জীৱন প্ৰক্ৰিয়া | Chapter 6 | Seba Class 10 General Science Questions and Answers | MCQs Questions and Answers | Class 10  General Science MCQs | Class 10 General Science Assamese Medium | HSLC General Science Questions and Answers Assamese Medium | Assam Class 10 General Science Solutions | Assamese Medium | Assam Seba Board | Assam Class 10 G. Science Answer | দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ | অসমীয়া মাধ্যম


জীৱন প্ৰক্ৰিয়া

Multiple Choice Questions and Answers

1. তলৰ কোন দুটা ৰূপত উদ্ভিদে মাটিৰ পৰা নাইট্ৰ’জেন শোষণ কৰে—
(a) ছালফেট আৰু ছালফাইট।
(b) কার্বনেট আৰু কাৰ্বাইড।
(c) নাইট্রেট আৰু নাইট্রাইট।
(d) এমিন’ এছিড আৰু প্ৰ’টিন।
উত্তৰঃ (c) নাইট্রেট আৰু নাইট্রাইট।

2. প্ৰতিটো বূক্কতে নেফ্ৰন থাকে—
(a) অসংখ্যা 

(b) ১ টা 
(c) ২টা
(d) ৫টা 
উত্তৰঃ (a) অসংখ্যা 

3. তলৰ কোনটো গ্ৰন্থি আমাৰ শৰীৰত হাইড্ৰ’ক্লৰিক এছিড নিঃসৰণৰ লগত জড়িত—
(a) লালটি গ্রন্থি।

(b) আন্ত্রিক গ্রন্থি।
(c) পাকস্থলী গ্রন্থি।
(d) যকৃত।
উত্তৰঃ (c) পাকস্থলী গ্রন্থি।

4. মূত্ৰ কত জমা হয়—
(a) মূত্ৰনলীৰ
(b) মূত্ৰথলীত
(c) বূক্কত
(d) হৃদযন্তত
উত্তৰঃ (a) মূত্ৰনলীৰ 

5. তলৰ কোনবিধ পাচক ৰসে ক্ষুদ্রান্ত্ৰত খাদ্যদ্রব্যক ক্ষাৰৰ্কীয় গুণবিশিষ্ট কৰে—
(a) লালটি।
(b) পিত্তৰস।
(c) আন্ত্ৰিক ৰস।
(d) অগ্নাশয় ৰস।
উত্তৰঃ (b) পিত্তৰস।

6. মানুহৰ বূক্কটো কোনটো তন্তৰ অংশ
(a) পৰিপুষ্টি
(b) শ্বসন
(c) ৰেচন
(d) পৰিবহন
উত্তৰঃ (c) ৰেচন 

7. সমতল দাপোনত পোহৰ যেতিয়া আপতিত হয় তেতিয়া যি প্ৰতিবিম্ব গঠিত হয় সেয়া হ’ল—
(a) সৎ
(b) অসৎ
(c) সমান
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) অসৎ

8. তলৰ কোনবিধ পাচক ৰসে ক্ষুদ্রান্ত্ৰত চৰ্বী ডাঙৰ ডাঙৰ পিণ্ডবোৰক সৰু সৰু পিণ্ডলৈ ভাঙি দিয়ে—
(a) আন্ত্রিক ৰস।
(b) অগ্নাশয় ৰস।
(c) লালটি।
(d) পিত্তৰস।
উত্তৰঃ (d) পিত্তৰস।

9. লেখৰ ক্ষমতা 20 D হ লে উত্তল লেসৰ ফকাছ দৈৰ্ঘ্য কিমান হ’ব—
(a) 10 চেমি
(b)  20 চেমি
(c)  50 চেমি
(d)   40 চেমি
উত্তৰঃ (c)  50 চেমি 

10. আমাৰ মুখ গহ্বৰত থকা গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ—
(a) লাইপেজ।
(b) পেপচিন।
(c) ট্রিপচিন।
(d) লালটি এমাইলেজ।
উত্তৰঃ  (d) লালটি এমাইলেজ।

11. সমতল দাপোনৰ দ্বাৰা উৎপন্ন বিবেৰ্ধন হ’ল—
(a) শূণ্য
(b) 1-ৰ সমান
(c) 1-তকৈ কম
(d) 1-তকৈ অধিক
উত্তৰঃ (b) 1-ৰ সমান 

12. পাকস্থলী গ্রন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ—
(a) পেপচিন।
(b) ট্রিপচিন।
(c) লালটি এমাইলেজ।
(d) লাইপেজ।
উত্তৰঃ (a) পেপচিন।

13. 50 CM ভাঁজ ব্যাসাদ্ধ থকা গোলাকাৰ দাপোনৰ ফকাছ দৈৰ্ঘ্য কিমান—
(a)  10 CM
(b)   20 CM
(c)   25 CM
(d)    30  CM
উত্তৰঃ (c)   25 CM 

14. তলৰ কোনবিধ জীৱে আন উদ্ভিদ বা প্রাণীক নমৰাকৈ সিহঁতৰ পৰা পুষ্টি আহৰণ কৰে—
(a) কাঠফুলা।
(b) ব্রেড ম’ল্ড।
(c) ইষ্ট।
(d) আকাশীলতা।
উত্তৰঃ (d) আকাশীলতা।

15. তলৰ কোনবিধ জীৱে দেহৰ বাহিৰত খাদ্যৰ বিশ্লেষণ কৰি পিছত তাক শোষণ কৰে—
(a) কাঠফুলা।
(b) আকাশীলতা।
(c) ফিটাকৃমি।
(d) মাখি।
উত্তৰঃ (d) মাখি।

16. এখন দাপোনৰ ফকাছ দৈৰ্ঘ্য 12 CM হ’লে ভাঁজ ব্যাসাদ্ধ হ’ব—
(a)  15 CM
(b)    20  CM
(c)   25  CM
(d)  24   CM
উত্তৰঃ   (d)  24   CM 

17. লসিকাবোৰ পদাৰ্থ—
(a) বৰণযুক্ত
(b) বৰণহীন
(c) গোটা
(d) তৰল
উত্তৰঃ (b) বৰণহীন 

18. তলৰ কোনটো প্ৰক্ৰিয়াই জীৱৰ শৰীৰৰ বাহিৰৰ পৰা শৰীৰৰ ভিতৰলৈ শক্তিৰ উৎসৰ স্থানান্তৰক সূচায়—
(a) শ্বসন।
(b) প্রস্বেদন।
(c) পৰিপুষ্টি।
(d) ৰেচন।
উত্তৰঃ (c) পৰিপুষ্টি।

19. তূণভোজী প্ৰাণী ক্ষুদ্ৰান্তটো—
(a) চুটি
(b) বহ’ল
(c) ঠেক
(d) দীঘল
উত্তৰঃ (d) দীঘল 

20. জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক কোষীয় প্রয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণ প্রক্রিয়াত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াটো হ’ল—
(a) পৰিপুষ্টি।
(b) পৰিবহণ।
(c) ৰেচন।
(d) শ্বসন।
উত্তৰঃ (d) শ্বসন

21. মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থ বিধনৰ নাম—
(a) হিম গ্লবিন
(b) পএৰন্ধ
(c) পএহৰিৎ
(d) এটাও নহয়
উত্তৰঃ (a) হিম গ্লবিন 

22. জীৱৰ শৰীৰত এঠাইৰ পৰা আন ঠাইলৈ অক্সিজেন আৰু খাদ্যদ্রব্য স্থানান্তৰ কৰা প্ৰক্ৰিয়াটো হ’ল—
(a) শ্বসন।
(b) পৰিবহণ।
(c) পৰিপুষ্টি।
(d) ৰেচন।
উত্তৰঃ (b) পৰিবহণ।

23. এবিধ পৰজীৱী হ’ল—
(a) ওকনি
(b) মানুহ
(c) হাতী
(d) বান্দৰ
উত্তৰঃ (d) বান্দৰ

24. জীৱৰ শৰীৰৰ পৰা হানিকাৰক বৰ্জনীয় পদার্থ আঁতৰ কৰা প্ৰক্ৰিয়াটো হ’ল—
(a) পৰিপুষ্টি।
(b) শ্বসন।
(c) ৰেচন।
(d) পৰিবহন।
উত্তৰঃ (c) ৰেচন।

25. মানুহৰ খাদ্য প্ৰথম পঢ়িত হয়—
(a) বূক্কত
(b) পাৰস্থলীত
(c) মুখগহ্বৰত
(d) হাওঁফাওঁত
উত্তৰঃ (c) মুখগহ্বৰত 

26. যি প্ৰক্ৰিয়াৰ দ্বাৰা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্রয়োজনীয়তা পূৰ্ণ কৰা হয় তাক—
(a) সালোক সংশ্লেষণ বোলে।
(b) বাষ্পমোচন বোলে।
(c) স্থানান্তৰণ বোলে।
(d) ফটোফচফৰিলেচন বোলে।
উত্তৰঃ (a) সালোক সংশ্লেষণ বোলে।

27. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়—
(a) কাৰ্বন ডাই অস্কাইড আৰু পানী
(b) পএহৰিৎ
(c) সূৰ্যৰ পোহৰ
(d) ওপৰৰ আটাইকেইটা
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা 

28. অবাত শ্বসন সম্পন্ন হয়—
(a) মাইট’কণ্ড্ৰিয়াত।
(b) ক্ল’ৰ’প্লাষ্টত।
(c) কোষকেন্দ্ৰত।
(d) চাইট’প্লাজমত।
উত্তৰঃ (d) চাইট’প্লাজমত।

29.লসিৰা এবিধ পদাৰ্থ—
(a) তৰল
(b) গোটা
(c) কঠিন
(d) গেছীয় পদাৰ্থ
উত্তৰঃ (a) তৰল 

30. চৰ্বী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে—
(a) ট্রিপাচিনে।
(b) পেপচিনে।
(c) পিত্ত লৱণে।
(d) এমাইলেজে।
উত্তৰঃ (c) পিত্ত লৱণে।

31. জাইলেমে কঢ়িয়ায়——
(a) মাটি
(b) খাদ্য
(c) পানী
(d) এটাও নহয়
উত্তৰঃ (c) পানী 

32. মানুহৰ ৰেচন প্ৰক্ৰিয়াৰ প্ৰধান অঙ্গ/.অঙ্গসমূহ কি—
(a) বূক্ক
(b) মূতনলী
(c) মূত্ৰাশয় আৰু মূত্ৰ নিস্কাশন নলী
(d) আটাইবোৰ
উত্তৰঃ (d) আটাইবোৰ 

33. সেউজীয়া উদ্ভিদৰ পুষ্টি—
(a) স্বপোষিত
(b) পৰপোষিত
(c) পূর্ণগ্রাসী
(d) মৃতজীৱী পোষী পুষ্টি
উত্তৰ : (a) স্ব-পোষিত পুষ্টি

34. তেজৰ পৰা বৰ্জনীয় উপাদান আঁতৰাই তেজ পৰিস্কাৰ কৰা প্ৰণালীটোৰ নাম লিখা
(a) ডাইলেছিছ
(b) বূক্ক প্ৰতিস্থাপন
(c) মূত্ৰ অপসাৰণ
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (a) ডাইলেছিছ 

35. ________এবিধ এক শৰ্কৰা।
(a) গ্লুক’জ
(b) চুক্র’জ
(c) মাল্ট’জ
(d) এটাও নহয়
উত্তৰ : (a) গ্লুক’জ

36. তলত উল্লেখ কৰা কোনটো উদ্ভিদেৰ উৎপন্ন কৰ প্ৰধান বৰ্জ্য পদাৰ্থ নহয়?
(a) অস্কিজেন
(b) কাৰ্বনডাইঅস্কাইড
(c) জলীয় বাস্প
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ ঘ) ওপৰৰ এটাও নহয়

37. কোনবিধ বিপাক কার্য নিয়ন্ত্ৰিত কৰা পুষ্টিদ্রব্য ?
(a) কার্বহাইড্রেট
(b) স্নেহদ্রব্য
(c) ভিটামিন
(d) প্ৰ’টিন
উত্তৰ : (c) ভিটামিন

38. কোনবিধ প্রাণীত পোৱা অথচ উদ্ভিদত নোপোৱা শৰ্কৰা ?
(a) গ্লুক’জ
(b) ফ্লুক্ট’জ
(c) মাল্টজ
(d) গেলেক্ট’জ
উত্তৰ : (d) গেলেক্ট’জ

39. সংবাহী ব্যৱস্থাটোৰ সেই অঙ্গটোৈৰ নাম কি যিটোৱে হৃদপিণ্ডৰ পৰা বেজ দেহৰ আন অংশলৈ বহন কৰে—
ক) সিৰা
খ) ধমনী
গ) ৰক্তজালিকা
ঘ) হৃদপিণ্ড
উত্তৰঃ খ) ধমনী

40. কোনবিধ খাদ্যৰ উপাদানৰ অণুত আটাইতকৈ বেছি শক্তি নিহিত থাকে ?
(a) প্ৰ’টিন
(b) স্নেহদ্রব্যপ্ৰ’টিন
(c) কার্বহাইড্রেট
(d) এটাও নহয়
উত্তৰ : (C)কাৰ্বহাইড্রেটত

41. কোনবিধ উৎসেচক অগ্ন্যাশয় বসত পোৱা যায় ?
(a) এমাইলপ্‌চিন
(b) ইপেছিন
(c) পেপ্‌চিন
(d) এটাও নহয়
উত্তৰ : (a) এমাইলপ্‌চিন ।

42. অস্কিজেন ৰহিত বেজে কি বহন কৰে—
(a) অস্কিজেন
(b) কাৰ্বনডাইঅস্কাইড
(c) আৰু উভয়ে
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) কাৰ্বনডাইঅস্কাইড 

43. কোনবিধ আন্ত্ৰিক ৰসত থকা পাচক উৎসেচক ?
(a) পেপ্‌ছিন
(b) ৰেনিন
(c) ইৰেপছিন
(d) ট্রিপ্‌ ছিন
উত্তৰ : (c) ইৰেপ্‌ছিন

44. প্ৰতিটো বূক্কই নামৰ বূহৎ সংখ্যাক ৰেচন অংগীয় এককেৰে গঠিত—
(a) মূত্ৰ নিস্কাশন নলী
(b) মূতনলী
(c) নেফ্ৰন
(d) ব্ৰমেন কেপচুল
উত্তৰঃ (c) নেফ্ৰন

45. যি চাপত দেহৰ চাৰিওকাষত হৃদপিণ্ডৰ মাধ্যমেৰে তেজ সঞ্চালিত হয় তাক কোৱা হয়—
(a) ৰক্ত উত্তোলক
(b) ছিষ্টলিক ৰক্ত
(c) ডায়াষ্টলিক ৰক্ত
(d) ৰক্তচাপ
উত্তৰঃ (d) ৰক্তচাপ

46. জীৱ দেহৰ পৰা ৰিষাক্ত ৰ্বজ্য পদাৰ্থ আঁতৰোৱাৰ প্ৰক্ৰিয়াটোৰ নাম লিখা।
(a) শ্বসন
(b) দহন
(c) ৰেচন
(d) অস্কিজেনযুক্ত কৰণ
উত্তৰঃ (c) ৰেচন

47. প্ৰাণীৰ পুষ্টি
(a) স্বপোষিত
(b) পৰপোষিত
(c) পূর্ণগ্রাসী
(d) মৃতজীৱী পোষী পুষ্টি
উত্তৰ : (b) পৰপোষিত

48. কেৱল গাখীৰত পোৱা এক শৰ্কৰাৰ নাম—
(a) গ্লুকজ
(b) ফ্ৰুক্ট’জ
(c) গেলেক্ট’জ
(d) প্ৰ’টিন
উত্তৰঃ (c) গেলেক্ট’জ

49. মকূত থকা অব্যৱহৃত প্ৰটিনৰ নিস্কাশনৰ ফলত বৰ্জ্য হিচাপে উৎপন্ন হয়—
(a) কাৰ্বনডাইঅস্কাইড
(b) ইউৰিয়া
(c) প্ৰএিমনিয়াম
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) ইউৰিয়া 

50. এমিবাৰ পাচন—
(a) বহিঃকোষীয়
(b) আন্তঃকোষীয়
(c) অন্তৰ্কোষীয়
(d) এটাও নহয় ৷
উত্তৰ : (c) অন্তকোষীয়।

51. কোনবিধ যৌগই আমাৰ দেহত এণ্টিবডি গঠন কৰে?
(a) প্ৰ’টিন
(b) লিপিড
(c) কাৰ্বহাইড্ৰেট
(d) এটাও নহয়
উত্তৰঃ (a) প্ৰ’টিন

52. কোনধৰণৰ জীৱ প্ৰত্যক্ষ নাইবা পৰোক্ষভাৱে উদ্ভিদৰ এপৰত নিৰ্ভৰশীল?
(a) স্বপোষী জীৱ
(b) পৰপোষী জীৱ
(b) a আৰু b উভয়
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) পৰপোষী জীৱ।

53. তলত উল্লেখ কৰা কোনটোৱে সামাৰ পৰিস্থিতি তন্ত্ৰত বিয়োজক হিচাপে কাম কৰে?
(a) মূতজীৱী – পোষী জীৱ
(b) স্বপোষী
(c) পৰজীৱী
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (a) মূতজীৱী – পোষী জীৱ 

54. তলৰ কোনটো আমাৰ শৰীৰৰ শুদ্ধ মূত্র পথ—
(a) বৃক্ক → মূত্রবাহী নলী → মূত্রথলী → মূত্রজনন নলী
(b) বৃক্ক → মূত্রবাহী নলী → মূত্রজনন নলী → মূত্রথলী
(c) বৃক্ক → মূত্রথলী → মূত্রজনন নলী → মূত্রবাহী নলী
d) মূত্রথলী → বৃক্ক → মূত্রবাহী নলী → মূত্রজনন নালী
উত্তৰ : (a) বৃক্ক → মূত্রবাহী নলী → মূত্রথলী → মূত্ৰজনন 

55. পত্ৰৰন্ধ্ৰক আগুৰি ৰখা কোষক- বুলি জনা যায়—
(a) চাবচিডিয়েৰী কোষ
(b) অধিচ্ছদীয় কোষ
(c) ৰক্ষী কোষ
(d) ট্রাইক’ম
উত্তৰ : (c) ৰক্ষী কোষ 

56. সালোক সংশ্লেষণৰ কোনটো ক্ৰমত অক্সিজেন গেছৰ উৎপত্তি হয়—
(a) ক্রেব চক্র
(b) তিমিৰ বিক্ৰিয়া
(c) আলোক বিক্রিয়া
(d) কেলভিন চক্র।
উত্তৰ : (c) আলোক বিক্রিয়া।

57. যদি এজোপা সেউজীয়া উদ্ভিদক আন্ধাৰত ৰখা হয়, কি ঘটিব ?
(a) সালোক সংশ্লেষণ বন্ধ হ’ব।
(b) সালোক সংশ্লেষণ বৃদ্ধি হ’ব।
(c) সালোক সংশ্লেষণ চলি থাকিব
(d) সালোক সংশ্লেষণ মন্থৰ হ’ব।
উত্তৰ : (a) সালোক সংশ্লেষণ বন্ধ হ’ব। 

58. ক্রেব চক্র সংঘটিত হয়—
(a) ৰাইব’জ’ম
(b) কোষ প্রৰস
(c) ক্লৰ’প্লাষ্ট
(d) মাইট’কন্দ্রিয়।
উত্তৰ : d) মাইট’কন্দ্ৰিয়া। 

59. কেনে ধৰণৰ জীৱই কেৱল উদ্ভিদ ডক্ষণ কৰে—
(a) উৎপাদক
(b) মাংসভোজী
(c) তূণভোজী
(d) ৰ্সবভোজী
উত্তৰঃ (c) তূণভোজী 

60. পোষক উদ্ভিদ পৰা পুষ্টি আহৰণ কৰা পৰজীৱী উদ্ভিদৰ শিপাসমূহৰ নাম লিখা।
(a) ট্ৰেণ্ড্ৰিল
(b) অঙ্কুৰ
(c) হাষ্ট’ৰিয়া
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) হাষ্ট’ৰিয়া়

61. লালটিত থকা কোনবিধ উৎসেচকে অণুজীৱ ধ্বংস কৰে—
(a) মিউচিন
(b) এমাইলেজ
(c) লাইছ জাইম।
(d) টায়ালিন
উত্তৰ : (d) লাইছ’জাইম।

62. তলৰ কোনবিধ উপাদানৰে উৎসেচক গঠিত হয়______।
(a) প্ৰ’টিন
(b) শৰ্কৰা
(d) ভিটামিন।
(c) চর্বী
উত্তৰ : (d) লাইছ’জাইম।

63. তলৰ কোনবিধ পাচক বসত উৎসেচক নাথাকে_______।
(a) লালটি
(b) পিত্তৰস
(c) জঠৰ ৰস
(d) অগ্নাশয় ৰস।
উত্তৰ : (b) পিত্তৰস।

64. সৌৰ ৰশ্মিৰ ফটন কণাত নিহিত হৈ থকা শক্তি হল—
(a) কোৰ্ৱাক
(b) কোৱান্টাম
(c) কেৰ’টিন
(d) কোষীয় শক্তি
উত্তৰ : (b) কোৱান্টাম

65. সালোক সংশ্লেষণ প্রক্রিয়াত O, নির্গত হয়—
(a) আলোক বিক্রিয়া দশাত
(b) তিমিৰ বিক্ৰিয়া দশাত
(c) কেলভিন চক্ৰত
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) আলোক বিক্ৰিয়া দশাত 

66. তলত দিয়া কোনটো শ্বেতকণাই এণ্টিবডি সৃষ্টি কৰে?
(a) নিউট্রফিল
(b) বেছ’ফিল
(c) মন টাইট
(d) লিম্ফ’চাইট
উত্তৰ : (d) লিম্ফ ‘চাইট। 

67. নেফ্ৰনৰ পিয়লা আকৃতিৰ প্ৰথম অংশটোক ______ বোলে ।
(a) বৌমেন কেপচুল
(b) গ্ল’মেৰুলাছ
(c) পিৰামিড
(d) নেফ্ৰ’ষ্টম
উত্তৰঃ (a) বৌমেন কেপচুল

68. দেহৰ জৈৱ ৰাসায়নিক গঠন তৈয়াৰ কৰা প্ৰক্ৰিয়াটোৰ নাম লিখা
(a)  পৰিপুষ্টি
(b) সালোক সংলেষন
(c) শ্বসন
(d) ৰেচন ক্ৰিয়া
উত্তৰঃ (a)  পৰিপুষ্টি

69. অনুসমূহৰ গতিবিধিৰ প্ৰয়োজন হয়—
(a) পৰিপুষ্টিৰ বাবে
(b) শাসনৰ বাবে
(c) সাকাৰ মোৰামতি আৰু ৰক্ষাৰ বাবে
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (c) সাকাৰ মোৰামতি আৰু ৰক্ষাৰ বাবে

70.কোন ধৰণৰ খাদ্যভাজে দেহৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদান অধিক মাত্ৰাত যোগান ধৰে
(a) উপযুক্ত
(b) সুসম
(c) সঠিক
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) সুসম 

71. কোনটো উপাদানে আমাক বিভিন্ন কামকাজ কৰিবলৈ শক্তি প্ৰদান কৰে—
(a) শৰ্কৰা
(b) চবি
(c) প্ৰ’ টিন
(d) খনিজ
উত্তৰঃ (a) শৰ্কৰা 

72. বিশ্ৰামৰত হজপিওত ধমনীৰন্যূন্যতম চাপক কোৱা হয়
(a)  চিষ্টলিক চাপ
(b)  ডায়ষ্ট লিক চাপ
(c) a আৰু b উভয়ে
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b)  ডায়ষ্ট লিক চাপ

73. পাইকভেট অণু ভাঙি কার্বনডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়____।
(a) চাইট’প্লাজমত
(b) মাইট ‘কড়িয়াত
(c) ক্ল’ৰপ্লাষ্টত
(d) কোষকেন্দ্ৰত
উত্তৰ : (b) মাইট’কন্ড্রিয়াত 

74. পাচন নলীৰ কোনটো অংশই যকৃতৰ পৰা পিত্ত গ্ৰহণ কৰে—
(a) ইচ’ফেগাচ
(b) পাকস্থলী
(c) বৃহদান্ত
(d) ক্ষুদ্রাস্ত্র।
উত্তৰ : (d) ক্ষুদ্রান্ত

75. পাচন নলীৰ কোনটো অংশত খাদ্যৰ সম্পূৰ্ণ পালে ঘটে—
(a) মুখ গহ্বৰ
(b) বৃহদান্ত্র
(c) ক্ষুদ্রান্ত্র
(d) পাকস্থলী।
উত্তৰ : (c) ক্ষুদ্রাস্ত্র 

76. সবাত শ্বসনৰ বাবে তলৰ কোনটো ক্ৰম শুদ্ধ—
(a) গ্লুক’জ চাইট’প্লাজম পাইভেট + শক্তি মাইট’কন্দ্ৰিয়া CO,+H2O + শক্তি
(b) গ্লুক’জ চাইট’প্লাজম পাই ৰুভেট + শক্তি মাইট’কন্দ্ৰিয়া CO,+HO
(c) গ্লুক’জ চাইট’প্লাজম পাইভেট মাইট’কন্দ্রিয়া CO,+H,O + শক্তি
(d) গ্লুক’জ মাইট’কন্দ্ৰিয়া পাইৰুভেট চাইট’প্লাজম CO,+H2O + শক্তি
উত্তৰ : (a) গ্লুক’জ চাইট’প্লাজম পাইকভেট + মাইট’কন্দ্ৰিয়া CO3+H2O + শক্তি

77. মাইটকন্দ্রিয়াক____ বুলি কোৱা হয়।
(a) শ্বাস মিটাৰ
(b) পট’মিটাৰ
(c) মেন’মিটাৰ
(d) কোষৰ শক্তিৰ ভঁৰাল
উত্তৰ : (d) কোষৰ শক্তিৰ ভঁৰাল। 

78. মানুহৰ তেজৰ প্লাজমা আৰু ৰক্তকণাৰ অনুপাত—
(a) 50% : 50%
(b) 60% : 40%
(c) 55% : 45%
(d) 45% : 55
উত্তৰ : (c) 55% : 45% 

79. তলত দিয়া অংগসমূহৰ কোনটো অংগই এমনিয়াক ইউৰিয়ালৈ পৰিৱৰ্তন কৰে—
(a) হাওঁফাওঁ
(b) যকৃত
(c) অস্ত্র
(d) প্লীহা
উত্তৰ : (b) যকৃত । 

80. বৃক্কৰ ভিতৰৰ কেন্দ্ৰীয় অংশৰ নাম—
(a) কর্টেক্স
(b) মেডুলা
(c) হাইলাছ
(d) ৰেনেল কৰপাছক’ল
উত্তৰ : (b) মেডুলা 

81. বৃক্ক গঠনৰ প্ৰাথমিক একক হল—
(a) নেফ্রন
(b) মেডুলা
(c) কর্টেক্স
(d) ব’মেনৰ সম্পুট
উত্তৰ : (a) নেফ্রন 

82. তেজৰপৰা বৰ্জিত পদাৰ্থবোৰ নেফ্ৰনৰ নিম্নলিখিত কোন অংশত পৰিস্ৰাৱণ হয় ?
(a) গ্ল’মেৰুলাছ
(b) ব’মেনৰ সম্পুট
(c) দূৰৱৰ্তী নলিকা
(d) হেলীৰ লুপ
উত্তৰ : (a) গ্ল’মেৰুলাছ 

83. প্ৰাণী দেহৰ যি তন্ত্ৰৰ দ্বাৰা খাদ্যদ্রব্য আৰু অক্সিজেন কলাকোষবোৰক যোগান ধৰা হয়সেই তন্ত্রটোৰ নাম—
(a) পৌষ্টিক তন্ত্র
(b) পৰিবহণ তন্ত্ৰ
(c) ৰেচন তন্ত্র
(d) শ্বসন তন্ত্র
উত্তৰ : (b) পৰিবহণ তন্ত্র। 

84. চিষ্টেমিক ধমনীয়েদি মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিৰপৰা তেজ ওলায় যায় ?
(a) সোঁ অলিন্দ
(c) বাওঁ অলিন্দ
(b) সোঁ নিলয়
(d) বাওঁ নিলয়
উত্তৰ : (d) বাওঁ নিলয় । 

85. মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিত অশুদ্ধ তেজ থাকে?
(a) সোঁ অলিন্দ
(b) সোঁ নিলয়
(c) বাওঁ অলিন্দ
(d) (b) আৰু (c) দুয়োটাই
উত্তৰ : (a) সোঁ অলিন্দ। 

86. মিট্ৰেল ভাল্ভ কত থাকে ?
(a) সোঁ আৰু বাওঁ অলিন্দৰ মাজত
(b) সোঁ আৰু বাওঁ নিলয়ৰ মাজত
(c) সোঁ অলিন্দ-নিলয়ৰ মাজত
(d) বাওঁ অলিন্দ-নিলয়ৰ মাজত
উত্তৰ : (d) বাওঁ অলিন্দ-নিলয়ৰ মাজত। 

87. শ্বসনত CO, গেছ শৰীৰৰ বাহিৰত ওলায় বুলি প্ৰমাণ কৰাৰ বাবে এজন ছাত্ৰই তলৰ কোনবিধক ব্যৱহাৰ কৰিব—
(a) এলকহ’ল
(b) আয়’ডিন দ্ৰৱ
(c) KOH দ্ৰৱ
(d) চূণ পানী।
উত্তৰ : (d) চূণ পানী। 

88. তলৰ কোনটোত চাৰিটা কোঠালীযুক্ত হৃদপিণ্ড পোৱা যায় ?
(a) উভচৰ
(b) সৰীসৃপ
(c) চৰাই আৰু স্তন্যপায়ী প্রাণী
(d) মৎস্য
উত্তৰ : (c) চৰাই আৰু স্তন্যপায়ী প্ৰাণী 

89. বৃক্কই কাৰ্য কৰিবলৈ অক্ষম হলে, তাৰ পৰিবৰ্তে ব্যৱহাৰ কৰা পদ্ধতিক———বোলে।
(a) ডায়ালাইছি
(b) হৃদচক্র
(c) ইলেক্টকার্ডিঅ’গ্ৰাফ
(d) আসৃতি নিয়ন্ত্রণ
উত্তৰ : (a) ডায়ালাইছি

90. মানুহৰ বৃক্কত উৎপাদিত মূত্ৰ গ্লমেৰুলাছত অস্থায়ীভাৱে সঞ্চিত হয়—
(a) মূত্ৰজনন নলী
(b) গ্ল’মেৰুলাছ
(c) মূত্ৰবাহী নলী
(d) মূত্ৰথলী
উত্তৰঃ (d) মূত্ৰথলী

91. বৃক্ষ জাতীয় উদ্ভিদৰ কাণ্ডই শ্বসনৰ বাবে প্ৰয়োজনীয় O, বায়ুমণ্ডলৰ পৰা কিহৰ দ্বাৰা আহৰণ কৰে—
(a) বাতন্ত্র
(b) পত্রবন্ধ
(c) ৰন্ধ্ৰবাত
(d) হৰিকণা
উত্তৰ : (c) বন্ধবাত ।

92. কোষীয় শ্বসন প্রক্রিয়া কোষৰ কোনটো কোষ অংগাণুত সংঘটিত হয়—
(a) হৰিকণা
(b) মাইট ‘কন্ড্রিয়া
(c) লাইছ ‘জ’ম
(d) ৰসধানী
উত্তৰ : (b) মাইট’কড়িয়া।

93. উদ্ভিদৰ শ্বসন কেৱল—
(a) দিনতহে ঘটে
(b) ৰাতিহে ঘটে
(c) দিন আৰু ৰাতি উভয় কালতে ঘটে
(d) বৰষুণৰ বতৰতহে ঘটে
উত্তৰ : (c) দিন আৰু ৰাতি উভয় কালতে ঘটে।

94. উদ্ভিদ দেহৰ পৰিবহণত কি কলা জড়িত—
(a) কেৱল জাইলেম
(b) কেৱল ফ্ল’ৱেম
(c) জাইলেম আৰু ফ্ল’ৱেম
(d) এবিধো নহয়
উত্তৰ : (c) জাইলেম আৰু ফ্লে’ৱেম। 

95. সালোক সংলেষন প্ৰক্ৰিয়াৰ সময়ত সেউজীয়া উদ্ভিদত হোৱা শৰ্কৰাবিধৰ নাম কি—
(a)  শ্বেতসাৰ
(b) গ্লুকজ
(c) ষুক্টজ
(d) চুক্ৰজে
উত্তৰঃ (a)  শ্বেতসাৰ 

96. উদ্ভিদ কোমত সালোক সংলেষণৰ স্থান হ’ল—
(a)  মাইট কণ্ডিয়া(b)  কোষকেন্দ্ৰ
(c) হৰিৎকণা
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (c) হৰিৎকণা 

97. স্বপোষী ৰ অৰ্থ কি?
(a)  স্ব-সময়
(b) স্ব- নিজময়
(c) স্ব-ভক্ষন
(d)  স্ব- প্ৰস্তুত
উত্তৰঃ (c) স্ব-ভক্ষন

98. তলত উল্লেখ কৰা কোন বিধ সালোক সংস্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰী নহয় ?
(a) অক্সিজেন
(b) কাৰ্বন-ডাই-অক্সাইড
(c) পানী
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) অক্সিজেন

99. সালোক সংলেষণ প্ৰক্ৰিয়াৰ বাবে উত্তৰদায়ী উদ্ভিদত থকা সেউজীয়া ৰঞ্জক পদাৰ্থবিধৰ নাম লিখা।
(a) কোষৰ প্ৰাচীৰ
(b) কোষকেন্দ্ৰ
(c) প্লাজমা
(d) ক্ল’ৰফিল
উত্তৰঃ (d) ক্ল’ৰফিল

100. উদ্ভিদৰ পাতৰ পৰা আন অংশসমূহ’লৈ খাদ্য কঢ়িওৱা প্ৰক্ৰিয়াটোৰ নাম লিখা।
(a) বাস্পমোচন
(b) পৰিবহণ
(c) স্থানান্তৰণ বা খাদ্য সংক্ৰমণ
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (c) স্থানান্তৰণ বা খাদ্য সংক্ৰমণ 

101. কার্বহাইড্রেট এবিধ—
(a) দেহগঠনকাৰী
(b) দেহসংৰক্ষক দ্রব্য
(c) শক্তি উৎপাদনকাৰী
(d) এটাও নহয়
উত্তৰঃ(c) শক্তি উৎপাদনকাৰী

READ MORE  প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা | Chapter 16 | Class 10 General Science - SEBA

102. ৰোমন্থক প্ৰাণীৰ পাকস্থলীত ______ টা কোঠালী থাকে।
(a) 1 টা
(b) 3 টা
(c) 2 টা
(d) 4 টা।
উত্তৰ : (d) 4 টা

103. নীল সেউজ শেলাই আৰু ৰঙা শেলাইত পোৱা সালোক সংশ্লেষণকাৰী ৰঞ্জক পদাৰ্থবিধ হল—
(a) ফাইক লিজ
(b) ফাইক বিলিন
(c) ফাইক মাইচিচ
(d) জেহু ফিল
উত্তৰ : (a) কাইক’বিলিন

104. প্ৰাণীৰ শ্বসন প্ৰক্ৰিয়াৰ হাৰৰ তুলনাত উদ্ভিদৰ শ্বসন প্রক্রিয়া—
(a) মন্থৰ
(b) খৰতকীয়া
(c) এটাও নহয়
উত্তৰ : (b) খৰতকীয়া।

105. কোষীয় শ্বসন প্ৰক্ৰিয়াত উৎপন্ন শক্তি সঞ্চয় কৰি ৰখা জৈৱ যৌগটো হল—
(a) জেন্থফিল
(b) ATP
(c) TPA
(d) PTI
উত্তৰঃ (b) ATP

106. জীৱৰ কোন দলে মাটিত পুষ্টিৰ চক্ৰ চলোৱা সহায় কৰে—
(a) স্বপোষী
(b) মাংসভোজী
(c) মূতপোষী
(d) পৰজীৱী
উত্তৰঃ (c) মূতপোষী 

107. কোনটো খাদ্যপ্ৰাণ পানীত দ্ৰৱণীয়—
(a) খাদ্যপ্ৰাণ
(b)  খাদ্যপ্ৰাণ
(c) খাদ্যপ্ৰাণ
(d)  খাদ্যপ্ৰাণ
উত্তৰঃ (b)  খাদ্যপ্ৰাণ 

108.মাটিত কোনটো উপাদানৰ অভাৱত পতঙ্গভোজী উদ্ভিদে নিগনি কূন্তক জীৱ আদিৰ পৰা খাদ্য গ্ৰহণ কৰে—
(a) N
(b) C
(c) O
(d) K
উত্তৰঃ (a) N 

109. এজন প্ৰাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱণ হয়
(a) 180 লিটাৰ 

(b) 2 লিটাৰ 

(c) 1.5 লিটাৰ 

(d) 100 লিটাৰ 

উত্তৰ : (i) 180 লিটাৰ 

110. মানুহৰ দেহত তলত দিয়া কোনটো অংগত হিমগ্লবিন ভাঙি বিলিৰুবিন আৰু বিলিভাডিন গঠন হয় ?
(a) অস্ত্র 
(b) হাওঁফাওঁ 

(d) প্লীহা

(c) যকৃত 

উত্তৰ : (c) যকৃত। 

111. মানুহৰ বৃক্ক দুটা কোনটো অংশ—
(a) পৰিপুষ্টি
(b) শ্বসন
(c) ৰেচন
(d) পৰিবহন
উত্তৰ : (c) ৰেচন 

112. উদ্ভিদৰ দেহত জাইলেমৰ কাম হল—
(a) পানীৰ পৰিবহন
(b) খাদ্যৰ পৰিবহন
(c) এমিন’ এছিডৰ পৰিবহন
(d) অক্সিজেনৰ পৰিবহন
উত্তৰ : (a) পানীৰ পৰিবহন 

113. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়—
(a) কার্বন ডাই অক্সাইড আৰু পানী
(b) পত্ৰহৰিৎ (c) সূৰ্যৰ পোহৰ
(d) ওপৰৰ আটাইকেইটা ।
উত্তৰ : (d) ওপৰৰ আটাইকেইটা 

114. ATP ৰ সম্পূৰ্ণ ৰূপটো কি—
(a) এডেন চাইন টেট্ৰা ফছফেট
(b) এডেনচাইন ট্ৰাইফছফেট
(c) এমিন চাইন টেট্ৰা ফছফেট
(d) এডেন চইন ট্ৰাইফছফেট
উত্তৰঃ (d) এডেন চইন ট্ৰাইফছফেট 

115. ছালেৰে অস্কিজেন শুহি লোৱা জীৱটোৰ নাম লিখা।
(a) হাতী (b) কেঁচু
(c) মেকুৰি
(d) নিগনি
উত্তৰঃ (b) কেঁচু 

116.তলত উল্লেখ কৰা কোনটো বায়বীয় আৰু অবায়বীয় জীৱৰ উভয়ৰ বাবে প্ৰাৰম্ভিক পদক্ষেণ—
(a) গ্লুকজ  বিভংগন
(b) গ্লুকজ গঠন
(c) পাইৰুভেট বিভংগন
(d) পাইৰুভেট গঠন উত্তৰঃ
(a) গ্লুকজ  বিভংগন

Short Questions and Answers

1. ৰাতিৰ ভাগত সালোক সংশ্লেষণ সংঘটিত হয়নে ?
উত্তৰঃ ৰাতিৰ ভাগত সালোক সংশ্লেষণ সংঘটিত নহয় ।

2. খাদ্যৰ জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবৰ বাবে জীৱই কাৰ সহায় লয় ?
অথবাঃ প্ৰাণীসমূহে বা মানুহৰ দেহাই খাদ্যৰ জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবৰ বাবে কি ব্যৱহাৰ কৰে ?
উত্তৰঃ খাদ্যৰ জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবৰ বাবে জীৱই জৈৱ অনুঘটক (Bio-Catalyst) ব্যৱহাৰ কৰে । এই জৈৱ অনুঘটকবোৰক উতসেচক (Enzyme) বোলে ।

3. দিন/ৰাতিৰ ভাগতহে CO2 বেছিকৈ নিৰ্গত হয় ?
উত্তৰঃ ৰাতিৰ ভাগতহে CO2 বেছিকৈ নিৰ্গত হয় ।

4. ধমনীবোৰ কি? ধমনীবোৰৰ কাম কি?
উত্তৰঃ ধমনীবোৰ হ’ল— এক প্ৰকাৰৰ ৰক্তনলীকা ।
ধমনীবোৰৰ কাম হ’ল— হৃদযন্ত্ৰৰ পৰা দেহৰ আন আন অংগসমূহ’লৈ তেজ কঢ়িয়াই নিয়া ।

5. পৰপোষী জীৱবোৰে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কিহৰ ওপৰত নিৰ্ভৰশীল ?
উত্তৰঃ পৰপোষী জীৱবোৰে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে স্ব-পোষী জীৱৰ ওপৰত নিৰ্ভৰশীল ।

6. স্ব-পোষীয় জীৱই প্ৰয়োজনীয় কাৰ্বন আৰু শক্তি কি প্ৰক্ৰিয়াৰ দ্বাৰা সংগ্ৰহ কৰে ?
উত্তৰঃ স্ব-পোষীয় জীৱই প্ৰয়োজনীয় কাৰ্বন আৰু শক্তি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সংগ্ৰহ কৰে ।

7. পাচন নলীৰ আটাইতকৈ ডাঙৰ অংশ কি?
উত্তৰঃ পাচন নলীৰ আটাইকৈ ডাঙৰ অংশৰ নাম হ’ল— পাকস্থলী ।

8. কোনটো অংশত খাদ্যৰ শৰ্কৰা, প্ৰ’টিন আৰু চৰ্বীসমূহৰ সম্পূৰ্ণভাৱে পাচন হয় ?
উত্তৰঃ পাচন নলীৰ ক্ষুদ্ৰান্ত অংশতে খাদ্যৰ শৰ্কৰা, প্ৰ’টিন আৰু চৰ্বীসমূহৰ সম্পূৰ্ণভাৱে পাচন হয় ।

9. দেহৰ সিৰাবোৰৰ কাম কি?
উত্তৰঃ দেহৰ সিৰাবোৰে দেহৰ বিভিন্ন অংগসমূহৰ পৰা তেজ কঢ়িয়াই আৰু পাছত হৃদযন্ত্ৰলৈ উভতাই আনে ।

10. পাকস্থলী ৰস কিয় আম্লিক?
উত্তৰঃ পাকস্থলী ৰসত হাইড্ৰ’ক্লৰিক এছিড থাকে । সেয়েহে পাকস্থলী ৰস আম্লিক ধৰ্মীয় ।

11. গ্লুক’জৰ সংকেত কি ?
উত্তৰঃ গ্লুক’জৰ সংকেত হ’ল— C6H12O6

12. কিয় ধমনীবোৰৰ বেৰখন ডাঠ আৰু স্থিতিস্থাপক গুণসম্পন্ন ?
উত্তৰঃ উচ্চ চাপৰ ফলত হৃদযন্ত্ৰৰ পৰা সাধাৰণতে তেজ ওলাই আহে । সেয়েহে ধমনীবোৰৰ বেৰখন ডাঠ আৰু স্থিতিস্থাপক গুণসম্পন্ন ।

13. গেছৰ আদান-প্ৰদান বাবে উদ্ভিদৰ কি কি অংগৰ মাজেৰে হয় ?
উত্তৰঃ গেছৰ আদান-প্ৰদানৰ বাবে উদ্ভিদৰ পত্ৰৰন্ধ্ৰ, কাণ্ড আৰু শিপাৰ উপৰিভাগৰ মাজেৰে হয় ।

14. সিৰাবোৰৰ বেৰখন কিয় ডাঠ নহয় ?
উত্তৰঃ সিৰাবোৰৰ বেৰখন ডাঠ নহয়, কাৰণ অধিক সময় ধৰি সিৰাবোৰত বেছি চাপ নপৰে ।

15. পাকগ্ৰন্থি বোলিলে কি বুজা ? পাকগ্ৰন্থিৰ পাচক ৰসত কি কি থাকে?
উত্তৰঃ পাকস্থলীত পাচক ৰস নিঃসৰণ কৰা গ্ৰন্থিবোৰক পাকগ্ৰন্থ বুলি কোৱা হয় ৷ পাকগ্ৰন্থিৰ পাচক ৰসত হাইড্ৰ’ক্লৰিক এছিড (HCl) আৰু প্ৰ’টিন বিশ্লেষিত উৎসেচক-পেপচিন আৰু শ্লেষ্মা আদি থাকে ।

16. উদ্ভিদে সালোক সংশ্লেষণৰ বাবে লাগতিয়াল পানী ক’ৰ পৰা আৰু কিহেৰে শোষণ বা আহৰণ কৰে ?
উত্তৰঃ স্থলজ উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে লগা লাগতিয়াল পানীভাগ মাটিৰ পৰা শিপাৰ সহায়েৰে শোষণ কৰি লয় ।

17. পাচন নলীৰে পশ্চাৎ অংশলৈ গতি কৰা প্ৰক্ৰিয়াৰ/গতিৰ নাম কি ?
অথবাঃ অপাচিত খাদ্যভাগ কেনেদৰে দেহৰ পশ্চাৎ অংশলৈ গতি কৰে ?
উত্তৰঃ অপাচিত খাদ্যখিনি পাচন নলীৰ নিৰ্দিষ্ট লয়যুক্ত সংকোচনৰ দ্বাৰা পাচন নলীৰ পশ্চাৎ অংশলৈ গতি কৰে । এইদৰে গোটেই পাচন নলীতেই ‘পেৰিচটেলটিক’ নামৰ এক বিশেষ গতিৰে খাদ্যাংশ পশ্চাৎ দিশলৈ গতি কৰে ।

18. ব্যৱহৃত নোহোৱা কাৰ্বহাইড্ৰেট কি হিচাপে উদ্ভিদৰ দেহত সঞ্চিত হৈ থাকে ?
উত্তৰঃ ব্যৱহৃত নোহোৱা কাৰ্বহাইড্ৰেট শ্বেতসাৰ হিচাপে উদ্ভিদৰ দেহত সঞ্চিত হৈ থাকে ।

19. দুটা পাচক গ্ৰন্থিৰ নাম লিখা ।
উত্তৰঃ দুটা পাচক গ্ৰন্থিৰ নাম হ’ল— যকৃত (Liver) আৰু অগ্নাশয় ।

20. উদ্ভিদক লাগিতিয়াল হোৱা বা উদ্ভিদে গ্ৰহণ কৰা আনবোৰ দ্ৰৱ্যৰ নাম লিখা । এই দ্ৰৱ্যবোৰ উদ্ভিদে ক’ৰ পৰা আহৰণ কৰে?
উত্তৰঃ উদ্ভিদক লাগিতিয়াল হোৱা বা উদ্ভিদে গ্ৰহণ কৰা আনবোৰ দ্ৰব্য হ’ল— নাইট্ৰেজেন, ফচফৰাচ্, আইৰন, মেংগানিজ আদি । এই দ্ৰৱ্যবোৰ উদ্ভিদে মাটিৰ পৰা আহৰণ কৰে ।

21.  শ্লেষ্মাৰ কাম কি?
উত্তৰঃ শ্লেষ্মাই পাকস্থলী বেৰখনৰ অন্তঃ আৱৰণখনক সাধাৰণ অৱস্থাত এছিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে ।

22. কিয় বাঘ বা আন মাংসভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তটো চুটি ?
উত্তৰঃ প্ৰাণীৰ মাংস পাচন ক্ৰিয়া সৰল । সেয়েহে মাংসভোজী প্ৰাণী বিশেষকৈ বাঘৰ ক্ষুদ্ৰান্তটো চুটি ।

23. কিয় তেজৰ পৰিবহন একমুখী ?
উত্তৰঃ সিৰাবোৰৰ বেৰখন ডাঠ নহয়, কাৰণ অধিক সময় ধৰি সিৰাবোৰত বেছি চাপ নপৰে । ইয়াৰ সলনি, সিৰাবোৰত ক’পাট থাকে । সেয়েহে তেজৰ পৰিবহন একমুখী ।

24. তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তটো দীঘল হোৱাৰ প্ৰয়োজন কি?
উত্তৰঃ তৃণভোজী (Herbivores) প্ৰাণীৰ ক্ষুদ্ৰান্তটো অতি দীঘল । ঘাঁহ জাতীয় উদ্ভিদত চেলুল’জ থাকে । এই চেলুল’জ পাচন কৰিবৰ বাবে ইহঁতৰ ক্ষুদ্ৰান্ত দীঘল আৰু পাক খোৱা অতি প্ৰয়োজন ।

25. কিয় ৰাতিৰ ভাগত উদ্ভিদৰ ক্ষেত্ৰত CO2 বেছিকৈ নিৰ্গত হয় ?
উত্তৰঃ ৰাতিৰ ভাগত উদ্ভিদৰ ক্ষেত্ৰত CO2 বেছিকৈ নিৰ্গত হয়, কাৰণ ৰাতিৰ ভাগত সালোক সংশ্লেষণ সংঘটিত নহয় ।

26. ৰক্তজালিকা কাক বোলে?
উত্তৰঃ ধমনীবোৰ কোনো এক অংগত বা কলাত সোমাই পৰাৰ পাছত এইসমূহ ভাগ হয় আৰু সৰু সৰু নলীকাৰ সৃষ্টি কৰি প্ৰতিটো কোষক স্পৰ্শ কৰে । এই সৰু ৰক্ত নলীকাবোৰ এককোষী আৰু আৱৰণযুক্ত হয় । ইয়াকে ৰক্তজালিকা বোলে ।

27. কিয় দিনৰ ভাগত উদ্ভিদৰ ক্ষেত্ৰত CO2 নিৰ্গত নহয় ?
উত্তৰঃ দিনৰ ভাগত উদ্ভিদে শ্বসন প্ৰক্ৰিয়াত উৎপন্ন কৰা কাৰ্বন ডাই অক্সাইড সালোক সংশ্লেষণত প্ৰয়োগ কৰে । সেয়েহে, দিনৰ ভাগত উদ্ভিদৰ ক্ষেত্ৰত CO2 নিৰ্গত নহয় ।

28. মানুহৰ বৃক্ক দুটা ক’ত অৱস্থিত ?
উত্তৰঃ দেহৰ উদৰ অংশত মেৰুদণ্ডৰ দুয়ুকাষে মানুহৰ বৃক্ক দুটা অৱস্থিত ।

29. আমি খাদ্য হিচাপে গ্ৰহণ কৰা খাদ্যবোৰৰ পৰা আহৰণ কৰা শক্তি আমাৰ দেহত কি হিচাপে সঞ্চিত হৈ থাকে ?
উত্তৰঃ আমি খাদ্য হিচাপে গ্ৰহণ কৰা খাদ্যবোৰৰ পৰা আহৰণ কৰা শক্তি আমাৰ দেহত গ্লাইক’জেন হিচাপে সঞ্চিত হৈ থাকে ।

30. সাধাৰণ বৃক্ক আৰু কৃত্ৰিম বৃক্কৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ কৃত্ৰিম বৃক্ক সাধাৰণ বৃক্কৰ ক্ৰিয়াৰ দৰে একে হয় কিন্তু ইয়াত অধিশোষণ নহয় । এইটোয়ে ইয়াৰ মূল পাৰ্থক্য ।

31. কিয় শ্বসন অংগই নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেন গ্ৰহণ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিব পাৰে ?
উত্তৰঃ উশাহৰ সময়ত বায়ু গ্ৰহণ আৰু নিশাহত এৰি দিওঁতে হাঁওফাঁওত অৱশিষ্ট বায়ুৰ আয়তন যথেষ্ট থাকে । সেয়েহে, শ্বসন অংগই নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেন গ্ৰহণ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিব পাৰে ।

32. আমাৰ দেহৰ পাম্পকলটোৰ নাম কি?
উত্তৰঃ আমাৰ দেহৰ পাম্পকলটোৰ নাম হ’ল— হৃদযন্ত্ৰ (Heart)

33. নাসাৰন্ধ্ৰত থকা কোনটো অংশই বায়ু ছেকাত সহায় কৰে ?
উত্তৰঃ নাসাৰন্ধ্ৰত থকা শ্লেস্মাই বায়ু ছেকাত সহায় কৰে ।

34. যদি ব্যাপন প্ৰক্ৰিয়াৰে আমাৰ দেহত অক্সিজেন চলাচল হয়, তেনেহ’লে আমাৰ হাঁওফাঁওৰ পৰা ভৰিৰ আঙুলিলৈকে অক্সিজেনৰ অণু বিয়পি পৰিবলৈ মুঠ কিমান সময় লাগিব ?
উত্তৰঃ যদি ব্যাপন প্ৰক্ৰিয়াৰে আমাৰ দেহত অক্সিজেন চলাচল হয়, তেনেহ’লে আমাৰ হাঁওফাঁওৰ পৰা ভৰিৰ আঙুলিলৈকে অক্সিজেনৰ অণু বিয়পি পৰিবলৈ মুঠ প্ৰায় 3 বছৰ সময় লাগিব ।

35. তেজে পৰিবহন কৰা গেছ দুবিধৰ নাম কি কি?
উত্তৰঃ তেজে পৰিবহন কৰা গেছ দুবিধৰ নাম হ’ল— অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড ।

36. কেতিয়া আমি জীৱবিলাকক জীৱিত বুলি কওঁ ?
উত্তৰঃ যেতিয়া জীৱবিলাকে শ্বাস-প্ৰশ্বাস লৈ  থাকে, তেতিয়াই আমি জীৱবিলাকক জীৱিত বুলি কওঁ ।

37. হৰিৎকণা বা পত্ৰহৰিৎ কি ? ই ক’ত থাকে ?
উত্তৰঃ উদ্ভিদৰ পাতত থকা কোষত কিছুমান সেউজীয়া বৰণৰ বিন্দু থাকে । এই সেউজীয়া বৰণৰ বিন্দুবোৰেই হ’ল— হৰিৎকণা (Chloroplast)নামৰ কোষ অংগানু । এই হৰিৎকণাতে পত্ৰহৰিৎবিলাক সিঁচৰতি হৈ থাকে । হৰিৎকণা বা পত্ৰহৰিৎ পাতৰ কোষত থাকে ।

38. উদ্ভিদৰ বাবে লাগতিয়াল/প্ৰয়োজনীয় তিনিবিধ কেচা সামগ্ৰীৰ নাম লিখা ।
উত্তৰঃ উদ্ভিদৰ বাবে লাগতিয়াল/প্ৰয়োজনীয় তিনিবিধ কেচা সামগ্ৰীৰ নাম হ’ল— নাইট্ৰ’জেন, ফছফৰাছ, আৰু খনিজ পদাৰ্থ ।

39. জীৱবিলাকৰ এটা উমৈহতীয়া বৈশিষ্ট্য লিখা ।
উত্তৰঃ বৃদ্ধি বা অন্য কিবা কাৰণে চলন ক্ৰিয়া সমাধা কৰা জীৱবিলাকৰ এটা উমৈহতীয়া বৈশিষ্ট্য ।

40. বাঁও অলিন্দ কাক বোলে ?
উত্তৰঃ হাওফাঁওৰ পৰা অক্সিজেনযুক্ত তেজ আহি হৃদযন্ত্ৰৰ পূৰ্বদেশীয় অংশত থকা বাঁও কোঠালিত আহি পৰে । ইয়াকে বাঁও অলিন্দ বোলে ।

41. কিহে অক্সিজেন কঢ়িয়াই নিয়ে ?
উত্তৰঃ লোহিত ৰক্তকণিকাবোৰে অক্সিজেন কঢ়িয়াই নিয়ে ।

42. দেহত কোনো আণৱিক চলাচল সংঘটিত নোহোৱা এটা জীৱৰ নাম লিখা ।
উত্তৰঃ ভাইৰাছ ।

43. জীৱন প্ৰক্ৰিয়াবোৰ চলিবলৈ কিহৰ প্ৰয়োজন ?
উত্তৰঃ জীৱন প্ৰক্ৰিয়াবোৰ চলিবলৈ শক্তিৰ প্ৰয়োজন ।

44. কিহৰ উপস্থিতিত চৰ্বী অণুসমূহ সৰল অণুলৈ ৰূপান্তৰিত হয় ?
উত্তৰঃ পিত্ত লৱণৰ উপস্থিতিত চৰ্বী অণুসমূহ সৰল অণুলৈ ৰূপান্তৰিত হয় ।

45. কিহে আৰু কেনেকৈ আমাৰ ৰক্তক্ষৰণ বা তেজ ওলোৱা বন্ধ কৰে ?
উত্তৰঃ তেজৰ অনুচক্ৰিকাসমূহ ৰক্তপৰিবহন তন্ত্ৰৰ জৰিয়তে দেহত বিয়পি থাকে । এই অনুচক্ৰিকাসমূহে ৰক্তক্ষৰণ বা তেজ ওলোৱা ঠাইত তেজ গোট মাৰি ৰক্তক্ষৰণ বা তেজ ওলোৱা বন্ধ কৰে

46. জীৱৰ বাবে লগা প্ৰয়োজনীয় শক্তি ক’ৰ পৰা আহে?
উত্তৰঃ প্ৰত্যেক জীৱৰ বাবে লগা প্ৰয়োজনীয় শক্তি বহিঃ পৰিৱেশৰ পৰা আহে ।

47. অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা অগ্নাশয় ৰসত থকা দুবিধ উৎসেচকৰ নাম লিখা ।
উত্তৰঃ অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা অগ্নাশয় ৰসত থকা দুবিধ উৎসেচকৰ নাম হ’ল— প্ৰ’টিন বিশ্লেষী উৎসেচক ট্ৰিপচিন (Trypsin) আৰু সৰলীকৃত চৰ্বী বিশ্লেষী উৎসেচক লাইপেজ (lipase) থাকে ।

48. সাধাৰণতে কেতিয়া ৰক্তক্ষৰণ হয় বা তেজ উলায় ? কিয় এই ৰক্তক্ষৰণ বন্ধ কৰাটো প্ৰয়োজন ?
উত্তৰঃ ৰক্ত নলীকাৰে গঠিত জালিকা ফুটিলে ৰক্তক্ষৰণ বা তেজ উলায় ।
এই ৰক্তক্ষৰণ বন্ধ কৰাটো প্ৰয়োজন কাৰণ, ৰক্তক্ষয়ৰ ফলত ৰক্তচাপ কমি যায় আৰু লাহে লাহে তেজ পৰিবহন প্ৰতিৰোধ কমি যায় ।

49. উদ্ভিদে কি প্ৰক্ৰিয়াৰ মাধ্যমেৰে অত্যাধিক পানীভাগ এৰি দিয়ে ?
উত্তৰঃ উদ্ভিদে বাষ্পমোচন প্ৰক্ৰিয়াৰ মাধ্যমেৰে অত্যাধিক পানীভাগ এৰি দিয়ে ।

50. কিহে আন্ত্ৰিক ৰস নিঃসৰণ কৰে ?
উত্তৰঃ ক্ষুদ্ৰান্ত বেৰত থকা সৰু গ্ৰন্থিবোৰে আন্ত্ৰিক ৰস (Intestinal Juice) নিঃসৰণ কৰে ।

51. জাইলেম কলাৰ সংবহনত ব্যৱহাৰ হোৱা বল বিধৰ নাম কি?
অথবাঃ কি বলৰ মাধ্যমেৰে জাইলেম কলাৰ সংবহন সংঘটিত হয় ?
উত্তৰঃ সৰল ভৌতিক বলৰ মাধ্যমেৰে জাইলেম কলাৰ সংবহন সংঘটিত হয় ।

52. পৰিপুষ্টি (Nutrition) বুলিলে কি বুজা/ কাক বোলে ?
উত্তৰঃ শক্তি বা আহাৰৰ উৎসৰ পৰা জীৱ  দেহৰ ভিতৰলৈ শক্তি স্থানান্তৰণৰ এক প্ৰক্ৰিয়া আছে । এই প্ৰক্ৰিয়াটোক পৰিপুষ্টি (Nutrition) বোলে/বোলা হয় ।

53. সিৰা কেনেদৰে গঠন হয়? ইয়াৰ কাম কি?
উত্তৰঃ তেজ আৰু ৰক্তজালিকাৰ পাতল বেৰৰ মাজত পদাৰ্থৰ বিনিময় ঘটে । এই ৰক্তজালিকাবোৰ পুনৰ লগ লাগি সিৰা গঠন হয় ।

সিৰাবোৰে দেহৰ বিভিন্ন অংগ আৰু কলাবোৰৰ পৰা তেজ হৃদযন্ত্ৰলৈ কঢ়িয়াই নিয়ে।

54. কাৰ্বনযুক্ত গ্লুক’জ অণু ভাঙি কাৰ্বন অনুযুক্ত পাইৰুভেত অণুৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটো ক’ত সংঘটিত হয় ?
উত্তৰঃ কাৰ্বনযুক্ত গ্লুক’জ অণু ভাঙি কাৰ্বন অণুযুক্ত পাইৰুভেত অণুৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটো কোষত কোষপ্ৰৰসত সংঘটিত হয় ।

55. পৃথিৱীত বাস কৰা জীৱবিলাক কি অণুৰ ওপৰত নিৰ্ভৰশীল ?
উত্তৰঃ পৃথিৱীত বাস কৰা জীৱবিলাক কাৰ্বন সংযুক্তি অণুৰ ওপৰত নিৰ্ভৰশীল ।

56. কেতিয়া পত্ৰ ৰন্ধ্ৰৰ ছিদ্ৰ মুকলি হৈ থাকে ?
উত্তৰঃ দিনৰ ভাগত পত্ৰ ৰন্ধ্ৰৰ ছিদ্ৰ মুকলি হৈ থাকে ।

57. সৰহখিনি বা অধিকাংশক খাদ্যৰ উৎস কি?
উত্তৰঃ সৰহখিনি বা অধিকাংশক খাদ্যৰ উৎস হ’ল— কাৰ্বন 

58. পাচক ৰস নিঃসৰণ কৰা দুটা পাচক গ্ৰন্থিৰ নাম লিখা । কোনটো অংশত পাচক গ্ৰন্থিসমূহে নিঃসৰণ কৰা পাচক ৰসসমূহ আহি পৰে ?
উত্তৰঃ পাচক ৰস নিঃসৰণ কৰা দুটা পাচক গ্ৰন্থিৰ নাম হ’ল— যকৃত (Liver) আৰু অগ্নাশয় (Pancreas) পাচন নলীৰ ক্ষুদ্ৰান্ত অংশত পাচক গ্ৰন্থিসমূহে নিঃসৰণ কৰা পাচক ৰসসমূহ আহি পৰে ।

59. জাইলেম ক’লা আৰু ফ্ল’ৱেম ক’লাৰ কাম কি?
উত্তৰঃ জাইলেম কলাই পানী, খনিজ লৱণ, নাইট্ৰ’জেন, ফছফৰাছ, আদি কেঁচা সামগ্ৰী মাটিৰ পৰা পৰিবহন কৰে ।

আনহাতে, ফ্ল’ৱেম কলাই সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰৱ্যবিলাক পাতৰ পৰা উদ্ভিদৰ দেহৰ অন্যান্য ঠাইলৈ সৰবৰাহ কৰে ।

60. জীৱ দেহৰ অভ্যন্তৰত ভাগত চলা এক ৰাসায়নিক বিক্ৰিয়াৰ নাম লিখা ।
উত্তৰঃ জীৱ দেহৰ অভ্যন্তৰত ভাগত চলা এক ৰাসায়নিক বিক্ৰিয়া  হ’ল— জাৰণ আৰু বিজাৰন বিক্ৰিয়া ।

61. কিয় আন্তঃনিলয় বেৰখন আন্তঃঅলিন্দৰ বেৰখনতকৈ যথেষ্ট ডাঠ হয় ?
উত্তৰঃ নিলয়ৰ পৰা তেজ দেহৰ বিভিন্ন অংগলৈ পৰিবহন কৰিব লগা হয় । সেয়েহে, আন্তঃনিলয় বেৰখন আন্তঃঅলিন্দৰ বেৰখনতকৈ যথেষ্ট ডাঠ হয় ।

62. পাকস্থলিত হাইড্ৰ’ক্লৰিক এছিডৰ (HCL) কাম কি?
উত্তৰঃ পাকগ্ৰন্থিৰ পাচক ৰসত হাইড্ৰ’ক্লৰিক এছিড থাকে । এই হাইড্ৰ’ক্লৰিক এছিড থকাৰ বাবে পাকস্থলী ৰস আম্লিক ধৰ্মীয় । এই হাইড্ৰ’ক্লৰিক এছিডৰ বাবে পেপচিনৰ কাৰ্য তীব্ৰ হৈ পৰে আৰু পাচনত সহায় কৰে ।

63. জাৰণ আৰু বিজাৰণ বিক্ৰিয়া কি? জীৱৰ দেহত জাৰণ-বিজাৰণ প্ৰক্ৰিয়াৰ কাম কি?
উত্তৰঃ জাৰণ আৰু বিজাৰণ বিক্ৰিয়া হ’ল জীৱ দেহৰ অভ্যন্তৰত ভাগত চলা এক ৰাসায়নিক বিক্ৰিয়া যিয়ে জটিল অণুক সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰাত সহায় কৰে ।

64. ক’ত অশুদ্ধ তেজ শোধন হয় ?
উত্তৰঃ হাঁওফাঁওত তেজ শোধন হয় ।

65. বেক্টেৰীয়াই নাইট্ৰজেন মৌল ক’ৰ পৰা আহৰণ কৰে?
উত্তৰঃ বেক্টেৰীয়াই নাইট্ৰজেন মৌল বায়ুমণ্ডলৰ পৰা আহৰণ কৰে ।

66. খাদ্যৰ জটিল অণুক সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰা ৰাসায়নিক বিক্ৰিয়া বা প্ৰক্ৰিয়াটোৰ নাম কি?
উত্তৰঃ খাদ্যৰ জটিল অণুক সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰা ৰাসায়নিক বিক্ৰিয়া বা প্ৰক্ৰিয়াটোৰ নাম হ’ল— জাৰণ আৰৰু বিজাৰন প্ৰক্ৰিয়া ।

67. সোঁ নিলয় কাক বোলে ?
উত্তৰঃ সোঁ অলিন্দ সংকোচন হোৱাৰ সময়ত ইয়াৰ পশ্চাৎ অংশত অৱস্থিত কোঠালীটোৰ দুৱাৰ মুকলৈ হৈ যায় । তেতিয়া, সোঁ অলিন্দৰ পৰা তেজ আহি যিটো কোঠালীত সোমাই পৰে, সেই কোঠালিটোকে সুঁ নিলয় বোলে ।

68. উদ্ভিদৰ বাবে নাইট্ৰেজেন মৌল কিয় প্ৰয়োজনীয় ? নাইট্ৰেজেন মৌলক উদ্ভিদে কি হিচাপে গ্ৰহণ কৰে ?
উত্তৰঃ উদ্ভিদৰ বাবে নাইট্ৰেজেন মৌলবিধ প্ৰ’টিন আৰু অন্যান্য কিছুমান যৌগ  সংশ্লেষণৰ কাৰণে অতি প্ৰয়োজন । নাইট্ৰেজেন মৌলক উদ্ভিদে অজৈৱ নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপে গ্ৰহণ কৰে ।

69. এককোষী জীৱই কি প্ৰক্ৰিয়াৰে আহাৰ গ্ৰহণ, গেছৰ আদান-প্ৰদান বা বৰ্জিত পদাৰ্থৰ নিষ্কাশন কৰে?
উত্তৰঃ এককোষী জীৱই ব্যাপন (Diffusion) প্ৰক্ৰিয়াৰে আহাৰ গ্ৰহণ, গেছৰ আদান-প্ৰদান বা বৰ্জিত পদাৰ্থৰ নিষ্কাশন কৰে ।

70. বাঁও নিলয় কাক বোলে ?
উত্তৰঃ বাঁও অলিন্দই তেজ সংগ্ৰহ কৰাৰ পাছত ই সংকুচিত হৈ তাত থকা তেজ ইয়াৰ পশ্চাৎ অংশত থকা কোঠালিলৈ প্ৰেৰণ কৰে । এই কোঠালীটোক বাঁও নিলয় বোলে ।

71. শ্বসন বুলিলে কি বুজা?
উত্তৰঃ  জীৱই দেহৰ বহিঃ পৰিৱেশৰ অক্সিজেন আহৰণ কৰি লয় । এই অক্সিজেনৰ সহায়ত আহাৰবিলাকৰ পৰিৱৰ্তন ঘটাই কোষৰ ব্যৱহাৰোপযোগী কৰি তুলে । ইয়াকে শ্বসন (Respiration) বোলা হয় ।

72. বহুকোষী জীৱৰ ক্ষেত্ৰত কিয় ব্যাপন (Diffusion) প্ৰক্ৰিয়াৰে আহৰণ কৰা লাগতিয়াল দ্ৰব্যবোৰ কোষৰ বাবে পৰ্যাপ্ত নহয়?
উত্তৰঃ বহুকোষী জীৱৰ ক্ষেত্ৰত সকলোবিলাক কোষ প্ৰত্যক্ষভাৱে চাৰিওপাশৰ পৰিৱেশৰ লগত সান্নিধ্যত নাথাকে । সেয়েহে সাধাৰণ ব্যাপন (Diffusion) প্ৰক্ৰিয়াৰে আহৰণ কৰা লাগতিয়াল দ্ৰব্যবোৰ বহুকোষী জীৱৰ কোষৰ বাবে পৰ্যাপ্ত নহয় ।

READ MORE  জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? | Chapter 8 | Class 10 General Science - SEBA

73. প্ৰানীৰ আকাৰ ডাঙৰ হ’লে কেনেদৰে অক্সিজেন কলাবোৰত বিতৰণ কৰে?
উত্তৰঃ প্ৰাণীৰ আকাৰ যথেষ্ট ডাঙৰ হ’লে ব্যাপন চাপে দেহৰ সকলো অংশতে অক্সিজেন যথোপযুক্ত পৰিমাণে সৰবৰাহ কৰিব নোৱাৰে । সেয়েহে, হাঁওফাঁওত তেজৰ ৰঞ্জক পদাৰ্থই অক্সিজেন গ্ৰহণ কৰি অক্সিজেন কমি থকা কলাসমূহত বিতৰণ কৰে ।

74. আমি কিয় প্ৰেস্ৰাৱ কৰা তাড়ণাক নিয়ন্ত্ৰণ কৰিব পাৰো ?
উত্তৰঃ মূত্ৰ থলীটো পেশীযুক্ত আৰু ই স্নায়ুৰ দ্বাৰা নিয়ন্ত্ৰিত হয় । সেয়েহে, আমি প্ৰেস্ৰাৱ কৰা তাড়ণাক নিয়ন্ত্ৰণ কৰিব পাৰো ।

75. পানীৰ সহায়ত এ.টি.পি অণুত থকা ফছ্ফেট অণু ওলাই গলে যি পৰিমাণৰ শক্তি উৎপন্ন হয়, তাৰ পৰিমাণ কিমান ?
উত্তৰঃ পানীৰ সহায়ত এ.টি.পি অণুত থকা ফছ্ফেট অণু ওলাই গলে যি পৰিমাণৰ শক্তি উৎপন্ন হয়, তাৰ পৰিমাণ হৈছে- 30.5 K.J./Mol

76. মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধৰ নাম কি?
উত্তৰঃ মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধৰ নাম- হিম’গ্লবিন ।

77. মল ত্যাগ কৰা কাৰ্যক কিহে নিয়ন্ত্ৰণ কৰে ?
উত্তৰঃ মলত্যাগ কৰা কাৰ্যক স্ফিনেক্টাৰ পেশী (Sphincter Muscle) বোৰে নিয়ন্ত্ৰণ কৰে ।

78. বায়ুকূপবোৰৰ পৃষ্ঠভাগ মেলি দিলে কিমান ঠাই আগুৰিব ?
উত্তৰঃ বায়ুকূপবোৰৰ পৃষ্ঠভাগ মেলি দিলে 80 m2 মান ঠাই আগুৰিব ।

79. কিয় জলচৰ প্ৰাণীবোৰে স্থলচৰ পানীবোৰতকৈ খৰকৈ উশাহ লয় ?
উত্তৰঃ বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ পানীত মিহ’লি থকা অক্সিজেনৰ পৰিমাণ তুলনামূলকভাৱে কম । সেয়েহে, জলচৰ প্ৰাণীবোৰে স্থলচৰ পানীবোৰতকৈ খৰকৈ উশাহ লয় ।

80. বায়ু ছেকাত সহায় কৰা দুটা অংগৰ নাম লিখা ।
উত্তৰঃ বায়ু ছেকাত সহায় কৰা দুটা অংগৰ নাম হ’ল— নাকৰ বিন্ধাত থকা নোমবোৰ আৰু নাসাৰন্ধ্ৰত থকা শ্লেস্মা ।

81. ৰেচন (Excretion) কাক বোলে ?
উত্তৰঃ দেহৰ জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত উৎপন্ন হোৱা নাইট্ৰ’জেন জাতীয় আৰু আন আন অলাগতিয়াল পদাৰ্থসমূহ দেহৰ পৰা নিষ্কাশন কৰাতো নিতান্তই প্ৰয়োজন । জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবোৰে এই উপাজাত পদাৰ্থসমূহ দেহৰ পৰা বৰ্জন কৰা প্ৰক্ৰিয়াকে ৰেচন বোলে ।

82. উভচৰ আৰু বহুত প্ৰকাৰৰ সৰীসৃপ প্ৰাণীৰ হৃদযন্ত্ৰটো কেইটা কোঠালীযুক্ত ? আৰু কিয় ?
উত্তৰঃ উভচৰ আৰু বহুত প্ৰকাৰৰ সৰীসৃপ প্ৰাণীৰ হৃদযন্ত্ৰটো তিনিটা কোঠালীযুক্ত । এই প্ৰকাৰৰ প্ৰাণীবোৰে অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ মিহ’লি ঘটিলেও পৰিৱেশৰ উষ্ণতাৰ লগত সহনশীল হৈ চলিব পৰা ক্ষমতা থাকে ।

83. কিয় শ্বাসনলীৰ মাজেদি বায়ু চলাচল কৰোঁতে ই চেপেটা হৈ লাগি নধৰে ?
উত্তৰঃ টেটুৰ বায়ু নলীকা ডালত কিছুমান উপাস্থিৰে গঠিত আঙুঠি থাকে । সেয়েহে, শ্বাসনলীৰ মাজেদি বায়ু চলাচল কৰোঁতে ই চেপেটা হৈ লাগি নধৰে ।

84. কিহে আমাৰ দেহত খাদ্যৰ উপাদান, অক্সিজেন আৰু বৰ্জিত পদাৰ্থ পৰিবহন কৰে ?
উত্তৰঃ তেজে আমাৰ দেহত খাদ্যৰ উপাদান, অক্সিজেন আৰু বৰ্জিত পদাৰ্থ পৰিবহন কৰে ।

85. খাদ্য সংবহন বা খাদ্য স্থানান্তৰণ কাক বোলে? উদ্ভিদৰ কোনবিধ কলাৰ যোগেদি এই কাৰ্য সম্পন্ন হয় ?
উত্তৰঃ উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰৱণীয় পদাৰ্থবিলাকৰ পৰিবহনক খাদ্য সংবহন বা খাদ্য স্থানান্তৰণ বোলে । উদ্ভিদৰ ফ্ল’ৱেম কলাৰ যোগেদি এই কাৰ্য সম্পন্ন হয় ।

86. তেজত থকা তৰল মাধ্যমটোৰ নাম কি?
উত্তৰঃ তেজত থকা তৰল মাধ্যমটোৰ নাম প্লাজমা।

87. মানুহৰ ৰেচন তন্ত্ৰটো কি কি অংগৰে গঠিত ?
উত্তৰঃ মানুহৰ ৰেচন তন্ত্ৰটো এযোৰ বৃক্ক (Kidney), এযোৰ মূত্ৰনলী, এটা মূত্ৰথলী আৰু এটা মূত্ৰ নিষ্কাশন নলীৰ দ্বাৰা গঠিত ।

88. এককোষী জীৱই কেনেদৰে ৰেচন কাৰ্য সমাধা কৰে ?
উত্তৰঃ এককোষী জীৱবোৰে সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰ মাধ্যমেৰে কোষাবৰণৰ মাজেৰে উপজাত পদাৰ্থ দেহৰ পৰা পাৰিপাৰ্শ্বিকৰ পানীত বৰ্জন কৰি ৰেচন কাৰ্য সমাধা কৰে ।

89. সাধাৰণ চিষ্ট’লিক চাপ আৰু ডায়েষ্ট’লিক চাপৰ মাত্ৰা কিমান ?
উত্তৰঃ সাধাৰণ চিষ্ট’লিক চাপৰ মাত্ৰা- 120mm আৰু ডায়েষ্ট’লিক চাপৰ মাত্ৰা- 80mm

90. আমাৰ দেহৰ মূত্ৰ কেনেকৈ নিষ্কাশন হয় ?
উত্তৰঃ আমাৰ দেহৰ বৃক্ক দুটাত উৎপন্ন হোৱা মূত্ৰ মূত্ৰবাহী নলীয়েদি আহি মূত্ৰথলীত জমা হয় । এই মূত্ৰথলীৰ পৰা নিৰ্দিষ্ট এক সময়ে সময়ে মূত্ৰ নিষ্কাশন নলীৰ মাধ্যমেদি দেহৰ পৰা বাহিৰ কৰা হয় ।

91. ক’ত হিম’গ্লবিনবোৰ পোৱা যায় ?
উত্তৰঃ তেজৰ লোহিত ৰক্ত কণিকাত হিম’গ্লবিনবোৰ পোৱা যায় ।

92. জলচৰ প্ৰাণীবোৰে ক’ৰ পৰা অক্সিজেন শোষণ কৰে ?
উত্তৰঃ জলচৰ প্ৰাণীবোৰে পানীত দ্ৰৱীভূত থকা অক্সিজেন শোষণ কৰে ।

93. উদ্ভিদে কেনেদৰে বায়ু সংৰক্ষণ কৰি ৰাখে ?
উত্তৰঃ উদ্ভিদে পত্ৰৰন্ধ্ৰৰ সহায়ত বায়ু শোষণ কৰে আৰু আন্তঃকোষীয় ঠাইত মজুত ৰাখে । এই আন্তঃকোষী কোষবোৰে ব্যাপন প্ৰক্ৰিয়াৰে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন গেছৰ বিনিময় সংঘটিত কৰে ।

94. কিয় কাৰ্বন ডাই অক্সাইড দ্ৰৱণীয় অৱস্থাত তেজত পৰিবহন হয় ?
উত্তৰঃ কাৰ্বন ডাই অক্সাইড, অক্সিজেনতকৈ পানীত বেছিকৈ দ্ৰৱীভূত হয় । সেয়েহে, কাৰ্বন ডাই অক্সাইড দ্ৰৱণীয় অৱস্থাত তেজত পৰিবহন হয় ।

95. তেজত থকা কিহে দ্ৰৱীভূত অৱস্থাত খাদ্যবস্তু, কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰ’জেন জাতীয় বৰ্জিত পদাৰ্থবোৰ পৰিবহন কৰে ?
উত্তৰঃ তেজত থকা প্লাজমা অংশই দ্ৰৱীভূত অৱস্থাত খাদ্যবস্তু, কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰ’জেন জাতীয় বৰ্জিত পদাৰ্থবোৰ পৰিবহন কৰে ।

96. তেজ এবিধ ______ কলা ।
উত্তৰঃ তেজ এবিধ তৰল সংযোজক কলা।

Long Questions and Answers

1. জীৱন প্ৰক্ৰিয়া বুলিলে কি বুজা?
উত্তৰঃ কোনো এক জীৱৰ অথবা জীৱবোৰৰ জীৱন ৰক্ষাৰ বাবে কিছুমান কাৰ্য আৰু প্ৰক্ৰিয়া অব্যাহত থাকিব লাগে । যেনেকৈ শ্বাস-প্ৰশ্বাস, তেজ চলাচল, ৰেচন, পৰিপুষ্টি, পৰিবহন আদিসমূহ এই কাৰ্যসমূহৰ অন্তৰ্গত । এই প্ৰক্ৰিয়াবোৰ একত্ৰিতভাৱে জীৱন প্ৰক্ৰিয়া বোলা হয় ।

2. হৃদযন্ত্ৰৰ কিহৰ বাবে দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেন যোগান ধৰিবৰ বাবে সুবিধা হয় ?
উত্তৰঃ হৃদযন্ত্ৰত অক্সিজেনযুক্ত বিশুদ্ধ তেজ আৰু অক্সিজেন বিহীন অশুদ্ধ তেজ মিহ’লি নোহোৱাকৈ ৰাখিবৰ নিমিত্তে হৃদযন্ত্ৰত সোঁফালে আৰু বাঁওফালে দুটা পৃথক ভাগ আছে । এই পৃথকীকৰণৰ বাবে দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেন যোগান ধৰিবৰ বাবে সুবিধা হয় ।

3. পক্ষী আৰু স্তন্যপায়ীপ্ৰাণী বিশেষকৈ মানুহৰ হৃদযন্ত্ৰটো কেইটা কোঠালীযুক্ত আৰু কিয়?
উত্তৰঃ পক্ষী আৰু স্তন্যপায়ীপ্ৰাণী বিশেষকৈ মানুহৰ হৃদযন্ত্ৰটো চাৰিটা কোঠালীযুক্ত । দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিবৰ বাবে সদায় এক নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয় আৰু ইয়াৰ বাবে যথেষ্ট পৰিমাণৰ অক্সিজেনৰ প্ৰয়োজন । চাৰিটা কোঠালীযুক্ত হৃদযন্ত্ৰই যথেষ্ট পৰিমাণৰ অক্সিজেন পক্ষী আৰু স্তন্যপায়ীপ্ৰাণীবোৰক যোগান ধৰিব পাৰে ।

4. নেফ্ৰন কি বা কাক বোলে? ইয়াৰ কাম কি?
উত্তৰঃ বৃক্কত অসংখ্য পাতল বেৰৰ ৰক্তজালিকা থাকে । এই ৰক্তজালিকাবোৰে বৃক্কত লগ লাগি কাপ সদৃশ নলীকা গঠন কৰে । বৃক্কত থকা এনে নলীকাৰ এককবোৰকে নেফ্ৰন বোলে । নেফ্ৰনবোৰে তেজ চেকাত সহায় কৰে । লগতে, নেফ্ৰনে প্ৰাথমিক অৱস্থাত  গ্লুক’জ, লৱণ, এমিন’ এছিড আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকাৰ পাছত পাছৰ নলীকা অংশত অধিশোষণ কৰে ।

5. তেজৰ উচ্চ চাপক কি বুলি কোৱা হয়? কেতিয়া মানুহৰ উচ্চ ৰক্ত চাপ হয়? ইয়াৰ ফলত কি হয় ?
উত্তৰঃ তেজৰ উচ্চ চাপক ‘হাইপাৰ টেনচন’ বুলি কোৱা হয় ।

ধমনী চেপাখাই সংকোচন হোৱাৰ কাৰণে উচ্চ ৰক্ত চাপ হয় । ইয়াৰ ফলত তেজ প্ৰবাহৰ প্ৰতিৰোধ বাঢ়ি যায় আৰু উচ্চ ৰক্তচাপৰ কাৰণে কেতিয়াবা ধমনী ফাটি অন্তঃ ৰক্তক্ষৰণ হয় ।

6. উদ্ভিদৰ দেহত আহাৰ আৰু অন্যান্য দ্ৰৱ্যৰ পৰিবহন কেনেদৰে হয়?
উত্তৰঃ উদ্ভিদৰ দেহত থকা ফ্ল’ৱেম কলাই বিপাকীয় আৰু সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপন্ন হোৱা দ্ৰৱনীয় পদাৰ্থবোৰৰ সেই ঠাইৰ পৰা উদ্ভিদৰ দেহৰ অন্য স্থানলৈ পৰিবহন কৰে । ফ’ৱেম ক’লাই এমিন’ এচিডো পৰিবহন কৰে । লগতে, উদ্ভিদৰ দেহত থকা চালনি নলীকা আৰু তাৰ গাতে লাগি থকা সংগী কোষবোৰে খাদ্য আৰু অন্যান্য পদাৰ্থবোৰ উদ্ভিদৰ দেহৰ সংবহন বা স্থানান্তৰণৰ উৰ্ধমুখী আৰু অধোমুখী দুয়ুটা দিশতে সহায় কৰে ।

7. কেতিয়া আমি উদ্ভীদক জীৱিত বুলি কব পাৰো ?
উত্তৰঃ যদি কোনো এক বস্তুয়ে চলন কাৰ্য  কৰে তেতিয়াই ই জীৱিত বোলি কোৱা হয় । উদ্ভিদৰ ক্ষেত্ৰত বৃদ্ধিৰ বাবে এনে চলন কাৰ্য সম্ভৱ হৈ উঠে । বীজৰ অঙ্কুৰণৰ লগে লগে বৃদ্ধি হ’বলৈ ধৰে । কিছুদিনৰ পাছত গঁজালিটো মাটি ফাঁটি ওপৰলৈ অলাই আহে যাক আমি  উদ্ভিদৰ চলন হিচাপে পৰিলক্ষিত হয় । তেতিয়াই আমি উদ্ভীদক জীৱিত বুলি কব পাৰো । কিন্তু ইয়াৰ বৃদ্ধি বন্ধ হ’লে ইয়াৰ চলন স্থবিৰ হৈ পৰে ।

8. জীৱৰ বাবে আণৱিক চলাচল কিয় প্ৰয়োজন?
উত্তৰঃ জীৱবোৰ এক  নিৰ্দিষ্ট শৈলীৰে গঠিত । জীৱবোৰৰ কিছুমান নিৰ্দিষ্ট কলা থাকে, এই কলাবোৰ কোষৰে গঠিত আৰু এই কোষবোৰৰ কিছুমান কোষ অংগানু থাকে । এই  সকলোবোৰ গঠন ৰাসায়নিক অণুৰে গঠিত । সেয়েহে অণুবিলাক সকলো সময়তে চাৰিওফালে চলাচল কৰি থাকিব লাগিব । তেতিয়াহে জীৱবিলাকৰ বিভিন্ন শৈল্যবোৰ সক্ৰিয় হৈ থাকিব আৰু জীৱবিলাকৰ অস্তিত্ব ৰক্ষা  হ’ব ।

9. কিয় এককোষী জীৱৰ ক্ষেত্ৰত আহাৰ গ্ৰহণ, গেছৰ আদান-প্ৰদান বা বৰ্জিত পদাৰ্থৰ নিষ্কাশনৰ বাবে কোনো বিশেষ অংগ নাথাকিলেও হয় বা প্ৰয়োজন নহয় ?
উত্তৰঃ এককোষী জীৱৰ ক্ষেত্ৰত আহাৰ গ্ৰহণ, গেছৰ আদান-প্ৰদান বা বৰ্জিত পদাৰ্থৰ নিষ্কাশনৰ বাবে কোনো বিশেষ অংগ নাথাকিলেও হয় বা প্ৰয়োজন নহয়, কাৰণ এককোষী জীৱৰ গোটেই দেহটোয়েই পৰিৱেশৰ লগত প্ৰত্যক্ষভাৱে বা পোনে পোনে সান্নিধ্যত থাকে ।

10. উদ্ভিদৰ ৰেচন ক্ৰিয়া কেনেদৰে সমাধা কৰে ?
অথবাঃ উদ্ভিদৰে ৰেচন ক্ৰিয়া সম্পৰ্কে লিখা।
উত্তৰঃ উদ্ভিদে বাষ্পমোচন প্ৰক্ৰিয়াৰে অত্যাধিক পানীভাগ এৰি দিয়ে । উদ্ভিদে অন্যান্য বৰ্জিত পদাৰ্থসমূহ উদ্ভিদৰ মৃত কোষৰ কলাবোৰৰ জৰিয়তে আৰু পাতৰ দৰে সৰি পৰা অংগৰ মাধ্যমেৰে ৰেচন ক্ৰিয়া সম্পাদন কৰে । অধিকাংশক বৰ্জিত পদাৰ্থ উদ্ভিদৰ কোষৰ ৰসধানিত থাকে । কিছুমান উৎপাদিত বৰ্জিত পদাৰ্থ বিশেষকৈ পূৰঠ জাইলেম কলাত ৰেজিন আৰু আঠা হিচাপে সঞ্চিত হৈ থাকে । লগতে, কিছুমান বৰ্জিত পদাৰ্থ উদ্ভিদে মাটিত উলিয়াই দি ৰেচন ক্ৰিয়া সমাধা কৰে ।

11. কিয় আমাৰ দেহৰ অভ্যন্তৰত আহাৰ আৰু অক্সিজেনৰ পৰিবহনৰ বাবে বিশেষ প্ৰক্ৰিয়াৰ প্ৰয়োজন হয় ?
উত্তৰঃ আহাৰ আৰু অক্সিজেন আহৰণ আমাৰ দেহৰ কোনো এক অংশতহে সংঘটিত হয় । সেয়ে দেহৰ সকলো অংশলৈ এই আহাৰ আৰু অক্সিজেন বিয়পি যোৱাতো প্ৰয়োজন । সেয়ে আমাৰ দেহৰ অভ্যন্তৰত আহাৰ আৰু অক্সিজেনৰ পৰিবহনৰ বাবে বিশেষ প্ৰক্ৰিয়াৰ প্ৰয়োজন হয়  যাতে আমাৰ দেহৰ সকলো কোষে ইয়াৰ অংশীদাৰ হ’ব পাৰে ।

12. ৰেচন ক্ৰিয়া কাক বোলে ?
উত্তৰঃ জীৱ দেহৰ অভ্যন্তৰত কাৰ্বন আৰু অক্সিজেন ব্যৱহাৰ কৰি শক্তি উৎপন্ন কৰা ৰাসায়নিক বিক্ৰিয়াবিলাক চলি থাকোতে কিছুমান বৰ্জিত পদাৰ্থ উৎপন্ন হয় । এইবোৰ দেহৰ পৰা বাহিৰ কৰাটো অতিকৈ প্ৰয়োজন । জীৱৰ দেহত থকা ৰেচন অংগসমূহে এই অলাগতিয়াল পদাৰ্থসমূহ বাহিৰ কৰি দিয়ে । এনেদৰে বৰ্জিত পদাৰ্থ জীৱৰ দেহৰ পৰা নিষ্কাশন কৰা প্ৰক্ৰিয়াটোক ৰেচন ক্ৰিয়া (Excretion) বোলে ।

13. শক্তিৰ উৎস বা খাদ্য আমাৰ দেহত প্ৰয়োজনীয়তা কি ?
উত্তৰঃ আমাৰ দেহৰ বিকাশ, বৃদ্ধি, প্ৰ’টিন সংশ্লেষণ আৰু আন আন ৰাসায়নিক উপাদানৰ কাৰণে দেহৰ বাহিৰৰ পৰা কিছুমান উপাদান বা শক্তিৰ উৎস বা খাদ্য গ্ৰহণ কৰিব লগা হয় । আমি যিকোনো কাৰ্য কৰিবৰ বাবে যি শক্তিৰ প্ৰয়োজন হয়, এই শক্তিও খাদ্যৰ পৰাই দেহৰ কোষবোৰে গ্ৰহণ কৰে । লগতে, একো ক্ৰিয়া কলাপ জড়িত নহ’লেও আমাৰ শৰীৰ সুচাৰুৰূপে পৰিচালনা আৰু জীয়াই থাকিবৰ বাবে খাদ্যৰ প্ৰয়োজন হয় ।

14. পত্ৰৰন্ধ্ৰ কাক বোলে? ইয়াৰ কাম কি ?
উত্তৰঃ উদ্ভিদৰ পাতৰ উপৰিভাগত নিচেই সৰু সৰু কিছমান ৰন্ধ্ৰ থাকে । এই ৰন্ধ্ৰবোৰকে পত্ৰৰন্ধ্ৰ বোলে ।

সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে লাগতিয়াল বিশাল পৰিমাণৰ গেছৰ আদান প্ৰদান আৰু অতিৰিক্ত পানীভাগ এৰি দিবৰ বাবে পত্ৰৰন্ধ্ৰৰ মাজেৰে সংঘটিত হয় ।

15. এচিডিটি কাক বোলে ?
উত্তৰঃ পাকগ্ৰন্থিৰ পাচক ৰসত হাইড্ৰ’ক্লৰিক এছিড থাকে । এই হাইড্ৰ’ক্লৰিক এছিড থকাৰ বাবে পাকস্থলী ৰস আম্লিক ধৰ্মীয় । আমাৰ দেহত খাদ্য নাথাকিলে বা আমি খাদ্য গ্ৰহণ নকৰিলে, পাকস্থলী বেৰখনৰ অন্তঃ আৱৰণখনক এই এছিডে ক্ৰিয়া কৰে । ইয়াকে এচিডিটি বুলি কোৱা হয় ।

16. পাকস্থলিৰ পৰা অহা অৰ্দ্ধপাচিত খাদ্য কেনে প্ৰকৃতিৰ হয় ? এই খাদ্যসমূহক কিহে ক্ষাৰকত পৰিৱৰ্তন কৰে ?
উত্তৰঃ পাকস্থলিৰ পৰা অহা অৰ্দ্ধপাচিত খাদ্য আম্লিক প্ৰকৃতিৰ হয় । এই খাদ্যসমূহক ক্ষাৰকীয় হোৱা প্ৰয়োজন যাতে অগ্নাশয় ৰসৰ উৎসেচকে ক্ৰিয়া কৰিব পাৰে । যকৃতৰ পৰা নিঃসৰিত পিত্তৰসে এই অৰ্দ্ধপাচিত খাদ্য ক্ষাৰকলৈ পৰিৱৰ্তন কৰে আৰু খাদ্যৰ চৰ্বী অংশত ক্ৰিয়া কৰে ।

17. যকৃত আৰু যকৃতৰ পৰা ওলোৱা পিত্তৰসৰ কাম কি?
উত্তৰঃ পাকস্থলিৰ পৰা অহা অৰ্দ্ধপাচিত খাদ্য আম্লিক প্ৰকৃতিৰ হয় । এই খাদ্যসমূহক ক্ষাৰকীয় হোৱা প্ৰয়োজন যাতে অগ্নাশয় ৰসৰ উৎসেচকে ক্ৰিয়া কৰিব পাৰে । যকৃতৰ পৰা নিঃসৰিত পিত্তৰসে এই অৰ্দ্ধপাচিত খাদ্য ক্ষাৰকলৈ পৰিৱৰ্তন কৰে আৰু খাদ্যৰ চৰ্বী অংশত ক্ৰিয়া কৰে ।

18. উদ্ভিদে কেনেকৈ শ্বসন কাৰ্য সমাধা কৰে ?
উত্তৰঃ উদ্ভিদে পত্ৰৰন্ধ্ৰৰ সহায়ত বায়ু শোষণ কৰে আৰু আন্তঃকোষীয় ঠাইত মজুত ৰাখে । এই আন্তঃকোষী কোষবোৰে ব্যাপন প্ৰক্ৰিয়াৰে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন গেছৰ বিনিময় সংঘটিত কৰে । ইয়াৰ পৰাই অক্সিজেন কোষবোৰলৈ যায় লগতে কোষৰ পৰা কাৰ্বন ডাই অক্সাইড পত্ৰৰন্ধৰ সহায়ত বায়ুমণ্ডললৈ এৰি দিয়ে ।

19. জলচৰ প্ৰাণীবোৰে কেনেদৰে শ্বসন কাৰ্য্য সমাধা কৰে?
অথবাঃ মাছে কেনেদৰে অক্সিজেন গ্ৰহণ কৰে ?
উত্তৰঃ  জলচৰ প্ৰাণীবোৰে পানীত দ্ৰৱীভূত থকা অক্সিজেন শোষণ কৰে । কিছুমান জলচৰ প্ৰাণীবোৰে ফুলৰ সহায়ত উশাহ-নিশাহ লয় । উদাহৰণস্বৰূপে— মাছে মুখৰ সহায়েৰে পানীভাগ ফুলৰ মাজেৰে জোৰকৈ এৰি দিয়ে । ইয়াৰ ফলত, ফুলত বিয়পি থকা ৰক্ত নলীকাবোৰে ইয়াৰ পৰা অক্সিজেন ভাগ ধৰি ৰাখে আৰু নিজৰ শ্বসন কাৰ্য্য সমাধা কৰে ।

20. স্থলচৰ প্ৰাণীবোৰৰ শ্বসনাংগবোৰ কেনেধৰণৰ হয় ?
উত্তৰঃ স্থলচৰ প্ৰাণীবোৰে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰে । স্থলচৰ প্ৰাণীবোৰৰ শ্বসনাংগবোৰ এনেধৰণৰ হয় যে বায়ুমণ্ডলৰ সান্নিধ্যলৈ আহিলেই এই অংগবোৰে অতি সহজে অক্সিজেন শোষণ কৰিব পাৰে । শ্বসনঅংগৰ শ্বসন পৃষ্ঠবোৰ অতিশয় সুষম আৰু সুকোমল হয় । সেয়েহে এই শ্বসন পৃষ্ঠবোৰৰ সংক্ৰমণৰ পৰা হাত সাৰিবৰ বাবে শ্বসনঅংগবোৰ দেহৰ ভিতৰত অৱস্থিত হয় আৰু কিছুমান অতিৰিক্ত অংগই সহায় কৰে । উদাহৰণস্বৰূপে— নাকৰ বিন্ধাত কিছুমান নোম থাকে যিবোৰে বায়ু ছেকী শ্বসন অংগলৈ সোমায় ।

21. কৃত্ৰিক বৃক্কৰ সহায়ত কেনেদৰে ৰেচন কাৰ্য সমাধা হয় ?
অথবাঃ মানুহৰ বৃক্ক (Kidney) বিকল/বেয়া হ’লে কেনেদৰে কৃত্ৰিম বৃক্কৰ সহায়ৰ ৰেচন কৰা হয়?
উত্তৰঃ কৃত্ৰিম বৃক্কটো অৰ্ধভেদ্য আৱৰণযুক্ত কিছুমান নলীকাৰে গঠিত । এই কৃত্ৰিম বৃক্ক পাত্ৰ এটাত ভ্ৰমঝেলী দ্ৰৱত ডুৱাই ৰখা হয় । এনে দ্ৰৱ আৰু তেজৰ আসৃতি চাপ একে হয় । কৃত্ৰিম বৃক্কৰ নলীকাবোৰৰ মাজেদি ৰোগীৰ তেজ যাবলৈ দিয়া হয় । এই কাৰ্যত, ৰোগীৰ তেজত উৎপন্ন হোৱা বৰ্জিত পদাৰ্থবোৰ ব্যাপন প্ৰক্ৰিয়াৰ মাধ্যমেৰে ভ্ৰমঝেলিত সোমাই পৰে । এই প্ৰক্ৰিয়াত শোধন হোৱা তেজখিনি পাম্পৰ সহায়েৰে ৰোগীৰ শৰীৰলৈ পুনৰ উভতাই পঠিওৱা হয় । এই প্ৰক্ৰিয়া সাধাৰণ বৃক্কৰ ক্ৰিয়াৰ দৰে একে হয় কিন্তু ইয়াত অধিশোষণ নহয় । 

22. কেনেকৈ ফ্ল’ৱেম কলাৰ মাধ্যমেৰে পানী আৰু আন পদাৰ্থবোৰ সৰবৰাহ হয়? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ চুক্ৰুজৰ নিচিনা পদাৰ্থবোৰ ফ্ল’ৱেম কলাৰ ভিতৰলৈ স্থানান্তৰণ হওঁতে ATP ৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰে । ইয়াৰ জৰিয়তে, ফ্ল’ৱেমৰ আসৃতি চাপ বৃদ্ধি হয় আৰু ইয়াৰ ফলত পানী তাৰ ভিতৰলৈ গতি কৰে । এই চাপৰ সহায়ৰ মাধ্যমেৰে পদাৰ্থবোৰ কম চাপযুক্ত ফ্ল’ৱেম কলালৈ গতি কৰে । যাৰ ফলত, উদ্ভিদ দেহৰ প্ৰয়োজনীয় অংশলৈ ফ্ল’ৱেম কলাই খাদ্য বা পদাৰ্থৰ সংবহন কৰে ।

উদাহৰণস্বৰূপে— বসন্ত কালত মূল বা শিপা আৰু কাণ্ডৰ কলাবিলাকত সঞ্চিত শৰ্কৰাবোৰ বিকশিত হোৱা কুমলীয়া কলিবোৰলৈ সংবহন ঘটি শক্তিৰ যোগান ধৰে ।

23. স্ব-পোষী আৰু পৰপোষী জীৱ কাক বোলে ? উদাহৰণ দিয়া ।
অথবাঃ জীৱই সিহঁতৰ খাদ্য আহৰণ কেনেকৈ কৰে ?
উত্তৰঃ যিবোৰ জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয় আৰু আন কোনো জীৱৰ ওপৰত নিৰ্ভৰ কৰে সেইজীৱবোৰক স্ব-পোষী জীৱ বোলা হয় । অৰ্থাৎ কিছুমান জীৱই সৰল অজৈৱিক উৎস, বিশেষকৈ কাৰ্বন ডাই অক্সাইড (CO2) , পানী (H2O) আদিৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটাই খাদ্য আহৰণ কৰে । এইদৰে খাদ্য আহৰণ কৰা জীৱসমূহক স্ব-পোষী (Autotroph) বোলে । উদাহৰণ- সকলো প্ৰকাৰৰ সেউজীয়া উদ্ভিদ, কিছুমান বেক্টেৰীয়া আদি ।

যিবোৰ জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল’ব নোৱাৰে আৰু আন স্ব-পোষী জীৱৰ ওপৰত নিৰ্ভৰ কৰে সেইজীৱবোৰক পৰপোষী জীৱ বোলা হয় । অৰ্থাৎ যিবোৰ জীৱই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জীয়াই থাকিবৰ বাবে স্ব-পোষীজীৱৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় । উদাহৰণ- ভেঁকুৰ(Fungi), প্ৰাণীসমূহ (Animals) আদি ।

24. উৎসেচক কি বা কাক বোলে? উদাহৰণ দিয়া ।
অথবাঃ জীৱদেহত উৎসেচকে কেনেদৰে সহায় কৰে বা জীৱদেহত ইয়াৰ প্ৰয়জনীয়তা কি?
উত্তৰঃ খাদ্যৰ জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবৰ বাবে জীৱই জৈৱ অনুঘটক (Bio-Catalyst) ব্যৱহাৰ কৰে । এই জৈৱ অনুঘটকবোৰক উৎসেচক (Enzyme) বোলে ।

আমি খাদ্য হিচাপে গ্ৰহণ কৰা আহাৰৰ জটিল অৱস্থাৰ পৰা কোষে গ্ৰহণ কৰিব পৰা সৰল অৱস্থালৈ এই উৎসেচক সমূহে সহায় কৰে । আমাৰ দেহৰ দুবিধ প্ৰ’টিন বিশ্লেষিত উৎসেচক হ’ল— পেপচিন আৰু শ্লেষ্মা (mucus)

READ MORE  শক্তিৰ উৎসসমূহ | Chapter 14 | Class 10 General Science - SEBA

25. কেতিয়া পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি আৰু বন্ধ হয় ?
অথবাঃ পত্ৰৰন্ধ্ৰৰ বন্ধ আৰু মুকলি পৰিঘটনাটো লিখা। পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি আৰু বন্ধ পৰিঘটনাটো কোনে নিয়ন্ত্ৰণ কৰে?
উত্তৰঃ সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হোৱাৰ সময়ত পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি হয় । ৰক্ষী কোষ দুটালৈ পানী সোমালে সিঁহত স্ফীত হৈ পৰে ফলত পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি হয়।

সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন নোহোৱাৰ সময়ত পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ বন্ধ হয় । যেতিয়া ৰক্ষীকোষ দুটা সংকুচিত হয় তেতিয়া পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ বন্ধ হৈ পৰে ।

পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি আৰু বন্ধ পৰিঘটনাটো পত্ৰৰন্ধ্ৰৰ ৰক্ষীকোষ দুটাই কিছুমান কাৰ্যৰ মাধ্যমেদি নিয়ন্ত্ৰণ কৰে ।

26. উৎসেচক কি? ইয়াৰ কাম কি? লালটিত থকা উৎসেচকবিধৰ নাম কি আৰু ইয়াৰ ব্যৱহাৰ লিখা? দুবিধ প্ৰ’টিন বিশ্লেষিত উৎসেচকৰ নাম লিখা ।
উত্তৰঃ জটিল প্ৰকৃতিৰ আহাৰবোৰ পাচন নলীত পাচন হ’বৰ বাবে সৰল অৱস্থালৈ পৰিৱৰ্তন কৰাটো অতিকৈ প্ৰয়োজন ।। জৈৱ অনুঘটকৰ সহায়ত এই জটিল আহাৰক সৰলীকৰণ কৰা হয় । এই জীৱ অনুঘটক (Biocatalyst) সমূহক উৎসেচক (Enzyme) বুলি কোৱা হয় ।

লালটিত থকা উৎসেচকবিধৰ নাম হ’ল— লালটি এমাইলেজ । আহাৰ চোবাই থাকোঁতে জিভাৰ জৰিয়তে লালটিৰ সৈতে মিহ’লাই দিয়া হয় । ইয়াৰ সহায়ত মুখ গহ্বৰত খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিৱৰ্তিত হয় । দুবিধ প্ৰ’টিন বিশ্লেষিত উৎসেচকৰ নাম হ’ল— পেপচিন আৰু শ্লেষ্মা ।

27. উৎসেচকৰ তিনিটা কাম লিখা ।
উত্তৰঃ উৎসেচকৰ দুটা কাম হ’ল—
(a) উৎসেচকবোৰে অৱশিষ্ট হিচাপে ৰৈ যোৱা প্ৰ’টিন অংশক সৰল এমিন’ এছিডলৈ ৰূপান্তৰ কৰে ।
(b) উৎসেচকবোৰে শৰ্কৰাসমূহক গ্লুক’জলৈ সলনি কৰে ।
(c) উৎসেচকসমূহে অৱশিষ্ট চৰ্বীসমূহক ফেটি এছিড আৰু গ্লিচাৰললৈ ৰূপান্তৰিত কৰে ।

28. ভিলাই কি? ইয়াৰ কাম কি বা ভিলাইৰ তিনিটা কাম লিখা ?
উত্তৰঃ ভিলাই হৈছে- ক্ষুদ্ৰান্তৰ বেৰত লাগি থকা কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধক ।

ভিলাইৰ কাম হ’ল—
(a) ইহঁতে ক্ষুদ্ৰান্তৰ অন্তঃ আৱৰণীৰ পাচিত খাদ্য শোষণ কৰে ।
(b) ভিলাইৰ ৰক্তবাহী নলিকাবোৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ পৰিবহন কৰে ।
(c) বৃহদান্ত্ৰত বেৰৰ ভিলাইবোৰে খাদ্যাংশৰ পৰা অতিৰিক্ত পানীভাগ শোষণ কৰি লয় ।

29. শোষণ নোহোৱা খাদ্যভাগ কি হয় ?
উত্তৰঃ দেহত শোষণ নোহোৱা খাদ্যভাগ ক্ষুদ্ৰান্তৰ পশ্চাৎ অংশ বৃহদান্ত্ৰত প্ৰবেশ কৰে । বৃহদান্ত্ৰত প্ৰবেশ কৰাৰ পিছত বৃহদান্ত্ৰৰ বেৰৰ ভিলাইবোৰে খাদ্যাংশৰ পৰা অতিৰিক্ত পানীভাগ শোষণ কৰি লয় । শোষণ নোহোৱাকৈ ৰোৱা পদাৰ্থবোৰ পায়ুইয়েদি দেহৰ পৰা মল (Focal Matter) হিচাপে নিষ্কাশিত হয় ।

30. দাঁতৰ কোন দুটা অংশৰ কোমল হোৱাৰ পিছত দাঁত ক্ষয় হয় ? দাত ক্ষয় হোৱাৰ কাৰণ কি? দন্তক্ষয় কেনেদৰে নিৰাময় কৰিব পাৰি ?
উত্তৰঃ দাঁতৰ এনামেল আৰু ডেন্টাইন, এই দুটা অংশৰ কোমল হোৱাৰ পিছত দাঁত ক্ষয় হয় ।

দাত ক্ষয় হোৱাৰ কাৰণ হ’ল— দাঁতৰ গুৰিত লাগি থকা খাদ্যৰ চেনীভাগৰ ওপৰত বেক্টেৰীয়াই ক্ৰিয়া কৰে । ইয়াৰ ফলত উৎপন্ন হোৱা অম্লই দাঁতৰ এনামেল আৰু ডেন্টাইন অংশ দুটা নৰম আৰু লৱণমুক্ত কৰি দিয়ে । ইয়াৰ ফলতে দন্তক্ষয় হয় ।

দন্তক্ষয় নিৰাময় কৰিবৰ বাবে খোৱাৰ পিছতে টুথপেষ্ট বা আন ক্ষাৰজাতীয় দাত ঘহা পদাৰ্থৰে/মাধ্যমেৰে দাঁত ব্ৰাছ কৰি চাফা কৰিব লাগে ।

31. কিণ্বন প্ৰক্ৰিয়াটো লিখা ।
উত্তৰঃ কিছুমান জীৱই অক্সিজেনৰ অনুপস্থিতিত গ্লুক’জ অণু সম্পূৰ্ণভাৱে ভাঙি কাৰ্বন ডাই অক্সাইড আৰু পানী সৃষ্টি কৰে । প্ৰথমে ছটা কাৰ্বনযুক্ত গ্লুক’জ অণু ভাঙি তিনিটা কাৰ্বন অণুযুক্ত পাইৰুভেত অণুৰ সৃষ্টি হয় । এইটো কাৰ্যটো কোষৰ কোষপ্ৰৰসত সংঘটিত হয় । পাছৰ পৰ্যায়ত, এই পাইৰুভেত্ অণুৰ পৰা ইথাইল এলকহ’ল আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় । কিণ্বন প্ৰক্ৰিয়াটো ইষ্টৰ নিচিনা কিছুমান এককোষী জীৱৰ দেহত সংঘটিত হয় ।

32. অবাত শ্বসন আৰু সবাত শ্বসন কাক বোলে ? উদাহৰণ দিয়া ।
উত্তৰঃ কিছুমান জীৱই অক্সিজেনৰ অনুপস্থিতিত শ্বসন প্ৰক্ৰিয়া সাধন কৰে । অক্সিজেনৰ অনুপস্থিতিত হোৱা এনে শ্বসন প্ৰক্ৰিয়াক অবাত শ্বসন বোলে ।
উদাহৰণস্বৰূপে— ইষ্টৰ দেহত অবাত শ্বসন সংঘটিত হয় ।

কিছুমান জীৱই অক্সিজেনৰ উপস্থিতিত শ্বসন প্ৰক্ৰিয়া সমাধা কৰে । অক্সিজেনৰ উপস্থিতিত হোৱা এনে শ্বসন প্ৰক্ৰিয়াক সবাত শ্বসন বোলে ।
উদাহৰণস্বৰূপে— মানুহৰ দেহত সবাত শ্বসন সংঘটিত হয় ।

33. অবাত শ্বসন আৰু সবাত শ্বসনৰ মাজত দুটা পাৰ্থক্য লিখা ।
উত্তৰঃ অবাত শ্বসন আৰু সবাত শ্বসনৰ মাজত থকা দুটা পাৰ্থক্য হ’ল—

(a) অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় । আনহাতে, সবাত শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় ।

(b) সবাত শ্বসনত উৎপাদিত শক্তিৰ পৰিমাণ অবাত শ্বসনতকৈ বহু পৰিমাণে বেছি ।

34. আমাৰ পেশী কোষত কেনেকৈ লেক্টিক এছিডৰ উৎপন্ন হয় ? লেক্টিক এছিড কেইটা কাৰ্বন অণুযুক্ত ? আমাৰ পেশীত শিৰামূৰি কেতিয়া ধৰে ?
উত্তৰঃ আমাৰ পেশী কোষত অক্সিজেনৰ পৰিমাণৰ কমি গ’লে পাইৰুভেত অণু ভাঙি লেক্টিক এছিডৰ উৎপন্ন হয় ।

লেক্টিক এছিড তিনিটা কাৰ্বন অণুযুক্ত ।

পেশীকোষত লেক্টিক এছিড উৎপন্ন হ’লে আমাৰ পেশীত হঠাৎ কেতিয়াবা শিৰামূৰি ধৰে ।

35. এ.টি.পি (ATP) কোষৰ দুটা কাৰ্য লিখা ।
উত্তৰঃ এ.টি.পি (ATP) কোষৰ দুটা কাৰ্য হ’ল—

(a) এ.টি.পিৰ অণু ভাঙি উৎপন্ন হোৱা শক্তি কোষত সংঘটিত কাৰ্যসমূহত ব্যৱহৃত হয় ।

(b) এণ্ড’থাৰ্মিক বিক্ৰিয়া ঘটাবৰ বাবে এ.টি.পিৰ পৰা উৎপন্ন হোৱা শক্তি কোষৰ ব্যৱহাৰ কৰা হয় ।

36. ATP ৰ তিনিটা ব্যৱহাৰ লিখা ।
উত্তৰঃ ATP ৰ তিনিটা ব্যৱহাৰ হ’ল—
(a) কোষে ATP ৰ সহায়ত পেশীসংকোচন ঘটায় ।
(b) প্ৰ’টিন সংশ্লেষণ কাৰ্যত ATP ৰ ব্যৱহাৰ হয় ।
(c) স্নায়ু প্ৰেৰনা পৰিবহন কৰিবৰ বাবে ATP ৰ ব্যৱহৃত হয় ।

37. বায়ুকূপ কি? শ্বসনত ইয়াৰ কাম কি?
উত্তৰঃ হাঁওফাঁওৰ ভিতৰত শ্বাসনলীডাল কিছুমান সৰু সৰু শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি হয় । বেলুন সদৃশ এই অংগবোৰেই হৈছে- বায়ুকূপ ।

উশাহ গ্ৰহণ কৰাৰ সময়ত আমাৰ কামি হাড়বোৰ ওপৰলৈ উঠি যায় । তেতিয়া, মধ্যচ্ছদাখন নিম্নগামী হৈ গতি কৰে আৰু বক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে । সেই মূহূৰ্তত, বায়ুকূপবোৰে হাওঁফাওঁৰ পৰা বায়ু গ্ৰহণ কৰে আৰু পৰিপূৰ্ণ হৈ পৰে । এই বায়ুকূপবোৰৰ পৰাই পাছত, তেজে কঢ়িয়াই আনা কাৰ্বন ডাই অক্সাইড বায়ু কোষবোৰত এৰি দিয়ে আৰু অক্সিজেন ৰক্তজালিকাই শোষণ কৰি দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে ।

38. তেজৰ একক পৰিবহন আৰু দ্বৈত পৰিবহন কাক বোলে ?
উত্তৰঃ মৎস শ্ৰেণীৰ প্ৰাণীৰ ক্ষেত্ৰত তেজৰ গতিপথৰ এটা পূৰ্ণ চক্ৰ বা আবৰ্ত সম্পূৰ্ণ কৰোতে হৃদযন্ত্ৰৰ মাজেৰে তেজ এবাৰহে পৰিবাহিত হয় । ইয়াকে তেজৰ একক পৰিবহন বোলে ।

আনহাতে, মেৰুদণ্ডী প্ৰাণীবোৰৰ ক্ষেত্ৰত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হ’বৰ বাবে হৃদযন্ত্ৰৰ মাজেৰে দুবাৰকৈ পৰিবাহিত হ’ব লাগে । ইয়াকে তেজৰ দ্বৈত পৰিবহন বোলে ।

39. ৰক্ত চাপ (Blood Pressure) কি? ইয়াৰ ভাগ কেইটা আৰু কি কি? ইয়াৰ মাত্ৰাকেইটা লিখা । ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি?
উত্তৰঃ ৰক্তচাপ হ’ল— তেজে ৰক্ত নলীকাৰ বেৰৰ বিপৰীতে প্ৰয়োগ কৰা এক শক্তি বা চাপ । ইয়াৰ ভাগ দুটা ।

নিলয় সংকোচনৰ সময়ত ধমনীৰ ভিতৰত প্ৰয়োগ হোৱা চাপক চিষ্ট’লিক চাপ (Systolic Pressure) বোলে । লগতে, নিলয়ৰ শিথিল অৱস্থাত ধমনীত প্ৰয়োগ হোৱা চাপক ডায়েষ্ট’লিক চাপ (Diastolic Pressure) বোলে ।

ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম হ’ল— স্ফাইগম’মেন’মিটাৰ(Sphygmomanometer)

40. লসিকা কি বা কাক বোলে ? ইয়াৰ দুটা কাম উল্লেখ কৰা ।
উত্তৰঃ ৰক্ত কেশিকাৰ বেৰত থকা ছিদ্ৰৰ মাজেৰে কিছুমান প্লাজমা প্ৰ’টিন আৰু ৰক্তকোষ ওলাই আহি কলাৰ আন্তঃকোষীয় স্থানত তৰল পদাৰ্থ গঠন কৰে । এই তৰল পদাৰ্থবোৰকে লসিকা বোলে।

লসিকাৰ দুটা কাম হ’ল—
(a) লসিকাবোৰে অন্ত্ৰৰ পৰা পাচিত আৰু শোষণ হোৱা চৰ্বী অংশ কঢ়িয়াই আনে ।
(b) লসিকাই, অতিৰিক্ত তৰল পদাৰ্থভাগ অন্তঃকোষীয় স্থানৰ পৰা তেজলৈ উভতাই আনে ।

41. উদ্ভিদে কেনেকৈ শক্তি আহৰণ কৰে?
অথবাঃ সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো লিখা ।
অথবাঃ কিহে শক্তিৰ যোগান ধৰে ? উদ্ভিদৰ ব্যৱহাৰ নোহোৱা কাৰ্বহাইড্ৰেটসমূহ কি হয় ?
উত্তৰঃ স্ব-পোষী জীৱ বা উদ্ভিদে বহিঃপৰিৱেশৰ পৰা আহৰণ কৰি লোৱা কাৰ্বন ডাই অক্সাইড আৰু পানী সূৰ্যৰ পোহৰৰ উপস্থিতিত পত্ৰহৰিৎ (Chlorophyll)ৰ সহায়ত কাৰ্বহাইড্ৰেটলৈ পৰিৱৰ্তন কৰে । প্ৰথমে, পোহৰ শক্তিক পত্ৰহৰিৎৰ দ্বাৰা শোষণ কৰে । দ্বিতীয়তে, এই পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰে । তৃতীয়তে, শিপাৰ সহায়ত গ্ৰহণ কৰা পানীৰ অণুক হাইড্ৰ’জেন আৰু অক্সিজেনলৈ পৃথকীকৰণ কৰে । চতুৰ্থতে, কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন কৰে । এই প্ৰক্ৰিয়াটোকে সালোক সশ্লেষণ প্ৰক্ৰিয়া বোলে ।

কাৰ্বহাইড্ৰেট বোৰেই কামত লাগি উদ্ভিদক শক্তিৰ যোগান ধৰে । যিখিনি কাৰ্বহাইড্ৰেট লগে লগে ব্যৱহাৰ নহয় সেইবোৰ শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে । এই সঞ্চিত শ্বেতসাৰৰ পৰা প্ৰয়োজন সাপেক্ষে উদ্ভিদে শক্তি হিচাপে আহৰণ কৰে । আমি খাদ্য হিচাপে গ্ৰহণ কৰা খাদ্যবোৰৰ পৰা আহৰণ কৰা শক্তি আমাৰ দেহত গ্লাইক’জেন হিচাপে সঞ্চিত হৈ থাকে ।

42. স্ব-পোষী জীৱই কেনেকৈ পৰিপুষ্টি বা খাদ্য সংগ্ৰহ কৰে ?
উত্তৰঃ স্ব-পোষীয় জীৱই প্ৰয়োজনীয় কাৰ্বন আৰু শক্তি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰীয়তে সংগ্ৰহ কৰে । স্বপোষীয় জীৱই বহিঃ পৰিৱেশৰ পৰা আহৰণ কৰা কিছুমান দ্ৰৱ্যক পৰিৱৰ্তন ঘটাই নিজৰ দেহত শক্তি হিচাপে সঞ্চিত কৰিব পাৰে । এইবোৰ জীৱই বহিঃ পৰিৱেশৰ পৰা আহৰণ কৰি লোৱা কাৰ্বন ডাই অক্সাইড আৰু পানী সূৰ্যৰ পোহৰৰ উপস্থিতিত পত্ৰহৰিৎ (Chlorophyll) ৰ সহায়ত কাৰ্বহাইড্ৰেটলৈ পৰিৱৰ্তন কৰে ৷

যিখিনি কাৰ্বহাইড্ৰেট লগে লগে ব্যৱহাৰ নহয় সেইবোৰ শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে । এই সঞ্চিত শ্বেতসাৰৰ পৰা প্ৰয়োজন সাপেক্ষে শক্তি হিচাপে আহৰণ কৰে ।

43. তেজ আৰু লসিকাৰ মাজৰ দুটা সাদৃশ্য আৰু দুটা বৈসাদৃশ্য বা পাৰ্থক্য লিখা ।
উত্তৰঃ তেজ আৰু লসিকাৰ মাজৰ দুটা সাদৃশ্য হ’ল—
(a) তেজ আৰু লসিকা, দুয়ুবিধ তৰল পদাৰ্থ ।
(b) লসিকাবোৰ তেজৰ প্লাজমাৰ দৰে প্ৰায় একে ।

তেজ আৰু লসিকাৰ মাজৰ দুটা বৈসাদৃশ্য বা পাৰ্থক্য হ’ল—
(a) তেজৰ ৰং ৰঙা আনহাতে, লসিকাবোৰ বৰণহীন ।
(b) তেজতকৈ লসিকাত প্ৰ’টিনৰ পৰিমাণ কম থাকে ।

44. উদ্ভিদ দেহত পৰিবহন কেনেদৰে হয় ?
অথবাঃ উদ্ভিদৰ দেহৰ পৰিবহন তন্ত্ৰৰ কাম কি?
উত্তৰঃ উদ্ভিদে নাইট্ৰ’জেন, ফছফৰাছ, খনিজ পদাৰ্থ আদিবোৰ শিপাৰ সহায়েৰে মাটিৰ পৰা সংগ্ৰহ কৰে । উদ্ভিদে ব্যাপন প্ৰক্ৰিয়াৰ মাধ্যমেৰে গোটেই উদ্ভিদৰ অংগবোৰলৈ শক্তি আৰু কেঁচা সামগ্ৰীবোৰ কঢ়িয়াই নিয়ে ।

উদ্ভিদৰ পৰিবহন তন্ত্ৰই পাতত সঞ্চিত শক্তি আৰু শিপাৰ পৰা কেঁচা সামগ্ৰীসমূহ সৰবৰাহ কৰে । পাতৰ পৰা আৰু শিপাৰ পৰা এই দুই সৰবৰাহৰ পথ সংবহন নলীকাৰে গঠিত । ইয়াৰে এটা জাইলেম কলাৰে গঠিত যিটো কলাই পানী, খনিজ লৱণ, নাইট্ৰ’জেন, ফছফৰাছ, আদি কেঁচা সামগ্ৰী মাটিৰ পৰা পৰিবহন কৰে । আনটো সৰবৰাহৰ পথ ফ্ল’ৱেম কলাৰে গঠিত যি কলাই সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰৱ্যবিলাক পাতৰ পৰা উদ্ভিদৰ দেহৰ অন্যান্য ঠাইলৈ সৰবৰাহ কৰে ।

45. উদ্ভিদৰ পানী পৰিবহণৰ প্ৰক্ৰিয়াটো লিখা ।
উত্তৰঃ উদ্ভিদৰ দেহত থকা জাইলেম কলাৰ নলিকাবোৰে উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত এক সংযোগ ঘটাই গছৰ গোটেই দেহটোলৈ পানীৰ সৰবৰাহ কৰিবৰ বাবে এক সুতিৰ সৃষ্টি কৰে ।

মাটিৰ লগত সংস্পৰ্শ কৰি থকা শিপাৰ কোষবোৰে শিপা আৰু মাটিৰ মাজত এক আয়নৰ গাঢ়তাৰ তাৰতম্যৰ সৃষ্টি কৰে । সেইকাৰণে, শিপাই এই তাৰতম্য দূৰ কৰিবৰ নিমিত্তে মাটিৰ পৰা পানী শোষণ কৰে । লগতে, পাতৰ কোষবোৰে পানীৰ অণুবিলাক বাষ্পকাৰে এৰি দিয়াৰ ফলত পাতত এক শোষণ বলৰ সৃষ্টি হয় আৰু এই শোষণ বলৰ বাবেই জাইলেম কলাই পানী শোষণ কৰে । 

ইয়াৰ ফলস্বৰূপে, জাইলেম কলালৈ এক নিয়মীয়া ভাৱে পানীৰ প্ৰবাহ চলি থাকে আৰু এই প্ৰবাহে পানীৰ এক স্তম্ভৰ সৃষ্টি কৰি নিয়মিয়াকৈ পানী ওপৰলৈ ঠেলি থাকে । এই চাপৰ ফলতে উদ্ভিদৰ উচ্চতালৈকে আৰু বিভিন্ন অংশলৈ পানী গতি কৰিব পাৰে বা পৰিবহন কৰে ।

46. পত্ৰমোচন বা বাষ্পমোচন (Transpiration) কাক বোলে ? এই প্ৰক্ৰিয়াটোয়ে পানীৰ পৰিবহনত কেনেদৰে সহায় কৰে ?
অথবাঃ পত্ৰমোচন বা বাষ্পমোচন (Transpiration) প্ৰক্ৰিয়াৰ দুটা সহায়/কাম উল্লেখ কৰা ।
উত্তৰঃ উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানীভাগ বায়বীয় অংগই বাষ্পকাৰে এৰি দিয়ে । এই প্ৰক্ৰিয়াটোকে পত্ৰমোচন বা বাষ্পমোচন (Transpiration) বোলে ।

পত্ৰমোচন বা বাষ্পমোচন (Transpiration) প্ৰক্ৰিয়াৰ তিনিটা সহায়/কাম হ’ল—
(a)পত্ৰমোচন বা বাষ্পমোচন প্ৰক্ৰিয়াই পানী আৰু পানীত দ্ৰৱীভূত খনিজ লৱণবোৰ শোষণ কৰাত সহায় কৰে ।

(b)লগতে, এই প্ৰক্ৰিয়াই শিপাৰ পৰা পাতলৈ ঊৰ্ধমুখী গতি লাভ কৰাত সহায় কৰে ।

(c)পত্ৰমোচন বা বাষ্পমোচন প্ৰক্ৰিয়াই গছৰ/উদ্ভিদৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে ।

(d) দিনৰ ভাগত যেতিয়া পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলৈ হৈ থাকে তেতিয়া এই প্ৰক্ৰিয়াই জাইলেম কলাৰ মাজেৰে পানী পৰিবাহিত হৈ থকাত মুখ্য ভূমিকা গ্ৰহণ কৰে ।

47. পৰপোষিত জীৱ কাক বোলে? এই পৰপোষীয় জীৱবোৰে পৰজীৱিয় পুষ্টি বা পৰপোষিত পুষ্টি কেনেদৰে লাভ কৰে/আহৰণ কৰে?
উত্তৰঃ যিবোৰ জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লব নোৱাৰে আৰু অন্য দ্ৰৱ্য বা প্ৰাণীৰ ওপৰত নিভৰ কৰে । সেই জীৱবোৰক পৰপোষিত জীৱ বোলে ।

কিছুমান জীৱই দেহৰ বাহিৰত পচন হোৱাৰ পাছত সৰল অৱস্থাৰ আহাৰে দেহে শোষণ কৰি লয় । উদাহৰণস্বৰূপে— পুৰণা ৰুটীত গঁজি উঠা ভেকুঁৰ বিশেষকৈ ইষ্ট, কাঠফুলা আদিয়ে এই ধৰণে খাদ্য সংগ্ৰহ কৰে । কিছুমান জীৱই খাদ্যভাগ সম্পূৰ্ণভাৱে আহৰণ কৰি দেহৰ ভিতৰত ইয়াক পাচিত কৰে ।

কিছুমান জীৱই উদ্ভিদ আৰু প্ৰাণীক নমৰাকৈয়ে সিঁহতৰ পৰা নিজৰ পুষ্টি আহুণ কৰে । উদাহৰণস্বৰূপে— চিকৰা(Tick), ওকনি (Lice), জোক (Leeches), ফিটাপেলু(Tape-warm), আকাশীলতা আদি ।

48. এককোষী জীৱই কেনেদৰে পুষ্টি আহৰণ কৰে? এমিবা আৰু পেৰামেচিয়াম নামৰ এককোষী জীৱকেইবিধে কেনেদৰে পুষ্টি গ্ৰহণ কৰে বা খাদ্যগ্ৰহণৰ প্ৰক্ৰিয়াটো লিখা ?
উত্তৰঃ এককোষী জীৱৰ খাদ্য আহৰণ বা পুষ্টি আহৰণ কৰিবৰ বাবে ইহঁতৰ দেহৰ বহিৰাবৰণখনে খাদ্যবস্তু সংগ্ৰহ কৰে । জীৱসমূহৰ দেহৰ গঠনৰ জটিলতা হিচাপে বিভিন্ন কাৰ্য সম্পাদন কৰিবৰ কাৰণে নিৰ্দিষ্ট অংগসমূহৰ সৃষ্টি হয় ।

এককোষী জীৱ এমিবাৰ দেহত কোষাবৰণৰ দ্বাৰা সৃষ্টি হোৱা এবিধ আঙুলি সদৃশ কূটপদৰ সৃষ্টি হয় । এই কূটপদৰ জৰীয়তে এমিবাই খাদ্য সংগ্ৰহ কৰি খাদ্য ৰক্তিকাৰ (Food Vacuole) সৃষ্টি কৰে । খাদ্য ৰিক্তিকাৰ ভিতৰত জটিল খাদ্যবস্তু সৰল অৱস্থালৈ পৰিৱৰ্তন হয় । পাছৰ পৰ্যায়ত, সৰল খাদ্যভাগ কোষ প্ৰসৰত বিলিন হৈ পৰে । লগতে, অপাচিত খাদ্যভাগ কোষৰ প্ৰান্তীয় স্থানলৈ গতি কৰে । অৱশেষত, কোষৰ পৰা অপাচিত খাদ্যবস্তু নিৰ্গত হয় ।

পেৰামেচিয়াম নামৰ এককোষী জীৱবিধৰ কোষৰ নিৰ্দিষ্ট আকৃতি আছে আৰু খাদ্য বস্তু কোষটোৰ নিৰ্দিষ্ট অংশতহে সংগৃহীত হয় । দেহাবৰনত আগুৰি থকা চিলিয়াৰ চলনৰ জৰিয়তে খাদ্যবস্তু এই নিৰ্দিষ্ট অংশলৈ কঢ়িয়াই নিয়ে ।

49. “জাইলেম কলাৰ যোগেদি হোৱা সংবহন আৰু ফ্ল’ৱেমৰ যোগেদি সংঘটিত খাদ্য সংক্ৰমণ বা খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়া দুটা একে নহয় ।”- ব্যাখ্যা কৰা ।
অথবাঃ জাইলেম কলা আৰু ফ্ল’ৱেম কলাৰ মাজত পাৰ্থক্য লিখা ।
উত্তৰঃ “জাইলেম কলাৰ যোগেদি হোৱা সংবহন আৰু ফ্ল’ৱেমৰ যোগেদি সংঘটিত খাদ্য সংক্ৰমণ বা খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়া দুটা একে নহয় ।”

জাইলেম কলা আৰু ফ্ল’ৱেম কলাৰ মাজত থকা পাৰ্থক্যসমূহ হ’ল—
(a) জাইলেম কলাৰ জৰিয়তে হোৱা সংবহনক সৰল ভৌতিক বলৰ সহায়ত সংঘটিত হয় । আনহাতে, ফ্ল’ৱেম কলাৰ যোগেদি হোৱা সংবহন শক্তি ব্যৱহাৰ কৰিহে সম্পন্ন হয় ।

(b)জাইলেম কলাই পানী, খনিজ লৱণ, নাইট্ৰ’জেন, ফছফৰাছ, আদি কেঁচা সামগ্ৰী মাটিৰ পৰা পৰিবহন কৰে । আনহাতে, ফ্ল’ৱেম কলাই সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰৱ্যবিলাক পাতৰ পৰা উদ্ভিদৰ দেহৰ অন্যান্য ঠাইলৈ সৰবৰাহ কৰে ।

50. মূত্ৰ কেনেকৈ উৎপন্ন হয় ?
অথবাঃ মূত্ৰ বাহিৰ কৰা প্ৰক্ৰিয়াটো লিখা ।
অথবাঃ মানুহৰ ৰেচন প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা ।

উত্তৰঃ মূত্ৰ উৎপন্নৰ উদ্দেশ্যে তেজৰ পৰা পদাৰ্থবোৰ চেকী বাহিৰ কৰি দিয়া হয় । নাইট্ৰ’জেন জাতীয় উপজাত পদাৰ্থ বিশেষকৈ ইউৰিয়া, ইউৰিক এছিড আদি অলাগতিয়াল পদাৰ্থসমূহ বৃক্কত তেজৰ পৰা পৃথক কৰা হয় । বৃক্কত থকা পাতল বেৰৰ ৰক্তজালিকাবোৰে তেজ চেকাত সহায় কৰে । লগতে, বৃক্কত থকা নেফ্ৰনে প্ৰাথমিক অৱস্থাত  গ্লুক’জ, লৱণ, এমিন’ এছিড আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকাৰ পাছত পাছৰ নলীকা অংশত অধিশোষণ কৰে । দেহত কিছুমান অতিৰিক্ত পানী থাকে আৰু কিমান পৰিমাণৰ দ্ৰৱীভূত বৰ্জিত পদাৰ্থ তেজত থাকে সেই অনুপাতে পানীভাগ অধিশোষন কৰি মূত্ৰৰ সৃষ্টি কৰে ।

বৃক্কত উৎপন্ন হোৱা মূত্ৰ নেফ্ৰনৰ দীঘল নলীকা মূত্ৰনলীলৈ সোমাই আহে আৰু মূত্ৰথলীত জমা হয় । মূত্ৰথলীৰ চাপৰ প্ৰভাৱত জমা হোৱা মূত্ৰ মূত্ৰনলীৰে মূত্ৰ সময়ে সময়ে বাহিৰ কৰা হয় ।

51. মৎস শ্ৰেণীৰ প্ৰাণীৰ হৃদযন্ত্ৰ কেইটা কোঠালী যুক্ত ? এই প্ৰাণীবোৰৰ হৃদযন্ত্ৰত কেনেদৰে তেজ পৰিবাহিত হয় ? মৎস শ্ৰেণীৰ প্ৰাণীৰ ক্ষেত্ৰত তেজৰ গতিপথৰ এটা পূৰ্ণ চক্ৰ বা আবৰ্ত সম্পূৰ্ণ কৰোতে হৃদযন্ত্ৰৰ মাজেৰে তেজ কিমানবাৰ পৰিবাহিত হয়?
উত্তৰঃ মৎস শ্ৰেণীৰ প্ৰাণীৰ হৃদযন্ত্ৰ দুটা কোঠালী যুক্ত ।

এনে প্ৰাণীবোৰৰ দেহত হৃদযন্ত্ৰৰ পৰা তেজ অক্সিজেন গ্ৰহণৰ বাবে ফুললৈ যায় আৰু অক্সিজেন লৈ দেহৰ বিভিন্ন অংশবোৰত বিতৰন কৰে ।

মৎস শ্ৰেণীৰ প্ৰাণীৰ ক্ষেত্ৰত তেজৰ গতিপথৰ এটা পূৰ্ণ চক্ৰ বা আবৰ্ত সম্পূৰ্ণ কৰোতে হৃদযন্ত্ৰৰ মাজেৰে তেজ এবাৰহে পৰিবাহিত হয় ।

Leave a Comment

error: Content is protected !!
Scroll to Top