মোৰ প্ৰিয় গ্ৰন্থ ৰচনা - জীৱনৰ বাটত | Mor Priya Grantha Jivanar Baatat Essay

মোৰ প্ৰিয় গ্ৰন্থ ৰচনা – জীৱনৰ বাটত | Mor Priya Grantha Jivanar Baatat Essay

জীৱনৰ বাটত ৰচনা | মোৰ প্ৰিয় গ্ৰন্থ ৰচনা – জীৱনৰ বাটত | Mor Priya Grantha Jivanar Baatat Essay in Assamese | My Favorite Book Jivanar Baatat Essay | Mor Priya Grantha Jivanar Baatat Essay in Assamese | Jivanar Baatat Rosona | Jivanar Baatat Axomiya Essay | Jivanar Baatat Asomiya Rosona | তোমাৰ প্রিয় গ্রন্থ জীৱনৰ বাটত ৰচনা | মোৰ প্রিয় গ্রন্থ জীৱনৰ বাটত ৰচনা | Your Favorite Book Jivanar Baatat Essay | Jibonor Batot Rosona | Jivonor Bhatot Axomiya Essay


মোৰ প্ৰিয় গ্ৰন্থ ৰচনা – জীৱনৰ বাটত

আৰম্ভণি

পুথি অধ্যয়নে মানুহৰ মনৰ দিগন্ত প্ৰসাৰিত কৰে। কিতাপ পঢ়াটো পৃথিৱীৰ বহু ভাল কামৰ অন্যতম এটা। খাদ্য, বস্ত্র, বাসস্থানৰ চাহিদা পূৰ হোৱাৰ পাছতে মানুহে অনুভৱ কৰা চাহিদাটোৱেই হ’ল পুথি অধ্যয়ন। কাৰণ পঢ়ালিখা কৰাৰে পৰা মানুহ উন্নতিৰ পথত দিনক দিনে আগবাঢ়ি গৈছে। পুথি অধ্যয়নৰ পৰাহে মানুহৰ মগজুৰ বিকাশ সম্ভৱ। পাঠ্যপুথিৰ বাহিৰেও সেয়ে ময়ো মোৰ মানসিক চাহিদা পূৰাব পৰাকৈ কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিছো। মোৰ প্ৰিয় গ্রন্থ হল “জীৱনৰ বাটত”।

গ্ৰন্থখনৰ পৰিচয় আৰু কাহিনী ভাগ

অসমীয়া সাহিত্যৰ কাণ্ডাৰী, পণ্ডিত বিৰিঞ্চি কুমাৰ বৰুৱাই বীণা বৰুৱাৰ নামত লিখি উলিয়ালে অনুপম উপন্যাস “জীৱনৰ বাটত”। সৰ্বকালৰ সকলো পাঠকে ভাল পাব পৰা এটা নিটোল কাহিনী আছে ইয়াত। গাঁৱৰ এজনী সহজ-সৰল ছোৱালী তগৰ এজন শিক্ষিত ডেকা কমলাকান্তৰ প্ৰেমত পৰিল। বন্ধু কৃষ্ণ দত্তৰ ভনীয়েকৰ বিয়া খাবলৈ আহি ৰাংঢালী, ৰূপহী, কোমলমতীয়া তগৰ ফুলৰ দৰে তগৰক দেখি কমলাকান্ত ভোল গ’ল। বিয়াঘৰৰ উদুলি-মুদুলিৰ মাজত লাহে লাহে দুয়োৰে প্ৰেমে পোখা মেলিবলৈ আৰম্ভ কৰিছিল। কিন্তু ভাগ্যৰ খেলা কোনে জানে, সফলতাৰ দিশত আগুৱাই যোৱা মেধাৱী কমলাকান্তৰ বাবে এটা সময়ত তগৰ এলাগী হৈ পৰিল। ক্ষন্তেক সময়ৰ মিলনতে অতি আবেগৰ বশৱৰ্তী হৈ গোপনে আঙঠি পিন্ধাই থৈ অহা গাঁৱৰ ছোৱালীজনী এদিন কমলাকান্তৰ বাবে পৰ হৈ গ’ল। ৰায়বাহাদুৰ মাণিক হাজৰিকাৰ যশ, গৌৰৱ, প্ৰতিপত্তিৰ চকমকনিত কেৰাণীৰ ল’ৰা কমলাকান্তই পাহৰি গ’ল তগৰৰ কথা। সময় বাগৰাৰ লগে লগে মাতৃহীনা তগৰকো পিতৃয়ে বিয়া দিলে ক্ষন্তেকৰ বাবে তগৰৰ মন পিছলা ধৰণী মাষ্টৰলৈ। 

READ MORE  বীৰ চিলাৰায় ৰচনা | Bir Chilarai Essay in Assamese

এই ঘটনাৰ পৰাই সলনি হৈ গ’ল সকলো। ঘাত-প্রতিঘাত, কষ্টৰে পাৰ হ’ল তগৰৰ সময়। ফুলৰ দৰে কোমল আৰু মৰমীয়াল তগৰৰ জীৱনলৈ অনেক পৰিৱৰ্তন আহিল। চঞ্চল, মিঠামুখীয়া সহনশীল তগৰক বয়সে টানি দিলে গহীন ওৰণি। তগৰ গুছি ধৰণী কলিতাৰ পৰিবাৰ তগৰ কলিতানী হ’ল, কমলিনীৰ মাক হ’ল। মূৰ পাতি ল’লে সাংসাৰিক দৈন্য, দুখ, অভাৱ, ৰুগীয়া স্বামীক। এদিন স্বামীহাৰা হৈ অন্ধকাৰ দেখিলে তগৰে। তথাপি বিচলিত নহৈ নিজৰ কৰ্তব্য সুকলমে কৰি গ’ল। কিন্তু জীৱন আৰু বিধিৰ বিধান কোনে জানে, প্ৰথমবাৰ লগ হওঁতেই যেনেকৈ এদিন কমলাকান্তৰ হাতত তামোল-পাণৰ খুন্দাত তেজ ওলাইছিল, জীৱনৰ বিয়লি পৰতো সেই ঘটনাৰে যেন পুনৰাবৃত্তি ঘটিল। বৰ্তমানৰ ৰায়বাহাদুৰৰ জোৱায়েক, ভৰা সংসাৰৰ গৰাকী কমলাকান্তৰ হাতত পৰিলহি যৌৱনৰ দিনতে তগৰক গোপনে পিন্ধোৱা আঙঠিটো। চমুকৈ এয়াই হ’ল “জীৱনৰ বাটত” নামৰ অনুপম উপন্যাসখনৰ কাহিনীভাগ।

ভাল লগাৰ কাৰণ

অতি সৰল আৰু নিভাঁজ অসমীয়া শব্দৰ ব্যৱহাৰ উপন্যাসখনৰ অন্যতম সম্পদ। অসমীয়া গাঁৱৰ সমাজখনক ইয়াত ইমান সুন্দৰকৈ ফুটাই তুলিছে যে যিকোনো পাঠকৰ বাবে ই উপভোগ্য হ’বই। 

ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাই এনেদৰে গোটেই পৰিবেশ বৰ্ণনা কৰিছে যে চকুৰ আগত স্পষ্ট হৈ পৰিছে কোনো এখন গাঁৱৰ পৰিৱেশ। অতিৰিক্ত এনে এটা শব্দ নাই যিটো অদৰকাৰী বুলি বাদ দিব পাৰি। কেৱল কলমৰ শব্দৰে শক্তিশালী বর্ণনা দিব পৰা বীণা বৰুৱাৰ অনবদ্য সৃষ্টি “জীৱনৰ বাটত”। এগৰাকী নাৰীৰ মনৰ গভীৰত বুৰ মাৰিব পৰা অনুভৱ শক্তি আছে লেখকৰ। উপন্যাসখনৰ চৰিত্ৰ, সংলাপ, পৰিৱেশ ৰচনা, আৰম্ভণী, সামৰণি, উত্থান-পতন সকলো সুনিপুণ ৰূপত প্ৰকাশ হৈছে। তগৰ, মৌজাদাৰ, মৌজাদাৰনী, কৃষ্ণ দত্ত, কমলাকান্ত, গাঁৱৰ মানুহবোৰ, তেওঁলোকৰ চাল-চলন সকলোৱে মোৰ মন স্পৰ্শ কৰি যায়। গাঁৱত ভাল- বেয়া, সৰল-কুটিল সকলো ধৰণৰ মানুহ থাকে, যাক সুন্দৰ ৰূপত প্ৰকাশ হৈছে। আৰম্ভণীতে কমলাকান্তৰ হাতৰ বটাৰ খুন্দাত কপালৰ তেজ ওলাই যোৱাটোৱেই শেষত গৈ কমলাকান্তই তগৰক দিয়া মৰ্মান্তিক আঘাত কথাকে বুজালে। কাহিনীৰ, চৰিত্ৰৰ উত্থান-পতনৰ সাবলীল বর্ণনাই মোক অভিভূত কৰি তোলে।

READ MORE  অসমৰ বানপানী ৰচনা | Flood in Assam Essay

সামৰণি

অসমৰ লোক-সংস্কৃতিৰ ক্ষেত্ৰতো অসীম অৱদান দিয়া বৰুৱাৰ “জীৱনৰ বাটত” উপন্যাস অসমীয়া সাহিত্যৰ ভঁৰালৰ আপুৰুগীয়া সম্পদ। উপন্যাসখনৰ প্ৰতিটো অধ্যায়তে অসমৰ সৰল জীৱনৰ উপস্থাপনাই ইয়াক কালোত্তীর্ণ উপন্যাসৰ শাৰীত থিয় কৰাইছে। সুখপাঠ্য উপন্যাসখন এবাৰ পঢ়াৰ পাছত পুনৰবাৰ পঢ়িবৰ বাবে মন যায়। উপন্যাসখনৰ পাতে পাতে পোৱা অনবদ্য সাহিত্যিক ৰসে আমাৰ দৰে সাধাৰণ পাঠককো যুগ যুগ ধৰি অকৰ্ষণ কৰি ৰাখিব, ৰাখিছে। 

Leave a Comment

error: Content is protected !!
Scroll to Top