শিক্ষাৰ চলিত ধাৰাসমূহ | Chapter 3 | Class 12 Education | Current Trends in Education Solutions for Assamese Medium | Class 12 Education Question and Answer Assamese Medium | প্ৰশ্ন আৰু উত্তৰ । Class 12 Education Solutions | Questions and Answers Assam | Assam HS 2nd Year Education Textbook Solutions – AHSEC


শিক্ষাৰ চলিত ধাৰাসমূহ

শুদ্ধ নে অশুদ্ধ লিখা (মূল্যাংক- ১)

1. খেলা – ধূলা স্বাভাৱিকতেই প্ৰতিযােগিতামূলক।
উত্তৰঃ অশুদ্ধ।

2. শাৰীৰিক শিক্ষাই আত্মবিশ্বাস বঢ়ায়।
উত্তৰঃ শুদ্ধ।

3. পাৰিপাৰ্শ্বিকতা শিক্ষা হ’ল আন্তঃঅনুশাসনমূলক।
উত্তৰঃ শুদ্ধ।

4. প্ৰমূল্যবােৰ হ’ল বৈধানিক মান।
উত্তৰঃ অশুদ্ধ।

5. জনসংখ্যা শিক্ষাই ছাত্ৰ – ছাত্ৰীৰ জনগাঁথনিমূলক ধাৰণাবােৰৰ সৈতে পৰিচিত কৰায়।
উত্তৰঃ শুদ্ধ।

6. ১৯৯২ চনত অনুষ্ঠিত হৈছিল ৰিঅ’ – ডি – জেনেইৰ’ৰ ধৰিত্ৰী সন্মিলন।
উত্তৰঃ শুদ্ধ।

7. প্ৰমূল্যবােৰ শিকোৱা হয়, থপিয়াই লােৱা নহয়।
উত্তৰঃ শুদ্ধ।

8. পাৰিপাৰ্শ্বিকতা শিক্ষা প্ৰমূল্যৰ সৈতে সম্পৰ্কিত নহয়।
উত্তৰঃ অশুদ্ধ।

9. যৌন শিক্ষা হ’ল জনসংখ্যা শিক্ষাৰ এটা অংশ।
উত্তৰঃ শুদ্ধ।

10. জনসংখ্যা শিক্ষা হ’ল আদৰ্শনিষ্ঠ।
উত্তৰঃ শুদ্ধ।

11. মহিলাৰ সৰলীকৰণে মহিলাৰ সিদ্ধান্ত লােৱাৰ ক্ষমতাক মজবুত কৰে।
উত্তৰঃ শুদ্ধ।

12. মহিলাৰ সবলীকৰণে বাছনি কৰিবলৈ আৰু নিজাববীয়াকৈ সিদ্ধান্ত ল’বলৈ কৰ্তৃত্ব / স্বায়ত্ততা দিয়ে।
উত্তৰঃ শুদ্ধ।

13. পৰিয়াল পৰিকল্পনাৰ অৰ্থে জনসংখ্যা শিক্ষা।
উত্তৰঃ শুদ্ধ।

14. আন্তঃৰাষ্ট্ৰীয় পাৰিপাৰ্শ্বিকতা শিক্ষা সম্পৰ্কীয় কৰ্মশালা ১৯৭২ চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল।
উত্তৰঃ অশুদ্ধ।

খালী ঠাই পূৰ কৰা (মূল্যাংক- ১)

1. ভাৰতত পাৰিপাৰ্শ্বিকতা শিক্ষাৰ এটা কেন্দ্ৰ স্থাপন কৰা হৈছিল _____ত।
উত্তৰঃ Ahamedabad (1982 )

2. আন্তঃৰাষ্ট্ৰীয় পাৰিপাৰ্শ্বিকতা শিক্ষা সন্মিলন _____ চনত বেলগ্ৰেডত (যুগােশ্লাভিয়া) অনুষ্ঠিত হৈছিল।
উত্তৰঃ ১৯৭৫ চনত।

3. ধৰিত্ৰী শীৰ্য সন্মিলন অনুষ্ঠিত হৈছিল _____ত।
উত্তৰঃ ১৯৯২ চনত ব্ৰাজিলত।

4. পাৰিপাৰ্শ্বিক শিক্ষা সম্পৰ্কীয় বিলছি আন্তঃচৰকাৰী সন্মিলন অনুষ্ঠিত হৈছিল _____।
উত্তৰঃ ১৯৭৭ চনত।

5. আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালিত হয় _____ত।
উত্তৰঃ ৮ মাৰ্চত।

6. মানৱীয় পাৰিপাৰ্শ্বিকতা সম্পৰ্কীয় বাষ্ট্ৰসংঘৰ সন্মিলন ১৯৭২ চনত _____ত অনুষ্ঠিত হৈছিল।
উত্তৰঃ চুইডেনৰ ষ্টকহ’মত।

7. বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় _____ত।
উত্তৰঃ ১১ জুলাইত।

8. প্ৰতিবছৰে পাৰিপাৰ্শ্বিকতা দিৱস পালন কৰা হয় _____ত।
উত্তৰঃ ৫ জুনত।

9. ‘পাৰিপাৰ্শ্বিকতা’ শব্দটোৰ অৰ্থ হ’ল _____।
উত্তৰঃ পৰিবেষ্টন কৰি ৰখা।

10. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ উদ্দেশ্য নিৰ্ধাৰণ কৰা হৈছিল, সন্মিলনত।
উত্তৰঃ মানৱীয় পাৰিপাৰ্শ্বিকতা ৰাষ্ট্ৰসংঘ সন্মিলনত। ( বিলিচ)

11. পাৰিপাৰ্শ্বিকতা শিক্ষা সন্দৰ্ভত পাৰিপাৰ্শ্বিকতা বিষয়ক প্ৰথমখন আন্তঃচৰকাৰী সন্মিলন অনুষ্ঠিত হৈছিল _____ত।
উত্তৰঃ ১৯৭৭ চনত।

12. ধৰিত্ৰী শীৰ্ষ সন্মিলন ১৯৯২ অনুষ্ঠিত হৈছিল _____ মহানগৰত।
উত্তৰঃ ব্ৰাজিলৰ ৰিউ দি জেনেৰােত।

13. পাৰিপাৰ্শ্বিকতাক শাৰীৰিক, সামাজিক আৰু _____ পাৰিপাৰ্শ্বিকতা হিচাপে ভাগ কৰা হয়।
উত্তৰঃ জৈৱিক।

14. সুস্থ মনৰ এটা প্ৰাকপ্ৰয়োজনীয়তা হ’ল _____।
উত্তৰঃ শাৰীৰিক শিক্ষা।

15. ভাৰতবৰ্ষৰ বৰ্তমান সাক্ষৰতাৰ হাৰ _____।
উত্তৰঃ ৭৪.৪ শতাংশ।

16. মহিলা শিক্ষা সমিতি গঠিত হৈছিল _____।
উত্তৰঃ ১৯৭৪ চনত।

17. _____ হ’ল বিশেষকৈ প্ৰশিক্ষণ হিচাপে বা স্বাস্থ্য অটুত ৰাখিবলৈ অথবা উন্নত কৰিবলৈ কৰা অনুশাসন ভংগী আৰু শৰীৰ চালনাৰ পদ্ধতিগত উপায়।
উত্তৰঃ শাৰীৰিক শিক্ষা।

18. মহিলাৰ মৰ্যাদা সম্পৰ্কীয় আয়োগ নিযুক্ত হৈছিল _____।
উত্তৰঃ ১৯৭৪ চনত।

19. ভাৰতৰ বৰ্তমানৰ জনসংখ্যা _____।
উত্তৰঃ ১,০২৪ মিলিয়ন।

20. সংসদ আৰু ৰাজ্যিক বিধায়িনী নিকায় সমূহত মহিলাৰ বাবে _____ শতাংশ সংৰক্ষণ নিশ্চিত কৰে মহিলাৰ সংৰক্ষণ বিধেয়কে।
উত্তৰঃ ৩৩ শতাংশ।

21. মহিলাৰ সাহিত্যিক কথন সবল’ কৰিবলৈ মাহিলাক দিব _____ লাগিব।
উত্তৰঃ শিক্ষা।

22. Environment শব্দটো ফৰাছী শব্দৰ _____ পৰা আহিছে।
উত্তৰঃ Environir.

অতি চমু প্ৰশ্নোত্তৰ (মূল্যাংক- ১)

1. মহিলাৰ সবলীকৰণ কি?
উত্তৰঃ যিবােৰ ধাৰণা আৰু পৰম্পৰাৰ বাবে সমাজত নাৰী পুৰুষৰ। অধীন হৈ থাকিব লগা হৈছে সেইবােৰ প্ৰত্যাহ্বান জনােৱা আৰু পৰিবৰ্তন কৰাৰ বাবে মহিলাৰ সামৰ্থ বঢ়োৱাৰ প্ৰক্ৰিয়াকে মহিলা সৰলীকৰণ বুলিব পাৰি।

2. কোন বছৰত ভাৰত চৰকাৰে ‘মহিলা সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি’ গ্ৰহণ কৰিছিল?
উত্তৰঃ ২০০১ চনত।

3. কোন দিনা বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস পালন কৰা হয়?
উত্তৰঃ ৫ জুন।

4. প্ৰমূল্য কি?
উত্তৰঃ প্ৰমূল্য হৈছে কোনাে বস্তুৰ প্ৰয়ােজনীয়তা বা কাৰ্যকাৰিতাৰ পৰিমাণ বা মাত্ৰা।

5. কোন দিনা বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়?
উত্তৰঃ ১১ জুলাই।

6. জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে উলিয়াইছিল?
উত্তৰঃ এলভা মাৰডালে।

7. কোনখন দেশ বিশ্বৰ ভিতৰতে আটাইতকৈ জনবহুল?
উত্তৰঃ চীন।

8. কোন বছৰত ষ্টকহ’ম সন্মিলন অনুষ্ঠিত হৈছিল?
উত্তৰঃ ১৯৭২ চনত।

9. কোন বছৰত ‘ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা বিধেযক’ গৃহীত হৈছিল?
উত্তৰঃ ২০০৫ চনত।

10. সাংস্কৃতিক পৰিবেশ কি?
উত্তৰঃ সাংস্কৃতিক পৰিবেশ বুলিলে সমাজৰ ৰীতি – নীতি, জীৱনৰ মানদণ্ড জনসংখ্যাৰ গাঁথনি, সামাজিক গাঁথনি, মূল্যবােধ আদি বিষয়বােৰ অন্তৰ্ভুক্ত কৰা বুজায়।

চমু প্ৰশ্নোত্তৰ (মূল্যাংক- ২)

1. শাৰীৰিক শিক্ষাৰ সংজ্ঞা দিয়া।
উত্তৰঃ Jay B. Nash ৰ মতে, “ শাৰীৰিক শিক্ষা সেই শিক্ষাক্ষেত্ৰ যাৰ সম্পৰ্ক পেশীয় কাৰ্যাৱলী আৰু সেইবােৰৰ লগত সম্পৰ্কিত অনুক্ৰিয়া।
Nixon and Cozens ৰ মতে, শাৰীৰিক শিক্ষা পূৰ্ণ শিক্ষা প্ৰক্ৰিয়াটোৰ সেই অংশ যিটো পেশীয় কাৰ্যাৱলী, সেইবােৰৰ লগত সম্পৰ্কিত অনুক্ৰিয়াসমূহ আৰু অনুক্ৰিসমূহৰ ফলত ব্যক্তিজনৰ ক্ষেত্ৰত হােৱা পৰিবৰ্তনৰ লগত জড়িত।

2. জনসংখ্যা শিক্ষা কি?
উত্তৰঃ জনসংখ্যা শিক্ষা কি বুলিলে চমুকৈ ক’ব পাৰি যে ই এক শৈক্ষিক কাৰ্যসূচী যাৰ দ্বাৰা পৰিয়ালৰ গঠন সৰু পৰিল আৰু ডাঙৰ পৰিয়ালৰ অসুবিধাবােৰ পৰিয়ালৰ আৰু সামগ্ৰিকভাৱে জাতিটোৰ জীৱন ধাৰণৰ মান কেনেকৈ উন্নত হ’ব, আৰ্থিক উন্নতি কেনেকৈ সম্ভৱ হ’ব – এই। সকলােবােৰ কথা বুজি উঠাত সহায় কৰে।

3. মহিলা সবলীকৰণৰ দুটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰা।
উত্তৰঃ মহিলা সবলীকৰণৰ দুটা গুৰুত্বপূৰ্ণ বিষয় হ’ল—
(১) ৰাজনৈতিক ক্ষমতা। আৰু
(২) জনসংখ্যাৰ শিক্ষা।

4. পৰিবেশৰ সংজ্ঞা দিয়া।
উত্তৰঃ পৰিবেশ অথবা পাৰিপাৰ্শ্বিক অৱস্থাই সাধাৰণতে এটা নিৰ্দিষ্ট স্থান আৰু সময়ত মানুহক পৰিবেষ্টিত কৰি ৰখা বিভিন্ন অৱস্থাৰ সামূহিক ৰূপটোকেই বুজায়।
আমাৰ চাৰিওফালৰ জৈৱিক আৰু অজৈৱিক উপাদানৰে পৰিবেষ্টিত কৰি ৰখা পৰিস্থিতিযেই হৈছে পৰিৱেশ।

5. জনসংখ্যা বিস্ফোৰণ কি?
উত্তৰঃ যেতিযা কোনাে বিশেষ আৰ্থ- সামাজিক অথবা পৰিস্থিতিৰ প্ৰভাৱত অপ্ৰত্যাশিত আৰু অত্যাধিকভাৱে জনসংখ্যা বৃদ্ধি পায় তাক জনসংখ্যা বিস্ফোৰণ বুলি কোৱা হয়। ই হৈছে দেশ তথা সমাজৰ বাবে এটি অস্বস্তিকৰ পৰিস্থিতি। জনসংখ্যা বিস্ফোৰণৰ ফলত এখন দেশত। নানান সমস্যাই গা কৰি উঠে। যেনে –দৰিদ্ৰতা সমস্যা, খাদ্য সমস্যা, নিৰক্ষৰতা ইত্যাদি।

6. “শাৰীৰিক শিক্ষাই এটা সুস্থ জীৱনৰ বাট দেখুৱায়। ” – দুটা যুক্তি দিয়া।
উত্তৰঃ যুক্তি দুটা হ’ল—
(ক) শাৰীৰিক শিক্ষাই এজন ব্যক্তিৰ শাৰীৰিক দক্ষতা বৃদ্ধি কৰাৰ। লগতে মানসিক অৱসাদ দূৰ কৰাত সহায় কৰে।
(খ) এই শিক্ষাৰ মাধ্যমেৰে অৰ্থপূৰ্ণ আঁচনি আৰু পৰিকল্পিত শাৰীৰিক কাৰ্যসূচী বিকাশ কৰিব পৰা যায়।

7. প্ৰমূল্য শিক্ষা কি?
উত্তৰঃ যিবিলাক আচৰণ, ধাৰণা, গুণ, কৰ্ম আৰু বস্তু শিশুৰ শৈক্ষিক বিকাশৰ বাবে প্ৰযােজনীয় আৰু গুৰুত্বপূৰ্ণ সেইবােৰকেই প্ৰমূল্য শিক্ষা। আখ্যা দিয়া হয়। ই এনে এক শৈক্ষিক কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা বুজায় যিবােৰে ব্যক্তি আৰু সমাজৰ উন্নতিত অৰিহণা যােগায়। এই শিক্ষাই এজন ব্যক্তিৰ সৰ্বাংগীণ বিকাশ তথা শাৰীৰিক, মানসিক, নৈতিক সামাজিক আৰু আধ্যাত্মিক বিকাশত সহায় কৰে।

8. সামাজিক পৰিবেশ কি?
উত্তৰঃ সামাজিক পৰিবেশ বুলিলে আৰ্থ- সামাজিক গাঁথনি, জনগাঁথনি, জনসংখ্যাৰ হাৰ, নিযােগ ব্যৱস্থা, সাংস্কৃতিক পৰিক্ৰমা, জীৱন নিৰ্বাহৰ মানদণ্ড আদি বিষয়বােৰ অন্তৰ্ভুক্ত কৰা হােৱা বুজায়।

9. প্ৰমূল্য শিক্ষা আহৰণৰ দুটা উপায় লিখা।
উত্তৰঃ প্ৰমূল্য শিক্ষা আহৰণৰ দুটা উপায় হ’ল—
(১) জাতীয় উৎসৱ উদ্যাপন আৰু জাতীয় দিন পালন কৰা।
(২) দৈনন্দিন পাঠদানত শ্ৰেণীকোঠাত ছাত্ৰ – ছাত্ৰীক বিভিন্ন ৰাজ্যৰ নীতি শিক্ষাৰ দ্বাৰা এই শিক্ষা প্ৰদান কৰা।

10. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ সংজ্ঞা দিয়া।
উত্তৰঃ UNESCO- ৰ পৰিবেশ শিক্ষা সম্পৰ্কীয় আলােচনা চক্ৰই পৰিবেশ শিক্ষাৰ ওপৰত দিয়া সংজ্ঞা মতে,“ পৰিবেশ শিক্ষা হৈছে। পৰিবেশ ৰক্ষণাবেক্ষণৰ লক্ষ্যসমূহক বাস্তৱাযিত কৰা এক উপায়।
পাৰিপাৰ্শ্বিক শিক্ষা হৈছে এনে এটা শৈক্ষিক প্ৰক্ৰিয়া যিটোৱে প্ৰকৃতি আৰু মানুহে সৃষ্টি কৰা পৰিবেষ্টনীৰ লগত মানুহৰ সম্পৰ্কৰ বিষয়ে আলােচনা। কৰে।

11. পৰিবেশ কি?
উত্তৰঃ আমাৰ চাৰিওফালে জৈৱিক আৰু অজৈৱিক উপাদানেৰে পৰিবেষ্টিত কৰি ৰখা পৰিস্থিতিযেই হৈছে পৰিবেশ। পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰিযেই আমাৰ সামাজিক ব্যৱস্থা, অৰ্থনৈতিক অবস্থা, দৈহিক অৱস্থা আদিৰ প্ৰভাৱ পৰিলক্ষিত হয়। মানুহকে আদি কৰি সকলাে সজীৱ প্ৰাণী জীয়াই থকা প্ৰকৃতি বা পৰিস্থিতিক পৰিবেশৰ অন্তৰ্ভুক্ত কৰা হয়।

12. জনসংখ্যাৰ শিক্ষাৰ এটা সংজ্ঞা দিয়া। বা, জনসংখ্যাৰ শিক্ষা কাক বােলে ?
উত্তৰঃ যি শিক্ষাই মানুহৰ সমাজত জন্মৰ হাৰ বৃদ্ধিৰ ফলত পাৰিপাৰ্শ্বিকতা আৰু জীৱন প্ৰক্ৰিয়াত ই্যাৰ প্ৰভাৱ সম্পৰ্কে প্ৰণালীবদ্ধ জ্ঞান প্ৰদান কৰি জন্মৰ হাৰ নিয়ন্ত্ৰণ প্ৰয়ােজনীয়তা আৰু যুক্তিযুক্ত। প্ৰক্ৰিয়াৰ বিষয়ে জ্ঞান প্ৰদান কৰে তাকেই জনসংখ্যা শিক্ষা বুলি কোৱা হয়।
১৯৬৯ চনত NCERT- এ বােম্বাইত সংগঠিত কৰা ৰাষ্ট্ৰীয় আলােচনা চক্ৰত মন্তব্য প্ৰকাশ কৰি কৈছিল যে, পৰিালৰ আকাৰ যে নিয়ন্ত্ৰণযােগ্য এই কথা উপলব্ধি কৰাৰ বাবে ছাত্ৰ – ছাত্ৰীক সমৰ্থবান কৰি তােলাটোৱেই জনসংখ্যা শিক্ষাৰ উদ্দেশ্য হােৱা উচিত।

প্ৰশ্নোত্তৰ (মূল্যাংক- ৩)

1. মহিলাৰ সবলীকৰণ কি?
উত্তৰঃ মহিলাসকলে সমাজৰ আৰ্থ – সামাজিক আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যােগােৱা দেখা যায়। যদিও আমাৰ দেশত নাৰীযে জনসাধাৰণৰ আধা অংশই বহন কৰিছে আৰু ভাৰতীয়।

সংবিধানে নাৰীক পুৰুষৰ সমানেই অধিকাৰ প্ৰদান কৰিছে, সমাজত প্ৰচলিত কিছুমান ধাৰণাৰ বাবে নাৰীক পুৰুষৰ অধীন হৈ থকা দেখা যায়। এই ধাৰণাবােৰৰ প্ৰত্যাহ্বান জনােৱাৰ বাবে বা পৰিৱৰ্তন আনিবৰ বাবে মহিলাৰ সামৰ্থ্য বঢ়োৱা প্ৰক্ৰিয়াকে মহিলাৰ সৱলীকৰণ বুলি ক’ব। পাৰি। মহিলা সৱলীকৰণে নাৰীক সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰি। আত্মবিশ্বাসী হােৱাত আৰু যিকোনাে পৰিস্থিতিৰ লগত সমযােজন কৰাত সহায় কৰে।

2. পাৰিপাৰ্ধৰ উপাদানবােৰ কি কি?
উত্তৰঃ পৰিৱেশৰ উপাদানবােৰ হ’ল—
(ক) প্ৰাকৃতিক পৰিৱেশ:- প্ৰাকৃতিক পৰিৱেশে আমাৰ জলবায়ু, জলমণ্ডল, গছ – গছনি, হাবি – জংঘল, নৈ – সাগৰ আদিক সামৰি লয়।
(খ) সামাজিক পৰিৱেশ:- সামাজিক পৰিৱেশ বুলিলে আৰ্থ – সামাজিক গাঁথনি, জন গাঁথনি, জনসংখ্যা বৃদ্ধিৰ হাৰ, নিযােগ ব্যৱস্থা, সাংস্কৃতিক পৰিক্ৰমা, জীৱন নিৰ্বাহৰ মানদণ্ড আদি বিষয়বােৰ অন্তৰ্ভুক্ত কৰা হােৱা বুজায়।
(গ) মানৱ সৃষ্ট পৰিৱেশ:- মানৱ সৃষ্ট পৰিৱেশে গাঁও, চহৰ, অনুষ্ঠান – প্ৰতিষ্ঠান, উদ্যোগ, ৰাস্তাঘাট, ঘৰ – দুৱাৰ, কৃষি, পৰিবহণ ব্যৱস্থা আদিক সামৰি লয়।

3. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ পৰিসৰে সামৰি লােৱা তিনিটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰ উল্লেখ কৰা।
উত্তৰঃ পাৰিপাৰ্শ্বিকতা শিক্ষাৰ অন্তৰ্ভুক্ত তিনিটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হ’ল—
(১) মানৱীয় জনসংখ্যাৰ আকৃতি আৰু বৃদ্ধি।
(২) মানুহৰ প্ৰমূল্যবােধ ধ্যান – ধাৰণা জীৱন নিৰ্বাহৰ পদ্ধতি।
(৩) মানৱীয় স্বাস্থ্য আৰু জীৱনৰ মানদণ্ড।

4. প্ৰমূল্যবােৰ কি কি? সংজ্ঞা দিয়া।
উত্তৰঃ মানুহৰ অন্তৰ্নিহিত নৈতিক গুণ, বিশেষত্ব বা যােগ্যতাক বুজাবলৈ মূল্যবােধ শব্দটো ব্যৱহাৰ কৰা হয়। সামাজিক সমৰ্থন লাভ। কৰা যিবিলাক আচৰণ, কৰ্ম বা বস্তুক ভাল পাই, সন্মান কৰি মানুহে জীৱনত আয়ত্ত কৰে আৰু গুৰুত্বসহকাৰে নিজৰ কৰি লয় তাকেই। মূল্যবােধ আখ্যা দিয়া হয়। মূলবােধ হ’ল সজ্ঞান আৰু অজ্ঞানভাৱে ব্যক্তিযে অগ্ৰাধিকাৰ দি গ্ৰহণ কৰা আচৰণ আৰু গুণবিলাকে সামাজিক স্বীকৃতি পাই সমাজৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।

বিভিন্ন শিক্ষাবিদে মূল্যবােধৰ সংজ্ঞা নিম্নলিখিতধৰণে আগবঢ়াইছে—
১। আলপৰ্টৰ মতে – “ এটা বিশ্বাস যাৰ ওপৰত নিৰ্ভৰ কৰিযেই এজন ব্যক্তিযে নিজস্ব ৰুচি অনুযায়ী কাৰ্যসম্পাদন কৰে। ”
২। ব্ৰুবেচাৰৰ মতে – “ শিক্ষাৰ লক্ষ্যৰ মাজতে মূল্য শিক্ষাৰ ধাৰণা নিহিত হৈ থাকে।
৩। জন ডিউইৰ মতে “ মূল্যবােধ প্ৰধানতঃ অত্যন্ত আগ্ৰহ, শ্ৰদ্ধা, প্ৰেম আৰু গুণ বিচাৰেৰে অন্তৰত স্থান দিয়া কোনাে বস্তু বা কমৰ্ক বুজায় যাৰ সহায়ত অন্য বস্তু বা কৰ্মৰ ওপৰত বিচাৰ বা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি।
৪। পাৰ্কাৰৰ মতে – “ মূল্যবােধ মানুহৰ অন্তৰ্জগতৰ বস্তু। ই সদায় এক ধৰণৰ অভিজ্ঞতাক বুজায় — বস্তুৰ লগত ই্যাৰ সম্পৰ্ক নাথাকে।

5. সামাজিক প্ৰমূল্যবােৰ কি কি?
উত্তৰঃ যিবিলাক মূল্যবােধে আমাক আনৰ লগত মিলামিছা কৰা, বন্ধুত্ব গঢ়ি তােলা, আমাক ভাল পাবলৈ শিকা, পৰিয়ালৰ লােকক একতাৰ। ডােলেৰে বান্ধি ৰখা আৰু দল আৰু সমাজৰ মাজত মিলামিছা কৰিবলৈ অনুপ্ৰেৰণা যােগায় তাকে সামাজিক প্ৰমূল্যবােধ বােলে।
সামাজিক মূল্যবােধ নৈতিক আৰু ধৰ্মীয় আধাৰত পৰিবেষ্টিত। ইয়াৰ অৰ্থ হৈছে নৈতিক আৰু ধৰ্মীয় মূল্যবােধেই সামাজিক মূল্যবােধৰ স্বীকৃতি যদিহে এখন সমাজৰ লােক ভাল, সংযত আচৰণৰ আৰু অধিকাৰবােধ থকা হয় তেন্তে সেই সমাজৰ মাংগলিক অৱস্থান সুদৃঢ় হয়। প্ৰত্যেক সামাজিক মূল্যবােধৰ উদ্দেশ্য হ’ল সামাজিক জীৱন অমূল্য কৰি তােলা।

READ MORE  স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা | Chapter 1 | Class 12 Education - AHSEC

6. বিদ্যালযত জনসংখ্যা শিক্ষা প্ৰবৰ্তন কৰা উচিতনে কিয়?
উত্তৰঃ বৰ্তমান জনসংখ্যা শিক্ষা প্ৰদানৰ গুৰুত্ব সকলােৱে উপলব্ধি কৰিব পাৰিছে। চিন্তাবিদসকলে প্ৰাথমিক পৰ্যায়ৰ পৰাই এই শিক্ষা প্ৰবৰ্তনৰ। সপক্ষে মত প্ৰকাশ কৰিছে। প্ৰাথমিক স্কুলত পঢ়ি থকা অৱস্থাত ছাত্ৰ – ছাত্ৰীসকলক জনসংখ্যা বৃদ্ধি মানে কি, বিভিন্ন দেশত এই বৃদ্ধি কিমান। হৈছে, দেশৰ উৎপাদনৰ লগত লােকসংখ্যা বৃদ্ধিৰ কেনে সম্পৰ্ক ইত্যাদি কথা বুজাই দিয়াটো উচিত। লগতে ডাঙৰ পৰিয়ালত যে খােৱা – বােৱা, থকা – মেলা, পঢ় – শুনাৰ সা – সুবিধা কম আৰু সৰু পৰিয়ালত এনে অভাৱ কেনেকৈ নাথাকে এই বিষয়ে সিহঁতক বুজাই দিব লাগে।

মাধ্যমিক পৰ্যায়ত জনসংখ্যা শিক্ষা প্ৰয়ােজন অনুসৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই সময়ছােৱাত ছাত্ৰ – ছাত্ৰীযে যৌৱন কালত ভৰি দিয়ে গতিকে তেওঁলােকক এই সময়ছােৱাত যৌনশিক্ষা দিয়া উচিত। তেতিয়াহে সমাজৰ যৌন সংক্ৰান্ত সমস্যা আৰু যৌন বিষযৰ বৈজ্ঞানিক জ্ঞানেৰে সাজু হৈ ভৱিষ্যত নাগৰিকসকলৰ জীৱন সুন্দৰ কৰি গঢ়িব পৰা যাব।

একমাত্ৰ জনসংখ্যা শিক্ষাই হৈছে এক উপযুক্ত মাধ্যম যাৰ দ্বাৰা। জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ ফলত উদ্ভৱ হােৱা, সমস্যাৰ ক্ষেত্ৰত ছাত্ৰ – ছাত্ৰীযে যুক্তিসংগত সিদ্ধান্ত ল’ব পৰা ক্ষমতাৰ বিকাশ ঘটাব পাৰি আৰু নিজৰ পৰিয়ালৰ আৰু জাতিটোৰ আৰ্থিক কল্যাণ কেনেকৈ হ’ব তাক বুজি উঠাত ছাত্ৰ – ছাত্ৰীক সহায আগবঢ়াব।

7. পাৰিপাৰ্শ্বিকতা সম্পৰ্কীয় সচেতনতাৰ অৰ্থ ব্যাখ্যা কৰা।।
উত্তৰঃ আধুনিক সমাজ ব্যৱস্থাত দেখা দিয়া সমস্যাসমূহৰ ভিতৰত এটা তাৎপৰ্যপূৰ্ণ সমস্যা হ’ল পৰিবেশ বা পাৰিপাৰ্শ্বিকতাৰ সমস্যা। আমি। জানাে যে কোনাে নিৰ্দিষ্ট ঠাইত প্ৰদূষিত পৰিবেশে ইযাৰ। পাৰিপাৰ্শ্বিকতাত বিশেষ প্ৰভাৱ পেলায়। উদাহৰণ স্বৰূপে উদ্যোগ এটাৰ উপজাত দ্ৰব্যবােৰ নদীত পেলাই দিয়াৰ ফলত নদীখনে সেইবােৰ কঢ়িয়াই নি নদীৰ গতিৰ নামনি অংশত প্ৰদূষণৰ সৃষ্টি কৰিব পাৰে। যাৰ ফলত জলচৰ প্ৰাণীবিলাকৰ জীৱন চক্ৰবিলাকত ঋণাত্মক প্ৰভাৱ পেলাই জৈৱ বৈচিত্ৰ্যতাত ক্ষতি কৰিব পাৰে।

গােলকীয় উত্তাপ, অ’জন স্তৰৰ বিভংগন, বনাঞ্চলৰ উচ্ছেদ ইত্যাদি সমস্যাই পৰিবেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। উন্নয়নশীল দেশবােৰৰ কিছুমান সমস্যা যেনে – বিশুদ্ধ থােৱা পানীৰ অভাৱ, অস্বাস্থ্যকৰ পৰিবেশ, অপুষ্টি ইত্যাদিবিলাক পৰিবেশ অধ্যয়নৰ গণ্ডিৰ ভিতৰত আলােচনা কৰা হয়। বহনক্ষম উন্নয়নৰ বাবে প্ৰয়ােজনীয় বিভিন্ন দিশবােৰ পৰিবেশ। অধ্যয়নতে চালিজাৰি চাই কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হয়।

পৰিবেশ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে পৰিচয় হৈ আমাৰ জীৱন ধাৰণৰ মান উন্নতকৰণৰ বাবে সমহীয়া বৰঙণি যােগােৱা কথাটো আমাৰ বাবে এক প্ৰকাৰৰ প্ৰত্যাহ্বান স্বৰূপ হৈছেগৈ। পৰিবেশ শিক্ষাৰ ঘাই উদ্দেশ্যই। হৈছে জণগণৰ মাজত সজাগতা সৃষ্টি কৰা আৰু পৰিবেশমূলক বিষয়সমূহৰ সম্পৰ্কে বুজাই তােলা যাতে প্ৰকৃতি আৰু প্ৰাকৃতিক উৎসসমূহক ভালদৰে ৰাখি তাৰ উচিত ব্যৱহাৰ কৰিব পৰা যায়। এই শিক্ষাৰ উদ্দেশ্য কেৱল বিষয়বস্তুৰ হস্তান্তকৰণেই নহয়, দৃষ্টিভংগী আৰু কৌশলৰ বিকাশ সাধন কৰা।

8. শিক্ষা আৰু মহিলাৰ সবলীকৰণৰ মাজত সম্পৰ্ক ব্যাখ্যা কৰা।
উত্তৰঃ শিক্ষা আৰু মহিলা সবলীকৰণৰ মাজত এক গভীৰ সম্পৰ্ক আছে। নাৰীসকলক সকলাে প্ৰকাৰৰ আৰ্থ- সামাজিক দমন নিপীড়নৰ পৰা। মুক্ত কৰি পুৰুষৰ সমানে সকলাে প্ৰকাৰৰ অধিকাৰ প্ৰদান কৰা প্ৰক্ৰিয়াকে সৰল অথত নাৰীৰ সবলীকৰণ আখ্যা দিয়া হয়। ই্যাৰ বাবে সমাজ জীৱনত প্ৰকৃত গণতান্ত্ৰিক – বাতাবৰণ সৃষ্টি হােৱাৰাে প্ৰযােজন অতি গুৰুত্বপূৰ্ণ। এনে সকলাে কাৰ্যৰ বাবে শিক্ষাৰ ভূমিকা আৰু। প্ৰয়োজনীয়তা অধিক। শিক্ষাইহে মহিলাসকলৰ – ব্যক্তিসত্তা বিকশাই তুলি দেহ – মানসিকভাৱে সক্ষম কৰি তুলিব পাবে।

এই ক্ষেত্ৰত ল’ব লগীয়া শৈক্ষিক ব্যৱস্থাসমূহ হ’ল—
(১) প্ৰতিগৰাকী ছােৱালীযে যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব।
(২) ছাত্ৰীসকলৰ আগ্ৰহ, অভিৰুচি অনুযায়ী বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব।
(৩) মহিলাসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ আঁতৰােৱাৰ বাবে চেষ্টা কৰিব লাগিব।
(৪) লিংগবিষয় অধ্যয়ন এটা বাধ্যতামূলক বিষয় হিচাপে প্ৰাস্নাতক পৰ্যায়ৰ পৰা অন্তৰ্ভুক্ত কৰিব লাগিব।
(৫) মহিলাসকলৰ বাবে প্ৰস্তুত কৰা অধিকাৰ আৰু আইন সম্পৰ্কীয় সাধাৰণ জ্ঞান ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব লাগিব।

প্ৰশ্নোত্তৰ (মূল্যাংক- ৪)

1. বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ ব্যৱস্থা কৰাৰ বিভিন্ন ধৰণৰবােৰ আলােচনা কৰা।
উত্তৰঃ বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ ব্যৱস্থা কৰা বিভিন্ন উপায় বা ধৰণবােৰ তলত আলােচনা কৰা হ’ল—
(১) শিক্ষানুষ্ঠানত ৰুটিনত এটা পিৰিয়ড শাৰীৰিক শিক্ষাৰ বাবে ৰাখিব লাগে।
(২) খেলা – ধূলা, সামগ্ৰী, খেলপথাৰ, ব্যায়ামশালা আদিৰ সুবিধা স্কুলত ছাত্ৰ – ছাত্ৰীযে পােৱা উচিত।
(৩) শাৰীৰিক শিক্ষাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো সকলাে ছাত্ৰ – ছাত্ৰীৰ বাবে বাধ্যতামূলক হ’ব লাগে, এনে কাৰ্যাৱলীত অংশগ্ৰহণ কৰাৰ বাবে ছাত্ৰ – ছাত্ৰীযে প্ৰয়ােজনীয় প্ৰশিক্ষণ পােৱা উচিত।
(৪) শাৰীৰিক শিক্ষা কাৰ্যাৱলীত ছাত্ৰ – ছাত্ৰীযে অংশগ্ৰহণ কৰাৰ ৰেকৰ্ড (Record) ৰখাৰ ওপৰত গুৰুত্ব দিব লাগে।
(৫) শাৰীৰিক শিক্ষাৰ শিক্ষকসকলৰ প্ৰয়ােজনীয় অৰ্হতা থকা উচিত। আৰু এনে শৈক্ষিক অৰ্হতা থকা আন বিষযৰ শিক্ষকসকলে লাভ কৰা সা – সুবিধা আৰু মৰ্যাদা শাৰীৰিক শিক্ষাৰ শিক্ষকসকলেও পাব লাগে।

2. মহিলা সবলীকৰণৰ উদ্দেশ্যবােৰ কি কি?
উত্তৰঃ মহিলা সবলীকৰণৰ উদ্দেশ্যসমূহ হ’ল—
(১) মহিলাসকলৰ প্ৰতিভা বিকাশৰ সুযােগ দিয়া।
(২) মহিলাক সংবিধান প্ৰদত্ত অধিকাৰ অনুসৰি সুযােগ – সুবিধা লােৱাৰ বাবে সক্ষম কৰা।
(৩) সামগ্ৰিকভাৱে উন্নত সামাজিক পৰিবেশ সৃষ্টি কৰা।
(৪) সমাজৰ অৱহেলিত, নিষ্পেষিত মহিলাৰ আত্ম সম্মানবােধ আৰু আত্ম – বিশ্বাস সৃষ্টি হােৱাত সহায় কৰা।

3. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ নীতিসমূহ কি কি?
উত্তৰঃ পাৰিপাৰ্শ্বিকতা শিক্ষাৰ নীতিসমূহ হ’ল
(১) পাৰিপাৰ্শ্বিক শিক্ষা ধাৰাবাহিক প্ৰক্ৰিয়া হােৱা উচিত।
(২) এই শিক্ষাই ছাত্ৰ – ছাত্ৰীক সমস্যা সমাধান কৰিব পৰা আৰু সমালােচনামূলক চিন্তন ক্ষমতা বিকাশ সাধন কৰিব লাগিব।
(৩) পাৰিপাৰ্শ্বিক সমস্যাসমূহৰ জটিলতাৰ ওপৰত এনে শিক্ষাই গুৰুত্ব দিব লাগিব।
(৪) পৱিত্ৰতাপূৰ্ণ ৰীতি (Holistic Approach) গ্ৰহণ কৰা উচিত।
(৫) বিকাশ আৰু প্ৰগতিৰ বাবে পৰিকল্পনা কৰাৰ সময়ত পাৰিপাৰ্শ্বিক শিক্ষাই পৰিবেশৰ দিশসমূহ গভীৰভাৱে বিবেচনা কৰা উচিত।

4. পাৰিপাৰ্শ্বিকতাৰ বৈশিষ্ট্যসমূহ আঙুলিয়াই দিয়া।
উত্তৰঃ পাৰিপাৰ্শ্বিকতাৰ বৈশিষ্ট্যসমূহ হ’ল –
(১) পাৰিপাৰ্শ্বিকতাই সাধাৰণতে এটা নিৰ্দিষ্ট স্থান আৰু সময়ত মানুহক পৰিবেষ্টিত কৰি ৰখা বিভিন্ন অৱস্থাৰ সামূহিক ৰূপটোকেই বুজায়।
(২) পাৰিপাৰ্শ্বিকতাক মূলতঃ বহুলভাৱে দুটা প্ৰকাৰত ভাগ কৰিব পাৰি– প্ৰাকৃতিক আৰু জৈৱিক পৰিবেশ।
(৩) প্ৰাকৃতিক পৰিবেশক আকৌ তিনিটা বিশেষ ভাগত বিভক্ত কৰিব পাৰি পদাৰ্থপূৰ্ণ তৰল বস্তুৰে পৰিপূৰ্ণ আৰু গেছ যুক্ত।
(৪) পৰিবেশৰ জৈৱিক উপাদানৰ অন্তৰ্ভুক্ত হৈ আছে উদ্ভিদসমূহ আৰু জীৱজসমূহ।

5.পাৰিপাৰ্শ্বিকতা শিক্ষাৰ উদ্দেশ্যসমূহ কি কি?
উত্তৰঃ পাৰিপাৰ্শ্বিকতা শিক্ষাৰ উদ্দেশ্যবােৰ হ’ল—
(১) পৰিৱেশৰ অন্তৰ্নিহিত বিভিন্ন কাৰক আৰু সেইবােৰৰ মাজত থকা সম্পৰ্ক বিষয়ে জনা।
(২) পৰিৱেশ সংৰক্ষণ আৰু পৰিবৰ্ধনৰ বাবে প্ৰযােজনীয় মূল্যবােধ মনােভাব দায়িত্ব আহৰণ কৰা।
(৩) পৰিৱেশ সম্বন্ধীয় সমস্যাৱলী চিনাক্ত আৰু সমাধান কৰাৰ কৌশল আহৰণ কৰা।
(৪) পৰিৱেশৰ সমস্যাবােৰ বুজি উঠি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত আৰু সমাধানৰ বাবে চেষ্টা কৰাত সহায় কৰা।

6. এটা শৈক্ষিক প্ৰতিষ্ঠানত কিদৰে পাৰিপাৰ্শ্বিকতা শিক্ষা প্ৰবৰ্তন কৰিব পাৰি?
উত্তৰঃ এটা শৈক্ষিক প্ৰতিষ্ঠানত পাৰিপাৰ্শ্বিকতা শিক্ষা প্ৰবৰ্তন কৰা উপায় সমূহ হ’ল—
(১) পাৰিপাৰ্শ্বিকতা আৰু ইয়াৰ বিভিন্ন সমস্যা সম্পৰ্কত ছাত্ৰ – ছাত্ৰীসকলৰ মাজত শিক্ষকে সচেতনতাৰ মনােভাব বিকশিত কৰি তুলিব লাগে।
(২) পাৰিপাৰ্শ্বিক সমস্যাসমূহৰ মীমাংসাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তাৰ নিশ্চিতি প্ৰদানৰ গুৰুত্ব উপলব্ধিত ছাত্ৰ – ছাত্ৰীসকলক সহায় কৰা উচিত।
(৩) পৰিবেশ অধ্যয়ন বিষাটো পাঠ্যক্ৰমৰ প্ৰতিটো স্তৰতে বাধ্যতামূলক কৰি তুলিব লাগে।
(৪) ছাত্ৰ – ছাত্ৰীসকলে অন্যান্য লােকসকলৰ লগত লগা হৈ সন্মিলিত প্ৰক্ৰিয়াৰে নিজৰ শিক্ষাৰ অভিজ্ঞতাসমূহৰ পৰিকল্পনা কৰি লােৱাত বিশেষ ভূমিকা পালন কৰা উচিত।

7. জনসংখ্যা শিক্ষাৰ প্ৰয়ােজনীয়তা আছে কিয় ?
উত্তৰঃ জনসংখ্যা শিক্ষাৰ প্ৰয়ােজনীয়তা সম্পৰ্কে নিম্নলিখিত দিশসমূহ বিশেষ ভাৱে দৃষ্টি নিক্ষেপ কৰিব পাৰি—
১। সামগ্ৰিক ধাৰণাৰ প্ৰযােজন:- বৰ্তমান সমাজৰ লােকসকলৰ মনত শুদ্ধ আৰু সঠিক ধাৰণাৰ অভাৱ দেখা যায়। কোনাে কোনাে লােকে এই শিক্ষাৰ সংকীৰ্ণ অৰ্থত পৰিয়াল পৰিকল্পনা আঁচনি, পাৰিবাৰিক জীৱনৰ শিক্ষা বা যৌন শিক্ষা স্বৰূপেহে গৌণ কৰে। এনে ধাৰণাই জনসংখ্যা শিক্ষাৰ প্ৰাধান্য অনুভৱ কৰি উঠাত জনসাধাৰণক সহায় কৰিব। নােৱাৰে। সেই হেতুকে এই শিক্ষা সম্বন্ধে সম্যক আৰু সামগ্ৰিক ধাৰণা। এটা গঢ়ি উঠা প্ৰযােজন।

২। জীবনৰ নিম্ন মানদণ্ড উন্নীতকৰণ:- জনসংখ্যা শিক্ষাই সমাজৰ সকলাে শ্ৰেণী লােকৰ জীৱন যাপনৰ মানদণ্ড উন্নত কৰি তুলিব পাৰে। সমাজত থকা উচ্চ নীচ আৰু ধনী – দুখীয়াৰ মাজত থকা ব্যৱধান হ্ৰাস কৰি তুলিব পাৰে। দৰিদ্ৰতা, নিৰক্ষৰতা, অজ্ঞতা আৰু স্বাস্থ্যহীনতাই হৈছে জনসংখ্যা বিস্ফোৰণৰ প্ৰধান কাৰণ আৰু ইযেই হৈছে পৰিণতি। এই শিক্ষাই দেশৰ আৰ্থ- সামাজিকভাৱে নিম্ন মানৰ লােকসকলক নিজৰ দুৰৱস্থাৰ কাৰণ বুজি উঠাত আৰু তাৰ প্ৰয়ােজনীয় প্ৰতিকাৰৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত নতুন দৃষ্টি দান কৰিব পাৰে।

৩। সৰু পৰিয়ালৰ আদৰ্শ গ্ৰহণ:- আমাৰ দেশত চৰকাৰে গ্ৰহণ কৰি। উঠা পৰিয়ালৰ পৰিকল্পনা কাৰ্যকৰী হৈ উঠা নাই। তাৰ প্ৰধান কাৰণ হৈছে প্ৰাপ্তবয়স্ক লােকসকলক জন্ম নিয়ন্ত্ৰণৰ বাবে আকস্মিক আৰু প্ৰাসংগিকভাৱে দিযা জন্ম নিয়ন্ত্ৰণৰ শিক্ষাই তেওঁলােকৰ মনত। প্ৰযােজনীয় প্ৰভাৱ পেলাব আৰু মানসিক প্ৰস্তুতি আনি দিব নােৱাৰিলে। সেইবাবে সৰু পৰিয়াল সুখী পৰিয়ালৰ আদৰ্শ বাল্যকালৰে পৰা শিশু মনত গঢ়ি তােলাটো প্ৰযােজন।

৪। পুৰণি মূল্যবােধৰ পৰিবৰ্তন সাধন:- মানুহৰ মনৰ ধৰ্মীয় আনুগত্য আৰু যান্ত্ৰিক গতানুগতিকতাৰ জীৱনযাপনে জনসংখ্যা শিক্ষা আৰু পৰিয়াল পৰিকল্পনা আঁচনি নিৰ্থক কৰি তােলে। পুৰণি মূল্যবােধৰ জড়তা আৰু যান্ত্ৰিকতা গুচাই নতুন দৃষ্টিভংগী, মূল্যবােধ আৰু আচৰণ গঢ় দি তুলিবৰ বাবে পৰিৱেশ শিক্ষাৰ প্ৰযােজন।

8. মহিলাৰ সবলীকৰণ কি আৱশ্যকীয়? অথবা, নাৰী সবলীকৰণৰ গুৰুত্ব ব্যাখ্যা কৰা।
উত্তৰঃ মহিলা সবলীকৰণৰ প্ৰয়ােজনীয়তা সম্পৰ্কে নিম্নলিখিত ধৰণে আলােচনা কৰিব পাৰি মহিলাসকলে সমাজৰ আৰ্থসামাজিক আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যােগােৱা দেখা যায়। মহিলা সবলীকৰণে নাৰীক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰি আত্মবিশ্বাসী হােৱাত আৰু সমাজৰ যিকোনাে পৰিস্থিতিৰ লগত সমযােজন কৰাতাে সহায় কৰে। মহিলা সবলীকৰণে নাৰীক পৰিয়াল তথা সমাজৰ প্ৰতি থকা অৰ্থনৈতিক অৱদান সম্পৰ্কে সচেতন কৰি তােলাত সহায় কৰে। ছােৱালীৰ বাল্য বিবাহ আৰু যৌতুক প্ৰথা আদি ব্যৱস্থাই তেওঁলােকৰ শিক্ষা অপ্ৰয়ােজনীয়, তাৎপৰ্যহীন আৰু অৰ্থহীন কৰি তােলে।।

এটি কন্যা শিশু পৰিয়ালটোত জন্ম হােৱাটোৱে পৰিয়ালৰ সকলােৰে বাবে দুৰ্ভাগ্য, হতাশা আৰু বিৰক্তিৰ, কাৰণ স্বৰূপ হৈ উঠে। ছােৱালীৰ একমাত্ৰ প্ৰযােজনীয় শিক্ষা স্বৰূপে বিবেচিত হােৱা অভিজ্ঞতাবােৰ হৈছে ঘৰুৱা কাম – বন কৰা, কাপােৰ – কানি, কাহীবাটি ধােৱা, ৰন্ধা – বঢ়া কৰা আৰু শিশুৰ লালন – পালন কৰা। প্ৰাপ্তবয়স্ক নিৰক্ষৰ মহিলা। সকলাে হৈছে অৰ্থনৈতিকভাৱে উৎপাদনহীন। বৃত্তিমূলকভাৱে তেওঁলােকৰ কোনাে প্ৰশিক্ষণ আৰু ক্ৰিপটুতা নাথাকে ; যাৰ ফলত। তেওঁলােক হৈ পৰে পৰিয়ালৰ উৎপাদনহীন বিনামূলীয়া শ্ৰমিক। দেশ আৰু সমাজৰ কৰ্ম ক্ষেত্ৰত কৰ্তৃত্বশীল আৰু উৎপাদনশীল শ্ৰমিক স্বৰূপে তেওঁলােকক পাৰিবাৰিক ক্ৰ্যিাই স্বীকৃতি প্ৰদান কৰিব নােৱাৰে। ইয়াৰ ফলস্বৰূপে ঘৰুৱা পৰিৱেশৰ চাৰিবেৰৰ মাজত তেওঁলােক শিশু জন্ম দিয়া আৰু লালন – পালন কৰা একোটা যন্ত্ৰত পৰিণত হ’বলগা হয়। ঘৰুৱা পৰিবেশৰ বাহিৰত তেওঁলােকৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশৰ ভূমিকা হয় অতি নগণ্য।

ওপৰত কৰা আলােচনাই এইটো স্পষ্ট কৰি তােলে যে মহিলাসকল তেওঁলােকৰ শৈক্ষিক, অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক তথা সাংস্কৃতিক জগৎখনত দুৰ্বল আৰু গুৰুত্বহীন ব্যক্তিস্বৰূপে পৰিগণিত হৈ আছে। এনেবােৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি মহিলা সবলীকৰণৰ প্ৰয়োজনীয়তা বিশেষভাৱে পৰিলক্ষিত হয়।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ (মূল্যাংক- ৫ / ৬)

1. জনসংখ্যা শিক্ষাৰ বহল উদ্দেশ্যসমূহ উল্লেখ কৰা।
উত্তৰঃ শিক্ষাবিদ আৰু চিন্তাবিদসকলে জনসংখ্যা শিক্ষাৰ কিছুমান গুৰুত্বপূৰ্ণ উদ্দেশ্য নিৰ্ধাৰণ কৰিছে, সেইসমূহ হ’ল—
(১) পৰিয়ালৰ আকাৰ ব্যক্তিৰ যে ইচ্ছাধীন সেই কথা ছাত্ৰসমাজৰ মাজত ব্যক্ত কৰা।

(২) জাতীয় উন্নতি আৰু বিকাশৰ ভেটি যে সীমিত জনসংখ্যা সেই সম্পৰ্কে ছাত্ৰসমাজক জ্ঞান দিয়া।

(৩) জীৱন নিৰ্বাহৰ মানদণ্ডৰ উন্নয়ন আৰু সীমিত জনসংখ্যাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে উঠি অহা নাগৰিকসকলক অৱগত কৰৰােৱা।

(৪) আৰ্থিক দিশৰ পৰাও যে সৰু পৰিয়াল সমূহ স্বচ্ছল সেই সম্বন্ধে জ্ঞান দিয়া।

(৫) পবিত্যালৰ সকলােৰে সুস্বাস্থ্য ৰক্ষা কৰা কল্যাণমূলক কাম হাতত লােৱা, অৰ্থনৈতিক অৱস্থাৰ স্থায়িত্ব ব্যৱস্থা হাতত লােৱা আৰু আজিৰ। ছাত্ৰ – ছাত্ৰীৰ উজ্জল ভৱিষ্যতৰ কাৰণে আমাৰ পৰিয়ালবােৰ যে সীমিত হ’ব লাগে সেই সম্পৰ্কে জ্ঞান দান কৰা।

READ MORE  অনানুষ্ঠানিক শিক্ষা | Chapter 2 | Class 12 Education - AHSEC

(৬) জনসংখ্যাৰ লগত জড়িত বিভিন্ন সমস্যাৰ প্ৰতি উপযুক্ত মনােভঙ্গী আৰু অনুৰাগ বৃদ্ধি কৰা।

2. পাৰিপাৰ বৈশিষ্ট্যবােৰ উল্লেখ কৰা।
উত্তৰঃ পাৰিপাৰ্শ্বিকতাৰ বৈশিষ্ট্যসমূহ হ’ল—
(১) পাৰিপাৰ্শ্বিকতাই সাধাৰণতে এটা নিৰ্দিষ্ট স্থান আৰু সময়ত মানুহক পৰিবেষ্টিত কৰি ৰখা বিভিন্ন অৱস্থাৰ সামূহিক ৰূপটোকেই বুজায়।
(২) পাৰিপাৰ্শ্বিকতাক মূলতঃ বহুলভাৱে দুটা প্ৰকাৰত ভাগ কৰিব পাৰি– প্ৰাকৃতিক আৰু জৈৱিক পৰিবেশ।
(৩) প্ৰাকৃতিক পৰিবেশক আকৌ তিনিটা বিশেষ ভাগত বিভক্ত কৰিব পাৰি পদাৰ্থপূৰ্ণ তৰল বস্তুৰে পৰিপূৰ্ণ আৰু গেছ যুক্ত।
(৪) পৰিবেশৰ জৈৱিক উপাদানৰ অন্তৰ্ভুক্ত হৈ আছে উদ্ভিদসমূহ আৰু জীৱন্তসমূহ।

3. বিদ্যালয়ত শাৰীৰিক শিক্ষা কিয় প্ৰযােজনীয়?
উত্তৰঃ এটি শিশুৰ শাৰীৰিক, মানসিক, সামাজিক, আৱেগিক আৰু আধ্যাত্মিক বিকাশৰ ক্ষেত্ৰত শাৰীৰিক শিক্ষাই বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। বৰ্তমান সময়ত বহুসংখ্যক লােকে মানসিক পীড়া, কষ্ট আদিত ভােগা দেখা যায়। এনে পীড়াই ‘ মানসিক অৱসাদৰ সৃষ্টি কৰে। মানসিক অবসাদত ভােগা ব্যক্তি এজনে সাধাৰণ জীৱন যাপন কৰাৰ ইচ্ছা হেৰুৱাই পেলায়। শাৰীৰিক শিক্ষাই এজন ব্যক্তিৰ শাৰীৰিক দক্ষতা বৃদ্ধি কৰাৰ লগতে মানসিক অৱসাদ দূৰ কৰাত সহায় কৰে। অৱসৰ সময় কটাবৰ বাবেও শাৰীৰিক শিক্ষাৰ অতি প্ৰযােজন।

শাৰীৰিক শিক্ষাৰ প্ৰয়ােজনীয়তাৰ ক্ষেত্ৰত নিম্নলিখিত সংজ্ঞাসমূহে তাৰ স্বৰূপ বুজি উঠাত সহায় কৰে—
১। ৰচোৰ মতে “শাৰীৰিক শিক্ষা, শৰীৰৰ এক সুস্থ সংগঠন যিযে মানুহৰ মনক সৰলতা আৰু নিশ্চয়তা প্ৰদান কৰে।
২। মন্টেগ এভাৰছৰ মতে— “ শাৰীৰিক শিক্ষাই কেৱল আত্মা বা শৰীৰকেই গঢ়া নিদিয়ে, বৰঞ্চ সম্পূৰ্ণ ব্যক্তিজনকেই গঢ় দিয়ে। ” এনে আলােচনাৰ পৰা বুজা যায় যে শাৰীৰিক শিক্ষাৰ প্ৰয়ােজন আছে।

4. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ নিৰ্দেশক নীতিৰ লেখ দিয়া।
উত্তৰঃ পাৰিপাৰ্শ্বিকতা শিক্ষাৰ নীতিসমূহ হ’ল—
(১) পাৰিপাৰ্শ্বিক শিক্ষা ধাৰাবাহিক প্ৰক্ৰিয়া হােৱা উচিত।
(২) এই শিক্ষাই ছাত্ৰ – ছাত্ৰীক সমস্যা সমাধান কৰিব পৰা আৰু সমালােচনামূলক চিন্তন ক্ষমতা বিকাশ সাধন কৰিব লাগিব।
(৩) পাৰিপাৰ্শ্বিক সমস্যাসমূহৰ জটিলতাৰ ওপৰত এনে শিক্ষাই গুৰুত্ব দিব লাগিব।
(৪) পৱিত্ৰতাপূৰ্ণ ৰীতি (Holistic Approach) গ্ৰহণ কৰা উচিত।
(৫) বিকাশ আৰু প্ৰগতিৰ বাবে পৰিকল্পনা কৰাৰ সময়ত পাৰিপাৰ্শ্বিক শিক্ষাই পৰিবেশৰ দিশসমূহ গভীৰভাৱে বিবেচনা কৰা উচিত।

5. শাৰীৰিক শিক্ষাৰ উদ্দেশ্যসমূহ কি কি?
উত্তৰঃ শাৰীৰিক শিক্ষাৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ’ল—
(১) শাৰীৰিক শিক্ষাৰ মাধ্যমেৰে শিশু তথা যুৱ সমাজক সুস্থ নাগৰিক হিচাপে গঢ়ি তুলি দেশৰ সমাজৰ প্ৰগতিৰ বাবে আত্মােৎসৰ্গ কৰাৰ মানসিকতা গঢ় দিব পাৰি।
(২) এই শিক্ষাৰ মাধ্যমেৰে অৰ্থপূৰ্ণ আঁচনি আৰু পৰিকল্পিত শাৰীৰিক কাৰ্যসূচী লৈ শিক্ষাৰ উদ্দেশ্যত উপনীত কৰা।
(৩) শাৰীৰিক শিক্ষাই জাতি এটাক সুস্থ সবল কৰি পৰিপূৰ্ণ কৰি তােলাত অৰিহণা যােগায়। (৪) এই শিক্ষাৰ অন্য এক উদ্দেশ্য হ’ল কৰ্মস্থলীত পােৱা নিম্নতম সা – সুবিধাখিনিৰ সৎ ব্যৱহাৰ কৰি যুৱক – যুৱতীসকলক ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিব পৰা ক্ষমতা প্ৰদান কৰা।
(৫) শাৰীৰিক শিক্ষাৰ লক্ষ্য হ’ল মানৱ মনৰ পৰা অলসতা আঁতৰাই কৰ্ম তৎপৰতাৰ ধাৰণা সৃষ্টি কৰা, ইত্যাদি।

6. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ উদ্দেশ্যসমূহৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ পাৰিপাৰ্শ্বিক শিক্ষাৰ উদ্দেশ্যসমূহ হ’ল –
(১) পাৰিপাৰ্শ্বিক আৰু ইয়াৰ বিভিন্ন সমস্যা সম্পৰ্কত ছাত্ৰ – ছাত্ৰীসকলৰ মাজত সচেতনতাৰ মনােভাৱ বিকশিত কৰা।
(২) ছাত্ৰ – ছাত্ৰীসকলক পৰিবেশ আৰু মানুহৰ মাজত থকা পাৰম্পৰিক সম্পৰ্কৰ বিষযে উপলব্ধি কৰাত সহায় কৰা।
(৩) পাৰিপাৰ্শ্বিকতা সম্পৰ্কত মৌলিক জ্ঞান লাভ কৰাত শিক্ষাৰ্থী সহায় কৰা।
(৪) পাৰিপাৰ্শ্বিকতাৰ প্ৰতি শিক্ষাৰ্থীসকলক সদৰ্থক (Positive) মনােভাৱ সৃষ্টি কৰা।
(৫) ছাত্ৰ – ছাত্ৰীসকলৰ মনত পাৰিপাৰ্শ্বিকতা প্ৰতি দায়িত্বশীল অনুভূতিৰ সৃষ্টি কৰা।
(৬) পাৰিপাৰ্শ্বিক সমস্যাসমূহৰ মীমাংসাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তাৰ নিশ্চিতি প্ৰদানৰ গুৰুত্ব উপলব্ধিত ছাত্ৰ – ছাত্ৰীক সহায় কৰা।

7. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ গুৰুত্ব কি?
উত্তৰঃ পৰিবেশ শিক্ষাৰ কাৰ্যৰ পৰিসৰ অতি বহল। মানব জাতিৰ ভৱিষ্যৎ স্থায়িত্ব ৰক্ষণাবেক্ষণৰ বাবে পাৰিপাৰ্শ্বিক শিক্ষা পৃথিৱীৰ প্ৰতিজন মানুহৰ বাবে অতি প্ৰযােজনীয়। অতি প্ৰাচীন কালতাে এনে শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰা হৈছিল। ধৰ্মীয় নিৰ্দেশ অনুসৰি বাইবেলত কোৱা হৈছে যে ‘অপব্যৱহাৰ বা বিকৃত নকৰাকৈ পৃথিৱীখনক ব্যৱহাৰ কৰা।

পৃথিৱীত মানুহৰ জীৱনৰ অস্তিত্ব মাটি, পানী, জলবায়ু, শক্তি, ইন্ধন, উদ্ভিদবৰ্গ আৰু প্ৰাণীকুল ইত্যাদিৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। সেইবাবে এইবােৰৰ তাপব্যৱহাৰ নকৰাকৈ সংৰক্ষিত হ’ব লাগে। এনেবােৰ সামগ্ৰী ৰক্ষণাবেক্ষণ দিবৰ বাবে পাৰিপাৰ্শ্বিক শিক্ষাই সকলােকে সচেতন কৰি তুলিব লাগে। পাৰিপাৰ্শ্বিক শিক্ষা কাৰ্যসমূহ উপলব্ধি কৰিবৰ বাবে শিক্ষাৰ লগত প্ৰত্যক্ষ সম্বন্ধ থকা লােকক নিৰ্বাচন কৰিব লাগে। Dr. Pritchand (From the report of the UNESCO Biosphere Conference) মতে ভিন্ন লােকক পাৰিপাৰ্শ্বিক শিক্ষাই স্বাস্থ্যক। পৰিৱেশ সৃষ্টি কৰাত নিম্নলিখিত ধৰণে সহায আগবঢ়ায়—

১। শিক্ষাবিদসকলে নতুন প্ৰজন্মক জ্ঞানৰ বিশ্লেষণ আগবঢ়োৱাৰ বাবে দায়িত্ব গ্ৰহণ বিশেষ সহায় কৰে।

২।পদাৰ্থবিজ্ঞানী, ৰসায়নবিদ আৰু প্ৰযুক্তিবিদসকলক পাৰিপাৰ্শ্বিক শিক্ষাই পাৰিপাৰ্শ্বিক ভাৰসাম্যতাত ব্যে প্ৰভাৱ নেপেলােৱাকৈ গৱেষণা কাৰ্য চলােৱাৰ ক্ষেত্ৰত বিশেষ সহায় কৰে। ৩। পাৰিপাৰ্শ্বিক শিক্ষাই জীৱবিদ্যাবিদ, ভূগােল, ভূতত্ববিদ, কৃষিবিজ্ঞানী আৰু বনবিজ্ঞানী, কৃষক আৰু বনকৰ্মী আদিয়ে পৃথিৱী আৰু জীৱ – বিজ্ঞানৰ ক্ষেত্ৰত বৃত্তি গ্ৰহণত সেই লােকসকলক সহায় আগবঢ়ায়।

৪। এনে শিক্ষাই কোনাে প্ৰত্যক্ষ বৃত্তিৰ লগত যােগাযােগ নথকা বা এটা সন্মিলিত জনমত গঠনত উল্লিখিত শ্ৰেণীৰ অন্তৰ্ভুক্ত নােহােৱাসকলকো সহায় কৰে।

৫। ৰাজনীতিবিদ, কৰ্মচাৰী, চৰকাৰী আৰু অন্যান্য নেতাসকলক পাৰিপাৰ্শ্বিকতাৰ ওপৰত প্ৰভাৱ পেলােৱা বিভিন্ন নীতি নিৰ্ধাৰণ আৰু প্ৰযােগকৰণত এনে শিক্ষাই বিশেষভাবে সহায় কৰে।

৬। পাৰিপাৰ্শ্বিক শিক্ষাই পৰিকল্পনাকাৰী, নক্সাকাৰ, স্থাপতিবিদ, চিভিল ইঞ্জিনীয়াৰ আদি লােকক পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলােৱা পৰিকল্পনাৰ প্ৰক্ৰিয়া, নিৰ্মাণ প্ৰক্ৰিয়া আৰু বিভিন্ন আঁচনিৰ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াৰ লগত জড়িত হােৱাত সহায় আগবঢ়ায়।

8. বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ কিদৰে প্ৰবৰ্তন কৰিব পাৰি?
উত্তৰঃ বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ ব্যৱস্থা কৰা বিভিন্ন উপায় বা ধৰণবােৰ তলত আলােচনা কৰা হ’ল—
(১) শিক্ষানুষ্ঠানত ৰুটিনত এটা পিৰিয়ড শাৰীৰিক শিক্ষাৰ বাবে ৰাখিব লাগে।
(২) খেলা – ধূলা, সামগ্ৰী, খেলপথাৰ, ব্যায়ামশালা আদিৰ সুবিধা স্কুলত ছাত্ৰ – ছাত্ৰীযে পােৱা উচিত।
(৩) শাৰীৰিক শিক্ষাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো সকলাে ছাত্ৰ – ছাত্ৰীৰ বাবে বাধ্যতামূলক হ’ব লাগে, এনে কাৰ্যাৱলীত অংশগ্ৰহণ কৰাৰ বাবে ছাত্ৰ – ছাত্ৰীযে প্ৰযােজনীয় প্ৰশিক্ষণ পােৱা উচিত।
(৪) শাৰীৰিক শিক্ষা কাৰ্যাৱলীত ছাত্ৰ – ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ ৰেকৰ্ড (Record ) ৰখাৰ ওপৰত গুৰুত্ব দিব লাগে।
(৫) শাৰীৰিক শিক্ষাৰ শিক্ষকসকলৰ প্ৰয়ােজনীয় অৰ্হতা থকা উচিত। আৰু এনে শৈক্ষিক অৰ্হতা থকা আন বিষয়ৰ শিক্ষকসকলে লাভ কৰা সা – সুবিধা আৰু মৰ্যাদা শাৰীৰিক শিক্ষাৰ শিক্ষকসকলেও পাব লাগে।

9. শাৰীৰিক শিক্ষা সম্পৰ্কীয় ৰাষ্ট্ৰীয় আয়োগৰ (১৯৬৪-৬৬) দৃষ্টিভংগীবােৰ কি কি?
উত্তৰঃ শাৰীৰিক শিক্ষাৰ কাৰ্যসূচী প্ৰস্তুত সম্পৰ্কে ভাৰতীয় শিক্ষা আয়োগে ( 1964-66) কেইটামান গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে। সেইবােৰ তলত উল্লেখ কৰা হ’ল—
(১) অংশগ্ৰহণকাৰীৰ আগ্ৰহ আৰু সামৰ্থ্য বিবেচনা কৰি শাৰীৰিক শিক্ষাৰ কাৰ্যসূচী প্ৰস্তুত কৰিব লাগে।
(২) আমাৰ দেশত বহুদিন ধৰি চলি থকা খেলসমূহ আৰু দৈহিক কাৰ্যাৱলীত পাব লগা, ধৰণে গুৰুত্ব দিব লাগিব।
(৩) শাৰীৰিক শিক্ষাৰ বাবে গ্ৰহণ কৰা কাৰ্যাৱলী আন শৈক্ষিক কাৰ্যাৱলীৰ পুনৰাবৃত্তি নহৈ সেইবােৰৰ পৰিপূৰকহে হ’ব লাগে।
(৪) শাৰীৰিক শিক্ষাৰ শিতানত খৰচ কৰিব পৰা অৰ্থৰে চলাব পৰাকৈ এনে শিক্ষা কাৰ্যাবলী প্ৰস্তুত হ’ব লাগে।
(৫) বিশেষ প্ৰৱণতা থকা প্ৰতিভাশালী ছাত্ৰ – ছাত্ৰীৰ বাবে উপযুক্ত। প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে।

10. পাৰিপাৰ্শ্বিকতা শিক্ষা প্ৰবৰ্তনৰ বাবে এখন বিদ্যালতে ল’ব পৰা কেইটামান সাধাৰণ উপায় ব্যাখ্যা কৰা।
উত্তৰঃ এটা শৈক্ষিক প্ৰতিষ্ঠানত পাৰিপাৰ্শ্বিকতা শিক্ষা প্ৰবৰ্তন কৰা উপায়সমূহ হ’ল—
(১) পাৰিপাৰ্শ্বিকতা আৰু ইয়াৰ বিভিন্ন সমস্যা সম্পৰ্কত ছাত্ৰ – ছাত্ৰীসকলৰ মাজত শিক্ষকে সচেতনতাৰ মনােভাব বিকশিত কৰি তুলিব লাগে।

(২) পাৰিপাৰ্শ্বিক সমস্যাসমূহৰ মীমাংসাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তাৰ নিশ্চিত প্ৰদানত গুৰুত্ব উপলব্ধিত ছাত্ৰ – ছাত্ৰীসকলক সহায় কৰা উচিত।

(৩) পৰিবেশ অধ্যয়ন বিষয়টো পাঠ্যক্ৰমৰ প্ৰতিটো স্তৰতে বাধ্যতামূলক কৰি তুলিব লাগে। (৪) ছাত্ৰ – ছাত্ৰীসকলে অন্যান্য লােকসকলৰ লগত লগ হৈ সন্মিলিত প্ৰক্ৰিয়াৰে নিজৰ শিক্ষাৰ অভিজ্ঞতাসমূহৰ পৰিকল্পনা কৰি লােৱাত বিশেষ ভূমিকা পালন কৰা উচিত।

11. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ পৰিসৰে কি কি ক্ষেত্ৰক সামৰি লয়? বা,পৰিৱেশ শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত চাৰিটা ক্ষেত্ৰৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ পৰিৱেশ শিক্ষাই প্ৰকৃতিৰ সকলাে বিভাগকেই সাঙুৰি লয়। পৰিৱেশ শিক্ষাৰ পৰিসৰ অতি বহল। সামাজিক, অৰ্থনৈতিক, কাৰিকৰী, নৈতিক, শৈক্ষিক আদি সকলােবােৰ দিশেই পবিবেশ শিক্ষাৰ অন্তৰ্ভুক্ত। পৰিৱেশ শিক্ষাৰ পৰিসৰত অন্তৰ্ভুক্ত হােৱা দিশসমূহ নিম্নলিখিতভাবে সংক্ষেপে বৰ্ণনা কৰিব পাৰি—

১।সহজে শিক্ষা আহৰণ কৰিব পৰা মাধ্যম হৈছে পৰিৱেশ শিক্ষা অধ্যয়ন। চৰাই – চিৰিকতি, গাছ, বন, আদিৰ বিষযে পাঠ্যপুথিৰ পৰা জ্ঞান আহৰণ কৰাৰ পৰিবৰ্তে পৰিবেশৰ পৰা প্ৰত্যক্ষভাৱে জ্ঞান আহৰণ কৰিব পাৰি।

২। পৰিৱেশ অধ্যানৰ পৰিসৰৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে জনসংখ্যাৰ বিস্ফোৰণে সৃষ্টি কৰি তােলা বায়ু, পানী, মাটি আৰু শব্দৰ প্ৰদূষণ। প্ৰদূষণ হৈছে জীৱই জীয়াই থকা পৰিবেশৰ চাৰিওফালৰ অৱস্থা সুস্থ। জীবন – যাপনৰ বাবে অনুপযােগী হৈ উঠা এক অৱস্থা। ই মানুহৰ জীৱন – ধাৰণ আৰু প্ৰাণ ৰষ্কাৰ বাবে এক জটিল সমস্যা। ইয়াৰে স্বৰূপ অধ্যয়ন, বিশ্লেষণ আৰু প্ৰতিকাৰকৰণৰ উপায় উদ্ভাবন আদি দিশ পৰিবেশ শিক্ষাৰ অন্তৰ্ভুক্ত।

৩। শিল্প উদ্যোগমুখী বিকাশৰ প্ৰযােজন পূৰণ কৰিবলৈ গৈ বৰ্তমান মানুহৰ দ্বাৰা প্ৰকৃতিৰ বায়ু, পানী, মাটি, শব্দ আদি ব্যাপক হাৰত। প্ৰদূষিত কৰি তােলা হৈছে। তেনে প্ৰদূষণে মানুহৰেই স্বাস্থ্য ৰক্ষাৰ দিশত ক্ৰমান্বয়ে ভবাবহ ৰূপত ভাবুকিৰ সৃষ্টি কৰি তুলিছে। প্ৰদূষণে সৃষ্টি কৰি, তােলা মানুহৰ স্বাস্থ্যৰক্ষা সম্বন্ধীয় এই দিশটোৱে বৰ্তমান অধ্যয়নৰ এক নতুন পৰিসৰ সৃষ্টি কৰি তুলিছে।

৪। মানুহৰ আধুনিক প্ৰযুক্তি বিজ্ঞানমুখী জীৱনৰ মানদণ্ড উন্নত কৰি তুলিবলৈ শক্তি সম্পদৰ উৎপাদনৰ প্ৰযােজন বিশেষভাৱে অনুভৱ কৰি উঠা হৈছে। কল – কাৰখানা, শিল্প উদ্যোগ আদিৰ উৎপাদন ক্ষমতা বৃদ্ধিকৰণৰ বাবেও শক্তি সম্পদৰ চাহিদা বৃদ্ধি পাই আহিছে। এনে বৰ্ধিত প্ৰযােজন পূৰণৰ বাবে মানুহে শক্তি সম্পদৰ সমস্যা সৃষ্টি কৰি তােলা হৈছে। এই সম্বন্ধীয় চিন্তা, চৰ্চা, অধ্যয়ন আৰু সমস্যা সমাধানৰ উপায় উদ্ভাৱন আদি পৰিৱেশ শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত।

12. বৰ্তমান সমাজত প্ৰমূল্য শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আলােচনা কৰা।
উত্তৰঃ এজন ব্যক্তিৰ নৈতিক, আধ্যাত্মিক, সৌন্দৰ্যবােধক দিশসমূহ মূল্যবােধৰ শিক্ষাই বিকশাই তােলাত সহায় কৰে। মূল্যবােধৰ শিক্ষাৰ প্ৰয়ােজনীয়তা আৰু গুৰুত্ব নিম্নলিখিতভাৱে বৰ্ণনা কৰিব পাৰি।
১। ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সহায় কৰে।
২। ছাত্ৰ – ছাত্ৰীৰ চৰিত্ৰ গঠন আৰু নৈতিক বিকাশৰ দিশত এই শিক্ষাই সহায় কৰে।
৩। শিশুক পৰিবেশৰ লগত খাপ খােৱাত সহায় কৰে।
৪। সামাজিক দক্ষতা বৃদ্ধিত ই সহায়কাৰী।
৫। জাতীয় সংহতি বিকাশত এই শিক্ষাই সহায় কৰে।
৬। মূল্যবােধৰ শিক্ষা হ’ল ব্যক্তিৰ এনে এক অস্ত্ৰ যাৰ সহায়ত তেওঁৰ অস্তিত্ব প্ৰতিপন্ন কৰিব পাৰে। মূল্যবােধেই হ’ল ব্যক্তিৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ মহামূল্যবান মুক্তাসদৃশ।

13. জনসংখ্যা শিক্ষা প্ৰবৰ্তনৰ বাবে এখন বিদ্যালযে গ্ৰহণ কৰিব পৰা কেইটামান সাধাৰণ উপায়ৰ লেখ দিয়া।
উত্তৰঃ জনসংখ্যা শিক্ষা প্ৰৱৰ্তনৰ বাবে এখন বিদ্যালয়ে গ্ৰহণ কৰিব পৰা কেইটামান উপায় তলত উল্লেখ কৰা হ’ল—
(১) প্ৰাথমিক স্তৰত ল’ৰা – ছােৱালীক সৰু পৰিয়ালৰ ধাৰণা দিব লাগে। আৰু গুণগত জীৱন ধাৰণৰ মানদণ্ডৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে অৱগত কৰাব লাগে।

(২) পাঠ্যক্ৰমৰ বিষয়সমূহত অন্তৰ্ভুক্ত পাঠৰ মাধ্যমেৰে জনসংখ্যা। শিক্ষা প্ৰদান কৰিব পাৰি।

(৩) মাধ্যমিক স্তৰত জনসংখ্যা বৃদ্ধিৰ ইতিহাস আৰু আন আন দেশৰ জনসংখ্যাৰ গতিধাৰা সম্বন্ধে শিকাব পৰা যায়।

(৪) ৰাজ্যসমূহৰ স্কুলীয়া পাঠ্যক্ৰমত জনসংখ্যা শিক্ষা অন্তৰ্ভুক্ত কৰাৰ পিছতে শৈক্ষিক আৰু পৰিপূৰক পঠন সামগ্ৰী প্ৰস্তুত কৰি যােগান ধৰিব লাগে।

(৫) জনসংখ্যা কাৰ্যসূচী খৰখেদাকৈ ৰূপায়ণ কৰাৰ পৰিৱৰ্তে পাঠ্যসূচী আৰু শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰাৰ আৰু শিক্ষকসকলক প্ৰশিক্ষণ দিয়াৰ। পিছত সুচিন্তিত আৰু প্ৰণালীবদ্ধভাৱে এই কাৰ্যসূচী ৰূপায়ণ কৰিব লাগে।

14. জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্যবােৰ কি কি?
উত্তৰঃ জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্যসমূহ হ’ল
(ক) জনসংখ্যা শিক্ষা মানৱ সম্পদ আঁচনিৰ অন্তৰ্ভুক্ত।
(খ) এই শিক্ষাই দেশৰ গুণগত আৰু সংখ্যাগত মানদণ্ড বিকাশৰ ক্ষেত্ৰত অৰিহণা যােগায়।
(গ) এই শিক্ষাক পৰিৱেশ শিক্ষাৰ অংশবিশেষ ৰূপেও বিবেচনা কৰিব পাৰি।
(ঘ) এই শিক্ষাৰ পৰিসৰ যৌন শিক্ষাৰ পৰিসৰতকৈ যথেষ্ট বহল।
(ঙ) এই শিক্ষাই জন সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে।
(চ) জনসংখ্যা শিক্ষাৰ আন এটা দিশ হ’ল – মূল্যবােধৰ বিকাশ সাধন। এই শিক্ষাই ছাত্ৰ ছাত্ৰীৰ দায়বদ্ধতা, জ্ঞান, সজাগতা, সচেতনতা আদি গুণ বৃদ্ধি কৰে।
(ছ) জনসংখ্যা শিক্ষাই জনসংখ্যা সমস্যাৰ উপৰি অন্যান্য ধৰণৰ সমস্যা সমাধান প্ৰযােজনীয় জ্ঞান প্ৰদান কৰে।

READ MORE  শিক্ষণ | Chapter 4 | Class 12 Education - AHSEC

15. জনসংখ্যা শিক্ষাৰ ধাৰণাটো ব্যাখ্যা কৰা।
উত্তৰঃ জনসংখ্যা শিক্ষা আৰু পৰিয়াল পৰিকল্পনা একে নহয়। জনসংখ্যা শিক্ষা কি বুলিলে চমুকৈ ক’ব পাৰি যে ই এক শৈক্ষিক কাৰ্যসূচী যাৰ দ্বাৰা পৰিয়ালৰ গঠন, সৰু পৰিল আৰু ডাঙৰ পৰিয়ালৰ সুবিধা – অসুবিধাবােৰ পৰিয়ালৰ আৰু সামগ্ৰিকভাৱে জাতিটোৰ জীৱন ধাৰণৰ মান কেনেকৈ উন্নত হ’ব, আৰ্থিক উন্নতি কেনেকৈ সম্ভৱ হ’ব এই সকলােবােৰ কথা বুজাত উঠি অহা চামক সহায় কৰিব পাৰি।

১৯৭০চনত প্ৰকাশিত UNESCO- ৰ এক মুখপত্ৰ মতে পৰ্যিাল, সমাজ, ৰাষ্ট্ৰ বা বিশ্ব জনসংখ্যা সম্বন্ধে অধ্যয়ন কৰি জনসংখ্যা বৃদ্ধিৰ বাবে সৃষ্টি হােৱা সমস্যাৰ প্ৰতি ছাত্ৰ – ছাত্ৰীৰ সচেতনতা আৰু দায়িত্ব। বিকাশ ঘটোৱাৰ বাবে প্ৰস্তুত কৰা এক শিক্ষা সূচীযেই জনসংখ্যা শিক্ষা।

বিশেষজ্ঞ গােপাল ৰাওৰ মতে জনসংখ্যা শিক্ষা জনসংখ্যাৰ পৰিস্থিতি অধ্যয়নৰ বাবে এক শিক্ষা আঁচনি আৰু এই আঁচনিৰ উদ্দেশ্য হ’ল জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ ফলত উদ্ভৱ হােৱা সমস্যাৰ ক্ষেত্ৰত ছাত্ৰ – ছাত্ৰীযে যুক্তিসংগত সিদ্ধান্ত ল’ব পৰা ক্ষমতাৰ বিকাশ ঘটোৱা।

জনসংখ্যা শিক্ষা এক শৈক্ষিক কাৰ্যসূচী যি পৰিৱেশৰ গুণাগুণ আৰু জনসংখ্যা বৃদ্ধি সামাজিক আৰু ৰাজনৈতিক তাৎপৰ্য কি তাক জনাত ছাত্ৰ – ছাত্ৰীক সহায় কৰে।

16. ভাৰতীয় সমাজত মহিলাৰ মৰ্যাদা সম্পৰ্কে আলােচনা কৰা।
উত্তৰঃ চিন্তাবিদসকলৰ মত অনুসৰি কোৱা হয় যে সমাজত থকা মহিলাৰ স্থিতিযে সমাজখনৰ স্থিতিক প্ৰতিফলিত কৰে। এখন সমাজত থকা পুৰুষ আৰু মহিলাৰ স্থিতিৰ মাজত বিভাজন অনা নহয়। মনু। স্মৃতিত কোৱা হয় যে – “যেতিয়া ছােৱালী শিশু হৈ থাকে তাই দেউতাকৰ অধীনত, বিয়াৰ পিছত গিৰীযেকৰ অধীনত আৰু বৃদ্ধ কালছােৱাত পুত্ৰৰ অধীনত, নিৰাপত্তা পাব। ” শিক্ষাই পুৰুষ প্ৰধান সমাজত প্ৰচলিত চিন্তাধাৰাবােৰৰ পৰা হাত সাৰি থাকিবলৈ আৰু সমাজত নিজৰ স্থিতি উন্নতি কৰিবলৈ বিশেষ প্ৰভাৱ পেলায়।

বৈদিক যুগত নাৰী – পুৰুষ উভযে শিক্ষা গ্ৰহণ কৰা পৰিৱৰ্তে মুছলমানসকলৰ ৰাজত্বকালত নাৰী শিক্ষাৰ অধিক অৱনতি হৈছিল। এনে অৱনতিযে ইষ্ট ইণ্ডিয়া কোম্পানীৰ আগমনৰ সময়ত চূড়ান্ত ৰূপ লয় | সমাজ সংস্কাৰকসকলৰ আৰু খ্ৰীষ্টিয়ান মিছাৰীসকলৰ সহায়ত স্বাধীনতাৰ সমযলৈ নাৰী শিক্ষাৰ বিকাশ সম্ভৱ হৈছিল।

স্বাধীনতাৰ পাছত ভাৰতীয় সংবিধানত নাৰী শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। ১৯৫৮-৫৯ চনত ৰাষ্ট্ৰীয় শিক্ষা কমিটি, ১৯৭৪ চনত মহিলাৰ স্থিতি সম্পৰ্কীয় কমিটি আৰু ১৯৪৮ চনত নাৰীৰ বাবে প্ৰস্তুত কৰা আঁচনিত মহিলাৰ স্থিতি আৰু শিক্ষাত গুৰুত্ব দিযা হয়। ১৯৮৬ চনৰ ভাৰতৰ নতুন শিক্ষানীতি আৰু ১৯৯২ চনৰ পৰিবৰ্ধিত শিক্ষা আঁচনিযে মহিলা সবলীকৰণৰ জাতীয় উন্নয়নৰ প্ৰধান কাৰ্যসূচী স্বৰূপে নিৰূপণ কৰে।

17. জনসংখ্যা শিক্ষাৰ প্ৰয়ােজনীয়তা আৰু গুৰুত্বৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ জনসংখ্যা শিক্ষাৰ প্ৰয়ােজনীয়তা সম্পৰ্কে নিম্নলিখিত দিশসমূহ বিশেষ ভাৱে দৃষ্টি নিক্ষেপ কৰিব পাৰি—
১। সামগ্ৰিক ধাৰণাৰ প্ৰযােজন:- বৰ্তমান সমাজৰ লােকসকলৰ মনত শুদ্ধ আৰু সঠিক ধাৰণাৰ অভাৱ দেখা যায়। কোনাে কোনাে লােকে এই শিক্ষাৰ সংকীৰ্ণ অৰ্থত পৰিয়াল পৰিকল্পনা আঁচনি, পাৰিবাৰিক জীৱনৰ শিক্ষা বা যৌন শিক্ষা স্বৰূপেহে গৌণ কৰে। এনে ধাৰণাই জনসংখ্যা শিক্ষাৰ প্ৰাধান্য অনুভৱ কৰি উঠাত জনসাধাৰণক সহায় কৰিব নােৱাৰে। সেই হেতুকে এই শিক্ষা সম্বন্ধে সম্যক আৰু সামগ্ৰিক ধাৰণা এটা গঢ়ি উঠা প্ৰযােজন।

২। জীৱনৰ নিম্ন মানদণ্ড উন্নীতকৰণ:- জনসংখ্যা শিক্ষাই সমাজৰ সকলাে শ্ৰেণী লােকৰ জীৱন যাপনৰ মানদণ্ড উন্নত কৰি তুলিব পাৰে। সমাজত থকা উচ্চ নীচ আৰু ধনী দুখীয়াৰ মাজত থকা ব্যৱধান হ্ৰাস। কৰি তুলিব পাৰে। দৰিদ্ৰতা, নিৰক্ষৰতা, অজ্ঞতা আৰু স্বাস্থ্যহীনতাই হৈছে জনসংখ্যা বিস্ফোৰণৰ প্ৰধান কাৰণ আৰু ইযেই হৈছে পৰিণতি। এই শিক্ষাই দেশৰ আৰ্থ- সামাজিকভাৱে নিম্ন মানৰ লােকসকলক নিজৰ দুৰৱস্থাৰ কাৰণ বুজি উঠাত আৰু তাৰ প্ৰয়ােজনীয় প্ৰতিকাৰৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত নতুন দৃষ্টি দান কৰিব পাৰে।

৩। সৰু পৰিয়ালৰ আদৰ্শ গ্ৰহণ:- আমাৰ দেশত চৰকাৰে গ্ৰহণ কৰি। উঠা পৰিয়ালৰ পৰিকল্পনা কাৰ্যকৰী হৈ উঠা নাই। তাৰ প্ৰধান কাৰণ হৈছে প্ৰাপ্তবয়স্ক লােকসকলক জন্ম নিয়ন্ত্ৰণৰ বাবে আকস্মিক আৰু প্ৰাসংগিকভাৱে দিয়া জন্ম নিয়ন্ত্ৰণৰ শিক্ষাই তেওঁলােকৰ মনত প্ৰয়ােজনীয় প্ৰভাৱ পেলাৰ আৰু মানসিক প্ৰস্তুতি আনি দিব নােৱাৰিলে। সেইবাবে সৰু পৰিযাল সুখী পৰিয়ালৰ আদৰ্শ বাল্যকালৰে পৰা শিশু মনত গঢ়ি তােলাটো প্ৰয়ােজন।

৪। পুৰণি মূল্যবােধৰ পৰিবৰ্তন সাধন:- মানুহৰ মনৰ ধৰ্মীয় আনুগত্য আৰু যান্ত্ৰিক গতানুগতিকতাৰ জীৱনযাপনে জনসংখ্যা শিক্ষা আৰু পৰিল পৰিকল্পনা আঁচনি নিৰ্থক কৰি তােলে। পুৰণি মূল্যবােধৰ জড়তা আৰু যান্ত্ৰিকতা গুচাই নতুন দৃষ্টিভংগী, মুল্যবােধ আৰু আচৰণ গঢ় দি তুলিবৰ বাবে পৰিৱেশ শিক্ষাৰ প্ৰয়ােজন।

18. মহিলাৰ সবলীকৰণৰ বাবে এখন বিদ্যালয়ে ল’ব পৰা কেইটামান সাধাৰণ উপায় ব্যাখ্যা কৰা।
উত্তৰঃ মহিলা সবলীকৰণ কৰি তুলিব পৰা এক শক্তিশালী উপায় বা মাধ্যম হৈছে শিক্ষা। শিক্ষাইহে মহিলাসকলৰ ব্যক্তিসত্তা বিকশাই তুলি দেহ মানসিকভাৱে সক্ষম কৰি তুলিব পাৰে। এই ক্ষেত্ৰত লবলগীয়া। ব্যৱস্থাসমূহ হ’ল—
১। প্ৰতিগৰাকী ছােৱালীযেই যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব।

২। মহিলাসকলৰ মাজত নিৰষৰতাৰ’হাৰ আঁতৰােৱাৰ বাবে চেষ্টা কৰিব লাগিব।

৩। ছাত্ৰীসকলৰ আগ্ৰহ, অভিৰুচি অনুযায়ী বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব।

৪। লিংগবিষয় অধ্যয়ন এটা বাধ্যতামূলক বিষয় হিচাপে প্ৰাকস্নাতক পৰ্যায়ৰ পৰা অন্তৰ্ভুক্ত কৰিব লাগিব।

৫। মহিলাসকলক তেওঁলােকৰ জ্ঞাত পছন্দৰ ক্ষেত্ৰসমূহ যেনে – শিক্ষা, স্বাস্থ্য নিযােগ সম্পৰ্কে জানিবলৈ যােগ্যবান কৰি তুলিব লাগিব।

৬। মহিলাসকলৰ বাবে প্ৰস্তুত কৰা অধিকাৰ আৰু আইন সম্পৰ্কীয় সাধাৰণ জ্ঞান ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব লাগিব।

৭। পাঠ্যক্ৰমত মূল্যবােধৰ শিক্ষা অন্তৰ্ভুক্ত কৰিব লাগিব। এই বিষয় অন্তৰ্ভুক্তিকৰণে আত্মবিশ্বাস গঢ়ি উঠাত সহায় কৰে।

19. বিদ্যালয়ত প্ৰমূল্য শিক্ষা প্ৰবৰ্তনৰ বাবে আমি কি কি উপায় ল’ব পাৰাে?
উত্তৰঃ বিদ্যালযত মূল্যবােধৰ শিক্ষা নিম্নলিখিত ধৰণে প্ৰদান কৰিব পাৰি—
১। পুৱাৰ সমাৱেশ:- ছাত্ৰ – ছাত্ৰীৰ মনত মূল্যবােধৰ ধাৰণা দৃঢ়ভাৱে গঢ়ি তুলিবৰ বাবে বাণী আৰু বিভিন্ন ধৰ্মগ্ৰন্থৰ কিয়দংশ পঢ়ি ছাত্ৰ – ছাত্ৰীক শুনিবলৈ সুযােগ দান কৰিব লাগে।

২। পাঠ্যক্ৰমৰ সংস্কাৰ:- পাঠ্যক্ৰমত থকা বিষয়বােৰৰ প্ৰয়ােজনীয় সংস্কাৰ সাধন কৰি মূল্যবােধ শিক্ষাৰ উপযােগী কৰি যুগুত কৰিব লাগে।

৩। পাঠ্যপুথিৰ সংস্কাৰ:- পুৰণি গতানুগতিক পাঠ্যপুস্তকসমূহৰ প্ৰযােজনীয় পৰিবৰ্ধন আৰু সংস্কাৰ মূল্যবােধ শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত আৱশ্যক।

৪। বাধ্যতামূলক কৰণ:- মূল্যবােধৰ শিক্ষাক বাধ্যতামূলক হিচাপে। সকলাে শিক্ষানুষ্ঠানে ৰাখিব লাগে। বিশ্বৰ প্ৰধান প্ৰধান ধৰ্ম যেনেঃ হিন্দু, ইছলাম, বৌদ্ধ, জৈন, খ্ৰীষ্ট, শিখ ইত্যাদিৰ মূলবাণী আৰু বক্তব্যখিনি ছাত্ৰ-ছাত্ৰী শিক্ষকে অৱগত কৰাব লাগে।

৫। গ্ৰন্থ প্ৰদৰ্শনী:- সময়ে সময়ে শিক্ষানুষ্ঠানসমূহে নৈতিক, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক, সৌন্দৰ্যবিষয়ক প্ৰমূল্যৰ বাৰ্তা বহন কৰা। বিভিন্ন গ্ৰন্থ প্ৰদৰ্শনী পাতিব পাৰে। এনেবােৰ গ্ৰন্থ অধ্যয়নে শিক্ষাৰ্থী মনত মূল্যবােধৰ ধাৰণাৰ সৃষ্টি কৰে।

৬। শিক্ষাদানৰ কৌশল:- মূল্যবােধৰ শিক্ষাত শিক্ষকৰ এক বিশিষ্ট ভূমিকা আছে। সেই ভূমিকা সাৰ্থকভাৱে পালন কৰিবৰ বাবে শিক্ষকে বিভিন্ন বিষয়ৰ শিক্ষা দিওঁতে সেইবােৰৰ অন্তৰ্নিহিত মূল্যবােধ সম্পৰ্কে শিক্ষাৰ্থীক সচেতন কৰিবলৈ সচেষ্ট থাকিব লাগিব। শিক্ষক নিজৰে আচৰণ, কথা বতৰা আৰু দৃষ্টিভংগী আদৰ্শনীয় হােৱা উচিত।

৭। স্কাউট – গাইড, এন . এছ. এছ:- প্ৰতি শিক্ষানুষ্ঠানে মূল্যবােধৰ শিক্ষাদান কৰাৰ ক্ষেত্ৰত স্কাউট – গাইড, এন, এছ এছ ইত্যাদি সংগঠন কৰাৰ বিষয়ত অগ্ৰাধিকাৰ দিব লাগে। কাৰণ এনেবােৰ সংগঠনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে দলীয় আনুগত্য, নিস্বাৰ্থ সেৱা, কৰ্মস্পৃহা, পৰােপকাৰ জাতীয় চেতনা আদি বৃদ্ধি পায়

20. মহিলা সবলীকৰণৰ উদ্দেশ্যসমূহ উল্লেখ কৰা।
উত্তৰঃ মহিলা সবলীকৰণৰ প্ৰধান উদ্দেশ্যসমূহ হ’ল—
১। লিংগ বৈষম্য ভাব গুচোৱা:- মহিলা সবলীকৰণৰ অপৰিহাৰ্য উদ্দেশ্য হৈছে পুৰুষ আৰু মহিলাৰ মাজত থকা বৈষম্যৰ ভাব নােহােৱা কৰি তােলা। মানুহৰ মনত এই বৈষম্য ভাব থকালৈকে দেশৰ সামাজিকৰণ আৰু সামাজিক বিকাশ সাধন সম্ভৱ হৈ উঠিব নােৱাৰে।

২। সমমৰ্যাদা পদান:- জাতি – উপজাতি, ধৰ্ম, লিংগ নিৰ্বিশেষে সকলাে লােককে সমমৰ্যাদা প্ৰদান কৰাটো গণতন্ত্ৰৰ অপৰিহাৰ্য চৰ্ত বিশেষ। ই। এটা মানৱীয় অনুভূতি যাৰ মানুহৰ মনত বিকশাই তুলিব লাগে। মহিলাৰ আৰ্থ- সামাজিক দিশত সবলীকৰণে প্ৰকৃতপক্ষে এনে অনুভূতিৰেই শিক্ষা বিকাশ কৰি তােলে।

৩। জনসংখ্যা শিক্ষা:- উপযুক্তভাৱে পিতৃত্ব আৰু মাতৃত্ব লাভ কৰিবৰ বাবে জনসংখ্যা শিক্ষানীতি পদ্ধতিবােৰ জনাটো প্ৰযােজন। মাতৃযে জন্ম দিয়াটো নিজ পচন্দ আৰু পৰিকল্পিত ক্ৰিয়া হ’ব লাগে। ই এক আকস্মিকবিধৰ দুৰ্ঘটনা বা দুৰ্বলতা স্বৰূপ হ’ব নালাগে। মহিলাৰ সবলীকৰণে যেযেহে তেওঁলােকক এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ বাবে। প্ৰযােজনীয় বিজ্ঞতা আৰু স্বাধীনতা প্ৰদান কৰিব পাৰে।

৪। ৰাজনৈতিক ক্ষমতা প্ৰদান:- গণতান্ত্ৰিক আদৰ্শৰ ভিত্তিত। মহিলাসকলক তেওঁলােকৰ ৰাজনৈতিক ক্ষমতা প্ৰযােগৰ সুবিধা দিব লাগে। ৰাষ্ট্ৰৰ বিভিন্ন প্ৰশাসনীয় দিশত তেওঁলােকক দিয়া ক্ষমতা আৰু অধিকাৰেহে মন সবল আৰু শক্তিশালী কৰি তুলিব পাৰে আৰু নিজ যােগ্যতা প্ৰদৰ্শনৰ সুবিধা লাভ কৰিব পাৰে।

৫। শিক্ষাৰ সমান সুবিধা দান:- শিক্ষা হৈছে মানুহৰ এক মৌলিক অধিকাৰ, যাৰ পৰা মহিলাসকলক বঞ্চিত কৰা অনুচিত। তেওঁলােকৰ সবলীকৰণৰ বাবে শিক্ষা হৈছে অপৰিহাৰ্য চৰ্ত বিশেষ। শিক্ষাৰ ক্ষেত্ৰত ছােৱালীৰ প্ৰতি বৈষম্যভাব আৰু হেয় প্ৰতিপন্ন কৰা মনােভাব গুচোৱাটো এক প্ৰধান উদ্দেশ্য।

21. এন চি ই আৰ টিৰ দ্বাৰা নিৰ্দিষ্ট কৰা জনসংখ্যা শিক্ষাৰ ক্ষেত্ৰসমূহ আলােচনা কৰা।
উত্তৰঃ ১৯৯৩ আৰু ১৯৯৪ চনৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সিদ্ধান্ত অনুসৰি NCERT যে জনসংখ্যা শিক্ষাৰ এক নতুন ধাৰণা প্ৰণয়ন কৰে। এই নতুন ধাৰণাৰ ভিত্তিত প্ৰস্তুত কৰা জনসংখ্যা শিক্ষাৰ পাঠ্যক্ৰম নিন্মােক্ত ছটা ক্ষেত্ৰত বিষয় – বস্তুৰে গঠিত।
(ক) পাৰিবাৰীক জীৱন:- পৰিয়ালৰ গঠন আৰু ভূমিকা, মৌলিক প্ৰযােজনসমূহ, অধিকাৰ আৰু দায়িত্ব, দায়িত্বশীল পিতৃত্ব আৰু মাতৃত্ব, ছােৱালী সন্তান বা মহিলা তেওঁলােকৰ মুখ্য স্থান।

(খ) লৈংগিক সমতা আৰু সমভাৱ:- মহিলাৰ বাবে শিক্ষা, স্বাস্থ্যৰ যত্ন আৰু নিযােগ সুবিধা, প্ৰজননৰ অধিকাৰ আৰু প্ৰজনন স্বাস্থ্য, পুৰুষৰ। দাযিত্বসমূহ।

(গ) কিশােৰ অৱস্থা আৰু প্ৰজনন স্বাস্থ্য:- কিশােৰ – কিশােৰীসকলৰ সৰ্বাংগীন বিকাশ, প্ৰজনন, স্বাস্থ্য আৰু অধিকাৰ, HIVTAIDS, ড্ৰাগছ, সেৱন।

(ঘ) স্বাস্থ্য আৰু শিক্ষা:- স্বাস্থ্য, পুষ্টি আৰু জনসংখ্যা, শিশু আৰু মাতৃৰ স্বাস্থ্য, নিৰাপদ মাতৃত্ব, সাক্ষৰতা আৰু মহিলাৰ সাক্ষৰতা।

(ঙ) দীৰ্ঘকালীন বিকাশ:- জনসংখ্যা স্থিতি, আৰ্থিক বিকাশ, সম্পদৰ বিকাশ, পৰিবেশ আৰু বিকাশ আদি।

(চ) চহৰীকৰণ আৰু প্ৰব্ৰজন:- জনসংখ্যা বিতৰণ, চহৰীকৰণ, দেশৰ ভিতৰত প্ৰব্ৰজন আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন।

22. মহিলা সবলীকৰণত বিদ্যালয় শিক্ষাৰ ভূমিকাৰ বিষযে আলােচনা কৰা।
উত্তৰঃ মহিলা সবলীকৰণ কৰি তুলিব পৰা এক শক্তিশালী উপায় বা মাধ্যম হৈছে শিক্ষা। শিক্ষাইহে মহিলাসকলৰ ব্যক্তিসত্তা বিকশাই তুলি দেহ মানসিকভাৱে সক্ষম কৰি তুলিব পাৰে। এই ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থাসমূহ হ’ল—

১।প্ৰতিগৰাকী ছােৱালীযেই যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব।
২। মহিলাসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ আঁতৰােৱাৰ বাবে চেষ্টা কৰিব লাগিব।
৩। ছাত্ৰীসকলৰ আগ্ৰহ, অভিৰুচি অনুযায়ী বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব।
৪। লিংগবিষয় অধ্যয়ন এটা বাধ্যতামূলক বিষয় হিচাপে প্ৰাকস্নাতক পৰ্যায়ৰ পৰা অন্তৰ্ভুক্ত কৰিব লাগিব।
৫। মহিলাসকলক তেওঁলােকৰ জ্ঞাত পছন্দৰ ক্ষেত্ৰসমূহ যেনে – শিক্ষা, স্বাস্থ্য নিযােগ সম্পৰ্কে জানিবলৈ যােগ্যবান কৰি তুলিব লাগিব।
৬। মহিলাসকলৰ বাবে প্ৰস্তুত কৰা অধিকাৰ আৰু আইন সম্পৰ্কীয় সাধাৰণ জ্ঞান ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব লাগিব।
৭। পাঠ্যক্ৰমত মূল্যবােধৰ শিক্ষা অন্তৰ্ভুক্ত কৰিব লাগিব। এই বিষয় অন্তৰ্ভুক্তিকৰণে আত্মবিশ্বাস গঢ়ি উঠাত সহায় কৰে।

23. মহিলা সৱলীকৰণ বুলিলে কি বুজা? মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা আলােচনা কৰা।
উত্তৰঃ মহিলাসকলে সমাজৰ আৰ্থ – সামাজিক আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যােগােৱা দেখা যায়। যদিও আমাৰ দেশত। নাৰীযে জনসাধাৰণৰ আধা অংশই বহন কৰিছে আৰু ভাৰতীয় সংবিধানে নাৰীক পুৰুষৰ সমানেই অধিকাৰ প্ৰদান কৰিছে, সমাজত প্ৰচলিত কিছুমান ধাৰণাৰ বাবে নাৰীক পুৰুষৰ অধীন হৈ থকা দেখা যায়। এই ধাৰণাবােৰৰ প্ৰত্যাহ্বান জনােৱাৰ বাবে বা পৰিৱৰ্তন আনিবৰ বাবে মহিলাৰ সামৰ্থ্য বঢ়োৱা প্ৰক্ৰিয়াকে মহিলাৰ সৱলীকৰণ বুলি ক’ব পাৰি। মহিলা সৱলীকৰণে নাৰীক সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰি। আত্মবিশ্বাসী হােৱাত আৰু যিকোনাে পৰিস্থিতিৰ লগত সমযােজন কৰাত সহায় কৰে।

মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা তলত আলােচনা কৰা হ’ল—
১।প্ৰতিগৰাকী ছােৱালীযেই যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব।
২। মহিলাসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ আঁতৰােৱাৰ বাবে চেষ্টা কৰিব লাগিব।
৩। ছাত্ৰীসকলৰ আগ্ৰহ, অভিৰুচি অনুযায়ী বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব।
৪। লিংগবিষয় অধ্যয়ন এটা বাধ্যতামূলক বিষয় হিচাপে প্ৰাকস্নাতক পৰ্যায়ৰ পৰা অন্তৰ্ভুক্ত কৰিব লাগিব।
৫। মহিলাসকলক তেওঁলােকৰ জ্ঞাত পছন্দৰ ক্ষেত্ৰসমূহ যেনে – শিক্ষা, স্বাস্থ্য নিযােগ সম্পৰ্কে জানিবলৈ যােগ্যবান কৰি তুলিব লাগিব।
৬। মহিলাসকলৰ বাবে প্ৰস্তুত কৰা অধিকাৰ আৰু আইন সম্পৰ্কীয় সাধাৰণ জ্ঞান ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব লাগিব।
৭। পাঠ্যক্ৰমত মূল্যবােধৰ শিক্ষা অন্তৰ্ভুক্ত কৰিব লাগিব। এই বিষয় অন্তৰ্ভুক্তিকৰণে আত্মবিশ্বাস গঢ়ি উঠাত সহায় কৰে।

Leave a Comment

error: Content is protected !!
Scroll to Top