অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ ৰচনা | Natural and Forest Resources of Assam Essay

অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ ৰচনা | অসমৰ প্ৰাকৃতিক সম্পদ ৰচনা | অসমৰ বনজ সম্পদ ৰচনা | Natural and Forest Resources of Assam Essay in Assamese | Axomor Prakritik Totha Bonojo Sompod Essay | Axomor Prakritik Sampad Essay | Axomor Bonojo Sompod Essay


অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ

আৰম্ভণিঃ প্রকৃতিৰ বুকুত উদ্ভূত সম্পদ ৰাজিয়েই প্রাকৃতিক সম্পদ। উৎস আৰু শ্রেণী অনুযায়ী এই সম্পদ—বনজ, প্রাণীজ আৰু খনিজ হ’ব পাৰে। কৃষিজাত সম্পদৰ কথা বাদ দি আমি ইয়াত বাকী কেইবিধ সম্পদৰ বিষয়ে আলােচনা কৰিম।

বনজাত সম্পদত অসম অতুলনীয়। প্রকৃতিয়ে অতুল বৈভৱেৰে ঐশ্বর্যশালী কৰি অসমক স্ৰজন কৰিছে। অসমৰ প্ৰতিটো সেউজীয়া বিন্দুৱেই একোটা অমূল্য সম্পদৰ ভাণ্ডাৰ। অসমৰ পৰ্বতে-পাহাৰে, পাহাৰৰ নামনিত, ভৈয়ামৰ বিভিন্ন প্রান্তত শত-সহস্র মূল্যবান কাঠ আছে। শাল, সােণাৰু, কৰৈ, গন্ধসৰৈ, বনচোম, শ্যাম, চেগুন, অগৰু, চন্দন, তিতাচপা, হালধি চম্পা, শিমলু, পমা আদি অলেখ অপাৰ কাঠৰ অৰণ্য অসমৰ বুকুত বিৰাজমান। ঘৰ সজাৰ বিভিন্ন সঁজুলি আৰু নানা তৰহৰ আচবাবপত্ৰৰ বাবে এইবােৰ অমূল্য সম্পদ ; ভাৰতৰ বিভিন্ন ৰাজ্যলৈ ৰপ্তানি হয়; ৰে’লৰ স্লিপাৰ আদি অসমৰ কাঠৰপৰা তৈয়াৰ হয়। অগৰু, চন্দন আদি কাঠৰপৰা সুগন্ধি আতৰ, ধূপকাঠী আদি তৈয়াৰ হয়। শিমলু কাঠ জুইশলা-শিল্পত প্ৰচুৰ পৰিমাণে ব্যৱহৃত হয়। শিমলু কাঠক জুইশলা শিল্পৰ প্রাণ বুলি ক’লেও বঢ়াই কোৱা নহয়। শ্যাম কাঠৰ নাও উৎকৃষ্ট।

অসমৰ হাবিত প্ৰচুৰ পৰিমাণে বাঁহ আৰু বেত পােৱা যায়। বাঁহ-বেতৰ চাহিদা ৰাজ্যখনৰ ভিতৰত যিদৰে প্ৰভূত, সেইদৰে ৰাজ্যৰ বাহিৰতাে প্রভূত। কাগজ উৎপাদনৰ কাৰণে কাঠ আৰু বাঁহ দুয়ােটাই অতি প্রয়ােজনীয়। অসমৰ কাঠ, বাঁহ আদিৰ উৎপাদনলৈ চাই অসমত কেইবাটাও কাগজৰ কল স্থাপনৰ সম্ভাৱনীয়তা নুই কৰিব নােৱাৰি। বৰ্ত্তমান অসম আৰু বিহাৰৰ দ্বাৰভাঙ্গাৰ যুটীয়া প্ৰচেষ্টাত গােৱালপাৰা জিলাৰ যােগীঘােপাত “অশােক পেপাৰ মিল” নামৰ এটা মাত্র কাগজৰ কল প্রতিষ্ঠিত হৈছে। নগাওঁ জিলাৰ জাগীৰােড আৰু কাছাৰত আন দুটা কাগজৰ কল প্রতিষ্ঠা হৈছে। অদূৰ ভৱিষ্যতে আৰু কেইবাটিও কাগজৰ কল স্থাপিত হােৱাৰ সম্ভাৱনা আছে। তদুপৰি সমগ্ৰ ভাৰতব্যাপী বাঁহ-বেত শিল্প গঢ়ি উঠিছে অসমৰ উৎপাদনৰ গইনা লৈয়েই।

এইবােৰৰ বাহিৰেও অসমৰ হাবিত প্ৰচুৰ পৰিমাণে ইকৰা, নল, খাগৰি, খেৰ পােৱা যায়। এইবােৰ গৃহ নিৰ্মাণৰ কাৰণে অত্যাৱশ্যকীয় সামগ্রী। তদুপৰি অসমৰ অৰণ্যত প্ৰচুৰ পৰিমাণে শাক-পাচলি আৰু ঔষধজাতীয় উদ্ভিদ আছে। এইবােৰ সম্পদৰপৰা এফালে চৰকাৰে লাখ লাখ টকাৰ ৰাজহ লাভ কৰিছে, আনফালে অসমীয়া জাতিয়ে এইবােৰ সম্পদ আহৰণ কৰি লাভবান হৈছে। নানা ফল-মূল জাতীয় উদ্ভিদো অসমৰ হাবিত উভৈনদী হৈ আছে।

READ MORE  বাতৰি কাকত ৰচনা | News Paper Essay in Assamese

আন এবিধ বনজাত সম্পদ হৈছে বনৰীয়া জীৱ-জন্তু। হাতী, গড়, বাঘ, ভালুক, বান্দৰ, সাপ, নেউল, পহু, গাহৰি, আৰু ধনেশ, ম’ৰা চৰাই, হাঁহ, কাউৰী, শগুন, ভাটো, মইনা, কুলি, কেতকী আদি অলেখ, অপাৰ পশু-পক্ষী অসমৰ হাবিত উভৈনদী হৈ আছে। হাতী, গড়, বাঘ, পহু অসমৰ বহুমূলীয়া সম্পদ। বিশেষকৈ এশিঙীয়া গঁড় পৃথিৱীৰ ভিতৰতে এক দুর্লভ সম্পদ। এইবোেৰ জীৱ-জন্তু বিদেশলৈ ৰপ্তানি কৰি অসমে কোটি কোটি টকা উপার্জন কৰে। হাতীৰ দাঁত আৰু গঁড়ৰ খড়গও বহুমূলীয়া সম্পদ। এই দুয়ােবিধ সম্পদ ঔষধ আদিত ব্যৱহাৰ হােৱাৰ উপৰিও সৌভাগ্যশালী অলঙ্কাৰৰূপে ব্যৱহৃত হয় বাবে ইয়াৰ মূল্য বহুত। ধনেশ পখী আৰু সাপৰ তেল মূল্যবান ঔষধৰূপে পৰিগণিত।

সমগ্র অসমৰ নদ-নদী, বিল-খালবােৰত মাছ-কাছই উভৈনদী। এইবােৰো অসমৰ এক বৃহৎ পৰিমাণৰ প্রাকৃতিক সম্পদ। প্রকৃতিৰ বুকুত স্বয়ংপালিত এইবিধ সম্পদৰপৰা বৃহৎ পৰিমাণৰ ৰাজহ অসমৰ ৰাজ ভঁৰাললৈ আহে। তদুপৰি ই সমগ্ৰ অসমীয়া জাতিৰে সুখাদ্য। ইয়াৰ উন্নয়নৰ বাবে চৰকাৰে কৃত্রিম উপায়েৰে প্রজনন ব্যৱস্থা কৰি অধিক উৎপাদনৰ ব্যৱস্থা লৈছে।

অসমৰ আন এবিধ অতি মূল্যবান সম্পদ হৈছে লা। ই অৱশ্যে উদ্ভিদ আৰু প্রাণী উভয়ৰ মিশ্রিত প্রক্রিয়াৰ দ্বাৰা উদ্ভুত। এবিধ গছত বর্ধিত কীটৰ আঠাৰপৰা লা হয়। ইয়াৰপৰাও অসমৰ যথেষ্ট আয় হয়। এই লা শােধন কৰাৰ ব্যৱস্থা বর্তমান অসমত নাই বাবে প্ৰায়বােৰ অশােধিত লা বাহিৰলৈ পঠোৱা হয়। চাপৰমুখত থকা একমাত্র কাৰখানাটোও লা যােগানৰ অসুবিধাৰ অজুহাতত বাহিৰলৈ স্থানান্তৰিত কৰা হ’ল। অথচ প্রচুৰ পৰিমাণৰ অশােধিত লা প্রতি বছৰে অসমৰ বাহিৰলৈ যাব লাগিছে।

ধূনাও এবিধ উদ্ভিদজাত বনজ সম্পদ। ইয়াৰ চাহিদা সদৌ ভাৰততে আছে। সেইবাবে প্ৰচুৰ পৰিমাণৰ ধূনাও ৰপ্তানি কৰা হয়।

খনিজ পদার্থ অসমৰ আটাইতকৈ মূল্যবান সম্পদ। এই সম্পদতাে অসম অতিশয় চহকী। ভাৰতৰ খনিজ সম্পদৰ ইতিহাসত অসমৰ কেৰাচিন আৰু পেট্ৰ’লৰ কাহিনী সৰ্বপ্ৰথমতে সােণালী আখৰেৰে লিখা ৰ’ব চিৰদিন। এনে এটা সময় আছিল, যি সময়ত কেৱল ডিগবৈৰ কেৰাচিন তেলেৰেই ভাৰত পােহৰাব লগা হৈছিল। অসমৰ ডিগবৈ, নাহৰকটীয়া, মৰাণ, লাকোৱা, হুগ্রীজান, গেলেকী আৰু ৰুদ্ৰসাগৰত প্ৰচুৰ পৰিমাণৰ কেৰাচিন তেলৰ পুং আৱিস্কৃত হৈছে। বিশেষজ্ঞসকলৰ জৰীপ মতে সমগ্র ব্রহ্মপুত্র উপত্যকাতে বিৰাট পৰিমাণৰ তেলৰ সাগৰ থকা বুলি জনা গৈছে। অসমৰ তেল শােধন কৰিবৰ কাৰণে ডিগবৈত থকা পূর্বৰ শােধনাগাৰৰ বাহিৰেও গুৱাহাটীৰ নুনমাটিত শােধনাগাৰ স্থাপিত হৈছে; গােৱালপাৰা জিলাৰ বঙাইগাওঁতাে পেট্রোকেমিকেল কমপ্লেক্স স্থাপিত হৈছে।

READ MORE  মোৰ প্ৰিয় গ্ৰন্থ ৰচনা - জীৱনৰ বাটত | Mor Priya Grantha Jivanar Baatat Essay

তেল আৰু প্রাকৃতিক গেছৰ অনুসন্ধানৰ বাবে দুলীয়াজানত তেল আৰু প্রাকৃতিক গেচ আয়ােগৰ কেন্দ্র প্রতিষ্ঠিত হৈছে। অতিৰিক্ত  খাৰুৱা তেলবোৰ বৰ্তমান বাবাউনী আৰু হলদিয়ালৈ নি শােধন কৰা হৈছে। অসমৰ পৰা আহৰণ কৰা এই সম্পদ অসমতে আৰু অধিক শক্তিসম্পন্ন শােধনাগাৰ প্ৰতিষ্ঠা কৰি শোধন কৰাৰ ব্যৱস্থা কৰা হ’লে এফালেদি অসমৰ অজস্ৰ নিবনুৱাৰ কৰ্ম্ম সংস্থান হ’লহেঁতেন। আৰু আনফালেদি তাৰপৰা হােৱা আয় অসমৰ উন্নয়নত প্রয়ােগ কৰিব পৰা গ’লহেঁতেন। অসমৰ যাতায়াত ব্যৱস্থা উন্নততৰ নােহােৱাৰ অজুহাত দেখুৱাই কেন্দ্রীয় চৰকাৰে অসমতে এই অতিৰিক্ত খাৰুৱা তেলৰ বাবে নতুন শােধনাগাৰ প্ৰতিষ্ঠা নকৰি অসমক সদায় প্রৱঞ্চনা কৰি অহাটো অতি পৰিতাপৰ কথা ।

কয়লা অসমৰ দ্বিতীয় শ্রেষ্ঠ খনিজ সম্পদ। লিডু, মাৰ্ঘেৰিটা, বৰগােলাই, টিপং, মাকুম অঞ্চলত ইয়াৰ খনি আছে। কয়লাৰপৰা কুৎসিত আলকাতৰ পৰা আৰম্ভ কৰি নানাবিধ সুগন্ধি মচলা, ৰং আৰু চেকাৰিণ তৈয়াৰ হয়।

ইয়াৰ বাহিৰেও অসমৰ বিস্তীর্ণ অঞ্চল জুৰি প্ৰচুৰ পৰিমাণে চূণশিল আৰু বালিচন্দা পােৱা যায়। কামৰূপ আৰু গােৱালপাৰা জিলাৰ সীমান্তৰ এক বিস্তীর্ণ অঞ্চলত “ফুলার্চ আর্থ” সঞ্চিত হৈ আছে। ৰহা অঞ্চলৰ শ্ৰীতিকেন্দ্র সিংহ ৰজা নামৰ এজন লােকে ইয়াৰ খনি উদঘাটন কৰি আহৰণৰ ব্যৱস্থা হাতত লৈছিল ; কিন্তু মূলধনৰ অভাৱত কাৰখানা স্থাপন কৰিব নােৱাৰাত এই বহুমূলীয়া সম্পদবিধ কামত প্রয়ােগ কৰিব পৰা হােৱা নাই।

গােৱালপাৰাৰ কোনাে পাহাৰৰ শিৰাত সােণৰ সন্ধানাে পােৱা গৈছিল; কিন্তু তাক আহৰণ কৰাৰ বা প্রকৃততে কিমান পৰিমাণৰ সােণ উৎপাদন হ’ব পাৰে তাৰ জৰীপ কৰা ব্যৱস্থা হৈছে নে নাই জনা নাযায়। সােৱণশিৰী নৈৰ বালিত সােণৰ চেকুৰা পােৱা যায়। পুৰণিকালত সােণােৱালসকলে যথেষ্ট পৰিমাণৰ সােণ তাৰপৰা আহৰণ কৰিছিল। অথচ ইয়াৰ উৎস ক’ত আৰু ব্যৱসায়িক ভিত্তিত আহৰণ কৰিব পৰা যায় নে নাযায়, তাৰ গৱেষণা সম্ভৱতঃ আজিলৈকে হােৱা নাই। অসমীয়া মানুহে অসমৰ বুকুৰপৰাই লােহাও আহৰণ কৰিছিল। ক’ৰপৰা কেনেকৈ কৰা হৈছিল তাৰ সন্ধান উলিওৱাৰ চেষ্টা অসমীয়া জাতিয়ে কেতিয়াবা কৰিব নে নাই সন্দেহ।

READ MORE  মোৰ প্ৰিয় সাহিত্যক ৰচনা - সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

অসমৰ পাহাৰীয়া অঞ্চলত চিলিমিনাইটো পােৱা যায়। গুৱাহাটীৰ দাঁতি কাষৰীয়া অঞ্চলত তামৰ খনি থকাৰো সন্ধান পােৱা গৈছিল। আনকি বিশেষজ্ঞসকলে এই মতাে পােষণ কৰে যে সমগ্র অসমৰে গৰ্ভত প্ৰচুৰ পৰিমাণৰ খনিজ সম্পদৰ এক অক্ষয় ভাণ্ডাৰ অনাবিষ্কৃত অৱস্থাত আছে, যাৰ উদঘাটন সম্ভৱ হ’লে অসমৰ “সােণৰ অসম” নাম কল্পনাৰ শীর্ষ বিন্দুৰপৰা নামি আহি বাস্তৱৰ আকাশলঙঘী গৰিমাৰে মহিমামণ্ডিত হ’ব।

কিন্তু দুখৰ বিষয় আমি অসমীয়াই আজি “সােৱণশিৰীৰ সােণ চেকুৰা বুটলিব কোনে ?— বুলি গীতৰ   ৰাগিণী তুলিয়েই ক্ষান্ত আছোঁ। তাক বাস্তৱত ৰূপায়িত কৰাৰ সৎ সাহস, সামর্থ্য আমি গােটাব পৰা নাই।

প্রকৃতিয়ে বনজ, প্রাণীজ, খনিজ অজস্র সম্পদেৰে অসমী আইক কেঁচা সােণ, বগা সােণ, ক’লা সােণৰ অক্ষয় ভাণ্ডাৰ কৰি স্ৰজন কৰিছে। কিন্তু আমি দুখীয়া অসমীয়া জাতিয়ে এই অক্ষয় ভাণ্ডাৰৰ অক্ষয় অব্যয় সােণবােৰ আহৰণ কৰি অসমীক বৈভৱশালী কৰি তুলিব পৰা নাই। প্রকৃতিয়ে অযাচিতে আগবঢ়াই দিয়া অমূল্য অৱদানখিনি আহৰণ কৰি আমি জাতীয় জীৱন সমৃদ্ধ কৰিব নােৱাৰাটো কাপুৰুষালিৰ বাহিৰে কি হ’ব পাৰে?

উন্নয়নৰ উপায় আৰু মন্তব্যঃ এই সম্পদবোব আহৰণ কৰিবলৈ আৱশ্যকীয় যন্ত্রপাতি আমদানি করা প্রয়ােজন। তাৰ কাৰণে যাতায়াত ব্যৱস্থা উন্নত হ’ব লাগিব। উপযুক্ত থলুৱা বিজ্ঞানী, বিশেষজ্ঞ, কাৰিকৰ লাগিব। চৰকাৰে শিক্ষিত নিবনুৱা যুৱকসকলক উপযুক্ত প্রশিক্ষণ দিয়াই অনাৰ ব্যৱস্থা কৰিব লাগে; যাতায়াতৰ ব্যৱস্থা উন্নত কৰক; তদুপৰি আৱশ্যকীয় মূলধনৰ ব্যৱস্থা কৰক। এই প্রচেষ্টা অকল ৰাজ্য চৰকাৰে আগবঢ়ালেই নহ’ব; কেন্দ্রীয় চৰকাৰেও এই উদ্যোগৰ ক্ষেত্ৰত অনুন্নত ৰাজ্যখনৰ সম্পদসমূহ আহৰণৰ কাৰণে ঔদ্যোগিক বিকাশৰ কাৰণে আৰু অনগ্রসৰ পূৰ্বাঞ্চলৰ আর্থিক, সামাজিক উন্নয়নৰ কাৰণে হাত উজান দিব লাগিব। নহ’লে এই আপুৰুগীয়া অমূল্য সম্পদসমূহ চিৰদিন অৱহেলিত আৰু অনাৱিষ্কৃতভাৱেই ৰৈ যাব আৰু অঞ্চলটোৰ উন্নয়নো ব্যাহত হ’ব।

Leave a Comment

error: Content is protected !!
Scroll to Top