স্মৃতি আৰু বিস্মৃতি (ক) | Chapter 5 | Part 1 | Class 12 Education | Memory and Forgetting Solutions for Assamese Medium | Class 12 Education Question and Answer Assamese Medium | প্ৰশ্ন আৰু উত্তৰ । Class 12 Education Solutions | Questions and Answers Assam | Assam HS 2nd Year Education Textbook Solutions – AHSEC


স্মৃতি আৰু বিস্মৃতি (ক)

শুদ্ধ নে অশুদ্ধ লিখা (মূল্যাংক- ১)

1. জ্ঞানেন্দ্ৰিয় গ্ৰাহা অভিজ্ঞতাৰ অনুপস্থিতিত স্মৰণ বা চিনাক্তকৰণ সম্ভৱ নহয়।
উত্তৰঃ শুদ্ধ।

2. জ্ঞানেন্দ্ৰিয় গ্ৰাহয় অভিজ্ঞতা অবিহনে স্মৃতিযে ঠাই ল’ব নােৱাৰে।
উত্তৰঃ শুদ্ধ।

3. ভাল স্মৃতি সদায় কৰ্ম বা ব্যৱহাৰােপযােগী।
উত্তৰঃ শুদ্ধ।

4. অতীত অভিজ্ঞতাৰ উপস্থিতিত স্মৰণ বা চিনাক্তকৰণ সম্ভব হয়।
উত্তৰঃ শুদ্ধ।

5. বিস্মৃতিযে ৰােমন্থন কাৰ্যত সহায় কৰে।
উত্তৰঃ শুদ্ধ।

6. যেতিয়া পূৰাতন স্মৃতিয়ে নতুন স্মৃতিৰ পুনঃপ্ৰাপ্তিত ব্যাঘাত জন্মায়, তাক কোৱা হয় বাৰণ।
উত্তৰঃ শুদ্ধ।

7. একেসময়তে এটাতকৈ বেছি কথাত আমি মন বহুৱাব নােৱাৰে।
উত্তৰঃ শুদ্ধ।

8. স্মৃতিশক্তিৰ ধাৰণ ক্ষমতা নিজস্ব।
উত্তৰঃ শুদ্ধ।

9. বন্ধকৰণ হ’ল বিস্মৃতিৰ এটা কাৰণ।
উত্তৰঃ শুদ্ধ।

10. ৰাতিতকৈ দিনত আমি বেছিকৈ পাহৰাে।
উত্তৰঃ শুদ্ধ।

11. স্মৃতি হ’ল এটা লক্ষণীয় মানসিক শক্তি।
উত্তৰঃ শুদ্ধ।

12. অভ্যাসৰ দ্বাৰা স্মৃতিশক্তি বঢ়াব নােৱাৰি।
উত্তৰঃ অশুদ্ধ।

13. অৰ্থহীন শব্দবােৰ স্মৰণ কৰা সহজ।
উত্তৰঃ অশুদ্ধ।

14. বিস্মৃতি স্থায়ী হােৱাৰ দৰে অস্থায়ীও হ’ব পাৰে।
উত্তৰঃ শুদ্ধ।

15. শিকনৰ সামগ্ৰিক পদ্ধতি মুখস্থৰণৰ ক্ষেত্ৰত আংশিক শিকনতকৈ অধিক প্ৰভাৱী হয়।
উত্তৰঃ শুদ্ধ।

16. স্মৃতিক এটা মানসিক প্ৰক্ৰিয়া হিচাপে বিবেচনা কৰে ফেকাল্টি স্কুল অৱ চাইকলজিষ্টে।
উত্তৰঃ শুদ্ধ।

17. স্মৃতি হ’ল আমাৰ মনৰ এটা সক্ৰিয় প্ৰক্ৰিয়া।।
উত্তৰঃ শুদ্ধ।

18. শিকনৰ বাবে পুনৰাবৃত্তি প্ৰযােজনীয়।
উত্তৰঃ শুদ্ধ।

19. মনত পেলােৱাতকৈ স্মৰণ বা চিনাক্তকৰণ তুলনামূলকভাবে এটা পৰােক্ষ প্ৰক্ৰিয়া।
উত্তৰঃ অশুদ্ধ।

20. ভাল স্মৃতিশক্তিৰ এটা পূৰ্ব প্ৰযােজন হ’ল স্বাস্থ্য।
উত্তৰঃ শুদ্ধ।

21. স্মৃতিৰ বাবে বিস্মৃতি প্ৰযােজনীয়।
উত্তৰঃ শুদ্ধ।

22. স্মৃতি হ’ল এটা যান্ত্ৰিক প্ৰক্ৰিয়া।
উত্তৰঃ শুদ্ধ।

23. মুখস্থকৰণৰ ক্ষেত্ৰত অন্তৰিত শিকনতকৈ সমূহীয়া শিকন অধিক সহায়ক হয়।
উত্তৰঃ শুদ্ধ।

24. অভ্যস্ত স্মৃতিৰ বাবে আমি পূৰণ নেওঁতা মনত পেলাওঁ।
উত্তৰঃ শুদ্ধ।

25. স্মৃতি হ’ল অতীত অভিজ্ঞতাৰ সাম্প্ৰতিক জ্ঞান।
উত্তৰঃ শুদ্ধ।

খালী ঠাই পূৰ কৰা (মূল্যাংক- ১)

1. পশ্চাদ সক্ৰিয-অৱদমন হ’ব পাৰে _____ৰ এটা কাৰণ।
উত্তৰঃ বিস্মৃতি।

2. কোনাে এজন ব্যক্তিযে আনৰ হস্তক্ষেপ নােহাৱাকৈ। ইচ্ছাকৃতভাৱে পৰিবেশৰ কোনাে বস্তু বা বিষযলৈ প্ৰদান কৰা মনােযােগক _____ মনােযােগ বােলে।
উত্তৰঃ ঐচ্ছিক।

3. স্মৃতিত থাকে তিনিটা সুকীয়া, কিন্তু আন্তঃসম্পৰ্কিত উপাদান, সেইবােৰ হ’ল— শিকন, ধাৰণ শক্তি আৰু _____।
উত্তৰঃ প্ৰত্যাভিজ্ঞ।

4. _____ হ’ল কল্পনাৰ মানসিক পুনৰুজ্জীৱন।
উত্তৰঃ স্মৃতি।

5. স্মৃতিৰ চিন – মােকামবােৰক _____ হিচাপে জনা যায়।
উত্তৰঃ এনগ্ৰাম।

6. পুনৰুদ্ভাৱনৰ উদ্দেশ্যৰ উপস্থিতি _____ প্ৰক্ৰিয়াত প্ৰযােজনীয়।
উত্তৰঃ স্মৃতি।

7. এজন মানুহে বহুদিন লগ নােপােৱা এজন বন্ধুক _____ প্ৰক্ৰিয়াৰ দ্বাৰা চিনাক্ত কৰে।
উত্তৰঃ প্ৰত্যাভিজ্ঞ।

8. যেতিয়া নবীনতম স্মৃতিযে পুৰাতন স্মৃতিৰ পুনঃপ্ৰাপ্তিত ব্যাঘাত জন্মায়, তাক কোৱা হয় _____।
উত্তৰঃ পশ্চাৎমুখী প্ৰতিৰােধ।

9. ইয়াৰ উপস্থিতিত অতীত অভিজ্ঞতাৰ চিনাক্তকৰণক ____ হিচাপে জনা যায়।
উত্তৰঃ প্ৰত্যভিজ্ঞা।

10. _____ ৰ মতে ধাৰণ ক্ষমতা হ’ল সহজত।
উত্তৰঃ স্কাউট ( Sout )

11. ব্যৱধান ৰাখি কোনাে কথা শিকাক _____ বুলি জনা যায়।
উত্তৰঃ ব্যৱহৃত পদ্ধতি।

12. সময়ৰ ব্যৱধান হ’ল _____ ৰ এটা কাৰণ।
উত্তৰঃ বিস্মৃতি।

13. মটৰ-গাড়ীৰ যান্ত্ৰিক কৌশলৰ জৰিয়তে গঠিত স্মৃতিক _____ বুলি জনা যায়।
উত্তৰঃ যান্ত্ৰিক স্মৃতি।

14. বিস্মৃতি হ’ল সচেতন মনৰ এটা প্ৰতিফা ব্যৱস্থা। এই মন্তব্য কৰিছিল _____এ।
উত্তৰঃ ছিগমাণ্ড ফ্ৰয়েডে।

15. _____ স্মৃতি হ’ল যুক্তিসংগত চিন্তা ভিত্তিক।
উত্তৰঃ যুক্তিযুক্ত স্মৃতি।

16. স্মৰণ অক্ষমতা সাধাৰণভাৱে _____ হিচাপে জনা যায়।
উত্তৰঃ বিস্মৃতি।

17. ল’ৰালিতে শিকা একেগৰাকী কবিৰ এটা কবিতা স্মৃতিৰ পৰা আবৃত্তি কৰি এজন শিক্ষকে যেতিয়া শিকায়, তেত্যি সক্ৰিয় হােৱা। স্মৃতিৰ ধৰণটো হ’ল _____।
উত্তৰঃ অনুযংগমূলক।

18. শাৰীৰিক কাৰণত হােৱা বিস্মৃতিক _____ বুলি কোৱা হয়।
উত্তৰঃ অপক্ষ্য।

19. _____ হ’ল স্মৃতিৰ দ্বিতীয় স্তৰ।
উত্তৰঃ ধাৰণ শক্তি।

20. চেতন মনত অতীত অভিজ্ঞতাৰ পুনৰুদ্ভাৱন প্ৰক্ৰিয়াক _____ হিচাপে জানা যায়।
উত্তৰঃ স্মৃতি।

21. বাৰ্গছৰ মতে স্মৃতি দুই প্ৰকাৰৰ এটা হ’ল সঁচা স্মৃতি আৰু আনটো প্ৰকাৰ হ’ল ____ স্মৃতি।
উত্তৰঃ অভ্যাস।

22. _____ মনােযােগ উদ্দীপকৰ কোনাে প্ৰভাৱ নাথাকে।
উত্তৰঃ স্বতঃস্ফূৰ্ত।

23. এটা অতীত প্ৰবৃত্তিৰ উপস্থিতিত হে _____ সম্ভৱপৰ।
উত্তৰঃ প্ৰত্যাভিজ্ঞা।

24. _____ হ’ল স্মৃতিৰ প্ৰথম ঢাপ।
উত্তৰঃ শিক্ষণ।

25. শিকন আৰু স্মৰণৰ মাজৰ সময়ৰ ব্যৱধান যেতিয়া দীঘলীয়া হয়, তেতিয়া তাক _____ স্মৃতি বুলি কোৱা হয়।
উত্তৰঃ দীৰ্ঘকালীন।

26. এজন মানুহে বহুদিন ধৰি লগ নােপােৱা এজন বন্ধুক চিনি পালে। এইটো কৰিব পাৰিলে তেওঁ _____ৰ সহায়ত।
উত্তৰঃ প্ৰত্যাভিজ্ঞা।

27. _____ ৰ মতে অভ্যাসৰ দ্বাৰা স্মৃতি শক্তি বঢ়াব পাৰি।
উত্তৰঃ উইলিয়াম মেকভূগেল।

28. _____ বিশ্বাস কৰিছিল যে অভ্যাসৰ জৰিয়তে স্মৃতি শক্তি বঢ়াব পাৰি।
উত্তৰঃ উইলিয়াম মেকভুগলে।

29. _____ কাৰণবােৰৰ বাবে হােৱা বিস্মৃতি হ’ল প্ৰতিবন্ধকতাৰ দৰে।
উত্তৰঃ দৈহিক।

অতি চমু প্ৰশ্নোত্তৰ (মূল্যাংক- ১)

1. অভ্যাস স্মৃতি কি?
উত্তৰঃ শিক্ষণীয় বিষয়বস্তু বাৰে বাৰে অনুশীলন কৰাৰ ফলত গঠন হােৱা স্মৰণকেই অভ্যাস স্মৃতি বােলে।

2. স্মৰণতকৈ প্ৰত্যাভিজ্ঞা কি সহজ?
উত্তৰঃ স্মৰণতকৈ প্ৰত্যাভিজ্ঞ সহজ কাৰণ প্ৰত্যাভিজ্ঞাত অতীত উদ্দীপক উপস্থিত থাকে। উদাহৰণস্বৰূপে কোবা বছৰৰ মূৰত পুৰণি বান্ধৱী এজনীক লগ পালে অতীত অভিজ্ঞতাৰ সহায়েৰে চিনাক্তকৰণ কৰিবলৈ সহজ হয়।

3. অতীত অভিজ্ঞতা মনুঃস্থবিৰ সহায়ত ঘটা মানসিক প্ৰক্ৰিয়াটোৰ নাম লিখা।
উত্তৰঃ স্মৃতি।

4. সঁচা স্মৃতি কি?
উত্তৰঃ দৈহিক ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ নকৰাকৈ সম্পূৰ্ণৰূপে মনত সংৰক্ষিত প্ৰতিৰূপ ওপৰত নিৰ্ভৰশীল হােৱা স্মৃতিকেই সঁচা স্মৃতি বুলি কোৱা হয়।

5. কবিতা কিয় অধিক সহজতে মুখস্থ কৰিব পাৰি?
উত্তৰঃ কাৰণ কবিতাৰ অৰ্থ বুজিবলৈ চেষ্টা নকৰাকৈ আমি মনত ৰখাৰ ওপৰত গুৰুত্ব দিওঁ আৰু সহজতে মুখস্থ হয়।

6. মনত পেলােৱাতকৈ চিনাক্তকৰণ কি সহজ?
উত্তৰঃ চিনাক্তকৰণত অতীত উদ্দীপক উপস্থিত থাকে।

7. অসদ্য অভিজ্ঞতাক সচেতন মনৰ পৰা অৱচেতন পদ্ধতিলৈ প্ৰেৰণ কৰা প্ৰক্ৰিয়াটোৰ নাম লিখা।
উত্তৰঃ অৱদমন।

8. ছােৱালীজনীৰ মুখনিযে আমাক তাইৰ মাকৰ কথা মনত পেলাই দিয়ে’ – কিয়?
উত্তৰঃ যেতিয়া কোনাে বস্তুৰ লগত আন এটা বস্তু জড়িত হৈ থাকে তেতিয়া সিহঁতৰ এটাক স্মৰণ কৰা লগে লগে আনটো কথাও মনত পৰে।

9. বহুতৰ মাজৰ পৰা বাছনি কৰিবলগীয়া বিষয়ৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত কাম কৰা প্ৰক্ৰিয়াটো উল্লেখ কৰা।
উত্তৰঃ প্ৰত্যাভিজ্ঞা।

10. মুখস্থকৰণৰ প্ৰথমটো কাৰক কি?
উত্তৰঃ অভিজ্ঞতা বা শিক্ষা।

11. তাৎক্ষণিক স্মৃতিৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ শ্ৰুতলিপি লিখা।

12. স্মৃতি সদায় অতীতমুখী বুলি কোৱা কথাটো শুদ্ধনে? তেমাৰ উত্তৰৰ সমূখনত যুক্তি দিয়া।
উত্তৰঃ শুদ্ধ। কাৰণ অতীত অভিজ্ঞতা নহ’লে স্মৃতি কাৰ্য সম্পন্না নহয়।

13. ক’লাই আমাক বগাৰ কথা মনত পেলাই দিয়ে ‘ – কি?
উত্তৰঃ অনুষংগ স্মৃতিৰ ফলত ক’লাই আমাক বগাৰ কথা মনত পেলাই দিয়ে।

14. স্মৰণ বা চিনাক্তকৰণ কি?
উত্তৰঃ পূৰ্ব অভিজ্ঞতাৰ কোনাে মাধ্যমৰ সহায়েৰে মনলৈ অনাটোৱেই হ’ল স্মৰণ।

চমু প্ৰশ্নোত্তৰ (মূল্যাংক- ২)

1. স্মৃতিৰ এটা আৱশ্যকীয় চৰ্ত হ’ল পুনৰাবৃত্তি’— ব্যাখ্যা কৰা।
উত্তৰঃ কিছুমান মনােবৈজ্ঞানিকৰ মতে, পুনৰাবৃত্তি বা অনুশীলনৰ দ্বাৰা স্মৃতিৰ উন্নতি কৰিব পৰা যায়। পুনৰাবৃত্তি হৈছে স্মৃতিৰ এক আৱশ্যকীয় চৰ্ত। মেকভুগেলে ব্যাখ্যা দাঙি ধৰে যে অভ্যাসৰ দ্বাৰা স্মৃতি শক্তি উন্নতি সাধন কৰিব পাৰি। নিৰ্দিষ্ট বিষয়টোৰ প্ৰতি থকা মনােযােগ, আগ্ৰহ আৰু অনুভূতি আদিৰ পাৰস্পৰিক সম্পৰ্কই এক বিশেষ ক্ষেত্ৰত অনুশীলনৰ সহায়ত স্মৃতি প্ৰক্ৰিয়াক উন্নত কৰাত সহায় কৰে।

2. বাৰণ কি?
উত্তৰঃ দুখ, ভয়, থং আদি, আবেগৰ আতিশয্যৰ কাৰণে মানুহে বহু। কথা পাহৰে। এনে আৱেগিক উত্তেজনাই শিকন অভিজ্ঞতা আহৰণ আৰু সংৰক্ষণ উভয়তে বাধাৰ সৃষ্টি কৰে।

3. চিনাক্তকৰণে মনত পেলােৱাত সহজ কৰি দিয়ে’ – উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ চিনাক্তকৰণ বা প্ৰত্যাভিজ্ঞ হৈছে স্মৃতিৰ এক উপাদান। আমাৰ যেতিয়া কোনাে এক – অভিজ্ঞতা হয় তেতিয়া তাক সংৰক্ষশ কৰি ৰখা হয় আৰু সময়মতে নিজাব্বীয়াকৈ চিনাক্তকৰণ কৰি প্ৰত্যাভিজ্ঞতাৰ স্তৰলৈ লৈ যােৱা হয়। পূৰ্ণ অভিজ্ঞতাৰ প্ৰতিৰূপ সমূকস চেতনৰ মাজেৰে চিনাক্তণ কৰিব লাগে। উদাহৰণস্বৰূপে আগতেজনা কোনাে ব্যক্তিৰনাম মনত পেলাবলৈ দিলে যিমান কষ্ট হয় কেইটামান নাম দি তাৰ ভিতৰত। সেই ব্যক্তিজনৰ নাম চিনাক্ত কৰাত সুবিধা হয়।

4. দুটা প্ৰক্ৰিয়াৰ নাম লিখা যাৰ জৰিয়তে আমি কোনাে কথা মনত পেলাব পাৰোঁ।
উত্তৰঃ কোনাে কথা মনত পেলাব পৰা দুটা প্ৰক্ৰিয়া হ’ল—
(i) পুনৰাবৃত্তি আৰু অনুশীলন।
(ii) অভিপ্ৰায়।

5. স্মৃতিৰ বিস্তৃতি কি?
উত্তৰঃ অতীত অভিজ্ঞতাৰ পুনঃস্মৰণ বা প্ৰত্যাভিজ্ঞাৰ বাবে অক্ষম হ’লেই আমি পাহৰা বুলি কওঁ অৰ্থাৎ অতীত অভিজ্ঞতাৰ পুনৰুদ্ৰেক অক্ষমতাই স্মৃতি বিস্মৃতি হােৱা বুলি কয়। স্মৃতিৰ বিপৰীত গুণকে বিস্মৃতি বুলি কোৱা হয়।

6. সংবেদক স্মৃতিৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ শৰীৰৰ বিভিন্ন ইন্দ্ৰিয় অভিজ্ঞতাৰ দ্বাৰা নানা প্ৰকাৰৰ ইন্দ্ৰিয়াত বা সংবেদক স্মৃতিৰ সৃষ্টি হয়। যেনে দৃষ্টিৰ দ্বাৰা চকুৰ স্মৃতি, শব্দৰ দ্বাৰা শ্ৰৱণ স্মৃতি, স্পৰ্শৰ দ্বাৰা স্পৰ্শজ স্মৃতি আদি।

7. বৈসাদৃশ্যৰ নীতিয়ে শিকনত কি দৰে সহায় কৰে?
উত্তৰঃ দুটা। ঘটনা বা বিষয়ৰ মাজত বৈসাদৃশ্য থকাৰ ফলতাে এটাই আনটোক স্মৰণ। কৰাব পাৰে। উদাহৰণস্বৰূপে স্বৰ্গ আৰু নৰক উভয়ৰে বৰ্ণনা পঢ়াৰ পিছত নৰকৰ বৰ্ণনাই স্বৰ্গৰ বিষয়ে মনত পেলাই দিয়ে। ইয়াকে। বৈসাদৃশ্য নীতি বােলে।

8. দীৰ্ঘম্যাদী স্মৃতি কি?
উত্তৰঃ কোনাে বিষয়বস্তু শিকাৰ বহুদিনৰ পাছত স্মৰণ কৰাকে। দীৰ্ঘম্যাদি স্মৃতি বােলে। এই স্মৃতিৰ বেলিকা শিক্ষণ আৰু তাৰ পুনৰ প্ৰযােগৰ মাজত যথেষ্ট সময়ৰ ব্যৱধান থাকে। উদাহৰণস্বৰূপে নৃত্যশিল্পীযে তেওঁৰ শিক্ষা লাভ কৰাৰ কিছু সময়ৰ পিছতহে নৃত্য পৰিবেশন কৰে।

9. ৰুদ্ধকৰণ কি?
উত্তৰঃ কেতিয়াবা স্মৃতিৰ চাপবােৰ এনে এটা পৰ্যায়ত থাকে যে। সেইবােৰৰ কাৰণে প্ৰত্যাভিজ্ঞা সম্ভৱ হ’লেও পুনঃস্মৰণ সম্ভৱ নহয়। স্মৃতি সঁচৰ শক্তি হ্ৰাস নােহােৱা অৱস্থাতাে কিছুমান পৰিস্থিতিত পুনঃস্মৰণ সম্ভৱ নহয়। ইযাকে ৰুদ্ধকৰণ বােলে।

10. অতীত অভিজ্ঞতাক ধৰি ৰখাত সহায় কৰা দুটা কাৰক উল্লেখ কৰা।
উত্তৰঃ অতীত অভিজ্ঞতাক ধৰি ৰখাত সহায় কৰা দুটা কাৰক হ’ল—
(i) অনুশীলন।
(ii) সুস্থ মানসিক স্বাস্থা।

11. শিকাৰ ইচ্ছাই স্মৰণত সহায় কৰে ব্যাখ্যা কৰা।
উত্তৰঃ কোনাে বিষয় শিকাৰ প্ৰতি আমাৰ মনত প্ৰবল ইচ্ছা আগ্ৰহ থাকিলে আমি সেই বিষযত বেছি মনােযােগ দিওঁ। গভীৰ মনােযােগেৰে শিকা কথা আমাৰ মনত বহুদিনলৈ থাকে ফলত স্মৃতি দীৰ্ঘম্যাদী হয়। গতিকে কোনাে বিষয় আৰম্ভ কৰাৰ আগতে তাৰ উদ্দেশ্য ভালকৈ ব্যাখ্যা কৰি তাক শিকাৰ প্ৰতি ছাত্ৰ – ছাত্ৰীৰ আগ্ৰহ সৃষ্টি কৰিব লাগে।

প্ৰশ্নোত্তৰ (মূল্যাংক- ৩)

1. স্মৃতি প্ৰশিক্ষণ কি?
উত্তৰঃ স্মৃতি প্ৰশিক্ষণ মানে হ’ল স্মৃতি শক্তি বৃদ্ধি কৰিব পৰা উপায় সমূহৰ প্ৰতি দিয়া শিক্ষা। নিজ স্মৃতি উন্নত কৰি তােলা বা উৎকৰ্ষ সাধন কৰাৰ ইচ্ছা আগ্ৰহ আমাৰ সকলােৰে আছে যদিও বাস্তৱ ক্ষেত্ৰত ই ইমান সম্ভৱ নহয়। প্ৰশিক্ষণৰ দ্বাৰা স্মৃতি শক্তি উন্নতি সাধন কৰিব। পাৰি নে নােৱাৰি ই এক বিতৰ্কমূলক বিষয়। পুৰণি শক্তিবাদী। মনােবিদসকলে স্মৃতিক এক মানসিক শক্তিস্বৰূপে গণ্য কৰিছিল। এই শক্তিক সাহিত্য, বুৰঞ্জী আদি কেতবােৰ মৌলিক বিষয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি আৰু তাৰ অধ্যয়ন আৰু অনুশীলন কৰি স্মৃতিশক্তি উৎকৰ্ষ সাধনৰ মত প্ৰকাশ কৰিছিল।
বৰ্তমানৰ এজন মনােবিদ মেকডুগলে স্মৃতি সম্বন্ধে কৰা পৰীক্ষাৰ ভিত্তিত স্মৃতি উৎকৰ্ষ সাধনৰ সম্ভাৱনীযাতক দেখা পায়। তেওঁৰ মতে। অনুশীলনৰ যােগেদি ব্যক্তিৰ সংবক্ষণ ক্ষমতা উৎকৰ্ষ সাধন কৰিব পৰা যায়।

2. তলত দিয়া ক্ষেত্ৰবােৰত কাম কৰা বিভিন্ন ধৰণৰ স্মৃতিবােৰ চিনাক্ত কৰা।
(ক) এটা বাদ্যযন্ত্ৰ বজোৱা।
উত্তৰঃ অভ্যাস স্মৃতি।
(খ) টেলিফোন ডাযেৰীৰ পৰা এটা টেলিফোন নম্বৰ ব্যৱহাৰ কৰা।
উত্তৰঃ মুখস্থ স্মৃতি।
(গ) তলিপি লিখা।
উত্তৰঃ তৎকালীন স্মৃতি।

3. পশ্চাদমুখী প্ৰতিৰােধ আৰু পূৰ্বমুখী প্ৰতিৰােধৰ পাৰ্থক্যৰ বিষযে এটি টোকা।
উত্তৰঃ বৰ্তমান শিকনৰ অতীত শিকনৰ ওপৰত যি প্ৰভাৱ থাকে তাকে পশ্চাদমুখী প্ৰতিৰােধ বােলে। ই এক বিস্মৃতিৰ কাৰণ। আনহাতে কিছু সময়ত অতীত অভিজ্ঞতাই বৰ্তমান অভিজ্ঞতা। প্ৰভাৱিত কৰে। ইযাক পূৰ্বমুখী প্ৰতিৰােধ বুলি কোৱা হয়। পশ্চাদমুখী প্ৰতিবােধৰ দৰে পূৰ্বমুখী প্ৰতিবােধ বিস্মৃতি। এটা কাৰণ।

4. স্মৃতিত সৃজনশীলতাৰ কোনাে স্থান নাই’— ব্যাখ্যা কৰা।
উত্তৰঃ স্মৃতিত সৃজনশীলতাৰ কোনাে স্থান নাই ‘ কথাষাৰ সত্য বুলি। ক’লে ভুল নহ’ব কোৱাত। স্মৃতি বা স্মৰণ কাৰ্য হৈছে অতীতত পােৱা অভিজ্ঞতা অনুসৰি কোনাে ঘটনাক মনত কল্পনা কৰা। আনহাতে সৃজনশীলতা হৈছে ব্যক্তিৰ নিজ চিন্তা আৰু ক্ৰিয়াৰ যােগেৰে নতুন। উদ্ভাৱন কৰিব পৰা ক্ষমতা। ই ব্যক্তিৰ এক অনন্য গুণৰালি, যাৰ যােগেদি তেওঁ দেশ আৰু সমাজৰ অগ্ৰগতিত শ্ৰেষ্ঠতম অৱদান আগবঢ়াব পাৰে।
দেখা যায় স্মৃতি আৰু সৃজনক্ষমতা দুটা পৃথক শক্তি যাৰ ইটোৰ সিটোৰ লগত সম্পৰ্ক নাই। সৃজন ক্ষমতা থকা ব্যক্তি বহু সময়ত স্মৃতি বিলুপ্ত আৰু অন্যমনস্ক বিধৰ হয়।

5. স্মৃতি শক্তি বৃদ্ধি সম্পৰ্কত ষ্টাউটৰ মতামত কি?
উত্তৰঃ স্মৃতি বিস্তৃত অধ্যয়নকাৰী মনােবিজ্ঞানী স্কাউটে স্মৃতিৰ উৎকৰ্ষ সাধনৰ দিশত কিছু ভিন্ন মত প্ৰকাশ কৰে। তেওঁ জেমচৰ মতক আংশিকভাৱে সমৰ্থন কৰি কয় যে ব্যক্তিৰ সাধাৰণ স্মৃতিশক্তিৰ উৎকৰ্ষ সাধন কৰিব নােৱাৰি। অৱশ্যে কোনাে এক বিশেষ দিশত তেওঁ শিক্ষা – অনুশীলন লাভ কৰিলে সেই দিশৰ প্ৰতি এক উন্নত স্মৃতি, প্ৰযােগ কৰিব পাৰে। উদাহৰণস্বৰূপে এজন বুৰঞ্জীবিদে বুৰঞ্জীৰ চন, তাৰিখ আৰু ঘটনা, এজন নাট্য শিল্পীযে নাটকৰ বচন আদি সৰ্বসাধাৰণ লােকতকৈ ভালদৰে মনত ৰাখিব পাৰে।

6. নীতাই তাইৰ কিতাপৰ পৰা এটা কবিতা শিকিছে, দ্বিতীয়টো কবিতা শিকাৰ পিছত তাই পাহৰি গ’ল প্ৰথমটো’ -কাৰণ দৰ্শোৱা।
উত্তৰঃ নীতাই তাইৰ কিতাপৰ পৰা এটা কবিতা শিকিছে। দ্বিতীয় কবিতাটো শিকাৰ পিছত তাই প্ৰথম কবিতাটো পাহৰি গ’ল। ইয়াৰ কাৰণ হ’ল পশ্চাদমুখী প্ৰতিৰােধ। সময়ৰ ব্যৱধান নাৰাখি যদি দুটা একেধৰণৰ কথা দুটাৰ পিছত এটাকৈ শিকা হয় তেন্তে দেখা যায় যে দ্বিতীয় কথাৰ শিক্ষণে প্ৰথম কথাৰ স্মৃতি সংৰক্ষণত বাধা দিয়ে। এই মানসিক প্ৰক্ৰিয়াকে পশ্চাদমুখী প্ৰতিৰােধ বােলে। মানসিক কাৰ্য দুটাৰ উপাদানৰ সাদৃশ্য থাকিলে পশ্চাদমুখী প্ৰতিৰােধ বেছি হয়।

7. ধাৰণ কাৰ্যত সহায় কৰা তিনিটা কাৰক উল্লেখ কৰা।
উত্তৰঃ ধাৰণ কাৰ্যত সহায় কৰা তিনিটা কাৰক হ’ল—
(i) ইচ্ছা শক্তি:- ইচ্ছা শক্তিৰ মনােবলৰ ওপৰত স্মৃতিৰক্ষা বা ধাৰণ। কাৰ্যকৰাটো ঘাইকৈ নিৰ্ভৰ কৰে।
(ii) মানসিক সুস্বাস্থ্য:- ৰােগমুক্ত, সুস্থ আৰু বলিস্থ মন এটাইহে ভালদৰে প্ৰতিৰূপক সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কৰিব পাৰে।
(iii) অনুশীলন:- বিখ্যাত মনােবিদ উইলিয়াম মেকডুগলে মত প্ৰকাশ কৰে যে স্মৃতি অনুশীলনৰ যােগেদি ব্যক্তিৰ ধাৰণ ক্ষমতাৰ উল্কৰ্য সাধন কৰিব পৰা যায়।

8. ভালদৰে মনত পেলাবলৈ আমি ডাঙৰ লেনদেনবােৰ পাহৰিবই লাগিব ‘ – ব্যাখ্যা কৰা।

উত্তৰঃ বিস্মৃতিৰ এক মানসিক কাৰণ হৈছে পশ্চাদমুখী প্ৰতিৰােধ। বিস্মৃতিক সাধাৰণতে স্মৃতিৰ বিপৰীতধৰ্মী ক্ৰিয়া বুলি গণ্য কৰা হয়। কোনাে এটা বিষয় শিকাব পূৰ্বে আৰু তাৰ পিচত অথবা আগে পিছে। সময়ৰ অলপাে ব্যৱধান নৰখাকৈ শিক্ষাই সম্পূৰ্ণ পৃথক আৰু সম্বন্ধহীন। বিষযে মধ্যবৰ্তী বিষয়ৰ স্মৃতিৰ সংৰক্ষণত প্ৰতিৰােধৰ সৃষ্টি কৰে। এই প্ৰভাৱকে পশ্চাদমুখী প্ৰতিৰােধ বােলা হয়। মনােবিজ্ঞানৰ মতে ভাল স্মৃতিৰ বাবে অতি প্ৰযােজনীয় হৈছে বিস্মৃতি। কাৰণই সচেতন মনৰ পৰা অপ্ৰয়ােজনীয় অভিজ্ঞতাসমূহ দূৰ কৰে যাৰ বাবে আমি প্ৰযােজনীয় অভিজ্ঞতাসমূহ সংৰক্ষণ কৰিব পাৰে। গতিকে ভালদৰে মনত পেলাব হ’লে কিছু অভিজ্ঞতা পাহৰি যােৱাটো ফলদায়ক।

9. স্মৃতি প্ৰক্ৰিয়াত জড়িত হৈ থকা বিভিন্ন স্তৰবােৰ কি কি ?
উত্তৰঃ স্মৃতিৰ বিভিন্ন উপাদানসমূহ হ’ল—
(১) শিকন:- কোনাে এক বিষয়বস্তুক মনত ৰাখিবলৈ হ’লে প্ৰথমে প্ৰযােজন হ’ব ইয়াৰ বাবে শিকনৰ। শিকনৰ জৰিয়তে কোনাে বিষয়বস্তুৰ ওপৰত পােৱা অভিজ্ঞতাৰ ফলসমূহ মনত লিপিবদ্ধ হয়।
(২) সংৰক্ষণ:- যেতিয়া কোনাে এটা বিষয় সচেতনভাৱে বাৰে বাৰে শিকিবলৈ চেষ্টা কৰা হয় আৰু ফলস্বৰূপে মনত ধৰি ৰাখিবলৈ সক্ষম হােৱা যায় তাকে সংৰক্ষণ বােলা হয়।
(৩) পুনৰুদ্ৰেক:- কোনাে বিষয় শিকাৰ পাছত কিমানখিনি মনত সংৰক্ষিত হয় তাক ব্যক্ত কৰাৰ মানসিক ক্ৰিয়াকে পুনৰুদ্ৰেক বােলে।
(৪) প্ৰত্যাভিজ্ঞ:- অতীত অভিজ্ঞতাৰ বিষয় বা বস্তুৰ উপস্থিতিত যেতিয়া আমি তাক চিনাক্ত কৰিব পাৰে তাক প্ৰত্যাভিজ্ঞ বােলা হয়।

READ MORE  শিক্ষণ | Chapter 4 | Class 12 Education - AHSEC

10. বন্ধকৰণক কি বিস্মৃতিৰ এটা কাৰণ হিচাপে বিবেচনা কৰা হয়?
উত্তৰঃ শিকনৰ সমাপ্তি বা বন্ধকৰণ বিস্মৃতিৰ কাৰণস্বৰূপে হৈ উঠিব পাৰে। শিক্ষা গ্ৰহণ কাৰ্য চলাই থকাৰ সময়ত এক মানসিক উত্তেজনাই ব্যক্তিৰ দেহ মন সচেষ্ট আৰু সক্ৰিয় কৰি ৰাখে। ফলত স্মৃতি সক্ৰিয় অৱস্থাত থাকে। কিন্তু শিক্ষণৰ সমাপ্তিৰ লগে লগে মনত এক স্বস্তিৰ। ভাব অনুভূত হয়, যি স্মৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। শিক্ষণৰ এনে সমাপ্তিযে সেয়েহে স্মৃতিৰষ্কাৰ দিশত এক মনােবৈজ্ঞানিক ক্ষতিসাধন কৰে।

11. স্মৃতি কি? স্মৃতিৰ এটা বিস্তাবিত সূত্ৰ দিয়া।
উত্তৰঃ প্ৰত্যেক মানুহৰ মনৰ ঘাইকৈ দুটা স্তৰ থাকে— সচেতন আৰু অচেতন। দৈনন্দিন জীৱনত যি শিকন আৰু অভিজ্ঞতা লাভ কৰা হয়। সেই সমূহ মনৰ চেতন ভাগত সঞ্চিত হৈ থাকে। স্মৃতি এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা মনত সঞ্চিত থকা অতীত অভিজ্ঞতা আৰু শিকন পুনঃস্মৰণ কৰিবলৈ মানুহ সমৰ্থ হয়।
মনােবিদ Woodworth ৰ মতে “ পূৰ্বে শিকা কথাৰ পুনঃস্মৰণ অভিজ্ঞতা আৰু সংৰক্ষণেই হ’ল স্মৃতি।

12. সংবেদক স্মৃতি কি?
উত্তৰঃ আমাৰ ইন্দ্ৰিয় চকু, কাণ, নাক, জিভা আৰু ছালৰ সংবেদন অভিজ্ঞতাৰ দ্বাৰা লাভ হােৱা স্মৃতিক সংবেদক স্মৃতি বােলে। পাঁচবিধ ইন্দ্ৰিযৰ দ্বাৰা পাঁচ ধৰণৰ এনে স্মৃতি সৃষ্টি হয়। দৃষ্টি সংবেদনৰ দ্বাৰা চাক্ষুষ স্মৃতি, শ্ৰৱণ সংবেদনৰ দ্বাৰা শ্ৰৱণ স্মৃতিৰ সৃষ্টি হয়। সেইদৰে নাক, জিভা আৰু ছালৰ সংবেদনাত্মক অভিজ্ঞতাৰ দ্বাৰা ক্ৰমে ঘ্ৰাণজ, স্বাদজ আৰু স্পৰ্শজ স্মৃতি লাভ হয়।

13. কিছুমান কথা মনত ৰাখিবলৈ নিবিচৰা বাবে আমি পাহৰোঁ ‘ – ব্যাখ্যা কৰা।
উত্তৰঃ পাহৰনি বা বিস্মৃতি হৈছে এক মানসিক প্ৰক্ৰিয়া। অতীত অভিজ্ঞতা চেতন মনত পুনৰুদ্ৰেক কৰা অক্ষমতাই হ’ল বিস্মৃতি। এই বিস্মৃতিৰ বহুতাে মনােদৈহিক কাৰণে আছে। তাৰ ভিতৰত এক হ’ল—

আগ্ৰহ আৰু মনােযােগৰ অভাৱ। প্ৰবল আগ্ৰহ আৰু গভীৰ মনােযােগে স্মৃতিশক্তি সংৰক্ষণত সহায় কৰে। অনিচ্ছা আগ্ৰহহীনতা বিৰক্তি আদিয়ে স্মৃতিত বাধাৰ সৃষ্টি কৰে। শিক্ষণীয় বিষয় শিক্ষাৰ্থীযে যদি। আগ্ৰহহীনভাৱে ইচ্ছাৰ বিৰুদ্ধে গ্ৰহণ কৰে। তেন্তে সেই শিক্ষণীয় বিষয় স্মৃতিলৈ অনাটো সহজ নহয়। গতিকে কিছুমান কথা মনত ৰাখিবলৈ নিচিৰা বাবে আমি পাহৰাে।

14. স্মৃতি আৰু মনঃছবিৰ মাজৰ সম্পৰ্ক কি?
উত্তৰঃ স্মৃতি আৰু মনঃছবি বা কল্পনাৰ মূল উপাদান হৈছে প্ৰতিৰূপ। এই প্ৰতিৰূপৰ যথাৰ্থ বা হুবহু ৰূপত কৰা প্ৰযােগেই স্মৃতি আৰু ইয়াৰ সু – সংগঠন আৰু পৰিবৰ্তনেৰে কৰা নতুন উদ্ভাৱনেই হৈছে কল্পনা। সেযে বহু সময়ত স্মৃতি আৰু কল্পনাৰ প্ৰভেদ যে নােহােৱা হৈ পৰে। স্মৃতি আৰু মনঃছবি উভয়তে প্ৰতিৰূপৰ প্ৰাধান্য প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞ। সকলে স্মৃতি প্ৰতিৰূপ আৰু কল্পনা প্ৰতিৰূপ স্বৰূপে বিশেষ অৰ্থসূচক শব্দ প্ৰযােগেৰে ই্যাৰ ভিন ভিন অস্তিত্ব প্ৰতিপন্ন কৰিছে। উল্লেখযােগ্য যে তাজমহল নিজ চকুৰে দেখি অহা এজন লােকৰ মনত সি হয় স্মৃতি। প্ৰতিৰূপ। সেযে দুয়ােটাৰ মাজত সম্পৰ্ক অতি গভীৰ।

15. সংযুক্তকৰণৰ নীতিয়ে মুখস্থকৰণত কিদৰে সহায় কৰে ব্যাখ্যা কৰা।
উত্তৰঃ দুই বা ততােধিক ঘটনাৰ মাজত কালগত বা স্থানগত সামীপ্যৰ বাবে অনুংগ স্থাপন হ’ব পাৰে। যেতিযা দুটা ঘটনা একে সময়তে বা। অতি কম সময়ৰ বাৱধানত ঘটে, তেতিয়া এটা ঘটনাৰ কথা পিছত মনলৈ আহিলে আনটোৰ কথাও মনলৈ আহে। সেইদৰে স্থানগত সামীপ্যৰ বাবেও এটাই আনটোৰ বিষয় বা ঘটনালৈ মনত পেলাই দিয়ে।

16. তলত উল্লেখ কৰা বিষয়টোৰ মনস্তাত্বিক ব্যাখ্যা আগবঢ়োৱা।
“ৰাতিতকৈ দিনত পাহৰাৰ হাৰ বেছি।”
উত্তৰঃ দিনত মানুহ অধিক কৰ্মব্যস্ততাৰ মাজত থাকে। নানা ধৰণৰ সমস্যাৰে আবৰি থাকে। অবিবামভাৱে জিৰণি নােলােৱাকৈ কৰা কামৰ বাবে মানুহৰ দেহ – মন ক্লান্ত হৈ পৰে আৰু অৱসাদযুক্ত হৈ পৰে। ফলস্বৰূপে মানুহে দিনৰ ভাগত ৰাতিতকৈ বেছি পাহৰে। মনােবিদসকলৰ মতে শাৰীৰিক ক্লান্তি বিস্মৃতিৰ এটা প্ৰধান কাৰণ। সেয়েহে মানুহে শিকনৰ ক্ষেত্ৰত উপযুক্ত স্মৃতি লাভ কৰিবলৈ পৰ্যাপ্ত জিৰণি লােৱা উচিত।

17. বিস্মৃতি মুখস্থকৰণৰ এটা চৰ্ত। ব্যাখ্যা কৰা।
উত্তৰঃ বিস্মৃতি হৈছে এক আশীৰ্বাদ। কাৰণ যিকোনাে শিকন অভিজ্ঞতাৰ আহৰণৰ পিছত ভৱিষ্যতে স্মৃতি লাভৰ অৰ্থে প্ৰতিৰূপ বা। চাপসমূহ মনত সঞ্চিত কৰি ৰাখিব লাগে। আনহাতে ই সকলােৰে জ্ঞাত যে মানুহৰ সংৰক্ষণ ক্ষমতা জন্মলব্ধভাৱে সীমিত। বিস্মৃতিযে পুৰণি, অপ্ৰয়ােজনীয় প্ৰতিপসমূহ অচেতন মনৰ গভীৰ স্থলীলৈ ঠেলি পঠিওৱাৰ ফলস্বৰূপে সচেতন মন নতুন জ্ঞান – অভিজ্ঞতা আহৰণ কৰি সংৰক্ষণ কৰিবলৈ সমৰ্থ হয়। সেয়েহে বিস্মৃতিক এক আশীৰ্বাদ বুলি অভিহিত কৰিব পাৰি।

18. বিস্মৃতি হ’ল এটা আশীৰ্বাদ। ব্যাখ্যা কৰা।
উত্তৰঃ বিখ্যাত মনােবৈজ্ঞানিক ফ্ৰয়েডে বিস্মৃতিক সচেতন মনৰ এক প্ৰতিক্ষা ব্যবস্থা বুলি অভিহিত কৰিছে। কাৰণ বিস্মৃতিৰ জৰিয়তে। ইচ্ছাকৃতভাৱে সচেতন মনৰ পৰা দুখদায়ক অভিজ্ঞতাসমূহ আঁতৰাই ৰখাত সহায় কৰে। ফলত দুখদায়ক অভিজ্ঞতাসমূহে ব্যক্তিৰ সচেতন মন পীড়িত কৰিব নােৱাৰে। ইযে সচেতন মনক প্ৰাকৃতিক ৰূপত নতুন নতুন জ্ঞান আহৰণত সহায়ক হিচাপে কাম কৰে। সেয়েহে বিস্মৃতিক। সচেতন মনৰ প্ৰতিৰক্ষা ব্যবস্থা বুলি কোৱা হয়।

19. বিস্মৃতি হ’ল প্ৰতিৰক্ষামূলক ব্যবস্থা। ব্যাখ্যা কৰা।
উত্তৰঃ যদিও প্ৰত্যেক অভিজ্ঞতাই স্মৃতি ছাপ সৃষ্টি কৰে তথাপিও প্ৰত্যেক অভিজ্ঞতাৰ স্মৃতি ছাপক চেতন মনলৈ অনা সম্ভৱ নহয়। আন কথাত ক’বলৈ গলে প্ৰত্যেক অভিজ্ঞতাৰ কথা মনত পেলােৱা সম্ভৱ নহয়। অতীত অভিজ্ঞতাক চেতন মনত পুনৰুদ্ৰেক কৰাৰ অক্ষমতাই হ’ল বিস্মৃতি। (Forgetting is the inability to reactivate the memory traces of past experience in the conscious mind.)

বিস্মৃতিক সাধাৰণতে স্মৃতিৰ বিপৰীতধৰ্মী ক্ৰিয়া বুলি গণ্য কৰা হয়। বিখ্যাত মনােবিশ্লেষক ফ্ৰয়েডে বিস্মৃতিক ভাল মানসিক স্বাস্থ্যৰ বাবে অতি প্ৰযােজনীয় বুলি অভিহিত কৰিছে। তেখেতৰ মতে, বিস্মৃতি হ’ল স্মৃতিৰ মনৰ এক প্ৰতিৰক্ষা কবচ সদৃশ। কাৰণ বিস্মৃতিযে মানুহৰ জীৱনৰ কৰুণ অভিজ্ঞতা সমূহ পাহৰি এক সুস্থ আৰু স্বাভাৱিক জীবন। যাপন কৰাত সহায় কৰে। বিস্মৃতি হ’ল স্মৃতিৰ এক কাৰক। কাৰণ ই সচেতন মনৰ পৰা অপ্ৰয়ােজনীয় অভিজ্ঞতাসমূহ আনি সংৰক্ষণ কৰাত সহায় কৰে। সেয়েহে মনােবিজ্ঞানৰ মতে ভাল স্মৃতিৰ বাবে অতি প্ৰযােজনীয় হৈছে বিস্মৃতি। এই কাৰণৰ বাবে কোনাে কোনাে মনােবিদে শিক্ষণক যুক্তিমূলক বিস্মৃতি ” কাৰ্য বুলিও ক’ব বিচাৰে।

প্ৰশ্নোত্তৰ (মূল্যাংক- ৪)

1. বিস্মৃতিৰ চাৰিটা শাৰীৰিক কাৰণ ব্যাখ্যা কৰা।
উত্তৰঃ বিস্মৃতিৰ চাৰিটা শাৰীৰিক কাৰণ হ’ল—
(i) বৃদ্ধাৱস্থা:- বয়স্ক লােকৰ ক্ষেত্ৰত পাহৰণি বেছিকৈ পৰিলক্ষিত হয়।
(ii) মগজুৰ আঘাত:- কোনাে দুৰ্ঘটনা বা দুৰাৰােগ্যৰ ফলত মগজুৰ কোনাে ভাগ আঘাতপ্ৰাপ্ত হ’লে, তেতিয়া বিস্মৃতি হ’ব পাৰে।
(iii) মাদক দ্ৰব্য সেৱন:- ৰাগিয়াল দ্ৰব্যৰ ব্যৱহাৰৰ ফলত শিক্ষণীয় বিষয় পাহৰণিৰ গৰ্ভত পৰে।
(iv) ক্লান্তি:- দীঘলীয়া সময়জুৰি জিৰণি নােলােৱাকৈ পৰিশ্ৰম কৰিলে দেহৰ স্নায়ুতন্ত্ৰ ঘাইকৈ মগজু অৱসাদগ্ৰস্থ হৈ পৰে, ফলত পাহৰণিৰ সৃষ্টি হয়।

2. ধাৰণ অবিহনে মনত পেলােৱাটো অসম্ভৱ আৰু মনত পেলােৱা অবিহনে ধাৰণৰ কাম নাই’ – আলােচনা কৰা।
উত্তৰঃ ধাৰণ বা সংৰক্ষণ ক্ষমতা আৰু পুনঃস্মৰণ বা মনত পেলােৱা স্মৃতি প্ৰক্ৰিয়াৰ দুটা উপাদান। মনে অভিজ্ঞতাৰ সাঁচ সংৰক্ষণ কৰি ৰাখিব পাৰে কাৰণেহে লাভ কৰা কোনাে অভিজ্ঞতা পুনঃস্মৰণ কৰিব পৰা যায়।

আনহাতে সংৰক্ষিত, অভিজ্ঞতাৰ চেতন মনত পুনৰুদ্ৰেক ঘটোৱাই হ’ল মনত পেলােৱা কাৰ্য। এই মনত পেলােৱা কাৰ্য কৰিব হ’লে অতীত অভিজ্ঞতাক সুৰক্ষিত কৰি ৰাখিব পাৰিব লাগিব।
গতিকে ধাৰণ অবিহনে মনত পেলােৱাটো অসম্ভৱ আৰু মনত পেলােৱা অবিহনে ধাৰণৰ কোনাে মূল্য নাই বুলি কোৱা হয়।

3. প্ৰতিক্ষা ব্যৱস্থা হিচাপে বিস্মৃতিযে আমাৰ মানসিক স্বাস্থ্যক সুৰক্ষা দিয়ে কিদৰে ব্যাখ্যা কৰা।
উত্তৰঃ বিখ্যাত মনােবৈজ্ঞানিক ফ্ৰয়েডে বিস্মৃতিক সচেতন মনৰ এক প্ৰতিৰক্ষা ব্যৱস্থা বুলি অভিহিত কৰিছে। কাৰণ বিস্মৃতিৰ জৰিয়তে। ইচ্ছাকৃতভাৱে সচেতন মনৰ পৰা দুখদায়ক অভিজ্ঞতাসমূহ আঁতৰাই ৰখাত সহায় কৰে। ফলত দুখদায়ক অভিজ্ঞতাসমূহে ব্যক্তিৰ সচেতন। মন পীড়িত কৰিব নােৱাৰে। ইযে সচেতন মনক প্ৰাকৃতিক ৰূপত নতুন নতুন জ্ঞান আহৰণত সহায়ক হিচাপে কাম কৰে। সেয়েহে বিস্মৃতিক। সচেতন মনৰ প্ৰতিৰক্ষা ব্যৱস্থা বুলি কোৱা হয়।

4. মুখস্থকৰণৰ দুটা অৰ্থনৈতিক পদ্ধতি ব্যাখ্যা কৰা।
উত্তৰঃ (i) অখণ্ড শিকন পদ্ধতি:- শিক্ষা গ্ৰহণৰ বেলিকা শিক্ষাৰ উপাদানবােৰক খণ্ড খণ্ড কৰি ভাঙি অথবা অখণ্ডভাৱে সমগ্ৰ উপাদান অবিভক্তভাবে আয়ত্তকৰণৰ চেষ্টা কৰা হয়। অৱশ্যে ই্যাৰ ফুৰ্তি ৰাকৰণৰ ফালৰ পৰা অখণ্ড পদ্ধতি অধিক ফলপ্ৰসূস্বৰূপে গণ্য কৰা হয়।

(ii) যৌক্তিক – শিকন পদ্ধতি:- বিচাৰ বৃদ্ধি প্ৰয়ােগ কৰি বা বুজি শিকা কথাক স্থায়ীভাৱে মনত ধৰি ৰাখিব পাৰি। সেযে বুদ্ধিমান লােক স্মৃতি। প্ৰযােগৰ ক্ষমতা আৰ্থিক হােৱাটো লক্ষ্য কৰিব পাৰি। এনে লােকে যিকোনাে কথা বােধশক্তি বিচাশক্তি আদি প্ৰযােগ কৰি শিকি উঠা বাবে অধিক স্থায়ী হয়।

5. স্মৃতি প্ৰক্ৰিয়াত জড়িত কাৰকসমূহৰ (উপাদান ) বিষয়ে আলােচনা কৰা।
উত্তৰঃ স্মৃতি প্ৰক্ৰিয়াত জড়িত কাৰকসমূহৰ বিষয়ে তলত আলােচনা কৰা হ’ল—
(i) শিকন:- অভিজ্ঞতা অৰ্জন কৰা বা শিক্ষা লাভ কৰাটো স্মৃতিৰ প্ৰথম পৰ্যায়। যি বিষয়ত আমাৰ কোনাে অভিজ্ঞতা লাভ হােৱা নাই তেনে বিষয়ৰ স্মৰণ কেতিয়াও সম্ভৱ হ’ব নােৱাৰে।

(ii) সংৰক্ষণ:- মনে অভিজ্ঞতাৰ সাঁচ সংৰক্ষণ কৰি ৰাখিব পাৰে কাৰণেহে বৰ্তমান লাভ কৰা কোনাে অভিজ্ঞতা পিছত স্মৰণ কৰাটো সম্ভৱ হয়।

(iii) পুনঃস্মৰণ:- সংৰক্ষিত অভিজ্ঞতাৰ চেতন মনত পুনৰুদ্ৰেক ঘটোৱাই হ’ল পুনঃস্মৰণ। ইয়াৰ বাবে শিক্ষণ আৰু সংৰক্ষণৰ প্ৰযােজন। পূৰ্ব অভিজ্ঞতাৰ সাঁচ মনত যিমানে গভীৰ আৰু স্পষ্ট হয় সেই অভিজ্ঞতাৰ পুনঃস্মৰণণা সিমানে সহজ হয়।

(iv) প্ৰত্যাভিজ্ঞা:- ইন্দ্ৰিয়গ্ৰাহয় অৱস্থাত থকা কোনাে বস্তু বা বিষয়ক পূৰ্ব অভিজ্ঞতাৰ সহায়েৰে চিনাক্ত কৰা কাৰ্যই হৈছে প্ৰত্যাভিজ্ঞ। আগতে জনা কোনাে ব্যক্তিৰ নাম মনত পেলাবলৈ দিলে যিমান কষ্ট হয়, কেইটামান নাম দি তাৰ ভিতৰত চিনাক্ত কৰিবলৈ দিলে চিনাক্ত কৰাটো সিমান কষ্টকৰ নহয়।

6. তলৰ পৰিস্থিতিসমূহত কি কি প্ৰকাৰৰ স্মৃতি ক্ৰিয়াশীল লিখা।
(a) পিয়ানাে বজাওঁতে।
উত্তৰঃ অভ্যাস স্মৃতি।

(b) তলিপি লিখেতে।
উত্তৰঃ তাৎক্ষণিক স্মৃতি।

(c) পৰীক্ষাত প্ৰশ্নৰ উত্তৰ কৰোঁতে।
উত্তৰঃ প্ৰকৃত স্মৃতি।

(b) পিনৰ খােচ অনুভব কৰােতে।
উত্তৰঃ ইন্দ্ৰিয়মূলক স্মৃতি।

7. সংযুক্তিমূলক স্মৃতিৰ ধাৰণাটো উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ স্মৃতি – ক্ৰিয়াৰ বাবে অনুষংগতাৰ প্ৰযােগ হৈছে ইয়াৰ এক লক্ষণীয় বৈশিষ্ট্য। পূৰ্ব অভিজ্ঞতাৰ প্ৰতিৰূপক সচেতন মনত পুনৰুদ্ধাৰ কৰিবৰ বাবে অনুসংগতাৰ সহায় লব লাগে। যেতিয়া কোনাে বস্তু বা। ঘটনাৰ লগত আন এটা বস্তু বা ঘটনা জড়িত হৈ থাকে তেত্যি সিহতৰ এটাক স্মৰণ কৰাৰ লগে লগে আনটোৰ কথাও মনলৈ আহে। এনেকৈ। এটা কথা অনুষংগত আন এটা কথা মনত ৰখাটোৱেই সংযুক্তিমূলক স্মৃতি। উদাহৰণস্বৰূপে টকা পইচা কথা ভাবিলে মাটি – বাৰীলৈ মনত পৰে। সেইদৰে দুখৰ দিনবােৰত সুখৰ দিনবােৰলৈ মনত পৰে। সেয়েহে সান্নিধ্য, সাদৃশ্য আদি অৱস্থা স্মৃতিক অনুষংগমূলক নীতিৰ অন্তৰ্ভুক্ত।

8. বিস্মৃতি আমাৰ বাবে এটা অনুগ্ৰহ হিচাপে বিবেচিত হ’ব পাৰে ‘ – আলােচনা কৰা।
উত্তৰঃ ভাল স্মৃতিৰ বাবে অতি প্ৰযােজনীয় চৰ্ত হৈছে বিস্মৃতি। বিস্মৃতি হৈছে এক আশীৰ্বাদ বা অনুগ্ৰহ। কাৰণ যিকোনাে শিকন অভিজ্ঞতাৰ আহৰণৰ পিছত ভবিষ্যতে স্মৃতি লাভৰ অৰ্থে প্ৰতিৰূপ বা চাপসমূহ মনত সঞ্চিত কৰি ৰাখিব লাগে। আনহাতে ই সকলােৰে জ্ঞাত যে মানুহৰ সংৰক্ষণ ক্ষমতা জন্মলব্ধভাৱে সীমিত। বিস্মৃতিযে পুৰণি, অপ্ৰয়ােজনীয় প্ৰতিৰূপসমূহ অচেতন মনৰ গভীৰ স্থলীলৈ ঠেলি পঠিওৱাৰ ফলস্বৰূপে সচেতন মন নতুন জ্ঞান অভিজ্ঞতা আহৰণ কৰি সংৰক্ষণ কৰিবলৈ সমৰ্থ হয়। বিস্মৃতিৰ জৰিয়তে ইচ্ছাকৃতভাৱে সচেতন মনৰ পৰা দুখদায়ক অভিজ্ঞতাসমূহ আঁতৰাই ৰখাত সহায় কৰে। ফলত দুখদায়ক অভিজ্ঞতাসমূহে ব্যক্তিৰ সচেতন মন পীড়িত কৰিব নােৱাৰে। সেযেহে। বিস্মৃতিক সচেতন মনৰ প্ৰতিৰক্ষা ব্যৱস্থা বুলি কোৱা হয়। গতিকে ক’ব পাৰাে যে বিস্মৃতি আমাৰ বাবে এটা অনুগ্ৰহ।

9. ভাল স্মৃতিৰ চাৰিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ স্মৃতিৰ কেইটামান উল্লেখযােগ্য বৈশিষ্ট্যৰ বিষযে তলত আলােচনা কৰা হ’ল—
(ক) ইন্দ্ৰিয়গ্ৰাহয় অভিজ্ঞতাৰ প্ৰযােজন (Need of sensory experience):- আমাৰ সকলােৰে শৰীৰত পাঁচবিধ ইন্দ্ৰিয় আছে। স্মৃতি লাভৰ বাবে ইন্দ্ৰিয়ৰ প্ৰয়ােগৰ সহায়েৰে শিক্ষণ অথবা অভিজ্ঞতা আয়ত্তকৰণ অতিশয্য প্ৰযােজন।

(খ) সংৰক্ষণ কাৰ্যৰ আৱশ্যকীয়তা (Need of Retention) : প্ৰত্যেক ব্যক্তিৰেই মনৰ সংৰক্ষণৰ ক্ষমতা আছে। এই ক্ষমতা জন্মগত। ই শক্তি প্ৰযােগৰ দ্বাৰাই স্মৃতি লাভৰ বাবে বিভিন্ন অভিজ্ঞতাৰ ছাপ। মনত সংৰক্ষিত কৰি ৰখা হয়।

(গ) পুনঃস্মৰণৰ প্ৰযােজন (Need of Recalling):- স্মৃতিৰ আন এক উল্লেখযােগ্য বৈশিষ্ট্য হ’ল স্মৃতিক লাভৰ বাবে সঠিক পুনঃস্মৰণৰ। প্ৰযোজন বাঞ্ছনীয়।

(ঘ) অচেতন মনৰ ভূমিকা (Role of Unconscious mind ) : আমাৰ সকলােৰে মনৰ দুটা ভাগ থাকে সচেতন আৰু অচেতন। অতীত অভিজ্ঞতা পুনঃউদ্দীপকৰ ক্ষেত্ৰত অচেতন মনে এক বিশেষ ভূমিকা পালন কৰা দেখা যায়। মনােবিদসকলৰ মতে, চেতনাই সাধাৰণতে সুখদায়ক বা আনন্দদায়ক অভিজ্ঞতাসমূহ সংৰক্ষণত সহায় কৰে। আৰু ই মানুহক জীৱনৰ দুখদায়ক অভিজ্ঞতাসমূহ পাহৰি যােৱাত সহায় কৰে।

(ঙ) পুনৰাবৃত্তিৰ প্ৰযােজন (Need of repetition):- যিকোনাে শিক্ষণ বা অভিজ্ঞতাৰ সংৰক্ষণৰ বাবে পুনৰাবৃত্তিৰ অতি প্ৰয়ােজন। পুনৰাবৃত্তিযে স্মৃতি লাভত বিশেষ সহায় কৰে। যিকোনাে শিক্ষণ বা অভিজ্ঞতা লাভৰ পাছত যদি পুনৰাবৃত্তি কৰা নহয়, তেনেহ’লে পাহৰণিৰ প্ৰভাৱ বেছি হয়।

(চ) সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যকতা (Need of goud mental health):- মানসিক স্বাস্থ্য অসুস্থ বা দুৰ্বল হ’লে ব্যক্তিযে শিক্ষণ বা অভিজ্ঞতা যুক্তি সংগতভাৱে লাভ কৰিবলৈ অসমৰ্থ হয়। ইয়াৰ ফলত স্মৃতি লাভৰ ক্ষেত্ৰতাে বিপৰ্যয় ঘটিব পাৰে। গতিকে সঠিক পুনঃস্মৰণৰ বাবে সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যক।

10. পাৰ্থক্য নিৰূপণ কৰা
(ক) সঁচা স্মৃতি আৰু অভ্যাস স্মৃতি
উত্তৰঃ অভ্যাস স্মৃতি আৰু প্ৰকৃত স্মৃতিঃ কোনাে শিক্ষণীয় বিষয় বাৰে বাৰে অনুশীলন কৰাৰ ফলত শিক্ষণীয় বিষযৰ প্ৰতি মনত যি সাঁচ বহে তাকে অভ্যাসগত স্মৃতি বােলে। এই শক্তি মস্তিষ্কৰ স্নায়ু প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে ই যান্ত্ৰিক।
প্ৰকৃত স্মৃতিত মানসিক কল্পৰ (Mental image) প্ৰয়ােজন হয় আৰু বিষয়বস্তুৰ উপলব্ধি বাবে যুক্তি শক্তিৰৰ প্ৰয়ােজন হয়। ইয়াত। বিষয়বস্তুৰ অৰ্থ বুজি তাৰ বিভিন্ন ভাবসমূহৰ মাজত সম্পৰ্ক স্থাপন। কৰি মনত ৰাখিবলৈ যত্ন কৰা হয়। প্ৰকৃত স্মৃতিযে শিশুৰ বােধ শক্তি, বিচাৰ শক্তি আদিৰ উৎকৰ্ষ সাধন কৰে।

(খ) সক্ৰিয় অৱদমন আৰু অসক্ৰিয় অৱদমন।
উত্তৰঃ মনাে বিশ্লেষণকাৰী ফ্ৰয়েডৰ মতে পাহৰনি হৈছে মনৰ এক ইচ্ছাকৃত কাৰ্য। মনত অশান্তি সৃষ্টি কৰা অভিজ্ঞতাৰ স্মৃতি আমি মনত ৰাখিবলৈ নিবিচাৰাে। আমি ইচ্ছা কৰি পাহৰিবলৈ চেষ্টা চলােৱাৰ কাৰণে তেনেবােৰ অভিজ্ঞতাৰ স্মৃতি চেতন মনৰ পৰা গৈ অচেতন। মনত ঠাইল্য। এয়ে সক্ৰিয় অৱদমন।
অনিচ্ছাকৃত কিছু কথা বা ঘটনা আমি শিকো যদিও অচেতন মনৰ পৰা ই লুপ্ত হৈ যায়। অৰ্থাৎ অনিচ্ছাকৃত ভাৱে শিকা কথা আমি মনত কৰিব নিবিচৰা ফলত পাহৰি যাওঁ। এয়ে হ’ল অসক্ৰিয় অৱদমন।

(গ) তাৎক্ষণিক স্মৃতি আৰু দীৰ্ঘম্যাদী স্মৃতি।
উত্তৰঃ তৎকালীন স্মৃতি : তৎকালীন স্মৃতি হৈছে অভ্যাস স্মৃতিৰ এটি ভাগ। সময়ৰ ব্যৱধানৰ মাত্ৰাই হৈছে এইবিধ অভ্যাস স্মৃতিৰ মূল। বিষয়বস্তু। কোনাে বিষয়বস্তু শিকাৰ পাছত কম সময়ৰ ব্যৱধানত। স্মৰণ কৰাকে তৎকালীন স্মৃতি বােলা হয়। এইবিধ স্মৃতিত শিক্ষণ আৰু তাৰ স্মৃতি উদ্ধাৰৰ মাজত সময়ৰ ব্যৱধান, অতি কম হয়। উদাহৰণস্বৰূপে যিসকল শিক্ষাৰ্থীযে পৰীক্ষাৰ কেইদিনমানৰ আগৰে পৰা মাত্ৰ পঢ়া – শুনা কৰে আৰু পৰীক্ষা শেষ হােৱাৰ লগে লগে সকলাে পাহৰি যায় তেনেধৰণৰ স্মৃতিক তৎকালীন স্মৃতি বােলে। এই স্মৃতিৰ উপযুক্ত প্ৰযােগৰ বাবে ব্যক্তিৰ দেহ – মানসিক সতৰ্কতা আৰু মনােযােগৰ প্ৰযােজন।

দীৰ্ঘকালীন স্মৃতি:- আনহাতে দীৰ্ঘকালীন স্মৃতিৰ ক্ষেত্ৰত সময়ৰ ব্যৱধান বেছি হয়। কোনাে বিষয়বস্তু শিকাৰ বহুদিনৰ পাছত স্মৰণ। কৰাকে স্থায়ী স্মৃতি বােলা হয়। স্থায়ী স্মৃতি শিক্ষাৰ্থীৰ বাবে উপযােগী কাৰণ এই ধৰণৰ স্মৃতিযে শিক্ষাৰ্থীৰ জীৱনৰ বিভিন্ন সমস্যাৱলী। সমাধান কৰাত সহায় কৰে। উদাহৰণস্বৰূপে এগৰাকী নৃত্যশিল্পীযে নৃত্যসম্বন্ধে লাভ কৰা শিক্ষা ব্যৱহাৰৰ ক্ষেত্ৰত এই স্মৃতি ব্যৱহাৰ কৰে। নৃত্যৰ তাল, ল্য আদি মনত স্থায়ীভাৱে ৰাখিবলৈ দীৰ্ঘকালীন স্মৃতিৰ প্ৰযােজন।

(ঘ) মনত পেলােৱা আৰু চিনাক্তকৰণ।
উত্তৰঃ পুনঃস্মৰণ অৰু প্ৰত্যাভিজ্ঞা:- পুনঃস্মৰণ হৈছে স্মৃতিৰ এক কঠিন আৰু উচ্চ পৰ্যায়ৰ প্ৰক্ৰিয়া। পুনঃস্মৰণ হৈছে অতীত অভিজ্ঞতা বৰ্তমানত পুনৰুদ্ধাৰ কৰা প্ৰক্ৰিয়া। গতিকে অতীত অভিজ্ঞতাই ব্যক্তিৰ মনত যিমানে গভীৰ সাঁচ পেলাই পুনঃস্মৰণ কৰাও সিমানে সহজ হয়। গতিকে এই পুনঃস্মৰণ কাৰ্য ব্যক্তিৰ বুদ্ধিবৃত্তি আৰু সুস্থ দেহ মানসিক। সংগঠন শক্তিৰ দ্বাৰা পৰিচালিত হয়। এই বিধ স্মৃতিত বৰ্তমানৰ ইন্দ্ৰিয় অভিজ্ঞতাৰ কোনাে ইংগিত পােৱা নাযায়। উদাহৰণ স্বৰূপে, বৰ্তমানৰ ৰচনাত্মক পৰীক্ষা পদ্ধতিযে পুনঃস্মৰণৰ ওপৰত বিশেষ জোৰ দিয়ে। শিক্ষণৰ ওপৰত যিদৰে সংৰক্ষণ প্ৰক্ৰিয়া নিৰ্ভৰশীল সেইদৰে পুনঃস্মৰণ ক্ষমতাও বহু পৰিমাণে সংৰক্ষণৰ ওপৰত নিৰ্ভৰশীল।

READ MORE  মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি | Chapter 6 | Class 12 Education - AHSEC

প্ৰত্যাভিজ্ঞা পুনঃস্মৰণতকৈ আপেক্ষিকভাৱে সহজ আৰু চমু। অতীতত লাভ কৰা অভিজ্ঞতাৰ স্মৃতি ঘূৰাই পাবৰ বাবে ই্যাক বৰ্তমানে সহায়। কৰে। কাৰণ যি বস্তু বা বিষযৰ স্মৃতি লাভ কৰিবলৈ বিচৰা হয় সি ইযাত ব্যক্তিৰ ইন্দ্ৰিয়গ্ৰাহয় অৱস্থাতে থাকে। তাক কেৱল অতীত। অভিজ্ঞতাৰ সহায়েৰে চিনাক্তকৰণ অথবা নিৰ্বাচনহে মাথােন কৰিব লাগে। উদাহৰণস্বৰূপে, কেবাবছৰৰ মূৰত পুৰণি বান্ধবী এজনীক লগ পালে প্ৰত্যভিজ্ঞাৰ জৰিয়তে চিনাক্ত হয়। স্মৃতিৰ বৈজ্ঞানিক পৰীক্ষা। নিৰীক্ষাৰ পৰা পােৱা গৈছে যে যিকোনাে মানুহৰেই পুনঃস্মৰণতকৈ। প্ৰত্যাভিজ্ঞা শক্তি অধিক।

(ঙ) মুখস্থ স্মৃতি আৰু যুক্তিসংগত স্মৃতি।
উত্তৰঃ মুখস্থ স্মৃতি:- শিকাৰ সময়ত বিষয়বস্তুৰ কোনাে অৰ্থ বুজিবলৈ চেষ্টা নকৰাকৈ বাৰে বাৰে আওৰাই মনত ৰখা শক্তিকে মুখস্থ স্মৃতি বা। যান্ত্ৰিক স্মৃতি বােলে। বস্তুৰ নাম ব্যক্তিৰ নাম গাড়ীৰ নম্বৰ আদি মনত ৰখা কাৰ্যই যান্ত্ৰিক স্মৃতিৰ শ্ৰেণীত পৰে।
যুক্তিসংগত স্মৃতি:- নিজৰ বিচাৰ বুদ্ধি, যুক্তি আদি প্ৰয়ােগ কৰি। বিষয়বস্তুৰ অৰ্থ সম্যকভাৱে উপলব্ধি কৰাৰ ফলত মনত ৰাখি স্মৰণ কৰিব পৰাটোৱেই যুক্তিসংগত স্মৃতি। এনে স্মৃতিৰ বাবে ব্যক্তিযে যি যুক্তি আৰু বিচাৰ – বুদ্ধি প্ৰযােগ কৰে। তাৰ ফলত বিষয়বস্তুৱে তেওঁৰ মনত গভীৰ সাঁচ বহুৱায়। সেইকাৰণে বিষয়বস্তুৰ জ্ঞান অধিক স্থায়ী। হয়।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ (মূল্যাংক- ৫ / ৬)

1. বিস্মৃতি কি? ইয়াৰ বৈশিষ্ট্যবােৰ উল্লেখ কৰা।
উত্তৰঃ বিস্মৃতিৰ অৰ্থঃ স্মৃতিৰ বিপৰীত গুণকে বিস্মৃতি বুলি কোৱা হয়। অতীতৰ প্ৰত্যেক অভিজ্ঞতাৰ কথা মনত পেলােৱা আমাৰ বাবে সম্ভৱ। নহয়। অতীত অভিজ্ঞতা চেতন মনত পুনৰুদ্ৰেক কৰাৰ অক্ষমতাই হ’ল বিস্মৃতি। বিস্মৃতিৰ বৈশিষ্ট্যসমূহ হ’ল –
(i) ইন্দ্ৰিয় অভিজ্ঞতাৰ প্ৰতিৰূপ সংৰক্ষণত দেখা দিযা অক্ষমতাই হৈছে বিস্মৃতি।
(ii) বিস্মৃতি হৈছেপ্ৰতিৰূপ সংৰক্ষণ আৰু তাৰ পুনঃস্মৰণ কাৰ্যৰ এক মধ্যবৰ্তী অৱস্থাস্বৰূপ।
(iii) দুখদায়ক অভিজ্ঞতাৰ স্মৃতিযে পীড়িত কৰিব নােৱৰাকৈ। বিস্মৃতিযে সচেতন মনত এক প্ৰতিক্ষা ব্যৱস্থাস্বৰূপে কাম কৰে।
(iv) বিস্মৃতি হৈছে মনৰ স্মৃতিৰষ্কাৰ সহাযকাৰী এক প্ৰযােজনীয় চৰ্ত বিশেষ।
(v) বিস্মৃতিক প্ৰকৃত শিক্ষণৰ এক যুক্তিকৰণ কাৰ্যস্বৰূপে গণ্য কৰিব পাৰি।
(vi) জিৰণিৰ অৱস্থাতকৈ কৰ্মব্যস্ত অৱস্থাত বিস্মৃতিৰ অধিক প্ৰভাৱ পৰে।

2. অভ্যাসৰ দ্বাৰা স্মৃতিশক্তিৰ উন্নতি সাধিব পাৰিনে? আলােচনা কৰা।
উত্তৰঃ অনুশীলনৰ দ্বাৰা স্মৃতিশক্তি বঢ়ব পাৰি নে নােৱাৰি সেই বিষয়ে মনােবিজ্ঞানীসকলৰ মাজত মতানৈক্য আছে। এই সম্পৰ্কে দুই ধৰণৰ মতবাদ প্ৰচলিত আছে। তাৰে এটা শৰীৰ সম্বন্ধীয় মতবাদ আৰু আনটো মনস্তাত্বিক মতবাদ। প্ৰথম মতবাদ অনুসৰি স্মৃতি হ’ল এক দৈহিক শক্তি আৰু ই জন্মগত। গতিকে অনুশীলনৰ দ্বাৰা ইয়াৰ উন্নতি সাধন কৰিব নােৱাৰি। যিহেতু স্মৰণ কাৰ্যটো দেহৰ মাধ্যমতহে সম্পন্ন হয়, সেই হেতুকেই মনত ৰখা কাৰ্যটো পুনৰাবৃত্তি বা অনুশীলনৰ দ্বাৰা উন্নতি কৰিব নােৱাৰি।

মনােবৈজ্ঞানিক জেমছে এই মতবাদৰ সপক্ষে যথেষ্ট যুক্তি আগবঢ়াইছে। কিন্তু মনস্তাত্বিক মতবাদ মতে সাধাৰণভাৱে স্মৃতি শক্তিৰ উন্নতি সাধন যদিও কৰিব নােৱাৰি তথাপি অনুশীলনৰ দ্বাৰা কোনাে এটা বিশেষ ক্ষেত্ৰত এই স্মৃতিশক্তিৰ উন্নতি সাধন কৰিব পাৰি। মনােবিজ্ঞানী ষ্টাউ, মেডুগলৰ মতেও স্মৃতিৰ এই বৃদ্ধিৰ সাধন হয়। স্মৃতিৰ লগত জড়িত থকা অন্যান্য উপাদানসমূহৰ যেনে— মনােযােগ, অনুৰাগ ইত্যাদি উন্নতিৰ জৰিয়তে। এতেকে দেখা যায় যে ছাত্ৰ – ছাত্ৰীৰ স্মৃতি শক্তিৰ উন্নতি কৰিবলৈ হ’লে সিহঁতৰ নিজস্ব আগ্ৰহ, প্ৰস্তুতি আৰু অনুৰাগ সৃষ্টি কৰিব লাগিব যাতে শ্ৰেণী শিক্ষণীয় বিষযৰ প্ৰতি মনােযােগ দিব পাৰে।

3. ভাল স্মৃতিৰ চাৰিটা লক্ষণ চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ ভাল স্মৃতিৰ চাৰিটা লক্ষণ হ’ল—
(ক) বিষয়বস্তু কম সময়ৰ ভিতৰত সহজে আয়ত্ত কৰিব পৰাটো ভাল স্মৃতিৰ লক্ষণ। যদি কোনাে ছাত্ৰ – ছাত্ৰীযে অতি সােনকালে বিষয়বস্তু শিকিব পাৰে তেন্তে তেওঁক স্মৃতি সম্পন্ন বুলি আখ্যা দিয়া হয়।

(খ) ভাল স্মৃতিৰ লােকে স্মৰণৰ বিষয়বস্তু অধিক সময়ত মনত ধৰি ৰাখিব পাৰে। গতিকে সহজে শিকাৰ লগতে উত্তম স্মৃতিৰ এটা। আনুষংগিক গুণ হ’ল দীৰ্ঘ সময় ধৰি মনত সংৰক্ষণ কৰিব পাৰে।

(গ) মনত সংৰক্ষণ কৰি থােৱা অভিজ্ঞতাসমূহ যথা সময়ত দ্ৰুত পুনৰুদ্ৰেক কৰিব পৰাটো ভাল স্মৃতিৰ আন এক লক্ষণ।

(ঘ) ভাল স্মৃতিৰ অধিকাৰী লােকে স্মৃতিক সঠিক সময়ত সঠিকভাৱে প্ৰযােগ কৰিব পাৰে। ইয়াৰ মাধ্যমেৰে ব্যক্তিযে তেওঁৰ স্মৰণৰ ক্ৰিয়া কাৰ্যকাৰিতা মূৰ্ত কৰি তােলে।

4. স্মৃতি প্ৰশিক্ষণৰ বিভিন্ন পদ্ধতিৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ শিক্ষণ কালত উপযুক্ত পদ্ধতি আৰু প্ৰচেষ্টা অৱলম্বন কৰি শিক্ষণীয় বিষযৰ স্মৃতি অধিক স্থায়ী কৰিব পাৰি। সেই সমূহ হ’ল—
(১) আগ্ৰহ:- আগ্ৰহ হৈছে কোনাে বিষয়ৰ স্মৃতি সংৰক্ষণৰ সবাটোকৈ প্ৰযােজনীয় মানসিক অৱস্থা। কোনাে বিষয়ৰ জ্ঞান লাভ কৰিবলৈ হ’লে প্ৰৱল আগ্ৰহৰ প্ৰযােজন। আগ্ৰহে শিক্ষণ স্মৃতি মনত সজীৱ আৰু সক্ৰিয় কৰি ৰাখে।

(২) অভিপ্ৰায়:- যি কোনাে কথা শিকাৰ আগতে ই্যাৰ এটা নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশে স্থিৰ কৰি ললে, সেই কথাৰ স্মৃতি চিৰস্থায়ী আৰু সহজলভ্য হয়। শিক্ষণ বিষযৰ অভিপ্ৰায় সম্বন্ধে থকা স্পষ্ট ধাৰণাই সেই বিষয়ৰ স্মৃতি ৰক্ষা কৰাতাে সহায় কৰে।

(৩) অনুৰাগ সৃষ্টি:- কোনাে বিষযৰ প্ৰতি স্মৃতি দীৰ্ঘস্থায়ী কৰিবৰ বাবে প্ৰথমে সেই বিষয়টোৰ প্ৰতি গভীৰ অনুৰাগ জন্মাব লাগিব। অনুৰাগবিহীন শিক্ষাই মনত প্ৰতিক্ৰিয়া সৃষ্টি কৰিব নােৱাৰা বাবে সহজে বিস্মৃত হয়।

(৪) অধিক ইন্দ্ৰিয়ৰ ব্যৱহাৰ:- যিমানেই পঞ্চ ইন্দ্ৰিযক বেছি। উপযুক্তভাৱে ব্যৰহাৰ কৰি শিক্ষা লাভ কৰা হয় সিমানেই শিক্ষণীয় বিষয় সহজে মনত ৰৈ যায়। সেয়েহে অজিকালি শিক্ষণ কাৰ্যত দৃশ্য শ্ৰব্যৰ অনুষ্ঠান ব্যৱহাৰ কৰা হয়।

(৫) প্ৰতিৰূপৰ ব্যৱহাৰ:- শিক্ষণ অভিজ্ঞতাক প্ৰতিৰূপৰ যােগেদিহে মনত সংৰক্ষণ আৰু পুনৰুদ্দীপন কৰিব পাৰি। সেইবাবে শিক্ষণীয়। বিষয়ৰ স্মৃতি ৰক্ষা ক’বলৈ শিক্ষণ কালত প্ৰতিৰূপৰ উপযুক্ত প্ৰযােগৰ দৰকাৰ।

(৬) ছন্দৰ প্ৰযােগ:- শিক্ষণীয় কিছুমান বিষয় বিশেষকৈ কবিতাসমূহ সুৰ লগাই পঢ়ি ছন্দৰ প্ৰয়ােগ কৰিব পাৰিলে অধিক মনােগ্ৰাহী আৰু ইয়াৰ স্মৃতি দীৰ্ঘস্থায়ী হয়। বিশেষকৈ প্ৰাক প্ৰাথমিক শিক্ষা কালত ছন্দ, সুৰ, তাল ঝংকাৰ আদিৰ প্ৰযােগেৰে কণ কণ শিশুৰ স্মৃতি দীৰ্ঘস্থায়ী হয়।

(৭) পুনৰাবৃত্তি আৰু অনুশীলন:- শিক্ষণীয় কোনাে বিষয়ৰ স্মৃতি। দীৰ্ঘস্থায়ী কৰিবৰ বাবে ইয়াৰ পুনৰাবৃত্তি আৰু অনুশীলনৰ প্ৰযােজন। মনােবিজ্ঞানী থনড়াইকে এই কথা পৰীক্ষাৰে প্ৰমাণ কৰি দেখুৱাইছিল।

(৮) অখণ্ড পদ্ধতি:- ব্যক্তিযে কোনাে কথা খণ্ড খণ্ড কৰি নিশিকি যদি একেবাৰতে অখণ্ড হিচাপে শিকি তাৰ জ্ঞান লাভ কৰে ই্যাকে অখণ্ড পদ্ধতি বােলা হয়। এই পদ্ধতি খণ্ড পদ্ধতিতকৈ অধিক কাৰ্যকৰী হয়। স্মৃতি শক্তি সংৰক্ষণৰ বাবে জিৰণিৰ প্ৰযােজন।

(৯) জিৰণি:- যি কোনাে বিষয় শিকাৰ পাছত কিছু সময় জিৰণিৰ প্ৰযােজন। সুস্থ আৰু সবল স্মৃতি লাভৰ বাবে জিৰণিৰ প্ৰযােজন।

(১০) অনুকূল পৰিৱেশ:- শিক্ষণৰ বাবে এক উপযুক্ত পৰিৱেশৰ প্ৰযােজন। পৰিৱেশ প্ৰতিকূল হ’লে বা পৰিৱেশৰ পৰিৱৰ্তন হ’লে মনােযােগত বাধা পৰে আৰু সংৰক্ষণ কাৰ্য ভালদৰে সম্পন্ন হয়।

5. স্মৃতিৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ (১) স্মৃতিৰ বাবে প্ৰত্যক্ষ ইন্দ্ৰিয় অভিজ্ঞতাৰ প্ৰযােজন।
(২) অতীত অভিজ্ঞতাৰ প্ৰতিৰূপ হুবহুৰূপে মনত সংৰক্ষণ কৰা ক্ষমতাৰ ওপৰতে স্মৃতি নিৰ্ভৰ কৰে।
(৩) স্মৃতি স্থায়ী ৰূপ পাবৰ বাবে অভিজ্ঞতাৰ পুনৰাবৃত্তিৰ প্ৰযােজন।
(৪) স্মৃতি ক্ৰিয়া চাৰিটা পৰ্যায়ত বিভক্ত কৰিব পাৰি যেনে—
অভিজ্ঞতা অৰ্জন, সংৰক্ষণ আৰু তাৰ পুনৰুদ্দীপন আৰু প্ৰত্যাভিজ্ঞা।
(৫) স্মৃতি ক্ৰিত অচেতন মতে বিশেষ প্ৰভাৱ পেলায়। ইয়াৰ। ফলস্বৰূপে অভিজ্ঞতাৰ কিছু অংশ পাহৰণিৰ গৰাহত পৰে আৰু ইয়াকে বিস্মৃতি বােলে।
(৬) মনােযােগ, আগ্ৰহ আৰু কৌতুহলৰ দ্বাৰা স্মৃতি কাৰ্য বহু পৰিমাণে প্ৰভাবিত হয়।

6. ভাল বা ব্যে স্মৃতি থাকিব পাৰেনে? তােমাৰ উত্তৰৰ যুক্তি যুক্ততা প্ৰতিপন্ন কৰা।
উত্তৰঃ প্ৰত্যেক ব্যক্তিৰেই জীৱনৰ সফলতাত স্মৃতি শক্তিযে এক বিশেষ ভূমিকা গ্ৰহণ কৰে। সেযেহে সমগ্ৰ জীৱনৰ স্মৃতি কাৰ্যক্ষম হৈ থকাটো সকলােৰে কাম্য। কিন্তু এনে হােৱা সাধাৰণতে দেখা নাযায কাৰণ। সকলাে ব্যক্তিৰে স্মৰণশক্তি সম পৰ্যায়ৰ নহয়। কাৰােবাৰ স্মৃতিশক্তি উত্তম বা ভাল, আনহাতে কাৰােবাৰ দুৰ্বল বা ব্যে। ইংলেণ্ডৰ মনােবিজ্ঞানী ষ্টাইটে চিনাক্ত কৰা কেতবােৰ লক্ষণ আমাৰ বিবেচনাযােগ্য—

(i) বিষয় বস্তুক সহজে শিক্ষা গ্ৰহণ আৰু কম সময়ৰ ভিতৰত তাক আয়ত্তকৰণ কৰিব পৰাটো ভাল স্মৃতিৰ পৰিচায়ক।
(ii) প্ৰথৰ স্মৃতি থকা লােকে সহজে শিকি উঠা বিষয়ক অধিক সময়ৰ বাবে মনত ধৰি ৰাখিব পাৰে। দুৰ্বল স্মৃতিৰ লােকৰ বাবে সি সম্ভৱ। নহয়।
(ii) মনত স্মৃতি প্ৰতিৰূপ স্বৰূপে সংৰক্ষণ কৰা বিষয়ক প্ৰযােজনমতে তৎক্ষণাৎ পুনৰ মনলৈ ঘূৰাই আনিব পৰাটো ভাল স্মৃতিৰ লক্ষণ।
(iv) ভাল স্মৃতিৰ অধিকাৰী হােৱা লােকে তাক সমান আৰু প্ৰযােজন অনুসৰি সত ব্যৱহাৰ কৰি উঠিব পাৰে। তেনে লােকব স্মৃতি হৈছে। ক্ৰিয়া উপযােগিতাণ।

7. স্মৃতি কি? ইয়াৰ ব্যৱস্থাটো বা স্মৃতিৰ উপাদানসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ মানৱ মন বিভিন্ন ক্ৰিয়া ক্ষমতাৰ অধিকাৰী। ইয়াৰ ভিতৰত স্মৃতি অন্যতম। সহজভাৱে ক’বলৈ গ’লে বাস্তৱৰ ইন্দ্ৰিয় অভিজ্ঞতাৰ চাপ, প্ৰভাৱ বা প্ৰতিপক মনত ধৰি ৰখা আৰু তাক পৰৱৰ্তী কালত হুবহু পুনৰুদ্ধাৰ কৰিব পৰা ক্ৰিয়া – ক্ষমতাকেই স্মৃতি বুলিব পাৰি।
এই স্মৃতি প্ৰক্ৰিয়াৰ লগত জড়িত বিভিন্ন মানসিক দিশসমূহ তলত উল্লেখ কৰা হ’ল—

(১) অভিজ্ঞতা আহৰণ:- স্মৃতিৰ বাবে সৰ্বপ্ৰথম চৰ্ত হৈছে শিকনৰ যােগেদি অভিজ্ঞতাক আহৰণ কৰা। যি বিষয়ত আমাৰ কোনাে অভিজ্ঞতা লাভ হােৱা নাই তেনে বিষযৰ স্মৰণ কেতিয়াও সম্ভৱ হ’ব নােৱাৰে।

(২) সংৰক্ষণ:- মনে অভিজ্ঞতাৰ সাঁচ সংৰক্ষণ কৰি ৰাখিব পাৰে কাৰণেহে বৰ্তমান লাভ কৰা কোনাে অভিজ্ঞতা পিছত স্মৰণ কৰাটো সম্ভব হয়। মনৰ এই গুণটো নথকা হ’লে এসময়ত শিকা কোনাে কথাকেই পিছত স্মৰণ কৰাটো সম্ভৱ নহ’লহেঁতেন।

(৩) পুনঃস্মৰণ:- সংৰক্ষিত অভিজ্ঞতাৰ চেতন মনত পুনৰুদ্ৰেক ঘটোৱাই হ’ল পুনঃস্মৰণ। ইয়াৰ বাবে শিকন আৰু সংৰক্ষণৰ প্ৰয়ােজন। পূৰ্ব অভিজ্ঞতাৰ সাঁচ মনত যিমানে গভীৰ আৰু স্পষ্ট হয়, সেই অভিজ্ঞতাৰ পুনঃস্মৰণণাে সিমান সহজ হয়। ব্যক্তিৰ বুদ্ধি বৃত্তি আৰু সুস্থ মানসিক সংগঠন শক্তিৰ ওপৰত পুনঃস্মৰণ নিৰ্ভৰ কৰে।

(৪) প্ৰত্যাভিজ্ঞা:- ইন্দ্ৰিয়গ্ৰাহয় অৱস্থাত থকা কোনাে বস্তু বা বিষয়ক পূৰ্ব অভিজ্ঞতাৰ সহায়েৰে চিনাক্ত কৰা কাৰ্যই হৈছে প্ৰত্যাভিজ্ঞ। আগতে জন্য কোনাে ব্যক্তিৰ নাম মনত পেলাবলৈ দিলে যিমান কষ্ট হয় কেইটামান নাম দি তাৰ ভিতৰত সেই ব্যক্তিজনৰ নাম চিনাক্ত কৰিবলৈ দিলে চিনাক্ত কৰাটো সিমান কষ্টকৰ নহয়।

8. স্মৃতি কি? স্মৃতিৰ কেইটামান সূত্ৰ দিয়া।
উত্তৰঃ প্ৰত্যেক মানুহৰ মনৰ ঘাইকৈ দুটা স্তৰ থাকে—
(১) সচেতন।
(২) অচেতন।
দৈনন্দিন জীৱনত যি শিক্ষণ আৰু অভিজ্ঞতা লাভ কৰা হয় সেইসমূহ মনৰ চেতন ভাগত সঞ্চিত হৈ থাকে। স্মৃতি এনে এক প্ৰক্ৰিয়া যাৰ। সহায়েৰে মনত সঞ্চিত থকা অতীত অভিজ্ঞতা আৰু শিক্ষণ পুনঃস্মৰণ কৰিবলৈ মানুহ সমৰ্থ হয়।

বহুবছৰ পূৰ্বে শক্তিত্ববাদী (Faculty Theorist) নামৰ মনােবিজ্ঞানীসকলে মানুহৰ মনটো কেতবােৰ বিশেষ শক্তিৰ আধাৰ বুলি গণ্য কৰিছিল। তেখেতসকলৰ মতে স্মৃতি এক মানসিক শক্তি, ই জন্মলব্ধ শক্তি আৰু সেযেহে ব্যক্তিবিশেষে স্মৃতিৰ পাৰ্থক্য পৰিলক্ষিত হয় বুলি কোৱা হৈছিল। এই শক্তিতত্ববাদীসকলৰ মতে স্মৃতি উন্নতি সাধন সম্ভৱ শিক্ষণ আৰু প্ৰশিক্ষণৰ যােগেদি।

কিন্তু আধুনিক মনােবিদসকলে শক্তিবাদীসকলৰ মতৰ বিৰােধিতা কৰিছে। তেওঁলােকৰ মতে স্মৃতি কোনাে মানসিক শক্তি নহয়, ই এক মানসিক প্ৰক্ৰিয়াহে। তেওঁলােকৰ মতে এই প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ পঞ্চন্দ্ৰিযৰ দ্বাৰা আহৰণ কৰি মনত সঞ্চিত কৰা বিভিন্ন জ্ঞান অভিজ্ঞতাৰ ছাপ বা প্ৰতিপসমূহ পুনঃস্মৰণ কৰা হয়। এই মানসিক প্ৰক্ৰিয়াত তিনিধৰণৰ ক্ৰিয়া নিহিত হৈ থাকে—
(ক) পৰিবেশৰ পৰা শিক্ষণ আৰু অভিজ্ঞতা আহৰণ ( Learning and Collection of experience ),
(খ) সেইসমূহৰ প্ৰতিৰূপ মনত সঞ্চিতকৰণ (Retention)।
(গ) প্ৰযােজনসাপেক্ষে প্ৰতিৰূপৰ পুনঃস্মৰণ বা পুনৰুদ্ধাৰ (Recall and Recognition )

স্মৃতিৰ সংজ্ঞা:- (১) বিশিষ্ট মনােবিদ মেকডুগলে (Mc . Dougall) স্মৃতিৰ সম্পৰ্কে সংজ্ঞা এনেধৰণে দিছে— “ অতি সীমিত বা সংকীৰ্ণ অৰ্থত স্মৃতি বা স্মৰণ ক্ৰিয়া। হৈছে অতীতত লাভ কৰা অভিজ্ঞতা অনুসৰি ঘটনাসমূহৰ মনত কল্পনা কৰা। ” (“ In the strictest or narrowest sense memory or remembering implies imagining of events as experienced in the past”).

(২) যেমচ এছ ৰ’ছৰ মতে, ( James . S. Ross ) “ স্মৃতি হৈছে পূৰ্ব অভিজ্ঞতাৰ প্ৰৱণতাৰ দ্বাৰা নিৰ্ধাৰিত এক নতুন অভিজ্ঞতা। এই দুয়ােবিধৰ মাজৰ সম্বন্ধ স্পষ্টভাৱে অনুমেয়। ”
(“A memory is a new experience determined by the dispositions laid down by a previous experience, the relation be tween the two clearly apprehended.”)

(৩) প্ৰখ্যাত মনােবিদ ষ্টাউটৰ ( Stout) মতে— ‘স্মৃতি হৈছে এক। নিখুঁত পুনৰ উদ্দীপন কাৰ্য। য’ত অতীত অভিজ্ঞতাৰ বিষয়বস্তুসমূহ যিমান দূৰ সম্ভৱ পূৰ্বৰ বিন্যাস আৰু ধৰণ অনুযায়ী পুনৰ প্ৰতিষ্ঠা কৰা হয়। ” (Memory is the ideal revival ……, in which the object of past experiences are reinstated as much as possible in the order and manner of their original occurance.”)

9. স্মৃতিৰ সূত্ৰ দিয়া। স্মৃতি অহাৰ বাবে প্ৰযােজনীয় তিনিটা বিষয় কি কি ?
উত্তৰঃ সাধাৰণ অৰ্থত অভিজ্ঞতাসমূহৰ মাজৰ পৰা কিছুমান কথা মনত থাকি যায় আৰু প্ৰযােজন অনুসৰি মনত পেলােৱা হয়। এই মনত। পেলােৱা কাৰ্যকে স্মৃতি বুলি কোৱা হয়।
মনােবৈজ্ঞানিক Stout ৰ মতে স্মৃতি হ’ল অভিজ্ঞতাৰ হুবহু পুনৰুজ্জীৱন ক্ৰিয়া অথবা পুনৰােক্তি।
Adams ৰ মতে স্মৃতি হ’ল কোনাে সময়ৰ শিকনৰ পৰিমাণক সংৰক্ষণেৰে জুৰি লােৱা এটা প্ৰক্ৰিয়া মাথােন।
James ৰ মতে স্মৃতি হ’ল অভিজ্ঞতাৰ জীৱন্ত বৈশিষ্ট্য ; যত পাৰ হৈ যােৱা ফলাফল সমূহে ভৱিষ্যতৰ অভিজ্ঞতাত সহায় কৰে। স্মৃতি অহাৰ বাবে প্ৰযােজনীয় তিনিটা বিষয় হ’ল—
(a) শিকন:- কোনাে এটা কাম কৰিলে নাইবা নতুনকৈ শিকিলে তাত অভিজ্ঞতা হয় আৰু অভিজ্ঞতাৰ বাবে মনত পেলােৱা হয়। স্মৰণৰ বাবে পূৰ্ব অভিজ্ঞতা পৰিচিত।

(b) সংৰক্ষণ:- যিকোনাে অভিজ্ঞতাৰ সাঁচ মনত যত্নৰে সাঁচি ৰখাকে সংৰক্ষণ বােলে। স্মৃতি হ’ব হ’লে পূৰ্ব অভিজ্ঞতা সংৰক্ষণ কৰি ৰখাটো অতি প্ৰযােজনীয়।

(c) পুনঃস্মৰণ:- পূৰ্ব অভিজ্ঞতাৰ কোনাে মাধ্যমৰ সহায়েৰে মনলৈ। অনাটোৱেই হ’ল পুনঃস্মৰণ। পূৰ্ব অভিজ্ঞতাৰ হুবহু ৰূপটো নিজস্ব স্তৰত থাকি যায় আৰু পুনঃস্মৰণে তাক উত্থাপিত কৰে।

10. মুখস্থকৰণৰ বিভিন্ন অৰ্থনৈতিক পদ্ধতিৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ মুখস্থকৰণৰ বিভিন্ন অৰ্থনৈতিক পদ্ধতিবােৰ তলত আলােচনা কৰা হ’ল—

(a) অখণ্ড শিকন পদ্ধতি:- শিক্ষা গ্ৰহণৰ বেলিকা শিক্ষাৰ উপাদনাবােক খণ্ড খণ্ড কৰি ভাঙি অথবা অখণ্ডভাৱে সমগ্ৰ উপাদান অতিৰিক্তভাৱে আয়ত্তকৰণৰ চেষ্টা কৰা হয়। অবশ্য ইয়াৰ স্মৃতি। ৰাকৰণৰ ফালৰপৰা অখণ্ড পদ্ধতি অধিক ফলদায়ক স্বৰূপে গণ্য কৰা হয়।

(b) ব্যবহৃত পদ্ধতি:- দুটা পৃথক বিষয়ৰ অধ্যয়নৰ মাজত সময় কিছু ব্যৱধান বা দূৰত্ব ৰখাটো তাৰ স্মৃতি ৰক্ষাৰ বাবে প্ৰযােজন। সঠিক মুখস্থকৰণৰ বাবে ক্ষন্তেকৰ বিৰতি অব্যাহতি বা ব্যৱহৃত পদ্ধতি প্ৰযােগ কৰা উচিত।

(c) প্ৰতিৰূপৰ প্ৰযােগকৰণ:- প্ৰতিবিহীন বিমূৰ্ত বিষযৰ মনত সংৰক্ষণ কৰাটো কঠিন। প্ৰতিৰূপ হৈছে এই ক্ষেত্ৰত স্মৃতি ৰষ্কাৰ প্ৰধান। অৱলম্বনস্বৰূপ। উল্লেখযােগ্য যে ছাত্ৰসকলে নিজ পাঠ্যপুথিৰ আলােক। চিত্ৰ, অংকিত চিত্ৰ আদিৰ যােগেদিহে চিন্তামূলক কথাবােৰ মনত। সংৰক্ষণ কৰি ৰাখিব পাৰে।

(d) সক্ৰিয় পদ্ধতি:- নিষ্ক্ৰীয় কৰ্ম বিমুখভাৱে শিকা বিষযৰ স্মৃতি। প্ৰতিৰূপ হয় দুৰ্বল আৰু ক্ষণস্থায়ী। আনহাতে সঞ্চিযভাৱে হাতে কামে। কৰা অভিজ্ঞতাৰ স্মৃতি চাপ হয় সজীৱ আৰু প্ৰাঞ্জল বিধৰ যাক অধিক সময় মনত ধৰি ৰাখিব পাৰি আৰু প্ৰযােজন মতে পুনঃস্মৰণ কৰিব পাৰি।

(e) শিকনত জিৰণি:- শিকনৰ কৰ্মক্ষমতা বৃদ্ধিকৰণ আৰু স্মৃতিৰক্ষা কৰণৰ বাবে জিৰণি প্ৰযােজন। ক্লান্ত দেহ – মনত শিকন অভিজ্ঞতাৰ। প্ৰতিপক সংৰক্ষণ কৰিব নােৱাৰি। জিৰণিৰ যােগেদিহে দেহৰ স্নায়ুকোষবােৰৰ ক্ৰান্তি চাই শিকনৰ প্ৰতিৰূপ সংৰক্ষণৰ স্বাভাৱিক ক্ষমতাক প্ৰদান কৰিব পৰা যায়।

11. ভাল স্মৃতিৰ চিনবােৰ কি কি?
উত্তৰঃ স্মৃতিৰ কেইটামান উল্লেখযােগ্য বৈশিষ্ট্যৰ বিষয়ে তলত আলােচনা কৰা হ’ল—
(ক) ইন্দ্ৰিয়গ্ৰাহয় অভিজ্ঞতাৰ প্ৰযােজন (Need of sensory experience ):- আমাৰ সকলােৰে শৰীৰত পাঁচবিধ ইন্দ্ৰিয় আছে। স্মৃতি লাভৰ বাবে ইন্দ্ৰিযৰ প্ৰয়ােগৰ সহায়েৰে শিক্ষণ অথবা অভিজ্ঞতা আয়ত্তকৰণ অতিশয্য প্ৰযােজন।

(খ) সংৰক্ষণ কাৰ্যৰ আৱশ্যকীয়তা (Need of Retention): প্ৰত্যেক ব্যক্তিৰেই মনৰ সংৰক্ষণৰ ক্ষমতা আছে। এই ক্ষমতা জন্মগত ই শক্তি প্ৰযােগৰ দ্বাৰাই স্মৃতি লাভৰ বাবে বিভিন্ন অভিজ্ঞতাৰ ছাপ মনত সংৰক্ষিত কৰি ৰখা হয়।

READ MORE  অনানুষ্ঠানিক শিক্ষা | Chapter 2 | Class 12 Education - AHSEC

(গ) পুনঃস্মৰণৰ প্ৰযােজন (Need of Recalling):- স্মৃতিৰ আন এক উল্লেখযােগ্য বৈশিষ্ট্য হ’ল স্মৃতিক লাভৰ বাবে সঠিক পুনঃস্মৰণৰ। প্ৰযােজন বাঞ্ছনীয়।

(ঘ) অচেতন মনৰ ভূমিকা (Role of Unconscious mind ) : আমাৰ সকলােৰে মনৰ দুটা ভাগ থাকে— সচেতন আৰু অচেতন। অতীত অভিজ্ঞতা পুনঃউদ্দীপকৰ ক্ষেত্ৰত অচেতন মনে এক বিশেষ ভূমিকা পালন কৰা দেখা যায়। মনােবিদসকলৰ মতে, চেতনাই। সাধাৰণতে সুখদায়ক বা আনন্দ দায়ক অভিজ্ঞতাসমূহ সংৰক্ষণত সহায় কৰে আৰু ই মানুহক জীৱনৰ দুখদায়ক অভিজ্ঞতাসমূহ পাহৰি যােৱাত সহায় কৰে।

(ঙ) পুনৰাবৃত্তিৰ প্ৰযােজন (Need of repetition):- যিকোনাে শিক্ষণ বা অভিজ্ঞতাৰ সংৰক্ষণৰ বাবে পুনৰাবৃত্তিব অতি প্ৰযােজন। পুনৰাবৃত্তিযে স্মৃতি লাভত বিশেষ সহায় কৰে। যিকোনাে শিক্ষণ বা। অভিজ্ঞতা লাভৰ পাছত যদি পুনৰাবৃত্তি কৰা নহয়, তেনেহ’লে পাহৰণিৰ প্ৰভাৱ বেছি হয়।

(চ) সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যকতা (Need of good mental health):- মানসিক স্বাস্থ্য অসুস্থ বা দুৰ্বল হ’লে ব্যক্তিযে শিক্ষণ বা। অভিজ্ঞতা যুক্তি সংগতভাৱে লাভ কৰিবলৈ অসমৰ্থ হয়। ই্যাৰ ফলত স্মৃতি লাভৰ ক্ষেত্ৰতাে বিপৰ্যয় ঘটিব পাৰে। গতিকে সঠিক পুনঃস্মৰণৰ বাবে সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যক।

12. স্মৰণৰ যিকোনাে দুটা সঞ্চয়ী পদ্ধতি চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ স্মৰণৰ দুটা পদ্ধতি তলত আলােচনা কৰা হ’ল—
(ক) অনুষংগ পদ্ধতি:- শিক্ষণীয় বিষয়বস্তুসমূহ অনুষংগৰ যােগেদি পৰস্পৰৰ লগত সংযুক্ত কৰিব পাৰিলে মনত ৰখা সহজ হয়। দুটা বিষযৰ মা যােগাযােগ বা সম্পৰ্ককেই এই ক্ষেত্ৰত অনুষংগ বুলি কোৱা হয়। কেতিয়াবা সম্পৰ্ক, স্বাভাৱিকভাৱে হয় আৰু কেতিয়াবা এই। সম্পৰ্ক স্থাপনৰ বাবে প্ৰচেষ্টা চলাব লগা হয়।

(খ) সামাগ্ৰিক আৰু আংশিক পদ্ধতি:- সামগ্ৰিক পদ্ধতিৰ অৰ্থ হ’ল। শিক্ষণীয় বিষয়বস্তু সামগ্ৰিকভাৱে অনুশীলন কৰা। অৰ্থাৎ বিষয়বস্তুক আৰম্ভণিৰ পৰা শেষ পৰ্যন্ত বাৰে বাৰে অনুশীলন কৰাকে সামগ্ৰিক পদ্ধতি বুলি কোৱা হয়।

আনহাতে বিষয়বস্তুক খণ্ড খণ্ডভাৱে ভাগ কৰি অনুশীলন কৰাকে অংশ পদ্ধতি বুলি কোৱা হয়। মনােবিজ্ঞানীসকলৰ মতে অৰ্থপূৰ্ণ বিষযৰ ক্ষেত্ৰত অংশ পদ্ধতিতকৈ সামগ্ৰিক পদ্ধতি অধিক কাৰ্যকৰী। কিন্তু বিষয়টো যদি অৰ্থহীন হয় বা অতি দীঘল হয় তেতিয়া অংশ পদ্ধতি অধিক ফলপ্ৰসূ হয়। সেইদৰেই অংগ সঞ্চালন সংক্ৰান্ত কৌশল বা দক্ষতা অৰ্জনৰ ক্ষেত্ৰত অংশ পদ্ধতি অধিক প্ৰযােজ্য।

13. বিস্মৃতিৰ গুৰুত্বপূৰ্ণ কাৰণবােৰ লিখা।
উত্তৰঃ মনােবিদসকলে বিস্মৃতিৰ বহুতাে কাৰণ উদ্ভাৱন কৰিছে। এই কাৰণসমূহক দুটা ভাগত ভাগ কৰিব পাৰি শাৰীৰিক বা দৈহিক কাৰণ আৰু মানসিক কাৰণ। শাৰীৰিক কাৰণৰ ফলত হােৱা বিস্মৃতিক মনােবিজ্ঞানত স্নান হােৱা’ বা অস্পষ্ট ‘ (Fading) আৰু মানসিক কাৰণৰ ফলত হােৱা পাহৰণিক ‘ গতিৰূধ বা ৰূদ্ধ হােৱা’ (Blocking ) বুলি কোৱা হয়। এই কাৰণসমূহ তলত আলােচনা কৰা হ’ল—

(১) শাৰীৰিক বা দৈহিক কাৰণ (Physical causes of Forgetting):- পাহৰণিৰ দৈহিক কাৰণ বিভিন্ন হ’ব পাৰে। যেনে—
(ক) বৃদ্ধাৱস্থা old age):- বয়স্ক লােকৰ ক্ষেত্ৰত পাহৰণি বেছিকৈ পৰিলক্ষিত হয়।
(খ) মগজুৰ আঘাত (Brain Injury):- কোনাে দুৰ্ঘটনা বা দুৰাৰােগ্যৰ ফলত মগজুৰ কোনাে ভাগ আঘাত প্ৰাপ্ত হয়, তেতিয়া বিস্মৃতি হ’ব পাৰে।
(গ) শাৰীৰিক ক্লান্তি বা ভাগৰ (Physical Tiredness):- দীঘলীয়া সম্যজুৰি জিৰণি নােলােৱাকৈ পৰিশ্ৰম কৰিলে দেহৰ স্নায়ুতন্ত্ৰ ঘাইকৈ মগজু অৱসাদগ্ৰস্থ হৈ পৰে, ফলত পাহৰণিৰ সৃষ্টি হয়।
(ঘ) পুনৰাবৃত্তিৰ অভাৱ (Lack of repetition):- যিকোনাে বিষয়ৰ কথা মনত ৰাখিবৰ বাবে পুনৰাবৃত্তিৰ প্ৰযােজন। পুনৰাবৃত্তি বা চৰ্চাৰ অভাৱত যিকোনাে শিক্ষণ, অভিজ্ঞতা সহজেই বিস্মৃতিৰ গৰাহত পৰে।
(ঙ) ৰাগিযাল দ্ৰব্যৰ ব্যৱহাৰৰ ফলত শিক্ষণীয় বিষয় পাহৰণিৰ গৰ্ভত পৰে।
(চ) হঠাৎ পৰিবেশৰ পৰিবৰ্তনে শিক্ষণীয় বিষযৰ স্মৰণত কেতিয়াবা বাধাৰ সৃষ্টি কৰে।

(২) মানসিক কাৰণ (Mental causes of Forgetting) :
(ক) আগ্ৰহবিহীন শিক্ষণ (Learning without interest ):- শিক্ষণ অভিজ্ঞতা যদি আগ্ৰহ সহকাৰে গ্ৰহণ কৰা নহয়, তেনেহ’লে সেই শিক্ষণৰ ছাপ মনৰ পৰা সােনকালে আঁতৰি যােৱাৰ সম্ভাৱনা থাকে। গতিকে মনােবিদসকলৰ মতে আগ্ৰহ বিহীনভাৱে আয়ত্ত কৰা শিক্ষণ। অভিজ্ঞতা ক্ষণস্থায়ী।

(খ) পশ্চাৎমুখী প্ৰতিবােধ (Retroactive Inhibition):- মনােবিদ এছ এছ চৌহানৰ মতে, “ পশ্চাৎমুখী প্ৰতিৰােধৰ অৰ্থ হ’ল কিবা এটা প্ৰতিৰােধৰ বাবে কিবা এবিধে পশ্চাৎমুখী হৈ ক্ৰিয়া কৰে।” ( Retroactive inhibition means that something works back ward to block something else “.) এনে পশ্চাৎমুখী। প্ৰতিবৰােধৰ সৃষ্টি হয় যেতিয়া সময়ৰ ব্যৱধান নৰখাকৈ দুটা ভিন্ন। বিষয়ৰ শিক্ষণ লাভ কৰিবলৈ যত্ন কৰা হয়। তেনেক্ষেত্ৰত দ্বিতীয়। শিক্ষণে প্ৰথম শিক্ষণৰ স্মৃতি ৰক্ষাত এক মানসিক বাধাৰ সৃষ্টি কৰে। ইকে কোৱা হয় “ পশ্চাৎমুখী প্ৰতিৰােধ ”।

(গ) দমন কাৰ্য (Repression):- আমাৰ মনত দমন আৰু অৱদমন ক্ষমতা আছে। ই এক জটিল মানসিক ক্ৰিয়া, যাৰ দ্বাৰা জীৱনৰ অসম্পূৰ্ণ ইচ্ছা বাসনা, তীক্ত অভিজ্ঞতা ইচ্ছাকৃতভাৱে সচেতন মনৰ পৰা দূৰ কৰি অচেতন মনত দমন কৰি ৰাখিব পাৰি। মনােবিদ ফ্ৰয়েডে সেযেহে অৱদমনক ইচ্ছাকৃত পাহৰণি কাৰ্য বুলি অভিহিত কৰিছে। কিন্তু অতিমাত্ৰা অৱদমন মানসিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

(ঘ) আবেগিক আলােড়ন (EmotionalTurmoil ) : আবেগ সমূহ প্ৰবৃত্তিৰ লগত জন্মলব্ধ। সকলাে ব্যক্তিযেই বিভিন্ন আবেগ, যেনে মৰম – ভালপােৱা, ভয়, ক্ৰোধ, ঈৰ্ষা, হিংসা আদিৰ দ্বাৰা সময়ে সময়ে প্ৰভাৱিত হয়। কেতিয়াবা কিবা বিশেষ কাৰণ বা বিৰূপ পৰিস্থিতিৰ বাবে ব্যক্তিযে আবেগিক আলােড়নত ভুগিত পাৰে। এনে আবেগিক আলােড়নে বিস্মৃতিত সহায় কৰে।

(ঙ) শিক্ষণৰ সমাপ্তিকৰণ (Termination of learning):- শিক্ষণ এবিধ সক্ৰিয় মানসিক ক্ৰিয়া। ইয়াৰ লগত আন আন মানসিক গুণৰ। দৰে স্মৃতিও জড়িত। যেতিয়ালৈকে কোনাে এটা বিষয়ে শিক্ষণ লাভ কৰি থকা হয়, তেতিয়ালৈকে স্মৃতিও সক্ৰিয় হৈ থাকে। কিন্তু বিষয়টোৰ শিক্ষণ সমাপ্ত হােৱাৰ পাছত বিস্মৃতি আৰম্ভ হ’বলৈ ধৰে।

14. বিভিন্ন ধৰণৰ স্মৃতিৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ অতীজতে স্মৃতি শক্তি বিশেষ এক প্ৰকাৰ মানসিক শক্তি বুলি নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু আধুনিক মনােবিদসকলৰ মতে স্মৃতিৰ বিভিন্ন প্ৰকাৰৰ আছে। মনােবিদ বাৰ্গছনৰ (Bergson) মতে স্মৃতি দুই প্ৰকাৰৰ—
১। অভ্যাসগত।
২। প্ৰকৃত স্মৃতি।

১। অভ্যাসগত স্মৃতি:- শিক্ষণীয় বিষয় পুনঃচৰ্চা কৰাৰ ফলত মনত যি সাঁচ পৰে তাকে অভ্যাসগত স্মৃতি বােলে। ক্ৰিয়াৰ দৈহিক পুনৰাবৃত্তিযে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ সংযােগ সজীৱ আৰু সক্ৰিয় কৰি ৰাথে। গতিকে ই এক যান্ত্ৰিক স্মৃতি, ই মনৰ প্ৰতিৰূপ অথবা স্মৰণশক্তিৰ ওপৰত নিৰ্ভৰ নকৰে। এই প্ৰক্ৰিয়াৰ দ্বাৰা পঠনীয় বিষয়বস্তুৰ তাৎপৰ্য বা অন্তৰ্নিহিত অৰ্থ উপলব্ধি নকৰাকৈযে মুখস্থ কৰা হয়। অৱশ্যে চৰ্চাৰ অভাৱে তাৰ ব্যতিক্ৰম ঘটোৱাও দেখা যায়। অভ্যাসগত স্মৃতিক দুই ভাগত ভাগ কৰিব পাৰি—
(ক) তৎকালীন স্মৃতি ( Immediate memory)। আৰু
(খ) দীৰ্ঘকালীন স্মৃতি (remote memory)।

অভ্যাসগত স্মৃতিযে সময়ৰ অপচয় ৰােধ কৰে যদিও মনৰ বিকাশ সাধনত অকণে সহায নকৰে। অৱশ্যে বিভিন্ন বিষয় শিকাৰ ক্ষেত্ৰত যেনে বানান, কবিতা, নেওঁতা আদি শিকাৰ ক্ষেত্ৰত এই ধৰণৰ স্মৃতিৰ প্ৰযােজন হয়।

(ক) তৎকালীন স্মৃতি:- তৎকালীন স্মৃতি হৈছে অভ্যাস স্মৃতিৰ এটি ভাগ। সময়ৰ ব্যৱধানৰ মাত্ৰাই হৈছে এইবিধ অভ্যাস স্মৃতিৰ মূল বিষয়বস্তু। কোনাে বিষয়বস্তু শিকাৰ পাছত কম সময়ৰ ব্যৱধানত। স্মৰণ কৰাকে তৎকালীন স্মৃতি বােলা হয়। এইবিধ স্মৃতিত শিক্ষণ আৰু তাৰ স্মৃতি উদ্ধাৰৰ মাজত সময়ৰ ব্যৱধান অতি কম হয়। উদাহৰণস্বৰূপে যিসকল শিক্ষাৰ্থীয়ে পৰীক্ষাৰ কেইদিনমানৰ আগৰে পৰা মাত্ৰ পঢ়া – শুনা কৰে আৰু পৰীক্ষা শেষ হােৱাৰ লগে লগে সকলাে পাহৰি যায— তেনেধৰণৰ স্মৃতিক তৎকালীন স্মৃতি বােলে। এই স্মৃতিৰ উপযুক্ত প্ৰযােগৰ বাবে ব্যক্তিৰ দেহ – মানসিক সতৰ্কতা আৰু মনােযােগৰ প্ৰয়ােজন।

(খ) দীৰ্ঘকালীন স্মৃতি:- কোনাে বিষয়বস্তু শিকাৰ বহুদিনৰ পাছত স্মৰণ কৰাকে দীৰ্ঘকালীন স্মৃতি বােলে। দীৰ্ঘকালীন স্মৃতিৰ বেলিকা শিক্ষণ আৰু তাৰ পুনৰ প্ৰয়ােগৰ মাজত যথেষ্ট সময়ৰ ব্যৱধান থাকে। এই দীৰ্ঘকালীন স্মৃতিৰ উপযুক্ত প্ৰযােগ কৰিবৰ বাবে ব্যক্তিৰ দৈহিক ক্ৰ্যিাৰ সঘনে পুনৰাবৃত্তি কৰা প্ৰয়ােজন হয়। উদাহৰণস্বৰূপে নৃত্যশিল্পীযে তেওঁৰ শিক্ষালাভ কৰাৰ কিছু সময়ৰ পিছতহে নৃত্য পৰিৱেশন কৰে।

(২) প্ৰকৃত স্মৃতি বা প্ৰতিৰূপ স্মৃতি:- শিক্ষণৰ অভিজ্ঞতা প্ৰতিৰূপৰ সহায়েৰে সচেতন মনলৈ পুনৰুদ্ধাৰ কৰাকেই প্ৰতিৰূপ স্মৃতি বােলা হয়। এইধৰণৰ স্মৃতিত মানসিক কল্পৰ (Mental image) প্ৰযােজন হয় আৰু বিষয়বস্তু উপলব্ধিৰ বাবে যুক্তি শক্তিৰাে প্ৰযােজন হয়। ইয়াৰ উপৰিও ব্যক্তিৰ সুস্থ মানসিক সংগঠন, বুদ্ধি, প্ৰতিৰূপ সংৰক্ষণ আৰু স্মৰণ। ক্ষমতা আদিৰ ওপৰতাে ই নিৰ্ভৰ কৰে। সেয়েহে এই স্মৃতিক যুক্তি প্ৰতিষ্ঠিত স্মৃতি (Logical বা যথাৰ্থ স্মৃতি (True memory) বুলিও ব্যাখ্যা কৰে। এই স্মৃতিত পূৰ্ব অভিজ্ঞতাৰ প্ৰতিৰূপ মনত সংৰক্ষণ কৰি ৰখা হয় আৰু প্ৰয়ােজন সাপেক্ষে তাৰ পুনৰুদ্ধাৰ কৰা হয়। ই স্বভাৱজাত নহয়, আৰ্জিত। এই স্মৃতিৰ পৰিসৰ দীৰ্ঘকালীন।
আধুনিক মনােবিজ্ঞানীসকলে স্মৃতিক আৰু কেবাটাও ভাগত ভাগ কৰিছে। সেইসমূহ হ’ল—

(ক) মুখস্থ বা যান্ত্ৰিক স্মৃতি (Rote memory):- শিক্ষণ কালত। কোনাে কথা বা বিষয়বস্তুৰ মূলতত্ব বুজিবলৈ চেষ্টা নকৰি কেবল মাত্ৰ যন্ত্ৰচালিতভাৱে তাক মনত ৰাখিবলৈ চেষ্টা কৰাকে, যান্ত্ৰিক স্মৃতি বা মুখস্থ স্মৃতি বােলা হয়। যান্ত্ৰিকভাৱে কেৱল মাত্ৰ বিষয়বস্তুৰ অংশ সমূহৰ মৌখিক পুনৰাবৃত্তিৰ দ্বাৰা এই স্মৃতি ৰক্ষা কৰা হয় কাৰণে ইয়াৰ পৰিসৰ চুটি হয়। পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে বিষয়বস্তুৰ মূলজ্ঞান নােহােৱাকৈ কেবল মাত্ৰ মুখস্থৰ ওপৰতে গুৰুত্ব দিয়া ছাত্ৰ – ছাত্ৰীসকলৰ স্মৃতি এইবিধ স্মৃতিৰ অন্তৰ্গত। নানাবিধ বস্তু আৰু ব্যক্তিৰ নাম, ঘৰ, গাড়ী বা টেলিফোন আদিৰ নম্বৰ আৰু অভিধানৰ শব্দতালিকা আদি মনত ৰখা কাৰ্যক যান্ত্ৰিক স্মৃতিৰ ভিতৰত ধৰিব পাৰি।

(খ) যুক্তিসংগত স্মৃতি (Logical Memory):- যুক্তিসংগত স্মৃতি নিৰ্ভৰ কৰে শিক্ষণীয় বিষয়বস্তুৰ অৰ্থ উপলব্ধি আৰু বিচাৰ শক্তিৰ। ওপৰত। ব্যক্তিযে ইয়াত শিক্ষণীয় বিষযৰ যান্ত্ৰিকভাৱে স্মৃতি ৰষ্কা নকৰি তাৰ অন্তৰ্নিহিত ভাবাৰ্থ বুজি উঠিহে মনত সংৰক্ষণ কৰাৰ প্ৰচেষ্টা চলায়। বিষয়বস্তুৰ স্মৃতি সংৰক্ষণ কৰাৰ আগতে ব্যক্তিযে নিজৰ বিচাৰ – বিবেচনা, যুক্তি – চিন্তাৰে পৰিচালিত হৈ বিষয়বস্তুৰ প্ৰতিটো দিশৰ ওপৰতে নজৰ দিয়ে। গতিকে এই স্মৃতি কেৱল মাত্ৰ দৈহিক পুনৰাবৃত্তিৰ ফলত লাভ কৰিব পৰা নাযায়। ইয়াত ব্যক্তিৰ বৌদ্ধিক ক্ষমতাই প্ৰভাৱ বিস্তাৰ কৰে আৰু যুক্তিৰ আধাৰত সংৰক্ষণ হয় বাবে ইয়াৰ ম্যাদ দীৰ্ঘ দিনীয়া হয়। এইবিধ স্মৃতি উচ্চ মানসিক শক্তিৰ আধাৰত ৰচিত বাবে ই শিশুৰ বাবে বিশেষভাৱে প্ৰযােজ্য নহয়। উদাহৰণস্বৰূপে কোনাে কবিতাৰ ভাবাৰ্থ ভালদৰে বুজি তাক মুখস্থ কৰিলে, ই বহুদিনলৈ মনত ৰৈ যায়।

(গ) অনুষংগমূলক স্মৃতি:- কেতিয়াবা শিক্ষণ বিষ মনত পেলাবৰ বাবে সেই বিষযৰ লগত মিল থকা আন বিষয়ৰ সহায় ল’ব লগা হয় অৰ্থাৎ এটা কথাৰ অনুষংগতহে আনটো কথাৰ স্মৃতি ৰক্ষা কৰা হয়। গতিকে অচল ঘটনাৰ লগত অন এটি ঘটনা জড়িত স্মৃতিক। অনুষংগমূলক স্মৃতি বােলে। উদাহৰণ স্বৰূপে এগৰাকী মাতৃৰ দৈহিক গঠন মনত পেলাবলৈ তেওঁৰ ছােৱালীৰ কথা ভৰা হ’ব। গতিকে। ছােৱালীৰ বিষযে থকা স্মৃতিৰ সহায়তহে মাকক মনত পেলাৰ পৰা গ’ল। এনে ধৰণৰ স্মৃতিকে অনুষংগমূলক স্মৃতি বােলা হয়।

(ঘ) সংবেদনাত্মক স্মৃতি:- ইন্দ্ৰিযৰ জৰিয়তে পৰিৱেশৰ পৰা যি স্মৃতি আহৰণ কৰা হয় তাকে সংবেদনাত্মক স্মৃতি বােলা হয়। এই ইন্দ্ৰিযৰ। যােগদি লাভ কৰা স্মৃতি দৃষ্টি, শ্ৰৱণ, স্পৰ্শ, গােন্ধ আৰু স্বাদ আদি। অভিজ্ঞতাৰ লগত জড়িত হয়। দৃষ্টিৰ দ্বাৰা চকুৰ স্মৃতি, শব্দৰ দ্বাৰা শ্ৰৱণ স্মৃতি, গন্ধ দ্বাৰা গ্ৰাণজ স্মৃতি, স্পৰ্শ দ্বাৰা স্পৰ্শজ স্মৃতি আৰু স্বাদৰ দ্বাৰা স্বাদজ স্মৃতি আমি লাভ কৰে। গতিকে জ্ঞানেন্দ্ৰিসমূহৰ সংবেদন অভিজ্ঞতাৰ দ্বাৰা যি স্মৃতি লাভ হয়, তাকে সংবেদনাত্মক স্মৃতি বােলা হয়। অৱশ্যে ইন্দ্ৰিয় সমূহৰ এই বিবিধ স্মৃতিৰ যােগ্যতা ব্যক্তি অনু্যায়ী বেলেগ বেলেগ হয়। এজন লােকে আটাইকেইবিধ স্মৃতিৰ যােগ্যতা সমানে লাভ কৰাৰ আশা কৰিব নােৱাৰে।

15. স্মৃতিৰ কিদৰে উন্নতি সাধিব পাৰি ব্যাখ্যা কৰা।
উত্তৰঃ শিক্ষণ কালত উপযুক্ত পদ্ধতি আৰু প্ৰচেষ্টা অৱলম্বন কৰি শিক্ষণীয় বিষযৰ স্মৃতি অধিক স্থায়ী কৰিব পাৰি। সেই সমূহ হ’ল—
(১) আগ্ৰহ:- আগ্ৰহ হৈছে কোনাে বিষয়ৰ স্মৃতি সংৰক্ষণৰ সবাটোকৈ প্ৰযােজনীয় মানসিক অৱস্থা। কোনাে বিষযৰ জ্ঞান লাভ কৰিবলৈ হ’লে প্ৰৱল আগ্ৰহ প্ৰযােজন। আগ্ৰহে শিক্ষণ স্মৃতি মনত সজীৱ আৰু সক্ৰিয়। কৰি ৰাখে।

(২) অভিপ্ৰায়:- যি কোনাে কথা শিকাৰ আগতে ইয়াৰ এটা নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশে স্থিৰ কৰি ললে, সেই কথাৰ স্মৃতি চিৰস্থায়ী আৰু সহজলভ্য হয়। শিক্ষণ বিষযৰ অভিপ্ৰায় সম্বন্ধে থকা স্পষ্ট ধাৰণাই সেই বিষয়ৰ স্মৃতি ৰক্ষা কৰাতে সহায় কৰে।

(৩) অনুৰাগ সৃষ্টি:- কোনাে বিষয়ৰ প্ৰতি স্মৃতি দীৰ্ঘস্থায়ী কৰিবৰ বাবে প্ৰথমে সেই বিষয়টোৰ প্ৰতি গভীৰ অনুৰাগ জন্মাব লাগিব। অনুৰাগবিহীন শিক্ষাই মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব নােৱাৰা বাবে সহজে বিস্মৃত হয়।

(৪) অধিক ইন্দ্ৰিয়ৰ ব্যৱহাৰ:- যিমানেই পঞ্চ ইন্দ্ৰিয়ক বেছি। উপযুক্তভাৱে ব্যৱহাৰ কৰি শিক্ষা লাভ কৰা হয় সিমানেই শিক্ষণীয় বিষয় সহজে মনত ৰৈ যায়। সেয়েহে অজিকালি শিক্ষণ কাৰ্যত দৃশ্য শ্ৰব্যৰ অনুষ্ঠান ব্যৱহাৰ কৰা হয়।

(৫) প্ৰতিৰূপৰ ব্যৱহাৰ:- শিক্ষণ অভিজ্ঞতাক প্ৰতিৰূপৰ যােগেদিহে মনত সংৰক্ষণ আৰু পুনৰুদ্দীপন কৰিব পাৰি। সেইবাবে শিক্ষণীয় বিষয়ৰ স্মৃতি ৰক্ষা ক’বলৈ শিক্ষণ কালত প্ৰতিৰূপৰ উপযুক্ত প্ৰযােগৰ দৰকাৰ।

(৬) ছন্দৰ প্ৰযােগৰ শিক্ষণীয় কিছুমান বিষয় বিশেষকৈ কবিতাসমূহ সুৰ লগাই পঢ়ি ছন্দৰ প্ৰযােগ কৰিব পাৰিলে অধিক মনােগ্ৰাহী আৰু ইয়াৰ স্মৃতি দীৰ্ঘস্থায়ী হয়। বিশেষকৈ প্ৰাক প্ৰাথমিক শিক্ষা কালত ছন্দ, সুৰ, তাল ঝংকাৰ আদিৰ প্ৰয়ােগেৰে কণ কণ শিশুৰ স্মৃতি দীৰ্ঘস্থায়ী হয়।

(৭) পুনৰাবৃত্তি আৰু অনুশীলন:- শিক্ষণীয় কোনাে বিষযৰ স্মৃতি। দীৰ্ঘস্থায়ী কৰিবৰ বাবে ইয়াৰ পুনৰাবৃত্তি আৰু অনুশীলনৰ প্ৰযােজন। মনােবিজ্ঞানী থৰ্নডাইকে এই কথা পৰীক্ষাৰে, প্ৰমাণ কৰি দেখুৱাইছিল।

(৮) অখণ্ড পদ্ধতি:- ব্যক্তিযে কোনাে কথা খণ্ড খণ্ড কৰি নিশিকি যদি একেবাৰতে অখণ্ড হিচাপে শিকি তাৰ জ্ঞান লাভ কৰে ; ইয়াকে অখণ্ড পদ্ধতি বােলা হয়। এই পদ্ধতি খণ্ড পদ্ধতিতকৈ অধিক কাৰ্যকৰী হয় স্মৃতি শক্তি সংৰক্ষণৰ বাবে।

(৯) জিৰণি:- যি কোনাে বিষয় শিকাৰ পাছত কিছু সময় জিৰণিৰ প্ৰযােজন। সুস্থ আৰু সবল স্মৃতি লাভৰ বাবে জিৰণিৰ প্ৰযােজন।

(১০) অনুকূল পৰিৱেশ:- শিক্ষণৰ বাবে এক উপযুক্ত পৰিৱেশৰ প্ৰয়ােজন। পৰিৱেশ প্ৰতিকূল হ’লে বা পৰিৱেশৰ পৰিৱৰ্তন হ’লে মনােযােগত বাধা পৰে আৰু সংৰক্ষণ কাৰ্য ভালদৰে সম্পন্ন নহয়।

16. নিজকে এগৰাকী স্কুল শিক্ষক হিচাপে ধৰি লৈ এটা শিশুৰ ভাল স্মৃতি বিকাশত তুমি কিদৰে সহায় কৰিবা?
উত্তৰঃ শিক্ষণ কালত উপযুক্ত পদ্ধতি আৰু প্ৰচেষ্টা অবলম্বন কৰি শিক্ষণীয় বিষয়াৰ স্মৃতি অধিক স্থায়ী কৰিব পাৰি। সেই সমূহ হ’ল—

(১) আগ্ৰহ:- আগ্ৰহ হৈছে কোনাে বিষয়ৰ স্মৃতি সংৰক্ষণৰ সবাতােকৈ প্ৰয়ােজনীয় মানসিক অৱস্থা। কোনাে বিষয়ৰ জ্ঞান লাভ কৰিবলৈ হ’লে প্ৰবল আগ্ৰহ প্ৰয়ােজন। আগ্ৰহে শিক্ষণ স্মৃতি মনত সজীৱ আৰু সক্ৰিয় কৰি ৰাখে।

(২) অভিপ্ৰায়:- যি কোনাে কথা শিকাৰ আগতে ইয়াৰ এটা নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশে স্থিৰ কৰি ললে, সেই কথাৰ স্মৃতি চিৰস্থায়ী আৰু। সহজলভ্য হয়। শিক্ষণ বিষযৰ অভিপ্ৰায় সম্বন্ধে থকা স্পষ্ট ধাৰণাই সেই বিষয়ৰ স্মৃতি ৰক্ষা কৰাত সহায় কৰে।

(৩) অনুৰাগ সৃষ্টি:- কোনাে বিষযৰ প্ৰতি স্মৃতি দীৰ্ঘস্থায়ী কৰিবৰ বাবে প্ৰথমে সেই বিষয়টোৰ প্ৰতি গভীৰ অনুৰাগ জন্মাব লাগিব। অনুৰাগ বিহীন শিক্ষই মনত প্ৰতিক্ৰিয়া সৃষ্টি কৰিব নােৱাৰা বাবে সহজে বিস্মৃত হয়।

(৪) অধিক ইন্দ্ৰিযৰ ব্যৱহাৰ:- যিমানেই পঞ্চ ইন্দ্ৰিয়ক, বেছি। উপযুক্তভাৱে ব্যৱহাৰ কৰি শিক্ষা লাভ কৰা হয় সিমানেই শিক্ষণীয় বিষয় সহজে মনত ৰৈ যায়। সেয়েহে অজিকালি শিক্ষণ কাৰ্যত দৃশ্য শ্ৰব্যৰ অনুষ্ঠান ব্যৱহাৰ কৰা হয়।

(৫) প্ৰতিৰূপৰ ব্যৱহাৰ:- শিক্ষণ অভিজ্ঞতাক প্ৰতিৰূপৰ যােগেদিহে মনত সংৰক্ষণ আৰু পুনৰুদ্দীপন কৰিব পাৰি। সেইবাবে শিক্ষণীয় বিষযৰ স্মৃতি ৰক্ষা ক’বলৈ শিক্ষণ কালত প্ৰতিৰূপৰ উপযুক্ত প্ৰযােগৰ দৰকাৰ।

(৬) ছন্দৰ প্ৰযােগ:- শিক্ষণীয় কিছুমান বিষয় বিশেষকৈ কবিতাসমূহ সুৰ লগাই পঢ়ি ছন্দৰ প্ৰয়ােগ কৰিব পাৰিলে অধিক মনােগ্ৰাহী আৰু। ইয়াৰ স্মৃতি দীৰ্ঘস্থায়ী হয়। বিশেষকৈ প্ৰাক প্ৰাথমিক শিক্ষা কালত ছন্দ, সুৰ, তাল ঝংকাৰ আদিৰ প্ৰযােগেৰে কণ কণ শিশুৰ স্মৃতি দীৰ্ঘস্থায়ী হয়।

(৭) পুনৰাবৃত্তি আৰু অনুশীলন:- শিক্ষণীয় কোনাে বিষয়ৰ স্মৃতি দীৰ্ঘস্থায়ী কৰিবৰ বাবে ইয়াৰ পুনৰাবৃত্তি আৰু অনুশীলনৰ প্ৰযােজন। মনােবিজ্ঞানী থৰ্নড়াইকে এই কথা পৰীক্ষাৰে প্ৰমাণ কৰি দেখুৱাইছিল।

(৮) অখণ্ড পদ্ধতি:- ব্যক্তিযে কোনাে কথা খণ্ড খণ্ড কৰি নিশিকি যদি একেবাৰতে অখণ্ড হিচাপে শিকি তাৰ জ্ঞান লাভ কৰে ; ই্যাকে অখণ্ড পদ্ধতি বােলা হয়। এই পদ্ধতি খণ্ড পদ্ধতিতকৈ অধিক কাৰ্যকৰী হয়। স্মৃতি শক্তি সংৰক্ষণৰ বাবে।

(৯) জিৰণি:- যি কোনাে বিষয় শিকাৰ পাছত কিছু সময় জিৰণিৰ প্ৰযােজন। সুস্থ আৰু সবল স্মৃতি লাভৰ বাবে জিৰণিৰ প্ৰযােজন।

(১০) অনুকূল পৰিৱেশ:- শিক্ষণৰ বাবে এক উপযুক্ত পৰিৱেশৰ প্ৰযােজন। পৰিৱেশ প্ৰতিকূল হ’লে বা পৰিৱেশৰ পৰিৱৰ্তন হ’লে। মনােযােগত বাধা পৰে আৰু সংৰক্ষণ কাৰ্য ভালদৰে সম্পন্ন নহয়।

Leave a Comment

error: Content is protected !!
Scroll to Top