বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া | Chapter 13 | Seba Class 10 General Science Questions and Answers | MCQs Questions and Answers | Class 10  General Science MCQs | Class 10 General Science Assamese Medium | HSLC General Science Questions and Answers Assamese Medium | Assam Class 10 General Science Solutions | Assamese Medium | Assam Seba Board | Assam Class 10 G. Science Answer | দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ | অসমীয়া মাধ্যম


বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

Multiple Choice Questions and Answers

1. বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে—
(a) বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া
(b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্ৰক্ৰিয়া।
(c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া
(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া।
উত্তৰঃ (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্ৰৱাহ সৃষ্টি হোৱাৰ প্রক্রিয়া।

2. বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক—
(a) জেনেৰেটৰ বোলা হয়।
(b) গেলভেন’মিটাৰ বোলা হয়।
(c) এমিটাৰ বোলা হয়
(d) মটৰ বোলা হয়।
উত্তৰঃ (a) জেনেৰেটৰ বোলা হয়।

3. পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰ্টেৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো হৈছে—
(a) পৰিবর্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে।
(b) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে।
(c) পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে।
(d) পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙুঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক্‌ পৰিবর্তক থাকে।
উত্তৰঃ (d) পৰিবৰ্তী প্রবাহ জেনেৰেটৰত ফলা আঙুঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক্‌ পৰিবর্তক থাকে।

4. হ্রস্ববর্তনী (Short Circuit) হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ—
(a) বুজন পৰিমাণে কমি যায়
(b) সলনি নহয়।
(c) বুজন পৰিমাণে বৃদ্ধি পায়।
(d) অবিৰতভাৱে সলনি হয়।
উত্তৰঃ (c) বুজন পৰিমাণে বৃদ্ধি পায় ।

5. তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা—
(a) এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্য়ুতিক শক্তিলৈ ৰূপান্তৰ কৰে।
(b) এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কাৰ্য সম্পাদন কৰে।
(c) এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ’ব।
(d) সেউজীয়া অন্তৰকৰ তাঁৰফ সাধাৰণতে বৈদ্য়ুতিক যোগানৰ সজীৱ তাঁৰ বোলে।
উত্তৰঃ
(a) ভূল
(b) শুদ্ধ
(c) শুদ্ধ
(d) ভূল

6. ক্রিয়াকলাপ 13.7 AB দণ্ডৰ সৰণ কেনেদৰে প্রভাবিত হ’ব যদি—
[i] AB দণ্ডত প্রবাহ বৃদ্ধি কৰা হয়।
[ii] পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰা হয়।আৰু
[iii] AB দণ্ডৰ দৈর্ঘ্য বৃদ্ধি কৰা হয় ?
উত্তৰঃ [i] AB বিদ্যুৎ প্রবাহ বৃদ্ধি কৰিলে, ইয়াৰ সৰণও বৃদ্ধি হ’ব।
উত্তৰঃ[ii] যদি এটা শক্তিশালী অশ্ব-ঘুৰাকৃতি চুগ্ধক ব্যৱহাৰ কৰা হয়, ভেস্তে AB দণ্ডটোৰ সৰণ বৃদ্ধি হ’ব।
উত্তৰঃ[iii] যদি AB দণ্ডৰ দৈর্ঘ্য বৃদ্ধি কৰা হয়, তেন্তে ইয়াৰ উপৰ প্ৰযুক্ত বলৰ পৰিমাণ আৰু দণ্ডটোৰ সৰণও বৃদ্ধি হ’ব।

7. চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰ’টন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ’ব পাৰে ? (ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে)—
(a) ভৰ
(b) দ্ৰুতি
(c) বেগ
(d) ভৰবেগ
উত্তৰঃ (c) বেগ আৰু (d) ভৰবেগ

8. প্ৰবাহযুক্ত দীঘল চ’লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ—
(a) শূন্য
(b) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যায়।
(e) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায়।
(d) সকলাে বিন্দুতে একে থাকে।
উত্তৰঃ (d) সকলাে বিন্দুতে একে থাকে।

9. পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা (আলফা-কণা) চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ’ল। চৌম্বক ক্ষেত্ৰৰ দিশ হ’ব—
(a) দক্ষিণমুৱা।
(b) পূৱমুৱা।
(c) নিম্নমুখী।
(d) উর্দ্ধমুখী।
উত্তৰঃ (d) উর্দ্ধমুখী।

10. তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বর্ণনা কৰে ?
(a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত।
(b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত।
(c) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী (radial) ৰেখাৰে গঠিত।
(d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্র থকা এককেন্দ্রীক বৃত্তৰে গঠিত।
উত্তৰঃ (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত।

11. তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰ এখনত ঘূৰােৱা হৈছে। আৱিষ্ট প্ৰবাহৰ দিশ প্ৰতি—
(a) দুপাকত সলনি হ’ব ।
(b) এপাকত সলনি হ’ব ।
(c) প্ৰতি আধা পাকত সলনি হ’ব ।
(d) এপাকৰ চাৰি ভাগৰ এভাগত সলনি হ’ব ।
উত্তৰঃ (c) প্ৰতি আধা পাকত সলনি হ’ব ৷

READ MORE  বিদ্যুৎ | Chapter 12 | Class 10 General Science - SEBA

Short Questions and Answers

1. প্ৰত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম লিখা।
উত্তৰঃ প্ৰত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ উদাহৰণ – DC জেনেৰেতৰ, কোষ ইত্যাদি ৷

2. বৈদ্যুতিক মটৰ ব্যৱহৃত হােৱা কেইবিধমান সঁজুলীৰ নাম লিখা।
উত্তৰঃ বৈদ্যুতিক মটৰ ব্যৱহৃত হােৱা কেইবিধমান সঁজুলীৰ নাম – বৈদ্যুতিক পাংখা, ৰেফ্ৰিজাৰেটৰ, মিক্সাৰ ইত্যাদি ৷

3. পৰিৱৰ্তীত প্ৰবাহ কোনবিলাক উৎসই উৎপাদন কৰে।
উত্তৰঃ AC জেনেৰেতৰ, শক্তি উৎপাদন কেন্দ্ৰ ইত্যআদি ৷

4. বৈদ্যুতিক মটৰত ফলা আঙঠিৰ ভূমিকা কি?
উত্তৰঃ বৈদ্যুতিক মটৰত ফলা আঙঠিটো দিক পৰিবৰ্তক হিচাপে কাম কৰে ৷ ই মটৰত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰে ৷

5. দুডাল চৌম্বক বল ৰেখাই কিয় পৰম্পৰ কটাকটি কৰিব নােৱাৰে ?
উত্তৰঃ দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি কৰিব নোৱাৰে ৷ যদি কৰে তেন্তে তাৰ অৰ্থ হ’ব যে কটাকটি কৰা বিন্দুত দিকদৰ্শন যন্ত্ৰৰ কাঁটাই দুটা দিশ নিৰ্দেশ কৰিছে, যিটো সম্ভৱ নহয় ৷

6. চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্ব্বচ্চ হয় ?
উত্তৰঃ যেতিয়া প্ৰবাহৰ দিশ চৌম্বক ক্ষেত্ৰৰ দিশৰ লগত লম্ব হয় তেতিয়া চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল সৰ্ব্বচ্চ হয় ৷

7. ধৰা হওঁক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছ। ইলেকট্ৰনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সমুখৰ বেৰলৈ অনুভূমিকভাৱে আহিছে। এই কিৰণ ডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুত হৈছে ৷ চৌম্বক ক্ষেত্ৰৰ দিশ কি হ’ব?
উত্তৰঃ ফ্লেমিঙৰ বাওঁহতীয়া নীতি প্ৰয়োগ কৰিলে দেখা যায় চৌম্বক ক্ষেত্ৰৰ দিশ নিম্নমুখী হ’ব ৷

8. বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হােৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা।
উত্তৰঃ বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হােৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম- ফিউজ আৰু ভূমি তাঁৰ ৷

9. এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা।
উত্তৰঃ বৈদ্যুতিক জেনেৰেটৰ এটা বিদ্যুৎ চুম্বকীয় আৱেশক মূলনীতি হিচাপে লৈ প্ৰস্তুত কৰা হয় ৷ কোনো এটা কুণ্ডলী চুম্বক ক্ষেত্ৰ এটাত গতি কৰিলে বা ঘুৰিলে কুণ্ডলিটোত বিদ্যুৎ আবিষ্ট হয় ৷

10. বৈদ্যুতিক মটৰৰ মূলনীতিটো কি ?
উত্তৰঃ বৈদ্যুতিক মটৰ বিদ্যুত- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াক মূলনীতি হিচাপে লৈ প্ৰস্তুত কৰা হয় ৷ কোনো এটা কুণ্ডলীৰ মাজেৰে বিদ্যুত প্ৰবাহ ঘটিলে কুণ্ডলিটোয়ে চৌম্বক বলৰেখাৰ সৃষ্টি কৰে ৷

11. দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদৰ্শন যন্ত্ৰৰ কাটাডাল কিয় বিক্ষেপিত হয় ?
উত্তৰঃ দিগদৰ্শন যন্ত্ৰ হৈছে এটুকুৰা সৰু দণ্ড চুম্বক ৷ যিহেতু দুটা চুম্বকৰ একেধৰণৰ মেৰুৰ মাজত বিকৰ্ষণ আৰু বেলেগ ধৰণৰ মেৰুৰ মাজত আকৰ্ষণ হয় সেয়েহে দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদৰ্শন যন্ত্ৰৰ কাটাডাল বিক্ষেপিত হয় ৷

Long Questions and Answers

1. এডাল দণ্ড চুম্বকৰ কেউকাষৰ চৌম্বক বলৰেখাবােৰ অংকন কৰা।
উত্তৰঃ

Image
চিত্ৰ – দণ্ড চুম্বকৰ কেউকাষৰ চৌম্বক বলৰেখাবোৰ

2. কাৰ্যকলাপ 13.7ত AB দণ্ডৰ সৰন কেনেদৰে প্ৰভাবিত হ’ব যদি
(i) AB দণ্ডৰ প্ৰবাহ বৃদ্ধি কৰা হয়
(ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰা হয়, আৰু
(iii) AB দণ্ডৰ দৈৰ্য বৃদ্ধি কৰা হয় ?
উত্তৰঃ i) AB দণ্ডৰ প্ৰবাহ বৃদ্ধি কৰিলে দণ্ডডালত প্ৰয়োগ হোৱা বল বাঢ়িব ৷ সেইবাবে দণ্ডডালৰ অধিক জোৰত সৰন ঘটিব ৷

উত্তৰঃ (ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰিলও দণ্ডডালত প্ৰয়োগ হোৱা বল বাঢ়িব ফলত দণ্ডডাল অধিক জোৰত সৰন ঘটিব ৷
উত্তৰঃ (iii) একেদৰে AB দণ্ডৰ দৈৰ্য বৃদ্ধি কৰিলেও দণ্ডডালৰ সৰণত একেই প্ৰভাৱ দেখা যাব ৷

3. চৌম্বক বলৰেখাৰ ধৰ্মসমূহ তালিকাভূক্ত কৰা।
উত্তৰঃ চৌম্বক বলৰেখাৰ ধৰ্মসমূহ তলত উল্লেখ কৰা হ’ল –
(i) চৌম্বক বলৰেখাবোৰ চুম্বক এটাৰ উত্তৰ মেৰুৰ পৰা ওলায় আৰু দক্ষিণ মেৰুত সোমায়
(ii) চৌম্বকৰ অৰ্ন্তভাগত বলৰেখাৰ দিশ ইয়াৰ দক্ষিন মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয় ৷
(iii) চৌম্বক বলৰেখাবিলাক বন্ধ বক্ৰ ৷
(iv) দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে ৷

4. এটা প্ৰদত্ত অঞ্চলত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম। ইয়াক প্ৰদৰ্শন কৰি চিত্ৰ অংকন কৰা।
উত্তৰঃ

ওপৰৰ চিত্ৰটোত দেখা যায় যে এটা প্ৰবাহ যুক্ত চ’লেনইডৰ ভিতৰৰ চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম ৷

5. ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা।
উত্তৰঃ ফ্লেমিঙৰ বাওঁহাতৰ নীতি অনুসৰৰি যদি আমাৰ বাওঁহাতৰ বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিয়া হয় আৰু যদি তৰ্জনী আঙুলিয়ে চৌম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ অথবা তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ সূচাব ৷

READ MORE  পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ | Chapter 10 | Class 10 General Science - SEBA

6. এটা বৈদ্যুতিক হ্ৰস্ববৰ্তনী (Short Circuit) কেতিয়া সংঘটিত হয় ?
উত্তৰঃ এটা বৈদ্যুতিক হ্ৰস্ববৰ্তনী (Short Circuit) তলত উল্লেখিত কাৰক বোৰৰ বাবে সংঘটিত হ’ব পাৰে—
(i) সজীৱ আৰু উদাসীন তাঁৰৰ অবাঞ্চিত সংযোগ ঘটিলে ৷
(ii) যোগান ধৰা বিভৱৰ আকস্মিক বৃদ্ধি হ’লে ৷
(iii) একেটা খাঁজৰ পৰা অত্যাধিক সজুলি সংযোগৰ ফলত কেতিয়াবা হ্ৰস্ববৰ্তনী হ’ব পাৰে ৷

7. কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰা বিভিন্ন উপায়বােৰ ব্যাখ্যা কৰা।
উত্তৰঃ কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰা বিভিন্ন তলত উল্লিখ কৰা হ’ল—
(i) এটা কুণ্ডলীৰ সাপেক্ষে এডাল চুম্বকক গতি কৰালে কুণ্ডলিটোত প্ৰবাহ আবিষ্ট হ’ব ৷
(ii) এটা অশ্ব-খুৰা চুম্বকৰ দুই মেৰুৰ মাজত এটা কুণ্ডলী তীব্ৰভাৱে ঘুৰালে কুণ্ডলীটোত প্ৰবাহ আবিষ্ট হ’ব ৷

8. ভূমি সংলগ্ন তাঁৰৰ কাম কি? ধাতুৰ সঁজুলিবােৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়ােজন কিয় ?
উত্তৰঃ ভূমি সংলগ্ন তাঁৰ বিদ্যুৎ বৰ্তনীৰ এবিধ সুৰক্ষা ব্যৱস্থা ৷ ধাতুৰ সজুলিৰ শৰীৰ ভূমি সংযোগী তাঁৰৰ লগত সংলগ্ন কৰিলে ই প্ৰবাহক ভূমিলৈ কম ৰোধৰ পৰিবাহী পথ এটাৰ যোগান ধৰে ৷ সঁজুলিৰ ধাতুৰ শৰীৰলৈ এই প্ৰবাহ নিঃসাৰিত হ’লে এই ব্যৱস্থাই ধাতুৰ শৰীৰৰ বিভৱ ভূমিৰ সৈতে একে কৰি ৰাখে, ফলত ব্যৱহাৰকাৰীয়ে অনুভৱ কৰা বৈদ্যুতিক আঘাত সিমান প্ৰচণ্ড নহ’ব পাৰে ৷

9. চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা।
উত্তৰঃ চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি—
(i) বৰ্তনী এটাৰে বিদ্যৎ প্ৰবাহ কৰিলে চৌম্বক ক্ষেত্ৰ উৎপন্ন হয় ৷
(ii) চ’লেনিড এটাৰ মাজেৰে বিদ্যৎ প্ৰবাহ কৰিলে চৌম্বক ক্ষেত্ৰ উৎপন্ন হয় ৷

10. এটা বৈদ্যুতিক ওভেনৰ ক্ষমতা 2 KW আৰু ইয়াক 5A প্ৰবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ (220V ৰ) লগত সংযােগ কৰা হৈছে। কি ফলাফল তুমি আশা কৰিবা ? আলােচনা কৰা।
উত্তৰঃ দিয়া আছে, বৈদ্যুতিক ওভেনৰ ক্ষমতা, P = 2KW = 2 x 1000 =2000W বিভৱভেদ, V = 220V,

দেখা গ’ল যে বৈদ্যুতিক ওভেনটো ভালদৰে চলিবলৈ 9.09A বিদ্যুত প্ৰবাহৰ প্ৰয়োজন ৷ যিহেতু ঘৰুৱা বৰ্তনীটো 5A প্ৰবাহ ক্ষমতা যুক্ত, সেয়েহে উক্ত ওভেনটো বৰ্তনীটোত সংযোগ কৰিলে বৰ্তনীতো নষ্ট হোৱা সম্ভাবনা আছে ৷

11. ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বােজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল’বা ?
উত্তৰঃ ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বােজাৰ পৰা ৰক্ষা কৰিবলৈ তলত উল্লেখিত সাবধানতাবোৰ ল’ব লাগে –

(i) ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাকত সদায় এডাল ভূমি সংযোগী তাঁৰ থাকিব লাগে ৷
(ii) সকলো ঘৰৰ বৰ্তনীত এডাল ফিউজ তাঁৰ থকা উচিত ৷
(iii) একেতা খাঁজত অত্যাধিক সজুলি সংযোগ কৰিব নালাগে ৷
(iv) একে সময়তে অত্যাধিক সজুলি ব্যৱহাৰ কৰিব নালাগে ৷

12. চ’লেনিডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্ৰবাহযুক্ত চলেনই এটাৰ উত্তৰ মেৰু আৰু দক্ষিন মেৰু নিৰ্ণয় কৰিব পাৰিবানে? ব্যাখ্যা কৰা।
উত্তৰঃ চ’লেনিড হ’ল চুঙা এটাৰ আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলী ৷

চিত্ৰঃ এটা প্ৰবাহযুক্ত কুণ্ডলীৰ মাজেৰে আৰু কেউকাষে যোৱা চুম্বক বলৰেখা ৷
চ’লেনইড বা বহুত পাকযুক্ত বৃত্তাকাৰ কুণ্ডলিত বিদ্যৎ প্ৰবাহ হলে কুণ্ডলীটোৰ মাজেৰে আৰু কেউকাষে চুম্বক বলৰেখাৰ সৃষ্টি হয় ৷ চলেনইডৰ এটা মূৰ চৌম্বক উত্তৰ মেৰু আৰু আনটো মূৰ দক্ষিণ মেৰুৰ দৰে আচৰন কৰে ৷

এডাল দণ্ড চুম্বকৰ সহায়ত অতি সহজে প্ৰবাহযুক্ত চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিন মেৰু নিৰ্ণয় কৰিব পৰি ৷ যিহেতু দুটা চুম্বকৰ একেধৰণৰ মেৰুৰ মাজত বিকৰ্ষণ আৰু বেলেগ ধৰণৰ মেৰুৰ মাজত আকৰ্ষণ হয় ৷ সেয়েহে এডাল দণ্ড চুম্বকৰ উত্তৰ মেৰু চ’লেনইডৰ এটা মূৰৰ উচৰত আনিলে যদি আকৰ্ষণ হয় চ’লেনইডৰ উক্ত মূৰটো দক্ষিন মেৰু বুলি প্ৰমাণ হ’ব আনহাতে বিকৰ্ষণ হ’লে উত্তৰ মেৰু ৷ এটা মেৰু চিনাক্ত হ’লে আনটো মেৰু সহজে নিৰ্ণয় কৰিব পাৰি ৷

13. বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ অংকন কৰা। ইয়াৰ মূলনীতি আৰু কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা। বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি?
উত্তৰঃ

চিত্ৰ – বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ

মূলনীতি: বৈদ্যুতিক মটৰ বিদ্যুত- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াক মূলনীতি হিচাপে লৈ প্ৰস্তুত কৰা হয় ৷ কোনো এটা কুণ্ডলীৰ মাজেৰে বিদ্যুত প্ৰবাহ ঘটিলে কুণ্ডলিটোয়ে চৌম্বক বলৰেখাৰ সৃষ্টি কৰে ৷

কাৰ্যপ্ৰণালী: চিত্ৰত দেখুওৱাৰ দৰে বৈদ্যুতিক মটৰ আয়তাকাৰ কুণ্ডলী ABCD ৰে গঠিত ৷ কুণ্ডলীটোৰ AB আৰু CD বাহু চুম্বক ক্ষেত্ৰৰ লম্ব হিচাপে ৰখা হেছে ৷ এটা ফলা আঙঠিৰ দুটা অৰ্ধাংশ P আৰু Qৰ লগত কুণ্ডলীটোৰ প্ৰান্ত দুটা সংযোগ কৰা হৈছে ৷ P আৰু Qৰ বৰ্হিভাগৰ পৰিবাহী ফাল দুটাই লৰচৰ কৰিব নোৱাৰা ব্ৰাচ X আৰু Yক স্পৰ্শ কৰি আছে ৷

READ MORE  মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী | Chapter 11 | Class 10 General Science - SEBA

বেটেৰীৰ পৰা AB বাহুৰে বিদ্যুৎ প্ৰবাহ হ’লে ফ্লেমিঙৰ বাওঁহতীয়া নীতী অনুসৰি AB বাহুত ক্ৰিয়া কৰা বলে ইয়াত তললৈ ঠেলিব আৰু CD বাহুত ক্ৰিয়া কৰা বলে ইয়াত ওপৰলৈ ঠেলিব ৷ আধা পাক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰাৰ পিছত Qয়ে X ব্ৰাচক স্পৰ্শ কৰিব আৰু Pয়ে Y ব্ৰাচক স্পৰ্শ কৰিব ৷ ফলত কুণ্ডলীটোত প্ৰবাহ বিপৰীত মুখী হৈ DCBA পথেৰে প্ৰবাহিত হ’ব ৷ বৈদ্যুতিক মটৰত ফলা আঙঠিয়ে দিক্ পৰিবৰ্তক হিচাপে কাম কৰে ৷ গতিকে আগতে তললৈ ঠেলা খোৱা AB বাহু এইবাৰ ওপৰলৈ ঠেলা খাব আৰু CD তললৈ ৷ এই দৰে কুণ্ডলী আৰু অক্ষদণ্ড একে দিশত অবিৰতভাৱে ঘূৰি থাকিব ৷

বৈদ্যুতিক মটৰত ফলা আঙঠিটো দিক পৰিবৰ্তক হিচাপে কাম কৰে ৷ ই মটৰত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰে ৷

14. এখন টেবুলৰ সমতলত তাৰৰ বৃত্তাকাৰ কুণ্ডলী এটা বিবেচনা কৰা। ধৰা হওঁক, ঘড়ীৰ কাটাৰ দিশত ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে। কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চৌম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্ৰয়ােগ কৰা।
উত্তৰঃ


চিত্ৰত দেখা গৈছে যে টেবুলৰ সমতলত ৰখা তাঁৰৰ বৃত্তাকাৰ কুণ্ডলীটোৰ মাজেৰে ঘড়ীৰ কাটাৰ দিশত বিদ্যুত প্ৰবাহ হৈছে ৷ সোঁহাতৰ বুঢ়া আঙুলি নীতি প্ৰয়োগ কৰিলে দেখা যায় যে কুণ্ডলীটোৰ ভিতৰত চুম্বক বলৰেখাবিলাক টেবুলখনৰ তললৈ সোমাব আৰু কুণ্ডলীটোৰ বাহিৰত চুম্বক বলৰেখাবিলাক টেবুলখনৰ পৰা ওপৰলৈ ওলাই আহিব ৷

15. অন্তৰিত তামৰ তাঁৰৰ কুণ্ডলী এটা গেলভেন মিটাৰ এটাৰ লগত সংযােগ কৰা হৈছে। যদি এডাল দণ্ড চুম্বক–
(i) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে
(ii) কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে
(iii) কুণ্ডলীৰ অন্তভাগত স্থিতিশীল অৱস্থাত ৰাখিলে কি হব?
উত্তৰঃ গেলভেন’মিটাৰ হেছে বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰিব পৰা এটা সজুঁলি ৷ অন্তৰিত তামৰ তাঁৰৰ কুণ্ডলী এটা গেলভেন’মিটাৰ এটাৰ লগত সংযােগ কৰিলে —

(i)যদি এডাল দণ্ড চুম্বক কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিয়া হয়, গেলভেন’মিটাৰৰ কাঁটাডালৰ এক ক্ষণস্থায়ী বিক্ষেপন দেখা যাব ৷
(ii )যদি এডাল দণ্ড চুম্বক কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই অনা হয়, গেলভেন’মিটাৰৰ কাঁটাডালৰ বিক্ষেপন পূৰ্বৰ বিক্ষেপনৰ ওলোটা হ’ব ৷
(iii) যদি এডাল দণ্ড চুম্বক কুণ্ডলীৰ অন্তভাগত স্থিতিশীল অৱস্থাত ৰখা হয়, গেলভেন’মিটাৰৰ কাঁটাডালৰ কোনো বিক্ষেপন দেখা নাযাব ৷

16. দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে। A কুণ্ডলীত প্ৰবাহ পৰিবৰ্তন হলে B কুণ্ডলীত প্ৰবাহ আৱিষ্ট হবনে? কাৰণ দৰ্শাৱা।
উত্তৰঃ দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে। A কুণ্ডলীত প্ৰবাহ পৰিবৰ্তন হলে B কুণ্ডলীত প্ৰবাহ আৱিষ্ট হ’ব ৷ কাৰণ A কুণ্ডলীত প্ৰবাহ পৰিবৰ্তন হলে তাৰ লগত সংলগ্ন বৰৰেখাবোৰ সলনি হয় ৷ ইয়াৰ ফলতে B কুণ্ডলীত প্ৰবাহ আৱিষ্ট হয় ৷ এই প্ৰক্ৰিয়াটোক বিদ্যুৎ চুম্বকীয় অৱেশ বোলে ৷

(i) প্ৰবাহযুক্ত পােন পৰিবাহীৰ কেউকাষে সৃষ্টি হােৱা চৌম্বক ক্ষেত্ৰৰ,
(ii) চৌম্বক ক্ষেত্ৰ এখনৰ লম্বভাবে স্থাপন কৰা প্ৰবাহযুক্ত পােন পৰিবাহী এডালে অনুভৱ কৰা বল আৰু
(iii) চৌম্বক ক্ষেত্ৰ এখনত ঘূৰাওঁতে কুণ্ডলীত আৱিষ্ট হােৱা প্ৰবাহৰ দিশ নিৰ্ণয় কৰাৰ নিয়ম উল্লেখ কৰা।

উত্তৰঃ (i) সোঁহাতৰ বুঢ়া আঙুলি নীতি ৷
(ii) ফ্লেমিঙৰ বাঁওহতীয়া নীতি ৷
(iii) ফ্লমিঙৰ সোঁহতীয়া নীতি ৷

17. চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি আৰু কাৰ্যপ্ৰণালী বৰ্ণনা কৰা। ইয়াত ব্ৰাচদুডালৰ কাম কি ?
উত্তৰঃ

চিত্ৰ – বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ

মূলনীতি: বৈদ্যুতিক জেনেৰেটৰ এটা বিদ্যুৎ চুম্বকীয় আৱেশক মূলনীতি হিচাপে লৈ প্ৰস্তুত কৰা হয় ৷ কোনো এটা কুণ্ডলী চুম্বক ক্ষেত্ৰ এটাত গতি কৰিলে বা ঘুৰিলে কুণ্ডলিটোত বিদ্যুৎ আবিষ্ট হয় ৷

কাৰ্যপ্ৰণালী: চিত্ৰত দেখুওৱাৰ দৰে জেনেৰেটৰৰ মূ্ল অংশ হ’ল এটা ঘূৰ্ণায়মান কুণ্ডলি ABCD যাক চুম্বকৰ দুটা মেৰুৰ মাজত ৰখা হৈছে ৷ কুণ্ডলীৰ মূৰ দুয়োটা R1 আৰু  R2 আঙঠি দুটাৰ লগত সংযোগ কৰা হয় ৷ দুডাল স্থিতিশীল পৰিবাহী ব্ৰাচ B1 আৰু  B2 যথাক্ৰমে R1 আৰু  R2 ৰ লগত পৃথকে পৃথকে হেচা দি ৰখা হয় ৷

ধৰাহওঁক ABCD কুণ্ডলীটোক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰোৱা হেছে ৷ AB বাহু ওপৰলৈ উঠিছে আৰু CD বাহু তললৈ নামিছে ৷ ফ্লেমিঙৰ সোঁহতীয়া নীতি অনুসৰি আৱিষ্ট প্ৰবাহ ABCD দিশত চালিত হ’ব৷ আধা পাক ঘূৰাৰ পিছত CD বাহু ওপৰলৈ আৰু AB বাহু তললৈ যাবলৈ আৰম্ভ হ’ব ৷ ফলত আবিষ্ট প্ৰবাহৰ দিশ সলনি হৈ DCBAৰ দিশত চালিত হ’ব ৷ বহিঃ বৰ্তনীত B1 আৰু  B2 ৰে প্ৰবাহ চলিত হ’ব ৷ গতিকে প্ৰতি আধা পাক ঘূৰ্ণনত জেনেৰেটৰে পৰিবৰ্তীত প্ৰবাহৰ(AC) যোগান ধৰিব ৷

জেনেৰেটৰৰ ব্ৰাচদুডাৰ যোগেদি উৎপাদিত শক্তি বহিঃবৰ্তনীত প্ৰবাহ হয় ৷

Leave a Comment

error: Content is protected !!
Scroll to Top