব্যক্তিক সু – স্বাস্থ্যবান বুলি তেতিয়াহে ক’ব পাৰি যেতিয়া ব্যক্তিজনৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য উভয়ে সুস্থ হয়। সেযে হয়তাে কোৱা হয় যে ” Health is wealth “. গতিকে এক সুস্থ আচৰণ প্ৰদৰ্শন কৰিবৰ হ’লে ব্যক্তি এজনৰ দেহ আৰু মন দুয়ো প্ৰকাৰে সবল হ’ব লাগিব কাৰণ দেহ মনৰ ওপৰত আৰু মন দেহৰ ওপৰত নিৰ্ভৰশীল।
ৰচনাধৰ্মী প্ৰশ্নোত্তৰ (মূল্যাংক- ৫/৬)
1. মানসিক স্বাস্থ্যবিধিৰ উদ্দেশ্যসমূহৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ মানসিক স্বাস্থ্যবিধিৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ’ল—
(১) স্বাস্থ্যসম্পৰ্কীয় বাতৰি যােগানৰ সুবিধা প্ৰদান কৰা।
(২) সুন্দৰভাৱে জীয়াই থকাৰ বাবে অভ্যাস গঠন কৰাত সহায় কৰা।
(৩) স্বাস্থ্য শিক্ষা ছাত্ৰ – ছাত্ৰীৰ জৰিয়তে পিতৃ – মাতৃক অৱগত কৰা।
(৪) মানসিক স্বাস্থ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ছাত্ৰ – ছাত্ৰীক সহায় কৰা।
(৫) ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্যৰ নিবাৰণ আৰু উন্নতি ঘটোৱাৰ বাবে কাৰ্য সম্পাদন কৰা।
(৬) পৰিবেশৰ লগত সুন্দৰভাৱে সমাযােজন কৰিব পৰা ধৰণে ব্যক্তিক অৱগত কৰা।
(৭) ব্যক্তিগত আৰু সামাজিক জীৱনৰ গতি উন্নীতকৰণ কৰা।
2. ঘৰত আমি কিদৰে মানসিক স্বাস্থ্যৰ উন্নতি সাধিব পাৰে?
উত্তৰঃ শিশুৰ মানসিক স্বাস্থ্য ৰক্ষা কৰাত পৰিয়ালে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শিশুৰ মানসিক স্বাস্থ্য সমস্যাবােৰ দূৰ কৰিবৰ বাবে—
(১) পিতৃ – মাতৃ আৰু পৰিয়ালৰ আন আন ব্যক্তিসকলে মৰম, ভালপােৱা, আবেগ অনুভূতি মাজেৰে শিশুৰ আবেগিক প্ৰযােজনবােৰ পূৰণ কৰিব লাগিব।
(২) পিতৃ – মাতৃ আৰু পৰিালৰ আন আন ব্যক্তিসকলে শিশুসকলক আবেগিক আৰু শাৰীৰিক নিৰাপত্তা প্ৰদান কৰিব লাগিব।
(৩) গৃহ পৰিবেশ অৱদমনমুক্ত তথা আনন্দদায়ক হ’ব লাগিব।
(৪) শিশুৰ যুক্তিসংগত প্ৰযােজনসমূহ পূৰণ কৰিব লাগিব।
3. মানসিক স্বাস্থ্য বিধিৰ কাৰ্যসমূহ কি কি?
উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ তিনিটা প্ৰক্ৰিয়াৰে আলােচনা কৰা হয়—
(১) নিৱাৰণমূলক কাৰ্য:- মানসিক স্বাস্থ্য বিজ্ঞান প্ৰধান কাম হৈছে মানসিক অসুস্থতা, ব্যক্তিত্ব বিকাৰ আৰু সমাযােজনৰ সমস্যাসমূহ নিবাৰণ কৰা। মানৱ শিশুৰ মানসিক অসুস্থতাৰ কাৰণ, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযােজনৰ সমস্যা সমূহৰ বিষয়ে মানসিক স্বাস্থ্য – বিজ্ঞানে বুজি পােৱাত সহায় আগবঢ়ায়।
(২) আবােগ্যমূলক কাৰ্য:- চিকিৎসা কৌশলসমূহৰ ভিতৰত গুৰুত্ব। প্ৰদান কৰা মূলতে হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ আৰােগ্যমূলক কাৰ্য। মানুহৰ মানসিক অসুস্থতাৰ সমস্যাসমূহ উপলব্ধি কৰা, ব্যক্তিত্বৰ। বিকাৰ আৰু সমাযােজনৰ সমস্যাসমূহ উপলব্ধি কৰাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে সহায আগবঢ়ায়।
(৩) সংৰক্ষণমূলক কাৰ্য:- সুস্থ মানসিক স্বাস্থ্য অবিহনে ব্যক্তিগত জীৱন প্ৰক্ৰিয়া তথা সামাজিক জীৱন প্ৰক্ৰিয়াৰে উন্নতি কেতিয়াও সম্ভৱ নহয়। মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য।
4. মানসিক স্বাস্থ্যবিধিৰ গুৰুত্ব সম্পৰ্কে আলােচনা কৰা।
উত্তৰঃ ব্যক্তিৰ দেহ – মনৰ স্বাস্থ্য সংৰক্ষণ কৰাটো একে প্ৰকাৰ কৰ্তব্য। মানসিক স্বাস্থ্যবিধি বা স্বাস্থবিজ্ঞান হৈছে এনে এটা বিজ্ঞান যি মানৱ কল্যাণৰ সৈতে জড়িত আৰু ই মানুহৰ সম্বন্ধৰ সকলাে দিশকে সামৰি লয়। এই বিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে তলত দিয়া ধৰণে আলােচনা কৰিব পাৰি—
(১) মানসিক স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন জ্ঞান আহৰণৰ উপায় দিয়ে।
(২) ই এক সুখী আৰু সমতুল জীৱন ধাৰণত সহায় কৰে।
(৩) এই বিজ্ঞানে মানসিক ৰােগৰ কাৰণসমূহৰ বিষয়ে অধ্যয়ন কৰি আৰু তেনে ৰােগসমূহৰ নিবাৰণৰ বাবে প্ৰয়ােজনীয় উপায়ৰ বিষযে মানুহক জ্ঞাত কৰায়।
(৪) স – মানসিক স্বাস্থ্য অটুট ৰখাৰ বাবে এক মান নিৰ্ধাৰণ কৰে যাতে বিভিন্ন প্ৰতিষেধক পদক্ষেপ লব পাৰে।
(৫) স্বাস্থ্য বিষয়ক শিক্ষাই মানুহক মানুহৰ লগত স্বাস্থ্যসম্পৰ্কীয় সম্বন্ধ স্থাপনত গুৰুত্ব দিয়ে।
(৬) শাৰীৰিক আৰু মানসিক সুবিধাসমূহে ব্যক্তিৰ সু – চৰিত্ৰ গঠনত সহায় কৰে আৰু শৰীৰৰ অৱস্থা উন্নত কৰাৰ লগতে মানসিক ক্ষমতা বৃদ্ধি কৰে আৰু ব্যক্তিক আত্মনিৰ্ভৰশীল কৰি তােলে।
5. শিক্ষকসকলে তেওঁলােকৰ ছাত্ৰ – ছাত্ৰীৰ যথাযথ মানসিক স্বাস্থ্য বজাই ৰখাত কি, ভূমিকা ল’ব পাৰে?
উত্তৰঃ সুস্থ – সবল সমাজ এখন গঢ়াৰ বাবে মানসিক স্বাস্থ্য প্ৰয়োজনীয়তা অধিক। শিক্ষানুষ্ঠানত ছাত্ৰ – ছাত্ৰীৰ যথাযথ মানসিক স্বাস্থ্য বজাই ৰখাত শিক্ষকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। শিক্ষকসকলে আমাৰ সমাজৰ ভৱিষ্যতৰ নাগৰিকসকলৰ স্বাস্থ্যৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত। এই প্ৰসংগত তলৰ কথাকেইটাৰ প্ৰতি শিক্ষকে দৃষ্টি নিক্ষেপ কৰা উচিত—
(১) শ্ৰেণীকক্ষৰ শিক্ষামূলক কাৰ্যসূচীৰ প্ৰতি শিক্ষকে সজাগতা উৎসাহ উদ্দীপনা আৰু আগ্ৰহ দেখাই ছাত্ৰ – ছাত্ৰীক উৎসাহিত কৰিব লাগে।
(২) ল’ৰা – ছােৱালীৰ জৰিয়তে বিদ্যালয়ত শিক্ষকে বিভিন্ন ফুলৰ বাগান, ফল বাগান গছপুলি ৰােৱা আদিৰ দৰে কামবােৰ দলগতভাৱে তালিকা বনাই কৰিব দিলে ল’ৰা – ছােৱালীযে। সেউজীয়া পৃথিৱী সৃষ্টি কৰিব পাৰিব।
(৩ ) শিক্ষকে শ্ৰেণীকোঠা ছাত্ৰ – ছাত্ৰীক কিতাপ তৈয়াৰ কৰা, বহী বন্ধোৱা, শিল্প কলা আঁকা। আদি কামবােৰ কৰিবলৈ উৎসাহিত কৰিব লাগে।
(৪) নিয়মিয়াকৈ কৰা যােগশিক্ষা যেনে– বজ্ৰাসন, মযুবাসন, চক্ৰাসন আদিয়ে শৰীৰক সবল কৰে। গতিকে শিক্ষকে এনে কাৰ্যসূচীত নিজে। অংশগ্ৰহণ কৰি ছাত্ৰ – ছাত্ৰীক অনুপ্ৰাণিত কৰিব লাগে।
(৫) স্বাস্থ্যজনিত কাৰ্যসূচীসমূহ পালন কৰা পৰিস্থিতিত ছাত্ৰ – ছাত্ৰীৰ লগত আদান – প্ৰদান বেলিকা ধৈৰ্য, সাধু, সহানুভূতিশীলতা, নিৰপেক্ষতা আদি মনােভাৱ শিক্ষকে অবলম্বন কৰা উচিত।
6. শিশুৰ মানসিক স্বাস্থ্যৰ উন্নতিত বিদ্যালয়ৰ ভূমিকা সম্পৰ্কে আলােচনা কৰা।
উত্তৰঃ ছাত্ৰ – ছাত্ৰীৰ মানসিক স্বাস্থ্য ৰভা কৰা ক্ষেত্ৰত বিদ্যালয় ভূমিকা অসীম। বিদ্যালয় হ’ল বৃহত্তৰ সমাজক প্ৰতিনিধিত্ব কৰা এক ক্ষুদ্ৰ সমাজ যত পৰিকল্পিত ভাবে ছাত্ৰ – ছাত্ৰীসকলক প্ৰযােজন জ্ঞান প্ৰদান কৰা হয়।। ছাত্ৰ – ছাত্ৰীসকলৰ মানসিক স্বাস্থ্য অক্ষুন্ন ৰাখিবলৈ বিদ্যালয়সমূহে। কিছুমান বিশেষ দিশত গুৰুত্ব দিব লাগিব, সেই দিশসমূহ হ’ল—
(১) দৈহিক স্বাস্থ্য ৰক্ষাৰ বাবে শিক্ষা প্ৰদান:- সুস্থ দেহতহে সুস্থ মনৰ জন্ম হ’ব পাৰে সেয়েহে বিদ্যালয়ত ছাত্ৰ – ছাত্ৰীৰ দৈহিক বিকাশৰ বাবে ব্যৱস্থা ল’ব লাগে।
(২) আবেগ – অনুভূতিৰ নিয়ন্ত্ৰণমূলক শিক্ষা প্ৰদান:- ছাত্ৰ – ছাত্ৰীসকলৰ মাজত নৃত্য – গীত, আবৃত্তি, সাহিত্য চৰ্চা, চিত্ৰকলা, ভাস্কৰ্য, শিল্প আদি প্ৰযােজনীয় বিষয়সমূহৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ উপৰিও ছাত্ৰ – ছাত্ৰীসকলক ব্যক্তিগত আৰু সামাজিক পৰিস্থিতিত সুখ – দুখ। উপযুক্ত সময়ত প্ৰকাশ কৰিবলৈ শিকাব লাগে।
(৩ ) ক্ৰিয়াভিত্তিক পাঠ্যক্ৰমত অগ্ৰাধিকাৰ:- ক্ৰিয়াভিত্তিক আৰু। গতিশীল নীতিৰ ওপৰত প্ৰতিষ্ঠিত পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষা প্ৰদানৰ জৰিয়তে ছাত্ৰ – ছাত্ৰীৰ দেহ – মানসিক প্ৰযােজনসমূহ পূৰণ কৰি তেওঁলােকক পৰিবেশৰ লগাত সুসমাযােজন কৰাত সহায় কৰিব লাগে।
(৪) হস্ত শিল্পৰ শিক্ষা প্ৰদান:- মাটিৰ কাম, বাঁহ – বেতৰ কাম, কাগজৰ কাম, চিলাইৰ কাম, বাগান পৰিচালনা আদি কামৰ প্ৰশিক্ষণ দিব লাগে যাতে ছাত্ৰ – ছাত্ৰী সকল প্ৰায়ােগিক জ্ঞান বৃদ্ধি পায়।
(৫) শিক্ষা নিৰ্দেশনাৰ ব্যৱস্থা কৰা:- শিক্ষা নিৰ্দেশনাই ছাত্ৰ – ছাত্ৰীসকলক পৰিস্থিতিৰ লগত সুসমাযােজন কৰাত সহায় কৰিব পাৰে। এনে নিৰ্দেশনা দৈহিক স্বাস্থ্য ৰক্ষামূলক, শৈক্ষিক কৃতিত্বমূলক, ব্যৱসায় বৃত্তিমূলক খেলা – ধূলা, কলা – সংস্কৃতি মূলক, অবসৰ সময়ৰ শিক্ষামূলক নেতৃত্বমূলক ইত্যাদি হ’ব লাগে।
(৬) আত্ম – অনুশাসনৰ ব্যৱস্থা গ্ৰহণ:- অনুশাসনৰ ক্ষেত্ৰত শাস্তি প্ৰযােগৰ যােগেদি অবদমনমূলক নীতি গ্ৰহণ কৰাৰ পৰিৱৰ্তে ছাত্ৰ – ছাত্ৰীসকলক আত্ব – অনুশাসনৰ যােগেদি আত্ম উপলব্ধি আৰু আত্ম – নিয়ন্ত্ৰণৰ শিক্ষা প্ৰদান কৰিব লাগে।
(৭) পৰীক্ষাৰ সংস্কাৰ সাধন কৰা:- পৰীক্ষা পদ্ধতিৰ সংস্কাৰ সাধন কৰি ছাত্ৰ – ছাত্ৰীসকলৰ মানসিক ছাপৰ দ্বাৰা সৃষ্টি হ’ব পৰা ৰােগ মুক্ত কৰাত সহায় কৰা।
(৮) ব্যক্তি পাৰ্থক্যৰ প্ৰতি সচেতন হােৱা:- শিক্ষকে প্ৰতিজন ছাত্ৰ – ছাত্ৰীকে ব্যক্তিগতভাবে বিচাৰ কৰি তেওঁলােকৰ মাজত থকা সবলতা আৰু দুৰ্বলতাসমূহৰ মূল্যাংকন কৰি সুসমাযােজনত সহায় কৰিব লাগে।
(৯) গৃহ আৰু স্কুল পৰিবেশৰ মাজত সমন্বয় ৰক্ষা কৰা:- ছাত্ৰ – ছাত্ৰীৰ মানসিক স্বাস্থ্য ৰক্ষা কৰিবৰ বাবে সময়ে সময়ে পিতৃ – মাতৃ বা অভিভাবক আৰু শিক্ষকৰ মাজত আলােচনা বিলােচনা হ’ব লাগে।
(১০) শিক্ষকৰ ব্যক্তিত্ব আৰু সুমানসিক স্বাস্থ্য:- ছাত্ৰ – ছাত্ৰীৰ মানসিক স্বাস্থ্য ৰক্ষা কৰিবৰ বাবে শিক্ষকজন সু ব্যক্তিত্ব সম্পন্ন তথা সু মানসিক স্বাস্থ্যৰ অধিকাৰী হ’ব লাগিব। কিয়নাে ছাত্ৰ – ছাত্ৰীসকলে শিক্ষকসকলৰ আচৰণ বহু পৰিমাণে অনুকৰণ কৰে।