ধাতু আৰু অধাতু | Chapter 3 | Seba Class 10 General Science Questions and Answers | MCQs Questions and Answers | Class 10  General Science MCQs | Class 10 General Science Assamese Medium | HSLC General Science Questions and Answers Assamese Medium | Assam Class 10 General Science Solutions | Assamese Medium | Assam Seba Board | Assam Class 10 G. Science Answer | দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ | অসমীয়া মাধ্যম


ধাতু আৰু অধাতু

Multiple Choice Questions and Answers

1. সাধাৰণ উষ্ণতাত জুলীয়া অধাতুটো—
(a) আয়’ডিন।
(b) ক্ল’ৰিণ।
(c) ব্ৰ’মিন।
(d) ছালফাৰ।
উত্তৰঃ (c) ব্ৰ’মিন।

2. যেতিয়া Al2O2 য়ে NaOH ৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কোনটো যৌগ গঠন হয় ?
(a) NaAlO2
(b) Na2AlO3
(c) NaAl2O3
(d) NaAlO3
উত্তৰঃ (a) NaAlO2

3. Cu, Al, Na, F – এই ধাতুকেইটা অক্সিজেনৰ লগত হোৱা বিক্ৰিয়াবেগৰ নিম্নক্ৰমত সজালে হ’ব—
(a) Cu > Na > Fe > AI(b) Na > AI > Cu > Fe
(c) Na > AI > Fe > Cu
(d) Al > Na > Fe > Cu
উত্তৰঃ (c) Na > AI > Fe > Cu

4. তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব ?
(a) NaCl ৰ দ্ৰৱ আৰু কপাৰ ধাতু
(b) MgCl2 ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু
(c) FeSOৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু
(d) AgNOৰ দ্ৰৱ আৰু কপাৰ ধাতু।
উত্তৰ : (d) AgNOৰ দ্ৰৱ আৰু কপাৰ ধাতু

5. টা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো—
(a) কেলছিয়াম
(b) আইৰন
(c) ছিলিকন
(d) কাৰ্বন
উত্তৰ : (a) কেলছিয়াম

6. তলৰ কোনটো ধাতুৱে উচ্চ উষ্ণতাতো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে?
(a) Cu (b) Fe
(c) Ag
(d) Al
উত্তৰঃ (c) Ag

7. আটাইতকৈ কঠিন প্ৰাকৃতিক যৌগটো হৈছে—
(a) গ্ৰেফাইট
(b) হীৰা
(c) আইবন
(d) আয় ডিন উত্তৰঃ
(b) হীৰা

8. তলৰ কোনটো ধাতুৱে কেৱল উতলা পানীৰ বাষ্পৰ সৈতেহে বিক্ৰিয়া কৰে?
(a) Mg
(b) Cu
(c) Fe
(d) Ca
উত্তৰঃ (c) Fe

9. আটাইতকৈ সক্ৰিয় ধাতুটো হৈছে—
(a) আইন (b) জিংক
(c) মেগনেছিয়াম
(d) এলুমিনিয়াম
উত্তৰঃ (c) মেগনেছিয়াম

10. লঘু এচিডৰ লগত Fe, Al, Zn, Mg ৰ বিক্ৰিয়াবেগৰ নিম্নক্ৰমটো হ’ল—
(a) Al > Fe > Zn > Mg
(b) Zn > Al > Mg > Fe
(c) Fe > Al > Zn > Mg
(d) Mg > Al > Zn > Fe
উত্তৰঃ (d) Mg > Al > Zn > Fe

11.এলুমিনিয়াম ধাতুক ৰন্ধন সামগ্ৰী প্ৰস্তুতকৰণত ব্যৱহাৰ হয়। তলৰ কোনটো ধৰ্মৰ বাবে ইয়াক ব্যৱহাৰ হয় ?
(i) তাপৰ সু-পৰিবাহী হোৱাৰ বাবে
(ii) বিদ্যুতৰ সু-পৰিবাহী হোৱাৰ বাবে
(iii) নমনীয়তা গুণৰ বাবে
(iv) উচ্চ গলনাংকৰ বাবে।

(a) (i) আৰু (ii)
(b) (i) আৰু (iii)
(c) (ii) আৰু (111)
(d) (i) আৰু (iv)
উত্তৰ : (b) (i) আৰু (iii)

12. তলৰ কোনটো ধাতুৰে ঠাণ্ডা পানীৰ লগত প্ৰৱল বেগে বিক্ৰিয়া কৰে?
(a) Al
(b) Fe
(c) Na
(d) Ca
উত্তৰঃ (c) Na

13. তলৰ কোনটো আয়নীয় যৌগৰ গলনাংক আটাইতকৈ বেছি—
(a) LiCi
(b) NaCl
(c) CaO
(d) CaCl2
উত্তৰঃ (c) CaO

14. আটাইতকৈ নমনীয় ধাতুটো –
(a) সোণ।
(b) ৰূপ।
(c) তাম।
(d) এলুমিনিয়াম।
উত্তৰঃ (a) সোণ।

15. তলৰ কোনটো যৌগই জলীয় বাষ্পৰ শোষক হিচাপে কাম কৰে ?
(a)  CaCl2
(b) CaO
(c) MgO
(d) NaCI
উত্তৰঃ(a)  CaCl2

16. তলৰ কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে?
(a) K
(b) Mg
(c) Al
(d) Ca
উত্তৰঃ (b) Mg 

17. কপাৰ পৃষ্ঠৰ ওপৰত সৃষ্টি হোৱা সেউজীয়া তৰপৰ যৌগটো হৈছে—
(a) কপাৰ ছালফাইড
(b) কপাৰ কাৰ্বনেট
(c) কপাৰ হাইড্ৰক্সাইড
(d) কপাৰ অক্সাইড
উত্তৰ : (b) কপাৰ কাৰ্বনেট।

18. তলৰ কোনটো ধাতৱ অক্সাইড পানীত দ্ৰবণীয়—
(a) Na2O
(b) Fe2O3
(c) CuO
(d) PbO
উত্তৰঃ (a) Na2O

19. অলৌহ সংকৰ ধাতুটো হৈছে—
(a) নিকেল ষ্টিল
(b) ইনভাৰ
(c) পিতল
(d) এটাও নহয় উত্তৰঃ
(c) পিতল

20. সাধাৰণ উষ্ণতাত জুলীয়া (তৰল) ধাতুটো–
(a) গেলিয়াম।
(b) চিজিয়াম।
(c) সীহ।
(d) পাৰা।
উত্তৰঃ (d) পাৰা।

21. তলত দিয়া কোনটো ধাতু বিদ্যুতৰ আটাইতকৈ বেছি পৰিবাহী—
(a) Fe
(b) Ca
(c) Sn
(d) Cu
উত্তৰ : (a) Fe

22. তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে?
(a) Cu
(b) Fe
(c) Al
(d) Mg
উত্তৰঃ (a) Cu

23. জিংকৰ বৈদ্যুতিক শোধনৰ সময়ত জিংক কোনটো বিদ্যুৎ দ্বাৰত জমা হ’ব ?
(a) কেথ ‘ডত জমা হ’ব
(b) এন’ডত জমা হ’ব
(c) দুয়োটা বিদ্যুৎ দ্বাৰত জমা হ’ব
(d) দ্ৰবত থাকি যাব
উত্তৰ : (b) এন’ডত জমা হ’ব।

24. তলৰ কোনটো ধাতু প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা যায় ?
(i) Cu
(ii) Au
(iv) Ag
(iii) Zn

(a) (i) আৰু (ii)
(b) (ii) আৰু (iii)
(c) (ii) আৰু (iv)
(d) (iii) আৰু (iv)
উত্তৰ: (c) (ii) আৰু (iv)

25. তলত উল্লেখ কৰা বোৰৰ ভিতৰত কোনটো আটাইতকৈ শক্তিশালী বিজাৰক ?
(a) Al
(b) Zn
(c) Fe
(d) Cu
উত্তৰ : (a) Al

26. তলৰ কোনটো এটা উভধৰ্মী অক্সাইড—
(a) Na2O
(b) K2O
(c) CuO
(d) Al2O3
উত্তৰঃ (d) Al2O3

27. বায়ুৰ পৰিবেশত বহুত সময় থকাৰ ফলত ছিলভাৰ সামগ্ৰী ক’লা পৰি যায়। ইয়াৰ কাৰণ তলৰ কোনটো যৌগ উৎপত্তিৰ বাবে হ’ব ?
(a) Ag3S
(b)Ag3N
(c) Ag3O
(d) Ag3S আৰুAg3N
উত্তৰ : (a) Ag3S

28. তলৰ কোনটো ধাতুৱে উভধৰ্মী অক্সাইড গঠন কৰিব ?
(a) Na
(b) Ca (c) Al
(d) Cu
উত্তৰঃ (c) Al

29. কপাৰ চালফেট দ্ৰৱ তলৰ কোনটো পাত্ৰত ৰখা উচিত নহয়—
(a) লোৰ পাত্ৰত
(b) এলুমিনিয়ামৰ পাত্ৰত
(c) জিংকৰ পাত্ৰত
(d) যিকোনো এটা পাত্ৰ
উত্তৰঃ (d) যিকোনো এটা পাত্ৰ

30. জিংক এ NaOH ৰ সৈতে বিক্ৰিয়া কৰি________ উৎপন্ন কৰে ।
(a) NH3
(b) H2(c) O2
(d) NO2
উত্তৰঃ(b) H2

31. তলৰ কোনটো ধাতুৱে ঠাণ্ডা বা গৰম পানীৰ সৈতে বিক্ৰিয়া নকৰে—
(a) Ca
(b) Mg
(c) Na
(d) Fe
উত্তৰঃ(d) Fe

32. তলৰ কোনটো ধাতু কটাৰিৰে কাটিব পাৰি—
(a) মেগনেছিয়াম।
(b) ছ’ডিয়াম।
(c) সীহ।
(d) গেলিয়াম।
উত্তৰঃ (b) ছ’ডিয়াম।

33. তলৰ কোনবিধ সংকৰ ধাতুৰ, মাৰ্কাৰি এবিধ গঠনাত্মক উপাদান—
(a) এলনিক’
(b) নিষ্কলংক তীখা
(c) চ’লডাৰ
(d) জিংক এমালগাম
উত্তৰঃ (d) জিংক এমালগাম

34. পৃথিৱীৰ খোলাটোত থকা আটাইতকৈ সমৃদ্ধশালী ধাতুটো হৈছে—
(a) Al
(b) Fe (c)’Zn
(d) Cu
উত্তৰঃ(b) Fe 

35. দ্যুতি থকা অধাতুটো—
(a) কাৰ্বন।
(b) ছালফাৰ।
(c) ফ’ছফৰাছ।
(d) আয়’ডিন।
উত্তৰঃ (d) আয়’ডিন।

36. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ’ব ?
(a) গ্ৰীজ ব্যৱহাৰ কৰি
(b) জিংকৰ প্ৰলেপ দি
(c) ৰং ব্যৱহাৰ কৰি
(d) ওপৰৰ সকলো
উত্তৰঃ(b) জিংকৰ প্ৰলেপ দি

37. তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু—
(a) সোণ।
(b) ৰূপ।
(c) এলুমিনিয়াম।
(d) সীহ।
উত্তৰঃ (b) ৰূপ।

38. কোনো এটা ধাতুক এডাল ক্ষীণ তাঁৰলৈ পৰিবৰ্তিত কৰিব পৰা ধৰ্মটো হৈছে—
(a) পৰিবহনতা
(b) নমনীয়তা
(c) ঘাত সহনীয়তা
(d) নিনাদী ধৰ্ম
উত্তৰঃ (b) নমনীয়তা 

39. তলৰ কোনটো যৌগ আয়নীয় নহয় ?
(i) KCl
(ii) HCl
(iii) CCI
(iv) NaCl

(a) (i) আৰু (ii)
(b) (ii) আৰু (iii)
(c) (iii) আৰু (iv)
(d) (i) আৰু (iii)
উত্তৰ : (b) (ii) আৰু (iii)

40. তলৰ ধাতুবোৰৰ কোনটোৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে?
(a) Na
(b) Fe
(c) Cu
(d) Ag
উত্তৰঃ (a) Na

41. যদি কপাৰক কিছু সময় বায়ুৰ পৰিৱেশত ৰখা হয়, তেতিয়া ই লাহে লাহে ইয়াৰ মুগা বৰণৰ উজ্জ্বলতা হ্ৰাস হৈ সেউজীয়া ৰঙৰ প্ৰলেপৰ সৃষ্টি কৰে, ইয়াৰ কাৰণ তলৰ কোনটো যৌগৰ উৎপত্তিৰ বাবে হ’ব ?
(a) Cu(NO3)2
(b) CuSO4
(c) CuO
(d) CuCO3
উত্তৰঃ (d) CuCO3

42. তলৰ কোনটো সংকৰ ধাতুত মাকিউৰি (Hg) থাকে ?
(a) নিষ্কলংক তীখা
(b) এলনিক’ (c) চ’লডাৰ
(d) জিংক এমালগাম
উত্তৰ : (d) জিংক এমালগাম ।

43. তলৰ কোনটো অক্সাইড কাৰ্বন বিজাৰণৰ দ্বাৰা ধাতুটো পাব নোৱাৰি?
(a) MnO2
(b) Cr2O3
(c) Al2O3
(d) সকলোবোৰ ।
উত্তৰঃ (d) সকলোবোৰ ।

44. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়; জিংকৰ নহয় । কিয়নো—
(a) টিনতকৈ জিংক দামী (b) জিংকৰ গলনাংক টিনতকৈ বেছি।
(c) জিংক টিনতকৈ অধিক সক্ৰিয়
(d) জিংক টিনতকৈ কম সক্ৰিয়।
উত্তৰ : (c) জিংক টিনতকৈ অধিক সক্ৰিয়।

45.কোনো বিক্ৰিয়া নঘটাকৈ, তলত উল্লেখ কৰা কোনটো দ্ৰৱক এলুমিনিয়াম দণ্ডৰে লৰাব পাৰি—
(a) FeSO4
(b)CuSO4
(c)ZnSO4
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ(d) ওপৰৰ এটাও নহয়

46. তলৰ কোন দুটা ধাতুৱে অতি লঘু HNO3 ৰ লগত বিক্ৰিয়া কৰি H2 গেছ উৎপন্ন কৰে?
(a) Cu, Co
(b) Mg, Mn
(c) Al, Fe
(d) Na, K
উত্তৰঃ (b) Mg, Mn

47. আইনৰ উপৰি নিষ্কলংক তীখা থাকে—
(a) Ni আৰু Cr
(b) Cu আৰু Sn
(c) Al আৰু Mg (d) C আৰু Mn
উত্তৰ : (a) Ni আৰু Cr ।

48. তলৰ কোনটো ধাতু ঠাণ্ডা পানী নাইবা গৰম পানীৰে বিক্ৰিয়া নকৰে ?
(a) Na
(c) Mg
(b) Ca
(d) Fe
উত্তৰ : (d) Fe

Short Questions and Answers

1. কাৰ্বনৰ দুবিধ বহুৰূপ লিখা ।
উত্তৰঃ কাৰ্বনৰ দুই বহুৰূপ হ’ল- হীৰা আৰু গ্ৰেফাইট ।

2. প্ৰকৃতিৰ সকলোতকৈ টান পদাৰ্থ কি?
উত্তৰঃ প্ৰকৃতিৰ সকলোতকৈ টান পদাৰ্থ হীৰা ।

3. কপাৰ আৰু টিনৰ সংকৰ ধাতুবিধৰ নাম কি ?
উত্তৰঃ  কপাৰ আৰু টিনৰ সংকৰ ধাতুবিধৰ নাম- ব্ৰ’ঞ্জ ।

4. লেড আৰু টিনৰ সংকৰ ধাতু কি? ইয়াক ক’ত ব্যৱহাৰ কৰা হয়?
অথবাঃ কিয় ছ’ল্ডাৰক বৈদ্যুতিক তাঁৰবোৰ জোৰা লগোৱা কামত ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ লেড আৰু টিনৰ সংকৰ ধাতু হ’ল- ছ’ল্ডাৰ (Solder) । ইয়াৰ গলনাংক কম, সেয়েহে ইয়াক বৈদ্যুতিক তাঁৰবোৰ জোৰা লগোৱা কামত ব্যৱহৃত হয় ।

5. দস্তালেপন কি ?
উত্তৰঃ দস্তালেপন হ’ল- ষ্টিল আৰু লোত মামৰে ধৰা ৰোধ কৰিবলৈ যিংকৰ আৱৰণৰ সহায়ত তৈয়াৰ কৰা এক প্ৰলেপ । দস্তালেপিত বস্তুবোৰৰ ক্ষেত্ৰত এই প্ৰলেপবোৰ আতৰি যোৱাৰ পাছতো পুনৰ মামৰে নধৰা পৰিলক্ষিত হয় ।

6. ষ্টেইনলচ ষ্টিল কেনেদৰে প্ৰস্তুত কৰা হয় ? ইয়াৰ প্ৰকৃতি কি?
উত্তৰঃ লোৰ সৈতে নিকেল আৰু ক্ৰ’মিয়াম মিহল কৰি ষ্টেইনলচ ষ্টিল প্ৰস্তুত কৰা হয় । ষ্টেইনলেচ ষ্টিল সাধাৰণতে টান আৰু ইয়াত মামৰে নধৰে ।

7. বতাহৰ সংস্পৰ্শত মেগনেছিয়াম দহন কৰিলে কি শিখা উৎপন্ন হয়?
উত্তৰঃ বতাহৰ সংস্পৰ্শত মেগনেছিয়াম দহন কৰিলে উজ্জ্বল বগা শিখা উৎপন্ন হয় ।

8. তপতালে আইৰণ গলেনে ? এইক্ষেত্ৰত আইৰণৰ গুড়িৰ প্ৰতিক্ৰিয়া কি ?
উত্তৰঃ তপতালে আইৰণ নগলে । কিন্তু আইৰণৰ গুড়ি বুনচেন শিখাত ছটিয়াই দিলে ভমককৈ জ্বলি উঠে ।

9. ধাতুৰ গলনাংকৰ প্ৰকৃতি কি ?
উত্তৰঃ ধাতুৰ গলনাংকৰ গলনাংক উচ্চ।

10. তাপৰ দুবিধ অধিক সুপৰিবাহী আৰু দুবিধ কম পৰিবাহী ধাতুৰ নাম লিখা।
উত্তৰঃ তাপৰ দুবিধ অধিক সুপৰিবাহী ধাতুৰ নাম হ’ল— ৰূপ আৰু তাম ।

তাপৰ দুবিধ কম পৰিবাহী ধাতুৰ নাম হ’ল- সীহ আৰু পাৰা ।

11. ধাতুবোৰ বিদ্যুতৰ সু-পৰিবাহীনে ?
উত্তৰঃ ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী ।

12. বিদ্যুৎ পৰিবাহী তাঁৰবিলাকৰ ওপৰত দিয়া ৰবৰ সদৃশ তৰপ বিধৰ নাম কি? বৈদ্যুতিক তাঁৰবিলাকত এই ধৰণৰ আৱৰণ কিয় দিয়া হয়?
উত্তৰঃ বিদ্যুৎ পৰিবাহী তাঁৰবিলাকৰ ওপৰত দিয়া ৰবৰ সদৃশ তৰপ বিধৰ নাম হ’ল— পলিভিনাইল ক্ল’ৰাইড (PVC) । ধাতু বিদ্যুতৰ সুপৰিবাহী, সেয়েহে বৈদ্যুতিক তাৰবোৰৰ পৰা হাত সাৰিবৰ বাবে অৰ্থাৎ সুৰক্ষাৰ বাবে, এই ধৰণৰ আৱৰণ দিয়া হয় ।

13. ধাতুৰ নিনাদীগুণ বুলিলে কি বুজা ? ইয়াৰ এটা ব্যৱহাৰ উল্লেখ কৰা ।
উত্তৰঃ টান বা কঠিন পৃষ্ঠৰ লগত কোনো ধাতুৰ পদাৰ্থ খুন্দা লাগিলে শব্দ উৎপন্ন হয় । এইদৰে উৎপন্ন কৰা ধাতুৰ গুণ বা ধৰ্মক ধাতুৰ নিনাদীগুণ (Sonorous) বোলে । ধাতুৰ নিনাদীগুণ থকাৰ বাবে স্কুলৰ ঘণ্টা (School Bell)বোৰ ধাতুৰে তৈয়াৰ কৰা হয় ।

READ MORE  জীৱন প্ৰক্ৰিয়া | Chapter 6 | Class 10 General Science - SEBA

14. পাঁচবিধ অধাতুৰ উদাহৰণ দিয়া ।
উত্তৰঃ পাঁচবিধ অধাতুৰ নাম হ’ল- কাৰ্বন, ছালফাৰ, আয়’ডিন, অক্সিজেন আৰু হাইড্ৰ’জেন ।

15. ধাতু আৰু অধাতুৰ মাজত কাৰ গলনাংক অধিক/বেছি? এই গুণৰ ব্যতিক্ৰম দুবিধ ধাতুৰ নাম লিখা।
উত্তৰঃ ধাতু আৰু অধাতুৰ মাজত ধাতুৰ গলনাংক বেছি । এই গুণৰ ব্যতিক্ৰম দুবিধ ধাতু হ’ল- গেলিয়াম আৰু ছিজিয়াম ।

16. নাইট্ৰিক এছিডৰ লগত ধাতুৰ বিক্ৰিয়া ঘটিলে কিয় হাইড্ৰ’জেন গেছ নোলায় ?
উত্তৰঃ নাইট্ৰিক এছিডৰ লগত ধাতুৰ বিক্ৰিয়া ঘটিলে হাইড্ৰ’জেন গেছ নোলায় কাৰণ নাইট্ৰিক এছিড (HNO3) এবিধ জাৰক পদাৰ্থ ।

17. নাইট্ৰিক এছিডৰ লগত ধাতুৰ বিক্ৰিয়া ঘটিলে হয় ?
উত্তৰঃ নাইট্ৰিক এছিডৰ লগত ধাতুৰ বিক্ৰিয়া ঘটিলে উৎপন্ন হোৱা হাইড্ৰ’জেন গেছক পানীলৈ (H2O) জাৰিত কৰে আৰু নাইট্ৰ’জেনৰ কোনো এক অক্সাইড বিশেষকৈ N2O, NO, NO2 আদিলৈ বিজাৰিত হয় ।

18. কাৰ্বন ধাতু নে অধাতু? ইয়াৰ প্ৰতিটো অৱস্থাক কি বোলে ?
উত্তৰঃ কাৰ্বন এক অধাতু । ইয়াৰ প্ৰতিটো অৱস্থাক বহুৰূপ (Allotrope) বোলে ।

19. কাৰ্বনৰ বহুৰূপ বুলিলে কি বুজা?
উত্তৰঃ কাৰ্বন এক অধাতু । ই প্ৰকৃতিৰ বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে । ইয়াৰ প্ৰতিটো অৱস্থাক বহুৰূপ বোলে । উদাহৰণস্বৰূপে- হীৰা আৰু গ্ৰেফাইট কাৰ্বনৰ বহুৰূপ ।

20. হীৰা আৰু গ্ৰেফাইট কোনবিধ অধাতুৰ বহুৰূপ ?
উত্তৰঃ হীৰা আৰু গ্ৰেফাইট কাৰ্বনৰ বহুৰূপ ।

21.  বিশুদ্ধ সোণৰ গহণা তৈয়াৰ কিয় কৰা সুবিধাজনক নহয় ?
উত্তৰঃ (ক) বিশুদ্ধ সোণৰ গহণা তৈয়াৰ কিয় কৰা সুবিধাজনক নহয়, কাৰণ বিশুদ্ধ সোণ অতি কোমল যাক 24 কেৰট গ’ল্ড বোলা হয় ।

22. বিশুদ্ধ সোণক কেনেদৰে ৰোধ কৰা হয় বা সোণক বা কেঁচা সোণক কেনেদৰে ব্যৱহাৰ কৰা হয়?
উত্তৰঃ বিশুদ্ধ সোণক ৰোধ কৰিবৰ বাবে বা সোণক বা কেঁচা সোণক ব্যৱহাৰ কৰিবৰ বাবে কপাৰ বা ছিলভাৰৰ সৈতে সংকৰিত কৰা হয় ।

23. ভাৰতত গহণা তৈয়াৰ কৰিবলৈ কেনেধৰণৰ সোণ ব্যৱহাৰ কৰা হয়?
উত্তৰঃ (গ) ভাৰতত গহণা তৈয়াৰ কৰিবলৈ ‘২২ কেৰট গ’ল্ড’ ব্যৱহাৰ কৰা হয় ।

24. ২২ কেৰট গ’ল্ড  সোণৰ অৰ্থ লিখা ।
উত্তৰঃ (ঘ) ২২ কেৰট গ’ল্ড  সোণৰ অৰ্থ হ’ল- ২২ ভাগ বিশুদ্ধ সোণৰ সৈতে ২ ভাগ ছিলভাৰ বা কপাৰ সংকৰিত কৰা ।

25. এবিধ বিদ্যুতৰ পৰিবাহী অধাতুৰ নাম লিখা ।
উত্তৰঃ এবিধ বিদ্যুতৰ পৰিবাহী অধাতুৰ নাম হ’ল- গ্ৰেফাইট ।

26. হীৰাৰ গলনাংক আৰু উচ্চলাংকৰ প্ৰকৃতি কি?
উত্তৰঃ হীৰাৰ গলনাংক আৰু উচ্চলাংকৰ প্ৰকৃতি অতি উচ্চ ।

27. এবিধ সক্ৰিয় ধাতুৰ নাম লিখা ।
উত্তৰঃ এবিধ সক্ৰিয় ধাতু হ’ল- ছ’ডিয়াম ।

28. মেগনেছিয়াম আৰু ছ’ডিয়ামৰ ভিতৰ কোনবিধ বিক্ৰিয়া প্ৰবল বা কম সক্ৰিয় ?
উত্তৰঃ ছ’ডিয়াম অধিক সক্ৰিয় ধাতু । মেগনেছিয়ামৰ বিক্ৰিয়া কম প্ৰবল (Less vigorous) । ই ছ’ডিয়ামতকৈ কম সক্ৰিয় ।

29. ধাতৱ অক্সাইডবোৰ আম্লিক নে ক্ষাৰকীয় ?
উত্তৰঃ ধাতৱ অক্সাইডবোৰ ক্ষাৰকীয় ।

30. অধাতৱ অক্সাইড পানীত দ্ৰৱীভূত কৰিলে কি পোৱা যায় ?
উত্তৰঃ অধাতৱ অক্সাইড পানীত দ্ৰৱীভূত কৰিলে আম্লিক দ্ৰৱণ পোৱা যায় ।

31. পাঁচবিধ ধাতুৰ নাম লিখা ।
উত্তৰঃ পাঁচবিধ ধাতুৰ নাম হ’ল- এলুমিনিয়াম, কপাৰ, আইৰন, লেড, মেগনেছিয়াম যিংক আৰু ছ’ডিয়াম ।

32. কপাৰ জ্বলেনে ? ইয়াৰ পৰিৱৰ্তে কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ?
উত্তৰঃ কপাৰ নজ্বলে কিন্তু গৰম ধাতুটোৰ ওপৰত কপাৰ অক্সাইডৰ এটা তৰপ সৃষ্টি হয় ।

33. সৰহভাগ ধাতৱ অক্সাইড পানীত _____, কিছুমান পানীত দ্ৰৱীভূত হৈ ক্ষাৰ উৎপন্ন কৰে ।
উত্তৰঃ সৰহভাগ ধাতৱ অক্সাইড পানীত অদ্ৰৱণীয়, কিছুমান পানীত দ্ৰৱীভূত হৈ ক্ষাৰ উৎপন্ন কৰে ।

34. ৰূপ (Silver) আৰু সোণ (gold) উচ্চ উষ্ণতাত অক্সিজেনৰ লগত বিক্ৰিয়া কৰেনে ?
উত্তৰঃ ৰূপ (Silver) আৰু সোণ (gold) উচ্চ উষ্ণতাত অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে ।

35. লেড, কপাৰ, ৰূপ, সোণ আদি ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰেনে ?
উত্তৰঃ লেড, কপাৰ, ৰূপ, সোণ আদি ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া নকৰে ।

36. এছিডৰ লগত ধাতুৰ বিক্ৰিয়া ঘটিলে কি হয় ?
উত্তৰঃ ধাতুৱে এছিডৰ লগত বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন কৰে ।
ধাতু + লঘু এছিড ⟶ ধাতৱ লৱণ + হাইড্ৰ’জেন

37. মেগনেছিয়াম আৰু মেঙ্গানিজৰ লগত ধাতুৰ বিক্ৰিয়া হ’লে কি উৎপন্ন কৰে ?
উত্তৰঃ মেগনেছিয়াম (Mg) আৰু মেঙ্গানিজে(Mn) অতি নঘু নাইট্ৰিক এছিড (HNO3) ৰ সৈতে বিক্ৰিয়া হাইড্ৰ’জেন (H2)  গেছ উৎপন্ন কৰে ।

38. নাইট্ৰিক এছিড (HNO3) জাৰক নে বিজাৰক পদাৰ্থ?
উত্তৰঃ নাইট্ৰিক এছিড (HNO3) জাৰক পদাৰ্থ ।

39. কিয় কঠিন অৱস্থাত (Solid State) আয়নীয় যৌগ বা ইলেক্ট্ৰ’যোজী যৌগবোৰে বিদ্যুৎ পৰিবহন নকৰে ?
উত্তৰঃ কঠিন অৱস্থাত (Solid State) আয়নীয় যৌগ বা ইলেক্ট্ৰ’যোজী যৌগবোৰে বিদ্যুৎ পৰিবহন নকৰে কাৰণ এই যৌগবোৰৰ দৃঢ় গঠনৰ কাৰণে আয়নৰ লৰচৰ হোৱাটো সম্ভৱপৰ হৈ নুঠে ।

40. বিগলিত অৱস্থাত (Molten State) আয়নীয় যৌগৰ মাজেৰে বিদ্যুৎ পৰিবহন সম্ভৱ কিয় হয় ?
উত্তৰঃ বিগলিত অৱস্থাত (Molten State) আয়নীয় যৌগৰ মাজেৰে বিদ্যুৎ পৰিবহন সম্ভৱ হয় কাৰণ, বিগলিত অৱস্থাত বিপৰীত ধৰ্মী আয়নবোৰৰ মাজৰ আকৰ্ষণী শক্তিৰ তুলনাত প্ৰয়োগ কৰা তাপশক্তিৰ মান বেছি হয় । ইয়াৰ ফলস্বৰূপে, আয়নবোৰ চলাচল কৰিবৰ বাবে মুক্ত হয় আৰু তেনে অৱস্থাত বিদ্যুৎ পৰিবহন কৰে ।

41. তলৰ ধাতুকেইবিধক বিক্ৰিয়া বেগৰ নিম্নতম ক্ৰমত সজোৱা ।
এলুমিনিয়াম (Al) , আইৰণ(Fe), মেগনেছিয়াম(Mg), জিংক(Zn)

উত্তৰঃ মেগনেছিয়াম(Mg) > এলুমিনিয়াম (Al)  > জিংক (Zn) > আইৰণ(লো) (Fe)

42. কপাৰৰ বিক্ৰিয়াত বুৰবুৰণি আৰু উষ্ণতাৰ তাৰতম্য কেনেকোৱা ? কপাৰে লঘু হাইড্ৰ’ক্লৰিক এছিড (HCl) ৰ লগত বিক্ৰিয়া কৰেনে ?
উত্তৰঃ কপাৰৰ বিক্ৰিয়াত বুৰবুৰণি নোলায় আৰু উষ্ণতাৰ তাৰতম্য নঘটে । কপাৰে লঘু হাইড্ৰ’ক্লৰিক এছিড (HCl) ৰ লগত বিক্ৰিয়া নকেৰে ।

43. দুবিধ কম গলনাংক ধাতুৰ নাম লিখা ।
উত্তৰঃ দুবিধ কম গলনাং ধাতুৰ নাম হ’ল- গেলিয়াম আৰু ছিজিয়াম ।

44. কোনবিধ অধাতু ধাতৱদ্যুতি সম্পন্ন?
উত্তৰঃ আয়’ডিন অধাতু যদিও ধাতৱদ্যুতি সম্পন্ন ।

45. ক্লৰিনৰ বহিৰতম কক্ষত কেইটা ইলেক্ট্ৰন আছে ?
উত্তৰঃ ক্লৰিনৰ বহিৰতম কক্ষত 7 টা ইলেক্ট্ৰন আছে ।

46. ছ’ডিয়াম পৰমাণুৰ বহিৰতম কক্ষত কেইটা ইলেক্ট্ৰন পৰমাণু থাকে ?
উত্তৰঃ  ছ’ডিয়াম পৰমাণুৰ বহিৰতম কক্ষত এটা ইলেক্ট্ৰন পৰমাণু থাকে ।

47. ছ’ডিয়াম ক্ল’ৰাইড প্ৰকৃতিত কি হিচাপে থাকে ?
উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইড প্ৰকৃতিত অণু হিচাপে নাথাকে বৰং বিপৰীত আধানযুক্ত আধানৰ পুঞ্জ (Aggregate) হিচাপেহে থাকে ।

48. ধাতুবোৰ কেনেদৰে আহৰণ কৰ হয় ?
উত্তৰঃ ধাতুবোৰৰ সক্ৰিয়তাৰ ক্ৰম প্ৰয়োগ কৰি ধাতুবোৰৰ আকৰৰ পৰা নিষ্কাশন বা আহৰণ কৰা হয় । কিছুমান ধাতু প্ৰকৃতিত মুক্ত অৱস্থাত থাকে আৰু কিছুমান যৌগ অৱস্থাত পোৱা যায় । সক্ৰিয়তা শ্ৰেণীৰ তলৰফালৰ স্থানপ্ৰাপ্ত ধাতুবোৰ কম সক্ৰিয় বা নিষ্ক্ৰিয় । এনেধৰণৰ নিয়ম মানি, ধাতুবোৰ আহৰণ কৰা হয় ।

49. ধাতুৰ প্ৰধান উৎস কি? ধাতুৰ দুই উৎসৰ নাম লিখা ।
উত্তৰঃ ধাতুৰ প্ৰধান উৎস হ’ল- পৃথিৱীৰ খোলাটো । ধাতুৰ দুই উৎসৰ নাম হ’ল- সাগৰৰ পানী আৰু পৃথিৱীৰ ভূত্বক ।

50. ব্ৰ’ঞ্জ আৰু পিতল বিদ্যুতৰ সু-পৰিবাহী হয়নে?
উত্তৰঃ ব্ৰ’ঞ্জ আৰু পিতল বিদ্যুতৰ সু-পৰিবাহী নহয় ।

51. তিনিবিধ যৌগ হিচাপে পোৱা ধাতুৰ নাম লিখা ।
উত্তৰঃ তিনিবিধ যৌগ হিচাপে পোৱা ধাতুৰ নাম হ’ল- জিংক(দস্তা) (Zn), আইৰণ (লো) (Fe), আৰু লেড (সীহ) (Pb) ।

52. সৰহভাগ ধাতুৰে আকৰবোৰ সিহঁতৰ কিছুমান ______।
উত্তৰঃ সৰহভাগ ধাতুৰে আকৰবোৰ সিহঁতৰ কিছুমান অক্সাইড ।

53. আয়নীয় যৌগ বা ইলেক্ট্ৰ’যোজী যৌগ কাক বোলে ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰণ কৰি গঠন হোৱা যৌগক আয়নীয় যৌগ বা ইলেক্ট্ৰ’যোজী যৌগ বোলে । উদাহৰণ- মেগ্নেছিয়াম ক্লৰাইডৰ গঠন ।

54. MgCl2 ৰ আয়নীয় বা ইলেক্ট্ৰ’যোজী যৌগটোৰ কেটায়ন আৰু এনায়ন দুটাৰ নাম লিখা ।
উত্তৰঃ MgCl2 ৰ আয়নীয় বা ইলেক্ট্ৰ’যোজী যৌগটোৰ কেটায়ন হ’ল-মেগনেছিয়াম আৰু এনায়ন হ’ল-ক্ল’ৰাইড ।

55. ধাতুৰ নমনীয়তা বুলিলে কি বুজা ? এবিধ নমনীয় ধাতুৰ নাম লিখা।
উত্তৰঃ ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিৱৰ্তন কৰিব পৰা যায় । অৰ্থাৎ ধাতুৰ বলীয় গুণবিশিষ্ট হয় । ধাতুৰ এই ধৰ্ম বা গুণক ধাতুৰ নমনীয়তা (Ductility) বোলে । এবিধ নমনীয় ধাতু হ’ল— সোণ ।

56. খনিজ পদাৰ্থ বা মণিক (Minerals) বুলিলে কি বুজা ?
উত্তৰঃ পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূত্বকত পোৱা পদাৰ্থবোৰক খনিজ পদাৰ্থ বা মণিক (Minerals) বুলি কোৱা হয় ।

57. আকৰিক বা আকৰ কি?
উত্তৰঃ কিছুমান খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে । তাৰপৰা ধাতুবিধ লাভজনকভাৱে আহৰণ কৰিব পৰা যায় । এনে ধৰণৰ খনিজ পদাৰ্থবিধক ধাতুটোৰ আকৰিক বা আকৰ (Ore) বুলি কোৱা হয় ।

58. ধাতুৰ কি কি গুণৰ বাবে প্ৰয়োজন অনুসৰি বিভিন্ন আকৃতি দিব পৰা যায় ?
উত্তৰঃ ধাতুৰ ঘাতসহনীয়তা আৰু নমনীয়তা গুণৰ বাবে প্ৰয়োজন অনুসৰি বিভিন্ন আকৃতি দিব পৰা যায় ।

59. ধাতুবোৰ তাপৰ সুপৰিবাহী নে কুপৰিবাহী ?
উত্তৰঃ ধাতুবোৰ তাপৰ সুপৰিবাহী।

60. ধাতৱ দ্যুতি কাক বোলে?
উত্তৰঃ বিশুদ্ধ ধাতুৰ পৃষ্ঠ চিকিমিকিয়া । ইয়াক ধাতৱ দ্যুতি (Metallic luster) বোলে।

61. ছালফাইড বা অক্সাইড আকৰ হিচাপে পোৱা দুবিধ ধাতুৰ নাম লিখা ।
উত্তৰঃ ছালফাইড বা অক্সাইড আকৰ হিচাপে পোৱা দুবিধ ধাতুৰ নাম হ’ল- কপাৰ আৰু ছিলভাৰ ।

62. তিনিবিধ মজলীয়াভাৱে সক্ৰিয় ধাতুৰ নাম লিখা ।
উত্তৰঃ তিনিবিধ মজলীয়াভাৱে সক্ৰিয় ধাতু হ’ল- জিংক(দস্তা) (Zn), আইৰণ (লো) (Fe), আৰু লেড (সীহ) (Pb) ।

63. ধাতুৰ ঘাতসহনীয়তা বুলিলে কি বুজা? দুবিধ ঘাত সহনশীল ধাতুৰ নাম লিখা।
উত্তৰঃ কিছুমান ধাতুক হাতুৰি বা আন বস্তুৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি। অৰ্থাৎ ধাতুবোৰক পাতল কৰিব পৰা যায় । ধাতুৰ এই ধৰ্মক ধাতুৰ ঘাতসহনীয়তা (Malleability) বোলে । দুবিধ ঘাত সহনশীল ধাতু হ’ল— সোণ আৰু ৰূপ।

64. চাৰিবিধ কম সক্ৰিয় বা নিষ্ক্ৰীয় বা প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা ধাতুৰ নাম লিখা ।
উত্তৰঃ চাৰিবিধ কম সক্ৰিয় বা নিষ্ক্ৰীয় বা প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা ধাতুৰ নাম হ’ল- ছিলভাৰ, গ’ল্ড, প্লেটিনাম, আৰু কপাৰ ।

65. আয়নীয় যৌগ বা ইলেক্ট্ৰ’যোজী যৌগবোৰৰ গলনাংক আৰু উতলাংক কিয় অতি উচ্চ?
উত্তৰঃ আয়নীয় যৌগ বা ইলেক্ট্ৰ’যোজী যৌগবোৰৰ গলনাংক আৰু উতলাংক অতি উচ্চ । কাৰণ, এনে যৌগবোৰৰ আন্তঃ আয়নীয় বিদ্যুৎস্থিতীয় আকৰ্ষণ বল অতি প্ৰবল । লগতে, এইবোৰক ভাঙি আয়নবোৰ পৃথক কৰিবৰ বাবে যথেষ্ট পৰিমাণৰ তাপ শক্তিৰ আৱশ্যক হয় ।

66. মাৰকিউৰিৰ এটা আকৰিকৰ নাম লিখা ।
উত্তৰঃ মাৰকিউৰিৰ এটা আকৰিকৰ নাম- চিনাবাৰ ।

67. এটা অতি সক্ৰিয় মৌলৰ নাম লিখা ।
উত্তৰঃ এটা অতি সক্ৰিয় মৌল হ’ল- অক্সিজেন ।

68. আইৰণ, জিংক, লেড, কপাৰ আদি মজলীয়া সক্ৰিয় ধাতুবোৰ প্ৰকৃতিত কি ৰূপত পোৱা যায় ?
উত্তৰঃ আইৰণ, জিংক, লেড, কপাৰ আদি মজলীয়া সক্ৰিয় ধাতুবোৰ প্ৰকৃতিত ছালফাইড বা কাৰ্বনেট আকৰিক ৰূপত পোৱা যায় ।

69. কিয় আয়নীয় যৌগ বা ইলেক্ট্ৰ’যোজী যৌগবোৰ কঠিন বা গোটা আৰু কিছু দৃঢ় ?
উত্তৰঃ আয়নীয় যৌগ বা ইলেক্ট্ৰ’যোজী যৌগবোৰ কঠিন বা গোটা আৰু কিছু দৃঢ় কাৰণ, ধনাত্মক আৰু ঋণাত্মক আধানৰ মাজৰ বিদ্যুৎস্থিতীয় আকৰ্ষণীয় বল যথেষ্ট পৰিমাণে শক্তিশালী । আয়নীয় যৌগ বা ইলেক্ট্ৰ’যোজী যৌগবোৰ চনকা (Brittle) আৰু চাপ প্ৰয়োগ কৰিলে অতি সহজে ভাগি টুকুৰা টুকুৰ হয় ।

70. সৰহভাগ ধাতুৰে আকৰবোৰ সিহঁতৰ কিছুমান অক্সাইড । কাৰণ কি?
উত্তৰঃ সৰহভাগ ধাতুৰে আকৰবোৰ সিহঁতৰ কিছুমান অক্সাইড । কাৰণ অক্সিজেন এক অতিশয় সক্ৰিয় মৌল আৰু সেয়েহে ইয়াক প্ৰকৃততে পৰ্যাপ্ত পৰিমাণে পোৱা যায় ।

71. খনিজ মল কাক বোলে ?
উত্তৰঃ আকৰবোৰ খনিৰ পৰা আহৰণ কৰা সময়ত আকৰৰ সৈতে বিভিন্ন ধৰণৰ অশুদ্ধি বিশেষকৈ মাটি, বালি আদি মিহলি হৈ থাকে । এই অপদ্ৰৱ্যবোৰ বা অশুদ্ধিবোৰক খনিজ মল (gangue) বোলে ।

72. তাপজাৰণ কাক বোলে ? উদাহৰণস্বৰূপে বুজাই লিখা ।
উত্তৰঃ ধাতৱ ছালফাইড আৰু কাৰ্বনেটৰ আকৰবোৰ বিজাৰণ কৰাৰ আগেয়ে ধাতৱ অক্সাইড লৈ ৰূপান্তৰ কৰা হয় । উচ্চ তাপত অতিৰিক্ত বায়ুৰ উপস্থিতিত উত্তপ্ত কৰি ছালফাইড আকৰ্, ধাতৱ অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয় । ইয়াকে তাপজাৰণ (Roasting) পদ্ধতি বোলে । উদাহৰণস্বৰূপে- যিংকৰ আকৰবোৰ তাপজাৰণ পদ্ধতিৰে যিংক অক্সাইডলৈ ৰূপান্তৰ কৰা হয় ।

READ MORE  এছিড, ক্ষাৰক আৰু লৱণ | Chapter 2 | Class 10 General Science - SEBA

73. এবিধ বিজাৰক পদাৰ্থৰ নাম লিখা ।
উত্তৰঃ এবিধ বিজাৰক পদাৰ্থ হ’ল- কাৰ্বন ।

74. ছিলভাৰ পাত্ৰ, ৰূপৰ পাত্ৰ আৰু গহণা বতাহৰ বা বায়ুৰ সংস্পৰ্শত আহিলে বা কিছু সময় ৰাখিলে ক’লা পৰে । ইয়াৰ কাৰণ কি?
উত্তৰঃ ছিলভাৰ পাত্ৰ, ৰূপৰ পাত্ৰ আৰু গহণা বতাহৰ বা বায়ুৰ সংস্পৰ্শত আহিলে বা কিছু সময় ৰাখিলে ক’লা পৰে । ইয়াৰ কাৰণ হ’ল- বতাহ বা বায়ুৰ উপস্থিতিত ছালফাৰৰ লগত বিক্ৰিয়া ঘটি ছিলভাৰ ছালফাইডৰ এক আৱৰণ পৰে ।

75. দগ্ধীকৰণ পদ্ধতি কাক বোলে?
উত্তৰঃ পৰিমিত বায়ুৰ পৰিৱেশত উচ্চতাপ প্ৰয়োগ কৰি উত্তপ্ত কৰি কাৰ্বনেট আকৰবোৰ ধাতৱ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় । এই পদ্ধতিটোকে দগ্ধীকৰণ পদ্ধতি বোলে ।

উদাহৰণঃ যিংকৰ আকৰবোৰ দগ্ধীকৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে যিংক অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয় ।

76. যিংক অক্সাইডবোৰ কিহৰ লগত উত্তপ্ত কৰি ধাতৱ যিংকলৈ বিজাৰিত হয় ?
উত্তৰঃ যিংক অক্সাইডবোৰ কাৰ্বনৰ লগত উত্তপ্ত কৰি ধাতৱ যিংকলৈ বিজাৰিত হয় ।

77. কপাৰে বতাহ বা বায়ুত সংস্পৰ্শত আহিলে সামান্য পৰিমাণৰ সেউজীয়া হৈ পৰে? এই সেউজীয়া অংশটোৰ নাম কি?
উত্তৰঃ কপাৰে বতাহ বা বায়ুত থকা সেমেকা কাৰ্বন ডাইক্সাইডৰ সৈতে বিক্ৰিয়া কৰে । ইয়াৰ ফলত, কপাৰৰ উজ্বল মুগা ৰং পাতল হয় । অৱশেষত, ই সামান্য পৰিমাণৰ সেউজীয়া হৈ পৰা পৰিলক্ষিত হয় । এই সেউজীয়া পদাৰ্থটো হ’ল- কপাৰ কাৰ্বনেট ।

78. বিজাৰণ কাক বোলে?
উত্তৰঃ ধাতৱ যৌগৰ পৰা ধাতুলৈ পৰিৱৰ্তন কৰা পদ্ধতিটোকে বিজাৰণ বোলে ।

79. লেড আৰু টিনৰ সংকৰ ধাতু কি? ইয়াক ক’ত ব্যৱহাৰ কৰা হয়?
অথবাঃ কিয় ছ’ল্ডাৰক বৈদ্যুতিক তাঁৰবোৰ জোৰা লগোৱা কামত ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ লেড আৰু টিনৰ সংকৰ ধাতু হ’ল- ছ’ল্ডাৰ (Solder) । ইয়াৰ গলনাংক কম, সেয়েহে ইয়াক বৈদ্যুতিক তাঁৰবোৰ জোৰা লগোৱা কামত ব্যৱহৃত হয় ।

80. যিংক অক্সাইডক কাৰ্বনৰ লগত উত্তপ্ত কৰিলে কিহলৈ বিজাৰিত হয় ? সমীকৰণটো লিখা ।
উত্তৰঃ যিংক অক্সাইডক কাৰ্বনৰ লগত উত্তপ্ত কৰিলে ধাতৱ যিংকলৈ বিজাৰিত হয় ।
ZnO (s) + C(s) → Zn(s) + CO(g)

81. এমালগাম কি?
উত্তৰঃ সংকৰ ধাতুৰ এটা উপাদানত পাৰা ব্যৱহাৰ হ’লে তাক এমালগাম বোলা হয় ।

82. ধাতুৰ শোধন কৰা এটা প্ৰক্ৰিয়াৰ নাম লিখা ।
উত্তৰঃ ধাতুৰ শোধন কৰা এক প্ৰক্ৰিয়া হ’ল- বিদ্যুৎ পৰিশোধন পদ্ধতি ।

83. সংকৰ ধাতুৰ বিদ্যুৎ পৰিবাহিতা আৰু গলনাংক বিশুদ্ধ ধাতুতকৈ বেছি নে কম ?
উত্তৰঃ কম ।

84. ছিলভাৰ পাত্ৰ, ৰূপৰ পাত্ৰ আৰু গহণা বতাহৰ বা বায়ুৰ সংস্পৰ্শত আহিলে বা কিছু সময় ৰাখিলে কি হয় ?
উত্তৰঃ ছিলভাৰ পাত্ৰ, ৰূপৰ পাত্ৰ আৰু গহণা বতাহৰ বা বায়ুৰ সংস্পৰ্শত আহিলে বা কিছু সময় ৰাখিলে ক’লা পৰে ।

85. কপাৰ আৰু যিংকৰ সংকৰ ধাতু কি?
উত্তৰঃ  কপাৰ আৰু যিংকৰ সংকৰ ধাতু হ’ল- পিতল ।

Long Questions and Answers

1. সক্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰি ধাতুবোৰক কেইটাভাগত ভগাব পাৰি আৰু কি কি? উদাহৰণ দিয়া ।
উত্তৰঃ সক্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰি ধাতুবোৰক তিনিটা ভাগত ভগাব পাৰি । সেয়া হ’ল—

(ক) কম সক্ৰিয়, উদাহৰণ-ছিলভাৰ, গ’ল্ড, প্লেটিনাম, আৰু কপাৰ ।
(খ) মজলীয়াভাবে সক্ৰিয়, উদাহৰণ-জিংক(দস্তা) (Zn), আইৰণ (লো) (Fe), আৰু লেড (সীহ) (Pb) ।
(গ) অতি সক্ৰিয় , উদাহৰণ-অক্সিজেন ।

2. কিয় কাৰ্বনে ছ’ডিয়াম, মেগনেছিয়াম, কেলছিয়াম, এলুমিনিয়াম, আদিৰ ধাতৱ অক্সাইডবোৰৰ পৰা ধাতুবোৰ নিষ্কাশিত কৰিব নোৱাৰে ?
উত্তৰঃ কাৰ্বনে ছ’ডিয়াম, মেগনেছিয়াম, কেলছিয়াম, এলুমিনিয়াম, আদিৰ ধাতৱ অক্সাইডবোৰৰ পৰা ধাতুবোৰ নিষ্কাশিত কৰিব নোৱাৰে । কাৰণ, এই ধাতুবোৰ অক্সিজেনৰ প্ৰতি আসক্তি কাৰ্বনতকৈ অধিক ।

3. এন’ড বোকা কি বা কাক বোলে?
উত্তৰঃ বিদ্যুৎ পৰিশোধন পদ্ধতিত এন’ড হিচাপে ব্যৱহাৰ হোৱা অশুদ্ধ ধাতুৰ পাতৰ পৰা বিশুদ্ধ ধাতুখিনি দ্ৰৱী্ভূত হয় । তাৰ পাছত, সেই একে পৰিমাণৰ বিশুদ্ধ ধাতু বিদ্যুৎ বিশ্লেষ্যৰ পৰা আহি কেথ’ডত জমা হয় । শেষত, দ্ৰৱণীয় অশুদ্ধিখিনি দ্ৰৱী্ভূত হৈ ৰয় আৰু অদ্ৰৱণীয় অশুদ্ধিবোৰ বিদ্যুৎকোষৰ এন’ডৰ তলিঅংশত গেদস্বৰূপে জমা হয় যাক এন’ড বোকা (Anode Mud) বোলা হয় ।

4. মামৰ কি বা মামৰ কাক বোলে?
অথবাঃ কিহৰ সস্পৰ্শত লোত বা লোহাৰত বা আয়ৰণত মামৰে ধৰে?
উত্তৰঃ সেমেকা বায়ুৰ সস্পৰ্শত অধিক সময় লো বা আইৰন ৰাখিলে লো বা আইৰনৰ উপৰিভাগত এক ৰঙচুৱা মুগা বৰণৰ পাতল তৰপ পৰা পৰিলক্ষিত হয় । ইয়াক মামৰ বোলি কোৱা হয় ।

5. সংকৰ ধাতু বোলে ? সংকৰ ধাতু কেনেদৰে প্ৰস্তুত কৰা হয়? দুবিধ সংকৰ ধাতুৰ উদাহৰণ দিয়া ।
উত্তৰঃ দুটা বা ততোধিক ধাতু নতুবা দুটা বা ততোধিক অধাতু সংমিশ্ৰন কৰি ধাতুৰ যি নতুন ৰূপ প্ৰদান কৰা হয় । তাকে সংকৰ ধাতু বোলে । এই প্ৰক্ৰিয়াত, মুখ্য ধাতু প্ৰথমে গলোৱা হয় আৰু পিছত আন ধাতু বা অধাতু নিৰ্দিষ্ট এক অনুপাতত দ্ৰৱীভূত কৰাই সংকৰ ধাতু প্ৰস্তুত কৰা হয় ।    

পাঁচবিধ সংকৰ ধাতুৰ উদাহৰণ হ’ল- পিতল, ব্ৰ’ঞ্জ, ছ’ল্ডাৰ (Solder), ষ্টেইনলচ ষ্টিল, আৰু ২২ কেৰট গ’ল্ড ।

6. লো কি? ইয়াক কিয় বিশুদ্ধ ৰূপত পাব আৰু ব্যৱহাৰ কৰিব নোৱাৰি ? এই সমস্যাটো কেনেদৰে সমাধান কৰা হয় বা লোক কেনেদৰে কামত ব্যৱহাৰ কৰা হয়, উদাহৰণ দিয়া ।
উত্তৰঃ লো এবিধ ধাতু । ইয়াক বিশুদ্ধ ৰূপত পাব আৰু ব্যৱহাৰ কৰিব নোৱাৰি কাৰণ, বিশুদ্ধ লো অতিশয় কোমল আৰু ই গৰম কৰাৰ লগে লগে বিস্তাৰিত হয় । ইয়াক ব্যৱহাৰ কৰিবৰ বাবে লোৰ লগত সামান্য কাৰ্বন (প্ৰায় 0.05%) বা আন ধাতু বা অধাতু মিহলাই ইয়াক টান আৰু দৃঢ় কৰা হয় ।

উদাহৰণস্বৰূপে— লোৰ সৈতে নিকেল আৰু ক্ৰ’মিয়াম মিহল কৰি ষ্টেইনলচ ষ্টিল প্ৰস্তুত কৰা হয় । ষ্টেইনলেচ ষ্টিল সাধাৰণতে টান আৰু ইয়াত মামৰে নধৰে ।

7. মেগনেছিয়াম, এলুমিনিয়াম, জিংক, লেড আদি ধাতুবোৰৰ ক্ষেত্ৰত দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে কেনেধৰণৰ ব্যৱস্থা লোৱা হয় ?
উত্তৰঃ সাধাৰণ উষ্ণতাত মেগনেছিয়াম, এলুমিনিয়াম, জিংক, লেড আদি ধাতুবোৰৰ ক্ষেত্ৰত দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে ধাতুৰ পৃষ্ঠভাগত ধাতুবোৰৰ অক্সাইডৰ তৰপ এটাৰ আৱৰণ থাকে । এই অক্সাইডৰ সুৰক্ষা আৱৰণটোৱে ধাতুটোক অধিক জাৰণৰ পৰা ৰক্ষা কৰে ।

8. তিনিবিধ ক্ষাৰ অধাতুৰ নাম লিখা ।
অথবাঃ তিনিবিধ কম ঘনত্ব আৰু কম গলনাংক ধাতুৰ নাম লিখা ।
উত্তৰঃ তিনিবিধ ক্ষাৰ অধাতুৰ / কম ঘনত্ব আৰু কম গলনাংক ধাতুৰ নাম হ’ল—
(ক) লিথিয়াম
(খ) ছ’ডিয়াম
(গ) পটাছিয়াম ।

9. সকলো ধাতুৱে অক্সিজেনৰ লগত সমান বেগত বিক্ৰিয়া কৰেনে ? ছ’ডিয়াম আৰু পটাছিয়াম ধাতুৰ অক্সিজেনৰ লগত কৰা বিক্ৰিয়াৰ প্ৰবণতা কিমান ? দুৰ্ঘটনা ৰোধ কৰিবলৈ এনেধৰণৰ ধাতুক কি কৰা হয় ?
উত্তৰঃ সকলো ধাতুৱে অক্সিজেনৰ লগত সমান বেগত বিক্ৰিয়া নকৰে । ছ’ডিয়াম আৰু পটেছিয়ামৰ দৰে ধাতুৱে অতি অধিক প্ৰৱণতাৰে বিক্ৰিয়া কৰে আৰু মুক্ত বায়ুত ঘটিলে জুই জ্বলি উঠে । দুৰ্ঘটনা ৰোধ কৰিবলৈ এই ধাতুবোৰক কেৰাচিন তেলত ডুবাই ৰখা হয় ।

10. ধাতু আৰু অধাতুৰ চাৰিটা পাৰ্থক্য লিখা—
উত্তৰঃ (ক) পাৰাৰ বাহিৰে সকলোবোৰ ধাতু সাধাৰণ উষ্ণতাত গোটা বা কঠিন । কিন্তু অধাতুবোৰ কোমল ।

(খ) ধাতুবোৰৰ গলনাংক বেছি আনহাতে অধাতুৰ গলনাংক কম ।

(গ) ধাতৱ অক্সাইডবোৰ ক্ষাৰকীয় কিন্তু অধাতৱ অক্সাইডবোৰ পানীত দ্ৰৱীভূত কৰিলে আম্লিক দ্ৰৱণ পোৱা যায় ।

(ঘ) ধাতুবোৰ বিদ্যুতৰ পৰিবাহী আনহাতে অধাতুবোৰ বিদ্যুতৰ কু-পৰিবাহী ।

11. মেগনেছিয়ামে কেনে পানীৰ লগত বিক্ৰিয়া কৰে ? পানীৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়ামে কি উৎপন্ন কৰে? মেগনেছিয়াম কিয় পানীত ওপঙে ?
উত্তৰঃ মেগনেছিয়ামে ঠাণ্ডা পানীৰ সৈতে বিক্ৰিয়া নকৰে । মেগনেছিয়ামে সাধাৰণতে গৰম পানীৰ সৈতে বিক্ৰিয়া কৰে ।

পানীৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়ামে মেগনেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন উৎপন্ন হয় ।

মেগনেছিয়ামৰ পৃষ্ঠতলতো হাইড্ৰ’জেন গেছ লাগি ধৰে কাৰণে মেগনেছিয়াম পানীত ওপঙে ।

12. ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয় ? উদাহৰণসহ বুজাই লিখা ।
অথবাঃ ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি কি কি উৎপন্ন কৰে ?
উত্তৰঃ ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে । পানী দ্ৰৱণীয় ধাতৱ অক্সাইডবোৰে পানীত দ্ৰৱীভূত হৈ ধাতুৰ হাইড’ক্সাইড উৎপন্ন কৰে ।
ধাতু + পানী  ধাতৱ অক্সাইড + হাইড্ৰ’জেন
ধাতৱ অক্সাইড + পানী  ধাতুৰ হাইড্ৰ’ক্সাইড

13. উভধৰ্মী অক্সাইড কাক বোলে ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ কিছুমান ধাতৱ অক্সাইডে আম্লিক আৰু ক্ষাৰ উভয় ধৰ্মক প্ৰদৰ্শন কৰে । এনেধৰণৰ যিবোৰ ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে । সেই ধাতৱ অক্সাইডক উভধৰ্মী অক্সাইড (Amphoteric Oxide) বোলে । উদাহৰণস্বৰূপে- এলুমিনিয়াম অক্সাইডে অম্ল আৰু ক্ষাৰৰ লগত বিক্ৰিয়া কৰি উভধৰ্মী অক্সাইডৰ বৈশিষ্ট্য প্ৰদৰ্শন কৰে ।
Al2O3  +  6HCl → 2AlCl  + 3H2O
Al2O2 + 2NaOH  →  2NaAlO2 (ছ’ডিয়াম এলুমিনেট) + H2O

14. ছ’ডিয়াম আৰু পটাছিয়াম ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয় ?
অথবাঃ ছ’ডিয়াম আৰু পটাছিয়াম ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে ?
উত্তৰঃ ছ’ডিয়াম আৰু পটাছিয়াম ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে (Violently) বিক্ৰিয়া কৰে । ছ’ডিয়াম আৰু পটাছিয়ামৰ ক্ষেত্ৰত বিক্ৰিয়াটো অধিক প্ৰবল আৰু তাপোৎপাদী বা তাপবৰ্জী (Exhothermic) যে উৎপন্ন হোৱা হাইড্ৰ’জেন গেছ নিমিষতে জ্বলি উঠে ।
2K (s) + 2H2O(l) → 2KOH(aq) + H2(g) + তাপশক্তি
2Na(s) + 2H2O(l)  →  2NaOH(aq) + H2(g) + তাপশক্তি

15. পানীত দ্ৰৱীভূত হৈ ক্ষাৰউৎপন্ন কৰা দুবিধ ধাতৱ অক্সাইডৰ নাম লিখা ।
উত্তৰঃ পানীত দ্ৰৱীভূত হৈ ক্ষাৰউৎপন্ন কৰা দুবিধ ধাতৱ অক্সাইডৰ নাম হ’ল- ছ’ডিয়াম অক্সাইড আৰু প’টাছিয়াম অক্সাইড ।
Na2O (s) + H2O(l) →   2NaOH (aq)
K2O(S) + H2O (l) →  2KOH (aq)

16. পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়াৰ প্ৰকৃতি কি বা পানীৰ লগত কেলছিয়াম কেনেদৰে বিক্ৰিয়া কৰে ?
উত্তৰঃ পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়া বেগ কম প্ৰবল (Less Violent) । এই বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা তাপ হাইড্ৰ’জেন গেছ জ্বলি উঠিবৰ বাবে যথেষ্ট নহয় । এই বিক্ৰিয়াত কেলছিয়াম ধাতু পানীত ওপঙে । কাৰণ, উৎপন্ন হোৱা হাইড্ৰ’জেন গেছ ধাতুৰ পৃষ্ঠতলত লাগি ধৰে ।
Ca(s) + 2H2O(l) ⟶ Ca(OH) 2(aq) + H2(g)

17. এলুমিনিয়াম, আইৰন, যিংক আদি ধাতুৱে কেনেদৰে পানীৰ লগত বিক্ৰিয়া কৰে ?
উত্তৰঃ এলুমিনিয়াম, আইৰন, যিংক আদি ধাতুৱে ঠাণ্ডা আৰু গৰম পানীৰ লগত বিক্ৰিয়া নকৰে । এই ধাতুবোৰে উতলা পানীৰ বাষ্পৰ সৈতে বিক্ৰিয়া কৰে । এই বিক্ৰিয়াৰ জৰিয়তে ধাতৱ অক্সাইড আৰু হাইড্ৰ’জেন উৎপন্ন কৰা পৰিলক্ষিত হয় ।
2Al(s) + 3H2O(g) ⟶ Al2O2(s) + 3H2(g)
3Fe(s) + 4H2O(g) ⟶ Fe3O4(s) + 4H2(g)

18. থাৰ্মিট বিক্ৰিয়া কাক বোলে ?
অথবাঃ থাৰ্মিট বিক্ৰিয়াৰ এটা ব্যৱহাৰ লিখা ।
অথবাঃ ৰেল লাইন জোৰা দিবলৈ বা যন্ত্ৰপাতিৰ ভগা অংশ জোৰা দিবলৈ কি কৰা হয়? এই পদ্ধতিটোৰ নাম কি?
উত্তৰঃ আইৰন অক্সাইডক (Fe2O3) এলুমিনিয়াম গুড়িৰ সৈতে উত্তপ্ত কৰি বিক্ৰিয়া ঘটোৱা হয় । এই বিক্ৰিয়াত উৎপন্ন হোৱা ধাতুটো গলিত অৱস্থাত পোৱা যায় । এই বিক্ৰিয়াটোকে থাৰ্মিট বিক্ৰিয়া বোলে । ইয়াক ৰেল লাইন জোৰা দিবলৈ বা যন্ত্ৰপাতিৰ ভগা অংশ জোৰা দিবলৈ ব্যৱহাৰ কৰা হয় ।

Fe2O3(s) + 2Al(s) → 2Fe(l) + Al2O3(s) + Heat

19. অম্লৰাজ কি ? অম্লৰাজৰ ব্যৱহাৰ সম্পৰ্কে লিখা ।
অথবাঃ অম্লৰাজ কিমান অনুপাতত মিশ্ৰণ হয় ?
অথবাঃ গাঢ় হাইড্ৰ’ক্লৰিক এছিড (HCl)  বা গাঢ় নাইট্ৰিক এছিডে  (HNO3) অকলে সোণ দ্ৰৱীভূত কৰিব পাৰেনে?
অথবাঃ সোণ আৰু প্লেটিনাম দ্ৰৱীভূত কৰিব পৰা এবিধ বিকাৰকৰ নাম লিখা ।
অথবাঃ এবিধ অতিকৈ ক্ষয়কাৰক আৰু ধূমায়মান জুলীয়া পদাৰ্থৰ নাম লিখা ।
উত্তৰঃ অম্লৰাজ (Aqua Regia) হ’ল- 3:1 অনুপাতত গাঢ় হাইড্ৰ’ক্লৰিক এছিড (HCl)  আৰু গাঢ় নাইট্ৰিক এছিড (HNO3)  ৰ সদ্যপ্ৰস্তুত মিশ্ৰণ । অম্লৰাজ অতিকৈ ক্ষয়কাৰক (Corrosive) আৰু ধূমায়মান (Fuming) জুলীয়া পদাৰ্থ ।

গাঢ় হাইড্ৰ’ক্লৰিক এছিড (HCl)  বা গাঢ় নাইট্ৰিক এছিডে  (HNO3) অকলে সোণ দ্ৰৱীভূত কৰিব নোৱাৰে । সেয়েহে, অম্লৰাজে সোণ দ্ৰৱীভূত কৰাত সহায় কৰে । লগতে, এবিধ বিকাৰক হিচাপে প্লেটিনামো অম্লৰাজে দ্ৰৱীভূত কৰিব পাৰে ।

READ MORE  নিয়ন্ত্ৰণ আৰু সমন্বয় | Chapter 7 | Class 10 General Science - SEBA

20. সকলো ধাতুৱেই অক্সিজেনৰ লগত লগ লাগি কি উৎপন্ন কৰে? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ সকলো ধাতুৱেই অক্সিজেনৰ লগত লগ লাগি ধাতৱ অক্সাইড উৎপন্ন কৰে ।
ধাতু + অক্সিজেন → ধাতৱ অক্সাইড

উদাহৰণস্বৰূপে— কপাৰ বতাহৰ সংস্পৰ্শত উত্তপ্ত কৰিলে, অক্সিজেনৰ সৈতে লগ লাগি এক প্ৰকাৰৰ ক’লা অক্সাইড, কপাৰ অক্সাইডৰ উৎপন্ন কৰে ।
2Cu (কপাৰ) + O2 → 2CuO (কপাৰ অক্সাইড)

আন এক এক উদাহৰণঃ
এলুমিনিয়ামে এলুমিনিয়াম অক্সাইড উৎপন্ন কৰে ।
4Al (এলুমিনিয়াম) + 3O2 → 2Al2O3

21. সক্ৰিয়তা ক্ৰম বুলিলে কি বুজা? ধাতুবিলাকৰ আপেক্ষিক সক্ৰিয়তাৰ এখন তালিকা প্ৰস্তুত কৰা ।
উত্তৰঃ ধাতুবোৰৰ সক্ৰিয়তাৰ নিম্নক্ৰমত সজাই প্ৰস্তুত কৰা তালিকাখনক সক্ৰিয়তা ক্ৰম বোলা হয় ।

মৌলৰ চিহ্নমৌলৰ নামক্ৰমৰ কাড়চিনসক্ৰিয়তাৰ পৰিমাণ
Kপটাছিয়াম 

 

আটাইতকৈ সক্রিয়
Naছ’ডিয়াম
Caকেলছিয়াম
Mgমেগনেছিয়াম
Alএলুমিনিয়াম
Znজিংক (দস্তা)কম সক্রিয়
Feআইৰন (লো)
Pbলেড (সীহ )
Hহাইড্ৰ’জেন
Cuকপাৰ (তাম)
Hgমাৰকিউৰি (পাৰা )
Agচিলভাৰ (ৰূপ)
Auগোল্ড (সোণ)আটাইতকৈ কম সক্রিয়

22. সম্ভ্ৰান্ত গেছৰ (Noble Gas) তিনিটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ সম্ভ্ৰান্ত গেছৰ (Noble Gas)  তিনিটা বৈশিষ্ট্য হ’ল—
(ক)সম্ভ্ৰান্ত গেছৰ যোজ্যতা কক্ষ সম্পূৰ্ণ থাকে ।
(খ) সম্ভ্ৰান্ত গেছে কোনো ৰাসায়নিক বিক্ৰিয়া কৰিব নিবিচাৰে ।
(গ) মৌলৰ ৰাসায়নিক সক্ৰিয়তা সম্ভ্ৰান্ত গেছৰ পৰমাণুৰ যোজ্যতা কক্ষ সম্পূৰ্ণ কৰাৰ প্ৰৱণতাৰ ওপৰত নিৰ্ভৰ কৰি ব্যাখ্যা কৰা হয় ।

23. তলত উল্লেখ কৰা আয়নীয় যৌগসমূহৰ উতলাংক আৰু গলনাংকবোৰ লিখা ।
NaCl, LiCl, CaCl2, Cao, MgCl2
উত্তৰঃ

আয়নীয় যৌগগলানাংক (k)উতলাংক (k)
NaCl10741686
LiCl8871600
CaCl210451900
CaO28503120
MgCl29811685

24. ধাতৱ অক্সাইডক ধাতুলৈ বিজাৰিত কৰিবৰ বাবে কাৰ্বনৰ (পোৰা কয়লা) সলনি কেনেদৰে প্ৰতিস্থাপন বিক্ৰিয়া ব্যৱহাৰ কৰা হয়? উদাহৰণসহ লিখা ।
উত্তৰঃ অতিকৈ সক্ৰিয় ধাতু বিশেষকৈ এলুমিনিয়াম, ছ’ডিয়াম, কেলছিয়াম আদি ধাতুবোৰক বিজাৰক হিচাপে ব্যৱহাৰ কৰিব পৰা যায় । কাৰণ, এই ধাতুবোৰে কম সক্ৰিয় ধাতুবোৰৰ যৌগবোৰৰ পৰা ধাতুটো প্ৰতিস্থাপিত কৰিব পাৰে ।

উদাহৰণস্বৰূপে— মেঙ্গানিজ ডাইক্সাইড এলুমিনিয়াম গুড়িৰ সৈতে উত্তপ্ত কৰি বিক্ৰিয়া ঘটোৱা হয় । এনেবোৰ প্ৰতিস্থাপন বিক্ৰিয়া যথেষ্ট তাপবৰ্জী হয়, সেয়েহে বিক্ৰিয়াৰ ফলত সৃষ্টি হোৱা ধাতুটো গলিত অৱস্থাত পোৱা যায় ।
3MnO2(s) + 4Al(s) ⟶ 3Mn(l) + 2Al2O3(s) + Heat

25. ক্ষয়প্ৰতিৰোধ কৰিবলৈ বা ক্ষয়ীভৱন ৰোধ কৰিবলৈ বা লোত মামৰে ধৰা ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা পাঁচটা পদ্ধতি বা প্ৰতিকাৰ লিখা ।
উত্তৰঃ  ক্ষয়প্ৰতিৰোধ কৰিবলৈ বা ক্ষয়ীভৱন ৰোধ কৰিবলৈ বা লোত মামৰে ধৰা ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা পাঁচটা পদ্ধতি বা প্ৰতিকাৰ হ’ল—
(ক) দস্তালেপন (Galvanizing)
(খ) ক্ৰ’মপ্লেটিং (Chrome Plating)
(গ) এন’ডকৰণ বা সংকৰ ধাতু তৈৰীকৰণ
(ঘ) গ্ৰীজ সনা (Greasing)
(ঙ) তেল সনা (Oiling)
(চ) ৰঙ কৰা (Painting) ।

26. এন’ডীকৰণ কি? এন’ডীকৰণ প্ৰক্ৰিয়াটো আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে লিখা ।
অথবাঃ এলুমিনিয়ামৰ পাত্ৰবোৰ কেনেদৰে আকৰ্ষণীয় উজ্জ্বল কৰা হয় ?
অথবাঃ ধাতুবোৰক ক্ষয় হোৱাৰ পৰা কেনেদৰে ৰোধ কৰিব পাৰি ?
অথবাঃ ধাতুবোৰৰ ক্ষয়ৰ পৰিমাণ হ্ৰাস কৰিবলৈ কি প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ এন’ডীকৰণ (Anodising) হ’ল- এলুমিনিয়াম অক্সাইডৰ ডাঠ প্ৰলেপ দিয়া এক প্ৰক্ৰিয়া ।

বতাহৰ সংস্পৰ্শত এলুমিনিয়াম ধাতুৱে এক পাতল অক্সাইডৰ তৰপৰ সৃষ্টি কৰে । এই এলুমিনিয়াম অক্সাইড তৰপটোৱে ধাতুবিধক অধিক ক্ষয় যোৱাত বাধা প্ৰদান কৰে । অক্সাইড তৰপটো ডাঠ কৰি ক্ষয়ৰ পৰিমাণ কম/হ্ৰাস কৰিব পৰা যায় ।

এন’ডীকৰণৰ সময়ত পৰিষ্কাৰ এলুমিনিয়াম ধাতুক এন’ড হিচাপে লোৱা হয় আৰু লঘু ছালফিউৰিক এচিডৰ লগত বিদ্যুৎ বিশ্লেষণ কৰা হয় । এন’ডত উৎপন্ন হোৱা অক্সিজেন গেছে এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি সুৰক্ষা তৰপটো (Protective Layer) আৰু ডাঠ কৰি পেলায় । এই অক্সাইড তৰপটো বিভিন্ন ৰঙ কৰি এলুমিনিয়ামৰ পাত্ৰবোৰ আকৰ্ষণীয় উজ্জ্বল কৰিব পৰা যায় ।

270. ধাতু আৰু অধাতুৰ চাৰিটা ভৌতিক ব্যতিক্ৰম ধৰ্ম লিখা।
উত্তৰঃ ধাতু আৰু অধাতুৰ চাৰিটা ব্যতিক্ৰম ভৌতিক ধৰ্ম হ’ল—

(ক) পাৰাৰ বাহিৰে সকলোবোৰ ধাতু সাধাৰণ উষ্ণতাত গোটা বা কঠিন । ধাতুৰ গলনাংক বেছি কিন্তু গেলিয়াম আৰু ছিজিয়াম ধাতুৰ গলনাংক নিচেই কম ।

(খ) আয়’ডিন অধাতু যদিও ধাতৱদ্যুতি সম্পন্ন ।

(গ) কাৰ্বন এক অধাতু কিন্তু ইয়াৰ বহুৰূপিতা গুণ আছে । হীৰা কাৰ্বনৰ বহুৰূপ যি প্ৰকৃতিৰ আটাইতকৈ টান পদাৰ্থ আৰু ইয়াৰ গলনাংক আৰু উতলাংকও অতি উচ্চ । আকৌ কাৰ্বনৰ আন এক বহুৰূপিতা গ্ৰেফাইট, যি বিদ্যুতৰ পৰিবাহী । এই দুয়ুটা যৌগই ব্যতিক্ৰম ধৰ্ম প্ৰদৰ্শন কৰিছে ।

(ঘ) লিথিয়াম, ছ’ডিয়াম, পটাছিয়াম আদি ক্ষাৰ ধাতু ইমান কোমল যে কটাৰীৰে কাটিব পাৰি আৰু এই ধাতু কেইবিধৰ ঘনত্বৰ লগতে গলনাংকও অতি কম যিবোৰে ব্যতিক্ৰম ধৰ্ম প্ৰদৰ্শন কৰিছে ।

28. ছ’ডিয়াম ক্লৰাইডৰ গঠন সম্পৰ্কে লিখা ।
অথবাঃ Nacl বা ছ’ডিয়াম কল্ৰাইড গঠন্টো চিত্ৰ আকি বুজাই লিখা ।
অথবাঃ কিয় ছ’ডিয়াম ক্ল’ৰাইড আয়ন দুটা পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰে ?
উত্তৰঃ ছ’ডিয়াম আৰু ক্ল’ৰাইড আয়ন দুটা বিপৰীত আধানযুক্ত হয় । সেয়েহে দুয়ুটা কাৰকে পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰে । দুয়ুটা উপাদানে দৃঢ় বিদ্যুৎ আকৰ্ষণীয় বলৰ দ্বাৰা বান্ধ খাই ছ’ডিয়াম ক্লৰাইড (Nacl)ৰ গঠন হয় ।
Na ⟶ Na+ + e
2,8,1       2.8 (ছ’ডিয়াম কেটায়ন)
Cl + e ⟶    Cl
2, 8, 7       2, 8, 8 (ক্ল’ৰাইড এনায়ন)
Na  +  Cl ⟶ (Na+) [ Cl ]

29. ধাতুৰ শোধন কৰা এটা প্ৰক্ৰিয়া ব্যাখ্যা কৰা ।
অথবাঃ বিদ্যুৎ পৰিশোধন পদ্ধতিটো লিখা ।
অথবাঃ অশুদ্ধিমুক্ত ধাতু শোধন কেনেদৰে কৰা হয় ?
উত্তৰঃ অশুদ্ধিমুক্ত ধাতু শোধন কৰিবলৈ বিদ্যুৎ পৰিশোধন পদ্ধতি ব্যৱহাৰ কৰা হয় । এই পদ্ধতি অনুসৰি, অশুদ্ধ ধাতুৰ এন’ড আৰু বিশুদ্ধ ধাতুৰ পাত এচলা কেথ’ড হিচাপে ব্যৱহৃত হয় । ধাতুটোৰ লৱণৰ এক দ্ৰৱ বিদ্যুৎ বিশ্লেষ্য (Electrolyte) হিচাপে ব্যৱহাৰ কৰা হয় । ইয়াৰ পিছত, বিদ্যুৎ বিশ্লেষ্যৰ মাজেৰে বিদ্যুৎ চালিত কৰা হয় । ইয়াৰ ফলত, এন’ড হিচাপে ব্যৱহাৰ হোৱা অশুদ্ধ ধাতুৰ পাতৰ পৰা বিশুদ্ধ ধাতুখিনি দ্ৰৱী্ভূত হয় । তাৰ পাছত, সেই একে পৰিমাণৰ বিশুদ্ধ ধাতু বিদ্যুৎ বিশ্লেষ্যৰ পৰা আহি কেথ’ডত জমা হয় । শেষত, দ্ৰৱণীয় অশুদ্ধিখিনি দ্ৰৱী্ভূত হৈ ৰয় আৰু অদ্ৰৱণীয় অশুদ্ধিবোৰ বিদ্যুৎকোষৰ এন’ডৰ তলিঅংশত গেদস্বৰূপে জমা হয় যাক এন’ড বোকা (Anode Mud) বোলা হয় ।

উদাহৰণস্বৰূপে— যিংক, নিকেল ছিলভাৰ, টিন, গ’ল্ড, কপাৰ আদি ধাতুবোৰ বিদ্যুৎ পৰিশোধন প্ৰক্ৰিয়াৰে/পদ্ধতিৰে পৰিশোধন কৰা হয় ।

30.  আয়নীয় যৌগ বা ইলেক্ট্ৰ’যোজী যৌগৰ চাৰিটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ  আয়নীয় যৌগ বা ইলেক্ট্ৰ’যোজী যৌগৰ চাৰিটা বৈশিষ্ট্য হ’ল—

(ক) ভৌতক ধৰ্মৰ সন্দৰ্ভতঃ আয়নীয় যৌগ বা ইলেক্ট্ৰ’যোজী যৌগবোৰ গোটা বা কঠিন আৰু কিছুপৰিমাণে দৃঢ় ।

(খ) গলনাংক আৰু উতলাংকৰ দিশতঃ আয়নীয় যৌগ বা ইলেক্ট্ৰ’যোজী যৌগৰ উতলাংক আৰু গলনাংক উচ্চ পৰিমাণৰ ।

(গ) দ্ৰৱণীয়তাঃ আয়নীয় যৌগ বা ইলেক্ট্ৰ’যোজী যৌগবোৰ পানীত দ্ৰৱণীয় আনহাতে পেট্ৰ’ল, কেৰাচিন আদি দ্ৰাৱকসমূহত অদ্ৰৱণীয় ।

(ঘ) বিদ্যুত পৰিবাহিতাঃ আয়নীয় যৌগ বা ইলেক্ট্ৰ’যোজী যৌগবোৰ মাজেদি বিদ্যুৎ চালিত কৰিলে আধানযুক্ত কণিকাৰ চলন আৰম্ভ হয় । আয়নীয় যৌগ বা ইলেক্ট্ৰ’যোজী যৌগবোৰ কঠিন অৱস্থিত (Solid Particles) বিদ্যুৎ পৰিবহন নকৰা আৰু বিগলিত অৱস্থাত (Molten State) আয়নীয় যৌগ বা ইলেক্ট্ৰ’যোজী যৌগবোৰৰ মাজেৰে বিদ্যুৎ পৰিবহন কৰা ।

31. ধাতুৰ পাঁচটা গুণ বা বৈশিষ্ট্য বা ধৰ্ম লিখা ।
উত্তৰঃ ধাতুৰ পাঁচটা গুণ বা বৈশিষ্ট্য বা ধৰ্ম হ’ল—

(ক) ধাতৱ দ্যুতিঃ বিশুদ্ধ ধাতুৰ পৃষ্ঠ চিকিমিকিয়া । ইয়াক ধাতৱ দ্যুতি (Metallic luster) বোলা হয় ।

(খ)ধাতুৰ ঘাতসহনীয়তাঃ ধাতুক হাতুৰি বা আন বস্তুৰে মৰিয়াই পাতল পাত এচটাৰ দৰে বনাব পাৰি । অৰ্থাৎ ধাতুবোৰক পাতল কৰিব পৰা যায় । ধাতুৰ এই ধৰ্মক ধাতুৰ ঘাতসহনীয়তা (Malleability) বোলা হয় ।

(গ) ধাতুৰ নমনীয়তাঃ ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিৱৰ্তন কৰিব পৰা যায় । অৰ্থাৎ ধাতুৰ বলীয় গুণবিশিষ্ট হয় । ধাতুৰ এই ধৰ্ম বা গুণক ধাতুৰ নমনীয়তা (Ductility) বোলে । এবিধ নমনীয় ধাতু হ’ল— সোণ ।

(ঘ) বিদ্যুতৰ সুপৰিবাহীঃ ধাতুবোৰ বিদ্যুতৰ সপৰিবাহী অৰ্থাৎ ধাতুৰ মাজেদি বিদ্যুৎ পাৰ হৈ যাব পাৰে ।

(ঙ) তাপৰ সুপৰিবাহীঃ ধাতুবোৰ তাপৰ সুপৰিবাহী হয় । যাৰ বাবে ধাতুৰে তৈয়াৰী বাচন-বৰ্তন ৰন্ধনশালত ব্যৱহাৰ কৰা হয় ।

(চ) ধাতুৰ নিনাদীগুণঃ ধাতুবোৰত টান বা কঠিন পৃষ্ঠত খুন্দা বা আঘাত কৰিলে শব্দ উৎপন্ন হয় । ইয়াকে ধাতুৰ নিনাদীগুণ বোলা হয় ।

32. ক্ষয়ীভৱন কাক বোলে? তিনিটা ক্ষয়ীভৱনৰ উদাহৰণ দিয়া।
উত্তৰঃ কিছুমান ধাতুপৃষ্ঠ বিশেষকৈ লো, আইৰণ আদি সেমেকা বায়ুৰ সস্পৰ্শত বহুদিন থৈ দিলে ই প্ৰথম অৱস্থাৰ পৰা ক্ষয় হয় । ইয়াকে ক্ষয়ীভৱন বোলে ।

উদাহৰণ-১
সেমেকা বায়ুৰ সস্পৰ্শত অধিক সময় লো বা আইৰন ৰাখিলে লো বা আইৰনৰ উপৰিভাগত এক ৰঙচুৱা মুগা বৰণৰ পাতল তৰপ পৰা পৰিলক্ষিত হয় । ইয়াক মামৰ বোলি কোৱা হয় ।

উদাহৰণ-২
কপাৰে বতাহ বা বায়ুত থকা সেমেকা কাৰ্বন ডাইক্সাইডৰ সৈতে বিক্ৰিয়া কৰে । ইয়াৰ ফলত, কপাৰৰ উজ্বল মুগা ৰং পাতল হয় । অৱশেষত, ই সামান্য পৰিমাণৰ সেউজীয়া হৈ পৰা পৰিলক্ষিত হয় । এই সেউজীয়া পদাৰ্থটো হ’ল- কপাৰ কাৰ্বনেট ।

উদাহৰণ-৩
ছিলভাৰ পাত্ৰ, ৰূপৰ পাত্ৰ আৰু গহণা বতাহৰ বা বায়ুৰ সংস্পৰ্শত আহিলে বা কিছু সময় ৰাখিলে ক’লা পৰে । ইয়াৰ কাৰণ হ’ল- বতাহ বা বায়ুৰ উপস্থিতিত ছালফাৰৰ লগত বিক্ৰিয়া ঘটি ছিলভাৰ ছালফাইডৰ এক আৱৰণ পৰে ।

33. খনিজ মল আঁতৰাবলৈ বা আকৰ গাঢ়ীকৰণ বা ধাতুৰ নিষ্কাশনৰ তিনিটা পদ্ধতি লিখা ।
উত্তৰঃ খনিজ মল আঁতৰাবলৈ বা আকৰ গাঢ়ীকৰণ বা ধাতুৰ নিষ্কাশনৰ তিনিটা পদ্ধতি হ’ল—

(ক) নিম্ন বা কম সক্ৰিয়তাৰ ধাতু নিষ্কাশন (Extracting Metals low in the Activity Series)- নিম্ন বা কম সক্ৰিয়তাৰ ধাতুৰ, যেনে-ছিলভাৰ, কপাৰ, গ’ল্ড, প্লেটিনাম আদিৰ বাবে ধাতু নিষ্কাশন কৰিবলৈ ধাতুৰ অক্সাইডবোৰ উত্তপ্ত কৰি ধাতুলৈ বিজাৰিত কৰা হয় ।

উদাহৰণস্বৰূপে— চিনাবাৰ (HgS) মাৰকিউৰিৰ এটা আকৰিক । বতাহৰ উপস্থিতিত ইয়াক উত্তপ্ত কৰাৰ ফলত প্ৰথম অৱস্থাত মাৰকিউৰিক অক্সাইড (HgO) উৎপন্ন হয় আৰু পাছত অধিক উত্তপ্ত কৰাৰ ফলত মাৰকিউৰিক অক্সাইড মাৰকিউৰিলৈ বিজাৰিত হয় ।

আন এক উদাহৰণ- কপাৰৰ আকৰিক Cu2S  বতাহৰ উপস্থিতিত উত্তপ্ত কৰি কপাৰ ধাতু পাব পাৰি ।

(খ) সক্ৰিয়তা শ্ৰেণীৰ মধ্যম ধাতুৰ নিষ্কাশন (Extracting Metals in the Midde of the Activity Series)-মধ্যম সক্ৰিয় ধাতু, যেনে-জিংক, লেড, আইৰণ, কপাৰ আদি বিজাৰণ কৰাৰ আগতে ধাতৱ ছালফাইড আৰু কাৰ্বনেট আকৰ ধাতৱ অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয় । অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ছালফাইড আকৰ্, ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয় । পিছত, পৰিমিত বায়ুৰ পৰিবেশত উচ্চতাপত উত্তপ্ত কৰি কাৰ্বনেট আকৰ ধাতৱ অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয় । পৰৰৱৰ্তী পৰ্যায়ত, ধাতৱ অক্সাইডবৰ উপযুক্ত বিজাৰক বিশেষকৈ কাৰ্বন আদি ব্যৱহাৰ কৰি যথাযথ ধাতুলৈ বিজাৰিত কৰা হয় ।

উদাহৰণস্বৰূপে— যিংকৰ আকৰ তাপজাৰণ আৰু দগ্ধীকৰণ প্ৰক্ৰিয়াৰে ধাতৱ অক্সাইড অথবা যিংক অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয় । পাছত, যিংক অক্সাইডসমূহ কাৰ্বনৰ সৈতে উত্তপ্ত কৰি ধাতৱ যিংকলৈ বিজাৰিত কৰা হয় ।
ZnO(s) + C(s) ⟶ Zn(s) + CO(g)

(গ) উচ্চসক্ৰিয়তাৰ ধাতুনিষ্কাশন (Extracting Metals towards Top of the Activity Series)- অধিক সক্ৰিয়তা থকা ধাতু বিশেষকৈ মেগনেছিয়াম, এলুমিনিয়াম, ছ’ডিয়াম, কেলছিয়াম আদিবোৰ ধাতুৰ অক্সিজেনৰ প্ৰতি আসক্তি কাৰ্বনতকৈ অধিক । সেয়েহে, ধাতৱ অক্সাইডসমূহৰ পৰা ধাতুবোৰ নিষ্কাশিত কৰিব পৰা নাযায় । সেয়েহে এনেধৰণৰ ধাতুৰ ক্ষেত্ৰত বিদ্যুৎ বিজাৰণৰ (electrolytic reduction) দ্বাৰা নিষ্কাশন কৰা হয় ।

উদাহৰণস্বৰূপে— মেগনেছিয়াম, ছ’ডিয়াম আৰু কেলছিয়াম ধাতুক সিহঁতৰ বিগলতি ক্ল’ৰাইশৰ (Molten Chloride) বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা নিষ্কাশন কৰা হয় । কেথ’ডত এইবোৰ ধাতু জমা হয় আৰু এন’ডত ক্ল’ৰিন গেছ মুক্ত হয় ।
কেথ’ডত- Na+ + e → Na ন’ডত- 2Cl → Cl2 + 2e

এনে প্ৰক্ৰিয়াৰ মাধ্যমেৰে এলুমিনিয়াম অক্সাইডৰ বিদ্যুৎ বিজাৰণৰ জৰিয়তে এলুমিনিয়াম ধাতু পাব পাৰি ।

Leave a Comment

error: Content is protected !!
Scroll to Top