গণতন্ত্ৰ দিৱস বা গণৰাজ্য দিৱসৰ ভাষণ | Republic Day Speech in Assamese

গণতন্ত্ৰ দিৱস বা গণৰাজ্য দিৱসৰ ভাষণ | Republic Day Speech in Assamese

গণতন্ত্ৰ দিৱস বা গণৰাজ্য দিৱসৰ ভাষণ | ভাৰতৰ গণতন্ত্ৰ দিৱসৰ ভাষণ | ভাৰতৰ গণৰাজ্য দিৱসৰ ভাষণ | গণতন্ত্ৰ দিৱসৰ অসমীয়া ভাষণ | গণৰাজ্য দিৱসৰ অসমীয়া ভাষণ | ২৬ জানুৱাৰী তাৰিখৰ ভাষণ | ২৬ জানুৱাৰী তাৰিখৰ অসমীয়া ভাষণ | Republic Day Speech in Assamese | Indian Republic Day Speech


গণতন্ত্ৰ দিৱস বা গণৰাজ্য দিৱসৰ ভাষণ

নমস্কাৰ, সম্মানীয় আজিৰ এই ৭৫তম গণৰাজ্য দিৱস উদযাপনৰ বাবে উপস্থিত হোৱা সভাপতি মহোদয়, মোৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয়, মোৰ সহকৰ্মীসকল, উপস্থিত শ্ৰদ্ধাৰ মুৰব্বীসকল আৰু মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু কণ কণ ভাইটি-ভন্টিসকল।

পোন প্ৰথমে মই মোৰ তৰফৰ পৰা গণতন্ত্ৰ বা গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো লগতে মোক এই পবিত্ৰ দিনত দু-আষাৰ কোৱাৰ সুযোগ দিয়া বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।

আজি আমি ইয়াত ভাৰতবৰ্ষৰ ৭৫তম গনৰাজ্যা গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। আজিৰ দিনটো ভাৰতবৰ্ষৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোতে অৰ্থাৎ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা আমাৰ দেশ ভাৰতৰ সংবিধানখন কাৰ্যকৰী হৈছিল।

আচলতে, ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰে পৰাই আমাৰ দেশ ভাৰতৰ বাবে এখন নিজা সংবিধান ৰচনা কৰাৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছিল আৰু সেই মতে ১৯৪৬ চনত এখন সংবিধান সভা গঠন কৰা হৈছিল। সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে আৰু ১৯৪৭ চনৰ ২৯ আগষ্টত ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা কমিটি গঠন কৰি লয়। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই খচৰা কমিটি খনে প্ৰায় ৩ বছৰ কাল অশেষ পৰিশ্ৰম কৰি সংবিধানখন লিখি উলিয়াই আৰু সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে ইয়াত চহী কৰে আৰু সংবিধান সভাত গৃহীত হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হয় আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে ২৬ জানুৱাৰী তাৰিখে গণৰাজ্য দিৱস উদযাপন কৰি অহা হৈছে।

READ MORE  সৰস্বতী পূজাৰ ভাষণ | Saraswati Puja Speech in Assamese

গণতন্ত্ৰ দিৱসৰ মূখ্য সমাৰোহ দিল্লীৰ লগতে ৰাজ্য সমূহতো উলহ-মালহেৰে উদযাপন কৰা হয়। এই দিৱস উদযাপনৰ জৰিয়তে ভাৰতৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া ব্যক্তিসকলক স্মৰণ কৰা হয়। স্কুল-কলেজৰ লগতে সকলো চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আদিত পতাকা উত্তোলন কৰা হয় আৰু স্কুল কলেজ বোৰত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়।

শেষত মই আৰু এটা কথা কওঁ যে সংবিধানে আমাক ৬ বিধ মৌলিক অধিকাৰ আৰু ১১ বিধ মৌলিক কৰ্তব্য দিছে যিবোৰ তোমালেকে ডাঙৰ হলে ওপৰৰ ক্লাছত পাবা। আমি যাতে আমাৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য খিনি ভালদৰে পালন কৰি আমাৰ দেশ ভাৰতৰ নাম বিশ্বৰ ভিতৰতে উজলাই তুলিব পাৰো তাৰেই কামনা কৰিলোঁ আৰু মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ।
বন্দেমাতৰম। জয় হিন্দ।।

Leave a Comment

error: Content is protected !!
Scroll to Top